Class 11 History Chapter 4 মধ্য ইছলামীক দেশ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters AHSEC Class 11 History Chapter 4 মধ্য ইছলামীক দেশ and select needs one.
Class 11 History Chapter 4 মধ্য ইছলামীক দেশ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 History Chapter 4 মধ্য ইছলামীক দেশ Solutions for All Subject, You can practice these here.
মধ্য ইছলামীক দেশ
Chapter: 4
অনুশীলনীঃ
১। অতি চমু উত্তৰ দিয়া:
(ক) টাবাৰীয়ে আৰবীৰ পৰা ইংৰাজীলৈ অনুবাদ কৰা গ্ৰন্থখনৰ নাম কি আছিল?
উত্তৰঃ টাবাৰীয়ে আৰবীৰ পৰা ইংৰাজীলৈ অনুবাদ কৰা গ্ৰন্থখনৰ নাম হ’ল- ‘তাৰিখ’।
(খ) হিজৰী চনটো কাৰ দিনত প্ৰৱৰ্তন হৈছিল?
উত্তৰঃ খলিফা ওমৰৰ দিনত হিজৰী চনটো প্ৰৱৰ্তন হৈছিল।
(গ) ওমায়াদ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰঃ মোৱাবিয়াই প্ৰতিষ্ঠা কৰিছিল।
(ঘ) ‘দৱা’ কি?
উত্তৰঃ ‘দৱা’ এটা সুসংগঠিত আন্দোলন।
(ঙ) আব্বাছিদ বিদ্ৰোহ ক’ত সংঘটিত হৈছিল?
উত্তৰঃ সুদূৰ খোৱাছান অঞ্চলত আব্বাছিদ বিদ্ৰোহ সংঘটিত হৈছিল।
(চ) মকামত কি?
উত্তৰঃ মকামত জনপ্ৰিয় আৰৱী সাহিত্যৰ এটা ভাগ।
(ছ) In an Antique Land নামৰ গ্ৰন্থখন কোনে লিখিছিল?
উত্তৰঃ অমিতাভ ঘোষে In an Antique Land নামৰ গ্ৰন্থখন লিখিছিল।
(জ) বাগদাদৰ মুস্তান চিৰিয়া মাদ্ৰাজ কেতিয়া নিৰ্মিত হৈছিল?
উত্তৰঃ বাগদাদৰ মুস্তান চিৰিয়া মাদ্ৰাজ ১২৩৩ চনত নিৰ্মিত হৈছিল।
(ঝ) নতুন পাৰ্চী ভাষাৰ পিতৃপুৰুষ বুলি কাক কোৱা হয়?
উত্তৰঃ নতুন পাৰ্চী ভাষাৰ পিতৃপুৰুষ বুলি ছামানীদ ৰাজকবি ৰোদকীক কোৱা হয়।
(ঞ) ছাহনামা (Book of Kings) গ্ৰন্থখন কোনে লিখিছিল?
উত্তৰঃ ছাহনামা (Book of Kings) গ্ৰন্থখন ফিৰদৌচীয়ে লিখিছিল।
(ট) আলবেৰুণীৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি আছিল?
উত্তৰঃ আলবেৰুণীৰ বিখ্যাত গ্ৰন্থখনৰ নাম টহকিক মা লিল-হিন্দু (History of India) আছিল।
(ঠ) মংগোল সকলে কিমান খ্ৰী:ত বাগদাদ জয় কৰিছিল?
উত্তৰঃ মংগোল সকলে ১২৫৮ খ্ৰী:ত বাগদাদ জয় কৰিছিল।
২। চমু উত্তৰ লিখা:
(ক) সপ্তম শতিকাৰ আৰম্ভণিত বেডুইনসকলৰ জীৱন পদ্ধতিৰ বৈশিষ্ট্যবোৰ কি আছিল?
উত্তৰঃ ৬১২-৩২ চনৰ সময়ছোৱাত পয়গম্বৰ মহম্মদে এজন ঈশ্বৰ অৰ্থাৎ আল্লাৰ উপাসনা প্ৰৱৰ্তন কৰিবলৈ আৰু এই মতৰ বিশ্বাসী সকলৰ এখন মাত্ৰ সমাজ বা এটা সম্প্ৰদায়ৰ কথা প্ৰচাৰ কৰিছিল। ইয়াত ইছলাম ধৰ্মৰ সূত্ৰপাত হয়। ভাষা আৰু সংস্কৃতিৰ ফালৰ পৰা মহম্মদ আছিল এজন আৰব আৰু বৃত্তিত তেওঁ এজন সদাগৰ আছিল। ষষ্ঠ শতিকাৰ আৰৱ সংস্কৃতি ঘাইকৈ আৰব উপদ্বীপ আৰু দক্ষিণ চিৰিয়া আৰু মেছোপটেমিয়া অঞ্চলত সীমাবদ্ধ আছিল।
আৰৱসকল কিছুমান জনজাতিত বিভক্ত আছিল। জনজাতিবোৰ ৰক্তৰ সম্পর্কৰ ভিত্তিত সংগঠিত কিছুমান সমাজ। আৰৱ জনজাতিবোৰ কুল বা বৃহৎ পৰিয়ালত বিভক্ত আছিল। ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ পিছতো মাৱালি বিলাকক আৰৱ মুছলমান সকলে সমান স্থান দিয়া নাছিল আৰু বেলেগ মছজিদত তেওঁলোকে প্ৰাৰ্থনা কৰিব লাগিছিল। সি যি নহওক প্ৰত্যেক জনজাতিয়েই এজন জনজাতীয় মুখ্য লোকৰ নেতৃত্বত আছিল। প্ৰত্যেক জনজাতিৰ নিজ নিজ উপাস্য দেৱতা বা দেৱী আছিল। তেওঁক মূৰ্ত্তি হিচাপে মছজিদত উপাসনা কৰা হৈছিল। বেছিভাগ আৰৱ জনজাতিয়েই আছিল অঘৰী (বেদুইন), শুকান ঠাইৰ পৰা সিক্ত সেউজীয়া ভূমিলৈ নিজৰ আৰু উটৰ আহাৰৰ সন্ধানত ঘূৰি ফুৰিছিল। তেওঁলোকে বছৰত এবাৰ এই তীৰ্থ ভ্ৰমণ কৰিছিল। মক্কাখন য়েমেন আৰু চিৰিয়াৰ মাজৰ এটা বাণিজ্যক পথৰ সংগমস্থানত অৱস্থিত। এই কাৰণেও মক্কাৰ গুৰুত্ব বাঢ়িছিল (মেপ পৃ: ৬৪)। তেওঁলোকৰ মূৰ্ত্তিপূজা আৰু তীৰ্থ স্থানবোৰৰ প্ৰতি আসক্তি আছিল অধিক তাৎক্ষণিক আৰু শক্তিশালী।
(খ) আব্বাছিদ বিপ্লৱ মানে কি বুজা?
উত্তৰঃ আব্বাছিদ বিপ্লৱ মানে- ‘দৱা’ নামৰ এক সুসংগঠিত আন্দোলনে ৭৫০ চনত ওমায়াদসকলৰ ঠাইত মক্কাৰ আনটো পৰিয়াল আব্বাছিদ সকলৰ শাসন প্ৰতিষ্ঠা কৰে। আব্বাছিদ সকলে ওমায়াদ ৰাজত্বক অপকাৰী শাসন আখ্যা দিছিল আৰু তেওঁলোকে মহম্মদৰ প্ৰকৃত ইছলাম ধৰ্মক পুনৰ প্ৰতিষ্ঠাৰ অঙ্গীকাৰ কৰিছিল। এই বিপ্লৱে কেৱল শাসকগোষ্ঠীৰেই সলনি কৰা নাছিল, ৰাজনৈতিক গাঁথনি আৰু ইছলামৰ সংস্কৃতিতো পৰিৱৰ্তন সাধন কৰিছিল। ইয়াকে আব্বাছিদ বিপ্লৱ বুলি কোৱা হয়।
(গ) আৰব, ইৰাণী আৰু তুৰ্কীবিলাকে প্ৰতিষ্ঠা কৰা ৰাষ্ট্ৰবিলাকৰ সাৰ্বজনীন চৰিত্ৰৰ উদাহৰণ দিয়া।
উত্তৰঃ We will update the answer very soon.
(ঘ) ইউৰোপ আৰু এছিয়াত ধৰ্মযুদ্ধৰ প্ৰভাৱ কি আছিল?
উত্তৰঃ ইউৰোপ আৰু এছিয়াত ধৰ্মযুদ্ধৰ প্ৰভাৱ আছিল- ধৰ্ম যুদ্ধৰ ফলত বহুতো লোক দুৰ্বল হৈ পৰিছিল। বহুতো খ্ৰীষ্টান লোক মুছলমানৰ হাতত মৃত্যুয় হৈছিল।
৩। ৰচনাধৰ্মী প্ৰশ্ন:
(ক) ইছলামী স্থাপত্য ৰোমান স্থাপত্যতকৈ কোন ক্ষেত্ৰত পৃথক?
উত্তৰঃ ৬০০ চনৰ পৰা ১২০০ খ্ৰী:ত মধ্য ইছলামিক দেশৰ ইতিহাস ৰচনাৰ আমাৰ ভেটি হ’ল কালানুক্ৰমিক লেখনি বা টাৱাৰিখ বিলাক আৰু অৰ্ধ ঐতিহাসিক সমলবোৰ যেনে: জীৱনী (ছিৰা), পয়গম্বৰ মহম্মদৰ কাম আৰু উক্তিৰ নথিপত্ৰ আৰু কোৰাণৰ ওপৰত চলন্ত টিপ্পনী। এই লেখনি সমল আকৌ প্রত্যক্ষদর্শীৰ ৰিপোৰ্ট (আখবাৰ), যিবোৰ মৌখিক বা লিখিতভাৱে যুগ যুগ ধৰি চলি আহিছিল। প্ৰত্যেক ৰিপোৰ্টৰ সত্যসত্যতা পৰীক্ষা কৰা পদ্ধতি আছিল জটিল। সেই পদ্ধতি মতে প্ৰচাৰৰ ধাৰাবাহিকতা পৰীক্ষা কৰা হয় আৰু বৰ্ণনা কৰোঁতাৰ বিশ্বাসযোগ্যতা প্ৰতিষ্ঠিত হ’ব লাগে। যদিও পদ্ধতি সম্পূৰ্ণ শুদ্ধ নহয়, মধ্যযুগীয় মুছলমান লেখক সকল তথা সংগ্ৰহ কৰা আৰু তথ্য দিয়া সকলৰ মতলব্ বুজি লৈ লিখাত সমসাময়িক অন্যাদেশৰ বুৰঞ্জী লেখকতকৈ অধিক সাৱধান আছিল।
ইছলামৰ সঠিক ইতিহাস লিখা আৰম্ভ হয় জাৰ্মানী আৰু নেদাৰলেশুৰ অধ্যপক কেইজনমানৰ দ্বাৰা ১৯ শতিকাত। ঔপনিবেশিক উদ্দেশ্যেৰে বৃটিছ আৰু ফৰাছী গৱেষকেও ইছলামৰ বিষয়ে অধ্যয়ন কৰে। খ্ৰীষ্টান যাজকে ইছলামৰ বুৰঞ্জী অধ্যয়ন কৰি উচ্চমানৰ কিতাপ লিখে। অৱশ্যে লেখকক প্ৰাচ্যতত্ববিদ বুলি কোৱা হয় আৰু এওঁলোক আৰবী আৰু পাৰ্চী ভাষাত সিদ্ধহস্ত আছিল; মূল পুথিবোৰ তন্নতন্নকৈ পৰীক্ষা কৰিছিল, ইগনাজ গল্ডজিহাৰ আছিল এজন হাঙ্গেৰীয়ান ইহুদী।
(খ) চমৰখণ্ডৰ পৰা ডামাচকাচলৈ কি কি নগৰ পোৱা যায়?
উত্তৰঃ ৭৫১ চনত ছমৰখণ্ডৰ মুছলমান ৰাজ্যপাল ২০,০০০ চীন আক্ৰমণকাৰীক আটক কৰি ৰাখিছিল। তাৰে কিছুমানে ভালকৈ কাগজ তৈয়াৰ কৰিব জানিছিল। ইয়াৰ পিছৰ এশবছৰ ধৰি ছমৰখণ্ডৰ কাগজ এক প্ৰধান ৰপ্তানী দ্ৰব্য আছিল। ইছলাম ধৰ্মত একচেটিয়া ব্যৱসায় ধৰ্ম বিৰুদ্ধ কথা। সেইকাৰণে আনবোৰ ইছলামী দেশতো কাগজ তৈয়াৰ কৰিবলৈ ধৰিলে। দশম শতিকাৰ মধ্যভাগলৈ কাগজে পেপিৰাছৰ ঠাই ললে। নীল নদীৰ উপত্যকাত সহজে গজা এবিধ গছৰ ঠাৰি লেখন সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হৈছিল। কাগজৰ চাহিদা বাঢ়িল। বাগদাদৰ চিকিৎসক আৰু ইজিপ্তৰ বাসিন্দা আব্দুল লটিফে লিখিছিল; কেনেকৈ ইজিপ্তৰ কৃষকসকলে মামীৰ গাৰ শন কাপোৰ চুৰি কৰি আনি কাগজ কালত বিক্ৰী কৰিছিল।
পূৱ সীমান্তৰ ফালে মধ্য এছিয়া আৰু চীনদেশৰ পৰা কাগজকে ধৰি বিভিন্ন দ্ৰব্য আনিবৰ বাবে ইৰাণী সদাগৰে বাগদাদৰ পৰা মৰুদ্যন নগৰ বুখাৰা আৰু ছমৰখণ্ড হৈ চিল্ক পথেদি চীন দেশলৈ গৈছিল। ট্ৰেন্স চাক্সিয়ানাই আন এফালৰ পৰা গুৰুত্বপূৰ্ণ বাণিজ্যক যোগসূত্ৰৰ কাম কৰিছিল। এই যোগসূত্ৰইদি ইউৰোপীয় দ্ৰব্য (প্ৰধানকৈ ফাৰ) আৰু দাস ৰুছিয়া আৰু স্কাশুনেভিয়াৰ লগত বিনিময় হৈছিল। এই বেপাৰত ব্যৱহাৰ কৰা ইছলামী মুদ্ৰা, ভল্গানদী আৰু বাল্টিক অঞ্চলত আৱিষ্কৃত গুপ্ত ভাণ্ডাৰত পোৱা গৈছে।
আব্বাছিদ খলিফা সকলৰ ৰাজধানী হিচাপে প্ৰতিষ্ঠাৰ বাগদাদৰ জনসংখ্যা প্ৰায় দহলাখ হৈছিল। নগৰবাসীৰ ব্যৱহাৰৰ বাবে চেনি আৰু কপাহ আদি উৎপাদনো বৃদ্ধি পাইছিল।
(গ) খলিফাতন্ত্ৰৰ পতনৰ কাৰণবোৰ উল্লেখ কৰা।
উত্তৰঃ খলিফাতন্ত্ৰৰ পতনৰ কাৰণবোৰ হ’ল-
(১) নৱম শতিকাৰ পৰা আব্বাছিদ খলিফাতন্ত্ৰ দুৰ্বল হৈ পৰে। কাৰণ, দুৰৈৰ প্ৰদেশ বিলাকত বাগদাৰ নিয়ন্ত্ৰণ সোলোক-ঢোলোক হৈছিল আৰু সৈন্য বাহিনী আৰু আমোলাৰ ভিতৰত আৰবপন্থী আৰু ইৰাণপন্থীৰ মাজত সংঘষই দেখা দিছিল।
(২) ১৮১০ চনত খলিফা হাৰুন অল বছিদৰ দুই পুত্ৰ আমিন আৰু মামুনৰ সমৰ্থকসকলৰ মাজত গৃহযুদ্ধ আৰম্ভ হয়। এই যুদ্ধৰ ফলত বিভিন্ন দল-উপদল তথা ফৈদৰ মাজত বিবাদ বাঢ়ে আৰু তুৰ্কী দাস বিষয়াৰ এটা নতুন ক্ষমতাশালী দল গঠন হয়। চিয়া বিলাকে আকৌ গোড়া চুন্নী বিলাকৰ লগত ক্ষমতাৰ বাবে প্ৰতিযোগিতাত নামে। খোৰাচান আৰু ট্ৰেন্স চাক্সিয়ানা অঞ্চলত টাহিৰিদ আৰু চামনিদ সিফালে ইজিপ্ত আৰু চিৰিয়াত টুলুনিদৰ দৰে ক্ষুদ্র বংশৰ উদ্ভৱ হয়।
(৩) শীঘ্ৰেই আব্বাছিদ শাসন মধ্য ইৰাক আৰু পশ্চিম ইৰাণতে সীমাবদ্ধ হৈ পৰে। এই সকলো ৯৪৫ চনত হেৰুৱাব লগা হয়। কাৰণ, ইৰাণৰ কাস্পিয়ান অঞ্চলৰ বায়িদ নামৰ এটা চিয়াপন্থী জনগোষ্ঠীয়ে বাগদাদ দখল কৰে। বায়িদ শাসকসকলে প্ৰাচীন ছাহ ইন ছাহ উপাধিকে ধৰি বিভিন্ন উপাধিগ্ৰহন কৰিছিল। কিন্তু খলিফা উপাধি লোৱা নাছিল। তেওঁলোকে আব্বাছিদ খলিফাসকলক তেওঁলোকৰ চুন্নী প্ৰজাবৰ্গৰ প্ৰতীক বা প্ৰধান হিচাপেহে গ্ৰহণ কৰিছিল।
(৪) খলিফাৰাজ বিলুপ্ত নকৰাটো বুধিয়কৰ কাম আছিল। কাৰণ, ফাটিমাইদ নামৰ আনটো চিয়া বংশই ইছলাম জগতক শাসন কৰিবলৈ আশা কৰি আছিল। ফাটিমাইদসকল পয়গম্বৰ মহম্মদৰ জীয়েক ফাটিমাৰ বংশধৰ চিয়াবাদী ইছমাইলী উপপন্থী লোক। মহম্মদৰ পুত্ৰ নাছিল। সেয়ে তেওঁলোকেই প্ৰকৃত উত্তৰাধিকাৰী হিচাপে ইছলাম জগতক শাসন কৰাৰ বাবে উপযুক্ত বুলি ভাবিছিল। ফাটিমাইদ সকলৰ ভেটি আছিল উত্তৰ আফ্ৰিকাত। তাৰ পৰা আহি ৯৬৯ চনত তেওঁলোকে ইজিপ্ত জয় কৰি ফাটিমাইদে খলিফাৰাজ প্ৰতিষ্ঠা কৰে।
(৫) দশম আৰু একাদশ শতিকাত তুৰ্কী চুলতানতন্ত্ৰৰ উত্থানৰ ফলত খলিফা ৰাষ্ট্ৰৰ আৰৱ আৰু ইৰাণীৰ লগ লাগেহি তৃতীয় এক দল। তুৰ্কীসকল মধ্য এছিয়াৰ তৃণভূমি অঞ্চলৰ (আৰল সাগৰৰ উত্তৰ পূবৰ পৰা চীন দেশৰ সীমালৈকে) অঘৰী জনজাতি। তেওঁলোকে ক্ৰমান্বয়ে ইছলাম ধৰ্মত দীক্ষিত হয় (পঞ্চম অধ্যয় দ্ৰষ্টব্য)। তুৰ্কী সকল পাকৈত অশ্বাৰোহী আৰু যুদ্ধত পটু আছিল আৰু আব্বাছিদ, চামানিদ আৰু বায়িদ প্ৰশাসনত তেওঁলোকে দাস আৰু সৈনিক হিচাপে কাম কৰিছিল।
(ঘ) প্ৰাৰম্ভিক কালৰ ইছলামীক ৰাষ্ট্ৰত কৃষি অৰ্থনীতি আৰু নগৰীয়া জীৱনৰ স্বৰূপ বৰ্ণনা কৰা।
উত্তৰঃ ৬১২-৩২ চনৰ সময়ছোৱাত পয়গম্বৰ মহম্মদে এজন ঈশ্বৰ অৰ্থাৎ আল্লাৰ উপাসনা প্ৰৱৰ্তন কৰিবলৈ আৰু এই মতৰ বিশ্বাসী সকলৰ এখন মাত্ৰ সমাজ বা এটা সম্প্ৰদায়ৰ কথা প্ৰচাৰ কৰিছিল।
প্ৰাৰম্ভিক কালৰ ইছলামীক ৰাষ্ট্ৰত কৃষি অৰ্থনীতি হ’ল- ইছলামীক ৰাষ্ট্ৰ ইয়াৰ কোনো পৰিৱৰ্তন সধা নাছিল। ডাঙৰ-সৰু সকলো কৃষকেই মাটিৰ গৰাকী আছিল। কেতিয়াবা ৰাষ্ট্ৰও ভূমিৰ গৰাকী আছিল। ইৰাণ আৰু ইৰাকত খেতিয়কে একোটি বৃহৎ অঞ্চলত খেতি কৰিছিল। ইয়াত মাটিৰ গৰাকীয়ে চাবানীয়ান আৰু ইছলামী শাসন কালত ৰাষ্ট্ৰৰ হৈ কৰ সংগ্ৰহ কৰিছিল। কৃষিভূমি সাধাৰণতে ৰাষ্ট্ৰই নিয়ন্ত্ৰণ কৰিছিল আৰু ভূমি ৰাজহৰ বেছিভাগেই আদায় কৰিছিল। দশম শতিকাৰ পিছৰ পৰা চৰকাৰে বিষয়াসকলক ইকটাচ নামৰ নিৰ্দিষ্ট কৰি দিয়া ভূমি অঞ্চলত সংগৃহীত খাজনাৰ পৰা দৰ্মহা দাবী কৰিবলৈ কৰ্তৃত্ব দিছিল।
প্ৰাৰম্ভিক কালৰ ইছলামীক ৰাষ্ট্ৰত নগৰীয়া জীৱনৰ স্বৰূপ বৰ্ণনা হ’ল- নগৰ বৃদ্ধিৰ লগে লগে ইছলামী সভ্যতাৰ বিকাশ ঘটে। আৰব সৈন্যক সংস্থাপিত কৰিবৰ বাবে বহুতো নগৰ প্ৰতিষ্ঠা কৰা হ’ল। স্থানীয় প্ৰশাসনৰ তেওঁলোক আছিল ৰাজহাড় স্বৰূপ। নগৰৰ কেন্দ্ৰস্থলত সাংস্কৃতিক আৰু অৰ্থনৈতিক শক্তি প্ৰকাশ কৰি দুটাকৈ বৃহৎ অট্ৰালিকা আছিল, ধৰ্মীয় সমাৱেশৰ কাৰণে এক মছজিদ আছিল। ই ইমানেই ওখ ডাঙৰ আছিল যে বহু দূৰৈৰ পৰাই ইয়াক দেখা গৈছিল। দ্বিতীয়টো ভৱন আছিল: বৃহৎ কেন্দ্ৰীয় বজাৰ চাক। ইয়াত শাৰী শাৰী দোকান, সদাগৰৰ আবাস আৰু ধন বিনিময় কৰা লোকৰ কাৰ্যালয় আছিল। নগৰবোৰ প্ৰশাসক, পণ্ডিত আৰু সদাগৰৰ আৱাসস্থল। সাধাৰণ শ্ৰেণীৰ লোক আৰু সৈনিকসকলে নগৰৰ বাহিৰত বাস কৰিছিল। নগৰৰ বেৰাৰ বাহিৰত আছিল দুৱাৰ; এই দুৱাৰ বন্ধ কৰাৰ পিছত বাহিৰত থাকি যোৱা মানুহৰ বাবে অতিথিশালা আৰু কবৰস্থান আছিল।
৪। চমু টোকা লিখা:
(ক) ইছলামী কেলেণ্ডাৰ।
উত্তৰঃ ইছলামী কেলেণ্ডাৰ: হিজৰী চনটো খলিফা ওমৰৰ দিনত প্ৰৱৰ্তন কৰা হয়। ৬২২ খ্ৰীষ্টাদ্ব এই চনৰ প্ৰথম বছৰ হিজৰী কেলেণ্ডাৰৰ তাৰিখৰ পিছত AH লিখা হয়।
হিজৰী বছৰটো ৩৫৪ দিনীয়া চান্দ্ৰ বছৰ। বছৰটো ১২ মহীয়া, ২৯ বা ৩০ দিনীয়া মা (মহৰমৰ পৰা ধূল হিজ্জালৈকে) প্ৰত্যেকটো দিন সূৰ্য্যস্তৰ লগে লগেহে আৰম্ভ হয়। আৰু প্ৰতিটো মাহ কাঁচিজোন দৃশ্যমান হোৱাৰ পৰাই আৰম্ভ হয়। হিজৰী বছৰ সৌৰ বছৰতকৈ 11 দিন কম। সেই কাৰণে প্ৰতিটো ইছলামী পৰ্বই যেনে: ৰমজানৰ ব্ৰত, ঈদ আৰু হজ প্ৰত্যেক বছৰেই বেলেগ বেলেগ সময়ত পৰে। হিজৰী কেলেণ্ডাৰত তাৰিখ গ্ৰেগৰী কেলেণ্ডাৰৰ (১৫৮২ খ্ৰীষ্টাদ্ব পোপ গ্ৰেগৰীয়ে এই কেলেণ্ডাৰ প্ৰৱৰ্তন কৰে) লগত মিলোৱাটো কঠিন কাম। ইছলামী ‘H’ আৰু গ্ৰেগৰীয় খ্ৰীষ্টান বছৰৰ ‘C’ বছৰৰ মাজত মোটামুটি মিল এটা তলৰ ফৰ্মূলামতে উলিয়াব পাৰি:
(H×৩২/৩৩)+৬২২=C
(C-৬২২) ×৩৩/৩২=H
ধৰ্মবিশ্বাসী লোকৰ সম্প্ৰদায়টো বাচি থাকিব লাগিব। আভ্যন্তৰীণ ভাৱে সম্প্ৰদায়টোক সুদৃঢ় কৰিব লাগিব। আৰু বাহ্যিক বিপদৰ পৰা ৰক্ষা কৰিব পাৰিব লাগিব। সুদৃঢ়কৰণ আৰু নিৰাপত্তা এই দুয়োটাৰ বাবে ৰাষ্ট্ৰ বা চৰকাৰৰ দৰে ৰাজনৈতিক অনুষ্ঠানৰ প্ৰয়োজন হয়।
(খ) অব্দ অল-মালিকৰ মুদ্ৰা সংস্কাৰ।
উত্তৰঃ সিপিঠিৰ তিনিটা মুদ্ৰাৰ নিদৰ্শনে বাইজেনটাইনৰ পৰা আৰৱ ইছলামী মুদ্ৰালৈ ৰূপান্তৰৰ বিষয়ে জানিবলৈ দিয়ে। দ্বিতীয়টো মুদ্ৰাত দাঢ়ি আৰু দীঘল চুলিৰে খলিফাক পৰম্পৰাগত আৰৱ পোছাকত দেখা গৈছে আৰু তেওঁৰ হাতত এখন তৰুৱাল আছে। এইখন এতিয়াৰ অক্ষত অৱস্থাত থকা এজন মুছলমানৰ ছবি আছিল অনন্যও; কাৰণ, পিছৰ কালত শিল্পকলাত জীৱন্ত লোকৰ প্ৰতিচ্ছবি অঙ্কনৰ বিৰুদ্ধে মত সৃষ্টি হয়। অব্দ অল মালিকৰ মুদ্ৰা সংস্কাৰ ৰাষ্ট্ৰৰ বিত্তীয় পুনৰ গঠনৰ লগত জড়িত। ই ইমানেই কৃতকাৰ্য্য হৈছিল যে শ শ বছৰ ধৰি তৃতীয় মুদ্ৰাটোৰ আৰ্হি আৰু ওজনত পিছৰ মুদ্ৰাবোৰ তৈয়াৰ কৰা হৈছিল।
(গ) কোৰাণ।
উত্তৰঃ কোৰাণ: কোৰাণখন আৰৱীত লিখা। ইয়াৰ অধ্যয় (চূড়া) ১১৪ টা। এই অধ্যয়বোৰ ডাঙৰৰ পৰা সৰুলৈ সজোৱা- সৰুটো অধ্যয় একেবাৰে শেষত থাকে। একমাত্র ব্যতিক্ৰম হ’ল প্ৰথম চূড়াটো। ই এটি চুটি প্ৰাৰ্থনা। মুছলমান সকলে বিশ্বাস কৰে যে, কোৰাণখন হ’ল কিছুমান বাণীৰ সমষ্টি, যিবোৰ ভগৱানে ৬১০ চনৰ পৰা ৬৩২ চনৰ ভিতৰত মহম্মদলৈ (তেওঁ প্ৰথমে মক্কা আৰু পিছত মদিনাত থাকোঁতে) প্ৰেৰণ কৰিছিল। ৬৫০ চনত এই বাণীবোৰ সংকলন কৰা হয়। আজিৰ সম্পূৰ্ণ কোৰাণখন নৱম শতিকাত লিখা। তাৰে কিছুমান অংশ পুৰণি, একেবাৰে প্ৰথমৰ অংশ পদ্যৰ আকাৰত চয়তানৰ গম্বুজত আৰু সপ্তম শতিকাৰ মুদ্ৰাত খোদিত কৰা হৈছিল।
ইছলামৰ প্ৰাৰম্ভিক কালৰ ইতিহাসৰ সমল হিচাপে কোৰাণ ব্যৱহাৰ কৰাত কিছু সমস্যা আছে। প্ৰথম কথা ই এক ধৰ্মপুথি, ধৰ্মীয় কতৃত্বৰ অন্তৰ্গত। ধৰ্মতাত্ত্ব সকলে সাধাৰণতে বিশ্বাস কৰে যে খোদাৰ বাণী (কালাম আল্লাহ) হিচাপে কোৰাণৰ বাণীবোৰ আক্ষৰিক অৰ্থত ব্যৱহাৰ কৰিব লাগে। কিন্তু তেওঁলোকৰ মাজৰ যুক্তিবাদী সকলে কোৰাণৰ উদাৰ আৰু ব্যপক ব্যাখ্যা দাঙি ধৰে। ৮৩৩ চনত আব্বাছিদ খলিফা অল মামুনে মত দিছিল (এটা বিশ্বাস অথবা মিহনা সম্পৰ্কীয় বিচাৰত) যে কোৰাণ ভগৱানৰ বাণী নহয়, তেওঁৰ ৰচনাহে। দ্বিতীয় সমস্যাটো হ’ল কোৰাণৰ বেছিভাগ ব্যাখ্যাই ৰূপকধৰ্মী আৰু অ’ল্ড টেষ্টামেন্টৰ বিপৰীতে ই ঘটনাবোৰ বিৱৰণ নিদিয়ে, কেৱল সিবিলাকৰ প্ৰসঙ্গহে উল্লেখ কৰে। মধ্যযুগীয় ইছলামী পণ্ডিতসকলে সেয়ে পয়গম্বৰ মহম্মদৰ বচনৰ অভিলেখৰ সহায়ত বহুতো পদ্যৰ অর্থ উলিয়াইছিল। বহুতো হাদিথেই আকৌ কোৰাণ পঢ়াৰ সুবিধাৰ বাবে লিখা হৈছিল।
(ঘ) মধ্য ইছলামী দেশৰ ধৰ্ম, সমাজ আৰু ৰাজনীতি।
উত্তৰঃ মধ্য ইছলামী দেশৰ ধৰ্ম, সমাজ আৰু ৰাজনীতি: We will update the answer very soon.