Class 11 History Chapter 3 সাম্ৰাজ্য

Class 11 History Chapter 3 সাম্ৰাজ্য Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters AHSEC Class 11 History Chapter 3 সাম্ৰাজ্য and select needs one.

Class 11 History Chapter 3 সাম্ৰাজ্য

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 History Chapter 3 সাম্ৰাজ্য Solutions for All Subject, You can practice these here.

সাম্ৰাজ্য

Chapter: 3

অনুশীলনীঃ

অতি চমু উত্তৰ লিখাঃ

(ক) ৰোমান সাম্ৰাজ্যৰ প্ৰধান ভাষা কি আছিল?

উত্তৰঃ ৰোমান সাম্ৰাজ্যৰ প্ৰধান ভাষা হ’ল- লেটিন।

(খ) সম্ৰাট কন্সটেন্টাইনে কোন শতিকাত খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল?

উত্তৰঃ সম্ৰাট কন্সটেন্টাইনে চতুৰ্থ শতিকাত খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল।

(গ) পবিত্র ৰোমান সাম্ৰাজ্য কেতিয়া গঠিত হৈছিল?

উত্তৰঃ পবিত্র ৰোমান সাম্ৰাজ্য নৱম শতিকাত গঠিত হৈছিল।

(ঘ) ইথিওপিয়াত খ্ৰীষ্টান গীৰ্জা কেতিয়া স্থাপন হৈছিল?

উত্তৰঃ ইথিওপিয়াত খ্ৰীষ্টান গীৰ্জা ১২০০ খ্ৰীঃত।

(ঙ) চীনদেশত প্ৰথম ছপা গ্ৰন্থ কেতিয়া প্ৰকাশ হৈছিল?

উত্তৰঃ চীনদেশত প্ৰথম ছপা গ্ৰন্থ ৮৫০-৯০০ খ্ৰীঃত।

(চ) পেপিৰি লিপি কিহত খোদিত কৰা হৈছিল?

উত্তৰঃ পেপিৰি লিপি শিলত খোদিত কৰা হৈছিল।

(ছ) ইউফ্ৰটিছ নদীয়ে কোন দুখন সাম্ৰাজ্যক পৃথক কৰিছিল?

উত্তৰঃ ইউফ্ৰটিছ নদীয়ে ৰোম আৰু ইৰাণ দুখন সাম্ৰাজ্যক পৃথক কৰিছিল।

(জ) ৰোমান সাম্ৰাজ্যৰ ৰাজনৈতিক বুৰঞ্জীৰ এজন মুখ্য ‘খেলুৱৈ’ৰ নাম লিখা।

উত্তৰঃ ৰোমান সাম্ৰাজ্যৰ ৰাজনৈতিক বুৰঞ্জীৰ এজন মুখ্য ‘খেলুৱৈ’ৰ নাম হ’ল- অক্টাভিয়ান।

(ঝ) টেচিটাচ কোন আছিল?

উত্তৰঃ টেচিটাচ ৰোমান সাম্ৰাজ্যৰ সমসাময়িক বুৰঞ্জীবিদ আছিল।

(ঞ) আধুনিক আলজেৰিয়াৰ পুৰণি নাম কি আছিল?

উত্তৰঃ We will update the answer very soon.

২। চমু উত্তৰ লিখাঃ

(ক) তুমি ৰোমান সাম্ৰাজ্যত বাস কৰা হ’লে নগৰ নে গাঁৱৰ থাকিলাহেঁতেন? ব্যাখ্যা কৰা কিয়।

উত্তৰঃ নগৰত– অভাৱৰ সময়ত খাদ্য দ্ৰব্য যোগাৰ কৰাটো গাৱঁতকৈ নগৰত সহজ হয়। নগৰৰ লোকসকলে গাঁৱৰ পৰা যথেষ্ট পৰিমাণৰ খাদ্য দ্ৰব্য খেতি চপোৱাৰ সময়তে পিছৰ বছৰৰ বাবে মজুত কৰি ৰাখিছে।

(খ) অধ্যয়টোত উল্লেখ কৰা কিছুমান নগৰ, নদী, সাগৰ আৰু প্ৰদেশৰ এখন তালিকা সংকলন কৰা আৰু তাৰ পিছত সিবিলাক মানচিত্ৰত দেখুওৱা। তালিকা খনত অন্তভুক্ত যিকোনো তিনিখনৰ বিষয়ে কিছু ব্যাখ্যা দাঙি ধৰিব পাৰিবানে?

উত্তৰঃ We will update the answer very soon.

(গ) কল্পনা কৰা যে তুমি এগৰাকী ৰোমান গৃহীনী আৰু ঘৰত ব্যৱহাৰৰ বাবে দ্ৰব্যৰ এখন বজাৰ তালিকা প্ৰস্তুত কৰিছা। তালিকাত কোনবোৰ দ্ৰব্য অন্তৰ্ভুক্ত কৰিবা।

উত্তৰঃ We will update the answer very soon.

(ঘ) ৰোমান চৰকাৰে কিয় ৰূপৰ মুদ্ৰা তৈয়াৰ কৰাটো বন্ধ কৰিছিল? কোনটো ধাতু মুদ্ৰা তৈয়াৰ কৰিবৰ বাবে ব্যৱহাৰ কৰিছিল?

উত্তৰঃ ৰোমান চৰকাৰে ৰূপৰ মুদ্ৰা তৈয়াৰ কৰা বন্ধ কৰিছিল। কাৰণঃ চৰকাৰৰ হাতত প্ৰয়োজনীয় পৰিমাণ ৰূপ নাছিল। তেওঁলোকে সোণৰ, মুদ্ৰাৰ তৈয়াৰ কৰিবৰ বাবে ব্যৱহাৰ কৰিছিল।

৩। ৰচনাধৰ্মী প্ৰশ্নঃ

(ক) ধৰি লোৱা সম্ৰাট ট্টজানে ভাৰত দখল কৰিবলৈ সমৰ্থ হৈছিল আৰু ৰোমানসকলে বহুতো শতিকা ধৰি ইয়াক শাসন কৰিছিল। আজি ভাৰত সেই ক্ষেত্ৰত কিমান বেলেগ হ’লহেঁতেন?

উত্তৰঃ প্ৰাৰম্ভিক কালৰ সাম্ৰাজ্যৰ একমাত্ৰ প্ৰধান সম্প্ৰসাৰণ মূলক অভিযানটো ট্টজানে ১১৩-১৭ খ্ৰীঃত ভিতৰত চলাইছিল। ইয়াৰ দ্বাৰা তেওঁ ইউফ্ৰেটিছ নদীৰ পাৰৰ অঞ্চল নিৰৰ্থক দখল কৰিছিল। কিয়নো, তেওঁৰ উত্তৰাধিকাৰী সকলে এই অঞ্চলবোৰ বাদ দিয়ে। ৰোমানসকলৰ পোনপটীয়া শাসনৰ ক্ৰমাৎ সম্প্ৰসাৰণ। ৰোমান সাম্ৰাজ্যৰ লগত ইয়াৰ আশ্ৰিত ৰাজ্য কিছুমানক সামৰি এই সম্প্ৰসাৰণ কৰা হৈছিল। নিকট প্ৰাচ্য এনে বহুত ৰাজ্যৰে ভৰি আছিল। সেইবোৰ আছিল স্থানীয় ৰাজ্য; ৰোমৰ আশ্ৰিত। সৈন্য বাহিনীৰে তেওঁলোকে ৰোম সাম্ৰাজ্যক সহায় কৰিব লগা হৈছিল। ইয়াৰ বিনিময়ত ৰোমে সিবিলাকক বৰ্তী থাকিবলৈ ৰক্ষণাবেক্ষণ দিছিল।

ৰোমান সাম্ৰাজ্যক দুটা পৰ্য্যয়ত বিভক্ত কৰা যায়, যাক পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী পৰ্য্যয় বুলি ক’ব পাৰি। তৃতীয় শতিকা এই দুই পৰ্য্যায়ৰ সীমাৰেখা। অন্য কথাত তৃতীয় শতিকাৰ অধিকাংশ লোক প্ৰাৰম্ভিক কালীন ৰোমান সাম্ৰাজ্য আৰু তাৰ পিছৰ খনক শেষ ৰোমান সাম্ৰাজ্য বুলিব পাৰি। দুয়োটা অতিশক্তি বা দুয়োখন সাম্ৰাজ্যৰ পাৰ্থক্য হ’লঃ ইৰাণৰ তুলনাত ৰোমান সাম্ৰাজ্যৰ সংস্কৃতি অধিক বাৰেবৰণীয়া আছিল। আলোচ্য সময়ছোৱাত পাৰ্থিয়ান আৰু পিছত ছাছানিয়ান ৰাজবংশই শাসন কৰোঁতে সাম্ৰাজ্যৰ লোকসকলৰ বেছিভাগেই আছিল ইৰাণীয়ান। আনহাতে ৰোমান সাম্ৰাজ্য বিভিন্ন ভাষা-সংস্কৃতি আৰু জাতিৰ লোকেৰে ভৰা আছিল। সকলোৰে উমৈহতীয়া শাসন পদ্ধতিটোৱে সকলোকে একতাৰ ডোলেৰে বান্ধি ৰাখিছিল। সাম্ৰাজ্যখনত বহুতো ভাষা-ভাষী লোক আছিল। কিন্তু প্ৰশাসনিক ক্ষেত্ৰত লেটিন আৰু গ্ৰীক ভাষাহে ব্যৱহাৰ হৈছিল।

ৰোমৰ কৃষি সম্পৰ্কীয় লেখকসকলে শ্ৰমিক পৰিচালনাৰ বিষয়ে গুৰুত্ব দিছিল। ৰোমান সাম্ৰাজ্যৰ কিছুমান ঔদ্যোগিক প্ৰতিস্থাপনত শ্ৰমিকক কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিছিল। প্লিনীয়ে আলেকজেন্দ্ৰীয়াৰ ফ্ৰেংকিনচেঞ্চ ধূপ আৰু আতৰত ব্যৱহাৰ কৰা সুগন্ধি ধূনাৰ ইউৰোপীয় নাম।

(খ) অধ্যয়টো সাৱধানতাৰে পঢ়ি ৰোমান সমাজ আৰু অৰ্থনীতিৰ কিছুমান মৌলিক বৈশিষ্ট্য উলিওৱা, যিবোৰে ইয়াক আধুনিক ৰূপ দিছিল।

উত্তৰঃ অধ্যয়টো সাৱধানতাৰে পঢ়ি ৰোমান সমাজ আৰু অৰ্থনীতিৰ কিছুমান মৌলিক বৈশিষ্ট্যসমূহ হ’ল–

ৰোমান সাম্ৰাজ্যৰ এক অধিক বৈশিষ্ট্য আছিল ক্ষুদ্ৰতম পৰিয়ালৰ বহুল বিস্তাৰ। প্ৰাপ্তবয়স্ক পুত্ৰই তেওঁলোকৰ মাক-দেউতাকৰ লগত বাস নকৰিছিল; প্ৰাপ্তবয়স্ক ককাই-ভাইও কাচিৎহে একেলগে আছিল। আনহাতে দাসবিলাক মালিক পৰিয়ালৰ লগত আছিল। খ্ৰীঃ পূঃ প্ৰথম শতিকালৈ প্ৰচলিত নিয়মমতে পতি-পত্নীৰ কৰ্তৃত্বাধীন নহৈ নিজ পিতৃ-মাতৃৰ পৰিয়ালৰ সা-সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ পাই আছিল। যৌতুকৰ বস্তু স্বামীৰ ঘৰলৈ পঠালেও তিৰোতাগৰাকী পিতৃৰ সম্পত্তিৰ উত্তৰাধিকাৰী হৈ থাকে আৰু পিতৃৰ মৃত্যুৰ পিছত স্বাধীনভাৱে সম্পত্তিৰ গৰাকী হয়। এইদৰে ৰোমান তিৰোতাই সম্পত্তিৰ ওপৰত কৰ্তৃত্ব আৰু পৰিয়ালৰ ক্ষেত্ৰত যথেষ্ট আইনী অধিকাৰ উপভোগ কৰিছিল। আন কথাত আইনমতে স্বামী-স্ত্ৰীৰ কোনোজনে অকলে নহয়, দুয়োজনেই সম্পত্তিৰ গৰাকী আৰু স্ত্ৰীয়ে সম্পূৰ্ণ আইনী স্বাধীনতা লাভ কৰে।

মহান আগষ্টাইনে জীৱনৰ বেছিভাগ সময় উত্তৰ আফ্ৰিকাত কটায়। তেওঁ কৈছে যে তেওঁৰ মাকৰ ওপৰত দেউতাকে নিয়মীয়াকৈ শাৰীৰিক অত্যাচাৰ চলাইছিল আৰু সৰু চহৰখনৰ প্ৰায়বোৰ স্ত্ৰীয়েই এনে অত্যাচাৰৰ সন্মুখীন হৈছিল। শেষত, পিতৃৰ সন্তানৰ ওপৰত নিয়ন্ত্ৰণৰ আইনী সুবিধা পাইছিল। উদাহৰণ স্বৰূপে আবাঞ্ছিত সন্তানক ঠাণ্ডাত মৰিবলৈ এৰি দিয়াত আইনী বাধা নাছিল।

ৰোমান সাম্ৰাজ্যৰ পোতাশ্ৰয়, খনি, পাথৰ কোৱেৰী, ইটা ভাটা, অলিভ তেলৰ কাৰখানা ইত্যাদি যথেষ্ট আছিল। ইবিলাকে দেশখনৰ অৰ্থনৈতিক পৰিকাঠামো শক্তিশালী কৰিছিল। ঘেঁহু, মদ আৰু অলিভ তেল মুখ্য বাণিজ্যিক দ্ৰব্য আছিল। দেশৰ ভিতৰতো ইবিলাক যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰা হৈছিল। এই পণ্য দ্ৰব্য প্ৰধানকৈ স্পেইন, গেলিক অঞ্চল, উত্তৰ আফ্ৰিকা, ইজিপ্ত আৰু কম পৰিমাণে ইটালীৰ পৰা আমদানী কৰা হৈছিল। স্পেনিচ অলিভ তেল ১৪০-১৬০ খ্ৰীঃত বাণিজ্যক দ্ৰব্য হিচাপে শীৰ্ষবিন্দু পাইছিলগৈ।

ৰোমান সাম্ৰাজ্যৰ বহুতো অঞ্চলেই ব্যতিক্ৰমী উৎপাদন ক্ষমতাৰ বাবে বিখ্যাত আছিল। ইটালীৰ কোম্পানীয়া, চিচিলি, ইজিপ্তৰ ফেইবাম, গেলিলি, বাইজেচিয়াম দ্য গ’ল (গেলিয়া নাৰ্বোনিনচিচ) আৰু বেটিকা (দক্ষিণ স্পেইন) আছিল ষ্ট্ৰেবু আৰু প্লিনীৰ মতে সাম্ৰাজ্যৰ আটাইতকৈ ঘন বসতিপূৰ্ণ আৰু সমৃদ্ধিশালী ঠাই। কেম্পানীয়াৰ পৰা আটাইতকৈ ভাল মদ ৰপ্তানী হৈছিল। চিচিলি আৰু বাইজেনচিয়ামে ৰোমলৈ বিস্তৰ পৰিমাণৰ ঘেঁহু ৰপ্তানী কৰিছিল। ইতিহাসবিদ যোছেফাচে লিখিছিল যে গেলিলিৰ প্ৰত্যেক ইঞ্চি ভূমিতেই যেন খেতি কৰা হৈছিল।

ৰোমান সাম্ৰাজ্যৰ শেষৰ ফালে প্ৰথম তিনিটা শতিকাজুৰি ৰূপৰ মুদ্ৰাব্যৱস্থাৰ পৰিৱৰ্তন ঘটিছিল; কাৰণ, স্পেইনৰ ৰূপৰ খনি খালি হৈ পৰিছিল আৰু চৰকাৰৰ হাতত প্ৰায়োজনীয় পৰিমাণৰ ৰূপ মজুত নাছিল। কন্সটেন্টাইনে নতুন সোণৰ মুদ্ৰা ব্যৱস্থা প্ৰৱৰ্তন কৰিলে আৰু পৰৱৰ্তী সময়লৈকে এই মুদ্ৰা ব্যৱস্থাই চলি আছিল। ৰোমান সাম্ৰাজ্যৰ পিছৰ ফালৰ উচ্চ আৰু মধ্য শ্ৰেণীৰ আমোলাসকল তুলনামূলকভাৱে যথেষ্ট ঐশ্বৰ্য্যশালী আছিল। কাৰণ, এওঁলোকে দৰমহা হিচাপে সোণৰ মুদ্ৰা লৈছিল আৰু তাৰে ভূমি সম্পত্তি গোটাইছিল। উচ্চস্তৰৰ আমোলা আৰু প্ৰাদেশিক ৰাজ্যপালবিলাকৰ লোভ আৰু শোষণ বহুচৰ্চিত বিষয় আছিল।

(গ) প্ৰাচীন কালত ভূমধ্যসাগৰীয় অঞ্চলত কেনেদৰে শ্ৰমিকক নিয়ন্ত্ৰণ কৰা হৈছিল?

উত্তৰঃ দাস ব্যৱস্থাটোৱে প্ৰাচীন কালত ভূমধ্যসাগৰীয় অঞ্চল আৰু নিকট প্ৰাচ্যত অধিক গভীৰভাৱে শিপাইছিল। আনকি চতুৰ্থ শতিকাতে খ্ৰীষ্টান ধৰ্ম ৰাজ্যধৰ্ম হোৱাৰ পিছতো এই গোলামী প্ৰথাকে ফলপ্ৰসূভাৱে প্ৰত্যাহ্বান জনাব পৰা নাছিল; ইয়াৰ অৰ্থ এইটো নহয় যে ৰোমৰ অৰ্থ ব্যৱস্থাৰ অধিকাংশ দাস সকলৰ শ্ৰমেৰেহে কৰা হৈছে। তথাপি এই কথা ইটালীৰ গণতান্ত্ৰিক শাসন কালতহে সঁচা হ’ব পাৰে। (য’ত অগষ্টাচৰ সময়ত ইটালীৰ মুঠ ৭৫ লাখ লোকৰ ভিতৰত ৩০ লাখেই আছিল দাস)। কিন্তু সামগ্ৰীকভাৱে গোটেই ৰোমান সাম্ৰাজ্যতে এই কথা নাখাটে; দাস বিলাকক ইয়াত বিনিয়োগ বা ব্যৱসায় ভিত্তিক ব্যৱহাৰ কৰা হৈছিল। অন্ততঃ এজন ৰোমান কৃষি বিষয়ক লেখকে মাটিদ্দাৰক পৰামৰ্শ দিছিল যে য’ত বহুত দাসৰ প্ৰয়োজন হৈছিল। এনেবোৰ চিন্তা দাস সকলৰ প্ৰতি সহানুভূতিসূচক নহয়, অৰ্থনৈতিক হিচাপ-নিকাচ ভিত্তিকহে।

নগৰ প্ৰশাসক লুচিয়াচ পেদানিয়াচ চেকেণ্ডাচক তেওঁৰ এজন ভৃত্যই হত্যা কৰিছিল। প্ৰাচীন নিয়ম অনুসৰি হত্যাকাণ্ডৰ পিছত ঘৰত থকা বাকী সকলো দাসকে মৃত্যুদণ্ড দিব লাগে। কিন্তু এই নিৰপৰাধীসকলক বচাবৰ বাবে এটি জনসমাবেশ হ’ল আৰু ৰাইজে বিদ্ৰোহ আৰম্ভ কৰিলে। চিনেট সভাস্থল তেওঁলোকে অৱৰোধ কৰিলে। চিনেট সভাগৃহৰ ভিতৰত বিদ্ৰোহী সকলৰ বিৰুদ্ধে অধিক কঠোৰ হ’ব নালাগে বুলি মতপোষণ কৰা হ’ল যদিও প্ৰাচীন নিয়মৰ কোনো সালসলনি নকৰিবলৈ ঠিক কৰিলে, অৰ্থাৎ মৃতুদণ্ড বাহাল থাকিল।

প্ৰথম দুটা শতিকাত বাহিৰা শক্তিৰ লগত যুদ্ধও কম হৈছিল। অগষ্টাচৰ দিনতে সাম্ৰাজ্যখন ইমান বিশাল হৈ পৰিছিল যে টিবেৰিয়াছে তাক অধিক সম্প্ৰসাৰণৰ প্ৰয়োজন বুলি ভবা নাছিল। প্ৰতিষ্ঠিত শান্তিৰ বাবে মনত ৰখা হয়। ৰোমৰ কৃষি সম্পৰ্কীয় লেখকসকলে শ্ৰমিক পৰিচালনা ওপৰত গুৰুত্ব দিছিল। তেওঁ পৰামৰ্শ দিছিল যে মাটিৰ গৰাকী সকলে দুগুণ সঁজুলি মজুত ৰাখিব লাগিব। কাৰণ তেওঁলোকে কামৰ ওপৰত গুৰুত্ব দিয়া নাছিল। Natural History ৰ লেখক উৎপাদনৰ বাবে দাসৰ দলক ব্যৱহাৰ কৰা কাৰ্যৰ ওপৰত বিৰোধিতা কৰিছিল। ধূপ আৰু ধূনাৰ গছৰ ছালৰ পৰা প্ৰস্তুত কৰিছিল।

(ঘ) ‘চেংগিজ খাঁ আৰু তেওঁৰ উত্তৰাধিকাৰী সকলৰ মোগল সাম্ৰাজ্যখন কেনেকৈ পগুপালন সকলে একোখন সাম্ৰাজ্য দীর্ঘকাল সফলতাৰে বৰ্তাই ৰাখিব পাৰে। তাৰ এক সুন্দৰ উদাহৰণ’- যুক্তি দৰ্শোৱা।

উত্তৰঃ নেতা চেংগিজ খাঁ আৰু তেওঁৰ উত্তৰাধিকাৰী সকলে পশ্চিম এছিয়া, ইউৰোপ, মধ্য এছিয়া আৰু চীনদেশলৈ ১৩ শতিকাত অভিযান চলাইছিল। সাম্ৰাজ্য প্ৰতিষ্ঠা আৰু ৰক্ষা এই সকলো প্ৰচেষ্টাৰে মূল লক্ষ্য আছিল এই অঞ্চলবোৰত থকা বাণিজ্যক সুবিধা আৰু সিবিলাকৰ ভাৰত আৰু চীনৰ দৰে অঞ্চলৰ লগত থকা সম্পৰ্কৰ সুবিধা গ্ৰহণ কৰা। তদুপৰি সাম্ৰাজ্য বিলাকত বিভিন্ন ধৰণৰ সামৰিক সংগঠন গঢ়ি উঠিছিল। এখন সাম্ৰাজ্যৰ কৃতিত্বৰ উত্তৰাধিকাৰী হয় ইয়াৰ উত্তৰাধিকাৰীজন।

সাম্ৰাজ্যবোৰ বেছি সুস্থিৰ নাছিল। আংশিক ভাৱে ইয়াৰ কাৰণ আছিল বিভিন্ন অঞ্চলৰ সম্পদক লৈ হোৱা বিবাদ সাম্ৰাজ্য ধ্বংসৰ আন কাৰণ হ’ল সাম্ৰাজ্য আৰু পগুপালন জনজাতি বিলাকৰ মাজত সু-সম্পৰ্কৰ অভাৱ। কিন্তু উত্তৰ ফালৰ পগুপালক সকলৰ পৰাই ৰজা বিলাকে ব্যৱসায়-বাণিজ্যৰ বাবে সহায় সহযোগ লাভ কৰিছিল। এই পগুপালক সকলৰ মাজৰ পৰাই শ্ৰমিক আৰু সৈনিক মকৰল কৰা হৈছিল। স্মৰ্তব্য যে সকলো সাম্ৰাজ্যই নগৰকেন্দ্ৰীক নাছিল। চেংগিজ খান আৰু তেওঁৰ উত্তৰাধিকাৰী সকলৰ মোগল সাম্ৰাজ্যখন কেনেকৈ পগুপালক সকলে একোখন সাম্ৰাজ্য সফলতাৰে আৰু দীৰ্ঘকালৰ বাবে বৰ্তাই ৰাখিব পাৰে তাৰ এক সুন্দৰ উদাহৰণ।

পগুপালক আৰু অৰ্ধ অঘৰী সম্প্ৰদায়বোৰ সদায় ঘূৰি ফুৰিছিল। সেই কাৰণে পগুপালক সম্প্ৰদায়বোৰত চাল-চলন সীমিত স্পেইনৰ উত্তৰ অংশ উন্নতি নাছিল। ইয়াত কেল্টিক ভাষা কোৱা কৃষকে বাস কৰিছিল।

(ঙ) সম্ৰাট ট্টজানৰ সপোন কি আছিল? সপোন সফল হ’লনে?

উত্তৰঃ ৰোমান সাম্ৰাজ্যক দুটা পৰ্য্যয়ত বিভক্ত কৰা যায়, যাক পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী পৰ্য্যয় বুলি ক’ব পাৰি। তৃতীয় শতিকা এই দুই পৰ্য্যায়ৰ সীমাৰেখা। অন্য কথাত তৃতীয় শতিকাৰ অধিকাংশ লোক প্ৰাৰম্ভিক কালীন ৰোমান সাম্ৰাজ্য আৰু তাৰ পিছৰ খনক শেষ ৰোমান সাম্ৰাজ্য বুলিব পাৰি। দুয়োটা অতিশক্তি বা দুয়োখন সাম্ৰাজ্যৰ পাৰ্থক্য হ’লঃ ইৰাণৰ তুলনাত ৰোমান সাম্ৰাজ্যৰ সংস্কৃতি অধিক বাৰেবৰণীয়া আছিল। আলোচ্য সময়ছোৱাত পাৰ্থিয়ান আৰু পিছত ছাছানিয়ান ৰাজবংশই শাসন কৰোঁতে সাম্ৰাজ্যৰ লোকসকলৰ বেছিভাগেই আছিল ইৰাণীয়ান। আনহাতে ৰোমান সাম্ৰাজ্য বিভিন্ন ভাষা-সংস্কৃতি আৰু জাতিৰ লোকেৰে ভৰা আছিল। সকলোৰে উমৈহতীয়া শাসন পদ্ধতিটোৱে সকলোকে একতাৰ ডোলেৰে বান্ধি ৰাখিছিল। সাম্ৰাজ্যখনত বহুতো ভাষা-ভাষী লোক আছিল। কিন্তু প্ৰশাসনিক ক্ষেত্ৰত লেটিন আৰু গ্ৰীক ভাষাহে ব্যৱহাৰ হৈছিল। এই দুয়োভাষাৰ সীমা ভূমধ্যসাগৰৰ মাজভাগতে, আফ্ৰিকাৰ ত্ৰিপলিটানিয়া আৰু চাইৰিনাইকাৰ মাজত ভাষা লেটিন বা গ্ৰীক যিয়ে নহওক, যি স্থানৰে বাসিন্দা নহওক, সাম্ৰাজ্যৰ ভিতৰত বাস কৰা সকলোৱেই একেজন ৰজাৰ প্ৰজা।

ট্টজানে ১১৩-১৭ খ্ৰীঃত ভিতৰত চলাইছিল। ইয়াৰ দ্বাৰা তেওঁ ইউফ্ৰেটিছ নদীৰ পাৰৰ অঞ্চল নিৰৰ্থক দখল কৰিছিল। কিয়নো, তেওঁৰ উত্তৰাধিকাৰী সকলে এই অঞ্চলবোৰ বাদ দিয়ে। ৰোমানসকলৰ পোনপটীয়া শাসনৰ ক্ৰমাৎ সম্প্ৰসাৰণ। ৰোমান সাম্ৰাজ্যৰ লগত ইয়াৰ আশ্ৰিত ৰাজ্য কিছুমানক সামৰি এই সম্প্ৰসাৰণ কৰা হৈছিল। নিকট প্ৰাচ্য এনে বহুত ৰাজ্যৰে ভৰি আছিল। সেইবোৰ আছিল স্থানীয় ৰাজ্য; ৰোমৰ আশ্ৰিত। সৈন্য বাহিনীৰে তেওঁলোকে ৰোম সাম্ৰাজ্যক সহায় কৰিব লগা হৈছিল। ইয়াৰ বিনিময়ত ৰোমে সিবিলাকক বৰ্তী থাকিবলৈ ৰক্ষণাবেক্ষণ দিছিল।

১১৫-১৬ খ্ৰীঃৰ শীত কালৰ এটি প্ৰবল ভূমিকম্পৰ পিছত ১১৬ খ্ৰীঃত ট্ৰজানে ইউফ্ৰটিছ হৈ পাৰ্থিয়ান ৰাজধানী টিচিফ’ন আৰু তাৰ পৰা পাৰস্য উপসাগৰৰ মূৰলৈ সৈন্য সামন্ত লৈ আগবাঢ়ে।

৪। চমু টোকা লিখাঃ

(ক) নিকট প্ৰাচ্য।

উত্তৰঃ ৰোমান সাম্ৰাজ্যৰ ভূমধ্যসাগৰীয় অঞ্চলত বাস কৰা লোক সকলৰ দৃষ্টিত নিকট প্ৰাচ্য হ’ল– ভূমধ্যসাগৰৰ পূৱদিশৰ সকলো অঞ্চল, প্ৰধানকৈ ৰোমান সাম্ৰাজ্যৰ চিৰিয়া, পেলেষ্টাইন আৰু মেছোপটেমিয়া প্ৰদেশ আৰু সাধাৰণভাৱে আৰৱৰ দৰে ইয়াৰ আশে পাশে থকা এলেকা।

ৰোমান সাম্ৰাজ্যৰ বহুতো অঞ্চলেই ব্যতিক্ৰমী উৎপাদন ক্ষমতাৰ বাবে বিখ্যাত আছিল। ইটালীৰ কোম্পানীয়া, চিচিলি, ইজিপ্তৰ ফেইবাম, গেলিলি, বাইজেচিয়াম দ্য গ’ল (গেলিয়া নাৰ্বোনিনচিচ) আৰু বেটিকা (দক্ষিণ স্পেইন) আছিল ষ্ট্ৰেবু আৰু প্লিনীৰ মতে সাম্ৰাজ্যৰ আটাইতকৈ ঘন বসতিপূৰ্ণ আৰু সমৃদ্ধিশালী ঠাই। কেম্পানীয়াৰ পৰা আটাইতকৈ ভাল মদ ৰপ্তানী হৈছিল। চিচিলি আৰু বাইজেনচিয়ামে ৰোমলৈ বিস্তৰ পৰিমাণৰ ঘেঁহু ৰপ্তানী কৰিছিল। ইতিহাসবিদ যোছেফাচে লিখিছিল যে গেলিলিৰ প্ৰত্যেক ইঞ্চি ভূমিতেই যেন খেতি কৰা হৈছিল।

(খ) তৃতীয় শতিকাৰ সংকট।

উত্তৰঃ যদিও প্ৰথম আৰু দ্বিতীয় শতিকাৰ মোটামুটি হিচাপে শান্তি, সমৃদ্ধি আৰু অৰ্থনৈতিক সম্প্ৰসাৰণৰ যুগ আছিল; তৃতীয় শতিকা আভ্যন্তৰীণ বিবাদৰ সময় আছিল। ২৩০ চনৰ দশকৰ পৰা ৰোমান সাম্ৰাজ্যত একে সময়তে বিভিন্ন সমস্যাই দেখা দিছিল। ইৰাণত ২২৫ খ্ৰীঃত নতুন আৰু অধিক আগ্ৰাসী ৰাজবংশৰ আর্ৱিভাব হয় আৰু ১৫ বছৰৰ ভিতৰতে দ্ৰুতভাৱে ইউফ্ৰেটিছৰ ফালে অগ্ৰসৰ হয়। তিনিটা ভাষাত খোদিত এটা বিখ্যাত শিলালিপিত ইৰাণী শাসক প্ৰথম চাপোৰ এ ঘোষণা কৰিছিল যে তেওঁ ৬০,০০০ সৈন্যৰ এক ৰোমান বাহিনীক ধ্বংস কৰিছিল। আনকি ইয়াৰ পূৱ ৰাজধানী এন্টিঅ’ক দখল কৰে। ইতিমধ্যে গোটেইবোৰ জাৰ্মান জনজাতি বা জনজাতীয় ৰাজ্যসংঘ প্ৰধানকৈ এলামান্নী, ফ্ৰেংক আৰু গঠ বিলাকে ৰাইন আৰু ডানিয়ুব পাৰহৈ আগবাঢ়ে, আৰু ২৩৩ আৰু ২৮০ চনৰ ভিতৰৰ সময়ছোৱাত বাৰে বাৰে কৃষ্ণ সাগৰৰ পৰা আল্পচ আৰু দক্ষিণ জাৰ্মানীলৈকে সমগ্ৰ অঞ্চল আক্ৰমণৰ সন্মুখীন হয়। ৰোমান সকলক ডানিয়ুবৰ সিপাৰৰ অঞ্চল সমূহ এৰি দিবলৈ বাধ্য কৰে আৰু এই সময়ৰ সম্ৰাট সকলে ‘বিদেশী বৰ্বৰ’ বুলি কোৱা লোক সকলৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিছিল।

(গ) পবিত্ৰ ৰোমান সাম্ৰাজ্য।

উত্তৰঃ ৰোমান সাম্ৰাজ্যই আজি প্ৰায় সমগ্ৰ ইউৰোপ আৰু উৰ্বৰ অৰ্ধচন্দ্ৰাকাৰ অঞ্চল লগতে পশ্চিম এছিয়া তথা উত্তৰ আফ্ৰিকাৰ বহুত অঞ্চল সামৰি লৈছিল। এই অধ্যয়ত আমি চাম এই সাম্ৰাজ্য কেনেদৰে গঢ়ি উঠিছিল। ১৫ শতিকাৰ মাজত পূৰ্বৰোমান সাম্ৰাজ্যৰ প্ৰায় সকলো ভূমিয়েই আৰৱ সাম্ৰাজ্যই গ্ৰাস কৰে। এই সাম্ৰাজ্য আকৌ হজৰত মহম্মদৰ শিষ্য সকলে প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ কেন্দ্ৰ আছিল দেমাচকাচ। আৰম্ভণিতে বাগদাদৰ পৰা আৰব সাম্ৰাজ্যৰ শাসন চলোৱা হৈছিল। এই অঞ্চলত গ্ৰীক আৰু ইছলামীয় ঐতিহ্যৰ মিলন ঘটিছিল।

সাম্ৰাজ্য প্ৰতিষ্ঠা আৰু ৰক্ষা এই সকলো প্ৰচেষ্টাৰে মূল লক্ষ্য আছিল এই অঞ্চলবোৰত থকা বাণিজ্যক সুবিধা আৰু সিবিলাকৰ ভাৰত আৰু চীনৰ দৰে অঞ্চলৰ লগত থকা সম্পৰ্কৰ সুবিধা গ্ৰহণ কৰা। তদুপৰি সাম্ৰাজ্য বিলাকত বিভিন্ন ধৰণৰ সামৰিক সংগঠন গঢ়ি উঠিছিল। এখন সাম্ৰাজ্যৰ কৃতিত্বৰ উত্তৰাধিকাৰী হয় ইয়াৰ উত্তৰাধিকাৰীজন।

সাম্ৰাজ্যবোৰ বেছি সুস্থিৰ নাছিল। আংশিক ভাৱে ইয়াৰ কাৰণ আছিল বিভিন্ন অঞ্চলৰ সম্পদক লৈ হোৱা বিবাদ সাম্ৰাজ্য ধ্বংসৰ আন কাৰণ হ’ল সাম্ৰাজ্য আৰু পগুপালন জনজাতি বিলাকৰ মাজত সু-সম্পৰ্কৰ অভাৱ। কিন্তু উত্তৰ ফালৰ পগুপালক সকলৰ পৰাই ৰজা বিলাকে ব্যৱসায়-বাণিজ্যৰ বাবে সহায় সহযোগ লাভ কৰিছিল।

ৰোমান সাম্ৰাজ্যক দুটা পৰ্য্যয়ত বিভক্ত কৰা যায়, যাক পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী পৰ্য্যয় বুলি ক’ব পাৰি। তৃতীয় শতিকা এই দুই পৰ্য্যায়ৰ সীমাৰেখা। অন্য কথাত তৃতীয় শতিকাৰ অধিকাংশ লোক প্ৰাৰম্ভিক কালীন ৰোমান সাম্ৰাজ্য আৰু তাৰ পিছৰ খনক শেষ ৰোমান সাম্ৰাজ্য বুলিব পাৰি। দুয়োটা অতিশক্তি বা দুয়োখন সাম্ৰাজ্যৰ পাৰ্থক্য হ’লঃ ইৰাণৰ তুলনাত ৰোমান সাম্ৰাজ্যৰ সংস্কৃতি অধিক বাৰেবৰণীয়া আছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top