Class 11 History Chapter 2 লিখনি আৰু নগৰীয়া জীৱন

Class 11 History Chapter 2 লিখনি আৰু নগৰীয়া জীৱন Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters AHSEC Class 11 History Chapter 2 লিখনি আৰু নগৰীয়া জীৱন and select needs one.

Class 11 History Chapter 2 লিখনি আৰু নগৰীয়া জীৱন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 History Chapter 2 লিখনি আৰু নগৰীয়া জীৱন Solutions for All Subject, You can practice these here.

লিখনি আৰু নগৰীয়া জীৱন

Chapter: 2

অনুশীলনীঃ

চমু উত্তৰ লিখাঃ

(ক) সঁজুলি তৈয়াৰ কৰাত প্ৰয়োজন হোৱা উপাদান সমূহৰ (input) এখন তালিকা প্রস্তুত কৰা।

উত্তৰঃ অৱশ্যে মানুহে বনোৱা সঁজুলি আৰু বন মানুহে বনোৱা সঁজুলিৰ মাজত পাৰ্থক্য আছিল। যি উপায়েৰে মানুহে সঁজুলি তৈয়াৰ কৰে আৰু ইয়াক ব্যৱহাৰ কৰে, সেইবোৰৰ বাবে প্ৰায়ে অধিক স্মৃতিশক্তি আৰু জটিল নির্মাণ কৌশলৰ প্ৰয়োজন হয়। বন মানুহৰ ক্ষেত্ৰত এই দুয়োটা উপাদানৰে অভাৱ আছিল।

ইথিওপিয়া আৰু কেনিয়াতেই একেবাৰে প্ৰাচীন শিলব হাতিয়াৰ নিৰ্মাণ আৰু ব্যৱহাৰৰ নিদৰ্শন পোৱা যায়। সম্ভৱ অষ্ট্ৰাল’পীথেকাচ সকলেই আছিল সৰ্বপ্ৰথম শিলৰ সঁজুলি নির্মাতা।

প্ৰায় ৩৫,০০০ বছৰৰ আগেয়ে জন্তু চিকাৰৰ বাবে উন্নত কৌশলযুক্ত হাতিয়াৰ উদ্ভাৱন কৰা দেখা যায়। এই সময়ত নতুন ধৰণৰ যাঠি দলিওৱা সঁজুলি আৰু ধনুকাঁড় পোৱা যায়। এই হাতিয়াৰ ব্যৱহাৰ কৰি পোৱা মাংস সম্ভৱতঃ হাড় গুচাই, শুকুৱাই, সেঁক বা ধোঁৱা দি পিছত খাত্ৰৰ বাবে সংৰক্ষণ কৰিছিল।

আন কিছুমান পৰিৱৰ্তনো দেখা পোৱা গ’ল। আদিম মানৱে নোমাল জন্তু ধৰিবলৈ ল’লে। ইয়াৰ নোমেৰে কাপোৰ তৈয়াৰ কৰিলে। বেজীও আৱিষ্কাৰ কৰা হ’ল। প্রায় ২১,০০০ বছৰৰ আগৰ পৰা বেজীৰে সিয়া কাপোৰৰ ব্যৱহাৰৰ প্ৰমাণ পোৱা গৈছে। ইয়াৰ উপৰি চেনি বা বটালিৰ দৰে হাতিয়াৰ সৰু ফুটা থকা ব্লেড বনোৱা কৌশল ওলাল। ইয়াৰে হাড়, হাতীৰ দাঁত, কাঠ বা হৰিণৰ শিঙত খোদাই কৰিব পৰা হ’ল।

(খ) মানুহ আৰু বান্দৰ বা বন মানুহৰ দৰে স্তন্যপায়ী জীৱৰ মাজত দৈহিক আৰু আচাৰ-ব্যৱহাৰৰ কিছুমান সাদৃশ্য আছে। এই কথাই ইঙ্গিত দিয়ে যে মানুহ সম্ভৱ বন মানুহৰ পৰা বিৱৰ্তিত হৈছে। (ক) আচৰণ আৰু (খ) দৈহিক গঠন—এই দুটা শিতানত ভাগে ভাগে সামঞ্জস্য সমূহ এখন তালিকা প্রস্তুত কৰা।

উত্তৰঃ এওঁলোকৰ দেহ নোমেৰে আবৃত থাকে। গৰ্ভধাৰণ কাল তুলনামূলক ভাৱে দীঘলীয়া, স্তনগ্রন্থী থাকে। দাঁত বিভিন্ন ধৰণৰ আৰু দেহত নিয়মীয়াভাৱে তাপ থাকে।

উদাহৰণহিচাপে দুই ভৰিৰ ওপৰত থিয় দি খোজকঢ়াৰ ফলত মানুহৰ হাত দুখন অন্যান্য সামগ্ৰী কঢ়িয়াব পৰাকৈ মুক্ত হৈ পৰিছিল। আনহাতে, হাত দুখন বেছিকৈ ব্যৱহাৰ কৰাৰ ফলত থিয় দি খোজকঢ়াৰ দক্ষতাও বাঢ়িবলৈ লৈছিল। ইয়াৰ ফলত হাত দুখন অন্যৰূপত ব্যৱহাৰ কৰিব পৰাকৈ মুক্ত হোৱাৰ উপৰি খোজ কাঢ়োতে চাৰিঠেঙীয়া জন্তুতকৈ কম শক্তি প্রয়োগ হৈছিল। এনেদৰে খোজকাঢ়োতে ৰাহি হোৱা শক্তিখিনিৰে দৌৰা কাৰ্যত সহায়ক হৈছিল। উল্লেখ কৰিব পাৰি যে মানৱ প্ৰথমে ভৰিৰে খোজকঢ়াৰ প্ৰমাণ 36 নি. ব. পূৰ পৰা প্ৰমাণ পোৱা যায়৷ উদাহৰণ হিচাপে টাঞ্জেনিয়াৰ লীটলি নামৰ ঠাইত উদ্ধাৰ হোৱা জীৱাশ্মৰ পদচিহ্ন আৰু ইটালীৰ ইথিওপিয়াৰ অ’ম নামে ঠাইত উদ্ধাৰ হোৱা অংগ হাড়ৰ জীৱাশ্মৰ পৰা প্ৰাচীন মানৱে খোজ কঢ়াৰ নিশ্চিত তথ্য পোৱা গৈছে।

(গ) মানুহৰ আবিৰ্ভাৱৰ আঞ্চলিক ধাৰাবাহিকতা আৰ্হিৰ (regional Continuity model) সমৰ্থনত আগবঢ়োৱা যুক্তিবোৰ আলোচ উৰনা কৰা। তুমি ভাবা নেকি যে ই পুৰাতাত্বিক সমলৰ ওপৰত পতিয়ন যাব পৰা ব্যাখ্যা দাঙি ধৰে?

উত্তৰঃ প্রতিষ্ঠাপন আৰ্হিমতে সকলো ঠাইতে পুৰণি মানুহৰ সলনি আধুনিক মানুহৰ আৱিৰ্ভাৱ হয়। এই যুক্তিৰ সমৰ্থনৰ সাক্ষ্য হ’ল—আধুনিক মানুহৰ বংশানুক্রমিক বা উৎপত্তিমূলক (genetic) আৰু দেহতাত্বিক সমসত্বতা (anatomical homogeneity) পোৱা যায়। এই সূত্ৰৰ সমৰ্থকসকলৰ মতে একে ঠাইতে (অর্থাৎ আফ্রিকাতে) জন্ম হোৱা বাবেই আধুনিক মানুহৰ মাজত ভালেখিনি মিল দেখা যায়। ইথিওপিয়াৰ অম’ত (Omo) পোৱা আধুনিক মানুহৰ প্ৰাচীন ফছিলেও এই প্ৰতিষ্ঠাপন সূত্ৰৰ সাক্ষ্য বহন কৰে। এই মতত বিশ্বাসী পণ্ডিতসকলৰ মতে আজিৰ মানুহৰ মাজত দেখা দিয়া শাৰীৰিক পার্থক্যখিনি হেজাৰ হেজাৰ বছৰত বিভিন্ন ঠাইলৈ প্ৰব্ৰজনৰ অন্তত এটা অঞ্চলত বসতি কৰিবলৈ লোৱা মানুহৰ অভিযোজিত ৰূপ (adaptation) বা স্থানীয় পৰিৱৰ্তন।

(ঘ) (ক) ফল-মূল সংগ্রহ, (খ) সঁজুলি নির্মাণ, (গ) জুইৰ ব্যৱস্থা; এই কেইটাৰ ভিতৰত কোনটো পুৰাতাত্বিক অভিলেখত আটাইতকৈ বেছিকৈ উল্লেখিত হয়?

উত্তৰঃ এই কেইটাৰ ভিতৰত জুইৰ ব্যৱস্থা পুৰাতাত্বিক অভিলেখত আটাইতকৈ বেছিকৈ উল্লেখিত হয়।

(ঙ) আমি কিয় কওঁ যে প্রাকৃতিক সাৰ আৰু উচ্চ হাৰৰ খাদ্য উৎপাদন প্রাচীন নগৰীয়া জীৱনৰ একমাত্ৰ কাৰণ নহয়?

উত্তৰঃ কাৰণ কাৰণ যেতিয়া খাদ্যবস্তুৰ বাহিৰে অন্যান্য

ফালৰ পৰা অৰ্থনৈতিক বিকাশ হয়, তেতিয়া মানুহে নগৰত থূপ খাবলৈ ধৰে। নগৰীয়া অর্থনীতিয়ে খাদ্যদ্রব্যৰ উৎপাদনৰ বাহিৰে, ব্যৱসায় বাণিজ্য, বস্তু নির্মাণ বা তৈয়াৰ কৰা আৰু চাকৰী-জীৱিকাকো সামৰি লয়। নগৰৰ বাসিন্দাসকল আত্মনির্ভশীল নহয়। আন নগৰ বা গাঁৱৰ উৎপাদনৰ ওপৰত নিৰ্ভৰশীল। উদাহৰণ হিচাপে বনোৱাত, যিটো তেওঁ নিজেই বনাব নোৱাৰে। তেওঁ চিল-মোহৰ বনোৱা ৰঙীণ পাথৰনো ক’ত পায় নাজানিব পাৰে। তেওঁৰ বিশেষত্ব কাঠ-কাটি শিল্প বস্তু তৈয়াৰ কৰাতহে বাণিজ্যত নহয় ৷ ব্ৰঞ্জৰ হাতিয়াৰ বনোৱাজনে তাম আৰু টিন বিচাৰি আঁতৰলৈ যাব নালাগে । তদুপৰি তেওঁক নিয়মীয়াকৈ ইন্ধনৰ বাবে কয়লাৰ প্ৰয়োজন হৈছিল। এইদৰে উৎপাদনৰ বাবে শ্ৰমৰ বিভাজন (Division of Labour) নগৰীয়া জীৱনৰ এক বৈশিষ্ট্য।

(চ) তলত দিয়া বিলাকব প্রাচীন নগৰ স্থাপনৰ বাবে কোনবোৰ প্ৰয়োজনীয় চৰ্ত, আৰু কোনবোব কাৰকৰ প্রয়োজন, আৰু নগৰীয়া পৰিৱেশৰ ফলাফলনো কোনবোৰ বাছি উলিওৱা:

(ক) উচ্চ হাৰত খাদ্য দ্রব্যৰ উৎপাদন।

(খ) জলপথ।

(গ) ধাতু আৰু পাথৰব অভাব।

(ঘ) শ্ৰমৰ বিভাজন।

(ঙ) মোহৰৰ ব্যৱহাৰ।

(চ) বজাৰ সামৰিক শক্তি বৃদ্ধি আৰু তাৰ ফলত শ্রম বাধ্যতামূলক কৰণ।

উত্তৰঃ (ক) উচ্চ হাৰত খাদ্য দ্রব্যৰ উৎপাদন।

(খ) জলপথ।

(ঘ) শ্ৰমৰ বিভাজন।

(ঙ) মোহৰৰ ব্যৱহাৰ।

(চ) বজাৰ সামৰিক শক্তি বৃদ্ধি আৰু তাৰ ফলত শ্রম বাধ্যতামূলক কৰণ।

(ছ) অঘৰী পশুপালকবোৰ কিয় নগৰীয়া জীৱনৰ বাবে বিপদজনক নহয়?

উত্তৰঃ অঘৰী পশুপালকবোৰ নগৰীয়া জীৱনৰ বাবে বিপদজনক নহয় কাৰণ তেওঁলোকে গাঁও অঞ্চলতে  জীৱ-জন্তু চিকাৰ কৰি ঘুৰি ফুৰিছিল। তেওঁলোকে নগৰত বাস কৰা লোকসকলক কেতিয়াও অশান্তি কৰা নাছিল।

(জ) কিয় প্রাচীন মন্দিৰবোৰ দেখিবলৈ প্ৰায় ঘৰৰ দৰেই?

উত্তৰঃ প্ৰাচীন মন্দিৰবোৰ দেখিবলৈ ঘৰৰ নিচিনাই আছিল। ঘৰসমূহত যেনেকৈ বহুতো কোঠালি আছিল ঠিক তেনেকৈ মন্দিৰবোৰতো বহুতো কোঠালি আছিল। মন্দিৰৰ প্ৰথম কোঠালিটোতে বিভিন্ন দেৱ-দেৱীৰ মূৰ্ত্তি আদি বিভিন্ন স্থানত সজোৱা হৈ আছিল। মন্দিৰবোৰ মানুহৰ বাসস্থানতকৈ বেলেগ-ডাঙৰ আৰু সীমাবোৰ আবৃত আছিল। দেৱতা আৰু দেৱীক শস্য, দৈ আৰু মাছ (কিছুমান মন্দিৰৰ মজিয়াত মাছৰ কাঁইটৰ ডাঠ তৰপ পোৱা গৈছে) অৰ্পণ কৰি পূজা কৰিছিল। দেৱ-দেৱীয়েই আছিল স্থানীয় ৰাইজৰ কৃষি, ভূমি, মাছ-পাম, গৰু-ম’হৰ গৰাকী৷ তেল পেৰা, ধান বনোৱা, ঊণৰ কাপোৰ তৈয়াৰ কৰা আদি উৎপাদন প্ৰক্ৰিয়া মন্দিৰতে হৈছিল। ঘৰৰ বাহিৰত কৰা উৎপাদন প্ৰক্ৰিয়াৰ সংগঠন, সদাগৰ নিয়োগকর্তা, শস্য উৎপাদন আৰু বিতৰণত চকু ৰাখোঁতা হিচাপে মন্দিৰবোৰ নগৰীয়া সমাজৰ একোটা প্রধান অংগ হৈ পৰিছিল।

৩। ৰচনাধৰ্মী প্রশ্নঃ

(ক) (ক) চিকাৰ আৰু (খ) আশ্রয়স্থল নিৰ্মাণত ভাষাৰ প্ৰয়োগে কিমান দূৰ সুবিধা কৰিব পাৰিলেহেঁতেন আলোচনা কৰা৷

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

(খ) পাঠৰ শেষত দিয়া সময়ৰেখা ১ আৰু ২ প্ৰত্যেকৰ পৰা দুটাকৈ ঘটনা বাছি উলিওৱা আৰু লিখা যে, কিয় সেই কেইটা তাৎপৰ্য্যপূৰ্ণ হ’ল।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

(গ) ‘মানুহ সম্ভৱ বনমানুহৰ পৰা বিৱৰ্তিত হৈছে’—ব্যাখ্যা কৰা।

উত্তৰঃ হমিনিডসকলৰ অন্তৰ্ভূক্ত আছিল বনমানুহবোৰ। বৈজ্ঞানিকসকলে এই প্রজাতিবোৰক দিয়া নামবোৰ প্ৰকৃততে গ্ৰীক বা লেটিন ভাষাৰ। Austral (লেটিন) মানে দক্ষিণ ফালৰ। পিথেকচ (Pithekos -গ্ৰীক)-ৰ অৰ্থ বন মানুহ। এই ধৰণৰ আদিম মানুহ বনমানুহৰ দৰে আছিল। হ’ম’ৰ তুলনাত বনমানুহৰ মস্তিষ্ক আপেক্ষিকভাৱে সৰু, গুৰিৰ দাঁতবোৰ ডাঙৰ আৰু হাতৰ দক্ষতা সীমিত আছিল। ইয়াৰ থিয় হৈ খোজ কঢ়াৰ ক্ষমতাও অধিক নাছিল। কাৰণ, সিবিলাকে তেতিয়াও বেছিভাগ সময় গছৰ ওপৰতে কটাব লগা হৈছিল। সিহঁতৰ গছৰ ওপৰত জীৱন কটাবৰ বাবে আৱশ্যকীয় অনেক বৈশিষ্ট্য আছিল।

হমিনয়ডবিলাক বহু দিশত বান্দৰৰ পৰা পৃথক। সিহঁতৰ শৰীৰ বান্দৰতকৈ ডাঙৰ আৰু নেজ নাছিল। তদুপৰি সিবিলকব বিকাশ কাল দীঘলীয়া আৰু তেওঁলোকৰ মাজত গৰস্পৰ নিৰ্ভৰশীলতা বেছি আছিল।

অন্যান্য বৈশিষ্ট্যবোৰ হ’ল দীঘল আগঠেং, ধেনুভিৰীয়া হাত আৰু ভৰিৰ হাৰ আৰু সচল আঁঠুৰ জোৰা। এইবিলাক শাৰীৰিক বৈশিষ্ট্যৰ ফলত সিহঁতে গছৰ ওপৰত থকা বা বগোৱাত সুবিধা হৈছিল। সময়ৰ গতিৰ সা-সঁজুলি তৈয়াৰ কৰিব লগা বা বেছিদূৰ খোজকাঢ়িব লগা হোৱাত মানুহৰ লক্ষণবোৰ-ইবিলাকৰ গাত বৃদ্ধি পালে।

আদিযুগৰ মানুহৰ দেহাৱশেষবোৰ সিবিলাকৰ হাড়ৰ গাঁথনিৰ ওপৰত ভিত্তি কৰি কেইবাটাও প্ৰজাতিত ভাগ কৰা হৈছে। উদাহৰণস্বৰূপে: আদিম যুগৰ মানুহ আৰু বর্তমান কালৰ মানুহৰ মাজত পার্থক্য থাকে লাওখোলাৰ আকাৰ আৰু মুখৰ হাড় বা হনুত। দুঠেঙীয়া অৱস্থালৈ অহাত হাতবোৰ মুক্ত হ’ল আৰু কেঁচুৱা বা অন্যান্য বস্তু কঢ়িয়াব পৰা হ’ল৷ আকৌ হাতবোৰ যিমানে বেছিকৈ ব্যৱহাৰ হ’ল, সিমানেই বেছি উন্নত হ’ল। 

টাঞ্জানীয়াৰ লেটুলী (Laetoli)-ত উদ্ধাৰ হোৱা হ’মিনিডৰ জীৱাশ্মলৈ ৰূপান্তৰিত হোৱা ভৰিৰ খোজে এই সাক্ষ্য বহন করে। সেইদৰে ইথিওপিয়াৰ হাদাৰত আৱিষ্কৃত হাত-ভৰিৰ হাড়ৰ জীৱাশ্মই দ্বিপদী প্রাণীলৈ ৰূপান্তৰিত হোৱাৰ সাক্ষ্য বহন কৰে।

প্রায় ২৫ লাখ বছৰৰ পূৰ্বে তুষাৰ যুগৰ প্ৰথম স্তৰত যেতিয়া পৃথিৱীৰ বৃহৎ অংশ বৰফেৰে ঢাক খালে, তেতিয়া জলবায়ু আৰু উদ্ভিদ জগতলৈ বিশেষ পৰিৱৰ্তন আহিছিল। তাপমাত্ৰা আৰু বৰষুণৰ পৰিমাণ হ্রাস পোৱাত অৰণ্যৰ ঠাইত তৃণ অঞ্চল বাঢ়িল। ইয়াৰ ফলত হাতি অভ্যস্ত অষ্ট্ৰাল’পিথেকাচা প্ৰজাতিৰ ক্ৰমান্বয়ে বিলুপ্তি ঘটিবলৈ ধৰিলে। ইয়াৰ সলনি শুকান জলবায়ুৰ লগত খাপ খোৱা এক প্ৰজাতিৰ আৱিৰ্ভাৱ হয়। এই বিলাকৰ ভিতৰত হ’ম’ (Homo) বিলাকৰ প্রতিনিধিসকল প্রথম আছিল।

হ’ম’ এটা লেটিন শব্দ—অর্থ মানুহ। বিজ্ঞানীসকলে কে’বাধৰণৰ হম’ দেখা পাইছে সিবিলাকৰ বৈশিষ্ট্যবোৰৰ ওপৰত নিৰ্ভৰ কৰি এই হ’ম’ প্ৰজাতিবোৰৰ নামাকৰণ কৰিছে। কিছুমান এনে ফলিক কোৱা হৈছে ‘ম’ হেবিলিট (Homo habilit হাতিয়াৰ নিৰ্মাণকাৰী) হ’ম’ইৰেক্টাচ (Homo erectus) থিয় হ’ব পৰা আৰু হ’ম’চেপিয়েন (Homo sapiens) জ্ঞানী বা চিন্তা কৰিব পৰা মানুহ৷

(ঘ) নগৰীয়া জীৱন আৰম্ভৰ লগে লগে যিবোৰ নতুন অনুষ্ঠান গঢ়ি উঠিছিল, সেইবোৰৰ কোনবোৰ বজাৰ উদ্যমৰ ওপৰত নিৰ্ভৰশীল আছিল?

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

(ঙ) প্রাচীন কাহিনীবোৰে মেছোগটেমিয়া সভ্যতাৰ বিষয়ে কি কয়?

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

(চ) এখন নগৰ স্থাপনৰ বাবে প্ৰয়োজনীয় উপাদানবোৰ বৰ্ণনা কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

(ছ) প্রাচীন নগৰীয়া জীৱনৰ তাৎপৰ্য ব্যাখ্যা কৰা।

উত্তৰঃ যেতিয়া খাদ্যবস্তুৰ বাহিৰে অন্যান্য ফালৰ পৰা অৰ্থনৈতিক বিকাশ হয়, তেতিয়া মানুহে নগৰত থূপ খাবলৈ ধৰে। নগৰীয়া অর্থনীতিয়ে খাদ্যদ্রব্যৰ উৎপাদনৰ বাহিৰে, ব্যৱসায় বাণিজ্য, বস্তু নির্মাণ বা তৈয়াৰ কৰা আৰু চাকী-জীৱিকাকো সামৰি লয়। নগৰৰ বাসিন্দাসকল আত্মনিৰ্ভৰশীল নহয়। আন নগৰ বা গাঁৱৰ উৎপাদনৰ ওপৰত নিৰ্ভৰশীল। উদাহৰণ হিচাপে শিলাকুটিয়াক দৰকাৰ হয় ব্ৰঞ্জৰ হাতিয়াৰ বনোৱাত, যিটো তেওঁ নিজেই বনাব নোৱাৰে। তেওঁ চিল-মোহৰ বনোৱা ৰঙীণ পাথৰনো ক’ত পায় নাজানিব পাৰে। তেওঁৰ বিশেষত্ব কাঠ-কাটি শিল্প বস্তু তৈয়াৰ কৰাতহে, বাণিজ্যত নহয় ৷ ব্ৰঞ্জৰ হাতিয়াৰ বনোৱাজনে তাম আৰু টিন বিচাৰি আঁতৰলৈ যাব নালাগে। তদুপৰি তেওঁক নিয়মীয়াকৈ ইন্ধনৰ বাবে কয়লাৰ প্ৰয়োজন হৈছিল। এইদৰে উৎপাদনৰ বাবে শ্ৰমৰ বিভাজন (Division of Labour) নগৰীয়া জীৱনৰ এক বৈশিষ্ট্য।

তদুপৰি এটা সামাজিক সংগঠনৰো নগৰত প্রয়োজন। ইন্ধন, ধাতু, বিভিন্ন পাথৰ, কাঠ আদি বিভিন্ন ঠাইৰ পৰা নগৰৰ পণ্য তৈয়াৰ কৰোঁতাৰ হাতলৈ আহে। এইদৰে সংগঠিত বাণিজ্য আৰু ভঁড়ালৰ প্ৰয়োজন হয়। গাঁৱৰ পৰা শস্য বা অন্যান্য উৎপাদিত সামগ্ৰী আহে নগৰলৈ। খাদ্য শস্য নগৰৰ একে ঠাইতে মজুত কৰি বিতৰণ কৰাৰ প্ৰয়োজন হয়। ইয়াৰ উপৰি অন্যান্য বহুত কামৰ মাজত সমন্বয় ৰক্ষাৰ প্ৰয়োজন হয়। চিল-মোহৰ কাটোতা সকলৰ কেৱল পাথৰেই নহয় ব্ৰঞ্জৰ হাতিয়াব আৰু পাত্ৰৰ প্ৰযোজন হয়। নিশ্চিতভাৱে এনে অৱস্থাত কিছুমান মানুহৰ নিৰ্দ্দেশমতে বাকীবোৰ মানুহ চলিব লগা হয়। ইয়াৰ বাবে এক ব্যৱস্থাপনাৰ প্ৰয়োজন হয়। নগৰীয়া অৰ্থনীতিত, লিখিত ৰেকৰ্ডৰো দৰকাৰ হয়।

(জ) হাডজাসকলৰ জীৱন প্ৰণালীৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ হাডজাসকল হল চিকাৰী আৰু খাদ্য-সংগ্ৰহকাৰী এটা সৰু দল। তেওঁলোকে ইয়ৈচী হ্ৰদৰ কাষত বাস কৰিছিল। ইয়াচী হ্ৰদটোৰ পানীলুণীয়া আৰু ই এক গ্ৰস্ত উপত্যকা অৱস্থিত। পূৱ হাডজা ঠাইখন শুকান, শিলাময় তৃণভূমি। ই কাইঁটীয়া জোপোহা আৰু একাছিয়া গছ আৰু বনৰীয়া ফল-মূলেৰে ভৰা। বিশ শতিকাৰ আৰম্ভণিতে ব্যতিক্ৰমভাৱে হলেও ইয়াত সহজলভ্য অজস্ৰ জন্তু পোৱা গৈছিল। সেইবোৰ হল হাতী, গঁড়,ম’হ , জিৰাফ, জেব্ৰা, দল-হৰিণা, বেবুন, সিংহ নাহৰফুটুকীবাঘ, হায়েনা আদি। 

তেনেকৈয়ে শহা, শিয়াল, কেটেলা পহু আদি অনেক সৰু জীৱ-জন্তু পোৱা গৈছিল। হাতীৰ বাহিৰে এই সকলো জন্তু হাডজাসকলে চিকাৰ কৰি ভক্ষণ কৰিছিল। চিকাৰ কৰা জীৱ-জন্তু নিঃশেষ বা শেষ নোহোৱাকৈ নিয়মীয়াভাৱে ইবিলাকৰ মাংস ভক্ষণ কৰাটো ইয়াত সম্ভৱ হৈছিল। কাৰণ জধে-মধে জন্তু বধ কৰা নহৈছিল। 

শাক-পাছলি, গছৰফল-মূল, নুনী, ৰাওৱাব গছৰ গুটি আদি সহজে দেখা পোৱা নগলেও খৰাং বতৰত আৰু শীতকালৰ ভৰপকতো কিন্তু পৰ্যাপ্ত পৰিমাণে এই  অঞ্চলত হয়। স্বাভাৱিকতে গ্ৰীস্মকাল আৰু শীতকালৰ শাক-পাছলিৰ মাজত পাৰ্থক্য থাকে, কিন্তু কোনো ঋতুতে এইবোৰৰ নাটনি নহয়।

সাতবিধ বনৰীয়া মো-মাখিৰ মৌ আৰু পলুবোৰ খোৱা হৈছিল। কোনো কোনো বছৰত ঋতু অনুসৰি ইয়াৰ পৰিমাণ কম-বেছি হৈছিল। 

গ্ৰীস্মকালত পানীৰ অভাৱ হোৱা নাছিল। অৱশ্যে শীতকালত ইয়াৰ পৰিমাণণ কমি গৈছিল। হাডজাসকলে অতি বেছি ৫-৬ কিঃমি আতৰৰ পৰা পানী অসুবিধা নোহোৱাকৈ যোগাৰ কৰি লব পাৰে আৰু তেওঁলোকে শিবিৰবোৰ সাধাৰণতে পানীৰ পৰা ১ কিঃমিঃ ভিতৰত পাতে। 

অঞ্চলটোৰ সমভূমিৰ বননি ঠাইত কিন্তু তেওঁলোক নাথাকে। শিলাখণ্ড বা গছৰ মাজতহে শিবিৰবোৰ  পাতিবলৈ তেওঁলোকে ভাল পায়। ইয়াৰ পূৱ দিশত  থকা হাডজাবিলাকে ভূমি আৰু সম্পদৰ ওপৰত স্বত্ব দাবী নকৰে। যিকোনো লোকেই নিজ খুছীমতে যতেই ইচ্ছা ততেই থাকিব পাৰে, ইয়াত কোনো বাধা নাথাকে। অঞ্চলটোত তেোঁলোকে অপৰ্যাপ্ত পৰিমাণে চিকাৰ কৰিব পাৰে। ফল-মূল, শাক-পাছলি বা মৌ সংগ্ৰহ কৰিব পাৰে, পানী আনিব পাৰে, ইয়াত কোনো বাধা নাথাকো। অপৰ্যাপ্ত পৰিমাণৰ চিকাৰ কৰিব পৰা জীৱ-জন্তু থাকিলেও হাডজাসকলে খাদ্যৰ বাবে বনৰীয়া শাক-পাছলি, ফল-মূলৰ ওপৰতহে প্ৰধানকৈ নিৰ্ভৰ কৰিছিল। সম্ভৱতঃ ৮০ শতাংশ খাদ্যই উদ্ভীদজাত, ২০ শতাংশ ভাগহে মাংস আৰু মৌ। গ্ৰীস্মকালত শিবিৰবোৰ আকাৰত সৰু আৰু সিচৰতি হৈ পৰে আৰু শীতকালত হাডজাসকলে পানীৰ পৰিমাণ কমি যোৱাৰ বাবে একে ঠাইতে থুপ খাই থাকিবলৈ লয় আৰু শিবিৰসমূহো ডাঙৰ হয়। কিন্তু খৰাংকালত খাদ্যৰ অভাৱ নহয়। 

৪। চমু টোকা লিখা:

(ক) আদিম মানৱৰ সঁজুলি নির্মাণ।

উত্তৰঃ অৱশ্যে মানুহে বনোৱা সঁজুলি আৰু বন মানুহে বনোৱা সঁজুলিৰ মাজত পাৰ্থক্য আছিল। যি উপায়েৰে মানুহে সঁজুলি তৈয়াৰ কৰে আৰু ইয়াক ব্যৱহাৰ কৰে, সেইবোৰৰ বাবে প্ৰায়ে অধিক স্মৃতিশক্তি আৰু জটিল নির্মাণ কৌশলৰ প্ৰয়োজন হয়। বন মানুহৰ ক্ষেত্ৰত এই দুয়োটা উপাদানৰে অভাৱ আছিল।

ইথিওপিয়া আৰু কেনিয়াতেই একেবাৰে প্ৰাচীন শিলব হাতিয়াৰ নিৰ্মাণ আৰু ব্যৱহাৰৰ নিদৰ্শন পোৱা যায়। সম্ভৱ অষ্ট্ৰাল’পীথেকাচ সকলেই আছিল সৰ্বপ্ৰথম শিলৰ সঁজুলি নির্মাতা।

প্ৰায় ৩৫,০০০ বছৰৰ আগেয়ে জন্তু চিকাৰৰ বাবে উন্নত কৌশলযুক্ত হাতিয়াৰ উদ্ভাৱন কৰা দেখা যায়। এই সময়ত নতুন ধৰণৰ যাঠি দলিওৱা সঁজুলি আৰু ধনুকাঁড় পোৱা যায়। এই হাতিয়াৰ ব্যৱহাৰ কৰি পোৱা মাংস সম্ভৱতঃ হাড় গুচাই, শুকুৱাই, সেঁক বা ধোঁৱা দি পিছত খাত্ৰৰ বাবে সংৰক্ষণ কৰিছিল।

আন কিছুমান পৰিৱৰ্তনো দেখা পোৱা গ’ল। আদিম মানৱে নোমাল জন্তু ধৰিবলৈ ল’লে। ইয়াৰ নোমেৰে কাপোৰ তৈয়াৰ কৰিলে। বেজীও আৱিষ্কাৰ কৰা হ’ল। প্রায় ২১,০০০ বছৰৰ আগৰ পৰা বেজীৰে সিয়া কাপোৰৰ ব্যৱহাৰৰ প্ৰমাণ পোৱা গৈছে। ইয়াৰ উপৰি চেনি বা বটালিৰ দৰে হাতিয়াৰ সৰু ফুটা থকা ব্লেড বনোৱা কৌশল ওলাল। ইয়াৰে হাড়, হাতীৰ দাঁত, কাঠ বা হৰিণৰ শিঙত খোদাই কৰিব পৰা হ’ল।

(খ) মেছোপটেমিয়া।

উত্তৰঃ নগৰীয়া জীৱন মোছোপটেমিয়াত (মেছোপটেমিয়া নামটো গ্রীক শব্দ Mesos (অর্থ মধ্য) আৰু Potamos (অৰ্থ নদী)-ৰ পৰা হৈছে, অৰ্থাৎ মেছোপটেমিয়া মানে নদীৰ মাজৰ ঠাই) আৰম্ভ হয়। ই ইউফ্রেটিছ আৰু টাইগীচ নদীৰ মাজত অৱস্থিত, আৰু বৰ্তমান ইৰাক গণতন্ত্রব এক অংশ সমৃদ্ধি, নগৰীয়া জীৱন, বৃহৎ আকাৰ আৰু উচ্চমানৰ সাহিত্য কৰ্ম, গণিত লগতে জ্যোতির্বিজ্ঞানৰ বাবে মেছোপটেমিয়া জনাজাত। মেছোপটেমিয়াৰ লিখন পদ্ধতি আৰু সাহিত্য ২০০০ খ্রীঃপূৰ্বৰ পিছত ভূমধ্যসাগৰ, উত্তৰ চিবিয়া আৰু তুৰস্ক অঞ্চললৈ বিস্তাৰিত হয়। এই অঞ্চলৰ ৰাজ্যসমূহে আৰু ইজিপ্তৰ ফেৰাওৱে মেছোপটেমিয়াৰ আখৰ আৰু ভাষা ব্যৱহাৰ কৰিছিল।

১৮৪০-ৰ দশকত মেছোপটেমিয়াত পুৰাতাত্বিক গৱেষণা আৰম্ভ হয়। ইয়াৰ দুই এখন ঠাইত (ইয়াৰে উৰোক আৰু মাৰীৰ বিষয়ে তলত আলোচনা কৰা হৈছে) কেইবাদশকো ধবি খনন কার্য চলি আছিল (ভাৰতৰ কোনো এখন ঠাইতে ইমান দীঘলীয়াকৈ প্ৰকল্প হাতত লোৱা নাই) মেছোপটেমিয়াৰ ভৱন, মূৰ্ত্তি, অলংকাৰ, সমাধি, সঁজুলি আৰু মোহৰৰ বাদেও হেজাৰখন লিখিত তথ্য সমৃদ্ধ নথিও সমল হিচাপে অধ্যয়ন কৰিব পাৰি। মেছোপটেমিয়া ইউৰোপীয় সকলৰ বাবে গুৰুত্বপূৰ্ণ এই কাৰণেই যে ইয়াৰ বিষয়ে বাইবেলৰ প্ৰথম খণ্ড অন্ড টেষ্টামেন্টত উল্লেখ আছে। উদাহৰণ স্বৰূপে ইয়াং বুক অৱ জেনেচিচত চিনৰ (Shimar) অৰ্থাৎ চুমাৰ ইটাবে নিৰ্মিত নগৰৰ দেশ বুলি উল্লেখ আছে।

(গ) ৱাৰ্খা শিৰ।

উত্তৰঃ এই নাৰী মূৰ্ত্তি ৩০০০ খ্রীঃ পূৰ্বৰ আগতে উৰোকত (Uruk) বগা মাৰ্বলত খোদিত হৈছিল। ইয়াৰ চকুত সম্ভৱ নীল পাথৰ (lapis lajuli) আৰু শ্বেত খোলা (shell) আৰু চেলাউৰিত ক’লা আলকাতৰা (bitumen) লগোৱা হৈছিল। বোধয় অলংকাৰৰ বাবে মূৰৰ ওপৰত খাঁজ কটা হৈছিল, সি যি কি নহওক, ই এক বিশ্ব বিখ্যাত ভাস্কৰ্যৰ নিদৰ্শন। আৰু নাৰীৰ মুখমণ্ডল থুতৰি আৰু গালব সূক্ষ্ম, সুকোমল সুন্দৰ নির্মানৰ বাবে উচ্চ প্রশংসিত। ই সম্ভৱ আঁতৰৰ পৰা যোগান ধৰা টান পাথৰত নির্মিত।

(ঘ) নগৰীয়া শিল্প-কৃতি হিচাপে মোহৰ।

উত্তৰঃ ভাৰতত প্রাচীন মোহৰবোৰত ছাপ মৰা হৈছিল। কিন্তু মেছোপটেমিয়াত খ্রীঃ পূঃ প্রথম সহস্ৰাব্দৰ (millenium) শেহলৈকে চুঙা আকাৰৰ পাথৰৰ মোহৰ ব্যৱহাৰ কৰা হৈছিল। সিবিলাকৰ মাজত বিন্ধা কৰি এড়াল শলাৰ লগত সংলগ্ন কৰাব গিছত কুমাৰ মাটিৰ ওপৰেদি চলাই দিয়৷ হয়। ফলত ইখনৰ পিছত সিখনকৈ ছবিবোৰ সৃষ্টি হয়। অতি-কৌশলী বাঢ়ৈয়েহে মোহৰত নক্সা কাটিব পাৰিছিল৷ কেতিয়াবা ইয়াত মালিক, তেওঁৰ ইষ্ট দেৱতাৰ নাম আৰু তেওঁৰ পদবীৰ নাম আদি খোদিত কৰা হৈছিল। চুঙা আকাৰৰ মোহৰটো মাটিত ঘূৰাব পাৰি। ইয়াৰ ছাপ কুমাৰ মাটিত অবিকল ৰূপত বহিছিল। সেয়ে ই প্রত্যায়িতৰণৰ আহিলা হৈছিল আৰু ই সমাজত নগৰীয়া লোকৰ ভূমিকাৰ চানেকিও আছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top