Class 11 History Chapter 1 প্ৰাৰম্ভিক সমাজ

Class 11 History Chapter 1 প্ৰাৰম্ভিক সমাজ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters AHSEC Class 11 History Chapter 1 প্ৰাৰম্ভিক সমাজ and select needs one.

Class 11 History Chapter 1 প্ৰাৰম্ভিক সমাজ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 History Chapter 1 প্ৰাৰম্ভিক সমাজ Solutions for All Subject, You can practice these here.

প্ৰাৰম্ভিক সমাজ

Chapter: 1

চমু প্ৰশ্নোত্তৰঃ

১। জীৱাশ্ম (fossil) বুলিলে কি বুজা?

উত্তৰঃ জীৱাশ্ম (fossil) হ’ল বহুত পুৰণি উদ্ভিদ, জন্তু বা মানুহৰ শিলালৈ ৰূপান্তৰিত অৱশেষ। এইবোৰ সাধাৰণতে শিলাখণ্ডৰ মাজত লাখ লাখ বছৰ ধৰি সংৰক্ষিত হৈ থাকে।

২। জীৱাশ্ম কেনেকৈ উদ্ধাৰ কৰিব পাৰি?

উত্তৰঃ পূৰাতত্ত্ববিদসকলে জীৱাশ্মৰ অৱস্থান সঠিকভাৱে নিৰ্ণয় কৰিবলৈ প্ৰয়োজনীয় আহিলা ব্যৱহাৰ কৰে। ইয়াৰোপৰি কোনো নির্দিষ্ট জীৱাশ্ম উদ্ধাৰৰ কাৰণে সেই ঠাইখিনি দহ ছে. মি. সৰু সৰু বৰ্গক্ষেত্ৰত বিভক্ত কৰে। এনে ব্যৱস্থাৰ জৰিয়তে জীৱাশ্মৰ সমান্তৰাল অৱস্থান নিৰ্ণয় কৰাত সুবিধা হয়। জীৱাশ্ম উদ্ধাৰ প্ৰক্ৰিয়াটো অতি কঠিন। সঠিক কাল বা সময় নিৰূপণ কৰাটো হৈছে জীৱাশ্ম উদ্ধাৰৰ প্ৰকৃত প্ৰক্ৰিয়া। সঠিক সময় নিৰূপণ নহ’লে জীৱাশ্ম উদ্ধাৰ কৰাটো কঠিন হৈ পৰে৷

৩। প্ৰজাতি বুলিলে কি বুজা?

উত্তৰঃ প্রজাতি (Species) হ’ল এবিধ প্ৰাণী, যি একে ধৰণৰ প্ৰাণীৰ জন্ম দিব পাৰে। এনে প্ৰজাতিৰ প্রাণীয়ে আন প্রজাতিৰ প্ৰাণীক জন্ম দিব নোৱাৰে।

৪। প্ৰাইমেট বুলিলে কি বুজা? চমুকৈ লিখা।

উত্তৰঃ প্রাইমেট (Primate) সকল এক বৃহৎ স্তন্যপায়ী গোটৰ অন্তৰ্গত উপগোট। এই সকলৰ ভিতৰত বান্দৰ, বনমানুহ আৰু মানুহ পৰে। এওঁলোকৰ দেহ নোমেৰে আবৃত থাকে। গৰ্ভধাৰণ কাল তুলনামূলক ভাৱে দীঘলীয়া, স্তনগ্রন্থী থাকে। দাঁত বিভিন্ন ধৰণৰ আৰু দেহত নিয়মীয়াভাৱে তাপ থাকে।

৫। মেৰী আৰু লুই লিকিৰ বিষয়ে চমুকৈ উল্লেখ কৰা।

উত্তৰঃ জার্মানীৰ অণ্ডোৱাটগিৰি খাটটো মেৰী আৰু লুই লিকিয়ে আৱিষ্কাৰ কৰিছিল। ইয়াত তেওঁলোকে প্রায় চল্লিশ বছৰতকৈও বেছি সময় অধ্যয়ন কৰিছিল। ইয়াতে তেওঁলোকে প্রাচীন মানৱৰ লাওখোলা আৰু জীৱাশ্ম আৱিষ্কাৰ কৰিছিল। পিছলৈ অণ্ডোৱাই গিৰিখাটটো মেৰী আৰু লিকিৰ নামেৰে বেছিকৈ জনাজাত হৈ পৰিছিল। পিছত লিকিয়ে পৃথিৱীৰ প্ৰাচীনতম মানৱৰ আৱিষ্কাৰ (Finding world’s Earliest Man) নামে এখন বিখ্যাত কিতাপ লিখি উলিয়ায়৷ এই কিতাপখনৰ পৰাই আদিম মানৱৰ ধাৰাবাহিক বিৱৰণ পোৱা যায়৷

৬। হমিন’ইভ আৰু হ’মিনিডৰ প্ৰজাতিৰ মাজত থকা পাৰ্থক্যবোৰ উল্লেখ কৰা।

উত্তৰঃ উদাহৰণ হিচাপে হ’মিন’ইডৰ মগজু হমিনিডৰতকৈ তুলনামূলকভাৱে যথেষ্ট দীঘলীয়া। হমিনিড নামৰ প্ৰজাতিয়ে দুই ভৰিৰ ওপৰত দণ্ডায়মান হৈ খোজ কাঢ়িছিল। ইয়াৰোপৰি হ’মিনইড এই প্ৰজাতিৰ হাতবোৰ বহুত পৃথক৷ কাৰণ এনে হাতেৰে তেওঁলোকে সকলো ধৰণৰ আহিলা তৈয়াৰ কৰিছিল আৰু সেইবোৰৰ ব্যৱহাৰ কৰিছিল।

৭। আধুনিক মানৱৰ পূৰ্বসূৰীসকলৰ চাৰিবিধ লাওখোলাৰ নাম লিখা।

উত্তৰঃ এই চাৰিবিধ লাওখোলা হ’ল –

(ক) খৰা নেজীয়া বান্দৰৰ লাওখোলা।

(খ) অষ্ট্ৰালপিথেকাচ লাওখোলা।

(গ) হ’মইৰেক্টাচ লাওখোলা। আৰু 

(ঘ) চেপিয়েঞ্চ লাওখোলা।

৮। মানবসৃষ্ট বুলিলে কি বুজা?

উত্তৰঃ মানুহে সৃষ্টি কৰা আহিলা বা সামগ্ৰীসমূহক মানবসৃষ্ট বুলি কোৱা হয়।

৯। প্রকৃত চিকাৰ কাৰ্য কেনেকৈ আৰু কেতিয়াৰ পৰা আৰম্ভ হৈছিল?

উত্তৰঃ চিকাৰ কাৰ্য প্ৰায় 500,000 মান বছৰ পূৰ্বে আৰম্ভ হোৱা বুলি অনুমান কৰা হয়। দুই স্থানৰ পৰা হ’মিনিডৰ আদিমতম ইচ্ছাকৃত আৰু পৰিকল্পিত জন্তু নিধন চিকাৰ কাৰ্যৰ প্ৰমাণ পোৱা যায়। এই দুই স্থান হ’ল দক্ষিণ ইংলেণ্ডৰ বক্সগ্রুভ আৰু জাৰ্মানীৰ শ্ব’নিংজেন নামে ঠাই।

১০। তুষাৰ যুগ আৰম্ভ হোৱাৰ ফলত পৃথিৱীৰ কেনে পৰিৱৰ্তন ঘটিছিল?

উত্তৰঃ তুষাৰ যুগ আৰম্ভ হোৱাৰ ফলত পৃথিৱীৰ বিস্তীর্ণ অঞ্চল বৰফৰ ডাঠ তৰপে ঢাকি ৰাখিছিল। ইয়াৰ ফলত উদ্ভিদ জগত আৰু জলবায়ুৰ সাংঘাতিক পৰিৱৰ্তন ঘটিছিল। ফলত অৰণ্যবিলাক ধ্বংস হৈ বিস্তীর্ণ তৃণভূমিলৈ ৰূপান্তৰিত হৈছিল। এনে অৱস্থাত অৰণ্য জীৱনৰ লগত অভ্যস্ত আদিম ৰূপত অষ্ট্ৰাল’পিথেকাচ বিলাকৰ লগে লগে বিলুপ্তি ঘটিল। সুস্থ বাতাবৰণত নিজকে বেছি ভালদৰে খাপ খুৱাই ল’ব পৰা নতুন প্ৰজাতিৰ উন্নত অষ্ট্ৰাল ‘পিথেকাচে আগৰবোৰৰ স্থান ল’লে।

১১। গুহাৰ আৱিষ্কাৰ সম্বন্ধে চমুকৈ লিখা।

উত্তৰঃ প্রায় 30,000 ৰ পৰা 12,000 বছৰ পূৰ্বে অংকন কৰা শ শ জীৱ-জন্তুৰ চিত্ৰ ফ্ৰান্সৰ লাচাক্স আৰু চৌডেট্‌ তথা স্মে আল্টামিৰা ইত্যাদি গুহাবিলাকত আৱিষ্কৃত হৈছে। এই গুহাবিলাকত মেথোন, সৌৰা, ৰামছাগলী, হৰিণা, বৃহদাকাৰ হাতী, গড়, সিংহ, ভালুক, নাহৰ ফুটুকী বাঘ, হায়েনা, ফেঁচা ইত্যাদি বিভিন্ন জীৱ-জন্তুৰ চিত্ৰ অংকিত আছে।

১২। গোষ্ঠী (Ethnography) বিজ্ঞান বুলিলে কি বুজা?

উত্তৰঃ সমকালীন নৃ-গোষ্ঠীবিলাকৰ পদ্ধতিগত অধ্যয়নকে গোষ্ঠী বিজ্ঞান বুলি কোৱা হয়৷

১৩। কৃষি কৰ্ম আৰু পশুপালনৰ ফলত সমাজত কেনে ধৰণৰ পৰিৱৰ্তন ঘটিছিল?

উত্তৰঃ (i) চতুৰ্থতে, নাঙলৰ উপৰি তাম, টিন আদি জাতীয় ধাতুৰো সমাজত ব্যৱহাৰ হ’বলৈ ধৰিছিল।

(ii) দ্বিতীয়তে নতুন নতুন ধৰণৰ আহিলা নিৰ্মাণ আৰু ইয়াৰ ব্যৱহাৰ হৈছিল।

(iii) প্রথমে উৎপাদিত শস্য ৰখা আৰু ৰন্ধা বঢ়া কৰিবৰ বাবে বিভিন্ন ধৰণৰ মাটিৰ পাত্ৰ তৈয়াৰ কৰাৰ বিদ্যা মানুহে আয়ত্ত কৰিছিল।

(iv) তৃতীয়তে কৃষিকৰ্মত নাঙলৰ দৰে নতুন নতুন আহিলাৰ ব্যৱহাৰ আৰম্ভ হৈছিল৷ 

(v) পঞ্চমতে, মাটিৰ বাচন তৈয়াৰ আৰু যাতায়াত, পৰিবহণত প্ৰয়োজন হোৱা চকাৰো বহুল ব্যৱহাৰ হ’বলৈ ধৰিছিল।

এনেদৰে দেখা যায় কৃষি কৰ্ম আৰু পশুপালনৰ প্ৰচলনৰ ফলত সমাজত নানা ধৰণৰ পৰিৱৰ্তন আহি পৰিছিল৷

১৪। তুষাৰ যুগৰ অন্ত পৰাৰ পিছত ইয়াৰ ফলাফলৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ (i) ইয়াৰ ফলত পৃথিৱীত এক গৰম আৰু সেমেকা অৱস্থাৰ উন্মেষ ঘটিছিল।

(ii) ইয়াৰ ফলত তৃণভূমি আৰু মুক্ত অৰণ্য অঞ্চলৰ সৃষ্টি হয়।

(iii) জীৱ-জন্তুৰ আৱিৰ্ভাবৰ ফলত মানুহৰ খাদ্যৰ নাটনি দূৰ হ’ল। কাৰণ আদিম মানৱে ঘৰচীয়া পশুবোৰক খাদ্য হিচাপে গ্ৰহণ কৰিবলৈ লৈছিল।

(iv) তৃণভূমিৰ উৎপত্তিৰ ফলত জীৱ-জন্তু, যেনে— ভেড়া, ছাগলী, গৰু, ম’হ, ঘোঁৰা, গাহৰি, গাধ আদিৰ বাসভূমি গঢ়ি উঠে। ফলত এইবোৰৰ সংখ্যা ক্ৰমে বৃদ্ধি পাবলৈ ধৰে।

(v) ফলত যৱধান, ঘেঁহু আদি তৃণজাতীয় শস্যৰ বাবে পৃথিৱীৰ ভূ-পৃষ্ঠভাগ উপযোগী হৈ পৰে।

১৫। হমিনিদসকলৰ দুটা শাৰীৰিক বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ (ক) মস্তিষ্কৰ আকাৰ ডাঙৰ।

(খ) তেওঁলোক মূৰ দাঙি ভৰিত ভৰ দি থিয় হ’ব পাৰে।

১৬। জুইৰ আৱিষ্কাৰে আদিম মানৱক কেনেদৰে সহায় কৰিছিল?

উত্তৰঃ জুইৰ ব্যৱহাৰৰ ফলত মানুহে নানা ধৰণৰ সামগ্ৰী তৈয়াৰ কৰিব পৰা হৈছিল। ইয়াৰোপৰি ৰন্ধন প্ৰণালীৰো আৰম্ভ হৈছিল জুইৰ ব্যৱহাৰৰ ফলত।

১৭। আল্টামিৰা ক’ত আৰু কিয় বিখ্যাত?

উত্তৰঃ আল্টামিৰা হৈছে উত্তৰ স্পেইনৰ এক গুহা স্থান। ই চিত্র শিল্পৰ কাৰণে বিখ্যাত।

১৮। অষ্টাল পিথেকাচ কি? ইয়াৰ এটা চৰিত্ৰ উল্লেখ কৰা।

উত্তৰঃ অষ্টাল পিথেকাচ হ’ল এবিধ জীৱাশ্ম। ইয়াৰ এক চৰিত্ৰ হ’ল ইয়াৰ মগজু সৰু।

১৯। স্থানীয় পৰিৱৰ্তন বুলিলে কি বুজা?

উত্তৰঃ কোনো এটি সভ্যতাৰ গোষ্ঠী বা মানৱ জীৱনৰ এটি গতিৰ পৰা আন এটি গতিলৈ যোৱা অৱস্থাক পৰিৱৰ্তন বুলি কোৱা হয় ৷ উদাহৰণ হিচাপে আদিম মানৱৰ সময়ে সময়ে হোৱা পৰিৱৰ্তনবোৰক স্থানীয় পৰিৱৰ্তন হিচাপে ধৰিব পাৰি।

২০। প্ৰাৰম্ভিক কালৰ মানুহৰ খাদ্য সংগ্ৰহৰ দুটা উপায় উল্লেখ কৰা।

উত্তৰঃ খাদ্য সংগ্ৰহৰ দুটা উপায় হ’ল সন্ধান আৰু সংগ্ৰহ আৰু জন্তু চিকাৰ কৰা।

২১। আটি কেক্ট (artefacts) বোৰ কি?

উত্তৰঃ আটি কেক্ট (artefacts) বোৰ মানৱ নির্মিত বস্তু যেনে—সা-সঁজুলি, চিত্র স্থাপত্য, ভাস্কর্য, খোদাই কলা (Engraving) আদি।

২২। হাডজা সকল (the Hadzas) কোন?

উত্তৰঃ ‘হাডজা সকল হ’ল চিকাৰী আৰু খাদ্য সংগ্ৰহকাৰী এটা সৰু দল। তেওঁলোকে ইয়াচী (Eyasi) হ্ৰদৰ কাষত বাস কৰিছিল৷

২৩। নৃতত্ব (Anthropology) কি?

উত্তৰঃ নৃতত্ব (Anthropology) হ’ল এক বিষয়; যি মানৱ সংস্কৃতি আৰু মানৱ জীৱবিদ্যাৰ (Biology) দিশ অধ্যয়ন কৰে।

২৪। গোষ্ঠীবিদ্যা বা নৃবিদ্যা (Ethnography) কি?

উত্তৰঃ গোষ্ঠীবিদ্যা বা নৃবিদ্যা (Ethnography) হ’ল সমসাময়িক নৃ-গোষ্ঠীৰ বিষয়ে বিশ্লেষণাত্মক অধ্যয়ন। ই তেওঁলোকৰ জীৱনধাৰণৰ পদ্ধতি, প্রযুক্তি, লিংগৰ ভূমিকা, আচাৰ-ব্যৱহাৰ, ৰাজনৈতিক অনুষ্ঠান আৰু সামাজিক ৰীতি-নীতি সামৰি লয়।

ৰচনাধৰ্মী প্রশ্নোত্তৰ –

প্রশ্ন ১। আদিম মানুহৰ আৱিৰ্ভাব বা উৎপত্তিৰ বিষয়ে চমু আভাস দিয়া।

অথবা

জীৱাশ্মৰ কেনেকৈ উৎপত্তি হৈছিল সেই বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ নৃতত্ত্বদিসকলৰ তথ্য অনুসৰি আজিৰ পৰা পাঁচ নিযুত বৰ্ষ পূৰ্বে পৃথিৱীৰ চকুত মানৱজাতীয় প্ৰাণীৰ আৱিৰ্ভাব ঘটিছিল বুলি ঠাৱৰ কৰা হয়। আনহাতে বৰ্তমানৰ অৱস্থাপ্রাপ্ত আধুনিক মানৱৰ উৎপত্তি কাল আজিৰ পৰা 100,000 বছৰ আগৰ বুলি ধাৰণা কৰা হৈছে। মানৱ ইতিহাসৰ এই সুদীর্ঘ কালছোৱাত মানুহে ফল-মূল আৰু জীৱ-জন্তু চিকাৰৰ জৰিয়তে জীৱন ধাৰণ কৰিছিল৷ ইয়াৰোপৰি চিকাৰৰ বাবে নানা ধৰণৰ শিলৰ অস্ত্ৰ তৈয়াৰ কৰি লৈছিল।

মানুহৰ ক্ৰমবিকাশৰ আহিলা হিচাপে জীৱাশ্ম সমূহৰ বহুতো কথাৰ সম্ভেদ পাবলৈ সক্ষম হৈছো। এইবোৰৰ উপৰি বিভিন্ন সময়ত আৱিষ্কাৰ হোৱা চিত্ৰ গুহা সমূহৰ পৰাও আমি প্রাচীন মানৱৰ ইতিহাস সম্বন্ধে জনাত সহায় হৈছে। অৱশ্যে এনে ধৰণৰ আৱিষ্কাৰ বোৰক পণ্ডিতসকলে প্রথমে প্রাচীন মানৱৰ অস্তিত্ব বুলি মানি ল’বলৈ টান পাইছিল।

পিছলৈ এনে পণ্ডিতসকলে জীৱাশ্মবোৰৰ পৰা মানৱৰ ক্ৰমবিকাশ সম্বন্ধে নানা ধৰণৰ প্ৰামাণিক তথ্য লাভ কৰিবলৈ সক্ষম হৈছিল। ৰাসায়নিক বিশ্লেষণৰ দ্বাৰা জীৱাশ্মবোৰৰ প্ৰত্যক্ষভাৱে কাল নিৰূপণ কৰি এই বিষয়ত সিদ্ধান্তত আহিবলৈ সহজ হৈছিল। এনেদৰে জীৱাশ্মসমূহৰ সময়ৰ দ্বাৰা মানৱ সমাজৰ উৎপত্তিৰ বয়স নিৰূপণ কৰা হৈছিল।

ধৰ্মীয় বিশ্বাসৰ কাৰণে বহুতো পণ্ডিতে এতিয়ালৈ আৱিষ্কৃত হোৱা জীৱাশ্মসমূহৰ লগত আধুনিক মানৱৰ সম্পৰ্ক থকা বুলি মানি ল’ব খোজা নাই। কাৰণ বাইবেলত বিশ্বাসী লোকসকল মানৱৰ অস্তিত্ব ভগৱানৰ সৃষ্টি আছিল বুলি বিশ্বাস কৰে। উদাহৰণ হিচাপে 1856 চনত জাৰ্মানীৰ ডাছেলডফ্ নামৰ নগৰৰ ওচৰত আৱিষ্কৃত নিয়েণ্ডাৰ উপত্যকাৰ এটি গিৰিখাটত এটি চূণশিলৰ খনিত বনুৱাসকলে এটি মানৱৰ লাওখোলা আৰু কংকালৰ কিছু অংশ আৱিষ্কাৰ কৰিছিল। পিছত কাৰ্লফালৰচি নামৰ এজন শিক্ষকে এইখনি বস্তুৰ ওপৰত অধ্যয়ন কৰিছিল। এনে অধ্যয়ন বা গৱেষণাৰ অন্তত তেওঁ শেষ আৱিষ্কৃত জীৱাশ্মখিনি আধুনিক মানৱৰ অৱশিষ্ট নাছিল বুলি মত পোষণ কৰিছে। কিন্তু ইয়াৰ পিছত এই অৱশিষ্টখিনি জাৰ্মানীৰ বন বিশ্ববিদ্যালয়ৰ দেহত বিভাগৰ অধ্যাপক হাৰ্মান ছাফাউচেনে সাধাৰণভাৱে অধ্যয়ন কৰে। অধ্যয়নৰ শেষত তেৱোঁ এই জীৱাশ্মখিনি আধুনিক মানৱৰ পৰিৱৰ্তে ইতিমধ্যে বিলুপ্ত হোৱা মানৱ প্ৰজাতিৰ বুলি দাবী কৰি এই বিষয়ে এটি বিবৃতি প্রকাশ কৰে। অৱশ্যে জাৰ্মানীৰ আন আন পণ্ডিতসকলে ছাফাউৰচেনৰ এনে সিদ্ধান্ত মানি ল’বলৈ টান পাইছিল। তেওঁলোকে এই জীৱাশ্ম আৰু লাওখোলাটো অতীতৰ কোনোৱে আধুনিক মানৱৰ অৱশিষ্ট বুলি ঘোষণা কৰিছিল।

প্রশ্ন ২। হাডজা সকলে কিয় ভূমি আৰু সম্পদৰ ওপৰত অধিকাৰ সাব্যস্ত কৰা নাছিল?

উত্তৰঃ কাৰণ তেওঁলোকে স্থায়ীভাৱে বসতি স্থাপনৰ কথা চিন্তা কৰা নাছিল ৷ খাদ্য বা ফলমূল শেষ হোৱাৰ লগে লগে অন্য কোনো এটা অঞ্চললৈ খাদ্যৰ সন্ধানত ধাপলি মেলিছিল। ইয়াত কোনেও কাকো বাধা দিয়া নাছিল। ইয়াৰোপৰি কোনেও কাৰো স্বজাতি নিজৰ বুলি ভবা নাছিল। সম্ভৱতঃ জীৱন ধাৰণৰ কাৰণে তেওঁলোকে সহজ নীতি গ্ৰহণ কৰিছিল।

প্রশ্ন ৩ ৷ আদিম হ’ম (Homs) বা আদিম পুৰুষৰ ক্ৰমবিকাশৰ বিষয়ে চমুকৈ উল্লেখ কৰা।

উত্তৰঃ হ’ম’ এটা লেটিন শব্দ—অর্থ মানুহ। বিজ্ঞানীসকলে কে’বাধৰণৰ হ’ম’ দেখা পাইছে. সিবিলাকৰ বৈশিষ্ট্যবোৰৰ ওপৰত নিৰ্ভৰ কৰি এই হ’ম’ প্ৰজাতিবোৰৰ নামাকৰণ কৰিছে । কিছুমান এনে ফলিক কোৱা হৈছে হ’ম’ হেবিলিট (Homo habilit হাতিয়াৰ নিৰ্মাণকাৰী) হ’ম’ ইৰেক্টাচ (Homo erectus) থিয় হ’ব পৰা আৰু হম’চেপিয়েন (Homo sapiens) জ্ঞানী বা চিন্তা কৰিব পৰা মানুহ।

হম’ হেবিলিচৰ জীৱাশ্ম ইথওপিয়াৰ ওমো আৰু টাঞ্জানীয়াৰ অল্ডেভেই গর্জত আৱিষ্কৃত হৈছে। একেবাৰে আৰম্ভণি কালৰ হ’মইৰেক্টাচ জীৱাশ্ম আফ্ৰিকা আৰু এছিয়াত পোৱা যায় যেনেঃ কোবি ফ’ৰা (kobifora) আৰু পশ্চিম তুর্কনো, কেনিয়া, মদ্‌জোকার্টো (Modjokerto) আৰু সংগীৰণ, জাভা ৷ এছিয়াত পোৱা এনে জীৱাশ্ম আফ্ৰিকাত পোৱা বিলাকতকৈ পিছ কালৰ। সেয়ে ঠিৰাং কৰা যায় যে হমিনিদবিলাকে পর আফ্ৰিকাৰ পৰা দক্ষিণ আৰু উত্তৰ আফ্রিকা, দক্ষিণ আৰু দক্ষিণ পূব এছিয়া আৰু বোধহয় ইউৰোপলৈ ২০ লাখৰ পৰা ২৫ লাখ বছৰৰ আগতে পব্ৰজন কৰিছিল। প্রায় ১০ লাখ বছৰ ধৰি এই প্রজাতি বৰ্তী আছিল।

কোনো কোনো ক্ষেত্ৰত প্ৰথমে আৱিষ্কৃত হোৱা স্থান মতেই ফছিলবোৰব নাম দিয়া হৈছে,- যেনে: জার্মানীর হেইডেলবার্গত আৱিষ্কৃত ফছিলক কোৱা হয় হ’ম’ হেইদেলবার্জেন্‌চিচ আৰু একেই জার্মানীৰ নিয়াল্ডাৰ উপত্যকাত পোৱা জীৱাশ্মক কোৱা হয় হ’ম’ নিয়েণ্ডাৰথেলেন্‌চিচ।

ইউৰোপত প্ৰথমে পোৱা জীৱাশ্ম হ’ল উক্ত সুবিধ, এই দুয়োবিধেই পুৰণি হ’ম’চেপিয়েন। হ’ম’ হেইদেলবার্জেন্‌চিচৰ ফছিলবোৰ (৮ লাখৰ পৰা ১ লাখ বছৰৰ আগৰ) বহুলভাৱে সিঁচৰতি আফ্ৰিকা, এছিয়া আৰু ইউৰোপত ইবিলাক গোৱা যায়। নিয়েঙাৰ্থেল সকলে প্রায় ১,৩০,০০০ ৰ পৰা ৩৫,০০০ বছৰৰ ভিতৰত ইউবোপ আৰু পশ্চিম তথ৷ মধ্য এছিয়া দখল কৰে। তেওঁলোক হঠাতে ৩৫,০০০ বছৰৰ আগেয়ে পশ্চিম ইউৰোপৰ পৰা অন্তর্ধান হয়।

প্রশ্ন ৪। প্রাচীন মানৱৰ শৰীৰৰ বা অংগবোৰৰ ভাগবোৰৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ প্রাচীন মানৱৰ প্ৰজাতিবোৰক মূলতঃ লাওখোলাৰ আকাৰ, থুতৰিৰ হাড়ৰ বশিষ্ট্যৰ আধাৰত পৃথকীকৰণ কৰা হয়। সঠিক মূল্যাংকন কলা-কৌশল বোলা প্ৰক্ৰিয়াৰ ফলতেই বোধহয় এনে লক্ষণবোৰৰ ক্ৰমবিকাশ ঘটে।

উদাহৰণহিচাপে দুই ভৰিৰ ওপৰত থিয় দি খোজকঢ়াৰ ফলত মানুহৰ হাত দুখন অন্যান্য সামগ্ৰী কঢ়িয়াব পৰাকৈ মুক্ত হৈ পৰিছিল। আনহাতে, হাত দুখন বেছিকৈ ব্যৱহাৰ কৰাৰ ফলত থিয় দি খোজকঢ়াৰ দক্ষতাও বাঢ়িবলৈ লৈছিল। ইয়াৰ ফলত হাত দুখন অন্যৰূপত ব্যৱহাৰ কৰিব পৰাকৈ মুক্ত হোৱাৰ উপৰি খোজ কাঢ়োতে চাৰিঠেঙীয়া জন্তুতকৈ কম শক্তি প্রয়োগ হৈছিল। এনেদৰে খোজকাঢ়োতে ৰাহি হোৱা শক্তিখিনিৰে দৌৰা কাৰ্যত সহায়ক হৈছিল। উল্লেখ কৰিব পাৰি যে মানৱ প্ৰথমে ভৰিৰে খোজকঢ়াৰ প্ৰমাণ 36 নি. ব. পূৰ পৰা প্ৰমাণ পোৱা যায়৷ উদাহৰণ হিচাপে টাঞ্জেনিয়াৰ লীটলি নামৰ ঠাইত উদ্ধাৰ হোৱা জীৱাশ্মৰ পদচিহ্ন আৰু ইটালীৰ ইথিওপিয়াৰ অ’ম নামে ঠাইত উদ্ধাৰ হোৱা অংগ হাড়ৰ জীৱাশ্মৰ পৰা প্ৰাচীন মানৱে খোজ কঢ়াৰ নিশ্চিত তথ্য পোৱা গৈছে।

প্রশ্ন ৫। মানৱৰ ক্ৰম বিকাশৰ কাহিনীৰ চমু বৰ্ণনা দিয়া।

অথবা

আধুনিক মানৱৰ ক্ৰম বিকাশৰ ইতিহাস ব্যাখ্যা কৰা।

অথবা 

মানৱ বিৱৰ্তনৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ আধুনিক মানুহৰ জন স্থান সম্পর্কত যথেষ্ট বাদানুবাদ হৈছে। দুটা পৰস্পৰ বিৰোধী মতে শুত্ব

লাভ কৰিছে। এটা হ’ল আঞ্চলিক ধাৰাবাহিকতা (Regional continuity), কেইবা ঠাইতো আধুনিক মানুহৰ জন্ম হৈছিল বুলি কোৱা হয়। 

আনটো হ’ল প্ৰতিষ্ঠাপন আৰ্হি; এই আৰ্হিমতে কেৱল এঠাইত, অর্থাৎ আফ্রিকাত আধুনিক মানুহৰ জন্ম হৈছিল বুলি ধৰা হয়। প্ৰথমটো সূত্ৰত দেখা যায় যে বিভিন্ন ঠাইৰ আদিম হ’ম’ চেপিয়েন বিলাক বিভিন্ন ধৰণে বিৱৰ্তনৰ মাজেদি আগবাঢ়ি গৈ আধুনিক মানুহৰ অৱস্থা পাইছিল আৰু সেই কাৰণে বিশ্বৰ বিভিন্ন প্ৰান্তৰ আধুনিক মানুহৰ প্ৰথম আৱিৰ্ভাৱত সময়ৰ পাৰ্থক্য দেখা যায়।

প্রশ্ন ৬ ৷ আদিম মানৱৰ খাদ্য সম্বন্ধে আলোচনা কৰা।

অথবা,

আদিম মানৱৰ খাদ্য সংগ্ৰহৰ চমু বুৰঞ্জী ব্যাখ্যা কৰা।

অথবা, 

আদিম মানুহৰ খাদ্য সংগ্ৰহৰ উপায়বোৰ কি কি আছিল, চমুকৈ লিখা। 

উত্তৰঃ প্রাৰম্ভিক কালৰ মানুহে নিশ্চয় বিভিন্ন উপায়েৰে নিজৰ খাদ্য আহৰণ কৰিছিল, যেনে গছৰ ফলমূল, বীজ আদি সংগ্ৰহ কৰি, চিকাৰ কৰি, মাছ ধৰি, মৃত জীৱ-জন্তুৰ মাংস সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰিছিল। প্ৰাৰম্ভিক কালৰ হমিনিড বিলাকে প্রাকৃতিকভাৱে বা আনে মৰা জীৱ-জন্তুৰ মঙহ খাইছিল। তেওঁলোকে সৰু সৰু কৃত্তক প্রাণী (rodent), চৰাই (সিহঁতৰ কণী), সৰীসৃপ আনকি পোক-পতঙ্গও (যেনে : উই পৰুৱা) ভক্ষণ কৰিছিল। মাছ ধৰাটোও এক গুৰুত্বপূৰ্ণ জীৱিকাৰ উপায় আছিল। কাৰণ, বিভিন্ন ঠাইত মাছৰ কাঁইটৰ ফছিল পোৱা গৈছে।

প্রায় ৩৫,০০০ বছৰৰ আগেয়ে ইউৰোগৰ কোনো কোনো ঠাইত পৰিকল্পনা কৰি চিকাৰ কৰাৰ সাক্ষ্য পোৱা গৈছে। চ্চেক গণতন্ত্রব দল্‌নি ভেষ্ট’নিচ (Dolni Vestonice) নামৰ নদীপৰীয়া ঠাইখন বোধহয় ইচ্ছা কবিয়ে আদিম মানুহে বাছি লৈছিল। বল্গা হৰিণ আৰু ঘোঁবাৰ জাক শীত আৰু বসন্তকালত সম্ভৱতঃ পৰুজন কৰিছিল আৰু এই নদীখন পাব হৈছিল। তেতিয়াই সিবিলাকক আদিম মানুহে চিকাব কৰিছিল। এই ঠাই বাছি লোৱান অন্যতম কাৰণ হ’ল, জন্তুবিলাকৰ সেইফালেদি অহা-যোৱা কৰাৰ বিষয়ে আৰু বধ কৰাৰ সুবিধাৰ বিষয়ে তেওঁলোকে জানিছিল। আদিম মানুহে কম সময়তে অধিক সংখ্যক জন্তু মৰাৰ কৌশলো আয়ত্ত কৰিছিল।

প্রশ্ন ৭। আদিম মানৱৰ আহিলা নিৰ্মাণ সম্বন্ধে চমু আলোচনা আগবঢ়োৱা।

অথবা, 

আদিম মানৱৰ সঁজুলিসমূহৰ বিষয়ে লিখা।

উত্তৰঃ অৱশ্যে মানুহে বনোৱা সঁজুলি আৰু বন মানুহে বনোৱা সঁজুলিৰ মাজত পাৰ্থক্য আছিল। যি উপায়েৰে মানুহে সঁজুলি তৈয়াৰ কৰে আৰু ইয়াক ব্যৱহাৰ কৰে, সেইবোৰৰ বাবে প্ৰায়ে অধিক স্মৃতিশক্তি আৰু জটিল নির্মাণ কৌশলৰ প্ৰয়োজন হয়। বন মানুহৰ ক্ষেত্ৰত এই দুয়োটা উপাদানৰে অভাৱ আছিল।

ইথিওপিয়া আৰু কেনিয়াতেই একেবাৰে প্ৰাচীন শিলব হাতিয়াৰ নিৰ্মাণ আৰু ব্যৱহাৰৰ নিদৰ্শন পোৱা যায়। সম্ভৱ অষ্ট্ৰাল’পীথেকাচ সকলেই আছিল সৰ্বপ্ৰথম শিলৰ সঁজুলি নির্মাতা।

প্ৰায় ৩৫,০০০ বছৰৰ আগেয়ে জন্তু চিকাৰৰ বাবে উন্নত কৌশলযুক্ত হাতিয়াৰ উদ্ভাৱন কৰা দেখা যায়। এই সময়ত নতুন ধৰণৰ যাঠি দলিওৱা সঁজুলি আৰু ধনুকাঁড় পোৱা যায়। এই হাতিয়াৰ ব্যৱহাৰ কৰি পোৱা মাংস সম্ভৱতঃ হাড় গুচাই, শুকুৱাই, সেঁক বা ধোঁৱা দি পিছত খাত্ৰৰ বাবে সংৰক্ষণ কৰিছিল।

আন কিছুমান পৰিৱৰ্তনো দেখা পোৱা গ’ল। আদিম মানৱে নোমাল জন্তু ধৰিবলৈ ল’লে। ইয়াৰ নোমেৰে কাপোৰ তৈয়াৰ কৰিলে। বেজীও আৱিষ্কাৰ কৰা হ’ল। প্রায় ২১,০০০ বছৰৰ আগৰ পৰা বেজীৰে সিয়া কাপোৰৰ ব্যৱহাৰৰ প্ৰমাণ পোৱা গৈছে। ইয়াৰ উপৰি চেনি বা বটালিৰ দৰে হাতিয়াৰ সৰু ফুটা থকা ব্লেড বনোৱা কৌশল ওলাল। ইয়াৰে হাড়, হাতীৰ দাঁত, কাঠ বা হৰিণৰ শিঙত খোদাই কৰিব পৰা হ’ল।

প্রশ্ন ৮। আদিম মানুহৰ বাসস্থান সম্পৰ্কে চমুকৈ আলোচনা কৰা।

উত্তৰঃ আদিম মানুহৰ বাসস্থানৰ ক্ষেত্ৰত কিছু নিশ্চয়তা দেখা যায়। বিভিন্ন ঠাইত পোৱা মানৱ নির্মিত সামগ্ৰীৰ পৰা এই নিশ্চয়তা পাব পাৰি। উদাহৰণ স্বৰূপেঃ হেজাৰ হেজাৰটা চটা-চট (Flake) হাতিয়াৰ আৰু হাত-কুঠাৰ, কেনিয়াৰ কিলম্ব (Kelombe) আৰু অলৰগেছাইলিৰ (Olorgesailie) খনন থলিত আৱিষ্কৃত হৈছে। এইবিলাক সাতলাখৰ পৰা পাঁচ লাখ বছৰৰ পুৰণি৷

য’ত বেছিকৈ আহাৰ পোৱা হৈছিল। সেইবোৰ ঠাইলৈ ঘনাই অহা-যোৱা কৰা হৈছিল। এইবোব অঞ্চলত তেওঁলোকৰ কাম-কাজ আৰু উপস্থিতিৰ সাক্ষ্য বা হাতিয়াৰ-পাতি পোৱাটো স্বাভাৱিক৷ তেওঁলোকে তৈয়াৰ কৰা সামগ্ৰীবোৰ মাটিত চটা-চটে (Patches) পোৱা যায়। তেওঁলোক কমকৈ যোৱা স্থানত কম সঁজুলি পোৱা যায়।

প্রত্নতাত্বিক সকলৰ মতে আদিকালব হমিনিদ যেনে হ’ম’ হেবিলিচবোবে য’তে আহাৰ পাইছিল তাতেই খাইছিল, বিভিন্ন ঠাইত টোপনিয়াইছিল আৰু বেছিভাগ সময় গছত আছিল। 

চাৰিলাখৰ পৰা ১,২৫,০০০ বছৰৰ আগেয়ে গুহা আৰু মুকলি আৱাসস্থল ব্যৱহৃত হৈছিল। দক্ষিণ ফ্ৰান্সৰ লাজাৰেট (Lagaret) গুহাতে ১২ × ৪ মিটাৰৰ আকাৰৰ এক সুৰক্ষিত আশ্রয়স্থল নিৰ্মাণ কৰিছিল। ইয়াৰ ভিতৰত দুখন জুহাল আছিল। লগতে বিভিন্ন আহাৰৰ উৎস ফল-মূল, শাক-পাচলি, বীজ, বাদাম, চৰাইৰ কণী আৰু অলপীয়া বা নিৰ্মল পানীত থকা মাছ (ট্রাউট, পার্চ, কার্প) আদিৰ সাক্ষ্য পোৱা যায়। আনকি পুৰাতাত্বিক স্থান, দক্ষিণ ফ্ৰান্সৰ সমুদ্র তীৰৰ টে’বা আমাতা নামৰ ঠাইত গছ আৰু বনেৰে ঢকা চালেৰে আদিম মানৱে অস্থায়ী বহা নির্মাণ কৰিছিল। ১৪ আৰু ১০ লাখ বছৰৰ আগতে তৈয়াৰ কৰা জুইৰে পকোৱা মাটি আৰু পোৰা হাড়ৰ টুকুৰাৰ লগতে শিলৰ সঁজুলি দক্ষিণ আফ্রিকা, চেচো ৱাঞ্জা, কেনিয়া আৰু চোৱাৰ্ট ক্ৰান্সত (Swartkrans) পোৱা গৈছে।

প্রশ্ন ৯। প্রাচীন কালৰ ভাষা (দোৱান) আৰু কলা-সংস্কৃতিৰ অগ্ৰগতিৰ চমু আভাস দিয়া।

উত্তৰঃ জীৱবিলাকব ভিতৰত কেৱল মানুহৰহে ভাষা আছে। এই ভাষা কেনেকৈ বিকাশ হ’ল সেই বিষয়ে কেইবাটাও মত আছে। 

(১) হমিনিডসলে অঙ্গী-ভঙ্গী বা হাতব ঠাবে-চিঞাবে কথা পাতিছিল।

(২) গান বা গুণগুণনি আদিৰে প্ৰথমে ভাৱ প্ৰকাশ কৰিছিল; তাৰ পিছতহে কথা পাতিব পাৰিছিল।

(৩) প্রাইমেট সকলৰ মাজত ব্যৱহৃত উঁকীয়া-উঁকিৰ দৰেই বোধহয় প্রথমে মানুহে ভাৱ প্ৰকাশৰ বাবে শব্দ ব্যৱহাৰ কৰিছিল। 

তেওঁলোকে প্রথম পর্যায়ত সম্ভৱ দুই এটাহে কথাৰ দৰে শব্দ ব্যৱহাৰ কৰিছিল। এইবোৰেই পিছলৈ ভাষাৰূপে গঢ় লৈছিল।

হ’ম’ হেৰিলিচৰ মগজৰ কিছুমান বৈশিষ্ট্য আছিল, যিবোৰৰ বাবে তেওঁলোকে কথা ক’ব পৰা হৈছিল। সেই ফালৰ পৰা ভাষা সৃষ্টিৰ কাল বিছ লাখ বছৰৰ আগত বুলি ঠাৱৰ কৰিব পাৰি। মানৱ শৰীৰত মাত ওলোৱা নলীও (vocal tract) দুই লাখ বছৰৰ আগেয়েহে বিকশিত হৈছিল। আধুনিক মানুহৰ উত্থানৰ লগত ই অধিক সম্পৃক্ত।

তৃতীয় পৰামৰ্শটো হ’ল একে সময়তে অর্থাৎ ৪০,০০০–৩৫,০০০ বছৰৰ আগতে ভাষাৰ উন্নতি হৈছিল। কথিত ভাষা শিল্প কলাৰ লগত ঘনিষ্ঠ আছিল; কিয়নো, দুয়োটোই ভাব প্রকাশৰ বা আদান-প্রদানৰ মাধ্যম আছিল।

প্রশ্ন ১০। হাজ্জাসকল কোন আছিল৷ তেওঁলোকৰ বিষয়ে চমু আভাস দিয়া।

উত্তৰঃ ‘হাড্‌জা সকল হ’ল চিকাৰী আৰু খাদ্য সংগ্ৰহকাৰী এটা সৰু দল। তেওঁলোকে ইয়াচী (Eyasi) হ্ৰদৰ কাষত বাস কৰিছিল। ইয়াচী হ্রদটোৰ পানী লুণীয়া আৰু ই এক গ্ৰস্ত উপত্যকা (rift valley) অৱস্থিত। পূৱ হাড়জা ঠাইখন শুকান, শিলাময় তৃণভূমি (savana)৷ ই কাঁইটীয়া জোপোহা আৰু একাচিয়া গছ আৰু বনবীয়া ফল-মূলেৰে ভৰা। শতিকাটোৰ আৰম্ভণিতে (বিংশ শতিকা) ব্যতিক্ৰমভাৱে ইয়াত সহজলভ্য তাজস্র জন্তু পোৱা গৈছিল। সেইবোৰ হ’ল: হাতী, গঁড়, ম’হ, জিৰাফ, জেব্রা, দল হৰিণা, বেবুন, সিংহ, নাহৰফুটুকী বাঘ, হায়েনা আদি।

তেনেকৈয়ে শহা, শিয়াল, কেটেলা পহু আদি অনেক সৰু জীৱ-জন্তু পোৱা গৈছিল। হাতীৰ বাহিৰে এই সকলো জন্তু হাডজা সকলে চিকাৰ কৰি ভক্ষণ কৰিছিল। চিকাৰ কৰা জীৱ-জন্তু নিঃশেষ নোহোৱাকৈ নিয়মীয়াভাৱে ইবিলাৰৰ মাংস ভক্ষণ কৰাটো ইয়াত সম্ভৱ হৈছিল। কাৰণ, জধে-মধে জন্তু বধ কৰা নহৈছিল।

শাক-পাচলি, গছৰ ফল-মূল, নুনী, বাওবাব গছৰ গুটি আদি সহজে দেখা পোৱা নগ’লেও খৰাং বতৰত আৰু শীতকালৰ ভৰপকতো কিন্তু পর্যাপ্ত পৰিমাণে এই অঞ্চলত হয়। স্বাভাবিকতে গ্রীষ্মকাল আৰু শীতকালৰ শাক-পাচলিৰ মাজত পাৰ্থক্য থাকে, কিন্তু কোনো ঋতুতে ইবিলাকৰ নাটনি নহয়।

সাতবিধ বনৰীয়া মৌ মাখিৰ মৌ আৰু পলুবোৰ খোৱা হৈছিল। কোনো কোনো বছৰত ঋতু অনুসৰি ইয়াৰ উৎপাদক কম-বেছি হৈছিল।

গ্রীষ্মকালত পানীৰ অভাৱ হোৱা নাছিল। অৱশ্যে শীত কালত ইয়াৰ উৎস কমি গৈছিল, হাডজা সকলে অতি বেছি ৫-৬ কিঃ মিটাৰ আঁতৰৰ পৰা পানী অসুবিধা নোহোৱাকৈ যোগাৰ কৰি ল’ব পাৰে আৰু তেওঁলোকে শিবিৰবোৰ সাধাৰণতে পানীৰ উৎসৰ ১ কিঃমিঃ ভিতৰত পাতে।

অঞ্চলটোৰ সমভূমিৰ বননি ঠাইত কিন্তু তেওঁলোক নাথাকে। শিলাখণ্ড বা গছৰ মাজতহে শিবিৰবোৰ পাতিবলৈ তেওঁলোকে ভাল পায়। ইয়াৰ পূৱ দিশত থকা হাড্ডা বিলাকে ভূমি আৰু সম্পদৰ ওপৰত স্বত্ব দাবী নকৰে। যি কোনো লোকেই নিজ খুছীমতে য’তেই ইচ্ছা ত’তেই থাকিব পাৰে, ইয়াত কোনো বাধা নাথাকে। অঞ্চলটোত তেওঁলোকে অপর্যাপ্ত পৰিমাণে চিকাৰ কৰিব পাৰে, ফল-মূল, শাক-পাচলি বা মৌ সংগ্ৰহ কৰিব পাৰে, পানী আনিব পাৰে, ইয়াত কোনো বাধা নাথাকে। অপর্যাপ্ত পৰিমাণৰ চিকাৰ কৰিব পৰা জীৱ-জন্তু থাকিলেও হাজাসকলে খাদ্যৰ বাবে বনৰীয়া শাক-পাচলি, ফল-মূলৰ ওপৰতহে ঘাইকৈ নিৰ্ভৰ কৰে, সম্ভবতঃ ৮০% খাদ্যই উদ্ভীদজাত, ২০% ভাগহে মাংস বা মৌ। গ্রীষ্মকালত শিবিৰবোৰ আকাৰত সৰু আৰু সিঁচৰতি হৈ পৰে আৰু শীতকালত হাজ্জা সকলে পানীৰ পৰিমাণ কমি যোৱাৰ বাবে একে ঠাইতে থুপ খাই থাকিবলৈ লয় আৰু শিবিৰবোৰো ডাঙৰ হয়। কিন্তু খৰাং কালতো খাদ্যৰ অভাৱ নহয়।

প্রশ্ন ১১ ৷ আদিম মানৱৰ চিত্ৰ-কলা সম্বন্ধে আলোচনা কৰা।

অথবা, 

প্রাচীন কালৰ চিত্ৰ-কলাৰ অগ্ৰগতিৰ বিষয়ে চমু আভাস দিয়া।

উত্তৰঃ ৩০,০০০ পৰা ১২,০০০ বছৰৰ আগেয়ে অঙ্কিত জন্তুৰ হেজাৰ হেজাৰ চিত্ৰ আল্টামিৰা আৰু ফ্ৰান্সৰ লেচ্‌কক্স (Lascaux) আৰু চৌভেটত (Chauvet) আৱিষ্কৃত হৈছে। এই চিত্ৰবোৰ হ’ল ষাঁড় গৰু বা মেথোন, ঘোঁৰা, ৰামছাগলী (ibex), হৰিণা, মেমথ, গঁড়, সিংহ, ভালুক, নাহৰফুটুকী বাঘ, হায়েনা আৰু ফেঁচাৰ।

উদাহৰণ স্বৰূপে গুহাৰ কিছুমান অংশতহে চিত্ৰবোৰ অঁকা হয়। এই বিলাকৰ কেইবাটাও ব্যাখ্যা দিয়া হয়। এটা হ’ল চিকাৰৰ কাৰণে গুৰুত্বপূৰ্ণ বাবে জন্তুৰ ছবিবোৰ ধৰ্মীয় ক্রিয়াকাণ্ড বা যাদুৰ লগত জড়িত কৰা হয়। ছবিৰ অংকনে চিকাৰত কৃতকার্য হোৱাত সহায় কৰে। আনটো ব্যাখ্যা হ’ল এই গুহাবোৰ সামূহিক কাম-কাজৰ বাবে তাকৰীয়া মানৱ দলৰ বৈঠকখানা আছিল। এই দলবোৰে চিকাৰৰ কৌশল আৰু জ্ঞান-চৰ্চাৰ বাবে ইয়াত গোট খাইছিল, আৰু ৰঙীন বা খোদিত চিত্ৰবোৰ একপুৰুষৰ পৰা আন পুৰুষলৈ বাৰ্তা প্ৰেৰণৰ মাধ্যম আছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top