Class 12 Anthropology Chapter 7 বাস্তৱবিদ্যা বা পৰিস্থিতিবিদ্যা

Class 12 Anthropology Chapter 7 বাস্তৱবিদ্যা বা পৰিস্থিতিবিদ্যা Solutions, HS 2nd year Anthropology Notes, Class 12 Anthropology Chapter 7 বাস্তৱবিদ্যা বা পৰিস্থিতিবিদ্যা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board and select needs one.

Class 12 Anthropology Chapter 7 বাস্তৱবিদ্যা বা পৰিস্থিতিবিদ্যা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 12 Anthropology Question Answer These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 12 Anthropology Chapter 7 বাস্তৱবিদ্যা বা পৰিস্থিতিবিদ্যা Notes for All Subject, You can practice these here.

বাস্তৱবিদ্যা বা পৰিস্থিতিবিদ্যা

Chapter – 7

অনুশীলনী

১। বাস্তৱবিদ্যা কি? ইয়াৰ অধ্যয়নৰ আৱশীকতা কি?

উত্তৰঃ কোনো এটা পৰিৱেশত বৰ্তি থকা জীৱ-কূল আৰু সিবিলাকৰ সৈতে চৌপাশৰ পৰিৱেশৰ আন্তঃ সম্পৰ্কৰ বিষয়ে কেয়া অধ্যয়নকেই বাস্তৱ বিদ্যা বোলা হয়। 

বাস্তৱবিদ্যাক ইংৰাজীত ইক’লজী বুলি জনা যায়। গ্ৰীক ভাষাৰ ঐক’ছ আৰু ল’গ’ছ শব্দৰ পৰা ইক’লজী শব্দটো উৎপত্তি হৈছে। বাস্তৱ্য বিদ্যা হ’ল পৰিস্থিতি তন্ত্ৰৰ মূল একক য’ত জৈৱিক কাৰক আৰু অজৈৱিক কাৰক সমূহে পৰস্পৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি থকা দেখা যায়।

২। প্ৰাকৃতিক পৰিৱেশ মানে কি।

উত্তৰঃ প্ৰকৃতিক নিজৰ শক্তিৰে সজাই-পৰাই লোৱা পৰিৱেশটোৱেই হ’ল প্ৰাকৃতিক পৰিৱেশ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। খাদ্যশৃঙ্খল বুলিলে কি বুজা।

উত্তৰঃ কোনো এক প্ৰাকৃতিক পৰিৱেশত বসবাস কৰা জীৱ জন্তু আৰু গছ – গছনিয়ে বিশেষ প্ৰক্ৰিয়াৰে যেতিয়া এক বান্ধোনত থকা দেখা যায় তেনে প্ৰক্ৰিয়াক শৃংখল বোলা হয়। তেতিয়া সেই জৈৱিক আৰু অজৈৱিক পদাৰ্থবোৰে জৰিয়তে এক শৃংখল সৃষ্টি কৰে তাক খাদ্য শৃংখল বোলা হয়। 

উদাহৰণ স্বৰূপে– উল্লেখ কৰিব পাৰো যে সেউজ ঘাঁহনি কিছুমান পোকে খায় জীয়াই থাকে । এই পোকবোৰ খায় ভেকুলীয়ে। ভেকুলী খাই জীয়াই থাকে সাপে। সাপ খাই জীয়াই থাকে শেন চৰাই। এই দৰে ভক্ষণৰ অনুক্ৰম আৰু পদ্ধতিৰ কাৰণে এটাৰ পৰা আনটো পৰিৱৰ্তন হোৱা শক্তি পদ্ধতিৰ কাৰণে এটাৰ পৰা আনটো পৰিৱৰ্তন হোৱা শক্তি পদ্ধতিক খাদ্য শৃংখল বোলা হয়।

৪। পাৰিস্থিতিক সমতা বুলিলে কি বুজা?

উত্তৰঃ জৈৱিক আৰু অজৈৱিক পাৰিপাৰ্শ্বিক উপাদানসমূহৰ মাজত অতি সু-সংহত সম্পৰ্ক থাকে। এই সম্পৰ্কৰ ফলতে উপাদানসমূহৰ মাজত এক প্ৰকাৰ সমতা স্থাপন হয়, তাকে পাৰিস্থিতিক সমতা বোলা হয়।

৫। ফাইটো’প্লাংকটন কি?

উত্তৰঃ ফাইটো’প্লাংকটন হৈছে সাগৰৰ প্ৰাথমিক উৎপাদন-খাদ্য শৃংখলৰ ভিত্তি গঠন কৰা জীৱ। WHO য়ে অণুবীক্ষণিক, এককোষী জীৱৰ সন্ধান কৰে।

৬। সমাজ বিজ্ঞানীৰ দৃষ্টিত পৰিৱেশৰ বিভিন্ন উপাদানসমূহ আলোচনা কৰা।

উত্তৰঃ সমাজ বিজ্ঞানীৰ দৃষ্টিত পৰিৱেশৰ বিভিন্ন উপাদানসমূহ হ’ল—

বায়ুমণ্ডল, জলবায়ু, ভূ-মণ্ডল,জীৱমণ্ডল।

(ক) বায়ুমণ্ডল: আমাৰ চাৰিওফালে ভূ-পৃষ্ঠৰ উপভাগত থকা বায়ুৰ আৱৰণটোক বায়ু মণ্ডল বোলা হয়। এই বায়ুমণ্ডল প্ৰধানকৈ অক্সিজেন, কাৰ্বন-ডাই-অক্সাইড, নাইট্ৰ’জেন, পানী আৰু কিছুমান নিষ্ক্ৰিয় গেছৰ দ্বাৰা গঠিত। আমাৰ চাৰিওফালৰ পৃথিৱীৰ উপৰিভাগত বিস্তৃত হৈ থকা এই গেছসমূহে এখন আৱৰণৰ দৰে থাকি জীৱ জগতৰ জীয়াই থকাৰ সুবিধা কৰি দিয়ে। বায়ুমণ্ডলত থকা জলীয় বাষ্প, ধুলিকণা, বিভিন্ন ধৰণৰ গেছসমূহে সূৰ্যৰ ৰশ্মি শোষণ আৰু প্ৰতিফলন কৰি বায়ুমণ্ডলত উষ্ণতাৰ সমতা প্ৰদান কৰে।

(খ) জলমণ্ডল: পানী হ’ল প্ৰকৃতিৰ এক অতি মূল্যবান নবীকৰণ যোগ্য সম্পদ। ভূ-পৃষ্ঠৰ ওপৰ ভাগত পানী জলীয়, বাষ্প, বৰফ আদি বিভিন্ন ৰূপত পোৱা যায়। আজিকালি পানী বা জল সংৰক্ষণ অতি আৱশ্যকীয় বিষয়-বস্তু গৈ পৰিছে। প্ৰত্যেক জীৱই জীয়াই থাকিবলৈ পানীৰ প্ৰয়োজন। পানীক জীৱৰ প্ৰাণ বোলা হয়। জীৱৰ কোষৰ গঠন আৰু ক্ৰিয়াৰ প্ৰধান উপাদান হ’ল পানী। পানী অবিহনে প্ৰটংপাজম সক্ৰিয় নহয়। কিছুমান প্ৰাণী আৰু উদ্ভিদৰ একমাত্ৰ পৰিৱেশ হ’ল জলজ পৰিৱেশ। 

ভূ-পৃষ্ঠৰ উপৰিভাগত আৰু ভূ-পৃষ্ঠৰ থকা সকলো পানী জলমণ্ডলৰ অন্তৰ্ভুক্ত। আমাৰ পৃথিৱীখন তিনি চতুৰ্থাংশই পানীৰে আগুৰি আছে যদিও ব্যৱহাৰৰ উপযোগী অ-লৱণযুক্ত পানীৰ পৰিমাণ অতি কম। মহাসাগৰৰ পানী লুণীয়া। মহাসাগৰৰ পানীত ৭৮ শতাংশ ছডিয়ান ক্লৰাইড আৰু ১১ শতাংশ মেগনেছিয়াম, পটাছিয়াম, কেলছিয়াম, কাৰ্বনেট আদি থাকে। ইয়াৰ উপৰিও মহাসাগৰৰ পানীত ক্লৰিণ, ছডিয়াম, অক্সিজেন, ছালফাৰ আদি মৌলিক পদাৰ্থসমূহ মিহলি হৈ থাকে।

(গ) ভূ-মণ্ডল: ভূ-পৃষ্ঠৰ উপৰিভাগক স্থলমণ্ডল বা ভূ-মণ্ডল বুলি কোৱা হয়। পৃথিৱীৰ মাত্ৰ এক চতুৰ্থাংশহে মাটিৰে আৱৰি আছে আৰু এই স্থল অংশতেই জীৱৰ বাসস্থান। এই স্থল মণ্ডলতেই পাহাৰ-পৰ্বত, নদ-নদী, হাবি, বননি, মৰুভূমি, দ্বীপ, মালভূমি ইত্যাদি বিৰাজ কৰে। কেৱল যে জীৱৰ বসবাসৰ তথা উদ্ভিদে খামোচ মাৰি ধৰি থিয় হৈ থাকিবৰ বাবেই মাটিৰ প্ৰয়োজন তেনে নহয়, মাটিৰ গুণাগুণৰ পৰিৱেশ গঠনৰ অন্যতম কাৰক। মাটি হ’ল জীৱ জগতৰ অজৈৱিক উপাদানৰ উৎস। মাটিত থকা জৈৱিক পদাৰ্থৰ পৰিমাণৰ লগতে আৰু মাটিৰ বিভিন্ন ধৰণৰ কণিকাবিলাকৰ আকাৰ আৰু পৰিমাণৰ ওপৰত মাটিৰ পানী ধৰি ৰাখিব পৰা ক্ষমতা নিৰ্ভৰ কৰে।

(ঘ) জীৱমণ্ডল: পৃথিৱীৰ বা ভূ-পৃষ্ঠৰ উপৰিভাগৰ স্তৰটোত জীৱ জগতৰ বাসস্থান। এই স্তৰত থকা জীৱসমূহক জীৱমণ্ডল বোলা হয়। ভূ-পৃষ্ঠৰ ওপৰত এটা জৈৱিক আৱৰণ থকা দেখা যায়, য’ত জীৱসমূহে কোনো কৃত্ৰিমতাৰ সহায় নোলোৱাকৈ জীয়াই থাকিব পাৰে। পৰিৱেশৰ বিচিত্ৰতাৰ বাবে এই স্তৰটোত সৰল জীৱৰ পৰা জটিল জীৱলৈ বিভিন্ন ধৰণৰ জীৱই বসবাস কৰে। প্ৰত্যেক জীৱৰ বসতি স্থল ভিন ভিন।

৭। পৰিৱেশৰ সংজ্ঞা কি?

উত্তৰঃ যিবিলাক জৈৱিক আৰু ভৌতিক কাৰকে জীৱৰ উদবৰ্তন, বৃদ্ধি আৰু বৰ্ধনত প্ৰভাৱ পেলায় তাকে পৰিৱেশ বোলে।

৮। পৰিস্থিতি বিজ্ঞান কি?

উত্তৰঃ কোনো এটা পৰিৱেশৰ জীৱ সমূহৰ আৰু এইবিলাকৰ চাৰিওফালে পৰিৱেশৰ বিষয়ে কৰা অধ্যয়নকেই পৰিস্থিতি বিজ্ঞান বুলি কোৱা হয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top