Class 11 History Chapter 5 অঘৰী সাম্ৰাজ্য

Class 11 History Chapter 5 অঘৰী সাম্ৰাজ্য Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters AHSEC Class 11 History Chapter 5 অঘৰী সাম্ৰাজ্য and select needs one.

Class 11 History Chapter 5 অঘৰী সাম্ৰাজ্য

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 History Chapter 5 অঘৰী সাম্ৰাজ্য Solutions for All Subject, You can practice these here.

অঘৰী সাম্ৰাজ্য

Chapter: 5

অনুশীলনীঃ

১। অতি চমু উত্তৰ দিয়া:

(ক) জুৱাইনি কোন আছিল?

উত্তৰঃ জুৱাইনি আছিল ত্ৰয়োদশ শতিকাৰ শেষৰ ফালৰ ইৰাণৰ মংগোল শাসকসকলৰ এজন পাৰ্চী বুৰঞ্জী লেখক।

(খ) কোন শতিকাত চীনৰ প্ৰাচীৰ নিৰ্মাণ হৈছিল?

উত্তৰঃ ১২২০ শতিকাত চীনৰ প্ৰাচীৰ নিৰ্মাণ হৈছিল।

(গ) চেংঘিজ খাঁৰ মৃত্যু কেতিয়া হৈছিল?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ চেংঘিজ খাঁৰ মৃত্যু ১২২৭ চনত হৈছিল।

(ঘ) মংগোলীয় গণতন্ত্ৰৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল?

উত্তৰঃ মংগোলীয় গণতন্ত্ৰৰ প্ৰতিষ্ঠা ১৯২১ খ্ৰী:ত হৈছিল।

(ঙ) মংগোলসকলৰ শ্ৰেষ্ঠতম নেতা বুলি কাক কোৱা হয়?

উত্তৰঃ মংগোলসকলৰ শ্ৰেষ্ঠতম নেতা বুলি চেংঘিজ খাঁৰক কোৱা হয়।

(চ) ঘাজান খাঁ কোন আছিল?

উত্তৰঃ ঘাজান খাঁ ইছলাম ধৰ্মত দীক্ষিত হোৱা প্ৰথম ইলখানিদ পৰিয়ালৰ শাসক আছিল।

২। চমু উত্তৰ লিখা:

(ক) মোগলসকলৰ বাবে বাণিজ্য কিয় ইমান তাৎপৰ্যপূৰ্ণ আছিল?

উত্তৰঃ মোগল আৰু মধ্য এছিয়া অঘৰী জনজাতি দুয়োপক্ষৰ মাজত বেপাৰ-বাণিজ্য কৰিবলৈ প্ৰচাৰিত কৰিছিল। বাণিজ্যত অধিক লাভ হোৱাৰ বাবে ইটোপক্ষই সিটোপক্ষৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল। তাৰ ফলত উত্তেজনাৰ সৃষ্টি হৈছিল। মোগল লোকসকলে একত্ৰিত হৈ চীনসকলৰ পৰা ব্যৱসায়ৰ পথ কাঢ়ি আনিছিল। সেইকাৰণে মোগল সকলৰ তাৎপৰ্যপূৰ্ণ আছিল।

(খ) কিয় চেংগিজ খাঁই মোগল জনজাতিবোৰক সামাজিক আৰু সামৰিক গোটত বিভক্ত কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল?

উত্তৰঃ কাৰণ: মোগল শাসকসকলে সকলোবোৰ জনগোষ্ঠী আৰু ধৰ্মীয় লোকৰ মাজৰ পৰা প্ৰশাসনিক আৰু সেনা বাহিনীৰ বাবে সৈনিক নিয়োগ কৰিছিল আৰু মোগলসকলে এক সু-সংহত শাসন ব্যৱস্থা গঢ়ি তুলিছিল।

(গ) কেনেকৈ শেষৰ ফালৰ মংগোলসকলৰ য়াছাৰ ওপৰত প্ৰতিক্ৰিয়াই কি ধৰণে চেংগিজ খাঁৰ স্মৃতিৰ সৈতে জড়িত হোৱা তেওঁলোকৰ উদ্বেগপূৰ্ণ সম্বন্ধক জাগ্ৰত কৰে?

উত্তৰঃ মংগোলবিলাকে সংস্কৃতি আৰু আইন কানুনেৰে এখন অতি জটিল নগৰীয়া সাম্ৰাজ্যয় গঠি তুলিছিল। য়াছাৰ মংগোল জনজাতিৰ পুৰণি ৰীতি-নীতি ঐতিহ্যয়ৰ সংকলিত ৰূপ। ইয়াক চেংগিজ খাঁৰ বিধি বুলি মংগোল সকলে তেওঁক মছছে আৰু চলমনৰ দৰে আইনৰ শাৰীলৈ নিয়ে।

৩। ৰচনাধৰ্মী প্ৰশ্নঃ

(ক) মংগোলসকলৰ ইতিহাস সম্বন্ধে জনাৰ দিশত অৰিহণা যোগোৱা সমল বা উৎসমূহৰ চমু বিৱৰণ দিয়া।

উত্তৰঃ মধ্য এছিয়া আৰু দক্ষিণ পূব ইউৰোপৰ মংগোলসকলৰ বিষয়ে জানিবলৈ কোনো লিখিত ইতিহাস পাবলৈ নাই। কাৰণ মংগোলসকলৰ কোনো নিজা সাহিত্য নাছিল। মাত্ৰ ঐতিহাসিক ঘটনাৰ চন তাৰিখ, ভ্ৰমনকাৰী, সেই সময়ত চহৰসমূহত গঢ়ি উঠা সাহিত্যগত তথ্য আদিৰ পৰাহে মংগোলসকলৰ বিষয়ে কিছু জানিব পাৰি। সেয়ে এই উৎসবোৰ বাস্তৱঞ্চও বুলি কব পৰা নাযায়। ইয়াৰোপৰি যিবিলাক পণ্ডিতে খ্ৰীষ্টান, বুদ্ধধৰ্ম, কনফুছিয়াচ আদি ধৰ্ম সম্পৰ্কে তথ্য আগবঢ়াইছে। তেওঁলোকৰ লেখনিৰ পৰাও মাত্ৰ কিছুমান মংগোল সম্পৰ্কীয় সহানুভূতিশীল তথ্য পোৱা যায়।

কিন্তু এইটো কথা সত্য যে মধ্য এছিয়াত জাৰতন্ত্ৰই নিজৰ প্ৰভূত্ব স্থাপন কৰাৰ পিছত ৰাছিয়াৰ পণ্ডিতসকলে পোন প্ৰথমবাৰৰ কাৰণে মংগোলসকলৰ বিষয়ে পদ্ধতিগতভাৱে অতি মূল্যবান গৱেষণামূলক অধ্যয়ন কৰাৰ প্ৰমাণ পোৱা যায়। অষ্টবিংশ আৰু ঊনবিংশ শতিকাত তেওঁলোকে এনে গৱেষণাৰ কাম সম্পাদন কৰিছিল।

বিংশ শতিকাৰ প্ৰথম ভাগত ৰাছিয়াত ছোভিয়েটৰ শাসনব্যৱস্থা হোৱাৰ পিছত অঘৰী মংগোলসকলে বসতি কৰা অঞ্চললৈ যেতিয়াই প্ৰজাতন্ত্ৰ সম্প্ৰসাৰিত হৈছিল তেতিয়া ছোভিয়েট দেশত এক নতুন মাৰ্ক্সীয় ইতিহাস ৰচনাৰ পদ্ধতি আৰম্ভ হৈছিল। আৰু ইয়াৰ আধাৰতে তেওঁলোকে এইটো প্ৰতিপন্ন কৰিব বিচাৰিছল যে কোনো এখন নিৰ্দিষ্ট সমাজত প্ৰচলিত অৰ্থনৈতিক উৎপাদন পদ্ধতিয়ে সেই সমাজৰ সামাজিক কাৰ্যসমূহক নিৰূপণ কৰি দিয়ে। এই ৰচনা পদ্ধতিয়ে ছেংগিজখাঁ আৰু উদীয়মান মংগোল সাম্ৰাজ্যৰ ক্ৰমবিকাশৰ ইতিহাসক জনজাতীয় উৎপাদন পদ্ধতি তথা সামন্তবাদলৈ উত্তৰণৰ পথত বিকশিত হ’বলৈ পোৱা সমাজৰূপে চিহ্নিত কৰিছিল। অৱশ্যে ষ্টেলিনে জেংগিছখাঁৰ নেতৃত্বত মংগোলসকলৰ জীয়া কৃতিত্বৰ আলোচনাক সমৰ্থন কৰা নাছিল।

মংগোলসকলৰ বুৰঞ্জী সম্পৰ্কে, চিনিক মংগোলীয়ান, পাৰ্চীয়ান আৰু আৰৱী ভাষাতো বহু তথ্য পোৱা যায়। ইয়াৰোপৰি লেটিন আৰু ফৰাচী ভাষাতো মংগোলসকলৰ অতীত কাহিনীৰ বহুতো তথ্য লাভ কৰিব পাৰি। অৱশ্যে এনে লিখনিসমূহৰ মাজত প্ৰভেদ দেখা যায়। তেনেদৰে মাৰ্কোপ’লই মংগোল সম্পৰ্কে লিখা তথ্য সমূহো ফৰাচী আৰু চিনিক তথ্যৰ লগত মিল দেখা নাযায়। কাৰণ এই লিখনিসমূহ লিখা হৈছিল ভিন্ন সংস্কৃতিৰ পৰিৱেশৰ পৰা অহা বিদেশী লেখকৰ দ্বাৰা।

২। জেংগিছ খাঁৰ জীৱনী আৰু দায়িত্বৰ বিষয়ে চমু আভাগ দিয়া।

অথবা 

চেংগিজ খাক মংগোলসকলৰ আটাইতকৈ ডাঙৰ নেতা বুলি কিয় গণ্য কৰা হয়?

অথবা 

কি কাৰণে জেংগিছ খাঁই মংগোল জাতি সমূহক ছিন্ন-ভিন্ন কৰি নতুন সামাজিক আৰু সামৰিক গোটত বিভক্ত কৰিবলৈ মন কৰিছিল?

উত্তৰঃ ১১৬২ খ্ৰীঃত বৰ্তমান মংগোলীয়াৰ উত্তৰ অংশত অৱস্থিত ওনন নদীৰ সমীপত জেংগিছখাঁৰ জন্ম হৈছিল। তেওঁৰ পূৰ্বৰ নাম আছিল টেমুজিন। তেওঁ আছিল বৰ্জীগিদ গোষ্ঠীৰ অন্তৰ্ভুক্ত কিয়াতসকলৰ গোষ্ঠীপতি য়েচুগিৰ সন্তান। তেওঁৰ সৰু অৱস্থাতে দেউতাক কোনো আততায়ীৰ হাতত নিহত হৈছিল। সেয়ে তেওঁৰ মাতৃ উলুন-ইকে জেংগিছ খাঁ আৰু তেওঁৰ ভায়েকক অতি কষ্টৰে ডাঙৰ-দীঘল কৰিছিল।

সেই সময়ত সমাজত দাসত্ব প্ৰথাৰ প্ৰচলন আছিল। ফলত জেংগিছ খাঁ কিছুদিন দাস হিচাপে জীৱন অতিবাহিত কৰিছিল। আনকি বিয়াৰ পিছত তেওঁৰ পত্নীকো কোনোবাই অপহৰণ কৰিছিল। কিন্তু বুদ্ধিমান আৰু চতুৰ জেংগিছখাঁই দাসত্বৰ পৰা মুকলি হৈ আহিছিল আৰু আন এখন যুদ্ধৰ জৰিয়তে অপহৰণকাৰীৰ কবলৰ পৰা নিজ পত্নীক মুক্ত কৰিবলৈ সক্ষম হৈছিল।

জেংগিছ খাঁৰ ক্ষমতা লাভঃ সহোদৰ ভাতৃ জামুকাক পৰাস্ত কৰাৰ পিছত জেংগিছ খাঁ অধিক আত্মনবিশ্বাসী হৈ পৰে। সেয়ে তেওঁ সাম্ৰাজ্য প্ৰতিষ্ঠাৰ কাৰণে অন্যান্য জনগোষ্ঠীৰ বিৰুদ্ধে সংঘৰ্ষত লিপ্ত হবলৈ সাহস গোটায়।

প্ৰথমে তেওঁ ১২০৩ খ্ৰীঃত কেৰেইটসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। ইয়াৰ পিছত তেওঁ তেওঁৰ পিতৃ হত্যাকাৰী কেৰেইটৰ ওনখাঁৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। পিছত ১২০৬ খ্ৰীঃত নৈমান জনগোষ্ঠী আৰু পৰাক্ৰমী জামুকাক পৰাভূত কৰাৰ পিছত গুকান মৰুভূমি অঞ্চলত টেমুজিন বা জেংগিছখাঁ একমাত্ৰ পৰাক্ৰমী শক্তিৰূপে পৰিগণিত হয়।

জেংগিছ খাঁৰ দিগ্বীজয়ঃ ক্ষমতা লাভ কৰাৰ পিছত জেংগিছ খাঁই মংগোলসকলক এটি অতি ক্ৰিয়াশীল আৰু সু-শিক্ষিত সামৰিক বাহিনী হিচাপে গঢ়ি তুলিছিল। ইয়াৰ পিছতে তেওঁ তেওঁৰ সামৰিক অভিযান আৰম্ভ কৰিছিল।

চীনদেশ জয়ঃ প্ৰথমে তেওঁ সেই সময়ৰ শক্তিশালী চীন দেশ আক্ৰমণৰ কাৰণে মনোনিৱেশ কৰে। সেইসময়ত চীন তিনিখন প্ৰধান ৰাজ্যত বিভক্ত আছিল। প্ৰথমতে, উত্তৰ পশ্চিম দিশত তিব্বতী মূলৰ ছি ছি জনগোষ্ঠীয়ে বাস কৰিছিল। দ্বিতীয়তে, উত্তৰ চীনৰ চীন ৰাজবংশই পিকিঙৰ পৰা শাসন কাৰ্য চলাইছিল। তৃতীয়তে, দক্ষিণ চীনত ছুঙ ৰাজবংশই শাসন কৰিছিল। জেংগিছখাঁই যথাক্ৰমে ১২০৯ খ্ৰীঃত ছিসকলক পৰাভূত কৰে। ইয়াৰ পিছত তেওঁ চীনৰ বৃহৎ প্ৰাচীৰ ভাঙি পেলায়। ঠিক ইয়াৰ পিছত ১২১৫ খ্ৰীঃত পিকিং লুট পাত কৰিছিল। চীনৰ বিৰুদ্ধে এই যুদ্ধ ১২৩৪ খ্ৰীঃ লৈকে চলিছিল।

১২১৬ খ্ৰীঃ লৈকে মংগোলসকলকৰ সাম্ৰাজ্যৰ সীমা আমু ডৰিয়া নদী আৰু টেন্সওকছিয়ানা আৰু খাৱাৰাজাম ৰাজ্য পৰ্যন্ত বিস্তৃতি লাভ কৰিছিল। যিবিলাক নগৰে জেংগিছখাঁৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিছিল তেওঁলোকক তেঁও সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাইছিল।

এনেদৰে এক সফল অভিযানৰ জৰিয়তে এখন বিশাল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।

৩। অঘৰী মংগোলসকলৰ সামাজিক আৰু ৰাজনৈতিক পটভূমিৰ বিষয়ে আলোচনা কৰা।

অথবা 

মংগোল সকলৰ আদি জীৱৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ মধ্য এছিয়া আৰু দক্ষিণ পূব ইউৰোপৰ গুকান (বৰি) ভূমি খণ্ডই আছিল অঘৰী মংগোলসকলৰ বাসভূমি। এই অঘৰী বা মংগোলসকলকে জেংগিছ খাঁই একত্ৰিত কৰি এখন যৌথতন্ত্ৰ প্ৰতিষ্ঠা কৰিছিল। জেংগিছখাঁ এজন অতি শক্তিশালী সামৰিক নেতা আছিল। তেওঁ নৈষ্ঠিক বল সম্পৰ্কে অতি আত্মবিশ্বাসী আছিল আৰু ঐশ্বৰিক ইচ্ছা শক্তিৰ প্ৰভাৱত সামাজিক আৰু ধৰ্মীয় দিশত বহুধা বিভক্ত অঘৰী লোকসকলক একত্ৰিত কৰি যেন বিশাল সাম্ৰাজ্যৰ অধিকাৰী হ’বলৈ তেওঁ সক্ষম হৈছিল।

মংগোলসকলৰ সামাজিক আৰু ৰাজনৈতিক পটভূমিঃ মংগোলসকল বহুধা বিভক্ত জনগোষ্ঠীৰ লোক আছিল। ভাষাৰ ফালৰ পৰা তেওঁলোকৰ পূবদিশত থকা তাৰ্তাৰ, খিতান আৰু পশ্চিম দিশত থকা তাৰ্কিক জনগোষ্ঠীৰ সৈতে সাদৃশ্য আছিল। মংগোলসকলৰ কিছুমান পগুচাৰণ আৰু কিছুমান চিকাৰীজীৱী লোক আছিল। পগুচাৰণ বৃত্তিত জড়িত লোক সকলে ঘোঁৰা, ভেড়া, গৰু, ছাগলী আৰু উট পালন কৰিছিল। তেওঁলোকে মধ্য এছিয়াৰ গুকান মৰুভূমি বা বৰিভূমি অঞ্চল পৰিভ্ৰমণ কৰি ফুৰিছিল। আৰু সেই অঞ্চলতে বৰ্তমানৰ মংগোলীয় ৰাষ্ট্ৰৰ অৱস্থান। সেই ভূ-খণ্ড সুবিশাল, মনোমোহা অঞ্চলেৰে পৰিপূৰ্ণ। এই বৃহৎ অঞ্চলৰ মাজে মাজে সমতল ভূমি, পশ্চিমে বৰফে আবৃত আলটাই পৰ্বত আৰু দক্ষিণে গোবী মৰুভূমিৰ দ্বাৰা আবৃত।

চিকাৰীজীৱীসকলে পগুচাৰণসকলৰ উত্তৰ দিশে চাইবেৰিয়াৰ অৰণ্যত বাস কৰিছিল। পগুচাৰণ লোকসকলতকৈ চাইবেৰিয়াৰ অৰণ্য অঞ্চলত বসবাস কৰা চিকাৰ কাৰ্যত জড়িত লোক সকল নিৰ্জু প্ৰকৃতিৰ আছিল। এই লোকসকলে জন্তুৰ ছাল আৰু নোমেৰে তৈয়াৰী ঊণ আৰু নোমৰ কাপোৰ তৈয়াৰ কৰি জীৱিকা নিৰ্বাহ কৰিছিল। ইয়াত সঘনে বতৰৰ তাৰতম্য ঘটিছিল। শীতকাল অত্যন্ত দীঘলীয়া হোৱাৰ বিপৰীতে গ্ৰীষ্ম কাল চুটি আৰু গুকান আছিল। বছৰৰ কম সময় কৃষিৰ কাৰণে উপযোগী আছিল। পোহনীয়া জীৱ-জন্তুৰ সৈতে তেওঁলোকে শীত কালত বসতি কৰা ঘাঁহনি অঞ্চলৰ পৰা গ্ৰীষ্ম কালৰ ঘাঁহনি অঞ্চললৈ প্ৰব্ৰজন কৰিছিল।

মধ্য এছিয়াৰ এই গুকান বৰি ভূমি অঞ্চলত বাস কৰা তুৰ্কী আৰু মংগোলসকলে কালক্ৰমত কেইখনমান যৌথতন্ত্ৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁলোক সকলোৱে একেটা অঞ্চলেই অধিকাৰ কৰা নাছিল। আৰু সেইবিলাক সমানেই ডাঙৰ আৰু আভ্যন্তৰীণ সংগঠনৰ ক্ষেত্ৰত সমানেই জটিল নাছিল। দেশৰ ওপৰতো এই যৌথতন্ত্ৰবিলাকৰ প্ৰভাৱ বিস্তাৰ কৰিছিল।

এই যৌথতন্ত্ৰবিলাকৰ সামাজিক ভিন্নতা বা সমাজ বিভাজনৰ কথা স্পষ্ট আছিল। সাধাৰণ সমাজ ব্যৱস্থা পিতৃ প্ৰধান আছিল। চহৰ বা ধনী লোকসকল সমাজত ক্ষমতাশালী লোক আছিল।

সময়ে সময়ে হোৱা প্ৰাকৃতিক দুৰ্যোগ, কঠোৰ আৰু কষ্টকৰ শীত, তীব্ৰ খৰাং আদিৰ কাৰণে মাজে সময়ে খাদ্যৰ প্ৰবল নাটনিয়ে দেখা দিছিল। এনে অৱস্থাত পৰিয়ালৰ লোকসকলে পূৰ্বৰ বাসস্থান ত্যাগ কৰি খাদ্য আৰু বাসস্থানৰ সন্ধানত দূৰ-দুৰণিলৈ যাত্ৰা কৰিছিল। তেতিয়াই আৰম্ভ হৈছিল চাৰণ ভূমিৰ কাৰণে সংঘর্ষ আৰু জীৱ-জন্তু লুণ্ঠনৰ বাবে অভিযান। এনেদৰে শক্তিশালী পৰিয়ালবিলাকৰ মাজত ফৈদ বা শক্তি গঠন হৈছিল।

৪। জেংগিছখাঁৰ সামৰিক অভিযানৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ ১১৬২ খ্ৰীঃত বৰ্তমান মংগোলীয়াৰ উত্তৰ অংশত অৱস্থিত ওনন নদীৰ সমীপত জেংগিছখাঁৰ জন্ম হৈছিল। তেওঁৰ পূৰ্বৰ নাম আছিল টেমুজিন। তেওঁ আছিল বৰ্জীগিদ গোষ্ঠীৰ অন্তৰ্ভুক্ত কিয়াতসকলৰ গোষ্ঠীপতি য়েচুগিৰ সন্তান। তেওঁৰ সৰু অৱস্থাতে দেউতাক কোনো আততায়ীৰ হাতত নিহত হৈছিল। সেয়ে তেওঁৰ মাতৃ উলুন-ইকে জেংগিছ খাঁ আৰু তেওঁৰ ভায়েকক অতি কষ্টৰে ডাঙৰ-দীঘল কৰিছিল।

সেই সময়ত সমাজত দাসত্ব প্ৰথাৰ প্ৰচলন আছিল। ফলত জেংগিছ খাঁ কিছুদিন দাস হিচাপে জীৱন অতিবাহিত কৰিছিল। আনকি বিয়াৰ পিছত তেওঁৰ পত্নীকো কোনোবাই অপহৰণ কৰিছিল। কিন্তু বুদ্ধিমান আৰু চতুৰ জেংগিছখাঁই দাসত্বৰ পৰা মুকলি হৈ আহিছিল আৰু আন এখন যুদ্ধৰ জৰিয়তে অপহৰণকাৰীৰ কবলৰ পৰা নিজ পত্নীক মুক্ত কৰিবলৈ সক্ষম হৈছিল।

জেংগিছ খাঁৰ ক্ষমতা লাভঃ সহোদৰ ভাতৃ জামুকাক পৰাস্ত কৰাৰ পিছত জেংগিছ খাঁ অধিক আত্মনবিশ্বাসী হৈ পৰে। সেয়ে তেওঁ সাম্ৰাজ্য প্ৰতিষ্ঠাৰ কাৰণে অন্যান্য জনগোষ্ঠীৰ বিৰুদ্ধে সংঘৰ্ষত লিপ্ত হবলৈ সাহস গোটায়।

প্ৰথমে তেওঁ ১২০৩ খ্ৰীঃত কেৰেইটসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। ইয়াৰ পিছত তেওঁ তেওঁৰ পিতৃ হত্যাকাৰী কেৰেইটৰ ওনখাঁৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। পিছত ১২০৬ খ্ৰীঃত নৈমান জনগোষ্ঠী আৰু পৰাক্ৰমী জামুকাক পৰাভূত কৰাৰ পিছত গুকান মৰুভূমি অঞ্চলত টেমুজিন বা জেংগিছখাঁ একমাত্ৰ পৰাক্ৰমী শক্তিৰূপে পৰিগণিত হয়।

জেংগিছ খাঁৰ দিগ্বীজয়ঃ ক্ষমতা লাভ কৰাৰ পিছত জেংগিছ খাঁই মংগোলসকলক এটি অতি ক্ৰিয়াশীল আৰু সু-শিক্ষিত সামৰিক বাহিনী হিচাপে গঢ়ি তুলিছিল। ইয়াৰ পিছতে তেওঁ তেওঁৰ সামৰিক অভিযান আৰম্ভ কৰিছিল।

চীনদেশ জয়ঃ প্ৰথমে তেওঁ সেই সময়ৰ শক্তিশালী চীন দেশ আক্ৰমণৰ কাৰণে মনোনিৱেশ কৰে। সেইসময়ত চীন তিনিখন প্ৰধান ৰাজ্যত বিভক্ত আছিল। প্ৰথমতে, উত্তৰ পশ্চিম দিশত তিব্বতী মূলৰ ছি ছি জনগোষ্ঠীয়ে বাস কৰিছিল। দ্বিতীয়তে, উত্তৰ চীনৰ চীন ৰাজবংশই পিকিঙৰ পৰা শাসন কাৰ্য চলাইছিল। তৃতীয়তে, দক্ষিণ চীনত ছুঙ ৰাজবংশই শাসন কৰিছিল। জেংগিছখাঁই যথাক্ৰমে ১২০৯ খ্ৰীঃত ছিসকলক পৰাভূত কৰে। ইয়াৰ পিছত তেওঁ চীনৰ বৃহৎ প্ৰাচীৰ ভাঙি পেলায়। ঠিক ইয়াৰ পিছত ১২১৫ খ্ৰীঃত পিকিং লুট পাত কৰিছিল। চীনৰ বিৰুদ্ধে এই যুদ্ধ ১২৩৪ খ্ৰীঃ লৈকে চলিছিল।

১২১৬ খ্ৰীঃ লৈকে মংগোলসকলকৰ সাম্ৰাজ্যৰ সীমা আমু ডৰিয়া নদী আৰু টেন্সওকছিয়ানা আৰু খাৱাৰাজাম ৰাজ্য পৰ্যন্ত বিস্তৃতি লাভ কৰিছিল। যিবিলাক নগৰে জেংগিছখাঁৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিছিল তেওঁলোকক তেঁও সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাইছিল।

এনেদৰে এক সফল অভিযানৰ জৰিয়তে এখন বিশাল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।

৫। জেংগিছখাঁৰ নেতৃত্বত মংগোলসকলে লাভ কৰা কৃতকাৰ্যতাৰ কাৰণবোৰ আলোচনা কৰা।

উত্তৰঃ চেদেলি-ভেদেলী হৈ থকা অঘৰী আৰু মংগোলসকলক একগোট কৰি জেংগিছখাঁই এখন বিশাল মংগোল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। মংগোলসকলৰ এনে সফলতাৰ গুৰিত কিছুমান কাৰণ লক্ষ্য কৰা যায়। এই কাৰণবোৰ হ’ল–

(ক) জেংগিছ খাঁৰ ব্যক্তিত্বঃ জেংগিছ খাঁ এজন অতি ব্যক্তিত্বশালী ব্যক্তি আছিল। তেওঁ সকলো জনগোষ্ঠীৰ আস্থা লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰোপৰি অঘৰী মংগোলিয়ানসকল অতি কষ্টসহিষ্ণু ব্যক্তি আছিল। তেওঁলোকে পিঠিত পানীৰ বোজা লৈ অতি কষ্টৰে দীঘলীয়া সময়ৰ কাৰণে যুদ্ধ বিগ্ৰহ চলাবলৈ সক্ষম হৈছিল। আনকি বিপদৰ সময়ত তেওঁলোকে নিজৰ ঘোঁৰা বিলাককো খাদ্য হিচাপে ব্যৱহাৰ কৰি শত্ৰুপক্ষৰ ওচৰত নতি স্বীকাৰ কৰা নাছিল মংগোলসকল সৰুৰে পৰা অতি সুদক্ষ চিকাৰী আছিল।

(খ) শক্তিশালী যুদ্ধৰ সামগ্ৰীঃ মংগোলসকলে যুদ্ধৰ আহিলা হিচাপে প্ৰধানকৈ ধনু ব্যৱহাৰ কৰিছিল। এই ধনুৰ সহায়ত অতি দূৰলৈ নিজৰ লক্ষ্যভেদ কৰিব পাৰিছিল। ইয়াৰোপৰি এজন মংগোল সৈন্যই একেলগে ত্ৰিশবিধ যুদ্ধৰ আহিলা লগত লৈ ফুৰিছিল। প্ৰয়োজন অনুসৰি সেই অস্ত্ৰসমূহ ব্যৱহাৰ কৰি শত্ৰুপক্ষৰ দিশহাৰা কৰি তুলিছিল।

(গ) মংগোলসকলৰ মনঃ স্তাত্ত্বিক যুদ্ধ কৌশলঃ যুদ্ধৰ সময়ত শত্ৰু পক্ষৰ মন ভীতিবিহ্বল কৰাৰ কাৰণে মংগোলসকলে বিশেষ কৌশল অৱলম্বন কৰিছিল। উদাহৰণহিচাপে যুদ্ধৰ আগমূহৰৰ্তত সেই অঞ্চলৰ আৰ্থ-সামাজিক ৰাজনৈতিক আৰু ভৌগোলিক দিশ সম্পৰ্কে ধাৰণা লৈছিল। ঠিক তেনেদৰে শত্ৰুপক্ষৰ ওচৰত ভীতি-বিহ্বল হৈ পৰে।

এনেদৰে ওপৰত উল্লেখ কৰা কাৰকসমূহে মংগোলসকলৰ কৃতকাৰ্যতাত অৰিহণা যোগাইছিল।

৬। মংগোলসকলৰ সামৰিক সংগঠনৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ মংগোলসকল যুদ্ধ বিদ্যাত অতি পাকৈত আছিল। সেয়ে জেংগিছ খাঁই প্ৰয়োজন অনুসৰি সকলো যোগ্যলোককে সামৰিক বাহিনী নিয়োজিত কৰিছিল। সকলো লোকৰ সহযোগিতা পোৱাৰ কাৰণে তেওঁৰ অধীনৰ সকলো জনগোষ্ঠীৰ লোককে তেওঁ অৰ্হতা অনুসৰি সামৰিক পদত নিয়োগ কৰিছিল। আনকি তুৰ্কীমূলৰ লোকসকলৰ দৰে সদস্যও তেওঁৰ সৈন্য বাহিনীত নিয়োগৰ সুবিধা পাইছিল। পিছত এই লোকসকলে জেংগিছখাঁৰ অধিনতা বিনা চৰ্তে মানি লৈছিল।

জেংগিছখাঁৰ সেনা বাহিনীটো গুকান বৰি ভূমি অঞ্চলত প্ৰচলিত পুৰণি দশমিক আৰ্হিত সংগঠিত কৰা হৈছিল। তেওঁৰ সেনা বাহিনীৰ প্ৰতিটো গোটৰ সংখ্যা তলৰ পৰা ওপৰলৈ আছিল। উদাহৰণস্বৰূপে ১০,১০০, ১,০০০ আৰু ১০,০০০ ইত্যাদি। প্ৰাচীন প্ৰথামতে ফৈদ আৰু জনজাতি বা খেল প্ৰত্যেকেই দশমিক গোটত সহাৱস্থানৰ মাজেৰে বৰ্তি আছিল। কিন্তু জেংগিছখাঁই এই প্ৰথা পদ্ধতি পৰিহাৰ কৰিছিল। তেওঁ পূৰ্বৰ জনজাতীয় গোট বিলাক বিভক্ত কৰি তাৰ সদস্যসকলক নতুন সামৰিক গোটৰ সদস্যভুক্ত কৰিছিল। জেংগিছ খাঁৰ বিনা অনুমতিত  যিকোনো ব্যক্তি সামৰিক গোটৰ পৰা ওলালে তেনেলোক কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লগা হৈছিল। দহ হাজাৰ সৈন্য বাহিনীৰে গঠিত হোৱা গোটটো আছিল অতি বৃহৎ গোট। ইয়াৰ জৰিয়তে উক্ত সেনাবাহিনীৰ জন্মদাতা জেংগিছখাঁই তেওঁলোকক এটি নতুন পৰিচয় প্ৰদান কৰিছিল।

এই নতুন সামৰিক গোটবিলাকে জেংগিছখাঁৰ চাৰিজন পুত্ৰৰ লগতে সামৰিক গোটসমূহৰ পৰা বিশেষভাৱে নিৰ্বাচিত কেপ্তেইনৰ তত্বাৱধানত সেৱাদান কৰিব লাগিছিল। অতি কঠোৰ পৰিশ্ৰমি আৰু নিয়মানুৱৰ্তিতা থকা সৈন্য আৰু বিষয়াসকলক জেংগিছখাঁই ৰাজহুৱাভাৱে সন্মান প্ৰদান কৰিছিল।

৭। বিশ্ব ইতিহাসত মংগোল আৰু জেংগিছখাঁৰ স্থান সম্পৰ্কে বিচাৰ কৰা।

অথবা 

বিশ্ব ইতিহাসত মংগোলসকলৰ স্থান সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ জেংগিছখাঁৰ নেতৃত্বত বৃহৎ মংগোলীয় সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা কাৰ্য বিশ্ব ইতিহাসৰ এক উল্লেখযোগ্য অধ্যয়। অৱশ্যে সামগ্ৰিক দৃষ্টিত জেংগিছখাঁ আৰু মংগোলসকল বিভীষিকা আছিল। কাৰণ জেংগিছ খাঁ এজন বিজেতা, চহৰ ধ্বংসকাৰী আৰু এজন ব্যক্তি যি হেজাৰ হেজাৰ মানুহৰ মৃত্যুৰ বাবে আছিল প্ৰধান দায়ী। ত্ৰয়োদশ শতিকাৰ চীন, ইৰাণ আৰু পূব ইউৰোপৰ পৰা বহুতো বাসিন্দাই গুকান মৰুভূমি অঞ্চলৰ পৰা দলে বলে অহা লোকক কেৱল ভয় আৰু বিৰক্তিৰে লক্ষ্য কৰিছিল।

তথাপি মংগোলসকলৰ দৃষ্টিভংগীৰ ফালৰ পৰা চাবলৈ গ’লে সেইসময়ৰ জেংগিছখাঁ আছিল এজন প্ৰখ্যাত নেতা। তেওঁ মংগোল জনগোষ্ঠীক একত্ৰিত কৰি এখন শক্তিশালী মংগোল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। তেওঁ মংগোলসকলক এফালে নিৰবচ্ছিন্ন জনজাতীয় সংঘৰ্ষ আৰু আনফালে চৈনিক বা চীনা লোকৰ শোষণৰ পৰা মুক্তি দিছিল। আনকি ভেনিচৰ মাৰ্কোপ’লৰ দৰে ভ্ৰমনকাৰীকো তেওঁ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

মংগোল শাসনকর্তাসকলে সকলোবোৰ জনগোষ্ঠী আৰু ধৰ্মীয় লোকৰ মাজৰ পৰা প্ৰশাসনীয় আমোলা বিষয়া আৰু সেনাবাহিনীৰ বাবে সেনা নিয়োগ কৰিছিল। তেওঁলোকৰ সমাজখনেই আছিল বহুজাতীয়, বহু ভাষিক আৰু বহু ধৰ্মীয় সমাজ। কিন্তু তেওঁলোক সকলো ধৰণৰ শংকাৰ পৰা মুক্ত আছিল। মংগোলসকলেই প্ৰথমে সু-সংহত শাসন ব্যৱস্থা গঢ়ি তুলিছিল।

মংগোলীয়াৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ সন্ধিক্ষনত জেংগিছখাঁই নিজৰ প্ৰতিভাৰ বলত মংগোল জনসাধাৰণৰ বাবে জাতীয় পুৰুষৰূপে প্ৰতিভাত হৈছিল। তেওঁৰ আদৰ্শক কেন্দ্ৰ কৰি সূচনা হোৱা মহান অতীতৰ স্মৃতি চাৰণে মংগোলীয়াৰ জাতীয় আত্মপৰিচয়ৰ উন্মোচন ঘটাইছিল। যিয়ে ৰাষ্ট্ৰখনক ভৱিষ্যতৰ দিশলৈ লৈ গৈছিল।

৮। জেংগিছখাঁৰ শাসন ব্যৱস্থা সম্পৰ্কে আলোচনা কৰা।

নাইবা

“অঘৰীসকলৰ সাম্ৰাজ্য” শব্দ দুটা বিসংগতিপূৰ্ণ যেন লাগে নেকি? আলোচনা কৰা।

উত্তৰঃ সাম্ৰাজ্য প্ৰতিষ্ঠাৰ পিছত জেংগিছখাঁই সাম্ৰাজ্যত এক সু-সংহত শাসন ব্যৱস্থা গঢ়ি উঠা অভিজাতসকলৰ সহযোগত জেংগিছখাঁই তেওঁৰ চাৰিজন পুত্ৰক নতুনকৈ অধিকৃত আৰু সাম্ৰাজ্যৰ সৈতে চামিল কৰা ৰাজ্যসমূহৰ শাসনৰ দায়িত্ব অৰ্পণ কৰিছিল। সেই বিলাক আছিল ‘উলু’ নামে পৰিচিত চাৰিখন ৰাজ্যক্ষেত্ৰ। ‘উলু’- এই শব্দটোৱে তেতিয়ালৈ কোনো নিৰ্দিষ্ট সীমা বিশিষ্ট ৰাজ্যক্ষেত্ৰক বুজোৱা নাছিল।

চাৰিজন শাসনকর্তাই একোটাকৈ নিজা সৈন্যবাহিনী গঠন কৰিছিল। পৰিয়ালৰ সকলো লোকে যাতে শাসনৰ অংশীদাৰ হ’ব পাৰে তাৰ কাৰণে সকলোকে শাসনৰ বিভিন্ন দিশত নিয়োজিত হোৱাৰ সুবিধা প্ৰদান কৰিছিল।

জেংগিছখাঁই এটি দ্ৰুতবেগী ডাকব্যৱস্থা আৰ্হি প্ৰস্তুত কৰি ৰাজ্যৰ দুৰৱৰ্তী এলেকাসমূহ সংলগ্ন কৰিছিল। নিৰ্দিষ্ট দূৰত্বত থকা চকীত তেজী ঘোঁৰাচোৱাৰী আৰু ডাকোৱাল সকলক সাজু কৰি ৰাখিছিল। এই যোগাযোগ ব্যৱস্থাটো নিয়মিত চাই ৰখাৰ কাৰণে অঘৰী মংগোলসকলে তেওঁলোকৰ নিয়ন্ত্ৰণত থকা জীৱজন্তু বিশেষকৈ ঘোঁৰা আৰু ৰচদপাতি এক দশমাংশৰ পৰিমাণৰ যোগান ধৰিব লাগিছিল। এনে ব্যৱস্থাক ‘কাব্কুৰ’ খাজনা বোলা হৈছিল। ডাক ব্যৱস্থাই আনি দিয়া সুবিধাৰ কাৰণ এই লোকসকলে স্বেচ্ছাই এনে খাজনা আদায় দিছিল।

জেংগিছখাঁই অসামৰিক প্ৰশাসন কাৰ্যৰ বাবে মংগোলসকলৰ বিজিত সমাজৰ পৰাও প্ৰশাসনিক বিষয়া নিয়োগ কৰিছিল। এই প্ৰশাসনীয় লোকসকলক মাজে সময়ে এখন ঠাইৰ পৰা আন ঠাইলৈ বদলি কৰা হৈছিল। তেওঁলোকে দূৰণীৱটীয়া ৰাজ্যসমূহৰ মাজত সংহতি স্থাপন কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ উপৰি তেওঁলোকৰ জীৱনৰ পৃষ্ঠভূমি আৰু প্ৰশিক্ষণে স্থায়ী লোক সমাজৰ ওপৰত অঘৰীলোকে চলোৱা কঠোৰ লুণ্ঠনকাৰী বৃত্তি দুৰ্বল কৰাত সহায় কৰিছিল।

৯। খ্ৰীষ্টফাৰ কলম্বাচৰ অভিযানৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ খ্ৰীষ্টফাৰ কলম্বাচ ইটালীৰ লোক আছিল। সেই সময়ৰ স্পেইনৰ সম্ৰাটৰ পৰা আৰ্থিক সাহায্য লাভ কৰি ১৪৯২ খ্ৰীঃত সমুদ্ৰ যাত্ৰা আৰম্ভ কৰিছিল। তেওঁৰ দলটোত বেছি মানুহ নাছিল। ‘চান্টামেৰিয়া’ নামৰ এখন সৰু জাহাজ আৰু ‘পিণ্টা’ নামৰ দুখন পাতল জাহাজ লৈ তেওঁ যাত্ৰা আৰম্ভ কৰিছিল।চল্লিশজন সদস্য নাৱিকৰ সহযোগত তেওঁ নিজে এনে দুঃসাহসিক যাত্ৰাৰ নেতৃত্ব লৈছিল।

তেত্ৰিশ দি সমুদ্ৰযাত্ৰা চলাই গৈ থাকিও নাৱিকৰ দলটোৱে সাগৰ আৰু আকাশৰ বাহিৰে একো দেখা পোৱা নাছিল। এনে অৱস্থাত নাৱিকসকল কিছু পৰিমাণে হতাশ হৈছিল। সেয়ে তেওঁলোক ঘূৰি আহিবলৈ মন মেলে। এনেতে সেই চনৰে ১২ অক্টোবৰত তেওঁলোক ভূ-পৃষ্ঠৰ মাটি দেখা পালে। এইখিনি ঠাইকে কলম্বাচে ‘ইণ্ডিজ’ নাম দিয়ে। প্ৰথমতে তেওঁ এই ঠাইক ভাৰতবৰ্ষ বুলি ভাবিছিল। কিন্তু পিছলৈ এইখিনি ঠাই সেই সময়ৰ ‘নতুন পৃথিৱী’ বা বৰ্তমানৰ আমেৰিকা নামে পৰিচিত হয়। ইয়াতে কলম্বাচে এখন পতাকা উৰুৱায়। ঠিক ইয়াৰ বহু বছৰ পিছত অৰ্থাৎ ১৪৯৮ খ্ৰীঃত কলম্বাচে ভাৰতবৰ্ষ আৱিষ্কাৰ কৰে।

কলম্বাচে প্ৰথমে আৱিষ্কাৰ কৰা ঠাইখিনিক আমেৰিগো ভেচপুচি নামে এজন ফ্লোৰেন্সৰ ভূগোলবিদে ‘নতুন পৃথিৱী’ বুলি অভিহিত কৰিছিল।

১০। ইউৰোপীয়ানসকলে সাগৰীয় যাত্ৰা কৰাৰ ক্ষেত্ৰত টলেমিৰ ভূগোল কেনেদৰে উৎসাহিত কৰিছিল?

উত্তৰঃ ইজিপ্তৰ বিখ্যাত ভূগোল বিজ্ঞানী টলেমিক ভূগোল বিজ্ঞানৰ পিতৃপুৰুষ বুলি কোৱা হয়। ১৪৭৭ খ্ৰীঃত টলেমিৰ ভূগোল বিষয়ক এখন কিতাপ চপা আকাৰত প্ৰকাশ হয়। টলেমিৰ মতে পৃথিৱীৰ অঞ্চলবোৰ অক্ষাংশ আৰু দ্ৰাঘিমা অনুসৰি থিৰাং কৰিব পাৰি। ইয়াৰ আগতে ইউৰোপৰ লোকসকলৰ পৃথিৱীৰ ভৌগোলিক দিশ সম্পৰ্কে কোনো ধাৰণা নাছিল। পিছত তেওঁলোকে টলেমিৰ চপা আকাৰত প্ৰকাশ হোৱা কিতাপখন পঢ়ি পৃথিৱীৰ ভৌগোলিক দিশ সম্পৰ্কে বহুতো তথ্য লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ দ্বাৰা তেওঁলোকে ইউৰোপ, এছিয়া আৰু আফ্ৰিকা এই তিনিখন মহাদেশ আছে বুলি বুজি পালে। ইয়াৰ ফলত পোন্ধৰ শতিকাৰ সাগৰীয় অভিযানবোৰত তেওঁলোকে ভাগ ল’বলৈ সক্ষম হৈছিল। এই অভিযানবোৰক আৱিষ্কাৰৰ বাবে সাগৰ যাত্ৰা বুলি কোৱা হয়।

১১। গেনিজা সংগ্ৰাহলয়ৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ গেনিজা হ’ল প্ৰাচীন ইহুদীসকলৰ এটি সংগ্ৰহালয়। ১৮৯৬ খ্ৰীঃত আৱিষ্কৃত হোৱা ফুষ্টাটেৰ অন এজৰা চিনাগ’ নামৰ ঠাইৰ এটি বন্ধ কোঠাত মধ্যযুগৰ ইহুদীসকলৰ বহুতো আপুৰুগীয়া নথি-পত্ৰ আৱিষ্কৃত হৈছিল। এইখিনিতে উল্লেখ কৰিব পাৰি যে, ইহুদীসকলে তেওঁলোকৰ সকলো নথি-পত্ৰ ভালদৰে সংৰক্ষণ কৰি ৰাখিছিল। এই সংগ্ৰহালয়টোত প্ৰায় আঢ়ৈ লাখৰো অধিক পাণ্ডুলিপি সংৰক্ষণ হৈ আছিল। এইবোৰ দশমৰ পৰা ত্ৰয়োদশ শতিকাৰ বুলি অনুমান কৰা হয়। এই নথিপত্ৰবোৰ হ’ল সদাগৰ বিলাকৰ মাজৰ আদান-প্ৰদান হোৱা চিঠি, চুক্তিপত্ৰ, যৌতুক সম্পৰ্কীয়, নথি, ধোবাৰ তালিকা আৰু অন্যান্য নথি-পত্ৰ। এই নথি-পত্ৰবোৰৰ পৰা জনা যায় যে ইউৰোপীয় সকলতকৈ ইছলামীয় লোকসকল ব্যৱসায় আৰু বাণিজ্যিক কৌশলত আগবঢ়া আছিল। উল্লেখযোগ্য যে গোইটেইন নামৰ এজন ইতিহাসবিদে গেনিজা সংগ্ৰহালয়ৰ নথি-পত্ৰবোৰ অধ্যয়ন কৰি কেইবাটাও খণ্ডত আলোচনা কৰিছিল আৰু এইবোৰ প্ৰচাৰ কৰিছিল।

৪। চমু টোকা লিখাঃ

(ক) বুখাৰা জয়।

উত্তৰঃ বুখাৰা জয়ঃ জুৱাইনি আছিল ত্ৰয়োদশ শতিকাৰ শেষৰ ফালৰ ইৰাণৰ মংগোল শাসকসকলৰ এজন পাৰ্চী বুৰঞ্জী লেখক। তেওঁ ১২২০ চনত বুখাৰাজয়ৰ এক বৃত্তান্ত লিখিছিল। নগৰখন জয়ৰ পিছত জুৱাইনিৰ প্ৰতিবেদন মতে চেংগিজ খাঁই নগৰৰ উৎসৱ ময়দানলৈ গৈ তাত থকা আঢ্যৱন্ত লোকসকলক সম্বোধি কৈছিল: হে মানুহবোৰ! তোমালোকে বহুত পাপ কৰিলা আৰু তোমালোকৰ মাজৰ শ্ৰেষ্ঠজনে অধিক পাপ কৰিলা। মোৰ এই কথাৰ প্ৰমাণ যদি বিচাৰা, তেতিয়া মই ক’ম যে এইটো এই কাৰণেই হ’ল যে ময়ে ভগৱানৰ দণ্ড। তোমালোকে ডাঙৰ পাপ নকৰাহ’লে ভগৱানে তোমালোকক শাস্তি দিবলৈ মোক প্ৰেৰণ নকৰিলেহেঁতেন।’…… এতিয়া এজন মানুহ বুখাৰা দখলৰ পিছত পলাই সাৰিল আৰু খুৰচানলৈ গ’ল। তেওঁক নগৰখনৰ পিছত কি হ’ল সোধাত কলে, ‘তেওঁলোক আহিছিল জুই লগাইছিল, মানুহ মাৰিছিল, লুটপাত কৰি আঁতৰি গৈছিল।

(খ) চেংগিজ খাঁ।

উত্তৰঃ চেংগিজ খাঁঃ চেংগিজ খাঁই প্ৰায় ১১৬২ খ্ৰী:ত মংগোলীয়ৰ উত্তৰৰ অনন নদীৰ ওচৰত জন্মগ্ৰহণ কৰিছিল। বৰ্জিগিদ কুলৰ লগত সম্পৰ্ক থকা কিয়াত নামৰ এক পৰিয়াল-সমষ্টিৰ প্ৰধান নেতা। য়েছুগীৰ সন্তান চেংগিজৰ সৰুতে নাম আছিল টেমুজিন। সৰুতেই দেউতাকক হত্যা কৰাত য়েছুগীৰ মাতৃ অলুন একে আৰু ভাতৃ আৰু সতীয়া ভাতৃবিলাকক অতি কষ্টেৰে ডাঙৰ-দীঘল কৰে। ইয়াৰ পিছতো তেওঁক সমস্যাই লগ এৰা নাছিল। টেমুজিনক ধৰি নি দাস কৰা হ’ল আৰু বিয়াৰ পিছতে পত্নী বৰ্টে অপহোত হ’ল। পত্নীক উদ্ধাৰ কৰিবলৈ তেওঁ যুদ্ধ কৰিবলগা হ’ল। তেওঁৰ এই দুৰ্যোগৰ সময়ত টেমুজিনে কেইজনমান বিশ্বাসী বন্ধুক লগ পালে। ডেকা বঘুৰচু আছিল তেওঁৰ প্ৰথম আৰু আজীৱন বিশ্বাসী বন্ধু। তেওঁৰ পৰিয়ালৰ ভাতৃ জাচুকা আছিল আনজন বন্ধু। টেমুজিনে পূৰ্বৰ মিত্ৰ কেৰেইটৰ শাসক, পিতৃৰ ভাতৃ টুঘৰীল ওৰফে অংখানৰ লগত চেমুজিনৰ সু-সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হয়।

(গ) মংগোল ধ্বংস খৰচৰ খটিয়ান।

উত্তৰঃ চেংগিজ খানৰ কৰ্তৃত্ব মানি নোলোৱা দেশ বিলাকক জয় কৰাৰ পিছত তেওঁয়ে বৃহৎ সংখ্যক লোকক হত্যা কৰিছিল, সেই সম্পৰ্কত সকলো প্ৰতিবেদনেই একমত দাঙি ধৰে। অৱশ্যে সংখ্যাটোৰ ক্ষেত্ৰত অমিল দেখা গ’ল। ১২২০ চনত নিচাপুৰ জয় কৰোঁতে ১,৭৪৭,০০০ জনক হত্যা কৰিছিল, আনহাতে ১২২২ চনৰ হিৰাট আক্ৰমণত ১,৬০০,০০০ জন, ১২৫৮ চনত বাগদাদ আক্ৰমণ কৰোঁতে ৮০০,০০০ লোক নিধন কৰা হ’ল। সৰু নগৰবোৰেও সমানেই ভুগিব লগা হৈছিল; নাছাত ৭০,০০০, বাইহাক জিলাত ৭০,০০০ আৰু কুহিস্তান প্ৰদেশৰ টুনত ১২,০০০ লোকক হত্যা কৰা হৈছিল।

পাৰ্চীয়ান বুৰঞ্জীলেখক জুৱাইনীয়ে উল্লেখ কৰিছিল যে মার্ভত ১,৩০০,০০০ লোকক হত্যা কৰা হৈছিল। প্ৰত্যেক দিনাই একলাখকৈ গণ্টি কৰি ১৩ দিনত গণনা শেষ হৈছিল।

(ঘ) য়াচা।

উত্তৰঃ য়াচাঃ ১২২১ চনত বুখাৰা দখল কৰি চেংগিজ খাঁই ইয়াৰ চহকী মুছলমান আবাসী সকলক এক উৎসৱ পতা স্থানত গোট খুৱালে আৰু তেওঁলোকক সতৰ্ক বাণী গুনালে। তেওঁলোকক পাপী বুলি কলে আৰু তেওঁক গোপন সম্পদ দি পাপমোচন কৰিবলৈ সকিয়াই দিলে। এই ঘটনাটো নাটকীয় আছিল আৰু দীর্ঘকাল ধৰি মানুহৰ মাজত আলোচিত হৈছিল। ১৬ শতিকাৰ শেষৰ ফালে চেংগিজৰ বৰপুত্ৰ যোছিৰ পৰিয়ালৰ আব্দুল্লা খান বুখাৰাৰ সেই উৎসৱ থলিলৈ গৈছিল। অৱশ্যে চেংগিজৰ দৰে নকৰি তাত তেওঁ বন্ধ দিনৰ প্ৰাৰ্থনা কৰিছিল। তেওঁৰ বুৰঞ্জী প্ৰণেতা হাফিজ ই টানিছে তেওঁৰ গৰাকীৰ এই মুছলমান ধৰ্মনিষ্ঠ লিপিবদ্ধ কৰিছিল আৰু আচৰিতভাৱে মন্তব্য কৰিছিল যে ‘চেংগিজ খাঁৰ য়াচাৰ মতে এই কাম কৰা হৈছে।’

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top