Class 11 History Chapter 6 পৰিৱৰ্তিত ঐতিহ্য

Class 11 History Chapter 6 পৰিৱৰ্তিত ঐতিহ্য Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters AHSEC Class 11 History Chapter 6 পৰিৱৰ্তিত ঐতিহ্য and select needs one.

Class 11 History Chapter 6 পৰিৱৰ্তিত ঐতিহ্য

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 History Chapter 6 পৰিৱৰ্তিত ঐতিহ্য Solutions for All Subject, You can practice these here.

পৰিৱৰ্তিত ঐতিহ্য

Chapter: 6

অনুশীলনীঃ

১। অতি চমু উত্তৰ দিয়া:

(ক) ভাস্কো দা গামই কোন খ্ৰী:ত কালিকট বন্দৰত উপস্থিত হৈছিল?

উত্তৰঃ ভাস্কো দা গামই ১৪৯৮ খ্ৰী:ত কালিকট বন্দৰত উপস্থিত হৈছিল।

(খ) বৃটেইনৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল?

উত্তৰঃ বৃটেইনৰ কৃষক বিদ্ৰোহ ১৩৮১ খ্ৰী:ত হৈছিল।

(গ) ইংলশুত টিউদৰ ৰাজবংশ কেতিয়া প্ৰতিষ্ঠা হৈছিল?

উত্তৰঃ ইংলশুত টিউদৰ ৰাজবংশ ১৪৮৫ খ্ৰী:ত প্ৰতিষ্ঠা হৈছিল।

(ঘ) ‘দন কুইক্সট’ কোন ভাষাত ৰচিত হৈছিল?

উত্তৰঃ ‘দন কুইক্সট’ স্পেনিছ ভাষাত ৰচিত হৈছিল।

(ঙ) স্পেনিছ ভাষাত লিখা বিশ্বৰ প্ৰথম উপন্যাস হিচাপে কোনখন উপন্যাসক চিহ্নিত কৰা হয়?

উত্তৰঃ স্পেনিছ ভাষাত লিখা বিশ্বৰ প্ৰথম উপন্যাস হিচাপে ‘দন কুইক্সট’ উপন্যাসক চিহ্নিত কৰা হয়।

(চ) প্ৰথম কুঁহিয়াৰ খেতি কোনটো দীপপুঞ্জৰ কৰা হৈছিল?

উত্তৰঃ প্ৰথম কুঁহিয়াৰ খেতি পশ্চিম ভাৰতীয় দীপপুঞ্জত কৰা হৈছিল।

(ছ) ৰোমৰ ‘টিথ্’ কি?

উত্তৰঃ খেতিয়কসকলে তেওঁলোকৰ কৃষিভূমিত উৎপন্ন হোৱাৰ ১০/১ অংশ বছৰি পৰিশোধ কৰিছিল তাকে ‘টিথ্’ বোলে।

(জ) ‘কন্টাৰবাৰী টেল’ কোনে ৰচনা কৰিছিল?

উত্তৰঃ ইংলেণ্ডৰ চচাৰে ৰচনা কৰিছিল।

(ঝ) ফ্ৰান্সত কেতিয়া কেথেদ্ৰেল নিৰ্মাণ হৈছিল?

উত্তৰঃ ফ্ৰান্সত দ্বাদশ শতিকাৰ পৰা কেথেদ্ৰেল নিৰ্মাণ হৈছিল।

(ঞ) চাৰ্লেমেগ্নেক কোনজন পোপে পবিত্ৰ ৰোমান সম্ৰাট পাতিছিল?

উত্তৰঃ চাৰ্লেমেগ্নেক তৃতীয় লিওই পবিত্ৰ ৰোমান সম্ৰাট পাতিছিল।

২। চমুকৈ উত্তৰ দিয়া:

(ক) ফ্ৰান্সৰ প্ৰাৰম্ভিক সামন্তবাদী সমাজৰ দুটা বৈশিষ্ট্য বৰ্ণনা কৰা।

উত্তৰঃ ফ্ৰান্সৰ প্ৰাৰম্ভিক সামন্তবাদী সমাজৰ দুটা বৈশিষ্ট্য হ’ল-

(১) দুৰ্গ আৰু ঘৰৰ লগত সংলগ্ন খাতত উৎপাদন কৰা হয়।

(২) মঠ বিলাক স্থাপন কৰা হয়।

(খ) জনসংখ্যাৰ দীৰ্ঘদিনীয়া পৰিৱৰ্তনে কেনেকৈ ইউৰোপৰ অৰ্থনীতি আৰু সমাজক প্ৰভাৱান্বিত কৰিছিল?

উত্তৰঃ জনসংখ্যা দীৰ্ঘদিনীয়া পৰিৱৰ্তে ইউৰোপৰ ইতিহাসবিদ সকলে আঞ্চলিক বুৰঞ্জী আৰু একোখন গাৱঁৰ বিষয়ে লিখিছিল। মধ্যযুগৰ পৰা মূল্যবান সমল, দ্ৰব্য, নথিপত্ৰ আইনী ৰেকৰ্ড, জন্ম, বিবাহ আৰু মৃত্যুৰ ৰেকৰ্ড আদি এইবোৰ বিষয়ে যথেষ্ট পৰিমাণে সঞ্চিত আছিল।

(গ) নাইট সকল কেনেকৈ এটা পৃথক দল হিচাপে গঢ়ি উঠিছিল? আৰু কেতিয়া তেওঁলোকৰ অৱনতি ঘটে?

উত্তৰঃ কাৰণ: নৱম শতিকাৰ পৰা ইউৰোপত স্থানীয় যুদ্ধ সঘনাই হৈছিল। অবৃত্তিধাৰী কৃষক- সৈনিকো যথেষ্ট নাছিল। উন্নত মানৰ অশ্বাৰোহীৰ প্ৰয়োজন আছিল অধিক। এই অভাৱ পূৰাবৰ বাবে এটি নতুন শ্ৰেণীৰ লোক- নাইটসকলৰ আর্ৱিভাৱ হ’ল। তেওঁলোক প্ৰভুৰ লগত সম্পৰ্কিত, যেনকৈ প্ৰভুসকল ৰজাৰ লগত জড়িত। লৰ্ড বিলাকে নাইটজনক এটুকুৰা মাটি দিয়ে; সেই ভূমিৰ নাম ‘fief’ ফিফৰ লগত তেওঁৰ নিৰাপত্তাৰ নিশ্চিতি দিয়ে।

(ঘ) মধ্যযুগীয় মঠ বিলাকৰ কাম কি আছিল?

উত্তৰঃ যাজকসকলে নগৰ আৰু গাঁৱৰ মানুহৰ মাজত বাস কৰাৰ বিপৰীতে কিছুমান দীক্ষাপ্ৰাপ্ত খ্ৰীষ্টানে অকলশৰে বাস কৰিছিল। তেওঁলোক থকা ঠাইক বোলা হৈছিল বা মঠ নামৰ শব্দটো গ্ৰীক ভাষাৰ ‘Mones’- চনৰ পৰা আহিছে।

(১) ভিক্ষু এজনে জীৱনৰ বাকীখিনি সময় মঠতে কটোৱাৰ শপত ল’ব লাগিছিল।

(২) প্ৰাৰ্থনা অধ্যয়ন আৰু পামত কাম কৰাৰ দৰে শাৰীৰিক পৰিশ্ৰম কৰাত সময় ব্যৱহাৰ কৰাৰ শপত ল’ব লগা হৈছিল।

৩। ৰচনাধৰ্মী প্ৰশ্ন:

(ক) মধ্যযুগীয় ফৰাছী নগৰ এখনৰ এজন বাঢ়ৈৰ জীৱনৰ এটা দিন কল্পনা কৰা আৰু ইয়াৰ বৰ্ণনা দিয়া।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

(খ) ফৰাছী চাৰ্ফ আৰু ৰোমৰ দাসৰ জীৱনৰ পাৰ্থক্য উল্লেখ কৰা।

উত্তৰঃ ফৰাছী চাৰ্ফ আৰু ৰোমৰ দাসৰ জীৱনৰ পাৰ্থক্য হ’ল-

(১) মুক্ত কৃষক: মুক্ত কৃষকসকল হ’ল প্ৰভু বা ভূ-স্বামীৰ পৰা খেতিপথাৰ চৰ্ত সাপেক্ষে লোৱা ৰায়ত। এওঁলোকৰ পুৰুষসকলে বছৰত ৪০ দিন সামৰিক সেৱা কৰি ভূস্বামীক সহায় কৰিব লাগিছিল। কৃষক পৰিয়ালে সপ্তাহৰ নিৰ্দিষ্ট দিন (সাধাৰণতে ৩ দিন কেতিয়াবা ততোধিক দিন) ভূ-স্বামীৰ কৃষিভূমিত খেতি কৰিব লাগিছিল। এই শ্ৰমৰ ফলত হোৱা উৎপাদন (শ্ৰম কৰ) পোনে পোনে মালিকৰ হাতলৈ যায়। ইয়াৰ উপৰি কৃষকে বিনা পাৰিশ্ৰমিকেৰে মালিকৰ খাল খান্দি, খৰি গোটাই, জেওৰা দি আৰু পথ আৰু ঘৰ মেৰামতি আৰু অন্যান্য কামেৰে সহায় কৰিব লাগিছিল। খেতিপথাৰত সহায় কৰি দিয়াৰ উপৰি মুক্ত খেতিয়কৰ তিৰোতা আৰু ল’ৰা-ছোৱালীবোৰে আন কামো কৰি দিব লগা হৈছিল। তেওঁলোকে ৰছি গুঁথিছিল, বস্ত্ৰ তৈয়াৰ কৰিছিল, মম বনাইছিল। আঙুৰ চেপি ৰস উলিয়াই মালিকৰ বাবে মদ তৈয়াৰ কৰিছিল।

(২) ফৰাচী চাৰ্ফসকলে: চাৰ্ফসকলে খেতি কৰিছিল। কিন্তু তেওঁলোকে খেতি কৰা মাটি লৰ্ডৰ পৰা পাইছিল। এই কৃষিভূমিৰ উৎপাদনৰ বেছিভাগেই ভূ-স্বামীক দিব লগা হৈছিল। ইয়াৰ উপৰি প্ৰভুৰ নিজা মাটিতো তেওঁলোকে কাম কৰিব লগা হৈছিল। ইয়াৰ পাৰিশ্ৰমিক কিন্তু চাৰ্ফ বিলাকে পোৱা নাছিল, তদুপৰি সামন্ত প্ৰভুৰ বিনা অনুমতিত তেওঁলোক আনঠাইলৈ আঁতৰি যাব নোৱাৰিছিল। ভূ-স্বামীজনে চাৰ্ফ সকলৰ পৰা বহুতো একচেটীয়া সুবিধা দাবী কৰিছিল। উদাহৰণ স্বৰূপে মালিকৰ মিলতহে আটা ময়দা গুৰি কৰিব লাগিছিল। ৰুটি সেকিবলৈ মালিকৰ ভাটিহে ব্যৱহাৰ কৰিব লাগিছিল আৰু মালিকৰ যন্ত্ৰতহে চাৰ্ফ সকলে নিজৰ মদ বা বিয়েৰ তৈয়াৰ কৰিব লগা হৈছিল।

(গ) নতুন সম্ৰাট আৰু অভিজাত শ্ৰেণীৰ মাজৰ সম্পৰ্ক বৰ্ণনা কৰা।

উত্তৰঃ ৰোমান সাম্ৰাজ্যৰ দিনৰ নগৰবোৰ ইয়াৰ পতনৰ পিছত ধ্বংসপ্ৰাপ্ত হৈছিল। কিন্তু একাদশ শতিকাৰ পৰা কৃষিকৰ্ম বৃদ্ধিৰ লগে লগে অধিক লোকে ভৰণ-পোষণ কৰিব পৰা হ’ল। তেতিয়া নগৰবোৰ গঢ়ি উঠিল। কৃষকে ৰাহি শস্য বিক্ৰী কৰিবলৈ আৰু হাতিয়াৰ আৰু বস্ত্ৰ কিনিবলৈ এটা কেন্দ্ৰস্থল প্ৰয়োজন হ’ল। ইয়াৰ ফলত সাময়িক মেলাবোৰ গঢ়ি উঠিল আৰু ক্ষুদ্ৰ ক্ৰয় বিক্ৰয় কেন্দ্ৰ স্থাপিত হ’ল। সেই বিলাকেই সময়ৰ গতিত নগৰৰ সৃষ্টি কৰিলে। নগৰত এটা গীৰ্জা স্থাপিত হ’ল, নগৰলৈ বাট-পথ নিৰ্মিত হ’ল, সদাগৰে বাটৰ কাষত দোকান আৰু বাসগৃহ বনালে এটা কাৰ্য্যলয়ো বহিল, য’ত নগৰ পৰিচালক সকল একেলগে আলোচনাৰ বাবে বহিব পাৰিছিল। ডাঙৰ দুৰ্গবোৰৰ কাষত, বিছপ থকা অঞ্চল বা ডাঙৰ গীৰ্জাক কেন্দ্ৰ কৰিও নগৰ গঢ়ি উঠিল।

নগৰবিলাকত শাৰীৰিক শ্ৰমৰ সলনি নগৰবাসীয়ে কৰ পৰিশোধ কৰিছিল। ইয়াত হাজিৰা কৰি ধনসংগ্ৰহ কৰিব পৰা গৈছিল আৰু সামন্তসকলৰ নিয়ন্ত্ৰণৰ পৰাও নগৰবাসী মুক্ত হ’ব পাৰিছিল। ‘নগৰৰ বতাহে মুক্তি দিয়ে’- ই আছিল এক জনপ্ৰিয় প্ৰবচন। মুক্তিৰ আশাত বহুতো চাৰ্ফ নগৰলৈ আহি লুকাই থাকে। যদিহে তেওঁ এনেদৰে এবছৰ এদিন ধৰা নপৰাকৈ থাকিব পাৰে, তেতিয়া তেওঁ মুক্ত নাগৰিক হ’ব পাৰিছিল। নগৰৰ বহুতো বাসিন্দাই মুক্ত কৃষক আৰু পলাই অহা চাৰ্ফ। নগৰত এওঁলোকে অকৌশলী শ্ৰমিক হিচাপে কাম কৰিছিল। দোকানী আৰু সদাগৰৰ সংখ্যই বেছি আছিল। পিছলৈ বেছি কৌশলী লোকৰ যেনে: বেংকাৰ আৰু উকীলৰ প্ৰয়োজন হৈছিল। ডাঙৰ নগৰৰ জনসংখ্যা প্ৰায় ৩০,০০০ লৈকে বৃদ্ধি হৈছিল। তেওঁলোকেৰে সমাজৰ চতুৰ্থ শ্ৰেণীটো গঠিত হৈছিল বুলি ক’ব পাৰি।

১৫ আৰু ১৬ শতিকাত ইউৰোপৰ ৰজাসকলে তেওঁলোকৰ সামৰিক আৰু বিত্তীয় ক্ষমতা বৃদ্ধি কৰিছিল। তেওঁলোকে প্ৰতিষ্ঠা কৰা নতুন ক্ষমতাশালী ৰাজ্য গঠন যিমান তাৎপৰ্যপূৰ্ণ সিমানে অৰ্থনৈতিক পৰিৱৰ্তনো ইউৰোপৰ বাবে তাৎপৰ্যপূৰ্ণ। ঐতিহাসিক সকলে সেয়ে এই ৰজাসকলক নতুন সম্ৰাট বুলিছিল। ফ্ৰান্সত একাদশ লুই, অষ্ট্ৰিয়াত মেক্সিমিলিয়ান, ইংলশুত সপ্তম হেনৰী, ইছাবেলা আৰু ফাৰ্দ্দিনেণ্ডে স্পেইনত সম্পূৰ্ণ ৰাজতন্ত্ৰ চলাইছিল।- তেওঁলোকৰ এক স্থায়ী সৈন্যবাহিনী, এটা স্থায়ী আমোলাতন্ত্ৰ, ৰাষ্ট্ৰীয় কৰ ব্যৱস্থা আছিল আৰু পৰ্তুগালত ইউৰোপৰ সাগৰীয় বাণিজ্যৰ সম্প্ৰসাৰণত আগভাগ লৈছিল।

নতুন সম্ৰাট সকলে দ্বাদশ আৰু ত্ৰয়োদশ শতিকাত সামাজিক পৰিৱৰ্তন, ভূ-স্বামী আৰু কৰতলীয়া শাসকৰ সামন্তবাদৰ অৱক্ষয় আৰু অৰ্থনৈতিক বিকাশৰ মন্থৰ গতিয়ে ৰজাসকলক তেওঁলোকৰ শক্তিশালী আৰু কম শক্তিশালী সকলো প্ৰজাক নিয়ন্ত্ৰণ কৰাৰ প্ৰথম সুবিধাটো আনি দিয়ে। তদুপৰি ৰজাই সামন্ত শাসকৰ পৰা যুদ্ধৰ সময়ত সৈন্য সংগ্ৰহ ব্যৱস্থা বাদ দি নিজৰ নিয়ন্ত্ৰণাধীন, বৃত্তীয়াল, নিয়মীয়া প্ৰশিক্ষণ দি অস্ত্ৰ-শস্ত্ৰেৰে সু-সজ্জিত স্থায়ী সৈন্যবাহিনী গঠন কৰিলে।

(ঘ) মধ্যযুগীয় তিনিটা শ্ৰেণীৰ এক সমীক্ষাত্মক আলোচনা আগবঢ়োৱা।

উত্তৰঃ মধ্যযুগৰ তিনিটা শ্ৰেণী আছিল সেইকেইটা হ’ল-

(১) খ্ৰীষ্টান পুৰোহিত: ইউৰোপৰ খ্ৰীষ্টানসকলৰ পথপ্ৰদৰ্শক আছিল বিছপ আৰু যাজকসকল- যি সকল আছিল প্ৰথম বৰ্গৰ অন্তৰ্ভুক্ত। প্ৰায়বোৰ গাঁৱৰে নিজা গীৰ্জা আছিল; ইয়াত প্ৰতি দেওবাৰে সামূহিক প্ৰাৰ্থনা অনুষ্ঠিত হৈছিল আৰু তাত পুৰোহিতে যীশুৰ বাণী গুনাইছিল। প্ৰত্যেকেই পুৰোহিত হ’ব নোৱাৰিছিল। তিৰোতাও পুৰোহিত হ’ব নোৱাৰিছিল। পুৰোহিত হোৱা পুৰুষে বিয়া কৰাব নোৱাৰিছিল। বিছপ সকল (উচ্চ খাপৰ ধৰ্মীয় পদাধিকাৰী) ধৰ্মীয় অভিজাত আছিল আৰু বৃহৎ অট্টালিকাত তেওঁলোকে বাস কৰিছিল। খেতিয়কে এওঁলোকৰ কৃষিভূমিৰ উৎপন্নৰ ১/১০ অংশ অৰ্থাৎ ‘টিথ্’ বছৰি পৰিশোধ কৰিব লাগিছিল।

যাজকসকলে নগৰ আৰু গাঁৱৰ মানুহৰ মাজত বাস কৰাৰ বিপৰীতে কিছুমান দীক্ষাপ্ৰাপ্ত খ্ৰীষ্টানে অকলশৰে বাস কৰিছিল। তেওঁলোক থকা ঠাইক বোলা হৈছিল বা মঠ (Monasteries) নামৰ শব্দটো গ্ৰীক ভাষাৰ ‘Mones’- ৰ পৰা আহিছে। ইয়াৰ অর্থ যি অকলে বাস কৰে। এইবোৰ আনমানুহৰ বাসস্থানৰ পৰা আঁতৰাই আছিল।

(১) ৫২৯ চনত প্ৰতিষ্ঠা কৰিছিল।

(২) মঠ আৰু ৯১০ চনত স্থাপিত বাৰ্গান্দিৰ ক্লানি মঠ।

(২) মাটিগিৰী অভিজাত: অভিজাত সকলৰ সামাজিক ব্যৱস্থাত কেন্দ্ৰীয় ভূমিকা আছিল। কাৰণ, তেওঁলোকে ভূমি নিয়ন্ত্ৰণ কৰিছিল। এই নিয়ন্ত্ৰণ কৰতলীয়া নামৰ এক প্ৰথাৰ বিকাশৰ বাবে হয়। ফ্ৰান্সৰ ৰজা এই কৰতলীয়া সূত্ৰে প্ৰজাৰ লগত জড়িত; এই প্ৰথা জাৰ্মান মূলৰ লোকৰ মাজতো একেই আছিল। বৃহৎ ভূমি অঞ্চলৰ অধিকাৰীবিলাক অৰ্থাৎ অভিজাতবোৰ ৰজাৰ কৰতলীয়া শাসক আৰু কৃষকবোৰ তেওঁলোকৰ কৰতলীয়া। শপত লোৱা উৎসৱত তলতীয়াজনে এখন লিখিত চুক্তিনামা এডাল দীঘল দণ্ড বা এচপৰা মাটি লাভ কৰে।

অভিজাত সকলে বিশেষ সুবিধাজনক মৰ্য্যদা লাভ কৰিছিল। তেওঁৰ সম্পদৰ ওপৰত স্থায়ীভাৱে সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰিছিল, সৈন্য মকৰল কৰিব পাৰিছিল, তেওঁৰ নিজৰ বিচৰালয় আছিল আৰু তেওঁ মুদ্ৰাও তৈয়াৰ কৰিব পাৰিছিল। তেওঁৰ ভূমিত বসতি কৰা সকলো বাসিন্দাৰ অভিজাতজন আছিল প্ৰভু। প্ৰভু বহুত ভূমিসম্পত্তিৰ গৰাকী; তাত তেওঁৰ নিজৰ অট্ৰালিকা, ব্যক্তিগত খেতি-মাটি, চৰণীয়া পথাৰ, তলতীয়া শাসন কৰ্মচাৰী আৰু কৃষকৰ বাসগৃহ আৰু খেতিপথাৰ থাকে। তেওঁৰ ঘৰখনক মেনৰ বুলি কোৱা হয়।

(৩) কৃষক: মুক্ত কৃষকসকল হ’ল প্ৰভু বা ভূ-স্বামীৰ পৰা খেতিপথাৰ চৰ্ত সাপেক্ষে লোৱা ৰায়ত। এওঁলোকৰ পুৰুষসকলে বছৰত ৪০ দিন সামৰিক সেৱা কৰি ভূস্বামীক সহায় কৰিব লাগিছিল। কৃষক পৰিয়ালে সপ্তাহৰ নিৰ্দিষ্ট দিন (সাধাৰণতে ৩ দিন কেতিয়াবা ততোধিক দিন) ভূ-স্বামীৰ কৃষিভূমিত খেতি কৰিব লাগিছিল। এই শ্ৰমৰ ফলত হোৱা উৎপাদন (শ্ৰম কৰ) পোনে পোনে মালিকৰ হাতলৈ যায়। ইয়াৰ উপৰি কৃষকে বিনা পাৰিশ্ৰমিকেৰে মালিকৰ খাল খান্দি, খৰি গোটাই, জেওৰা দি আৰু পথ আৰু ঘৰ মেৰামতি আৰু অন্যান্য কামেৰে সহায় কৰিব লাগিছিল। খেতিপথাৰত সহায় কৰি দিয়াৰ উপৰি মুক্ত খেতিয়কৰ তিৰোতা আৰু ল’ৰা-ছোৱালীবোৰে আন কামো কৰি দিব লগা হৈছিল। তেওঁলোকে ৰছি গুঁথিছিল, বস্ত্ৰ তৈয়াৰ কৰিছিল, মম বনাইছিল। আঙুৰ চেপি ৰস উলিয়াই মালিকৰ বাবে মদ তৈয়াৰ কৰিছিল। কেতিয়াবা ৰজাইও মুক্ত খেতিয়কৰ পৰা এটা প্রত্যক্ষ কৰ সংগ্ৰহ কৰিছিল। যাজক আৰু অভিজাত শ্ৰেণীৰ লোকে এই কৰ ৰজাক শোধাব নালাগিছিল।

চাৰ্ফসকলে খেতি কৰিছিল। কিন্তু তেওঁলোকে খেতি কৰা মাটি লৰ্ডৰ পৰা পাইছিল। এই কৃষিভূমিৰ উৎপাদনৰ বেছিভাগেই ভূ-স্বামীক দিব লগা হৈছিল। ইয়াৰ উপৰি প্ৰভুৰ নিজা মাটিতো তেওঁলোকে কাম কৰিব লগা হৈছিল। ইয়াৰ পাৰিশ্ৰমিক কিন্তু চাৰ্ফ বিলাকে পোৱা নাছিল, তদুপৰি সামন্ত প্ৰভুৰ বিনা অনুমতিত তেওঁলোক আনঠাইলৈ আঁতৰি যাব নোৱাৰিছিল। ভূ-স্বামীজনে চাৰ্ফ সকলৰ পৰা বহুতো একচেটীয়া সুবিধা দাবী কৰিছিল। উদাহৰণ স্বৰূপে মালিকৰ মিলতহে আটা ময়দা গুৰি কৰিব লাগিছিল। ৰুটি সেকিবলৈ মালিকৰ ভাটিহে ব্যৱহাৰ কৰিব লাগিছিল আৰু মালিকৰ যন্ত্ৰতহে চাৰ্ফ সকলে নিজৰ মদ বা বিয়েৰ তৈয়াৰ কৰিব লগা হৈছিল। কাক বিয়া কৰাব সেইটোও সামন্ত প্ৰভুজনেহে ঠিক কৰি দিছিল। নাইবা চাৰ্ফৰ কন্যা বাছনিত তেওঁ অনুমোদন দিছিল। এই অনুমোদনৰ বাবেও চাৰ্ফজনে মালিকক দিব লাগিছিল।

(ঙ) গীৰ্জানগৰ বুলিলে কি বুজা? কেথেদ্ৰেলবোৰৰ নিৰ্মাণ কৌশল ব্যাখ্যা কৰা।

উত্তৰঃ গীৰ্জানগৰ বুলিলে- চহকী সদাগৰসকলে তেওঁলোকৰ অৰ্জিত ধনৰ একোটা অংশ ধৰ্মৰ নামত গীৰ্জাঘৰলৈ দান দিছিল। দ্বাদশ শতিকাৰ পৰা কেথেদ্ৰেল নামৰ ডাঙৰ গীৰ্জাবোৰ ফ্ৰান্সত গঢ়ি উঠিছিল। এই কেথেদ্ৰেলবোৰ খ্ৰীষ্টান মঠবিলাকৰ সম্পত্তি। কিন্তু বিভিন্নজনে ইয়াৰ নিৰ্মাণৰ বাবে আৰ্থিক আৰু শাৰীৰিক সাহায্য আগবাঢ়াইছিল। কেথেদ্ৰেল বিলাক পাথৰেৰে নিৰ্মিত আৰু নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ বহুবছৰ লাগিছিল। সিবোৰৰ নিৰ্মাণ চলি থাকোঁতে চাৰিওফালে বসতি বাঢ়ি গৈছিল আৰু সম্পূৰ্ণ হোৱাৰ পিছত কেথেদ্ৰেলবোৰক কেন্দ্ৰ কৰি একোখন সৰু নগৰ গঢ়ি উঠিছিল। ইয়াকে গীৰ্জা নগৰ বুলি কোৱা হয়।

কেথেদ্ৰেলবোৰৰ নিৰ্মাণ কৌশল ব্যাখ্যা হ’ল- কেথেদ্ৰেলবোৰৰ নির্মাণকৌশল এনে আছিল যে পুৰোহিতৰ মাত হলৰ ভিতৰত থকা মানুহে স্পষ্টকৈ শুনিবলৈ পাইছিল আৰু ভিক্ষুসকলৰ প্ৰাৰ্থনা গুনিবলৈ গুৱলা হৈছিল। লগতে সুৰধ্বনি সৃষ্টি কৰা ঘণ্টাৰ শব্দ আৰু প্ৰাৰ্থনাৰ কাৰণে জনোৱা আহ্বান বহুদূৰৈৰ পৰা গুনা গৈছিল। খিড়িকীৰ কাৰণে ৰঙীন দাগকটা চিচা লগাইছিল। দিনত সিবোৰে সূৰ্যৰ পোহৰত ভিতৰভাগ উজ্বলায় আৰু ৰাতি মমৰ পোহৰ কেথেদ্ৰেলৰ বাহিৰত থকা মানুহে দেখা পায়। অভিৰঞ্জিত কাঁচৰ খিড়িকীবোৰত বনোৱা চিত্ৰত বাইবেলৰ কাহিনীবোৰ বৰ্ণনা কৰা হৈছিল। সেইবোৰে নিৰক্ষৰ মানুহেও বুজিব পাৰিছিল।

৪। চমু টোকা লিখা:

(ক) সামন্তবাদ।

উত্তৰঃ সামন্তবাদ: ঐতিহাসিকসকলে সামন্তবাদ শব্দটো মধ্যযুগৰ ইউৰোপৰ বুৰঞ্জীৰ পঞ্চম আৰু ১৫ শতিকাৰ মাজৰ সময়ছোৱাক বুজাবলৈ ব্যৱহাৰ কৰে। জাৰ্মান শব্দ ‘feud’ অৰ্থাৎ ‘এটুকুৰা ভূমি’ৰ পৰা ‘feudal’ হৈছে। ই মধ্যযুগৰ ফ্ৰান্স আৰু পিছৰ ইংলণ্ড আৰু দক্ষিণ ইটালীত গঢ়ি উঠা ধৰণৰ সমাজক বুজায়।

অৰ্থনৈতিক অৰ্থত সামন্তবাদে এক ধৰণৰ কৃষি উৎপাদনক বুজায়। এই উৎপাদন সামন্ত প্ৰভু আৰু কৃষকৰ ওপৰত নিৰ্ভৰশীল। কৃষকে নিজৰ আৰু প্ৰভুৰ মাটিত খেতি কৰিছিল। প্ৰভুৰ বাবে কৃষকে শাৰীৰিক শ্ৰম কৰিছিল। ইয়াৰ বিনিময়ত তেওঁ খেতিয়কক সামৰিক নিৰাপত্তা দিছিল। প্ৰভু সকলৰ ন্যায়িক নিয়ন্ত্ৰণো কৃষকৰ ওপৰত আছিল। গতিকে সামন্তবাদে অৰ্থনীতিৰ উপৰি মানুহৰ সামাজিক আৰু ৰাজনৈতিক দিশো ছুই যায়।

যদিও সামন্তবাদৰ উৎস ৰোমান সাম্ৰাজ্য আৰু ফৰাছী সম্ৰাট চাৰ্লেমগ্নেৰ দিনত (৭৪২-৮১৪) দেখা গৈছিল, একাদশ শতিকাতেই ইউৰোপৰ এক বৃহৎ অংশত এক প্ৰতিষ্ঠিত জীৱন পদ্ধতি হিচাপে ইয়াৰ প্ৰকাশ ঘটে।

(খ) ফ্ৰান্সৰ প্ৰাচীন ইতিহাস।

উত্তৰঃ ফ্ৰান্সৰ প্ৰাচীন ইতিহাস:

৪৮১ — ক্লভিচ ফ্ৰেংক বিলাকৰ ৰজা হয়।

৪৮৬ — ক্লভিচ আৰু ফ্ৰেংক বিলাকে উত্তৰ গ’ল জয় কৰে।

৪৯৬ — ক্লভিচ আৰু ফ্ৰেংক সকল খ্ৰীষ্টান ধৰ্মত দীক্ষিত হয়।

৭১৪ — চাৰ্লচ মাৰ্টেল ৰাজপ্ৰাসাদৰ মেয়ৰ নিযুক্ত হয়।

৭৫১ — মাৰ্টেলৰ পুত্ৰ পেপিনে ফ্ৰেংকিজ শাসকক সিংহাসনচ্যুত কৰি নিজে ৰজা হয় আৰু এটা ৰাজবংশ প্ৰতিষ্ঠা কৰে। যুদ্ধ জয়ৰ ফলত তেওঁৰ ৰাজ্যৰ কলেৱৰ বাঢ়ি দুগুণ হয়।

৭৬৮ — পেপিনৰ উত্তৰাধিকাৰী হয় পুত্ৰ চাৰ্লেমেগ্নে অৰ্থাৎ মহান চাৰ্লচ।

৮০০ — পোপ তৃতীয় লিওই চাৰ্লেমেগ্নেক পবিত্ৰ ৰোমান সম্ৰাট পাতে।

৮৪০ – চনৰ পৰা আগলৈ — নৰৱেৰ পৰা ভাইকিং বিলাকৰ আক্ৰমণ।

(গ) মেনৰ বা জমিদাৰী।

উত্তৰঃ মেনৰ বা জমিদাৰী: এজন প্ৰভুৰ নিজা মেনৰ-ঘৰ আছিল। তেওঁ কৃষক থকা গাওঁবোৰ নিয়ন্ত্ৰণ কৰিছিল। কিছুমান প্ৰভুৱে শ শ খন গাঁও নিজা দখলত ৰাখিছিল। এখন সৰু মেনৰ জমিদাৰী ১০/১২ টা পৰিয়াল থাকে। ডাঙৰ জমিদাৰীত ৫০/৬০ টা পৰিয়াল থাকিব পাৰিছিল। দৈনিক প্ৰয়োজনীয় সকলো বস্তুই ইয়াত পোৱা গৈছিল। তেওঁ পথাৰৰ পৰা শস্য পাইছিল, কমাৰ আৰু বাঢ়ৈ বা কাঠ-মিস্ত্রীয়ে তেওঁৰ হাতিয়াৰ বা আচ্বাবাব্ যোগাৰ দিছিল; পাথৰ- মিস্ত্রীয়ে অভিজাত জনৰ ঘৰ নিৰ্মাণ বা মেৰামতি কৰি দিছিল। তিৰোতাই কাপোৰ বৈ দিছিল। তেওঁলোকৰ ল’ৰা- ছোৱালীয়ে প্ৰভুৰ মদৰ কাৰখানাত কাম কৰিছিল। জমিদাৰীত বিস্তীৰ্ণ অৰণ্য আছিল; য’ত তেওঁ চিকাৰ কৰিছিল। চৰণীয়া পথাৰবোৰত তেওঁৰ পোহনীয়া গৰু ম’হ বা ঘোঁৰা চৰিছিল। জমিদাৰীত এটা গীৰ্জা আৰু নিৰাপত্তাৰ বাবে দুৰ্গও আছিল। ত্ৰয়োদশ শতিকাৰ পৰা নাইটৰ পৰিয়ালৰ ব্যৱহাৰৰ বাবে কিছুমান দুৰ্গ অধিক ডাঙৰ কৰা হয়। ইংলণ্ডত নৰ্মাণ আক্ৰমণৰ আগত দুৰ্গ নিৰ্মাণ কৰা নহৈছিল। পিছত ৰাজনৈতিক আৰু সামৰিক শক্তিৰ কেন্দ্ৰ হিচাপে সামন্তবাদী ব্যৱস্থাত দুৰ্গ নিৰ্মাণ কৰা হৈছিল।

(ঘ) নাইট।

উত্তৰঃ নাইট: নৱম শতিকাৰ পৰা ইউৰোপত স্থানীয় যুদ্ধ সঘনাই হৈছিল। অবৃত্তিধাৰী কৃষক-সৈনিকো যথেষ্ট নাছিল। উন্নত মানৰ অশ্বাৰোহীৰ প্ৰয়োজন আছিল অধিক। এই অভাৱ পূৰাবৰ বাবে এটি নতুন শ্ৰেণীৰ লোক – নাইটসকলৰ আর্ৱিভাব হ’ল। তেওঁলোক প্ৰভুৰ লগত সম্পৰ্কিত, যেনকৈ প্ৰভুসকল ৰজাৰ লগত জড়িত। লৰ্ড বিলাকে নাইটজনক এটুকুৰা মাটি দিয়ে; সেই ভূমিৰ নাম ‘fief’ ফিফৰ লগত তেওঁৰ নিৰাপত্তাৰ নিশ্চিতি দিয়ে। ফিফ্খন পুৰুষানুক্ৰমে ভোগ কৰিব পাৰি আৰু এখন ফিফে ১০০০ চনৰ পৰা ২০০০ একৰ বা ততোধিক পৰিমাণৰ একোটি অঞ্চল সামৰি লৈছিল। ইয়াৰ ভিতৰত নাইটৰ পৰিয়াল, গীৰ্জা আৰু তেওঁৰ তলতীয়া কৰ্মচাৰীৰ বাসস্থান, এটা জলযন্ত্ৰ আৰু এটা আঙুৰৰ ৰস চেপি মদ তৈয়াৰ কৰা কাৰখানা আছিল। সামন্তবাদী মেনৰৰ দৰে ফিফৰ কৃষিভূমি কৃষকে চহায়। ইয়াৰ বিনিময়ত নাইটে তেওঁৰ প্ৰভুক নিয়মীয়া মাচুল দিব লাগে আৰু প্ৰয়োজনমতে তেওঁৰ হৈ যুদ্ধ দিব লাগে। ৰণ নিপুণতা অক্ষুণ্ণ ৰাখিবৰ বাবে নাইট সকলে নিয়মীয়া আখৰ কৰিছিল। এজন নাইটে একাধিক প্ৰভুক সহায় কৰিব পাৰিছিল, কিন্তু তেওঁৰ, নিজ প্ৰভুৰ প্ৰতি আনুগত্য প্ৰদৰ্শনহে প্ৰধান কথা আছিল।

ফ্ৰান্সত দ্বাদশ শতিকাৰ পৰা চাৰণ সকলে ঐতিহাসিক ঘটনা বা স্বৰচিত কাহিনীৰ আধাৰত সাহসী ৰজা বা নাইটৰ বিষয়ে মেনৰে মেনৰে গান গাই ঘূৰি ফুৰিছিল। যিটো যুগত পঢ়াশুনা, শিক্ষিত মানুহৰ অভাৱ আছিল, এই ভ্ৰমণৰত বৈৰাগীসকল সেই সময়ত বৰ জনপ্ৰিয় আছিল। বহুতো মেনৰত ডাঙৰ একোটি কোঠা আছিল। তাতে মেনৰৰ মানুহবোৰে আহাৰ গ্ৰহণ কৰিছিল।

(ঙ) ভিক্ষু।

উত্তৰঃ ভিক্ষু: গীৰ্জাৰ বাহিৰেও নৈষ্ঠিক খ্ৰীষ্টান সকলৰ আন এটি অনুষ্ঠান আছিল। যাজকসকলে নগৰ আৰু গাঁৱৰ মানুহৰ মাজত বাস কৰাৰ বিপৰীতে কিছুমান দীক্ষাপ্ৰাপ্ত খ্ৰীষ্টানে অকলশৰে বাস কৰিছিল। তেওঁলোক থকা ঠাইক বোলা হৈছিল বা মঠ (Monasteries) নামৰ শব্দটো গ্ৰীক ভাষাৰ ‘Mones’- ৰ পৰা আহিছে। ইয়াৰ অর্থ যি অকলে বাস কৰে। এইবোৰ আনমানুহৰ বাসস্থানৰ পৰা আঁতৰাই আছিল। চেইণ্ট বেনেডিক্টে প্ৰতিষ্ঠা কৰা বিখ্যাত মঠ দুটা হ’ল: ৫২৯ চনত প্ৰতিষ্ঠা কৰা ইটালীৰ মঠ আৰু ৯১০ চনত স্থাপিত বাৰ্গান্দিৰ ক্লানি মঠ।

ভিক্ষু এজনে জীৱনৰ বাকীখিনি সময় মঠতে কটোৱাৰ শপত ল’ব লাগিছিল আৰু প্ৰাৰ্থনা, অধ্যয়ন আৰু পামত কাম কৰাৰ দৰে শাৰীৰিক পৰিশ্ৰম কৰাত সময় ব্যৱহাৰ কৰাৰ শপত ল’ব লগা হৈছিল। পুৰোহিতৰ বিপৰীতে ভিক্ষুৰ জীৱন পুৰুষ, মহিলা সকলোৰে বাবে মুকলি আছিল। পুৰুষ ভিক্ষুক মংক আৰু মহিলা ভিক্ষুক নান বোলা হয়। কেইটামান ব্যতিক্ৰম বাদ দি প্ৰায়বোৰ মঠতেই একে লিংগৰ ব্যক্তিহে থাকিব পাৰিছিল। অৰ্থাৎ পুৰুষ আৰু মহিলাৰ বাবে মঠ বেলেগ বেলেগ আছিল। ভিক্ষুৰ দৰে ভিক্ষুণীও বিয়াত নোসোমায়।

(চ) গীৰ্জানগৰ।

উত্তৰঃ গীৰ্জানগৰ: চহকী সদাগৰসকলে তেওঁলোকৰ অৰ্জিত ধনৰ একোটা অংশ ধৰ্মৰ নামত গীৰ্জাঘৰলৈ দান দিছিল। দ্বাদশ শতিকাৰ পৰা কেথেদ্ৰেল নামৰ ডাঙৰ গীৰ্জাবোৰ ফ্ৰান্সত গঢ়ি উঠিছিল। এই কেথেদ্ৰেলবোৰ খ্ৰীষ্টান মঠবিলাকৰ সম্পত্তি। কিন্তু বিভিন্নজনে ইয়াৰ নিৰ্মাণৰ বাবে আৰ্থিক আৰু শাৰীৰিক সাহায্য আগবাঢ়াইছিল। কেথেদ্ৰেল বিলাক পাথৰেৰে নিৰ্মিত আৰু নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ বহুবছৰ লাগিছিল। সিবোৰৰ নিৰ্মাণ চলি থাকোঁতে চাৰিওফালে বসতি বাঢ়ি গৈছিল আৰু সম্পূৰ্ণ হোৱাৰ পিছত কেথেদ্ৰেলবোৰক কেন্দ্ৰ কৰি একোখন সৰু নগৰ গঢ়ি উঠিছিল। ইয়াকে গীৰ্জা নগৰ বুলি কোৱা হয়।

কেথেদ্ৰেলবোৰৰ নিৰ্মাণ কৌশল ব্যাখ্যা হ’ল- কেথেদ্ৰেলবোৰৰ নির্মাণকৌশল এনে আছিল যে পুৰোহিতৰ মাত হলৰ ভিতৰত থকা মানুহে স্পষ্টকৈ শুনিবলৈ পাইছিল আৰু ভিক্ষুসকলৰ প্ৰাৰ্থনা গুনিবলৈ গুৱলা হৈছিল। লগতে সুৰধ্বনি সৃষ্টি কৰা ঘণ্টাৰ শব্দ আৰু প্ৰাৰ্থনাৰ কাৰণে জনোৱা আহ্বান বহুদূৰৈৰ পৰা গুনা গৈছিল। খিড়িকীৰ কাৰণে ৰঙীন দাগকটা চিচা লগাইছিল। দিনত সিবোৰে সূৰ্যৰ পোহৰত ভিতৰভাগ উজ্বলায় আৰু ৰাতি মমৰ পোহৰ কেথেদ্ৰেলৰ বাহিৰত থকা মানুহে দেখা পায়। অভিৰঞ্জিত কাঁচৰ খিড়িকীবোৰত বনোৱা চিত্ৰত বাইবেলৰ কাহিনীবোৰ বৰ্ণনা কৰা হৈছিল। সেইবোৰে নিৰক্ষৰ মানুহেও বুজিব পাৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top