Class 11 History Chapter 7 পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters AHSEC Class 11 History Chapter 7 পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য and select needs one.
Class 11 History Chapter 7 পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 History Chapter 7 পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য Solutions for All Subject, You can practice these here.
পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য
Chapter: 7
অনুশীলনীঃ
১। অতি চমু উত্তৰ লিখা:
(ক) ১৪-১৫ শতিকাৰ সাংস্কৃতিক পৰিৱৰ্তনক কি বুলি কোৱা হৈছিল?
উত্তৰঃ ১৪-১৫ শতিকাৰ সাংস্কৃতিক পৰিৱৰ্তনক ৰেঁনেছা বুলি কোৱা হৈছিল।
(খ) ফ্ল’ৰেন্সত বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল?
উত্তৰঃ ফ্ল’ৰেন্সত বিশ্ববিদ্যালয় ১৩৪৯ খ্ৰী:ত স্থাপিত হৈছিল।
(গ) ইউৰোপৰ ‘নতুন যুগ’ কেতিয়াৰ পৰা আৰম্ভ হোৱা বুলি ধৰা হয়?
উত্তৰঃ ইউৰোপৰ ‘নতুন যুগ’ চতুৰ্থদশ শতিকাৰ পৰা আৰম্ভ হোৱা বুলি ধৰা হয়।
(ঘ) The Last Supper ছবিখন কোনে আঁকিছিল?
উত্তৰঃ The Last Supper ছবিখন লিওনাৰ্ডো ডা ভিন্সিয়ে আঁকিছিল।
(ঙ) ‘আল্মাজেষ্ট’ নামৰ গ্ৰন্থখনৰ ৰচয়িতা কোন?
উত্তৰঃ ‘আল্মাজেষ্ট’ নামৰ গ্ৰন্থখনৰ ৰচয়িতা টলেমিৰ।
(চ) নিক’ল মেকিয়াভেলিয়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ নিক’ল মেকিয়াভেলিয়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম হ’ল- The Prince।
(ছ) যাজকসকলে কি পত্ৰ বিক্ৰী কৰি পাপ ক্ষয় কৰাৰ ব্যৱস্থা কৰিছিল?
উত্তৰঃ যাজকসকলে পাপমোচন পত্ৰ বিক্ৰী কৰি পাপ ক্ষয় কৰাৰ ব্যৱস্থা কৰিছিল।
(জ) ৰোমৰ প্ৰথম সম্ৰাট কোন আছিল?
উত্তৰঃ ৰোমৰ প্ৰথম সম্ৰাট পোপ আছিল।
(ঝ) যীগুসমাজ কেতিয়া প্ৰতিষ্ঠা হৈছিল?
উত্তৰঃ যীগুসমাজ ১৫৪০ খ্ৰী:ত প্ৰতিষ্ঠা হৈছিল।
(ঞ) পেৰিচৰ একাডেমী অৱ চায়েন্স কেতিয়া প্ৰতিষ্ঠা হৈছিল?
উত্তৰঃ পেৰিচৰ একাডেমী অৱ চায়েন্স ১৬৭৩ খ্ৰী:ত প্ৰতিষ্ঠা হৈছিল।
(ট) জাৰ্মানীত কৃষক বিদ্ৰোহ কেতিয়া হৈছিল?
উত্তৰঃ জাৰ্মানীত কৃষক বিদ্ৰোহ ১৫২৫ খ্ৰী:ত হৈছিল।
২। চমুকৈ উত্তৰ দিয়া:
১। চতুৰ্থশ আৰু পঞ্চদশ শতিকাত গ্ৰীক আৰু ৰোমান সংস্কৃতিৰ কেনেবোৰ উপাদান পুনৰ উজ্জীৱীত হৈছিল?
উত্তৰঃ সামন্তবাদী সম্পর্কই ইউৰোপক নতুনকৈ গঢ় দিছিল আৰু লেটিন (ৰোমান) গীৰ্জাই ইয়াক একত্ৰিত কৰিছিল। আনফালে পূবৰ বাইজেনটাইন সাম্ৰাজ্যৰ নেতৃত্বত পূব ইউৰোপৰ একতা বাঢ়িছিল। সিফালে ইছলামে সুদূৰ পশ্চিমলৈ এক উমৈহতীয়া সভ্যতাৰ পাতনি মেলাৰ সময়তে ইটালী দুৰ্ব্বল আৰু বিভক্ত হৈ আছিল। কিন্তু ওপৰোক্ত নতুন প্ৰবাহে ইটালীৰ সংস্কৃতি উজ্জীৱিত হোৱাত সহায় কৰিছিল।
(২) এই সময়ছোৱাত ইটালীয়ান আৰু ইছলামী স্থপতিৰ মাজত পুংখানুপুংখভাৱে তুলনা কৰা।
উত্তৰঃ দ্বাদশ শতিকাৰ পৰা বিকল্প পথেদি মংগোল বিলাকে চীনৰ লগত বাণিজ্যক সম্পৰ্ক প্ৰতিষ্ঠা কৰাত (পঞ্চম অধ্যয় দ্ৰষ্টব্য) আৰু পশ্চিম ইউৰোপীয় দেশবিলাকৰ লগত বাণিজ্য বৃদ্ধি হোৱাত ইটালীয়ান নগৰ বিলাকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পৰা হ’ল। সেইকাৰণে ইটালীয়ান আৰু ইছলামী স্থপতিৰ মাজত পুংখানুপুংখভাৱে তুলনা কৰা।
৩। কিয় ইটালীয়ান নগৰবিলাক প্ৰথমে মানৱতাবাদৰ আদৰ্শই স্পৰ্শ কৰিছিল?
উত্তৰঃ কাৰণ: ইছলামে সুদূৰ পশ্চিমলৈ এক উমৈহতীয়া সভ্যতাৰ পাতনি মেলাৰ সময়তে ইটালী দুৰ্ব্বল আৰু বিভক্ত হৈ আছিল। কিন্তু ওপৰোক্ত নতুন প্ৰবাহে ইটালীৰ সংস্কৃতি উজ্জীৱিত হোৱাত সহায় কৰিছিল।
৪। ভেনেচিয়াৰ সুপ্ৰশাসনীয় আদর্শক সমসাময়িক ফ্ৰান্সৰ চৰকাৰৰ লগত তুলনা কৰা।
উত্তৰঃ We will update the answer very soon.
৫। সামন্তবাদী ব্যৱস্থা বুলিলে কি বুজা লিখা।
উত্তৰঃ সামন্তবাদী ব্যৱস্থা বুলিলে – ইউৰোপত প্ৰচলিত ৰাজনীতি, অৰ্থনীতি, আৰু সামাজিক সম্পর্কবোৰক বুজাবলৈ ইতিহাসবিধসকলে সামন্তবাদ শব্দটো ব্যৱহাৰ কৰিছিল। সামন্তবাদ মধ্যযুগত ফ্ৰান্স আৰু পিছত ইংলেণ্ড আৰু দক্ষিণ ইটালীত গঢ় লোৱা সমাজখনৰ কথা কোৱা হৈছে।
৬। প্ৰটেষ্টান্ট আন্দোলন বুলিলে কি বুজা? এই আন্দোলনৰ নেতৃত্ব কোনে দিছিল লিখা।
উত্তৰঃ ভগৱানৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ পুৰোহিতৰ প্ৰয়োজন নাই। তেওঁ তেওঁৰ অনুগামী সকলক ঈশ্বৰৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিবলৈ উপদেশ দিছিল। কাৰণ, বিশ্বাসেই মোক্ষৰ বাট দেখুৱায়। এই আন্দোলনক প্ৰটেষ্টান্ট আন্দোলন বুলি কোৱা হয়।
এই আন্দোলনৰ নেতৃত্ব ভিক্ষু মাৰ্টিন লুথাৰে দিছিল।
৩। ৰচনাধৰ্মী প্ৰশ্ন:
১। মানৱতাবাদী আদৰ্শৰ বৈশিষ্ট্যবোৰ লিখা।
উত্তৰঃ মানৱতাবাদী আদৰ্শৰ বৈশিষ্ট্যবোৰ হ’ল-
(১) মানুহৰ জীৱনৰ ওপৰত ধৰ্মৰ প্ৰভাৱ দুৰ্বল হৈ পৰিছিল। ইটালীয়ানসকল বাৰুকৈয়ে পাৰ্থিব সম্পদ, ক্ষমতা আৰু গৌৰৱৰ প্ৰতি আসক্ত হ’ল। অৱশ্যে তেওঁলোক অধৰ্মী হোৱা নাছিল।
(২) ভেনিচৰ মানৱতাবাদী ফ্ৰেন্সিচকো বাৰ্বাৰোৱে (১৩৯০-১৪৫৪) সম্পত্তি আহৰণ এক ভাল গুণ বুলি প্ৰচাৰ কৰিছিল। লৰেঞ্জো ভাল্লা (Lorenzo Valla, ১৪০৬-৫৭) চনত বিশ্বাস কৰিছিল যে ইতিহাস অধ্যয়নে মানুহৰ জীৱনক সম্পূৰ্ণতা দিয়ে।
(৩) তেওঁৰ ‘On Pleasure’ নামৰ ৰচনাত হৰ্ষ উল্লাসত খ্ৰীষ্টান ধৰ্মই দিয়া বাধাৰ বিৰোধিতা কৰিছিল। এই সময়তে মানুহ শুদ্ধ আচৰণৰ প্ৰতিও সচেতন হৈছিল।
(৪) শুদ্ধভাৱে সাজ-পাৰ পৰিধান কৰিব লাগে; এজন সংস্কৃতিৱান মানুহে কিহত দক্ষতা বৃদ্ধি কৰিব লাগে এইবোৰ বিষয়েও চর্চা হৈছিল।
(৫) মানৱতাবাদে আৰু কৈছিল যে ক্ষমতা আৰু ধনৰ নহ’লেও আন উপায়েৰে এজনে নিজৰ জীৱন গঢ় দিব পাৰে।
২। ১৭ শতিকাৰ ইউৰোপীয় সকলৰ মনত কেনেকৈ পৃথিৱীখন আগৰ তুলনাত বেলেগ হিচাপে ধৰা দিছিল সেই বিষয়ে এটা বিশ্লেষণাত্মক টোকা লিখা।
উত্তৰঃ ১৭ শতিকাৰ ইউৰোপীয় সকলৰ মনত কেনেকৈ পৃথিৱীখন আগৰ তুলনাত বেলেগ হিচাপে ধৰা দিছিল সেই বিষয়ে তলত উল্লেখ কৰা –
চতুৰ্থশ শতিকাৰ পৰা ১৭ শতিকাৰ শেষলৈ ইউৰোপৰ বিভিন্ন দেশত নগৰবোৰ গঢ়ি উঠিছিল। এটা নগৰীয়া সংস্কৃতিও ইয়াৰ লগে লগে গঢ় লৈ উঠিছিল। নগৰৰ বাসিন্দাই নিজকে গাঁৱৰ লোকতকৈ অধিক সভ্য বুলি ভাবিবলৈ লৈছিল। সকলো নগৰেই বিশেষকৈ ফ্ল’ৰেঞ্চ, ভেনিচ আৰু ৰোম শিক্ষা সংস্কৃতিৰ কেন্দ্ৰ হৈ পৰিছিল। শিল্পী আৰু লেখক সকলক চহকী আৰু অভিজাত সকলে পৃষ্ঠপোষকতা কৰিছিল। একে সময়তে ছপাশালৰ আৱিষ্কাৰে দূৰ দূৰণিৰ মানুহৰ বাবেও কিতাপ-পত্ৰ সহজলভ্য কৰি তোলে। ইউৰোপত ইতিহাস লিখাৰ প্ৰৱণতাও গঢ়ি উঠিছিল আৰু মানুহে তেওঁলোকৰ আধুনিক বিশ্বক গ্ৰীক আৰু ৰোমান সকলৰ ‘প্ৰাচীন বিশ্ব’ৰ লগত তুলনা কৰিবলৈ ধৰিলে।
১৮৬০ চনত তেওঁ The civilization of the renaissance in Italy নামৰ গ্ৰন্থ লিখি তাত সাহিত্য, স্থাপত্য, চিত্ৰকলাৰ বিষয়ে উত্থাপন কৰি তেওঁ পঢ়ুৱৈক জনাইছিল; কেনেকৈ এক নতুন মানৱতাবাদী সংস্কৃতি চতুৰ্থশ আৰু ১৭ শতিকাৰ ভিতৰত ইটালীৰ নগৰ বিলাকত প্ৰস্ফূতিত হৈছিল। এই সংস্কৃতি তেওঁৰ মতে এক নতুন বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত আছিল। এই বিশ্বাস হ’ল – ব্যক্তি হিচাপে মানুহ নিজেই সিদ্ধান্ত ল’বৰ বাবে আৰু নিজৰ বুৎপত্তি বৃদ্ধি কৰিবৰ বাবে সমৰ্থ। তেওঁ মধ্যযুগীয় মানুহৰ তুলনাত আধুনিক আছিল এই কাৰণেই যে মধ্যযুগীয় মানুহৰ ভাৱ চিন্তাক গীৰ্জাই নিয়ন্ত্ৰণ কৰিছিল।
৩। বিজ্ঞান আৰু দৰ্শন চৰ্চাত আৰবসকলৰ অৱদান নিৰ্ণয় কৰা।
উত্তৰঃ মধ্যযুগৰ ভিক্ষু আৰু যাজকসকল গ্ৰীক আৰু ৰোমান লিখনিসমূহৰ লগত পৰিচিত আছিল। কিন্তু তেওঁলোকৰ এই অধ্যয়ন বহুলভাৱে বিস্তাৰিত নহৈছিল। ১৪ শতিকাৰ বহুতো পণ্ডিতে প্লেটো আৰু এৰিষ্টটোলৰ দৰে পণ্ডিতৰ অনুবাদ গ্ৰন্থ অধ্যয়ন কৰিবলৈ ধৰে। ইয়াৰ বাবে তেওঁলোকে নিজ দেশৰ নহয় আৰৱ অনুবাদকৰ ওপৰতহে নিৰ্ভৰ কৰিছিল। আৰৱ সকলে সুন্দৰকৈ প্লেটো আৰু এৰিষ্টটোলৰ পাণ্ডুলিপি সংৰক্ষণ আৰু অনুবাদ কৰিছিল।
গ্ৰীকসকলে আৰবী আৰু পাৰ্চী পণ্ডিতৰ লেখনি পঢ়ি অন্যান্য ইউৰোপীয় লোকৰ বিষয়ে জানিব পাৰিছিল। এই গ্ৰন্থৰাজী আছিল প্ৰাকৃতিক বিজ্ঞান, গণিত, জ্যোতিৰ্বিদ্যা, ভেষজ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ লগত সম্পৰ্কিত। টলেমীৰ ‘আল্মাজেষ্ট’ নামৰ গ্ৰন্থত (১৪০ খ্ৰীষ্টাদ্বত গ্ৰীক ভাষাত লিখা এই জ্যোতিৰ্বিজ্ঞানৰ কিতাপখন পিছত আৰবীলৈ অনুবাদ কৰা হৈছিল) আৰবী ভাষাৰ উপপদ ‘অল’ৰ উল্লেখ আছিল। এই কথাই আৰবী ভাষাৰ লগত থকা গ্ৰীক ভাষাৰ সম্পৰ্কৰ ইঙ্গিত দিয়ে। লেটিন ভাষাত ‘Avicenna’ (৯৮০-১০৩৭) বুলি কোৱা ইবন চিনা মধ্য এছিয়াৰ বুখাৰাৰ এজন আৰব চিকিৎসক আৰু দাৰ্শনিক আছিল (এনে ইউৰোপীয় বানানৰ বাবে পিছৰ প্ৰজন্মই তেওঁলোকক ইউৰোপীয় বুলি ধাৰণা কৰিছিল। তেনেকৈ অলবাফ আছিল চিকিৎসা বিশ্বকোষৰ গ্ৰন্থকাৰ ইবন ৰছদে (লেটিন ভাষাত Averroes, ১১২৬-৯৮) আছিল স্পেইনত থকা আৰৱ দাৰ্শনিক।
৪। ৰেনেছাঁ’ৰ অৰ্থ কি? ১৪ শতিকাত ইউৰোপত ৰেনেছাঁ’ হৈছিলনে?
উত্তৰঃ ৰেনেছাঁ’ৰ শব্দৰ অৰ্থ হ’ল- পুনৰ জন্ম। ১৯ শতিকাৰ পৰা ইতিহাসবিদ সকলে ১৪/১৫ শতিকাৰ সাংস্কৃতিক পৰিৱৰ্তনকে ৰেঁনেছা বুলিছিল।
পীটাৰ বাৰ্কৰ মতে বৰ্তমানৰ লেখকে ক’ব খোজে যে বাৰ্কখাৰ্ডটে ‘ৰেনেছাঁ’ শব্দটো ব্যৱহাৰ কৰি এই সময়ছোৱা আৰু ইয়াৰ আগৰ শতিকাৰ মাজৰ পাৰ্থক্য অতিৰঞ্জিত কৰিছিল। ৰেনেছাঁ’ মানে তেওঁৰ মতে গ্ৰীক আৰু ৰোমান সভ্যতাই এই সময়ত পুনৰ জন্মলাভ কৰাকে বুজায় আৰু এই সময়ত পণ্ডিত আৰু শিল্পীসকলে খ্ৰীষ্টান বিশ্ব দৃষ্টিৰ সলনি প্ৰাক্-খ্ৰীষ্টান দৃষ্টিভঙ্গীৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰে। দুয়োটা মতেই অতিৰঞ্জিত। আগৰ শতিকাবিলাকৰ পণ্ডিত সকলেও গ্ৰীক আৰু ৰোমান সংস্কৃতিৰ বিষয়ে জানিছিল আৰু ধৰ্মই মানুহৰ জীৱনত গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছিল।
গ্ৰীক আৰু ৰোমৰ ধ্ৰুপদী সাহিত্যৰেই হাত নাছিল, ৰোমান সংস্কৃতিৰ পুৰাতাত্বিক আৰু সাহিত্যক পুনৰুদ্ধাৰে সেই সভ্যতাৰ প্ৰতি মানুহক অনুৰক্ত কৰিছিল। কিন্তু এছিয়াৰ প্ৰযুক্তি আৰু পাৰদৰ্শিতা গ্ৰীক আৰু ৰোমতকৈ বহুত আগুৱাই গৈছিল। বিশ্বৰ বেছিভাগ ডাঙৰ ডাঙৰ ঠায়ে পৰস্পৰে বান্ধখাই পৰিছিল আৰু জাহাজ চলাচলৰ নতুন কৌশল মানুহক আগতকৈ বহু বেছি দূৰলৈ যাত্ৰা কৰাত সহায় কৰিছিল।
৪। চমু টোকা লিখা:
(ক) নগৰ ৰাষ্ট্ৰ।
উত্তৰঃ কাৰ্ডিনেল গেছপাৰো কন্টাৰিনিয়ে (Cardinal Gasparo Contarini ১৪৮৩-১৫৪২) তেওঁৰ ‘The commonwealth and government of venice’ (১৫৩৪) চনত তেওঁৰ নগৰ ৰাষ্ট্ৰখনৰ গণতান্ত্ৰিক চৰকাৰৰ বিষয়ে লিখিছে “আমাৰ ভেনেচিয়ান ৰাষ্ট্ৰমণ্ডল (Commonwealth) চনৰ বিষয়ে ক’বলৈ গ’লে, নগৰখনৰ সকলো কৰ্তৃত্ব পৰিষদৰ ওপৰত ন্যস্ত আছিল।”
এতিয়া প্ৰথমে এটি খতিয়ান দাঙি ধৰিম কেনেকৈ আৰু কি জ্ঞান-বিশ্বাসত আমাৰ উপৰিপুৰুষসকলে থিৰাং কৰিছিল যে, যি সকল নাগৰিকৰ হাতত ৰাষ্ট্ৰমণ্ডলৰ ক্ষমতা ন্যস্ত আছিল, তেওঁলোকৰ লগত সাধাৰণ মানুহ জড়িত শাসন ব্যৱস্থাত বিভিন্ন ধৰণৰ বিপদ আৰু প্ৰচণ্ড জনআলোড়নৰ সৃষ্টি হৈছিল। পৰস্পৰৰ মাজত মতৰ মিল নাছিল- বিৰোধীমত দাঙি ধৰিছিল। প্ৰত্যেকেই ভাবিছিল যে তেওঁৰ মতটোৱেই শুদ্ধ। কিছুমানৰ মতে আকৌ সম্পত্তিৱান আৰু সামৰ্থৱান সকলে শাসন কৰিলে ভাল।
ইয়াৰ বিপৰীতে সাধু নাগৰিকসকল আৰু উদাৰ পৰিৱেশত ডাঙৰ-দীঘল হোৱা সকল প্ৰায়ে দুখীয়া হৈ পৰে। সেয়ে আমাৰ জ্ঞানী আৰু বিচক্ষণ উপৰিপুৰুষ সকলে নিৰ্দেশ দিছিল যে এনে ধৰণৰ শাসনৰ ঠাইত, সম্পত্তিৰ বিবেচনাৰ পৰিৱৰ্তে অভিজাত বংশৰ লোকেৰে গঠিত শাসন ব্যৱস্থা হ’ব লাগে। তত্ৰাচ, মুখ্য আৰু সৰ্বোৎকৃষ্ট অভিজাত শ্ৰেণীৰ লোকেই কেৱল শাসন কৰিব নালাগে (কাৰণ, সেয়ে হ’লে ক্ষমতা কিছু লোকৰ মাজতহে সীমাবদ্ধ হৈ থাকিব, ৰাষ্ট্ৰমত গঠন নহ’ব)। অধম লোকক বাদ দি আন সকলো নাগৰিকৰ প্ৰতিনিধি শাসনব্যৱস্থা থাকিব পাৰে, যাতে ‘জন্মসূত্রে অভিজাতসকল লগতে সৎশুণৰ বলত সন্ত্ৰান্ত হোৱা সকলৰ দ্বাৰা চৰকাৰ গঠন হ’ব লাগে।’
(খ) লিউনাৰ্ডো ডা ভিন্সি।
উত্তৰঃ লিউনাৰ্ডো ডা ভিন্সিৰ (১৪৫২-১৫১৯) নিজে অঁকা নিজৰ প্ৰতিকৃতি ছবিখন। তেওঁ উদ্ভিদবিদ্যা আৰু দেহতত্ত্বৰ পৰা গণিত আৰু কলালৈকে বহুতো বিষয়ত আচৰিত বুৎপত্তিতা লাভ কৰিছিল। তেওঁৰ বিখ্যাত ৰঙীন চিত্ৰ হ’ল ‘মনালিচা’ আৰু ‘লাষ্ট চাপাৰ’। লিউনাৰ্ডোৰ অন্যতম সপোন আছিল আকাশত উৰাটো। তেওঁ উৰি যোৱা চৰাই বহু বছৰ ধৰি পৰ্যবেক্ষণ কৰিছিল। আৰু এটা উৰণ যন্ত্ৰ তৈয়াৰ কৰিছিল। তেওঁ নামটো লিউনাৰ্ডো ডা ভিন্সি- পৰীক্ষণৰ শিষ্য ৰাখিছিল।
(গ) ১৫ শতিকাৰ স্থাপত্য।
উত্তৰঃ ১৫ শতিকাত নগৰৰ চমৎকাৰ পুনৰুত্থান ঘটে। ১৪১৭ চনৰ পৰা পোপ সকল ৰাজনৈতিক ভাৱে শক্তিশালী হৈ উঠে। কাৰণ, ১৩৭৮ চনৰ পৰা চলি অহা দুজন পৰস্পৰ বিৰোধী পোপৰ নিৰ্বাচন ব্যৱস্থাৰ অন্ত পৰাত এই ব্যৱস্থাই সৃষ্টি কৰা পোপৰ দুৰ্বলতাও অন্ত পৰে। পোপসকলে এতিয়া ৰোমৰ ইতিহাস অধ্যয়নত গুৰুত্ব দিলে। ৰোমৰ ধ্বংসাবশেষবোৰ প্ৰত্নতত্ববিদ সকলে সাৱধানতাৰে খান্দিলে। প্ৰত্নতত্ব বা পুৰাতত্বই নতুন নিৰ্মাণশৈলীৰ উদ্ভাৱন প্ৰেৰণ যোগালে। এই শৈলীক কোৱা হ’ল- ধ্ৰুপদী বা শাস্ত্ৰীয় স্থাপত্য। পোপ, বিত্তবান সদাগৰ আৰু অভিজাতসকলে ধ্ৰুপদী স্থপতিত সিদ্ধহস্ত স্থপতিবিদ নিয়োগ কৰিলে। শিল্পী আৰু ভাস্কৰসকলে ভৱনবোৰক ৰঙ্গীন চিত্ৰ-ভাস্কৰ্য্য আৰু উচ্চতাৰ তাৰতম্য দেখুৱাই অকা চিত্ৰৰে অলংকৃত কৰিবলৈ ললে।
কিছুমান লোকে একেৰাহে চিত্ৰশিল্পী, ভাস্কৰ আৰু স্থপতি হিচাপে নিজৰ বুৎপত্তি দেখুৱাইছিল মাইকেল এঞ্জেলো বুৱনাৰুটি ১৪৭৫-১৫৬৪ আছিল এনে এজন সব্যসাচী। তেওঁক চিষ্টাইন চেপেলৰ চিলিংখনত কৰা ৰঙীন চিত্ৰাংকন ‘পাইতা’ নামৰ ভাস্কৰ্য্য আৰু চেইণ্ট পীটাৰ্চ গীৰ্জাৰ গম্বুজৰ ৰূপাংকনে অমৰ কৰি ৰাখিছে।
(ঘ) কপাৰনিকাচ বিপ্লৱ।
উত্তৰঃ বিজ্ঞানীসকলে একেবাৰে পৃথক দিশেৰে খ্ৰীষ্টান ধৰ্মৰ মানুহক পাপী হিচাপে কৰা ধাৰণাক সমালোচনা কৰিছিল। ইউৰোপৰ বিজ্ঞান চৰ্চাৰ দিশ পৰিৱৰ্তন ঘটে, মাৰ্টিন লুথাৰৰ সমসাময়িক কপাৰনিকাচৰ (১৪৭৩-১৫৪৩) লিখনিৰ ফলত। খ্ৰীষ্টান সকলে বিশ্বাস কৰিছিল যে পৃথিৱীখন পাপৰ থলি আৰু পাপৰ ভাৰে ইয়াক স্থিতিশীল, লৰ-চৰ কৰিব নোৱৰা কৰি ৰাখে। বিশ্বব্ৰহ্মাশুৰ কেন্দ্ৰত পৃথিৱীখন, ইয়াৰ চাৰিওফালে গ্ৰহ-উপগ্ৰহবোৰ ঘূৰে।
কপাৰনিকাচে এই কথাত গুৰুত্ব দিছিল যে পৃথিৱীকে ধৰি গ্ৰহবোৰ সূৰ্য্যৰ চাৰিওফালে ঘূৰে। এই মত প্ৰচলিত মতৰ সম্পূৰ্ণ বিপৰীত। এজন নিষ্ঠাৱান খ্ৰীষ্টান কপাৰনিকাচে তেওঁৰ উক্ত সূত্ৰৰ বিৰুধিতা যে পৰম্পৰা ৰক্ষাকাৰী যাজক সম্প্ৰদায়ে কৰিব, সেই বিষয়ত নিশ্চিত আছিল আৰু সেয়ে শংকাবোধ কৰিছিল। এই কাৰণে তেওঁৰ কিতাপৰ পাণ্ডুলিপিখন প্ৰকাশ কৰিবলৈ কপাৰনিকাচ অনিচ্ছুক আছিল। তেওঁৰ মৃত্যুৰ শয্যত কপাৰনিকাচে এই পাণ্ডুলিপি তেওঁৰ বিশ্বস্ত অনুগামী জোৱাচিম ৰেটিকাচৰ হাতত অৰ্পণ কৰিছিল। তেওঁৰ সূত্ৰে মানুহে সহজে গ্ৰহণ কৰিব পৰা নাছিল- সময় লাগিছিল। আধা শতিকাৰো অধিককাল পিছত স্বৰ্গ আৰু পৃথিৱীৰ ব্যৱধান জ্যোতিৰ্বিজ্ঞানী জহানচ্ কেপলাৰ আৰু গেলিলিও গেলিলিয়ে (১৫৬৪-১৬৪২) তেওঁলোকৰ লেখাৰ যোগে কমাই আনিছিল।