Class 11 History Chapter 8 সংস্কৃতিৰ সংঘাত

Class 11 History Chapter 8 সংস্কৃতিৰ সংঘাত Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters AHSEC Class 11 History Chapter 8 সংস্কৃতিৰ সংঘাত and select needs one.

Class 11 History Chapter 8 সংস্কৃতিৰ সংঘাত

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 History Chapter 8 সংস্কৃতিৰ সংঘাত Solutions for All Subject, You can practice these here.

সংস্কৃতিৰ সংঘাত

Chapter: 8

অনুশীলনীঃ

১। অতি চমু উত্তৰ দিয়া:

(ক) ইন্কানগৰ মাছু পিছুৰ পুনৰ আৱিষ্কাৰ কেতিয়া হৈছিল?

উত্তৰঃ ইন্কানগৰ মাছু পিছুৰ পুনৰ আৱিষ্কাৰ ১৯১১ চনত হৈছিল।

(খ) মেক্সিকো নামটো ক’ৰ পৰা লোৱা হৈছে?

উত্তৰঃ মেক্সিকো নামটো মধ্য আমেৰিকাৰ পৰা লোৱা হৈছে।

(গ) ব্ৰাজিল শব্দটো কোন বিধ গছৰ পৰা হৈছে?

উত্তৰঃ ব্ৰাজিল শব্দটো ব্ৰাজিল গছৰ পৰা হৈছে।

(ঘ) টলেমিৰ ভূগোল কেতিয়া ছপা হৈ ওলাইছিল?

উত্তৰঃ টলেমিৰ ভূগোল ১৪৭৭ খ্ৰী:ত ছপা হৈ ওলাইছিল।

(ঙ) ক’চম’গ্ৰাফী কি?

উত্তৰঃ ক’চম’গ্ৰাফী হ’ল- বিশ্বব্ৰহ্মাণ্ডখন মানচিত্ৰত প্ৰকাশ কৰা বিজ্ঞান।

(চ) আমেৰিকা নামটো কোন চনৰ পৰা ব্যৱহাৰ হৈছিল?

উত্তৰঃ আমেৰিকা নামটো ১৫০৭ চনৰ পৰা ব্যৱহাৰ হৈছিল।

(ছ) আমেৰিকাৰ শব্দটো ক’ৰ পৰা লোৱা হৈছে?

উত্তৰঃ আমেৰিকাৰ শব্দটো ভাৰতবৰ্ষৰ পৰা লোৱা হৈছে।

(জ) কিউবা কোন চনত আৱিষ্কাৰ হৈছিল?

উত্তৰঃ কিউবা ১৪১৫ চনত আৱিষ্কাৰ হৈছিল।

(ঝ) উত্তৰ আমেৰিকাৰ উপকূল কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ উত্তৰ আমেৰিকাৰ উপকূল স্পেচিনসকলে আৱিষ্কাৰ কৰিছিল।

(ঞ) মেগেলেনে জলপথেৰে কোন খ্ৰী:ত বিশ্ব পৰিভ্ৰমণ কৰিছিল?

উত্তৰঃ ১৫২২ খ্ৰী:ত বিশ্ব পৰিভ্ৰমণ কৰিছিল।

(ট) কোন চনত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰা হয়?

উত্তৰঃ ১৬০০ চনত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰা হয়।

(ঠ) এটাহুৱাল্পাই কোন চনত ইন্কা সিংহাসন আৰোহণ কৰে?

উত্তৰঃ ১৫৩২ চনত ইন্কা সিংহাসন আৰোহণ কৰে।

(ড) দক্ষিণ আমেৰিকাৰ নতুন নাম কি?

উত্তৰঃ দক্ষিণ আমেৰিকাৰ নতুন নাম লেটিন আমেৰিকা।

২। চমুকৈ উত্তৰ লিখা:

(ক) এজটেক সভ্যতাৰ মেচোপটেমীয়া সভ্যতাৰ লগত তুলনা কৰা।

উত্তৰঃ এজটেক সভ্যতাৰ মেচোপটেমীয়া সভ্যতাৰ লগত তুলনা হ’ল– এজনটেক সভ্যতাৰ এক আধুনিক সভ্যতাৰ আছিল আৰু মেচোপটেমিয়া সভ্যতাৰ শ শ বছৰৰ আগৰে পৰা আছিল।

(খ) কোনবোৰ কাৰকে ১৫ শতিকাৰ ইউৰোপীয় নৌ-সঞ্চালনত সহায় কৰিছিল?

উত্তৰঃ ১৫ শতিকাৰ পৰা ইউৰোপীয় সমুদ্ৰ পৰিযোজনাই এখন মহাসাগৰৰ পৰা আন এখন মহাসাগৰলৈ যাব পৰাকৈ এক সমুদ্রপথ খুলিছিল। ইয়াৰ আগতে এনে বেছিভাগ পথে ইউৰোপীয় সকলৰ বাবে অচিনাকী আছিল। এইবোৰ কাৰণতে ১৫ শতিকাৰ ইউৰোপীয় নৌ-সঞ্চালনত সহায় কৰিছিল।

(গ) কি কাৰণত স্পেইন আৰু পৰ্তুগালে ১৫ শতিকাত সৰ্ব্ব প্ৰথমে আটলাণ্টিক মহাসাগৰ পাৰ হৈ যাবলৈ সাহস কৰিছিল?

উত্তৰঃ টমেলিয়ে ভাবিছিল যে পৃথিৱীখন গোলাকাৰ, তেওঁ মহানগৰবোৰত বিস্তিতি সম্পৰ্ক ধাৰণা কৰা নাছিল। তেওঁলোকে সেই যাত্ৰা দীঘলীয়া হ’ব বুলি ভৱা নাছিল। সেই কাৰণে ১৫০০ শতিকাত স্পেইন আৰু পৰ্তুগালে শতিকাত সৰ্ব্ব প্ৰথমে আটলাণ্টিক মহাসাগৰ পাৰ হৈ যাবলৈ সাহস কৰিছিল।

(ঘ) দক্ষিণ আমেৰিকাৰ পৰা কি কি নতুন খাদ্যবস্তু পৃথিৱীৰ অন্যতম ঠাইলৈ গৈছিল?

উত্তৰঃ সেই বস্তুবোৰ আছিল– কচু, কোমোৰা, মাকৌ, আৰৱী কচু, আলু আৰু জলকীয়া ইত্যাদি। খাদ্যবস্তু পৃথিৱীৰ অন্যতম ঠাইলৈ গৈছিল।

৩। ৰচনাধর্মী প্ৰশ্ন:

(ক) ধৰি-বান্ধি দাস হিচাপে ব্ৰাজিললৈ নিয়া ১৭ বছৰীয়া ল’ৰা এটাৰ ভ্ৰমণ বৃত্তান্ত লিখা।

উত্তৰঃ পতুৰ্গীজবিলাকে ব্ৰাজিল দখল কৰিছিল। ১৫০০ চনত পৰ্তুগাল নিবাসী পেদ্ৰো এলভাৰেছ কেব্ৰেলৰ নেতৃত্বত পৰ্তুগালৰ পৰা ভাৰতলৈ আহিব বুলি জাহাজৰ এটা বৃহৎ শোভাযাত্ৰা ওলাল। উত্তৰে সাগৰ এৰি পশ্চিম আফ্ৰিকাইদি গৈ তেওঁ আজিৰ ব্ৰাজিল ওলায়গৈ। দক্ষিণ আমেৰিকাৰ পূব অংশ পোপে পৰ্তুগালৰ নামত মেপত অন্তৰ্ভুক্ত কৰিছিল। গতিকে পৰ্তুগীজবিলাকে এতিয়া ইয়াত নিজকে অবিসম্বাদী বুলি ধৰি ল’লে।

পৰ্তুগীজবিলাক ব্ৰাজিলতকৈ পশ্চিম ভাৰতৰ লগতহে বাণিজ্য কৰিবলৈ অধিক আগ্ৰহী আছিল। কাৰণ, ব্ৰাজিলত সোণ পোৱাৰ আশা নাছিল। কিন্তু প্ৰাকৃতিক সম্পদ কাঠ পোৱা গৈছিল, তাকে তেওঁলোকে সংগ্ৰহ কৰিবলৈ ল’লে। পৰ্তুগীজ বিলাকে নাম দিয়া ব্ৰাজিলউড অঞ্চলত সুন্দৰ ৰঙা ৰং উৎপাদিত হৈছিল। স্থানীয় লোকে অতি আচৰিত বস্তু বুলি ভবা চুৰি-কটাৰী আৰু কৰতৰ বিনিময়ত এনে গছ কাটি জাহাজত বোজাই কৰি দিবলৈ ৰাজি হ’ল।

এই কাঠৰ ব্যৱসায়ক কেন্দ্ৰ কৰি পৰ্তুগীজ আৰু ফৰাচী সকলৰ মাজত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হয়। পৰ্তুগীজ সকলে জয়লাভ কৰে; যিহেতু তেওঁলোক শক্তিশালী আছিল আৰু ইয়াত বসতি স্থাপন কৰিবলৈ সিদ্ধান্ত কৰিছিল। ১৫৩৪ চনত পৰ্তুগীজ ৰজাই ব্ৰাজিলৰ উপকূল অঞ্চল ভাগ কৰি চৈধ্যতা বংশানুক্ৰমিক শাসন গোট প্ৰতিষ্ঠা কৰে। 

এই দাস জীৱনৰ পৰা হাত-সাৰি থাকিবৰ বাবে দেশীয় লোকসকলে গভীৰ অৰণ্যত গৈ আশ্ৰয় লৈছিল। ফলত উপকূল অঞ্চলৰ দেশীয় লোকৰ গাঁওবোৰ খালি হৈ গৈছিল আৰু তাৰ ঠাই পূৰণ কৰিছিল ইউৰোপীয় নগৰবোৰে। কৃষিভূমিৰ মালিকসকলে দাস সংগ্ৰহৰ অন্য উৎস বিচাৰি ল’লে পশ্চিম আফ্ৰিকাক। সেয়ে স্পেনিছসকলে তেওঁলোকক আনুষ্ঠানিকভাৱে দাসত পৰিণত কৰিবলগা হৈছিল, বা দাস-বিচাৰি আনফালে যোৱাৰো প্ৰয়োজন নহৈছিল।

(খ) কেনেকৈ দক্ষিণ আমেৰিকাৰ ‘আৱিষ্কাৰে’ ইউৰোপীয় উপনিৱেশবাদ বৃদ্ধি কৰাত সহায় কৰিছিল?

উত্তৰঃ দক্ষিণ আমেৰিকাৰ ‘আৱিষ্কাৰে’ ইউৰোপীয় উপনিৱেশবাদ বৃদ্ধি কৰাত সহায় কৰিছিল। কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল। দক্ষিণ আমেৰিকা আছিল অগাধ অৰণ্য পৰ্বতৰে ভৰা ডাঙৰ ডাঙৰ নদী আমাজান এই হাবিবোৰ মাজেদি শ শ মাইল বৈ গৈছিল। মধ্য আমেৰিকা উপকূলীয়া অঞ্চল ঘনভূমিত ঘন বসতি আছিল। আমেৰিকাৰ খেতি-পথাৰত কাম কৰিবলৈ আফ্ৰিকাৰ পৰা মানুহ আনি ইউৰোপীয় সকলে দাস হিচাপে বিক্ৰী কৰিছিল।

১৩৮০ চনৰ পৰা চুম্বক (মেগ্নেটিক) কম্পাচৰ সহায়েৰে সাগৰ যাত্ৰাত ভ্ৰমণৰ নিৰ্দিষ্ট ঠাইখন উলিয়াব পৰা গ’ল। কিন্তু কেৱল ১৫ শতিকাতহে মানুহে এই যন্ত্ৰ ব্যৱহাৰ কৰি অজান দেশলৈ যাত্ৰা কৰিছিল। এই সময়লৈ ইউৰোপীয়সকলে জাহাজৰো বহুতো উন্নতি সাধিছিল। বহুত মাল-বস্তু আৰু শত্ৰুৰ আক্ৰমণ প্ৰতিৰোধ কৰিব পৰা অস্ত্ৰ-শস্ত্ৰ নিব পৰা বৃহৎ আকাৰৰ জাহাজবোৰ সাজি উলিয়াইছিল। ভ্ৰমণ বৃত্তান্ত আৰু ভূগোলৰ লগতে ব্ৰহ্মাণ্ডতত্বৰ কিতাপৰ প্ৰচাৰ হোৱাতহে ১৫ শতিকাৰ পৰা মানুহ অভিযানবিলাকৰ প্রতি আকৰ্ষিত হৈছিল।

দক্ষিণ আমেৰিকাৰ পূব অংশ পোপে পৰ্তুগালৰ নামত মেপত অন্তৰ্ভুক্ত কৰিছিল। গতিকে পৰ্তুগীজবিলাকে এতিয়া ইয়াত নিজকে অবিসম্বাদী বুলি ধৰি ল’লে। পৰ্তুগীজবিলাক ব্ৰাজিলতকৈ পশ্চিম ভাৰতৰ লগতহে বাণিজ্য কৰিবলৈ অধিক আগ্ৰহী আছিল কাৰণ, ব্ৰাজিলত সোণ পোৱাৰ আশা নাছিল। কিন্তু প্ৰাকৃতিক সম্পদ কাঠ পোৱা গৈছিল, তাকে তেওঁলোকে সংগ্ৰহ কৰিবলৈ ল’লে।

১৫৪০ চনত পৰ্তুগীজসকলে বৃহৎ অঞ্চলত কুঁহিয়াৰ খেতি কৰে আৰু চেনিকলো প্ৰতিষ্ঠা কৰে। চেনী ইউৰোপৰ বিক্ৰী কৰা হৈছিল। ব্ৰাজিলৰ অতি গৰম আৰু সেমেকা জলবায়ুৰ বাবে তেওঁলোকে নিজে কষ্ট নকৰি পথাৰ আৰু মিলৰ কামৰ বাবে পৰ্তুগীজ সকলে স্থানীয় লোকৰ ওপৰত নিৰ্ভৰ কৰিছিল। স্থানীয় লোকসকলে কাম কৰিবলৈ অমান্তি হ’লে মিলৰ মালিকসকলে তেওঁলোকক অপহৰণ কৰি দাস হিচাপে কামত লগাইছিল।

উপনিবেশীসকলে নিজ নিজ মাতৃভূমি স্পেইন আৰু পৰ্তুগালৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰাম কৰিবলগা হৈছিল আৰু তেওঁলোক স্বাধীন হৈছিল। সেইদৰে উত্তৰ আমেৰিকাৰ ১৩ খন ইংৰাজ উপনিৱেশ বৃটেইনৰ বিৰুদ্ধে যুদ্ধ কৰি স্বাধীন হৈছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ গঠন কৰিছিল।

(গ) স্পেইনৰ আমেৰিকাত সাম্ৰাজ্য প্ৰতিষ্ঠাৰ বিৱৰণ দিয়া।

উত্তৰঃ স্পেইনৰ আমেৰিকাত সাম্ৰাজ্য প্ৰতিষ্ঠাৰ কেনেদৰে কৰিছিল তাৰ বিষয়ে আলোচনা কৰা হ’ল–

স্পেইনৰ সম্প্ৰসাৰণৰ গুৰিতে আছিল ইয়াৰ সামৰিক শক্তি, বন্দুক-পাওদাৰ আৰু ঘোঁৰা। তেওঁলোকে স্থানীয় বাসিন্দাসকলক কৰ দিবলৈ বা সোণ আৰু ৰূপৰ খনিত কাম কৰিবলৈ বাধ্য কৰিছিল। আৱিষ্কাৰৰ পিছতে মুষ্টিমেয় স্পেনিচ লোকৰ বসতি স্থাপন কৰা হয়। এওঁলোকে স্থানীয় বাসিন্দাৰ কাম-কাজ চোৱাচিতা কৰিছিল। স্থানীয় মুখিয়াল লোকক অধিক ঠাই আৰু সোণৰ খনি আৱিষ্কাৰত নিয়োগ কৰিছিল। স্পেনিচসকলৰ সোণৰ প্ৰতি থকা লিন্সাৰ বাবে হিংসাত্মক ঘটনা সংঘটিত হৈছিল। স্থানীয় লোকে তেওঁলোকক বাধা দিছিল। স্পেনিচ আক্ৰমণকাৰীবোৰক কঠোৰ সমালোচনা কৰা স্পেনিচ ভিক্ষু বাৰ্টলম দ্য লাচ কাচাচে পৰ্যবেক্ষণ কৰিছিল। সামৰিক অতিশয্য আৰু জোৰ কৰি কৰোৱা শ্ৰমে স্থানীয় লোক সকলক ৰুগীয়া কৰিছিল। ইয়াৰ কোনো প্ৰতিকাৰ নোহোৱাত বহুতো লোকৰ মৃত্যু হৈছিল। স্থানীয় লোক সকলে ভাবিছিল সেই বেমাৰবোৰ স্পেনিচসকলে ব্যৱহাৰ কৰা অদৃশ্যশুলীৰ পৰাই হৈছিল।

কলম্বাচৰ অভিযানবোৰৰ পিছত সফল আৰু দীঘলীয়াকৈ মধ্য আৰু দক্ষিণ আমেৰিকা অভিযানবোৰ চলিছিল। অৰ্ধেক শতিকাৰ ভিতৰত স্পেনিচসকলে বিনা বাধাই ৪০° উত্তৰৰ পৰা ৪০° দক্ষিণ অক্ষৰেখালৈ পশ্চিম গোলাৰ্ধৰ এক বৃহৎ অংশ আৱিষ্কাৰ কৰে আৰু ইয়াৰ ওপৰত নিজৰ দাবী সাব্যস্ত কৰে। ই প্ৰধানকৈ দুজন মানুহৰ কাম আছিল: হাৰমন কৰ্টেচ (Hernan Cortes, ১৪৮৮-১৫৪৭) আৰু ফ্ৰেন্সিচকো পীজাৰো (Francisco Pizarro, ১৪৭৮-১৫৪১) তেওঁলোকৰ অভিযানবোৰত বিত্তৰ যোগান ধৰিছিল স্পেইনৰ মধ্যৱৰ্তী শ্ৰেণীৰ মাটিগিৰী, স্থানীয় নিকায়ৰ পৰিষদ আৰু অভিজাত সকলে। অভিযানত যোগদান দিয়াসকলে ইয়াত জয়লাভ কৰাৰ পিছত লাভ কৰা সম্পদৰ অংশ পোৱাৰ আশাত সা-সৰঞ্জাম যুশুতাই দিছিল।

(ঘ) এজটেক আৰু ইন্কা সকলৰ কিয় আৰু কেনেকৈ পতন হ’ল আলোচনা কৰা।

উত্তৰঃ এজটেক আৰু ইন্কা সকলৰ কিয় আৰু কেনেকৈ পতন হৈছিল–

দ্বাদশ শতিকাত এজেটেকসকল উত্তৰ দিশৰ পৰা আমেৰিকাৰ মেক্সিকোৰ মধ্য উপত্যকালৈ আহে (তেওঁলোকৰ উপাস্য দেৱতা মেক্সিটলি চনৰ নাম অনুসৰি মেক্সিকো হয়)। তেওঁলোকে বিভিন্ন জনজাতিক পৰাস্ত কৰি সাম্ৰাজ্যৰ সম্প্ৰসাৰণ ঘটায় আৰু পৰাজিত সকলৰ পৰা কৰ সংগ্ৰহ কৰিবলৈ লয়।

এজটেক সমাজত ক্ষমতা অনুসৰি সৰু-বৰ বিষয়ববীয়া আছিল। তেওঁলোকৰ শ্ৰেণীবদ্ধ সমাজখনত অভিজাত শ্ৰেণীটোত জন্মসূত্রে সন্ত্ৰান্তলোক, পুৰোহিত আৰু অন্যান্য লোক অন্তৰ্ভুক্ত আছিল। বংশানুক্ৰমিক অভিজাত শ্ৰেণীটো আছিল সংখ্যত কম। কিন্তু চৰকাৰত সৈন্য বাহিনী আৰু ধৰ্মক্ষেত্ৰত তেওঁলোকে ডাঙৰ বিষয়-বাব পাইছিল। অভিজাতসকলে তেওঁলোকৰ মাজৰ এজনক সৰ্ব্বময় কর্তা বা নেতা হিচাপে বাছিছিল আৰু তেঁৱে মৃত্যু পৰ্য্যন্ত দেশ শাসন কৰিছিল।

এজটেক সাম্ৰাজ্য আছিল গ্ৰাম্যভিত্তিক। তেওঁলোকে নানাবিধ ফচল– মাকৈ, স্কোৱাচ, ৰঙা লাও, কোমোৰা, কচু, আৰবী কচু, আলু আদি উৎপাদন কৰিছিল। ভূমিস্বত্ব ব্যক্তিৰ নাছিল, দল বা কুলৰ সমূহিয়া স্বত্বহে আছিল। বংশ বা কুলেই ৰাজহুৱা ৰাস্তা-পদূলি সামূহিকভাৱে নিৰ্মাণ কৰিছিল। কেতিয়াবা আকৌ ইউৰোপীয় চাৰ্ফৰ দৰে কৃষকসকলে অভিজাতসকলৰ হাতত থকা মাটিৰ লগত জড়িত হৈ আছিল। ১৬ শতিকাৰ আৰম্ভণিতে এজটেক সাম্ৰাজ্য সমস্যাৰ সন্মুখীন হৈছিল।

দক্ষিণ আমেৰিকাৰ বৃহত্তম আদিম সভ্যতা হ’ল পেৰুৰ কুৱেচুৱা বা ইন্কাসকল। দ্বাদশ শতিকাত প্ৰথম ইন্কা শাসন মানকো কাপাকে কোজকোত ৰাজধানী স্থাপন কৰে। নৱম ইন্কাৰ দিনত ইন্কা সাম্ৰাজ্যৰ সম্প্ৰসাৰণ আৰম্ভ হয় আৰু বাঢ়ি গৈ ইকোৱেদৰৰ পৰা চিলিলৈ ৩০০০ মাইল সামৰি লয়। এইদৰে এজটেক সাম্ৰাজ্যৰ দৰে ইন্কা সাম্ৰাজ্যও ইন্কাসকলৰ নিয়ন্ত্ৰণত থকা এখন সংঘৰাজ্যৰ দৰে। এওঁলোকৰ জনসংখ্যা কিমান আছিল স্পষ্টকৈ জনা নাযায়। এজটেকসকলৰ দৰে ইন্কসকল উচ্চস্তৰৰ নিৰ্মাণ আছিল। তেওঁলোকে ইকুৱেদৰৰ পৰা চিলিলৈ পৰ্বতৰ ওপৰত পথ নিৰ্মাণ কৰিছিল। তেওঁলোকৰ দুৰ্গবোৰ পাথৰৰ বহল টুকুৰাৰে নিৰ্মাণ কৰা হৈছিল।

(ঙ) ইউৰোপীয়সকলৰ সাগৰীয় অভিযানৰ বিষয়ে বহলাই লিখা।

উত্তৰঃ ইউৰোপীয়সকলৰ সাগৰীয় অভিযানৰ বিষয়ে বহলাই লিখা হ’ল–

১৩৮০ চনৰ পৰা চুম্বক (মেগ্নেটিক) কম্পাচৰ সহায়েৰে সাগৰ যাত্ৰাত ভ্ৰমণৰ নিৰ্দিষ্ট ঠাইখন উলিয়াব পৰা গ’ল। কিন্তু কেৱল ১৫ শতিকাতহে মানুহে এই যন্ত্ৰ ব্যৱহাৰ কৰি অজান দেশলৈ যাত্ৰা কৰিছিল। এই সময়লৈ ইউৰোপীয়সকলে জাহাজৰো বহুতো উন্নতি সাধিছিল। বহুত মাল-বস্তু আৰু শত্ৰুৰ আক্ৰমণ প্ৰতিৰোধ কৰিব পৰা অস্ত্ৰ-শস্ত্ৰ নিব পৰা বৃহৎ আকাৰৰ জাহাজবোৰ সাজি উলিয়াইছিল। ভ্ৰমণ বৃত্তান্ত আৰু ভূগোলৰ লগতে ব্ৰহ্মাণ্ডতত্বৰ কিতাপৰ প্ৰচাৰ হোৱাতহে ১৫ শতিকাৰ পৰা মানুহ অভিযানবিলাকৰ প্রতি আকৰ্ষিত হৈছিল।

১৪৭৭ খ্ৰীষ্টাদ্বত টলেমিৰ ভূগোল (১৩০০ বছৰৰ আগতে লিখা) ছপা আকাৰে প্ৰকাশিত হয় আৰু ইয়াৰ প্ৰচুৰ প্ৰচাৰ ঘটে। টলেমিৰ (এজন ইজিপ্তয়ানৰ) মতে পৃথিৱীৰ অঞ্চলবোৰ অক্ষাংশ, আৰু দ্ৰাঘিমাংশ অনুসৰি থিৰাং কৰিব পাৰি। এই কিতাপখন পঢ়ি ইউৰোপীয়সকলে পৃথিৱীৰ বিষয়ে কিছু কথা জানিব পাৰিলে। ইয়াৰ পৰা তেওঁলোকে ইউৰোপ, এছিয়া আৰু আফ্ৰিকা– এই তিনিখন মহাদেশ আছে বুলি বুজি পাইছিল। গোলাকাৰ, কিন্তু তেওঁৰ মহাসাগৰবোৰৰ বিস্তৃতিৰ সম্পৰ্কত স্পষ্ট ধাৰণা নাছিল, যিহেতু এই যাত্ৰা দীঘলীয়া নহ’ব বুলিয়ে ভাবিছিল, সেয়ে তেওঁলোকৰ বহুতেই সাগৰেদি গৈ অজান দেশ পোৱা যাব বুলি সাহস কৰিছিল।

আইবেৰিয়ান উপদ্বীপৰ পৰ্তুগীজ আৰু স্পেনিছ সকলেই ১৫ শতিকাৰ সাগৰীয় অভিযানবোৰত আগভাগ লৈছিল। বহুদিন ধৰি এই অভিযানক আৱিষ্কাৰৰ বাবে সাগৰ যাত্ৰা বুলি কোৱা হৈছিল। পিছত অৱশ্যে ঐতিহাসিক সকলে যুক্তি দিয়ে যে এইবোৰেই ‘পুৰণি পৃথিৱী’ৰ মানুহে তেওঁলোকৰ অজান দেশলৈ কৰা প্ৰথম সাগৰীয় যাত্ৰা। আৰৱ চীন আৰু ভাৰতীয়সকলে মহাসাগৰৰ বিশাল অঞ্চল ভ্ৰমণ কৰিছিল আৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপৰ পলিনেচিয়ান আৰু মাইক্ৰ’নেচিয়ান সকল মহাসাগৰ পাৰ হৈছিল। নৰৱেৰ ভাইকিং-সকলে একাদশ শতিকাত উত্তৰ আমেৰিকা পাইছিলগৈ।

১৪৫৩ চনত তুৰ্কী সকলে কন্সটান্টিনোপল অধিকাৰ কৰাৰ ফলত এই বাণিজ্য অতি অসুবিধাজনক হৈ পৰে। ইটালীয়ানসকলে যেনে তেনে তুৰ্কীসকলৰ লগত ব্যৱসায়-বাণিজ্য চলাই আছিল কিন্তু উচ্চহাৰত বাণিজ্যক কৰ দিব লগা হৈছিল। ব্যৱসায়-বাণিজ্যৰ পিছতে ৰাজনৈতিক নিয়ন্ত্ৰণ আহিছিল আৰু ইউৰোপীয় দেশবিলাকে গৰম জলবায়ু অঞ্চলত উপনিৱেশ প্ৰতিষ্ঠা কৰি অধিক সুবিধা লাভ কৰিছিল।

১১৩৯ চনৰ পৰা পৰ্তুগালৰ দৰে এখন ক্ষুদ্ৰদেশ স্পেইনৰ হাতৰ পৰা মুক্ত হৈ মাছ ধৰা আৰু জাহাজ নিৰ্মাণত নিপুণতা দেখুৱাবলৈ লয় আৰু পশ্চিম আফ্ৰিকাৰ লগত ব্যৱসায়ৰ নেতৃত্ব লয়। পৰ্তুগাল যুৱৰাজ হেনৰী পশ্চিম আফ্ৰিকাৰ উপকূল অঞ্চললৈ অভিযান পঠায় আৰু ১৪১৫ চনত কিউটা আক্ৰমণ কৰে। ইয়াৰ পিছত অধিক অভিযান পঠোৱা হয় আৰু পৰ্তুগীজ সকলে ৰ’জাদ’ৰ অন্তৰীপত বাণিজ্য-কুঠি স্থাপন কৰে। তাৰ আফ্ৰিকান সকলক ধৰি-বান্ধি দাস কৰে, সোণ সংগ্ৰহ কৰে।

৪। চমু টোকা লিখা:

(ক) এজেটেকসকল।

উত্তৰঃ দ্বাদশ শতিকাত এজেটেকসকল উত্তৰ দিশৰ পৰা আমেৰিকাৰ মেক্সিকোৰ মধ্য উপত্যকালৈ আহে (তেওঁলোকৰ উপাস্য দেৱতা মেক্সিটলি চনৰ নাম অনুসৰি মেক্সিকো হয়)। তেওঁলোকে বিভিন্ন জনজাতিক পৰাস্ত কৰি সাম্ৰাজ্যৰ সম্প্ৰসাৰণ ঘটায় আৰু পৰাজিত সকলৰ পৰা কৰ সংগ্ৰহ কৰিবলৈ লয়।

এজটেক সমাজত ক্ষমতা অনুসৰি সৰু-বৰ বিষয়ববীয়া আছিল। তেওঁলোকৰ শ্ৰেণীবদ্ধ সমাজখনত অভিজাত শ্ৰেণীটোত জন্মসূত্রে সন্ত্ৰান্তলোক, পুৰোহিত আৰু অন্যান্য লোক অন্তৰ্ভুক্ত আছিল। বংশানুক্ৰমিক অভিজাত শ্ৰেণীটো আছিল সংখ্যত কম। কিন্তু চৰকাৰত সৈন্য বাহিনী আৰু ধৰ্মক্ষেত্ৰত তেওঁলোকে ডাঙৰ বিষয়-বাব পাইছিল। অভিজাতসকলে তেওঁলোকৰ মাজৰ এজনক সৰ্ব্বময় কর্তা বা নেতা হিচাপে বাছিছিল আৰু তেঁৱে মৃত্যু পৰ্য্যন্ত দেশ শাসন কৰিছিল।

এজটেক সাম্ৰাজ্য আছিল গ্ৰাম্যভিত্তিক। তেওঁলোকে নানাবিধ ফচল– মাকৈ, স্কোৱাচ, ৰঙা লাও, কোমোৰা, কচু, আৰবী কচু, আলু আদি উৎপাদন কৰিছিল। ভূমিস্বত্ব ব্যক্তিৰ নাছিল, দল বা কুলৰ সমূহিয়া স্বত্বহে আছিল। বংশ বা কুলেই ৰাজহুৱা ৰাস্তা-পদূলি সামূহিকভাৱে নিৰ্মাণ কৰিছিল। কেতিয়াবা আকৌ ইউৰোপীয় চাৰ্ফৰ দৰে কৃষকসকলে অভিজাতসকলৰ হাতত থকা মাটিৰ লগত জড়িত হৈ আছিল। ১৬ শতিকাৰ আৰম্ভণিতে এজটেক সাম্ৰাজ্য সমস্যাৰ সন্মুখীন হৈছিল।

(খ) মায়াসকল।

উত্তৰঃ একাদশ আৰু চতুৰ্থশ শতিকাত মেক্সিকোত মায়া সংস্কৃতিৰ বিকাশ ঘটিছিল। কিন্তু ১৬ শতিকাত তেওঁলোকৰ ৰাজনৈতিক ক্ষমতা এজটেক সকলতকৈ কমি আহিছিল, শস্য ৰোপণ, গছৰ বৃদ্ধি আৰু খেতি চপোৱাৰ লগত জড়িত আছিল। উন্নত কৃষি প্ৰণালীৰ বাবে তেওঁলোকৰ উৎপাদন বা শস্য ৰাহি হৈছিল, ইয়াৰ বাবে মায়া শাসক, পুৰোহিত আৰু অভিজাত সকলে স্থপতি, জ্যোতিৰ্বিদ্য আৰু গণিত চৰ্চাত গুৰুত্ব দিব পাৰিছিল। তেওঁলোকে ছৱিৰ মাধ্যমেৰে আখৰ লিখিছিল। সেইবোৰৰ পাঠোদ্ধাৰ আংশিকভাৱেহে কৰিব পৰা গৈছে।

(গ) ডনা মেৰীনা।

উত্তৰঃ বাৰ্ণাদ ডিয়াজ ডেল কেষ্টিলো (Bernard Diaz del Castillo, ১৪৯৫-১৫৮৪) তেওঁৰ True History of the Conquest of Maxico চনত লিখিছিল যে টবাস্কোৰ মানুহে কৰ্টেচক ড’না মেৰীনা নামৰ এগৰাকী সহায়কাৰী দিছিল। তেওঁ তিনিটা স্থানীয় ভাষা ভালকৈ জানিছিল আৰু কৰ্টেচৰ দুভাষী হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ‘এইটো আমাৰ অভিযানৰ গুভাৰম্ভ আৰু ড’না মেৰীণাৰ অবিহনে নিউস্পেইন আৰু মেক্সিকোৰ ভাষা আমি নাজানিলোহেঁতেন’।

ডিয়াজে তেওঁক এগৰাকী ৰাজকুঁৱৰী বুলি ভাবিছিল। কিন্তু মেক্সিকানসকলে তেওঁক মালিঞ্চ অৰ্থাৎ বিশ্বাসঘাটিনী বুলি কৈছিল। এজন লোক, যি দাসসুলভভাৱে আনলোকৰ সাজ-পোছাক আৰু ভাষা হুবহু অনুকৰণ কৰে।

(ঘ) কলম্বাচৰ আটলাণ্টিক যাত্ৰা।

উত্তৰঃ ক্ৰিষ্ট’ফাৰ কলম্বাচ (১৪৫১-১৫০৬) আছিল নিজেই শিকি-বুজি ডাঙৰ হোৱা মানুহ। তেওঁ দু:সাহসীক কাম কৰি ভাল পাইছিল আৰু নিজৰ নাম উজ্জ্বল কৰিবলৈ তেওঁৰ প্ৰৱল ধাউতি আছিল। তেওঁ নিজৰ গৌৰৱ বিচাৰিছিল। কলম্বাচে ভৱিষ্যৎবাণী বিশ্বাস কৰিছিল আৰু তেওঁৰ দৃঢ় ধাৰণা হৈছিল যে পশ্চিমলৈ যাত্ৰা কৰি পূৱ দিশলৈ (ইণ্ডিজ) পথ আৱিষ্কাৰত তেওঁৰ সৌভাগ্য নিৰ্ভৰ কৰিছিল। ১৪১০ চনত কাৰ্ডিনেল পীয়েৰ দ্য এইলিয়ে লিখা Imago Mundi পঢ়ি তেওঁ এনে অভিযানৰ আঁচনি দাখিল কৰিলে। অৱশ্যে স্পেনিচ ৰজাই কলম্বাচৰ অভিযানৰ পৃষ্ঠপোষকতা কৰাত ১৪৯২ চনৰ তিনি আগষ্টত পেলচ বন্দৰৰ পৰা সমুদ্ৰ যাত্ৰা আৰম্ভ কৰিলে। দীঘলীয়া আটলাণ্টিকৰ যাত্ৰা বা লক্ষ্যস্থান সম্পৰ্কত তেওঁৰ প্ৰস্তুতি নাছিল।

অৱশেষত ১৪৯২ চনৰ ১২ অক্টোবৰত কলম্বাচৰ দলটোৱে মাটি স্পৰ্শ কৰিলে। তেওঁ ভাবিলে সেই ভূখণ্ডই ভাৰত। কিন্তু সি আছিল বাহামাৰ গুনাহানি দ্বীপহে। এই নাম কলম্বাচে দিয়া বুলি কোৱা হয়। তেওঁ দ্বীপটো অগভীৰ, বাম বৰ্ণনা কৰিছিল। গুনাহানিত আৰৱাসকলে তেওঁলোকক আদৰণি জনায়। আৰু খাদ্যও যাচিছিল। মুঠতে তেওঁলোকৰ বদান্যতাই কলম্বাচৰ ওপৰত গভীৰ ৰেখাপাত কৰে। লগবহীত তেওঁ লিখিছিল: ‘তেওঁলোক ইমান অকপট আৰু মুকলি মনৰ যে নিজেই নেদেখিলে কোনেও বিশ্বাস নকৰিব যে আৰৱকসকলে তেওঁলোকক যি বিচৰা যায় তাক নিদিও বুলি নকয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top