Class 11 History Chapter 9 আধুনিকীকৰণ দিশে ঔদ্যোগিক বিপ্লৱ

Class 11 History Chapter 9 আধুনিকীকৰণ দিশে ঔদ্যোগিক বিপ্লৱ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters AHSEC Class 11 History Chapter 9 আধুনিকীকৰণ দিশে ঔদ্যোগিক বিপ্লৱ and select needs one.

Class 11 History Chapter 9 আধুনিকীকৰণ দিশে ঔদ্যোগিক বিপ্লৱ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 History Chapter 9 আধুনিকীকৰণ দিশে ঔদ্যোগিক বিপ্লৱ Solutions for All Subject, You can practice these here.

আধুনিকীকৰণ দিশে ঔদ্যোগিক বিপ্লৱ

Chapter: 9

অনুশীলনীঃ

১। অতি চমু উত্তৰ লিখাঃ

(ক) উদ্ভিদ আৰু জন্তুৰ বৰ্গীকৰণ প্ৰণালী কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ উদ্ভিদ আৰু জন্তুৰ বৰ্গীকৰণ প্ৰণালী কেৰ’লাচ লিনাওচে।

(খ) ইংলণ্ডত কেতিয়া যাত্ৰীবাহী ৰেল প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰঃ ইংলণ্ডত ১৮২৫ চনত যাত্ৰীবাহী ৰেল প্ৰৱৰ্তন কৰা হৈছিল।

(গ) প্ৰথম আধুনিক অলিম্পিক ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰঃ প্ৰথম আধুনিক অলিম্পিক এথেন্সেত অনুষ্ঠিত হৈছিল।

(ঘ) ৰুছিয়াই কোন চনত স্পুটনিক মহাকাশ যান উৎক্ষেপণ কৰিছিল?

উত্তৰঃ ৰুছিয়াই ১৯৫৭ চনত স্পুটনিক মহাকাশ যান উৎক্ষেপণ কৰিছিল।

(ঙ) পাঞ্জাৱত কোনে প্ৰথমে শিখৰাজ্য প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ পাঞ্জাৱত ৰণজিৎ সিংহই শিখৰাজ্য প্ৰতিষ্ঠা কৰিছিল।

(চ) ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম ১৮৮৫ চনত হৈছিল।

(ছ) দ্বিতীয় মহাসমৰত আমেৰিকা যুক্তৰাষ্ট্ৰই কেতিয়া যোগদান কৰিছিল?

উত্তৰঃ দ্বিতীয় মহাসমৰত আমেৰিকা যুক্তৰাষ্ট্ৰই ১৯৪০ চনত যোগদান কৰিছিল।

(জ) প্ৰথম লোৰ চকী কোনে সাজি উলিয়াইছিল?

উত্তৰঃ প্ৰথম লোৰ চকী উইলকিনচনে সাজি উলিয়াইছিল।

(ঝ) বৃটেইনৰ সংসদে ১৭৯৫ চনত প্ৰণয়ন কৰা আইনখনৰ নাম কি?

উত্তৰঃ বৃটেইনৰ সংসদে ১৭৯৫ চনত প্ৰণয়ন কৰা আইনখনৰ নাম হ’ল- কম্বাইনেছন আইন।

(ঞ) জেনেৰেল নেড লুডৰ নেতৃত্বত গঢ় লোৱা আন্দোলনটোৰ নাম কি আছিল?

উত্তৰঃ জেনেৰেল নেড লুডৰ নেতৃত্বত গঢ় লোৱা আন্দোলনটোৰ নাম লুডিজম আছিল।

২। চমুকৈ উত্তৰ দিয়াঃ

(ক) ১৭৯৩ চনৰ পৰা ১৮১৫ চনলৈ হোৱা যুদ্ধত বৃটেইন জড়িত হোৱাত বৃটিছ উদ্যোগৰ ওপৰত কেনে প্ৰভাৱ পৰিছিল?

উত্তৰঃ ১৭৯৩ চনৰ পৰা ১৮১৫ চনলৈ হোৱা যুদ্ধত বৃটেইন জড়িত হোৱাত বৃটিছ উদ্যোগৰ ওপৰত প্ৰভাৱ পৰিছিল আৰু সেইবোৰ আছিল-

১৭৯৩ চনৰ পিছৰ দশকবোৰত ফৰাচী বিপ্লৱ আৰু নেপোলিয়নীয় যুদ্ধবোৰৰ বিধ্বংসী প্ৰভাৱ প্ৰত্যক্ষ কৰা হয়। বনুৱাক কাৰখানা আৰু খেতিপথাৰৰ পৰা ৰণক্ষেত্ৰলৈ পঠোৱা হৈছিল। খাদ্যদ্ৰব্যৰ মূল্য ইমানেই বাঢ়িছিল যে তাক কিনিবলৈ দুখীয়াজনৰ ধনৰ অভাৱ হৈছিল। নেপোলিয়নৰ অৱৰোধ ব্যৱস্থা আৰু বৃটেইনৰ প্ৰতিক্ৰিয়াৰ ফলত ইউৰোপ মহাদেশলৈ বৃটিছ ৰপ্তানীৰ পথ বন্ধ হৈ গৈছিল।

(খ) খাল আৰু ৰেলপথেৰে হোৱা পৰিবহণৰ আপেক্ষিক সুবিধা কি আছিল?

উত্তৰঃ খাল আৰু ৰেলপথেৰে হোৱা পৰিবহণৰ আপেক্ষিক সুবিধা হ’ল- খালবোৰ সাধাৰণতে নগৰলৈ কয়লা নিবৰ বাবে খন্দা হৈছিল। ৰেলগাড়ীত মানুহ আৰু বস্তু উভয়কে অনা-নিয়া কৰিছিল। কাৰণ ৰেলখন বেগী আৰু অতি কম খৰছতে যাব পাৰিছিল।

(গ) এই সময়ছোৱাত ‘আৱিষ্কাৰ’ সমূহৰ আমোদজনক বৈশিষ্ট্যবোৰ কি কি?

উত্তৰঃ ‘আৱিষ্কাৰ’ সমূহৰ আমোদজনক বৈশিষ্ট্যবোৰ হ’ল-

(১) ১৭৬০ আৰু ১৮০০ চনৰ ভিতৰত ইংলণ্ডত বৈজ্ঞানিক সমাজবোৰে বহু ডজন বৈজ্ঞানিক আলোচনা, প্ৰৱন্ধ প্ৰকাশ কৰিছিল।

(২) সৰু সৰু নগৰতো জ্ঞানপিপাসুৰ অভাৱ নাছিল। ১৭৫৪ চনত প্ৰতিষ্ঠিত কলা-সমাজ (Society of Arts) জ্ঞান বিস্তাৰত সহায় কৰিছিল।

(ঘ) কেঁচামালৰ যোগানে কেনেকৈ বৃটিছ উদ্যোগীকৰণৰ স্বৰূপ সলনি কৰিছিল লিখা।

উত্তৰঃ কেঁচামালৰ যোগানে বৃটিছ উদ্যোগীকৰণৰ স্বৰূপ সলনি কৰিছিল।

কাৰণ: কেঁচা লোহাৰ পৰা পিটি গঢ়া লোহা তৈয়াৰ কৰি উলিয়ায়। সেই উদ্ভাৱনৰ ফলত বিভিন্ন ধৰণৰ লোৰ বস্তু তৈয়াৰ কৰিছিল।

৩। ৰচনাধৰ্মী প্ৰশ্নঃ

(ক) বিভিন্ন শ্রেণীৰ বৃটিছ নাৰীৰ জীৱন শিল্প-বিপ্লৱে কেনেকৈ প্ৰভাৱাম্বিত কৰিছিল লিখা।

উত্তৰঃ বিভিন্ন শ্রেণীৰ বৃটিছ নাৰীৰ জীৱন শিল্প-বিপ্লৱে প্ৰভাৱাম্বিত কৰিছিল-

ঔদ্যোগিক বিপ্লৱ এনে এটা সময় আছিল, যেতিয়া নাৰী আৰু শিগুৱে কাম কৰিবলৈ লোৱাত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহিছিল। গাঁৱৰ দুখীয়া পৰিয়ালৰ শিগুসকলে ঘৰ বা খেতিপথাৰত বিভিন্ন কামত দৈনিক বা বিভিন্ন ঋতুত পিতৃ-মাতৃ বা সম্পৰ্কীয় লোকৰ তত্ত্বাৱধানত কাম কৰিছিল। সেইদৰে গাঁৱৰ তিৰোতাসকলো সক্ৰিয়ভাৱে খেতিৰ কামত লাগে; তেওঁলোকে জীৱ-জন্তু পালন কৰে, খৰি গোটায় আৰু ঘৰত যঁতৰত সূতা কাটে।

কিন্তু কাৰখানাত ইয়াৰ বিপৰীতে দীঘলীয়া সময় বিভিন্ন ধৰণৰ কাম কৰিব লাগিছিল। বিৰতিহীন কঠোৰ অনুশাসন তথা বিভিন্ন শাস্তি-ভয়ৰ পৰিৱেশত তেওঁলোকে কাম কৰিব লাগিছিল। তিৰোতা আৰু ল’ৰা-ছোৱালীয়ে পুৰুষৰ সামান্য আয়ৰ পৰিপূৰক হিচাপে উৎপাদন কৰিব লগা হৈছিল। যন্ত্ৰৰ ব্যৱহাৰ বৃদ্ধিৰ লগে লগে শ্ৰমিকৰ প্ৰয়োজন হ্ৰাস হোৱাত উদ্যোগপতিসকলে তিৰোতা আৰু শিগুক পুৰুষতকৈ অগ্ৰাধিকাৰ দিবলৈ ললে। কাৰণ:

(১) তিৰোতা আৰু শিগুৱে কাৰখানাৰ পৰিৱেশ বেয়া হ’লেও পুৰুষৰ দৰে আপত্তি নদৰ্শায়।

(২) এওঁলোকক পুৰুষতকৈ কম মজুৰীত খটুৱাব পাৰে।

(খ) বিশ্বৰ বিভিন্ন দেশত ৰেল ব্যৱস্থাৰ প্ৰৱৰ্তনৰ প্ৰভাৱ তুলনা কৰা।

উত্তৰঃ বিশ্বৰ বিভিন্ন দেশত ৰেল ব্যৱস্থাৰ প্ৰৱৰ্তনৰ প্ৰভাৱ তুলনা কৰা হ’ল-

প্ৰথম ভাপত চলা ৰেল ইঞ্জিন ‘ষ্টিফেন্চনৰ ৰকেট’ ১৮১৪ চনত নিৰ্মিত হয়। ৰেলগাড়ী এনে এক নতুন পৰিবহণ ব্যৱস্থা হিচাপে গঢ় লয় যে ইয়াক গোটেই বছৰ ধৰি পোৱা যায়। মানুহ আৰু বস্তু উভয়কে অনা-নিয়া কৰে আৰু কম খৰছী তথা বেগী। এই ব্যৱস্থাত একেলগে দুটা উদ্ভাৱন দেখা গৈছিল। কাঠৰ-পটিৰ পৰিৱৰ্তে ১৭৬০ চনৰ দশকত লোহাৰ পটি ব্যৱহাৰ কৰা হ’ল আৰু ভাপ ইঞ্জিনৰ দ্বাৰা এই লো-পটিয়েদি ৰেলৰ দবা টনা হৈছিল।

১৮১৪ চনত ৰেলপথৰ ইঞ্জিনিয়াৰ জৰ্জ ষ্টিফেনচনে (১৭৮১-১৮৪৮) Blutcher নামৰ এটা ৰেল ইঞ্জিন নিৰ্মাণ কৰিলে। এই ইঞ্জিনে ঘণ্টাত চাৰিমাইল বেগত ৩০ টন বোজাই পাহাৰলৈ টানি নিব পাৰিছিল। প্ৰথম ৰেলপথে ষ্টকটন আৰু দালিংটন মহানগৰক ১৮২৫ চনত লগ লগাইছিল। এই দুখন নগৰৰ মাজত ৯ মাইল পথ ঘণ্টাত ১৫ মাইল বেগে গৈ দুঘন্টাত ৰেলগাড়ীৰে অতিক্ৰম কৰিছিল। দ্বিতীয়টো ৰেলপথে ১৮৩০ চনত লিভাৰপুল আৰু ম্যানচেষ্টাৰ লগ লগায়। বিছ বছৰৰ ভিতৰত ৰেলগাড়ীৰ ঘণ্টাত ৩০ চনৰ পৰা ৫০ মাইল গতিবেগ এটা সাধাৰণ কথা হৈ পৰিছিল।

(গ) ১৮ শতিকাৰ ইংলণ্ডত হোৱা ঔদ্যোগিক পৰিৱৰ্তনক ‘বিপ্লৱ’নে ‘বিৱৰ্তন’ বুলি ক’ব পাৰি যুক্তি দৰ্শাই লিখা।

উত্তৰঃ ১৮ শতিকাৰ পৰা ইউৰোপৰ বহুতো নগৰৰেই কালি আৰু জনসংখ্যা বৃদ্ধি হ’ল। ১৯ খন ইউৰোপীয় মহানগৰৰ (যিবিলাকৰ জনসংখ্যা ১৭৫০ আৰু ১৮০০ চনৰ ভিতৰত দুগুণ হৈছিল) ভিতৰত ১১ খনেই ইংলণ্ডৰ। ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰখনেই হ’ল লগুন। ই দেশৰ সকলো বজাৰৰ কেন্দ্ৰ আছিল।

সম্পূৰ্ণ বিশ্বতে লগুনৰ এক গুৰুত্বপূৰ্ণ স্থান আছিল। ১৮ শতিকালৈ বিশ্ব বাণিজ্যৰ কেন্দ্ৰ ইংলণ্ড আৰু ফ্ৰান্সৰ ভূমধ্যসাগৰীয় বন্দৰবোৰৰ পৰা হলেশু আৰু বৃটেইনৰ আটলাণ্টিক বন্দৰবোৰলৈ স্থানান্তৰিত হৈছিল। ইয়াৰ পিছত লগুনে আন্তৰ্জাতিক বাণিজ্যৰ বাবে ঋণৰ প্ৰধান উৎস হিচাপে আমষ্টাৰদামৰ ঠাই ললে।

তদুপৰি ইংলণ্ড, আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ মাজত স্থাপিত ত্ৰিকোণীয় বাণিজ্যৰ কেন্দ্ৰ হৈ পৰিছিল লগুন। আমেৰিকা আৰু এছিয়াত বেপাৰ কৰা কোম্পানী বিলাকৰো মুখ্য কাৰ্যালয় আছিল এই মহানগৰ। ইংলণ্ডৰ বিভিন্ন বজাৰৰ মাজত পণ্য দ্ৰব্যৰ পৰিৱৰ্তনো নদীৰ প্ৰাধান্য আৰু ইয়াৰ উপসাগৰৰ লগতে জাহাজ ৰাখিব পৰা ভগ্ন উপকলে দেশখনক বিশেষ সুবিধা প্ৰদান কৰিছিল।

ৰেলপথ বিস্তাৰিত হোৱাৰ আগলৈকে, জলপথেৰে পৰিবহণ আছিল স্থলপথতকৈ কম খৰছী আৰু বেগী। ১৭২৪ চনলৈ জলপৰিবহণৰ বাবে সুবিধাজনক নদী পথ আছিল ১১৬০ মাইল আৰু পৰ্বতীয়া অঞ্চলৰ বাহিৰে ইংলণ্ডৰ বাকী কোনো স্থানেই নদী এখনৰ পৰা ১৫ মাইলৰ আঁতৰত নাছিল। যিহেতু পৰিবহণৰ বাবে সুবিধাজনক সকলো নদীয়েই সাগৰলৈ বৈ যোৱা, সেয়ে নদীৰে জাহাজত যোৱা পণ্যদ্ৰব্য সহজেই বৃহৎ সাগৰীয় জাহাজলৈ নিব পৰা গৈছিল। ১৮০০ চনত এনে জাহাজত অন্ততঃ ১ লাখ নাৱিকে কাম কৰিছিল।

ইংলণ্ডৰ বিত্তীয় ব্যৱস্থাৰ কেন্দ্ৰ আছিল বেংক অৱ ইংলণ্ড (১৬৯৪ চনত স্থাপিত)। ১৭৮৪ চনলৈ ইংলণ্ডত এশতকৈও অধিক প্ৰাদেশিক বেংক আছিল। পিছৰ দহবছৰত ইয়াৰ সংখ্যা তিনিগুণ হয়। ১৮২০ চনলৈ ইংলণ্ডৰ প্ৰদেশবোৰত ৬০০ চনতকৈও অধিক বেংক স্থাপিত হৈছিল আৰু ১০০ চনতকৈও অধিক বেংক কেৱল লগুনতে আছিল। বৃহৎ উদ্যোগ প্ৰতিষ্ঠা আৰু পৰিচালনাৰ বাবে প্ৰয়োজনীয় বিত্তৰ যোগান ধৰিছিল এই বেংকবোৰে। আংশিকভাৱে ওপৰত উল্লেখ কৰা উপাদান সমূহৰ বাবে ১৭৮০ চনৰ দশক আৰু ১৮৫০ চনৰ দশকত বৃটেইনত উদ্যোগীকৰণ হয়। বহুতো দুখীয়া মানুহে গাঁও এৰি নগৰত শ্ৰমিক হিচাপে কাম কৰিছিল; বেংকে উদ্যোগ প্ৰতিষ্ঠা কৰিবৰ বাবে পুঁজিৰ যোগান ধৰিছিল আৰু ইংলণ্ডত পৰিবহণ সু-ব্যৱস্থা আছিল।

(ঘ) ১৮ শতিকাৰ ইংলণ্ডত হোৱা অৰ্থনৈতিক পৰিৱৰ্তনৰ কাৰণ দৰ্শোৱা।

উত্তৰঃ ১৮ শতিকাত ইংলণ্ডৰ অৰ্থনীতি এক বৃহত্তৰ পৰিৱৰ্তনৰ মাজেদি আগবাঢ়িছিল। পিছত ইয়াক কৃষি বিপ্লৱ বুলি কোৱা হয়। এই প্ৰক্ৰিয়াত বা এই পৰিৱৰ্তনৰ কালত ডাঙৰ ডাঙৰ মাটি-গিৰিসকলে তেওঁলোকৰ মাটিৰ কাষৰ সৰু সৰু খেতিয়কৰ কৃষিভূমি কিনি লৈ লগতে উমৈহতীয়া ৰাজহুৱা ভূমিও সামৰি লৈ একোটা বৃহৎ অঞ্চলত খেতি কৰিবলৈ ললে। ইয়াৰ ফলত শস্যৰ উৎপাদন বাঢ়িল। কিন্তু ভূমিহীন হৈ পৰা খেতিয়ক বা ৰাজহুৱা চৰণীয়া পথাৰত পগুপালন কৰি জীৱিকা অর্জন কৰা লোকসকলে জীৱিকাৰ বিকল্প সন্ধান কৰিব লগাত পৰিল।

আমেৰিকা আৰু এছিয়াত বেপাৰ কৰা কোম্পানী বিলাকৰো মুখ্য কাৰ্যালয় আছিল এই মহানগৰ। ইংলণ্ডৰ বিভিন্ন বজাৰৰ মাজত পণ্য দ্ৰব্যৰ পৰিৱৰ্তনো নদীৰ প্ৰাধান্য আৰু ইয়াৰ উপসাগৰৰ লগতে জাহাজ ৰাখিব পৰা ভগ্ন উপকলে দেশখনক বিশেষ সুবিধা প্ৰদান কৰিছিল। ১৭৮৪ চনলৈ ইংলণ্ডত এশতকৈও অধিক প্ৰাদেশিক বেংক আছিল। পিছৰ দহবছৰত ইয়াৰ সংখ্যা তিনিগুণ হয়। ১৮২০ চনলৈ ইংলণ্ডৰ প্ৰদেশবোৰত ৬০০ চনতকৈও অধিক বেংক স্থাপিত হৈছিল আৰু ১০০ চনতকৈও অধিক বেংক কেৱল লগুনতে আছিল।

১৭৮২-১৮০০ চনৰ ভিতৰত আৱিষ্কৃত হৈছিল। ইয়াৰ ফলত বহুত পৰিৱৰ্তন হৈছিল। ইয়াৰ ভিতৰত চাৰিটা প্ৰধান: লোহা উদ্যোগৰ ৰূপান্তৰ, কপাহৰ সূতা কটা আৰু কাপোৰ বোৱা ব্যৱস্থাৰ উন্নতি, ভাপ-শক্তিৰ উন্নতি আৰু ৰেলপথ নিৰ্মাণ।

(১) লোহা উদ্যোগৰ ৰূপান্তৰ: ইংলণ্ডৰ সৌভাগ্য যে কয়লা, লো-খনি, যান্ত্ৰিকীকৰণ বাবে প্ৰয়োজনীয় সামগ্ৰী, সীহ, তাম আৰু টিনৰ দৰেই যথেষ্ট পৰিমাণে ইয়াত পোৱা গৈছিল; এই বিলাক উদ্যোগত পাৰ্যমানে ব্যৱহাৰ কৰিব পৰা গৈছিল। অৱশ্যে ১৮ শতিকা পৰ্যন্ত ব্যৱহাৰযোগ্য লোৰ অভাৱ আছিল। খনিৰ পৰা লো বিগুদ্ধ জুলীয়া ধাতু হিচাপে প্ৰগলন প্ৰক্ৰিয়াৰে উলিওৱা হয়। এই প্ৰগলন প্ৰক্রিয়াৰ অসুবিধাও আছিল যথেষ্ট, ইয়াৰ বাবে কাঠ-কয়লা ব্যৱহাৰ কৰা হৈছিল। কিন্তু ঠুনুকা কাঠ-কয়লা দীঘলীয়া পথ কঢ়িয়াই নিবলৈ অসুবিধা আৰু ই বিগুদ্ধ নোহোৱা বাবে উচ্চমানৰ লো পোৱা নগৈছিল। ইয়াৰ যোগানো সীমিত আছিল; কাৰণ, কাঠৰ কাৰণে হাবিবোৰ ধ্বংস কৰা হৈছিল আৰু এই কয়লাই উচ্চতাপ সৃষ্টি কৰিব নোৱাৰিছিল।

(২) কপাহৰ সূতা কটা: বৃটিছ সকলে সদায় ঊণ আৰু শনেৰে কাপোৰ বৈছিল। ১৭ শতিকাৰ পৰা ইংলণ্ডে ভাৰতৰ পৰা অধিক দাম ভৰি কপাহী কাপোৰ আমদানি কৰিব লগা হৈছিল। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ কোনো কোনো অংশত ৰাজনৈতিক নিয়ন্ত্ৰণ প্ৰতিষ্ঠা কৰাতহে কাপোৰৰ লগতে কপাহো আমদানি কৰিবলৈ ললে। এই কপাহৰ পৰা ইংলণ্ডত  কাপোৰ তৈয়াৰ কৰিছিল।

এই ব্যৱস্থাটোক অধিক অৰ্হতাসম্পন্ন কৰিবলৈ সূতা কাটোতা আৰু তাঁতীৰ ঘৰৰ পৰা উৎপাদন ব্যৱস্থা ক্ৰমান্বয়ে কাৰখানালৈ স্থানান্তৰিত কৰা হ’ল। ১৭৮০ চনৰ দশকৰ পৰা কপাহ উদ্যোগ বহু প্ৰকাৰে বৃটিছ উদ্যোগীকৰণৰ প্ৰতীক হৈ পৰিছিল। এই উদ্যোগৰ দুটা বৈশিষ্ট্য আছিল যিবোৰ আন উদ্যোগতো দেখা গৈছিল।

(৩) ভাপ-শক্তি: খনি উদ্যোগ বিলাকত প্ৰথমে ভাপশক্তি ব্যৱহাৰ কৰা হৈছিল। কয়লা আৰু ধাতুৰ চাহিদা বেছি হোৱাত অতি গভীৰ খনিৰ পৰাও সিবিলাক উদ্ঘাটনৰ প্ৰয়োজন আহিল। খনিত বানপানী হোৱাটো এটা ডাঙৰ সমস্যা। টমাচ চেভাৰী (Thomas Savery ১৬৫০-১৭১৫) এই পানী খনিৰ পৰা উলিয়াই আনিবৰ বাবে ১৬৯৮ চনত ‘Miner’s Friend’ নামৰ এটা ভাপ ইঞ্জিনৰ আৰ্হি প্ৰস্তুত কৰিলে। এই ইঞ্জিনবোৰে লাহে লাহে কাম কৰিছিল, তাকো অগভীৰ খনিৰ ক্ষেত্ৰটো প্ৰয়োগ কৰিব পৰা গৈছিল, অধিক চাপ হ’লে বাষ্পিএ বিষ্ফোৰিত হৈছিল।

(৪) ৰেলপথ নিৰ্মাণ: খালবোৰ সাধাৰণতে ডাঙৰ জমিদাৰবিলাকে তেওঁলোকৰ মাটিত থকা খনি, কোৱাৰি আৰু হাবিৰ দাম বঢ়াবলৈকে খন্দাইছিল। খালবিলাকৰ সঙ্গম স্থলবোৰত বজাৰকেন্দীক নগৰ গঢ়ি উঠিছিল। উদাহৰণস্বৰূপে বাৰ্মিংহাম মহানগৰ গঢ়ি উঠাৰ কাৰণ ই লণ্ডন, ব্ৰিষ্টল চেনেল আৰু মাৰ্চি তথা হাম্বাৰ নদী লগ লগোৱা খাল-প্ৰণালীৰ মধ্যত আছিল। ১৭৬০ চনৰ পৰা ১৭৯০ চনৰ ভিতৰত ২৫ টা নতুন খালৰ নিৰ্মাণ প্ৰকল্প আৰম্ভ হয়।

(ঙ) তাপশক্তি উদ্ভাৱন সম্পৰ্কে বহলাই লিখা।

উত্তৰঃ তাপশক্তি উচ্চতাপমানৰ ওপৰত চাপৰ সৃষ্টি কৰে, যাক বিভিন্ন যন্ত্ৰ চলোৱাত ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ অৰ্থ হ’ল তাপশক্তি একমাত্র শক্তিৰ উৎস; যি নিৰ্ভৰযোগ্য আৰু কমখৰছী আছিল আৰু আনকি যন্ত্ৰপাতি তৈয়াৰ কৰিবলৈকো ইয়াক ব্যৱহাৰ কৰা হৈছিল।

খনি উদ্যোগ বিলাকত প্ৰথমে ভাপশক্তি ব্যৱহাৰ কৰা হৈছিল। কয়লা আৰু ধাতুৰ চাহিদা বেছি হোৱাত অতি গভীৰ খনিৰ পৰাও সিবিলাক উদ্ঘাটনৰ প্ৰয়োজন আহিল। খনিত বানপানী হোৱাটো এটা ডাঙৰ সমস্যা। টমাচ চেভাৰী (Thomas Savery ১৬৫০-১৭১৫) এই পানী খনিৰ পৰা উলিয়াই আনিবৰ বাবে ১৬৯৮ চনত ‘Miner’s Friend’ নামৰ এটা ভাপ ইঞ্জিনৰ আৰ্হি প্ৰস্তুত কৰিলে।

১৭১২ চনত আন এটা তাপ ইঞ্জিন নিৰ্মাণ কৰে। কিন্তু ইয়াৰ প্ৰধান দোষ হ’ল সংঘনন চিলিণ্ডাৰক অবিৰত ঠাণ্ডা কৰি ৰাখিবলগীয়া হোৱা বাবে ইয়াৰ শক্তি নাইকিয়া হৈ যায়।

৪। চমু টোকা লিখাঃ

(ক) প্ৰথম ঔদ্যোগিক বিপ্লৱ।

উত্তৰঃ ১৯৭০ চনৰ দশকলৈকে ইতিহাসবিদ সকলে ১৭৮০ চনৰ দশকৰ পৰা ১৮২০ চনৰ দশকলৈ বৃটেইনত হোৱা পৰিৱৰ্তনক ঔদ্যোগিক বিপ্লৱ আখ্যা দিছিল। বিভিন্ন কাৰণত পিছত এই নামলৈ প্ৰত্যাহ্বান আহিল।

উদ্যোগীকৰণ প্ৰকৃততে অতি ধীৰ গতিৰেহে হোৱা বাবে ইয়াক ‘বিপ্লৱ’ বুলিব নোৱাৰি। ই আগৰে পৰাই থকা কিছুমান প্ৰক্রিয়াক নতুন মাত্ৰা দি আগবাঢ়াই লৈ গৈছিল। এইদৰে তুলনামূলকভাৱে আগতকৈ কাৰখানাত অধিক সংখ্যক বনুৱা গোট খাইছিল আৰু ধনৰো ব্যৱহাৰ অধিক হৈছিল। ১৯ শতিকাৰো বহুদিনলৈকে ইংলণ্ডৰ বৃহৎ অঞ্চলত কাৰখানা বা খনি নাছিল। সেয়ে শিল্প বা উদ্যোগ বিপ্লৱ সংজ্ঞাটো ‘যথাৰ্থ’ বুলি ভবা নহৈছিল; ইংলণ্ডত অঞ্চল বিশেষেহে পৰিৱৰ্তন আহিছিল।

(খ) ভাপ শক্তিৰ উদ্ভাৱন।

উত্তৰঃ যেতিয়া ভাপে অত্যধিক শক্তি উৎপন্ন কৰিব পাৰে বুলি নিশ্চিত হ’ল, তেতিয়া বৃহৎ উদ্যোগত ইয়াৰ ব্যৱহাৰ খাটাং হৈ পৰিল। পানী জলচালিত শক্তিৰ উৎস হিচাপে বহু শতিকা জুৰি ব্যৱহাৰ কৰি অহা হৈছিল, কিন্তু ই নিৰ্দিষ্ট অঞ্চলতেই সীমাবদ্ধ হয় আৰু ঋতু আৰু জলপ্ৰবাহৰ গতিৰ ওপৰত ই নিৰ্ভৰশীল আছিল। এই পানীকে এতিয়া বেলেগ ৰূপত ব্যৱহাৰ কৰা হ’ল। 

তাপশক্তি উচ্চতাপমানৰ ওপৰত চাপৰ সৃষ্টি কৰে, যাক বিভিন্ন যন্ত্ৰ চলোৱাত ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ অৰ্থ হ’ল তাপশক্তি একমাত্র শক্তিৰ উৎস; যি নিৰ্ভৰযোগ্য আৰু কমখৰছী আছিল আৰু আনকি যন্ত্ৰপাতি তৈয়াৰ কৰিবলৈকো ইয়াক ব্যৱহাৰ কৰা হৈছিল।

খনি উদ্যোগ বিলাকত প্ৰথমে ভাপশক্তি ব্যৱহাৰ কৰা হৈছিল। কয়লা আৰু ধাতুৰ চাহিদা বেছি হোৱাত অতি গভীৰ খনিৰ পৰাও সিবিলাক উদ্ঘাটনৰ প্ৰয়োজন আহিল। খনিত বানপানী হোৱাটো এটা ডাঙৰ সমস্যা। টমাচ চেভাৰী (Thomas Savery ১৬৫০-১৭১৫) এই পানী খনিৰ পৰা উলিয়াই আনিবৰ বাবে ১৬৯৮ চনত ‘Miner’s Friend’ নামৰ এটা ভাপ ইঞ্জিনৰ আৰ্হি প্ৰস্তুত কৰিলে।

(গ) আইন সংস্কাৰ আৰু শিগু শ্ৰমিক।

উত্তৰঃ ১৮১৯ চনত প্ৰণয়ন কৰা আইনে ৯ বছৰ তলৰ শিগুক কাৰখানাত কাম কৰাটো আৰু ৯ বছৰৰ পৰা ১৬ বছৰীয়া ল’ৰা-ছোৱালীক দিনে ১২ ঘণ্টাতকৈ অধিক সময় কাম কৰোৱাটো বন্ধ কৰে। কিন্তু আইনখনে ইয়াক কাৰ্যকৰী কৰিবৰ বাবে কাকো দায়িত্ব নিদিলে। সমগ্ৰ উত্তৰ ইংলণ্ডত শ্ৰমিকে আন্দোলন কৰাৰ পাছতহে ১৮৩৩ চনত এখন আইন প্ৰণয়ন কৰি ৯ বছৰৰ তলৰ শিগুক কেৱল ৰেছম কাৰখানাত কাম কৰাবলৈ অনুমতি দিয়ে। ল’ৰা-ছোৱালীৰ কাম কৰাৰ সময় নিৰ্দিষ্ট কৰে আৰু আইনখনৰ যথাযথ প্ৰয়োগৰ নিৰীক্ষণ কৰিবলৈ ফেক্টৰী পৰিদৰ্শন নিয়োগ কৰে। চূড়ান্তভাৱে ১৮৪৭ চনত প্ৰায় ৩০ বছৰীয়া আন্দোলনৰ অন্তত ‘Ten Hours’ Bill’ খন পাছ কৰা হয়। এই আইনে মহিলা আৰু শিগুৰ কাৰখানাত কাম কৰা সময় সীমিত কৰে আৰু পুৰুষৰ বাবে ১০ ঘন্টা নিৰ্ধাৰণ কৰে।

কিন্তু এই আইনবোৰ বস্ত্ৰ কাৰখানাৰ ক্ষেত্ৰতহে প্ৰযোজ্য আছিল আৰু খনিৰ উদ্যোগৰ ক্ষেত্ৰত নিমাত আছিল। চৰকাৰে গঠন কৰা ১৮৪২ চনৰ খনি আয়োগে উদ্ঘাটন কৰে যে ১৮৩৩ চনৰ পৰা বাস্তৱিকতে খনিৰ কাম কৰা পৰিৱেশ অধিক বেয়া হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top