Class 11 History Chapter 10 মূল বাসিন্দাৰ স্থানান্তৰকৰণ

Class 11 History Chapter 10 মূল বাসিন্দাৰ স্থানান্তৰকৰণ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters AHSEC Class 11 History Chapter 10 মূল বাসিন্দাৰ স্থানান্তৰকৰণ and select needs one.

Class 11 History Chapter 10 মূল বাসিন্দাৰ স্থানান্তৰকৰণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 History Chapter 10 মূল বাসিন্দাৰ স্থানান্তৰকৰণ Solutions for All Subject, You can practice these here.

মূল বাসিন্দাৰ স্থানান্তৰকৰণ

Chapter: 10

অনুশীলনীঃ

১। অতি চমু উত্তৰ লিখাঃ

(ক) উত্তৰ আমেৰিকাৰ সৰ্বপ্ৰথম বাসিন্দাসকল ক’ৰ পৰা আহিছিল?

উত্তৰঃ উত্তৰ আমেৰিকাৰ সৰ্বপ্ৰথম বাসিন্দাসকল ইউৰোপৰ পৰা আহিছিল।

(খ) ফৰাছীসকলে কোন চনত কুইবেকত ফৰাছী উপনিৱেশ প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ ফৰাছীসকলে ১৬০৮ চনত কুইবেকত ফৰাছী উপনিৱেশ প্ৰতিষ্ঠা কৰিছিল।

(গ) কেতিয়া আমেৰিকাৰ গৃহযুদ্ধ আৰম্ভ হৈছিল?

উত্তৰঃ ১৮৬১ চনত আমেৰিকাৰ গৃহযুদ্ধ আৰম্ভ হৈছিল।

(ঘ) কেতিয়া কাঁটাতাঁৰৰ আৱিষ্কাৰ হৈছিল?

উত্তৰঃ ১৮৭৩ চনত কাঁটাতাঁৰৰ আৱিষ্কাৰ হৈছিল।

(ঙ) বৃটেইনে কোনখন দেশৰ লগত যুদ্ধ কৰি কানাডা লাভ কৰিছিল?

উত্তৰঃ বৃটেইনে ফ্ৰান্স দেশৰ লগত যুদ্ধ কৰি কানাডা লাভ কৰিছিল।

(চ) ৰাষ্ট্ৰপতি এন্দু জেকছন কি হিচাপে জনাজাত আছিল?

উত্তৰঃ ৰাষ্ট্ৰপতি এন্দু জেকছন ৰাজনৈতিক আৰু অৰ্থনৈতিক বৈষ্যমৰ বিৰোধী হিচাপে জনাজাত আছিল।

(ছ) অষ্ট্ৰেলিয়ালৈ বৃটিছসকল পোন প্ৰথমে কেতিয়া আহিছিল?

উত্তৰঃ অষ্ট্ৰেলিয়ালৈ বৃটিছসকল পোন প্ৰথমে ১৭৭০ চনত আহিছিল।

(জ) কোন চনত অষ্ট্ৰেলিয়াত উপনিৱেশক স্বায়ত্ব অধিকাৰ প্ৰধান কৰা হয়?

উত্তৰঃ ১৮৫০ চনত অষ্ট্ৰেলিয়াত উপনিৱেশক স্বায়ত্ব অধিকাৰ প্ৰধান কৰা হয়।

(ঋ) কোন চনত চিডনী নগৰ স্থাপন হৈছিল?

উত্তৰঃ ১৭৮৮ চনত চিডনী নগৰ স্থাপন হৈছিল।

(ঞ) নিউ চাউথ ৱেলচৰ পূৰ্বৰ নাম কি আছিল?

উত্তৰঃ নিউ চাউথ ৱেলচৰ পূৰ্বৰ নাম জেমচ্ কুক।

২। চমুকৈ উত্তৰ দিয়াঃ

(ক) দক্ষিণ আৰু উত্তৰ আমেৰিকাৰ দেশীয় লোকৰ মাজৰ যিকোনো এটা পাৰ্থক্যৰ বিষয়ে মন্তব্য দিয়া।

উত্তৰঃ দক্ষিণ আৰু উত্তৰ আমেৰিকাৰ দেশীয় লোকৰ মাজৰ পাৰ্থক্যৰ বিষয়ে মন্তব্য দিয়া হ’ল–

দক্ষিণ আমেৰিকাৰ লোকসকলতকৈ উত্তৰ আমেৰিকা লোকসকল অতি প্ৰাচীন আছিল।

(খ) ১৯ শতিকাৰ আমেৰিকা যুক্তৰাষ্ট্ৰত ইংৰাজী প্ৰয়োগৰ বাহিৰে ইংৰাজ অৰ্থনীতি আৰু সামাজিক জীৱনৰ কোন ধৰণৰ বৈশিষ্ট্য দেখিছা?

উত্তৰঃ ইংৰাজী ভাষা বাহিৰে অৰ্থনীতি আৰু সামাজিক জীৱনে পৰম্পৰাগতভাৱে আগবাঢ়ি যাব কাৰণে সেই অধিবাসীসকলে চেষ্টা কৰিছিল। মূল বাসিন্দাৰ সকলে অৰ্থনীতি আৰু সামাজিক সা-সুবিধাৰ কাৰণে সংগ্ৰাম কৰিব লগা হৈছিল।

(গ) আমেৰিকান সকলে Frontier মানে কি বুজায়?

উত্তৰঃ আমেৰিকাৰ স্থানীয় লোকসকলে য’ত উপনীত হৈছিল সেই সীমাকে ‘Frontier’ বুজায়।

(ঘ) কিয় ইতিহাসৰ কিতাপত অষ্ট্ৰেলিয়াৰ মূল নিবাসীসকলৰ  বিষয়ে পোৱা নগৈছিল?

উত্তৰঃ কাৰণ: অষ্ট্ৰেলিয়াত ইউৰোপীয় বাসিন্দা, মূল দেশীয়লোক আৰু অষ্ট্ৰেলিয়াৰ ভূমিভাগৰ মাজৰ সম্পৰ্কৰ কাহিনী দুয়োখন আমেৰিকাৰ লগত মিলে যদিও এই কাহিনী ৩০০ বছৰৰ পিছতহে অষ্ট্ৰেলিয়াত আৰম্ভ হয়। কেপ্তেইন কুক আৰু তেওঁৰ নাৱিকসকলৰ দেশীয় লোকৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ প্ৰাৰম্ভিক প্ৰতিবেদন প্ৰেৰণাদায়ক আছিল। কিন্তু যেতিয়া এজন মূল বাসিন্দাই কুকক হত্যা কৰে তেতিয়া বৃটিছৰ লগত তেওঁলোকৰ সম্পৰ্ক বেয়া হয়। সাধাৰণতে এনে একমাত্ৰ ঘটনাৰ অজুহাতত উপনিৱেশীসকলে দেশীয় লোকৰ ওপৰত নিৰ্যাতন চলায়।

৩। ৰচনাধৰ্মী প্রশ্নঃ

(ক) সংগ্ৰহালয়ৰ কলা-বীথিকাই মানুহৰ সাংস্কৃতিক জীৱন প্ৰতিফলন কৰাত কিমান সফল হয়?

উত্তৰঃ সংগ্ৰহালয়ৰ কলা-বীথিকাই মানুহৰ সাংস্কৃতিক জীৱন প্ৰতিফলন কৰাত সফল হয়–

বিশ্ববিদ্যালয়বোৰত দেশীয় লোক বা আদিবাসী সকলৰ সংস্কৃতিৰ অধ্যয়ন কৰিবলৈ বিভাগ খোলা হৈছে। এওঁলোকৰ শিল্পকলা বিথিকা সাধাৰণ কলা-বিথিকাৰ লগত যোগ দিয়া হয়, সংগ্ৰহালয়বোৰৰ কলেবৰ বৃদ্ধি কৰি তাত কোনো কোঠাত দেশীয় সংস্কৃতিৰ আভাগ দিবলৈ কাল্পনিক সমাজৰ আৰ্হি ৰখা হয়। তদুপৰি দেশীয় লোকসকলেও নিজৰ বুৰঞ্জী লিখিবলৈ লৈছে। ই এটা অতি অদ্ভুত প্ৰয়াস। তদুপৰি ই এটা জটিল সময়ত ঘটিছে। যদিহে দেশীয় সংস্কৃতি অৱহেলিত হৈ ৰয়, তেতিয়াহ’লে সময়ৰ গতিত ইয়াৰ বহুতো কথাই পাহৰণিৰ গৰ্ভত সোমাই পৰিব। ১৯৭৪ চনৰ পৰা অষ্ট্ৰেলিয়াৰ চৰকাৰে বহু সংস্কৃতিবাদৰ নীতি গ্ৰহণ কৰিছে। ই ইউৰোপীয় আৰু এছিয়াৰ প্ৰব্ৰজনকাৰীৰ সংস্কৃতিৰ সমানে দেশীয় সংস্কৃতিকো স্থান দিছে।

১৯৭০ চনৰ দশকৰ পৰা যেতিয়া ‘মানৱ অধিকাৰৰ’ বিষয়ে ৰাষ্ট্ৰসংঘ আৰু আন আন্তৰ্জাতিক অনুষ্ঠানত আলোচনা হ’বলৈ ধৰিলে, তেতিয়া অষ্ট্ৰেলিয়াৰ ৰাইজে হতাশাৰে অনুভৱ কৰে যে আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু নিউজিলেণ্ডৰ বিপৰীতে অষ্ট্ৰেলিয়াত ইউৰোপীয় লোকে ইয়াৰ আদিবাসীৰ পৰা ভূমি অধিগ্ৰহণ কৰিবৰ পৰাকৈ চৰকাৰে কোনো আনুষ্ঠানিক চুক্তি কৰা নাছিল। চৰকাৰে সদায় অষ্ট্ৰেলিয়াৰ ভূমিক টেৰা নিউলিয়াচ বুলি কৈ আহিছিল। ইয়াৰ অৰ্থ অষ্ট্ৰেলিয়াত ভূমিৰ কোনো গৰাকী নাই। ইয়াৰ বাদেও মিশ্ৰিত ৰক্তৰ কোনো ল’ৰা-ছোৱালীক ধৰি আনি জোৰকৈ তেওঁলোকৰ দেশীয় সম্পৰ্কীয় লোকৰ পৰা পৃথক কৰি ৰখা দীঘলীয়া আৰু যন্ত্ৰণাদায়ক ইতিহাসও আছে। দুই, যদিও আগৰ ভুলবোৰ গুধৰাব নোৱাৰি, আমি শ্বেতকায় আৰু আন বৰ্ণৰ মানুহক পৃথকে ৰখাৰ উদ্দেশ্যো সৰু সৰু ল’ৰা-ছোৱালীৰ প্ৰতি কৰা অন্যায়ৰ বাবে ৰাজহুৱাকৈ ক্ষমা-ভিক্ষা কৰিব লাগে।

(খ) ধৰিলোৱা কালিফোৰ্ণিয়াত চাৰিজন লোকৰ মাজত প্ৰায় ১৮৮০ চনত মুখামুখি হৈছিল। এই চাৰিজন লোক হ’ল: এজন আফ্ৰিকাৰ দাস, এজন চীনা শ্ৰমিক, সোণৰ বাবে অহা এদল জাৰ্মান আৰু এজন হোপী জনজাতিৰ লোক; এওঁলোকৰ মাজৰ কথোপকথন বৰ্ণনা কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

(গ) উত্তৰ আমেৰিকাৰ মূল বাসিন্দাসকলৰ ইউৰোপীয় সকলৰ লগত হোৱা সংঘাতৰ বিষয়ে লিখা।

উত্তৰঃ উত্তৰ আমেৰিকাৰ সৰ্বপ্ৰথম বাসিন্দা সকল ৩০,০০০ বছৰৰ পূৰ্বে বেৰিয়া প্ৰণালী পাৰহৈ ভূমি-সেঁতুৰ পথেদি এছিয়াৰ পৰা আহে আৰু ১০,০০০ বছৰৰ পূৰ্বে শেষ হিমযুগৰ ফালে তেওঁলোক অধিক দক্ষিণলৈ গতি কৰে। আমেৰিকাত পোৱা সকলোতকৈ পুৰণি মানৱ-কৃতি হ’ল– এক কাঁড়ৰ জোং — ১১,০০০ বছৰৰ পুৰণি। ৫,০০০ বছৰৰ আগেয়ে জলবায়ুৰ স্থিৰতা অহাৰ লগে লগে জনসংখ্যাও বৃদ্ধি পাবলৈ ধৰিলে। তেওঁলোকে মাছ আৰু মাংস খাইছিল আৰু শাকপাচলি আৰু মাকৈৰ খেতি কৰিছিল। তেওঁলোকে কেতিয়াবা মাংসৰ সন্ধানত বিশেষতঃ বাইচনৰ মঙহৰ বাবে ঘূৰি ফুৰিছিল। দেশীয় লোকসকলে স্পেনিচ বাসিন্দাৰ পৰা ঘোঁৰা কিনি উঠিবলৈ শিকাত ১৭ শতিকাৰ পৰা এই চিকাৰ সহজ হৈ পৰিছিল। অৱশ্যে মূল বাসিন্দাসকলে প্ৰয়োজনমতেহে জন্তু চিকাৰ কৰিছিল।

দেশীয় লোকসকলে কৃষি সম্প্ৰসাৰণত জোৰ দিয়া নাছিল। যিহেতু তেওঁলোকে শস্য বা যিকোনো বস্তু ৰাহি কৰাৰ কথা ভবা নাছিল। থলুৱা বাসিন্দাই  মধ্য আৰু দক্ষিণ আমেৰিকাৰ দৰে ৰাজ্য বা সাম্ৰাজ্যৰ বিকাশ ঘটোৱা নাছিল। জনজাতিবিলাকৰ মাজত অৱশ্যে ক্ষেত্ৰ দখলক লৈ কাজিয়াও নোহোৱা নহয়। তেওঁলোকৰ পৰম্পৰাৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল আনুষ্ঠানিক মিত্ৰতা আৰু বন্ধুত্ব স্থাপন আৰু উপহাৰ বিনিময়। আনৰ পৰা বস্তু কিনা নাছিল, উপহাৰ হিচাপেহে গ্ৰহণ কৰিছিল।

উত্তৰ আমেৰিকাত বিভিন্ন ভাষা কোৱা হৈছিল যদিও সেইবোৰ লিখিত নাছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে সময় চক্ৰাকাৰে ঘূৰে আৰু প্ৰত্যেক জনজাতিৰেই তেওঁলোকৰ উৎপত্তি আৰু ইতিহাস সম্পৰ্কে বিৱৰণ আছিল। কিতাপ পঢ়া শিক্ষিত মানুহৰ দৰেই তেওঁলোকৰ মাটিৰ বিষয়ে জ্ঞান আছিল, জলবায়ু আৰু বিভিন্ন প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে জানিছিল।

১৭ শতিকাত যিসকল ইউৰোপীয়ান বণিকে দুমাহৰ কঠিন সামুদ্ৰিক ভ্ৰমণৰ অন্তত উত্তৰ আমেৰিকাৰ উত্তৰ উপকূলত উপস্থিত হৈছিল,  তেওঁলোকে স্থানীয় লোকৰ আদৰ-সম্ভাষণ দেখি সকাহ পাইছিল। দক্ষিণ আমেৰিকালৈ যোৱা স্পেনিছ সকলৰ বিপৰীতে, এইসকল লোকে মাছ আৰু ফাৰৰ বেপাৰ কৰিছিল আৰু চিকাৰ কৌশলী দেশীয় লোকৰ সহায়-সহযোগ লাভ কৰিছিল। ইউৰোপীয়সকলে ভালেই পালে; কাৰণ, মদৰ নিচাত স্থানীয় লোকসকলে ইউৰোপীয়সকলৰ বাবে সুবিধাজনক যুক্তি গ্ৰহণ কৰিছিল।

(ঘ) মূল বাসিন্দা আৰু প্ৰব্ৰজনকাৰীৰ মাজৰ সম্পৰ্কত বিংশ শতিকালৈ হোৱা পৰিৱৰ্তনৰ এক ৰূপৰেখা প্ৰস্তুত কৰা।

উত্তৰঃ ১৮ শতিকাত ইউৰোপীয়সকলে দেশীয় লোকতকৈ বেলেগ ধৰণে ভূমি ব্যৱহাৰ কৰিছিল। ফ্ৰান্স আৰু বৃটেইনে কিছুমান প্ৰব্ৰজনকাৰী পুত্ৰই পিতৃৰ ভূমিৰ ওপৰত অধিকাৰ নথকাত তেওঁলোকে আমেৰিকাত ভূমি ল’বলৈ চেষ্টা কৰিছিল। তেওঁলোকে পিছত নিজ দেশৰ ডাঙৰ খেতিয়কৰ হাতত ভূমি দিব লগা হৈছিল সেই কাৰণে চুইডেন, ইটালীৰ আৰু জাৰ্মানী মাটিৰ বাবে আমেৰিকালৈ প্ৰব্ৰজনকাৰীসকলৰ সোঁত বৈছিল। পোলেণ্ডৰ লোকসকলে কম মূল্যতে বহুতো ভূমিৰ ক্ৰয় কৰিব পাৰি আনন্দিত হৈছিল। তেওঁলোকে হাবি-জংঘলবোৰ পৰিষ্কাৰ কৰি মাটিবোৰ খেতিৰ উপযোগী কৰি লৈছিল।

৪। চমুটোকা লিখাঃ

(ক) ইউৰোপৰ সাম্ৰাজ্যবাদ।

উত্তৰঃ আমেৰিকাত স্পেইন আৰু পতুৰ্গালৰ সাম্ৰাজ্য ১৭ শতিকাৰ পৰা সম্প্ৰসাৰিত হোৱা নাছিল। সেই সময়ৰ পৰা অন্য দেশঃ– ফ্ৰান্স, হলেগু, ইংলেণ্ড তেওঁলোকৰ বাণিজ্যক কাম-কাজ বৃদ্ধি কৰে আৰু আমেৰিকা, আফ্ৰিকা আৰু এছিয়াত উপনিৱেশ স্থাপন কৰে; আয়াৰলেণ্ডে প্ৰকৃততে ইংলণ্ডৰে এখন উপনিৱেশ আছিল। কাৰণ, তাত প্ৰায়ভাগ মাটিগিৰীয়েই ইংৰাজ আবাসী আছিল।

১৮ শতিকাৰ পৰা এইটো স্পষ্ট হয় যে লাভৰ আশাত উপনিৱেশ স্থাপন কৰিলেও, ইবিলাকৰ ওপৰত উপনিৱেশীসকলৰ নিয়ন্ত্ৰণৰ স্বৰূপ তাৎপৰ্যপূৰ্ণভাৱে বেলেগ বেলেগ আছিল। দক্ষিণ এছিয়াত ইষ্ট ইণ্ডিয়া কোম্পানীৰ দৰে বাণিজ্যক কোম্পানীয়ে নিজকে ৰাজনৈতিক শক্তিৰূপে প্ৰতিষ্ঠা কৰে, স্থানীয় শাসকবোৰক পৰাস্ত কৰে আৰু তেওঁলোকৰ ৰাজ্যবোৰ চামিল কৰি লয়। পিছত ঔপনিবেশিক শক্তিবোৰে বাণিজ্যক সুবিধাৰ বাবে ৰেলপথ নিৰ্মাণ কৰে, খনি খান্দে আৰু বৃহৎ কৃষিপাম মুকলি কৰে।

(খ) উত্তৰ আমেৰিকাৰ খিলঞ্জীয়া বাসিন্দাসকল।

উত্তৰঃ উত্তৰ আমেৰিকাৰ সৰ্বপ্ৰথম বাসিন্দা সকল ৩০,০০০ বছৰৰ পূৰ্বে বেৰিয়া প্ৰণালী পাৰহৈ ভূমি-সেঁতুৰ পথেদি এছিয়াৰ পৰা আহে আৰু ১০,০০০ বছৰৰ পূৰ্বে শেষ হিমযুগৰ ফালে তেওঁলোক অধিক দক্ষিণলৈ গতি কৰে। আমেৰিকাত পোৱা সকলোতকৈ পুৰণি মানৱ-কৃতি হ’ল– এক কাঁড়ৰ জোং — ১১,০০০ বছৰৰ পুৰণি। ৫,০০০ বছৰৰ আগেয়ে জলবায়ুৰ স্থিৰতা অহাৰ লগে লগে জনসংখ্যাও বৃদ্ধি পাবলৈ ধৰিলে। তেওঁলোকে মাছ আৰু মাংস খাইছিল আৰু শাকপাচলি আৰু মাকৈৰ খেতি কৰিছিল। তেওঁলোকে কেতিয়াবা মাংসৰ সন্ধানত বিশেষতঃ বাইচনৰ মঙহৰ বাবে ঘূৰি ফুৰিছিল। দেশীয় লোকসকলে স্পেনিচ বাসিন্দাৰ পৰা ঘোঁৰা কিনি উঠিবলৈ শিকাত ১৭ শতিকাৰ পৰা এই চিকাৰ সহজ হৈ পৰিছিল। অৱশ্যে মূল বাসিন্দাসকলে প্ৰয়োজনমতেহে জন্তু চিকাৰ কৰিছিল।

দেশীয় লোকসকলে কৃষি সম্প্ৰসাৰণত জোৰ দিয়া নাছিল। যিহেতু তেওঁলোকে শস্য বা যিকোনো বস্তু ৰাহি কৰাৰ কথা ভবা নাছিল। থলুৱা বাসিন্দাই  মধ্য আৰু দক্ষিণ আমেৰিকাৰ দৰে ৰাজ্য বা সাম্ৰাজ্যৰ বিকাশ ঘটোৱা নাছিল। জনজাতিবিলাকৰ মাজত অৱশ্যে ক্ষেত্ৰ দখলক লৈ কাজিয়াও নোহোৱা নহয়। তেওঁলোকৰ পৰম্পৰাৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল আনুষ্ঠানিক মিত্ৰতা আৰু বন্ধুত্ব স্থাপন আৰু উপহাৰ বিনিময়। আনৰ পৰা বস্তু কিনা নাছিল, উপহাৰ হিচাপেহে গ্ৰহণ কৰিছিল।

(গ) অষ্ট্ৰেলিয়াৰ বিকাশ।

উত্তৰঃ ১৮৫০ঃ অষ্ট্ৰেলিয়ান উপনিৱেশক স্বায়ত্ব অধিকাৰ প্ৰদান।

১৮৫১ঃ চীন কুলিৰ প্ৰব্ৰজন। ১৮৫৫ চনৰ আইনে প্ৰব্ৰজন বন্ধ কৰে।

১৮৫১-১৯৬১ঃ সোণৰ বাবে দৌৰ।

১৯০১ঃ ছখন ৰাষ্ট্ৰৰে অষ্ট্ৰেলিয়া যুক্তৰাজ্য গঠন।

১৯১১ঃ কানবেৰা অষ্ট্ৰেলিয়াৰ ৰাজধানী হিচাপে স্থাপিত।

১৯৪৮-৭৫ঃ ২০ লাখ ইউৰোপীয়ৰ অষ্ট্ৰেলিয়ালৈ প্ৰব্ৰজন। ইউৰোপীয় সকলৰ শাসনকালত অষ্ট্ৰেলিয়াৰ অৰ্থনৈতিক বিকাশ আমেৰিকাৰ দৰে ভিন্ন নাছিল। বিশাল ভেৰা-পাম আৰু খনিজ কেন্দ্ৰবোৰ দীৰ্ঘদিন ধৰি পৰিশ্ৰম কৰি স্থাপন কৰা হৈছিল। তাৰপিছত আঙুৰৰ বাগিচা আৰু ঘাঁহৰ খেতি গঢ়ি উঠিছিল। এই সকলোবোৰ দেশৰ সমৃদ্ধিৰ বুনিয়াদ আছিল। যেতিয়া ৰাজ্যবোৰ একেলগে কৰা হ’ল আৰু অষ্ট্ৰেলিয়াৰ বাবে নতুন ৰাজধানী ১৯১১ চনত নিৰ্মাণ কৰা হ’ল, তেতিয়া এই ৰাজধানী নাম Wool Wheat Gold দিয়াৰ পৰামৰ্শও আহিছিল। অৱশ্যে শেষত কানবেৰা (Canberra, স্থানীয় শব্দ, অৰ্থ লগ হোৱা ঠাই) নামেই খ্যাত হয়। ১৯৭৪ লৈকে সকলোৱেই ভয় কৰি আছিল যে দক্ষিণ এছিয়া আৰু দক্ষিণ পূৱ এছিয়াৰ বৃহৎসংখ্যক কৃষ্ণকায়লোক অষ্ট্ৰেলিয়ালৈ প্ৰব্ৰজন কৰিব আৰু সেয়ে শ্বেতকায় চৰকাৰে অনাশ্বেতকায় লোকক আঁতৰোৱাৰ নীতি গ্ৰহণ কৰিছিল।

(ঘ) উত্তৰ আমেৰিকাৰ ঔদ্যোগিক বিকাশ।

উত্তৰঃ উত্তৰ আমেৰিকাৰ মাটিত সোণ আছিল বুলি আশা কৰা হৈছিল। ১৮৪০ চনৰ দশকত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কালিফোৰ্নিয়াত সোণৰ চিন পোৱা গৈছিল। ইয়াৰ ফলত গল্ডৰাছ বা সোণৰ বাবে দৌৰ আৰম্ভ হয়। হেজাৰজন ইচ্ছুক ইউৰোপীয়ান আমেৰিকালৈ খৰখেদাকৈ যায়, যাতে অতি সোনকালে চহকী হ’বগৈ পাৰে। এই উদ্দেশ্যো চীন সহায়ত মহাদেশ জুৰি ৰেলপথ নিৰ্মাণ কৰা হ’ল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰেলপথ ১৮৭০ চনত আৰু কানাডাত ১৮৮৫ চনত সম্পূৰ্ণ হয়। পুৰণি ৰাষ্ট্ৰবোৰ শামুকীয়া গতিত আগবাঢ়িছিল। নতুন গণৰাজ্য কোনো এক্সপ্ৰেছৰ দুৰন্ত গতিৰে দৌৰিবলৈ ধৰিছে’ — এই কথা এন্দু যুক্তৰাষ্ট্ৰৰ প্ৰথম লাখটকীয়া উদ্যোগপতিৰ ভিতৰত এজন হৈছিল।

ইংলণ্ডৰ ঔদ্যোগিক বিপ্লৱৰ এটা কাৰ কাৰণ আছিল, ক্ষুদ্ৰ খেতিয়কে ডাঙৰ খেতিয়কৰ হাতত মাটি এৰি দি নিজৰ ৰোজগাৰৰ কাৰণে উদ্যোগবোৰত শ্ৰমিক হিচাপে যোগ দিছিল। উত্তৰ-আমেৰিকাত অৱশ্যে বেলেগ ধৰণেৰে উদ্যোগীকৰণ হৈছিল। ৰেলৰ যন্ত্ৰপাতি নিৰ্মাণ কৰিবৰ বাবে, যাতে দূৰৈত থকা ঠাইৰ লগত পৰিবহণৰ ব্যৱস্থা উন্নত কৰিব পাৰি আৰু যন্ত্ৰপাতি নিৰ্মাণ কৰিবলৈ যাতে ডাঙৰ ডাঙৰ খেতি-পামত খেতি কৰাৰ সুবিধা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top