Class 11 History Chapter 11 আধুনিকীকৰণৰ পথত

Class 11 History Chapter 11 আধুনিকীকৰণৰ পথত Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters AHSEC Class 11 History Chapter 11 আধুনিকীকৰণৰ পথত and select needs one.

Class 11 History Chapter 11 আধুনিকীকৰণৰ পথত

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 History Chapter 11 আধুনিকীকৰণৰ পথত Solutions for All Subject, You can practice these here.

আধুনিকীকৰণৰ পথত

Chapter: 11

অনুশীলনীঃ

১। অতি চমু উত্তৰ লিখাঃ

(ক) কোন শতিকাত পূব এছিয়াত চীনদেশে আধিপত্য বিস্তাৰ কৰিছিল।

উত্তৰঃ ১৯ শতিকাত পূব এছিয়াত চীনদেশে আধিপত্য বিস্তাৰ কৰিছিল।

(খ) প্ৰাচীন চীনৰ শ্ৰেষ্ঠতম বুৰঞ্জীবিদ হিচাপে কাৰ নাম প্ৰথমে লোৱা হয়?

উত্তৰঃ প্ৰাচীন চীনৰ শ্ৰেষ্ঠতম বুৰঞ্জীবিদ হিচাপে চিমা চিয়ানক লোৱা হয়।

(গ) গেঞ্জীকথা কি?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ গেঞ্জীকথা হ’ল- কাল্পনিক ডায়েৰী।

(ঘ) গেঞ্জীকথা কোনে লিখিছিল?

উত্তৰঃ গেঞ্জীকথা মুৰাচাকী চিকিবুয়ে লিখিছিল।। 

(ঙ) জাপানী চৰকাৰে কি নীতিৰ দ্বাৰা অৰ্থব্যৱস্থাৰ বিকাশ ঘটাবলৈ প্ৰয়াস কৰিছিল?   

উত্তৰঃ জাপানী চৰকাৰে ‘ফুককো কিউহে’ নীতিৰ দ্বাৰা অৰ্থব্যৱস্থাৰ বিকাশ ঘটাবলৈ প্ৰয়াস কৰিছিল।

(চ) জাপানত কেতিয়াৰ পৰা নতুন বিদ্যালয় ব্যৱস্থা আৰম্ভ হৈছিল?

উত্তৰঃ জাপানত ১৮৭০ দশকৰ পৰা নতুন বিদ্যালয় ব্যৱস্থা আৰম্ভ হৈছিল।

(ছ) জাপানৰ প্ৰথম ৰেলপথে কোন দুখন চহৰক সংযোগ ঘটাইছিল?

উত্তৰঃ জাপানৰ প্ৰথম ৰেলপথে ষ্টনকটন আৰু দালিংটন চহৰক সংযোগ ঘটাইছিল।

(জ) জাপানৰ জনবাদী অধিকাৰ আন্দোলনৰ নেতা কোন আছিল?

উত্তৰঃ জাপানৰ জনবাদী অধিকাৰ আন্দোলনৰ নেতা টানাকাচ জো আছিল।

(ঝ) চীনদেশৰ প্ৰাৰম্ভিক কালৰ সংস্কৃত জনৰ নাম লিখা।

উত্তৰঃ চীনদেশৰ প্ৰাৰম্ভিক কালৰ সংস্কৃত জনৰ নাম হ’ল- কাংয়ুৱেই বা লিয়াংকিছাও।

(ঞ) প্ৰথম কানিযুদ্ধ কেতিয়া হৈছিল?

উত্তৰঃ প্ৰথম কানিযুদ্ধ ১৯৩৯-৪২ চনত হৈছিল।

(ট) আধুনিক চীনৰ নিৰ্মাতা বুলি কাক কোৱা হয়?

উত্তৰঃ আধুনিক চীনৰ নিৰ্মাতা বুলি চান য়াৎ সেনক কোৱা হয়।

(ঠ) চীন কমিউনিষ্ট পাৰ্টি কেতিয়া প্ৰতিষ্ঠা হৈছিল?

উত্তৰঃ চীন কমিউনিষ্ট পাৰ্টি ১৯২১ চনত প্ৰতিষ্ঠা হৈছিল।

(ড) কোন চনত বৃটেইনে চীনক হংকং ঘূৰাই দিয়ে?

উত্তৰঃ ১৯৯৭ চনত বৃটেইনে চীনক হংকং ঘূৰাই দিয়ে।

২। চমুকৈ উত্তৰ দিয়াঃ

(ক) মেইজী পুনৰুত্থানৰ আগতে এনে কি ঘটনা ঘটিছিল যি জাপানৰ ক্ষিপ্ৰ উন্নতিকৰণ সম্ভৱ কৰিছিল?

উত্তৰঃ মেইজী পুনৰুত্থানৰ আগতে ঘটিছিল যি জাপানৰ ক্ষিপ্ৰ উন্নতিকৰণ সম্ভৱ কৰিছিল–

কৰ্মচাৰী আৰু জনসাধাৰণে জানিছিল যে কোনো ইউৰোপীয় দেশে ভাৰত আৰু অন্যান্য দেশত উপনিৱেশ প্ৰতিষ্ঠা কৰিছিল। চীন দেশ ইংলণ্ডৰ হাতত পৰাস্ত হোৱাৰ বাতৰি আহিছিল আৰু এই ঘটনা জনপ্ৰিয় নাটকত প্ৰকাশিত হৈছিল। ইয়াৰ ফলত জাপানতো পশ্চিমীয়া দেশে উপনিৱেশ পাতিব পাৰে বুলি ভয় হৈছিল। বহুতো পণ্ডিত আৰু নেতাই ইউৰোপৰ নতুন চিন্তাধাৰাৰ পৰা শিকিবলৈ বিচাৰিছিল। চীনাবিলাকৰ দৰে সিবিলাকক অৱজ্ঞা কৰা নাছিল। কিন্তু কিছুমান জাপানীয়ে ইউৰোপীয়বিলাকৰ পৰা নতুন প্ৰযুক্তি গ্ৰহণ কৰিলেও ইউৰোপীয় সকলক আঁতৰত ৰাখিবলৈ বিচাৰিছিল। কিছুমানে আকৌ বহিঃবিশ্বৰ বাবে জাপানক সীমিতভাৱে মুকলি কৰি ৰখাৰ মতহে পোষণ কৰিছিল।

(খ) জাপানৰ উন্নতিৰ লগে লগে কেনেকৈ ইয়াৰ দৈনন্দিন জীৱনলৈ পৰিৱৰ্তন আহিছিল লিখা।

উত্তৰঃ জাপানৰ উন্নতিৰ লগে লগে দৈনন্দিন জীৱনলৈ পৰিৱৰ্তন আহিছিল এনেদৰে–

(১) কৃষকসকলক নিয়ন্ত্ৰণ কৰা আৰু চামোৰাই সকলে অস্ত্ৰ ৰখাৰ নিয়ম কৰা হ’ল।

(২) ডাইয়ো বিলাকক নিজ ভূ-ক্ষেত্ৰৰ ৰাজধানীত থাকি স্বাধীনভাৱে শাসন কৰিবলৈ দিয়া হৈছিল।

(৩) মাটিৰ উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ শ্ৰেণীবিভাগ কৰা হৈছিল।

(গ) কেনেকৈ চিং ৰাজবংশই পশ্চিমীয়া শক্তিৰ পৰা অহা প্ৰত্যাহ্বান সন্মুখীন হৈছিল?

উত্তৰঃ চীন দেশৰ আধুনিকীকৰণৰ পথ বহুত বেলেগ। পশ্চিমীয়া আৰু জাপানী– এই দুয়োবিধ বিদেশী সাম্ৰাজ্যবাদে চীনৰ সকলো চৰকাৰী নিয়ন্ত্ৰণ দুৰ্বল কৰিলে আৰু ৰাজনৈতিক আৰু সামাজিক ব্যৱস্থা ধ্বংস কৰিবলৈ গৈ স্থানীয় লোকলৈ দুর্দশা মাতি আনিলে; যুদ্ধ, সামন্তবাদ, ডকাইটি আৰু গৃহযুদ্ধই বহুতৰে প্ৰাণ ল’লে। জাপানী আক্ৰমণৰ বৰ্বৰতাৰ কাৰণেও বহুতৰ মৃত্যু হ’ল। প্ৰাকৃতিক দুৰ্যোগে জুইত ঘিঁউ ঢালিলে।

চীন কমিউনিষ্ট দলে বৰ্তমান বজাৰ সম্পৰ্কীয় সংস্কাৰ কৰে আৰু চীনক অৰ্থনৈতিকভাৱে শক্তিশালী কৰে। কিন্তু ইয়াৰ ৰাজনৈতিক ব্যৱস্থা এতিয়াও অতি কঠোৰভাৱে নিয়ন্ত্ৰিত। চীন সমাজত এতিয়া বৈষম্য বৃদ্ধি হৈছে। দীৰ্ঘকাল ধৰি অৱনমিত হৈ থকা পৰম্পৰা পুনজীৰ্বিত হৈছে।

(ঘ) চান য়াৎ সেনৰ তিনিটা সূত্ৰ কি কি?

উত্তৰঃ চান য়াৎ সেনৰ তিনিটা সূত্ৰ হ’ল–

(১) জাতীয়ত্ববাদী: বিদেশী মাঞ্চু ৰাজবংশ আৰু আন বিদেশী সাম্ৰাজ্যবাদী লোকক উচ্ছেদ কৰিব লাগে।

(২) গণতন্ত্ৰ: গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠা কৰিব লাগে।

(৩) সমাজবাদ: পুঁজি নিয়ন্ত্ৰণ কৰিব লাগে আৰু ভূমিস্বত্ব সমান হ’ব লাগে।

৩। ৰচনাধৰ্মী প্রশ্নঃ

(ক) জাপানৰ ক্ষিপ্ৰ উদ্যোগীকৰণে ইয়াৰ প্ৰতিবেশীৰ লগত যুদ্ধ হোৱাত ইন্ধন যোগাইছিল নেকি আৰু পৰিৱেশ ধ্বংস কৰিছিলনে?

উত্তৰঃ জাপান এখন উদ্যোগৰ ফালৰ পৰা উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি উঠিছিল। কিন্তু ইয়াৰ সাম্ৰাজ্য প্ৰতিষ্ঠাৰ চেষ্টাৰ ফলত যুদ্ধ সংঘটিত হৈছিল আৰু ইং-আমেৰিকান শক্তিৰ হাতত জাপান পৰাস্ত হৈছিল। আমেৰিকাই দখল কৰাৰ ফলত জাপানত এক অধিক গণতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থাৰ সূচনা হয় আৰু ইয়াৰ অৰ্থনৈতিক পুনৰ গঠন কৰা হয়। ফলত ১৯৭০ চনৰ দশকলৈ জাপান বিশ্বৰ এক প্ৰধান অৰ্থনৈতিক শক্তি ৰূপে আৱিৰ্ভাৱ হয়।

১২ শতিকালৈ ৰজাই ছ’গান সকলৰ হাতত শাসনভাৰ এৰি দিবলগা হৈছিল। এওঁলোকে ৰজাৰ নামত আপাততঃ শাসন কৰিছিল। ১৬০৩ চনৰ পৰা ১৮৬৭ চনলৈ, টকোগোৱা পৰিয়ালৰ ভিতৰতে ছ’গানৰ বিষয়-বাব উপভোগ কৰি আছিল। ছ’গানজনে প্ৰধান নগৰ আৰু খনিবিলাক প্ৰত্যক্ষ নিয়ন্ত্ৰণ ৰাখিছিল। চামোৰাই ছ’গান আৰু ডাইম্যোসকলৰ সেৱা কৰিছিল যদিও তেওঁলোক প্ৰশাসনিক উচ্চশ্ৰেণীৰ অন্তৰ্ভুক্ত আছিল। ১৬ শতিকাৰ শেষৰ ফালে তিনিটা পৰিৱৰ্তনে জাপানৰ ভৱিষ্যত উন্নতিৰ পথ মুকলি কৰে।

(১) কৃষকসকলক নিয়ন্ত্ৰণ কৰা হ’ল আৰু চামোৰাই সকলেহে অস্ত্ৰ ৰখাৰ নিয়ম হ’ল। ই আগৰ সঘন যুদ্ধ-বিগ্ৰহৰ ঠাইত শান্তি আৰু সমৃদ্ধি প্ৰতিষ্ঠা হোৱাত সহায় কৰিছিল।

(২) ডাইম্যো বিলাকক নিজ ভূ-ক্ষেত্ৰৰ ৰাজধানীত থাকি প্ৰায় স্বাধীনভাৱে শাসন কৰিবলৈ দিয়া হৈছিল।

(৩) ভূ-জৰীপৰ যোগেদি মাটিৰ গৰাকী আৰু কৰদাতাক চিনাক্ত কৰণৰ লগতে মাটিৰ উৎপাদন ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ শ্ৰেণীবিভাগ কৰা হয়।

ক্ষিপ্ৰ আৰু অনিয়ন্ত্ৰিত ঔদ্যোগিক সম্প্ৰসাৰণ আৰু কাঠৰ দৰে প্ৰাকৃতিক সম্পদৰ প্ৰয়োজন বৃদ্ধিৰ ফলত পৰিৱেশ ধ্বংস হৈছিল। প্ৰথম প্ৰতিনিধিসদন সদস্য টানাকা চজোয়ে ১৮৯৭ চনতে প্ৰদূষণৰ বিৰুদ্ধে ৮০০ গাওঁবাসীক লৈ আন্দোলন আৰম্ভ কৰিছিল আৰু চৰকাৰক প্ৰদূষণৰ বিৰুদ্ধে পদক্ষেপ লবলৈ বাধ্য কৰিছিল।

(খ) তুমি ভাবা নেকি যে মাও জে ডুং আৰু চীন কমিউনিষ্ট দল চীনক মুক্ত কৰাত আৰু ইয়াৰ বৰ্তমানৰ উন্নতিৰ ভেটি ৰচনাত কৃতকাৰ্য্য হৈছে?

উত্তৰঃ ১৯২১ চনত চীন কমিউনিষ্ট দল গঠন কৰা হৈছিল। ৰুছ বিপ্লৱৰ কৃতকাৰ্যতাই সমগ্ৰ বিশ্বতে সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলায় আৰু লেনিন আৰু ট্ৰটস্কীৰ দৰে নেতাই ১৯১৮ চনৰ মাৰ্চত কমিনটাৰ্ন অথবা তৃতীয় আন্তঃৰাষ্ট্ৰীয় সংস্থা গঠন কৰি বিশ্বত শোষণ অন্ত পেলোৱাৰ অৰ্থে এখন বিশ্ব-চৰকাৰ প্ৰতিষ্ঠাৰ প্ৰয়াস কৰে। কমিনটাৰ্ন আৰু চোভিয়েট ইউনিয়নে বিভিন্ন দেশৰ কমিউনিষ্ট দলবোৰক সমৰ্থন দিছিল। কিন্তু তেওঁলোকে পৰম্পৰাগত মাক্সীয় ধাৰণাৰে কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছিল। আৰম্ভণিতে কমিনটাৰ্নে দেশৰ বাহিৰতো প্ৰভাৱ বিস্তাৰ কৰিবলৈ সমৰ্থ হৈছিল। কিন্তু অচিৰেই এইটো প্ৰতিপন্ন হয় যে কমিনটাৰ্নে চোভিয়েটক হাতৰ পুতলা ৰূপে কাম কৰিছিল। সেয়ে ইয়াক ১৯৪৩ চনত বন্ধ কৰি দিয়া হয়। মাও জে তুঙ (১৮৯৩-১৯৭৬) চীন কমিউনিষ্ট দলৰ নেতা ৰূপে আবিৰ্ভাৱ হয়।

অনুগামী সকলে কুমিনটঙাৰ আক্ৰমণৰ পৰা সুৰক্ষিত হ’বলৈ ১৯২৮ চনৰ পৰা ১৯৩৪ চনলৈ শিবিৰ পাতি আছিল। তেওঁ এক ক্ষমতাসম্পন্ন মজদুৰ কিষাণ পৰিষদ গঠন কৰিছিল, ভূমি বাজেয়াপ্ত কৰি কৃষকৰ মাজত ভগাই দি কৃষক ঐক্য সম্ভৱ কৰিছিল। মাওৱে আনবোৰ জননেতাৰ বিপৰীতে স্বাধীন চৰকাৰ আৰু সৈন্য বাহিনীৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিছিল। তদুপৰি তেওঁ তিৰোতাৰ সমস্যা বিলাকৰ বিষয়ে সচেতন আছিল আৰু গ্ৰামীণ নাৰী সংগঠনবোৰত সমৰ্থন দিছিল; নতুন বিবাহ বিধি প্ৰণয়ন কৰিছিল। এই অঞ্চলে আয়োজিত বিবাহ বন্ধ কৰে; বিবাহ চুক্তি কিনা-বেচাত বাধা দিলে আৰু বিবাহ বিচ্ছেদ সহজ কৰিলে।

১৯৩০ চনত জুনৱু কৰা এক জৰীপমতে মাওৱে নিত্য ব্যৱহাৰ্য্য সামগ্ৰী যেনেঃ নিমখ, ছয়াবীন, স্থানীয় সংগঠনৰ তুলনামূলক ক্ষমতা, ক্ষুদ্ৰ বেপাৰী, শিল্প, কমাৰ, বেশ্যা, ধৰ্মীয় সংগঠনৰ ক্ষমতা– এই সকলোবোৰ পৰীক্ষা কৰিছিল, যাতে বিভিন্ন স্তৰৰ হোৱা শোষণৰ বিষয়ে জানিব পাৰি।

চীন কমিউনিষ্ট দলে নিৰ্ধাৰণ কৰি দিয়া লক্ষ্যত উপনিত কৰিবলৈ মাওৱে ৰাইজক সবল নেতৃত্ব দিছিল। তেওঁ ‘সমাজবাদী ব্যক্তি’ তৈয়াৰ কৰিবলৈ যত্ন কৰিছিল। এনে সমাজবাদী ব্যক্তিৰ পাঁচটা বস্তু প্রিয় হ’ব লাগিব— পিতৃভূমি, জনতা, শ্ৰম, বিজ্ঞান আৰু ৰাজহুৱা সম্পত্তি। তেওঁ কৃষক, মহিলা, বিদ্যাৰ্থী আৰু অন্য শ্ৰেণীৰ লোকৰ বাবে গণসংগঠন গঢ় দিয়ে। উদাহৰণস্বৰূপে, The All China Democratic Womens Federations চনৰ ৭৬ লাখ আৰু All Students Federation চনৰ ৩২.৯ লাখ সদস্য আছিল।

(গ) পশ্চিমীয়াকৰণে চীন আৰু জাপানক কিমানদূৰ সহায় কৰিছিল ব্যাখ্যা কৰা।

উত্তৰঃ জাপান আৰু চীনৰ ইতিহাসে দেখুৱায় কেনেকৈ বিভিন্ন ঐতিহাসিক অৱস্থাৰ ফলত দুয়োখন দেশেই স্বাধীনতা আৰু আধুনিকীকৰণ বেলেগ বেলেগ পথ গ্ৰহণ কৰিছিল। জাপানে ইয়াৰ স্বাধীনতা বজাই ৰাখিব পাৰিছিল আৰু পৰম্পৰাগত কৌশল আৰু ব্যৱস্থা নতুন প্ৰণালীৰে ব্যৱহাৰ কৰাত সফল হৈছিল। কিন্তু ইয়াৰ সম্ভ্ৰান্ত শ্ৰেণীৰ দ্বাৰা পৰিচালিত আধুনিকীকৰণে এক উগ্ৰ জাতীয়তাবাদৰ সূচনা কৰে। গণতান্ত্ৰৰ দাবী অগ্ৰাহ্য কৰা এটা দমনমূলক শাসতন্ত্ৰ বৰ্তি থকাত সহায় কৰে আৰু এখন ঔপনিবেশীক সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে, যি ঘৃণাৰ এক বাতাবৰণ সৃষ্টি কৰে আৰু আভ্যন্তৰীণ উন্নয়নকো ক্ষতিগ্ৰস্ত কৰে।

পশ্চিমীয়া সাম্ৰাজ্যবাদী শক্তিৰ আধিপত্যবাদী পৰিৱেশত জাপানত আধুনিকীকৰণ কাৰ্যসূচী চলাই নিয়া হৈছিল। তেওঁলোকক অনুসৰণ কৰাৰ লগে লগে ই সমস্যাবোৰৰ নিজস্ব সমাধানৰ পথো উদ্ভাৱন কৰিছিল। জাপানী জাতীয়তাবাদ দুটা ভিন্ন বাধ্যবাধকতাৰ পৰা উদ্ভুত — বহুতো জাপানী লোকে এছিয়াক পশ্চিমীয়া শক্তিৰ নিয়ন্ত্ৰণ মুক্ত কৰিবলৈ বিচাৰে, আনহাতে এই আদৰ্শ সাম্ৰাজ্য নিৰ্মাণৰ বাবে গুৰুত্বপূৰ্ণ কাৰক হিচাপে বিবেচনা কৰে।

উল্লেখযোগ্য যে সামাজিক আৰু ৰাজনৈতিক অনুষ্ঠান আৰু দৈনন্দিন জীৱনৰ পৰিৱৰ্তন কেৱল ঐতিহ্যৰ পুনৰুত্থানেই নহয় বা সিবিলাকক জোৰ কৰি ধৰি ৰখা বা নিয়ন্ত্ৰণ কৰা নহয়, সিবিলাকক নতুন আৰু বিভিন্ন উপায়েৰে গঠনমূলকভাৱে ব্যৱহাৰ কৰাহে কথা। উদাহৰণ স্বৰূপে মেইজী বিদ্যালয় ব্যৱস্থা ইউৰোপীয় আৰু আমেৰিকান আর্হিৰে গঢ়ি তোলা হৈছিল, নতুন বিষয়ো পঢ়োৱা হৈছিল।

চীন দেশৰ আধুনিকীকৰণৰ পথ বহুত বেলেগ। পশ্চিমীয়া আৰু জাপানী — এই দুয়োবিধ বিদেশী সাম্ৰাজ্যবাদে চীনৰ সকলো চৰকাৰী নিয়ন্ত্ৰণ দুৰ্বল কৰিলে আৰু ৰাজনৈতিক আৰু সামাজিক ব্যৱস্থা ধ্বংস কৰিবলৈ গৈ স্থানীয় লোকলৈ দুৰ্দশা মাতি আনিলে; যুদ্ধ, সামন্তবাদ, ডকাইটি আৰু গৃহযুদ্ধই বহুতৰে প্ৰাণ ল’লে। জাপানী আক্ৰমণৰ বৰ্বৰতাৰ কাৰণেও বহুতৰ মৃত্যু হ’ল। প্ৰাকৃতিক দুৰ্যোগ জুইত ঘিঁউ ঢালিলে।

(ঘ) চীনত নতুন গণতন্ত্ৰ প্ৰতিষ্ঠাৰ কাৰণ আৰু তাৎপৰ্য বৰ্ণনা কৰা।

উত্তৰঃ ১৯১১ চনত চান য়াৎ সেনৰ (১৮৬৬-১৯২৫) (যিজনক আধুনিক চীনৰ নিৰ্মাতা বুলি কোৱা হয়) নেতৃত্বত চীনত এখন গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা হয়। দুখীয়া পৰিয়ালৰ এই লোকজনে মিছনেৰী বিদ্যালয়ত পঢ়িছিল। তাত তেওঁৰ গণতন্ত্ৰ আৰু খ্ৰীষ্টান ধৰ্মৰ লগত পৰিচয় ঘটে। তেওঁ চিকিৎসা বিজ্ঞান পঢ়িছিল যদিও চীন দেশৰ ভৱিষ্যতক লৈ তেওঁ অতি উদ্বিগ্ন হৈ পৰিছিল। তেওঁৰ কাৰ্যসূচীক ত্ৰি-সূত্ৰ বোলা হৈছিল।

১৯৪৯ চনত চীন গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা হয়। এই ‘নতুন গণতন্ত্ৰ’ সকলো সামাজিক শ্ৰেণীৰ মিত্ৰতাৰ আধাৰত প্ৰতিষ্ঠিত চোভিয়েট ইউনিয়নে দাবী কৰা ‘সৰ্বহাৰাৰ একনায়কত্ববাদৰ কাৰ্লমাৰ্ক্সে ব্যৱহাৰ কৰিছিল আৰু এই ব্যৱস্থাত ধনীশ্ৰেণীৰ দমনমূলক চৰকাৰৰ ঠাইত শ্ৰমিক শ্ৰেণীৰ বৈপ্লৱিক চৰকাৰ স্থাপন কৰা হয়; আজিৰ অৰ্থত ই একনায়কত্ববাদ নহয় আধাৰত প্ৰতিষ্ঠিত নহয়। চীনৰ ‘নতুন গণতন্ত্ৰ’ত অৰ্থব্যৱস্থাৰ মুখ্যক্ষেত্ৰ চৰকাৰৰ নিয়ন্ত্ৰণত থাকে আৰু ব্যক্তিগত ব্যৱসায় আৰু ভূমিস্বত্ব লাহে লাহে নাইকিয়া হয়। এনে ধৰণৰ কাৰ্য ব্যৱস্থা ১৯৫৩ লৈকে চলে, যেতিয়া চীন চৰকাৰে ঘোষণা কৰিছিল যে ই সামাজিক পৰিৱৰ্তনৰ এক কাৰ্যসূচী পালন কৰিব। ১৯৫৮ চনৰ গ্ৰেট লিপ ফৰৱাৰ্ড আন্দোলন আছিল এটা নীতি। এই নীতি কাৰ্যকৰী কৰি উদ্যোগীকৰণৰ জৰিয়তে দেশৰ উন্নতি সাধিব নোৱাৰিছিল। ৰাইজক নিজ ঘৰৰ পিছফালে একোটি তীখা-ভাতী স্থাপন কৰিবলৈ আহ্বান জনাইছিল। গ্ৰামাঞ্চলত জনপৰিষদ প্ৰতিষ্ঠা কৰা হৈছিল– জনপৰিষদৰ মাটি উমৈহতীয়া ভাৱে অধিকাৰ কৰে আৰু তাত খেতি কৰে। ১৯৫৮ লৈকে, ২৬,০০০ এনে কমিউন আছিল, য’ত ৯৮% খেতিয়ক অন্তৰ্ভুক্ত আছিল।

(ঙ) চীনৰ কমিউনিষ্ট দলৰ উত্থান কেনেদৰে হৈছিল বৰ্ণনা কৰা।

উত্তৰঃ ১৯৩৭ চনত জাপানে চীন আক্ৰমণ কৰোঁতে কুমিনটাং পিছ হুহকি যায়। দীঘলীয়া আৰু বৃহৎ যুদ্ধখনে চীনক দুৰ্বল কৰে। ১৯৪৫-৪৯ চনৰ সময়ছোৱাত বস্তুৰ দাম ৩০% বাঢ়ে আৰু জনসাধাৰণৰ জীৱন দুৰ্বিসহ হৈ উঠে। চীনৰ গ্ৰামাঞ্চল দুটা সংকটৰ সন্মুখীন হয়। এক — ভুমিস্খলন, বনানিধ্বংস আৰু বানপানী সৃষ্টি পৰিৱেশ সম্পৰ্কীয়। দুই – ভূমি বন্দবস্তিজনিত শোষণ ব্যৱস্থা ঋণগ্ৰস্ততা, আদিম প্ৰযুক্তি আৰু নিম্নস্তৰীয় যাতায়াত ব্যৱস্থাৰ লগত জড়িত অৰ্থনীতি সম্পৰ্কীয়। ১৯২১ চনত চীন কমিউনিষ্ট দল গঠন কৰা হৈছিল। ৰুছ বিপ্লৱৰ কৃতকাৰ্যতাই সমগ্ৰ বিশ্বতে সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলায় আৰু লেনিন আৰু ট্ৰটস্কীৰ দৰে নেতাই ১৯১৮ চনৰ মাৰ্চত কমিনটাৰ্ন অথবা তৃতীয় আন্তঃৰাষ্ট্ৰীয় সংস্থা গঠন কৰি বিশ্বত শোষণ অন্ত পেলোৱাৰ অৰ্থে এখন বিশ্ব-চৰকাৰ প্ৰতিষ্ঠাৰ প্ৰয়াস কৰে। কমিনটাৰ্ন আৰু চোভিয়েট ইউনিয়নে বিভিন্ন দেশৰ কমিউনিষ্ট দলবোৰক সমৰ্থন দিছিল। কিন্তু তেওঁলোকে পৰম্পৰাগত মাক্সীয় ধাৰণাৰে কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছিল। আৰম্ভণিতে কমিনটাৰ্নে দেশৰ বাহিৰতো প্ৰভাৱ বিস্তাৰ কৰিবলৈ সমৰ্থ হৈছিল। কিন্তু অচিৰেই এইটো প্ৰতিপন্ন হয় যে কমিনটাৰ্নে চোভিয়েটক হাতৰ পুতলা ৰূপে কাম কৰিছিল। সেয়ে ইয়াক ১৯৪৩ চনত বন্ধ কৰি দিয়া হয়।

১৯২৮ চনৰ পৰা ১৯৩৪ লৈ শিবিৰ পাতি আছিল। তেওঁ এক ক্ষমতাসম্পন্ন মজদুৰ কিষাণ পৰিষদ গঠন কৰিছিল, ভূমি বাজেয়াপ্ত কৰি কৃষকৰ মাজত ভগাই দি কৃষক ঐক্য সম্ভৱ কৰিছিল। মাওৱে আনবোৰ জননেতাৰ বিপৰীতে স্বাধীন চৰকাৰ আৰু সৈন্য বাহিনীৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিছিল। তদুপৰি তেওঁ তিৰোতাৰ সমস্যা বিলাকৰ বিষয়ে সচেতন আছিল আৰু গ্ৰামীণ নাৰী সংগঠনবোৰত সমৰ্থন দিছিল; নতুন বিবাহ বিধি প্ৰণয়ন কৰিছিল। এই অঞ্চলে আয়োজিত বিবাহ বন্ধ কৰে; বিবাহ চুক্তি কিনা-বেচাত বাধা দিলে আৰু বিবাহ বিচ্ছেদ সহজ কৰিলে।

১৯৪৯ চনত চীন গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা হয়। এই ‘নতুন গণতন্ত্ৰ’ সকলো সামাজিক শ্ৰেণীৰ মিত্ৰতাৰ আধাৰত প্ৰতিষ্ঠিত চোভিয়েট ইউনিয়নে দাবী কৰা ‘সৰ্বহাৰাৰ একনায়কত্ববাদৰ কাৰ্লমাৰ্ক্সে ব্যৱহাৰ কৰিছিল আৰু এই ব্যৱস্থাত ধনীশ্ৰেণীৰ দমনমূলক চৰকাৰৰ ঠাইত শ্ৰমিক শ্ৰেণীৰ বৈপ্লৱিক চৰকাৰ স্থাপন কৰা হয়; আজিৰ অৰ্থত ই একনায়কত্ববাদ নহয় আধাৰত প্ৰতিষ্ঠিত নহয়। চীনৰ ‘নতুন গণতন্ত্ৰ’ত অৰ্থব্যৱস্থাৰ মুখ্যক্ষেত্ৰ চৰকাৰৰ নিয়ন্ত্ৰণত থাকে আৰু ব্যক্তিগত ব্যৱসায় আৰু ভূমিস্বত্ব লাহে লাহে নাইকিয়া হয়।

৪। চমু টোকা লিখাঃ

(ক) নাইটো কোনন।

উত্তৰঃ নাইটো কোনন: এওঁ চীনত বৌদ্ধিক চৰ্চা কৰা প্ৰথম জাপানী লোক। তেওঁৰ লিখনিয়ে বিশ্বৰ অন্যান্যা লেখকক প্ৰভাৱন্বিত কৰিছিল। জাপানত চীনৰ বিষয়ে চৰ্চাৰ এক দীঘলীয়া ঐতিহ্য আছিল। নাইটোই নিজৰ কামৰ বাবে পশ্চিমীয়া ইতিহাস লিখনিৰ নতুন কৌশল তথা নিজৰ সাংবাদিক জীৱনৰ অভিজ্ঞতা প্ৰয়োগ কৰিছিল। তেওঁ ১৯০৭ চনত কিউটো বিশ্ববিদ্যালয়ত প্ৰাচ্য অধ্যয়ন বিভাগ প্ৰতিষ্ঠা কৰাত সহায় কৰে। চীনাৰণ নামৰ গ্ৰন্থত তেওঁ যুক্তি দৰ্শাইছিল যে গণতান্ত্ৰিক চৰকাৰৰ জৰিয়তে চীনৰ চুং ৰাজবংশৰ (৯৬০-১২৭৯) পৰা চলি অহা অভিজাত শ্ৰেণীৰ নিয়ন্ত্ৰণ আৰু কেন্দ্ৰীভূত শাসন ওফৰোৱাৰ পথ লাভ কৰিব পাৰি। তেওঁ কৈছিল যে সংস্কাৰৰ জৰিয়তে স্থানীয় সমাজক পুনৰজীৱন দিবৰ বাবে সেইটোৱেই পথ। তেওঁ চীন ইতিহাসত এনে শক্তিৰ সন্ধান পায়, যাৰ সহায়ত চীনক আধুনিক আৰু গণতান্ত্ৰিক শক্তিৰূপে প্ৰতিষ্ঠা কৰিব পাৰি। তেওঁৰ মতে জাপানে চীন দেশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। কিন্তু তেওঁ চীন জাতীয়তাবাদী শক্তিৰ প্ৰতি উচ্চ মনোভাৱ পোষণ কৰা নাছিল।

(খ) গেঞ্জীকথা।

উত্তৰঃ গেঞ্জীকথা: মুৰাচাকী চিকিবু (Murasaki Shikibu) য়ে লিখা হেইয়ান দৰবাৰৰ এই কাল্পনিক ডায়েৰী ‘গেঞ্জী কথা’ জাপানী সাহিত্যৰ মুখ্য কাহিনী গ্ৰন্থ হৈ পৰিছিল। এই সময়ত মুৰাছাকীৰ দৰে বহুতো লেখিকাৰ আর্ৱিভাব হৈছিল। এওঁলোকে জাপানী লিপিত লিখিছিল আৰু পুৰুষসকলে চীন লিপিত লিখিছিল। চীন লিপি শিক্ষা আৰু চৰকাৰী ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছিল। এই কাহিনীত যুৱৰাজ গেঞ্জীৰ ৰোমান্তিক কাহিনী বৰ্ণোৱা হৈছিল, লগতে ইয়াত হেইয়ান ৰাজসভাৰ আভিজাত্যিক পৰিৱেশৰ বিষয়ে উল্লেখ হৈছে। ইয়াত নাৰীৰ নিজৰ পতি বাছি লোৱা আৰু জীৱন যাপনৰ স্বাধীনতাৰ কথা প্ৰকাশিত হৈছে।

(গ) ফুকুযাৱা য়ুকিচী।

উত্তৰঃ ফুকুযাৱা য়ুকিচী: এক দুখীয়া ছামুৰাই পৰিয়ালত এওঁৰ জন্ম হয়। তেওঁ নাগাচাকী আৰু ওচাকাত ডাচ আৰু পশ্চিমীয়া বিজ্ঞানৰ শিক্ষা আৰু পিছত ইংৰাজী শিক্ষা গ্ৰহণ কৰে। ১৮৬০ চনত তেওঁ যুক্তৰাষ্ট্ৰৰ প্ৰথম জাপানী ৰাষ্ট্ৰদূতাবাসত অনুবাদক হিচাপে নিযুক্ত হয়। ইয়াত থাঁকোতে তেওঁ পাশ্চাত্যৰ বিষয়ে এখন গ্ৰন্থৰ সমল সংগ্ৰহ কৰে। ধ্ৰুপদী সাহিত্যৰ দৰে নিলিখি তেওঁ এই কিতাপ কথোপকথনৰ ভঙ্গীৰে লিখে। লেখন ভঙ্গীৰ বাবে কিতাপখন যথেষ্ট জনপ্ৰিয় হৈছিল। তেওঁ প্ৰতিষ্ঠা কৰা বিদ্যালয়খন আজি কিউ বিশ্ববিদ্যালয় নামে জনাজাত হয়। তেওঁ মিৰ’কোছা নামৰ পশ্চিমীয়া শিক্ষাৰ পৃষ্ঠপোষকতা কৰা সংগঠনৰ প্ৰধান সদস্য সকলৰ এজন তেওঁৰ Encouragement to Learing’ (Gakumon no susume, ১৮৭২-৭৬) নামৰ গ্ৰন্থত জাপানী জ্ঞানৰ সমালোচনা কৰা হয়ঃ ‘জাপানে গৰ্ব কৰিব লগা বিষয়টো কেৱল ইয়াৰ প্ৰাকৃতিক দৃশ্যহে।’ তেওঁ আধুনিক কাৰখানা আৰু প্ৰতিষ্ঠানৰেই সমৰ্থন নাছিল, পশ্চিমীয়া সংস্কৃতিৰ সাৰমৰ্ম– পশ্চিমীয়া সভ্যতাৰ সমৰ্থন আছিল। তেওঁ ভাবিছিল যে ইয়াৰ জৰিয়তে এজন নতুন নাগৰিক সৃষ্টি হ’ব পাৰে। তেওঁৰ নীতি হ’লঃ স্বৰ্গই মানুহক মানুহৰ ওপৰত সৃষ্টি কৰা নাই বা মানুহক মানুহৰ তলতো ৰখা নাই।

(ঘ) আফিং যুদ্ধ।

উত্তৰঃ আফিং যুদ্ধ: চাহ, ৰেছম আৰু চীনামাটিৰ বাচনৰ চাহিদাই বেপাৰ সন্তোলনৰ এটা ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছিল। পশ্চিমীয়া দ্ৰব্যই চীনদেশত বজাৰ দখল কৰিব পৰা নাছিল। সেয়ে ৰূপেৰে মূল্য পৰিশোধ কৰিব লাগিছিল। বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এটা নতুন উপায় উলিয়ালে। সি হ’ল— ভাৰতত সহজে হোৱা আফিং বা আফুখেতি। তেওঁলোকে চীনত আফিং বিক্ৰী কৰি অৰ্জা ৰূপ কেন্টনত থকা কোম্পানীৰ এজেন্টক ধনৰ আঞ্জাপত্ৰৰ বিনিময়ত দিছিল। কোম্পানীয়ে সেই ৰূপেৰে বৃটেইনৰ কাৰণে চাহ, ৰেছম, আৰু চীনামটিৰ পাত্ৰ কিনিছিল। বৃটেইন, ভাৰত আৰু চীনৰ মাজত এয়া আছিল ত্ৰিকোণীয় বেপাৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top