Class 11 Sociology Chapter 1 সমাজতত্ত্ব আৰু সমাজ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Class 11 Sociology Chapter 1 সমাজতত্ত্ব আৰু সমাজ and select needs one.
Class 11 Sociology Chapter 1 সমাজতত্ত্ব আৰু সমাজ
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Sociology Chapter 1 সমাজতত্ত্ব আৰু সমাজ Solutions for All Subject, You can practice these here.
সমাজতত্ত্ব আৰু সমাজ
পাঠ: 1
প্ৰথম খণ্ড
অতি চমু প্ৰশ্নোত্তৰ
১। সমাজতত্ত্বৰ কেতিয়া জন্ম হৈছিল?
উত্তৰঃ সমাজতত্ত্বৰ জন্ম ১৮৩৯ চনত হৈছিল।
২। ‘What is Sociology’ গ্ৰন্থখন কোনে লিখিছিল?
উত্তৰঃ ‘What is Sociology’ গ্ৰন্থখন Norbert Elias-এ লিখিছিল।
৩। সমাজতত্ত্বৰ প্ৰথম পিতৃ কোন ?
উত্তৰঃ সমাজতত্ত্বৰ প্ৰথম পিতৃ আগষ্ট ক’ট।
৪। সমাজতত্ত্ব শব্দটো কৰ পৰা আহিছে ?
উত্তৰঃ সমাজতত্ত্ব শব্দটো লেটিন ভাষাৰ ‘Socious’ আৰু গ্ৰীক ভাষাৰ ‘Logos’ শব্দ দুটাৰ সমন্বয়ৰ ফলত উৎপত্তি হৈছে।
৫। সমাজতত্ত্বৰ আৰু অৰ্থনীতিৰ দুটা উমৈহতীয়া অধ্যয়নৰ বিষয়ে উল্লেখ কৰা।
উত্তৰঃ সমাজতত্ত্বৰ আৰু অৰ্থনীতিৰ দুটা উমৈহতীয়া অধ্যয়নৰ বিষয়ে তলত উল্লেখ কৰা হ’ল–
(ক) শ্ৰমবিভাজন। আৰু
(খ) বিতৰণ ব্যৱস্থা।
৬। প্ৰত্যক্ষবাদৰ লগত জড়িত বিপ্লৱ দুটা কি কি ?
উত্তৰঃ প্ৰত্যক্ষবাদৰ লগত জড়িত বিপ্লৱ দুটা হ’ল— ইংলেণ্ডৰ শিল্প বিপ্লৱ আৰু ফৰাছী বিপ্লৱ।
৭। ভাৰতীয় সমাজতত্ত্ববিদ এজনৰ নাম লিখা।
উত্তৰঃ ডঃ ৰাধাকমল মুখাৰ্জী ।
৮। সম্বন্ধয়াত্মক চিন্তাধাৰাৰ যিকোনো এজন সমৰ্থকৰ নাম উল্লেখ কৰা।
উত্তৰঃ ইমাইল দুৰখেইম।
৯। সমাজতত্ত্ব কি ?
উত্তৰঃ সমাজতত্ত্ব হৈছে মানৱ সমাজৰ বিজ্ঞানসন্মত অধ্যয়ন । সমাজতত্ত্বৰ মূল বিষয় হৈছে সমাজৰ বিভিন্ন দিশবোৰক সামাজিকভাৱে অধ্যয়ন কৰা। মানুহৰ সামাজিক জীৱন, সামাজিক গোট আৰু সমাজ সম্পৰ্কে সমাজতত্ত্বই অধ্যয়ন কৰে।
১০। বিশেষাত্মক চিন্তাধাৰাৰ মুখ্য সমৰ্থকজন কোন?
উত্তৰঃ জৰ্জ চিমেন।
অনুশীলনী (Exercise)
১। সমাজতত্ত্বৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে কিয় অধ্যয়ন কৰিব লাগে? আলোচনা কৰা।
উত্তৰঃ মানৱ সমাজততত্ত্বৰ গুৰুত্ব অধিক কাৰণ সমাজতত্ত্বৰ অবিহনে মানুহৰ সামাজিক জীৱনৰ সকলো দিশ সামৰি অধ্যয়ন সম্ভৱ নহয়। অধ্যয়নৰ বিষয় হিচাপে বিষয়ৰে উৎপত্তি আৰু বিকাশৰ অধ্যয়নে সেই বিষয়টোক বুজি পোৱাত সহায় কৰে। সমাজতত্ত্বৰ উৎপত্তি হৈছিল ইউৰোপত আৰু সমাজতত্ত্বৰ বেছিভাগ বিষয় ইউৰোপীয় সমাজৰ পৰা লোৱা। সমাজতত্বৰ উৎপত্তি আৰু বিকাশ সম্বন্ধে অধ্যয়ন নকৰি ইউৰোপত উৎপত্তি আৰু বিকাশ ঘটা বিষয় এটা অধ্যয়ন কৰিবলৈ হ’লে তাৰ বিষয়ে কোনো উমান পাব নোৱাৰি। প্ৰকৃততে ১৭ শতিকাৰ পৰা ইউৰোপত আৰম্ভ হোৱা জ্ঞানোদয় আন্দোলন, শিল্প বিপ্লৱ, পুঁজিবাদী ব্যৱস্থা তথা উদ্যোগিকৰনে সমাজলৈ যি অভূতপূৰ্ব পৰিৱৰ্তন আনিছিল সেই পৰিবৰ্তনৰ প্ৰেক্ষাপটত সমাজক বিজ্ঞানসন্মতভাৱে আলোচনা কৰিবলৈ সমাজতত্ত্বৰ জন্ম হৈছিল।
২। সমাজ সম্পৰ্কীয় বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ We will update the answer very soon.
৩। বৰ্তমান সময়ত বিভিন্ন বিষয়বোৰৰ মাজত আদান – প্ৰদান নীতি কেনেদৰে গুৰুত্বপূৰ্ণ বুলি ক’ব পাৰি?
উত্তৰঃ We will update the answer very soon.
৪। তোমাৰ বন্ধু বা আত্মীয় সকলে সন্মুখীন হোৱা যিকোনো এটা ব্যক্তিগত সমস্যা চিনাক্ত কৰা। সমাজতাত্ত্বিক দৃষ্টিভঙ্গীৰে এনে সমস্যা চাবলৈ যত্ন কৰা।
উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে কৰা।
৫। সমাজতাত্ত্বিক কল্পনা বুলিলে কি বুজা? সমাজতাত্ত্বিক কল্পনাৰ আধাৰত সামাজিক সমস্যা আৰু ব্যক্তিগত বিষয়ৰ ওপৰত চমুৱাই লিখা।
উত্তৰঃ সামজ জীৱনত বিভিন্ন মাজত হোৱা আন্তংক্ৰিয়াৰ জৰিয়তে সামাজিক সম্বন্ধ গঢ় লৈ উঠে। ই এক যুক্তিপূৰ্ণ আধাৰত বৰ্তি থাকে। চি. ৰাইট. মিলচে (C. Wright Millis) ব্যক্তিগত বিষয় আৰু সামাজিক বিষয়ৰ মাজৰ সম্পৰ্কক পৃথক দৃষ্টিৰে চাইছে। তেওঁ সামাজিক কল্পনা নামৰ ধাৰণাটোৰ জৰিয়তে এক দৃষ্টিভঙ্গী প্ৰকাশ কৰিছে। চি. ৰাইট মিলচে ১৯৫৯ চনত ‘The Sociological Imagination ‘ নামৰ গ্ৰন্থত সমাজতত্ত্বই আগবঢ়োৱা অন্তদৃষ্টিৰ প্ৰকাশ ইয়াত বৰ্ণনা কৰিছে। ব্যক্তিগত অভিজ্ঞতা আৰু ব্যাপক সমাজৰ মাজত থকা সম্বন্ধৰ সজাগতাই হৈছে সমাজতাত্ত্বিক কল্পনা।
ব্যক্তিগত সমস্যা আৰু সামাজিক সমস্যা একে নহয়। ব্যক্তিগত সমস্যাই কোনো এজন ব্যক্তিকহে প্ৰভাৱান্বিত কৰে, সমাজক নহয়। যেতিয়া একোটা ব্যক্তিগত সমস্যা বহু ব্যক্তিৰ হৈ পৰে তেতিয়াই সেই ব্যক্তিগত সমস্যা সামাজিক সমস্যা হৈ পৰে। উদাহৰস্বৰূপে ধৰাহক কোনো এজন ব্যক্তি দৰিদ্ৰতাৰ বাবে প্ৰায়ে উপবাসে থাকিব লগা হয়। তেতিয়া ই তেওঁৰ ব্যক্তিগত সমস্যা। কিন্তু সমাজৰ বহু লোক দৰিদ্ৰ হয় আৰু উপবাসে থাকিব লগা হয় তেন্তে ই সামাজিক সমস্যালৈ ৰুপান্তৰিত হয়। ব্যক্তিগত সমস্যা ব্যক্তি বিশেষৰহে উদ্বিগ্নতাৰ কাৰক, কিন্তু সামাজিক সমস্যা সমজৰ বহু ব্যক্তিৰ উদ্বিগ্নতাৰ কাৰক হৈ পৰে। সামাজিক সমস্যাসমূহ সমাধানৰ বাবে সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজন।
৬। সমাজৰ বহুত্বতাৰ অৰ্থ লিখা।
উত্তৰঃ সামাজিক প্ৰাণী হিচাপে স্বাভাৱিক ভাৱেই আমি একোখনৰ সদস্য হিচাপে অন্তৰ্ভু্ত। সমসায়িকভাৱে পৃথিৱীখনত একে সময়তে বহুতো সমাজৰ সমাজৰ সদস্য হিচাপে হৈ আছো। আমি বসবাস কৰা সমাজখন অন্যান্য সমাজৰ পৰা বিভিন্ন বৈশিষ্ট্যৰ আধাৰত পৃথক হিচাপে পৰিচিয় আগবঢ়োৱা হয়। আনি যেতিয়া বিদেশৰ প্ৰসঙ্গৰে নিজৰ সমাজখনক বুজাবলৈ বিচাৰো তেতিয়া আমি ভাৰতীয় সমজখনক আমাৰ নিজৰ সমাজ বুলি ক’ব বিচাৰো। ভাৰতীয় সমাজ বুলি ক’লে একে সময়তে ভাষিক, নৃগোষ্ঠী সম্প্ৰদায়, ধৰ্মীয়, জাতি, জনজাতি ইত্যাদিৰ আধাৰত ব্যাপক ভাৱে আমাৰ সমাজখনৰ অৰ্থ প্ৰকাশ কৰা হয়। এজন সমাজতত্ত্ববিদে এখন সমাজৰ বিভিন্ন চাৰিত্ৰিক বিশেষত্ব আধাৰত ভিন্ন স্বৰূপেৰে পৰিপূৰ্ণ সমাজখনক বহুত্ব সমাজ হিচাপে আখ্যা দিব পাৰি। সমাজক কেন্দ্ৰ কৰি উপস্থাপন কৰা বিভিন্ন প্ৰশ্নই সমাজতত্ত্বৰ মূল বিষ়য়বস্তু হব পাৰে। বিভিন্ন জাতি-জনগোষ্ঠীৰ, ভাষিক, ধৰ্মীয় পৰস্পৰাৰ ভিত্তিত গঢ়ি উঠা এখন সমাজৰ ওপৰত সমাজতাত্ত্বিক দিশৰ পৰা ‘ বহুত্ববাদী ‘ চৰিত্ৰ দেখুৱাব পৰা যায়।
৭। সামাজিক অসমতা দুটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ বহুত্ববাদী বৈশিষ্ট্যই এখন সমাজৰ বিচিত্ৰতাৰ অৰ্থ প্ৰকাশ কৰাৰ লগে লগে ইয়াৰ এক অসমতাপূৰ্ণ চৰিত্ৰও প্ৰতিফলিত কৰে। বিভিন্নতাই সমাজত অসমতা সৃষ্টি কৰে। সামাজিক অসমতাই সমাজখনত কেনেকৈ ভেদ ভাৱৰ সৃষ্টি কৰিছে তাক নবেল বঁটা লাভ কৰা বিখ্যাত অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ মন্তব্যৰ পৰা জানিব পাৰি। তেওঁৰ মন্তব্যটো এনে ধৰণৰ আছিল — ‘ কিছুমান ভাৰতীয় ধনী যদিও অধিকাংশই নহয়। কিছু সংখ্যক লোক অধিক শিক্ষিত আৰু অন্যান্য সকল নিৰক্ষণ। কিছসংখ্যক লোকে অতি সহজ ভাৱে বিলাসী জীৱন অতিবাহিত কৰে আৰু কিছুমান লোকে এটা সৰু পুৰস্কাৰৰ বাবেও কঠোৰ ভাৱে কষ্ট কৰিব লগা হয়। কিছু সংখ্যক লোক ৰাজনৈতিক ভাৱে ক্ষমতাশালী আৰু বাকী সকল নহয়। কিছুমান লোকে জীৱনত আগবাঢ়ি যাবৰ বাবে বহুতো সুবিধা লাভ কৰে আৰু আন এচামৰ কোনো সুবিধাই নাথাকে। কিছুমান লোকক আৰক্ষী বিষয়াইও সন্মান কৰাৰ বিপৰীতে আন এচামক পুলিচ আৰক্ষীয়ে অতিশয় বেয়া ব্যবহাৰ কৰে। এনেদৰে সমাজত ভিন্ন ৰূপত অসমতাই ক্ৰিয়া কৰে।
৮। সমাজতত্বৰ অৰ্থ প্ৰকাশ কৰা।
উত্তৰঃ সমাজতত্ত্ব হৈছে মানৱ সমাজৰ বিজ্ঞানসন্মত অধ্যয়ন। সমাজতত্বৰ মূল বিষয় হৈছে সমাজৰ বিভিন্ন দিশবোৰক সামাজিকভাৱে অধ্যয়ন কৰা। মানুহৰ সামাজিক জীৱন, সামাজিক গোট আৰু সমাজ সম্পৰ্কে সমাজতত্ত্বই অধ্যয়ন কৰা।
৯। সমাজতত্ত্বৰ সংজ্ঞা দিয়া। সমাজতত্ত্বৰ অধ্যয়ন ক্ষেত্ৰ সম্পৰ্কে চমুৱাই দিয়া।
উত্তৰঃ সমাজতত্ত্বৰ সংজ্ঞা বিভিন্ন সমাজতত্ত্ববিদে বিভিন্ন ধৰণে আগবাঢ়িছে —
সমাজতত্ত্বৰ জন্মদাতা আগষ্ট ক’টৰ মতে “সমাজতত্ত্বই বিভিন্ন সমাজৰ সামাজিক পদ্ধতিৰ প্ৰকৃতি আৰু বিভিন্ন স্বৰূপ সম্পৰ্কে বৈজ্ঞানিক পদ্ধতিৰে অধ্যয়ন কৰে। ” তেওঁ নিশ্চিতভাৱে অভিমত প্ৰকাশ কৰিছে যে, সামাজিক পদ্ধতি সম্পৰ্কে অধ্যয়নেই সমাজতত্ত্বৰ মূল বিষয় ।
অন্যতম সমাজতত্ত্ববিদ মেক্স ৱেবাৰৰ (Max Weber) মতে “Sociology is the science, which attempts the interpretative understanding of social action” অৰ্থাৎ সমাজতত্ত্ব এনে বিজ্ঞান, যাৰ জৰিয়তে সামাজিক ক্ৰিয়াৰ বিষয়ে অর্থপূৰ্ণভাৱে বুজিবলৈ সম্ভৱপৰ হয়।
সমাজতত্ত্বই মানুহৰ আন্তঃসম্বন্ধৰ স্বৰূপ আৰু পৰিণতি, সামাজিক জীৱন-যাপন, মানুহৰ জ্ঞান-বিশ্বাস আদি সকলো বিষয়বস্তু অধ্যয়ন কৰাৰ ফলত ইয়াৰ পৰিসৰ বৃদ্ধি হৈছে। অধ্যয়নৰ ক্ষেত্ৰৰ বিষয়ে সমাজতত্ত্ববিদসকলে দুটা প্ৰধান মতামতৰ কথা উল্লেখ কৰিছে। সেই দুই হ’ল —
(i) বিশেষাত্মক বা স্বৰূপাত্মক চিন্তাধাৰা। আৰু
(ii) সমন্বয়াত্মক চিন্তাধাৰা।
জৰ্জ চিমেল, অফ, টনিছ, স্মল, ভিয়েৰ কাগুট, ৱনৱেইজ, মেক্সবেৱাৰ আদিয়ে বিশেষাত্মক বা স্বৰূপাত্মক চিন্তাধাৰাৰ পৃষ্ঠপোষকতা কৰে। এই ধাৰাৰ সমৰ্থকসকলৰ মতে, সামাজিক সম্বন্ধ, সম্বন্ধৰ উৎস, স্বৰূপ আদিৰ বিশ্লেষণৰ জৰিয়তে সমাজতত্ত্বই স্বতন্ত্ৰ মৰ্যাদাসম্পন্ন বিষয় হিচাপে প্ৰতিষ্ঠা কৰিব লাগে। ই অন্য কোনো বিষয়ৰ ওপৰত ভেঁজা দি সমাজৰ বিষয়ে অধ্যয়ন কৰিব নালাগে। সমাজতত্ত্ববিদ পিটিৰিম চ’ৰকিনে জৰ্জ চিমেল আৰু এফ. টনিজক স্বৰূপাত্মক চিন্তাধাৰাৰ প্ৰতিষ্ঠাপক হিচাপে অভিহিত কৰিছে। জৰ্জ চিমেলে সমাজতত্ত্বক সামাজিক সম্বন্ধৰ বর্ণনা, বিশ্লেষণ আৰু শ্ৰেণীকৰণ এক বিষয় হিচাপে অভিহিত কৰিছে।
ইমাইল দুৰখেইম, হব হাউছ, পি. এ. চ’ৰকিন, মৰিচ জিন্সবাৰ্গ আদি সমন্বয়াত্মক চিন্তাধাৰাৰ পৃষ্ঠপোষক। এই শ্ৰেণীৰ দাৰ্শনিকসকলৰ মতে সমাজতত্ত্বই সকলো সমাজবিজ্ঞানৰে বিজ্ঞান। এই চিন্তাধাৰাৰ লেখকসকলৰ মতে সমাজতত্ত্বইসকলো সমাজবিজ্ঞান বিষয়ৰ মাজত সম্বন্ধ স্থাপন কৰি মানৱ সমাজৰ বিষয়ে অধ্যয়ন কৰিব লাগে । ইংলেণ্ডৰ প্ৰখ্যাত সমাজতত্ত্ববিদ হাৰ্বাট স্পেনচাৰে সমাজতত্ত্ব অধ্যয়নৰ নিৰ্দিষ্ট সীমাবদ্ধতা বা পৰিসীমা আছে বুলি কৈছে। ইমাইল দুৰখেইমে সমন্বয়াত্মক চিন্তাধাৰৰ সপক্ষে কৈছে সে সমাজতত্ত্ব অধ্যয়নৰ বিষয়বস্তু হ’ল সামাজিক সংস্থা আৰু সামাজিক প্ৰক্ৰিয়া।
১০। সমাজতত্ত্বক বিজ্ঞান হিচাপে ব্যাখ্যা কৰা।
উত্তৰঃ সমাজতত্ত্ব আৰম্ভণিৰ পৰাই বিজ্ঞান বিষয়ৰূপে পৰিগণিত হৈ আহিছে। সাধাৰণ জ্ঞান, ধৰ্মশাস্ত্ৰৰ উপদেশ বা দাৰ্শনিক ভাৱ-ধাৰাৰ পৰিৱৰ্তে সমাজতত্ত্বই বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। সমাজতত্ত্ববিদ সকলে যিকোনো বিষয় সম্পৰ্কে মন্তব্য দিবলৈ যাওঁতে কিছুমান দিশত বিশেষ সতকৰ্তা অৱলম্বন কৰে। বিজ্ঞানৰ ধৰ্ম অনুসৰি সমাজতত্ত্বই যিকোনো সিদ্ধান্ত প্ৰকাশ কৰোঁতে সঠিকভাৱে পৰ্যবেক্ষণ প্ৰমানকাৰী আদিৰ ওপৰত গুৰুত্ব দিয়ে। সমাজতত্ত্বৰ অধ্যয়নৰ দিশৰ পৰা লক্ষ্য কৰিলে বিজ্ঞানৰ বৈশিষ্ট্যবোৰ সমাজতত্ত্বৰ ক্ষেত্ৰত প্ৰতিফলিত হয়। সমাজতত্ত্বই ইয়াৰ অধ্যয়ন প্ৰণালীত পৰ্যৱেক্ষণ, বিশ্লেষণ আদিত কিছুমান বিশেষ নীতি মানি চলে।
১১। সমাজতত্ত্ব আৰু ব্যৱহাৰিক জ্ঞানৰ মাজৰ দুটা পাৰ্থক্য লিখা।
উত্তৰঃ সমাজতত্ত্ব আৰু ব্যৱহাৰিক জ্ঞানৰ মাজৰ দুটা পাৰ্থক্য হ’ল-
ব্যৱহাৰিক জ্ঞানক সাধাৰণ দৃষ্টিভঙ্গীৰ ভিত্তিত বিশ্লেষণ কৰা হয়। এনে জ্ঞানক প্ৰাকৃতিক বা ব্যক্তিভিত্তিক বিশ্লেষণ বুলি ক’ব পৰা যায়। কিছুমান ঘটনাক আমি ব্যৱহাৰিকভাৱে লাভ কৰা জ্ঞানৰ আধাৰত দিব পাৰোঁ আৰু ই হৈছে স্বাভাৱিক বিশ্লেষণ। আনহাতে সমাজতত্ত্বই ব্যৱহাৰিক পৰ্যবেক্ষণ আৰু দাৰ্শনিক বা আদর্শগত ভাৱধাৰাৰ পৰা পৃথকে বিশ্লেষণ আগবঢ়ায়। গতিকে ই কেতিয়াও চমৎকাৰী ফলাফলৰ ওপৰত গুৰুত্ব নিদিয়ে।
সমাজতত্ত্বৰ কিছুমান নিজাববীয়া ধাৰণা, পদ্ধতি আৰু তথ্য আছে যদিও এই বিলাকৰ মাজত সমন্বয় হোৱা নাই । তথাপি এক সুকীয়া বিষয় হিচাপে সমাজতত্ত্বই গুৰুত্ব লাভ কৰিছে। সমাজতাত্ত্বিক জ্ঞান সদায় প্ৰতিফলনীয়।
১২। সমজতত্ত্বক বিজ্ঞান হিচাপে আখ্যা দিয়াৰ দুটা যুক্তি আগবঢ়োৱা।
উত্তৰঃ সমাজতত্ত্ব আৰম্ভণিৰ পৰাই বিজ্ঞান বিষয়ৰূপে পৰিগণিত হৈ আহিছে। সাধাৰণতে বিজ্ঞান, ধৰ্মশাস্ত্ৰৰ উপদেশ বা ভাৱ-ধাৰাৰ পৰিৱৰ্তে সমাজতত্ত্বই বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। সমাজতত্ত্বক বিজ্ঞানসন্মত বিষয় বুলি কোৱাৰ যথেষ্ট সমল আছে। ইয়াৰ প্ৰধান যুক্তিবোৰ হ’ল—
(i) বিজ্ঞানৰ দৰে সমাজতত্ত্বৰো সামাজিক ক্ৰিয়া, সামাজিক গতিশীলতা, সামূহিক আচৰণ আদি সিদ্ধান্তবোৰ নিৰীক্ষণীয় তথ্য-পাতি, পৰীক্ষা আৰু প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত।
(ii) বিজ্ঞানৰ নিৰীক্ষণীয় সিদ্ধান্তবোৰো শ্ৰেণী বিভাজন কৰোঁতে সঘনে পৰিসংখ্যা বিজ্ঞানৰ সৈতে সম্পৰ্ক ৰাখে।
(iii) বিজ্ঞানৰ দৰে সমাজতত্ত্বও নিৰপেক্ষ বিষয়।
(iv) বিজ্ঞানৰ চৰিত্ৰৰ দৰে সমাজতত্ত্বও এক সিদ্ধান্তধৰ্মী বিষয়।
সমাজতত্ত্বও কোনো এটা বিষয় বা ঘটনা কৰোঁতে তথা উদঘাটনতে ক্ষান্ত নাথাকি বিশুদ্ধ সিদ্ধান্ত প্ৰকাশৰ বাবে যত্নৱান হয়।
১৩। সমজতত্ত্ব গঠনত বৌদ্ধিক ধাৰণাৰ ভূমিকা সম্পৰ্কে চমুৱাই লিখা।
উত্তৰঃ প্ৰাকৃতিক বিৱৰ্তনত বৈজ্ঞানিক তত্ত্বৰ প্ৰভাৱ আৰু প্ৰাক আধুনিক সমাজ সম্পৰ্কে আগবঢ়োৱা ভ্ৰমণকাৰীৰ, উপনিবেশবাদৰ প্ৰশাসক সকলৰ তথ্যই বহু কথা প্ৰকাশ কৰিছে। এই বিলাক তথ্যৰ লগতে সমাজতত্ত্ববিদ আৰু সামাজিক নৃতত্ত্ববিদ সকলে সামাজখনক বিভিন্ন ভাগত ভাগ কৰিবলৈ বিচাৰিছিল। তেওঁলোকে সামাজিক উন্নয়নৰ স্তৰ বিলাক পৰ্যবেক্ষণ কৰিছিল। এইবিলাক তথ্যৰ লগতে সমাজতত্ত্ববিদ আৰু সামাজিক নৃতত্ত্ববিদসকলে ঊনৈশ শতিকাৰ প্ৰাৰম্ভিক কালৰ পৰাই সামাজিক উন্নয়নৰ গঢ় তুলিছে। এইসকল সমাজতত্ত্ববিদে কিছুমান ভিত্তিত বিভিন্ন প্ৰকাৰৰ সমাজক শ্ৰেণী বিভাগ কৰিছিল। উদাহৰণস্বৰূপে প্ৰাক আধুনিক সমাজখন চিকাৰ আৰু খাদ্য সংগ্ৰহকাৰী সমাজ, চহা বা ভেড়া পালন কৰা আৰু কৃষক সমাজ আৰু অনা-ঔদ্যোগিক সভ্যতাৰ সমাজ। আনহাতে, আধুনিক সমাজ হৈছে ঔদ্যোগিক সমাজ।
পশ্চিমীয়া সমাজখন স্বাভাৱিক ভাৱে উন্নত আৰু সু-সভ্য সমাজ। অনা-পশ্চিমীয়া সমাজৰ ক্ষেত্ৰত প্ৰায়ে বৰ্বৰ আৰু কম উন্নত হিচাপে চোৱা হয়। ভাৰতবৰ্ষৰ সমাজতত্ত্বই বৃটিছ উপনিবেশিক সময়ৰ ইতিহাস তথা ইয়াৰ লগত জড়িত বৌদ্ধিক আদৰ্শগত ভাৱধাৰা সংপৃক্ত হৈ থকা দেখা যায়।
আন এক গুৰুত্বপূৰ্ণ দিশ হ’ল ডাৰউইনৰ তত্ত্ব। জীৱৰ ক্ৰমবিকাশৰ সম্পৰ্কত ডাৰউইনৰ তত্ত্বই প্ৰাৰম্ভিক সমাজতাত্ত্বিক চিন্তাধাৰাত প্ৰভাৱশালী ভূমিকা পালন কৰিছিল। তেওঁৰ সিদ্ধান্ত অনুসৰি সমাজক জৈৱিক প্ৰণালীৰ লগত তুলনা কৰা হৈছিল। এই জৈৱিক প্ৰণালীবোৰৰ যেনেদৰে স্তৰ ভিত্তিক বিকাশ হয় ঠিক একেদৰে মানৱ সমাজখনৰো বিকাশ হয়। বৌদ্ধিক আদৰ্শই সমাজতত্ত্ব গঠনত কেনেকৈ প্ৰত্যক্ষ ভাৱে সহায় কৰিছে তাক অভিজ্ঞতামূলক বাস্তৱতাৰ পৰা অনুধাৱন কৰিব পাৰি।
ইউৰোপৰ বৌদ্ধিক আন্দোলন হিচাপে জ্ঞানোদয় ঘটিল ১৭ শতিকাৰ শেষৰ পৰা ১৮ শতিকালৈকে আৰু ইয়াৰ মূল হিচাপে জ্ঞানোদয়ক যুক্তি আৰু ব্যক্তিবাদক কাৰক হিচাপে গুৰুত্ব দিয়া হৈছিল। এই সময়ছোৱাত বৈজ্ঞানিক জ্ঞানৰ ব্যাপক অগ্ৰগতি হৈছিল আৰু প্ৰাকৃতিক বিজ্ঞানৰ পদ্ধতিবোৰক মানৱ সমাজৰ অধ্যয়নত ব্যৱহাৰ হৈছিল। উদাহণস্বৰূপে দৰিদ্ৰতাৰ দৰে ঘটনাবোৰক এটা সময়লৈকে স্বাভাৱিক ঘটনা হিচাপে বিবেচনা কৰিছিল। এই ঘটনাবোৰক পৰৱৰ্তী সময়তহে সামাজিক সমস্যা ৰূপে গণ্য কৰা হৈছিল আৰু মানুহৰ অজ্ঞতা, শোষন আদিক কাৰণ হিচাপে বিবেচনা কৰিছিল। দৰিদ্ৰতাক সামাজিক জৰীপৰ জৰিয়তে অধ্যয়ন আৰু সংশোধন কৰিব পৰা যায়।
আধুনিক যুগৰ প্ৰাৰম্ভিক সময়ছোৱাৰ চিন্তাবিদসকলে জ্ঞানৰ প্ৰগতিৰ দ্বাৰা সকলো সামাজিক ব্যাধিক সমাধান কৰিব পৰা যায়। উদাহৰণস্বৰূপে সমাজতত্ত্বৰ পিতৃপুৰুষ ফ্ৰান্সৰ পণ্ডিত আগষ্ট ক’টে বিশ্বাস কৰিছিল যে সমাজতত্ত্বই মানৱ কল্যাণত অভূতপূৰ্ব বৰঙণি আগবঢ়াব পাৰি।
১৪। জ্ঞানোদয় যুগৰ বিকাশ কেতিয়া হৈছিল?
উত্তৰঃ জ্ঞানোদয় যুগৰ বিকাশ ১৭ শতিকাৰ শেষৰ পৰা ১৮ শতিকালৈকে হৈছিল।
১৫। জ্ঞানোদয় যুগৰ চিন্তাবিদসকলে কোন দুটা দিশত গুৰুত্ব দিছে উল্লেখ কৰা।
উত্তৰঃ জ্ঞানোদয় যুগৰ চিন্তাবিদসকলে জ্ঞানোদয়ক যুক্তি আৰু ব্যক্তিবাদক কৰক এই দুটা দিশক গুৰুত্ব দিছিল।
১৬। সমজতত্ত্ব গঠনত সহায় কৰা দুটা বস্তুবাদী কাৰক লিখা।
উত্তৰঃ সমাজতত্ত্ব গঠনত সহায় কৰা দুটা বস্তুবাদী হ’ল –
(i) শিল্প বিপ্লৱ।
(ii) উদ্যোগীকৰণ।
১৭। ইউৰোপত সমজতত্ত্ব বিকাশৰ প্ৰধান কাৰক কেইটা লিখা।
উত্তৰঃ ১৮ শ আৰু ১৯ শ শতিকাত ইউৰোপৰ দেশবোৰত ঔদ্যোগীকৰণ আৰু পুঁজিবাদৰ বিকাশ হৈছিল। ইয়াৰ ফলত সমাজত উল্লেখনীয় পৰিৱৰ্তন ঘটিছিল। সেই সময়ছোৱাত নগৰীকৰণ আৰু কল-কাৰখানাত উৎপাদিত সামগ্ৰীবোৰে চৰম পদ সফলতা আনিছিল। এইবিলাকে সমাজলৈ পৰিৱৰ্তন আনিছে। ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থাত ঔপনিৱেশিক ইতিহাস আৰু বিচিত্ৰতা প্ৰকট হৈ পৰিছিল আৰু এই বৈশিষ্ট্যবোৰে ভাৰতীয় সমাজতত্ত্বত প্ৰতিফলিত হৈছে। পশ্চিমৰ সমাজখনত হোৱা অভূতপূৰ্ব পৰিৱৰ্তনে সমগ্ৰ বিশ্বৰ সমাজ ব্যৱস্থালৈ যি ৰূপান্তকৰণ ঘটালে তাৰ পটভূমিত সমাজতত্ত্বৰ উৎপত্তি আৰু ক্ৰমবিকাশৰ ধাৰাটো আহি পৰে।
১৮। ভাৰতবৰ্ষত সমাজতত্ত্বৰ বিকাশ কিদৰে হৈছিল চমুৱাই আলোচনা কৰা।
উত্তৰঃ ভাৰতবৰ্ষত সমাজতত্ত্বৰ বিকাশৰ বিষয়ে আলোচনা কৰাৰ বাবে ইউৰোপত আৰম্ভণি ঘটা সমাজতত্ত্বৰ সম্বন্ধে উল্লেখ কৰিব লাগিব। ১৮ আৰু১৯ শতিকাত ইউৰোপত পুঁজিবাদ আৰু ঔদ্যোগীকাৰণৰ বিকাশ ঘটাৰ ফলস্বৰূপে পশ্চিমীয়া সমাজবোৰত অভূতপূৰ্ব পৰিৱৰ্তন ঘটিছিল। ভাৰতত ঔপনিৱেশিক কালত পশ্চিমীয়া সমাজৰ পৰিৱৰ্তনে প্ৰভাৱ পেলাইছিল। বিশ্বজুৰি প্ৰভাৱ বিস্তাৰ কৰা পুঁজিবাদ ভাৰতীয় সমাজতো মিলি গৈছিল। ভাৰতীয় সমাজতত্ত্বৰ লগত ইউৰোপত বিকাশ ঘটা সমাজতত্ত্বৰ সেয়েহে সম্বন্ধ আছে।
১৯১৮-১৯ চনৰ প্ৰথম বিশ্বযুদ্ধৰ পাছত ভাৰতত সমাজতত্ত্ব বিষয়টো শিক্ষানুষ্ঠানত অন্তৰ্ভূত কৰে। ভাৰতত সমাজতত্ত্বৰ স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ হয় ১৯১৯ চনত বোম্বে বিশ্ববিদ্যালয়ত। ইয়াৰ কিছুমান পাছতে ১৯২১ চনত লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ সমাজতত্ত্বৰ পাঠ্যক্ৰম আৰম্ভ হয়। ১৮২৮ চনৰ পিছৰ পৰাই বোম্বে বিশ্ববিদ্যালয়ত সমাজতত্ত্বৰ পাঠ্যক্ৰমে কিছু অগ্রগতি লাভ কৰে। যাৰ ফলত স্নাতকোত্তৰ শ্ৰেণীত চাৰিখন কাকত অন্তৰ্ভুক্ত কৰিছিল। তেতিয়াৰ পৰাই বোম্বে বিশ্ববিদ্যালয়ে সমাজতত্ত্বৰ ডিগ্ৰী প্ৰদান কৰিছিল। পৰিৱৰ্তী সময়ত বোম্বে বিশ্ববিদ্যালয় ভাৰতবৰ্ষৰ সমাজতত্ত্বৰ অধ্যয়নৰ মূলকেন্দ্ৰ হিচাপে পৰিগণিত হয়।
১৯। সমজতত্ত্ব আৰু অৰ্থনীতিৰ মাজত সম্পৰ্ক বিচাৰ কৰা।
উত্তৰঃ অৰ্থনীতিয়ে ঘাইকৈ দ্ৰব্যজাত আৰু সেৱাৰ উৎপাদন বিতৰণৰ বিষয়ে অধ্যয়ন কৰে। ধ্ৰুপদীয় অৰ্থনৈতিক দৃষ্টিভঙ্গী অনুসৰি বিশুদ্ধ অৰ্থনৈতিক চলক যেনে দৰ, চাহিদা আৰু যোগান,মূলধনৰ প্ৰবাহ, বহিঃগমন আৰু আন্তঃগমন ইত্যাদিবোৰৰ আন্তঃসম্বন্ধৰ বিষয়ে আলোচনা কৰে। ধ্ৰুপদীয় বা পৰম্পৰাগত অৰ্থনীতিবিদসকলে অৰ্থনৈতিক কাৰ্যাৱলীক সংকীৰ্ণ দৃষ্টিৰে বিবেচনা কৰিছিল। তেওঁলোকে সমাজৰ অন্তৰ্গত দ্ৰব্যজাত আৰু সেৱামূলক সামগ্ৰিক দুস্প্ৰাপ্যতাৰ বিষয়ে অধ্যয়ন কৰিছিল।
অৰ্থনৈতিক আচৰণক সামাজিক প্ৰতিমান, মূল্য, অনুশীলন আৰু সামাজিক স্বাৰ্থক সামৰি লোৱা হয়।অৰ্থনীতি ধাৰণাটোত বিশেষ ভাৱে নাৰীবাদী অৰ্থনীতিয়ে বহল ভাৱে সামাজিক লিঙ্গক সমাজৰ মূল নীতি হিচাপে গ্ৰহণ কৰিছে।
অৰ্থনীতিৰ ক্ষেত্ৰখনে উন্নয়ন বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। সমাজতত্ববিদ সকল প্ৰায়ে অৰ্থনীতিবিদসকলে আক্ষৰিক অৰ্থত উপযুক্ত আৰু সঠিক ভাৱে পৰিমাণ কৰাত সহায় কৰে । সমাজতত্ত্ববিদসকলে অধ্যয়ন কৰা ব্যক্তিগত আচৰণ, সাংস্কৃতিকপ্ৰতিমান আৰু সংস্থাগত সক্ষমতা ইত্যাদিবোৰক অৰ্থনীতিত গুৰুত্ব নিদিয়াৰ প্ৰসঙ্গত পিয়েৰ বোৰ্ডিৱে ১৯৯৮ চনত আগবঢ়োৱা উক্তিটো উল্লেখনীয়। তেওঁ লিখিছিল— “প্ৰকৃত অৰ্থনীতি বিজ্ঞানে অৰ্থনীতিৰ সকলো দিশ চাব লাগে। ই সকলো প্ৰকাৰৰ লাভালাভ, যেনে – ব্যক্তিগত আৰু সামূহিক বস্তুগত আৰু প্ৰতীকাত্মক তথা অন্যান্য সুৰক্ষা আদি সকলো প্ৰকাৰৰ ব্যয় সামৰি লব লাগিব। ফ্ৰান্সৰ দৰে দিশে উত্তেজনা প্ৰশমনৰ বাবে ঔষধ ব্যৱহাৰ কৰাৰ কাৰণে বিশ্ব অভিলেখ স্থাপন কৰিছিল। সমাজতত্ত্বই অৰ্থনীতি বিজ্ঞানৰ দৰে কাৰিকৰী দিশত সমাধান নকৰে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল সমাজতত্ত্বই প্ৰশ্নৰ অৱধাৰণা প্ৰস্তুত কৰাত সহায় কৰে। গতিকে ক’ব পাৰি যে এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত হবৰ বাবে কাৰিকৰীগত দিশৰ পৰা সমাধানেই নহয়, বৰঞ্চ সামাজিক প্ৰত্যাশা পূৰণৰ লক্ষ্যত উপনীত কৰায়। বৰ্তমান সময়ত সমাজতত্ত্বৰ ব্যাপক আৰু সমালোচনাত্মক দৃষ্টি ভঙ্গীৰ আধাৰত অৰ্থনৈতিক সমাজতত্ত্বৰ দৰে বিষয়ৰ বিকাশ হৈছে।
২০। সমজতত্ত্ব আৰু ৰাজনীতি বিজ্ঞান কিদৰে পাৰস্পৰিক সম্পৰ্কযুক্ত, আলোচনা কৰা।
উত্তৰঃ ধ্ৰুপদীয় বা পৰম্পৰাগত ৰাজনীতি বিজ্ঞান মূলত দুটা দিশত উপাদান আছিল। ইয়াৰ এক হ’ল চৰকাৰ প্ৰশাসন। ইয়াৰ কোনো এটা শাখাই ব্যাপক ভাৱে ৰাজনৈতিক আচৰণৰ লগত জড়িত নাছিল। তত্ত্বগত দিশটোত প্লেটোৰ পৰা মাৰ্ক্সলৈকে চৰকাৰ সম্বন্ধে আলোচনা কৰাৰ বিপৰীতে প্ৰশাসন সম্পৰ্কীয় পাঠ্যক্ৰমত সাধাৰণতে প্ৰকৃত কাৰ্যকৰী দিশটোৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে চৰকাৰক আনুষ্ঠানিক সংৰচনা হিচাপে অধ্যয়ন কৰা হৈছিল।
ইয়াৰ বিপৰীতে সমাজতত্ত্বই সমাজৰ সকলো দিশকে সামৰি লৈ অধ্যয়ন কৰে। আনহাতেধ্ৰুপদীয় ৰাজনীতি বিজ্ঞানে ঔপচাৰিক বা আনুষ্ঠানিক সংগঠন হিচাপে কেৱল ক্ষমতা সম্পৰ্কে কৰা অধ্যয়নে সীমাবদ্ধ আছিল। সমাজতত্ত্বই চৰকাৰকে ধৰি বিভিন্ন খণ্ড বিলাকৰ আন্তঃসম্বন্ধক অধ্যয়নৰ ভিতৰত অন্তৰ্ভুক্ত কৰি লয় আৰু ৰাজনীতি বিজ্ঞানে চৰকাৰৰ আভ্যন্তৰীণ প্ৰক্ৰিয়াৰ ওপৰত দৃষ্টি নিক্ষেপ কৰে।
সমাজতত্ত্বই গৱেষণামূলক দিশৰ ৰাজনীতি বিজ্ঞানৰ লগত সাদৃশ্যপূৰ্ণ ভাৱে সহযোগিতা আগবঢ়াইছে। ৰাজনৈতিক সমাজতত্ত্বই ৰাজনৈতিক আচৰণবোৰক যথাৰ্য ভাৱে লক্ষ্য হিচাপে অধ্যয়ন কৰা দেখা গৈছে। এই অধ্যয়ন বিলাকে ৰাজনৈতিক সংগঠনৰ সদস্য, সংগঠনৰ সিদ্ধান্ত লোৱাৰ প্ৰক্ৰিয়া, ৰাজনৈতিক দলক সমৰ্থন জনোৱাৰ সমাজতাত্ত্বিক কাৰক, ৰাজনীতিত লিঙ্গ ভূমিকা ইত্যাদি সামৰি লৈছে।
২১। সমাজতত্ত্ব আৰু সামাজিক নৃতত্ত্বৰ মাজত থকা সম্পৰ্ক আলোচনা কৰা।
উত্তৰঃ সমাজতত্ত্ব আৰু সামাজিক নৃতত্ত্বৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে। সমাজতত্ত্বই আধুনিক জটিল সমাজখনৰ বিষয়ে অধ্যয়ন কৰাৰ বিপৰীতে সামাজিক নৃতত্ত্বই প্ৰাচীন সহজ-সৰল সমাজখনৰ বিষয়ে অধ্যয়ন কৰে। যি সময়ত পশ্চিমৰ সামাজিক নৃতত্ত্ববিদ সকলে ইউৰোপৰ বাহিৰৰ সমাজখনৰ বিষয়ে অধ্যয়ন কৰিছিল, সেই সময়তে সামাজিক নৃতত্ত্বৰ বিকাশ হৈছিল। অতীতৰ সম্পৰ্কে তথ্য আগবঢ়োৱা নৃতত্ত্ববিদ সকলে নিৰপেক্ষ, বিজ্ঞানসন্মত আৰ্হিত সৰল সমাজৰ বিৱৰণ দাঙি ধৰিছে। অন্যান্য পৰিবৰ্তনীয় দিশ বিলাকক সমাজতাত্ত্বিক আৰু সামাজিক নৃতত্ত্বৰ প্ৰকৃতিৰ নতুন সংজ্ঞাৰে সামৰি লবলৈ বিচাৰিছে। সামাজিক নৃতত্ত্বই সহজ সৰল, অশিক্ষিত সমাজখনৰ বিষয়ে কৰা পৰম্পৰাগত অধ্যয়ন জৰিয়তে নৃতত্ত্বৰ বিষয়বস্তুৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল। সামগ্ৰিকভাৱে সামাজিক নৃতত্ত্বই সকলো সমাজ সম্পৰ্কে অধ্যয়ন কৰাৰ প্ৰতি আগ্ৰহী নাছিল। একোটা বিশেষ অঞ্চল, যেনে আন্দামান দ্বীপপুঞ্জ, নোৱেৰ বা মেলানেছিয়া ইত্যাদি। কিন্তু সমাজতত্ত্বই জটিল সমাজখনক লৈ অধ্যয়ন কৰে আৰু ই আমোলতন্ত্ৰ, ধৰ্ম , জাতি, গতিশীলতাৰ প্ৰক্ৰিয়া ইত্যাদি দিশবোৰৰ অধ্যয়ন কৰে।
সামাজিক নৃতত্ত্বৰ অধ্যয়নৰ ক্ষেত্ৰত কিছুমান বিশেষত্ব পৰিলক্ষিত হয়। এনে বিশেষত্বৰ ভিতৰত দীঘলীয়া ক্ষেত্ৰ অধ্যয়নৰ পৰম্পৰা, সম্প্ৰদায় অধ্যয়ন আৰু নৃ-গোষ্ঠীয় গৱেষণা পদ্ধতি আদি বিষয় অন্তৰ্ভুক্ত হৈ আছে। সমাজতত্ত্ববিদ সকলে জৰীপ পদ্ধতি আৰু পৰিসংখ্যাৰ সহায়ৰ পৰিমানগত তথ্য ব্যৱহাৰ কৰাৰ উপৰি প্ৰশ্নসূচীৰ দৰে প্ৰণালী ব্যৱহাৰ কৰে।
ভাৰতীয় সমাজতত্ত্বই উভয় পৰম্পৰাৰ সমল আহৰণ কৰে। ভাৰতীয় সমাজতত্ত্বই জটিল নগৰীয়া সংস্কৃতিৰ সমান্তৰাল ভাৱে জনজাতীয় সমাজখনৰ স্বৰূপৰ বিষয়ে সামগ্ৰিক অধ্যয়ন কৰে। সাম্প্রতিক সময়ত দেখা গৈছে যে নৃতাত্ত্বিক অধ্যয়ন বিলাকে ৰাষ্ট্ৰ আৰু গোলকীকৰণৰ দৰে বিষয়ক সামৰি লৈছে। এনেবোৰ অধ্যয়ন সামাজিক নৃতত্ত্বৰ বিষয়বস্তু পৰা পৃথক। আনহাতেদি, সমাজতত্ত্বইও পৰিমাণগত আৰু গুণগত কৌশল, সমষ্টিগত আৰু ব্যষ্টিগত দৃষ্টিভঙ্গী, আধুনিক জটিল সমাজৰ অধ্যয়নত ব্যৱহাৰ কৰা দেখা গৈছে । ভাৰতবৰ্ষৰ পটভূমিত বিশ্লেষণ কৰি চালে নৃতত্ব আৰু সামাজিক নৃতত্ত্বৰ মাজত অতি ঘনিষ্ঠ সম্বন্ধ দেখা যায়।
২২। সমাজতত্ত্ব আৰু মনোবিজ্ঞানৰ মাজত থকা দুটা সম্পৰ্ক লিখা।
উত্তৰঃ সমাজতত্ত্ব আৰু মনোবিজ্ঞানৰ মাজত থকা দুটা সম্পৰ্ক হ’ল—
(i) মনোবিজ্ঞান হৈছে মানুহৰ মানসিক ক্রিয়া-প্ৰতিক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰা এক সমাজ বিজ্ঞান। আনহাতে সমাজতত্ত্বৰ অধ্যয়নৰ মূল কেন্দ্ৰ মানৱ সমাজ, মানুহৰ মানসিক চিন্তা-চর্চাৰ প্ৰতিফলন।
(ii) সামাজিক মনোবিজ্ঞানে সমাজতত্ত্ব আৰু মনোবিজ্ঞানৰ মাজত এডাল সাঁকোৰ দৰে কাম কৰে । যদিও মনোবিজ্ঞান মূলতঃ ব্যক্তিগত বিষয়বোৰৰ লগত জড়িত হয় তথাপি ব্যক্তিয়ে সমাজিকসমূহ, সংঘবদ্ধতা কেনেদৰে আগবাঢ়ি যায় তথা আচৰণ প্ৰকাশ কৰে সেই সম্পৰ্কে আলোচনা কৰে।
2 no quson sahi ye long puation bohut zada he porne ka mon nahi how rohA he