Class 11 Environment Chapter 3 জৈৱ বৈচিত্র্য আৰু ইয়াৰ সংৰক্ষণ

Class 11 Environment Chapter 3 জৈৱ বৈচিত্র্য আৰু ইয়াৰ সংৰক্ষণ The answer to each chapter is provided in the list so that you can easily browse through different chapters Assam Board HS 1st Year Environmental Studies Chapter 3 জৈৱ বৈচিত্র্য আৰু ইয়াৰ সংৰক্ষণ Question Answer.

Join Telegram channel

Class 11 Environment Chapter 3 জৈৱ বৈচিত্র্য আৰু ইয়াৰ সংৰক্ষণ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Environment Chapter 3 জৈৱ বৈচিত্র্য আৰু ইয়াৰ সংৰক্ষণ Notes for All Subjects, You can practice these here.

জৈৱ বৈচিত্র্য আৰু ইয়াৰ সংৰক্ষণ

অধ্যায় – ৩

পৰিৱেশ অধ্যয়ন

পাঠভিত্তিক প্রশ্নোত্তৰ

১। জৈৱবৈচিত্র্যৰ সংজ্ঞা লিখা । 

উত্তৰঃ জীৱ বৈচিত্র্য বুলিলে নির্দ্দিষ্ট এটুকুৰা ঠাইত বা অঞ্চলত স্বাভাৱিক অৱস্থাত বাস কৰা ভিন্ন প্ৰকাৰৰ জীৱৰ সমষ্টিক বুজায় । UNESCO য়ে আগবঢ়োৱা সংজ্ঞা অনুসৰি , জীৱবৈচিত্ৰ্যৰ হ’ল স্থল , সমুদ্ৰ আৰু আন বিভিন্ন পৰিস্থিতি তন্ত্ৰত থকা জীৱৰ সমষ্টিৰ ভিন্নতা , যিবোৰ জটিল জৈৱ পৰিস্থিতি একো একোটা অংশ । 

‘ জৈৱিক বৈচিত্র্য ’ ধাৰণাক সাধাৰণতে চমুকৈ জৈৱ বৈচিত্র্য হিচাপে উল্লেখ কৰা হয় ৷ জীৱৰ সংখ্যা , পৃথিৱীৰ সকলো ৰূপৰ প্ৰাণীৰ বিভিন্নতা আৰু পৃথকতা বুজাবলৈ এই সংজ্ঞা ব্যৱহাৰ কৰা হয় । ইয়াত লক্ষ লক্ষ কোটি কোটি উদ্ভিদ , জীৱ – জন্তু তথা অনুজীৱসমূহ , এইবোৰত থকা জিনসমূহ , আৰু ইহঁত যাৰ অংশ , সেই সকলোবোৰ সামৰি লোৱা হয় । জৈৱ বৈচিত্র্যক সাধাৰণতে তিনিটা পৰ্যায়ত বর্ণনা কৰা হয় : জিনগত , প্ৰজাতি আৰু পৰিস্থিতিতন্ত্ৰ জৈৱ বৈচিত্র্য । 

২। উদহৰণসহ ব্যাখ্যা কৰা – আনুবংশিক ( বা জিনীয় ) বৈচিত্র্য, প্ৰজাতিৰ বৈচিত্র্য আৰু পৰিস্থিতিতন্ত্র বৈচিত্র্য । 

উত্তৰঃ আনুবংশিক ( বা জিনীয় ) বৈচিত্র্য :- একোটাকৈ প্ৰজাতিৰ শৰীৰত থকা জিনসমূহৰ বৈচিত্র্যই হৈছে জিনগত হৈছে বৈচিত্র্য । এই জিনবোৰ বংশানুক্রমিকভাবে উত্তৰ প্ৰজন্মৰ মাজত সঞ্চাৰিত হৈ গৈ থাকে । এয়া হৈছে এনে এক ধৰণৰ বৈচিত্র্য যিয়ে প্রজাতিসমূহৰ বিভিন্নতা সৃষ্টি কৰে । ইয়াৰ এটা উদাহৰণ , বাচমতী চাউল জহা চাউলতকৈ একেবাৰেই পৃথক । কিন্তু কিছু পার্থক্য সহজেই চকুৰে দেখা যায় , যেনে , আকাৰ আৰু ৰং । সোৱাদ আৰু গোন্ধ অনুভূতিৰ জৰিয়তেও অনুভৱ কৰিব পাৰি ।

প্রজাতি বৈচিত্র্য :- পৃথিৱীত থকা কোটি কোটি ধৰণৰ জীৱক শ্রেণীবদ্ধ কৰা প্রজাতিসমূহক একো একোটা গোট হিচাপে ধৰি লোৱা হয় । প্ৰতিটো প্রজাতি অন্যান্য প্রজাতিসমূহতকৈ সম্পূর্ণভাবে পৃথক । ঘোঁৰা আৰু গাধ সম্পূর্ণ বেলেগ ধৰণৰ প্রজাতি । একেদৰে সিংহ আৰু বাঘো সম্পূর্ণ বেলেগ বেলেগ প্ৰকাৰৰ প্রজাতি । একোটাকৈ প্ৰজাতিৰ সদস্যবোৰ জিনগতভাৱে ইমানেই সাদৃশ্য আছে যে সিহঁত বংশ বৃদ্ধিৰ বাবে সস্তান প্রজননো কৰিব পাৰে । এই সাদৃশ্যই প্রজাতিবোৰক ঐক্যবদ্ধ কৰিছে । প্ৰজাতি বৈচিত্র্যক সাধাৰণতে পৰিমাপ কৰা হয় একোটা নির্দিষ্ট এলেকাত বসবাস কৰা প্ৰজাতিসমূহৰ মুঠ সংখ্যাৰ ভিত্তিত । 

পৰিস্থিতিতন্ত্র বৈচিত্র্য :- পৰিস্থিতিতন্ত্র হৈছে বিভিন্ন প্রকাৰৰ জীৱৰ পৰস্পৰে পৰস্পৰৰ সৈতে আৰু অজৈৱ উপাদানৰ সৈতে চলি থকা আন্তঃক্রিয়া । সেয়ে পৰিস্থিতিতন্ত্র হৈছে জীৱসমূহৰ বসতি স্থানৰ বৈচিত্র্য, যিয়ে এই ব্যৱস্থাৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ জীৱক সামৰি লৈছে । পৰিস্থিতিতন্ত্র বৈচিত্র্যৰ ধাৰণা যিকোনো জৈৱ ভৌগোলিক অথবা ৰাজনৈতিক সীমাৰ ভিতৰত থকা পৰিস্থিতিতন্ত্র বিচিত্ৰতাৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয় । 

৩। জৈৱবৈচিত্র্যৰ মূল্যসমূহ কি কি ?

উত্তৰঃ মানুহে পোনপটীয়াকৈ জীৱবৈচিত্র্যৰ পৰা যিবোৰ খাদ্য , ইন্ধন , ঔষধ আৰু নানা ধৰণৰ সুবিধা লাভ কৰে সেইবোৰক জীৱবৈচিত্র্যৰ উপভোগমূলক মূল্য শ্ৰেণীত অন্তর্ভুক্ত কৰা হয় । সকলোবোৰ প্ৰাকৃতিক সম্পদৰে উপভোগমূলক মূল্য থাকে আৰু এইবোৰ কোনো বাণিজ্য বা বজাৰৰ লগত সম্পর্ক নথকা আঞ্চলিক বাসিন্দাসকলে পোনপটীয়াভাৱে ব্যৱহাৰ কৰে । অৰণ্য বাসিন্দা আৰু মাছুৱৈসকলে জীৱন নিৰ্বাহৰ বাবে সম্পূর্ণভাৱে প্রাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰশীল হয় । 

উপভোক্তা মূল্যৰ বিপৰীতে সামাজিক মূল্য , নীতিগত মূল্য , সৌন্দর্যমূলক মূল্য , অস্তিত্বৰ মূল্য আদিক অনাউপভোগমূলক মূল্যায়নৰ অন্তৰ্গত কৰিব পাৰি । 

নীতিগত মূল্য :- প্রাচীন পৰম্পৰাগত সংস্কৃতি আৰু ধৰ্মীয় বিশ্বাসৰ ফলত নন্দনকাননক বহুলোকে এতিয়াও প্রাচীন সংস্কৃতি তথা ঐতিহ্যৰ অংশ বুলি গণ্য কৰে । এইবোৰৰ প্ৰায়েই অক্ষত বন্য জাতি । তেওঁলোকে কোনো এটা অঞ্চলৰ স্থানীয় আৰু দুষ্প্রাপ্য শ্ৰেণীৰ বিভিন্ন প্রজাতিৰ উদ্ভিদ আৰু প্ৰাণীক আশ্রয় প্রদান কৰে । এইদৰে স্থানীয়ভাৱে সুৰক্ষা দিয়া বন্যভূমিয়ে আর্থিক মূল্য থকা বহু সংখ্যক ঔষধ আৰু উদ্ভিদৰ সংৰক্ষণ কৰে । 

সৌন্দৰ্যবোধৰ মূল্য :- জীৱবৈচিত্র্য হ’ল প্ৰকৃতিৰ সৌন্দৰ্যৰ এটি দিশ । সাম্প্ৰতিক সময়ত জীৱবৈচিত্র্যৰে সমৃদ্ধ অঞ্চলসমূহত আৰম্ভ হোৱা পৰিবেশানুকূল পর্যটনে মানুহক যথেষ্ট আকৰ্ষিত কৰিছে । 

অস্তিত্বৰ মূল্য :- কোনো এটা এলেকাত জীৱবৈচিত্ৰক সুৰক্ষা দিয়াৰ বাবেই অস্তিত্বৰ মূল্যৰ কথা বিবেচনা কৰা হয় । কিছুমান আপুৰুগীয়া জন্তু , যেনে – গড় , সোণালী বান্দৰ আৰু পৰিশ্ৰমী চৰাই আদিক সংৰক্ষণ কৰাৰ বাবে বিভিন্ন ব্যক্তি , সংগঠন আৰু চৰকাৰে আৰ্থিক অৱদান আগবঢ়ায় । 

৪। উপভোক্তামূলক মূল্য কি ? 

উত্তৰঃ মানুহে স্মৰণাতীত কালৰে পৰা জৈৱ বৈচিত্র্যই উৎপাদনসমূহ , যেনে , ইন্ধন , খাদ্য , ঔষধ , তত্ত্ব আদি ব্যৱহাৰ কৰি আহিছে । বিশ্বৰ খাদ্যৰ ৯০ শতাংশই আহে উদ্ভিদ প্রজাতিসমূহৰ পৰা । শস্য আৰু পশুধন প্ৰজননৰ জিনগত বৈচিত্র্য অত্যন্ত গুৰুত্বপূর্ণ । শস্য উৎপাদক তথা পালনকাৰীসকলৰ বাবে কীট আৰু বেমাৰ প্ৰতিৰোধী নতুন প্ৰকাৰৰ শস্য প্রজাতিৰ জন্ম দিয়াৰ বাবে শস্য বৈচিত্র্য অত্যন্ত প্রয়োজন । শস্য প্রজাতিসমূহৰ বৈচিত্র্যৰ ক্ষতিয়ে বিশ্বজুৰি খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত মাৰাত্মক বেয়া প্রভাৱ পেলায় । 

মাথো এটা প্ৰজাতিৰ কীটৰ ব্যাপক আক্রমণ বা এটা বেমাৰেই বৰ্তি থকা সকলো শস্য বা এক বিশেষ প্ৰকাৰৰ পশুধনক বিলুপ্ত কৰি দিব পাৰে । উন্নয়নশীল দেশবোৰৰ প্ৰায় ৮০ শতাংশ মানুহেই প্রাথমিক চিকিৎসাৰ বাবে পৰম্পৰাগত ঔষধৰ ওপৰত নিৰ্ভৰ কৰে ৷ এইবোৰ পৰম্পৰাগত ঔষধ ভেষজ উদ্ভিদ , কিছু জীৱ – জন্তু আৰু খনিজ উৎসৰ পৰা তৈয়াৰ কৰা হয় । এণ্টি বায়’টিক ঔষধ হিচাপে আমি যি পেনিচিলন দৰব ব্যৱহাৰ কৰো সেই দৰব ‘ পেনিচিলিয়াম ’ নামৰ এবিধ ফাংগাছৰ পৰা তৈয়াৰ কৰা হয় । একেদৰে আমি টেট্রাছাইক্লিন দৰৱ পাওঁ ‘ বেকটেৰাম’ৰ পৰা এছপিৰিন দৰৱ পাওঁ , ‘ ফিলিপেণ্ডুলৌমাৰিয়া ’ নামৰ উদ্ভিদৰ পৰা আৰু কুইনাইন পাওঁ ‘ ছিংকোনা ’ গছৰ বাকলিৰ পৰা । খৰি বা ইন্ধন হিচাপে ব্যৱহৃত কাঠ , জীৱাশ্ম ইন্ধন , প্রাকৃতিক গেছ , খনিজ দ্রব্য আমি সকলোৱেই ব্যৱহাৰ কৰিছো । 

৫। উৎপাদনমূলক মূল্য কি ? 

উত্তৰঃ জৈৱ বৈচিত্র্যৰ বিভিন্ন উৎসৰ পৰা বাণিজ্যিকভাবে প্রস্তুত বা উৎপাদন কৰা সামগ্ৰীবোৰেই উৎপাদনমূলক সামগ্রী । বর্তমান কালতো পৰম্পৰাগত সম্প্ৰদায়সমূহৰ বৃহৎ সংখ্যকেই সম্পূর্ণভাবে অথবা আংশিকভাবে তেওঁলোকৰ দৈনিক প্রয়োজন হোৱা সা – সামগ্রী , খাদ্য , আশ্রয় স্থল , বস্তু বিশেষ , ঘৰুৱা প্ৰয়োজনৰ সা – সামগ্ৰী , ঔষধ , সাৰ আৰু বিনোদনৰ বাবে এইবোৰ উৎপাদনৰ ওপৰতে নিৰ্ভৰ কৰে । হাতীৰ দাঁত , পাটপলুৰ পৰা তৈয়াৰ কৰা পাটৰ কাপোৰ , ভেড়াৰ নোমৰ পৰা তৈয়াৰ কৰা ঊণৰ কাপোৰ , লা পোকৰ পৰা উৎপন্ন লা আদি প্ৰাণী বৈচিত্র্যৰ পৰাই আহৰণ কৰা হয় ৷ বহু উদ্যোগ ঘাইকৈ উদ্ভিদ সামগ্ৰীৰ ওপৰতে নিৰ্ভৰশীল । যেনে – কাগজ আৰু কাগজৰ মণ্ডৰ উদ্যোগ , চেনি উদ্যোগ , প্লাইউড উদ্যোগ , ৰেলৱেৰ শিপাৰ আদি । 

৬। জৈৱবৈচিত্ৰ্যৰ প্ৰতি প্রধান ভাবুকিসমূহ কি ? 

উত্তৰঃ প্ৰজাতিৰ অৱলুপ্তি বা নিঃচিহ্নকৰণ হৈছে বিবৰ্ত্তনৰ এটা প্রাকৃতিক প্রক্রিয়া ৷ কিন্তু শেহতীয়াকৈ অসংখ্য প্রজাতি নাইকিয়া হৈ যোৱা বিষয়টোক বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনা কৰা হৈছে । সাধাৰণভাবে পৰিবেশ আৰু বিশেষকৈ জৈৱবৈচিত্র্য সম্পর্কে মানৱ সমাজৰ পৰিবৰ্ত্তিত দৃষ্টিভংগীয়ে এনে এটা পর্যায় পাইছেগৈ যে জৈৱবৈচিত্র্যৰ সংৰক্ষণ এটা বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে । বিভিন্ন দিশৰ পৰা জৈৱবৈচিত্র্যলৈ অহা ভাবুকিসমূহ হৈছে – 

( ক ) বাসস্থান ধ্বংস ।

( খ ) পশুধনৰ অতিপাত বিচৰণ ।

( গ ) চোৰাং চিকাৰ ।

( ঘ ) প্রাকৃতিক দুর্যোগ ।

( ঙ ) জলবায়ু পৰিবৰ্ত্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধি । আৰু

( চ ) জীৱ সম্পদৰ চোৰং সৰবৰাহ ।

৭। জৈৱবৈচিত্ৰ্যৰ বহিঃ আৰু অন্তঃ সংৰক্ষণ কি ? প্রত্যেকটোৰে উদাহৰণ দিয়া । 

উত্তৰঃ বহিঃসংৰক্ষণ :- বহিঃ সংৰক্ষণ হৈছে উদ্ভিদ আৰু প্ৰাণীক সিহঁতৰ প্ৰাকৃতিক বাসস্থানৰ পৰা আঁতৰাই আন কোনো স্থানত কৰা সংৰক্ষণ । এয়া কোনো প্রাণী উদ্যান আৰু উদ্ভিদ উদ্যান বা বন প্রতিষ্ঠান আৰু কৃষি গৱেষণা কেন্দ্ৰ হ’ব পাৰে । শস্য , জীৱ – জন্তু , চৰাই , আৰু মৎস প্ৰজাতিৰ জিনীয় পদার্থ সংগ্ৰহ আৰ সংৰক্ষণৰ বাবে বহু প্রচেষ্টা হাতত লোৱা হৈছে । নেশ্বনেল ব’ৰো অৱ প্লেণ্ট জেনেটিক ৰিছাৰ্ছ , নেশ্বনেল বু’ৰো অৱ এনিমেল জেনেটিক ৰিছাৰ্ছ আদি বিভিন্ন সংস্থাৰ জৰিয়তে এই কাম কৰা হৈছে । 

অন্ত: সংৰক্ষণ :- অন্ত : সংৰক্ষণ হৈছে বনজ উদ্ভিদ আৰু প্ৰাণীক সেইসমূহৰ প্ৰাকৃতিক বাসস্থানতে কৰা সংৰক্ষণ , অর্থাৎ নিজা আবাসস্থলতে কৰা সংৰক্ষণ । যেনে – বায়’স্ফিয়েৰ ৰিজাৰ্ভ , ৰাষ্ট্ৰীয় উদ্যান , বন্যপ্রাণী অভয়াৰণ্য , সংৰক্ষিত বনাঞ্চল আদি । ভাৰতত এনে সংৰক্ষণৰ এটা দীঘলীয়া পৰম্পৰা আছে । সমগ্ৰ দেশত কিছুমান সংৰক্ষিত এলেকাৰ এখন জাল গঢ়ি এই সংৰক্ষণৰ কাম কৰি অহা হৈছে । এতিয়া ভাৰতত ৫৩৩ খনতকৈ অধিক ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য আছে । এই সংৰক্ষিত এলেকা হৈছে দেশৰ মুঠ ভূ – খণ্ডৰ ৪.৩ শতাংশ । এনে ব্যৱস্থাই জীৱৰ বাসস্থান আৰু সেই ঠাইসমূহৰ জৈৱ – বৈচিত্র্যৰ সংৰক্ষণত সহায় কৰিছে । কিছুমান প্রজাতিৰ সংৰক্ষণৰ বাবে বিশেষ সংৰক্ষণ প্ৰচেষ্টাৰ প্ৰয়োজন বুলি চিহ্নিত হোৱাত বিশেষ প্রকল্প কিছুমানো আৰম্ভ কৰা হৈছে । অসমত এতিয়া ৫ খন ৰাষ্ট্ৰীয় উদ্যান আৰু ২২ খন বন্যপ্ৰাণী অভয়াৰণ্য আছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা বন্যপ্রাণী অভয়াৰণ্যৰ জৰিয়তে এছীয় গঁড়ক সংৰক্ষণ কৰা হৈছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দল হৰিণ , খটীয়া পহু আৰু হাতীৰো বাসস্থান।মানাহ বায়’স্ফিয়াৰ ৰিজাৰ্ভ সোণালী বান্দৰ আৰু নল গাহৰিৰ বিচৰণভূমি । 

৮। জীৱ সম্পদৰ চোৰং বেহা ( বা বায়’পাইৰেচি ) কি ? 

উত্তৰঃ বায়’পাইৰেচি হৈছে এখন দেশৰ পৰা জীৱজাত সম্পদক হস্তান্তৰ কৰি আন এখন ঠাইলৈ নিয়া আৰু তাৰ পৰা উৎপাদিত দ্রব্যৰ পেটেণ্ট বা অধিকাৰ আদায় কৰা । কিছুমান দেশৰ থলুৱা লোকসকল হৈছে জ্ঞান আৰু বিশ্বাসৰ ভৰাল স্বৰূপ ৷ কিছুমান কোম্পানীৰ এজেণ্ট বা মধ্যভোগীয়ে এই পৰম্পৰাগত জ্ঞান বা মূল্যবান জীৱ পদাৰ্থ সংগ্ৰহ কৰে আৰু সেইবোৰক নিজৰ পেটেণ্ট লাভ কৰিব পৰাকৈ উপযোগী কৰি লয়। এইদৰে তেওঁলোকে এই দ্রব্যসমূহৰ ব্যৱসায় – বাণিজ্য কৰিবৰ বাবে অনৈতিক প্ৰক্ৰিয়াৰে অধিকাৰ আদায় কৰি লয় । বিভিন্ন দেশত এনে ধৰণৰ বহু ঘটনা ঘটিছে । কিছুমান নির্দিষ্ট মূল্যবান জীৱসম্পদৰ চোৰাং বেহা বা বায়’পাইিেৰচ জৈৱবৈচিত্র্যৰ প্ৰতি ভাবুকি হৈ পৰিছে । 

৯। আমাৰ দেশৰ দুটা জৈৱবৈচিত্র্য সংৰক্ষণৰ ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ আমাৰ দেশৰ দুটা জৈৱবৈচিত্র্য সংৰক্ষণৰ ব্যৱস্থা হ’ল – 

(ক) বহিঃসংৰক্ষণ ব্যৱস্থাৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । ইয়াত এশিঙীয়া গঁড় সংৰক্ষণ কৰা হয় । আৰু

(খ) অন্তঃসংৰক্ষণ ব্যৱস্থাৰ ভিতৰত হ’ল নতুন দিল্লী , নেচনেল ব’ৰো অৱ প্লেণ্ট জেনেটিক বিছাৰ্ছ । 

১০৷ ধৰিত্ৰী সন্মিলন কোনটো বছৰত অনুষ্ঠিত হৈছিল । 

উত্তৰঃ ধৰিত্ৰী সন্মিলন ১৯৮২ বছৰত অনুষ্ঠিত হৈছিল । 

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising