Class 11 History MCQ Chapter 1 প্ৰাৰম্ভিক সমাজ

Class 11 History MCQ Chapter 1 প্ৰাৰম্ভিক সমাজ Solutions, HS 1st year Elective History Important Notes, Class 11 History MCQ Chapter 1 প্ৰাৰম্ভিক সমাজ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Elective History MCQ Chapter 1 প্ৰাৰম্ভিক সমাজ and select needs one.

Class 11 History MCQ Chapter 1 প্ৰাৰম্ভিক সমাজ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Elective History Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Elective History MCQ Chapter 1 প্ৰাৰম্ভিক সমাজ Notes for All Subject, You can practice these here.

প্ৰাৰম্ভিক সমাজ

Chapter – 1

MULTIPLE CHOICE QUESTION ANSWER

শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

প্রশ্ন ১। পৃথিৱীৰ বুকুত মানৱজাতীয় প্ৰাণীৰ আৱির্ভাব কেতিয়া হৈছিল? 

(ক) 5.4 নিযুত বর্ষ পূর্বে।

(খ) 5.6 নিযুত বর্ষ পূর্বে।

(গ) 4.5 নিযুত বর্ষ পূর্বে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) 4.6 নিযুত বর্ষ পূর্বে।

উত্তৰঃ (খ) 5.6 নিযুত বর্ষ পূর্বে।

প্রশ্ন ২। প্রাচীন মানৱৰ অস্তিত্বৰ অৱশিষ্ট উদ্ধাৰ হোৱা স্থানসমূহৰ ভিতৰত অন্যতম কোনখন ঠাই আছিল?

(ক) বৰাক উপত্যকা।

(খ) ব্ৰহ্মপু্ত্ৰ উপত্যকা।

(গ) সিন্ধু উপত্যকা।

(ঘ) ফাঁট উপত্যকা।

উত্তৰঃ (ঘ) ফাঁট উপত্যকা।

প্রশ্ন ৩। প্রাইমেট্‌বোৰ কি?

(ক) বৃহত্তৰ স্তন্যপায়ী শ্ৰেণীৰ মানুহৰ এটি উপশাখা।

(খ) নিন্মতম স্তন্যপায়ী শ্ৰেণীৰ মানুহৰ এটি উপশাখা।

(গ) নিন্মতম স্তন্যপায়ী শ্ৰেণীৰ জন্তুৰ এটি উপশাখা।

(ঘ) বৃহত্তৰ স্তন্যপায়ী শ্ৰেণীৰ জন্তুৰ এটি উপশাখা।

উত্তৰঃ (ঘ) বৃহত্তৰ স্তন্যপায়ী শ্ৰেণীৰ জন্তুৰ এটি উপশাখা।

প্রশ্ন ৪। ‘প্ৰজাতিৰ মূল’ পুথিখনৰ লিখক কোন?

(ক) চাৰ্লছ ডাউইনে।

(খ) জৰ্জ এডৱাৰ্ড মূৰ।

(গ) এৰিষ্টটল।

(ঘ) আলেকজেণ্ডৰ।

উত্তৰঃ (ক) চাৰ্লছ ডাউইনে।

প্রশ্ন ৫। কার্লফালৰ’ৰ্ট কোন আছিল?

(ক) জাৰ্মানীৰ এখন স্থানীয় বিদ্যালয়ৰ শিক্ষক আছিল।

(খ) ফ্ৰান্সৰ এখন স্থানীয় বিদ্যালয়ৰ শিক্ষক আছিল।

(গ) ইংলেণ্ডৰ এখন স্থানীয় বিদ্যালয়ৰ শিক্ষক আছিল।

(ঘ) আফ্ৰিকাৰ এখন স্থানীয় বিদ্যালয়ৰ শিক্ষক আছিল।

উত্তৰঃ (ক) জাৰ্মানীৰ এখন স্থানীয় বিদ্যালয়ৰ শিক্ষক আছিল।

প্রশ্ন ৬। হার্মান ছাফাউচেন কোন আছিল?

(ক) জার্মানীৰ বন বিশ্ববিদ্যালয়ৰ সমজতত্ত্ব বিভাগৰ এজন বিশিষ্ট অধ্যাপক আছিল।

(খ) জার্মানীৰ বন বিশ্ববিদ্যালয়ৰ দেহতত্ত্ব বিভাগৰ এজন বিশিষ্ট অধ্যাপক আছিল।

(গ) জার্মানীৰ বন বিশ্ববিদ্যালয়ৰ বিজ্ঞান বিভাগৰ এজন বিশিষ্ট অধ্যাপক আছিল।

(ঘ) জার্মানীৰ বন বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ এজন বিশিষ্ট অধ্যাপক আছিল।

উত্তৰঃ (খ) জার্মানীৰ বন বিশ্ববিদ্যালয়ৰ দেহতত্ত্ব বিভাগৰ এজন বিশিষ্ট অধ্যাপক আছিল।

প্রশ্ন ৭। আদি বাইবেল মতে মানুহৰ অস্তিত্ব কাৰ বুলি বিশ্বাস কৰা হৈছিল?

(ক) প্ৰাণৰ।

(খ) আত্মাৰ।

(গ) ভগৱানৰ।

(ঘ) প্ৰেতৰ।

উত্তৰঃ (গ) ভগৱানৰ।

প্রশ্ন ৮। হ’ম (Home) শব্দটো ক’ৰ পৰা আহিছে? 

(ক) ব্ৰিটিছ ভাষাৰ পৰা।

(খ) জাৰ্মান ভাষাৰ পৰা।

(গ) গ্ৰীক ভাষাৰ পৰা।

(ঘ) লেটিন ভাষাৰ পৰা।

উত্তৰঃ (ঘ) লেটিন ভাষাৰ পৰা।

প্রশ্ন ৯। তুষাৰ যুগ কেতিয়া আৰম্ভ হৈছিল?

(ক) 2.5 নিযুত বছৰ পূৰ্বে।

(খ) 3.5 নিযুত বছৰ পূৰ্বে।

(গ) 1.5 নিযুত বছৰ পূৰ্বে।

(ঘ) 4.5 নিযুত বছৰ পূৰ্বে।

উত্তৰঃ (ক) 2.5 নিযুত বছৰ পূৰ্বে।

প্রশ্ন ১০। অষ্ট্ৰাল’পিথকাচ্ আৰু হ’ম নামৰ জীৱাশ্ম দুবিধৰ মাজত পাৰ্থক্য কি?

(ক) অষ্ট্ৰালপিথেকাতকৈ হ’মৰ হাত ডাঙৰ।

(খ) অষ্ট্ৰালপিথেকাতকৈ হ’মৰ শৰীৰ সৰু।

(গ) অষ্ট্ৰালপিথেকাতকৈ হ’মৰ মগজু ডাঙৰ।

(ঘ) অষ্ট্ৰালপিথেকাতকৈ হ’মৰ ভৰি সৰু।

উত্তৰঃ (গ) অষ্ট্ৰালপিথেকাতকৈ হ’মৰ মগজু ডাঙৰ।

প্রশ্ন ১১। অষ্ট্ৰালপিথেকাচ জাতৰ প্ৰাচীতম হমিনিডৰ জীৱাশ্ম ক’ত পোৱা হৈছিল?

(ক) ইংলেণ্ডত।

(খ) ভাৰতত।

(গ) ফ্ৰান্সত।

(ঘ) আফ্ৰিকাত।

উত্তৰঃ (ঘ) আফ্ৰিকাত।

প্রশ্ন ১২। এল বি এছ লিকিৰ উল্লেখযোগ্য গ্ৰন্থখনৰ নাম উল্লেখ কৰা।

(ক) মানৱৰ আৱিষ্কাৰ।

(খ) পৃথিৱীত প্রাচীনতম মানৱৰ আৱিষ্কাৰ।

(গ) পৃথিৱীত মানৱৰ আৱিষ্কাৰ।

(ঘ) প্রাচীনতম মানৱৰ আৱিষ্কাৰ।

উত্তৰঃ (খ) পৃথিৱীত প্রাচীনতম মানৱৰ আৱিষ্কাৰ।

প্রশ্ন ১৩। মেৰী আৰু লুই লিকি কোন আছিল?

(ক) প্ৰসিদ্ধ সমাজতত্ত্ববিদ আছিল।

(খ) প্ৰসিদ্ধ জীৱতত্ত্ববিদ আছিল।

(গ) প্ৰসিদ্ধ বিজ্ঞানতত্ত্ববিদ আছিল।

(ঘ) প্ৰসিদ্ধ পুৰাতত্ত্ববিদ আছিল।

উত্তৰঃ (ঘ) প্ৰসিদ্ধ পুৰাতত্ত্ববিদ আছিল।

প্রশ্ন ১৪। হমিন ইড্‌ কোন প্রজাতিক বুজাইছিল?

(ক) বান্দৰ প্ৰজাতিক।

(খ) ভালুক প্ৰজাতিক।

(গ) মানুহ প্ৰজাতিক।

(ঘ) কুকুৰ প্ৰজাতিক।

উত্তৰঃ (ক) বান্দৰ প্ৰজাতিক।

প্রশ্ন ১৫। ইউৰোপত কেতিয়াৰ পৰা চিকাৰ কাৰ্যৰ প্ৰচলনৰ কথা জনা যায়?

(ক) প্ৰায় 34,000 বছৰ পূৰ্বে।

(খ) প্ৰায় 35,000 বছৰ পূৰ্বে।

(গ) প্ৰায় 36,000 বছৰ পূৰ্বে।

(ঘ) প্ৰায় 37,000 বছৰ পূৰ্বে।

উত্তৰঃ (খ) প্ৰায় 35,000 বছৰ পূৰ্বে।

1 thought on “Class 11 History MCQ Chapter 1 প্ৰাৰম্ভিক সমাজ”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top