Class 10 Travel Tourism and Hospitality Chapter 2 শিষ্টাচাৰ আৰু অতিথি পৰায়ণ আচৰণ

Class 10 Travel Tourism and Hospitality Chapter 2 শিষ্টাচাৰ আৰু অতিথি পৰায়ণ আচৰণ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapters Class 10 Travel Tourism and Hospitality Chapter 2 শিষ্টাচাৰ আৰু অতিথি পৰায়ণ আচৰণ Solutions Download PDF and select need one.

Class 10 Travel Tourism and Hospitality Chapter 2 শিষ্টাচাৰ আৰু অতিথি পৰায়ণ আচৰণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 10 Elective Travel Tourism and Hospitality Question Answer Assamese Medium. These solutions are part of SEBA All Subject Solutions. Here we have given SEBA Class 10 Elective Travel Tourism and Hospitality Solutions in Assamese for All Subject, You can practice these here.

শিষ্টাচাৰ আৰু অতিথি পৰায়ণ আচৰণ

Chapter – 2

SESSION 1: আতিথ্যৰ অৰ্থ, উপাদানসমূহ আৰু লক্ষ্য (MEANING, COMPONENTS AND GOAL OF HOSPITALITY)
তোমাৰ অগ্ৰগতি পৰীক্ষা কৰা

(ক) খালী ঠাইবোৰ পূৰ কৰা।

১। আতিথ্যৰ উপাদানসমূহ হ’ল __________, আৰু ____________।

উত্তৰঃ আতিথ্যৰ উপাদানসমূহ হ’ল সেৱাৰ মানদণ্ড, আৰু অতিথিৰ অভিজ্ঞতা।

২। অতিথিৰ সন্তুষ্টি হৈছে আতিথ্যৰ ____________।

উত্তৰঃ অতিথিৰ সন্তুষ্টি হৈছে আতিথ্যৰ মূল আধাৰ।

৩। আতিথ্য হৈছে ____________ৰ এটা গোট।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ আতিথ্য হৈছে আন্তঃব্যক্তিগত দক্ষতা আৰু সেৱাৰ অনুশীলনৰ এটা গোট।

৪। কৰ্মচাৰীসকল গ্ৰাহকৰ সৈতে _____________ হ’ব লাগে।

উত্তৰঃ কৰ্মচাৰীসকল গ্ৰাহকৰ সৈতে বন্ধুত্বপূৰ্ণ আৰু ব্যাৱহাৰিক হ’ব লাগে।

৫। ______________ য়ে অতিথি আৰু গৃহস্থৰ মাজৰ সম্পৰ্কক বুজায়।

উত্তৰঃ আতিথ্যয়ে অতিথি আৰু গৃহস্থৰ মাজৰ সম্পৰ্কক বুজায়।

(খ) বিষয়ভিত্তিক প্ৰশ্ন:

১। আতিথ্য কি? অতিথিপৰায়ণ আচৰণৰ অৰ্থ বুজাই লিখা।

উত্তৰঃ অতিথি দেৱো ভৱ (এজন অতিথি হৈছে ঈশ্বৰ), মানে য’ত এজন গৃহস্থই অতিথিক শ্ৰেষ্ঠ সেৱা, খাদ্য আৰু সুবিধা প্ৰদান কৰি সদিচ্ছা, মৰম, বিশ্বাস আৰু সদিচ্ছাৰে সৰ্বোত্তম সেৱা, আহাৰ-জলপান আৰু সুবিধা আগবঢ়াই আদৰ-আপ্যায়ন কৰাকেই আতিথ্য বুলি কোৱা হয়।

কালক্রমে শৰাইঘৰ (sarai) আৰু ধর্মশালা সৃষ্টি হৈছিল। লোকসকলে অতি কম খৰচত এইবোৰ স্থান ব্যৱহাৰ কৰিব পাৰিছিল। পিছত বাণিজ্যিক হোটেল আৰু সম্পূৰ্ণ বিকশিত আতিথ্য উদ্যোগৰ উদ্ভৱ ঘটিল।

প্ৰাৰম্ভিক শৰাইঘৰ আৰু ধৰ্মশালাসমূহে নিজৰ নিজস্ব আচৰণ বিধি অনুসৰি চলিছিল। কিন্তু যেতিয়া Motel, Hotel আৰু বৃহৎ Hospitality Establishment-সমূহ বিকশিত হ’ল, তেতিয়া সাধাৰণ আচৰণ বিধি (common code of conduct) ৰ প্ৰয়োজন দেখা দিলে। অতিথিক কেনেকৈ গ্ৰহণ কৰা আৰু আতিথ্যতা প্ৰদান কৰা সেই সকলো বিষয়ৰ বাবে এক সাধাৰণ পদ্ধতি গঢ়ি উঠিল।

২। অতিথিপৰায়ণ আচৰণত খাদ্য আৰু পানীয় কৰ্মচাৰীৰ ভূমিকা কি?

উত্তৰঃ আতিথ্য উদ্যোগৰ দুটা প্ৰধান উপাদান আছে খাদ্য আৰু পানীয়, আৰু থকাৰ ব্যৱস্থা। এই উদ্যোগটোৰ অনন্য কথাটো হ’ল উদ্যোগটোত কাম কৰা প্ৰতিজন ব্যক্তিয়েই কোনো এটা সময়ত অতিথিজনৰ সংস্পৰ্শলৈ আহিব পাৰে। গতিকে আচৰণ বিধি বা অতিথিপৰায়ণ আচৰণৰ প্ৰয়োজনীয়তা সকলোৰে বাবে গুৰুত্বপূৰ্ণ। যেতিয়া আপুনি সঠিকভাৱে আচৰণ কৰে তেতিয়া ই অতিথিক আকৰ্ষণ কৰে আৰু গ্ৰাহকৰ সৈতে এক সুস্থ সম্পৰ্ক গঢ়ি তোলে। গতিকে যিকোনো আতিথ্য সংস্থাৰ ভাবমূৰ্তি দলীয় প্ৰচেষ্টাৰ দ্বাৰা গঢ় লৈ উঠে।

৩। আতিথ্যৰ লক্ষ্য কি?

উত্তৰঃ আতিথ্যই হ’ল এনে এটা ক্ষেত্ৰ য’ত গ্ৰাহকক অতিথি বুলি গণ্য কৰা হয় আৰু অতিথিকেই সকলোতকৈ ডাঙৰ বুলি মান দিয়া হয়। যেতিয়া অতিথিয়ে সামগ্ৰী আৰু সেৱা গ্ৰহণ কৰিবলৈ ধন ব্যয় কৰে, তেতিয়া সেই অতিথিৰ সন্তুষ্টি নিশ্চিত কৰা আটাইতকৈ গুৰুত্বপূর্ণ। উদ্যোগৰ বিশেষজ্ঞসকলৰ মতে, অতিথিৰ সন্তুষ্টি হৈছে পুনৰ ব্যৱসায় লাভ কৰা আৰু অতিথিৰ বিশ্বাস অৰ্জন কৰাৰ এটা গুৰুত্বপূর্ণ উপায়।

SESSION 2: আচৰণগত, ব্যক্তিগত আৰু আতিথ্যতা শিষ্টাচাৰৰ গুৰুত্ব (IMPORTANCE OF BEHAVIOURAL, PERSONAL AND HOSPITALITY ETIQUETTE)
SESSION 3: পেছাৰ প্ৰতি মান–সম্মান আৰু ব্যৱসায়িক ব্যৱহাৰ (RESPECT FOR THE PROFESSION AND PROFESSIONAL DEALING)

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top