Class 10 Travel Tourism and Hospitality Chapter 1 গ্ৰাহক কেন্দ্ৰিক সেৱাসমূহ

Class 10 Travel Tourism and Hospitality Chapter 1 গ্ৰাহক কেন্দ্ৰিক সেৱাসমূহ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapters Class 10 Travel Tourism and Hospitality Chapter 1 গ্ৰাহক কেন্দ্ৰিক সেৱাসমূহ Solutions Download PDF and select need one.

Class 10 Travel Tourism and Hospitality Chapter 1 গ্ৰাহক কেন্দ্ৰিক সেৱাসমূহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 10 Elective Travel Tourism and Hospitality Question Answer Assamese Medium. These solutions are part of SEBA All Subject Solutions. Here we have given SEBA Class 10 Elective Travel Tourism and Hospitality Solutions in Assamese for All Subject, You can practice these here.

গ্ৰাহক কেন্দ্ৰিক সেৱাসমূহ

Chapter – 1

SESSION 1: গ্ৰাহকৰ সৈতে লেনদেন আৰুসেৱাৰ মানদণ্ডৰ মূল্যায়ন (DEALING WITH A CUSTOMER AN ASSESSMENT OF QUALITY OF SERVICE)
তোমাৰ অগ্ৰগতি পৰীক্ষা কৰা

(ক) ‘ক’ অংশ লগত ‘খ’ অংশ মিলোৱা।

‘ক’ অংশ‘খ’ অংশ
(ক) প্ৰিমিয়াম ছেগমেণ্টত থকা হোটেলসমূহ(i) ছোলে – ভাটুৰে
(খ) মূল আতিথ্য সামগ্ৰী(ii) স্তৰ-নির্ধাৰিত (star rated)
(গ) উত্তৰ ভাৰতীয়সকলে খাই ভাল পায়(iii) সামাজিক অনুষ্ঠানসমূহ
(ঘ) আতিথ্য ব্যৱসায়ত ৰাজহৰ উৎস(iv) হোটেলৰ কোঠাসমূহ

উত্তৰঃ

ক অংশখ অংশ
(ক) প্ৰিমিয়াম ছেগমেণ্টত থকা হোটেলসমূহ(ii) স্তৰ-নির্ধাৰিত (star rated)
(খ) মূল আতিথ্য সামগ্ৰী(iv) হোটেলৰ কোঠাসমূহ
(গ) উত্তৰ ভাৰতীয়সকলে খাই ভাল পায়(i) ছোলে – ভাটুৰে
(ঘ) আতিথ্য ব্যৱসায়ত ৰাজহৰ উৎস(iii) সামাজিক অনুষ্ঠানসমূহ

(খ) বিষয়ভিত্তিক প্ৰশ্ন:

১। এজন আতিথ্য পেছাদাৰীয়ে গ্ৰাহকৰ সৈতে কেনেদৰে যোগাযোগ স্থাপন কৰে সেই বিষয়ে বুজাই দিয়া।

উত্তৰ: আতিথ্য পেছাদাৰীজনে গ্ৰাহকৰ সৈতে তলত দিয়া ধৰণে যোগাযোগ স্থাপন কৰে—

(i) হোটেল বা ৰেষ্টুৰেণ্টৰ পৰিচালকে গ্ৰাহকক লগ কৰিব পাৰে, সন্তুষ্টি, গুণগত মান আদিৰ বিষয়ে প্ৰশ্ন কৰিব পাৰে, পৰামৰ্শ বিচাৰিব পাৰে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ii) পৰিচালকে পুৰস্কাৰও আগবঢ়াব পাৰে।

(iii) আতিথ্য প্ৰতিষ্ঠানটোৱে গ্ৰাহকৰ সৈতে চিঠি, ইমেইল বা ছ’চিয়েল মিডিয়াৰ জৰিয়তে যোগাযোগ ৰাখিব পাৰে।

(iv) আতিথ্য প্ৰতিষ্ঠানটোৱে টেলিফোনযোগেও মতামত ল’ব পাৰে।

২। বিক্ৰীৰ বিভিন্ন পদ্ধতিৰ বৰ্ণনা কৰা।

উত্তৰঃ বিক্ৰীৰ বিভিন্ন পদ্ধতি তলত উল্লেখ কৰা হ’ল—

(i) বৰ্তমানৰ বজাৰত ভেদ কৰা।

(ii) নতুন বজাৰ গঢ়ি তোলা।

(iii) উচ্চ লাভৰ হাৰ।

(iv) বজাৰৰ উচ্চ অংশীদাৰিত্ব।

(v) উৎকৃষ্ট গ্ৰাহক সেৱা।

(vi) গ্ৰাহকৰ সন্তুষ্টিৰ ওপৰত গুৰুত্ব দিয়া।

(vii) উচ্চ বিক্ৰীৰ পৰিমাণ।

৩। গ্ৰাহকৰ পৰ্যালোচনা আৰু পণ্য বিক্ৰীত তেওঁলোকৰ ব্যৱহাৰৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ গ্ৰাহকৰ পৰ্যালোচনাই ক্ৰয়ৰ সিদ্ধান্তত প্ৰভাৱ পেলায় কাৰণ ই ব্যৱসায়ৰ প্ৰতি তেওঁলোকৰ আস্থা বৃদ্ধি কৰে। বজাৰজাতকৰণত গ্ৰাহকৰ সমালোচনা এটা সামাজিক প্ৰমাণ (social proof)। সামাজিক প্ৰমাণ মনোবিজ্ঞান অনুসৰি, মানুহ অনিশ্চিত অৱস্থাত থাকিলে, আনৰ অভিমত বা অভিজ্ঞতাৰ পৰা পথপ্ৰদৰ্শন বিচাৰে।

৪। গ্ৰাহকৰ আনুগত্য আৰু ই কেনেদৰে পুনৰ ব্যৱসায়ত সহায় কৰে বৰ্ণনা কৰা।

উত্তৰঃ অতিথিসেৱা উদ্যোগত প্ৰবল প্ৰতিযোগিতা থাকে। সেইবাবে নতুন গ্ৰাহক আকৰ্ষণ কৰাৰ পৰিৱৰ্তে বিদ্যমান গ্ৰাহকক ধৰি ৰখাই বিক্ৰী বৃদ্ধি কৰাটো কোম্পানীৰ বাবে অধিক সহজ। এজন দক্ষ গ্ৰাহক-সম্পৰ্ক পৰিচালক গ্ৰাহকৰ আনন্দৰ কাৰণ হয়। আনন্দিত গ্ৰাহকে সেই কোম্পানী আৰু ইয়াৰ সামগ্ৰীৰ প্ৰতি বিশ্বস্ত থাকে।

ইয়াৰ মূল লক্ষ্য হৈছে একেটা লেনদেনত নহয়, বৰঞ্চ দীঘলীয়া গ্ৰাহক-সম্পৰ্ক বা Customer Lifetime Value (CLV) চক্র গঢ়ি তোলা। বিশ্বস্ত গ্ৰাহকৰ অব্যাহত সমৰ্থনৰ লাভসমূহ হৈছে— বজাৰজাতকৰণৰ ব্যয় হ্ৰাস, মূল্যৰ প্ৰতি সংবেদনশীলতা কমা, আৰু পুনৰপুনি ব্যৱসায় বা অংশীদাৰিত্বৰ বৃদ্ধি। দীৰ্ঘম্যাদি সফলতাৰ বাবে, অতিথিসেৱা কোম্পানীয়ে এনে গ্ৰাহকসমূহৰ এটা মজবুত ভিত্তি গঢ়ি তোলে, যিসকল পুনৰপুনি ব্যৱসায় দিব আৰু আন সম্ভাৱ্য গ্ৰাহককো প্ৰভাৱিত কৰিব। এইটো কৰাৰ বাবে পৰিকল্পিত আৰু পদ্ধতিগত ব্যৱস্থা প্ৰয়োজন।

উদাহৰণস্বৰূপে, কোনো জনপ্ৰিয় ফাষ্ট-ফুড চেইনে গ্ৰাহকৰ সুবিধাৰ্থে নিজৰ স্মাৰ্টফোন এপত লয়েল্টি প্ৰ’গ্ৰাম আৰম্ভ কৰা।

৫। অতিথিৰ অভিযোগ কি? ইয়াৰ প্ৰকাৰ আৰু অতিথিৰ অভিযোগ নিয়ন্ত্ৰণৰ পদ্ধতি বিষয়ে লিখা।

উত্তৰঃ যেতিয়া অতিথিসকলে কিছুমান সেৱাত অসন্তুষ্ট হয় আৰু কৰ্মচাৰীৰ আগত নিজৰ অসুখ প্ৰকাশ কৰে তেতিয়া কোম্পানীয়ে মতামত লাভ কৰি সংশোধনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

অতিথিসকলৰ অভিযোগৰ প্ৰকাৰ:

(i) যান্ত্ৰিক অভিযোগসমূহ ব্যৱস্থা আৰু সঁজুলি, যেনে- টেলিভিছন, গিজাৰ আদিৰ বিজুতি বা অকাৰ্য্যকৰীতাৰ সৈতে জড়িত।

(ii) আচৰণৰ অভিযোগ কৰ্মচাৰীৰ আচৰণৰ সৈতে জড়িত, যেতিয়া কোনো অতিথিয়ে অভদ্ৰ বা কৌশলহীন হোটেলৰ কৰ্মচাৰীৰ কৰ্মীৰ দ্বাৰা অপমানিত অনুভৱ কৰে।

(iii) প্ৰদান কৰা সেৱা সম্পৰ্কীয় সেৱা সম্পৰ্কীয় অভিযোগ, যেনে- চেক-ইনত (check-in) পলম হোৱা, ৰুম সেৱা আদি।

(iv) অস্বাভাৱিক অভিযোগ স্পাৰ অভাৱ, জিমনেছিয়ামৰ অভাৱ ইত্যাদি অস্বাভাৱিক দাবীৰ সৈতে জড়িত।

অতিথিসকলৰ অভিযোগসমূহ নিয়ন্ত্ৰণ কৰা:

আতিথ্য এটা সেৱাকেন্দ্ৰিক উদ্যোগ, গতিকে ফ্ৰন্ট ডেস্ক (front desk)ৰ কৰ্মচাৰীসকলে অতিথিসকলৰ অভিযোগসমূহ কৌশলেৰে চম্ভালিবলৈ সদায় সাজু হোৱাটো আশা কৰা হয়। তৎক্ষণাত সমস্যা সমাধান কৰি গ্ৰাহকক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিব লাগিব। অতিথিৰ অভিযোগ ব্যৱস্থাপনা সময়ত কৰ্মচাৰীয়ে সদায় কিছুমান বিশেষ নিৰ্দেশনা মনত ৰাখিব লাগিব।

কিছুমান সাধাৰণ নিৰ্দেশনা তলত দিয়া হৈছে-

(i) চিন্তা আৰু সহানুভূতিৰে শুনা।

(ii) শান্ত হৈ থকা। অতিথিৰ লগত তৰ্ক নকৰা।

(iii) অতিথিৰ আত্মসন্মানৰ প্ৰতি সচেতন হোৱা। সমস্যাটোৰ সৈতে ব্যক্তিগত জড়িততা প্ৰদৰ্শন কৰা।

(iv) অতিথিজনক সঘনাই তেওঁলোকৰ নামেৰে সম্বোধন কৰিবলৈ চেষ্টা কৰা।

(v) সম্ভৱ হ’লে অতিথিজনক ভিৰৰ পৰা আঁতৰাই নিয়া, যাতে আন অতিথিসকলে তেওঁলোকৰ চিন্তা শুনিব নোৱাৰে।

(vi) অতিথিজনক বুজাই দিয়া যে প্ৰদত্ত পৰিস্থিতিত কি সৰ্বোত্তম কাম কৰিব পাৰি। যদি উপলব্ধ হয় তেন্তে পছন্দ আগবঢ়োৱা। অসম্ভৱৰ প্ৰতিশ্ৰুতি নিদিব, আৰু আপোনাৰ পৰিসৰৰ বাহিৰলৈ নাযাব।

(vii) গ্ৰাহকক তেওঁৰ অভিযোগ সমাধানৰ দিশত সংশোধনীমূলক ব্যৱস্থা সম্পূৰ্ণ কৰাৰ বাবে আনুমানিক সময় দিয়া।

(viii) সংশোধনীমূলক ব্যৱস্থাৰ অগ্ৰগতি নিৰীক্ষণ কৰা।

(ix) সমস্যাটো সন্তোষজনকভাৱে সমাধান হোৱাটো নিশ্চিত কৰিবলৈ অতিথিক অনুসৰণ কৰি অৱগত কৰা।

(x) যদি কোনো সমস্যা সমাধান কৰিব নোৱাৰি তেন্তে ফ্ৰন্ট ডেস্ক (front desk)ৰ কৰ্মচাৰীয়ে এই কথা সোনকালে স্বীকাৰ কৰি উৰ্ধতন বিষয়াক ফোন কৰিব লাগে।

SESSION 2: গ্ৰাহক সন্তুষ্টি অৰ্জনৰ দিশত কাম কৰা (WORKING TOWARDS ACHIEVING CUSTOMER SATISFACTION)
SESSION 3: গ্ৰাহকৰ আৱশ্যকতা আৰু প্ৰয়োজনসমূহ পূৰণ কৰা (FULFILLING THE CUSTOMERS’ NEEDS AND REQUIREMENTS)

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top