Class 10 History Elective Chapter 1 ঔপনিৱেশিকতা আৰু সাম্রাজ্যবাদৰ বিকাশ

Class 10 History Elective Chapter 1 ঔপনিৱেশিকতা আৰু সাম্রাজ্যবাদৰ বিকাশ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 History Elective Chapter 1 ঔপনিৱেশিকতা আৰু সাম্রাজ্যবাদৰ বিকাশ and select need one.

Class 10 History Elective Chapter 1 ঔপনিৱেশিকতা আৰু সাম্রাজ্যবাদৰ বিকাশ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 History Elective Chapter 1 ঔপনিৱেশিকতা আৰু সাম্রাজ্যবাদৰ বিকাশ Solutions for All Subject, You can practice these here…

ৰচনাধর্মী প্রশ্ন আৰু উত্তৰ

প্রশ্ন ১। ঔপনিৱেশিকতাবাদৰ উৎপত্তিৰ কাৰকসমূহ উল্লেখ কৰা। 

উত্তৰ :- ঔপনিবেশিকতাবাদৰ উৎপত্তিৰ মূল কাৰকসমূহ হৈছে— শিল্প বিপ্লৱৰ বিকাশ আৰু বিস্তাৰ, কেঁচামালৰ প্ৰয়োজনীয়তা, মুলধন বিনিয়োগৰ বাবে থকা সা-সুবিধা, পৰিৱহণ ব্যৱস্থাৰ উন্নতি, জাতীয়তাবাদী চিন্তাধাৰা আৰু নিজ দেশৰ গৌৰৱ বৃদ্ধিৰ মানসিকতা, নিজৰ সম্পৰ্কে থকা উচ্চ ধাৰণা আদি। ভৌগোলিক আৱিষ্কাৰৰ লগতে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ তীব্র আকাংখা পূৰণৰ অদম্য স্পৃহা, বাণিজ্যিক পুঁজিৰ বিনিয়োগ, বহিঃবাণিজ্যৰ সম্প্ৰসাৰণ আৰু অধিক মুনাফা অৰ্জনৰ প্ৰৱণতা, সামুদ্রিক আৰু বাণিজ্যিক জাহাজ নিৰ্মাণৰ বাবে অত্যাধুনিক কলা কৌশলৰ আৱিষ্কাৰ আৰু উপকূলৱৰ্তী অৱস্থানে ঔপনিৱেশিকতাবাদৰ উৎপত্তিৰ ঘাই কাৰণ আছিল।

ঔপনিৱেশিকতাবাদৰ অৰ্থ হৈছে এখন উন্নত বা শক্তিশালী দেশে অন্যান্য অনুন্নত বা নিশকতীয়া দেশ দখল কৰি নিজস্ব ৰাজনৈতিক আৰু অর্থনৈতিক অধিকাৰ স্থাপন কৰা। ঔপনিৱেশসমূহ শক্তিশালী দেশখনৰ শিল্পউদ্যোগৰ বাবে প্রয়োজনীয় কেঁচামাল যোগানৰ ক্ষেত্ৰৰূপে বিবেচিত হয় আৰু সেই দেশখনে উৎপাদন কৰা শিল্পজাত দ্ৰব্যৰ একচেতিয়া দ্ৰব্যৰ বজাৰ ৰূপে পৰিগণিত হয়। ঔপনিৱেশিকতাবাদৰ বিকাশত বাণিজ্যিক পুঁজিৰ বিনিয়োগৰ জৰিয়তেও ঔপনিৱেশিক দেশখনে বাণিজ্যৰ মাধ্যমত পোৱা লাভ সেই দেশখনৰ জাতীয় আয়ৰ মুল উৎসস্বৰূপ৷ ঔপনিবেশিকতাবাদৰ উৎপত্তিৰ মূল কাৰণ হৈছে সবল দেশবোৰে দুৰ্বল দেশসমূহক অর্থনৈতিকভাৱে শোষণ কৰা আৰু দুৰ্বল দেশবোৰৰ পৰা কেঁচামাল তথা প্রাকৃতিক সম্পদৰাজিৰে উন্নত দেশৰ পুঁজি টনকিয়াল কৰা। পদানত দেশসমূহক শোষণ কৰি বৰ্তি থকাটোৱেই ঔপনিবেশিকতাবাদৰ মস্তর্নিহিত উদ্দেশ্য।

ভৌগোলিক অনুসন্ধান তথা আৱিষ্কাৰৰ লগে লগে পশ্চিম ইউৰোপীয় দশসমূহৰ নেতৃত্বত প্রথমে উপনিৱেশ স্থাপনৰ প্ৰক্ৰিয়াৰ সূচনা হৈছিল। উৰোপৰ ইতিহাসত মধ্যযুগৰ অবসানৰ পিছত ক্রমাগতভাৱে জাতীয় ৰাষ্ট্ৰৰ মাৱির্ভাবৰ প্ৰায় সমসাময়িকভাৱে উপনিৱেশ স্থাপনৰ এক প্ৰৱণতা মূৰ দাঙি উঠে। আধুনিক যুগত ঔপনিৱেশিকতাবাদৰ বিকাশ হৈছে মূলতঃ অধিক মুনাফাৰ বাবে বাণিজ্যিক পুঁজিৰ বিনিয়োগ কৰাৰ স্বাৰ্থত। 

প্রশ্ন ২। সাম্রাজ্যবাদৰ উৎপত্তিৰ কাৰকসমূহ উল্লেখ কৰা।

উত্তৰ :- সাম্রাজ্যবাদ হৈছে পুঁজিবাদৰ বিকাশৰ সৰ্বোচ্চ স্তৰ। সাম্রাজ্যবাদৰ মূল চালিকা শক্তি হৈছে বজাৰ দখল, কেঁচামাল সংগ্ৰহ আৰু অধিক মুনাফা অৰ্জনৰ লক্ষ্য। সাম্রাজ্যবাদ স্থাপনত আগভাগ লোৱা দেশসমূহ প্ৰধানকৈ ইউৰোপ মহাদেশৰ আছিল কাৰণ সেই দেশবোৰ প্ৰাচ্য বা আফ্রিকা মহাদেশব দেশসমূহতকৈ অর্থনৈতিক তথা ৰাজনৈতিক ক্ষেত্ৰত সুস্থিৰ আছিল।

সাম্রাজ্যবাদৰ উৎপত্তিৰ মূল কাৰক হৈছে – শিল্প বিপ্লৱৰ বিকাশ আৰু বিস্তাৰ। ইংৰাজসকল আছিল ইউৰোপৰ দেশসমূহৰ ভিতৰত ঔপনিবেশিক সাম্রাজ্য গঢ়ি তোলাৰ ক্ষেত্ৰত সবাতোকৈ আগবঢ়া। অষ্টাদশ শতিকাৰ শেষৰ ফালে ইংলেণ্ডৰ শিল্প বিপ্লৱ আৰম্ভ হৈছিল। যন্ত্রপাতিৰ সহায়ত উদ্যোগৰ উৎপাদন ক্ষমতা বৃদ্ধি পোৱাত বস্ত্র-উদ্যোগ, কৃষি, লো-তীখা, জাহাজ নির্মাণ, পৰিবহণ ব্যৱস্থা আদি সকলো ক্ষেত্রতে এক অভূতপূর্ব পৰিৱৰ্তন হৈছিল। শিল্প-বিপ্লৱৰ প্ৰভাৱ আন ইউৰোপীয় দেশসমূহলৈ সম্প্ৰসাৰিত হোৱাত দেশীয় প্রয়োজনতকৈ অধিক পৰিমাণে উৎপাদন হৈছিল আৰু ফলস্বৰূপে শিল্পপ্রধান দেশসমূহে নতুন বজাৰৰ সন্ধানত আন দেশলৈ বাণিজ্য সম্প্ৰসাৰণ কৰিছিল।

সাম্রাজ্যবাদৰ উৎপত্তিৰ আন কাৰকসমূহ হৈছে–কেঁচামালৰ প্ৰয়োজনীয়তা, মূলধন বিনিয়োগৰ সা-সুবিধা, পৰিৱহণ ব্যৱস্থাৰ উন্নতি সাধন, জাতীয়তাবাদী চিন্তাধাৰা আৰু নিজ দেশৰ গৌৰৱ বৃদ্ধিৰ মানসিকতাৰ লগতে সাম্রাজ্যবাদী ৰাষ্ট্ৰসমূহৰ নিজৰ প্ৰতি থকা উচ্চ ধাৰণা। যিবোৰ দেশত প্ৰচুৰ পৰিমাণে কেঁচামাল পোৱা যায় তেনেবোৰ দেশ সাম্রাজ্যবাদী ৰাষ্ট্ৰৰ চকুত পৰে আৰু উপনিবেশ স্থাপনৰ বাবে উঠি পৰি লাগে। ইংৰাজসকলে ভাৰতত আধিপত্য বিস্তাৰ কৰিছিল আৰু ভাৰতৰ পৰা অনায়েসে কপাহী সুতা নিজ দেশলৈ ৰপ্তানি কৰি নিজ দেশৰ অর্থনীতি টনকিয়াল কৰিছিল। 

আকৌ শিল্প বিপ্লৱৰ প্ৰসাৰৰ ফলত পুঁজিপতি সকলৰ হাতত প্ৰচুৰ পৰিমাণৰ ধন সম্পদ গোট খাইছিল আৰু সেই সম্পদেৰে অধিক লাভ কৰাৰ আশাত পুঁজিপতিসকলে আন আন অনুন্নত দেশসমূহত বিনিয়োগ কৰিছিল। ঊনবিংশ শতিকাৰ শেষৰ পিনে উদ্যোগপতিসকলে, উপনিৱেশিক ৰাষ্ট্ৰখনৰ সামগ্রিক উন্নয়নৰ বাবে মূলধন বিনিয়োগৰ কথা চিন্তা কৰা নাছিল, তেওঁলোকৰ মুখ্য উদ্দেশ্য আছিল কৰতলীয়া ৰাজ্যখনক অর্থনৈতিকভাৱে শোষণ কৰা। শিল্প বিপ্লবৰ ফলস্বৰূপে বাটপথবোৰ উন্নত হোৱাত সেই পথেৰে গধুৰ যানবাহন চলাচল কৰাত ব্যৱসায়-বাণিজ্যৰ সম্প্ৰসাৰণ হৈছিল। ৰেলপথ নির্মাণ, ডাঙৰ ডাঙৰ জাহাজ নির্মাণ হোৱাত স্থলপথ, জলপথেদি মালবস্তু সৰবৰাহ কৰা সহজ হয়। শিল্পপ্রধান উন্নত দেশবোৰে এনে ব্যৱস্থাৰ জৰিয়তে অনগ্ৰসৰ অঞ্চলত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছিল।

উনৈশ শতিকাত জাতীয় ৰাজ্য স্থাপনৰ বাবে ইউৰোপত এক সংগ্ৰাম আৰম্ভ হয় আৰু ঊনবিংশ শতিকাৰ শেষার্ধত জার্মানি আৰু ইটালীয়ে নিজৰ জাতিব মানুহক সামৰি দুখন ৰাষ্ট্ৰ গঠন কৰিছিল। জাতীয় গৌৰৱ প্ৰতিষ্ঠাৰ বাবে কিছুমান ইউৰোপীয় দেশ উপনিবেশ স্থাপনৰ প্রতি আগ্রহী হৈছিল। তাৰোপৰি উপনিবেশ ৰক্ষণা-বেক্ষণৰ কাৰণেও বিভিন্ন উপনিৱেশৰ সৃষ্টি হৈছিল। উদাহৰণস্বৰূপে সমগ্র বিশ্বজুৰি গঢ়ি উঠা ব্ৰিটিছ সাম্রাজ্যৰ ৰক্ষণাবেক্ষণৰ বাবে ইংৰাজসকলে হংকং, চিংগাপুৰ, চাইপ্ৰাছ আদি ঠাইত নৌবাহিনী ৰখাৰ ফলত কেইবাখনো উপনিৱেশৰ সৃষ্টি হৈছিল। আকৌ সভ্যতা-সংস্কৃতিৰ ক্ষেত্ৰত ইউৰোপীয়সকলে নিজকে আন ঠাইৰ মানুহতকৈ অধিক আগবঢ়া বুলি বিবেচনা কৰিছিল আৰু অনুন্নত, অনগ্ৰসৰ অঞ্চলৰ লোকক সভ্যতাৰ পোহৰ বিলোৱাটো এক মহান কর্তব্য বুলি বিবেচিত কৰি উপনিৱেশ স্থাপনত গুৰুত্ব দিছিল। সাম্রাজ্যবাদ উৎপত্তিৰ আন এক কাৰক আছিল খ্ৰীষ্টধৰ্ম প্ৰচাৰকসকল। খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ এক উদ্দেশ্য হৈছে মানৱ সেৱা আৰু এই ধৰ্ম প্ৰচাৰৰ জৰিয়তে তেওঁলোকে মানৱ সেৱা কৰিছিল। ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য তেওঁলোকে উপনিবেশ গঢ়ি তুলিছিল।

প্রশ্ন ৩।পৰ্টুগালৰ নেতৃত্বত সংঘটিত হোৱা ভৌগোলিক আৱিষ্কাৰসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰ :- পশ্চিম ইউৰোপৰ পৰ্টুগাল হৈছে উপনিবেশ স্থাপন কৰাৰ ক্ষেত্ৰত অগ্রণী ভূমিকা গ্ৰহণ কৰা এখন প্রধান দেশ। আটলান্টিক মহাসাগৰৰ পাৰৰ পৰ্টুগাল দেশখন ভৌগোলিক আৱিষ্কাৰৰ বাটকটীয়া আছিল ৷ পৰ্টুগালৰ মানুহবোৰ বৰ দুঃসাহসিক আৰু কঠোৰ পৰিশ্ৰমী আছিল আৰু সেই দেশৰ বণিক শ্ৰেণীটো অত্যস্ত শক্তিশালী আছিল। তেওঁলোকে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবে অত্যন্ত আগ্রহী আছিল। পৰ্টুগালৰ জাতীয় সম্পদ আৰু বৃদ্ধিৰ তীব্র আকাংক্ষাৰ বাবে তেওঁলোকে ধৰ্মপ্ৰচাৰৰ অদম্য আশাৰ সৈতে সোনকালে জড়িত হৈ পৰিছিল। নিজ ধর্মব প্রতি গভীৰ আনুগত্যৰ বশৱৰ্তী হৈ পৰ্টুগীজসকলে ধর্ম প্রচাৰৰ অদম্য আশা বুকুত বান্ধি লৈ মুছলমানসকলৰ দখলত থকা ৰাজ্য জয়ৰ অভিযানত সততে ব্ৰতী হৈ পৰিছিল। পৰ্টুগালৰ সামৰিক আৰু বাণিজ্যিক সম্প্ৰসাৰণৰ মূল লক্ষ্য আছিল ইছলাম ধৰ্মাৱলম্বী লোক বসবাস কৰা দক্ষিণ-পশ্চিম আফ্রিকা।

১৪১৫ খ্ৰীষ্টাব্দত পৰ্টুগালৰ দ্বাৰা আফ্ৰিকাৰ উপকূল অঞ্চলত ছেউতা (Ceuta) বিজয়ে ভৌগোলিক আৱিষ্কাৰৰ সুচনা কৰিছিল। ১৪৮৬ খ্ৰীষ্টাব্দত পৰ্টুগালৰ বাৰ্থলোমিও ডিয়াজে (Bartholomew Dias) আফ্ৰিকাৰ সুদূৰ দক্ষিণত থকা ধুমুহাৰ অন্তৰীগ (Cape of Storms)ত উপস্থিত হৈ ভৌগোলিক আৱিষ্কাৰৰ ইতিহাসত এক যুগান্তকাৰী চাঞ্চল্যৰ সৃষ্টি কৰে। ১৪৯৭ খ্রীষ্টাব্দত পৰ্টুগালৰ ৰজাৰ নিৰ্দেশত ভাস্কো-ডা-গামাই (Vasco-da-Gama) সামুদ্রিক পথেৰে উত্তমাশা অস্তৰীপ হৈ ভাৰত মহাসাগৰেৰে আহি ১৪৯৮ খ্ৰীষ্টাব্দৰ ১৭ মে’ তাৰিখে ভাৰতবৰ্ষৰ মালাৱাৰ উপকূলৰ কালিকটত উপস্থিত হৈছিল। পৰ্টুগালসকলৰ প্ৰায় এশ বছৰৰ চেষ্টা-পুৰুষাৰ্থৰ অন্তত ইউৰোপৰ পৰা ভাৰতবৰ্ষলৈ সামুদ্রিক পথ মুকলি কৰিছিল। ১৫০০ চনত কেৱালৰ (Cabral) নেতৃত্বত অহা পৰ্টুগীজ নাবিক আৰু সদাগৰসকলে কোচিনত বাণিজ্যিক ঘাটি স্থাপন কৰি মুছলমান বণিক-সদাগৰসকলৰ বিপৰীতে সামুদ্রিক বাণিজ্যত পৰ্টুগালৰ আধিপত্য সুদৃঢ় কৰিছিল। 

১৫০৯ চনৰ ফেব্ৰুৱাৰী মাহত পৰ্তুগীজসকলে মুছলমান সদাগবসকলৰ সমৰ্থনত থকা ইজিপ্তৰ নৌ-বাহিনীৰ জাহাজবোৰ ধ্বংস কৰি ডিউ দখল কৰিছিল আৰু পশ্চিম উপকূলত তেওঁলোকৰ অৱস্থান সুদৃঢ় কৰিছিল। ১৫০৭-০৮ চনৰ ভিতৰত আলবুকার্কে লোহিত আৰু পাৰস্য উপসাগৰীয় অঞ্চলত মুছলমান ব্যৱসায়ীসকলৰ আধিপত্য খর্ব কৰি ছাকোত্ৰা (Sacotra) আৰু অৰমুজত (Ormuz) সামৰিক কোঠ মাৰি পৰ্তুগীজসকলৰ নিয়ন্ত্ৰণ স্থাপন কৰিছিল। ১৫১০ আলবুকাৰ্কে গোৱা আৰু তাৰ পিছৰ বছৰত ভাৰত মহাসাগৰৰ পূব দিশত মালাক্কা আৰু মালয় দখল কৰিছিল। তাৰ পাছত পৰ্টুগীজসকলে পূৰ্বভাৰতীয় দ্বীপপুঞ্জ ছিয়াম আৰু চীন দেশৰ কেণ্টনৰ প্রতি দৃষ্টি নিক্ষেপ কৰিছিল। 

প্রাচ্যত পৰ্তুগীজসকলৰ ক্ৰমবৰ্দ্ধমান বাণিজ্যিক স্বার্থৰ ৰক্ষণাবেক্ষণৰ বাবে গোৱাত ৰাজধানী পাতিছিল আৰু ভাৰতবৰ্ষৰ পশ্চিম উপকূলৰ পৰা চীন দেশৰ মাকাও পর্যন্ত সমগ্ৰ অঞ্চলৰ সামুদ্রিক বাণিজ্যত একছত্ৰী অধিকাৰ স্থাপন কৰিছিল। বিভিন্ন আৰব দেশৰ আৰু ইজিপ্তৰ মুছলমান বণিক সদাগৰসকলে ভোগ কৰি থকা তেওঁলোকস্ব পূৰ্বৰ অধিকাৰ আৰু প্ৰতিপত্তি পৰ্টুগীজসকলে হস্তগত কৰিছিল। ১৫২১ চনৰৱা ১৫৫৭ চনৰ ভিতৰত পর্তুগীজসকলে পশ্চিম গোলার্ধত বাণিজ্যিক ঘাটি স্থাপন কৰিবলৈকে চেষ্টা কৰিছিল আৰু আংশিকভাৱে সফলতাও লাভ কৰিছিল।

এনেদৰে পৰ্টুগালে নিজৰ ব্যৱসায় বাণিজ্য বিস্তাৰ তথা প্ৰসাৰৰ যোগেদি বিভিন্ন ঠাই দখল কৰিছিল। পৰ্টুগালে দাস ব্যৱসায়ৰ মাধ্যমত আফ্ৰিকাৰ উপকূল অঞ্চলত নিজৰ অধিকাৰ অক্ষুণ্ণ ৰাখিছিল আৰু আফ্রিকােত এংগোলা (Angola) আৰু মোজাম্বিকৰ লগতে কেপভার্ডে (Capeverde), চাওটোম (Sao Tome) আদিৰ ওপৰত নিজৰ অধিকাৰ অটুত ৰাখিছিল।

Sl. No.Contents
Chapter 1ঔপনিৱেশিকতা আৰু সাম্রাজ্যবাদৰ বিকাশ
Chapter 2প্রথম বিশ্বযুদ্ধ
Chapter 3প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান
Chapter 4দ্বিতীয় বিশ্বযুদ্ধ
Chapter 5ৰাষ্ট্ৰসংঘ
Chapter 6দ্বিতীয় বিশ্বযুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয়
Chapter 7গোষ্ঠী নিৰপেক্ষ আন্দোলন
Chapter 8ভাৰতবৰ্ষৰ বৈদেশিক নীতি

প্রশ্ন ৪। লেটিন আমেৰিকাত স্পেইনৰ উপনিৱেশ সম্পর্কে আলোচনা

উত্তৰ :- স্পেইন আছিল আধুনিক যুগত প্রথম ঔপনিৱেশিক দেশ। ১৪৯২ চনত স্পেইনৰ সম্রাট দ্বিতীয় ফিলিপৰ আশীসধন্য হৈ খ্ৰীষ্টোফাৰ কলম্বাছে ( Christopher Columbus) আটলান্টিক মহাসাগৰেৰে গৈ বাহামা দ্বীপপুঞ্জ, কিউবা, ছালভাডোৰ, হেইটী আদি অঞ্চল আৱিষ্কাৰ কৰিছিল। কলম্বাছে চাৰিবাৰ আমেৰিকালৈ গৈছিল আৰু তেওঁৰ যাত্ৰাকালত দক্ষিণ আমেৰিকাৰ উপকূলৱৰ্তী লঞ্চল, মধ্য আমেৰিকা আৰু পানামা আৱিষ্কাৰ কৰিছিল। কলম্বাছৰ পাছতে স্পেইনৰ আন কেইজনমান নাবিকে আমেৰিকাৰ ব্ৰাজিলৰ উপকূল অঞ্চলৰ পৰা আগবাঢ়ি গৈ কেৰিবিয়ান উপসাগৰৰ পাৰত পানামাত উপস্থিত হৈছিল।

১৫১৯-২২ চনৰ মাজৰ সময়খিনিত স্পেইনৰ হৈ পৰ্টুগালৰ নাগৰিক ফার্দিনান্দ মেগালেনে (Ferdinand Magallan) জাহাজেৰে গৃথিৱীৰ চাৰিওফালে ভ্রমণ কৰিছিল। ১৫৬৫ খ্ৰীষ্টাব্দত স্পেইনে প্রশান্ত মহাসাগৰত ফিলিপাইন দীপপুঞ্জটো নিজৰ দখললৈ কৰিছিল। তাৰ কিছুদিন পাছত স্পেইনে মধ্য আমেৰিকাৰ নিকাৰাগুৱা দখল কৰিছিল আৰু পর্যায়ক্রমে গোৱাটেমেলা আৰু ইউকাটানৰ আধা অংশ দখল কৰিছিল। এই লঞ্চলকেইটাত প্ৰচুৰ পৰিমাণে সোণ আৰু ৰূপৰ খনি থকাত স্পেইনদেশীয় লোকসকলে তাত উপনিবেশ স্থাপন কৰিবলৈ উঠিপৰি লাগিছিল। ১৯৫০ চনত পিজাৰোৱে পেৰু আৱিষ্কাৰ কৰি নিজৰ অধীনলৈ আনিছিল। এনেদৰে স্পেইনে উপনিবেশ স্থাপনৰ জৰিয়তে ধন সোণ সংগ্ৰহ কৰি অতি কম সময়ৰ ভিতৰত অত্যন্ত চহকী হৈছিল। তাৰ পাছত স্পেনিছসকলে দক্ষিণ আমেৰিকাৰ উত্তৰাংশত ক্ৰমান্বয়ে ভেনিজুৱেলা আৰু আমাজান দখল কৰি তাত আধিপত্য স্থাপন কৰিছিল। মুঠতে ১৫৫০ চনৰ ভিতৰত আমেৰিকাত স্পেনীয় সাম্রাজ্য এখন গঢ়ি উঠিছিল। ১৫৬৫ চনত স্পেইনে প্রশান্ত মহাসাগৰত ফিলিপাইন দখল কৰিছিল আৰু নিউ মেক্সিকো, টেক্‌ছাছ, কালিফর্নিয়া, ফ্লৰিডা আদি নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল৷

স্পেইনে আমেৰিকাত স্থাপনকৰা স্পেনীয় উপনিৱেশসমূহত গঢ়ি উঠা কৃষিপাম আৰু খনিসমূহত বিভিন্ন ধৰণৰ শাৰীৰিক শ্ৰম কৰাৰ বাবে আফ্ৰিকাৰ নিগ্রোসকলক তালৈ আনি বিক্ৰী কৰিছিল। এই কাৰ্যৰ ফলত আমেৰিকাত থকা স্পেনীয় উপনিবেশসমূহ নিগ্রো দাসেৰে ভৰি পৰিছিল। স্পেইনৰ অধীনত লেটিন আমেরিকােত প্রায় ৩০০ বছৰ জুৰি ঔপনিৱেশিক শাসন চলিছিল।

প্রশ্ন ৫। ভাৰতবৰ্ষত ব্রিটিশ ঔপনিৱেশিক সাম্ৰাজ্যৰ উৎপত্তি আৰু বিকাশ সম্পর্কে আলোচনা কৰা।

উত্তৰ :- ঔপনিৱেশিক সাম্ৰাজ্যৰ গবাকী হিচাপে ইংলেণ্ডৰ স্থান প্রথম আছিল। ইংলেণ্ডৰ ৰাণী প্রথম এলিজাবেথৰ ৰাজত্বকালত ইংলিচ ইষ্ট-ইণ্ডিয়া কোম্পানী গঠন হৈছিল আৰু তাৰ লগে লগে ইংলেণ্ডৰ ভৌগোলিক আৱিষ্কাৰ আৰু উপনিৱেশ স্থাপন কৰাৰ দ্বৈত প্ৰক্ৰিয়া আৰম্ভ হৈছিল। ইংলিছ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ উপনিৱেশ স্থাপনৰ মূল লক্ষ্য আছিল ভাৰতবৰ্ষ, কাৰণ তেওঁলোকে প্ৰাচ্যৰ দেশসমূহৰ সৈতে বাণিজ্যৰ ক্ষেত্ৰত প্ৰতিযোগিতাত ফেৰ মৰাটো কঠিন আছিল। ইংৰাজসকলে ১৬১১ চনত ভাৰতবৰ্ষত মছলিপট্টনম আৰু ১৬৩৯ চনত মাদ্রাজ দখল কৰি উপনিৱেশিক সাম্রাজ্যৰ পাতনি মেলিছিল। পলাশী যুদ্ধ আৰু ৱন্দিৱাছৰ যুদ্ধত ফৰাছী গৱৰ্ণৰ লালীৰ পতন আৰু ইংৰাজসকলৰ জয়লাভে ভাৰতবৰ্ষত ব্রিটিশ ঔপনিৱেশিক সাম্রাজ্যৰ বিকাশ সাধন হৈছিল।

ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে ১৬৬০ চনমানলৈকে ভাৰতবৰ্ষৰ সৈতে প্ৰধানকৈ মছলা জাতীয় দ্রব্যুৰ ব্যৱসায় কৰিছিল আৰু এই ক্ষেত্ৰত ইংৰাজসকল অধিক লাভান্বিত হৈছিল। ১৬৬১ চন মানৰ পিছৰে পৰা ইংলেণ্ডৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ মাজত ভাৰতীয় সস্তীয়া কপাহী কাপোৰৰ চাহিদা বৃদ্ধি পোৱাত মছলাৰ লগতে কোম্পানীৰ বাণিজ্যিক পণ্যৰ সৈতে ভাৰতীয় কপাহী কাপোৰ যুক্ত হৈছিল। একেদৰে ইংলেণ্ডৰ আঢ্যৱস্ত শ্ৰেণীৰ লোকৰ মাজত কালিকটত উৎপাদিত মিহি, কোমল আৰু বিলাসী কেলিকো কাপোৰৰ চাহিদা বৃদ্ধি পাইছিল। কোম্পানীৰ বাণিজ্যৰ উন্নতিৰ লগে লগে ভাৰতবৰ্ষত তেওঁলোকৰ দখলাধীন ৰাজ্যক্ষেত্ৰৰ সম্প্ৰসাৰণ ঘটিছিল। ব্ৰিটিছসকলে প্রায় এশ বছৰৰ ভিতৰতে সমগ্ৰ ভাৰতবৰ্ষ অর্থাৎ বৰ্তমানৰ ভাৰতবৰ্ষ, পাকিস্থান, বাংলাদেশ আৰু ব্ৰহ্মদেশ দখল কৰি এক বিশাল ভূখণ্ডৰ অধিপতি হৈছিল। ১৮৫৭-৫৮ চনৰ চিপাহী বিদ্ৰোহৰ পাছৰে পৰা বিশাল উপনিৱেশখনৰ গৰাকী হৈছিল ইংলেণ্ডৰ ৰাজমুকুট। 

সেই সময়ৰে পৰা ভাৰতবৰ্ষ ইংলেণ্ডৰ গৃহ চৰকাৰৰ এক সম্পত্তি হৈছিল। কোম্পানীৰ চৰকাৰৰ সময়ৰে পৰা ভাৰতবৰ্ষৰ প্ৰশাসনত কাৰ্যনিৰ্বাহ কৰা বিষয়াসকলক ইংলেণ্ডত নিযুক্তি দি ভাৰতবৰ্ষলৈ পঠিওৱা হৈছিল। সামৰিক তথা অসামৰিক উভয় বিভাগতে কাম কৰা আমোলা-বিষয়াসকলৰ দা-দৰমহা ভ্রমণ বানচ, পেঞ্চনৰ লগতে ইংলেণ্ডত থকা মন্ত্রী আমোলাৰ দা-দৰমহা, ভ্রমণ বানচ, কাৰ্যলয়ৰ কৰ্মচাৰীৰ দৰমহা, কাগজপত্র, বয়বস্তু আদিৰ নামত হোৱা সকলো খবছ ভাৰতবৰ্ষৰ ৰাজহৰ পৰা আদায় দিয়াৰ ব্যৱস্থা কৰিছিল। ভাৰতবৰ্ষৰ প্ৰাকৃতিক সম্পদৰ লগতে সমগ্র মানৱ সম্পদ ব্ৰিটিছসকলে তেওঁলোকৰ স্বাৰ্থত ব্যৱহাৰ কৰিছিল। ভাৰতবৰ্ষৰ ওপৰত চলোৱা ঔপনিৱেশিক শাসন-শোষণৰ লাভৰ অংশৰে ইংলেণ্ডক চহকী কৰাৰ লগতে বিশ্বৰ আন আন ঠাইতো ব্ৰিটিছৰ উপনিবেশ স্থাপনৰ জোখাৰে ইংৰাজসকলে ভাৰতৰ পৰাই সম্পদ সংগ্রহ কৰিছিল।

প্রশ্ন ৬। আমেৰিকাত ব্ৰিটিছ ঔপনিবেশিক সাম্রাজ্যৰ উৎপত্তি আৰু বিকাশ সম্পর্কে আলোচনা কৰা।

উত্তৰ :- ব্ৰিটিছসকলে পশ্চিম গোলার্ধত উপনিৱেশ স্থাপন কৰাৰ ক্ষেত্ৰত কিছু পলমকৈ আৱিৰ্ভাব হৈছিল যদিও অতি কম সময়ৰ ভিতৰতে তেওঁলোকে বহুতো দেশত নিজৰ স্থিতি সবল কৰি তুলিছিল। ইংৰাজসকলে প্ৰথমতে উত্তৰ আটলান্টিক মহাসাগৰত অৱস্থিত সৰু সৰু দ্বীপসমূহ অধিকাৰ কৰিছিল আৰু ১৬০৯-ৰপৰা ১৬৩২ চনৰ ভিতৰত দক্ষিণ আমেৰিকাৰ উত্তৰপিনে থকা ক্ষুদ্র ক্ষুদ্র দ্বীপসমূহ অধিকাৰ কৰি তেওঁলোকৰ বসতি স্থাপন কৰিছিল। ইংৰাজসকলে অধিকাৰ কৰা দ্বীপসমূহ আছিল– ছেইণ্ট কীছ (Saint Kitts), নেভীছ (Navis), বাৰবাডোছ (Barbados) আৰু বাৰমুদাছ (Barmudas) |

ইংৰাজসকলে উত্তৰ আমেৰিকাৰ বিভিন্ন অঞ্চল বিভিন্ন সময়ত দখল কৰি তাত ইংৰাজ উপনিৱেশৰ পাতনি মেলিছিল। ইংৰাজসকলে ১৬০৭ চনত ভার্জিনিয়া (Virginia), ১৬২০ চনত প্লাইমাউথ (Plymouth), ১৬৩০ চনত মাছাচ্যুছেট্‌ছ (Massachusetts) আদি দখল কৰিছিল। ইয়াৰ পাছত ব্ৰিটিছসকলে মাছাচ্যুছে কেন্দ্ৰ কৰি নিউ হেস্পছায়াৰ (New Hampshire, ) নিউ হেভেন (New Haven), কানেক্‌টিকাট (Connecticut), ৰোড আইলেণ্ড (Rhode Island) আদি অঞ্চলসমূহত নিজৰ দখল আৰু আধিপত্য স্থাপন কৰিছিল।

পর্যায়ক্রমে ইংৰাজসকলে ১৬৩৪ চনত মেৰীলেe (Maryland), ১৬৭০ চনত কেৰোলাইনাছ (Carolinas), পেনচিলভানিয়া (Penncylvania) আৰু ১৬৮২ চনত ডিলৱাৰ (Delaware)ৰ লগতে ১৭৩২ চনত জর্জিয়া আদি অঞ্চল দখল কৰি নিজৰ ঔপনিৱেশিক সাম্রাজ্য বিস্তাৰ কৰিছিল।

উত্তৰ আমেৰিকাত থকা ইংলেণ্ডৰ অধিকাংশ উপনিৱেশতে বেছিভাগ ইংৰাজৰ বাসিন্দা অছিল আৰু পাছলৈকে কম সংখ্যক ফৰাছী, জার্মান, আইৰীছ, স্কটিছ আদি লোকে তাত বসবাস কৰিবলৈ লৈছিল। আমেৰিকাত থকা ইংলেণ্ডৰ উপনিৱেশসমূহ মূলতঃ কৃষিপ্রধান আছিল আৰু তাত ক্রীতদাসৰ সহায়ত ধান, ধঁপাত আৰু নীলৰ খেতি কৰিছিল। আনহাতে সেই সময়েতে ইংলেণ্ডৰ শিল্প বিপ্লৱ আৰম্ভ হোৱাত তাত উৎপাদিত শিল্পজাত সামগ্রীসমূহ উপনিৱেশবোৰত বাণিজ্যিক পণ্যৰূপে ব্যৱহাৰ কৰি ইংৰাজসকল অধিক লাভবান হৈছিল। ১৭৬৩ চনত ইংলেণ্ডে ফৰাছীসকলৰ হাতৰ পৰা কানাডা দখল কৰি আমেৰিকাত উপনিৱেশৰ সম্প্ৰসাৰণ ঘটাইছিল। ইংলেণ্ড ইউৰোপৰ ভিতৰতে শিল্প আৰু উদ্যোগৰ ক্ষেত্ৰত অতি চহকী আৰু উন্নত দেশৰূপে পৰিগণিত হোৱাত আমেৰিকাৰ বজাৰত ব্ৰিটিছ শিল্পজাত পণ্যৰ আধিপত্য স্থাপিত হৈছিল। এনেদৰে ব্ৰিটিছসকলে আমেৰিকাত তেওঁলোকৰ উপনিৱেশৰ বিকাশ সাধন কৰিছিল। ১৭৭৫-ৰ পৰা ১৭৮৩ চনৰ ভিতৰত আমেৰিকাৰ ১৩ খন ইংৰাজৰ উপনিৱেশে একত্র স্বাধীনতা ঘোষণা কৰি ইংলেণ্ডৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত হৈছিল আৰু তাৰ পাছত ক্রমান্বয়ে ব্ৰিটিছসকলৰ শক্তি হ্রাস পাবলৈ আৰম্ভ কৰিছিল।

প্রশ্ন ৭। ভাৰতবৰ্ষত সাম্রাজ্য স্থাপনৰ ক্ষেত্ৰত ফ্রান্স কিয় বিফল হৈছিল আলোচনা কৰা।

উত্তৰ :- ভাৰতবৰ্ষত সাম্রাজ্য স্থাপনৰ ক্ষেত্ৰত ফ্রান্স বিকল হৈছিল। ইয়াৰ প্ৰধান কাৰণসমূহ হৈছে—বুন্দিৱাছৰ যুদ্ধ, ধর্মীয় সংঘাত, সংঘর্ষ তথা মহাদেশীয় যুদ্ধত ফ্ৰান্সৰ অংশগ্রহণ আৰু বণিক শ্ৰেণীৰ অভাৱ। ১৬৬৪ চনত ফৰাছী ঔপনিৱেশ গঢ়ি তোলা আৰু বাণিজ্যিক সমৃদ্ধিৰ ক্ষেত্ৰখন প্ৰসাৰ কৰাৰ বাবে ফৰাছী ইষ্ট-ইণ্ডিয়া কোম্পানী গঠন হৈছিল।

১৬৭০-৭৩ চনৰ ভিতৰত ফৰাছী ইষ্ট-ইণ্ডিয়া কোম্পানীটোৱে মাদ্রাজৰ ওচৰত ছেইণ্ট থোম (Saint Thom) আৰু পণ্ডিচেৰী দখল কৰিছিল। কোম্পানীয়ে পণ্ডিচেৰীত এটি কোঠ মাৰিছিল আৰু তাক ফ’ট লুই নামে নামাকৰণ কৰিছিল আৰু ভাৰতবৰ্ষত ফৰাছী কলৰ ৰাজধানী পাতিছিল। ইয়াৰ পাছত ফৰাছীসকলে মালৱাৰ উপকূলৰ মাহে (Mahe) আৰু বংগদেশত চন্দননগৰ দখল কৰিছিল আৰু তাত একোটকৈ বাণিজ্যিক ঘাটি স্থাপন কৰিছিল। 

১৭৬০ চনত সংঘটিত হোৱা ৱন্দিৱাছৰ যুদ্ধত ইংৰাজৰ হাতত লালীয়ে পৰাজয় বৰণ কৰিছিল। এই যুদ্ধত ইংৰাজৰ জয় হোৱাত ভাৰতবৰ্ষত ফৰাছী উপনিৱেশৰ সম্প্ৰস ৰণৰ পথ সম্পূৰ্ণৰূপে বন্ধ হৈছিল। কাৰণ ইংৰাজসকলৰ সৈতে ফৰাছীসকলে প্ৰতিযোগিতাত তিষ্ঠিব পৰা নাছিল আৰু সেয়ে ফ্রান্সে ভাৰতবৰ্ষৰ সাম্রাজ্য স্থাপনৰ ক্ষেত্ৰত বিফল হৈছিল। চতুর্দশ লুইৰ শাসনকালত ফ্ৰান্সৰ সেনাবাহিনী বিশাল আৰু পৰাক্ৰমী আছিল যদিও মহাদেশীয় যুদ্ধত লিপ্ত হৈ থকা বাবে ফ্রান্সে উপনিৱেশিক সাম্রাজ্য গঢ়ি তোলাতো কঠিন আছিল। আকৌ ফ্ৰান্সৰ জনসংখ্যা অনুপাতে এক উপযুক্ত বণিক শ্ৰেণীৰ অভাৱ দেখা গৈছিল। সেই সময়ত তুলনামুলকভাৱে আন ঔপনিবেশিক শক্তিৰ দেশ— হলেও, ইংলেণ্ড, পর্তুগাল, স্পেইন আদি দেশবোৰত একোটাকৈ শক্তিশালী বণিক শ্রেণী গঢ়ি উঠিছিল। এই দেশসমূহে নিজ নিজ দেশীয় চৰকাৰৰ পৰা অনুপ্ৰেৰণা আৰু পৃষ্ঠপোষকতা লাভ কৰাৰ বিপৰীতে ফ্ৰান্সৰ বণিকসকলে গৃহ চৰকাৰৰ বিনা অনুমতিত কোনো কাম কৰিব পৰা নাছিল। অর্থাৎ সময়ে সময়ে গঢ়ি উঠা বাণিজ্যিক কোম্পানীসমূহৰ ওপৰত ফ্ৰান্সৰ চৰকাৰৰ অতি কঠোৰ নিয়ন্ত্ৰণ আছিল, যিয়ে ফ্ৰান্সৰ লোকসকলক স্বাধীন কর্মপ্ৰেৰণা আৰু উৎসাহ-উদ্দীপনাৰ ক্ষেত্ৰত ক্ষতি কৰিছিল। ভাৰতবৰ্ষত তথা আন ৰাষ্ট্ৰবোৰত ঔপনিৱেশিক ৰাজ্য বা সাম্রাজ্য স্থাপনৰ বাবে যিখিনি কাম কৰা হৈছিল সিও ফ্ৰান্সৰ গৃহ চৰকাৰৰ সহায়ৰ অভাৱ

তথা অমনোযোগিতাৰ বাবে বিফল হৈছিল। এনেবোৰ বিভিন্ন কাৰণতে ফ্রান্সে ভাৰতবৰ্ষত ঔপনিৱেশিক ৰাজ্য স্থাপনৰ ক্ষেত্ৰত সফল হ’বপৰা নাছিল।

প্রশ্ন ৮। মধ্য আৰু লেটিন আমেৰিকাত আমেৰিকা যুক্তৰাষ্ট্ৰ কেনেকৈ এক ঔপনিবেশিক শক্তিলৈ উন্নীত হৈছিল আলোচনা কৰা।

উত্তৰ :- ১৮৬১–৬৫ চনৰ গৃহযুদ্ধৰ সামৰণিৰ পাছৰে পৰা কেইবছৰ মানৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ প্ৰধান সামৰিক শক্তিত পৰিণত হৈছিল। ১৭৭৫-৮৩ চনৰ সময়ছোৱাত আমেৰিকাৰ ১৩ খন উপনিৱেশ ঔপনিৱেশিক শক্তি ব্ৰিটেইনৰ বিৰুদ্ধে স্বাধীনতা যুদ্ধ কৰি সফল হোৱাৰ পাছৰেপৰা ১৮২০ চনৰ ভিতৰত উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ স্পেইন আৰু পৰ্টুগালৰ অধীনত থকা অধিকাংশ উপনিৱেশই ক্রমান্বয়ে স্বাধীন ৰাষ্ট্ৰৰূপে গঢ়ি উঠিছিল। ঊনবিংশ শতিকাৰ প্ৰথম ভাগৰেপৰা পশ্চিম গোলার্ধত আমেৰিকা যুক্তৰাষ্ট্র ক্রমাগতভাৱে এক বৃহৎ সামৰিক আৰু ৰাজনৈতিক শক্তিৰূপে ওলাই আহে। পূৰ্বৰ ব্রিটিশ উপনিৱেশ আমেৰিকা যুক্তৰাষ্ট্ৰই লাহে লাহে নিজকে ঔপনিৱেশিক আৰু সাম্রাজ্যবাদী ৰাষ্ট্রৰূপে প্রতিষ্ঠা কৰে। আমেৰিকাই যথাক্রমে ১৮০৩ চনত ফ্ৰান্সৰ পবা লুইছিয়ানা, ১৮১৯ চনত স্পেইনৰ পৰা ফ্লৰিডা আৰু ১৮৬৭ চনত ৰাচিয়াৰ পবা আলাস্কা কিনি লৈ নিজ ৰাজ্যৰ পৰিসৰ বৃদ্ধি কৰিছিল। ১৮৪৬ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই ব্ৰিটেইনৰ পৰা আৰিগণ লাভ কৰিছিল। ১৮৪৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই মেক্সিকোৰ বিৰুদ্ধে কৰা সামৰিক অভিযানত জয়লাভ কৰিছিল আৰু ইয়ে আমেৰিকাক পশ্চিমফালে প্রশান্ত মহাসাগৰীয় উপকূল অঞ্চললৈ নিজৰ ৰাজনৈতিক আধিপত্য বিস্তাৰৰ পথ প্রশস্ত কৰিছিল।

১৮২৩ চনত আমেৰিকাৰ প্ৰেচিডেণ্ট জেইম্‌ছ মনৰোৱে (James Monrce) পশ্চিম গোলার্ধত ইউৰোপীয় দেশবোৰক কোনো ধৰণৰ ৰাজনৈতিক হস্তক্ষেপ নকৰিবলৈ সতর্ক কৰি এক নির্দেশনা দিছিল। মনবোৰ এই নিৰ্দেশনাৰ উদ্দেশ্য আছিল মধ্য আৰু লেটিন আমেৰিকাৰ দেশসমূহৰ ওপৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ একক আধিপত্য বিস্তাৰ কৰাৰ হেঁপাহ। আমেৰিকা যুক্তৰাষ্ট্ৰই আলাস্কা ক্ৰয় কৰাৰ পাছত ৰাষ্ট্ৰৰ সম্প্ৰসাৰণবাদী নীতিৰ প্রতি ব্যাপক আকর্ষণ বৃদ্ধি পাইছিল। 

গৃহযুদ্ধৰ হুৰেপৰা আমেৰিকা যুক্তৰাষ্ট্ৰত দ্রুত শিল্পায়ন হৈছিল আৰু ইয়াৰ লগে লগে পুঁজিবাদৰ বিকাশ হৈছিল। গৃহযুদ্ধৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰত হোৱা বিভিন্ন নতুন নতুন বৈজ্ঞানিক আৱিষ্কাৰে দেশখনক এক প্রধান আৰু নেতৃত্বশালী পুঁজিবাদী ৰাষ্ট্ৰত পৰিণত কৰিছিল। এই সকলোবিলাকে আমেৰিকাত দ্রুত শিল্পায়নৰ পথ মুকলি কৰিছিল আৰু বিশ্বৰ অন্যতম বৃহৎ বাণিজ্যিক ৰাষ্ট্ৰৰূপে প্রতিষ্ঠা লাভ কৰিছিল। এনেদ ঊনবিংশ শতিকাৰ শেহৰপৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থান যন্ত্ৰ শিল্পৰ ক্ষেত্ৰত বিশ্বৰ সকলো দেশৰ আগত আছিল। 

একেদৰে খনিজ তেল আৰু গেছৰ ভোগ্য তালিকাৰ ক্ষেত্ৰতো আমেৰিকা যুক্তৰাষ্ট্ৰ সমগ্ৰ বিশ্বৰ ভিতৰতে অগ্ৰৱৰ্তী আছিল। তাৰোপৰি বেংক প্রতিষ্ঠান যোগেদি ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানৰ ক্ষেত্ৰত আমেৰিকাই যথেষ্ট সফলতা অর্জন কৰিছিল। অধিক পৰিমাণৰ বিনিয়োগ কৰিবপৰা পুঁজিৰ জৰিয়তে আমেৰিকা যুক্তৰাষ্ট্ৰই মধ্য আৰু লেটিন আমেৰিকাৰ লগতে পৃথিৱীৰ আন দেশত ৰাজনৈতিক তথা সামৰিক হস্তক্ষেপ কৰিবলৈ সক্ষম হৈছিল। ডলাৰ কূটনীতি (Dollar diplomacy)-ৰ 

সহায়ত কোটি কোটি ডলাৰ ঋণ দিয়া আৰু বিনিয়োগ কৰাৰ মাধ্যমত আমেৰিকা যুক্তৰাষ্ট্ৰই বিভিন্ন দেশৰ মাজত নিজৰ বাজনৈতিক আধিপত্য স্থাপন কৰিছিল।

এনেদবে বৈজ্ঞানিক আৱিষ্কাৰ আৰু অর্থনৈতিক বিকাশৰ ক্ষেত্ৰসমূহে আমেৰিকা যুক্তৰাষ্ট্ৰক অতি সোনকালে এক প্রধান পুঁজিবাদী আৰু সামৰিক ৰাষ্ট্ৰৰূপে স্বীকৃতি দিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই ডলাৰ কূটনীতিৰ জৰিয়তে আলাস্কা ক্ৰয় কৰাব পাছত প্রশান্ত মহাসাগৰীয় অঞ্চলত নিজৰ আধিপত্য বিস্তাৰৰ বাবে এক নিশ্চিত প্ৰক্ৰিয়া আৰম্ভ কৰিছিল আৰু তাৰ দ্বাৰা নিজকে বিশ্বব এক আগশাৰীৰ সাম্রাজ্যবাদী ৰাষ্ট্ৰৰূপে প্রতিষ্ঠা কৰিছিল। ১৮৮৭ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই হাৱাই দ্বীপৰ পাৰ্লহাৰ্বাৰত নৌ-ঘাটি স্থাপনৰ কৰ্তৃত্ব লাভ কৰাৰ পাছত নিজকে প্রশান্ত মহাসাগৰীয় অঞ্চলত এক অপ্রতিহত সাম্রাজ্যবাদী শক্তিৰূপে চিহ্নিত কৰে। এইদৰে মধ্য আৰু লেটিন আমেৰিকাত আমেৰিকা যুক্তৰাষ্ট্ৰ এক শক্তিশালী উপনিৱেশিক ৰাষ্ট্ৰলৈ উন্নীত হৈছিল। 

প্রশ্ন ৯। সুদূৰ প্ৰাচ্যত কেনেকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ এক বৃহ ঔপনিৱেশিক শক্তিৰূপে প্ৰতিভাত হৈছিল আলোচনা কৰা।

উত্তৰ :- শিল্প ৬ দ্যোগত উন্নত হৈ আমেৰিকা যুক্তৰাষ্ট্ৰ পুঁজিবাদী শক্তিলৈ পৰিৱৰ্তিত হৈছিল আৰু ডলাৰ কূটনীতিৰ জৰিয়তে আন আন দেশবোৰত অধিক পৰিমাণৰ অৰ্থ বিনিয়োগ কৰি আমেৰিকাই মধ্য প্রাচ্যৰ দেশসমূহত ৰাজনৈতিক আধিপত্য স্থাপন কৰিছিল। আমেৰিকাত হোৱা বৈজ্ঞানিক আৱিষ্কাৰ আৰু অর্থনৈতিক ক্ষেত্রসমূহ অতি সোনকালে আমেৰিকা যুক্তৰাষ্ট্ৰক এক প্রধান সামৰিক আৰু পুঁজিবাদী ৰাষ্ট্ৰত পৰিণত কৰিছিল। ৰাজ্য সম্প্ৰসাৰণবাদী নীতি গ্রহণ কৰি আমেৰিকাই আলাস্কা ক্ৰয় কৰিছিল আৰু তাৰ পাছত প্ৰশাস্ত মহাসাগৰীয় অঞ্চলত আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ আধিপত্য বিস্তাৰৰ নিশ্চিত প্ৰক্ৰিয়া আৰম্ভ কৰি ভাৰদ্বাৰা নিজকে বিশ্বৰ এক আগশাৰীৰ সাম্রাজ্যবাদী ৰাষ্ট্ৰৰূপে প্ৰতিষ্ঠা কৰিছিল। ১৮৮৭ চনতে আমেৰিকা যুক্তৰাষ্ট্ৰই হাৱাই দ্বীপৰ পার্লহার্বাৰত নৌ-ঘাটি স্থাপন কৰাৰ কৰ্তৃত্ব লাভ কৰা কাৰ্যৰ দ্বাৰা দেশখন প্রশাস্ত মহাসাগৰীয় অঞ্চলত এক অপ্রতিহত সাম্রাজ্যবাদী শক্তিৰূপে প্রতিষ্ঠিত হৈছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ সাম্রাজ্যবাদী স্বাৰ্থৰ প্রতি লক্ষ্য ৰাখি ১৮৯৫ চনত পূৰ্বতে উদ্ভাৱন কৰা মন্‌ৰো নীতিৰ এক নতুন ব্যাখ্যা দাঙি ধৰিছিল। ব্ৰিটেইনৰ সামৰিক হস্তক্ষেপৰ প্ৰতি আশংকা কৰি আমেৰিকা যুক্তৰাষ্ট্ৰই সেই দেশক তেনে কাৰ্যৰপৰা বিৰত থাকিবলৈ সকিয়নি দিছিল আৰু নিজকে সার্বভৌম ক্ষমতাৰ অধিকাৰী বুলি প্ৰতিপন্ন কৰিছিল। এনেদৰে আমেৰিকাই ভেনিজুৱেলাত নিজৰ সাম্রাজ্য স্থাপন কৰিছিল। ১৮৯৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই স্পেইনৰ

বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল আৰু যুক্তৰাষ্ট্ৰৰ নৌ-বাহিনীয়ে মেনিলা উপসাগৰত থকা স্পেইনব যুদ্ধ-জাহাজবোৰ ধ্বংস কৰিছিল। ইয়াৰ পাছতেই অধিক সংখ্যক মার্কিন সৈন্যই ছাণ্টিয়াগো দখল কৰিছিল আৰু স্পেইন অধিকৃত বহুতো অঞ্চল যুক্তৰাষ্ট্ৰৰ অধীনলৈ আনিছিল। স্পেইনৰ বিৰুদ্ধে আমেৰিকাৰ বুদ্ধৰ সময়তেই আমেৰিকা যুক্তৰাষ্ট্ৰই প্রশান্ত মহাসাগৰত স্পেইন অধিকৃত ফিলিপাইন দ্বীপপুঞ্জ (Phillipines) আৰু গোৱাম (Guam) অধিকাৰ কৰিছিল। 

১৮৯৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু স্পেইনৰ মাজত হোৱা শান্তি চুক্তি অনুসৰি স্পেইনে বিশ লাখ ডলাৰৰ বিনিময়ত কিউবাক আমেৰিকাৰ হাতত অৰ্পণ কৰিছিল আৰু পটুবিক’ৰ লগতে প্রশান্ত মহাসাগৰত থকা সমগ্র ফিলিপাইন দ্বীপপুঞ্জ আক গোৱাম আমেৰিকাক এৰি দিছিল। এনেদৰে আমেৰিকা যুক্তৰাষ্ট্ৰই ফিলিপাইন আৰু গোৱাম দখল কৰাৰ পাছৰেপৰা প্রশান্ত মহাসাগৰীয় অঞ্চলত এক বৃহৎ সাম্রাজ্যশালী শক্তিৰূপে পৰিগণিত হৈছিল। স্পেইনৰ বিৰুদ্ধে আমেৰিকাৰ বিজয়ে আমেৰিকা যুক্তৰাষ্ট্ৰক বিশ্বৰ ৰাজনৈতিক মঞ্চত এক উচ্চ আসনত অধিস্থিত কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই কিউবা, পৰ্টুৰিক’, ফিলিপাইনছ আৰু গোৱামত অর্থনৈতিক বিকাশৰ ক্ষেত্ৰত বিপুল পৰিমাণৰ ধন ব্যয় কৰি মার্কিন সাম্রাজ্যবাদৰ স্থিতি টনকিয়াল কৰিছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰই পশ্চিম গোলার্ধৰ বিভিন্ন দেশত ৰাজনৈতিক, সামৰিক হস্তক্ষেপ কৰাৰ নীতি অব্যাহত ৰাখিছিল আৰু ডমিনিয়ান বিপাব্লিকব অর্থনৈতিক ব্যৱস্থাপনাত নিজৰ নিয়ন্ত্রণ স্থাপন কৰি প্ৰায় তিনি দশক ধৰি তাত আধিপত্য বজ্ৰাহ ৰাখিছিল। আকৌ মধ্য আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ দেশসমূহ অর্থনৈতিকভাৱে দুৰ্বল হোৱাত আৰু সেই দেশসমূহত শক্তিশালী চৰকাৰ নথকাত আমেৰিকা যুক্তৰাষ্ট্ৰই সততে সামরিক হস্তক্ষেপ কৰিবলৈ সুবিধা পাইছিল। এনেদৰে শিল্প উদ্যোগৰ জৰিয়তে আমেৰিকা যুক্তৰাষ্ট্ৰ উন্নত পুঁজিবাদী দেশলৈ পৰিণত হৈ ধনবল আৰু উন্নত প্রযুক্তিবিদ্যা তথা বৈজ্ঞানিক আৱিষ্কাৰেৰে সমৃদ্ধ হৈ প্ৰাচ্যৰ দেশসমূহত এক বৃহৎ ঔপনিৱেশিক শক্তিৰূপে বিকশিত হৈছিল।

প্রশ্ন ১০। বিশ্বত সাম্রাজ্যবাদৰ প্রভাব সম্পর্কে চমুকৈ আলোচনা কৰা।

উত্তৰ :- সাম্রাজ্যবাদৰ প্ৰভাৱ বিশ্বৰ বিভিন্ন দেশত কম-বেছি পৰিমাণে পৰিছিল। ষোড়শ শতিকাৰপৰা অষ্টাদশ শতিকাৰ শেষলৈকে এই সময়ছোৱাক সাম্রাজ্যবাদব প্রথম পর্যায় বা স্তব বুলি অভিহিত কৰিব পাৰি। পঞ্চদশ আৰু ষোড়শ শতিকাত ইউৰোপীয় নাৱিকসকলে অতি সাহসিকতাৰে সামুদ্রিক অভিযান চলাই বহুতো নতুন নতুন দেশ, মহাদেশ আব সমুদ্রপথ আৱিষ্কাৰ কৰাৰ লগে লগে এচিয়া, আফ্ৰিকা আৰু আমেৰিকাত সাম্রাজ্যবাদী উপনিবেশ স্থাপন হৈছিল। এই ক্ষেত্ৰত আগভাগ লোৱা ইউৰোপীয় শক্তিকেইটা ‘হৈছে– পৰ্টুগাল, স্পেইন, হলেগু, ইংলেণ্ড আৰু ফ্রান্স। এই সময়ছোৱাত ইউৰোপীয় শক্তিসমূহে নিজ নিজ উপনিৱেশৰ ওপৰত চলোৱা লুণ্ঠন কাৰ্যৰ ফলত উপনিৱেশসমূহৰ পৰা বিশাল পৰিমাণৰ ধন-সোণ আদি ইউৰোপীয় দেশসমূহলৈ প্ৰবাহিত হৈছিল। 

১৮৭০ চনৰপৰা ১৯১৪ চনলৈকে সাম্রাজ্যবাদী যুগটোত সৃষ্টি হোৱা প্রতিদ্বন্দ্বিতাৰ বাবে পূৰ্বৰ কিছুমান সাম্রাজ্যবাদী শক্তিৰ অবনতি ঘটিছিল আৰু কিছুমান নতুন সাম্রাজ্যবাদী শক্তিৰ আৱিৰ্ভাৰ হৈছিল। নতুনকৈ সৃষ্টি হোৱা সাম্রাজ্যবাদী শক্তিসমূহ হৈছে— জার্মানী, ইটালী, বেলজিয়াম, আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান

সাম্ৰাজ্যবাদৰ ফলস্বৰূপে উপনিৱেশিক অঞ্চলসমূহ তুলনামূলকভাৱে পূৰ্বতকৈ অর্থনৈতিকভাৱে দুৰ্বল হৈ পৰিছিল। সাম্রাজ্যবাদী ৰাষ্ট্রসমূহে নিজ নিজ ৰাষ্ট্ৰৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি ঔপনিৱেশিক অঞ্চলটোৰ অৰ্থনীতি নিয়ন্ত্ৰণ কৰিছিল। বর্ণবৈষম্য নীতিত বিস্তৃত সাম্ৰাজ্যবাদৰ আন এক প্রভাৱ আছিল। সাম্রাজ্যবাদ বিস্তাৰৰ সময়ছোৱাত প্ৰতিখন দেশৰে নিজা সভ্যতা আছিল যদিও প্রত্যেকখন সাম্রাজ্যবাদী দেশে নিজকে আনতকৈ অধিক সভ্য আৰু উন্নত বুলি গণ্য কৰিছিল। সাম্ৰাজ্যবাদী ৰাষ্ট্ৰসমূহে শাসক আৰু শাসিতৰ মাজত সদায় এটা পার্থক্য বজাই ৰাখিবলৈ চেষ্টা কৰিছিল। 

সাম্রাজ্যবাদৰ ফলত কিছুমান ৰাষ্ট্ৰত শিল্প উদ্যোগ তথা যোগাযোগ ব্যৱস্থাৰ উন্নয়ন হৈছিল। তাৰোপৰি সাম্রাজ্যবাদী শাসকসকলে তেওঁলোকৰ অধিকৃত দেশক শোষণ কৰাৰ উদ্দেশ্যে একোটা ৰাজনৈতিক আৰু অর্থনৈতিক গোটত পৰিণত কৰাত দেশত জনগণৰ মাজত ঐক্য আৰু জাতীয়তাবোধ গঢ়ি উঠিছিল। সাম্রাজ্যবাদী শক্তিসমুহে নিজ শিল্পজাত সামগ্রী বিক্ৰী আৰু কেঁচামাল আহৰণৰ বাবে স্থাপন কৰা উপনিৱেশবোৰত বিভিন্ন শক্তিৰ মাজত প্ৰৱল প্ৰতিযোগিতা হৈছিল। এই শক্তিসমূহৰ মাজত মাজে সময়ে যুদ্ধ লগাৰ সম্ভাৱনায়ে গা কৰি উঠিছিল।

সাম্রাজ্যবাদৰ বিকাশ আৰু সম্প্ৰসাৰণৰ ফলস্বৰূপে বিশ্বত ৰাজনৈতিক আৰু অর্থনৈতিক ক্ষেত্ৰত সুদূৰপ্ৰসাৰী পৰিৱৰ্তন সাধন হৈছিল। ৰাজনৈতিক পৰিৱৰ্তনে পদানত দেশসমূহত সাম্রাজ্যবাদী শক্তি আধিপত্য স্থাপন কৰিছিল আৰু আভ্যন্তৰীণভাৱে সেই দেশসমূহত পূৰ্বৰে প্ৰচলিত সামন্তবাদী শাসন ব্যৱস্থা আৰু উৎপাদন পদ্ধতি অক্ষুন্ন ৰাখিছিল। নিজ দেশত যি শাসনব্যৱস্থা প্রচলিত আছিল সাম্রাজ্যবাদী শক্তিসমুহে পদানত কৰা দেশবোৰত সেই ধৰণৰ শাসনব্যৱস্থা প্ৰৱৰ্তন কৰা নাছিল। সাম্রাজ্যবাদী দেশসমূহে উপনিৱেশবোৰক কেৱল নিজৰ দেশৰ পণ্যসামগ্ৰীৰ বজাৰ আৰু কেঁচামালৰ যোগান ধৰোঁতা ৰাজ্য ক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। সাম্রাজ্যবাদে বিশ্বত সামগ্রীকভাৱে এক বজাৰ অৰ্থনীতিৰ প্ৰৱৰ্তন কৰিছিল। অর্থাৎ সাম্ৰাজ্যবাদৰ আগমন তথা অগ্ৰগতিৰ লগে লগে বিশ্ব অর্থনীতিত প্ৰথমবাৰৰ বাবে বজাৰ অৰ্থনীতিৰ প্ৰৱৰ্তন কৰিছিল। এনেদৰে সাম্রাজ্যবাদে বিশ্বৰ অর্থনীতিক প্রভাৱিত কৰিছিল।

1 thought on “Class 10 History Elective Chapter 1 ঔপনিৱেশিকতা আৰু সাম্রাজ্যবাদৰ বিকাশ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top