অসমীয়া ভাষা আৰু লিপি Unit 1 অসমৰ ভাষাসমূহৰ সাধাৰণ পৰিচয়

অসমীয়া ভাষা আৰু লিপি Unit 1 অসমৰ ভাষাসমূহৰ সাধাৰণ পৰিচয়, College and University Answer Bank for BA, and Post Graduate Notes and Guide Available here, অসমীয়া ভাষা আৰু লিপি Unit 1 অসমৰ ভাষাসমূহৰ সাধাৰণ পৰিচয় Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. অসমীয়া ভাষা আৰু লিপি Unit 1 অসমৰ ভাষাসমূহৰ সাধাৰণ পৰিচয় Question Answer can be of great value to excel in the examination.

অসমীয়া ভাষা আৰু লিপি Unit 1 অসমৰ ভাষাসমূহৰ সাধাৰণ পৰিচয়

Join Telegram channel

অসমীয়া ভাষা আৰু লিপি Unit 1 অসমৰ ভাষাসমূহৰ সাধাৰণ পৰিচয় Notes cover all the exercise questions in UGC Syllabus. অসমীয়া ভাষা আৰু লিপি Unit 1 অসমৰ ভাষাসমূহৰ সাধাৰণ পৰিচয় The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

অসমৰ ভাষাসমূহৰ সাধাৰণ পৰিচয়

অসমীয়া ভাষা আৰু লিপি

অতি চমু প্রশ্নোত্তৰঃ

১। কামৰূপ, কামাখ্যা প্রভৃতি ঠাইৰ নামসমূহ কোনটো ভাষাগোষ্ঠীৰ পৰা অহা বুলি কোৱা হৈছে? 

উত্তৰঃ অষ্ট্ৰিক।

২। আই, আমি, চিনা, তেঁউৰ, হোপ প্রকৃতি শব্দবোৰ কোন ভাষাগোষ্ঠীৰ পৰা আহি অসমীয়া ভাষাত প্ৰৱেশ কৰিছে? 

উত্তৰঃ দ্ৰাবিড়।

৩। অসমত থকা আর্যভিন্ন ভাষিক জনগোষ্ঠীসমূহ কি কি? 

উত্তৰঃ অসমত থকা আর্যভিন্ন ভাষিক জনগোষ্ঠীসমূহ হ’ল – 

(ক) অষ্ট্ৰিক ভাষাগোষ্ঠী।

(খ) চীন তিব্বতীয় ভাষাগোষ্ঠী।

(গ) দ্রাবিড় ভাষা গোষ্ঠী।

৪। কামাখ্যা, কামৰূপ, হাৰূপেশ্বৰ আদি মূলতে কোন ভাষাৰ পৰা অহা শব্দ? 

উত্তৰঃ কামাখ্যা, কামৰূপ, হাৰূপেশ্বৰ আদি মূলতে অষ্ট্ৰিক ভাষাৰ পৰা অহা বুলি অনুমান কৰা হয়।

৫। অসমীয়া ভাষাত আৰ্যভিন্ন উপাদান সম্পর্কে বাণীকান্ত কাকতিৰ মন্তব্যটো কি? 

উত্তৰঃ ড° বাণীকান্ত কাকতিয়ে কৈছে যে “অসমীয়া ভাষাটো বিভিন্ন অনাআর্য ভাষাৰ সাগৰৰ মাজত এটা সৰু দ্বীপৰ নিচিনা”।

৬। অসমত থকা আর্যভিন্ন ভাষিক জনগোষ্ঠীসমূহক কি কি ভাষাগোষ্ঠীত ভগাব পাৰি? 

উত্তৰঃ অসমত থকা আর্যভিন্ন ভাষিক জনগোষ্ঠীসমূহক তিনিটা ভাষাগোষ্ঠীত ভগাব পাৰি। সেইবোৰ হ’ল – 

(ক) অষ্ট্রিক ভাষা।

(খ) চীন তিব্বতীয় ভাষাগোষ্ঠী।

(গ) দ্রাবিড় ভাষাগোষ্ঠী।

৭। অষ্ট্রিক ভাষাগোষ্ঠীসমূহক কেইটা আৰু কি কি ভাগত ভগাব পাৰি? 

উত্তৰঃ অষ্ট্ৰিক ভাষাগোষ্ঠীসমূহক দুটা ভাগত ভগাব পাৰি— 

(ক) অষ্ট্ৰ এছীয়।

(খ) অষ্ট্ৰনেছীয়।

৮। ‘অন্য অনার্য ভাষাৰ প্ৰভাৱতকৈ অসমীয়াত কোলাৰীয় ভাষাবোৰৰ প্ৰভাৱ বেছি গভীৰ ফলকাৰক যেন লাগে’ বুলি কোনে ক’ত কৈছে? 

উত্তৰঃ ড° বাণীকান্ত কাকতিয়ে ‘Assamese: Its Formation and Development’ গ্ৰন্থত কৈছে।

৯। অসমীয়া ভাষাৰ মহাপ্ৰাণীভৱনৰ বৈশিষ্ট্যটো কোন ভাষাৰ পৰা আহিছে বুলি কোৱা হৈছে? 

উত্তৰঃ তিব্বতবর্মী বড়ো ভাষাৰ পৰা ৷

১০। ড° বাণীকান্ত কাকতিৰ গৱেষণা গ্ৰন্থখনৰ নাম কি? 

উত্তৰঃ Assamese : Its formation and Development.

১১। ড° কাকতিয়ে অসমীয়া ভাষাৰ মহাপ্ৰাণীভৱনত কোন ভাষাৰ প্ৰভাৱ স্বীকাৰ কৰিছে? 

উত্তৰঃ বড়ো ভাষাৰ।

১২। তিব্বতবর্মী শাখাৰ উপশাখা কেইটা আৰু কি কি?

উত্তৰঃ চাৰিটা – হিমালয়ী, অসমবৰ্মী, উত্তৰ অসম আৰু তিব্বতী।

১৩। মেইথে কোন অঞ্চলৰ ভাষা?

উত্তৰঃ মণিপুৰৰ।

১৪। নাগালেণ্ড কি অঞ্চল?

উত্তৰঃ পৰ্বতীয়া অঞ্চল।

১৫। চট্টগ্রাম আৰু অসমৰ কাছাৰ জিলাত প্রচলিত ভাষাবিধ কি? 

উত্তৰঃ টিপ্পা ভাষা।

১৬। ড° বাণীকান্ত কাকতিয়ে অসম শব্দটোৰ মূল কি বুলিছে? 

উত্তৰঃ টাই ভাষাৰ ‘শ্বাম’ ধাতু বুলি কৈছে।

১৭। তিব্বতবর্মী ভাষাগোষ্ঠীৰ প্ৰাচীন বাসভূমি কি? 

উত্তৰঃ উত্তৰ-পশ্চিম চীনৰ ইয়াংচিকিয়াং আৰু হোৱাংহো নদীৰ উৎপত্তিস্থল।

১৮। অসমত প্রচলিত তিব্বতবৰ্মী শাখাৰ ভাষাসমূহ উল্লেখ কৰা। 

উত্তৰঃ বড়ো, কাৰ্বি, ডিমাছা, ৰাভা, তিৱা, মিচিং, দেউৰী আদি।

১৯। কুকি-চীন কোন ভাষাগোষ্ঠীৰ অন্তৰ্গত? 

উত্তৰঃ অসমবৰ্মী উপশাখাৰ অন্তৰ্গত।

২০। আংগামী, চেমা, ৰোংমা, ৱাঞ্চু আদি ভাষাসমূহ কোন ভাষাৰ অন্তৰ্গত? 

উত্তৰঃ নগা ভাষাৰ।

২১ ৷ উত্তৰ অসম উপশাখাৰ ভাষাসমূহ উল্লেখ কৰা। 

উত্তৰঃ হ্রাছো, নিচি, আদি, মিচিং, ইদু ইত্যাদি।

২২। অসমীয়া ভাষা ভাৰতৰ কোন অংশত প্রচলিত? 

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যত প্ৰচলিত।

২৩। অসমীয়া ভাষাটো সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি স্বীকৃতি লাভ কৰিছে? 

উত্তৰঃ সংবিধানৰ অষ্টম অনুচ্ছেদ অনুসৰি স্বীকৃতি লাভ কৰিছে।

২৪। ‘Assamese: it’s Formation and development’ – গ্ৰন্থৰ ৰচক কোন? 

উত্তৰঃ ড° বাণীকান্ত কাকতি।

২৫। ভাষাগত দৃষ্টিকোণৰ পৰা অসমত কেইটা ভাষাগোষ্ঠীৰ ভাষা প্রচলন থকাৰ কথা ক’ব পাৰি আৰু কি কি? 

উত্তৰঃ চাৰিটা। ভাষাকেইটা ক্ৰমে— ইণ্ডো-ইউৰোপীয়, চীন-তিব্বতীয়, অষ্ট্ৰিক আৰু দ্ৰাবিড়।

২৬। অসমীয়া ভাষাৰ মূল কি?

উত্তৰঃ প্রাচ্যমাগধী।

২৭। অসমীয়া ভাষা ইণ্ডো-ইউৰোপীয় ভাষাগোষ্ঠীৰ কোন শাখা, উপশাখাৰ অন্তৰ্গত? 

উত্তৰঃ ইণ্ডো-ইৰাণীয় শাখাৰ আৰ্য উপশাখাৰ অন্তৰ্গত।

২৮। আৰ্য শাখাৰ পৰা কোনবোৰ ভাষা নিৰ্গত হৈছে? 

উত্তৰঃ সংস্কৃত আৰু সংস্কৃতৰ পৰা উদ্ভৱ হোৱা ভাষাসমূহ।

২৯৷ প্ৰাচীন ভাৰতীয় আর্যভাষা বুলিলে কোন দুটা ভাষাক বুজায়? 

উত্তৰঃ বৈদিক আৰু সংস্কৃত ৷

৩০। আৰ্য শাখাৰ প্ৰাচীনতম নিদর্শন কি? 

উত্তৰঃ বৈদিক সাহিত্য।

৩১। বৈদিক যুগৰ বৈদিক সাহিত্যৰ ভাষাৰ উপৰিও মানুহৰ মুখত প্ৰচলিত কথিত ভাষাটোক ব্যাকৰণৰ সূতাৰে কোনে গাঁথিছিল? 

উত্তৰঃ খ্ৰীষ্টপূর্ব পঞ্চম শতিকাত বৈয়াকৰণিক পাণিনিয়ে। তেওঁ কথিত ভাষাটো ব্যাকৰণত ` খটুৱাই ‘সংস্কৃত’ নামেৰে নামকৰণ কৰিছিল।

৩২। ভাৰতীয় আর্যভাষাৰ বুৰঞ্জীক কেইটা ভাগত ভাগ কৰা হৈছে? 

উত্তৰঃ তিনিটা –

(ক) প্রাচীন ভাৰতীয় আর্যভাষা।

(খ) মধ্য ভাৰতীয় আর্যভাষা।

(গ) নব্য ভাৰতীয় আর্যভাষা।

৩৩। অসমীয়া আৰু অসমৰ ভাষা’— গ্ৰন্থখনৰ লেখক কোন? 

উত্তৰঃ বিশ্বজিৎ দাস।

৩৪ ৷ অসমৰ ভাষা পৰিচয়’— ভাষাবিষয়ক গ্ৰন্থখনৰ ৰচক কোন? 

উত্তৰঃ প্ৰমোদ চন্দ্ৰ ভট্টাচার্য।

৩৫। প্রাচীন ভাৰতীয় আর্য ভাষাৰ সময়সীমা কিমান? 

উত্তৰঃ খ্ৰীষ্টপূৰ্ব দ্বাদশ শতিকাৰ পৰা খ্ৰীষ্টপূর্ব ষষ্ঠ শতিকালৈ।

৩৬। মধ্য ভাৰতীয় আর্য ভাষাৰ সময় সীমা কিমান? 

উত্তৰঃ খ্ৰীষ্টপূর্ব ষষ্ঠ শতিকাৰ পৰা দশম শতিকা পর্যন্ত।

৩৭। নব্য ভাৰতীয় আর্য ভাষাৰ সময় সীমা কিমান? 

উত্তৰঃ খ্ৰীষ্টীয় দশম শতিকাৰ পৰা।

৩৮। মধ্য ভাৰতীয় আর্য ভাষাৰ সাহিত্যৰ প্ৰথম চানেকি কি? 

উত্তৰঃ পালি ভাষা।

৩৯। “ তেওঁলোকৰ (কামৰূপৰ মানুহৰ) ভাষা মধ্য ভাৰতৰ ভাষাতকৈ অলপ বেলেগ”। কাৰ উক্তি?

উত্তৰঃ হিউৱেন চাঙৰ (চীনা পৰিব্ৰাজক)।

৪০। অসমীয়া ভাষাটো মূলতঃ কেইটা প্ৰৱাহৰ সমষ্টি?

উত্তৰঃ দুটা।

৪১। ‘আন-অনার্য ভাষাৰূপ এটিৰ ওপৰত সংস্কৃতৰ গাঁথনি আদি দি ইয়াক জন্ম দিয়া হৈছে। সেই কথা খাটাংকৈ একো ক’ব নোৱাসি; সম্ভৱতঃ দ্বিতীয় মন্তব্যটোহে শুদ্ধ’। এই মন্তব্যটো কাৰ?

উত্তৰঃ ডঃ নাথান ব্রাউন।

৪২। ভাৰতলৈ অহা শেষ নৃ-গোষ্ঠীটো কি? 

উত্তৰঃ নাৰ্ডিক নৃগোষ্ঠী।

৪৩৷ কৃষি পদ্ধতিৰ আৱিষ্কাৰক কোন? 

উত্তৰঃ বড়োসকল।

৪৪। অসমত গ্ৰাম্য সংস্কৃতিৰ প্ৰতিষ্ঠা কোনে কৰে? 

উত্তৰঃ অষ্ট্ৰিকসকলে।

৪৫। উত্তৰ-পূবৰ জনজাতীয় তিব্বতবর্মীয় ভাষাসমূহৰ একমাত্ৰ কোনটো ভাষাৰ নিজস্ব লিপি আছে?

উত্তৰঃ মেইটেই বা মণিপুৰী ভাষাৰ ৷

৪৬। খাছীসকল মঙ্গোলীয় হয়নে? 

উত্তৰঃ হয়।

৪৭। অষ্ট্ৰিক ভাষা পৰিয়ালৰ অন্তৰ্গত, মোনখেমৰ শাখাৰ সম্পর্কিত মেঘালয়ৰ ভাষা বিধৰ নাম কি? 

উত্তৰঃ খাছী।

৪৮। মধ্য ভাৰতীয় আর্য স্তৰৰ কোনটো প্ৰকাৰৰ পৰা অসমীয়া, বঙলা, ওড়িয়া আদি পূৰ্ব ভাৰতৰ ভাষাসমূহৰ উদ্ভৱ হৈছিল? 

উত্তৰঃ মাগধী অপভ্রংশৰ পৰা।

৪৯। ব্ৰহ্মপুত্ৰ উপত্যকালৈ প্ৰথমে প্ৰব্ৰজন কৰা বুলি অনুমান কৰা জনগোষ্ঠী কোনটো? 

উত্তৰঃ আলপাইন ৷

৫০। ভীমকান্ত বৰুৱাৰ ‘অসমৰ ভাষা’ নামৰ গ্ৰন্থখন কোন চনত প্ৰকাশ পাইছিল? 

উত্তৰঃ ১৯৯০ চনত।

৫১ ৷ ‘খাছী’ ভাষাৰ মূল উৎস কি? 

উত্তৰঃ অষ্ট্ৰিক।

৫২। অসমীয়া ভাষাত মিছিং, দেউৰী আৰু নগা ভাষাৰ প্ৰভাৱ থকাৰ কথা কোন কেইগৰাকী গৱেষকে কৈছে? 

উত্তৰঃ নগেন ঠাকুৰ, ভীমকান্ত বৰুৱা আৰু নাহেন্দ্ৰ পাদুন।

৫৩। শ্রীকৃষ্ণ কীর্তনখন কোনে সম্পাদনা কৰিছিল?

উত্তৰঃ বসন্ত ৰঞ্জন ৰায়ে ৷

৫৪। চর্যাপদবোৰ কি পন্থাৰ গীত?

উত্তৰঃ বৌদ্ধ সহজযান পন্থাৰ ধৰ্ম সাধনৰ গীত।

৫৫। অসমীয়া ভাষাৰ উপৰি আন কি কি ভাষাৰ লোকে চৰ্যাপদক সেই ভাষাৰ প্ৰাচীনতম নিদৰ্শন বুলি দাবী কৰে?

উত্তৰঃ বঙলা, উড়িয়া, মৈথিলী আৰু নেপালী।

৫৬৷ শ্ৰীকৃষ্ণ কীৰ্তনৰ ৰচক কোন? 

উত্তৰঃ বড়ু চণ্ডীদাস।

৫৭৷ ৰাধাকৃষ্ণৰ লীলা বর্ণিত গ্ৰন্থখন্‌ কি? 

উত্তৰঃ শ্রীকৃষ্ণ কীর্তন।

৫৮। বড়চণ্ডী দাসৰ ‘বড়’ শব্দটো অসমীয়া ‘বৰুৱা’ শব্দৰেই ৰূপান্তৰ বুলি কোনে মন্তব্য কৰিছে?

উত্তৰঃ সত্যেন্দ্ৰনাথ শৰ্মা।

৫৯ ৷ ‘শ্রীকৃষ্ণ কীর্তন’ কিমান শতিকাত ৰচিত? 

উত্তৰঃ চতুর্দশ শতিকাত।

৬০। শূন্য পুৰাণ’ৰ ৰচক কোন?

উত্তৰঃ ৰামাই পণ্ডিত।

৬১।’প্ৰত্ন-অসমীয়া ভাষাৰ ৰূপতাত্ত্বিক বিশ্লেষণ’ কাৰ ৰচনা? 

উত্তৰঃ উপেন্দ্ৰনাথ গোস্বামী।

৬২। সন্ধ্যাৰ আধা আলো আধা ছায়াৰ কোনটো ঘনতাই আৱৰি থকা গীত বুলিলে কোনখন পুথিক বুজা যায়?

উত্তৰঃ চৰ্যাপদক।

৬৩। “মগধৰ পৰা মাগধী প্রাকৃতে তিনি দিশলৈ গতি কৰিছে। দক্ষিণৰ পিনে ই উড়িয়া ভাষাত পৰিণত হৈছে। দক্ষিণ-পূবৰ পিনে ই প্ৰথমতে পশ্চিমে আৰু পিছত পূর্ব বঙলা আৰু পূবৰ পিনে প্ৰথমতে উত্তৰ বঙলা আৰু পিছত অসমীয়াৰ ৰূপ লৈছে”। কথাষাৰ কাৰ উক্তি? 

উত্তৰঃ গ্ৰিয়াৰ্ছনৰ।

চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

১। ” ড° বাণীকান্ত কাকতিদেৱে অসমীয়া ভাষাটোৰ উদ্ভৱ সম্পৰ্কত কি মন্তব্য কৰিছে লিখা?

উত্তৰঃ অসমীয়া ভাষাটোক সচৰাচৰ মাগধী অপভ্রংশৰ পৰা উদ্ভৱ হোৱা বুলি কৈ অহা হৈছে। ড° বাণীকান্ত কাকতিয়ে লিখিছে— “অসমীয়া ভাষাটো বঙলা ভাষাৰ পৰা ওলোৱা নাই, নাইবা ই বঙলা ভাষাৰ এটা মৃত্যুমুখী উপভাষাও নহয়। অসমীয়া ভাষাটো বঙলাৰ সৈতে সম্পৰ্ক থকা এটা সুকীয়া ভাষা। বঙলা আৰু অসমীয়া দুয়োটা ভাষাই এক মান্য মাগধী অপভ্রংশৰ উপভাষা।”

২। অসমীয়া জাতি কেনেদৰে গঢ় লৈ উঠিছে? 

উত্তৰঃ অষ্ট্ৰিক, মংগোলীয়, নৰ্ডিক আৰু দ্ৰাবিড় প্রভৃতি নৃ-গোষ্ঠীৰ সমন্বয় আৰু সমাহৰণৰ যোগেদি বৃহত্তৰ অসমীয়া জাতিয়ে বৈচিত্র্যপূৰ্ণ ৰূপত গঢ় লৈ উঠিছে।

৩। ড° বাণীকান্ত কাকতিয়ে তিব্বতবর্মী ভাষাৰ কি কি ৰূপগত উপাদান অসমীয়া ভাষাত সোমাই আছে বুলি সন্দেহ প্ৰকাশ কৰিছে? চমুকৈ লিখা। 

উত্তৰঃ ড° বাণীকান্ত কাকতিয়ে তিব্বতবৰ্মী ভাষাৰ বহুতো ৰূপগত উপাদান অসমীয়া ভাষাত সোমাই আছে বুলি সন্দেহ প্ৰকাশ কৰিছে।

তাৰে কেতবোৰ হ’ল—

(ক) অসমীয়া ভাষাৰ যৌগিক ক্ৰিয়াৰূপ কিছুমান বড়ো ভাষাৰ পৰা আহিছে। যেনে— খামবান্ধ, গবামাৰ, বিৰ দি, থলামুৰি মাৰ ইত্যাদি।

(খ) কিছুমান ক্ৰিয়াৰ ধাতুৰূপ বড়োমূলীয়৷ যেনে— চেলেক্‌, জিৰা, আগ্‌চ, গচক, ঢেঁকুৰ, ভেঁকুৰ, বখলিয়া, গোৰা ইত্যাদি ।

(গ) অসমীয়া ভাষাত ব্যৱহৃত গঠনমূলক প্ৰত্যয়- মা আৰু-চা বড়োমূলৰ পৰা আহিছে। যেনে—লোধোমা, লুৰুমা, ধেপেচা ইত্যাদি।

৪। অসমীয়া ভাষালৈ তিব্বতবর্মীয় ভাষাৰ অৱদান সম্পর্কে আলোচনা আগবঢ়োৱা। 

উত্তৰঃ চীন তিব্বতীয় ভাষাগোষ্ঠীৰ অন্তৰ্গত তিব্বতবৰ্মীয় শাখাৰ লোকসকলে অসমীয়া ভাষা-ভাষী লোকসকলৰ মাজত সামাজিক, অর্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক দিশত অতীতৰে পৰা এটা নিবিড় সম্পৰ্ক ৰক্ষা কৰি আহিছে। দক্ষিণ এছিয়াত প্রচলিত অসংখ্য ভাষাৰ ভিতৰত এই পৰিয়ালৰ ভাষা আটাইতকৈ বেছি। এই ভাষা পৰিয়ালৰ লোকসক্লৰ প্রাচীন বাসভূমি আছিল উত্তৰ-পশ্চিম চীনৰ ইয়াংচিকিয়াং আৰু হোৱাংহো নদীৰ উৎপত্তিস্থল। তাৰ পৰাই কালক্ৰমত বিভাজিত হৈ মেকং, মৈনাম, ইৰাৱতী, ছিন্দুইন, ব্ৰহ্মপুত্ৰৰ গতি অনুসৰণ কৰি শ্যাম দেশ, ব্ৰহ্মদেশ আৰু ভাৰতত বিয়পি পৰে।

অসমত প্রচলিত তিব্বতবৰ্মী শাখাৰে ভাষাবোৰ হ’ল— বড়ো, কাৰ্বি, ডিমাছা, ৰাভা, তিৱা, মিচিং, দেউৰী আদি ৷ ইয়াৰ উপৰি অসমত ভালেমান নগা গাঁও আছে য’ত নগাভাষী লোকে বাস কৰি আছে ৷ তিব্বতবৰ্মী শাখা চাৰিটা উপশাখাত বিভক্ত— হিমালয়ী, অসমবৰ্মী, উত্তৰ অসম আৰু তিব্বতী

হিমালয়ীঃ হিমালয়ী উপশাখাৰ অন্তৰ্গত ভাষাসমূহ হ’ল— লেপ্‌চা, পাহাৰী, নেৱাৰী, লিম্বু। এই ভাষাসমূহ নেপাল, ভূটান, চিকিম, উত্তৰ প্ৰদেশ আৰু হিমাচল প্ৰদেশৰ কিছু অঞ্চলত প্রচলিত।

অসমর্মীঃ অসমবর্মী উপশাখাৰ অন্তৰ্গত ভাষাসমূহক বড়ো, নগা, কুকি-চীন আৰু বৰ্মী এইকেইটা ভাগত ভাগ কৰিব পাৰি। ইয়াৰে বড়ো শাখাৰ আকৌ কেইবাটাও ভাষা পোৱা যায়৷ যেনে— গাৰো, ৰাভা, ত্ৰিপুৰী, লালুং, ডিমাছা, দেউৰী, চুতীয়া, কছাৰী।

উত্তৰ অসমঃ হ্ৰাছো, নিচি, আদি, মিছিং, ইদু ইত্যাদি ভাষা এই শাখাৰ অন্তৰ্গত। এই ভাষাসমূহৰ অসম আৰু ঘাইকৈ অৰুণাচলত প্ৰচলন আছে।

তিব্বতীঃ তিব্বতী, লাডাখী, বাল্টী ইত্যাদি ভাষা কেতবোৰ এই শাখাৰ অন্তৰ্গত। তিব্বতী উপশাখাৰ ভাষাসমূহত তিব্বত আৰু ভাৰতৰ পশ্চিম-হিমালয় অঞ্চলত প্ৰচলিত।

অসমীয়া ভাষাৰ লিখিত ৰূপত ব্যৱহৃত চ, ছ, জ, ঝ, ৰ, ঢ়, ড় আখৰসমূহৰ উচ্চাৰণ সংস্কৃতৰ দৰে ৰক্ষিত হোৱা নাই। চ, ছ, জ, ঝ, ৰ, ঢ় বৰ্ণসমূহৰ সৰলীকৃত উচ্চাৰণ বা পৃথক পৃথক উচ্চাৰণ অসমীয়াত হ্ৰাস পোৱাটো তিব্বতবর্মী ভাষাৰ প্ৰভাৱ বুলি অনুমান কৰা হৈছে। শ, স, ষ আদি সংস্কৃত উষ্ম ধ্বনিসমূহে অসমীয়া ভাষাত নিজস্ব ধ্বনিৰূপ হেৰুৱাইছে।

এই ধ্বনিৰূপ কেইটাই পশ্চ-তালব্য উষ্মধ্বনি ‘স’ৰূপে ব্যৱহৃত হৈছে। তদ্ভৱ শব্দৰ আদ্য অৱস্থানৰ বাহিৰে মধ্য আৰু অন্ত্য অৱস্থানত শ, ষ, স এই ধ্বনিকেইটা ‘হ’ লৈ পৰিৱৰ্তন হৈছে। উদাহৰণস্বৰূপে—

কলস > কলহ।

 বিশ > বিহ আদি।

ড° সুনীতি কুমাৰ চেটাৰ্জীয়ে এনে হোৱাৰ মূলতেই তিব্বতবর্মীয় প্ৰভাৱ বুলি ভাৱে। কিন্তু মূল তিব্বতবর্মী ভাষাবোৰত মধ্য আৰু অন্ত্য অৱস্থানত ‘ই’ৰ ব্যৱহাৰ বিৰল। তিব্বতবর্মী ভাষাৰ অন্তৰ্গত আন এটা ভাষা হ’ল ডিমাছা। এই ডিমাছাৰ আঞ্চলিক ৰূপ হ’ল দিজুৱাচা, দেম্ৰাচা, হৱাৰচা ইত্যাদি। ডিমাছা ভাষা আৰু অসমীয়া ভাষাৰ শব্দৰ মাজত সাদৃশ্য পৰিলক্ষিত হয়।

সেইবোৰ হ’ল—

(ক) গছ-গছনিৰ নামঃ

অসমীয়াডিমাছা
সিজুচি-গুজূ
ৰবাববেৰা
লফালাংফাই

(খ) মাছ মৰা সঁজুলি আৰু মাছঃ

অসমীয়াডিমাছা
জাকৈজেখাই
চেপাচেফা
প’লপল
নৰানাৰাউ

(গ) অন্যান্যঃ

অসমীয়াডিমাছা
জালিজালাই কোমোৰা
খামিখামাউ-খাজি-ডাঁঠ
জোংজোং ইত্যাদি

অসমীয়া ভাষাত ব্যৱহাৰ হোৱা কেতবোৰ স্থানবাচক শব্দ আৰু নদীবাচক শব্দ মিছিং ভাষাৰ পৰা আহিছে।

অসমীয়ামিছিং
বোকাবুকাদ
উৰুকাউৰুকা
পেঁপাপেম্পা
টোকাৰীতুকাৰি

চি ৰে আৰম্ভ হোৱা নদীৰ নাম কিছুমান মিছিং ভাষাৰ বুলি ধৰা হৈছে। মিছিং ভাষাত ‘চি’ মানে পানী । অসমীয়া ভাষাত জেং, জাবৰ, থেকেৰা আদি শব্দৰ সৈতে গাৰো ভাষাৰ জেংজাবোল, থেকেনা ইত্যাদি শব্দৰ সাদৃশ্য আছে। এনেদৰে তিৱা, দেউৰী, চুতীয়া প্ৰভৃতি ভাষাৰ পৰাও বহুতো শব্দ আহি অসমীয়া ভাষাত প্ৰৱেশ কৰিছে আৰু অসমীয়া ভাষা চহকী কৰিছে।

৫। অসমীয়া ভাষাত থকা বড়ো ভাষাৰ উপাদানবোৰ সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰা। 

উত্তৰঃ বড়ো হ’ল অসমত প্রচলিত তিব্বতবর্মী শাখাৰ ভাষা। অসমবৰ্মীৰ উপশাখা হ’ল বড়ো। এই বড়ো শাখাৰ আকৌ কেইবাটাও ভাষা পোৱা যায়৷ যেনে— গাৰো, ৰাভা, ত্ৰিপুৰী, লালুং, ডিমাছা, দেউৰী, চুতীয়া, কছাৰী (বড়ো কছাৰী)। আংগামী, চেমা, ৰেংমা, আও, মাও, টাংচা, ৱাঞ্চু, নক্টে প্রভৃতি ভাষাসমূহ নগা ভাষাৰ অন্তৰ্গত।

অসমীয়া ভাষাত আদি আৰু মধ্যৱৰ্তী স্থানত অল্পপ্রাণ বৰ্ণ মহাপ্রাণ বৰ্ণলৈ পৰিৱৰ্তন হৈছে। অসমীয়া ভাষাৰ এই মহাপ্রাণীভৱনৰ বৈশিষ্ট্যটো তিব্বতবৰ্মীৰ বড়ো ভাষাৰ প্ৰভাৱত হোৱা বুলি ড° গ্ৰীয়াৰ্ছনে মত প্ৰকাশ কৰিছে। ড° বাণীকান্ত কাকতিয়েও অসমীয়া ভাষাৰ মহাপ্রাণীভৱনত বড়ো ভাষাৰ প্ৰভাৱ স্বীকাৰ কৰিছে। যেনে—

বড়োঅসমীয়া
থালুতালু
খামাইকমা
খাম্‌ৰিকামোৰণি
থোথিঠোঁট

অসমীয়া ভাষাৰ যৌগিক ক্ৰিয়াৰূপ কিছুমান বড়ো ভাষাৰ পৰা আহিছে। যেনে— খাম বান্ধ, বিৰ দি, গবমাৰ ইত্যাদি। কিছুমান ক্ৰিয়াৰ ধাতু ৰূপ বড়োমূলীয়৷ যেনে— চেলেক্‌, জিৰা, আগ্‌চ, ঢেঁকুৰ, ভেঁকুৰ, বখলিয়া, গোৰা ইত্যাদি। অসমীয়া ভাষাত ব্যৱহৃত গঠনমূলক প্রত্যয়মা আৰু –চা বড়োমূলৰ পৰা আহিছে। যেনে— লোধোমা, ধেপেচা ইত্যাদি। বড়ো প্রত্যয় মা আৰু ই যথাক্রমে ডাঙৰ আৰু সৰু বুজায়। যেনে—

ৰুং – ৰুংমা (ডাঙৰ নাও)

ৰুংচা (সৰু নাও)।

তিব্বতবৰ্মী ভাষাৰ অন্তৰ্গত বড়ো ভাষাৰ শব্দগত উপাদান অসমীয়া ভাষাত অধিকভাৱে লক্ষ্য কৰা যায়। ড° বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাত থকা বহুতো ‘বড়োমূলীয় শব্দৰ নাম উল্লেখ কৰিছে।

শব্দঅর্থ
হাবাংঅজলা
হামাহিসোৰোপালি
জখলাজখলা
হোজাসহজ সৰল

এনেদৰে বড়ো মূলৰ ঠাইৰ নাম কিছুমানো ড° বাণীকান্ত কাকতিয়ে উল্লেখ কৰিছে। যেনে— হাজো, দিছপুৰ, হাকামা।

৬। অসমীয়া ভাষাত আহোম ভাষাৰ উপাদানসমূহ দেখুৱাই এখন ৰচনা লিখা। 

উত্তৰঃ শ্যাম-চীনীয়ৰ এটা প্ৰধান শাখা হ’ল টাই বা থাই। টাইসকলৰ আদি বাসস্থান চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চল। তাৰে পৰা তেওঁলোক ব্ৰহ্মদেশ, শ্যাম আৰু ভাৰতবৰ্ষত বিয়পি পৰে। ভাৰতবৰ্ষৰ উত্তৰ-পূব কোণেদি আহি টাই ফৈদৰ লোকসকলে অসমত থিতাপি লয়হি। অসমলৈ আহি থলুৱা নামেৰে পৰিচিত হোৱা টাই-গোষ্ঠীৰ ফৈদকেইটা হ’ল—টাই আহোম, টাই খামতি, টাই ফাকে, টাই আইতন, টাই খাময়াং আৰু টাই তুৰুং। কোনো কোনো আহোম ভাষাক মাতৃভাষা বুলিলেও আহোম বুলি কোনো ভাষা নাছিল। ইটাইসকলৰ শাসক গোষ্ঠীৰ এটা ঠালৰ থলুৱা নামহে । টাই আহোম ভাষা গোষ্ঠীয়ে অসমৰ থলুৱা ভাষা সংস্কৃতি গ্রহণ কৰি লোৱাৰ ফলত টাই আহোম ভাষাৰ প্ৰসাৰ নহ’ল। বৰং অসমীয়া ভাষাত টাই আহোম ভাষাৰ কিছুমান উপাদান সোমাই পৰিল। আহোম ভাষা এসময়ত উজনি অসমৰ কথিত ভাষা আছিল। 

টাই আহোম ভাষাৰ ভালেমান শব্দই অসমীয়া ভাষাৰ শব্দ-ভাণ্ডাৰ চহকী কৰিছেহি। তেনেধৰণৰ শব্দসমূহ হ’ল— খাং, ফাং, ফাউ, লাং, পাঙ, পিং, পুং, জান, জিন, বুৰঞ্জী, কাৰেং, ৰংঘৰ, ডোঙা, টুপ, লিকচৌ, চকলং, জাপ্, পম্, ফুট, থাপ, হাই, চিপ, চুপ, খুতুৰা, চোক, আফু, কাকিনী, কেৰু, খাপ, খেদ, খোৰোং, চং, জাঁই, টোম, ঠন, মাইহাং, ৰাইজাই, চাংমাই, জেঙা, জাঙুৰ, টং, টাং-টিঙালি, টাং-বাং, ঢাপলি, টেৰ, টোকোন, টোকোনা, খুনুপাক, দ’ম, পৈ, পম, ফুকন, ফুকা, ফেহুঁ, ৰিতং, ৰাপ, ৰিং, ৰিহা, লিগিৰী, হিলৈ, হেংদান ইত্যাদি।

টাই ভাষাৰ অন্তৰ্গত খামতি ভাষাৰ বহুতো শব্দ অসমীয়ালৈ আহিছে। যেনে— ফই (ডাঙৰ ৰছী), ফাই (খামতিত ফাঁই মানে জুই), ফাক (দাৰ), মান (ব্ৰহ্মদেশৰ লোক), মিট (দা), টকৌ ইত্যাদি।

‘টি’ বা ‘তি’ৰে গঠিত স্থানবাচক শব্দ কিছুমান টাই আহোম ভাষাৰ পৰা অসমীয়া ভাষালৈ আহিছে বুলি ধৰা হয় ৷ যেনে— টিয়ক, টিপাম, টিংখাং, টিৰাপ আদি স্থানবাচক শব্দসমূহ। ড° বাণীকান্ত কাকতিয়ে ‘অসম’ শব্দটোৰ মূল ‘টাই’ ভাষাৰ ‘শ্বাম’ ধাতু বুলি কৈছে। টাই ভাষাৰ অন্তৰ্গত ফৈদ, যথা ফাকিয়াল, নৰা, টুৰুং, আইতনিয়া এই লোকসকলৰ মাজত নিজস্ব ভাষাটো কিছু পৰিমাণে সংৰক্ষণ হৈ আছে যদিও সৰহ সংখ্যক লোকেই অসমীয়া ভাষা ক’ব পাৰে।

‘টাই’ শাখাৰ আহোমভাষী লোকসকলে শব্দৰ আদ্য অৱস্থানত থকা পশ্চ তালব্য উষ্ম ধ্বনিকেইটা ‘হ’ হিচাপে উচ্চাৰণ কৰে ৷ যেনে—হত্যে হত্যে (সত্যে, সত্যে), হইচ (শইচ) ইত্যাদি । আনফালে আহোম বা আন তিব্বতবর্মীয় ভাষাত ‘খ’ ধ্বনিহে উচ্চাৰণ হয়। যেনে— বিখ (বিষ), অখম (অসম) ইত্যাদি। আহোমসকলৰ পুৰোহিত শ্ৰেণীৰ অৰ্থাৎ দেওধাইসকলৰ পূজা-পাতল আদি অনুষ্ঠানতহে টাই ভাষাৰ প্ৰয়োগ হয়। এই ভাষা সুৰ প্ৰধান। ১২২৮ খ্ৰীষ্টাব্দত পাটকাই পর্বত পাৰ হৈ চুকাফাৰ নেতৃত্বত টাই আহোমসকল অসমলৈ আহিছিল। আহোমসকলে অসমত ছশ বছৰ ৰাজত্ব কৰি অসমীয়া সংস্কৃতিক নতুন ৰূপ প্ৰদান কৰিলে। টাই খামতি ভাষাৰ লগত আহোম ভাষাৰ যথেষ্ট সাদৃশ্য লক্ষ্য কৰা যায়৷ এওঁলোক কৃষি জীৱী আছিল।

৭। তিব্বতবৰ্মীয় ভাষাগোষ্ঠীৰ অন্তৰ্গত বড়ো আৰু মিছিং ভাষাৰ শব্দগত বৈশিষ্ট্য সম্পর্কে কিছু আভাস প্ৰদান কৰা।

উত্তৰঃ তিব্বতবৰ্মী ভাষাৰ অন্তৰ্গত বড়ো ভাষা আৰু মিছিং ভাষাৰ শব্দগত উপাদান অসমীয়া ভাষাত অধিকভাৱে লক্ষ্য কৰা যায়। ড° বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাত থকা বহুতো বড়োমূলীয় শব্দৰ নাম উল্লেখ কৰিছে। সেই শব্দসমূহ এনেধৰণৰ –

শব্দঅর্থ
খমলালদা বন্ধা
হেঙ্গাৰজেওৰা
খোকামাছ ধৰা বাঁহৰ সঁজুলি
লফালফা শকা (লৈফাং)
হামাহিপলম কৰা

এনেদৰে বড়ো মূলৰ ঠাইৰ নাম কিছুমানো ড° বাণীকান্ত কাকতিয়ে উল্লেখ কৰিছে। যেনে- বিহাম্পুৰ, হাকামা।

অসমীয়া ভাষাত ব্যৱহাৰ হোৱা কেতবোৰ স্থানবাচক শব্দ আৰু নদীবাচক শব্দ মিছিং ভাষাৰ পৰা আহিছে। মিছিং ভাষাৰ শব্দ কিছুমানৰ সৈতে অসমীয়া ভাষাৰ সাদৃশ্য এনে ধৰণৰ—

অসমীয়া ভাষামিছিং ভাষা
পেঁপাপেম্পা
তামোলছালি-চালি
টোকাৰীতুকাৰী
তিয়ঁহতিয়গু
চেঁউৰিচেঙৰি

চি-ৰে আৰম্ভ হোৱা নদীৰ নাম কিছুমান মিছিং ভাষাৰ বুলি ধৰা হৈছে। উল্লেখযোগ্য যে মিছিং ভাষাত ‘চি’ মানে পানী। উদাহৰণস্বৰূপে তলত কেইখনমান নদীৰ নাম উল্লেখ কৰা।

শব্দঅর্থ
চিচিলক্ষীমপুৰৰ এখন নদীৰ নাম
চিয়েম্আলঙৰ ওচৰৰ চিয়াঙৰ নাম
চিলুকপাছিঘাটত আছে
চিয়াংচিয়াং নদী

অসমীয়া ভাষাৰ জেং, জাবৰ, থেকেৰা আদি শব্দৰ সৈতে পাৰো ভাষাৰ জেং জাবোল, থেকনা ইত্যাদি শব্দৰ সাদৃশ্য আছে।

৮। তিব্বতবৰ্মী উপশাখাৰ অন্তৰ্গত অসমবৰ্মী ভাষা সম্পর্কে বহলাই লিখা। 

উত্তৰঃ তিব্বতবৰ্মী শাখাৰ আটাইতকৈ উল্লেখযোগ্য শাখা হ’ল – অসমবর্মী। এই শাখাৰ প্ৰধান ভাগ দুটা বড়ো নগা আৰু কুকি-চীন। বড়ো নগা শাখাৰ ভিতৰত বড়ো ভাষা শক্তিশালী। ইয়াৰ অন্তৰ্গত ভাষাবোৰ হ’ল – বড়ো, ৰাভা, গাৰো, কছাৰী, ডিমাছা, কাৰ্বি, তিৱা, হাজং, চুতীয়া, টিপ্ৰা আদি ৷ সেইদৰে নগা শাখাৰো পূব নগা, পশ্চিম নগা, মধ্য নগা আৰু নগা কুকি আদি কেইবাটাও ভাষা আছে। কুকি চীনৰ দুটা শাখাৰ মেইথেৰ অন্তৰ্গত মণিপুৰী আৰু মিজোৰ অন্তৰ্গত মিজোৰামৰ মিজো ভাষা অন্যতম।

বড়ো শাখা তিব্বতবৰ্মীৰ যিটো শাখা উত্তৰ আৰু পূব পথেৰে ব্ৰহ্মপুত্ৰ নদীৰ তীৰৱৰ্তী অঞ্চলত বিয়পি আছে, সেই শাখাটোৱেই হ’ল বড়ো শাখা। বড়োভাষী লোকসকলে প্ৰধানকৈ নলবাৰী, কামৰূপ আৰু দৰং জিলাৰ উত্তৰাঞ্চল আৰু কোকৰাঝাৰ জিলাতেই বসবাস কৰে। এই ভাষাৰ নিজস্ব লিপি নাই বাবে এওঁলোকে প্রথমে ৰোমান আখৰকে গ্ৰহণ কৰিছিল যদিও, পাছলৈ দেৱনাগিৰি লিপি গ্ৰহণ কৰা দেখা যায়। বড়ো ভাষা কোৱা লোকৰ সংখ্যা কোকৰাঝাৰ জিলাতেই সৰ্বাধিক। বিজনী, সৰভোগ, গোৰেশ্বৰ, তামুলপুৰ, ওদালগুৰি, ধূপধৰা আদি বড়ো অধ্যুসিত অঞ্চল। অসমৰ অন্যান্য প্রান্ততো বিশেষকৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে আৰু মধ্য অসম অঞ্চলত বড়ো গোষ্ঠীৰ লোক ছেগা-ছোৰোগাকৈ আছে। এওঁলোকক কছাৰী আৰু বড়ো কছাৰী নামে জনা যায়। মৌখিক সাহিত্যত বড়ো ভাষা বৰ চহকী। সেই অনুপাতে বড়ো ভাষাৰ লিখিত নিদর্শন কম। বর্তমান বড়ো ভাষাই বিশেষ প্রাধান্য লাভ কৰিছে আৰু ই অসমৰ সহযোগী চৰকাৰী ভাষাৰ মৰ্যদা লাভ কৰিছে। বৰ্তমান বড়ো ভাষা অভিধান ব্যাকৰণ, গৱেষণা গ্রন্থ, পাঠ্যপুথি, সংবাদ পত্ৰ আৰু মৌলিক তথা অনুবাদ সাহিত্য প্ৰণয়নৰ যোগেদি চহকী হৈ উঠিছে আৰু ই অসম বৰ্মী শাখাৰ ভিতৰতে শ্রেষ্ঠত্ব দাবী কৰিবলৈ সক্ষম হৈছে। বড়ো ভাষা সুৰ প্ৰধান ভাষা।

গাৰো ভাষাঃ বড়ো শাখাৰ আন এটা ভাষা হ’ল গাৰো ভাষা। এই ভাষা ঘাইকৈ মেঘালয়ৰ অন্তৰ্গত গাৰো পাহাৰত প্ৰচলিত। গোৱালপাৰা, কামৰূপ, ত্ৰিপুৰা আদিতো এই ভাষাৰ প্ৰচলন আছে। খ্ৰীষ্টান মিছনেৰীসকলৰ চেষ্টাত গাৰো ভাষাত সাহিত্যৰ সৃষ্টি হয়। গাৰো আৰু বড়ো এই দুয়োটা ভাষা মূলতঃ একে আছিল যদিও, পাছলৈ স্বকীয় বৈশিষ্ট্যৰে দুয়োটা ভাষা গঢ় লৈ উঠে। গাৰো ভাষাৰ বিভিন্ন উপ-শাখা দেখিবলৈ পোৱা যায়।

ৰাভা ভাষাঃ ৰাভা ভাষা কামৰূপ আৰু গোৱালপাৰা জিলাৰ দক্ষিণ অঞ্চলত প্ৰচলিত। গাৰো পাহাৰৰ দক্ষিণ অংশতো এই ভাষাৰ প্ৰচলন আছে। উত্তৰ বংগৰো এটা বিস্তৃত এলেকাত এই ভাষা চলে। ৰাভা ভাষা নৃতাত্ত্বিক দৃষ্টিকোণেৰে বড়ো নগা গোষ্ঠীৰ আৰু ভাষাতাত্ত্বিক দৃষ্টিকোণেৰে তিব্বতবৰ্মী গোষ্ঠীৰ। দৰং আৰু নগাওঁ অঞ্চলতো ৰাভা ভাষা লোক ছেগা ছোৰোগাকৈ বসবাস কৰা দেখা যায়। ৰাভা ভাষাৰ প্ৰধান বৈশিষ্ট্য হৈছে এই যে সুৰ প্ৰধান ভাষা নহয়। এই ভাষাই অসমীয়া লিপি গ্ৰহণ কৰিছে। অসমীয়া ভাষাত ইয়াৰ কেইবাখনো পুথি ৰচিত হৈছে।

ডিমাছা ভাষাঃ নগাঁও, কাৰ্বি আংলং, কাছাৰ, উত্তৰ-কাছাৰ পাহাৰত ডিমাছাসকলে বসবাস কৰে যদিও উত্তৰ কাছাৰেই এওঁলোকৰ প্ৰধান বসতিস্থল। ডিমাছা শব্দৰ অৰ্থ হ’ল ডিমা বা ধনশিৰি নদীৰ সন্তান । ধনশিৰি নদীৰ পাৰত বসবাস কৰাৰ বাবেই এই লোকসকলক ডিমাছা নামেৰে অভিহিত কৰা হৈছে।

তিৱা ভাষাঃ তিৱাসকলক লালুং নামেৰেও জনা যায়। নগাঁও জিলাৰ দক্ষিণ-পশ্চিম অঞ্চল, কামৰূপ জিলাৰ ডিমৰীয়া আৰু জয়ন্তীয়া পাহাৰৰ নামনি অঞ্চলত তিৱাসকলে বসবাস কৰে।

হাজং ভাষাঃ হাজংসকলৰ বসতি স্থল হ’ল গাৰো পাহাৰ আৰু খাচীয়া জয়ন্তীয়া পাহাৰ। অৱশ্যে বাংলাদেশৰ দুখনমান জিলাতো হাজং ভাষা কোৱা লোক পোৱা যায় ৷

টিপ্রা ভাষাঃ টিপ্রা ভাষা প্রধানকৈ ত্ৰিপুৰাৰ ভাষা হ’লেও চট্টগ্রাম আৰু অসমৰ কাছাৰ জিলাতো এই ভাষাৰ প্ৰচলন আছে।

দেউৰী ভাষাঃ অসমৰ ডিব্ৰুগড়, লক্ষীমপুৰ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত এই ভাষা কোৱা লোকসকল বাস কৰে। অৰুণাচল প্ৰদেশৰ লোহিত আৰু চিয়াং জিলাতো এই ভাষাৰ প্ৰচলন থকা দেখা যায়। ধর্মীয় কাৰ্যাৱলীৰ ওপৰত ভিত্তি কৰি দেউৰীসকলক চাৰিটা ফৈদত ভাগ কৰা হৈছে – টোপনীয়া, বৰগঞা, ডিবঙীয়া আৰু পাটৰ গঞা। মৌখিক সাহিত্যৰ ক্ষেত্ৰত এই ভাষা বৰ শক্তিশালী।

মিচিং ভাষাঃ মৌখিক সাহিত্য সম্পদত এওঁলোক চহকী যদিও, এওঁলোকৰ নিজস্ব লিপি নাই৷ এওঁলোকে ৰোমান লিপিকে গ্ৰহণ কৰিছে। মিছিং জনজাতিৰ লোকসকল লক্ষীমপুৰ জিলাৰ উপৰি ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট আৰু শোণিতপুৰ জিলাতো আছে। অৰুণাচল প্ৰদেশৰ লোহিত আৰু চিয়াং জিলাতো মিচিং ভাষাৰ লোক পোৱা যায়।

৯। অসমীয়া ভাষাত অনা-আর্য উপাদান উভৈনদী হোৱাৰ সম্ভাৱ্য কাৰণ উল্লেখ কৰা। 

উত্তৰঃ অসমীয়া ভাষাত বিভিন্ন থলুৱা ভাষাৰ প্ৰভাৱ পৰাটো একো অস্বাভাৱিক নহয়। অসমীয়া ভাষাত অনা-আর্য উপাদান অসমীয়া ভাষাৰ সাগৰৰ মাজত থকা এটা দ্বীপৰ দৰে। ইয়াৰে চৌপাশে বিভিন্ন গোষ্ঠীৰ অনা-আর্য ভাষা। তদুপৰি অসমীয়া ভাষা কেৱল আৰ্য প্ৰজাতিয়ে ব্যৱহাৰ নকৰে, আৰ্য-অনার্য উভয়ে ইয়াক ব্যৱহাৰ কৰে। ডঃ নাথান ব্রাউনে মন্তব্য কৰিছে যে— ‘আৰ্য-অনার্য ভাষাৰূপ এটিৰ ওপৰত সংস্কৃতৰ গাঁথনি আদি দি ইয়াক জন্ম দিয়া হৈছিল, সেই কথা খাটাংকৈ একো ক’ব নোৱাৰি; সম্ভৱতঃ দ্বিতীয় মন্তব্যটোহে শুদ্ধ।’ উত্তৰ-পূব ভাৰতৰ অধিবাসীসকলৰ কোনোৱে প্ৰকৃততে ভূমিপুত্ৰ নহয় ৷ অসমৰ সুদীৰ্ঘ ইতিহাসৰ কোনোবা চাম আগতে আৰু কোনোবা এচাম পিছত আহিছে। তেওঁলোকৰ মাজত প্রজাতিগত সংমিশ্রণ ঘটি তেজৰ বিশুদ্ধতা আৰু আৰয়াবিক গঠনো হেৰুৱাইছে। (ডঃ ডি এন মজুমদাৰ, অসম গৌৰৱ, পৃঃ ২৩) সংমিশ্ৰণৰ এই প্ৰক্ৰিয়া আহোমৰ দিনত সঘনে ঘটিছিল। তদুপৰি অসমত বিভিন্ন প্রজাতি একেলগে বাস কৰিব লগা হোৱাত স্বাভাৱিকতেই ভাবৰ আদান-প্ৰদানৰ বাবে উমৈহীয়া ভাষা এটাৰ প্ৰয়োজন হৈছিল।

আনহাতে যদি নতুনকৈ অহা চামটো সংখ্যাৰ ফালৰ পৰা বুজন পৰিমাণৰ হয় আৰু প্ৰব্ৰজনৰ ন ন প্ৰৱাহ চলি থাকে তেন্তে দ্বিভাষী অৱস্থা এটাৰ সৃষ্টি হ’ব পাৰে। এনে পৰিস্থিতিত এটা ভাষাৰ শব্দ আন এটা ভাষাত সোমোৱাৰ পথ সুচল হয়।

(ক) অসমীয়া ভাষা অকল আর্য ভাষা-ভাষীসকলৰ ভাব প্রকাশৰ মাধ্যম নাছিল। অসমত প্ৰজাতিগতভাৱে সংমিশ্রণ ঘটা বিভিন্ন জনগোষ্ঠীৰ লোকসকলেও ভাৱ-বিনিময়ৰ মাধ্যম ৰূপে ব্যৱহাৰ কৰিছিল। ইয়াৰ ফলস্বৰূপে নিজৰ নিজৰ ভাষাৰ শব্দও তাত সোমাইছিল আৰু ফলস্বৰূপে অসমীয়া ভাষাত বহুতো আর্য-অনার্য ভাষাৰ শব্দৰ উপাদান সংমিশ্ৰণ হৈ পৰিছিল ৷

(খ) বহুশতিকা একেলগে বাস কৰাৰ ফলত অনা-আর্য ভাষাৰ বহু শব্দ অসমীয়াত সোমাই পৰিছিল। অনা-আর্য নদীৰ নাম, ঠাইৰ নাম, মাছৰ নাম আদিৰ ব্যৱহাৰে এই কথাকেই সূচায় ।

(গ) অসমত বসবাস কৰা বিভিন্ন ভাষী লোক সাংস্কৃতিক ভাৱেই স্বয়ংসম্পূর্ণ নাছিল। কোনোবা যদি আছিল বাঁহ-বেতৰ সঁজুলি সজাত পাকৈত আন কোনোবা আছিল বোৱাকটাত পাৰদৰ্শী। সাংস্কৃতিক এনে কাৰণতো অসমীয়া ভাষালৈ অনা-আর্য ভাষাৰ পৰা কিছু শব্দ সোমাই পৰিছিল।

(ঘ) আহোমৰ ৰাজত্বকালত প্রত্যেক প্ৰজাঘৰে একোজন পাইক ৰজাঘৰলৈ পঠাব লাগিছিল ৷ এই পাইকবোৰ বিভিন্ন ভাষা-গোষ্ঠীৰ পৰা গৈ অসমীয়াতে ভাৱৰ আদান-প্রদান কৰিব লগা হৈছিল। তেওঁলোকে তাত নতুন শব্দ গ্ৰহণ কৰিছিল আৰু নিজৰ ভাষাৰ শব্দও হয়তো এই উমৈহতীয়া ভাষাত সংযোজন কৰিছিল।

প্ৰজাতিগত মিশ্ৰণ আৰু বহু শতিকা একেলগে বাস কৰাৰ ফলত এটা ভাষাৰ শব্দ আন এটা ভাষাত সোমাই পৰিছিল। অসমৰ অনা-আর্য ভাষাবোৰৰ যে আর্য-অসমীয়াৰ অলেখ শব্দ গ্ৰহণ কৰিছিল এই বিষয়ে সন্দেহ নাই।

১০। অসমীয়া ভাষাই জন্মলগ্নৰে পৰা বৰ্তমানলৈকে কিদৰে পৰিৱৰ্তনৰ মাজেদি আহি বিকাশ লাভ কৰিছে, এটি আলোচনা আগবঢ়োৱা।

উত্তৰঃ অসমীয়া ভাষা ভাৰতৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত অসমৰ ভাষা। অসমৰ বিস্তৃত ব্ৰহ্মপুত্ৰ উপত্যকাত এই ভাষাটো প্ৰধানকৈ কোৱা হয়। অসমৰ ওচৰে-পাজৰে থকা মেঘালয়, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশতো অসমীয়া ভাষাৰ প্ৰচলন আছে। অৰুণাচলৰ বিভিন্ন ভাষা-ভাষীৰ মাজত পাৰস্পৰিক ভাব বিনিময়ৰ একমাত্ৰ ভাষা হৈছে অসমীয়া। নাগালেণ্ডত অসমীয়াৰ এটা মিশ্ৰিত ৰূপ (নাগামিজ) সাৰ্বজনীন ভাষাৰূপে ব্যৱহৃত হৈছে। ভাষাক সাধাৰণতে নৈৰ লগত তুলনা কৰা হয়। অসমীয়া ভাষাৰ প্ৰথম প্রকাশিত অভিধান-ৰচক মাইল্‌ছ ব্ৰনছনে পুথিখনৰ পাতনিত এইদৰে লিখিছিল— “অচমিয়া ভাষা ব্ৰহ্মপুত্ৰ নদীৰ সোঁতৰ নিচিনাকৈ ৰাজ্যৰ মাজত একেদৰে চলি আছে আৰু আগলৈকো চলিব।” এখন নৈৰ এটা মূল প্ৰৱাহ থাকে ৷ তাত ঠায়ে ঠায়ে বহুতো উপনৈ আহি লগ লাগি মূল-প্ৰৱাহক পৰিপুষ্ট কৰে। কেতিয়াবা নৈৰ গতি আনফালে বয়। তেনেদৰে এটা ভাষাৰ মূল-প্ৰৱাহৰ লগত আন আন ভাষাৰ প্ৰভাৱ মিহলি হোৱাৰ ফলত ভাষাটোৱে সুকীয়া ৰূপ এটি লোৱা একো নতুন কথা নহয় ৷ অসমীয়া ভাষাৰ উদ্ভৱৰ সময়ৰ আঁতিগুৰি বিচাৰি গ’লে সুন্দৰ প্ৰমাণ পোৱা যাব ৷

ভাৰতীয় আর্য ভাষাৰ বুৰঞ্জীক সাধাৰণতে তিনিটা ভাগত ভগোৱা হয়। 

(ক) প্রাচীন ভাৰতীয় আর্য ভাষা। 

(খ) মধ্য ভাৰতীয় আর্য ভাষা। 

(গ) নব্য ভাৰতীয় আর্য ভাষা। 

প্রাচীন ভাৰতীয় আর্য ভাষাৰ সময় খ্ৰীষ্টপূৰ্ব দ্বাদশ শতিকাৰ পৰা খ্ৰীষ্টপূর্ব ষষ্ঠ শতিকালৈ ৷ মধ্য ভাৰতীয় আর্য ভাষাৰ সময় খ্ৰীষ্টপূর্ব ষষ্ঠ শতিকাৰ পৰা দশম শতিকা পর্যন্ত। নব্য ভাৰতীয় আর্য ভাষাৰ সময় খ্ৰীষ্টীয় দশম শতিকাৰ পৰা। মধ্য ভাৰতীয় আর্য ভাষাক আৰু তিনিটা স্তৰত বিভক্ত কৰা হয়। প্রথম স্তৰৰ সময় খ্ৰীষ্টপূর্ব ষষ্ঠ শতিকাৰ পৰা খ্ৰীষ্টীয় প্রথম শতিকালৈ। দ্বিতীয় স্তৰৰ সময় খ্ৰীষ্টীয় প্রথম শতিকাৰ পৰা ষষ্ঠ শতিকালৈ আৰু তৃতীয় স্তৰৰ সময় খ্ৰীষ্টীয় ষষ্ঠ শতিকাৰ পৰা দশম শতিকালৈ। প্রথম স্তৰৰ প্ৰধান নিদৰ্শন পোৱা গৈছে অশোকৰ শিলালিপিত, খ্ৰীষ্টপূৰ্ব শতিকাৰ আন শিলালিপিত আৰু বৌদ্ধসকলৰ পালি গ্ৰন্থত। দ্বিতীয় স্তৰৰ নিদৰ্শন পোৱা যায় খ্ৰীষ্টীয় প্রথম তিনি শতিকাৰ শিলালিপিত, সাহিত্যিক প্রাকৃতত (মহাৰাষ্ট্ৰী, শৌৰসেনী, মাগধী, অর্ধমাগধী, পৈশাচী) আৰু বৌদ্ধ সংস্কৃতত। তৃতীয় স্তৰৰ নিদৰ্শন হৈছে অপভ্রংশ আৰু অপভ্রষ্টত।

অপভ্রংশ শব্দটো বিভিন্ন পৰিস্থিতিত বিভিন্ন অৰ্থত ব্যৱহৃত হৈছে। ইয়াৰ প্ৰয়োগ পোনপ্ৰথমে পতঞ্জলিৰ (খ্ৰীষ্টপূর্ব প্রথম শতিকা) মহাভাষ্য পোৱা যায়। মার্কণ্ডেয়ই নাগৰ, ব্ৰাচড় আৰু উপনাগৰ এই তিনিবিধ অপভ্রংশৰ কথা কৈছে। পতঞ্জলিৰ মতে ‘সংস্কৃত শাস্ত্ৰ জনাসকলৰ শুদ্ধ ভাষা’ আৰু অপভ্রংশ ‘শাস্ত্ৰ নজনাবোৰৰ অশুদ্ধ ভাষা’। গ্ৰিয়াৰ্ছনকে আদি কৰি কিছুমান পণ্ডিতে মধ্য প্রাকৃতৰ শেষ ঔৰক অপভ্রংশ নাম দিছে। এই প্রাচীন অপভ্রংশৰ যি অবাচীন ৰূপটো আধুনিক ভাৰতীয় আৰ্যৰ জনক বা পূৰ্বাৱস্থা সিয়ে অপভ্রষ্ট বা অৱহট অর্থাৎ অবাচীন অপভ্রংশ।

নব্য ভাৰতীয় আর্য ভাষাবোৰক কিছুমান প্রাকৃত বা সেইবোৰৰ পৰৱৰ্তী অপভ্রংশৰ পৰা উদ্ভৱ হোৱা ভাৱেও দেখুওৱা হয়; যেনে— মহাৰাষ্ট্ৰীৰ পৰা মাৰাঠী; শৌৰসেনীৰ পৰা পশ্চিমা হিন্দী, ৰাজস্থানী, গুজৰাটী, মাগধীৰ পৰা ভোজপুৰী, মৈথিলী, মগহী, বঙলা, উড়িয়া আৰু অসমীয়া; অৰ্ধমাগধীৰ পৰা পূৰ্বী হিন্দী, শৌৰসেনীৰ দ্বাৰা প্ৰভাৱিত পাহাৰী, পাঞ্জাৱী আদি ।

ভাৰতৰ পূব দিশত থকা ভাষাবিলাকৰ ক্ষেত্ৰত মাগধী প্রাকৃত উল্লেখযোগ্য । মগধ অঞ্চলত কথাভাষাৰূপে প্রচলিত মাগধী প্রাকৃতৰ শকাৰী, চাণ্ডালী আৰু শাৱৰী তিনিটা প্ৰধান উপভাষা আছে। মৃচ্ছকটিকা নাটকত ৰজাৰ খুলশালীয়েক শকাৰৰ মুখৰ ভাষা শকাৰী। কালিদাসৰ অভিজ্ঞান শকুন্তলম্ নাটকতো মাগধী প্রাকৃতৰ প্ৰয়োগ আছে। ডঃ সুনীতি কুমাৰ চট্টোপাধ্যায়ে মাগধী প্রাকৃতৰ নাটকক নিম্ন শ্ৰেণীৰ লোকৰ মুখৰ ভাষা বুলি কৈ অৰ্দ্ধমাগধী আৰু মাগধী অঞ্চলত শৌৰসেনী প্রাকৃতকেই সাহিত্যৰ ভাষা হিচাপে লোৱা হৈছিল বুলি মত প্ৰকাশ কৰিছে। তেওঁৰ মতে, সম্ভৱতঃ সেই সময়ত শৌৰসেনীয়েই সেই অঞ্চলৰ শিষ্ট সন্মত ভাষা আছিল।

ডঃ সুকুমাৰ সেনৰ মতে প্রাকৃত ভাষাটো প্রথমে উদীচ্য, মধ্যদেশীয় আৰু প্ৰাচ্য তিনিটা আঞ্চলিক ৰূপত জীপ লৈ পৰৱৰ্তী কালছোৱাত পৈশাচিক, শৌৰসেনী, মহাৰাষ্ট্ৰী, অৰ্দ্ধমাগধী, মাগধী এই পাঁচোটা থলুৱা ৰূপ পৰিগ্ৰহণ কৰিছে। কালক্ৰমত এই প্রাকৃতসমূহেই সৰলীকৃত হৈ অপভ্রংশ স্তৰত উপনীত হ’লহি। ডঃ সুকুমাৰ সেনে উল্লেখ কৰা মতে খ্ৰীষ্টীয় অষ্টম শতিকাতেই মাগধী প্রাকৃতে পূব আৰু পশ্চিমত দুটা আঞ্চলিক ৰূপ লোৱাৰ পিছত খ্ৰীষ্টীয় নৱম শতিকাৰ পৰা খ্ৰীষ্টীয় দশম-একাদশ শতিকামানত পূব মাগধীৰ পৰা উড়িয়া, বঙলা আৰু অসমীয়া আৰু পশ্চিম মাগধীৰ পৰা ভোজপুৰী, মগহী, মৈথিলী ভাষাৰ উদ্ভৱ হয় বুলি উল্লেখ কৰিছে।

উল্লেখযোগ্য যে অপভ্রংশৰ শেষ স্তৰ অৱহট্ঠৰ পৰাই আধুনিক ভাৰতীয় আর্য ভাষাসমূহৰ উদ্ভৱ হৈছে।

অসমীয়া ভাষা সম্পৰ্কে চীনা পৰিভ্ৰমণকাৰী হিউৱেন চাঙে ৬৪৩ খৃঃত কামৰূপ ভ্ৰমণৰ কালছোৱাত লিখি থৈ যোৱা— “তেওঁলোকৰ ভাষা মধ্য ভাৰতৰ ভাষাতকৈ সামান্য লৰ” কথাষাৰেই বোধহয় প্রথম ঐতিহাসিক উক্তি। এই মন্তব্যই অন্ততঃ এটা কথা প্রমাণ কৰে যে, সুদূৰ সপ্তম শতিকাৰ অসমীয়া ভাষাই সুকীয়া গঢ় ল’বলৈ আৰম্ভ কৰিছিল। পঞ্চম শতিকাৰ পৰা দ্বাদশ শতিকাৰ কালছোৱাত কামৰূপৰ হিন্দু ৰজাসকলে সংস্কৃতত লিখোৱা ভূমিদান ফলিবোৰত ব্যৱহৃত অনা-সংস্কৃত শব্দ আৰু উচ্চাৰণানুগ বৰ্ণ বিন্যাসৰ ছেগা-চোৰোকা প্রয়োগেও উক্ত কথা কিছু দৃঢ় কৰে।

ওপৰৰ আলোচনাৰ পৰা এই সিদ্ধান্তলৈ আহিবলৈ অসুবিধা নহয় যে, খ্ৰীষ্টীয় এহেজাৰ বছৰৰ আশে-পাশে অন্যান্য নব্য ভাৰতীয় আর্য ভাষাসমূহৰ লগে লগে অসমীয়া ভাষাৰো উদ্ভৱ হৈছিল। সেয়ে হ’লেও খ্ৰীঃ ত্রয়োদশ-চতুদৰ্শ শতিকাত ৰচিত হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত’ পুথিখনৰ পূৰ্বে নিভাঁজ অসমীয়াত ৰচিত কোনো লিখিত সাহিত্যৰ নিদৰ্শন পাবলৈ নাই। এই শতিকাৰ পূৰ্বকালৰ ভাষাৰ স্বৰূপ বুজিবলৈ শিলালিপি আৰু তাম্রলিপিসমূহ, বৌদ্ধ সিদ্ধাচাৰ্যসকলৰ চৰ্যাপদ আৰু বড়ু চণ্ডীদাসৰ শ্ৰীকৃষ্ণ কীৰ্তন ইত্যাদি লিখিত নথিৰ আশ্ৰয় ল’বলগীয়া হয়। সম্ভৱতঃ এই পৰিস্থিতিলৈ লক্ষ্য কৰিয়ে— ডঃ বাণীকান্ত কাকতিদেৱে অসমীয়া ভাষাৰ বিৱৰ্তনৰ ইতিহাসক তিনিটা স্পষ্ট যুগত ভাগ কৰিছে— 

ক) আদি যুগ। 

খ) মধ্য যুগ। 

গ) আধুনিক যুগ। 

অৱশ্যে আদি যুগটোক তেওঁ প্ৰাগ্‌বৈষ্ণৱ আৰু বৈষ্ণৱ যুগৰূপে নামকৰণ কৰাত বিষয়বস্তুৰ ফালৰ পৰা কিছু আসোঁৱাহ ৰৈ যোৱা যেন ধাৰণা হয় ৷ প্ৰাগ্‌বৈষ্ণৱ হিচাপে চিহ্নিত যুগটোতো যিহেতু বৈষ্ণৱ ভাবাপন্ন সাহিত্যৰ সৃষ্টি বিৰল নহয়, এতেকে মহাপুৰুষ শংকৰদেৱৰ জন্ম চনটোকে মাইলৰ খুঁটি হিচাপে ধৰি প্ৰাকৃশংকৰী আৰু শংকৰী যুগৰূপে নামকৰণ কৰিলে আলোচনা অধিক বিজ্ঞানসন্মত হ’ব বুলি ভাৱিবৰ অৱকাশ আছে।

সি যি কি নহওক, অসমীয়া ভাষাৰ জন্ম আৰু ইয়াৰ ভাষাগত বৈশিষ্ট্যলৈ লক্ষ্য কৰি এই আলোচনাত ইয়াৰ বিকাশৰ বুৰঞ্জীক নিন্মোক্ত যুগকেইটাত ভাগ কৰি লোৱা হৈছেঃ

(ক) প্ৰত্ন অসমীয়াঃ (খ্ৰীঃ ৯ম-১০ম শতিকাৰ পৰা খ্ৰীঃ ১৩শ –১৪শ শতিকালৈ) 

(খ) প্রাচীন অসমীয়াঃ (১) প্রাকৃশংকৰী যুগ (খ্রীঃ ১৩শ-১৪শ শতিকাৰ পৰা ১৫শ শতিকালৈ) 

(২) শংকৰী যুগ (খ্ৰীঃ ১৫শ শতিকাৰ পৰা ১৬শ শতিকালৈ) 

(গ)  মধ্য অসমীয়াঃ (খ্ৰীঃ ১৬শ শতিকাৰ পৰা ১৮২৬ খ্ৰীঃলৈ)

(ঘ) আধুনিক অসমীয়াঃ (১৮২৬ খৃঃৰ পৰা বৰ্তমানলৈ)।

উদ্ভৱ কালৰ অসমীয়া বা প্ৰত্ন অসমীয়া ৰূপে চিহ্নিত যুগটোৰ ভাষাগত বৈশিষ্ট্য সংৰক্ষিত হৈছে ৰজাঘৰীয়া ফলি আৰু চৰ্যাপদসমূহত। মন কৰিবলগীয়া যে, ৰজাঘৰীয়া ফলিসমূহত কেতবোৰ স্থানীয় শব্দ আৰু তৎকালীন ভাষাটোৰ ধ্বনিগত বৈশিষ্ট্যহে লক্ষ্য কৰা যায়।

অসমীয়া ভাষাৰ স্বকীয়ত্বৰ চানেকি দিব পৰাকৈ ইয়াৰ ৰূপগত দিশটোৰ কোনো আভাস পোৱা সম্ভৱ নহয় । কাৰণ, এই ফলিবোৰ আছিল সংস্কৃতত ৰচিত। সম্ভৱতঃ তৎকালীনভাৱে লিখিত ভাষা বুলিলে সংস্কৃতকে বুজা গৈছিল; আনহাতে লোকসমাজে কথা কৈছিল প্রচলিত প্রাকৃত ঠাঁচত। ফলত কথিত ভাষাৰ উচ্চাৰণে সময়ে সময়ে লিখিত সংস্কৃত ভাষাত প্ৰভাৱ পেলাইছিল।

১৯১৬ চনত মহামহোপাধ্যায় হৰপ্ৰসাদ শাস্ত্ৰীয়ে নেপালৰ ৰাজ-দৰবাৰ-গ্ৰন্থালয়ৰ পৰা সংগ্ৰহ কৰা চৰ্যাপদসমূহৰ প্ৰকাশে তৎকালীন পণ্ডিতসমাজৰ দৃষ্টি আকর্ষণ কৰে। শাস্ত্ৰীয়ে এইবোৰৰ ভাষা প্রাচীন বঙলা বুলি সিদ্ধান্ত কৰিলেও অসমীয়া, মৈথিলী আদি ভাষাৰো অনেক উপাদান ইয়াত মিহলি হৈ থকা লক্ষ্য কৰা যায়। বিশেষকৈ ইয়াৰ ব্যাকৰণগত দিশটো অসমীয়াৰ প্ৰতি অধিক ঢাল খোৱা

অসমীয়া ভাষাৰ প্ৰাচীন যুগটো খ্ৰীঃ ১৩ শ- ১৪ শ শতিকাৰ পৰা ১৬ শ শতিকালৈ বিস্তৃত। এই যুগ্‌টোক দুটা উপভাগত ভাগ কৰা হৈছে— ১) প্রাকৃশংকৰী আৰু ২) শংকৰী যুগ। এই যুগৰ ভাষাগত বৈশিষ্ট্যসমূহে এই কথাকে স্পষ্টভাৱে প্ৰমাণ কৰে যে, অসমীয়া ভাষা সুদূৰ ১৩-১৪ শ শতিকাতে উচ্চমানৰ সাহিত্য ৰচনাৰ উপযোগী বাহন হৈ উঠিছিল। এই যুগৰ সাহিত্য মূলতঃ অনুবাদমূলক হ’লেও, কবিকুলে ‘পখীসব উৰয় পখা অনুসাৰে। কবিসব নিবন্ধয় লোক ব্যৱহাৰে’ ৰীতি সাৰোগত কৰি দৈনন্দিন জীৱনত প্ৰচলিত লৌকিক ভাষা ব্যৱহাৰৰ দ্বাৰা তাক সুসমৃদ্ধ কৰাৰ আন্তৰিক চেষ্টা কৰিছিল। ভাষাৰ জতুৱা ভংগী, ক্ৰিয়াৰ বিভিন্ন কাল, সর্বনামৰ বিভিন্ন ৰূপ, পুৰুষৰ বিভিন্ন স্তৰ আদিৰ ব্যৱহাৰ এই যুগৰ ভাষাৰ উল্লেখযোগ্য বৈশিষ্ট্য। অতীত আৰু ভৱিষ্যৎ কালৰ ৰূপ— ‘ইল’ আৰু ইব’ কৰ্তানুযায়ী প্ৰয়োগ কৰা হোৱা নাছিল। ক্রিয়া বিভক্তিৰ সলনি ‘হানি এৰে, কৰি এৰো’ আদি বিশেষ ধৰণৰ সংযোগাত্মক প্ৰত্যয়ৰ ব্যৱহাৰ এই যুগৰ ভাষাৰ আন এক উল্লেখযোগ্য বৈশিষ্ট্য। শ, ষ, —ৰ ঠাইত স, খ, ষ— ৰ বিকল্প প্রয়োগ; ঈ আৰু ঊ— কাৰৰ অনুপস্থিতি; ছ—ৰ ঠাইত চ; য— ৰ ঠাইত · জ ইত্যাদি বৈশিষ্ট্যই এই কথাকে অধিক দৃঢ় কৰে।

পঞ্চদশ শতিকাৰ শেষৰফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এক বিৰাট বৈষ্ণৱ সাহিত্য-সম্ভাৰৰ সৃষ্টিৰ পথ মুকলি কৰে। তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ মাধৱদেৱ, অনন্ত কন্দলি, ৰাম সৰস্বতী, ভট্টদেৱ আদি কবি– সাহিত্যিকে উচ্চস্তৰৰ সাহিত্য সৃষ্টি কৰে। ষোড়শ শতিকাৰ শেষভাগ পর্যন্ত বিস্তৃত এইছোৱা সময়ক অসমীয়া সাহিত্যৰ বুৰঞ্জীত শংকৰী যুগ হিচাপে চিহ্নিত কৰা হৈছে। এই যুগৰ ৰচনা-ৰীতিত কেতবোৰ নতুন বিশেষত্বয়ো দেখা দিছিল।

ষোড়শ শতিকাৰ পৰৱৰ্তী কালত অসমীয়া ভাষাত পদ্য সাহিত্যৰ সমান্তৰালভাৱে গদ্য সাহিত্যও ৰচিত হ’বলৈ ধৰে। এই যুগটোক অসমীয়া ভাষাৰ বিকাশৰ বুৰঞ্জীত মধ্যযুগ হিচাপে চিহ্নিত কৰা হৈছে। এই সময়ৰ ভাষাৰ নিদৰ্শন ঘাইকৈ সংৰক্ষিত হৈছে— সত্ৰসমূহৰ পৃষ্ঠপোষকতাত ৰচিত সাহিত্য আৰু বিশেষকৈ চৰিত পুথি। আহোম ৰজাঘৰৰ পোনপটীয়া অনুপ্ৰেৰণাত ৰচিত বুৰঞ্জী সাহিত্য আৰু বিবিধ প্ৰয়োজনত ৰচিত ব্যৱহাৰিক পুথিসমূহৰ মাজত। এই পুথিসমূহৰ মাজেৰে অসমীয়া ভাষাৰ কথিত আৰু সাহিত্যিক ৰূপৰ ব্যৱধান ভালেখিনি হ্রাস পায়। লিখিত ভাষা ক্রমাগতভাৱে কথিত ভাষাৰ ওপৰত নিৰ্ভৰশীল হ’বলৈ ধৰে। প্ৰচলিত তৎসম, তদ্ভৱ আৰু দেশী শব্দৰ উপৰি বিদেশী শব্দ, বিশেষকৈ পাৰ্চী-আৰবী মূলীয় শব্দৰ আমদানিয়ে অসমীয়া শব্দ-ভাণ্ডাৰ যথেষ্ট চহকী কৰি তুলিছে। চৰিত পুথিৰ ভাষাৰ ক্ষেত্ৰত এটা বিশেষভাৱে মন কৰিবলগীয়া কথা হ’ল— সমসাময়িক অন্যান্য সাহিত্যৰ তুলনাত ইয়াৰ ভাষাত বিদেশী শব্দৰ প্ৰয়োগ নিতান্তই সীমিত। সত্ৰীয়া পৰিৱেশ আৰু ধৰ্মৰ প্ৰলেপ ইয়াৰ কাৰণ হ’ব পাৰে।

অসমীয়া সাহিত্যৰ আদি যুগ আৰু মধ্য যুগৰ গদ্য সাহিত্যৰ ভিতৰত প্ৰাচীন চৰিত পুথি। ভট্টদেৱৰ ‘কথাগীতা’ আৰু ‘কথা ভাগৱত’ আৰু আহোম যুগৰ বুৰঞ্জীতো পশ্চিমে অসমৰ উপভাষাৰ নিদৰ্শন স্পষ্ট। আহোম যুগৰ আন গদ্য ৰচনাৰ মাজতো এই উপভাষাৰ শব্দই বিশেষ স্থান লাভ কৰা দেখা যায়। অসমীয়া সাহিত্যৰ আধুনিক যুগৰ সাহিত্যিকসকলৰ ৰচনাতো পশ্চিম অসমৰ উপভাষাৰ সুন্দৰ প্ৰয়োগ কৰা দেখা গৈছে। চৰিত পুথিসমূহৰ সমসাময়িকভাৱে আহোম ৰজাঘৰৰ পৃষ্ঠপোষকতাত যিবোৰ বুৰঞ্জী ৰচিত হৈছিল, সেইবোৰ অসমীয়া ভাষা-সাহিত্যৰ এক অনন্য পৰিগণিত হৈছে। ভাষাতত্ত্ববিদ গ্ৰীয়াৰ্ছনে ‘অসমীয়াসকলে নিজৰ বুৰঞ্জী সাহিত্যক লৈ গৌৰৱ কৰিব পাৰে’ বুলি সঠিক মন্তব্যকে আগবঢ়াই গৈছে। দৈনন্দিন জীৱনৰ কথন-ভঙ্গীৰ সাৰ্থক প্রয়োগে বুৰঞ্জীসমূহৰ ভাষাক জনসাধাৰণৰ কাষ চপাই অনাত সহায় কৰিছে। ইয়াৰ গঠন-ৰীতি নিকপকপীয়া। অনাৱশ্যক শব্দ আৰু বৰ্ণনাৰ বাহুল্য ইয়াত অনুপস্থিত। ভাষা অনাড়ম্বৰ আৰু খাৰাংখাছ। ইয়াৰ ভাষাতাত্ত্বিক বৈশিষ্ট্যবোৰ তলত দিয়া ধৰণে জুকিয়াই উলিয়াব পাৰি।

১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ চুক্তি মৰ্মে অসমৰ শাসনভাৰ ইংৰাজৰ হাতলৈ যোৱাৰ পৰা অসমীয়া ভাষাৰ আধুনিক যুগটোৰ সূচনা হয়। ১৮১৩ চনত আত্মাৰাম শৰ্মাই বাইবেল অনুবাদ কৰাৰে পৰা দৰাচলতে আধুনিক অসমীয়াৰ বীজ অঙ্কুৰিত হয়। মিছনেৰীসকলে গঢ় দিয়া ভাষাটো আছিল শিশুৰ থুনুক-থানাক মাতৰ দৰে। তদুপৰি, মিছনেৰীসকল ইংৰাজী ভাষী হোৱা হেতুকে লাহে লাহে অসমীয়া বাক্যৰীতিত ইংৰাজী বাক্যৰ গাঁথনিক প্ৰভাৱ পৰিবলৈ লয়। ইংৰাজী শব্দৰ সমাৰ্থকৰূপে নতুন নতুন অসমীয়া শব্দ সাজি উলিওৱাটো এই সময়ৰ ভাষাৰ অন্য এটা উল্লেখযোগ্য বিশেষত্ব।

ভাষাৰ সৈতে সমাজৰ সম্পৰ্ক নিকপকপীয়া। একেটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে । সমাজ বিশেষৰ গতি-গোত্ৰৰ সন্ধান তাৰ ভাষা অধ্যয়ন কৰিলেই পোৱা যায় ৷ উল্লিখিত লেখকসকলৰ উপৰি পৰৱৰ্তী সময়ত ত্ৰৈলোক্য নাথ গোস্বামী, তীর্থনাথ শৰ্মা, মহেশ্বৰ নেওগ, হীৰেণ গোঁহাই আদি বিশিষ্ট লেখকসকলৰ বৰঙণিৰে অসমীয়া ভাষাই যথেষ্ট পৰিপুষ্টি লাভ কৰিছে৷ তদুপৰি গোলোকচন্দ্ৰ গোস্বামী আৰু উপেন্দ্ৰ নাথ গোস্বামীয়ে অসমীয়া ভাষাৰ গাঁথনিক দিশবোৰ আধুনিক ভাষাবিজ্ঞান— তত্ত্বৰ সহায়ত পুংখানুপুংখভাৱে বিশ্লেষণ কৰি ইয়াৰ ভেঁটি আৰু অধিক সবল কৰি তুলিছে।

এইখিনিতে প্রাচীন অসমীয়া সাহিত্য, বুৰঞ্জী সাহিত্য, ‘অৰুনোদই’ আৰু আন সাহিত্য আদিত পোৱা আৰু কামৰূপ উপভাষাৰ বৈশিষ্ট্যৰূপে থকা সংস্কৃতৰ উষ্ম ধ্বনি (শ, ষ, স)ৰ ‘খ’লৈ হোৱা সুকীয়া পৰিবৰ্তনৰ কথাটোও চাবলগীয়া। এই পৰিবৰ্তনটো আন প্ৰাকৃতত পোৱা নাযায়।

অসমীয়া ভাষাৰ সাম্প্ৰতিক ৰূপটো এনেকুৱাই। লিখিত ভাষাটোতো ই যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাইছে। আনকি ভাষা সচেতনৰূপে জনাজাত লেখকসকলো অজ্ঞাতসাৰে এই ভাষাৰ প্ৰভাৱৰ আওতাত সোমাই পৰিছে। আধুনিক ভাষাবিজ্ঞানীসকলে লিখিততকৈ কথিত ভাষাৰ বিশ্লেষণৰ অধিক গুৰুত্ব দিয়ে। এই ফালৰ পৰা অসমীয়া ভাষাত অতি সাম্প্রতিক কালত সোমাই পৰা এই ভাষাগত উপাদানবোৰক ভাষাটোৰ নিজস্ব সম্পদবোৰ গণ্য কৰা হ’ব নে নাই সি এক মৌলিক প্রশ্ন। ‘ভাষাৰো এটা manner আছে। যেয়ে যি কয় সেয়ে শুদ্ধ কথাও মানি ল’বলৈ টান। অৱশ্যে বিচাৰত ভাল-বেয়া, ভুল-শুদ্ধ সমাজে গ্ৰহণ কৰা নকৰাৰ ওপৰত নিৰ্ভৰশীল।’ ভাষাৰ বৈয়াকৰণিক আলোচনাৰ প্ৰসঙ্গত ব্ৰিটিছ ভাষাতাত্ত্বিক ফ্রেংক পামাৰে এনে উক্তিৰেই সমস্যাটোৰ সমাধান সূত্ৰ আগবঢ়াইছে।

১১। আৰ্যসকলৰ প্ৰব্ৰজন সম্পৰ্কে এটি আলোচনা আগবঢ়োৱা।

উত্তৰঃ প্রাচীন সাহিত্য, বেদ, উপনিষদ, শিলালিপি, প্রত্নতাত্ত্বিক নিদর্শন, প্রাচীন ইতিহাস, বৌদ্ধ শাস্ত্ৰ, বিদেশী পৰিব্ৰাজকৰ বিৱৰণ আদিতেই সোমাই আছে ভাৰত বুৰঞ্জীৰ অধ্যয়নৰ সমল। ভাৰতৰ প্ৰাচীন সভ্যতা হ’ল সিন্ধু সভ্যতা। বুৰঞ্জী বিদসকলৰ মতে এই সভ্যতা হ’ল খ্ৰীষ্টপূৰ্ব ৫০০০ বছৰৰ আগৰ। প্রত্নতাত্ত্বিক সমলৰ পৰা দেখা যায়। সিন্ধু উপত্যকাৰ সভ্যতা অতি উন্নত মানৰ আৰু আধুনিক বিজ্ঞানসন্মত আছিল।

খ্রীষ্টপূর্ব ১৫০০ চন মানত আৰ্যসকলৰ ভাৰতলৈ আগমন ঘটে। তেওঁলোকে অনার্য দ্ৰাৱিড়সকলক ভাৰতৰ উত্তৰ অঞ্চলৰ পৰা খেদি পঠিয়াই নিজে থিতাপি লয় । আৰ্যসকল ভাৰতলৈ অহাৰ লগে লগে জাতিভেদ প্রথা, বিভিন্ন ধর্মীয় সংস্কাৰ আদিৰ প্ৰচলন হ’বলৈ ধৰে। এই সময়ছোৱাত বেদ, উপনিষদসমূহ ৰচিত হয় ৷

আর্য শব্দৰ অৰ্থ হ’ল— ‘সৎ বংশজাত’। আনহাতেদি মেক্সমূলাৰ, উইলিয়াম জন্‌চ আদিৰ মতে আর্য মানে হ’ল— ভাষাৰ নাম। আর্য শব্দটো জাতিবাচক নহয়। কিন্তু ভাৰতবৰ্ষত “আর্য” শব্দটো জাতিবাচক অৰ্থতেই ব্যৱহাৰ কৰি অহা হৈছে। আৰ্যসকলৰ ভাষা আছিল ইণ্ডো-ইউৰোপীয়।

এই আৰ্যসকলৰ আদিৰ বাসস্থান ক’ত আছিল সেই বিষয়ে মতভেদ আছে। মংগোলীয়সকলে অসমলৈ অহাৰ সময়ত আৰ্যসকলেও উত্তৰ-পশ্চিম কোণেদি ভাৰতত প্ৰৱেশ কৰিছিল। স্থানীয় দ্রাৱিড় অধিবাসীসকলক দক্ষিণলৈ খেদি দি তেওঁলোকে গাংগেয় সমভূমি। গংগা উপত্যকা অতিক্ৰম কৰি ক্ৰমে ক্ৰমে সমগ্ৰ উত্তৰ ভাৰতত বিয়পি পৰিল। ইয়াৰে কিছুমান আৰ্যই পূব ফাললৈ অগ্ৰসৰ হৈ বিহাৰ আৰু উত্তৰ বংগৰ মাজেদি আহি অৱশেষত অসমত প্ৰৱেশ কৰিলে ৷ অৱশ্যে শাৰীৰিক লক্ষণ বিচাৰ কৰিলে অসমত আৰ্য ৰক্তৰ পৰিমাণ সতকাই চকুত নপৰে। বিশুদ্ধ আৰ্য ৰক্তৰ অসমীয়া ঘাইকৈ ব্ৰাহ্মণ পণ্ডিতসকলৰ বংশধৰসকলৰ মাজতহে সেৰেঙাকৈ দেখা যায়। এই পণ্ডিতসকলক তেওঁলোকৰ জ্ঞান-গৰিমা আৰু উন্নত সংস্কৃতিৰ কাৰণে অসমৰ আৰ্যোত্তৰ ৰজাসকলে তেওঁলোকৰ নিজৰ বাসভৱনলৈ অনাইছিল। আনহাতে বহিৰাগত আৰ্যসকলৰ লগত স্থানীয় মহিলাৰ বৈবাহিক মিলনৰ ফলতো এটা নতুন সম্প্ৰদায়ৰ সৃষ্টি হৈছিল। 

এনেদৰেই অসমত আৰ্য সভ্যতাই বিস্তাৰ আৰু প্ৰাধান্য লাভ কৰিছিল। অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত ঘাইকৈ আর্য- বংশোদ্ভূত লোকৰ বসতি দেখা যায় ৷ আৰ্যসকলৰ আদি বাসস্থানৰ বিষয়ে বিভিন্ন পণ্ডিতে বিভিন্ন মতামত দাঙি ধৰিছে। বহুতো পণ্ডিতে কয় যে আর্যসকল বাহিৰৰ পৰা অহা নহয়। তেওঁলোক ভাৰতৰেই অধিবাসী। এওঁলোকৰ বাসস্থান আছিল সপ্তসিন্ধু। (গঙ্গা, যমুনা, শতদ্ৰু, সৰস্বতী, সিন্ধু, মৰুদ্ধধা, আর্ষিকীয়— এই সাতখন নদীক সপ্তসিন্ধ বুলি কোৱা হৈছিল)। 

আনহাতে আন বহুতো পণ্ডিতে ক’ব খোজে যে— আৰ্যসকল ভাৰতৰ আদি অধিবাসী নহয়। তেওঁলোক বাহিৰৰ পৰা অহা। আৰ চি মজুমদাৰে কয় যে— আৰ্যসকল ভাৰতৰ অধিবাসী আৰু ভাৰতৰ পৰাহে তেওঁলোকে অন্য ঠাইলৈ গৈ তেওঁলোকৰ ভাষা অন্য মানুহৰ ওপৰত জাপি দিছিল আৰু গ্ৰীক, ৰোমানসকল ভাৰতৰ পৰা যোৱা আৰ্যসকলৰ বংশধৰহে ৷ প্ৰধানকৈ মেক্সমূলাৰে বিশ্বাস কৰিছিল যে আৰ্যসকল মধ্য এছিয়াৰ আদিবাসী।

কালিকা পুৰাণ মতে, নৰক ভগদত্তই অসমত ইণ্ডো-এৰিয়ানসকলক প্রতিষ্ঠা কৰিছিল। ভাস্কৰ বৰ্মনৰ ডুবী আৰু নিধনপুৰ তাম্ৰলিপিয়ে প্রমান কৰে যে খ্ৰীষ্টীয় ষষ্ঠ শতিকাতেই ব্ৰাহ্মণসকলৰ প্ৰতিনিধিত্বৰে ইণ্ডো-এৰিয়ানসকলৰ অসমত প্ৰৱেশ ঘটে। একাংশ ইতিহাসবিদৰ মতে অসমলৈ (কামৰূপ) দক্ষিণ দিশেৰে অহাৰ উপৰি আৰ্যসকলৰ প্ৰৱেশ ঘটিছিল হিমালয়ৰ পাদদেশৰ উত্তৰ দিশেৰেও। ফলস্বৰূপে সেই আৰ্যসকলৰ মাজত তিব্বতবৰ্মীয়-মংগোলীয় প্ৰভাৱ পৰিছিল। যাৰ কাৰণেই শাৰীৰিক অৱয়ব ভাষা-সংস্কৃতি আদিত অসমৰ ইণ্ডো-এৰিয়ানসকল ভাৰতৰ অন্য আৰ্যসকলতকৈ পৃথক। আৰ্যসকলৰ অসমলৈ প্ৰব্ৰজন কৰা সময়ৰ আভাস পোৱা যায়— প্রাচীন অসমত প্রচলিত তন্ত্র- মন্ত্ৰ- ইন্দ্ৰজালনৰ- বলি প্রভৃতি ধর্মীয় লোকাচাৰসমূহত। কিয়নো তেওঁলোকে চীন-তিব্বতীয় ধর্মীয়-সাংস্কৃতিক প্ৰভাৱো কঢ়িয়াই আনিছিল। ইয়াৰ ফলস্বৰূপে তেওঁলোকৰ (আৰ্যসকলৰ) আচাৰ-ব্যৱহাৰ, ধৰ্মীয় নীতি, ধৰণকৰণ আদিয়ে অসমৰ জনজাতীয় সমাজখনক ব্যাপকভাৱে প্ৰভাৱিত কৰিছিল।

১২। আর্যভাষা আৰু আৰ্যভিন্ন ভাষাৰ সমাহৰণেৰে বৃহত্তৰ অসমীয়া ভাষা-সম্প্ৰদায়ৰ গঠন কিদৰে হৈছে? এটি প্ৰৱন্ধ যুগুত কৰা।

উত্তৰঃ অসমৰ ভাষা অসমীয়া। এই অসমীয়া ভাষা এটা সুপ্রাচীন ভাষা। ই আৰ্যগোষ্ঠীৰ ভাষা। আৰ্যসকল অসমলৈ অহাৰ আগতে ই অনাৰ্য গোষ্ঠীৰ বাসস্থান আছিল। প্রাচীন ভাৰতীয় আর্যভাষা বিশেষ ক্রমবিৱৰ্তনৰ মাজেদি আহি খ্ৰীষ্টীয় দশম, একাদশ, শতিকা:মানত অসমীয়া ৰূপ ল’বলৈ আৰম্ভ কৰে। ইয়াত বাস কৰা তিব্বতবৰ্মী আৰু অষ্ট্ৰিকসকলৰ ভাষাৰ প্ৰভাৱ অসমীয়া ভাষাৰ ওপৰত পৰিছে। নদীৰ নাম, ঠাইৰ নাম, ধ্বন্যাত্মক শব্দ আৰু ঘৰুৱা বহু শব্দ অনার্য ভাষাৰ পৰা আহিছে। আদিম ভাষাৰ সংস্পৰ্শত আর্য ভাষাই কৌলীন্য হেৰুৱাই ই দ্রুত গতিত পৰিৱৰ্তিত হ’বলৈ ধৰিলে।

প্রাচীন কামৰূপৰ ৰজাসকল দানৱ বা অসুৰ বুলি পৰিচিত হ’লেও তেওঁলোকে আর্যভাষাৰ প্ৰসাৰত বিশেষ গুৰুত্ব দিয়ে। কালিকা পুৰাণৰ মতে, নৰকাসুৰে প্ৰথমতে কিৰাতসকলক পূৰ্বে পূব দিক্কৰবাসিনী আৰু দক্ষিণে সাগৰৰ ফালে খেদি কামৰূপত ব্ৰাহ্মণ আৰু উচ্চবৰ্ণৰ লোকসকলক প্ৰতিষ্ঠা কৰে। ব্ৰাহ্মণ্য ধৰ্মৰ বিস্তাৰ হোৱাৰ লগে লগে আর্যভাষা অসমৰ প্ৰধান ভাষাৰূপে চলিবলৈ ধৰিলে।

ভাৰতীয় আর্য ভাষাই ধ্বনিগত আৰু ব্যাকৰণগত পৰিৱৰ্তন লাভ কৰি প্ৰাকৃত আৰু অপভ্রংশৰ মাজেদি আধুনিক ভাৰতীয় আর্য ভাষাত পৰিণত হৈছে। এই স্তৰবোৰ এনেদৰে বিশ্লেষণ কৰি দেখুৱাব পাৰি—

(ক) বৈদিক সংস্কৃত ভাষাৰ স্তৰঃ বৈদিক ভাষা আৰু সংস্কৃত ভাষাই হ’ল প্রথম স্তৰৰ ভাষা। বৈদিক ভাষাক কথিত ভাষাৰ সমন্বয়ত পৰিমাৰ্জিত ৰূপদান কৰিলে সংস্কৃত ভাষাই৷ সংস্কৃত ভাষা অভিজাত আৰ্যসকলৰ সাহিত্য-সংস্কৃতিৰ মাধ্যম ৰূপে প্ৰসিদ্ধি লাভ কৰি সৰ্বভাৰতীয় সাহিত্যৰ মাধ্যমৰূপে প্রতিষ্ঠিত হয়।

(খ) প্রাকৃত ভাষাঃ বৈদিক যুগৰ প্ৰচলিত কথিত আর্য ভাষা ক্ৰমে পৰিৱৰ্তিত আৰু সৰল হৈ প্ৰাকৃত ভাষাৰূপে পৰিগণিত হয়। প্রাকৃতৰ স্তৰ ৰূপ তিনিটা

(১) আদি প্ৰাকৃতঃ অশোকৰ শিলালিপি, পালি ভাষাত লিখা ত্রিপিটক আদি বৌদ্ধ শাস্ত্ৰত আদি প্ৰাকৃতৰ নিদৰ্শন পোৱা যায় ৷

(২) মধ্য প্রাকৃতঃ সংস্কৃত নাটত ব্যৱহৃত প্রাকৃত, হলিৰ গথা সপ্তশ্ৰীত, বাকপতিৰাজৰ গৌড়হবহো ইত্যাদি গ্রন্থত মধ্য প্রাকৃতৰ নিদৰ্শন পোৱা যায় ৷

(৩) অন্ত্য প্ৰাকৃতঃ অন্ত্য প্রাকৃত বুলিলে অপভ্রংশক বুজায়। এই প্রাকৃতৰ সাহিত্যৰ নিদৰ্শন পোৱা যায়— সন্দেশৰাসক, বজজালগ্নত।

অসমীয়া ভাষাই ভাৰতীয় আন আর্য ভাষাৰে সৈতে সম্বন্ধ স্থাপনে এইটো প্ৰমাণিত কৰে যে— অসমীয়া ভাষাৰ প্ৰধান সুঁতিটো পশ্চিম ফালৰ পৰা বোৱা আৰ্য-সুঁতি। অসমীয়া ভাষাৰ প্রধান সুঁতিটো আর্যভাষাৰ সুঁতি বুলি কোৱাৰ আন এটা কাৰণ এয়ে যে ইয়াৰ ব্যৱহাৰ হোৱা বেছিভাগ শব্দ প্রাচীন ভাৰতীয় আর্যভাষাৰ পৰা ধ্বনিৰ কিছু সলনি ঘটি নাইবা প্রাচীন ভাৰতীয় আর্যভাষাৰ পৰা মধ্যভাৰতীয় আর্যভাষাৰ মাজেদি বিকশিত হৈ যোৱা অৰ্ধতৎসম আৰু তদ্ভৱ শব্দ৷ এই সংক্রান্তত ঘৰ, দুৱাৰ, হাত, ভৰি, চকু, কাণ, নাক, দাঁত, জুই, পানী, ভালুক, হাতী, গৰু, মাছ, কাছ আদি শব্দবোৰ চাব পাৰি। অসমীয়া শব্দ বিভক্তি আৰু ক্ৰিয়া-বিভক্তি কিছুমানৰ মূল সংস্কৃত ভাষাত পোৱা যায়। অসমীয়া ভাষাৰ মূল আৰ্যসুঁতিত আন সুঁতিও আহি মিলিছে৷ এইক্ষেত্ৰত অসম আৰু অসমৰ ওচৰ-পাঁজৰৰ ৰাজ্যসমূহত প্ৰচলিত অষ্ট্ৰিক আৰু বিশেষভাৱে চীন-তিব্বতীয় ভাষা-পৰিয়ালৰ ভাষাসমূহৰ কথা উল্লেখ কৰিবলগীয়া। অনা-আর্য বা জনজাতীয় বা থলুৱা এই ভাষাবোৰৰ প্ৰভাৱত অসমীয়া ভাষাটোৱে এটা সুকীয়া গঢ় ল’বলৈ সমৰ্থ হৈছে। 

অসমীয়া, ধ্বনিতত্ত্ব, ৰূপতত্ত্ব, শব্দ-ভাণ্ডাৰ অসমৰ ঠাইৰ নাম, নদীৰ নাম আদি সকলো দিশতে এই ভাষাবোৰৰ প্ৰভাৱ আৰু অৱদান প্ৰচুৰ। এই অনাআর্য ভাষা-গোষ্ঠীৰ ক্ষেত্ৰত চীন-তিব্বতীয় ভাষা-গোষ্ঠীৰ ভাষা কিছুমানৰ অৱস্থিতি বিশেষভাৱে গুৰুত্বপূৰ্ণ। বৰ্তমান অসমৰ উপৰি অসমৰ ওচৰ-পাঁজৰৰ ৰাজ্যবোৰত প্ৰচলিত ভাষাবোৰ প্ৰধানকৈ এই গোষ্ঠীৰ অন্তৰ্ভুক্ত। ইয়াৰে অন্তৰ্গত বড়ো উপশাখাৰ ভিতৰত বড়ো ভাষা কোৱা লোকৰ সংখ্যা বেছি। বড়ো কছাৰী আৰু দেউৰী-চুতীয়া ভাষাত শব্দৰ তিনিটাকৈ সুৰ পোৱা যায় ৷ দেউৰী-চুতীয়া ভাষাত তালব্য স্পৰ্শ ‘চ, জ’ ধ্বনিৰ উপৰিও অসমীয়া মান্য ভাষা আৰু কামৰূপী উপভাষাৰ বিশিষ্টধ্বনি ‘স’ৰ ব্যৱহাৰ আছে। 

অষ্ট্ৰিক আৰু প্ৰধানভাৱে চীন-তিব্বতীয় পৰিয়ালৰ বিভিন্ন ভাষাৰ পৰিৱেষ্টনৰ মাজত সোমাই অসমীয়া ভাষাটোৰ বিকাশৰ পথত আগবাঢ়িল। তাৰ ফলত অসমীয়া ভাষাই এটা সুকীয়া ৰূপ লাভ কৰিলে। বিশেষকৈ ধ্বনিতত্ত্ব আৰু ৰূপতত্ত্বৰ ক্ষেত্ৰত এই বিশেষত্ব পৰিলক্ষিত হয়। ধ্বনিতত্ত্বৰ দিশৰ পৰা চালে অসমীয়া ভাষাত কেইটামান কথা স্পষ্ট ৰূপে দেখা যায়। সংস্কৃতত দন্ত্য আৰু মূর্ধণ্য ধ্বনিৰ ভিতৰত পাৰ্থক্য আছে। কিন্তু অসমীয়া মান্য ভাষা আৰু কামৰূপী উপভাষাত এই দুয়োবিধ ধ্বনিৰ ক্ষেত্ৰত দন্ত্যমূলীয় ধ্বনিহে শুনা যায়। অসমীয়া মান্য ভাষা আৰু কামৰূপী উপভাষাত সংস্কৃতৰ উষ্ম ধ্বনিবোৰ অসংযুক্ত হ’লে সচৰাচৰ ‘স’ ৰূপে উচ্চাৰিত হয়। (গোৱালপৰীয়া ‘দেশী-ভাষা’ত এই ধ্বনি নাই)। অসমীয়া মান্য ভাষা আৰু কামৰূপী উপভাষাত দেখা এই বৈশিষ্ট্যবোৰৰ গুৰিত তিব্বতবৰ্মীয় ভাষাৰ প্ৰভাৱ বুলি ভাষাবিজ্ঞানীসকলে মন্তব্য দিছে। ঠিক তেনেদৰে—হাতখন, কাণখন, কপালখন, চকীখন; মানুহ-টো, আঙুলি-টো, কলম-টো (কিন্তু পেঞ্চিলডাল) হাতী-টো, মাখী-টো— অসমীয়া ভাষাৰ এই বৈশিষ্ট্যটোত চীন-তিব্বতীয় ভাষাৰ প্ৰভাৱ আছে। অসমীয়া ভাষাৰ নিচিনা আনকি অসমীয়া ভাষাৰে কিছুমান নির্দিষ্টতাবাচক প্রত্যয় বড়ো ভাষাত ব্যৱহাৰ হোৱা দেখা যায়; যেনে—মুখা, আখি -হালি, জোৰা ইত্যাদি। প্রতিধ্বন্যাত্মক শব্দৰ ব্যৱহাৰ অসমীয়া ভাষাৰ আন এটা বৈশিষ্ট্য; যেনে— ভাত-চাত, চেনি-টেনি, দেউৰী-চুতীয়া ভাষাতো এই নিয়ম আছে; যেনে – চিঙ-পিঙ, নিমখ-চিমখ, বাটি-চাটি।

তিব্বতবর্মীসকলে ঘাইকৈ নদীৰ পাৰত বাস কৰিছিল সেইবাবে পানী বুজোৱা বড়ো ‘দি’ শব্দৰে গঠিত অসমৰ নদীৰ নাম হৈছে। তিব্বতবৰ্মীৰ পৰা অহা কিছুমান শব্দ হৈছে— হাফলু, বোন্দা, ডাউক, শিলিখা ইত্যাদি। ক্রিয়াপদৰ ভিতৰত চেলেক, চেকুৰ, চেপ আদি। তিব্বতবর্মী (বড়ো) প্রত্যয়ৰ সংযোগত পেখম, লেহম, দহেচীয়া, কেৰেচীয়া আদি শব্দ অসমীয়ালৈ আহিছে।

নঞ বা নাস্তি অৰ্থ বুজাবলৈ অসমীয়াত ক্ৰিয়াৰ আগত নাস্ত্যৰ্থক ৰূপ ‘ন’যোগ হয় আৰু প্রথম স্বৰধ্বনি অনুসৰি‘ন’ৰ ‘অ’ স্বৰধ্বনিৰ সমীভৱন হয়, যেনে—নমৰে, নামাৰে, নেমাৰে, নুশুনে। অসমীয়া ভাষাৰ এই বৈশিষ্ট্যটো সম্পূৰ্ণৰূপে চীন-তিব্বতীয় ভাষাৰ প্ৰভাৱত গঢ়ি উঠা। অসমীয়া ভাষাৰ ‘বোৰ’ আৰু ‘বিলাক’ এই বহুবচনৰ প্ৰত্যয় দুটাৰ মূল চীন-তিব্বতীয় ভাষা।

টাই আহোম ভাষাৰ পৰা অহা শব্দ কিছুমান হ’ল— খাং, ফাং, ‘মিছা কথা’, জান (পানী বোৱা), জিন (নিস্তদ্ধ) বুৰঞ্জী, কাৰেং, মাইহাং, ৰংঘৰ, চকলং, লিকচৌ, খুতৰা (শাক) ইত্যাদি। বিষয়া বা উপাধি বুজাবলৈ কিছমান শব্দ আৰু আহোমসকলৰ মাজত প্ৰচলিত সম্বন্ধবাচক কিছুমান শব্দ আহোম ভাষাৰ; যেনে— ফুকন, চাওড়াং, মোহন, নিচাদেউ, এপাদেউ, পুথও, আথাও, আপুটি ইত্যাদি। বিষয়া বা উপাধি বুজোৱা আন শব্দ কিছুমান আহোম ভাষাৰ অনুবাদ হিচাপে ব্যৱহাৰ কৰা দেখা যায়; যেনে— হাজৰিকা, (বৰিঙ, ৰমূৰ, ৰিঙ-হাজাৰ),শ‍ইকীয়া (ৰু-পাক, পাক-শ), স্বৰ্গদেউ (চাও-ফা, চাও-দেৱতা, ফা-স্বৰ্গ)। অসমীয়াত সচৰাচৰ ব্যৱহাৰ হোৱা আৰু কিছুমান শব্দক আহোম ভাষাৰ অৱদানস্বৰূপে দেখুওৱা হৈছে—আফু, আউনি (পাণ),কাকিনী (তামোল, কেৰু, খাপ (খলপ),খোৰোং, চাং (ভাও),জাঁই (উঠ),ঠন (ধৰ্‌) ইত্যাদি। ডঃ বাণীকান্ত কাকতিয়ে ‘অসম’ শব্দটোৰ মূল টাই ‘ছাম’ ধাতু বুলি যুক্তি আগবঢ়াইছে। টি বা তি আগত থকা স্থানবাচক শব্দ কিছুমানক আহোম ভাষাৰ বুলি ধৰা হয়; যেনে— টিয়ক, তিপাম, টিৰাপ, টিংখাং আদি। আদি অংশত ‘নাম’ থকা নৈ কেইখনমান হ’ল— নামদাং, নামচাং, নামৰূপ, নামজিন ইত্যাদি।

অষ্ট্রিক ভাষীসকলে ঘাইকৈ পৰ্বতত বাস কৰিছিল। ডঃ কাকতিয়ে পর্বত সম্পৰ্কীয় ঠাইবোৰৰ নামাকৰণৰ ওপৰত অষ্ট্ৰিক প্ৰভাৱ আছে বুলি উল্লেখ কৰিছে। যেনে— প্ৰাগজ্যোতিষ, কামৰূপ, কামাখ্যা, তেজপুৰ ইত্যাদি। স্থান নির্দেশক প্রত্যয় কিছুমানো অষ্ট্ৰিক ভাষাৰ পৰা আহিছে। ত, তে, তেক, তিৱা ইত্যাদি অষ্ট্ৰিক প্ৰত্যয়ৰ চিন। যেনে— চামতা, ধৰমতুল, বকতা ইত্যাদি। পানী বুজোৱা শব্দ যেনে— একুৰি, দুকুৰি ইত্যাদি। পোন, গণ্ডা বুজোৱা শব্দ একপোন, দুইপোন, এক গণ্ডা ইত্যাদি অষ্ট্ৰিকৰেই অৱদান। গজ, মাতংগ, হাতী, মেথোন, জহামাল, কেৰ্কেটুৱা, হাপা, কুকুৰনেচীয়া, টিয়া, উই, কপৌ, তেজপিয়া আদি জীৱ-জন্তু বিষয়ক শব্দ অষ্ট্ৰিকৰ পৰা অসমীয়াত আহিছে। অসমীয়াত প্রচলিত বাঁহৰ লগত সম্বন্ধ থকা শব্দসমূহে এই কথা সূচায়; যেনে— জঁপা, জেং, টোপা (পাচি), কঁটলা (বাঁহ কটলা),টোকোন, বাও (খৰাহি-পাচিৰ)।

কালিৰাম মেধিয়ে কুৱাং (কুকুৰ),কাবু, বাখৰ,‘বাৰুদ’, লিতিকাই আদি শব্দ খাছি ভাষাৰ পৰা; আলহী, কেৰেপ, হোৰা ‘বোকোচা’,কাকদোঙা, কলং (নৈ), লামড়িং, মৌকুলি (মেকুৰী) ) আদি শব্দ মিকিৰ (কাৰ্বি) ভাষাৰ পৰা; কুৰুৱা, কেটেঙা, জিক্, হজুৱা, দৰং আদি শব্দ দেউৰী ভাষাৰ পৰা; আই ‘মা’,দোং, পেংলাই, ফতিকা, ফাইদাং, বৰলা, হোজাই (ঠাই) আদি শব্দ কছাৰী ভাষাৰ পৰা আৰু চিচি (নৈ) শব্দ মিচিং ভাষাৰ পৰা অহা বুলি দেখুৱাইছে। অসমীয়া ভাষালৈ দ্রাবিড়ীয় ভাষাৰ বৰঙণি সম্পর্কে বিশেষ অধ্যয়ন হৈ উঠা নাই। কালিৰাম মেধিয়ে অসমীয়া ভাষাত সংস্কৃতৰ নিচিনা বিশেষ্য শব্দৰে সৈতে একেধৰণে বিশেষণ-শব্দৰ লিংগৰ পৰিৱৰ্তনহীনতাত দ্ৰাবিড়ীয় ভাষাৰ প্ৰভাৱৰ কথা উনুকিয়াব খোজে ৷ মেধিয়ে আকৌ অসমীয়া শব্দ কেইটামানৰ মূল দ্রাবিড়ীয় ভাষা বুলি কৈছে; যেনে— আই (বসন্ত),আমৈ, চিনা (জোক),তেঁউৰ (মিৰ্গি-বেমাৰ),উৰুখ, হোঁপ্, নদীবাচক আৰু আলু (ভৰলু)। গুণাভিৰাম বৰুৱাৰ ‘ৰামনৱমী’ নাট আৰু পদ্মাৱতী দেৱী ফুকননীৰ ‘সুধৰ্মাৰ উপাখ্যান’ নামৰ পুথি দুখনিত ‘হঁত’ অৰ্থৰ বহুবচনাত্মক অৰু/উৰু প্ৰত্যয়ৰ ব্যৱহাৰ পোৱা যায়; যেনে—মোমাই-অৰুৰ (ঘৰ), সখী উৰুৰ (তালৈ); সত্যবান উৰু, সুধর্মাউৰু। এই প্রত্যয়টো দ্রাবিড়ীয় ভাষাৰ প্ৰভাৱৰ ফল হ’ব পাৰে । দ্রাবিড়ীয় কুৱি ভাষাৰ লক্ষীপুৰ উপভাষাত বহুবচনাত্মক এটা প্ৰত্যয় হৈছে—

ৰু “জুলি, জুৰি, পুৰ, কুৰ, পুৰি, ভিটি, ভিটা আদি স্থানবাচক নামৰ অন্তত থকা শব্দাংশ দ্রাবিড় ভাষাৰ পৰা অহা বুলি অনুমান কৰা হৈছে। 

বিভিন্ন ভাষা-ভাষী লোকৰ সংমিশ্ৰণৰ ফলত বৃহত্তৰ অসমীয়া ভাষা-সম্প্রদায় গঠন হৈছে। ইয়াৰ ফলত কেতবোৰ পতুগীজ শব্দ সোমাই পৰিছে। তাৰ কিছুমান তলত দিয়া হ’ল— আচাৰ, আনাৰস, আলপিন, আলমাৰি, আয়না, ইষ্ট্রি, ইস্পাট, ইংৰাজ, কামিজ, ওলণ্ডাজ, কাজু, কবি, খ্রীষ্টান, গীর্জা, গামলা, গুদাম, মেজ, চাবি, ছাগু, ধপাঁত, নিলাম, পাতি (হাঁহ), পাদুৰি, ফিটা, ফটকা, বুটাম ইত্যাদি। ফৰাছী ভাষাৰ কাৰ্তিজ, কুপন; ওলণ্ডাজৰ ইছক্ৰুপ, ছিৰ্তন, কর্তন, ইস্কাপন; জাপানী ভাষাৰ ৰিক্‌ছা, হাৰাকিৰি; চীনা ভাষাৰ চাহ, লিচু; ইত্যাদি শব্দও অসমীয়াত সোমাইছেহি।

এইদৰে বিভিন্ন আর্য-অনার্য ভাষাৰ সমাহৰণেৰে বৃহত্তৰ অসমীয়া ভাষা-সম্প্ৰদায়ৰ গঠন হৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top