অসমীয়া ভাষা আৰু লিপি Unit 2 অসমীয়া ভাষা আৰু উপভাষা

অসমীয়া ভাষা আৰু লিপি Unit 2 অসমীয়া ভাষা আৰু উপভাষা, College and University Answer Bank for BA, and Post Graduate Notes and Guide Available here, অসমীয়া ভাষা আৰু লিপি Unit 2 অসমীয়া ভাষা আৰু উপভাষা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. অসমীয়া ভাষা আৰু লিপি Unit 2 অসমীয়া ভাষা আৰু উপভাষা Question Answer can be of great value to excel in the examination.

অসমীয়া ভাষা আৰু লিপি Unit 2 অসমীয়া ভাষা আৰু উপভাষা

Join Telegram channel

অসমীয়া ভাষা আৰু লিপি Unit 2 অসমীয়া ভাষা আৰু উপভাষা Notes cover all the exercise questions in UGC Syllabus. অসমীয়া ভাষা আৰু লিপি Unit 2 অসমীয়া ভাষা আৰু উপভাষা The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

অসমীয়া ভাষা আৰু উপভাষা

অসমীয়া ভাষা আৰু লিপি

অতি চমু প্রশ্নোত্তৰঃ

১। অসমীয়া ভাষা মূলতঃ কি ভাষা?

উত্তৰঃ মগধীয় ভাষা।

২। অসমীয়া ভাষাৰ প্ৰধান সুঁতিটো কি ভাষাৰ সুঁতি?

উত্তৰঃ আর্যভাষাৰ।

৩। ডঃ বাণীকান্ত কাকতিয়ে উপভাষাক কেইটা ভাগত ভগাইছে? 

উত্তৰঃ দুটা ভাষাত ভগাইছে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। গোলকচন্দ্ৰ গোস্বামীয়ে উপভাষাক কেইটা ভাগত ভগাইছে?

উত্তৰঃ দুটা।

৫। উপেন্দ্ৰ নাথ গোস্বামীৰ মতে উপভাষাৰ ভাগ কেইটা?

উত্তৰঃ তিনিটা।

৬। কোনটো উপভাষাক অসমীয়া ভাষাৰ প্ৰধান উপভাষা হিচাপে গণ্য কৰা হয়?

উত্তৰঃ কামৰূপী উপভাষাক।

৭। বৰ্তমান অসমৰ মান্য ভাষা কোন অঞ্চলৰ কঠিত ৰূপৰ ওপৰত গঢ় লৈ উঠা? 

উত্তৰঃ শিৱসাগৰ অঞ্চলৰ।

৮। ভাষা আৰু উপভাষা সৃষ্টিৰ মূল কাৰণ কি ?

উত্তৰঃ সাংস্কৃতিক কেন্দ্ৰৰ সাল-সলনি।

৯। শতম শাখাৰ এটা প্ৰধান ভাগৰ নাম লিখা? 

উত্তৰঃ আর্য।

১০। বেণীমাধৱ বৰুৱাই প্ৰাক আহোম যুগৰ কথিত ভাষাটোক কি নাম দিছিল? 

উত্তৰঃ কামৰূপী প্রাকৃত।

চমু আৰু বচনাধৰ্মী প্রশ্নোত্তৰঃ

১। উপভাষাৰ সৃষ্টি কেনেকৈ হয়? অসমীয়া ভাষাৰ উপভাষা সৃষ্টিৰ প্ৰধান কাৰণসমূহ বিশ্লেষণ কৰি এটি চমু প্ৰবন্ধ যুগুত কৰা।

উত্তৰঃ কোনো ভৌগোলিক পৰিবেষ্টনৰ ভাষা এটাৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা সুকীয়া ৰূপেই হ’ল সেই ভাষাটোৰ উপভাষা। উপভাষাৰ সৃষ্টিৰ মূল কাৰণ হৈছে মানুহৰ মাজত আহ-যাহ বা যোগাযোগৰ অভাৱ। নানা কাৰণত দুটা অঞ্চলৰ মানুহৰ মাজত যোগাযোগৰ অভাৱ ঘটিব পাৰে। কেতিয়াবা প্রাকৃতিক বাধায়ো যোগাযোগৰ সৃষ্টিত অসুবিধা জন্মাই উপভাষা সৃষ্টিত সহায় কৰিব পাৰে। অৱশ্যে প্রাকৃতিক বাধাতকৈ সামাজিক বাধাহে উপভাষা সৃষ্টিৰ কাৰণে বেছি প্ৰভাৱশালী।

অসমীয়া ভাষাটো মগধীয় ৰূপৰ পৰা ৰূপান্তৰিত হৈ পশ্চিম পিনেদি অসমত সোমায় আৰু অসমৰ নামনি-অঞ্চলতে সুকীয়া অসমীয়া ভাষাৰূপে গঢ় লয় । পিছত ভাষাটো ক্ৰমে উজনিঅঞ্চলত বিয়পি পৰে। ১২২৮ চনত আহোম সকলে অসমৰ পূৱ অঞ্চল অধিকাৰ কৰি শিৱসাগৰ জিলাত ৰাজধানী স্থাপন কৰে। লাহে লাহে তেওঁলোকৰ ৰাজ্য বাঢ়ি গৈ কামৰূপৰ সীমা পায়হি। গতিকে উজনি অসমখন এক শাসনৰ অধীন হয় আৰু তাৰ ভাষাটোৱে এটা বিশেষ গঢ় লয়। নামনি অসমখন হ’লে ১৬৮২ চনলৈকে ৰাজনৈতিক পিনৰ পৰা সম্পূৰ্ণ বেলেগভাৱে আছিল আৰু অতি প্রাচীন কালৰ পৰা এই অঞ্চল বিভিন্ন সময়ত বিভিন্ন ৰজাৰ অধীনত আছিল। ৰাজধানীও একে ঠাইত নাছিল। তদুপৰি বিদেশীসকলে বিশেষকৈ মুছলমানসকলে ১২০৫ চনৰ পৰা ১৬৮২ চনলৈকে বহুবাৰ আক্ৰমণ কৰিছিল। ১৬৮২ চনত নামনি অসমখন আহোম ৰাজ্যৰ ভিতৰুৱা হ’লেও বহুতো কাৰণত এটা শান্তিৰ বাতাবৰণৰ সৃষ্টি হোৱাত বাধা পৰিছিল। দুয়ো অঞ্চলৰ ভিতৰত যাতায়াতৰ অসুবিধা, কোনো ডাঙৰ মেলা বা কোনো ডাঙৰ ধাৰ্মিক উৎসৱ-পৰ্ব আদিৰ অভাৱ, বিয়া-বাৰুৰ প্ৰচলন নথকা আদি কাৰণত উজনি আৰু নামনি অঞ্চলৰ লোকসকলৰ মাজত মিলা-মিচাৰ সুবিধা হোৱা নাছিল ৷

সেই হেতুকে নামনি অঞ্চলৰ ভাষাটোৱে এটা সুকীয়া সাঁচ ল’বলৈ সুচল পালে। অর্থাৎ অসমীয়া ভাষাটোৰ প্ৰধানকৈ দুটা আঞ্চলিক ৰূপ বা উপভাষা পোৱা গ’লঃ এটা পূৱ অঞ্চলৰ বা উজনিৰ উপভাষা আৰু আনটো পশ্চিম-অঞ্চলৰ বা নামনিৰ উপভাষা।

বৰ্তমানৰ অসমীয়া মান্য ভাষাটো পূব অঞ্চলৰ উপভাষা অৰ্থাৎ শিৱসাগৰ অঞ্চলত কোৱা উপভাষাটোৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা। এই উপভাষাটোৱে সোঁতৰ শতিকাৰ পৰা প্রাধান্য লাভ কৰিবলৈ উপক্ৰম কৰে। নামনি অসমত কোচ-ৰাজ্য ধ্বংস হোৱাত আহোম ৰজাসকলৰ তত্ত্বাৱধানত শিৱসাগৰ জিলা অঞ্চল সাংস্কৃতিক কেন্দ্ৰত পৰিণত হয়। লগে লগে এই অঞ্চলৰ লোকসকলে সাহিত্য সেৱাৰো সুযোগ পায়। আহোম সকলৰ ছশবছৰীয়া ৰাজত্বৰ অন্ত পৰাত অসম দেশখন ইংৰাজৰ হাতলৈ যায় আৰু ১৮৩৬ চনত আমেৰিকাৰ বেপ্টিষ্ট মিছনেৰীসকলে আহি শিৱসাগৰ অঞ্চলকে নিজৰ কাৰ্যৰ কেন্দ্ৰস্থল হিচাপে লয়। তেওঁলোকে সেই অঞ্চলৰ উপভাষা শিকি তাত কিতাপ-পত্ৰ ৰচনা কৰিবলৈ আৰম্ভ কৰে। ১৮৪৬ চনত প্ৰথম মাহেকীয়া কাকত ‘অৰুণোদয়’ তেওঁলোকেই চলায়। তাৰ পিছত অসমীয়া ব্যাকৰণ আৰু অভিধান ছপা কৰে। এনেকৈয়ে উজনি অঞ্চলৰ উপভাষাটোৱে অসমত মান্য ভাষা হিচাপে মর্যাদা লাভ কৰে।

সোতৰ শতিকাৰ আগৰ কালছোৱাত অসমৰ নামনি-অঞ্চলতে সাহিত্য কলাৰ কেন্দ্ৰ গঢ়ি উঠিছিল। কৱি আৰু লেখকসকলো এই অঞ্চলৰ পৰাই ওলাইছিল আৰু এই অঞ্চলৰ ভাষাৰো মর্যাদা বাঢ়িছিল। সাংস্কৃতিক প্রাধান্য পোৱা উপভাষাটো আকৌ উপভাষাৰূপেই দেখা দিছে। গতিকে ভাষা আৰু উপভাষা সৃষ্টিৰ মূল কাৰণ হ’ল সাংস্কৃতিক কেন্দ্ৰৰ সালসলনি; কোনো ভাষাৰ নিজৰ গুণ বা দোষ, শুদ্ধতা বা অশুদ্ধতা নহয়। কোনো ভাষাৰ গঠন, বিকাশ, আৰু ভাঙনৰ গতি-বিধি ভাষাৰ লগত সম্বন্ধ নথকা বাহিৰা ঐতিহাসিক কাৰণৰ দ্বাৰা, বিশেষকৈ সভ্যতাৰ গতি-বিধিৰ দ্বাৰা নিৰূপিত হয়।

২। অসমীয়া ভাষাৰ মান্যৰূপৰ সৈতে অৰুণাচলী আৰু নাগামিজ উপভাষাৰ তুলনাত্মক বিশ্লেষণ আগবঢ়াই উপযুক্ত উদাহৰণ দাঙি ধৰা।

উত্তৰঃ অসমৰ উত্তৰ-পূৱ সীমান্ত অঞ্চল বা অৰুণাচল প্ৰদেশত অসংখ্য ভাষা কোৱা হয়। এই অঞ্চলত কথিত ভাষাবোৰৰ কিছুমান হ’লঃ অকা, ডফলা বা নিচি, আদি মিৰি বা নিচিমিৰি, মিচিং, মিচিমি (ইন্দু, ডিগাৰু, মিজু), চিংফৌ, আপাটানি, গালং, মিঞং, পাদাম, টাগিন ইত্যাদি।

তলত মান্য অসমীয়াৰে সৈতে আপাটানি, নিচিমিৰি আৰু নিচিসকলৰ ভাষাৰ সাদৃশ্যমূলক কথা কেইটামান উল্লেখ কৰা হ’ল—

(ক) শব্দমূলকঃ

মান্য অসমীয়াআপাটানিনিচিমিৰিনিচি
দেউতাআবাআবআব্
মাআন্আন্আন্
আপংঅপঅপ
হাতআলাআলাক্আল
পানীয়াচিইচ্ইচ্
কুকুৰআকিইকিইকি
জোনপুলপল্পোলু

(খ) অৰুণাচলৰ প্ৰত্যেকটো ভাষাই সুৰ প্ৰধান। আপাটানি ভাষাত আল’ শব্দটোৱে তিনিটা ভিন্ন সুৰত দিন, হাড় আৰু লোণ বুজায় ৷ নিচিমিৰি ভাষাত ‘আল’ শব্দটোৱে সুৰত হাড় আৰু আন সুৰত ‘সৌ তাত’ অৰ্থ প্ৰকাশ কৰে।

(গ) সর্বনামৰ ক্ষেত্ৰত আপাটানি, নিচিমিৰি আৰু নিচি ভাষাৰ সাদৃশ্য মনকৰিবলগীয়া। এইবোৰ ভাষাত অসমীয়া ভাষাৰ নিচিনা মান্য আৰু তুচ্চ অৰ্থ প্ৰকাশক সর্বনাম নাই। তৃতীয় পুৰুষৰ পুৰুষ আৰু স্ত্ৰীৱাচক শব্দও একেটা।

(ঘ) আটাইকেইটা ভাষাত ভিন্‌ ভিন্‌ শব্দৰ প্ৰয়োগৰ দ্বাৰা পুৰুষ আৰু স্ত্ৰীৱাচক ৰূপ বুজোৱা প্ৰথা আছে, এই শব্দবোৰত থকা ‘স’টোৰ ধ্বনি গুণ অসমীয়া ‘স’ৰ নিচিনা। যেনে—

মান্য অসমীয়াআপাটানিনিচিমিৰিনিচি
ল’ৰাসিমেসিমি
ছোৱালীনিমনিঝিৰ্নিমে
ডেকায়াপায়াপায়াপা
গাভৰুনিমু———নিঝাৰ
বুঢ়াআখানিকাম্নিল
বুঢ়ীমিচ্আনহসুহ্
মতা কুকুৰাৰপ——————
মাইকী কুকুৰাৰন্——————

(ঙ) আপাটানি আৰু নিচি ভাষাত ভিন্‌ ভিন্‌ নিৰ্দিষ্টতাৱাচক প্রত্যয় পোৱা নাই৷ 

(চ) অসমীয়া ভাষাৰ সম্বন্ধ বুজোৱা শব্দবোৰৰ বিভিন্ন পুৰুষ অনুযায়ী হোৱা পৱিৰ্তন এই ভাষাবোৰৰ মাজত দেখিবলৈ পোৱা নাযায়; যেনে—

মান্য অসমীয়াআপাটানি
দেউতাঅহা
মোৰ দেউতাঙকা আবা
তোমাৰ দেউতাৰানকা আবা
মোৰ দেউতাঙক্‌ আব্
মোৰ মাঙক্‌ আব্
টেমিৰ মাকতেমিগে আন্
মান্য অসমীয়ানিচি
মোৰ দেউতাঙক্ আন্
মোৰ মাঙক্‌ আন্
তোমাৰ দেউতাৰাঙক্‌ আব্

নাগালেণ্ডত অসমীয়াৰ এটা মিশ্ৰিত ৰূপ (নাগামিজ) সার্বজনীন ভাষাৰূপে ব্যৱহৃত হৈছে। নাগামিজ ভাষাৰ সৈতে অসমীয়া ভাষাৰ তুলনা কিছুমান তলত দাঙি ধৰা হ’লঃ

মান্য অসমীয়ানাগামিজ
উৰহওৰোহ
জখলাজাখলা
বিন্ধাছেন্দা
ঢোলধুল
জাপিঝাপি
মেকুৰীমিকুৰি
নোমলুম
গছগাছ
এলেহুৱাঅলছি
ছোৱালীচুলি
আটাইবোৰ, সকলোচোৰ
অলপওলোপ
হৰিণাপুহু
নেজলিঙুৰ
বেয়াবোয়া
ডাঙৰদাঙোৰ
ধোঁৱাধুঙা
মোকমুক
মোৰমুৰ
ম‍ইমোয়
আমিমোয়খান
এইটোইতু
মই গ’লোমোয় জাইচে

অসমীয়া ভাষাৰ বহুবচনাত্মক প্ৰত্যয়- বোৰ, বিলাক, লোক নাগামিজত ক্ৰমে বুৰ, বুলাক, লুক হৈছে। অসমীয়াৰ নিৰ্দিষ্টতাৱাচক প্ৰত্যয় খান (কামৰূপী) নাগামিজত বহুবচনাৰ্থক প্রত্যয়ৰূপে দেখা দিছেঃ তুমি খান, আপুনিখান। নাগামিজতো অসমীয়াৰ পদ্ধতিতে লিঙ্গভেদৰ ব্যৱস্থা কৰা হৈছেঃ মোতা মানুহ, মাইকি মানুহ; মোতা কুকুৰা, মাইকি কুকুৰা; বাবা, মাই, লোৰা, চুৱালি; বুৰা, বুৰি। নাগামিজত অপাদান কাৰক বুজোৱা প্ৰথা এনেকুৱাঃ কোত/ কোৰ পোৰা।

৩। অসমৰ বৰাক উপত্যকাত বিষ্ণুপ্রিয়া ভাষাৰ স্বীকৃতি সম্পৰ্কত ভাষা-বৈজ্ঞানিক দৃষ্টিৰে তোমাৰ যুক্তি উপযুক্ত গ্রন্থ-গ্রন্থকাৰৰ অভিমতৰ আধাৰত আলোচনা কৰা ৷ 

উত্তৰঃ বিষ্ণুপ্রিয়া ভাষাটো অসমৰ কাছাৰ জিলাত প্ৰধানকৈ কোৱা হয়। গ্ৰিয়াৰ্ছনৰ মত অনুসৰি মায়ং ভাষাই বিষ্ণুপুৰীয়া ভাষা। প্ৰিয়াৰ্ছনে মায়ঙক অসমীয়া ভাষাৰ এটা বিশিষ্ট ৰূপ হিচাপে দেখুৱাইছিল যদিও ইয়াৰ শব্দ-ভাণ্ডাৰ আৰু ৰূপ তত্ত্বত তিব্বত-বৰ্মীয় ভাষাৰ বিশেষ প্ৰভাৱ থকা বুলি মন্তব্য দিছিল। বিষ্ণুপ্রিয়া মণিপুৰী ভাষাৰ বিষয়ে ড০ কালিপ্রসাদ সিংহই এই ভাষাটো আৰ্য-ভাষাৰ ভাৰতৰ পূৰ্ব-খণ্ডত বিকশিত ধাৰা বুলি অভিহিত কৰিছে। প্ৰায় ড্ৰেৰলাখ মানুহে কোৱা এই ভাষাটো মণিপুৰ, কাছাৰ, ত্ৰিপুৰা আৰু বাংলাদেশত কোৱা হয়৷ মণিপুৰী বা মেইতেই ভাষাৰ লগত ইয়াৰ পাৰ্থক্য যথেষ্ট, যদিও এই ভাষাটোৱে মেইতেইৰ শব্দ কিছুমানো সামৰি লৈছে। ড০ কালিপ্ৰসাদ সিংহই বিষ্ণুপ্রিয়া মণিপুৰী ভাষাটো ভাৰতীয় আর্য ভাষাৰ অন্তৰ্গত বুলি মন্তব্য দাঙি ধৰিছে। তাৰ প্ৰমাণস্বৰূপে ভাষাটোৰ গঠনৰ বিষয়ে উল্লেখ কৰি তেওঁ লিখিছে যে ভাষাটোৰ বেছিভাগ শব্দৰ মূল ভাৰতীয়-আর্য-ভাষা। ভাষাটোত মাগধী প্রাকৃতৰ লক্ষণ কেতবোৰো সংৰক্ষিত হৈছে। তলত বিষ্ণুপ্রিয়া ভাষাৰ ধ্বনি, শব্দ আৰু ৰূপগঠন পদ্ধতিৰ বৈশিষ্ট্য কেতবোৰৰ সৈতে অসমীয়া ভাষাৰ সাদৃশ্য দেখুৱা হ’লঃ

(ক) সং শ, ষ>শঃ শেষ>শেশ,

মহিষ >মইশ;

(ক) সংষ>০,হঃ মনুষ্য>মানুষ>মানু

(গ) সং ক্ষ>ক্খ ঃ বৃক্ষ>ব্রিক্খ;

একেমূল হোৱা কাৰণে দুয়োটা ভাষাত পোৱা সাদৃশ্যমূলক শব্দ কিছুমান এনেধৰণৰ-

বিষ্ণুপ্রিয়াঅসমীয়া
আখৰআখৰ
আতহাত
আৰহাড়
ইজ্জউজু
উমউম
কৰাতকুমাৰা,কাম
ঘৰাঘোঁৰা কাম,ঘৰা
জনমজন্ম
দেহাদেহা
দুৱাৰদুৱাৰ
নিৰিবিলিনিৰিবিলি
পৰাণপৰাণ
পানিপানী
ভকভোক কাম,ভখ
ভিতৰতভিতৰত
মইনামইনা
সিন্দুৰসেন্দুৰ,কাম,সিন্দুৰ
হাতুৰসাতোৰ কাম, সাথুৰ
হিয়ালশিয়াল

বিষ্ণুপ্রিয়া ভাষাত ৰূপ-ৰচনাৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা বহুতো প্রত্যয় হুবহু বা অলপ ভিন্ন ৰূপত অসমীয়া মান্য ভাষা বা উপভাষাতো পোৱা যায় ৷ উদাহৰণঃ

বিষ্ণুপ্রিয়াঅসমীয়া
আইঃ মিঠা- আই>মিঠাইমিঠাই
আমিঃ বান্দৰ- আমি>বান্দৰামিবান্দৰামি
আলঃ পেচ-আল> পেচালকাম,পেচাল
ইলাঃ কাম-ইলা>কামিলাকামিলা
উৱাঃ ঘৰ-উৱা>ঘৰুৱাঘৰুৱা
আনঃ উজ-আন>উজানকাম,উজান
উৰাঃ কাদ-উৰা>কাদুৰাকান্দুৰা

বিষ্ণুপ্ৰিয়াৰ সৰ্বনাম শব্দ আৰু সিহঁতৰ তির্যক ৰূপ কেতবোৰ এনেধৰণৰ‍‍ঃ মি‘মই’ আমি, মো-; তুমি, তুমা-, কি, কা। বিষ্ণুপ্রিয়াত বিশেষ্যৱাচক পৰসৰ্গ কেইটামান এনেধৰণৰঃ তাৰ কাৰণে, তোৰ জন্যে,। নিৰ্দিষ্টতাৱাচক প্ৰত্যয় হিচাপে বিষ্ণুপ্রিয়াত পোৱা যায়ঃ তাঃ কুঙতা ‘কোনটো’, গাছঃ দৰিগাছ ‘ৰছীগছঃ চিলাঃ হাত-চিলা>হাচিলা ‘সাতডোখৰঃ বিষ্ণুপ্ৰিয়াত স্ত্রী-প্রত্যয়বোৰ এনেকুৱাঃ ঈ, নী, আনীঃ খুড়া>খুড়ী, জেঠা>জেঠী, বুড়া>বুড়ী; কুকুৰ>কুকুৰনী, বাঘ>বাঘিনী, ঠাণ্ডৰ>ঠাণ্ডৰানী। স্ত্ৰীৱাচক ৰূপ বুজাবলৈ ব্যৱহাৰ কৰা আন এটা পদ্ধতি হ’লঃ মূল শব্দৰ আগত যোগ দিয়া মতা আৰু মাইকী বুজোৱা মুনি ‘মতা’ আৰু জেলা ‘মাইকী’ বুজোৱা শব্দ; যেনে- মুনি মানু ‘মতা মানুহ্’ জেলা মানু ‘মাইকী মানুহ। বিষ্ণুপ্রিয়া ভাষাত ব্যৱহাৰ হোৱা মুখ্য আৰু গৌণ ধাতু কিছুমান অসমীয়া ভাষাৰে সৈতে একে ৰূপৰ। উদাহৰণ : আছ, কৰ্, খা, গিল্‌, জাগ্, দি, ধৰ্‌, নি, ভাজ, আহ্, আন্, উজা, উঠ, থ, বুৰ্, ভাহ্, খাট্, উঠা, কিলা, ঘাম্, ভাগ্‌, থাম্, ইত্যাদি। 

৪। অসমীয়া ভাষাৰ শব্দ-ভাণ্ডাৰৰ বিভিন্ন উৎস সম্বন্ধে বহলাই আলোচনা কৰা। 

উত্তৰঃ আন নব্য ভাৰতীয় আৰ্য-ভাষাৰ নিচিনা অসমীয়া ভাষাৰো শব্দ-মালাৰ মূল বা উৎস প্ৰধানকৈছটাঃ তৎসম, আৰু অৰ্ধ তৎসম, তদ্ভৱ, দেশী, ভাৰতৰ আন ভাষাৰ শব্দ, ইউৰোপীয় আৰু আন ভাষাৰ শব্দ, আৰু অনার্য ভাষাৰ শব্দ। যিবোৰ শব্দ সংস্কৃতৰ পৰা অৱিকৃতভাৱে আহিছে সেইবোৰ তৎসম আৰু সাধাৰণ ধ্বনি পৰিৱৰ্তন হৈ অহা শব্দবোৰ অৰ্ধ তৎসম। সংস্কৃতৰ পৰা প্ৰাকৃতৰ মাজেদি বিকশিত হৈ অহা শব্দবোৰ তদ্ভৱ ৷ যিবোৰ শব্দৰ মূল সংস্কৃত নাইবা আন কোনো ভাষাৰ পৰা নিৰ্ধাৰণ কৰিব পৰা নহয়, অথচ নব্য ভাৰতীয় আর্য-ভাষাবোৰত সচৰাচৰ পোৱা যায়, সেইবোৰ শব্দই দেশী শব্দ। তৎসম শব্দৰ ভিতৰত ধৰ্ম, পিতা, ঈশ্বৰ আদি শব্দবোৰ পৰে। আনহাতে ভকতি<ভক্তি, মৰম<মৰ্ম, যতন<যত্ন আদি অর্ধ তৎসম শব্দ।

অসমীয়া ভাষাটো প্রধানতঃ প্রাচীন ভাৰতীয় আর্য ভাষাৰ পৰা মধ্য ভাৰতীয় আর্য ভাষাৰ মাজেদি বিকশিত হৈ হোৱা হেতুকে তদ্ভৱ শব্দৰ সংখ্যা বেছি হৈছে।

তদ্ভৱ শব্দৰ উদাহৰণঃ কলহ<কলশ, ঘৰ<গৃহ, জুই<দ্যুতি, ভৰি<ভৰিত্ৰ, চকুচেক্ষু, নাক<নক্র, দাঁত<দন্ত, এক<এক, দুই<দ্বি, শ<শত, বাঘ<ব্যাঘ্ৰ, গৰু<গো-ৰূপ, মাছ মৎস্য, কাচ<কচ্ছপ, জোন<জ্যোৎস্না, গছ গচ্ছ, নৈনদী, সোঁত< স্রোত, ভাল<ভদ্র, সচাসেত্য, মিছা<মিথ্যা, দীঘল<দীর্ঘ+ল, খায়<খাদতি ইত্যাদি।

দেশী শব্দৰ কিছুমান হ’লঃ খাৰু, লাড়ু, তেঁতেলী, খিৰিকী, গাজ, জোপা, টুপী, ঢোল, পেট, ভাৰ ইত্যাদি।

ভাৰতীয় আন ভাষাৰ শব্দঃ ভাৰতীয় আন ভাষাৰ পৰা অহা শব্দৰ ভিতৰত আন নব্য ভাৰতীয় আর্য ভাষাৰ পৰা অহা আৰু হিন্দুস্থানীৰ মাজেদি আৰৱী, পাৰ্ছী, আৰু তুর্কী ভাষাৰ পৰা অহা শব্দবোৰ পৰে । উকীল, আদালত, দৰ্খাস্ত, দলিল, খাজনা, মোকর্দমা, হাকিম আদি আইন বা শাসন বিষয়ক শব্দবোৰ আৰবী, পাৰছী আৰু তুর্কী ভাষাৰ। পাৰছীৰ পৰা অহা কিছুমান শব্দ হ’লঃ ৰুমাল, কাগজ, খৰচ, খোৰাক, খিছুমিছ্, গোলাপ, চান্দা, জেদ, জেদী, দর্জা, দোকান, পিয়লা, বকছিছ, মছলা, মম, মেতৰ মোজা, লেকাম আদি। আৰবীৰ পৰা লোৱা শব্দ কেইটামান হ’ল- আফিং, আছল, কাজিয়া, কলম, কিস্তি, খবৰ, খাতিৰ, গৰজ, ছখ, ছৌখিন, ছৰবত, চাবোন, দোৱাত, নকল, বদল, মস্কিল, লেফাফা, লেপ, হজম, হাজিৰা আদি৷ তুৰ্কী ভাষাৰ পৰা অহা শব্দ হ’ল- কেঁচী, জেপ, কাবু, লাছ ইত্যাদি। 

আন ভাৰতীয় আর্য ভাষাৰ পৰা অহা শব্দৰ ভিতৰত বঙলা ভাষাৰ পৰা অহা শব্দ হ’ল—ৰসগোল্লা, ভেজাল; হিন্দীৰ-সস্তা, ঠিক, ঠিকা, কেঁচা, ডকাইত, মিহী, গুজৰাটীৰ-হৰতাল ইত্যাদি।

ইউৰোপীয় আৰু আন ভাষাৰ শব্দঃ অসমীয়া ভাষাত ইউৰোপীয় বিশেষকৈ ইংৰাজী আৰু অসমীয়া শব্দ কিছুমানো ব্যৱহাৰ হৈ আহিছে। এইক্ষেত্ৰত অৱশ্যে ইংৰাজী ভাষাৰ শব্দই আটাইতকৈ বেছি। অসমত ইংৰাজসকলৰ ৰাজত্ব আৰু ইংৰাজসকলৰ প্ৰতি অসমীয়া লোকৰ উচ্চ মনোভাৱ আদিৰ বাবেই ইংৰাজী ভাষাৰ শব্দ অধিক পৰিমাণে পোৱা গৈছে। ইংৰাজী ভাষাৰ শব্দবোৰৰ কিছুমান শিক্ষাবিষয়ক, কিছুমান সভ্যতা, সংস্কৃতি আৰু সাজপাৰমূলক আৰু কিছুমান ব্যৱসায়-বাণিজ্য আদি ভালেমান বিষয়ৰ লগত জড়িত। খেলবিষয়ক কিছুমান শব্দও ইংৰাজী ভাষাৰ পৰা অসমীয়াত প্ৰবেশ কৰিছে। উদাহৰণস্বৰূপে অফিচ, ফর্ম, ফাইল, ডিৰেক্টৰ, জেইল, পুলিছ, চিয়াৰ, বেঞ্চ, টেবিল, ফুটবল, ভলীবল, ইনজেকচন, ডাক্তৰ, কলেৰা, মেলেৰিয়া, বেংক, চেক, নোট ইত্যাদি বহুতো শব্দ ইংৰাজীৰ পৰা পোনে পোনে অসমীয়া ভাষাই গ্ৰহণ কৰিছে।

বিভিন্ন ভাষা-ভাষী সংমিশ্ৰণৰ ফলত অসমীয়া ভাষাত পর্তুগীজ শব্দ কিছুমানো সোমাইছে। যেনে— আচাৰ, অনাচাৰ, আলকাট্টা, আলমাৰী, ইষ্ট্রি, ইংৰাজ, ওলণ্ডাজ, খৃষ্টীয়, গির্জা, গুদাম, আদি শব্দ পর্তুগীজ ভাষাৰ। সেইদৰে ফৰাচী ভাষাৰ কাৰ্তিজ, কুপন; ওলণ্ডাজৰ ইছক্ৰুপ, ছিৰ্তন, ইৰ্তন, ৰহিত্তন, ইষ্কাপন; জাপানীৰ ৰিক্‌ছা, হাৰাকিৰি আদি শব্দও অসমীয়া ভাষাত সোমাইছে।

অনার্য ভাষাৰ শব্দঃ অসমীয়াত অনার্য ভাষাৰ শব্দ বহুতো আছে। অনার্য ভাষাৰ ভিতৰত অষ্ট্ৰিক ভাষা পৰিয়ালৰ আৰু চীন-তিব্বতীয় ভাষা পৰিয়ালৰ ভাষাৰ শব্দই প্রধান। অষ্ট্রিক ভাষা গোষ্ঠীৰ খাচিৰ পৰা অহা শব্দ কিছুমান হ’ল- কাবৌ, খং, হেনো, জহা; কোল-মুণ্ডাৰ পৰা অহাঃ এৰা, লাটুম, উবুৰিয়া, মুগা, ডঙুৱা; ছাওতালীৰ পৰা অহাঃ ঢোপ, ঢুমা, গোহাৰি, পাহাৰ, গোঙোৰা; মালয়ৰ পৰা অহাঃ বগা, বুটল্‌, চেলাউৰি, চেঙা, সাঁফৰ, ডিহি, গাহৰি, হোলোঙা, জেং, মৈদাম, নাহৰফুটুকী, সোলা, উঁই, সিজু ইত্যাদি। 

অষ্ট্ৰিক ভাষাৰ আন আন শব্দসমূহ হ’লঃ গণ্ডা, কুৰি, পোন;প্ৰাগজ্যোতিষপুৰ কামৰূপ, কামাখ্যা, হাৰুপেশ্বৰ, কামতা, চামতা, বকতা, চাপত-গ্রাম, ধমতুল; দিহিং, দিবং, দিচাং, তিলাও ইত্যাদি।

তিব্বত-বৰ্মীয় বড়ো ভাষাৰ পৰা অহা শব্দ কিছুমান এনেধৰণৰ : চেলেক্‌, ৰেপ্, আগচ্,, গচক্, চেপ্, খাম বান্ধ, গবা মাৰ্, বিৰ দি; হাফলু, জখলা, জোং, হেঙাৰ, হাওঁফাওঁ, লফা, ডাউক আদি। স্থানৱাচক শব্দৰ ভিতৰত হাজো, হাক্‌মা, বিহামপুৰ, দিছপুৰ আদি শব্দবোৰ বড়ো ভাষাৰ৷ টাই আহোম ভাষাৰ পৰা অহা কিছুমান শব্দ হ’লঃ জান, জিন, বুৰঞ্জী, কাৰেং, ৰংঘৰ, ডোঙা, টুপ, লিকচৌ, চকলং, চাওডাং, হাজৰিকা, শ‍ইকীয়া, বৰুৱা, স্বৰ্গদেৱ, চাংমাই, জেঙা, জাঙুৰ, টং, টাপলি, টিপা, তিঁয়হ, থুনুপাক, ফেঁহু, লিগিৰী, হেংডাল ইত্যাদি। স্থানৱাচক আহোম শব্দ কিছুমান হ’ল-টিয়ক, তিপাম, টিংখাং, মাকুম, নাজিৰা, চৰাইদেউ, টংলা, টি, খোৱাং, নামৰূপ ইত্যাদি।

ধন্যাত্মক শব্দঃ অসমীয়া শব্দ-মালাৰ এক বুজন অংশ অধিকাৰ কৰিছে ধন্যাত্মক শব্দবোৰে৷ এই শব্দবোৰক তিনিটা ভাগত ভগাব পাৰিঃ

(ক) টন-টন, দপ-দপ, ধপ-ধপ, ফুচ-ফুচ।

(ক) কক-বক, কেও-মেও, লট-পট, লৰ-ফৰ। 

(গ) আমন-জিমন, চুচুক-চামাক, টুলুং-ভুটুং।

৫। তলত দিয়াবোৰৰ বিষয়ে চমুটোকা লিখা।

উত্তৰঃ (ক) ৰাজবংশী উপভাষাঃ গোৱালপৰীয়া উপভাষাটোকদুটা ভাগত প্রধানকৈ ভাগ কৰিব পাৰি। পশ্চিমৰ গোৱালপৰীয়া আৰু পূবৰ গোৱালপৰীয়া। পশ্চিম গোৱালপৰীয়া বা ‘দেশী-ভাষা’টোকে কোনো কোনো পণ্ডিতে ৰাজবংশী উপভাষা নাম দিছে। ড০ কাকতিৰ মতে, “গোৱালপাৰা জিলাত কথিত ভাষাৰ লগত ৰাজবংশী উপভাষাৰ যথেষ্টৰূপে মিশ্ৰণ ঘটা যেন লাগে। এই ৰাজবংশী উপভাষাটো কোচবিহাৰৰ কোচ ৰজাসকলৰ দিনত ক্রমবিকশিত হৈছিল।” প্ৰকৃতাৰ্থত গোৱালপৰীয়া ভাষাটোক ৰাজবংশী বোলাৰ বিশেষ যুক্তি নাই। গৌৰীপুৰ আৰু ইয়াৰ ওচৰ-পাজৰ অঞ্চলত কোৱা ভাষাটোৱে গোৱালপৰীয়াৰ পশ্চিমঅঞ্চলৰ ৰূপৰ প্ৰতিনিধিত্ব কৰিছে। এই স্থানীয় ৰূপটো অকল ৰাজবংশী সম্প্ৰদায়ৰ লোকসকলৰ মাজতে সীমাবদ্ধ নহয়; ই সকলো সম্প্ৰদায়ৰ লোকৰ কথিত ভাষা। গোৱালপাৰা জিলাৰ পশ্চিমৰ পৰা পূবলৈকে এই ভাষাটোৱে গতি কৰি কামৰূপী উপভাষাৰে সৈতে মিলিছে।

(খ) গাৰো ভাষাঃ মেঘালয়ৰ গাৰো পাহাৰ জিলাত প্ৰধানকৈ বাস কৰা গাৰোসকলে কোৱা ভাষাটোৱে গাৰো ভাষা। গাৰোসকলে তেওঁলোকৰ ভাষাটোক ‘আচিক কুচিক’ বুলি কয়৷ ‘আচিক’ মানে পাহাৰ আৰু ‘কুচিক’ মানে মাত বা ভাষা। গতিকে ‘আচিক কুচিক’ মানে পাহাৰৰ মাত বা ভাষা। গাৰো ভাষাত বহুতো অসমীয়া শব্দ সোমাইছে। পাপ, পাপী, বেত, বোজা, বাৰী, চিৰা, চকী, চাকি, কিতাপ, গল্প, ৰাজ্য আদি শব্দবোৰ গাৰো ভাষাত আপোন হৈ পৰিছে। অসমীয়া ভাষাৰ বহুতো শব্দৰ লগত গাৰো ভাষাৰ শব্দৰ মিল আছে; যেনেগচক্ (গাচাত), চেক্, গবা মাৰ্, চেলেক্‌ (স্ৰাক) ৰেপ্; থেকেৰা (থেস্ট্ৰা), জেং, জাবৰ (জাবোল), হাফলু (হাফ্লু) ইত্যাদি। গাৰো ভাষাত অসমীয়া ভাষাৰ নিচিনা কোনো এটা বস্তুক নিৰ্দিষ্টকৈ বুজাবলৈ হ’লে কিছুমান সুকীয়া প্ৰত্যয়ৰ ব্যৱহাৰ আছে; যেনে- ‘ছাক্‌ি মান্‌দে’ বা ‘মান্‌দে ছাক্‌গ্নি’ (দুজন মানুহ বা মানুহ দুজন)। গাৰো ভাষাতো অঞ্চল-ভেদে। কিছুমান পার্থক্য গঢ়ি উঠিছে।

(গ) নেপালী ভাষাঃ হিমালয়ৰ পশ্চিম আৰু মধ্য অংশত পাহাৰী ভাষা কোৱা হয়৷ পাহাৰী ভাষাক তিনিটা ভাগত ভগাব পাৰি : পশ্চিমী পাহাৰী, মধ্য-পাহাৰী আৰু পূৰ্বী পাহাৰী। পূৰ্বী পাহাৰীৰ স্থান নেপালৰ কাঠমাণ্ডু অঞ্চল ৷ পূৰ্বী পাহাৰীক নেপালী, গোৰখালী, বা খস্কুৰা বুলিও জনা যায়। অসমীয়া ভাষাৰ কামৰূপী উপভাষাৰ শব্দকেইটামানৰ নেপালী ভাষাৰ শব্দেৰে সৈতে হুবহু মিল দেখা যায়। যেনে—

কামৰূপীনেপালী
খত ‘দাগকত
খোপখোপ
জক (খং)ঝক
তাঙ্ না (মতা ঘোঁৰা)টাঙন
ধক ‘লাজ’ধক
ধোচ ‘শকত’ঢোক
পোত ‘বোকা’হড়গিল ইত্যাদি

(ঘ) দেৱান ভাষাঃ অসমৰ কাছাৰ জিলাত প্ৰধানকৈ তিব্বতবৰ্মীয় শাখা-পৰিয়াল আৰু আৰ্য শাখা পৰিয়ালৰ ভাষা কোৱা হয়। ঐতিহাসিক যুগৰ পৰা কাছাৰৰ লগত অসমৰ বিশেষকৈ পশ্চিম-অসমৰ ঘনিষ্ঠ সম্পর্ক সংঘটিত হয়। কাছাৰত কোচ বা দেৱান জাতিৰ ৰাজত্বত চলিছিল । তাৰ ফলত পশ্চিম অসমৰ পৰা গৈ অনেক লোকে কাছাৰত বসবাস কৰাৰ সুবিধাও পায়৷ মোৱামৰীয়া বিদ্ৰোহৰ কালছোৱাত বহু অসমীয়া মানুহে কাছাৰত আশ্ৰয় লৈছিল। অসমৰ আন ঠাইৰ পৰা অহা লোক আৰু কাছাৰত স্থানীয় লোকসকলৰ বসবাসৰ ফলত কাছাৰত অসমীয়া ভাষাৰ সুকীয়া ৰূপ এটাই গঢ় লয়। এই ভাষাটোক কোনো কোনোৱে দেৱান ভাষা বুলিছে। এই ভাষাটোৰ লগত অসমীয়া মান্যভাষা আৰু পশ্চিম অসমৰ উপভাষাৰ ঘনিষ্ট সম্পর্ক দেখা যায়। তলত দেৱান ভাষা আৰু অসমীয়া ভাষাৰ সাদৃশ্যৰ আভাস দিয়া হ’লঃ 

দেৱান ভাষাঅসমীয়া ভাষা
আগতআগত
আৰুআৰু
ওঠওঁঠ
কুনিকোন, কাম, কুনি
গা ধোগা ধো
গছগছ
চকুচকু
চুলিচুলি
জিভাজিভা
জুইজুই
টেঙ্গাটেঙা
বেলিবেলি
ভাইভাই
হিয়ালশিয়াল
হৰগসৰ্গ
হক্কলসকল
হাপসাপ
হিসি ইত্যাদি

কাছাৰত থলুৱা উপভাষাৰ গঢ়ত দেৱান ভাষাৰ বৰঙনি উল্লেখযোগ্য।

(ঙ) গোৱালপৰীয়া উপভাষাঃ অসমীয়া ভাষাটোৰ পশ্চিম অঞ্চলৰ উপভাষাক দুটা (ভাগত ভগাব পাৰিঃ গোৱালপৰীয়া উপভাষা আৰু কামৰূপী উপভাষা। গোৱালপাৰা জিলাৰ স্থানীয় লোকসকলে ভাষাটোক ‘দেশী ভাষা’ বুলি কোৱা শুনা যায়। গোৱালপৰীয়া উপভাষা বা ‘দেশী ভাষা’টো অসমীয়া ভাষাৰ এটা মহত্বপূর্ণ উপভাষা। অসমীয়া ভাষাৰ আঁতি গুৰিৰ সন্ধানত দেশী ভাষাৰ বৰঙণি নুই কৰিব নোৱাৰি। গোৱালপৰীয়া উপভাষাটোক দুটা ভাগত প্ৰধানকৈ ভাগ কৰিব পাৰি- পশ্চিমৰ গোৱালপৰীয়া আৰু পূবৰ গোৱালপৰীয়া। ‘দেশীভাষা’ত তালব্য চ, ছ, জ, ঝ, শ, মূর্ধন্য ট, ঠ, ড, ড়, ঢ দন্তমূলীয় ত, থ, দ, ধ, ন, স আদি বিশিষ্ট ধ্বনি। কামৰূপী আৰু মান্য অসমীয়া ভাষাত বহুলভাৱে ব্যৱহাৰ হোৱা ‘স’ ধ্বনি ‘দেশী-ভাষা’ত নাই। সংস্কৃতৰ শ, ষ, স, ধ্বনি গোৱালপৰীয়া ভাষাত শ ধ্বনিলৈ পৰিৱৰ্তন হয় ৷ এইটো মাগধী প্রাকৃতৰ এটা বিশিষ্ট লক্ষণ। উদাহৰণঃ মশক, মনুষ্য, মহিষ, হংস, সৰ্প আদি শব্দ গোৱালপৰীয়া উপভাষাত ক্ৰমে মশা, মানুশ, মান্‌শি, মৈশ, হাশ্, শাপ্ আদি হৈছে৷ গোৱালপৰীয়া ভাষাটো পশ্চিম ফালৰপৰা পূবৰপিনে গতি কৰিছে আৰু অৱশেষত কামৰূপী উপভাষাৰে সৈতে মিলি গৈছে।

(চ) মিচিং ভাষাঃ অসমৰ উত্তৰ-পূব অঞ্চলত কথিত ভাষা এটা হ’ল মিচিং ভাষা ৷ এই ভাষাত সাতোটা বিশিষ্ট স্বৰধ্বনি আৰু ষোলটা বিশিষ্ট ব্যঞ্জন ধ্বনি নহয়। স্বৰৰ দৈৰ্ঘ্যহে বিশিষ্ট ধ্বনি। হ্রস্ব আৰু দীৰ্ঘ স্বৰ অনুযায়ী শব্দবোৰৰ অৰ্থ ভিন্ন হয়। উদাহৰণঃ চিত ‘মৰ্’, চীত ‘পানীত খোজ কাঢ়ি যা’, পুত ‘ছিঙ’, পূত ‘উঘাল্‌’ আদি। অসমীয়া ভাষাৰ লগত মিচিং ভাষাৰ শব্দ কিছুমানৰ সাদৃশ্য আছে। উদাহৰণঃ

অসমীয়ামিচিং
কেৰাহীকেৰাই
কেৰেলাকেৰেলা
তুলসীতুলকি
তেঁতেলীতেনতেলি
ধুনাদুনা
নাঙলনাঙল
ভকতবকত
হালধীআলদি
সিন্দুৰইন্দুৰ
সিংহইংগ ইত্যাদি

(ছ) খাচি ভাষাঃ মেঘালয়ৰ খাচিয়া জয়ন্তীয়া পাহাৰত কথিত খাচি ভাষা অষ্ট্রিক ভাষা গোষ্ঠীৰ। অসমীয়া ভাষাত ব্যৱহাৰ হোৱা খাচি ভাষাৰ শব্দ কিছুমান এনেধৰণৰঃ কাবৌ, খং, হেনো, জহা আদি ৷ মোনখ্‌মেৰ আৰু অন্যান্য অষ্ট্ৰ-এচিয়াটিক ভাষাৰ পৰা বহুদিন ধৰি নিলগে থকাত বা সেই ভাষাবোৰৰ লগত পোনপটীয়াভাৱে সম্পৰ্ক নথকাত এই খাচি ভাষাটোৰ বিকাশত মূল পৰিয়ালটোৰ পৰা কিছু ব্যতিক্ৰম হোৱা লক্ষ্য কৰা যায় ৷

(জ) দৰঙীয়া উপভাষাঃ দৰং জিলাৰ মঙলদৈ অঞ্চলৰ ভাষাটোৰ কিছুমান বৈশিষ্ট্য দেখা যায়। এই উপভাষাত কামৰূপী উপভাষাৰ মিশ্ৰণৰ উপৰিও মান্য ভাষাৰ বৈশিষ্ট্য কিছুমানো ৰক্ষিত হৈছে। কিছুমান শব্দ মঙলদৈ অঞ্চলৰ সুকীয়া, যেনে- চুৰা (জুলীয়া গুড়), চুঙাটোকন (খুন্দনা), লুৰা (খেৰৰ জুমুধি), কোৰা (নাৰিকলৰ কোৰোকা), জগা (গোহালীত দিয়া ধোঁৱা) মাটি খাইতী (গেদগেদী), মহ-খুন্দা, চুৱেন-তোলি (চুৱা-পাতনি) ইত্যাদি। মঙ্গলদৈ অঞ্চলৰ ভাষাৰ এটা বিশেষত্ব হৈছে তুচ্ছাৰ্থ আৰু মান্যাৰ্থৰ ক্ৰিয়াবিভক্তিৰ ক্ষেত্ৰত পাৰ্থক্যহীনতা। এই অঞ্চলৰ ভাষাৰ বৰ্ণৰ বিভিন্নতা অনুযায়ী শব্দবোৰৰ ধ্বনিগত ভিন্নতা কিছু আছে। ব্যাস পাৰাৰ ‘ঠাৰ’ বা গুপ্ত ভাষাটো এই অঞ্চলৰ ভাষাৰ এটা উল্লেখযোগ্য ভাষা। ৰূপ-তত্ত্বৰ ক্ষেত্ৰত মঙ্গলদৈ অঞ্চলৰ ভাষা আৰু কামৰূপীৰ মধ্য-অঞ্চলৰ ভাষাৰ মাজত কিছুমান সাদৃশ্য আছে। উদাহৰণ : বহুবচনৰ প্ৰত্যয়- হাত, গিলা; নিৰ্দিষ্টতাৱাচক প্রত্যয়- খান, খোৰ। কামৰূপী উপভাষাৰ মধ্য-অঞ্চলৰ স্থানীয় উপভাষাৰ শব্দ কিছুমানৰ লগতো মঙ্গলদৈ অঞ্চলৰ শব্দ কিছুমানৰ মিল আছে। যেনে-বিধান, ডিমা, ছানা, চাতি, বেং, হিংকা, বৰা, পস্তক (সময়), মুইহ, বৰ (দৰা),হাথী, কাথি ইত্যাদি।

(ঝ) উত্তৰ বঙ্গৰ উপভাষাঃ ড০ বাণীকান্ত কাকতিৰ ভাষাত ক’বলৈ হ’লে “উত্তৰ বঙ্গ আৰু পশ্চিম অসমৰ কথিত ভাষাটো মূলতঃ একে আৰু ইয়াকএটা উপভাষাৰ গোট যেন লাগে।” মগধ-বিদেহ অঞ্চলৰ পৰা উত্তৰ বঙ্গৰ মাজেদি আর্য ভাষাই প্রাচীন কামৰূপত প্রবেশ কৰিছিল । প্রাচীন কামৰূপে কোচ বিহাৰক ধৰি সমগ্ৰ উত্তৰ ৱঙ্গ আৰু বঙ্গদেশৰ ৰংপুৰ আৰু জলপাইগুৰি জিলাকো সামৰি লৈছিল৷ গতিকে উত্তৰ-বঙ্গৰ উপভাষাৰ লগত পশ্চিম অঞ্চলৰ অসমীয়া ভাষাৰ অতি ওচৰৰ সম্পৰ্ক দেখা যায়। এই সম্পৰ্ক ৰূপতত্বমূলক আৰু শব্দমূলক ক্ষেত্ৰত দেখা যায়। আনকি প্রবাদ-বচন, বাক্য-বিন্যাস, ক্রিয়া-বিভক্তি আদিতো দুই অঞ্চলৰ উপভাষাৰ সাদৃশ্য আছে। কামৰূপী উপভাষাৰ সৈতে উত্তৰ বঙ্গৰ উপভাষাৰ শব্দমূলক সাদৃশ্য কিছুমান এনেধৰণৰ—

উত্তৰ বঙ্গৰ উপভাষাকামৰূপী উপভাষা
খিৰকিখিৰকি
ঘৰঘৰ
ডালাদালা
পিৰাপিৰা
আদাআদা
বাঙিবাঙি
হোল্‌দিহালধি
সাৱনাসাউনা
কাকাকাকা
সালপোইতসালপোতি
কোকৰাককৰা
কিৰাকিৰা ‘শপত’
ভুইভুঁই, ইত্যাদি

ৰূপতত্ত্বৰ ফালৰ পৰাও উত্তৰ বঙ্গৰ উপভাষাৰ সৈতে কামৰূপী উপভাষাৰ মাজত যথেষ্ট মিল দেখা পোৱা যায়। উদাহৰণস্বৰূপে স্ত্ৰীৱাচক ‘ই’,‘নি’ প্রত্যয়; বহুবচনাত্মক ‘গিলা’ প্রত্যয়; নিৰ্দিষ্টতাৱাচক খান-প্ৰত্যয়; শব্দ-বিভক্তি, পৰ-সৰ্গৰ ব্যৱহাৰ, তুমুনন্ত ইবাৰ প্ৰত্যয় আদিক সাদৃশ্যলৈ আঙুলিয়াব পাৰি। উত্তৰ বঙ্গৰ উপভাষাত প্রাচীন অসমীয়াৰ ৰূপো সংৰক্ষিত হৈছে; যেনে-গুলা, গটা, হতে, কোৰিল, ভিজিল, দিল, তোহোৰ, গিদাল, কোৰিলেক ইত্যাদি। উত্তৰ-বঙ্গৰ উপভাষাত মান্য অসমীয়াৰ ৰূপ কিছুমানো হুবহু ৰূপে পোৱা যায়; যেনে-গোহালি, খুৰা, গছ, টিকা, নাৰিকল, গুআ (গুৱা) ইত্যাদি।

(ঞ) তিব্বত-বর্মী ভাষাঃ এই শাখাৰ অসংখ্য ভাষা ভাৰতৰ আৰু বিশেষকৈ অসমৰ নানা ঠাইত প্রচলিত। তিব্বত-বৰ্মীয় শাখাৰ তিনিটা প্ৰধান উপশাখা হৈছে

(ক) তিব্বত হিমালয়ী।

(খ) উত্তৰ-অসম-শাখা।

(গ) অসম বৰ্মা শাখা। 

তিব্বত হিমালয়ী শাখাক ভোটীয় আৰু হিমালয়ী এই দুটা ভাগত ভগোৱা হৈছেঃ উত্তৰ-অসম-শাখাক উত্তৰ পূব-সীমান্ত শাখা বোলা হৈছে; অসম বৰ্মা-শাখাকো বড়ো, নগা, কুকিচীন এই তিনিটা শাখাত বিভক্ত কৰা হৈছে। ভোটীয়া শাখাৰ ভিতৰত তিব্বতী, বালতী, লাডাখী, বুধী, লাহুলী, ছিকিকম, ভোটীয় আদি ভাষা ধৰা হৈছে। এইবোৰৰ ভিতৰত লাডাখী ভাষা কোৱা লোকৰ সংখ্যা সৰহ। উত্তৰ-অসম শাখাৰ ভাষাসমূহ হ’ল : অকা, ডফলা বা নিচি, আদি, মিৰি বা নিচিমিৰি, মিচিং, মিচিমি, চিংফৌ, আপাটানি, গালং, মিঞং, পাদাম, টাগিন ইত্যাদি । বড়ো শাখাৰ ভিতৰত বড়ো ভাষা কোৱা লোকৰ সংখ্যা যথেষ্ট বেছি। বড়ো শাখাৰ ভাষা কোৱা লোকসকল অসমীয়া ভাষা-ভাষী লোকসকলৰ লগত মিলি–জুলি থকাৰ কাৰণে অসমীয়া ভাষা আৰু বড়ো শাখাৰ ভাষাবোৰৰ মাজত বহুতো আদান-প্রদান হৈছে। বড়ো শাখাৰ আন আন কেইটামান ভাষা হ’ল ৰাভা, ত্ৰিপুৰী, লালুং, ডিমাছা আৰু দেউৰী চুতীয়া ভাষা।

(ট) বড়ো ভাষাঃ অসমত অসমীয়া আর্য ভাষাটোৰ উপৰি অনা আর্য ভাষা-গোষ্ঠীৰ বহুতো ভাষাৰ প্ৰচলন আছে। এইবোৰৰ ভিতৰত বড়ো শাখাৰ অন্তৰ্গত বড়ো ভাষা কোৱা লোকৰ সংখ্যা যথেষ্ট বেছি। বড়োৰ আন দুটা নাম হ’ল কছাৰী আৰু মেচ। বড়ো-কছাৰী ভাষাত তেৰটা বিশিষ্ট ব্যঞ্জন-ধ্বনি, তিনিটা অৰ্ধ স্বৰ, আৰু ছটা বিশিষ্ট স্বৰ ধ্বনি আছে। ব্যঞ্জন ধ্বনিৰ ভিতৰত মহাপ্রাণ ধ্বনি আছে। ব্যঞ্জন ধ্বনিৰ ভিতৰত মহাপ্রাণ ধ্বনি তিনিটাও আছে (খ, থ, ফ)। ভাষাটো উচ্চ, আৰু নিম্ন এই তিনিটা সুৰ বিশিষ্ট। বড়ো ভাষাৰ বহুতো শব্দৰ লগত কামৰূপী আৰু গোৱালপৰীয়া উপভাষাৰ শব্দৰ সাদৃশ্য দেখা যায়। বড়ো ভাষাৰ পৰা অসমীয়া ভাষালৈ অহা কিছুমান ধাতু আৰু শব্দ এনেধৰণৰঃ চেলেক্‌, ৰেপ্, আগচ্, খাম বান্ধ, গবা মাৰ, বিৰ দি, হাঁফলু, হেঙাৰ, হাওঁ-ফাওঁ, লফা, ডাউক, খোজ কাঢ়, হাজো, বিহামপুৰ, দিছপুৰ দিহিং, দিবং, ইত্যাদি।

(ঠ) কামৰূপী উপভাষাঃ কামৰূপৰ উপভাষা বা কামৰূপী উপভাষাটো অসমীয়া ভাষাৰ এটা প্রধান উপভাষা। অসমৰ উজনি অঞ্চলৰ ভাষা বা মান্য ভাষাটোৰ লগত কামৰূপী উপভাষাৰ ধ্বনিতত্ব, ৰূপ-তত্ব আৰু শব্দ-মালা আনকি ফকৰা-যোজনা, জঁতুৱা-ঠাচতো পাৰ্থক্য পৰিলক্ষিত হয় ৷

কামৰূপী উপভাষাত সাতোটা বিশিষ্ট স্বৰ-ধ্বনি আছেঃ মান্য ভাষাত পোৱা [অ’] স্বৰধ্বনিটো ইয়াত পোৱা নাযায়। কামৰূপী উপভাষাত শব্দৰ আদি অক্ষৰত বলাঘাত, পৰে। ফলত শব্দৰ মাজত থকা স্বৰ-ধ্বনিবোৰ উচ্চাৰিত নহয় আৰু ওচৰত থকা ব্যঞ্জন ধ্বনি দুটা লগ লাগে; যেনে- কুক্‌া, ভা, নিনি, চক্‌লা আদি। কামৰূপী উপভাষাত মহাপ্রাণ ধ্বনিৰ প্ৰয়োগ বেচি দেখা যায়, যেনে- শুধা, ভখ, শুখান, শিথান ইত্যাদি। কামৰূপীত দুটা আ-ধ্বনি ওচৰা-উচৰি থকা দেখা যায়; যেনে- ৰাজা, চাকা, আঙাৰ, আন্ধাৰ আদি ।

ৰূপতত্বৰ ভিতৰত কামৰূপীত বহুবচনৰ প্ৰত্যয়বোৰ এনেধৰণৰ-গিলা, গিলাক, হাত, হানা, হাম্ৰা, হুন, আহুন আদি ৷ মান্য ভাষাৰ নিৰ্দিষ্টতাৱাচক প্ৰত্যয় টো, জন, জনা, গৰাকীৰ ঠাইত কামৰূপীত টু, খোৰা, খেনি ব্যৱহাৰ হয়। কামৰূপীত আৰৱী; পাৰছী, ভাষাৰ শব্দ প্ৰাচুৰ্য আছে। কামৰূপী উপভাষাৰ বিভিন্ন ক্ষেত্ৰত কিছুমান সুকীয়া শব্দৰ প্ৰয়োগ দেখা যায়। যেনে- ভোজলুক, তেলৰ ভাৰ, ছেলে, ঠানি, ঠৌগা, খাটা, কাথি, আপী, তুইল্লা টেঙা ইত্যাদি।

(ড) অপভ্রংশঃ অপভ্রংশ শব্দটো বিভিন্ন পৰিস্থিতিত বিভিন্ন অৰ্থত ব্যৱহৃত হৈছে। ইয়াৰ প্ৰয়োগ পোন প্ৰথমে পতঞ্জলিৰ মহাভাষ্যত পোৱা হয়। পতঞ্জলিৰ মতে, সংস্কৃত ‘শাস্ত্ৰ- জনাসকলৰ শুদ্ধ ভাষা’ আৰু অপভ্রংশ ‘শাস্ত্ৰ-নজনাসকলৰ অশুদ্ধ ভাষা’। প্রাকৃত বৈয়াকৰণসকলৰ অপভ্রংশয়ো পতঞ্জলিৰ সংজ্ঞা অনুসৰণ কৰে। গ্ৰিয়াৰ্ছনকে আদি কৰি কিছুমান পণ্ডিতে মধ্য-প্রাকৃতৰ শেষ স্তৰক অপভ্রংশ নাম দিছে। নব্য ভাৰতীয় আর্য ভাষাবোৰক কিছুমান প্রাকৃত বা সেইবোৰৰ পৰৱৰ্তী অপভ্রংশৰ পৰা উদ্ভৱ হোৱা দেখুৱা হয়। যেনেমহাৰাষ্ট্ৰীৰ পৰা মাৰাঠী; শৌৰসেনীৰ পৰা পশ্চিমী হিন্দী, ৰাজস্থানী, গুজৰাটী; মাগধীৰ পৰা ভোজপুৰী, মৈথিলী, মগহী, বঙলা, উড়িয়া; অর্ধ-মাগধীৰ পৰা পূৰ্বী হিন্দী কামৰূপীৰ পৰা অসমীয়া আদি। আটাইবোৰ প্ৰাকৃত বা সেইবোৰৰ পৰৱৰ্ত্তী ৰূপ ‘অপভ্রংশ’ৰ নিদর্শন একে পৰ্যায়ত পোৱা হোৱা নাই। অপভ্রংশ সাহিত্যক তিনিটা আঞ্চলিক ৰূপত ভাগ কৰা হৈছে; পূব, পশ্চিম, আৰু দক্ষিণৰ অপভ্রংশ।

(ঢ) বিষ্ণুপ্রিয়া ভাষাঃ এই ভাষাটো অসমৰ কাছাৰ জিলাত প্ৰধানকৈ কোৱা হয়। বিষ্ণুপুৰীয়া মণিপুৰী ভাষাটো মূলতে মণিপুৰৰ লোকতগ-হ্ৰদৰ আশে-পাশে থকা ঠাইত সীমাবদ্ধ হৈ আছিল। পিছত এই ভাষা কোৱা বেছিভাগ লোক মণিপুৰৰ পৰা ৰাজ্যৰ ভিতৰুৱা অশান্তি আৰু ব্ৰহ্মদেশৰ আক্ৰমণকাৰী আক্ৰমণত বিভিন্ন ঠাইলৈ পলাই যোৱাৰ ফলত তাত থকা কম সংখ্যক লোকৰ কাৰণে নিজৰ ভাষাটো চলাই ৰখাটো টান হৈ পৰে আৰু এই শতিকাৰ আৰম্ভণিত এই ঠাইৰ পৰা ভাষাটো নিঃচিহ্ন হয়। এতিয়া এই ভাষাটো অসম, ত্ৰিপুৰা, আৰু বাংলাদেশত বাস কৰা বিষ্ণুপুৰীয়াসকলে সংৰক্ষণ কৰিছে। এই ভাষাটোৰ দুটা উপভাষা পোৱা যায়ঃ ৰাজাৰ গাঙ আৰু মাদৈ-গাঙ। মাদৈ গাঙত মেইতেই ভাষাৰ প্ৰভাৱ বেছি। ড০ কালিপ্রসাদ সিংহই বিষ্ণুপ্রিয়া মণিপুৰী ভাষাটো ভাৰতীয় আর্য ভাষাৰ অন্তৰ্গত বুলি মন্তব্য দাঙি ধৰিছে । ভাষাটোত মাগধী প্রাকৃতৰ লক্ষণ কিছুমানো সংৰক্ষিত হৈছে। বিষ্ণুপ্রিয়া ভাষাৰ ধ্বনি, শব্দ আৰু ৰূপগঠন পদ্ধতি কিছুমানৰ লগত অসমীয়া ভাষাৰ সাদৃশ্য পৰিলক্ষিত হয়। উদাহৰণ স্বৰূপে পানি-পানী, আখৰ-আখৰ, দুৱাৰ-দুৱাৰ, হিয়াল-শিয়াল, ভিতৰ-ভিতৰ ইত্যাদি।

(ণ) পালি ভাষাঃ ‘পালি’ হ’ল প্রাচীন প্রাকৃতৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা বৌদ্ধ ধৰ্ম সাহিত্যৰ ভাষা৷ প্ৰকৃততে পালিক ক’ব পাৰি ‘বৌদ্ধ-প্ৰাকৃত’। ই ভাৰতৰ কোনো অঞ্চলৰ কথিত ভাষা নহয়; ইয়াৰ উৎপত্তি প্রাচীনতম প্রাকৃতৰ পৰা। খৃষ্টপূর্ব তৃতীয় শতাব্দীৰ পৰা খৃষ্টাব্দ দ্বিতীয় শতাব্দীৰ ভিতৰত বৌদ্ধ বিহাৰসমূহত হোৱা ধৰ্ম চৰ্চাৰ জৰিয়তে আদি স্তৰৰ প্রাকৃতৰ পশ্চিম উপভাষাৰ ভিত্তিত এই ভাষাৰ উৎপত্তি হয়। 

বৌদ্ধ মতৰ হীনযান পন্থীৰ থেৰবাদী সকলৰ পৃষ্ঠপোষকতা আৰু চৰ্চাৰ জৰিয়তে পালি ভাষা আৰু সাহিত্যৰ বিকাশ সাধন হৈছিল। এই ভাষা আছিল ধর্মগোষ্ঠীকেন্দ্রিক ভাষা; কিন্তু উত্তৰ ভাৰতৰ পৰা দক্ষিণ ভাৰত পর্যন্ত তদানীন্তন ভাৰতৰ ইয়ে হৈ উঠিছিল সার্বজনীন সাধুভাষা বা শিষ্টজনোচিত ধর্মীয় সাধুভাষা। পশ্চিমা কথ্য প্রাকৃতৰ ভিত্তিত এই ধর্মীয় শিষ্ট ভাষা বা সাধুভাষাটো গঢ় লৈ উঠিলেও ইয়াৰ প্ৰধান আদর্শ আছিল সংস্কৃত ভাষা । 

বিনয়, সুত্ত আৰু অভিধম্ম- এই তিনি প্রধান বৌদ্ধশাস্ত্ৰ বা ত্রিপিটকৰ উপৰিও পালি ভাষাত অনেক মৌলিক গ্রন্থ, টীকাগ্রন্থ, ঐতিহাসিক গ্রন্থ, কাব্য গ্ৰন্থ আদি ৰচনা হৈছিল ৷ পালি ভাষাত ৰচিত জাতকৰ সাধুসমূহ ভাৰতীয় সাহিত্যৰ অমূল্য সম্পদ।

৬। জনজাতীয় ভাষা বুলিলে কি বুজা? অসমীয়া ভাষাৰ ওপৰত জনজাতীয় ভাষাৰ সাম্ভাব্য প্ৰভাৱ বিশ্লেষণ কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানত কিছুসংখ্যক জনগণক সাংবিধানিক ভাষাৰে জনজাতি বা ট্রাইব্ বোলা হৈছে আৰু এনে জনজাতিবোৰক ‘চৰকাৰী নথি-পত্ৰত অনুসূচিত জনজাতি (Scheduled Tribe) হিচাপেও আখ্যা দিয়া দেখা গৈছে৷ সাধাৰণতে পাহাৰ-পৰ্বতক আশ্রয় কৰি বসবাস কৰা আৰ্য-ভিন্ন ভাষা-গোষ্ঠীৰ লোকসকলকে ‘ট্রাইব্’ বা জনজাতি বুলি বুজিব পাৰি আৰু এই লোকসকলৰ ভাষাবোৰকো ট্ৰাইবেল বা জনজাতীয় ভাষা বুলি বুজিব পাৰি৷ আমাৰ ৰাজ্য অসমৰ পৰিপ্ৰেক্ষিতত জনজাতীয় ভাষা বুলিলে মঙ্গলয়ড জাতি-গোষ্ঠীৰ অন্তৰ্গত বড়ো, ডিমাছা, লালুং, সোণোৱাল কছাৰী, ৰাভা, গাৰো, মিছিং, কাৰ্বি, দেউৰী-চুতীয়া আদি লোকসকলৰ ভাষাকে বুজা যায়।

অসম ৰাজ্যখন অতীত কালৰে পৰা বিভিন্ন ভাষা-ভাষী জনগোষ্ঠীৰে সমৃদ্ধ এখন ৰাজ্য। অসমত সাধাৰণতে চীন-তিব্বতীয় ভাষাগোষ্ঠীৰ বিভিন্ন ভাষা বহুদিন আগৰে পৰা প্ৰচলিত হৈ আছে৷ ইয়াৰ উপৰি অবিভক্ত অসমৰ দৃষ্টিভংগীৰে চালে অসমত অষ্ট্ৰিক ভাষা-গোষ্ঠীৰ খাচিভাষাৰো প্ৰচলন আছিল। বর্তমানে অসমৰ গাতে লাগি থকা মেঘালয় ৰাজ্যৰ খাচিয়াজয়ন্তীয়া পাহাৰত খাচিভাষা প্ৰচলিত হৈ আছে। দৰাচলতে চাবলৈ গ’লে অসমৰ আৰ্য অসমীয়া ভাষাটোৱে প্ৰধানকৈ চীন-তিব্বতীয় ভাষাগোষ্ঠীৰ বিভিন্ন ভাষা আৰু অষ্ট্ৰিক পৰিয়ালৰ ভাষাৰ মাজত সোমাই বিকাশৰ পথত আগবাঢ়ি গৈছিল। ড০ বাণীকান্ত কাকতিয়ে তেখেতৰ “Assamese : Its Formation and Development” গ্ৰন্থত অসমীয়া ভাষাটোৰ ওপৰত সাম্ভাব্য অনার্য ভাষাৰ প্ৰভাৱ আলোচনা কৰিবলৈ গৈ উল্লেখ কৰি গৈছে যে, “অসমীয়া ভাষাটো বিভিন্ন অনা-আর্যভাষাৰ সাগৰৰ মাজত এটা সৰুদ্বীপৰ নিচিনা।” অনা-আর্য এই ভাষাবোৰকে জনজাতীয় ভাষা হিচাপে আখ্যা দিয়া হয় বাবে এই অনা-আর্য বা জনজাতীয় ভাষাসমূহৰ প্ৰভাৱ অসমীয়া ভাষাত ভালেখিনি ক্ষেত্ৰত দেখা যায়। অসমীয়া ভাষাৰ ওপৰত এই ভাষাসমূহৰ প্ৰভাৱ পৰাৰ ফলস্বৰূপে আর্য ভাষাত নোপোৱা কিছুমান বৈশিষ্ট্য অসমীয়া ভাষাত গঢ় লৈ উঠিছে আৰু সেইবোৰ অসমীয়া ভাষাত নিজস্ব বৈশিষ্ট্য হিচাপেও চিহ্নিত হৈছে।

অনা-আর্য বা জনজাতীয় এই ভাষাসমূহৰ প্ৰভাৱ অসমীয়া ভাষাৰ ধ্বনিতত্ত্ব, ৰূপতত্ত্ব আৰু শব্দসম্ভাৰ আটাইবোৰ ক্ষেত্ৰতে দেখা যায়। এই বিভিন্ন ক্ষেত্ৰত পৰিলক্ষিত প্ৰভাৱসমূহৰ বিষয়ে তলত আলোচনা কৰা হ’ল।

ধ্বনিতত্ত্বৰ ক্ষেত্ৰত পৰিলক্ষিত জনজাতীয় ভাষাৰ প্ৰভাৱঃ 

(ক) দন্তমূলীয় ধ্বনিৰ উপস্থিতিঃ অসমীয়া মান্য ভাষা আৰু কামৰূপী উপভাষাত সংস্কৃতৰ দন্ত্য আৰু মূর্ধন্য দুয়োবিধ ধ্বনিৰ ঠাইত দন্তমূলীয় ধ্বনিয়ে উচ্চাৰিত হয়। সংস্কৃত ভাষাত দন্ত্য আৰু মূর্ধন্য ধ্বনিৰ সুস্পষ্ট পার্থক্য আছে। সেইদৰে আৰ্য পৰিয়ালৰ অন্যান্য ভাষা যেনে— হিন্দী, মাৰাঠী, বঙলা আদি ভাষাতো দন্ত্য আৰু মূর্ধন্য ধ্বনিৰ ব্যৱহাৰ আছে। কিন্তু অসমীয়াত দন্ত্য আৰু মূর্ধন্য ধ্বনিৰ উচ্চাৰণত পাৰ্থক্য নাই। সেইদৰে সংস্কৃত তালব্য ধ্বনিসমূহো অসমীয়া মান্য ভাষা আৰু কামৰূপী উপভাষাত দন্তমূলীয় ধ্বনি হিচাপে উচ্চাৰিত হৈছে। অসমৰ গোৱালপৰীয়া উপভাষাত অৱশ্যে দন্ত্য, মূর্ধন্য আৰু তালব্য ধ্বনিৰ উচ্চাৰণ বৈশিষ্ট্য আছে। সি যিয়েই নহওঁক মান্য অসমীয়া আৰু কামৰূপী উপভাষাৰ দন্তমূলীয় ধ্বনিৰ উচ্চাৰণৰ ক্ষেত্ৰত তিব্বত-বৰ্মীয় ভাষাৰ প্ৰভাৱ আছে বুলি ভাষাবিজ্ঞানীসকলে মন্তব্য আগবঢ়াই গৈছে। 

জি.এ গ্ৰীয়াৰছনেও অসমীয়া ভাষাত দ্ৰাবিড় ভাষাৰ মূর্ধন্য ধ্বনিৰ উচ্চাৰণত বাধা প্ৰদান কৰা প্ৰভাৱৰ ভিতৰত তিব্বত-বৰ্মীয় ভাষাৰ প্ৰভাৱৰ কথা উল্লেখ কৰি গৈছে। অসমীয়া দন্তমূলীয় ধ্বনিৰ উচ্চাৰণৰ দিশত স্পৰ্শ দন্তমূলীয় ধ্বনিৰ উপৰি উষ্ম দন্তমূলীয় ধ্বনিৰ কথাও বিবেচনাযোগ্য। সংস্কৃত ভাষাৰ উষ্ম ধ্বনি অৰ্থাৎ শ, ষ আৰু স – এই তিনিটা অসংযুক্ত হ’লে অসমীয়াত সচৰাচৰ দন্তমূলীয় ‘স’ ৰূপে উচ্চাৰিত হয়। এই ক্ষেত্ৰতো তিব্বত-বৰ্মীয় ভাষাৰ প্ৰভাৱৰেই আলোচনা কৰা হৈছে। – 

(খ) স্বতঃ অনুনাসিকীভৱনৰ প্ৰক্ৰিয়াঃ অসমীয়া ভাষাত স্বতঃ অনুনাসিকীভৱনৰ প্রক্রিয়াতো জনজাতীয় ভাষাৰ প্ৰভাৱ পৰিছে বুলি ভাষাবিদসকলে দেখুৱাইছে। সংস্কৃত শব্দ ‘ঘোটক’ৰ পৰা মান্য অসমীয়াত শব্দটো হয়গৈ ‘ঘোঁৰা’। ঘোটকৰ পৰা ‘ঘোঁৰা’ স্বতঃ অনুনাসিকীভৱন প্ৰক্ৰিয়াৰে হৈছে আৰু ইয়াতো তিব্বত-বৰ্মীয় ভাষাৰ প্ৰভাৱ আছে বুলি স্বীকাৰ কৰা হৈছে।

(ঘ) ৰূপতত্ত্বৰ ক্ষেত্ৰত পৰিলক্ষিত জনজাতীয় প্ৰভাৱঃ অসমীয়া ভাষাৰ ৰূপতত্ত্বৰ দিশতো জনজাতীয় ভাষাৰ প্ৰভাৱ বিদ্যমান হৈ আছে বুলি দেখুৱা হৈছে। এই প্ৰভাৱবোৰ তলত দিয়া বিভিন্ন ক্ষেত্ৰত দেখিবলৈ পোৱা যায়।

(ক) নির্দিষ্টতাবাচক প্ৰত্যয়ৰ প্ৰয়োগৰ দিশতঃ অসমীয়া ভাষাত কোনো বস্তু, মানুহ আৰু অন্যান্য জীৱজন্তু আদিক নির্দিষ্টকৈ বুজাবলৈ সেই সেই শব্দবোৰৰ পাছত কিছুমান নির্দিষ্ট প্রত্যয় আছে। যেনে— টো, খন, ডাল, জন, গৰাকী আদিবোৰ বিভিন্ন নির্দিষ্টবাচক প্রত্যয়। ভাষাবিদসকলে অসমীয়া ভাষাৰ এই বৈশিষ্ট্যত চীন-তিব্বতীয় ভাষাৰ প্ৰভাৱৰ কথা বিশ্লেষণ কৰি দেখুৱায়। উদাহৰণস্বৰূপে দেউৰী-চুতীয়া ভাষাতো এইদৰে প্ৰত্যয় প্ৰয়োগ হোৱাৰ উদাহৰণ আছে। যেনে— পেচু হাচ্চা (এখিলা পাণ), য়োগি কুজা (এখন কটাৰী) ইত্যাদি। টাই ভাষাতো এই বৈশিষ্ট্য পৰিলক্ষিত হয়। ডিমাছা ভাষাতো এই ধৰণৰ নিৰ্দিষ্টতাবাচক প্রত্যয়ৰ প্ৰয়োগ আছে। যেনে— চেমখাইচা (লোণকণ), চিনিখাইচা (চেনিকণ), চামৰখাথাই (ঘাঁহকোছা), গোৱাই-বাজাব (তামোল থোকা) ইত্যাদি । ইয়াৰ উপৰি কাৰবি, ৰাভা, গাৰো, ককবৰক আদি ভাষাতো এহ ধৰণৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ প্ৰয়োগ দেখা যায়।

(খ) সম্বন্ধবাচক শব্দৰ পাছত ব্যৱহাৰ হোৱা প্ৰত্যয়ঃ অসমীয়া ভাষাত সম্বন্ধবাচক বিশেষ্য শব্দসমূহৰ পাছতো কিছুমান সুকীয়া সুকীয়া প্ৰত্যয়ৰ প্ৰয়োগ হয়। এই প্রত্যয়বোৰক পুৰুষবাচক নির্দিষ্টতাবাচক প্রত্যয় হিচাপে দেখুৱা হৈছে। উদাহৰণস্বৰূপে মোৰ বোপাই, তোৰ বাপেৰ, তোমাৰ বাপেৰা, তাৰ বাপেক আদিত সম্বন্ধ অনুসৰি বিশেষ্য শব্দবোৰত বেলেগ বেলেগ প্রত্যয়ৰ প্ৰয়োগ হৈছে। ড০ বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাৰ এই ৰূপতাত্বিক দিশত অষ্ট্ৰিক ভাষাৰ প্ৰভাৱৰ কথা উল্লেখ কৰিছে। সেইদৰে অসমীয়াত বয়স অনুযায়ী একেধৰণৰ সম্বন্ধ বুজাবলৈ ভিন ভিন শব্দৰ প্ৰয়োগ কৰা হয়৷ যেনে— ককাইভাই, বাই-ভনী, ভিনিহী-বৈনাই আদি। এইক্ষেত্ৰতো তিব্বত-বৰ্মীয় ভাষাৰ প্ৰভাৱৰ কথা দেখুৱা হয় ।

(গ) ক্ৰিয়াৰ নাস্ত্যৰ্থক ৰূপৰ প্ৰয়োগঃ অসমীয়া ভাষাত ক্ৰিয়াৰ নাস্ত্যৰ্থক ৰূপৰ সুকীয়া প্ৰয়োগৰ দিশটোতো জনজাতীয় ভাষাৰ প্ৰভাৱ আছে বুলি দেখুৱা হৈছে। অসমীয়াত এইক্ষেত্ৰত ক্ৰিয়াৰ আগত নাস্ত্যৰ্থক ‘ন’ যোগ দিয়া হয় আৰু ধাতুটোৰ প্ৰথম স্বৰধ্বনি অনুযায়ী ‘ন’ৰ অস্বৰত সমীভৱন হয়। এই বৈশিষ্ট্যত চীন-তিব্বতীয় ভাষাৰ সম্পূৰ্ণ প্ৰভাৱ আছে বুলি কোৱা হৈছে; কিয়নো বড়ো, গাৰো, দেউৰী-চুতীয়া, ৰাভা, টাই, নগা আদি বিভিন্ন ভাষাবোৰতো ইয়াৰ সমপৰ্যায়ৰ বৈশিষ্ট্য দেখা যায়। বড়ো-কছাৰী, গাৰো, ডিমাছা আৰু দেউৰী-চুতীয়া ভাষাত অনুজ্ঞাসূচক নাস্ত্যৰ্থক ৰূপ হিচাপে ‘দা’ৰ ব্যৱহাৰ আছে। অন্যহাতে অন্য কিছুমান ভাষা যেনে— ৰাভা, ককবৰক, তিৱা আদি ভাষাত ই ‘টা’ বা ‘তা’ হিচাপে ব্যৱহাৰ হয়। অসমীয়া ভাষাৰ নাস্ত্যৰ্থক ৰূপৰ ‘প্ৰয়োগত প্ৰকৃতভাৱে প্ৰভাৱৰ দিশত আহোম ভাষাৰ বৈশিষ্ট্য মনকৰিবলগীয়া। আহোম ভাষাত নাস্ত্যৰ্থক ৰূপটো সম্পূৰ্ণৰূপে অসমীয়া ভাষাৰ দৰেই ব্যৱহাৰ হয়৷ যেনে— মা-তঙ> মতড্ (নুবুজোঁ), মা-কিন > মিকিন (নাখাওঁ), মা-লুক মুলুক (নুঠো) ইত্যাদি।

(ঘ) বহুৰচনৰ প্ৰত্যয় ‘বোৰ আৰু ‘বিলাক’ৰ প্ৰয়োগঃ অসমীয়া ভাষাত বহুবচনৰ প্ৰত্যয় হিচাপে প্ৰয়োগ হোৱা ‘বোৰ আৰু ‘বিলাক’ৰ ক্ষেত্ৰত চীন-তিব্বতীয় ভাষাৰ প্ৰভাৱৰ কথা দেখুৱা হয়। গাৰো ভাষাত ‘ফিলাক’, মিচমি ‘কা-ফ্লাক’ প্রত্যয়ৰ পৰা ‘বিলাক’ আৰু বড়ো ভাষাৰ ‘ফোৰ’ প্রত্যয়ৰ পৰা ‘বোৰ’ প্রত্যয় আহিছে বুলি ধাৰণা কৰা হয়।

(ঙ) লিঙ্গভেদৰ প্ৰক্ৰিয়াঃ অসমীয়া ভাষাত লিঙ্গভেদ বুজাবলৈ কিছুমান শব্দৰ আগত পুৰুষ আৰু স্ত্ৰীবাচক যুক্ত ৰূপৰ ব্যৱহাৰো কৰা হয়। যেনে— মতা ছাগলী-মাইকী ছাগলী, মতা মানুহ-মাইকী মানুহ ইত্যাদি। লিংগবাচক এই প্রথাটো তিব্বত-বর্মীয় কেবাটাও ভাষাত পোৱা যায় বাবে ইয়াক তিব্বত-বৰ্মীয় প্ৰভাৱ বুলিয়ে বিবেচনা কৰা হয়। উদাহৰণস্বৰূপে দেউৰী-চুতীয়া ভাষাৰ কথাকে ক’ব পাৰি। যেনে— মুকাগু লে’পেদুৰ (মতা ছাগলী), মিচিগু লে’পেদুৰ (মাইকী ছাগলী)। অন্যান্য তিব্বত-বর্মীয় ভাষাত এনে পদ্ধতি আছে যদিও কেতিয়াবা এই ৰূপবোৰ মূল শব্দৰ পাছতো ব্যৱহাৰ হয় ।

(চ) মধ্য প্রত্যয়ব প্রয়োগ আৰু অপাদানকাৰক বাচক পৰসৰ্গৰ প্ৰয়োগঃ অসমীয়া ভাষাৰ দুই এঠাইত মধ্য প্রত্যয়ৰ প্ৰয়োগৰ কথা ভাষাবিদসকলে আলোচনা কৰিছে। যেনে— কাপোৰকেইখন, মানুহকেইজন। ইয়াত ‘কেই’ মধ্য প্রত্যয় হিচাপে দেখুৱা হৈছে আৰু এইক্ষেত্ৰত জনজাতীয় ভাষাৰ প্ৰভাৱৰ কথা কোৱা হৈছে। সেইদৰে অসমীয়া ভাষাত ষষ্ঠী বিভক্তি ৰ-ৰ পাছত পৰসৰ্গ হিচাপে ‘পৰা’ যোগ দি অপাদান কাৰকৰ অৰ্থ প্ৰকাশ কৰা হয়। জনজাতীয় ভাষা বিশেষকৈ ডিমাছা ভাষাত এই বৈশিষ্ট্য দেখা যায়। ৰাভা আৰু বড়ো ভাষাতো সমপৰ্যায়ৰ প্ৰক্ৰিয়া দেখা যায়।

(ছ) অন্য বিশেষ্যবাচক আৰু ক্ৰিয়াবাচক পৰসৰ্গৰ প্ৰয়োগঃ অসমীয়া ভাষাৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন অর্থ প্রকাশক হিচাপে বিশেষ্যবাচক পৰসৰ্গৰ লগতে ক্রিয়াবাচক বিভিন্ন পৰসৰ্গৰ প্ৰয়োগো দেখা যায়। এনেধৰণৰ পৰসৰ্গৰ প্ৰয়োগ তিব্বত-বর্মীয় ভাষা কিছুমানতো দেখা যায় আৰু সেয়ে এইক্ষেত্ৰত তিব্বত-বর্মীয় ভাষাৰ প্ৰভাৱৰ কথা কোৱা হৈছে।

(জ) বাক্যৰ শব্দক্রমঃ অসমীয়া ভাষাৰ বাক্যবোৰ সাধাৰণতে কৰ্তা, কৰ্ম আৰু ক্ৰিয়া এই ক্ৰম অনুসৰি সজোৱা হয়। অসমীয়া বাক্যৰ এই শব্দক্ৰমৰ সৈতে তিব্বত-বৰ্মীয় ভাষাৰ বাক্যৰ শব্দক্ৰমৰ সাদৃশ্য আছে আৰু সেয়ে এইক্ষেত্ৰত তিব্বত-বর্মীয় ভাষাৰ প্ৰভাৱৰ কথা দেখুৱা হয় ।

অসমীয়া ভাষাৰ শব্দ সম্ভাৰৰ দিশত জনজাতীয় প্রভাবঃ অসমীয়া ভাষাৰ ধ্বনিতত্ত্ব আৰু ৰূপতত্ত্বৰ লগতে অসমীয়া শব্দ-সন্তাৰৰ দিশতো অনা-আর্য জনজাতীয় ভাষাৰ প্ৰভাৱ দেখা গৈছে। অসমীয়া ভাষাৰ বহুতো শব্দ প্রায় সমপৰ্যায়ৰ ৰূপত জনজাতীয় ভাষা কিছুমানতো প্ৰয়োগ হৈ আহিছে ৷ ভাষাবিদসকলে দেখুৱা অনুসৰি অসমৰ বিভিন্ন ঠাইৰ নাম, নদীৰ নাম, উৎসৱ-পর্ব; উপাধি, বিষয়া আদিৰ নামৰ লগতে দৈনন্দিন জীৱনৰ বহুতো শব্দও চীন-তিব্বতীয় গোষ্ঠীৰ ভাষাৰ শব্দৰ পৰা অহা ৷ চীন-তিব্বতীয় ভাষা-গোষ্ঠীৰ অন্তৰ্গত বড়ো ভাষাৰ পৰা অসমীয়া ভাষাই কিছুমান সৰল আৰু মিশ্র ধাতু গ্ৰহণ কৰা বুলি ড. কাকতিয়ে দেখুৱাই গৈছে। সৰল ধাতুৰ ভিতৰত চেলেক, ৰেপ, আগচ, গচক, চেপ আৰু মিশ্র ধাতুৰ ভিতৰত খাম বান্ধ, গবা মাৰ, বিৰ দি আদিবোৰ দেখুৱা হৈছে। অন্যান্য বহু শব্দও বড়ো ভাষাৰ পৰা অহা বুলি কোৱা হৈছে। যেনে – হাঁফলু, জেং, হেঙাৰ, হাওঁফাওঁ ইত্যাদি ৷ স্থানবাচক শব্দৰ ভিতৰত হাজো, হাকমা, বিহামপুৰ, দিছপুৰ আদি শব্দৰো উল্লেখ কৰা হৈছে। বড়ো ভাষাৰ লগতে সমগোষ্ঠীয় দেউৰী-চুতীয়া, তিৱা আদি ভাষাৰ শব্দও কম পৰিমাণে হ’লেও অসমীয়া ভাষাত আছে। সেইদৰে আকৌ কাৰ্বি, আহোম, খামটি আদি ভাষাৰ পৰাও বিভিন্ন শব্দ অসমীয়া ভাষাত প্ৰবেশ কৰিছে।

ড কাকতিয়ে অষ্ট্রিক ভাষাগোষ্ঠীৰ ভাষাৰ পৰাও কিছুমান শব্দ অসমীয়াত প্ৰবেশ কৰাৰ সম্ভাৱনা দেখুৱাইছে৷ খাচিৰ পৰা অহা হিচাপে কাবৌ, খং, হেনো, জহা (ধান); কোলমুণ্ডাৰ পৰা অহা হিচাপে এৰা (হয়), লাটুম, উবুৰিয়া, মুগা, ডঙুৱা আৰু চাওঁতালীৰ পৰা অহা হিচাপে ঢোপ, চুমা, গোহাৰি, পাহাৰ আদি শব্দৰ কথা ড° কাকতিয়ে দেখুৱাইছে। ইয়াৰ উপৰি গণ্ডা, কুৰি, পোন আদি শব্দকো পণ্ডিতসকলে অষ্ট্ৰিক মূলীয় বুলি কৈ গৈছে। সেইদৰে স্থানবাচক শব্দৰ ভিতৰত প্ৰাগ্‌জ্যোতিষপুৰ, কামৰূপ, কামাখ্যা, আদিৰ লগতে শেষাংশত – ত, তা, তু আদি থকা কামতা, চামতা, বকতা, চাপতগ্রাম, ধমতুল আদি শব্দকো অষ্ট্রিক ভাষাৰ লগত সাঙোৰা হৈছে।

অসমীয়া ভাষাত প্ৰয়োগ হোৱা প্ৰতিধ্বন্যাত্মক শব্দসমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰতো জনজাতীয় ভাষাৰ প্ৰভাৱৰ কথা দেখুৱাব বিচৰা হয়; কিয়নো দেউৰী-চুতীয়া, কাৰবি, বড়ো আদি ভাষাতো অসমীয়া ভাষাৰ নিচিনাকৈয়ে প্রায় একেধৰণে প্ৰতিধ্বন্যাত্মক শব্দৰ ব্যৱহাৰ আছে।

ওপৰৰ আলোচনাৰ পৰা এই কথা বুজিব পাৰি যে, আর্য-অসমীয়া ভাষাৰ চাৰিওকাষে অনাআর্য জনজাতীয় ভাষাসমূহ প্ৰচলিত হৈ আছে কাৰণে অসমীয়া ভাষাৰ বিবিধ দিশত এই ভাষাসমূহৰ প্ৰভাৱ দেখা যায়। অন্য কথাত অতি প্রাচীন কালৰে পৰা বিভিন্নধৰণে বিভিন্ন জনজাতীয় ভাষাই অসমীয়া ভাষাৰ পুষ্টি সাধনত বৰঙণি যোগাই অসমীয়া ভাষাটোক ভাব প্ৰকাশত সমৃদ্ধ কৰি তুলিছে।

৭। অসমীয়া ভাষাৰ ধাতুসমূহক কি কি ভাগত ভাগ কৰিব পাৰি? প্রত্যেক বিধৰ বিষয়ে বহলাই আলোচনা কৰা।

উত্তৰঃ অসমীয়া ভাষাৰ ধাতুসমূহক ঘাইকৈ তিনিটা ভাগত ভাগ কৰিব পাৰি — 

(i) মুখ্য ধাতু। 

(ii) গৌণ ধাতু। আৰু 

(iii) অনাৰ্য আৰু আন ভাষাৰ পৰা ধাতু।

(i) মুখ্য ধাতুঃ মুখ্য ধাতু বুলি কলে সংস্কৃতৰ পৰা অসমীয়ালৈ পোনপটীয়াভাৱে অহা ধাতুবোৰৰ কথা ক’বলগীয়া হয়। সংস্কৃতৰ পৰা অহা ধাতুবোৰক আকৌ তিনিটা ভাগত ভগাব পাৰি— 

(ক) সাধাৰণ ধাতু। 

(খ) উপসর্গযুক্ত ধাতু। আৰু 

(গ) পাঁচনি ধাতু।

(ক) সাধাৰণ ধাতুঃ কৰ্ (সং কৰোতি), কান্দ (সং ক্রন্দতি), খা (সং খাদতি), খেল্ (সং খেলতি), গা (সং গায়তি), যা (সং যাতি), বুজ্ (সং বুধ্যতে), ল (সং লভতে), জান্‌ (সং জানাতি), দি (সং দীয়তে), নাচ্ (সং নৃত্যতে), নি (সং নয়তি), পঢ় (সং পঠতি) ইত্যাদি। 

(খ) উপসর্গযুক্ত ধাতুঃ উজা (সং উৎ-যাতি),উস্‌ (সং উৎ তিষ্ঠতি) ওপজ (সং উৎপদ্যতে ), চম্ভাল্ (সং সম্ভৰতি), পাহৰ্ (সং প্ৰস্মৰতি),পা (সং প্রাপ্নোতি)।

(গ) সংস্কৃতৰ পাঁচনী ক্ৰিয়াৰ পৰা হোৱা ধাতুঃ চাৰ্ (সংচাৰয়তি),ফাল্‌ (সংস্ফাটয়তি),বক্ (সং বল্কয়তি), ৰো্ (সং ৰোপয়তি),থ্ (সংস্থাপয়তি)।

(ii) গৌণ ধাতুঃ গৌণ ধাতু কেইবা প্ৰকাৰৰো হ’ব পাৰে, যেনে—

(ক) পাঁচনি ধাতু।

(খ) নাম ধাতু।

(গ) সংযুক্ত ধাতু।

(ঘ) প্রত্যয়ান্ত ধাতু।

(ঙ) ধ্বন্যাত্মক ধাতু। 

তলত প্রত্যেকৰে আলোচনা কৰা হ’ল—

(ক) পাঁচনি ধাতুঃ আনক পাঁচি কোনো কাম কৰোৱা বুজাবলৈ মুখ্য ধাতু বা নাম ধাতুৰ পাছত –আ, −ওৱা আৰু -উৱা প্ৰত্যয় যোগ দিলে আন এবিধ ধাতুৰ সৃষ্টি হয়। ইয়াৰ নাম পাঁচনি ধাতু ৷ ক্রিয়া বিভক্তিবোৰ পাঁচনি ধাতুৰ পাছত লগ লাগে। যেনে-খা- আ-ওঁ (খুৱাওঁ),পঢ়-উৱা (পঢ়ুৱা), কৰ্-ওৱা (কৰোৱা), ধো-আ (ধুৱা),নাচ্-উৱা (নচুৱা), হাঁহ্-উৱা (হঁহুৱা),দেখ্‌-উৱা (দেখুৱা), বহ্-উৱা (বহুৱা) ইত্যাদি।

(খ) নামধাতুঃ বিশেষ্য আৰু বিশেষণৰ শব্দৰ পাছত -আ, -ইয়া, -উৱা প্ৰত্যয় লগ লগাই কিছুমান ধাতু সজাব পাৰি। এনে ধাতুবোৰক নাম ধাতু বোলে। ক্রিয়া-বিভক্তি এইবোৰৰ পাছত যোগ দিব লাগে, যেনে-তপত-আ, (তপতা),ভুকু-আ (ভুকুৱা),গোৰ ইয়া (গুৰিয়া), টাঙোন-ইয়া (টঙনিয়া),আগ-উৱা (আগুৱা) ইত্যাদি।

(গ) সংযুক্ত ধাতুঃ কিছুমান ধাতু 

(i) বিশেষ্য বা বিশেষণ শব্দ। 

(ii) ক্ৰিয়াৰ অসমাপিকা ৰূপ।

(iii) ক্ৰিয়াৰ ভৱিষ্যৎ কালৰ তৃতীয় পুৰুষৰ ৰূপ।

(iv) ক্ৰিয়াৰ ভূতকালিক কৃদন্ত ৰূপ। আৰু 

(v) তুমুনন্ত ক্ৰিয়া ৰূপৰ পাছত লগ লাগি বিভিন্ন অৰ্থ প্ৰকাশ কৰে। এনেধৰণৰ ধাতুবোৰক সংযুক্ত ধাতু বোলা হৈছে। 

তলত প্ৰত্যেকৰে উদাহৰণ দিয়া হ’ল—

(i) জমা কৰ্, নাম কৰ্, আগবাঢ়, খোজ কাঢ়, জুই ধৰ্, কাষ চাপ্‌, মাৰ খা, হাক দি, আৰম্ভ কৰ্, শেষ কৰ্ ইত্যাদি। খাই পেলা, পেলাই দি, পৰি যা, লৈ যা, বহি থাক্‌, ৰাখি থ, উঠি যা, বাগৰি পৰ্‌, ইত্যাদি।

(ii) খাই পেলা, পেলাই দি, পৰি যা, লৈ যা, বহি থাক্‌, ৰাখি থ, উঠি যা, বাগৰি পৰ ইত্যাদি।

(iii) খাব পাৰ্, ক’ব পাৰ্, বহিব পাৰ্, যাব খোজ্‌ ইত্যাদি। 

(iv) ধৰা পৰ্; অহা যোৱা কৰ্, খোৱা কৰ্, ইত্যাদি।

(v) খাবলৈ ধৰ, পঢ়িবলৈ এৰ্, যাবলৈ পাহৰ্ আদি।

(ঘ) প্ৰত্যয়ান্ত ধাতুঃ কিছুমান ধাতুৰ মূল বিচাৰি চালে যিবোৰ শব্দৰ পৰা সেই ধাতুবোৰ ওলাইছে যেন লাগে সেইবোৰৰ পাছতো আৰু কিছুমান ৰূপ সংযুক্ত হৈছে বুলি ক’ব পাৰি। এনে ধাতুবোৰক প্ৰত্যয়ান্ত ধাতু নাম দিয়া হৈছে। এইবোৰ হৈছে- থমক্‌, থেকেচ্, মোহাৰ, ওন্দোলা, ৰমলিয়া, থেৰেহ্ আদি।

(ঙ) ধ্বন্যাত্মক ধাতুঃ কিছুমান ধ্বনি সংযোগ উচ্চাৰণ কৰাৰ লগে লগে একোটা অর্থ প্রকাশিত হয়, এনে শব্দবোৰ বিশ্লেষণ কৰিলে এটা শব্দমূল পোৱা যায়। তাৰ পাছত বিভিন্ন প্রত্যয় লগ লগাই বিভিন্ন আন শব্দ সব্জাব পাৰি। এনে শব্দ-মূলবোৰৰ কিছুমানৰ পাছত ‘আ’ প্রত্যয লগ লগাই একোটা ধাতু-ৰূপ পাব পাৰি। এনে ধাতুবোৰ ধ্বন্যাত্মক ধাতু। যেনেকে’ক-আ (কেকা) দেদা, ফোঁপা, বেবা, দপদপা, ধৰফৰা, ফুচফুচা ইত্যাদি।

(iii) অনাৰ্য আৰু আন ভাষাৰ পৰা অহা ধাতুঃ এই ধাতুবোৰ বড়ো নাইবা আন অনার্য ভাষাৰ পৰা অসমীয়ালৈ আহিছে। বড়ো ভাষাৰ পৰা অহা ধাতু-চেলেক্, জিৰা, গচক্‌, ভেঁকুৰ, ঢেঁকুৰ, গবা মাৰ্, বিৰ্ দি, থলামুৰি মাৰ্, আদি। কিছুমান আৰবী ভাষাৰ পৰা অহা ধাতু আছে, যেনে- বদল্, জম্, খামোচ্ আদি।

৮। অসমীয়া ভাষাৰ সংখ্যা-ৱাচক শব্দৰ বিষয়ে আলোচনা কৰা ৷ 

উত্তৰঃ যিবোৰ শব্দৰ পাছত বচন আৰু লিঙ্গৱাচক প্রত্যয় যোগ নহয় কিন্তু শব্দ-বিভক্তি আৰু নিৰ্দিষ্টতাবাচক প্ৰত্যয় যোগ হয় সেইবোৰ সংখ্যাৱাচক শব্দ। সংখ্যাৱাচক শব্দবোৰে বস্তুৰ লেখ বুজায়, যেনে— এক, দুই, তিনি, চাৰি, সোতৰ, আশী, হাজাৰ, লাখ, নিযুত ইত্যাদি । নিৰ্দিষ্টতাৱাচক প্ৰত্যয় নাইবা আন শব্দৰ লগত যুক্ত হ’লে এই সংখ্যাৱাচক শব্দবোৰৰ শেষৰ ধ্বনি লোপ হয়। যেনে, এটা, দুটা, ছটা, এখন, দুজন, ছটকা আদি। সংখ্যাৱাচক শব্দবোৰক দুটা ভাগত ভগাব পাৰি। তাৰে এটা সংখ্যাৱাচক বিশেষ্য-শব্দ আৰু আনটো সংখ্যাৱাচক বিশেষণ-শব্দ।

(i) সংখ্যাৱাচক বিশেষ্য শব্দঃ সংখ্যাৱাচক বিশেষ্য-শব্দবোৰ তলত দিয়া ধৰণৰঃ দুই, তিনি, চাৰি, ষোল্ল, পঁচিশ, পঁচপন, তিৰাশী, আঠাশী, এশ, নিযুত, কোটি আদি । 

(ii) সংখ্যাৱাচক বিশেষণ শব্দঃ অসমীয়া ভাষাত সংখ্যাৱাচক বিশেষণ শব্দৰ বিশেষৰূপ নাই বুলিয়ে ক’ব পাৰি৷ মাত্ৰ পহিলা, দোচোৰা, চথা এই শব্দ কেইটাৰ বাহিৰে সংখ্যাৱাচক বিশেষণ হিচাপে তেনে অসমীয়া শব্দ ব্যৱহাৰ হোৱা দেখা নাযায়। অৱশ্যে সংস্কৃতমূলক সংখ্যাৱাচক বিশেষণ শব্দবোৰক অসমীয়াতো ব্যৱহাৰ কৰা হয়, যেনে-প্ৰথমা, প্রথম, দ্বিতীয়, দ্বিতীয়া, তৃতীয়, তৃতীয়া ইত্যাদি।

পুৰণৱাচক-সংখ্যাৱাচক শব্দঃ অসমীয়াত সংখ্যাৱাচক শব্দৰ পূৰ্ণৱাচক অৰ্থ প্ৰকাশ কৰিবলৈ সংখ্যাৱাচক বিশেষ্য-শব্দৰ পাছত বাৰ বা গুণ ৰূপ দুটা লগ লগাব লাগে, যেনে- এবাৰ, দুবাৰ, এগুণ, দুগুণ।

আংশিক সংখ্যাৱাচক শব্দঃ এই শব্দবোৰ এনেকুৱা- পোৱা, আধা, দেঢ়, আঢ়ৈ, পোনে আদি।

৯। শব্দৰ শ্ৰেণীবিভাগ বুলিলে কি বুজা? অসমীয়া ভাষাৰ শব্দসমূহক কি কি শ্ৰেণীত ভাগ কৰিব পাৰি? অসমীয়া বিশেষ্য শব্দসমূহৰ বচন আৰু লিংগ সম্বন্ধে এটি টোকা লিখা।

উত্তৰঃ একোটা ভাষাৰ বাক্যবোৰ বিভিন্ন শব্দেৰে গঠিত হয়। বাক্যত ব্যৱহাৰ হওঁতে শব্দবোৰৰ একোটা নির্দিষ্ট ক্রম থাকে। সেই ক্ৰমত শব্দবোৰ প্ৰয়োগ কৰিলেহে বাক্যবোৰৰ অৰ্থৰ সুস্পষ্টতা আহি পৰে। বাক্যৰ শব্দবোৰত বিভিন্ন ধৰণৰ প্ৰত্যয়ো লগ লাগে। বাক্যত এইদৰে প্ৰয়োগ হোৱা শব্দবোৰৰ ক্ৰম অনুসৰি আৰু শব্দত ব্যৱহাৰ হোৱা প্ৰত্যয় অনুসৰি শব্দবোৰক কিছুমান নিৰ্দিষ্ট শ্ৰেণীত ভাগ কৰিব পাৰি।শব্দৰ শ্ৰেণীবিভাজন বুলিলে বাক্যত ব্যৱহাৰ হোৱা শব্দসমূহৰ বিভিন্ন ভাগকেই বুজায়।

অসমীয়া ভাষাৰ শব্দসমূহক ছয়টা ভাগত ভাগ কৰি দেখুৱা হৈছে। সেই ভাগকেইটা হৈছে— বিশেষ্য, বিশেষণ, সর্বনাম, ক্রিয়া, ক্রিয়া-বিশেষণ আৰু অব্যয়। 

অসমীয়া ভাষাৰ বিশেষ্য শব্দবোৰৰ ক্ষেত্ৰত বচন আৰু লিংগ দুটা গুৰুত্বপূৰ্ণ বিষয়। তলত এই দুটা বিষয়ৰ ওপৰত এটি টোকা আগবঢ়োৱা হ’ল—

(i) বিশেষ্য শব্দৰ বচনঃ বিশেষ্য শব্দৰ বচন বুলি ক’লে সাধাৰণতে একবচন আৰু বহুবচনৰ কথাকেই ক’ব লাগিব। বিশেষ্য শব্দবোৰৰ সচৰাচৰ এটাক বুজোৱা শব্দবোৰ হ’ল একবচনৰ ৰূপ আৰু দুটাতকৈ অধিক বুজাবলৈ ব্যৱহাৰ কৰা ৰূপকেই বহুবচনৰ ৰূপ বোলা হয়।

অসমীয়া ভাষাত একবচন বুজাবলৈ বিশেষ্য শব্দৰ পাছত কিছুমান প্ৰত্যয় প্রয়োগ হয়। এই প্রত্যয়বোৰক নিৰ্দিষ্টতাবাচক প্রত্যয় বুলিও উল্লেখ কৰিব পাৰি। টো, খন, ডাল, জন আদি এনেধৰণৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয়। উদাহৰণস্বৰূপে মানুহটো, গৰুটো, কাপোৰখন, গছডাল, ইত্যাদিত এই প্ৰত্যয়বোৰ প্ৰয়োগ হৈ একবচনৰ অৰ্থ প্ৰকাশ কৰিছে।

অসমীয়া ভাষাত দুটাতকৈ অধিকক বুজাবলৈ যিবোৰ ৰূপ গঠন কৰা হয়, সেইবোৰ ৰূপ গঠন কৰিবলৈ মূল বিশেষ্য শব্দবোৰৰ পাছত কিছুমান প্রত্যয় যোগ দিয়া হয়। এই প্রত্যয়বোৰকে বহুবচনৰ প্ৰত্যয় বোলে৷ অসমীয়া ভাষাৰ বহুবচনৰ প্ৰত্যয়বোৰৰ ভিতৰত প্ৰধান প্ৰত্যয়বোৰ বোৰ, বিলাক, হঁত, লোক, সকল, মখা আৰু সোপা। তলত এই প্ৰত্যবোৰৰ বিষয়ে উদাহৰণসহ আলোচনা কৰা হ’ল।

বোৰ, বিলাকঃ অসমীয়া ভাষাত প্ৰাণী আৰু অপ্ৰাণীবোৰক বিশেষ্য শব্দৰ পাছত বোৰ আৰু বিলাক প্ৰত্যয়ৰ যোগ হয় যেনে— মানুহবোৰ, ল’ৰাবোৰ, ঘৰবোৰ, গৰুবোৰ, ঘৰবিলাক, চাউলবিলাক, মানুহবিলাক, চৰাইবিলাক ইত্যাদি। দেখা যায় যে, মানুহৰ ক্ষেত্ৰত বোৰ প্ৰত্যয়ৰ প্ৰয়োগত নিম্নভাৱ আৰু বিলাক প্ৰত্যয়ৰ সংযোগত উচ্চভাৱ বা মান্যাৰ্থ প্রকাশিত হয়।

হঁতঃ বহুবচনবাচক হিচাপে অসমীয়া ভাষাত হঁত প্রত্যয় বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ হয়। কোনো ব্যৱসায়, জাতি বা দল আদিৰ অন্তৰ্ভুক্ত অৰ্থত হঁত প্ৰত্যয়ৰ ব্যৱহাৰ হোৱাৰ উপৰি সম্বন্ধ বুজোৱা বিশেষ্য শব্দৰ পাছতো সন্মান অৰ্থত হঁত প্রত্যয় লগ লাগে। যেনে— কহাঁৰহঁত, ছাত্ৰহঁত, দেউতাহঁত, মাহঁত, ইত্যদি। কেতিয়াবা কেতিয়াবা মানুহক গালি পাৰিবলৈও জন্তু বুজোৱা শব্দৰ পাছত হঁত ব্যৱহাৰ কৰা হয়। যেনে— কুকুৰহঁত, গৰুহঁত ইত্যাদি। 

লোকঃ অসমীয়া সন্মানসূচক সর্বনামৰ পাছত লোক প্ৰত্যয় বহুবচনৰ প্ৰত্যয়ৰূপে প্ৰয়োগ হয়। যেনে— তোমালোক, তেওঁলোক, এওঁলোক ইত্যাদি। 

সকলঃ অধিক সন্মান বুজাবলৈ বিশেষ্য আৰু সৰ্বনাম শব্দৰ পাছত সকল প্রত্যয়ৰ ব্যৱহাৰ কৰা হয়। যেনে— আপোনালোক, মহাশয়সকল, শিক্ষকসকল, ছাত্রবন্ধুসকল ইত্যাদি । 

মখা/সোপাঃ সামূহিক হীন অৰ্থত বিশেষ্য শব্দৰ পাছত মখা আৰু সোপা প্ৰত্যয়ৰ প্ৰয়োগ হয় । যেনে—ল’ৰামখা, গৰুমখা, চেনিসোপা, চাউলসোপা, মাছমখা, মেডেলসোপা ইত্যাদি। ইয়াৰ উপৰি সম্ভ্রম অৰ্থত বহুবচন বুজাবলৈ – বৰ্গ, বৃন্দ, মণ্ডলী, ৰাজি, আৱলী, সমূহ আদি সংস্কৃত শব্দসমূহো প্ৰয়োগ কৰা হয়। যেনে— পাঠকবর্গ, শিক্ষকবর্গ, পণ্ডিতমণ্ডলী, নক্ষত্ৰৰাজি, তৰাৱলী, ইত্যাদি। 

ওপৰত উল্লেখ কৰা নিৰ্দিষ্টতাবাচক প্রত্যয়সমূহ বহুবচনতো প্রয়োগ হয় যদিও বহুবচন বুজোৱাৰ ক্ষেত্ৰত এই প্ৰত্যয়বোৰ প্ৰয়োগ কৰাৰ আগতে মধ্যপ্রত্যয় ‘কেই’ প্ৰয়োগ কৰিব লাগে। যেনে—

একবচন — বহুবচন।

কাপোৰখন – কাপোৰকেইখন।

গছজোপা — গছকেইজোপা।

তামোলখন — তামোলকেইখন।

বাহডাল — বাহকেইডাল।

মানুহটো — মানুহকেইটা- ইত্যাদি।

(ii) বিশেষ্য শব্দৰ লিংগঃ অসমীয়া ভাষাৰ বিশেষ্য শব্দসমূহৰ সাধাৰণতে পুংলিংগবাচক আৰু ক্লীৱলিংগবাচক এই ধৰণে তিনিটা ভাগত ভাগ কৰা হয়। যিবোৰ বিশেষ্য শব্দই পুৰুষ বা মতা বুজায় সেইবোৰ পুংলিংগবাচক; যিবোৰে স্ত্ৰী বা মাইকী বুজায় সেইবোৰ স্ত্রীলিংগবাচক আৰু যিবোৰ অচেতন পদাৰ্থৰ পুৰুষ আৰু স্ত্ৰী ধৰিব নোৱাৰি তেনেবোৰ ক্লীৱলিংগত ধৰা হয় ৷

অসমীয়া ভাষাত লিংগ ভেদ বুজোৱাৰ উপায়ঃ লিংগভেদ বুজোৱা মানে হৈছে পুৰুষ আৰু স্ত্রীবাচক শব্দসমূহৰ ভেদ নিৰ্ণয় কৰা। অসমীয়া ভাষাত লিংগভেদ বুজাবলৈ সাধাৰণতে তিনিটা উপায় অৱলম্বন কৰা হয়। সেই তিনিটা উপায় হৈছে—

(ক) মূল বিশেষ্য শব্দৰ আগত পুৰুষ বা স্ত্রীবাচক শব্দ প্ৰয়োগ কৰি নাইবা পাছত কিছুমান নির্দিষ্টতা বাচক শব্দ প্রয়োগ কৰি অসমীয়া ভাষাত লিংগ ভেদ বুজোৱা হয় ৷ তলত এইদৰে লিংগভেদ বুজোৱা শব্দ কিছুমানৰ উদাহৰণ দিয়া হ’ল। যেনে—

পুংলিংগস্ত্রীলিংগ
মতা ছাগলীমাইকী ছাগলী
মতা মানুহমাইকী মানুহ
মতা হাঁহমাইকী হাঁহ
কুকুৰাটোকুকুৰাজনী
মানুহজনমানুহজনী – ইত্যাদি

(খ) লিংগ ভেদ বুজাবলৈ অসমীয়া ভাষাত পুংলিগ আৰু স্ত্ৰীলিংগ হিচাপে বেলেগ বেলেগ শব্দৰ ব্যৱহাৰো কৰা হয়। যেনে—

পুংলিংগস্ত্রীলিংগ
ককাইনবৌ
কোৱাকাউৰী
ছাৰবাইদেউ
জোঁৱাইজী
তাৱৈআমৈ
দদাইখুৰী
দঁতালমাখুন্দী
দৰাকইনা
দাদাবৌ, ইত্যাদি

(গ) লিংগভেদ বুজাবলৈ অসমীয়াত স্ত্রীবাচক হিচাপে কেইটামান প্রত্যয়ো মূল শব্দৰ পাছত যোগ কৰা হয়। এই প্রত্যয়সমূহকে স্ত্রী প্রত্যয় বুলিও কোৱা হয়। অসমীয়াত ব্যৱহাৰ হোৱা এই স্ত্ৰীপ্ৰত্যয় চাৰিটা হৈছে— ঈ, অনী, নী আৰু ৰী। তলত এই প্রত্যয় কেইটাৰ সংযোগত পুংলিংগবাচক শব্দৰ পৰা স্ত্ৰীলিংগবাচক শব্দ গঠন কৰি দেখুৱা হ’ল।

ঈ প্রত্যয়ঃ যেনে —

নিলাজনিলাজী
বান্দৰবান্দৰী
বামুণবামুণী
কোঁৱৰকুঁৱৰী
পেহাপেহী
কুঁজাকুঁজী
কান্দুৰাকান্দুৰী
ঘোঁৰাঘুৰী
খোনাখুনী
লোধোমালুধুমী
অঁকৰাআঁকৰী
কজলাকাজলী – ইত্যাদি

অনী প্রত্যয়ঃ যেনে — 

কমাৰকমাৰণী
গিৰীহঁতগিৰীহঁতনী
বামুণবামুণনঈ
হিন্দুহিন্দুৱনী – ইত্যাদি

নী প্রত্যয়ঃ যেনে — 

গৃহস্থগৃহস্থনী
কলিতাকলিতানী
খাচিয়াখাচিয়ানী
শ‍ইকীয়াশ‍ইকীয়ানী
চোৰচুৰুণী
ৰাক্ষসৰাক্ষসিনী
হাঁহহাঁহিনী – ইত্যাদি

ৰী প্ৰত্যয়ঃ ৰী-প্রত্যয়ৰ সংযোগত স্ত্রীবাচক শব্দ গঠনৰ উদাহৰণ হিচাপে তলৰ শব্দবোৰ দেখুৱাব পাৰি। যেনে —

কলাকালৰী
ডেকাডেকেৰী
বেঙাবেঙুৰী-ইত্যাদি

অসমীয়া ভাষাত ওপৰত উল্লেখ কৰা স্ত্রীবাচক প্রত্যয়সমূহৰ প্ৰয়োগৰ ক্ষেত্ৰত কেতিয়াবা কেতিয়াবা মূল শব্দসমূহৰ পাছত মূল শব্দসমূহৰ কোনো ধৰণৰ পৰিৱৰ্তন নোহোৱাকৈ এই প্রত্যয়বোৰৰ প্ৰয়োগ দেখা গৈছে। কেতিয়াবা কেতিয়াবা আকৌ মূল শব্দসমূহৰ ধ্বনি পৰিৱৰ্তন হৈ একোটা তীর্যক ৰূপৰ সৃষ্টি হোৱাও দেখা গৈছে।

অসমীয়া ভাষাৰ লিংগ বিষয়ত এটা মনকৰিবলগীয়া কথা হ’ল এয়ে যে, ইয়াত এহাতে যেনেকৈ কিছুমান শব্দ অকল স্ত্রীবাচক হিচাপে ব্যৱহাৰ হয়; সেইদৰে আন কিছুমান শব্দ আকৌ অকল পুৰুষবাচক হিচাপেও ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে—নামতী, বোৱনী, শিপিনী, ৰাংঢালী, আয়তী, ডাইনী আদি শব্দবোৰ কেৱল স্ত্রীবাচক। আনহাতে ডঙুৱা, বৰলা আদি শব্দ অকল পুৰুষ বুজোৱা শব্দ।

অসমীয়া ভাষাত আকৌ দুই এটা শব্দ আছে যিবোৰৰ লিখিত ৰূপেহে সেই শব্দসমূহ পুংলিংগবাচক নে স্ত্রীলিংগবাচক সেই কথা বুজাই দিয়ে। সাধাৰণতে ই-কাৰান্ত শব্দ পুৰুষবাচক আৰু ঈ-কাৰান্ত শব্দ স্ত্রীবাচক হয়। যেনে— ৰান্ধনি আৰু সখি শব্দ দুটা পুৰুষবাচক; কিন্তু ৰান্ধনী আৰু সখী শব্দ দুটা স্ত্রীবাচকহে।

১০। বিশেষ্য শব্দ কাক বোলে? বিশেষ্য শব্দত যোগ হোৱা নিৰ্দিষ্টতাবাচক আৰু অনির্দিষ্টতাবাচক প্রত্যয় বুলিলে কি বুজা? বিভিন্ন প্ৰকাৰৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ সাধাৰণতে কোনো বস্তু বা প্রাণী আদিৰ নাম বুজোৱা শব্দবোৰকে বিশেষ্য শব্দ বোলা হয় যদিও ৰূপগত দিশেৰে বিশেষ্য শব্দৰ সূত্ৰ বেলেগ ধৰণে দিব পাৰি। ৰূপগত দিশেৰে চালে যিবোৰ শব্দৰ আগত পুৰুষ বা স্ত্রীলিংগবাচক শব্দ আৰু পাছত একবচন বা বহুবচনৰ প্ৰত্যয়, স্ত্ৰীপ্রত্যয় আৰু শব্দ বিভক্তি আদি যোগ হ’ব পাৰে সেই শব্দবোৰকেই বিশেষ্য শব্দ বোলে ৷

বিশেষ্য শব্দৰ পাছত সেই শব্দসমূহৰ নিৰ্দিষ্টভাৱে বুজাবলৈ কিছুমান প্ৰত্যয় যোগ হয়। সেই প্রত্যয়বোৰকে নির্দিষ্টতাবাচক প্রত্যয় বোলে। নির্দিষ্টতাবাচক প্ৰত্যয়সমূহ কেৱল যে বিশেষ্য শব্দৰ পাছতহে যোগ হয়; তেনে নহয়। এইবোৰ প্ৰত্যয় বিশেষণ, সংখ্যাবাচক শব্দ আৰু কিছুমান সৰ্বনামৰ পাছতো যোগ হয়। নির্দিষ্টতাবাচক প্ৰত্যয়বোৰক একবচনবাচক প্রত্যয়ো বুলিব পাৰি; কিয়নো এইবোৰ প্ৰত্যয়ৰ সংযোগত বেছিভাগ ক্ষেত্ৰতেই একবচনৰ অৰ্থ প্ৰকাশিত হয়।

আনহাতে যিবোৰ প্ৰত্যয়ৰ সংযোগত বিশেষ্য শব্দৰ অনির্দিষ্ট অর্থ সূচিত হয়; সেইবোৰ প্রত্যয়কে অনির্দিষ্টতাবাচক প্রত্যয় বোলে। অসমীয়া ভাষাত মান, চেৰেক, দিয়েক, বা আদি অনির্দিষ্টতাবাচক প্রত্যয়। সাধাৰণতে নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ পাছত মান, চেৰেক, দিয়েক প্রত্যয় সংযোগ কৰি অনির্দিষ্ট অৰ্থ প্ৰকাশ কৰা হয়। যেনে— জনচেৰেক মানুহ, মুঠিদিয়েক চাউল, কাপোৰ এখনমান ইত্যাদি ৷ বা প্রত্যয়ৰ,সংযোগত অনির্দিষ্টতাৰ ভাব প্রকাশৰ উদাহৰণ হৈছে – কেইবাদিনো, কেইবাঘণ্টাও ইত্যাদি। 

অসমীয়া ভাষাত সাধাৰণ নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ কিছুমানৰ উদাহৰণ হিচাপে তলত দিয়াবোৰ উল্লেখ কৰিব পাৰি। যেনে—

(১) আখি — কলআখি।

(২) কঠা — চাউলকঠা।

(৩) কণ/কাণি — লৰাকণ, লোণকণ, লৰাকণি।

(৪) কুৰা — জুইকুৰা।

(৫) কোছা — চাবিকোছা, চুলিকোছা।

(৬) খন/খনি — তামোলখন, চালনীখন, পুথিখনি।

(৭) খিলা — পাণখিলা, কাগজখিলা।

(৮) গছ/গছি — বস্তিগছ, চাকিগছি

(৯) গৰাকী — মন্ত্ৰীগৰাকী, মানুহগৰাকী।

(১০) চকল — আমচকল, তিয়হচকল।

(১১) চটা/চটি — কাঠচটা, বাঁহচটা, পাটচটি।

(১২) চলু — পানীচলু।

(১৩) চেলেকা — গাখীৰচেলেকা, চাহচেলেকা।

(১৪) ছটা/ছটি — বাঁহছটা, কাঠছটা, বতাহছাটি।

(১৫) জন/জনী — মানুহজন, ল’ৰাজন, ছোৱালীজনী, তিৰোতাজনী।

(১৬) জাউৰি — গালিজাউৰি।

(১৭) টো/টা/টি — ল’ৰাটো, মানুহটো, দুটা, তিনিটা, সাতুটি, দহোটি।

(১৮) টাৰ/টাঁৰি — বাঢ়নীটাৰ, চুলিটাৰ, চুলিটাৰি।

(১৯) টোপা/টুপি — পানীটোপা, চকুলোটুপি।

(২০) ডাল/ডালি — বাঁহড়াল, জৰীডাল, চুলিডালি।

(২১) ডোখৰ — কাঠডোখৰ, মাটিডোখৰ।

(২২) থোকা — কলথোকা।

(২৩) থোপা — ফুলথোপা, জামথোপা।

(২৪) পাট/পাটি — শৰপাট, বঠাপাট।

(২৫) ফাকি — কথাফাঁকি, কবিতাফাকি।

(২৬) ফো/ফেৰি — চেনিফেৰা, লোণফেৰা, পুণ্যফেৰা, চেনিফেৰি।

(২৭) মুঠা/মুঠি — চাউলমুঠা, ভাতমুঠা, চাউলমুঠি, ভাতমুঠা। 

(২৮) লদা — গোবৰলদা, মাটিলদা।

(২৯) যাৰ/যাৰি — কথাষাৰ, মাতষাৰ, মাতষাৰি, কথাষাৰি। 

(৩০) হাল/হালি — মানুহহাল, গৰুহাল, মূলাহালি, পৰিহালি। 

ওপৰত অসমীয়া ভাষাত সাধাৰণতে ব্যৱহাৰ হোৱা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰৰ কিছুমান উল্লেখ কৰা হ’ল ৷ এই নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰৰ প্ৰয়োগত মনকৰিবলগীয়া কথা এয়ে যে, এইবোৰৰ কিছুমান প্রত্যয়ে ক্ষুদ্ৰাৰ্থ প্ৰকাশ কৰে আৰু সাধাৰণতে ক্ষুদ্ৰাৰ্থ বুজাবলৈ নির্দিষ্টবাচক মূল প্ৰত্যয়সমূহ ই-কাৰান্ত হৈ পৰে। যেনে— ওপৰত উল্লেখ কৰা কাণি, খনি, গছি, ছাটি, টি, টাৰি, টুপি, ডালি, পাটি, ফেৰি, যাৰি আদি প্ৰত্যয়বোৰে ক্ষুদ্ৰাৰ্থ প্ৰকাশ কৰিছে। নিদিষ্টতাবাচক প্ৰত্যয়সমূহৰ পাছত শব্দবিভক্তি যোগ হয় আৰু এই প্রত্যয়বোৰ ৰূপসাপেক্ষ। অসমীয়া ভাষাৰ বহুবচনতো এই নির্দিষ্টতাবাচক প্ৰত্যসমূহৰ প্ৰয়োগ হয় যদিও এই প্রত্যয়বোৰ প্ৰয়োগ হোৱাৰ আগেয়ে মূল শব্দ আৰু নিৰ্দিষ্টতাবাচক প্ৰত্যয়সমূহৰ প্ৰয়োগ হয় যদিও এই প্রত্যয়বোৰ প্ৰয়োগ হোৱাৰ আগেয়ে মূল শব্দ আৰু নিৰ্দিষ্টতবাচক প্ৰত্যয়সমূহৰ মাজত মধ্যপ্রত্যয় হিচাপে ‘কেই’ সংযোগ কৰা হয়। যেনে—ল’ৰাটো কিন্তু ল’ৰাকেইটা; ল’ৰাজন কিন্তু ল’ৰাকেইজন; তামোলখন কিন্তু তমোলকেইখন; গছডাল কিন্তু গছকেইডাল ইত্যাদি। 

ওপৰত উল্লেখ কৰা সাধাৰণ নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰৰ উপৰি আৰু দুই প্ৰকাৰৰ নিদিষ্টতাবাচক প্রত্যয়ৰ কথা দেখুৱা হৈছে। সেই দুই প্ৰকাৰৰ হৈছে— পুৰুষবাচক প্ৰত্যয় আৰু সম্বোধনবাচক নিৰ্দিষ্টতাবাচক প্রত্যয়। তলত এই দুবিধ নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ কথা দেখুৱা হ’ল।

পুৰুষাবাচক নিৰ্দিষ্টতাবাচক প্ৰত্যয়ঃ অসমীয়া ভাষাৰ সম্বন্ধবাচক বিশেষ্য শব্দসমূহত সৰ্বনামৰ বিভিন্ন পুৰুষ অনুসৰি কিছুমান প্রত্যয় যোগ হয়। এনেবোৰ প্ৰত্যয়কে পুৰুষবাচক নির্দিষ্টতাবাচক প্ৰত্যয় বুলি কোৱা হৈছে। এই প্রত্যয়বোৰ হৈছে— 

(ক) প্ৰথম পুৰুষ — (একো যোগ নহয়)

(খ) দ্বিতীয় পুৰুষ — (তুচ্চ) এৰ/ৰ

(গ) দ্বিতীয় পুৰুষ (মান্য) — এৰা/ৰা

(ঘ) দ্বিতীয় পুৰুষ (অধিক মান্য) — এক/ক

(ঙ) তৃতীয় পুৰুষ – এক/ক

উদাহৰণস্বৰূপে ভাই — মোৰ ভাই, তোৰ ভায়েৰ, তোমাৰ ভায়েৰা, আপোনাৰ ভায়েক,তাৰ/ভায়েক।

দেউতা — মোৰ দেউতা, তোৰ দেউতাৰ, তোমাৰ দেউতাৰা, আপোনাৰ দেউতাক, তাৰ/তাইৰ দেউতাক।

সম্বোধনবোধক নির্দিষ্টতাবাচক প্রত্যয়ঃ অসমীয়া ভাষাত সম্বোধনৰ ক্ষেত্ৰতো ব্যক্তি অনুসৰি প্ৰত্যয়ৰ প্ৰয়োগ হয়। এই প্রত্যয়বোৰকে সম্বোধনবোধক নির্দিষ্টতাবাচক প্ৰত্যয় বুলি কোৱা হয়। কাৰোবাক মতাৰ ক্ষেত্ৰত যিজনে মাতিৰ তেওঁৰে সৈতে মাতিবলগীয়া লোকজনৰ সম্বন্ধৰ ভিত্তিত সম্বোধন বুজোৱা ৰূপ ‘হে’ৰ পাছত এই প্ৰত্যয়বোৰ নিৰ্দিষ্টভাৱে প্ৰয়োগ হয় বাবেই এইবোৰ সম্বোধনবোধক নির্দিষ্টতাবাচক প্ৰত্যয়। উদাহৰণস্বৰূপে নিজতকৈ সৰুজনক মাতিবলৈ হেৰ বা হেৰৌ; সমানজনক মাতিবলৈ হেৰা; নিজতকৈ ডাঙৰজনক মাতিবলৈ হেৰি; মৰমতে সৰুক মাতিবলৈ হেৰৌ, বা হেৰেই আদিত এই প্রত্যয়বোৰ প্ৰয়োগ হৈছে। এইদৰে অসমীয়া ভাষাৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয়সমূহে অসমীয়া ভাষাৰ ব্যাকৰণত এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে।

১১। বিশেষণ শব্দ বুলিলে কি বুজা? অসমীয়া ভাষাৰ বিশেষণ আৰু ক্ৰিয়া বিশেষণ শব্দৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ সাধাৰণভাৱে কবলৈ গলে যিবোৰ শব্দই বিশেষ্য শব্দৰ গুণ, পৰিমাণ, সংখ্যা আদি বুজায়, সেইবোৰ শব্দকেই বিশেষণ বোলে। কিন্তু বাক্যত বিশেষণ শব্দৰ প্ৰয়োগৰ দিশেৰে ইয়াক এইধৰণে কোৱাহে ঠিক হ’ব বাক্যত ব্যৱহাৰ হওঁতে যিবোৰ শব্দ সচৰাচৰ বিশেষ্য শব্দৰ আগত বহে আৰু বিশেষ্য শব্দৰ সৈতে এটা বিশেষ সম্বন্ধ স্থাপন কৰে; সেইবোৰ শব্দকেই বিশেষণ শব্দ বোলে। উদাহৰণস্বৰূপে তেওঁলোক শান্ত মানুহ, ৰাম এজন ভাল ল’ৰা। এই বাক্য দুটাত মানুহ আৰু ল’ৰা এই বিশেষ্য শব্দ দুটাৰ আগত ক্ৰমে ‘শান্ত’ আৰু ‘ভাল’ শব্দ দুটা প্রয়োগ হৈ মানুহ আৰু ল’ৰা এই শব্দ দুটাৰ সৈতে বিশেষ সম্বন্ধ স্থাপন কৰিছে। সেয়ে ‘শান্ত’ আৰু ‘ভাল’ এই শব্দ দুটা বিশেষণ শব্দ।

এই ক্ষেত্ৰতেই উল্লেখ কৰিব লাগিব যে, বিশেষণ শব্দ সদায়ে যে বিশেষ্যশব্দৰ আগতেই প্রয়োগ হ’ব তেনে কথা নহয়। কোনো কোনো ক্ষেত্ৰত বাক্যত বিশেষণ শব্দ বিশেষ্য শব্দৰ পাছতো ব্যৱহাৰ হয় । উদাহৰণস্বৰূপে— মানুহজন ভাল আৰু ভাল মানুহজনক সকলোৱে ভাল পায়। এই বাক্য দুটাৰ দ্বিতীয় বাক্যত ‘ভাল মানুহজনক’ বুলি কওঁতে ‘ভাল’ বিশেষণ শব্দটো ‘মানুহজনক’ বিশেষ্যৰ আগত বহিছে যদিও বাক্যটোৰ ‘ভাল পায়’ অংশত আকৌ সংযুক্ত ক্রিয়া গঠনতো ‘ভাল’ বিশেষণটোৱে সহায় কৰিছে। কিন্তু প্রথম বাক্যটোত ‘ভাল’ বিশেষণটো বিশেষ্য শব্দৰ পাছত বহিছে। মনকৰিবলগীয়া কথা এয়ে যে, বিশেষণ শব্দ বিশেষ্য শব্দৰ পাছত বহিলেও বিশেষ্য আৰু বিশেষণ শব্দ দুটাৰ মাজৰ সম্পর্ক থাকিবই। 

বিশেষণ শব্দই সংযুক্ত ক্ৰিয়া গঠনত সহায় কৰাৰ উপৰি কোনো কোনো ক্ষেত্ৰত বিশেষণ শব্দ একোটা বিশেষ্য শব্দৰূপেও ব্যৱহাৰ হ’ব পাৰে। উদাহৰণস্বৰূপে – ‘ধনী মানুহ সদায় সুখী নহ’বও পাৰে’ আৰু ‘ধনীয়ে দুখীয়াৰ দুখ কেনেকৈ বুজিব?’ এই বাক্য দুটাৰ প্ৰথমটোত ‘ধনী মানুহ’ৰ ক্ষেত্ৰত ‘ধনী’ বিশেষণ শব্দ। কিন্তু দ্বিতীয় বাক্যৰ ‘ধনীয়ে’ আৰু ‘দুখীয়াৰ’ এই শব্দ দুটা কিন্তু বিশেষ্য হিচাপে ব্যৱহৃত হৈছে। এইক্ষেত্ৰত এই কথা ক’ব পাৰি যে, এনেদৰে বিশেষ্য হিচাপে ব্যৱহাৰ হোৱা বিশেষণ শব্দৰ ক্ষেত্ৰত তাৰ লগত সম্বন্ধযুক্ত বিশেষ্য শব্দৰ যেন লোপ হৈহে আছে।

অসমীয়া ভাষাত কিছুমান বিশেষণ শব্দৰ পাছত বিশেষ্য শব্দৰ নিচিনাকৈ বহুবচনৰ প্ৰত্যয়, নির্দিষ্টতাবাচক প্রত্যয়, স্ত্ৰী প্ৰত্যয় আৰু শব্দ বিভক্তিবোৰ লগ লগাই ব্যৱহাৰ কৰিব পাৰি। যেনে— ভালবোৰহে আনিবা, বেয়াবোৰ কেতিয়াও নানিবা; ৰঙাটো দেখিবলৈ ভাল, হালধীয়াটো নহয়; বগা আৰু বগী দুয়োটা ভাল; ভালেহে ভালক পায়, বেয়াই ভাল পায় জানো?; — এই বাক্যসমূহত ভাল, বেয়া, ৰঙা, হালধীয়া, বগা, বগী আদি বিশেষণ শব্দসমূহৰ পাছত বহুবচনৰ প্ৰত্যয়, নিৰ্দিষ্টতাবাচক প্ৰত্যয় আৰু শব্দবিভক্তিসমূহ যোগ হৈছে। বাক্য গঠনত এইবোৰ বিশেষণ বিশেষ্য শব্দৰূপে ব্যৱহাৰ হৈছে যদিও এইবোৰ ক্ষেত্ৰতো মূল বিশেষ্যহ্লশব্দবোৰ লুপ্ত হৈ আছে।

অসমীয়া ভাষাৰ বিশেষণ শব্দৰ প্ৰয়োগত বিশেষকৈ যিবোৰ বিশেষণত স্ত্রী-প্রত্যয় প্রয়োগ কৰি স্ত্ৰীলিংগ ৰূপ গঠন কৰিব পাৰি সেইবোৰৰ ক্ষেত্ৰত এটা বৈশিষ্ট্য দেখা যায়। এনেধৰণৰ বিশেষণ শব্দসমূহ স্ত্রীলিংগবাচক বিশেষ্য শব্দৰ আগত বহিলে স্ত্রীপ্রত্যয়যুক্ত হৈ প্ৰয়োগ হয়। যেনে— আঁকৰী ছোৱালী, ৰঙী গাই, কলী মেকুৰী ইত্যাদি। কিন্তু এনে বিশেষণবোৰ যেতিয়া বিশেষ্য শব্দৰ পাছত বহে তেতিয়া কিন্তু বিশেষণবোৰৰ ৰূপ পুংলিংগবাচক হয়। যেনে— ছোৱালীজনী অঁকৰা, গাইজনী ৰঙা, মেকুৰীজনী কলা ইত্যাদি। অসমীয়াত ‘সাধাৰণতে বিশেষণ শব্দবোৰৰ প্ৰয়োগত স্ত্রীলিংগবাচক ৰূপৰ প্ৰয়োগ নহয় যদিও কেতিয়াবা কেতিয়াবা সংস্কৃত ভাষাৰ নিচিনাকৈ পৰম্পৰা অনুযায়ী স্ত্রীলিংগবাচক বিশেষ্য শব্দৰ আগত বহা বিশেষণ শব্দক স্ত্রীবাচক ৰূপত ব্যৱহাৰ কৰা হয়। যেনে— বিদূষী মহিলা, সুন্দৰী ছোৱালী, ইত্যাদি । ইয়াৰ উপৰি নিৰ্জীৱ বিশেষ্যবাচক শব্দৰ সজীৱতা আৰোপ কৰি সেইবোৰৰ আগত ব্যৱহাৰ কৰা বিশেষণ শব্দবোৰৰো স্ত্রীবাচক ৰূপত প্ৰয়োগ কৰা দেখা যায়। যেনে— সুন্দৰী পৃথিৱী, বেগৱতী নদী, অচলাভক্তি, পুৱতী নিশা ইত্যাদি। 

অসমীয়া ভাষাত ইয়াৰ উপৰি একেধৰণৰ শব্দ কিছুমানৰ ক্ষেত্ৰত ঈ-কাৰান্ত শব্দসমূহক বিশেষণ হিচাপে লৈ ইকাৰান্ত শব্দসমূহক বিশেষ্য শব্দ হিচাপেও প্রয়োগ কৰা হয়। যেনে— ‘আৰম্ভণি’ বিশেষ্য হিচাপে ব্যৱহাৰ হয়; কিন্তু ‘আৰম্ভণী’ শব্দটো বিশেষণ ৰূপত ব্যৱহাৰ কৰা হয় – আৰম্ভণী গীত। সেইদৰে মুকলি, নামনি আদি বিশেষ্য যদিও, মুকলী, নামনী আদি বিশেষণ ৰূপত ব্যৱহাৰ হয়। ইয়াৰ উপৰি অসমীয়াত কিছুমান বিশেষণ ক্ৰিয়াৰ বিশেষণ আৰু বিশেষণৰ বিশেষণ ৰূপেও ব্যৱহাৰ হ’ব পৰে। যেনে— ভালকৈ পঢ়িবা, বেছি নকওঁ, বৰ ধুনীয়া, ইত্যাদিত ভালকৈ, বেছি, বৰ আদিৰ বিশেষণ ক্রিয়াবিশেষণ আৰু বিশেষণীয় বিশেষণ ৰূপত ব্যৱহাৰ হৈছে।

অসমীয়া ভাষাত গুণবাচক বিশেষণ আৰু পৰিমাণবাচক বিশেষণ এই ধৰণে দুবিধ বিশেষণৰ কথাও উল্লেখ কৰিব পাৰি। গুণবাচক আৰু পৰিমাণবাচক বিশেষণ শব্দবোৰ কিছুমান সর্বনাম শব্দ আৰু সৰ্বনামৰ মূলৰ পৰা সজোৱা হয়। এনে, এনেকুৱা, তেনে, তেনেকুৱা, যেনে, যেনেকুৱা, কেনে, কেনেকুৱা আদি গুণবাচক বিশেষণৰ উদাহৰণ। সেইদৰে ইমান, সিমান, কিমান, যিমান আদি বিশেষণবোৰ পৰিমাণবাচক বিশেষণ।

অসমীয়া ভাষাত বিশেষণৰ তুলনাও কৰা হয়। এইক্ষেত্ৰত যাৰ লগত তুলনা কৰা হয়; সেই শব্দটোৰ অধিকৰণৰ ৰূপৰ লগত লগ ‘কৈ’ পৰসৰ্গ যোগ দি তাৰ পাছত বিশেষণ শব্দটো বহুওৱা হয়। যেনে— গোপাল হৰিতকৈ বুধিয়ক। সেইদৰে বহুতৰ মাজৰ পৰা এজনৰ তুলনা দাঙি ধৰিবলৈ হ’লে আটাই, সকলো আদি শব্দৰ অধিকৰণ কাৰকৰ ৰূপৰ পাছত ‘কৈ’ পৰসৰ্গ লগ লগোৱা হয়। যেনে— শ্ৰেণীৰ ভিতৰত যদুৱেই আটাইতকৈ বুদ্ধিমান। গাঁওখনৰ ভিতৰত হৰিপদেই সকলোতকৈ দুখীয়া ইত্যাদি।

অসমীয়া ভাষাৰ বিশেষণ শব্দসমূহৰ লগতে ক্রিয়াবিশেষণৰ ৰূপবোৰো চাবলগীয়া। অসমীয়া ভাষাৰ বাক্যত সচৰাচৰ কিছুমান বিশেষণ শব্দ ক্ৰিয়া শব্দ, কৃদন্ত শব্দ আৰু তুমুনন্ত শব্দ আদিৰ আগত বহি সেই শব্দসমূহৰ সৈতে বিশেষ সম্বন্ধ স্থাপন কৰে। তেনেবোৰ শব্দকেই ক্ৰিয়া বিশেষণ শব্দ বুলি কোৱা হয়৷ উদাহৰণস্বৰূপে সি যোৱাকালি গ’ল; ভালকৈ পঢ়িবা, বেয়াকৈ নকবা এই বাক্যবোৰত যোৱাকালি, ভালকৈ, বেয়াকৈ আদি শব্দবোৰ ক্রিয়াবিশেষণ শব্দ। কিছুমান বিশেষণে আকৌ ক্রিয়া বিশেষণ শব্দৰআগত বহি সেইবোৰৰ সৈতেও বিশেষ সম্বন্ধ স্থাপন কৰে। যেনে— সি বৰ বেগাই গৈছে। মানুহজন অতি সোনকালে ঘূৰি আহিল ৷ ইয়াত বৰ, অতি আদি তেনেকুৱা বিশেষণ শব্দ । অসমীয়া ভাষাত কেতিয়াবা কিছুমান বিশেষণ শব্দ ক্ৰিয়াৰূপৰ আগত বহি সেই ক্ৰিয়াৰূপৰ সৈতে সম্পর্ক যুক্ত হয়। তেনেকুৱা বিশেষণ শব্দবোৰকো ক্রিয়াবিশেষণ বুলি ধৰা হয়৷ যেনে— তুমি লঘোনে ভাল আছা। ইয়াত ‘ভাল’ শব্দটো তেনেকুৱা ক্রিয়াবিশেষণৰ উদাহৰণ।

অসমীয়া ভাষাত ক্রিয়াবিশেষণ শব্দ গঠনৰ বাবে বিভিন্ন শব্দ কিছুমানৰ লগত কিছুমান প্রত্যয় যোগ দিয়া হয় –

(ক) আই, ই, এ কৰে, কৈ আদি প্ৰত্যয়ৰ সংযোগত বিশেষ্য, সংখ্যাবাচক শব্দ, ধ্বন্যাত্মক শব্দ আদিৰ পৰা ক্রিয়াবিশেষণ শব্দ গঠন কৰা হয়। যেনে— বেগাই, ফুচফুচাই, মনে মনে, বাৰে বাৰে, আপদে-বিপদে, লাখে লাখে, ফেক ফেক কৰে, হুক হুক কৰে, লৰালৰিকৈ, ধিতিঙালিকৈ ইত্যাদিত উল্লেখ কৰা প্ৰত্যয়বোৰ যোগ হৈ ক্রিয়াবিশেষণ শব্দ গঠিত হৈছে।

(খ) বিশেষণ আৰু সৰ্বনাম শব্দৰ পাছত ই, কৈ, দৰে, ভাবে, ৰূপে আদি প্রত্যয় সংযোগ কৰিও ক্রিয়াবিশেষণ গঠন কৰা হয়। যেনে— কেঁচাই-পকাই, তেনেকৈ, এনেকৈ, যেনেকৈ, ভালদৰে, যেনেদৰে, সহজভাৱে, স্বাভাৱিকভাৱে, সহজভাৱে, সুচাৰুৰূপে, সুন্দৰৰূপে ইত্যাদি। 

(গ) কিছুমান ক্রিয়াবিশেষণৰ লগত কৈ, লৈ প্ৰত্যয় সংযোগ কৰিও অন্য ক্রিয়াবিশেষণ কৰা হয়। যেনে— অথনিকৈ, আজিলৈ, কাইলৈ ইত্যাদি।

(ঘ) ক্ৰিয়াৰ পাছতো মানে, কৈ আদি প্রত্যয় লগলগাই ক্রিয়াবিশেষণ শব্দ গঠন কৰা হয়। যেনে—থাকেমানে, পকেমানে, কও-নকওঁকৈ, কওঁকওকৈ, যায় যায়কৈ, শুনা নুশুনাকৈ ইত্যাদি।

অসমীয়া ভাষাৰ ক্ৰিয়াবিশেষণবোৰক কেইটামান ভাগতো ভাগ কৰিব পাৰি। যেনে— 

(ক) কালবাচক ক্রিয়াবিশেষণঃ কাল বুজোৱা ক্রিয়া বিশেষণবোৰেই হৈছে কালবাচক ক্রিয়াবিশেষণ। যেনে— কেতিয়া, যেতিয়া, এতিয়া, কাইলৈ, পৰহিলৈ, সোনকালে, প্রথমতে, মাহে মাহে, দিনে দিনে, বছৰে বছৰে ইত্যাদি।

(খ) স্থানবাচক ক্রিয়াবিশেষণঃ যিবোৰ ক্ৰিয়াবিশেষণে ঠাইৰ অৰ্থ বুজায়, সেইবোৰকেই স্থানবাচক ক্রিয়াবিশেষণ বোলে ৷ যেনে—ইয়াত, তাত, ক’ত, য’ত, বাহিৰে-ভিতৰে, ওচৰেপাজৰে, ওপৰত, এইফালে, সেইফালে, এইপিনে, সেইপিনে ইত্যাদি ।

(গ) লক্ষণবাচক ক্রিয়াবিশেষণঃ যিবোৰ ক্ৰিয়াবিশেষণে ক্রিয়া একোটাৰ লক্ষণ, ধৰণ আদি বুজায় সেইবোৰ ক্ৰিয়াবিশেষণকেই লক্ষণবাচক ক্রিয়াবিশেষণ বোলা হৈছে। যেনে— এনেকৈ, তেনেকৈ, কেনেকৈ, লাহেকৈ, সাৱধানে, ভালকৈ, বেয়াকৈ, নুশুনাকৈ, খাটাংকৈ, ভালে ভালে, ভালে-কুশলে, বেগাই, টপৰাই, লাহে লাহে ইত্যাদি।

(ঘ) বিবিধ বিষয়ক ক্রিয়াবিশেষণঃ আৰু, বেছি, কম, অলপ, মুঠেই ইত্যাদি ক্রিয়াবিশেষণসমূহক বিবিধ বিষয়ক ক্রিয়াবিশেষণ বুলি কোৱা হৈছে।

অসমীয়া ভাষাৰ ক্ৰিয়াবিশেষণৰ তুলনাৰ পদ্ধতি বিশেষণৰ তুলনাৰ পদ্ধতিৰ নিচিনা একেধৰণৰ। যেনে— তেওঁ মোতকৈ সোনকালে আহিল, মই তোমাতকৈ আগেয়ে কৰিম, সি তোমাতকৈ লাহে লাহেহে কৰিব ইত্যাদি।

১২। সর্বনাম শব্দ বুলিলে কি বুজা? অসমীয়া ভাষাৰ সৰ্বনাম শব্দবোৰৰ বৈশিষ্ট্য নিৰূপণ কৰি বিভিন্ন প্ৰকাৰৰ সৰ্বনাম শব্দবোৰ উদাহৰণসহ দেখুৱা। 

উত্তৰঃ বিশেষ্য শব্দৰ সৈতে কিছুমান বিষয়ত সাদৃশ্যযুক্ত হৈয়ো কিছুমান সুকীয়া বৈশিষ্ট্যযুক্ত শব্দক সর্বনাম শব্দ বুলি কোৱা হয়। বিশেষ্য শব্দৰ নিচিনাকৈ এই শব্দবোৰৰ পাছতো বহুবচনৰ প্রত্যয়, নির্দিষ্টতাবাচক প্রত্যয় আৰু শব্দবিভক্তি আদি যোগ হয়। উদাহৰণস্বৰূপে মই, আমি, তুমি, তোমালোক, সি, সিহঁত, তেওঁ, তেওঁলোক, এই, সেই, সেইটো, সৌজনী, যিটো, যিজনী, আদি কিছুমান সর্বনাম শব্দ।

বিশেষ্য শব্দৰ সৈতে বহুবচনৰ প্ৰত্যয়, নিৰ্দিষ্টতাবাচক প্ৰত্যয় আৰু কাৰকবাচক শব্দবিভক্তি আদি প্ৰয়োগৰ দিশত সর্বনাম শব্দবোৰৰ সাদৃশ্য আছে যদিও অসমীয়া ভাষাৰ সৰ্বনাম শব্দবোৰৰ নিজস্ব কিছুমান বৈশিষ্ট্যও আছে।

সর্বনাম শব্দৰ এই নিজস্ব বৈশিষ্ট্যসমূহ তলত দিয়া ধৰণে দেখুৱাব পাৰিব

(ক) বিশেষ্যৰ নিচিনা সর্বনাম শব্দৰ পাছতো বহুবচনৰ প্ৰত্যয় লগ লগোৱা হয় যদিও কিছুমান সর্বনাম শব্দৰ একবচন আৰু বহুবচনৰ ৰূপ সুকীয়া। যেনে— সর্বনাম ‘মই’ শব্দৰ বহুবচনৰ ৰূপ ‘আমি’। কিছুমান সর্বনাম শব্দ যেনে— এইয়া, সেইয়া, সৌৱা, কেও, কিছু, একো আদিৰ ক্ষেত্ৰত বহুবচনৰ ৰূপ পোৱাও নাযায়।

(খ) কিছুমান সৰ্বনামৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰুষ হিচাপে একগোট কৰি পুৰুষবাচক সর্বনাম বুলি স্থিৰ কৰি লোৱা হয়। উদাহৰণস্বৰূপে মই/আমি, প্ৰথম পুৰুষৰ সৰ্বনাম; তই/তুমি/আপুনি আৰু ইহঁতৰ বহুবচনৰ ৰূপবোৰ দ্বিতীয় পুৰুষৰ সৰ্বনাম আৰু অন্যান্য সি, তাই, তেওঁ, তেখেত আদি ইবোৰৰ বহুবচনৰ সৈতে তৃতীয় পুৰুষৰ সৰ্বনাম। কিছুমান ব্যাকৰণত ‘আপুনি’ক তৃতীয় পুৰুষৰ সৰ্বনাম বুলিও কোৱা হৈছে; ইয়াৰ লগত তৃতীয় পুৰুষৰ ক্ৰিয়াহে যোগ হয় বাবে।

(গ) অসমীয়া ভাষাৰ সৰ্বনাম শব্দসমূহৰ দ্বিতীয় আৰু তৃতীয় পুৰুষৰ সৰ্বনামবোৰক তুচ্চ, মান্য আৰু অধিক মান্য – এই তিনিটা পৰ্যায়ত স্থিৰ কৰি লোৱা হয়।

(ঘ) সর্বনাম শব্দবোৰৰ কাৰকবাচক বিভক্তিসমূহৰ ৰূপ কৰোঁতে শব্দবোৰৰ শেষৰ স্বৰধ্বনি নাইবা ব্যঞ্জনধ্বনি অনুসৰি সিবোৰৰ ৰূপ হোৱা দেখা যায়। এইক্ষেত্ৰত কিছুমান সৰ্বনামৰ কৰ্মকাৰক, নিমিত্তকাৰক, সম্বন্ধপদ আৰু অধিকৰণকাৰক আদিত একোটা তির্যক ৰূপ হোৱাও দেখা যায়। যেনে— মোক/আমাক, মোলৈ/আমালৈ, মোৰ/আমাৰ, মোত/আমাত আদিত ‘মো’ আৰু ‘আমা’ ক্ৰমে ‘মই’ আৰু ‘আমি’ সৰ্বনামৰ তির্যক ৰূপ৷ সেইদৰে ‘তই’ৰ তির্যক ৰূপ ‘ত’ আৰু ‘তুমি’ আৰু ‘আপুনি’ৰ তির্যক ৰূপ ‘তোমা’ আৰু ‘আপোনা’।

(ঙ) সকর্মক ক্ৰিয়াৰ কৰ্তা হ’লেও স্বৰান্ত সৰ্বনামৰ পাছত কৰ্তাকাৰকৰ এ বিভক্তি যোগ নহয়। যেনে— সি কৰিছে, আপুনি, খাইছে, তুনি শুনিবা ইত্যাদিত কৰ্তাত কৰ্তাকাৰকৰ এ বিভক্তি প্রয়োগ নহয়।

(চ) অসমীয়া ভাষাৰ পুৰুষবাচক আৰু স্ত্ৰীবাচক সর্বনামবোৰৰ লগত কৰণকাৰক বাচক তৃতীয় বিভক্তি ‘ৰে’ৰ প্ৰয়োগহীনতাও এটা বৈশিষ্ট্য হিচাপে লোৱা হয়। এইক্ষেত্ৰত পৰসৰ্গ দ্বাৰাৰ ব্যৱহাৰ কৰি কৰণকাৰক অৰ্থ বুজোৱা হয়। যেনে— তাৰদ্বাৰা, মোৰদ্বাৰা, তাইৰদ্বাৰা ইত্যাদি।

(ছ) অসমীয়া ভাষাৰ সৰ্বনাম শব্দৰ কিছুমান ক্লীৱলিংগ ৰূপো পোৱা যায়। যেনে—যিহ, কিহ, কি, কিছু ইত্যাদিৰ ক্লীৱলিংগ ৰূপৰ সৰ্বনাম বুলি লোৱা হয়।

অসমীয়া ভাষাৰ সৰ্বনাম শব্দবোৰক কিছুমান নিৰ্দিষ্ট ভাগত ভাগ কৰিও আলোচনা কৰা হয়। ড০ উপেন্দ্রনাথ গোস্বামীয়ে অসমীয়া ভাষাৰ সৰ্বনামৰ ওপৰত কৰা ভাগসমূহকেই এইক্ষেত্ৰত দেখুৱা হ’ল। যেনে— 

(১) পুৰুষবাচক সর্বনাম। 

(২) নিশ্চয়বাচক সর্বনাম— নিকটবর্তী, দূৰবৰ্তী আৰু অধিক দূৰবৰ্তী।

(৩) সম্বন্ধবাচক সর্বনাম।

(৪) প্রশ্নবাচক সর্বনাম।

(৫) অনির্দিষ্টতাবাচক সর্বনাম।

(৬) নিজবাচক সর্বনাম। আৰু 

(৭) সমষ্টিবাচক সর্বনাম। 

তলত একবচন আৰু বহুবচন হিচাপে ড০ উপেন্দ্রনাথ গোস্বামীয়ে দেখুৱা ভিত্তিতেই সর্বনামবোৰৰ তালিকাখন দেখুৱা হ’ল।

১৩। ক্রিয়া শব্দ বুলিলে কি বুজা? অসমীয়া ভাষাৰ ক্ৰিয়াৰ কাল সম্বন্ধে আলোচনা কৰি ক্ৰিয়াবিভক্তিবোৰৰ প্ৰয়োগ বিশ্লেষণ কৰি দেখুওৱা। 

উত্তৰঃ সাধাৰণভাৱে যিবোৰ শব্দই কোনো কাম কৰা বা হোৱা বুজায় সেইবোৰকেই ক্ৰিয়া শব্দ বোলা হয়। কিন্তু বাক্য গঠনত ক্ৰিয়া শব্দৰ স্থানৰ ভিত্তিত ইয়াৰ সূত্ৰ এইধৰণে দিয়াটোহে অধিক যুক্তিযুক্ত — বাক্যত ব্যৱহাৰ হোৱা যিবোৰ শব্দৰ পুৰুষ, কাল আৰু ভাব অনুযায়ী পৰিৱৰ্তন ঘটে, সেইবোৰ শব্দকেই ক্রিয়া শব্দ বোলে। ক্রিয়া শব্দৰ বচন অনুসৰি কোনো ধৰণৰ পৰিৱৰ্তন নহয়। অসমীয়া ভাষাৰ ক্ৰিয়া শব্দসমূহৰ পুৰুষ অনুসৰি পৰিৱৰ্তন হয়।

যেনে— মই ভাত খাওঁ, কিন্তু তুমি খোৱা৷ এই বাক্য দুটাত পুৰুষৰ ভিন্নতাৰ কাৰণে ক্ৰিয়াৰ পৰিৱৰ্তন হৈছে। সেইদৰে মই খাওঁ, কিন্তু মই খাইছিলোঁ। এই বাক্য দুটাতো কালৰ ভিন্নতাৰ বাবে ক্ৰিয়া ৰূপৰ পৰিৱৰ্তন ঘটিছে। অসমীয়াত ক্ৰিয়াৰ ভাব অৰ্থাৎ নিৰ্দেশক ভাব আৰু অনুজ্ঞা ভাব অনুসৰিও ক্রিয়া ৰূপৰ পৰিৱৰ্তন হয়। যেনে— সি কয় কিন্তু সি কওঁক। এই বাক্য দুটাত নিৰ্দেশক আৰু অনুজ্ঞা ভাব অনুসৰি ক্ৰিয়া ৰূপৰ পৰিৱৰ্তন হৈছে। 

ক্ৰিয়া শব্দৰ কাল বুলিলে কোনো কার্য সম্পন্ন হোৱাৰ বিভিন্ন সময়ৰ নামকেই বুজায়। অসমীয়া ভাষাৰ ক্ৰিয়াৰ কাল পাঁচটা হিচাপে আলোচনা কৰিব পাৰি। যেনে— বর্তমান কাল, ভূত কাল, ভৱিষ্যৎ কাল, পূৰ্ণ বৰ্তমান কাল আৰু পূৰ্ণভূত কাল৷ ইয়াৰ উপৰি বৰ্তমান কালৰ নিৰ্দেশক ভাৱৰ দুটা ৰূপ পোৱা যায়। তাৰে এটাক নিত্য বৰ্তমান আৰু আনটোক তাৎকালিক বর্তমান নাম দিয়া হৈছে। দৰাচলতে নিত্য বৰ্তমান আৰু তাৎকালিক বর্তমানে, বৰ্তমান কালে বুজোৱা এটা চিৰাচৰিত ৰূপ আৰু আনটো সাময়িক ৰূপকেই বুজায় আৰু ব্যৱহাৰৰ পৰিস্থিতি অনুসৰিহে এই দুটাৰ নামকৰণ কৰা হৈছে। উদাহৰণস্বৰূপে ‘মই ভাত খাওঁ’ এই বাক্য দুটাৰ ‘খাওঁ’ ক্ৰিয়াৰূপে ‘সদায় ভাত খোৱা’ আৰু ‘এতিয়াই ভাত খাবলৈ লোৱা’ – এই দুটা অৰ্থ প্ৰকাশ কৰে। সেয়ে পৰিস্থিতি অনুসৰি এই দুটা ক্ৰিয়াৰূপক নিত্য বৰ্তমান আৰু তাৎকালিক বর্তমান নাম দিয়া হৈছে। তলত ক্ৰিয়াৰ এই বিভিন্নকাল আৰু এইবোৰত ব্যৱহাৰ হোৱা ক্ৰিয়া বিভক্তিসমূহূৰ বিষয়ে আলোচনা কৰা হ’ল।

(ক) বর্তমান কালঃ বর্তমান কাল বুলিলে সদায় ক্ৰিয়া কৰা কাল আৰু সাম্প্ৰতিক স্তৰত ক্ৰিয়া কৰা কাল এই উভয়কে বুজায়। পুৰুষ অনুসৰি বৰ্তমান কালৰ বিভক্তিসমূহ হৈছে ওঁ, অ/আ আৰু এ – যেনে মই কৰোঁ, তই কৰ, তুমি কৰা, সি কৰে ইত্যাদি।

(খ) ভূত কালঃ যি ক্রিয়া একেবাৰে শেষ হৈ গৈছে, সেই ক্ৰিয়াৰ কালকেই ভূত কাল বোলে। ভূত কাল বুজাবলৈ পুৰুষ অনুসৰি ক্ৰিয়া বিভক্তিবোৰ হৈছে – লোঁ, লি, লা আৰু লে। যেনে মই কৰিলোঁ, তই কৰিলি, তুমি কৰিলা, সি কৰিলে ইত্যাদি। –

(গ) ভবিষ্যত কালঃ আগলৈ যি ক্রিয়া হ’ব, ক্ৰিয়াৰ সেই কালেই হৈছে ভৱিষ্যৎ কাল। ভৱিষ্যৎ কালৰ ক্রিয়াবিভক্তিবোৰ পুৰুষ অনুসৰি হৈছে – ম, বি, বা আৰু ব। যেনে মই কৰিম, তই কৰিবি, তুমি কৰিবা আৰু সি কৰিব ইত্যাদি।

(ঘ) পূর্ণ বর্তমান কালঃ বৰ্তমান কালৰ ক্ৰিয়া শেষ নোহোৱা অৰ্থাৎ ক্রিয়া সম্প্ৰতি চলি থকা কালকেই পূর্ণ বর্তমান কাল বোলে। এই কাল বুজাবলৈ প্ৰয়োগ কৰা বিভক্তিবোৰ হ’ল -ইছোঁ, ইছ, ইছা আৰু ইছে। যেনে— মই কৰিছোঁ, তই কৰিছ, তুমি কৰিছা, সি কৰিছে ইত্যাদি।

(ঙ) পৰ্ণ ভূত কালঃ অতীতত কোনো এক ক্রিয়া চলি থকা অৱস্থা বুজোৱা কালেই হৈছে পূৰ্ণ ভূত কাল। পূৰ্ণ ভূত কালৰ ক্ৰিয়াবিভক্তি হিচাপে পুৰুষ অনুসৰি ইছিলোঁ, ইছিলি, ইছিলা আৰু ইছিল ব্যৱহাৰ কৰা হয়। যেনে— মই কৰিছিলোঁ, তই কৰিছিলি, তুমি কৰিছিল৷ আৰু সি কৰিছিল ইত্যাদি।

অসমীয়া ভাষাত বিভিন্ন ধাতু অনুসৰি (বিভিন্ন স্বৰান্ত আৰু ব্যঞ্জনান্ত) ক্রিয়াবিভক্তি প্ৰয়োগৰ দিশত ধাতুসমূহৰ দুই এটা ক্ষেত্ৰত সামান্য ধ্বনিগত পার্থক্য হয়। এইক্ষেত্ৰত ক্রিয়াবিভক্তিবোৰ প্ৰয়োগ কৰি তলত অ-কাৰান্ত ক্-ধাতুটো ৰূপ কৰি দেখুৱা হ’ল।

অসমীয়া ভাষাত এইদৰে বিভিন্ন কাল বুজাবলৈ ধাতুৰ পাছত বিভিন্ন ধৰণৰ ক্রিয়াবিভক্তিৰ প্রয়োগ হয় যদিও এই ভাষাটো লিখাৰ ক্ষেত্ৰত কেতিয়াবা অতীত বা ভূত কালৰ অৰ্থত বৰ্তমান কাল আৰু পূৰ্ণ বৰ্তমান কালৰ ক্ৰিয়াবিভক্তিও প্রয়োগ হয়। যেনে— ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি ইংৰাজে অসম দেশ শাসন কৰে। বাল্মীকিয়ে ৰামায়ণ লিখিছে। এই বাক্য দুটাত ‘কৰে’ আৰু ‘লিখিছে’ ক্ৰিয়াৰূপ দুটা বৰ্তমান কাল আৰু পূৰ্ণ বৰ্তমান কালৰ হ’লেও ইহঁত দুটাই কিন্তু ভূত কালৰ অৰ্থহে প্ৰকাশ কৰিছে।

এইক্ষেত্ৰত অসমীয়া ক্রিয়া বিভক্তিসমূহৰ প্ৰয়োগৰ ক্ষেত্ৰত এটা মনকৰিবলগীয়া কথা হৈছে যে, পুৰুষবাচক সৰ্বমানৰ দ্বিতীয় পুৰুষৰ অধিক মান্যাৰ্থৰ ৰূপ ‘আপুনি’ৰ লগত তৃতীয় পুৰুষৰ ক্ৰিয়া ৰূপহে যোগ হয়। যেনে— ‘ক’ ধাতুৰ ক্ষেত্ৰত বিভিন্ন কালত ‘আপুনি’ শব্দৰ লগত ক্ৰিয়াৰূপ হ’ব ক্ৰমে— আপুনি কয়, আপুনি ক’লে, আপুনি ক’ব, আপুনি কৈছে আৰু আপুনি কৈছিল।

১৪ ৷ অব্যয় শব্দ বুলিলে কি বুজা? অব্যয় শব্দ হিচাপে বিশেষ্যবাচক আৰু ক্ৰিয়াবাচক পৰসৰ্গবোৰৰ বিষয়ে এটি আলোচনা দাঙি ধৰা। 

উত্তৰঃ সাধাৰণভাৱে ক’বলৈ হ’লৈ যিবোৰ শব্দৰ ব্যয় নাই অর্থাৎ কোনো লিংগ, বচন আৰু বিভক্তিত যিবোৰ শব্দৰ ৰূপান্তৰ নহয়; সেইবোৰ শব্দকে অব্যয় বোলে৷ দৰাচলতে যিবোৰ শব্দৰ পাছত বচন, লিংগবাচক প্ৰত্যয় আৰু শব্দবিভক্তি আদি যোগ নহ’লেও কোনো কোনো ক্ষেত্ৰত জোৰ বুজোৱা প্ৰত্যয় আৰু সম্বোধনবোধক নির্দিষ্টতাবাচক প্রত্যয়সমূহ লগ লাগে সেইবোৰকেই অসমীয়া ভাষাত অব্যয় শব্দ বোলে। উদাহৰণস্বৰূপে অসমীয়া ভাষাত ‘আৰু’, ‘কাৰণে’, ‘পৰা’ আদি শব্দসমূহ অব্যয় শব্দ হিচাপে প্রয়োগ হয়। যেনে— সি আৰু মই তালৈ গৈছিলোঁ, তেওঁৰ পৰা মই টকা পাঁচটা ধাৰলৈ ল’লোঁ; মোৰ কাৰণে তুমি এইখিনি কৰিবাচোন – এই বাক্য তিনিটাত ‘আৰু’, পৰা ‘কাৰণে’ – এই শব্দ তিনিটাত বচন, লিংগ, শব্দবিভক্তি আদি যোগ নহয় । কিন্তু এই শব্দবোৰৰ ‘পৰা’ ‘আৰু’, ‘কাৰণে’ত জোৰ বুজোৱা ৰূপৰ সংযোগ কৰিব পাৰি। যেনে— তেওঁৰ পৰাহে মই টকা পাঁচটা ধাৰলৈ ললোঁ; মোৰ কাৰণেহে তুমি এইখিনি কাম কৰিলা – ইয়াত দুয়োটা শব্দতে জোৰ বুজোৱা ৰূপৰ সংযোগ ঘটিছে। ইয়াৰ উপৰি অসমীয়া ভাষাত সম্বোধনবোধক মূল ৰূপ ‘হে’ অব্যয় শব্দ যদিও ইয়াৰ লগত সম্বোধনবোধক নির্দিষ্টতাবাচক প্রত্যয় ৰ, ৰা, ৰি আদিৰ সংযোগ হোৱাও দেখা যায়।

অসমীয়া ভাষাৰ অব্যয় শব্দবোৰক পৰসৰ্গ আৰু বিবিধ বিষয়ক এই দুটা বহলভাগত বিশ্লেষণ কৰিব পাৰি। তলত ড০ উপেন্দ্ৰনাথ গোস্বামীৰ আলোচনাৰ আধাৰত অব্যয় শব্দ হিচাপে বিশেষ্যবাচক আৰু ক্ৰিয়াবাচক এই দুবিধ পৰসৰ্গৰ বিষয়ে আলোচনা কৰা হ’ল।

ভাষা এটাৰ কোনো ক্ষেত্ৰতে কোনো ধৰণৰ পৰিৱৰ্তন নোহোৱা কিছুমান ৰূপকেই পৰসৰ্গ বুলি কোৱা হয়। এই পৰসৰ্গবোৰক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি – বিশেষ্যবাচক পৰসৰ্গ আৰু ক্ৰিয়াবাচক পৰসৰ্গ। তলত এই দুবিধ পৰসৰ্গৰ কথা উদাহৰণসহ দাঙি ধৰা হ’ল।

(ক) বিশেষ্যবাচক পৰসর্গঃ যিবোৰ পৰসৰ্গ বিশেষ্য বা সর্বনাম শব্দৰ পাছত যোগ হয়; সেইবোৰকে সাধাৰণতে বিশেষ্যবাচক পৰসৰ্গ বুলি কোৱা হয়। এই শ্ৰেণীৰ পৰসৰ্গবোৰ যোগ হোৱাৰ আগতে মূল বিশেষ্য বা সর্বনাম শব্দবোৰৰ লগত কিছুমান শব্দবিভক্তি যোগ হয়। এইক্ষেত্ৰত বিশেষ্য বা সৰ্বনামৰ লগত লগ লগা বিভক্তিবোৰ হৈছে— সম্বন্ধ পদৰ -ৰ বিভক্তি, কৰ্তাকাৰকৰ – এ বিভক্তি, কৰণকাৰকৰ ৰে বিভক্তি, কর্মকাৰকৰ ক বিভক্তি আৰু অধিকৰণ কাৰকৰ ত বিভক্তি আদি। অৱশ্যে কেতিয়াবা এনে বিভক্তিৰ প্ৰয়োগ নোহোৱাকৈও থাকে। এনেদৰে গঠিত যিবোৰ বিশেষ্য বা সৰ্বনামৰ পাছত পৰসৰ্গ যোগ হয়, সেই পৰসৰ্গবোৰৰ গঠনতো আকৌ বিভিন্ন শব্দ কিছুমানৰ পাছত ত, এ আদি বিভক্তি লগ লগাই দিয়া হয়। যেনে— লগত, পাছত, ভিতৰত, কাৰণে, বাবে, হকে ইত্যাদিত ক্ৰমে তঁ আৰু এ বিভক্তি যোগ কৰি পৰসৰ্গ গঠন কৰা হৈছে। তলত এনেধৰণৰ পৰসৰ্গসমূহৰ উদাহৰণ দাঙি ধৰা হ’ল।

(১) ‘ৰ’ৰ পাছত যোগ হোৱা পৰসৰ্গ

অর্থে — ধনৰ অৰ্থে।

ওপৰত — এইবোৰৰ ওপৰত।

কাৰণে — মোৰ কাৰণে।

দ্বাৰা — তেওঁৰ দ্বাৰা।

নিমিত্তে — তোমাৰ নিমিত্তে।

পৰা — হাতৰ পৰা।

পাছত — মোৰ পাছত।

প্রতি — দুখীয়াৰ প্ৰতি।

বাহিৰে — তোমাৰ বাহিৰে।

ভিতৰত — সকলোৰে ভিতৰত।

মতে — আমাৰ মতে।

সম্বন্ধে — এইবোৰৰ সম্বন্ধে।

হতুৱাই — তেওঁৰ হতুৱাই।

ওপৰত উল্লেখ কৰা দ্বাৰা, পৰা, প্রতি, হতুৱাই আদি পৰসৰ্গবোৰৰ সৈতে কোনো বিভক্তি কিন্তু যোগ হোৱা নাই।

(২) ‘এ’ৰ পাছত যোগ হোৱা পৰসৰ্গ

তো — মানুহেতো, আপুনিতো। 

দি — বাটেদি।

দেখোন — তোমালোক দেখোন, মানুহে দেখোন। 

নো — তোমালোকেনো, আমিনো। 

পতি — মানুহেপতি, ঘৰেপতি, গাইপতি।

বা— সিহঁতেবা, ল’ৰা-ছোৱালীবোৰেবা।

হলে — সকলোৱেহ’লে, তোমালোকেহ’লে।

(৩) ‘ৰে’ৰ পাছত যোগ হোৱা পৰসৰ্গ

সৈতে — মোৰ সৈতে, ভক্তিৰে সৈতে; মানুহৰ সৈতে।

(৪) ‘ক’ৰ পাছত যোগ হোৱা পৰসৰ্গ 

আদিকৰি — তেওঁক আদিকৰি।

(৫) ‘ত’ৰ পাছত যোগ হোৱা পৰসৰ্গ

কৈ — মোতকৈ তেওঁ বয়সত ডাঙৰ।

হৰিতকৈ ৰাম বুদ্ধিত শ্রেষ্ঠ।

(৬) মূল শব্দত কোনো ধৰণৰ বিভক্তি যোগ নোহোৱাকৈ প্ৰয়োগ হোৱা বিশেষ্যবাচক পৰসৰ্গঃ মূল শব্দত কোনো ধৰণৰ বিভক্তি যোগ নোহোৱাকৈ প্ৰয়োগ হোৱা বিশেষ্যবাচক পৰসৰ্গবোৰৰ কিছুমান হৈছে— অনুযায়ী, অনুসৰি, কাৰণে, দেখি, ধৰণে, নিচিনা, নামে, পিনে, বাবে, মতে, যেন, যোগে, ৰকমে, সম্বন্ধে, হেতুকে ইত্যাদি। এইক্ষেত্ৰত মনকৰিবলগীয়া কথা হ’ল যে, বিভক্তি যোগ নোহোৱাকৈ প্ৰয়োগ হোৱা পৰসৰ্গবোৰৰ ক্ষেত্ৰত বেছিভাগতেই মূল শব্দবোৰ সৰ্বনাম শব্দ হয়। যেনে— এই অনুযায়ী, এই অনুসৰি, এই কাৰণে, সেই কাৰণে, এই নিচিনা, সেই নিচিনা, এইপিনে, সেইপিনে ইত্যাদি। মূল বিশেষ্য শব্দৰ পাছত যোগ হোৱা এনেধৰণৰ পৰসৰ্গবোৰ হৈছে- কথা অনুসৰি, তামোল-পাণ আদি, থিয় দঙা দি, দশৰথ নামে, জুই যেন, লোৱা যেন, বিবৃতি যোগে ইত্যাদি।

(খ) ক্রিয়াবাচক পৰসৰ্গঃ ক্রিয়া শব্দৰ পাছত যোগ হোৱা পৰসৰ্গবোৰক ক্রিয়াবাচক পৰসৰ্গ বুলি কোৱা হয়। সাধাৰণতে কিছুমান নিৰ্দিষ্ট অৰ্থ প্ৰকাশ কৰিবলৈ নাইবা কোনো কোনো ক্ষেত্ৰত জোৰকৈ বুজাবলৈ ক্ৰিয়াৰূপৰ পাছত এই পৰসৰ্গবোৰ যোগ কৰা হয়। সাধাৰণতে নিশ্চয়তা, অনিশ্চয়তা, সম্ভাৱনা, মৃদু অনুৰোধ, আশাৰ বিপৰীত, গুৰুত্বপূৰ্ণ ভাৱ, ইচ্ছা, ছৰ্তসাপেক্ষতা আদি বুজাবলৈ এনেধৰণৰ ক্ৰিয়াবাচক পৰসৰ্গসমূহ ব্যৱহাৰ কৰা হয়। তলত ড০ উপেন্দ্রনাথ গোস্বামীয়ে দেখুৱা ধৰণে এই পৰসৰ্গ কিছুমানৰ উল্লেখ কৰা হ’ল। যেনে— একাঃ মই নেৰিছোঁ একা; চাগৈঃ সি আহিছে চাগৈ; গৈঃ সি পালেগৈ; চোনঃ তুমি আহিলাচোন,তুমি আহিবাচোন; জানোঃ সি আহিছে জানোঁ?; তোঃ মই কথাটো শুনিছোতো; দেখোনঃ সি আহিল দেখোন; নেঃ তুমি যাবানে?; নেকিঃ.সি আহিছে নেকি?; পাইঃ নাজানোঁ পাই; বুলিঃ সি আহিব বুলি শুনিছোঁ; হবলাঃ তুমি লৈছিলা হবলা?; হঁকঃ তোমালোক যাবাহঁক; হয়ঃ সি যাব হয়, কিন্তু মই ভাল দেখা নাই; হ্রিঃ সি ঘৰ পাইছেহি; হেঁতেন ঃ সি আহিলে মই গলোঁহেঁতেন ইত্যাদি।

১৫৷ অব্যয় শব্দ বুলিলে কি বুয়া? বিভিন্ন প্ৰকাৰৰ অব্যয় শব্দসমূহৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ সাধাৰণভাৱে ক’বলৈ হ’লৈ যিবোৰ শব্দৰ ব্যয় নাই অর্থাৎ কোনো লিংগ, বচন আৰু বিভক্তিত যিবোৰ শব্দৰ ৰূপান্তৰ নহয়, সেইবোৰ শব্দকে অব্যয় বোলে। দৰাচলতে যিবোৰ শব্দৰ পাছত বচন, লিংগবাচক প্ৰত্যয় আৰু শব্দবিভক্তি আদি যোগ নহ’লেও কোনো কোনো ক্ষেত্ৰত জোৰ বুজোৱা প্ৰত্যয় আৰু সম্বোধনবোধক নির্দিষ্টতাবাচক প্রত্যয়সমূহ লগ লাগে সেইবোৰকেই অসমীয়া ভাষাত অব্যয় শব্দ বোলে। উদাহৰণস্বৰূপে অসমীয়া ভাষাত ‘আৰু’,‘কাৰণে’,‘পৰা’ আদি শব্দসমূহ অব্যয় শব্দ হিচাপে প্রয়োগ হয়। যেনে – সি আৰু মই তালৈ গৈছিলোঁ; তেওঁৰ পৰা মই টকা পাঁচটা ধাৰলৈ ললোঁ; মোৰ কাৰণে তুমি এইখিনি কৰিবাচোন – এই বাক্য তিনিটাৰ ‘আৰু’,‘পৰা’ আৰু ‘কাৰণে’ – এই শব্দ তিনিটাত বচন, লিংগবাচক প্ৰত্যয় আৰু শব্দবিভক্তি আদি যোগ নহয়। কিন্তু এই শব্দটোৰ ভিতৰত ‘পৰা’ আৰু ‘কাৰণে’ত জোৰ বুজোৱা ৰূপৰ সংযোগ কৰিব পাৰি। যেনে— তেওঁৰ পৰাহে মই টকা পাঁচটা ধাৰলৈ ললোঁ; মোৰ কাৰণেহে তুমি এইখিনি কাম কৰিলা – ইয়াত দুয়োটা শব্দতে জোৰ বুজোৱা ৰূপৰ সংযোগ ঘটিছে। ইয়াৰ উপৰি অসমীয়া ভাষাত্ সম্বোধনবোধক মূল ৰূপ ‘হে’ অব্যয় শব্দ যদিও ইয়াৰ লগত সম্বোধনবোধক নির্দিষ্টতাবাচক প্ৰত্যয় ৰ, ৰা, ৰি আদিৰ সংযোগ হোৱাও দেখা যায়।

অসমীয়া ভাষাৰ অব্যয় শব্দবোৰক দুটা বহল ভাগত ভগাব পাৰি— 

(ক) পৰসৰ্গ। আৰু 

(খ) বিবিধ বিষয়ক অব্যয়। 

তলত পৰসৰ্গ আৰু বিবিধ বিষয়ক অব্যয় শব্দসমূহৰ বিষয়ে উল্লেখ কৰা হ’ল।

(ক) পৰসৰ্গঃ অসমীয়া ভাষাত কোনো ক্ষেত্ৰতে পৰিৱৰ্তন নোহোৱা কিছুমান ৰূপক পৰসৰ্গ বুলি লোৱা হৈছে। এই পৰসৰ্গবোৰ বিশেষ্য নাইবা সর্বনাম আৰু ক্ৰিয়া শব্দৰ পাছত ব্যৱহাৰ হোৱা অনুসৰি বিশেষ্যবাচক পৰসৰ্গ আৰু ক্ৰিয়াবাচক পৰসৰ্গ এই দুই ধৰণেও ভাগ কৰি দেখুৱা হয়৷

(খ) বিশেষ্যবাচক পৰসৰ্গঃ সাধাৰণতে বিশেষ্যবাচক পৰসৰ্গসমূহ বিশেষ্য বা সর্বমান শব্দৰ পাছত লগ লাগে। এইক্ষেত্ৰত মনকৰিবলগীয়া কথা এয়ে যে, এই পৰসৰ্গবোৰ লগ লগাৰ আগতে মূল বিশেষ্য বা সর্বনাম শব্দৰ পাছত সম্বন্ধ পদৰ ৰ, কৰ্তাকাৰকৰ –এ, কৰণকাৰকৰ -ৰে, কৰ্মকাৰকৰ –ক আৰু অধিকৰণকাৰকৰ –ত আদি বিভক্তিসমূহ লগ লাগে। পৰসৰ্গবোৰ আকৌ গঠিত হয় কিছুমান বিশেষ্য, বিশেষণ আদি শব্দৰ সৈতে –এ সংযোগ হৈ নাইবা সুকীয়াভাৱে প্ৰয়োগ হৈ। তলত এনেধৰণৰ বিশেষ্যবাচক পৰসৰ্গ কিছুমানৰ উল্লেখ কৰা হ’ল। যেনে— অর্থে (ধনৰ অৰ্থে), ওপৰত (আনৰ ওপৰত),দৰে (মানুহৰ দৰে),নিমিত্তে (তোমাৰ নিমিত্তে),পৰা (হাতৰ পৰা),প্ৰতি (দুখীয়াৰ প্ৰতি),মাজত (সিহঁতৰ মাজত),সম্বন্ধে (তেওঁলোকৰ সম্বন্ধে),হতুৱাই (তেওঁৰ হতুৱাই), তো (মানুহেতো),দি (হাতেদি, বিন্ধাই দি, ওচৰেদি),দেখোন, (সিহঁত দেখোন, মানুহ দেখোন),নো (সিহঁতেনো, মানুহেনো),বা (মানুহেবা, তেওঁবা) হ’লে (মই হ’লে, সি হলে), সৈতে (ৰামেৰে সৈতে, মোৰ সৈতে), কৈ (ৰামতকৈ, মোতকৈ) ইত্যাদি।

বিশেষ্যবাচক পৰসৰ্গসমূহ বিভক্তিৰ পাছত যোগ হোৱাৰ উপৰি বিভক্তি যোগ নোহোৱাকৈও এইবোৰ প্ৰয়োগ হ’ব পাৰে। যেনে— অনুসৰি (কথা অনুসৰি, কাম অনুসৰি), কাৰণে (তুমি কাৰণে, মহেশ কাৰণে),দেখি (সেই দেখি), ধৰণে (কোৱা ধৰণে, দিয়া ধৰণে) নিমিত্তে (এই নিমিত্তে), ফালে (এইফালে, সেইফালে), বুলি (এই বুলি, সেই বুলি), যেন (জুই যেন, পানী যেন),সম্পর্কে (এই সম্পর্কে, সেই সম্পর্কে),সহ (ফটো সহ),হেন (মই হেন) এইক্ষেত্ৰত মনকৰিবলগীয়া কথা এয়ে যে, বিভক্তি যোগ নোহোৱাকৈ প্ৰয়োগ হোৱা পৰসৰ্গবোৰৰ ভিতৰত বেছিভাগতেই মূল শব্দবোৰ সৰ্বনাম শব্দ হয়।

ক্রিয়াবাচক পৰসৰ্গঃ ক্রিয়া শব্দৰ পাছত যোগ হোৱা পৰসৰ্গবোৰক ক্রিয়াবাচক পৰসৰ্গ বুলি কোৱা হয়। সাধাৰণতে কিছুমান নিৰ্দিষ্ট অৰ্থ প্ৰকাশ কৰিবলৈ নাইবা কোনো জোৰ বুজাবলৈ ক্ৰিয়া ৰূপৰ পাছত এই পৰসৰ্গবোৰ যোগ কৰা হয়। সাধাৰণতে নিশ্চয়তা, অনিশ্চয়তা, সম্ভাৱনা, মৃদু অনুৰোধ, আশাৰ বিপৰীত, গুৰুত্বপূৰ্ণ ভাৱ, ইচ্ছা, ছৰ্তসাপেক্ষতা আদি বুজাবলৈ এনেধৰণৰ ক্ৰিয়াবাচক পৰসৰ্গসমূহ ব্যৱহাৰ কৰা হয়। তলত ড০ উপেন্দ্রনাথ গোস্বামীয়ে দেখুৱাধৰণে এই পৰসৰ্গ কিছুমানৰ উল্লেখ কৰা হ’ল। যেনে— একাঃ মই নেৰিছোঁ একা; চাগৈঃ সি আহিছে চাগৈ; গৈঃ সি পালেগৈ; চোনঃ তুমি আহিলাচোন, তুমি আহিবাচোন; জানোঃ সি আহিছে জানোঁ?; তোঃ মই কথাটো শুনিছোতো; দেখোনঃ সি আহিল দেখোন; নেঃ তুনি যাবানে?; নেকিঃ সি আহিছে নেকি?; পাইঃ নাজানোঁ পাই; বুলিঃ সি আহিব বুলি শুনিছোঁ; হবলাঃ তুমি লৈছিলা হবলা?; হঁকঃ তোমালোক যাবাহঁক; হয়ঃ সি যাব হয়, কিন্তু মই ভাল দেখা নাই; হ্রিঃ সি ঘৰ পাইছেহি; হেঁতেনঃ সি আহিলে মই গলোঁহেঁতেন ইত্যাদি।

বিবিধ বিষয়ক অব্যয়ঃ অসমীয়া ভাষাৰ পৰসৰ্গ অব্যয়বোৰৰ উপৰি বিবিধ বিষয়ক অব্যয় শব্দ বুলিলে তলত উল্লেখ কৰা অব্যয়বোৰ দেখুৱাব লাগিব।

(ক) যোজক অব্যয়ঃ যিবোৰ অব্যয় শব্দই দুটা শব্দ বা বাক্যৰ মাজত ব্যৱহাৰ হৈ শব্দ বা বাক্য দুটাৰ মাজত সম্বন্ধ স্থাপন কৰে; সেইবোৰকেই যোজক অব্যয় বোলে। যেনে— আৰু, অথচ, বৰং, তেনেহ’লে, গতিকে ইত্যাদি।

(খ) পৃথকবোধক অব্যয়ঃ যিবোৰ অব্যয় শব্দই দুটা শব্দ নাইবা দুটা বাক্যৰ মাজত থাকি সেই শব্দ বা বাক্য দুটাক ভিন্নকৈ বুজায়; তাকে পৃথকবোধক অব্যয় বোলে। যেনে—নতুবা, বা, নাইবা, কিন্তু, তেওঁ, নহ’লে, ইত্যাদি।

(গ) সন্দেহবোধক অব্যয়ঃ যিবোৰ অব্যয় শব্দই সন্দেহ বা অনিশ্চয়তাৰ ভাব বুজায়, সেইবোৰ অব্যয়েই হৈছে সন্দেহবোধক অব্যয়। যেনে— কিজানি, জানোচা, যদি, ইত্যাদি সন্দেহবোধক অব্যয়।

(ঘ) ভাৱবোধক অব্যয়ঃ মানুহৰ মনৰ সুখ-দুখ, বেজাৰ, লাজ, ভয়, আদি ভাবসমূহ যিবোৰ শব্দই প্ৰকাশ কৰে, সেইবোৰ অব্যয় শব্দকেই ভাৱবোধক অব্যয় বোলে। যেনে— অহ, আঃ, উঃ,ইচ, আই ঔ দেহি, ছি ছি,হৰি হৰি আদি শব্দবোৰে বাক্যত প্ৰয়োগ হৈ মানুহৰ মনৰ বিভিন্ন ভাব প্রকাশ কৰে বাবে এইবোৰ ভাৱবোধক অব্যয়।

(ঙ) সম্বোধনবোধক অব্যয়ঃ যিবোৰ অব্যয় কোনো মানুহক মাতোতে ব্যৱহাৰ কৰা হয়, সেইবোৰকে সম্বোধনবোধক অব্যয় বোলে। যেনে—অ’, ঐ, ঔ, এ আদি ধ্বনিবোৰ মানুহক মাতোতে (যেনে— ঐ গোপাল, অ’ নৰেণ, ঔ ৰাজেন ইত্যাদি) ব্যৱহাৰ হয় বাবে এইবোৰ সম্বোধনবোধক অব্যয়।

(চ) সমিধানবোধক অব্যয়ঃ কিছুমান অব্যয় কোনো প্রশ্নৰ নাইবা উক্তি আদিৰ উত্তৰ স্বৰূপে ব্যৱহাৰ কৰা হয়। এনেবোৰ অব্যয়কে সমিধানবোধক অব্যয় বোলে। যেনে— এৰা, হয়, হৈছে, ও, ওঁহো, ভাল, বাৰু ইত্যাদিবোৰ সমিধানবোধক অব্যয়। অসমীয়া ভাষাৰ অব্যয় শব্দবোৰক এইদৰে ভাগ কৰি দেখুৱাব পাৰি ৷

১৬। যুৰীয়া শব্দ কাক বোলে? যুৰীয়া শব্দ কেইপ্ৰকাৰৰ? প্রতিবিধৰ যুৰীয়া শব্দৰে উদাহৰণ দাঙি ধৰা ৷

উত্তৰঃ অসমীয়া ভাষাত, ব্যাপকতা, প্রগাঢ়তা, সম্পূর্ণতা, অপূর্ণতা, আকাংক্ষা, পাৰস্পৰিকতা আদি বিভিন্ন অর্থ প্রকাশ কৰিবলৈ যোৰা-যোৰিকৈ কিছুমান শব্দ ব্যৱহাৰ কৰা হয় । এনেবোৰ শব্দকে যুৰীয়া শব্দ বোলে।

যুৰীয়া শব্দ ছয় প্ৰকাৰে দেখুওৱা হয়৷ যেনে—

(ক) ধ্বন্যাত্মক যুৰীয়া শব্দ।

(খ) অনুৰূপ যুৰীয়া শব্দ।

(গ) সমাসবদ্ধ যুৰীয়া শব্দ।

(ঘ) সমাৰ্থবাচক যুৰীয়া শব্দ।

(ঙ) বিপৰীতাৰ্থক যুৰীয়া শব্দ।

(চ) দিৰুক্ত যুৰীয়া শব্দ ৷

(ক) ধ্বন্যাত্মক যুৰীয়া শব্দঃ জীৱ-জন্তু বা পদাৰ্থৰ বাহ্যিক আকৃতি, কাৰ্য, পৰিবেশ আনি । বুজাবলৈ ধ্বন্যাত্মক যুৰীয়া শব্দ ব্যৱহৃত হয়।

যেনে— কা কা, ভেউ ভেউ, কচ্ কচ্‌, কুচ কুচ, টিক টিক, ফোঁচ ফোঁচ, ভো ভো, ফুচ ফুচ, গুৰুম গুৰুম, গিৰ গিৰ, ঢকঢকীয়া, চকচকীয়া, চলচলীয়া, ফটফটীয়া, ফিফিরিয়া, ধৰফৰ, টনটনা, লিকলিকীয়া ইত্যাদি।

(খ) অনুৰূপ যুৰীয়া শব্দঃ কথাৰ যোৰ বুজাবলৈ মূল শব্দৰ লগত অনুৰূপ অৰ্থ বা নিৰৰ্থক কেতবোৰ শব্দ ব্যৱহাৰ কৰা হয়। তেনেবোৰ শব্দকে অনুৰূপ শব্দ বোলা হয়। যেনে— বহী-চহী, কিতাপ-চিতাপ, কলম-চলম, অকা-পকাই, অনাই-বনাই, ইনাই-বিনাই, পা-পইচা, মাছ-তাছ, চাকৰ-বাকৰ, ভাত-চাহ, জা-জলপান, চাহ-তাহ, চুলি-তুলি, টকা-চকা, ৰূপ-বান, তেল-কুৰ ইত্যাদি।

(গ) সমাসবদ্ধ যুৰীয়া শব্দঃ সমাসযুক্ত হৈ এনেবোৰ শব্দ হয়। যেনে— বান্দী-বেটি, পালি-পহৰা, ঢাৰি-পাটী, কাঁহী-বাটি, হতাহতি, মৰামৰি, মুখামুখি, চুলিয়াচুলি ইত্যাদি ।

(ঘ) সমাৰ্থবাচক যুৰীয়া শব্দঃ কথাৰ জোৰ বুজাবলৈ একে বা প্ৰায় একে অর্থবাচক শব্দ যোৰ যোৰকৈ ব্যৱহাৰ কৰিলে সমাৰ্থক যুৰীয়া শব্দ বোলা হয়। যেনে—আয়-অৰ্জন, গৌৰৱগৰিমা, দান-বৰঙণি, যান-বাহন, বেহা-বেপাৰ, দান-দক্ষিণা, কাম-বন, আপদ-বিপদ, ধনবিত, চাল-চলন, পর্বত-পাহাৰ, হাবি-বন, বন-জংঘল, সুখ-শান্তি, দুখ-বেজাৰ, নৈ-নলা, নদনদী, টকা-পইচা, কাপোৰ-কানি, হাই-কাজিয়া, হাই-উৰুমি ইত্যাদি।

(ঙ) বিপৰীতাৰ্থক যুৰীয়া শব্দ শঃ এনে যুৰীয়া শব্দ এটাই আনটোৰ বিপৰীত অৰ্থ প্ৰকাশ কৰে। যেনে— সুখ-দুখ, আকাশ-পাতাল, স্বর্গ-মর্ত্য, হাঁহি-কান্দোন, আয়-ব্যয়, ভাল-বেয়া, জন্ম-মৃত্যু, দোষ-গুণ, মান-অপমান, দিন-ৰাতি, সোঁৱে-বাঁৱে, জল-স্থল, থাক-নাথাক, উঠাবহা ইত্যাদি।

(চ) দিৰুক্ত যুৰীয়া শব্দঃ কথাৰ জোৰ বুজাবলৈ একে শব্দকে দুবাৰ ব্যৱহাৰ কৰা হয়। যেনে—বাৰে বাৰে, তালে-তালে, কথাই-কথাই, দলে-দলে, ঘৰে ঘৰে, দেশে-দেশে, গাঁৱেগাঁৱে, বনে-বনে, মাজে মাজে, বছৰে বছৰে, দিনে-দিনে ইত্যাদি।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top