অসমীয়া ভাষা আৰু লিপি Unit 3 অসমৰ চীন-তিব্বতবৰ্মী পৰিয়ালৰ ভাষা

অসমীয়া ভাষা আৰু লিপি Unit 3 অসমৰ চীন-তিব্বতবৰ্মী পৰিয়ালৰ ভাষা, College and University Answer Bank for BA, and Post Graduate Notes and Guide Available here, অসমীয়া ভাষা আৰু লিপি Unit 3 অসমৰ চীন-তিব্বতবৰ্মী পৰিয়ালৰ ভাষা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. অসমীয়া ভাষা আৰু লিপি Unit 3 অসমৰ চীন-তিব্বতবৰ্মী পৰিয়ালৰ ভাষা Question Answer can be of great value to excel in the examination.

অসমীয়া ভাষা আৰু লিপি Unit 3 অসমৰ চীন-তিব্বতবৰ্মী পৰিয়ালৰ ভাষা

Join Telegram channel

অসমীয়া ভাষা আৰু লিপি Unit 3 অসমৰ চীন-তিব্বতবৰ্মী পৰিয়ালৰ ভাষা Notes cover all the exercise questions in UGC Syllabus. অসমীয়া ভাষা আৰু লিপি Unit 3 অসমৰ চীন-তিব্বতবৰ্মী পৰিয়ালৰ ভাষা The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

অসমৰ চীন-তিব্বতবৰ্মী পৰিয়ালৰ ভাষা

অসমীয়া ভাষা আৰু লিপি

অতি চমু প্রশ্নোত্তৰঃ

১। ” অষ্ট্ৰিক ভাষাগোষ্ঠীৰ ভাষাক কি কি দুটা শাখাত বিভক্ত কৰিছে? 

উত্তৰঃ অষ্ট্ৰো-এচিয়াটিক আৰু অষ্ট্ৰোনেচিয়ান।

২। অষ্ট্ৰো-এচীয় শাখাৰ দুটা ভাষাৰ নাম লিখা।

উত্তৰঃ খাচী আৰু কোলমুণ্ডা।

৩। তিব্বতবর্মী সকল মঙ্গোলীয়’— কথাষাৰ সচানে?

উত্তৰঃ কথায়াৰ সঁচা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। তিব্বতবর্মী ভাষাগোষ্ঠীক কেইটা শাখাত ভাগ কৰিব পাৰি আৰু ভাগকেইটা কি কি?

উত্তৰঃ তিব্বতবৰ্মী ভাষাগোষ্ঠীক তিনিটা শাখাত ভাগ কৰিব পাৰি। সেইকেইটা হ’ল— তিব্বত হিমালয়ী, উত্তৰ অসম আৰু অসমবর্মী।

৫। অসমীয়া ভাষাত দন্ত্য আৰু মূর্ধন্য ধ্বনিৰ মাজত উচ্চারণগত পার্থক্য নথকাটো কাৰ প্ৰভাৱৰ ফল বুলি গ্ৰীয়াৰ্চন চাহাবে মত প্ৰকাশ কৰিছে? 

উত্তৰঃ তিব্বতবৰ্মী প্ৰভাৱৰ ফল বুলি গ্ৰীয়াৰ্চন চাহাবে মত প্ৰকাশ কৰিছে।

৬। অনুৰূপভাৱে ‘সংস্কৃত তালব্য ধ্বনিকেইটা অসমীয়াত দন্ত্যমূলীয় হিচাপে উচ্চাৰণ হোৱাটোতো তিব্বতবৰ্মী প্ৰভাৱ থাকিব পাৰে’ বুলি কোনে মন্তব্য কৰিছে? 

উত্তৰঃ সুনীতি কুমাৰ চেটাৰ্জীয়ে।

৭। অসমীয়া ভাষাত মহাপ্ৰাণীভৱনৰ হোৱা বুলি গীয়াৰ্চনে মন্তব্য কৰিছে? 

উত্তৰঃ তিব্বতবর্মী বড়ো ভাষাৰ প্ৰভাৱত। এই বৈশিষ্ট্যটো কোনটো ভাষাগোষ্ঠীৰ প্ৰভাৱত।

৮। চেলেক, ৰেপ, গচক, চেপ, খাম ইত্যাদি শব্দবোৰ কোন ভাষাৰ পৰা আহিছে? 

উত্তৰঃ বড়ো ভাষাৰ ৷

৯। ‘দি’আৰু ‘দৈ’শব্দেৰে শেষ হোৱা নদীবাচক শব্দবোৰ কোন ভাষাৰ অৱদান বুলি ঠাৱৰ কৰা হৈছে? 

উত্তৰঃ বড়ো ভাষাৰ।

১০। ‘এ কম্পাৰেটিভ গ্ৰামাৰ অৱ দা দ্ৰাৱিভিয়ান লেংগুৱেজেছ’ গ্ৰন্থখন কাৰ ৰচনা?

উত্তৰঃ ৰবাৰ্ট কল্ডৱেলৰ ৷

১১।‘এ কম্পেয়াটিভ ডিকশ্যনাৰী অৱ দা লেংগুৱেজেছ অৱ ইণ্ডিয়া’ গ্ৰন্থখন কাৰ? 

উত্তৰঃ ডব্লিউ ডব্লিউ হান্টাৰৰ।

১২। ‘মাদুলি’ শব্দটো কোন ভাষাৰ পৰা আহিছে বুলি ধাৰণা কৰা হয়? 

উত্তৰঃ‘মাদুলি’শব্দটো অষ্ট্ৰিক মাদুলিৰ পৰাই আহিছে। কাৰণ অষ্ট্ৰিকসকলে সকলো বেমাৰআজাৰৰ মূলতে এগৰাকী ডাইনী থকা বুলি বিশ্বাস কৰে আৰু ডাইনীৰ পৰা ৰক্ষা পাবলৈ মাদুলি পিন্ধে।

১৩। ডিমাছা ভাষাৰ আঞ্চলিক ৰূপকেইটা কি কি? 

উত্তৰঃ দিজুৱাছা, দেম্ৰাচা, হাৱাৰছা।

১৪। সম্বন্ধবাচক শব্দৰ ভিতৰত ‘ককাই’ আৰু ‘বাই’ কোনটো ভাষাৰ পৰাই অহাৰড সম্ভাৱনা সৰহ?

উত্তৰঃ অষ্ট্ৰিক।

১৫। প্রাগজ্যোতিষ, কমতা, কামাখ্যা আদি অসমৰ ঠাইৰ নামবোৰ ক’ৰ পৰা আহিছে? 

উত্তৰঃ অষ্ট্ৰিক ৷

১৬। চাওতলী ভাষাৰ দুটা শব্দ লিখা। 

উত্তৰঃ আজৰি দাং, গোহাৰি।

১৭। টাঙোন, দাং, খং, কাবৌ, জহা আদি কোন ভাষাৰ শব্দ? 

উত্তৰঃ খাচি।

১৮। ডিমাছা ভাষাৰ সৈতে সাদৃশ্য থকা দুটা অসমীয়া শব্দ লিখা। 

উত্তৰঃ জাকৈ, চেপা।

১৯। মাইহাং, খাং, মিত-দা, চাংমাই, চাওদাং, লিকচৌ আদি কোন ভাষাৰ পৰা অসমীয়ালৈ আহিছে?

উত্তৰঃ আহোম ভাষাৰ পৰা।

২০। কামৰূপী উপভাষাৰ বহুবচনৰ চিন ‘গিলাক’, ‘গিলান’, ‘ঙলা’ আদি কি মূলীয়? 

উত্তৰঃ অনাৰ্যমূলীয়।

২১। অসমৰ তিব্বতবর্মীয় ভাষাবোৰত নাস্তাৰ্থক ‘ন’ কেইপ্ৰকাৰে হয়? 

উত্তৰঃ দুই প্রকাৰে হয়। কিছুমান মূলৰ পাছত আৰু কিছুমান মূলৰ আগত বহে।

২২। অসমীয়া ভাষাত পঞ্চমী বিভক্তিৰ ঠাইত ‘পৰা’ পৰসৰ্গ লগাই অপাদানৰ প্ৰয়োগ কোন ভাষাৰ প্ৰভাৱত অসমীয়ালৈ আহিছে? 

উত্তৰঃ বড়ো ভাষাৰ।

২৩। তিব্বতবর্মী ভাষাগোষ্ঠীক কেইটা শাখাত ভাগ কৰিব পাৰি আৰু কি কি? 

উত্তৰঃ তিনিটা শাখাত। সেইকেইটা হ’ল— তিব্বত হিমালয়ী, উত্তৰ অসম, অসমবর্মী।

২৪৷ বুৰঞ্জী সাহিত্য কাৰ মূল্যৱান অৱদান?

উত্তৰঃ আহোমসকলৰ।

২৫। কোনজন ভাষাবিদে অসমীয়া ভাষাত কেৱল তিব্বতবর্মী ভাষাৰ উপাদান থকাৰ কথা কৈছে? 

উত্তৰঃ ড° জৰ্জ আব্রাহম গ্ৰীয়াৰ্ছনে।

২৬। স্থানবাচক শব্দত ‘তি’ উপসৰ্গ বা ‘তি’ পৰসৰ্গ দি ব্যৱহাৰ হোৱা শব্দবোৰ কোন ভাষাৰ উৎস?

ত্তৰঃ অষ্ট্ৰিক ভাষাৰ।

২৭। তিব্বতবর্মীয় কোনটো ভাষাত অসমীয়া ভাষাৰ দৰে সৰ্বনামীয় পূৰ্বসৰ্গৰ ব্যৱহাৰ হয়? 

উত্তৰঃ বড়ো।

২৮। সংস্কৃত ভাষাৰ দন্ত্য আৰু মূৰ্দ্ধন্য ধ্বনিবোৰ অসমীয়া ভাষাৰ দন্ত্যমূলীয় হোৱাৰ মূলতে কি? 

উত্তৰঃ চীন-তিব্বতীয় ভাষাৰ প্ৰভাৱ ৷

২৯। অসমীয়া ভাষাত দন্ত্য আৰু মূৰ্দ্ধন্য ধ্বনিৰ পৃথক উচ্চাৰণ নাই । ইয়াৰ কাৰণ কি? 

উত্তৰঃ অসমীয়া ভাষাত তিব্বতবৰ্মীয় ভাষাৰ প্ৰভাৱ পৰাৰ ফলত।

৩০। কালিৰাম মেধিয়ে অসমত থকা একমাত্র ‘ভৰলু’ নামৰ নদীবাচক ‘আৰু/আলু’ শব্দটো কোনটো ভাষাৰ লগত সাদৃশ্য দেখুৱাইছে? 

উত্তৰঃ দ্ৰাৱিড় ভাষাৰ লগত ৷

৩১। কালিৰাম মেধিয়ে অসমীয়া ভাষাৰ বহুবচন গঠন কৰা এই ৰীতিটো পোনপ্ৰথমে কোন কোন ভাষাৰ বৈশিষ্ট্যৰে প্ৰভাৱান্বিত বুলি দেখুৱাইছে? 

উত্তৰঃ ভূটীয়া (তিব্বতীয়), চুটীয়া (দেউৰী), কছাৰী (বড়ো) আৰু গাৰো ভাষাৰ উদাহৰণ আৰু ব্যাখ্যাসহ তিব্বতবৰ্মীয় বৈশিষ্ট্যৰে প্ৰভাৱান্বিত বুলি দেখুৱাইছে।

৩২। জুলি, জুৰি, ভিটি, ভিটা, পুৰ ইত্যাদি শব্দ কোন ভাষাৰ পৰা অহা বুলি অনুমান কৰা হৈছে? 

উত্তৰঃ দ্ৰাৱিড় ভাষাৰ পৰা।

৩৩। অসমীয়া ভাষাত সংস্কৃতৰ নিচিনা বিশেষ্য শব্দৰ সৈতে একেধৰণে বিশেষণ শব্দৰ লিঙ্গৰ পৰিৱৰ্তনহীনতাত দ্ৰাবিড়ীয় ভাষাৰ প্ৰভাৱৰ কথা কোনে উল্লেখ কৰি গৈছে? 

উত্তৰঃ কালিৰাম মেধিয়ে।

৩৪। অসমীয়া ভাষা আৰু সংস্কৃতি’ গ্ৰন্থখন কাৰ? 

উত্তৰঃ ড° বিৰিঞ্চি কুমাৰ বৰুৱা।

৩৫। দ্রাবিড় ভাষাগোষ্ঠীৰ পৰা সংস্কৃতলৈ অহা দুটা শব্দ লিখা। 

উত্তৰঃ অগৰু, অনল।

৩৬। দ্রাবিড় ভাষাগোষ্ঠীৰ পৰা অসমীয়ালৈ অহা কেইটিমান শব্দ লিখা। 

উত্তৰঃ অগৰু, অনল, মহিলা, পণ্ডিত, ময়ুৰ, কোটোৰা, কানন, কুণ্ডল, শৱ ইত্যাদি।

৩৭। তলত দিয়া চাহ জনজাতীয় ভাষাৰ শব্দকেইটাৰ মান্য অসমীয়াত কি ৰূপ হয় লিখা।

চানা, কাচা, চক্ৰা, ধানগিলা, ইন্দুৰ।

উত্তৰঃ চানা— পোৱালী (মান্য)

চক্ ৰা—ল’ৰা (মান্য)

ইন্দুৰ—এন্দুৰ (মান্য)

কাচা— কেঁচা (মান্য) 

ধানগিলা— ধানবোৰ (মান্য)

৩৮। টিয়ক, টিপাম, টিৰাপ, টিংখাং আদি স্থানবাচক শব্দবোৰ কোন ভাষাৰ পৰা অসমীয়ালৈ আহিছে? 

উত্তৰঃ টাই-আহোম ভাষাৰ পৰা।

৩৯। ড° বাণীকান্ত কাকতিয়ে ‘অসম’ শব্দটোৰ মূল কি বুলি কৈছে? 

উত্তৰঃ ড° বাণীকান্ত কাকতিয়ে ‘অসম’ শব্দটোৰ মূল ‘টাই’ ভাষাৰ ‘শ্বাম্‌’ ধাতু বুলি কৈছে।

৪০। “অন্য অনার্য ভাষাৰ প্ৰভাৱতকৈ অসমীয়াত কোলাৰীয় ভাষাবোৰৰ প্ৰভাৱ বেছি ফলদায়ক যেন লাগে”- কোনে কৈছিল? 

উত্তৰঃ ড° বাণীকান্ত কাকতি।

৪১। The Growth of the Assamese Language’গ্ৰন্থখন কাৰ দ্বাৰা ৰচিত ?

উত্তৰঃ ডিম্বেশ্বৰ নেওগ।

৪২। আৰু ‘গণ্ডা’ শব্দ দুটি ক’ৰ পৰা লোৱা?

উত্তৰঃ অষ্ট্ৰিক ভাষাৰ পৰা৷

৪৩৷ অসমীয়া ভাষাৰ মহাপ্ৰাণীভৱনৰ বৈশিষ্ট্যটো কোন ভাষাৰ পৰা আহিছে বুলি কোৱা হৈছে? 

উত্তৰঃ তিব্বতবৰ্মী ভাষাৰ পৰা।

৪৪। তলত দিয়া অসমীয়া শব্দকেইটা ডিমাছা ভাষাত কি হ’ব লিখা। 

(ক) সিজু। 

(খ) নৰা। 

(গ) লফা। 

উত্তৰঃ (ক) সিজু— চি-গুজ।

(খ) নৰা— নৰাউ।

(গ) লফা—লাংফাউ।

৪৫। “বিভিন্ন আর্যভিন্ন ভাষাৰ মাজত অসমীয়া ভাষা এটি সৰু দ্বীপৰ লেখীয়া” বুলি কোনে উল্লেখ কৰিছে?

উত্তৰঃ ড° বাণীকান্ত কাকতি ৷

চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

১। ড° বাণীকান্ত কাকতিয়ে তিব্বতবৰ্মী ভাষাৰ কি কি ৰূপগত উপাদান অসমীয়া ভাষাত সোমাই আছে বুলি সন্দেহ প্ৰকাশ কৰিছে? চমুকৈ লিখা। 

উত্তৰঃ ড° বাণীকান্ত কাকতিয়ে তিব্বতবর্মী ভাষাৰ বহুতো ৰূপগত উপাদান অসমীয়া ভাষাত সোমাই আছে বুলি সন্দেহ প্ৰকাশ কৰিছে। তাৰে কেতবোৰ হ’ল— 

(ক) অসমীয়া ভাষাৰ যৌগিক ক্ৰিয়াৰূপ কিছুমান বড়ো ভাষাৰ পৰা আহিছে। যেনে— খামবান্ধ, গবামাৰ, বিৰ দি, থলামূৰি মাৰ ইত্যাদি।

(খ) অসমীয়া ভাষাত ব্যৱহৃত গঠনমূলক প্ৰত্যয়-মা আৰু -চা বড়ো মূলৰ পৰা আহিছে। যেনে— লোধোমা, লুৰুমা, ধেপেচা ইত্যাদি। 

(গ) কিছুমান ক্ৰিয়াৰ ধাতু ৰূপ বড়োমূলীয়। যেনে— চেলেক্, জিৰা, আচ, গচক, চেকুৰ, ভেকুঁৰ, গোৰা, বখলিয়া ইত্যাদি।

২। অসমীয়া ভাষাত থকা তিব্বতবর্মী ভাষাগোষ্ঠীৰ দুটা ধ্বনিগত উপাদান লিখা। 

উত্তৰঃ অসমীয়া ভাষাত থকা তিব্বতবর্মী ভাষাগোষ্ঠীৰ দুটা ধ্বনিগত উপাদান হ’ল—

(ক) প্রাচীন ভাৰতীয় আর্যভাষাৰ মূর্ধন্য আৰু দন্ত্য ধ্বনিসমূহ অসমীয়াত চীন-তিব্বতীয়ৰ (বড়ো) প্ৰভাৱত দন্ত্যমূলীয় ধ্বনিলৈ হোৱা পৰিৱৰ্তন।

(খ) তিব্বতবর্মীয় প্রভৃতি আৰ্য-ভিন্ন ভাষাৰ প্ৰভাৱত অসমীয়াতো স্বৰ-সংগতি (Vowel Harmony) আৰু অভিশ্রুতি (Vowel mutation) এই দুটা ধ্বনিতাত্ত্বিক পৰিঘটনা বিশেষভাৱে পৰিলক্ষিত হোৱা।

৩। তিব্বতবৰ্মীয় ভাষাগোষ্ঠীৰ দুটা ৰূপগত উপাদান লিখা। 

উত্তৰঃ তিব্বতবৰ্মীয় ভাষাগোষ্ঠীৰ দুটা ৰূপগত উপাদান হ’ল— 

(ক) অসমীয়া ভাষাৰ যৌগিক ক্ৰিয়াৰূপ কিছুমান বড়ো ভাষাৰ পৰা আহিছে। যেনে— খামবান্ধ, গবামাৰ।

(খ) অসমীয়া ভাষাত ব্যৱহৃত গঠনমূলক প্ৰত্যয়-মা আৰু -চা বড়োমূলৰ পৰা আহিছে। যেনে— লোধোমা, ধেপেচা। বড়ো প্রত্যয়-মা আৰু –চা ই যথাক্রমে ডাঙৰ আৰু সৰুক বুজায় ৷ যেনে—

ৰুং (নাও)— ৰুংমা (ডাঙৰ নাও)

ৰুংচা— (সৰু নাও)

৪। ডিমাছা আৰু অসমীয়া ভাষাৰ শব্দৰ সাদৃশ্য থকা দুটা উপাদানৰ উদাহৰণ দিয়া। 

উত্তৰঃ মাছ মৰা সঁজুলি –

অসমীয়াডিমাছা
জাকৈজেখাই
নৰানৰাউ

৫। অসমীয়া প্ৰতিধ্বন্যাত্মক শব্দৰ সৈতে দ্ৰাবিড়ীয় ভাষাৰ সাদৃশ্য থকা দুটা উদাহৰণ দিয়া।

উত্তৰঃ কান্নাৰ ভাষাঃ

তুপগিপ্প
ঘিঁউচিউ
হনুমম্পলু
ফলচল

৬। ড° বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাৰ সম্বন্ধবাচক শব্দ কেতবোৰৰ লগত অষ্ট্ৰিক ভাষাৰ সাদৃশ্যৰ কথা কেনেদৰে উল্লেখ কৰিছে? 

উত্তৰঃ

অসমীয়াঅষ্টিক
আতাআতোৰ্/অত
আবুঅবুহ / অবু
তাৱৈতত/ত, ইত্যাদি
আমৈঅমৈ
ককাই/কাকাকক
বোপাই/বাপাবপাই/বপ

৭। অসমীয়া ভাষাৰ লগত চাওতালী ভাষাৰ সাদৃশ্য ৰক্ষিত হোৱা কেইটিমান উপাদানৰ উদাহৰণ দিয়া ৷

উত্তৰঃ 

শব্দঅর্থ
আকোঁৰ গোজ/আকো-গোজনেৰা নেপেৰাকৈ কিবা এটা কামত লাগি থকা
ধুমাডাঙৰ
জুগত্সাজু
ভূত-কোৰাবাওনা
আলাবাদুঅকামিলা
জঞ্জাললেঠা

৮। দ্রাৱিড়ীয় ভাষাৰ পৰা অহা কোনবোৰ শব্দই অসমীয়া ভাষাৰ শব্দভাণ্ডাৰ সমৃদ্ধ কৰিছে বুলি কালিৰাম মেধিয়ে মত পোষণ কৰিছে? 

উত্তৰঃ কালিৰাম মেধিয়ে বীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব’ নামৰ অসমীয়া ভাষাত সংস্কৃতৰ নিচিনা বিশেষ্য-শব্দৰ সৈতে একেধৰণে বিশেষণ শব্দৰ লিঙ্গৰ পৰিৱৰ্তনহীনতাত দ্রাবিড়ীয় ভাষাৰ প্ৰভাৱৰ কথা উনুকিয়াব খোজে। তদুপৰি তেওঁ অসমীয়া শব্দ কেইটিমানৰ মূল দ্রাৱিড়ীয় ভাষা বুলি মন্তব্য কৰিছে। যেনে— আই (বসন্ত), আমৈ, চিনা (জোক), নদীবাচক শব্দ আৰু/আলু (ভৰলু)।

৯। অসমীয়া ভাষাত আহোম ভাষাৰ প্ৰভাৱ কম হোৱাৰ দুটা কাৰণ উল্লেখ কৰা। 

উত্তৰঃ অসমীয়া ভাষাত আহোম ভাষাৰ প্ৰভাৱ কম হোৱাৰ দুটা কাৰণ হ’ল – 

(ক) আহোমসকলে লগত তিৰোতা মানুহ অনা নাছিল। ইয়াৰে থলুৱা ছোৱালী বিয়া কৰাই সম্বন্ধ স্থাপন কৰিছিল। ড° জে-এ ছাৰ্দে অন্য প্ৰসংগত এঠাইত কৈছে যে বিজেতা, শাসক গোষ্ঠীয়েও সংখ্যাগতভাৱে সীমিত হ’লৈ আৰু মূল মাতৃভূমিৰ পৰা বিচ্ছিন্ন হৈ শাসিত জাতিৰ লগত সঘন বৈৱাহিক সম্পৰ্ক কৰিলে নিজৰ ভাষা শাসিতৰ ওপৰত জাপি দিব নোৱাৰিব পাৰে।

(খ) শাৰীৰিকভাৱে সবল যুদ্ধবিদ্যাত পাকৈত যদিও আহোমসকলৰ বিজিত জাতিটো সম্ভৱতঃ সাংস্কৃতিকভাৱে উন্নত নাছিল। তদুপৰি শাসিত মানুহবোৰ বিভিন্ন ভাষাগোষ্ঠীৰ আছিল। ইতিমধ্যে উমৈহতীয়া ভাষাৰূপে থকা অসমীয়াকে তেওঁলোকে চলাবলৈ লৈছিল।

১০। অসমীয়া ভাষাত প্ৰভাৱ বিস্তাৰ কৰা আৰ্য-ভিন্নৰ দুটাধ্বনিতাত্ত্বিক উপাদান লিখা। 

উত্তৰঃ অসমীয়া ভাষাত প্ৰভাৱ বিস্তাৰ কৰা আৰ্য-ভিন্নৰ দুটা ধ্বনিতাত্ত্বিক উপাদান হ’ল— 

(ক) প্রাচীন ভাৰতীয় আর্যভাষাৰ দন্ত্য আৰু মূর্ধন্য ধ্বনি অসমীয়াত দন্ত্যমূলীয় হোৱাৰ মূলতে তিব্বতবৰ্মী ভাষাৰ প্ৰভাৱ বুলি গ্ৰীয়াৰ্ছন চাহাবে মন্তব্য কৰিছে আৰু ডঃ বাণীকান্ত কাকতিয়েও সমৰ্থন কৰিছে। আধুনিক চিন্তা-চৰ্চা দেখা গৈছে, মূল ইণ্ডো-ইউৰোপীয় ভাষাতো দন্ত্যমূলীয় ধ্বনি আছে। কিন্তু ভাৰতীয় নব্য আর্য ভাষাবোৰত এই ধ্বনি নথকালৈ চাই ইয়াক অনা-আৰ্য প্ৰভাৱ বুলি ধৰি ল’ব পাৰি।

(খ) মূলত নাসিক্য ধ্বনি নাথাকিলেও অসমীয়াত অনুনাসিক ধ্বনি হোৱাৰ কাৰণ অনাআর্যভাষাৰ প্ৰভাৱ বুলি গ্ৰীয়াৰ্ছনে মন্তব্য কৰিছে।

১১। অসমীয়া ভাষাত আৰ্য-ভিন্ন ভাষাগোষ্ঠীৰ ৰূপতাত্ত্বিক প্ৰভাৱ সম্পৰ্কে দুটা উদাহৰণ আগবঢ়োৱা।

উত্তৰঃ অসমীয়া ভাষাত অনা-আর্য ভাষাগোষ্ঠীৰ ৰূপতাত্ত্বিক প্ৰভাৱ এনেধৰণৰ –

(ক) অসমীয়া ভাষাত স্ত্রীবাচক শব্দ মতা (ছাগলী), মাইকী (ছাগলী) অথবা টো, জন, জনী আদি যোগ দি লিংগভেদ কৰা যি পদ্ধতি সেয়া অনা-আর্য ভাষাৰ প্ৰভাৱত হোৱা বুলি সন্দেহ কৰা হৈছে।

(খ) সংস্কৃতত বহুবচনৰ প্ৰত্যয় যোগ হলে শব্দটোৰ আকৃতিৰ পৰিৱৰ্তন হয়। তিব্বতবর্মী ভাষাত সমষ্টিবোধক সুকীয়া শব্দ প্ৰয়োগ কৰি বহুবচন নিৰ্দেশ কৰা হয়। তিব্বতবৰ্মী ভাষাৰ দৰে অসমীয়াত সমষ্টিবোধক সুকীয়া শব্দ প্ৰয়োগ কৰি বহুবচন নিৰ্দেশ কৰা হয়। তিব্বতবৰ্মী ভাষাৰ দৰে অসমীয়াতো সমষ্টিবোধক সুকীয়া শব্দ প্ৰয়োগ কৰি বহুবচন নিৰ্দেশ কৰা হয়। তিব্বতবৰ্মী ভাষাৰ দৰে অসমীয়াতো ‘বোৰ’,‘বিলাক’,‘হঁত’ আদি মূল ৰূপৰ পাছত জোৰা দিয়া হয় আৰু মূল ৰূপটোৰ একো পৰিৱৰ্তন নহয়। কামৰূপী উপ-ভাষাৰ বহুবচনৰ চিন ‘গিলাক’,‘গিলান’ ‘ঙলা’ আদি অনাৰ্যমূলীয়।

১২। অসমীয়া ভাষাত অনা-আর্য উপাদান সৰহ হোৱাৰ সম্ভাৱ্য কাৰণসমূহ ড° ৰমেশ পাঠকে কিদৰে দেখুৱাইছে লিখা। 

উত্তৰঃ অসমীয়া ভাষাত অনা-আর্য উপাদান সৰহ হোৱাৰ সম্ভাৱ্য কাৰণবোৰ ড° পাঠকে এনেদৰে দেখুৱাইছে—

(ক) অসমীয়া ভাষা অকল আৰ্যসকলৰে ভাব প্রকাশৰ মাধ্যম নহয়। জন্মলগ্নৰে পৰা এই ভাষা ব্যৱহাৰ কৰা লোকসকল বিভিন্ন জনগোষ্ঠীৰ। অসমত প্ৰজাতিগত সংমিশ্রণ ঘটা’ সত্ত্বেও বিভিন্ন ফৈদে নিজস্ব ভাষা ৰক্ষা কৰি আহিছে। ভাব প্ৰকাশৰ উমৈহতীয়া মাধ্যমৰূপে অসমীয়া ভাষা ব্যৱহাৰ কৰোঁতে নিজৰ ভাষাৰ শব্দও তাত সোমাইছিল আৰু এনেদৰে বহু শব্দ অসমীয়ালৈ আহিছিল।

(খ) প্ৰজাতিগত সংমিশ্ৰণৰ ফলত বিয়া-বাৰুৰ যোগেদি এটা ভাষাৰ শব্দ অন্য এটা ভাষালৈ প্ৰৱাহিত হৈছিল। উত্তৰ পুৰুষে ভাষা আয়ত্ত কৰোতে বাপেকৰ পৰা যেনেদৰে শব্দ লৈছিল মাকৰ পৰাও তেনেদৰে লৈছিল। কিছুমান ক্ষেত্ৰত তেনে শব্দ একোটাৰ ধ্বনি আৰু অৰ্থগত পৰিৱৰ্তনো ঘটিছিল ৷

(গ) বহু শতিকা একেলগে বসবাস কৰাৰ ফলত অনা-আর্য ভাষাৰ বহু শব্দ অসমীয়াত সোমাইছিল ৷ প্ৰব্ৰজনৰ প্ৰক্ৰিয়াৰ দিশৰ পৰা তুলনামূলকভাৱে আৰ্যসকল পাছৰ চাম। সেইবাবে অনা-আর্য নদীৰ নাম; ঠাইৰ নাম; মাছৰ নাম আদি অনেক ক্ষেত্ৰত তেওঁলোকে হুবহু বা সংস্কৃতীয়া কৰি গ্ৰহণ কৰিছিল বুলি ভবাৰ অৱকাশ আছে।

(ঘ) আহোম শাসন প্রণালীত প্রত্যেক প্রজাঘৰে একোজন পাইক ৰজাঘৰলৈ পঠাব লাগিছিল। এই পাইকবোৰ বিভিন্ন ভাষাগোষ্ঠীৰ পৰা গৈ অসমীয়াত ভাবৰ আদান-প্রদান কৰিব লগা হৈছিল। তেওঁলোকে তাত নতুন শব্দ গ্ৰহণ কৰিছিল আৰু নিজৰ ভাষাৰ শব্দও হয়তো উমৈহতীয়া ভাষাত সংযোজন কৰিছিল ।

(ঙ) অসমত বসবাস কৰা বিভিন্ন ভাষী লোক সাংস্কৃতিকভাৱে স্বয়ংপূর্ণ নাছিল৷ কোনোবা যদি আছিল বাঁহ-বেতৰ সঁজুলি সজাত পাকৈত, আন কোনোবা আছিল বোৱা-কটাত পাৰদৰ্শী। সাংস্কৃতিক এনে কাৰণতো অসমীয়া ভাষালৈ অনা-আর্য ভাষাৰ পৰা কিছু শব্দ নিশ্চয় আহিছিল।

১৩। জনজাতীয় ভাষা আৰু অসমীয়া ভাষা সম্বন্ধে এটি নিবন্ধ যুগুত কৰা। 

উত্তৰঃ অসমত অসমীয়া আৰ্য-ভাষাটোৰ উপৰি অনা-আর্য ভাষাগোষ্ঠীৰ বহুতো ভাষাৰ প্রচলন আছে। এইক্ষেত্ৰত চীন তিব্বতীয় ভাষাগোষ্ঠীৰ ভাষা কিছুমানৰ অৱস্থিতি বিশেষভাৱে গুৰুত্বপূৰ্ণ। বৰ্তমান অসমৰ উপৰি অসমৰ ওচৰ-পাঁজৰৰ ৰাজ্যবোৰত প্ৰচলিত ভাষাবোৰ প্ৰধানকৈ এই গোষ্ঠীৰ অন্তৰ্ভুক্ত। চীন-তিব্বতীয় ভাষা-পৰিয়ালৰ প্ৰধান দুটা শাখা— শ্যামী চীনা আৰু তিব্বতবৰ্মীয়। শ্যাম চীনাৰ এটা শাখা টাই। আহোম ভাষা এসময়ত অসমত কথিত আছিল। তিব্বতবৰ্মীয় শাখাৰ তিনিটা প্ৰধান উপশাখা হৈছে— তিব্বত হিমালয়ী, উত্তৰ-অসম শাখা (অৰুণাচল শাখা) আৰু অসম-বৰ্মী শাখা।

অসম-বৰ্মী শাখাৰ ভিতৰত বড়ো উপশাখাৰ অন্তৰ্গত বড়ো ভাষা কোৱা লোকৰ সংখ্যা যথেষ্ট বেছি । গ্ৰীয়াৰ্ছনে কোৱা অনুসৰি “বড়ো ভাষাবোৰৰ ভিতৰত আটাইতকৈ পূর্বদেশীয় ভাষা হৈছে চুতীয়া ভাষা। এই ভাষাটো চুতীয়াসকলৰ পুৰোহিত শ্ৰেণীৰ লোকসকলে কয়। বড়ো ভাষাৰ অন্তৰ্গত আটাইবোৰ ভাষাৰ ভিতৰত এই ভাষাটোৱে অতি প্রাচীন বৈশিষ্ট্যবোৰ সংৰক্ষণ কৰিছে যেন বোধ হয় আৰু ইয়েই মূল ভাষাৰ নিচেই ওচৰ চপা”।

অষ্ট্ৰিক আৰু প্ৰধানভাৱে চীন-তিব্বতীয় পৰিয়ালৰ বিভিন্ন ভাষাৰ পৰিৱেষ্টনৰ মাজত সোমাই অসমীয়া ভাষাটো বিকাশৰ পথত আগবাঢ়িল। বাণীকান্ত কাকতিয়ে কোৱাৰ নিচিনা— “অসমীয়া ভাষাটো বিভিন্ন অনা-আর্য ভাষাৰ সাগৰৰ মাজত এটা সৰু দ্বীপৰ নিচিনা”। গতিকে অসমীয়া ভাষাটোৰ ওপৰত এই ভাষাবোৰৰ প্ৰভাৱ ভালকৈয়ে পৰিল। ধ্বনিতত্ত্বৰ পিনৰ পৰা চালে অসমীয়া ভাষাত কেইটামান কথা স্পষ্টৰূপে দেখা যায়। সংস্কৃতত দন্ত্য আৰু মূর্ধন্য ধ্বনিৰ ভিতৰত পাৰ্থক্য আছে। কিন্তু অসমীয়া মান্য ভাষা আৰু কামৰূপী উপভাষাত এই দুয়োবিধ ধ্বনিৰ ঠাইত দন্ত্যমূলীয় ধ্বনিহে শুনা যায়। সংস্কৃতিৰ তালব্য ধ্বনি সেইদৰে অসমীয়া মান্য ভাষা আৰু কামৰূপী উপভাষাত দন্ত্যমূলীয় ধ্বনিত পৰিণত হৈছে। অসমীয়া মান্য ভাষা আৰু কামৰূপী উপভাষাত সংস্কৃতৰ উষ্ম ধ্বনিবোৰ অসংযুক্ত হ’লে সচৰাচৰ ‘স’ ৰূপে উচ্চাৰিত হয়। (গোৱালপৰীয়া ‘দেশীভাষা’ত এই ধ্বনি নাই)। অসমীয়া মান্য ভাষা আৰু কামৰূপী উপভাষাত দেখা এই বৈশিষ্ট্যবোৰৰ গুৰিত তিব্বত-বর্মীয় ভাষাৰ প্ৰভাৱ বুলি ভাষাবিজ্ঞানীসকলে মন্তব্য কৰিছে। “অসমীয়া ভাষাত দ্ৰাৱিড় ভাষাৰ মূর্ধন্য ধ্বনিৰ উচ্চাৰণত বাধা প্ৰদান কৰা প্ৰভাৱৰ ভিতৰত তিব্বতবৰ্মীয় প্ৰভাৱ আছে”। সংস্কৃতত শব্দটো আছিল ‘ঘোটক’। কামৰূপী উপভাষাত শব্দটো ‘ঘৰা’ আৰু মান্য ভাষাত হ’ল ‘ঘোঁৰা’। ইয়াৰ নাম স্বতঃ অনুনাসিকীভৱন। এই প্ৰক্ৰিয়াটোক তিব্বতবৰ্মীয় ভাষাৰ প্ৰভাৱ বুলি স্বীকাৰ কৰা হৈছে।

শব্দৰ গঠন, প্রত্যয় আদিৰ ক্ষেত্ৰতো অসমীয়া ভাষাই সুকীয়া ৰূপ লয়৷ প্ৰথমতে অসমীয়াত নির্দিষ্টকৈ কোনো বস্তু বা মানুহক বুজাবলৈ ব্যৱহাৰ কৰা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰৰ কথা ক’বলগীয়া। এই প্রত্যয়বোৰৰ কিছুমানক কিছুমান শব্দৰ পিছতহে যোগ দিব পাৰি। কিন্তু তাৰ মাজত এটা বিশেষ নিয়ম থকা বুলি কোৱা টান; যেনে— হাতখন, কপালখন, চকীখন, মানুহটো আঙুলিটো। অসমীয়া ভাষাৰ এই বৈশিষ্ট্যটোত চীন-তিব্বতীয় ভাষাৰ প্ৰভাৱ আছে। এইখিনিতে দেউৰী-চুতীয়া ভাষাত যোগ হোৱা নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ কথা উল্লেখ কৰিব পাৰি। যেনে— পেমচু-হাচ্চা (এখিলা পাণ), গুঁই-তিচ্চা (এখন তামোল), য়োগি-কুজা (এখন কটাৰী)। টাই ভাষাতো এই বৈশিষ্ট্য আছে; চাং ছিট্যু (হাতীচাৰিটা), নুক-ট্য (চৰাইটো), ফা-ছিপ-ফুন (কাপোৰ দহখন)। ডিমাছা ভাষাত নির্দিষ্টতাবাচক প্রত্যয় কিছুমান এনে ধৰণৰ— চেমখাইচা (লোণকণ), চিনিখাইচা (চেনিকণ), চামবখাথাই (ঘাঁহকোছা)। কাৰ্বি ভাষাত পোৱা যায়— ৱ’–এজন ‘চৰাই এটা’, ক’ৱে–এপুম, ‘তামোল এটা’, চেক-এফ্লাক ‘বাঁহ এচটা’। 

মিচিং ভাষাত কণী, আলু আদিৰ এটা বুজাবলৈ ‘আপৃ’,টকা আদিৰ ক্ষেত্ৰত এটকা বুজাবলৈ ‘আবাৰ্’ কাগজ আদিৰ ক্ষেত্ৰত এখিলা বুজাবলৈ ‘আবৰ্’,বাঁহ-বেত আদিৰ ক্ষেত্ৰত এডাল বুজাবলৈ ‘আচং’,গছ আদিৰ ক্ষেত্ৰত এজোপা বুজাবলৈ ‘আমৃংক’,আদি প্ৰত্যয়ৰ সংযোগ ঘটোৱা হয়৷ ৰাভা ভাষাৰ নিৰ্দিষ্টতাবাচক প্রত্যয় হ’ল—‘বে’। যেনে—কায়-বে (মানুহজন), পান-বে (গছডাল)। গাৰো ভাষাত এইবিধৰ প্ৰত্যয়বোৰ এনেকুৱা— ‘কিতাপ—কিং-ছা’ (কিতাপ এখন),‘মান্‌দে-চাক-ছা’ (মানুহ এজন),‘গুই ছি-ছা’ (তামোল এখন)। ককবৰক ভাষাত নির্দিষ্টতাবাচক প্রত্যয় কিছুমান এনেধৰণৰ— ‘খেত কান-চ্ছা’ (পথাৰ এখন),‘খুমবাৰচ্ছা’ (ফুল এটা)।

প্ৰতিধ্বন্যাত্মক শব্দৰ ব্যৱহাৰ অসমীয়া ভাষাৰ আন এটা বৈশিষ্ট্য; যেনে— ভাত-চাত, চেনিতেনি। দেউৰী-চুতীয়া ভাষাতো এই নিয়ম আছে; যেনে— চিঙ-পিঙ, নিমখ-চিমখ, বাটিচাটি’। কাৰ্বি ভাষাত এই শ্ৰেণীৰ শব্দবোৰ এনেকুৱা— অক-আক (মাছ-চাছ’), ছক-ছাক (‘ধান-চান’)। বড়ো ভাষাত এই শ্ৰেণীৰ শব্দবোৰ এনেধৰণৰ— মকৱ-চক্ৰৱ (গৰু-চৰু),হিনজার-চিনজার (মাইকী-চাইকী)।

অসমীয়া ভাষাত সম্বন্ধবাচক শব্দৰ পিছত বিভিন্ন পুৰুষ অনুযায়ী বিভিন্ন প্ৰত্যয়বোৰ যোগ হয়; এই প্রত্যয়বোৰক পুৰুষবাচক নিৰ্দিষ্টতাবাচক প্রত্যয় বোলে। যেনে— মোৰ বোপাই, তোৰ বাপেৰ, তোমাৰ বাপেৰা, তাৰ বাপেক। বাণীকান্ত কাকতিয়ে ইয়াত অষ্ট্রিক ভাষাৰ প্ৰভাৱৰ কথা কৈছে। যেনে— 

চাওতালী— 

এঙ্গ-ঞ‘মোৰ মা’
এঙ্গ-ত‘তাৰ মাক’

অসমীয়াত আকৌ বয়স অনুযায়ী সম্বন্ধ বুজাবলৈ বেলেগ বেলেগ শব্দ ব্যৱহাৰ কৰা হয়। যেনে— ককাই-ভাই, ভাই-ভনী, ভিনিহি-বৈনাই। গালং ভাষাত ককাই-ভাই, বাই-ভনী বুজাবলৈ একে ধৰণৰ ব্যৱস্থা দেখা যায়।

আচি‘ককাই’
আবিৰ‘ভাই
আঞি‘বাই
আবিৰ ক্ৰিমে‘ভনী’

নঞ বা নাস্তি অর্থ বুজাবলৈ অসমীয়াত ক্ৰিয়াৰ আগত নাস্ত্যৰ্থক ৰূপ ‘ন’ যোগ হয় আৰু ধাতুটোৰ প্ৰথম স্বৰধ্বনি অনুযায়ী ‘ন’ৰ ‘অ’ স্বৰ ধ্বনিৰ সমীভৱন হয়, যেনে— নমৰে, নামাৰে/নেমাৰে, নুশুনে ইত্যাদি। অসমীয়া ভাষাৰ এই বৈশিষ্ট্যটো সম্পূৰ্ণৰূপে চীন-তিব্বতীয় ভাষাৰ প্ৰভাৱত গঢ়ি উঠা। এইক্ষেত্ৰত বড়ো, গাৰো, দেউৰী, ৰাভা, টাই, নগা আদি ভাষাৰ বৈশিষ্ট্যলৈ আঙুলিয়াব পাৰি— চীন তিব্বতীয় ভাষাবোৰত নাস্ত্যৰ্থক ৰূপ দুই ধৰণৰ। এবিধ সাধাৰণ ৰূপৰ নাস্ত্যৰ্থক আৰু আনবিধ অনুজ্ঞাসূচক নাস্ত্যৰ্থক ৰূপ। বড়ো-কছাৰী ভাষাত অনুজ্ঞাসূচক নাস্ত্যৰ্থক ৰূপ হ’ল দা; যেনে—দা-থাত্‌ (‘নাযাবা’) আৰু সাধাৰণ ৰূপৰ নাস্ত্যৰ্থক ৰূপ হ’ল— আ; যেনে— আঙহা ফয়চা গয়া (‘মোৰ পইচা নাই’)। গাৰো, ডিমাছা আৰু দেউৰী ভাষাতো অনুজ্ঞাসূচক নাস্ত্যৰ্থক ৰূপ হ’ল ‘দা’; যেনে— গাৰো— দাস্ত (‘থুই নেপেলাবা’);ডিমাছা— দাথাং (নাযাবা); দাদাং (নকৰিবা),দেউৰী— দাহা (‘নাখাবা’), ৰাভা ভাষাত অনুজ্ঞাসূচক নাস্ত্যৰ্থক ৰূপ হ’ল— ‘টা’। যেনে—টা-ৰেং (নাখাবা),টা-খাৰ (নকৰিবা)। অসমীয়াৰ ভাষাৰ নাস্ত্যৰ্থক ক্ৰিয়া-ৰূপৰ আন বৈশিষ্ট্যটো চীন-তিব্বতীয় ভাষাত পোৱা যায়৷ এইক্ষেত্ৰত বিশেষভাৱে উল্লেখ কৰিবলগীয়া হৈছে আহোম আৰু আও-নগা ভাষা। 

আহোম ভাষাত নাস্ত্যৰ্থক ৰূপটো অকল ক্রিয়া-ৰূপৰ আগতেই নবহে, ধাতুটোৰ প্রথম স্বৰ-ধ্বনি অনুযায়ী তাৰ সমীভৱনো হয়। উদাহৰণ— মা-তঙ > মতঙ (নুবুজোঁ), মাকিন > মিকিন (নাখাওঁ),মা-লুক > মুলুক (নুঠো)।

অসমীয়া ভাষাৰ ‘বোৰ’ আৰু ‘বিলাক’ এই বহুবচনৰ প্ৰত্যয় দুটাৰ মূল চীন-তিব্বতীয় ভাষা : “বিলাক শব্দ মিচিমি কা-ফ্লাক (সকলো) শব্দৰ পৰা ওলোৱাটো বেছি সম্ভৱ। কা-ফ্লাক মিজু-মিচমি ভাষাৰ বহুবচনৰ প্ৰত্যয় বা চিন। এনে অনুমান কৰিব পাৰি যে গাৰো ‘ফিলাক’ আৰু মিচমি ‘কা-ফ্লাক’ একে শব্দ। ‘বোৰ’ প্রত্যয় বড়ো কছাৰী ‘ফোৰ’ প্রত্যয়ৰ পৰা অহা।

বড়ো ঃ মানসি-ফোৰ (মানুহবোৰ), নো-ফোৰ (ঘৰবোৰ)। কথা-গুৰুচৰিতত ‘ভোৰ’ পোৱা যায়; যেনে— সৰুভোৰ৷ বৰঞ্জীত বোৰ:(ইবোৰেও), ভোৰ (ইভোৰে), বোলাক (ইবোলাকে) আদিৰ ব্যৱহাৰ দেখা গৈছে। বোৰ + গিলাক > বোলাক > বিলাক এই ধৰণেও ‘বিলাক’ প্রত্যয়টোৰ ব্যাখ্যা দেখুৱাব পাৰি। অসমীয়া ভাষাত লিংগভেদ বুজাবলৈ অৱলম্বন কৰা তিনিটা উপায়ৰ ভিতৰত এটা হৈছে কিছুমান পুৰুষ আৰু স্ত্ৰী বুজোৱা, মুক্ত ৰূপৰ ব্যৱহাৰ; যেনে— মতা ম’হ, মাইকী ম’হ, মতা মানুহ, মাইকী মানুহ। এই প্রথাটো তিব্বতবর্মীয় ভাষাৰ ক্ষেত্ৰত দেখা যায়।

অসমীয়া ভাষাটো প্ৰধানকৈ পৰ-প্ৰত্যয় প্রধান ভাষা। কিন্তু দুই-এঠাইত মধ্য-প্রত্যয়ৰ ব্যৱহাৰ আছে; যেনে— কিতাপ, কিতাপখন, কিতাপকেইখন, মানুহ, মানুহজন, মানুহকেইজন, মানুহ কেই-বা-জন; মানুহ, মানুহবোৰ, মানুহ কেতবোৰ। অসমীয়া ভাষাত মধ্য-প্ৰত্যয়ৰ ব্যৱহাৰৰ ক্ষেত্ৰত জনজাতীয় ভাষাৰ প্ৰভাৱৰ কথা ক’বই লাগিব। অসমীয়া ভাষাৰ পেখম, লেহেম, লোধোমা আদি শব্দৰ ‘ম-মা’ অংশ; ধেপেচা, ৰঙচুৱা আদি শব্দৰ চা/চু অংশ বড়ো ভাষাৰ পৰা অহা। দুই-এঠাইৰ বাহিৰে অসমীয়াত সচৰাচৰ বিশেষ্য শব্দটো স্ত্ৰী-লিংগৰ হ’লেও বিশেষণ শব্দটো স্ত্ৰী-লিংগৰ নহয়; যেনে— ভাল ল’ৰা, ভাল ছোৱালী । ইয়াত তিব্বতবর্মীয় ভাষাৰ প্ৰভাৱৰ কথা কোৱা হৈছে। অসমীয়া ভাষাত পঞ্চমী বিভক্তি নাই। ষষ্ঠী বিভক্তি ‘ৰ’ ৰ পাছত ‘পৰা’ এই পৰসৰ্গটো যোগ দি. অপাদানৰ অৰ্থ প্ৰকাশ কৰা হয় । জনজাতীয় ভাষাত এই বৈশিষ্ট্যটো পোৱা যায়। এইক্ষেত্ৰত ডিমাছা ভাষাটো মন কৰিবলগীয়া। ডিমাছাত ‘আঞ্চা’ মানে ল’ৰা, ‘আঞ্চানি’ মানে ল’ৰাৰ, ‘আঞ্চানি প্ৰাং’ মানে ল’ৰাৰ পৰা; সেইদৰে বো মানে ‘সি’, বোনি মানে ‘তাৰ’।

বড়ো ভাষাত—

নো(ঘৰ)
নোনি(ঘৰৰ)
নোনি ফ্রাই(ঘৰৰ পৰা)

ৰাভা ভাষাত—

আং(মই)
আং-ই (মোৰ)
আং-ই-পাৰা(মোৰ পৰা)
চিং(আমি)
চিংই(আমাৰ)

অসমীয়া ভাষাত পৰসৰ্গৰ যথেষ্টৰূপে ব্যৱহাৰ হয়। তিব্বতবৰ্মীয় ভাষাতো বিশেষ্যবাচক পৰসৰ্গ কিছুমান এনেধৰণৰ—

অসমীয়াককবৰক
বজাৰৰ পৰাবাজাৰ-নি-থানি
মেজৰ তলততে’বুল-নি-তলা
মোৰ লগতআ-নি-লগে

অসমীয়া ক্রিয়াবাচক পৰসৰ্গ দে/দেইৰ ক্ষেত্ৰত ডিমাছা ভাষাৰ ‘দউ’ জিলাই দউ (খোৱা দেই) ৰ কথা মনলৈ আহে। অসমীয়া বাক্যৰ শব্দ ক্ৰমেৰে সৈতে তিব্বতবৰ্মীয় ভাষাৰ বাক্যৰ শব্দ ক্ৰমৰ মিল দেখা যায়। সাধাৰণতে কর্তা-কর্ম-ক্রিয়া এই ক্ৰমতে বাক্য সজা হয়। মিচিংঃ ঙ আপিন দদ (মই ভাত খাওঁ)। অৱশ্যে অসমীয়া ভাষাৰ সকলো বাক্যত ক্ৰিয়াৰূপৰ প্ৰয়োগ নহয়; যেনে— এইটো কাৰ ঘৰ; তোমাৰ নাম কি? চীন-তিব্বতীয় ভাষাত এই বৈশিষ্ট্যটো পোৱা যায়ঃ দেউৰীঃ নিয় মু দামদি (তোমাৰ নাম কি)। খামটি ভাষাতঃ চিচ মউ ৱাহিনে (নাম তোমাৰ কি)। বড়ো ভাষাতঃ আত্ম মানসি (মই মানুহ); ৰামা গোথো (ৰাম সৰু ল’ৰা); মান্‌সিয়া গাজৰি (মানুহটো বেয়া)। অসমীয়া ভাষাত সংযুক্ত শব্দৰ ব্যৱহাৰ যথেষ্টৰূপে পোৱা যায়। ইয়াতো জনজাতীয় ভাষাৰ প্ৰভাৱৰ কথা চিন্তা কৰিব পাৰি। গালং ভাষাত এই বৈশিষ্ট্যটো আছে। উদাহৰণঃ আমবিন্— আম (ধান-চাউল),হমেন-পেত্তা (পশু-পক্ষী), ঞিল-ঞিমে (স্ত্ৰী পুৰুষ),দঞি-পল (চন্দ্ৰ-সূর্য), ইচি-এমে (জুই-পান) ইত্যাদি।

১৪৷ অসমীয়া ভাষাৰ বৈশিষ্ট্যমূলক সম্ভাৱ্য কাৰণৰ ক্ষেত্ৰত তিব্বতবৰ্মীৰ প্ৰভাৱৰ কথা উল্লেখ কৰা।

উত্তৰঃ অসমীয়া ভাষাৰ বৈশিষ্ট্যমূলক উচ্চাৰণৰ সম্ভাৱ্য কাৰণ—

(ক) সংস্কৃত তালব্য ব্যঞ্জনৰ অসমীয়াত দন্ত্যমূলীয় উচ্চাৰণঃ সংস্কৃতৰ তালব্য স্পর্শ ব্যঞ্জনসমূহ অসমীয়াত দন্ত্যমূলীয় হিচাপে উচ্চাৰিত হয়, অর্থাৎ সংস্কৃতৰ গুণ অসমীয়াত লোপ হৈছে । যি মাগধী প্রাকৃতৰ পৰা অসমীয়া ভাষাৰ বিকাশ হৈছে বুলি অনুমান কৰা হৈছে সেই মাগধী প্রাকৃতত সংস্কৃতৰ তালব্য ধ্বনিবোৰ তালব্য-খৃষ্ট (Palatal affricate) অর্থাৎ চ + শ এই দুই ধ্বনিৰ মিলিত উচ্চাৰণ হৈছে বুলি ভবা হৈছে আৰু এই বৈশিষ্ট্যটো মাগধীৰ পৰা বিকাশ হোৱা বাংলা, মৈথিলী, মগহী আৰু ভোজপুৰী ভাষাত ৰক্ষিত হৈছে। কিন্তু উড়িয়া, পূব আৰু উত্তৰ-বংগৰ উপভাষাত আৰু অসমীয়া ভাষাত সুকীয়া ধৰণে আত্মপ্ৰকাশ কৰিলে। উড়িয়াত দন্ত্যমূলীয়-তালব্য-খৃষ্ট ধ্বনিত পৰিণত হ’ল; আনহাতে অসমীয়াত দন্ত্যমূলীয় উষ্ম ধ্বনি হিচাপে উচ্চাৰিত হ’ল। [ চ, ছ = S, জ, ঝ = Z] তালব্য গুণ অথবা মাগধীৰ তালব্য-খৃষ্টৰ গুণ ৰক্ষিত নহৈ

অসমীয়াত এনেদৰে মূল সংস্কৃতৰ দন্ত্যমূলীয় উষ্মত পৰিণত হোৱাৰ কাৰণ কি সেই সম্পর্কে নিশ্চিতভাৱে একো ক’ব নোৱাৰি যদিও তিব্বতবৰ্মী ভাষাৰ উচ্চাৰণৰ প্ৰভাৱ থাকিব পাৰে বুলি অনুমান কৰিব পাৰি। অসমত প্রচলিত তিব্বতবৰ্মীৰ ভাষাৰ অন্তৰ্গত বড়ো ভাষা পৰিয়ালৰ বিভিন্ন ভাষাসমূহত চ, জৰ তালব্য-খৃষ্ট উচ্চাৰণ পোৱা নাযায়; পালেও সি উপভাষিক বৈশিষ্ট্য বুলিহে ক’ব পাৰি, বৰং সকলো ক্ষেত্ৰত এনে ধ্বনি দন্ত্যমূলীয় উষ্ম হিচাপেহে উচ্চাৰিত হয়।

‘দেউৰী ভাষাৰ বিশ্লেষণ’ শীর্ষক আলোচনাত ড° উপেন্দ্রনাথ গোস্বামীয়ে দেউৰী ভাষাতো তালব্য-খৃষ্টৰ অস্তিত্বৰ কথা উল্লেখ কৰা নাই। এনেকৈ বৰ্মীয় (Burmese) আৰু তিব্বতী (Tibetan) ভাষাতো সংস্কৃত শব্দত থকা চ, ছ, জ, ঝ লিপ্যন্তৰ (Transliteration) কৰোঁতে সেই ভাষাৰ উচ্চাৰণ প্ৰকৃতি অনুসাৰে দন্ত্য-উষ্ম হিচাপেহে চিহ্নিত কৰা হয় ৷ গতিকে সিদ্ধান্ত কৰিব পাৰি যে তিব্বতবৰ্মী ভাষাৰ দন্ত্যমূলীয় উষ্ম উচ্চাৰণে অসমীয়া ভাষাত সংস্কৃতৰ তালব্য উচ্চাৰণক দন্ত্যমূলীয় উষ্মত পৰিণত কৰিছিল। উত্তৰ আৰু পূব বংগৰ উপভাষাত এইবিলাকৰ উচ্চাৰণ দন্ত্য-খৃষ্ট ৰক্ষিত হোৱাৰ কাৰণ হয়তো বাংলা ভাষাত তালব্যখৃষ্ট হিচাপে উচ্চাৰণ হোৱাৰ প্ৰভাৱ; তথাপিতো উচ্চাৰণৰ স্থান তালব্যৰ পৰা দন্ত্যলৈ অহাত তিব্বতবৰ্মীৰ উচ্চাৰণৰ প্ৰভাৱ অস্বীকাৰ কৰিব নোৱাৰি। 

কিন্তু অসমত বিপুল সংখ্যক তিব্বতবৰ্মী জনসাধাৰণৰ মাজতে অসমীয়া ভাষাৰ বিকাশ হোৱাৰ কাৰণে আৰু এক বৃহৎ সংখ্যকে ৰাজনৈতিক বা সামাজিক কাৰণত অসমীয়া ভাষা গ্ৰহণ কৰাৰ কাৰণে এইসকলৰ নিজস্ব উচ্চাৰণ বৈশিষ্ট্যৰে মূলৰ তালব্য বা মাগধীৰ তালব্য-খৃষ্টৰ উচ্চাৰণ লোপ পাই দন্ত্যমূলীয় উষ্মত পৰিণত হ’ল। দন্ত্যমূলীয় উষ্ম হিচাপে উচ্চাৰণ হোৱাতো খ্ৰীষ্টীয় সপ্তম শতিকাৰ পূৰ্বতে উচ্চাৰণ হয় বুলি হিউৱেন চাঙৰ প্ৰাচীন কামৰূপৰ ভাষা সম্পৰ্কে কৰা উক্তিৰ জৰিয়তে আৰু খ্ৰীষ্টীয় সপ্তম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰতে প্ৰাচীন কামৰূপৰ ৰজাসকলৰ ভূমিদান তামৰ ফলিত সংস্কৃত শব্দত ‘জ’আৰু ‘ঝ’ৰ যথেষ্ট ব্যৱহাৰৰ জৰিয়তে অনুমান কৰিব পাৰি।

(খ) সংস্কৃতৰ দন্ত্য আৰু মূর্ধন্যৰ উচ্চাৰণ দন্ত্যমূলীয় হিচাপে উচ্চাৰিতঃ সংস্কৃতৰ দন্ত্য আৰু মূর্ধন্য ব্যঞ্জনৰ উচ্চাৰণৰ পাৰ্থক্য অসমীয়াত লুপ্ত হৈ, এই দুই প্ৰকাৰৰ ধ্বনি অসমীয়াত একোটা প্ৰকাৰেৰে অৰ্থাৎ দন্ত্যমূলীয় হিচাপে উচ্চাৰিত হয়। অথচ অসমীয়াৰ সহোদৰ স্থানীয় বাংলা আৰু উড়িয়াত এই দুই প্ৰকাৰৰ উচ্চাৰণ প্ৰায় মূলৰ দৰে ৰক্ষিত। অসমীয়াত পৰিৱেশজনিত কাৰণত কোনো কোনো শব্দত সামান্য মূর্ধন্য উচ্চাৰণ অনুভূত হ’লেও প্ৰকৃততে সংস্কৃতৰ দন্ত্য-মূর্ধন্যৰ উচ্চাৰণ দন্ত্যমূলীয়হে। উদাহৰণস্বৰূপে— তৰা/তধা, পতুৱা/পতাকা, খুত/তত্, টকা/টনা, ফটিকা/পটুতা, পিট্/পট আদি শব্দবোৰৰ বানানত আদি-মধ্য-অন্ত্য স্থানত দন্ত্য আৰু মূর্ধন্য দুই বিধ আখৰ ব্যৱহাৰ কৰা হৈছে যদিও উচ্চাৰণ কিন্তু সকলো স্থানতে একে; অর্থাৎ ‘ত’ আৰু ‘ট’ উচ্চাৰণত জিভাৰ আগে দন্ত্যমূলত একে ধৰণেৰে স্পৰ্শ কৰে; উচ্চাৰণ স্থানৰ কোনো পৰিৱৰ্তন হোৱা নাই। 

এনেদৰে সংস্কৃতৰ দন্ত্য আৰু মূর্ধন্য উচ্চাৰণৰ পাৰ্থক্য লোপ হৈ দন্ত্যমূলীয় হিচাপে একেজাতীয় উচ্চাৰণ হোৱাতো ভাৰতীয় আর্য-ভাষাসমূহৰ ভিতৰত অসমীয়া ভাষাৰ এক বৈশিষ্ট্য। এনে উচ্চাৰণ বৈশিষ্ট্যৰ মূলতে অসমত প্রচলিত তিব্বতবর্মী ভাষাসমূহৰ প্ৰভাৱ আছে বুলি সকলো বিশিষ্ট ভাষাতাত্ত্বিক পণ্ডিতে স্বীকাৰ কৰিছে। অসমীয়াৰ গাতে লাগি থকা তিব্বতবৰ্মীৰ অন্তৰ্গত বড়ো, গাৰো, ডিমাছা, দেউৰী বা চুতীয়া, টিপ্ৰা আদি ভাষাসমূহৰ এতিয়ালৈকে যিখিনি ধ্বনিতাত্ত্বিক বিশ্লেষণ হৈছে সেইখিনিৰ কোনোটোতে দন্ত্য বা মূর্ধন্য ধ্বনিৰ অস্তিত্বৰ কথা কোৱা হোৱা নাই; এনেকৈ অসমৰ দাঁতিকাষৰীয়া তিব্বতবর্মী ভাষাসমূহতো দন্ত্য বা মূর্ধন্য ধ্বনি নাই; আছে দন্ত্যমূলীয় উচ্চাৰণহে। R. S.Endle-য়ে ‘Outline grammar of the Kachari (Bārā ) Language’ নামৰ ঊনবিংশ শতিকাৰ শেষ ভাগত প্ৰণয়ন কৰা গ্ৰন্থখনিত বড়ো ভাষাত মূর্ধন্য ধ্বনিৰ অস্তিত্বৰ কথা উল্লেখ কৰিছিল যদিও তেনে উল্লেখক বিজ্ঞানসন্মত বিশ্লেষণেৰে সিদ্ধান্ত কৰা বুলি ক’ব নোৱাৰি৷ এনে ধ্বনি আছে বুলি মানি ল’লেও সি ‘বিশিষ্ট’ নহয়, বৰং আঞ্চলিক উচ্চাৰণৰহে বৈশিষ্ট্য। কাৰণ আঞ্চলিক উচ্চাৰণত ‘দ’ ধ্বনি কেতিয়াবা বিকল্পে দন্ত্যমূলীয় ‘ৰ’ উচ্চাৰণ হৈ সামান্য মূর্ধন্য জাতীয় হয়, কিন্তু বিশুদ্ধ মূর্ধন্য নহয়। 

কিন্তু অন্যান্য দন্ত্যমূলীয় উচ্চাৰণৰ ক্ষেত্ৰত এনে বৈশিষ্ট্য দেখা নাযায়। গ্ৰীয়াৰ্ছনেও ‘Linguistic Survey of India’- ত বড়ো ভাষা পৰিয়ালৰ (Bodo group of Language) ভাষাসমূহৰ আলোচনা প্রসংগত দন্ত্যমূলীয় ধ্বনি থকাৰ কথাকে উল্লেখ কৰি গৈছে— “Throughout all the languages of this group dental consonants are pronounced as semicerebrals as in English”. গ্ৰীয়াৰ্ছনে ‘Semi-cerebral’ বা অর্ধ মূর্ধন্য অৰ্থৰে দত্ত স্পৰ্শ নকৰা, মূৰ্ধা স্পৰ্শ নকৰা মধ্যৱৰ্তী অংশ অর্থাৎ দন্ত্যমূল স্পৰ্শ কৰি উচ্চাৰণ কৰা। ইংৰাজী t,d যিদৰে উচ্চাৰিত হয় তেনেদৰে উচ্চাৰণ কৰাৰ কথাকে বুজাইছিল বুলি ক’ব পাৰি অৰ্থাৎ দন্ত্যমূলীয় হিচাপে উচ্চাৰণ কৰাৰ কথাকে বুজাইছিল। 

ইয়াৰ বাহিৰেও অন্য এক মন কৰিবলগীয়া কথা হ’ল যে— বড়ো পৰিয়ালৰ ভাষাসমূহৰ ধ্বনি-সংস্থান বিশ্লেষণ কৰি ১৫টা বিশিষ্ট ধ্বনি (Phoneme) উচ্চাৰিত হয় বুলি সিদ্ধান্ত কৰিব পাৰিঃ এই ১৫টা বিশিষ্ট ব্যঞ্জন ধ্বনিৰ ভিতৰত দন্ত্যমূলীয় ধ্বনিৰ সংখ্যাই সৰ্বাধিক ৫টা। অসমীয়াতো অৰ্ধ-স্বৰ দুটা বাদ দি বিশিষ্ট ব্যঞ্জন ২১টাৰ ভিতৰত দন্ত্যমূলীয় ধ্বনিৰ সংখ্যাই সর্বাধিক ৯টা। এনে দন্ত্যমূলীয় ধ্বনি অসমীয়াত সৰ্বাধিক হোৱাত বড়ো পৰিয়ালৰ ভাষাসমূহৰ উচ্চাৰণ প্ৰভাৱ অস্বীকাৰ কৰিব নোৱাৰি। সেয়েহে তিব্বতবৰ্মীৰ অন্তৰ্গত বড়ো পৰিয়ালৰ ভাষাসমূহৰ দন্ত্যমূলীয় উচ্চাৰণ বৈশিষ্ট্যই অসমীয়া ভাষাত সংস্কৃতৰ দন্ত্য আৰু মূর্ধন্য ধ্বনিৰ উচ্চাৰণক দন্ত্যমূলীয় কৰি তোলাত বৰঙণি যোগাইছিল বুলি ভাবিবৰ অৱকাশ আছে।

(গ) অল্পপ্রাণ ব্যঞ্জন মহাপ্রাণ হিচাপে ব্যৱহাৰৰ ক্ষেত্ৰত : প্রাকৃতৰ উপৰি সকলোবোৰ নব্য ভাৰতীয় আর্যভাষাত সংস্কৃতৰ অল্পপ্রাণ ব্যঞ্জন মহাপ্রাণ ব্যঞ্জনলৈ পৰিৱৰ্তন হোৱা দেখা যায়। ড° সুনীতি কুমাৰ চট্টোপাধ্যায়ে মহাপ্রাণতাৰ মূলতে ‘ধবন্যাত্মকৰ ভাৱ আৰু অন্য ৰূপৰ সৈতে এক মিশ্ৰণ বুলি অভিমত আগবঢ়াইছে।’ এইক্ষেত্ৰত দ্ৰাৱিডী ভাষাসমূহৰ প্ৰভাৱৰ কথাও অস্বীকাৰ কৰিব নোৱাৰি। দ্রাৱিড়ীয় ভাষাত সংস্কৃতৰ স্পৰ্শ ধ্বনিসমূহ সামান্যভাৱে মহাপ্রাণিত হয়, বিশেষকৈ তামিল ভাষাত শব্দৰ আৰম্ভণিত প্ৰৱল শ্বাসাঘাতৰ কাৰণে অল্পপ্রাণ ধ্বনিসমূহৰ মহাপ্ৰাণত পৰিণত হোৱাৰ প্ৰৱণতা অধিক। সেয়েহে প্রাকৃত অথবা আধুনিক ভাৰতীয় ভাষাসমূহৰ মহাপ্ৰাণতাত দ্ৰাৱিড়ী ভাষাৰ প্ৰভাৱো থাকিব পাৰে বুলি অনুমান কৰিব পাৰি ৷

অসমীয়াত সংস্কৃতৰ অল্পপ্রাণ ধ্বনি মহাপ্রাণতাত পৰিণত হোৱাৰ কাৰণ কি নিশ্চিতভাৱে ক’ব নোৱাৰি যদিও বড়ো ভাষা-পৰিয়ালৰ ভাষাসমূহৰ কিছু প্ৰভাৱ থাকিব পাৰে বুলি ড° বাণীকান্ত কাকতিয়ে অনুমান কৰিছে আৰু অন্য পণ্ডিতৰ প্ৰাসংগিক উক্তিয়েও এনে অনুমানৰ সপক্ষে যুক্তি আগবঢ়াব পাৰে। গ্ৰীয়াৰ্ছনেও উল্লেখ কৰিছে যে যদিও বড়ো, গাৰো আদি ভাষাবোৰত মহাপ্রাণ ধ্বনি নাই তথাপি শব্দৰ প্ৰথম অক্ষৰত প্ৰৱল শ্বাসাঘাত পৰাৰ কাৰণে এই ভাষাবোৰত ক, ত, প প্রায়ে মহাপ্রাণ খ, থ, ফ হিচাপে উচ্চাৰিত হয়। এনে কাৰণতো বড়ো ভাষাত সংস্কৃতৰ পৰা যোৱা পিষ্টক, প্রস্তাৰ, পুষ্কৰ, প্ৰৱাল আদি অল্পপ্রাণযুক্ত শব্দবিলাক উচ্চাৰিত হয়— ফিঠা, ফ’থাৰ, ফোৰি, ফুৱাল এনেদৰে; মধ্যৱৰ্তী অৱস্থানতো মহাপ্রাণহীন সংস্কৃত শব্দ মহাপ্রাণ হিচাপে উচ্চাৰিত হয়। যেনে— ইষ্টক > ইথা। ইয়াৰ বাহিৰেও এটা মন কৰিবলগীয়া কথা হ’ল যে বড়ো ভাষাৰ পৰা অহা বুলি অনুমান কৰা বহুতো শব্দ অসমীয়াত মহাপ্রাণ ধ্বনিৰে উচ্চাৰিত হয় ৷ যেনে—

অসমীয়া বড়ো
ফটিকাফিথিকা
হাফঁলুহাফৌ
খোকাখোখা
লফালফা
থোঁতাথোলা; ইত্যাদি

গতিকে অসমীয়াৰ মহাপ্ৰাণতাত বড়ো ভাষাৰ প্ৰভাৱৰ কথা নুই কৰিব নোৱাৰি৷

১৫। অসমীয়া ভাষাত টাই-আহোম ভাষাৰ প্ৰভাৱ কেনেদৰে পৰিছে? আলোচনা কৰা ৷ 

উত্তৰঃ পৃথিৱীৰ ভাষাগোষ্ঠীসমূহৰ ভিতৰত অন্যতম সু-বৃহৎ ভাষাগোষ্ঠী হ’ল চীন-তিব্বতীয়। এই ভাষাগোষ্ঠীটোক দুটা ভাগত ভাগ কৰা হৈছে — থাই-চীনীয় বা শ্যাম-চীনীয় আৰু তিব্বতবর্মী। থাই-চীনীয় বা শ্যাম-চীনীয় শাখাৰ প্ৰধান উপশাখা টাই বা থাই। টাই উপশাখাৰ অন্তর্গত ভাষাসমূহ হ’ল— খামতি, নৰা, আইতনিয়া, লাও, আহোম ইত্যাদি। আহোমসকলৰ

আদি বাসস্থান সম্পর্কে পণ্ডিতসকল একমত হ’ব পৰা নাই যদিও বেছিভাগ পণ্ডিতৰেই মত হ’ল যে আহোমসকল আদি দক্ষিণ-পশ্চিম চীনত আছিল আৰু খৃঃপূৰ্ব দ্বিতীয় শতিকাতে অন্য ঠাইলৈ তেওঁলোকৰ প্ৰব্ৰজন আৰম্ভ হৈছিল। টাইসকলৰ মূল ভাগ হ’ল— থাই, ধাইমাও আৰু শান ৷ এওঁলোকৰ এটা অংশই সম্ভৱতঃ খ্ৰীষ্টীয় সপ্তম শতিকাতেই অসমত প্ৰৱেশ কৰিছিল। খ্ৰীষ্টীয় ১২২৮ চনত চুকাফাৰ নেতৃত্বত অসমত সোমোৱা দলটোৱে উজনি অসমৰ কিছু অংশ নিজৰ অধীন কৰি অসমত আহোম ৰাজত্বৰ পাতনি মেলে আৰু এই বংশই ছশ বছৰ ৰাজত্ব কৰে।

অসমৰ অন্যান্য অনা-আর্য ভাষাৰ তুলনাত অসমীয়া ভাষালৈ আহোমসকলৰ বৰঙণি নিচেই সামান্য ৷ গ্ৰীয়াৰ্ছনৰ মতে, আহোমসকল সংখ্যাগতভাৱে খুব কম আছিল আৰু পিছত নিজেই অসমীয়া গ্ৰহণ কৰাত আহোম ভাষাৰ প্ৰভাৱ আশা কৰা ধৰণে নপৰিল। ড° কাকতিৰ মতে আহোমসকলে ব্যৱসায়-বাণিজ্য নকৰিছিল আৰু পৰাপক্ষত একেলগে একে ঠাইতে থুপ খাই বাস কৰাৰ পক্ষপাতী আছিল। ব্যৱসায়- বাণিজ্যৰ যোগেদি এটা ভাষাৰ শব্দ আন এটা ভাষালৈ বাগৰে।

আহোম ভাষাৰ প্ৰভাৱ অসমীয়াত কম হোৱাৰ কেইবাটাও কাৰণ আছে। সেইবোৰ হ’ল—

(ক) আহোমসকলে লগত তিৰোতা মানুহ অনা নাছিল। ইয়াৰে থলুৱা ছোৱালী বিয়া কৰাই সম্বন্ধ স্থাপন কৰিছিল। ড° জে-এ ছাৰ্দে অন্য প্রসংগত এঠাইত কৈছে যে— বিজেতা, শাসক গোষ্ঠীয়েও সংখ্যাগতভাৱে সীমিত হ’লে আৰু মূল মাতৃভূমিৰ পৰা বিচ্ছিন্ন হৈ শাসিত জাতিৰ লগত সঘন বৈবাহিক সম্পৰ্ক কৰিলে নিজৰ ভাষা শাসিতৰ ওপৰত জাপি দিব নোৱাৰিব পাৰে ৷

(খ) শাৰীৰিকভাৱে সবল যুদ্ধবিদ্যাত পাকৈত যদিও আহোমসকল বিজিত জাতিটো সম্ভৱতঃ সাংস্কৃতিকভাৱে উন্নত নাছিল। তদুপৰি শাসিত মানুহবোৰ বিভিন্ন ভাষাগোষ্ঠীৰ আছিল। ইতিমধ্যে উমৈহতীয়া ভাষাৰূপে থকা অসমীয়াকে তেওঁলোকে চলাবলৈ লৈছিল। 

(গ) পিছলৈ আহোমসকলে হিন্দু ধৰ্ম গ্ৰহণ কৰে আৰু অসমীয়াকে মাতৃভাষা হিচাপে গ্ৰহণ কৰাত আহোম ভাষাৰ মৰ্যাদা ৰাজসভাত নাথাকিল ৷

আহোম ভাষাৰ ভালেমান শব্দই অসমীয়া ভাষাৰ শব্দভাণ্ডাৰ চহকী কৰিছেহি। তেনেধৰণৰ শব্দসমূহ হ’ল— খাং, ফাং, ফাউ, লাং, পাঙ, পিং, পুং, চকলং, জাপ্, পম্, ফুট, কাকিনী, কেৰু, খাপ, খেদ, খোৰোং, জান, জিন, বুৰঞ্জী, কাৰেং, ৰংঘৰ, টুপ, ডোঙা, লিকচৌ, থাপ, হাই, চিপ, চুপ্, খুতুৰা, চোক, আফু, টাপলি, ৰিং, ৰিহা, হিলৈ, হেংদান, লিগিৰী ইত্যাদি।

টাই ভাষাৰ অন্তৰ্গত খামতি ভাষাৰ বহুতো শব্দ অসমীয়ালৈ আহিছে। যেনে— ফই (ডাঙৰ ৰছী), ফাঁই (খামতিত ফাই মানে জুই), ফাক (দাৰ), মান (ব্ৰহ্মদেশৰ লোক), মিট (দা), টকৌ ইত্যাদি।

‘টি’ বা ‘তি’-ৰে গঠিত স্থানবাঁচক শব্দ কিছুমান টাই আহোম ভাষাৰ পৰা অসমীয়া ভাষালৈ আহিছে বুলি ধৰা হয় । যেনে— টিয়ক, টিপাম, টিংখাং, টিৰাপ আদি স্থানবাচক শব্দসমূহ। ড° বাণীকান্ত কাকতিয়ে ‘অসম’ শব্দটোৰ মূল ‘টাই’ ভাষাৰ ‘শ্বাম্‌’ ধাতু বুলি কৈছে। টাই ভাষাৰ অন্তৰ্গত ফৈদ, যেনে— নৰা, টুৰুং, ফাকিয়াল, আইতনিয়া এই লোকসকলৰ মাজত নিজস্ব ভাষাটো কিছু পৰিমাণে সংৰক্ষণ হৈ আছে যদিও সৰহ সংখ্যক লোকেই অসমীয়া ক’ব পাৰে। ‘টাই’ শাখাৰ আহোমভাষী লোকসকলে শব্দৰ আদ্য অৱস্থানত থকা পশ্চ তালব্য উষ্ম ধ্বনিকেইটা ‘হ’ হিচাপে উচ্চাৰণ কৰে। যেনে— হত্যে হত্যে (সত্যে, সত্যে, হইচ (শইচ) ইত্যাদি । আনফালে আহোম বা আন তিব্বতবর্মীয় ভাষাত ‘খ’ ধ্বনিহে উচ্চাৰণ হয়। যেনে— বিখ (বিষ), অখম (অসম) ইত্যাদি। –

Ahom Lexicon নামৰ গ্ৰন্থত আহোম ভাষাৰ ভালেমান শব্দ অসমীয়া ভাষাত পোৱা যায়। বুলি উল্লেখ আছে। লীলা গগৈয়ে আহোম ভাষাৰ পৰা অহা কিছু অসমীয়া শব্দৰ এখন সৰু তালিকা কৰিছিল। তাৰে পৰা কিছু উদাহৰণ দিয়া হ’ল—টুপ (ঘৰৰ ওপৰৰ আগভাগ),ৰাপ (অনুৰাগ), চুট (গৰুৰ চুট), ভঁৰিক (উঁৰিক চৰাই),ওলম (ওলমি থকা),চাং (শুবলৈ বা থ’বলৈ বাঁহেৰে ওখকৈ সাজি উলিওৱা ব্যৱস্থা),হুকহুক (শব্দ কৰি কন্দা),ডাক (কামোৰা বা দংশন কৰা),জাপ (ভাঁজ কৰা),ডোং (পানী জমা হোৱা ঠাই),বেঙা (অকঁৰা),বেবা (চিঞৰা), বান (খুৰা লগোৱা ওখ পাত্ৰ),ফাট (হাট বহা বা কৰ লোৱা ঠাই),পম (গলি যোৱা),টিপ (হেঁচি বহুৱাই দিয়া), টং (গমি চোৱা),লিকচৌ (লগুৱাৰ লগৰ),পুং (খনি),ফুট (অৱস্থাৰ জোখ),হাই (কাজিয়া), খাং (বাঁহেৰে সজা বস্তু ৰখা সঁজুলি), ফাঁই (খং)। 

টাই আহোমসকলৰ ভাষাটো যদিও কথিত ৰূপত নাই। কিন্তু ইয়াৰ প্ৰভাৱে উজনি অসমৰ লোকসকলৰ কথন শৈলীৰ লগতে অসমীয়া মান্য ভাষাটোত যথেষ্ট প্রভাৱ পেলাইছে। উজনি অসমত কথিত অসমীয়া ভাষাটো টাই গন্ধী; উদাহৰণস্বৰূপে চাৰিটা — চাইটা, দহটা দটা, ঘৰ-ঘ’, কৰিম — কইম আদি ৰূপত উচ্চাৰণ কৰে। ইয়াত ‘ৰ’ আৰু ‘হ’ উহ্য হৈছে নাইবা ইয়াৰ ঠাইত বেলেগ বর্ণই স্থান পাইছে। টাই আহোম ভাষাত শব্দ “ক, ঙ, ন, ত, প, ঞ, ম” আদি উচ্চাৰণেৰে শেষ হয় আৰু বাকী ৰ বা হ-ৰ দৰে উচ্চাৰণসমূহ শব্দৰ প্ৰথমতহে হয়। সেয়েহে, উপৰোক্ত শব্দত ‘ৰ’ আৰু ‘হ’ৰ স্থান শব্দৰ আগত নোহোৱা হোৱা বাবে টাই আহোমসকলৰ মুখত ইয়াৰ উচ্চাৰণ বেলেগ হৈ পৰে। সেইদৰে আৰু বহুতো উচ্চাৰণৰ পার্থক্য দেখা যায় ৷ যেনে—

বুঢ়াবুৱা
বুঢ়ীবুই
মানুহ-দুনুহমানু দুনু
বতাহবতা ইত্যাদি

এই ভাষাত যুক্তাক্ষৰ নথকা বাবে ইয়াৰ সৰলীকৰণ কৰি আহোম মানুহে উচ্চাৰণ কৰে— 

ব্ৰহ্মপুত্ৰবর্মপুত
যজ্ঞযইগ
জঞ্জালজনজাল

সেইদৰে ‘ওঁ’ৰ উচ্চাৰণৰ ‘ং’ হোৱা দেখা যায়। যেনে — খাওঁ = খাং, যাওঁ = যাং। ইয়াৰ উপৰি অসমীয়া মান্য ভাষাত কিছুমান টাই শব্দ সোমাই আছে। তাৰ কেইটামান উদাহৰণ হ’ল–

অসমীয়াটাইশব্দ
(১) আ কৰা
(২) উম লোৱাউন্
(৩) আপাদেউআপা
(৪) এনাইদেউয়া নাই
(৫) কায়কাই
(৬) খংখাং
(৭) কানসমনীয়াকান
(৮) আট্ লগাআট্
(৯) কাঁড় ফাইকাঙ ফাই
(১০) কেপকেপাই থকাকেপ

ইয়াৰ উপৰি কিছু ঠাইৰ নাম টাই নামেৰে অসমত প্ৰচলিত হৈ আহিছে। যেনে— পাটকাই। নামৰূপ (নাম ৰুক ৰ অপভ্রংশ), মাকুম, চৰাইদেউ (চে-ৰাই-ডয়ৰ অপভ্রংশ), নামতি, টিৰাপ, টিপাম, চন্তক (ছং তক ৰ অপভ্রংশ) ইত্যাদি।

আহোম সম্প্রদায়ে ব্যৱহাৰ কৰা অন্যান্য শব্দ কিছুমান হ’ল— 

(ক) বাচন-বৰ্তন বুজোৱা শব্দ — খাং, টৌ, বানবাতি, মাইহাং, মিত-দা। 

(খ) চাকৰি, পদমর্যাদাসূচক শব্দ — চাংমাই, চাওদাং, লিগিৰা, ফুকন ইত্যাদি।

(গ) মানুহৰ চাৰিত্ৰিক বৈশিষ্ট্য বুজোৱা শব্দ — কটকিন, চং, খং, হাই, ফাই, টাংবোং ইত্যাদি।

১৬। কাছাৰীয় বা দেৱান বা চিলেটীয়া ভাষাৰ লগত অসমীয়া ভাষাৰ সাদৃশ্য উল্লেখ কৰা।

উত্তৰঃ অবিভক্ত কাছাৰ জিলাৰ লগতে তাহানিৰ শ্ৰীহট্ট, চট্টগ্রাম আৰু ত্ৰিপুৰাকে ধৰি যি ভাষা প্রচলিত তাক ড° সুনীতি কুমাৰ চেটাৰ্জীয়ে বাংলা ভাষাৰ বঙ্গ উপভাষাৰ পূৰ্বী বা দক্ষিণ-পূব বঙ্গ বুলি অভিহিত কৰিছে। নৃতাত্ত্বিক কাৰণতে বিশেষকৈ কোল-মুণ্ডা আৰু বড়োমূলীয় ভাষাৰ প্ৰভাৱতে এইটো খুব সম্ভৱ হ’বলৈ পাইছে। Linguistic Survey of India ত উল্লেখ আছে যে —“পূবৰ ফালে অসম উপত্যকাৰ কাছাৰ জিলাৰ আধা অংশলৈকে এই ভাষা প্রচলিত হৈছে; ঠায়ে ঠায়ে সিঁচৰতি হৈ থকা তিব্বতবর্মীয় ভাষী লোকৰ সৈতে বঙলা ভাষাও চলি আছে।”

অৱশ্যে পৰৱৰ্তী কালত ড° উপেন্দ্রনাথ গোস্বামীয়ে তেওঁৰ ‘অসমীয়া ভাষা আৰু উপভাষা’ (১৮৮৬) নামৰ পুথিত ড° প্রমোদচন্দ্ৰ ভট্টাচাৰ্যৰ সুৰতে সুৰ মিলাই ক’বলৈ অকণো সংকোচবোধ কৰা নাই যে “কাছাৰী উপভাষাটো কামৰূপী উপভাষা আৰু অসমীয়া মান্য ভাষাৰ ওচৰ চপা। ইয়াত প্রায় শতকৰা পয়সত্তৰটা শব্দ সজাতীয় শব্দ।” শব্দৰ ক্ষেত্ৰতে নহয় অন্যান্য ধ্বনিতাত্ত্বিক, ৰূপতাত্ত্বিক আৰু বাক্যতাত্ত্বিক দিশতো কাছাৰীয় বা চিলেটীয়া উপভাষাৰ অসমীয়াৰ বিশেষকৈ নামনি অসমৰ ৰূপৰ সৈতে বিশেষ মিল পৰিলক্ষিত হয়। বেণুধৰ ৰাজখোৱাৰ টোকাত পোৱা যায় যে— চিলেট অঞ্চলতো মাঘত মেজি পোৰা, চুঙা পিঠা আৰু অন্যান্য পিঠা-পনা কৰা, পথাৰত নৰাবিলাক ৰৈ যোৱাকৈ ধান দোৱা, মহিলাসকলে নাম গোৱা, – ফা প্ৰত্যয়ান্ত ৰাজবংশীয় লোকৰ উল্লেখ ইত্যাদি অসমীয়াৰ সৈতে সাদৃশ্য মন কৰিবলগীয়া।

ধ্বনিতাত্ত্বিক দিশত শ, ষ, স আদি শিধ্বনি ‘হ’ ধ্বনিৰ ফালে ঢাল-খোৱা আৰু য’তেই সম্ভৱ ত’তে এই হ ধ্বনিৰ লোপ হোৱা [হাতী > আতি, সাঁতগাঁও > হাত গাও > আত গান, তু. মিছিং সাত > (হৰু) আত, আঠ > (বৰ) আত) চ, ছ আৰু জ, ঝ ৰ মাজত পাৰ্থক্যহীনতা (কোচিন/কেৰাছিন, ওজা/ওঝা), ব্যঞ্জনান্ত ৰূপৰ প্ৰতি দুৰ্বলতা [আছিল, খাইছিল, দিছিল ব্যাতিক্রম], ৱ ধ্বনিৰ উচ্চাৰণ (নৱাব) উচ্চাৰণৰ প্ৰতি দুৰ্বলতা (মুই < মই, তুমাৰ < তোমাৰ, চুৰ > চোৰ যিটো কামৰূপী বা গোৱালপাৰা অঞ্চলৰ কথিত ৰূপত প্রযোজ্য), অপিনিহিতৰ বিস্তাৰিত প্ৰয়োগ (ৰাইত < ৰাতি, বেইল < বেলি যিটো কামৰূপী উপভাষাৰ বৈশিষ্ট্য)। ড় ৰ পৰিৱৰ্তে ৰ উচ্চাৰণ [বেৰ; বৰ] ইত্যাদি অসমীয়াৰ অনুৰূপ। 

অসমীয়াৰ সৈতে সাদৃশ্য থকা কেতবোৰ ৰূপতাত্ত্বিক বৈশিষ্ট্য হ’ল — ভৱিষ্যৎ কালৰ প্ৰথম পুৰুষৰ ৰূপ — ইমু (যাইমু, কৰিমু) তু. অসমীয়া- ইম/ম, দ্বিতীয় পুৰুষৰ ৰূপ- ইবা (যাইবা/কৰিবা) তু. অসমীয়া- ইবা/বা, তৃতীয় পুৰুষৰ ৰূপ- ইব (কৰিব) তু. অসমীয়া — ইব/ব, তৃতীয় পুৰুষৰ অনুজ্ঞা ৰূপ- ওকা (দিওঁকা, কৰোকা) তু. অসমীয়া- ওক; সম্বন্ধ কাৰকৰ বিভক্তি- অৰ (মানুহৰ) তু. অসমীয়া-অৰ/-ৰ ইত্যাদি। সর্বনামৰ ক্ষেত্ৰত চিলেটীয়া উপভাষাৰ ৰূপ অসমীয়াৰ সৈতেহে বেছিকৈ মিল দেখা যায়।

সংখ্যাবাচক শব্দ, মাহৰ নাম, গছ-গছনি, ফল-মূল, মাছ-কাছ, জীৱ-জন্তু, চৰাই-চিৰিকতিৰ নাম, সম্বন্ধবাচক শব্দ, গৃহস্থালিৰ সা-সঁজুলি বুজোৱা শব্দ ইত্যাদি বিশেষ্য শব্দৰ দৰে বিশেষণ, ক্ৰিয়া বিশেষণ, আৰু ক্ৰিয়াৰো কংলাতকৈ অসমীয়াৰ সৈতে সাদৃশ্য বেছি। আনকি জতুৱা ঠাচ আৰু খণ্ডবাক্যৰ বিশেষভাৱে মিল থকা বাক্য-ৰীতিও দুয়োটা ভাষাত বিদ্যমান।

১৭ ৷ অসমীয়া ভাষাত দ্ৰাবিড় ভাষাগোষ্ঠীৰ উপাদান সম্পর্কে নিবন্ধ যুগুত কৰা। 

উত্তৰঃ দ্ৰাৱিড় ভাষাগোষ্ঠীৰ লোকসকল খ্ৰীঃপূঃ ৩০০০-৩৫০০ বছৰৰ পূৰ্বে ভাৰতলৈ আহিছিল বুলি অনুমান কৰা হৈছে। দ্ৰাৱিড় ভাষাৰ লোকসকল জাতিগতভাৱে মেডিটেৰানিয়ান বা ভূমধ্যসাগৰীয় প্ৰজাতি (Race)ৰ অন্তৰ্গত। এওঁলোকে প্ৰথম অৱস্থাত ভাৰতত বসতি কৰি আছিল আৰু আৰ্যসকলৰ দ্বাৰা প্ৰতাৰিত হৈ দক্ষিণ ভাৰতলৈ গতি কৰিছিল। সেইবাবে দ্ৰাৱিড় ভাষাৰ প্ৰাধান্য দক্ষিণ ভাৰততে সৰ্বাধিক অসমীয়া ভাষাত অবিতর্কিত দ্ৰাৱিড় ভাষাৰ উপাদান নাই বুলিবই পাৰি। কালিৰাম মেধিয়ে ‘অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব’ নামৰ পুথিখনৰ পাতনিত প্ৰায়বোৰ দ্ৰাৱিড় উপাদানৰ সমতুল্য তিব্বতবর্মীয় উপাদান (ব্যাকৰণগত উপাদান) পোৱা যায় বাবে আৰু অসমীয়াত প্রয়োগ হোৱা তেনে উপাদানৰ পিছৰটোৰ লগতহে অধিক মিল পোৱা যায় বাবে অসমীয়া ভাষাই কেৱল তিব্বতবৰ্মীয় ভাষাৰ পৰাহে এনে উপাদান লাভ কৰিব পাৰে বুলি খাটাং সিদ্ধান্ত দিছে। 

উদাহৰণস্বৰূপে— অসমীয়া ভাষাৰ লিংগ ৰূপ-সাধনৰ কথাকে বিবেচনা কৰিব পাৰি। অসমীয়া ভাষাত সংস্কৃত বা অন্য ইণ্ডো-ইউৰোপীয় ভাষাৰ নিচিনাকৈ নিৰ্জীৱ পদাৰ্থ বা অমূৰ্ত ভাববাচক শব্দৰ লিংগভেদ নাই। অসমীয়া ভাষাত সম্বন্ধবাচক শব্দৰ দুই এটাত মাথোন লিংগ ভিত্তিক পৃথক পৃথক সম্বন্ধ শব্দৰ প্ৰয়োগ আছে; বাকীবিলাকত অন্যান্য প্ৰাণীবাচক শব্দৰ নিচিনাকৈ আগে-পিছে কিছুমান পুৰুষ বা স্ত্রীবাচক লিংগভিত্তিক শব্দৰ সংযোগেৰে লিংগ ৰূপ সাধন কৰা হয়। লিংগ ৰূপৰ এই বিধান দ্ৰাৱিড় আৰু তিব্বতবৰ্মীয় উভয়তে অন্যতম বৈশিষ্ট্য। সেইদৰে অসমীয়া ভাষাৰ শব্দৰ ৰূপ সাধন সংস্কৃত প্রভৃতি ইণ্ডো-ইউৰোপীয় ভাষাৰ নিচিনাকৈ বচন ভেদে বিভিন্ন কাৰক বিভক্তিৰ প্ৰয়োগ নহৈ একবচনৰ ৰূপৰ লগত নতুবা একবচনৰ ৰূপৰ সৈতে বহুবচনবাচক প্ৰাকৃতি সংযোগ কৰি পোৱা ৰূপটোৰ লগত একেটা কাৰক বিভক্তিৰ প্ৰয়োগ হয়। ইয়াৰ অবিকল প্রয়োগ দ্ৰাৱিড় ভাষাতো আছে বা কালিৰাম মেধিয়ে অসমীয়া ভাষাই এনে মূলৰ পৰাই এই বৈশিষ্ট্যটো লাভ কৰিছে বুলি কৈছে । অসমীয়া ভাষাত সংস্কৃতৰ নিচিনাকৈ বিশেষণ শব্দৰ লিংগ, বচন আৰু কাৰক অনুযায়ী শব্দ-ৰূপৰ সাধন নহয়৷ কেতিয়াবা ব্যতিক্রম স্বৰূপে দুই এক তৎসম আৰু তদ্ভৱ শব্দত লিংগভেদে বিশেষণৰ ৰূপ-সাধন হয় যদিও বচন আৰু কাৰক অনুযায়ী মুঠেই শব্দ ৰূপৰ সাধন নহয় ৷ এনে ৰীতিৰ অন্যতম ধাৰক আৰু বাহক দ্ৰাৱিড় ভাষাৰ পৰাই অসমীয়া ভাষাই পৰিৱৰ্তিত ৰূপত এই ৰীতি লাভ কৰিছে বুলি কালিৰাম মেধিয়ে ইংগিত দি গৈছে। 

অসমীয়া ভাষাত কম পৰিমাণে হ’লেও দ্ৰাৱিড় ভাষাৰ উপাদান নথকা নহয়। এই উপাদানসমূহে অসমীয়া ভাষাটোৰ গঠন আৰু বিকাশত অৰিহণা যোগাইছেহি। উল্লেখযোগ্য যে দ্রাবিড় ভাষাৰ উপাদানবোৰে সংস্কৃত ভাষাৰ মাজেদি আহি অসমীয়া ভাষাত প্ৰৱেশ কৰিছেহি। এওঁলোকৰ ভাষাই আর্যভাষাৰ অন্তৰ্গত ‘সংস্কৃত’ ভাষাক বিশেষভাৱে প্ৰভাৱিত কৰিছিল। দ্ৰাৱিড়সকলেই ভাৰতবৰ্ষত প্ৰথমে নগৰ নিৰ্মাণ কৰিছিল। অস্ত্ৰাদি ব্যৱহাৰ কাৰ্যতো এওঁলোক সিদ্ধহস্ত।

কালিৰাম মেধিয়ে অসমীয়া ভাষাত সংস্কৃতৰ নিচিনা বিশেষ্য শব্দৰ সৈতে একেধৰণে বিশেষণ শব্দৰ লিংগৰ পৰিৱৰ্তনহীনতাত দ্ৰাৱিড়ীয় ভাষাৰ প্ৰভাৱৰ কথা উনুকিয়াব খোজে ৷ তদুপৰি তেওঁ অসমীয়া শব্দকেইটামানৰ মূল দ্ৰাৱিড়ীয় ভাষা বুলিও মন্তব্য কৰিছে। যেনে— আই (বসন্ত),আমৈ, চিনা (জোক),উৰখ্, হোঁপ্।

সেইদৰে স্থানবাচক শব্দ বা মৌলিক শব্দ অসমীয়াত নাই বুলিবই পাৰি। মেধিয়ে অসমত থকা একমাত্ৰ ‘ভৰলু’ নাম নদীবাচক শব্দটো ‘আৰু /আলু’ তামিল ভাষাৰ নদী বুজোৱা শব্দৰ সৈতে সাদৃশ্য দেখুৱাইছে। তদ্রূপ কালিৰাম মেধিয়ে উল্লেখ কৰা দ্ৰাৱিড়মূলীয় ‘বেলি’ (সূর্য) শব্দটোৰ নামনি অসমৰ ৰূপ ‘বেলা’ আৰু এই বেলা শব্দটোৰ সময় অৰ্থত বৰো ভাষাত বহুল প্রয়োগ আছে। উদাহৰণস্বৰূপে – বেলাছে (আবেলি), মু’নাবিলি (সন্ধিয়া),ফুংবিলি (ৰাতিপুৱা),বেলাৰু’ম (দুপৰীয়া), বেলাছেলা (যিকোনো সময়ত),ওবেলা > ওরা (অথনি) ইত্যাদি।

স্থানবাচক নামৰ অন্তত থকা কিছুমান শব্দাংশ; যেনে— জুলি, জুৰি, ওৰ, পুৰ, কুঁৰ, কুট, গুৰি, ভিটি, ভিটা ইত্যাদি দ্ৰাৱিড় ভাষাৰ পৰা অহা বুলি অনুমান কৰা হৈছে। অৱশ্যে ‘কুঁৰ’ সংস্কৃত ‘কুণ্ড’ আৰু ‘জুলি’ সংস্কৃত ‘জুৰি’ পৰা হোৱাৰ সম্ভাৱনাও নুই কৰা নাই৷ অসমীয়া প্ৰতিধ্বনাত্মক শব্দৰ সৈতে দ্ৰাৱিড়ীয় ভাষাৰ সাদৃশ্য আছে। যেনে—

কান্নাৰ ভাষাঃ

হন্নুমম্পলু
ফলচল
তুপ্পগিপ্প
ঘিঁউচিউ
অম্ফুডোম্ফু
অঁকাবেঁকা

উল্লেখযোগ্য যে উক্ত বৈশিষ্ট্যটো দ্ৰাৱিড় ভাষাৰ উপৰি তিব্বতবৰ্মীয় ভাষাতো লক্ষ্য কৰা যায়। অসমীয়া ভাষাৰ শ্বাসাঘাতৰ প্ৰাধান্যৰ মূলতো দ্ৰাৱিড়ীয় প্ৰভাৱ কল্পনা কৰা হৈছে। 

ড° বিৰিঞ্চি কুমাৰ বৰুৱাদেৱে তেওঁৰ ‘অসমীয়া ভাষা আৰু সংস্কৃতি’ শীৰ্ষক পুথিখনত দ্ৰাৱিড় ভাষীৰ দান সম্পৰ্কে বহল আলোচনা কৰিছে। তাতে তেওঁ উল্লেখ কৰিছে যে দ্ৰাৱিড় ভাষাগোষ্ঠীৰ পৰা সংস্কৃতলৈ বহু শব্দ আহিছিল আৰু তাৰে কিছুমান উত্তৰাধিকাৰী সূত্রে অসমীয়ালৈও আহিছে। যেনে— অগৰু, অনল, অলস, কটু, কঠিন, কানন, কুণ্ডল, কুণ্ড, কন্তল, মল্লিকা, মহিলা, মুকুট, বল্লী, শৱ, নীৰ, পণ, ময়ুৰ, পণ্ডিত ইত্যাদি।

১৮। অসমীয়া ভাষাত থকা তিব্বতবর্মী ভাষাগোষ্ঠীৰ উপাদানসমূহক কেইটা দিশৰ জৰিয়তে বিশ্লেষণ কৰিব পৰা যায়? এটি টোকা প্ৰস্তুত কৰা। 

উত্তৰঃ অসমীয়া ভাষাত থকা তিব্বতবর্মী ভাষাগোষ্ঠীৰ উপাদানসমূহক তিনিটা দিশৰ জৰিয়তে বিশ্লেষণ কৰিব পৰা যায়। দিশকেইটা তলত উল্লেখ কৰা হ’ল—

ধ্বনিগত উপাদানঃ অসমীয়া ভাষাৰ ধ্বনি-ৰীতিত ভাৰতীয় আর্যভাষাৰ লগতে মূল সংস্কৃত ভাষাত নথকা ধ্বনিতাত্ত্বিক বৈশিষ্ট্য নিহিত হৈ আছে। ড° বাণীকান্ত কাকতিয়ে তেওঁৰ গৱেষণা গ্রন্থত তিব্বতবর্মী ভাষাই অসমীয়া ভাষাত প্ৰভাৱ পেলোৱা পাঁচটা ধ্বনিতাত্ত্বিক উপাদান লিপিবদ্ধ কৰিছিল। ড° প্রমোদচন্দ্র ভট্টাচার্যই এই উপাদান পাঁচটাক, পুনৰবিন্যাস কৰিছে এনেদৰে—

(ক) প্রাচীন ভাৰতীয় আর্যভাষাৰ মূর্ধন্য আৰু দন্ত্য ধ্বনিসমূহ অসমীয়াত চীন তিব্বতীয় (বড়ো) প্ৰভাৱত দন্ত্যমূলীয় ধ্বনিলৈ পৰিৱৰ্তন।

(খ) প্রাচীন ভাৰতীয় আর্যভাষাৰ তালব্য ধ্বনিসমূহৰ অসমীয়াত দন্ত্যমূলীয় হিচাপে হোৱা উচ্চাৰণ।

(গ) তিব্বতবর্মীয় প্রভৃতি আৰ্য-ভিন্ন ভাষাৰ প্ৰভাৱত অসমীয়াতো স্বৰ-সংগতি আৰু অভিশ্রুতি এই দুটা ধ্বনিতাত্ত্বিক পৰিঘটনা বিশেষভাৱে পৰিলক্ষিত হোৱা ৷ 

(ঘ) অসমীয়া, বাংলা, উড়িয়া, মৈথিলী প্রভৃতি ভাষাত ঘটা স্বতঃ অনুনাসিকী ভৱনত আর্যভিন্ন ভাষাৰ প্ৰভাৱ ৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top