অসমীয়া ভাষা আৰু লিপি Unit 3 অসমৰ চীন-তিব্বতবৰ্মী পৰিয়ালৰ ভাষা, College and University Answer Bank for BA, and Post Graduate Notes and Guide Available here, অসমীয়া ভাষা আৰু লিপি Unit 3 অসমৰ চীন-তিব্বতবৰ্মী পৰিয়ালৰ ভাষা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. অসমীয়া ভাষা আৰু লিপি Unit 3 অসমৰ চীন-তিব্বতবৰ্মী পৰিয়ালৰ ভাষা Question Answer can be of great value to excel in the examination.
অসমীয়া ভাষা আৰু লিপি Unit 3 অসমৰ চীন-তিব্বতবৰ্মী পৰিয়ালৰ ভাষা
অসমীয়া ভাষা আৰু লিপি Unit 3 অসমৰ চীন-তিব্বতবৰ্মী পৰিয়ালৰ ভাষা Notes cover all the exercise questions in UGC Syllabus. অসমীয়া ভাষা আৰু লিপি Unit 3 অসমৰ চীন-তিব্বতবৰ্মী পৰিয়ালৰ ভাষা The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
(ঙ) প্রাচীন ভাৰতীয় আর্যভাষাৰ স্পৰ্শ ধ্বনিসমূহৰ (আদ্য আৰু মধ্য অক্ষৰত)। মহাপ্ৰাণীভৱন হোৱা পৰিঘটনাও আর্যভিন্ন ভাষাৰ প্ৰভাৱৰ ফল বুলি ক’ব পাৰি।
অসমীয়া ভাষাৰ লিখিত ৰূপত ব্যৱহৃত চ, ছ, জ, ঝ, ৰ, ঢ়, ড় আখৰসমূহৰ উচ্চাৰণ সংস্কৃতৰ | `দৰে ৰক্ষিত হোৱা নাই। চ, ছ, জ, ঝ, ৰ, ঢ় বৰ্ণসমূহৰ সৰলীকৃত উচ্চাৰণ বা পৃথক পৃথক উচ্চাৰণ অসমীয়াত হ্ৰাস পোৱাটো তিব্বতবৰ্মীয় ভাষাৰ প্ৰভাৱ বুলি অনুমান কৰা হৈছে। শ, ষ, স আদি সংস্কৃত উষ্ম ধ্বনিসমূহে অসমীয়া ভাষাত নিজস্ব ধ্বনিৰূপ হেৰুৱাইছে। এই ধ্বনিৰূপ কেইটাই পশ্চ-তালব্য উষ্মধ্বনি ‘স’ৰূপে ব্যৱহৃত হৈছে। এই উচ্চাৰণৰ বৈশিষ্ট্যটোও তিব্বত-চীন পৰিয়ালৰ ভাষাৰে পৰিণতি বুলি ভবাৰ থল আছে। কিয়নো এই পৰিয়ালৰ ভাষাত উক্ত তিনিওটা উষ্ম বৰ্ণৰ সুকীয়া উচ্চাৰণ পোৱা নাযায়। উল্লেখযোগ্য যে তদ্ভৱ শব্দৰ আদ্য অৱস্থানৰ বাহিৰে মধ্য আৰু অন্ত্য অৱস্থানত শ, ষ, স— এই ধ্বনিকেইটা ‘হ’লৈ পৰিৱৰ্তন হৈছে। উদাহৰণস্বৰূপে—
শ্বশুৰ > শহুৰ।
বিষ > বিহ।
বিশ > বিহ।
কলস > কলহ।
ড° সুনীতি কুমাৰ চেটাৰ্জীয়ে এনে হোৱাৰ মূলতে তিব্বতবৰ্মীয় প্ৰভাৱ বুলি ভাৱে। কিন্তু মূল তিব্বতীয় ভাষাবোৰত মধ্য আৰু অন্ত্য অৱস্থানত ‘হ’ৰ ব্যৱহাৰ বিৰল; গতিকে এইক্ষেত্ৰত ড° সুনীতি কুমাৰ চেটাৰ্জীৰ মত পৰৱৰ্তীকালৰ পণ্ডিতসকলে গ্রহণযোগ্য বুলি নাভাৱে। অসমীয়া ভাষাত আদি আৰু মধ্যৱৰ্তী স্থানত অল্পপ্রাণ বৰ্ণ মহাপ্রাণ বৰ্ণলৈ পৰিৱৰ্তন হৈছে। অসমীয়া ভাষাৰ এই মহাপ্রাণীভৱনৰ বৈশিষ্ট্যটো তিব্বতবৰ্মী বড়ো ভাষাৰ প্ৰভাৱত হোৱা বুলি ড° গ্ৰীয়াৰ্ছনে মত প্ৰকাশ কৰিছে। ড° বাণীকান্ত কাকতিয়েও অসমীয়া ভাষাত মহাপ্রাণীভৱনৰ বৈশিষ্ট্যটোত বড়ো ভাষাৰ প্ৰভাৱ স্বীকাৰ কৰিছে। যেনে-
বড়ো | অসমীয়া |
থালু | তালু |
ফোআল্ | পোৱাল |
খামাই | কমা (আজ) |
খাম্ৰি | কামোৰণি |
থোথি | ঠোঁট ইত্যাদি |
ৰূপগত উপাদানঃ ড° বাণীকান্ত কাকতিয়ে তেওঁৰ গৱেষণাগ্রন্থ ‘Assamese : Its Formation and Development’—ত তিব্বতবৰ্মীয় ভাষাৰ বহুতো ৰূপগত উপাদান অসমীয়াত সোমাই আছে বুলি মত প্ৰকাশ কৰিছে। তলত তাৰে কেতবোৰ উল্লেখ কৰা ৰ হ’ল—
(ক) অসমীয়া ভাষাৰ যৌগিক ক্ৰিয়াৰূপ কিছুমান বড়ো ভাষাৰ পৰা আহিছে। যেনে — খামবান্ধ, গবামাৰ, বিৰ দি, থলামূৰি মাৰ ইত্যাদি।
(খ) কিছুমান ক্ৰিয়াৰ ধাতু ৰূপ বড়োমূলীয়। যেনে — চেলেক্, জিৰা, আগচ্, গচক, চেকুৰ, বখলিয়া, গোৰা, ভেকুৰ, চেপ ইত্যাদি।
(গ) অসমীয়া ভাষাত ব্যৱহৃত ধাতুমূলক প্রত্যয় -মা আৰু-চা বড়োমূলৰ পৰা আহিছে। যেনে— লোধোমা, লুৰুমা, ধেপেচা ইত্যাদি। বড়ো প্ৰত্যয় -মা আৰু -চা ই যথাক্রমে ডাঙৰ আৰু সৰু বুজায়; যেনে—
ৰুং (নাও) | ৰুং মা(ডাঙৰ নাও) |
ৰুং চা (সৰু নাও) |
অসমীয়া ভাষাৰ গঠনমূলক প্ৰত্যয়বোৰৰ ভিতৰত -উৰা প্ৰত্যয়ো ব্যৱহৃত হয়। এই উৰা প্ৰত্যয়টোৱে সাধাৰণতে কোনো এটা কাম বহু দীঘলীয়া দিন বা সময় ধৰি অত্যাধিকভাৱে কৰা অৰ্থ বুজায় ৷ মিছিং ভাষাত একে অৰ্থতেই -উৰা বা দুৰা প্ৰত্যয় অসমীয়া ভাষাৰ দৰেই প্রয়োগ হয় –
অসমীয়া | মিছিং |
কান্দুৰা | কাপ্দুৰাঃ; কাপ্দুৰাং |
মুতুৰা | চিদুৰা |
খঁকুৱা | দদুৰা |
আধুনিক অসমীয়া ভাষাৰ বহুবচনৰ প্ৰত্যয় ‘বোৰ’ আৰু ‘বিলাক’ৰ প্ৰয়োগত ‘বৈয়াকৰণিক লিংগ প্ৰকৰণৰ ঠাইত বিশেষ বিশেষ শব্দৰ প্ৰয়োগেৰে অথবা বিশেষ্যৰ আগত পুৰুষ আৰু স্ত্রীনিৰ্দেশক শব্দৰ প্ৰয়োগেৰে লিংগ নিৰূপণ কৰা ৰীতিত তিব্বতবৰ্মীয় বড়ো, গাৰো, ডিমাছা আদি ভাষাৰ প্ৰভাৱ আছে বুলি কোৱা হয়।
শব্দগত উপাদানঃ তিব্বতবৰ্মীয় ভাষাৰ অন্তৰ্গত বড়ো ভাষা আৰু মিছিং ভাষাৰ শব্দগত উপাদান অসমীয়া ভাষাত অধিকভাৱে লক্ষ্য কৰা যায়। ড° বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাত থকা বহুতো বড়োমূলীয় শব্দৰ নাম উল্লেখ কৰিছে। সেই শব্দসমূহ এনেধৰণৰ—
শব্দ | অর্থ |
হাফলু | টিলা, উই, টিলা (বড়ো-হা-ফ্লউ) |
হাবাং | অজলা |
হামাহি | পলম কৰা, সোৰোপালি |
জখলা | জখলা |
খমলা | লদাবন্ধা (বড়ো-খাম-লই একেলগ কৰা) |
হোজা | সহজ-সৰল (বড়ো-হোজাই) |
বোন্দা | মতা মেকুৰী |
বেঙ্গাৰ | জেওৰা (বড়ো-হেংৰা) |
লফা | লফা শাক (লৈফাং) |
ডাউক | এবিধ চৰাই (বড়ো – দাও- চৰাই) |
খোকা | মাছ ধৰা বাঁহৰ সঁজুলি (বড়ো-খৌখা) |
এনেদৰে বড়ো মূলৰ ঠাইৰ নাম কিছুমানো ড° বাণীকান্ত কাকতিয়ে উল্লেখ কৰিছে। যেনে— হাজো, হাকমা, বিহাম্পুৰ, দিপুৰ। অসমীয়া ভাষাত ব্যৱহাৰ হোৱা কেতবোৰ স্থানবাচক শব্দ আৰু নদীবাচক শব্দ মিছিং ভাষাৰ পৰা আহিছে। মিছিং ভাষাৰ শব্দ কিছুমানৰ সৈতে অসমীয়া ভাষাৰ সাদৃশ্য এনেধৰণৰ-
অসমীয়া ভাষা | মিছিং ভাষা |
বোকা | বুকাদ |
কালি | কিলি |
উৰুকা | উৰুকা |
পেঁপা | পেম্পা |
চেউৰি | চেঙৰি |
তিয়ঁহ | তিয়ঙ |
টোকাৰী | তুকাৰি |
তামোল-ছালি | চালি, ইত্যাদি |
চি’-ৰে আৰম্ভ হোৱা নদীৰ নাম কিছুমান মিছিং ভাষাৰ বুলি ধৰা হৈছে। উল্লেখযোগ্য যে মিছিং ভাষাত ‘চি’ মানে পানী। উদাহৰণস্বৰূপে তলত কেইখনমান নদীৰ নাম উল্লেখ কৰা হ’ল —
শব্দ | অর্থ |
চিয়াং | চিয়াং নদী |
চিচি | লক্ষীমপুৰৰ এখন নদীৰ নাম |
চিয়ম্ | আলঙৰ ওচৰৰ চিয়াঙৰ নাম |
অসমীয়া ভাষাৰ জেং, জাবৰ, থেকেৰা আদি শব্দৰ সৈতে গাৰো ভাষাৰ জেং-জাবোল, থেকনা ইত্যাদি শব্দৰ সাদৃশ্য আছে।
তিব্বতবৰ্মীয়ৰ অন্তৰ্গত আন এটা ভাষা হ’ল ডিমাছা। এই ডিমাছাৰ আঞ্চলিক ৰূপ দিজুৱাচা, দেম্ৰাচা, হৱাৰচা ইত্যাদি। ডিমাছা ভাষা আৰু অসমীয়া ভাষাৰ শব্দৰ মাজত সাদৃশ্য পৰিলক্ষিত হয়। সেইবোৰ তলত উল্লেখ কৰা হ’ল—
(১) গছ-গছনিৰ নাম—
অসমীয়া | ডিমাছা |
ৰবাব | ৰেবা |
সিজু | চি-গুজু |
লফা | লাংফাই |
(২) অন্যান্য –
অসমীয়া | ডিমাছা |
জালি | জালাই কোমোৰা |
খৰলুটি | খাৰো |
জোং | জোং |
এনেদৰে তিৱা ভাষা, দেউৰী-চুতীয়া প্রভৃতি ভাষাৰ পৰাও বহুতো শব্দ আহি অসমীয়া ভাষাত প্ৰৱেশ কৰিছেহি।
১৯। অসমীয়া ভাষালৈ জনজাতীয় ভাষাৰ অৱদান সম্পর্কে ড° উপেন্দ্রনাথ গোস্বামীয়ে কিদৰে বৰ্ণনা কৰিছে? এটি আলোচনা যুগুত কৰা।
উত্তৰঃ ভাষা এটাৰ গঠন পদ্ধতি যদি ভাষাটোৰ ‘শুকান হাড়-ছাল’ হয়, তেনেহ’লে শব্দভাণ্ডাৰ তাৰ ‘তেজ-মঙহ’। অসমীয়া ভাষাৰ গঠন পদ্ধতিটোক এটা সুকীয়া ৰূপ দিয়াৰ পাছত অসম আৰু অসমৰ ওচৰে-পাঁজৰে, পৰ্বতে-ভৈয়ামে থকা জনজাতীয় ভাষাবোৰে অসমীয়া ভাষাক নানা ধৰণৰ শব্দ-সম্ভাৰৰ যোগানেৰে পুষ্ট কৰালে। অসম আৰু ইয়াৰ দাঁতিকাষৰীয়া ৰাজ্যৰ বিভিন্ন ঠাইৰ নাম, নদীৰ নাম, উৎসৱ-পৰ্বৰ নাম, উপাধি, বিষয়া আদিৰ নাম আৰু দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা অনেক শব্দ চীন-তিব্বতীয় ভাষাগোষ্ঠীৰ পৰা অহা। বুৰঞ্জীত পোৱা অনুযায়ী ব্ৰহ্মপুত্ৰৰ নাম যদি নাম-তি-লাও হয় ‘লাও’ অংশ অষ্ট্ৰিক হয়, তেতিয়াহ’লে ‘তি’ অংশটো মিচমি আৰু ‘নাম’ অংশটো টাই-আহোম। মিজু-মিচমিত ‘তি’ মানে নৈ।
বড়ো ভাষাৰ বহুতো শব্দক কামৰূপী আৰু গোৱালপৰীয়া উপভাষাৰ শব্দৰ সৈতে একে ৰূপত পোৱা যায় আৰু সেইবোৰৰ মূল সংস্কৃত বা আন ভাষাত বিচাৰি উলিওৱাটো কঠিন হৈ পৰে। সেই শব্দবোৰ বড়ো ভাষাৰ পৰাই অসমীয়ালৈ আহিছে বুলি নিঃসন্দেহে ধৰিব পাৰি ৷ তলত তেনে শব্দ-তালিকা এখন দাঙি ধৰা হ’ল—
বড়ো | কামৰূপী |
আগুৰি ‘আগুৰ্’ | আগুৰ্ মান্য অসমীয়া আগুৰুৰ্ |
আথিয়া ‘সৰু নৰ্দমা’ | আইতা |
খৰম ‘খৰম’ | খৰাম |
খলমৌ ‘এবিধ শাক’ | কলমৌ |
গামবলা (এবিধ চৰিয়া) | গাম্লা দালখোলিয়া (এবিধ) |
ডাঙৰ জাতৰ নিগনি) | দালসোইলা |
দিঙখি ‘ঢেঁকী’ | ধেকি |
জুথি ‘সোৱাদ’ | জুতি |
জেৱৰা ‘জেওৰা’ | জে’উৰা |
আগ্ৰা ‘এবিধ বন’ | আগৰা |
স্থানবাচক শব্দৰ ভিতৰত হাজো, হাকমা, বিহামপুৰ, দিছপুৰ আদিক বড়ো ভাষাৰ বুলি ধৰা হৈছে। শব্দৰ আগত ‘দি’ নাইবা শেষত ‘দৈ’ থকা নদীবাচক শব্দবোৰ বড়ো ভাষাৰ । দিহিং, দিবং, দিখৌ আদি শব্দৰ আদি অংশ আৰু ভোগ-দৈ, মঙ্গল-দৈ আদিৰ শেষৰ অংশ বড়ো। দেউৰী ভাষাৰ পৰা বেছি শব্দ অহা নাই। তথাপি ডেকা (দে’কাগু), লেখীয়া (লাকিয়া) শব্দ দুটাৰ কথা মন কৰিবলগীয়া৷ দেউৰীত ‘তঙা’ শব্দ এটা আছে। তাৰ অৰ্থ গামোছা। অসমীয়া ‘টঙালি’ শব্দটো ইয়াৰ পৰা আহিব পাৰে। স্থানবাচক শব্দৰ ভিতৰত চিৰিং চাপৰি (চিৰিং) শব্দটো উল্লেখযোগ্য। অসমীয়া বিহু শব্দটো দেউৰী ভাষাত ‘বিচু’ ৰূপে পোৱা যায়। তিৱাসকলেও বিহুক ‘বিচু’ বুলি কয়। তিৱা ভাষাত ‘বিচু’ শব্দৰ অৰ্থ হ’ল ‘বসুমতিৰ পূজা’ অৰ্থাৎ ভূমি-পূজা । বিহুৰ লগত সম্বন্ধিত ‘গগনা’ শব্দটো বড়ো ভাষাত ‘গংগনা’ ৰূপে পোৱা যায়। অসমীয়াৰ মাঘবিহুৰ লগত সম্বন্ধিত ‘মেজি’ শব্দ খুব সম্ভৱ চীন-তিব্বতীয় ভাষাৰ অৱদান।
তিব্বতী, কুকি, কাৰ্বি ভাষাত ‘মে’ মানে জুই। মিজু-মিচমিত ‘মাই’ মানে জুই; আঙ্গামি আৰু কাছা-নগা ভাষাত ‘মি’ মানে জুই। গালং ভাষাত ‘এমে’ মানে জুই আৰু ‘ইচি’ মানে খৰি । এমে + ইচি > মেচি; তু. ইকি আব > কিব ‘মতা কুকুৰ’। মেচি > মেজি। এই শব্দবোৰেৰে মিচিং ভাষাৰ শব্দ কেইটা চাব পাৰি; বৰালি (মাছ), বোকা (মিছিং-বুকাদ),কালি (মাছ-মৰা এবিধ সঁজুলি), উৰুকা (মিছিং-উৰুকা) টোকাৰি (মিছিং-তুকাৰি), তিয়হ (মিছিং-তিয়ঙ)। ককবক ভাষাৰে সৈতে সাদৃশ্য থকা অসমীয়া শব্দ কেতবোৰ এনেধৰণৰ ঃ জিঙা (জিকা), তু. গোৱালপৰীয়া, ঝিঙা, বান্জি ‘বাজী’, চুঙা (তিৱা-চুংগা)। ডিমাপুৰ, লংকা আদি ঠাইৰ নাম ডিমাছা ভাষাৰ পৰা হোৱা (ডিমাছাঃ আলংকা)। ডিগাৰু মিচমিৰ ঘৰৰ ভিতৰত আটাইতকৈ ওপৰত থকা চাংখনৰ নাম ‘হাপুঁ’। নামনি অসমত ‘হাপুৰ-দিনৰ’ বুলি এষাৰ কথা আছে । তাৰ অৰ্থ অতি পুৰণি। শব্দটো খুব সম্ভৱ মিচমি শব্দ। নামনি অসমৰ কোক /কুক ‘খালৈ’ শব্দটো গাৰো ভাষাত ‘কোকচি’ৰূপে পোৱা যায় ৷ ৰাভা ভাষাত পোনামাছক পোংন্না বোলে।‘পোনা’ শব্দটো তাৰ পৰা আহিব পাৰে। কামৰূপী উপভাষাত ব্যৱহৃত ‘চেপন’ (ঠেক) শব্দটো ৰাভা ভাষাৰ। তেনেকৈ বাক্ৰা ‘মুকলি-ঠাই’ শব্দটোৰ মূল ৰাভা ভাষাৰ ‘বাখ্ৰা’ শব্দ।
কালিৰাম মেধিয়ে কুৱাং (কুকুৰ), কাবু, বাখৰ, বাৰুদ, লিতিকাই আদি শব্দ খাচি ভাষাৰ পৰা; আলহী, কেৰেপ, হোৰা (বোকোচা), কাকদোঙা, কলং (নৈ), লামডিং, মেং কুলি (মেকুৰী) ) আদি শব্দ মিকিৰ (কাৰ্বি) ভাষাৰ পৰা; কুৰুৱা, কেটেঙা, জিক্, দৰং আদি শব্দ দেউৰী ভাষাৰ পৰা; আই ‘মা’,দোং, ফটিকা, বৰলা, ফাইদাং, হোজাই (ঠাই) আদি শব্দ কছাৰী ভাষাৰ পৰা আৰু চিচি (নৈ) শব্দ মিচিং ভাষাৰ পৰা অহা বুলি দেখুৱাইছে। অসমীয়া লেং (লেং মাৰ্) ৰূপটো কাৰ্বি ভাষাত ‘লেং ক’তো নোৰোৱাকৈ গুচি যা’ এই অৰ্থত ব্যৱহাৰ হয়। ডিমাছা ভাষাত কটা অৰ্থত ‘দাঁই’ৰ ব্যৱহাৰ আছে। অসমীয়াত সিয়ে কটাৰ পৰা ধান কটা অৰ্থত ব্যৱহাৰ হোৱাটো যুক্তিসংগত। মান্য অসমীয়াৰ ‘অজলা’ শব্দটো কামৰূপীত ‘আল্লা/আজালা’ ৰূপত আৰু তিৱা ভাষাত ‘আজালা’ ৰূপে পোৱা যায়৷ তেনেকৈ ‘চেপেটা’ শব্দটো কামৰূপীত ‘চেপ্প্তা’ আৰু তিৱা ভাষাত ‘চেপতা’ ৰূপে আছে।
অসমীয়াত সচৰাচৰ ব্যৱহাৰ হোৱা আৰু কিছুমান শব্দক আহোম ভাষাৰ অৱদানস্বৰূপে দেখুওৱা হৈছে। শব্দবোৰ এনেকুৱাঃ আফু, আউনি (পাণ),কাকিনী (তামোল), কেৰু, খাপ (খলপ), খেদ, চাং (ভাও), খোৰোং, জাঁই (উঠ), ঠন (ধৰ্),মাইহাং, চাংমাই, জাঙুৰ, জেঙা, টং (ক), টাপলি (মাৰ্), ফুকা (জন্ম দি),ফেঁহু (পোৱালী জগাৰ পিছতে খীৰোৱা গাখীৰ),ৰূপ, ৰিং, ৰিহা, হিলৈ, হেংদান ইত্যাদি। টি বা তি আগত থকা স্থানবাচক শব্দ কিছুমানক আহোম ভাষাৰ বুলি ধৰা হয়৷ যেনে— টিয়ক, তিপাম, টিৰাপ, টিংখাং, টিপ্লিং। আন কিছুমান স্থানবাচক আহোম শব্দ হ’ল— মাকুম, নাজিৰা, চৰাইদেউ, চেপন, টিহু, পাটকাই, খুমটাই আদি। আদি অংশত ‘নাম’ থকা নৈ কেইখনমান হ’ল— নামদাং, নামচাং, নামৰূপ, নামজিন ইত্যাদি।
২০ ৷ অসমীয়া জতুৱা শব্দত তিব্বতবর্মীয় উপাদান সম্পর্কে আলোচনা কৰা।
উত্তৰঃ অসমীয়া জতুৱা শব্দৰ তিনিটা গঠনগত বৈশিষ্ট্য পোৱা গৈছে। সেয়া হ’ল—
অনুবাদগত ঋণঃ প্রতিবেশী ভাষাসমূহৰ শব্দ-গঠনৰ আৰ্হিত (অনুবাদৰ জৰিয়তে) গঠন কৰা শব্দ৷ যেনে— ডেকা চাং–তু. নোকফাস্থে— (গাৰো) /জিৰছং (কাৰ্বি); বৰ মা— (ৰাভা)/ মায়ুং (দেউৰী) / আয়ং (ডিমাছা); বৰদেউতা— ফাজং (গাৰো)/পায়ুং (ডিমাছা) বনগুটি— ছামথায় (বড়ো), শিলগুটি— অনথায় (বড়ো), মৌ বিচনী— নিজুং-জাপ (ৰাভা শব্দ);কণী ধান— মেচি (গাৰোঃ মে ‘ধান’ + বিচি ‘কণী’)।হাতীপটি— মেউপতি (দেউৰী); পানী-যুৱলি— চিকা-দোৱাৰ (ৰাভা); গাজটেঙা— উপ-থৰ (কাৰ্বি), স্বৰ্গদেউ— চাওফা (আহোম)।
লোকব্যুৎপত্তিঃ নিজা শব্দৰ সাদৃশ্যত অৰ্থ উলিয়াব নোৱাৰা শব্দৰ নতুন অৰ্থ আৰোপ কৰা শব্দ। যেনে— লাওপানীঃ যি পানী লাওখোলত খায় অর্থাৎ মদ, নাম-লাও (আহোম); লাও-খোলাঃ দেখিবলৈ শুকান লাওৰ খোলাৰ নিচিনা বাবে, লাওলং (ডিমাছা; মিচিমি তিতাঃ যি তিতা মিচিমিসকলৰ মাজত জনপ্রিয়; মিচ্চিমি খাবা (দেউৰী); বৰদৈচিলাঃ ডাঙৰ ধুমুহা বাবে, বাৰদৈচিলা (বড়ো), ফাঁকিয়ালঃ ফাঁকি দিয়াত সিদ্ধহস্ত, এতেকে তেনে জাতি, তাই-ফাকে (আহোম); অকাঃ যি জাতি আঁক-বাঁক কৰে অৰ্থাৎ গাত উল্কি আঁকে, আকা (আহোম)।
নৱনিৰ্মিত/নৱ মূল্যাংকিত শব্দঃ জাতিবাচক শব্দ যোগে— মানকচু, মৰাণ আদা, নৰাবগৰি, মিৰি-জিম, কছাৰী শালি, চুটিয়া শালিকা, ভোট এৰা, ইত্যাদি । জতুৱা ঠাঁচ খণ্ডবাক্য যোগে— মন কৰ, মন মেল ইত্যাদি খণ্ডবাক্যত তৎসম মন ‘চিত্ত’ শব্দটোৰ পৰিবৰ্দ্ধিত অৰ্থ ইচ্ছা’ হৈছে আৰু ‘মনে মনে’ জতুৱা ঠাঁচত ইয়াৰ ‘গোপনে’ অৰ্থ হৈছে। তদ্রূপ পানী লাগ, পানী কৰ, পানী উঠ, পানী হ, পানী কাট, পানী ছো, পানী কেঁচুৱা, পানী পিয়া প্রভৃতি জতুৱা ঠাঁচত একেটা পানী শব্দটোৱে ভিন্ ভিন্ অর্থত প্ৰয়োগ হৈছে।
মাটিবাচক হা/আ (বড়োবর্গীয়), তি (আহোম), তা/তেক (অষ্ট্রিক); পানীবাচক দি/তি/চি/জি (বড়ো বর্গীয়), হোং/ওং/হো/ঔম/আম (অষ্ট্রিক), তা/তেক (অষ্ট্রিক), নাম (আহোম) আদি সাধাৰণ অনুপদযুক্ত ঠাই, পাহাৰ আৰু নদ-নদীৰ নামৰ উপৰি অসমীয়াত আৰু এনে কিছুমান স্থানবাচক শব্দ পোৱা গৈছে যিবোৰ থলুৱা ভাষাৰ পৰা পোনপটীয়াকৈ অহা। অৱশ্যে এইবোৰতো প্ৰায়ে অসমীয়া শব্দাংশ (বিভিন্ন ভাষাৰ পৰা ঋণসূত্ৰে লাভ কৰা) আগে পিছে লগ লাগি নতুবা লোক-ব্যুৎপত্তি ঘটি বা অনুবাদগত ধাৰাৰ দ্বাৰা অসমীয়া জতুৱা শব্দ প্রয়োগ হৈছে। যেনে—
অসমীয়া | বড়ো |
হাদিৰাচকী | হা-গিদিৰ (আহল বহল মাটি) |
সেইদৰে কাৰ্বিঃ হাৱাৰ কে হাত ‘ঝুম খেতিৰ পথাৰ’; হল্টু গাঁও > হাল্টু গাঁও; আগিয়াঠুটি; ডিব্ৰুগড় তু. ডিমাছাঃ ডি-গুব্রু’ ঘোলাপানী। থলুৱা ভাষাৰ উপাদানেৰে নিৰ্মিত স্থানবাচক শব্দ কিছুমানৰ ভিতৰত হাটী/আটি (তিৱাঃ‘গড়খাৱৈৰ পাৰে পাৰে পতা গাঁও) যুক্ত ঠাইসমূহঃ গুৱাহাটী, আউনিআটি; কুটি (তিৱাঃ কুনচি/কুঞ্জি ‘গাওঁ’, যেনে– উলুকুনচি, ছিলং কুঞ্জি) যুক্ত ঠাইসমূহঃ শোৱালকুচি তু. সোঁৱালুগছ, তাঁতীকুচি; ঝাৰ (তু. চাওতালীঃ ‘জোপোহা’/ ৰাজবংশীঃ ‘বননি’) যুক্ত ঠাইসমূহঃ বৰঝাৰ, ছিপাঝাৰ, জুলি (তু. মিছিংঃ জিলি) যুক্ত ঠাইসমূহঃ ঢেকীয়াজুলি, ৰংজুলি।
এইখিনিতে ‘অসমৰ ঠাইৰ নামৰ বৈশিষ্ট্য’ সন্দৰ্ভত ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ মন্তব্য প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি— “ভাষাতত্ত্বৰ পিনৰ পৰা স্থানবাচক শব্দসমূহৰ আলোচনা কিছু জটিল । ওচৰ-চুবুৰীয়া কেইবাটাও ভাষাত ব্যুৎপত্তি নহ’লে এনে আলোচনা ভ্রমপদ হোৱাৰ সম্ভাৱনা।” অসমৰ ঠাইৰ নামকৰণত লোকব্যুৎপত্তি আৰু অনুবাদগত ঋণ— এই দুটা ভাষা সূত্রই প্ৰধানভাৱে ক্রিয়া কৰে।
অসমীয়া ভাষাত কিছুমান এনে জাতিবাচক আৰু উপাধিবাচক শব্দ পোৱা যায়। যাৰ মূল উলিওৱাটো অতিশয় দুৰূহ কাৰ্য। বহুতো জনজাতিৰ নাম পোনপটীয়াকৈ জনজাতীয় ভাষাৰ পৰা অহা নাই অৰ্থাৎ সেই ভাষাৰ নিজক আৰু নিজৰ জাতিক বুজোৱা শব্দৰ সৈতে অসমীয়াত প্ৰয়োগ হোৱা শব্দৰ মিল নাই। উদাহৰণস্বৰূপে— আবৰ (আদি) তু. অসমীয়াঃ আবৰ/আবৰী’ ‘যি শাসন নামানে’/বড়োঃ আব্ৰা/আব্ৰি ‘মূৰ্খ’, অকঁৰা; ডফলা/ডাফলী (নিছি) তু. অসমীয়াঃ ডাফলী মানে চুটি-চাপৰ, হৃষ্ট-পুষ্ট তিৰোতা; দোৱনীয়া (চিংফৌ) তু. অসমীয়াঃ দ্বিভাষী/তিৱাঃ দোৱান ‘মাতʼঃ অসমীয়া ‘অসমৰ বাসিন্দা’ ইত্যাদি।
অৱশ্যে থলুৱা ভাষাসমূহৰ গঠনশৈলীৰে এইসমূহ বিশ্লেষণ কৰা নাযায় বাবে ইহঁতক সেই আর্য-ভিন্ন থলুৱা ভাষাৰ ঋণগত শব্দ বোলাতকৈ উমৈহতীয়া জতুৱা শব্দ বোলাহে উচিত। জনজাতীয় থলুৱা ভাষাৰ গঠনশৈলীৰে সৈতে সাদৃশ্য থকা (অনুবাদগত ধাৰ),অসমীয়া উদ্ভিদ, ফল-মূল জাতীয় শব্দ কিছুমান হ’ল— গছ (গছবিৰিণা, গছমাহুদি), লতা (লতা, আমাৰি, লতা জৰি), ইত্যাদি পূৰ্বসৰ্গীয় আৰু আমৈলতা, আকাশীলতা, ভেবেলীলতা, লাজুকীলতা ইত্যাদি পৰসৰ্গীয়, লতি (কচুলতি, শুকলতি), টেঙা (নলটেঙা, দুপৰটেঙা, ঔটেঙা); পকা (বেলিপকা, জেতুলিপকা, টোলোঠা পকা), বন (বনগুটি, বনজালুক, বন তুলসী, ববচা বন), ফুল (কপৌফুল, কঠনাফুল, সতফুল) ইত্যাদি শব্দাংশ অবিচ্ছিন্নভাৱে লগ লাগি প্রয়োগ হোৱা শব্দ ।
সংস্কৃতিৰ লগত জড়িত শব্দৰ ভিতৰত বিভিন্ন সাজপাৰ, বিভিন্ন খোৱা-বোৱা, বাদ্য-যন্ত্ৰ, উৎসৱ-পাৰ্বন, বিভিন্ন ৰীতি-নীতি, লোক-বিশ্বাসৰ লগত জড়িত শব্দসমূহ অন্যতম। এইবিলাক শব্দ অসমৰ পটভূমিত বিভিন্ন থলুৱা সংস্কৃতিৰ সমাহৰণত গা কৰা বাবে স্বাভাৱিকতে সেই ভাষা সংস্কৃতিৰ গাইগুটীয়া উপাদান হোৱাৰ বিপৰীতে উমৈহতীয়াভাৱে বিকাশ হোৱা সম্পর্কে লোক-সংস্কৃতিবিদ আৰু নৃতত্ত্ববিদসকল একমত৷ উদাহৰণস্বৰূপে অসমৰ জাতীয় উৎসৱ বিহু আৰু বিহু সংস্কৃতিৰ লগত জড়িত বিভিন্ন শব্দ যেনে— হুচৰি, মেজি বা হাৰলি ঘৰ, জেং বিহু, উৰুকা, টকা-গগণা-পেঁপা ইত্যাদিৰ কথাকে বিবেচনা কৰিব পাৰি৷ বিহু শব্দৰ ব্যুৎপত্তি ব্যাপক আৰু বহুমুখী আৰু বহুক্ষেত্ৰত লোক-ব্যুৎপত্তি বা ভাষাগত সাদৃশ্যই ইয়াৰ মূল নির্ণয়ত অন্তৰায় হিচাপে দেখা যায়। আর্যমূলীয় বিষুৱ/বিষুৱণ/দ্বিষু, চীনা-টাইমূলীয় পয়হু/পিহু/বিহু (পয় = ৰং-ধেমালি) বা বৈহু (বৈ = পূজা, হু = গৰু), বড়োমূলীয় বিহু (বি খোজ, হু’ দি)—ৰ সৈতে ইয়াৰ যেনেকৈ সাদৃশ্য আছে, তেনেকৈ ডিমাছাৰ বিচু/বুচু, দেউৰীৰ বিচু (বি = অতি + চু = আনন্দদায়ক), তিৱাৰ বিচু, চাকমাসকলৰ বিঝু, ৰাভাৰ বাইখু, সোণোৱালৰ বাইথ, বৰোৰ বৈছাগু আৰু নামনি অসমৰ বিষমা/বিছুৱা উৎসৱৰ লগতো ইয়াৰ সাদৃশ্য আছে।
আচলতে উৰ্বৰা লোক বিশ্বাসৰ লগত জড়িত কৃষি উৎসৱ হিচাপে ই বিশ্ব/বুছু’ (বসুমতী) শব্দৰ সৈতেহে সম্পর্কান্বিত যেন বোধ হয়, যিটো উত্তৰ-পূৰ্বাঞ্চলত বিচু বা বিহু নামেৰে জনপ্ৰিয় হৈ উঠে।
জতুৱা ঠাঁচ খণ্ডবাক্যই হ’ল কোনো এটা ভাষাৰ একান্ত নিজা বস্তু যাক ভাষাটোৰ কালিকা বোলা হ’ল। সেয়েহে যিমানেই সি ওচৰ সম্পৰ্কীয় মূলৰ নহওঁক কিয় দুটা ভাষাৰ জতুৱা ঠাঁচৰ মিল কাচিহে পোৱা যায়। কিন্তু উত্তৰ-পূৰ্বাঞ্চলত গঢ়ি উঠা ভাষাগত ক্ষেত্ৰখনত বিষমমূলীয় ভাষাসমূহৰ সৈতে অসমীয়াৰ এনে জতুৱা ঠাঁচৰ যথেষ্ট মিল পোৱা গৈছে। উমৈহতীয়া জতুৱা ঠাঁচক তিনিটা প্রধান ভাগত শ্রেণীভুক্ত কৰিব পাৰি— (ক) শব্দগত গাঁথনি একে আৰু অৰ্থও একে, (খ) শব্দগত গাঁথনি কিছু বেলেগ কিন্তু অৰ্থ একে আৰু (গ) শব্দগত গাঁথনি একে অথচ অর্থ কিছু বেলেগ। উদাহৰণ— (ক) হাত দীঘল তু. আখাই গু’লাও (বৰো) ‘ক্ষমতাশালী’, মুখ লাগ্ তু. খুগা নাং (বৰো) ‘শাও লাগ’;পানী কৰ্ তু. চিকা চাং (ৰাভা)/দৈ জা (বৰো) ‘নষ্ট কৰ’;খাই পাত ফলা তু. জানানৈ লাই বিছিগ্ৰা (বৰো) ‘উপকাৰীৰ শলাগ নল’; পেট চল তু. বক ৰেং (ৰাভা) ‘পনীয়া শৌচ হ’; (খ) হাত লৰ্ তু. তাছি ৰোৱা (ৰাভা = হাত দীঘল) ‘চোৰ স্বভাৱৰ’; ইত্যাদি ।
২১। ডিমাছা ভাষাৰ লগত অসমীয়া ভাষাৰ সম্বন্ধ নিৰূপণ কৰা।
উত্তৰঃ বড়ো ভাষাৰ দৰেই ডিমাছাসকলৰ ডিমাছা ভাষাতো অসমীয়া ভাষাৰ লগত মিল থকা ভালেমান শব্দ পোৱা যায়। ভাষাৰ ফালৰ পৰা ডিমাছাসকল বড়ো গোষ্ঠীৰ হ’লেও ডিমাছাসকলে নিজকে স্বতন্ত্ৰ বুলি ভাবে আৰু ১৯৭২ চনত চৰকাৰেও সেই মর্মে ডিমাছা ভাষাক স্বীকৃতি দিয়ে। ডিমাছাৰে আঞ্চলিক ৰূপ হ’ল দিজুৱাচা, দেম্ৰাচা, হাৱাৰছা আদি । বড়ো গোষ্ঠীৰ ভাষাৰ ভিতৰত ডিমাছাসকলেই নিজৰ ভাষাৰ ঐতিহ্য যথাসম্ভৱ ৰক্ষা কৰিছে— কাৰণ এই ভাষা অন্য ভাষাৰ সংস্পৰ্শলৈ আহিছে কম। উজনি অসমৰ ডিব্ৰুগড় অঞ্চলত ‘ৱাথই’ (এবিধ বাঁহ), মেগলৌ পৰুৱা আদি শব্দবোৰ প্ৰচলিত। তেনে শব্দ ডিমাছা ভাষাতো পোৱা যায়। ডিমাছা ভাষাত‘ৱাথি’ মানে এবিধ বাঁহ, মাৰলি বাঁহ৷ এইক্ষেত্ৰত অসমীয়া শব্দৰ লগত মিল থকা ডিয়াছা ভাষাৰ শব্দ কেইটামান তলত উল্লেখ কৰা হ’ল —
ডিমাছা | অসমীয়া |
আৰ্ | আৰু |
ইগৰ | ইকৰা |
খাৱাই | কাৱৈ (মাছ) |
খিৰি | খেৰ |
গৰাই | ঘোঁৰা |
খনা | শুনা |
গামচা | গামোছা |
গুৰু (কুঁহিয়াৰক বুজায়) | গুৰ |
গুৱাই | গুৱা (তামোল) |
দুখিচা | দুখীয়া |
দালেম | ডালিম |
দাদা/দা | দাদা |
দিনি (আজি অর্থ বুজায়) | দিন |
সাপ্তাচ | সপ্তাহ |
দবা | ধোবা |
নাদিগাল | নাৰিকল |
পইচা | পইচা |
বতৰ (বতৰ বুব্লি) | বতৰ |
বান্দলা | বৰলা |
বুবাৰী | বুধবাৰ |
শব্দৰ গঠন, প্রত্যয় আদিৰ ক্ষেত্ৰতো অসমীয়া ভাষাই সুকীয়া ৰূপ লয় ৷ প্ৰথমতে অসমীয়াত নির্দিষ্টকৈ কোনো বস্তু বা মানুহক বুজাবলৈ ব্যৱহাৰ কৰা নিৰ্দিষ্টতাবাচক প্রত্যয়বোৰৰ কথা ক’বলগীয়া। এই প্রত্যয়বোৰৰ কিছুমানক আন কিছুমান শব্দৰ পিছতহে যোগ দিব পাৰি। কিন্তু তাৰ মাজত এটা বিশেষ নিয়ম থকা বুলি কোৱা টান; যেনে— হাতখন, কাণখন, কপালখন, চকীখন, মানুহটো, আঙুলিটো, কলমটো (পেঞ্চিল-ডাল)। অসমীয়া ভাষাৰ এই বৈশিষ্ট্যটোত চীন-তিব্বতীয় ভাষাৰ প্ৰভাৱ আছে। অসমীয়া ভাষাৰ নিচিনা আনকি অসমীয়া ভাষাৰে কিছুমান নিৰ্দিষ্টতাবাচক প্রত্যয় ডিমাছা ভাষাত পোৱা যায়। ডিমাছা ভাষাত নির্দিষ্টতাবাচক প্রত্যয় কিছুমান এনেধৰণৰ– চেমখাঁইচা (লোণকণ), চিনিখাইচা (চেনিকণ),বনখাথাই (খৰিকোছা), চামবখাথাই (ঘাঁহকোছা),গোৱাইবাজাব (তামোল থোকা) ইত্যাদি।
নঞ বা নাস্তি অর্থ বুজাবলৈ অসমীয়াত ক্ৰিয়াৰ আগত নাস্ত্যৰ্থক ৰূপ ‘ন’ যোগ হয় আৰু ধাতুটোৰ প্ৰথম স্বৰধ্বনি অনুযায়ী ‘ন’ৰ ‘অ’ স্বৰ-ধ্বনিৰ সমীভৱন ঘটে; যেনে— নমৰে/নামাৰে/নেমাৰে; নুশুনে ইত্যাদি। অসমীয়া ভাষাৰ এই বৈশিষ্ট্যটো সম্পূৰ্ণৰূপে চীনতিব্বতীয় ভাষাৰ প্ৰভাৱত গঢ়ি উঠা। এইক্ষেত্ৰত ডিমাছা ভাষাৰ বৈশিষ্ট্যটো আঙুলিয়াব পাৰি । ডিমাছা ভাষাৰ অনুজ্ঞাসূচক নাস্ত্যৰ্থক ৰূপ হ’ল ‘দা’। যেনে—ডিমাছা ‘দাথাং’ (নাযাবা)। অসমীয়া ভাষাত পঞ্চমী বিভক্তি নাই। ষষ্ঠী বিভক্তি ‘ৰ’ৰ পাছত ‘পৰা’ এই পৰসৰ্গটো যোগ দি অপাদানৰ অৰ্থ প্ৰকাশ কৰা হয় । জনজাতীয় ভাষাত এই বৈশিষ্ট্যটো পোৱা যায় ৷ এইক্ষেত্ৰত ডিমাছা ভাষাটো মন কৰিবলগীয়া। ডিমাছাত ‘আঞ্চা’ মানে ল’ৰা, ‘আঞ্চানি’ মানে ল’ৰাৰ, ‘আঞ্চানি প্ৰাং’ মানে ল’ৰাৰ পৰা, ‘বো’ মানে সি, ‘বোনি’ মানে তাৰ, ‘বোনি প্ৰাং’ মানে তাৰ পৰা।
অসমীয়া ভাষাত পৰসৰ্গৰ যথেষ্টৰূপে ব্যৱহাৰ হয়। তিব্বতবৰ্মীয় ভাষাতো বিশেষ্যবাচক পৰসৰ্গৰ ব্যৱহাৰ আছে। অসমীয়া ক্রিয়াবাচক পৰসৰ্গ দে/দেই-ৰ ক্ষেত্ৰত ডিমাছা ভাষাৰ ‘দউ’ [জিলাই দউ ‘খোৱাদেই’ৰ কথা মনলৈ আহে। স্থানবাচক শব্দৰ ক্ষেত্ৰত দেখা যায় যে— ডিমাপুৰ, লংকা (ডিমাছাঃ আলংকা) আদি ঠাইৰ নামৰ ডিমাছা ভাষাৰ পৰা হোৱা। ডিমাছা ভাষাত কটা অৰ্থত ‘দাঁই’ৰ ব্যৱহাৰ আছে। অসমীয়াত সিয়ে কটাৰ পৰা ধান কটা অৰ্থত ব্যৱহাৰ হোৱাটো যুক্তিসংগত। অসমীয়া ভাষাৰ ‘ৰিহা’ শব্দত যেনেকৈ ‘ৰি’ যুক্ত হৈ আছে, তেনেকৈ ডিমাছা ভাষাত কাপোৰ বুজাবৰ বাবে শব্দৰ আদিত ‘ৰি’ যুক্ত কৰা হয় ডিমাছা ভাষাৰ পৰা । উদাহৰণ, যেনে— ৰিচা = গামোচা, ৰিথাপ্ = লেপ্, ৰিজু = মেখেলা, ৰিখাওচা = চাদৰ, ৰিমচাও = এৰীচাদৰ আদি। তেনেকৈ মিচিং ভাষাতো ‘ৰিবিগাচেং’ উল্লেখযোগ্য এইক্ষেত্ৰত পুংখানুপুংখ অধ্যয়নৰ বাট পৰি আছে।
ডিমাছা | অসমীয়া |
আদাই | আইতা |
আজু/বুজু | ককা (তুলনীয়-অসমীয়া আজোককা) |
আমাই | মোমাই |
চুমা | শাহু |
দা, দাদা, বাদা | দাদা, ককাইদেউ |
বোবা-উ-জি | নবৌ |
বুফা | পিতা |
বুমা | আই |
বুমাদি | খুৰী |
বাহাউ | শহুৰ |
বেবি, বিবি | ভনী, ইত্যাদি |
আধুনিক অসমীয়া ভাষাৰ বহুবচনৰ প্ৰত্যয় ‘বোৰ’ আৰু ‘বিলাক’ৰ প্ৰয়োগত বৈয়াকৰণিক লিংগ প্ৰকৰণৰ ঠাইত বিশেষ বিশেষ শব্দৰ প্ৰয়োগেৰে অথবা বিশেষ্যৰ আগত পুৰুষ আৰু স্ত্ৰীনিৰ্দেশক শব্দৰ প্ৰয়োগেৰে লিংগ নিৰূপণ কৰা ৰীতিত তিব্বতবৰ্মীয় ডিমাছা, গাৰো আদি ভাষাৰ প্ৰভাৱ পৰিলক্ষিত হয়।
ডিমাছা ভাষাৰ লগত সাদৃশ্য থকা আন কিছুমান শব্দ হ’ল —
(ক) মাছমৰা সঁজুলি আৰু মাছ —
জাকৈ | জেখাই |
চেপা | চেফা |
প’ল | পল |
নৰা | নৰাউ |
লাচিম | মানিচিন |
(খ) গছ-গছনিৰ নাম —
সিজু | চি-গুজু |
ৰবাব | ৰেবা |
লফা | লাংফাই |
(গ) অন্যান্য –
জালি | জালাই কোমোৰা |
খৰলুটি | খেৰো |
জোং | জোং |
খামি | খামাউ-খাজি-ডাঠ |
২২। অসমীয়া ভাষাত ৰাভা ভাষাৰ প্ৰভাৱ আৰু ইয়াৰ উপাদানসমূহ বিশ্লেষণ কৰা।
উত্তৰঃ ৰাভা ভাষাৰ লগত মিল থকা অসমীয়া শব্দ কিছুমান উল্লেখ কৰা হ’ল—
অসমীয়া | ৰাভা |
আৰী (মাছ) | আৰি |
আৰু (কামৰূপী আৰ) | আৰো |
এন্ধাৰ (কামৰূপী আন্ধাৰ) | হান্দাৰ |
কপাল (কামৰূপী কাপাল) | কাপাল |
কাৱৈ (কামৰূপী কৈ) | কৈ |
কদম (গছ) | কদম |
কৰৱীৰ (ফুল) কামৰূপী কৰবিৰ | কুৰৰি |
খাট | খাট |
জাল | জাল |
শব্দৰ গঠন, প্রত্যয় আদিৰ ক্ষেত্ৰতো অসমীয়া ভাষাই সুকীয়া ৰূপ লয় ৷ প্ৰথমতে অসমীয়াত নির্দিষ্টকৈ বুজাবলৈ কোনো বস্তু বা মানুহক বুজাবলৈ ব্যৱহাৰ কৰা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰৰ কথা ক’বলগীয়া। এই প্রত্যয়বোৰৰ কিছুমানক কিছুমান শব্দৰ পিছতহে যোগ দিব পাৰি। কিন্তু তাৰ মাজতে এটা বিশেষ নিয়ম থকা বুলি কোৱা টান; যেনে— হাতখন, কাণখন, কপালখন, চকীখন, মানুহ-টো, আঙুলিটো । অসমীয়া ভাষাৰ এই বৈশিষ্ট্যটোত ৰাভা ভাষাৰ প্ৰভাৱ আছে । ৰাভা ভাষাৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয় হ’ল—‘বে’; যেনে— কায়-বে ‘মানুহজন’, পান-বে ‘গছডাল’।
নঞ বা নাস্তি বুজাবলৈ অসমীয়াত ক্ৰিয়াৰ আগত নাস্ত্যৰ্থক ৰূপ ‘ন’ যোগ হয় আৰু ধাতুটোৰ প্রথম স্বৰধ্বনি অনুযায়ী ‘ন’ৰ ‘অ’ স্বৰ-ধ্বনিৰ সমীভৱন হয়, যেনে—নমৰে, নামাৰে/নেমাৰে নুশুনে ইত্যাদি । অসমীয়া ভাষাৰ এই বৈশিষ্ট্যটো চীন-তিব্বতীয় ভাষাৰ প্ৰভাৱত গঢ়ি উঠা। এইক্ষেত্ৰত বড়ো, ৰাভা, নগা আদি ভাষাৰ বৈশিষ্ট্যবোৰলৈ আঙুলিয়াব পাৰি। চীন-তিব্বতীয় ভাষাত নাস্ত্যৰ্থক ৰূপ দুই ধৰণৰ। এবিধ ‘সাধাৰণ ৰূপৰ নাস্ত্যৰ্থক’ আৰু আনবিধ অনুজ্ঞাসূচক ‘নাস্ত্যৰ্থক ৰূপ’। ৰাভা ভাষাত অনুজ্ঞাসূচক নাস্ত্যৰ্থক ৰূপ হ’ল ‘টা’। যেনে—টা-ৰেং (নাখাবা), টা-খাৰ (নকৰিবা), টা-টং (নাথাকিবা)। অসমীয়া ভাষাত লিংগ ভেদ বুজাবলৈ অৱলম্বন কৰা তিনিটা উপায়ৰ ভিতৰত এটা হৈছে কিছুমান পুৰুষ আৰু স্ত্ৰী বুজোৱা, মুক্ত ৰূপৰ ব্যৱহাৰ; যেনে— মতা ম’হ, মাইকী ম’হ, মতা মানুহ, মাইকী মানুহ। এই প্রথাটো তিব্বতবৰ্মীয়ৰ ৰাভা ভাষাটো পৰিলক্ষিত হয়। ৰাভা ভাষাত ‘মাবা গোৰায়’ মানে মতা ঘোঁৰা, ‘মাজু ঘোৰায়’মানে মাইকী ঘোঁৰা; মাবা গাধা (মতা গাধ), মাজু গাধা (মাইকী গাধা), মাবা মিংকু (বান্দা), মাজু মিংকু (জাঁই)।
অসমীয়া ভাষাত পৃঞ্চমী বিভক্তি নাই। ষষ্ঠী বিভক্তি ‘ৰ’ৰ পাছত ‘পৰা’ এই পৰসৰ্গটো যোগ দি অপাদানৰ অৰ্থ প্ৰকাশ কৰা হয়। জনজাতীয় ভাষাত এই বৈশিষ্ট্যটো পোৱা যায়৷ এইক্ষেত্ৰত ৰাভা ভাষাটো মন কৰিবলগীয়া। ৰাভা ভাষাত আং (মই), আং-ই (মোৰ), আং-ই-পাৰা (মোৰ পৰা), চিং (আমি), চিং-ই (আমাৰ), চিং-ই-পাৰা (আমাৰ পৰা)। ৰাভা ভাষাত পোনা-মাছক ‘পোংন্না’ বোলে।‘পোনা’ শব্দটো তাৰ পৰা আহিব পাৰে। কামৰূপী উপভাষাত ব্যৱহৃত ‘চেপন’ (ঠেক) শব্দটো ৰাভা ভাষাৰ। তেনেকৈ বাক্ৰা (মুকলি ঠাই) শব্দটোৰ মূল ৰাভা ভাষাৰ ‘বাখ্ৰা’ শব্দ।
অসমীয়া ভাষাত ত্রুটিপূৰ্ণভাৱে প্ৰয়োগ হোৱা অন্যতম অর্থবহ শব্দ হ’ল সংস্কৃত বৎসৰ পৰা উদ্ভুত বাছা আৰু তাৰ সমাৰ্থক ছাৱা (গোৱালপৰীয়া), ছাৱ/ছৱাল (ব্ৰজাৱলী), ছলী (কামৰূপী) আৰু ছোৱালী (মান্য অসমীয়া)। ইয়াৰ সমতুল্য তিব্বতবর্মীয় মূল হ’ল *Za আৰু চীন তিব্বতীয় *tsa (সন্তান)। উদাহৰণস্বৰূপে বড়ো ভাষাৰ ফিছাডলা (ল’ৰা) আৰু ৰাভা ভাষাৰ ছা-ব্ৰা (সন্তান) শব্দটোৰ লগত অসমীয়াৰ লৌকিক ৰূপ ছাৱ, ছাৱা, ছৱাল (সন্তান) শব্দটোৰ অধিক সাদৃশ্য আছে। মন কৰিবলগীয়া যে তিব্বতবৰ্মীয় ভাষাৰ বিশেষকৈ বড়োমূলীয় ভাষাৰ অন্যতম প্রধান দুটা জনগোষ্ঠী হ’ল নামনি অসমত প্ৰচলিত ৰাভা আৰু গাৰো ভাষা। এই উভয়ে ভাষাতে পৰসৰ্গ যোগে সম্বন্ধবাচক নিৰ্দিষ্টতা গঠন কৰা ৰীতি আছে, যাৰ প্ৰয়োগ অসমীয়াৰ সৈতে প্রায় একে অর্থাৎ তৃতীয় পুৰুষৰ উল্লেখত (reference) সম্বন্ধবাচক শব্দৰ লগত ৰাভা ভাষাত (ব্রা) পৰ প্ৰত্যয়ৰ প্ৰয়োগ হয়। নামনি অসমত প্ৰচলিত ৰাভামিজ ভাষাত (ব্ৰা)-বাৰা পৰ প্ৰত্যয়টোৰ লগত অসমীয়া ভাষাৰ দ্বিতীয় পুৰুষৰ মান্যাৰ্থৰ -এৰা/ৰা পৰপ্ৰত্যয়ৰ সাদৃশ্য মন কৰিবলগীয়া।
অসমীয়া ভাষাত প্ৰচলন থকা কেতবোৰ শব্দ তিব্বতবর্মীয় অন্যান্য ভাষাতো সমানেই সমাদৃত। এইটো আমোদজনক কথা যে এনে কেতবোৰ শব্দৰ লোক ব্যুৎপত্তিৰ দ্বাৰাই হওঁক বা অন্যান্য ভাষা সূত্ৰৰ দ্বাৰাই হওঁক, অতি সুন্দৰভাৱে ব্যাখ্যা কৰিব পৰা যায়। তেনে শব্দৰ লগত ৰাভাৰ ভাষাৰ শব্দৰ তালিকা প্রস্তুত কৰা হ’ল—
অসমীয়া | ৰাভা | গাৰো | মিচিং |
মইনা/মইনা চৰাই | ময়না | মোনা | মইনাং |
হিলৈ/বৰতোপ | ছিলাই | ছিলাই | ______ |
কটাৰী | কাট্রাই | ______ | ______ |
আনহাতে পাৰ শব্দৰ সমার্থক শব্দৰ ৰাভা ভাষাত প্ৰয়োগ হোৱা শব্দটো হ’ল—
অসমীয়া | ৰাভা |
পাৰ | পাৰক |
ভাটৌ | বাতো/তিয়া/তোতা |
ড° বাণীকান্ত কাকতিয়ে অসমীয়া কুৰ প্ৰত্যয়ৰ প্ৰয়োগ ব্যাখ্যা কৰোঁতে প্ৰসংগক্ৰমে মেকুৰী শব্দটোৰ ধ্বন্যাত্মক শব্দৰ পৰা সাধিত হোৱা বুলি দেখুৱাইছে। লগতে তেওঁ Dr. Blochএ পৰামৰ্শ দিয়া *-kar-i কর্তৃবাচক প্রত্যয় (a-i> u-i) টোৰ লগত ইয়াৰ কিবা সম্পর্ক থাকিব পৰাৰো ইংগিত দিছে। ৰাভা-মিংকু, খাচী (miaw) মিআৱ তুলনীয় গোৱালপৰীয়া : মেকাৰ/নেকাৰ আৰু অসমীয়া— মেকুৰী।
ডিম্বেশ্বৰ নেওগৰ The Origin and Growth of the Asamiya Languageৰ মতে বাছা (সন্তান) > বছেৰা (পুতৌবাচক শব্দ); আব্দুছ ছাত্তাৰৰ ‘সংমিশ্ৰণত অসমীয়া সংস্কৃতি মতে ফাচী বে (হীন) -চাৰা (আশ্রয়) = বেচাৰা (আশ্রয়হীন)> অসমীয়া বেচেৰা/বেচেৰী; সাদৃশ্য ফাৰ্চী-বেচাৰগী (আশ্রয়হীনতা)। নৃগোষ্ঠীয় উপভাষাত বাছৰা (ৰাভামিছ) আৰু বাৰা (বৰো-অসমীয়া) শব্দটো বোপুৰা, তুলনীয় চৰ্যা— বাপুড়া শব্দৰ সমাৰ্থক হিচাপে প্ৰয়োগ হয় ৷ আচলতে শব্দটো ৰাভা ভাষাৰ ‘বাফ্ৰা’ শব্দৰ পৰাও আহিব পাৰে ৷
অসমীয়া ভাষাৰ খাহী শব্দটো আৰবী খচ্চী (খাচ্চী) শব্দৰ পৰা অহা বুলি ভবা হয় (আব্দুছ, ছাত্তাৰ)। কিন্তু বৰো-ৰাভা আদি তিব্বতবৰ্মীয় ভাষাত গছ এজোপাৰ গুৰি কুঠাৰেৰে বখলিয়াই থিয়ৈ থিয়ৈ মৰিবলৈ দিয়া কাৰ্য (হাৰি দিয়া) নতুবা তেনে ধৰণৰ পোহনীয়া মতা জন্তুক বন্ধাই নিৰ্বীজকৰণ কৰাকে ‘খাছি’ কৰা বোলে। ‘খাছি’ হোৱাৰ পিছত জন্তুটো নোদোকা হয় আৰু তাক এই নামেৰে মতা হয়। যেনে— বৰোঃ ওমাখাছি (খাহী গাহৰি), ৰাভা-বাকখাছি ইত্যাদি।
অসমীয়া আলি (পথ, সীমা) শব্দৰ সমাৰ্থক বৰো প্ৰভৃতি তিব্বতবৰ্মীয় ভাষাত যেনেদৰে ত্রুটিপূৰ্ণ ৰূপ-গাঠনি পোৱা যায় তেনেদৰে ৰাভা ভাষাতো পোৱা যায় ৷
২৩। অসমীয়া আৰু অসমৰ তিব্বতবৰ্মীয় ভাষা সম্পর্কে এটি নিবন্ধ যুগুত কৰা।
উত্তৰঃ অসমীয়া উপভাষা চৰ্চাৰ বাটকটীয়া হ’ল ড° উপেন্দ্ৰনাথ গোস্বামী। তেওঁ ‘A Study on Kamrupi : A Dialect of Assamese’ শীৰ্ষক গৱেষণাৰ জৰিয়তে অসমৰ অন্যতম উপভাষাঃ কামৰূপীৰ ধ্বনিগত, ৰূপগত আৰু বাক্যগত বৈশিষ্ট্যৰাজি ফঁহিয়াই অসমীয়াৰ মান্যৰূপ আৰু অন্যান্য সমবৰ্গীয় ভাষাৰ সৈতে ইয়াৰ সম্বন্ধ নিৰূপণ কৰিছে।
সাম্প্রতিক কালত অসমীয়া ভাষাৰ উপভাষা বৈজ্ঞানিক চর্চাই ব্যাপক সমাদৰ লাভ কৰিছে আৰু গোৱালপৰীয়া বা কামৰূপী উপভাষাৰ অন্তৰ্গত প্রায় কেইটা স্থানীয় উপভাষাসমূহৰ বিষয়ে সম্যক বিৱৰণ আৰু সমল পৰ্যাপ্ত হৈ উঠিছে। সেইবাবে অসমীয়া ভাষাৰ ন কৈ উপভাষিক শ্রেণী বিভাজনৰ প্ৰয়োজনীয়তা আহি পৰিছে। দৰং অঞ্চলৰ দৰঙীয়া, পলাশবাৰী অঞ্চলৰ পলাশবৰীয়া ইত্যাদি অসমীয়াৰ বিভিন্ন স্থানীয় ৰূপসমূহৰ পৰা সমল আহৰণ কৰি ইতিমধ্যে আঞ্চলিক বা চলন্ত অসমীয়া অভিধানত স্থান দিয়া হৈছে। সেইদৰে ৰাভা, হাজং, সোণোৱাল, কছাৰী, আহোম আদি জনগোষ্ঠীকেন্দ্রিক বিভিন্ন নৃগোষ্ঠীয় উপভাষাৰ পৰা আহৰণ কৰা শব্দ সম্ভাৰৰ নিচিনাকৈ বিভিন্ন লেখকৰ বিভিন্ন লিখনিৰ মাজেদি জনাদৃত হোৱা এনে শব্দ-সন্তাৰৰ প্ৰাচুৰ্যই অসমীয়া ভাষাৰ ঔপভাষিক বৈচিত্র্য প্রতীয়মান কৰিছে। আনহে নালাগে চাহ-বাগিছা অঞ্চলৰ প্ৰচলিত অসমীয়াৰ ভগ্ন ৰূপ (সাদানি বা সাদাৰি) সদৃশ নাগালেণ্ডৰ নাগামিজ, অৰুণাচলৰ অৰুণামিজ বা নেফামিজ আদি মিশ্রিত ভাষাৰ ভাষাতাত্ত্বিক অধ্যয়নে পণ্ডিতসকলক যথেষ্ট চিন্তাৰ খোৰাক যোগাইছে।
সোণোৱাল, কছাৰী, ঠেঙাল কছাৰী, আহোম, হাজং, ৰাজবংশী, মটক-মৰাণ আদি জনগোষ্ঠীৰ লগতে মাতৃভাষা পাহৰা ৰাভাৰ-পাতি, দাহৰি, টোটলা, মিছিঙৰ চামগুৰীয়া, বেবেজীয়া, দেউৰীৰ টেঙাপনীয়া, বৰগঞা, ডিমাছাৰ বৰ্মন কছাৰী তিৱাৰ দাতিঅলীয়া আদি ফৈদসকলৰ মাতৃভাষা ৰূপত প্ৰচলিত কথিত অসমীয়াৰ অনুৰূপভাৱে গাৰো-খাছী ভূটীয়া আৰু বিভিন্ন পৰ্বতীয় জনগোষ্ঠীৰ পিজিন অসমীয়া মিলি এক সার্বজনীন অসমীয়া হিচাপে তুলি ধৰাৰ প্ৰৱণতাও গা নকৰা নহয়। অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত সংৰক্ষিত হৈ থকা ভিন ভিন মন্ত্ৰ-সাহিত্য, ফকৰা-যোজনা, লোকগীত আদিত এইবোৰ নিদৰ্শন হিচাপে লিপিবদ্ধ হৈ আছে। দেউৰীৰ হুৰাই ৰাঙলী গীত, সোণোৱাল কছাৰীৰ হাইদাহ, বৰগীত (হুঁচৰি), তিৱাৰ বৰত পূজাৰ গীত, ৰাভাৰ মাৰেগান, বহুৰাভী বাগেজাৰী গীত, মিছিঙৰ অ’ইনিতমৰ অসমীয়া কলি এই ধৰণৰ নৃগোষ্ঠীয় অসমীয়াত ৰচিত উৎসৱ-অনুষ্ঠানমূলক গীতৰ উত্তম নিদর্শন।
সেইদৰে নগৰমুখী হিন্দীভাষী (ৰিক্সাৱালা, ফেৰীৱালা, কুলী, ব্যৱসায়ী) লোকৰ মুখে মুখে প্রচলিত বজৰুৱা অসমীয়া, চৰ নিবাসী মৈমনসিঙীয়া লোকৰ (অধিবাসী সম্প্রদায়) নব্য অনুকৃত অসমীয়া (ৰাজহুৱা ভাষণ আদি ব্যৱহৃত), ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ বা উকীল-ডাক্তৰ-অধ্যাপক আদি বৃত্তিৰ শৈলী অসমীয়া (বৰ্গভাষা), সংগঠন বা দলৰ সাংকেতিক ভাষা (গুপ্ত ভাষা), ছাত্র নিৱাস, ছাত্রী নিৱাসৰ বৰ্গ ভাষা ইত্যাদি উপভাষা বিজ্ঞানৰ Register (পৰিস্থিতি নিৰ্ধাৰক ব্যক্তিভাষা), Diglossic (পৰিস্থিতি নিৰ্ধাৰক আনুষ্ঠানিক ভাষা)ৰ দৃষ্টিৰে পৰ্যবেক্ষণ কৰাৰ সম্পর্কে প্রয়োজনীয়তা আহি পৰিছে।
অসমীয়াৰ বাবে অসমীয়া লিপি আছে যদিও তিব্বতবৰ্মীয় ভাষাৰ কোনো গোষ্ঠীৰ নিজা লিপি নাই। সেইবাবে এইসমূহ ভাষাই বিভিন্ন সময়ত বিভিন্ন লিপি গ্রহণ কৰি আহিছে। ব্ৰিটিছসকলে প্ৰৱৰ্তন কৰা ৰোমান লিপিকে গাৰো, খাচী, মিজো আদি প্ৰায়বিলাক পৰ্বতীয়া জনগোষ্ঠীয় ভাষাত বৰ্তমানলৈকে প্ৰচলিত হৈ আহিছে। এসময়ত তিৱা, কাৰ্বি, মিছিং, ডিমাছা প্রভৃতি ভাষাত ৰোমান লিপিৰ প্ৰতি বিশেষ আকর্ষণ নাছিল যদিও বর্তমান ৰোমান লিপিৰ প্ৰতি আকৰ্ষণ বাঢ়িবলৈ ধৰিছে । আনহাতে ৰাভা, দেউৰী আদি ভাষাই অসমীয়া লিপিৰ প্ৰতি পূৰ্বাৱধি প্রীতি বজাই ৰাখিছে। মণিপুৰৰ ৰাজ্যিক চৰকাৰে সম্প্ৰতি পূৰ্বৰ পৰা চলি অহা বাংলা লিপিৰ ঠাইত মণিপুৰৰ নিজা প্রাচীন লিপি চলোৱাৰ ব্যৱস্থা কৰিছে ৷ তাহানিতে বড়ো লিপিত অসমীয়া নাইবা ৰোমান দুয়োটা লিপিৰে সমান্তৰাল প্ৰয়োগ আছিল যদিও বর্তমান দেৱনাগৰী লিপিকে গ্ৰহণ কৰা হৈছে।
২৪। অসমীয়া ভাষাত খাছী ভাষাৰ উপাদান সম্পর্কে এটি আলোচনা আগবঢ়োৱা।
উত্তৰঃ অসমলৈ অষ্ট্ৰিকসকল কেতিয়া আহিছিল সেই কথা এতিয়াও নিৰ্ণয় হোৱা নাই যদিও খৃষ্টপূর্ব কালতেই যে এওঁলোকে অসমত বসতি কৰিছিল সেই বিষয়ে সন্দেহৰ অৱকাশ নাই ৷ অসমীয়া ভাষাৰ ওপৰত অষ্ট্ৰিক গোষ্ঠীৰ প্ৰভাৱ দুটা স্তৰত হৈছে। প্ৰথম স্তৰত (যাৰ একমাত্র সাক্ষী খাচী ভাষা) যি প্ৰভাৱ পৰিছিল সি বিস্তৃত আৰু গভীৰ, কাৰণ অসমীয়া ভাষাৰ গঠন কালতে এই প্ৰভাৱে ক্ৰিয়া কৰিছিল। মধ্যপ্ৰদেশৰ ‘কুকী’ আৰু ‘মুণ্ডা’ আৰু শ্বিলঙৰ খাছীয়া ভাষাত এই অষ্ট্ৰ’এছিয়াটিক ভাষাৰ ভিতৰুৱা ৷ পাছত অইন পৰাক্ৰমী জাতিয়ে সিহঁতক বশ কৰাত কিছুমানে নিজ জাতীয়ত্ব ৰক্ষা কৰিবলৈ বুলি খাছীয়া পৰ্বত আৰু আন ঠাইত আশ্রয় লয়। কিছুমানে ভৈয়ামত থাকি আৰ্যসভ্যতা আৰু ভাষা গ্ৰহণ কৰিলে ৷
অসমীয়াকে আদি কৰি উত্তৰ ভাৰতীয় কিছুমান ভাষাত ভূত কালত ‘ল’ যোগ দিয়াৰ কাৰণ সম্বন্ধে পণ্ডিতসকল একমত হ’ব পৰা নাই। Beames আৰু Kellogৰ মতে এই ‘ল’ইণ্ডোজার্মান যুগতে আর্য ভাষাত আছিল ৷ এতিয়া ‘শ্লেভ’ আৰু ‘তাখোৰীয়া’ ভাষাত থকাৰ উপৰি ভাৰতীয় কিছুমান ভাষাত আছিল। ভণ্ডাৰ্কৰ পণ্ডিতকে মুখ্য কৰি কিছুমানে কয় ‘ক্ত’ প্রত্যয়ান্ত কৃদন্ত পদৰ পাছত এই ‘ল’ স্বার্থে যোগ হ’ল। যেনে— ‘গতঃ— ‘গতল’, ‘গঅল’— ‘গৈল’ ‘‘গেল’ বা ‘গ’ল’। এই ‘ল’টো সংস্কৃতত কেতিয়াবা বিশেষণীয় প্রত্যয় স্বৰূপে পোৱা যায়। যেনে— ‘পঙ্ক’— ‘পঙ্কিল’। কিন্তু ‘ত’ বা ‘ক্ত’ প্ৰত্যয়ান্ত কৃদন্তত (ভূত কালত) এই ‘ল’টোহে যোগ হ’ল। এই ভাষাটো ভূতকাল বুজাবলৈ ‘ল’টো ধাতুত যোগ হয় ৷ যেতিয়ালৈকে এই মানুহবোৰে নিজ ভাষা কৈ আছিল তেতিয়ালৈকে ভূতকালত ‘ল’ ব্যৱহাৰ কৰাৰ উদাহৰণ তলত গোটাচেৰেক দিয়া হ’ল—
ভাষাৰ নাম | বর্তমান কাল | ভূত কাল |
মালাক্কা দ্বীপৰ ‘চকৈ’ ভাষা | কে চিপ (সি যায়) | কেলঞ্চিপ (সি গ’ল) |
শ্বিলঙৰ ‘খাছীয়া’ ভাষা | উ লেইট (সি যায় | উললেইট্ (সি গ’ল) |
অষ্ট্ৰ’এচিয়াটিক ভাষা কওঁতাবিলাকৰ কিছুমানে দ্ৰাৱিড়ী জাতিৰ লগত সান-মিহলি হৈ উত্তৰ ভাৰততে থাকি আত্মবিলোপ কৰিলে। বাকীবোৰৰ কিছুমানে মধ্যভাৰতৰ মালভূমিত, খাছীয়া পাহাৰত, উত্তৰে হিমালয়ৰ নামনিত থকা মান-তিব্বতী ভাষা কওঁতাবিলাকৰ লগত সানমিহলি হ’লগৈ। তাত থকা এতিয়া সিহঁতৰ ভাষাক Hodgson চাহাবে ‘কিৰান্তী’ নাম দিছে। মহাভাৰতত এই অষ্ট্ৰ’এচিযাটিক জাতিভুক্ত খাছীয়া আদি মানুহকে সম্ভৱতঃ ‘কিৰাত’ বুলিছিল। মাজভাৰতত (হিন্দী ভাষাৰ এলেকাত) ভূত কালৰ ‘ল’নাই।
প্রাচীন অসমৰ খাছীয়া জয়ন্তীয়া পাহাৰত বাস কৰি থকা খাছী জনগোষ্ঠীটোৰ প্ৰধান ভাষা খাছী। এই খাছী জনগোষ্ঠীটোৱে পাহাৰত বসবাস কৰিলেও বিভিন্ন সময়ত ঘাইকৈ ৰাজনৈতিক আৰু বাণিজ্যিক কাৰণত ভৈয়ামৰ লোকৰ লগত সঘনাই মিলা-মিছা কৰি আহিছে। তাৰ ফলস্বৰূপে পৰ্বত-ভৈয়ামৰ ভাষাৰ মাজত পাৰস্পৰিক বিনিময় ঘটাত বহুতো অষ্ট্রিক উপাদান অসমীয়া ভাষাত সোমাই পৰিছিল।
অসমীয়া ভাষাৰ অনুৰূপ শব্দ গঠনত খাছী, কোল প্রভৃতি ভাষাগোষ্ঠীৰ প্ৰভাৱ আছে। সংখ্যাবাচক শব্দৰ পাছত নির্দিষ্টতাবাচক প্রত্যয় সংযোগ ৰীতি এই ভাষাৰ পৰাই আহিছে। খাছী ভাষাৰ পৰা অসমীয়া ভাষালৈ অহা বুলি অনুমান কৰা কেতবোৰ শব্দ হ’ল— কাবৌ, কিংখাপ, খামোচ, খং, কমা (যেনে— পানীত মাছ কমায়), দোং (সৰু খাল), জপা, জহা, জঞ্জাল, হেনো, নেই, মেথোন, চোকোৰা (কণীৰ চোকোৰা), শালমন, নোদোকা, টোকোনা আদি।
অষ্ট্ৰিক ভাষাগোষ্ঠীৰ কোল-মুণ্ডাৰী, খাছী, প্রভৃতি ভাষাৰ শব্দৰ প্ৰভাৱ অসমীয়া ভাষাত যথেষ্ট পৰিমাণে আছে। ড° বাণীকান্ত কাকতিয়ে অসমৰ বহুতো ঠাইৰ নামৰ শব্দ যেনে— কামাখ্যা, কামৰূপ, হাৰূপেশ্বৰ আদি মূলতে অষ্ট্ৰিক হ’ব পাৰে বুলি সন্দেহ কৰিছে। খাছীসকল পাহাৰুৱা অঞ্চলত বাস কৰিছিল বাবেই পাহাৰ, টিলা, টিং আদি শব্দসমূহ অসমীয়া ভাষাত সোমাইছে। অসমীয়া ‘গুৱা’ শব্দটো অষ্ট্ৰিকমূলীয় খাছী ভাষাৰ ‘কুৱা’ৰ পৰা অহা ৷ সেইদৰে গুৱাহাটী শব্দটোতো অষ্ট্ৰিকৰ প্ৰভাৱ অনুভূত হয়।
সম্বন্ধবাচক শব্দৰ ভিতৰত ‘ককাই’ আৰু ‘বাই’ অষ্ট্ৰিক উৎসৰ পৰা অহাৰ সম্ভাৱনাই অধিক। অন্যান্য সাদৃশ্য থকা শব্দ হ’ল— খাছী— টাঙোন, দাং খং, নোদোকা ইত্যাদি।
ড° বাণীকান্ত কাকতি প্ৰমুখ্যে অন্যান্য ভাষাবিদৰ দৃষ্টিত এতিয়ালৈকে নপৰা এনে কেতবোৰ খাছী শব্দৰ প্ৰচলন অসমীয়াত আছে। তেনে কেতবোৰ তালিকা তলত দিয়া হ’ল—
অসমীয়া | খাছী |
মইনা/মইনা চৰাই | মোইনা |
হিলৈ/বৰতোপ | কা ছুলোই |
কটাৰী | কা তাৰি |
টুটুকীয়া, √ঠগ, √ঠগা,< গ = M.I.A. ঠগ | √থক, জিংথক |
২৫। অষ্ট্রিক বনাম তিব্বত-বৰ্মীয় ভাষাৰ উপাদান’ কথাষাৰৰ যথাৰ্থতা নিৰূপণ কৰা।
উত্তৰঃ ড° বাণীকান্ত কাকতিয়ে ‘অসমীয়া ভাষাৰ গঠন আৰু বিকাশ’ নামৰ ইংৰাজীত লিখা গৱেষণা গ্ৰন্থখনৰ “আর্য ভিন্ন উপাদান” শিতানত খাছী, কোলাৰীয় আৰু মালয় আদি অষ্ট্ৰ’এছিয়াটিক ভাষাৰ বহু উপাদান অসমীয়া ভাষাত আছে বুলি কৈছে। তেওঁৰ গ্ৰন্থখনিত উল্লিখিত তেনে বহু উপাদানৰ প্ৰয়োগ আৰু উপস্থিতি বড়ো, ৰাভা, গাৰো, কাৰ্বি প্রভৃতি অসমবর্মীয় ভাষাত আৰু মিছিং প্রভৃতি উত্তৰ-অসম শাখাৰ ভাষাতো আছে। বৰঞ্চ, কোনো কোনো ক্ষেত্ৰত অষ্ট্রিক ভাষাতকৈ তিব্বত-বর্মীয় ভাষাৰেহে ইবিলাক অধিক পৰিষ্কাৰকৈ বিশ্লেষণ কৰিব পৰা যায়। উদাহৰণস্বৰূপে ড° কাকতিয়ে অসমৰ প্ৰাচীন ঠাইসমূহৰ অন্যতম ‘কামৰূপ’ আৰু ‘কামাখ্যা শব্দটো অষ্ট্ৰিক ভাষাত পোৱা মৰাশ, ভূত-প্ৰেত আৰু যাদুমন্ত্ৰ সম্পৰ্কীয় শব্দসমূহৰ (যেনে khmoch: khmer, ka-met: khasi, kamrup/kamrup Santal) আর্যীকৰণ হৈ সৃষ্টি হোৱা শব্দ বুলি যুক্তি দাঙি ধৰিছে।
সেই একেটা শব্দৰে বুৎপত্তি সাধন ড° প্রমোদচন্দ্র ভট্টাচার্য প্রমুখ্যে বহু পণ্ডিতে বড়ো ভাষাৰে এনেদৰে কৰিছে— খাম (পোৰ) + ব্ৰু। গাব্রু (টানি দীঘল কৰা) > খামৰুদ (Stretch of burnt land), তুলনীয় হা-খাম (hasam = পোৰা মাটি) > আখাম (Proto Bodo-garo) * hakham > a’kham > asam। ড°কাকতিয়ে নিজেও বড়োমূলীয় উপাদান হিচাপে দি-/দৈ-পূর্বসর্গযুক্ত নদীবাচক আৰু হা-পূর্বসর্গযুক্ত স্থানবাচক শব্দসমূহৰ উল্লেখ কৰিছে। অথচ তেজপুৰৰ শিলালিপিত উদ্ধৃত ‘হাৰুপেশ্বৰ’ নামৰ স্থানবাচক শব্দটোৰ ব্যুৎপত্তি সাধনত বড়ো হা-পূৰ্বসৰ্গৰ কথা উপেক্ষা কৰি চাওঁতালী হৰ (পাহাৰ) আৰু হৰুপ (পাচি বা কাঁহীৰে ঢাকি দি) শব্দটোলৈহে টোৱাইছে। তদ্রূপ তিহু, তি-পাম, তি-য়ক, বদ-তি, নাম-তি আদি স্থানবাচক শব্দসমূহৰ তি/-তি পৰসৰ্গ নতুবা পূৰ্বসৰ্গটোৰ উৎস পানী বুজোৱা অষ্ট্ৰিক তিউ, তু আৰু মাটি বুজোৱা অষ্ট্ৰিক তা, তে ইত্যাদি বুলি উল্লেখ কৰিছে। কিন্তু তিববত-বর্মীয় ভাষাসমূহত পানীবাচক সাধাৰণ অনুপদ হ’ল তি/চি/জি/দি/দৈ; সেই দিনৰ পৰা তিৱা ভাষাত অবিকলভাৱে প্ৰচলিত ‘তি’ উপাদানৰ কথাহে অধিক বিবেচনীয়।
ড° কাকতিৰ মতে খাচী, মুণ্ডা, চাওঁতালী প্রভৃতি অষ্ট্ৰিক ভাষাৰ পৰা আহিব পৰা বিভিন্ন অসমীয়া শব্দৰ সৈতে সাদৃশ্য থকা শব্দসমূহৰ তালিকাত তিব্বত-বৰ্মীয় বড়ো আৰু ইয়াৰ সগোত্রীয় ভাষাসমূহৰ শব্দসমূহো আছে। উদাহৰণ— ডিঙা, জপা, দোমোচা, টাৰি, ভুৰ, হেনো (অনুপদ); √টিক্, টিলা, উঁই, সিজু ইত্যাদি।
অসমীয়া ভাষাৰ অন্যতম বৈশিষ্ট্য হ’ল— সম্বন্ধবাচক শব্দৰ গঠন আৰু প্ৰয়োগৰ স্বতন্ত্রতা ৷ অসমীয়া ভাষাত – আই,/-এৰ,/-এৰা,/-এক পৰপ্ৰত্যয় যোগ কৰি সম্বন্ধবাচক শব্দৰ পুৰুষ অনুযায়ী ৰূপ-সাধন কৰা হয়। তদুপৰি বয়সৰ সৰু ডাঙৰ ভেদ কৰা পৃথক শব্দৰো প্ৰয়োগ অসমীয়াত আছে— যিটো বাংলা প্রভৃতি অন্যান্য মগধীয় ভাষাত পাবলৈ নাই ৷ গ্ৰীয়াৰ্ছনে তিব্বত-বৰ্মীয় ভাষাসমূহৰ, বিশেষকৈ বড়ো ভাষাত সর্বনামীয় পূর্বসর্গ যোগ সম্বন্ধ-বাচক শব্দৰ নিৰ্দিষ্টতা বুজোৱা ৰীতিলৈ চাই অসমীয়া ভাষাত ইয়াৰ প্ৰভাৱ পৰিছে বুলি যুক্তি দিব বিচাৰে। কিন্তু ড° কাকতিয়ে অসমীয়া ভাষাত চাওঁতালী ভাষাৰ নিচিনাকৈ পৰসৰ্গ যোগেৰে পুৰুষবাচক সম্বন্ধ নিৰ্দিষ্টতা গঠন হোৱা ৰীতিলৈ চাই ডাঠিকৈ অসমীয়া ভাষাই কোলাৰীয় ভাষাসমূহৰ পৰাহে যে এনে বৈশিষ্ট্য লাভ কৰিছে বুলি যুক্তি দাঙি ধৰিছে। মন কৰিবলগীয়া যে তিব্বত-বৰ্মীয় ভাষাৰ বিশেষকৈ, বড়োমূলীয় ভাষাৰ অন্যতম দুটা প্রধান ভাষাগোষ্ঠী হ’ল নামনি অসমত প্ৰচলিত ৰাভা আৰু গাৰো ভাষা। এই উভয় ভাষাতে পৰসৰ্গ যোগে সম্বন্ধবাচক নির্দিষ্টতা গঠন কৰা ৰীতি আছে, যাৰ প্ৰয়োগ অসমীয়া ভাষাৰ সৈতে প্রায় একে অৰ্থাৎ তৃতীয় পুৰুষৰ উল্লেখত (reference) সম্বন্ধবাচক শব্দৰ লগত ৰাভা ভাষাত (ব্রা) আৰু গাৰো ভাষাত (-গিপা/-থাং) পৰ প্ৰত্যয়ৰ প্ৰয়োগ হয়। নামনি অসমত প্ৰচলিত ৰাভামিজ ভাষাত – ব্রা > /- বাৰা পৰ প্ৰত্যয়টোৰ লগত অসমীয়া ভাষাৰ দ্বিতীয় পুৰুষ মান্যাৰ্থৰ – এৰা/-ৰা পৰ প্ৰত্যয়ৰ সাদৃশ্য মন কৰিবলগীয়া।
তিব্বত-বর্মীয় (চীন-তিব্বতীয় ভাষা পৰিয়ালৰ এটা শাখা) ভাষাৰ অন্যতম বৈশিষ্ট্য হ’ল {আ~আ} সর্বনামীয় পূর্বসর্গ যোগে সম্বন্ধবাচক শব্দৰ গঠন। সেইবাবে ড°কাকতিয়ে অষ্ট্রিক প্ৰভাৱান্বিত বুলি উল্লেখ কৰা আতা, আবু, আই, আমৈ আৰু অকণ, অকণি (অষ্ট্রিক awaka nit) শব্দকেইটা যুক্তিসংগতভাৱেই তিব্বত-বর্মীয়। তদ্রুপ বোপাই/বাপা, ককাই/কাকা, বাই আদি অষ্ট্ৰিকমূলীয় বুলি ড°কাকতিয়ে উল্লেখ কৰা সম্বন্ধ শব্দবৰো, তিৱা, দেউৰী আদি তিব্বত-বর্মীয় ভাষাতো প্রয়োগ আছে । সকলো তিব্বতবর্মীয় ভাষাতে বয়সৰ সৰু-ডাঙৰ বা মান্যতা-তুচ্চতা ভেদে ভিন্ ভিন্ সম্বন্ধ শব্দৰ প্ৰয়োগতো আছেই (আনকি কেতিয়াবা বক্তাৰ লিংগভেদে সম্বন্ধ আৰু সম্বোধনতো বেলেগ বেলেগ শব্দৰ প্ৰয়োগ আছে)। আনকি অসমীয়া ভাষাৰ নিচিনাকৈ স্ত্ৰীপ্রত্যয় যোগে মতুক পুং বা স্ত্রীবাচক পৃথক শব্দৰ সংযোগত সম্বন্ধবাচক শব্দৰ লিংগ ৰূপ হোৱা ব্যৱস্থাও আছে। অসমীয়াত প্রচলিত তেনে বহু সম্বন্ধবাচক শব্দৰ মূল তিব্বতীয় ভাষাৰে বুৎপত্তি সাধন কৰিব পৰা যায় আৰু এই ৰীতি অসমীয়া ভাষাতো প্রয়োগ হয়।
ড° কাকতি প্ৰমুখ্যে অন্যান্য ভাষাবিদৰ দৃষ্টিত এতিয়ালৈকে নপৰা এনে কেতবোৰ খাছী শব্দৰ প্ৰচলন অসমীয়াত আছে যি তিব্বত-বর্মীয় অন্যান্য ভাষাতো সমানেই সমাদৃত আৰু এইটো আমোদজনক কথা যে এনে কেতবোৰ শব্দৰ লোক-ব্যুৎপত্তিৰ দ্বাৰাই হওঁক বা অন্যান্য ভাষা সূত্ৰৰ দ্বাৰাই হওঁক, অতি সুন্দৰভাৱে ব্যাখ্যা কৰিব পৰা যায়। তেনে কেতবোৰ অষ্ট্রিক বনাম তিব্বত-বৰ্মীয় শব্দৰ তালিকা তলত দিয়া হ’লঃ
খাছী- মোইনাঃ গাৰো-মোনা, ৰাভা- ময়না, মিছিং-মইনাং, বৰো-দাও-মৈন্য, তিৱা-মইন্, কাৰ্বি-ব’মাইনুঃ অসমীয়া মইনা/মইনা চৰাই < মদনক।
খাছী- কাছুলোহঃ বৰো/গাৰো/তিৱা/ৰাভা-ছিলাই, দিমাছা-হিলাই, কাৰ্বি-হিলে (বন্দুক),
তু. আহোম-হিলৈঃ অসমীয়া-হিলৈ (বৰতোপ)।
খাছী √বাহঃ বৰো/ৰাভা/গাৰো/√বা, তিৱা-পা, মিছিং-বুউঃ কাৰ্বি-বু, গোৱালপৰীয়া- বোকা
খাছী-কা তাৰিঃ কাৰ্বি-তাৰি-ছ’/তাৰি-লন্, ৰাভা-কাট্রাই, দেউৰী-কাতাই, দিমাছাখাটাৰী/গাটাৰী, আও/
আংগামী-কোতাৰিঃ অসমীয়া কটাৰী।
খাছী √থক, জিংথকঃ তিৱা-থাদক/থাদকীয়া, বৰো √থগায়, ৰাভা √থগায় :অসমীয়াটুটুকীয়া, √ঠগ, √ঠগা. < স্তগ = M.I.A. ঠগ।