অসমীয়া ভাষা আৰু লিপি Unit 4 অসমীয়া ভাষা আৰু আৰ্যভিন্ন ভাষাৰ আদান প্রদান, College and University Answer Bank for BA, and Post Graduate Notes and Guide Available here, অসমীয়া ভাষা আৰু লিপি Unit 4 অসমীয়া ভাষা আৰু আৰ্যভিন্ন ভাষাৰ আদান প্রদান Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. অসমীয়া ভাষা আৰু লিপি Unit 4 অসমীয়া ভাষা আৰু আৰ্যভিন্ন ভাষাৰ আদান প্রদান Question Answer can be of great value to excel in the examination.
অসমীয়া ভাষা আৰু লিপি Unit 4 অসমীয়া ভাষা আৰু আৰ্যভিন্ন ভাষাৰ আদান প্রদান
অসমীয়া ভাষা আৰু লিপি Unit 4 অসমীয়া ভাষা আৰু আৰ্যভিন্ন ভাষাৰ আদান প্রদান Notes cover all the exercise questions in UGC Syllabus. অসমীয়া ভাষা আৰু লিপি Unit 4 অসমীয়া ভাষা আৰু আৰ্যভিন্ন ভাষাৰ আদান প্রদান The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
অসমৰ চীন-তিব্বতবৰ্মী পৰিয়ালৰ ভাষা
অসমীয়া ভাষা আৰু লিপি
অতি চমু প্রশ্নোত্তৰঃ
১। অসমীয়াত ‘ছ’ আৰু ‘ঝ’ৰ উচ্চাৰণ এতিয়া আছেনে?
উত্তৰঃ অসমীয়াত ‘ছ’ আৰু ‘ঝ’ৰ উচ্চাৰণ নাই।
২। অসমীয়াত মহাপ্রাণ বৰ্ণক কেনেদৰে উচ্চাৰণ কৰা হয়?
উত্তৰঃ অল্পপ্রাণ কৰি। যেনে— ‘মূৰ শিতান’ (শিৰস্থান), ‘জিবা’ (জিভা, জিহ্বা)।
৩। অসমীয়া ভাষাৰ এটা প্রধান লক্ষণ উল্লেখ কৰা।
উত্তৰঃ অসমীয়া ভাষাৰ এটা প্ৰধান লক্ষণ হ’ল যুক্ত বৰ্ণ আৰু কৰ্কশতাৰ অভাৱ।
৪। অসমীয়াত বঙালী অনুকৰণত সোমোৱা দুটা শব্দ লিখা।
উত্তৰঃ মধুৰতাৰ ঠাইত মাধুৰ্য আৰু গভীৰতাৰ ঠাইত গাম্ভীর্য।
৫। অসমীয়াত আৰবী ভাষাৰ পৰা সোমোৱা দুটা উপাদানৰ উদাহৰণ দিয়া।
উত্তৰঃ কছাৰী, জামিন।
৬। দ্ৰাৱিড়ীয় ভাষাৰ পৰা অসমীয়া ভাষাত সোমোৱা আৰু ৰূপ পৰিৱৰ্তন লাভ কৰি নতুন ৰূপত প্ৰকাশ পোৱা দুটা শব্দ লিখা।
উত্তৰঃ‘কৰ্পাস’ (কপাহ)ৰ আধুনিক কাপোৰ৷ ‘নীৰ’ৰ আধুনিক পানী।
৭। গুৱাহাটীৰ ‘নীলাচল’ শব্দৰ উদ্ভৱ কোনটো ভাষাৰ পৰা হোৱা বুলি অনুমান কৰা হয়?
উত্তৰঃ গুৱাহাটীৰ ‘নীলাচল’ শব্দৰ প্ৰথমছোৱা ‘নীল’ (ওখ) দ্ৰাৱিড়ী শব্দৰ পৰা হোৱা সম্ভৱ।
৮। সংস্কৃতৰ ‘পম’ (lotus or Sunflower)ৰ অসমীয়াৰ ৰূপান্তৰ কি?
উত্তৰঃ পদুম।
৯। ‘পদুম’ শব্দটো ক’ৰ পৰা অহা বুলি অনুমান কৰা হয়?
উত্তৰঃ‘পদুম’ শব্দটো দ্ৰাৱিড়ী ‘পদ্দ’ (Sun) শব্দৰ ৰূপান্তৰ।
১০৷ সৰু নৈ’ অৰ্থত ‘জুৰি’ শব্দটো মূলত কোন ভাষাৰ?
উত্তৰঃ দ্ৰাৱিড়ী।
১১৷ অসমত এতিয়াও প্ৰচলন থকা তিব্বতীয় ভাষাৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ ‘খোজ’ (ভৰিৰ তলুৱাৰ সাঁচ বা চলন), ‘বান’ (খুৰা অৰ্থত যেনে— বান বাটি, বান কাহী)।
১২। অসমীয়া ভাষাত প্রচলিত মেঠোন (বন গৰু) শব্দটো কোন শব্দৰ পৰা আহিছে?
উত্তৰঃ’মেঠোন’ শব্দটো নগা ‘মিঠু’ শব্দৰ পৰা আহিছে।
১৩। কছাৰী ভাষাৰ পৰা অসমীয়ালৈ অহা শব্দ লিখা।
উত্তৰঃ হাবি (Forest), হাফলু (anthill).
১৪। বড়ো বর্গীয় দেউৰী শব্দৰ উল্লেখ কৰা।
উত্তৰঃ কেটেঙা, কটৰা।
১৫। অসমীয়া ভাষাত যৌগিক ক্রিয়া থকা কোনবোৰ উপাদান মিছিং ভাষাৰ পৰা আহিছে বুলি কোৱা হয়?
উত্তৰঃ যৌগিক ক্রিয়া লোৱা <লা, গবামাৰ < গংগাব, চেপ্ < চেপামাৰ < চৗৱগাব আদি মিছিং ভাষাৰ পৰা আহিছে।
১৬৷ আহোম ভাষাৰ উপাদান অসমীয়া ভাষাত সীমিত যদিও বৰ্তমানলৈকে প্ৰচলন থকা দুটা শব্দগত উপাদানৰ উল্লেখ কৰা।
উত্তৰঃ বানবাতি, বেঙা।
১৭। প্রাচীন ভাৰতীয় আর্য ভাষাৰ পৰা ধ্বনিৰ কিছু সলনি ঘটি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা অনেক অসমীয়া শব্দৰ ভিতৰত অৰ্ধতৎসম আৰু তদ্ভৱৰ উদাহৰণ দিয়া।
উত্তৰঃ অংগ প্ৰত্যংগবাচক— নাক, কাণ, ভৰি, চকু।
সংখ্যাবাচক— এক, দুই, শ।
১৮। ধ্বনিতত্ত্বৰ ক্ষেত্ৰত সংস্কৃতৰ ‘স’ ধ্বনিৰ ইৰাণীত কোনটো বৈশিষ্ট্য ৰক্ষিত হৈছে?
উত্তৰঃ সংস্কৃতৰ ‘স’ ধ্বনিৰ ইৰাণী ‘হ’ লৈ পৰিৱৰ্তন হৈছে। যেনে— বৈদিক/সংস্কৃত অসুৰ > অহুৰ।
১৯। প্রাচীন অসমীয়া সাহিত্যত পশ্চিম অসমৰ বৰ্তমানত ব্যৱহাৰ হোৱা অনেক শব্দ বিভিন্ন লেখকৰ ৰচনাত সোমাই আছে। দুটা উদাহৰণ দিয়া।
উত্তৰঃ গল (ডিঙি), বৰ (দৰা)।
২০। নাগালেণ্ডত অসমীয়াৰ এটা মিশ্ৰিত ৰূপ সাৰ্বজনীন ভাষাৰূপে ব্যৱহৃত হৈছে। ভাষাটো কি?
উত্তৰঃ নাগামিজ ৷
২১। আক্ষৰিক অৰ্থত অসমীয়াত তৎসম শব্দ আছে নে?
উত্তৰঃ নাই।
২২। সংস্কৃতৰ দন্ত্য ‘স’, মূর্ধন্য ‘য’ আৰু তালব্য ‘শ’ৰ উচ্চাৰণ অসমীয়াত আছেনে?
উত্তৰঃ নাই।
২৩। সংস্কৃতৰ ‘স’, ‘ষ’, ‘শ’ৰ ঠাইত কি ধ্বনি উচ্চাৰণ কৰা হয়?
উত্তৰঃ কেৱল অঘোষ পশ্চতালব্য উষ্ম ‘স’ৰ উচ্চাৰণ হয়।
২৪। অসমীয়া ভাষা সংস্কৃত ভাষাৰ পৰা ওলাইছে। সেইকাৰণে ইয়াৰ সৰহভাগ শব্দ সংস্কৃত মূলজ’। কথাষাৰক সঁচা বুলিব পাৰিনে?
উত্তৰঃ পাৰি।
২৫। অসমীয়া ভাষাত – আই, -এৰ/-এৰা, এক পৰপ্ৰত্যয় যোগ কৰি সম্বন্ধবাচক শব্দৰ ৰূপ সাধন বৈশিষ্ট্য কোনটো ভাষাৰ প্ৰভাৱত হোৱা বুলি গ্ৰীয়াৰ্ছন চাহাবে যুক্তি দিব বিচাৰে?
উত্তৰঃ তিব্বতবর্মীয় ভাষাসমূহৰ বিশেষকৈ বড়ো ভাষাৰ প্ৰভাৱত হোৱা বুলি যুক্তি দিব বিচাৰে।
২৬। বয়সৰ সৰু ডাঙৰ ভেদ কৰা পৃথক শব্দৰ প্ৰয়োগৰ ক্ষেত্ৰত অসমীয়া ভাষাত কাৰ প্ৰভাৱ পৰা বুলি অনুমান কৰা হয়?
উত্তৰঃ তিব্বতীয় ভাষাৰ প্ৰভাৱ ৷
২৭। ড°প্রমোদচন্দ্র ভট্টাচাৰ্যই ‘অসম’ শব্দৰ উৎপত্তি ক’ৰ পৰা হোৱা বুলি মন্তব্য কৰিছে?
উত্তৰঃ ড° প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্যৰ মতে প্রাচীন বৰো নাম hākhām (hāsām) পোৰা মাটি > akham (asam)। ইয়াৰে প্ৰত্ন-বড়ো-গাৰো ৰূপ *hākhām/*hāsām/ākhāmৰ পৰাই অসম শব্দৰ উৎপত্তি হৈছে।
২৮। তিব্বতবর্মীয় ভাষাত অসমখনক কি নামেৰে নামকৰণ কৰা হয়?
উত্তৰঃ আছাম/হাছাম নামেৰে।
২৯। আব্দুছ ছাত্তাৰৰ ‘সংমিশ্ৰণত অসমীয়া সংস্কৃতি’ গ্ৰন্থত অসমৰ গ্ৰাম্য ভাষাত সয়নাই ব্যৱহৃত জাঠি কোৱা (খেমাখা/খেমেখা) শব্দটো কোনটো ভাষাৰ পৰা অহা বুলি ক’ব বিচাৰে?
উত্তৰঃ অসমৰ গ্ৰাম্য ভাষাত সঘনাই ব্যৱহৃত খেমাখা/খেমেখা (জাঠি কোৱা) শব্দটো ফাৰ্চী খোআম-খোআ > খামাখা-ৰ পৰা অহা বুলি ক’ব বিচাৰে।
৩০। আর্য-ভিন্ন ভাষাৰ প্ৰভাৱত অসমীয়া ভাষাত পৰিলক্ষিত হোৱা দুটা ধ্বনিতাত্ত্বিক পৰিঘটনা লিখা।
উত্তৰঃ স্বৰ-সংগতি (Vowel Harmony) আৰু অভিশ্ৰুতি (Vowel mutation).
৩১। অসমীয়া ভাষাত সংস্কৃতত উচ্চাৰণ হোৱা ‘প’ ধ্বনিৰ সলনি কি ধ্বনি উচ্চাৰণ কৰা হয়?
উত্তৰঃ ইউৰোপীয় কিছুমান ভাষাৰ দৰে অসমীয়াতো ‘প’ৰ ঠাইত ‘ক’ ধ্বনি উচ্চাৰণ কৰা হয়। যেনে—
সংস্কৃত | অসমীয়া |
পূৰ্ব্বা | কুৰুৱা (বতাহ) |
৩২। ১২শ শতাব্দীত অসমীয়া শব্দৰ আকৃতি সাম্প্রতিক অসমীয়াত কি ৰূপে হৈছে? তলৰ শব্দবিলাকৰ সাম্প্ৰতিক ৰূপবোৰ নিৰূপণ কৰা।
জেঠি, থোট, ফডিঙ্গ।
উত্তৰঃ
১২শ শতাব্দীৰ অসমীয়া শব্দৰ আকৃতি | সাম্প্ৰতিক ৰূপ |
জেঠি | জেঠী |
থোট | ঠোট্ |
ফডিঙ্গ | ফৰিং |
চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰঃ
১। সাম্প্ৰতিক সময়ৰ অসমীয়া সাহিত্যত পৰিলক্ষিত হোৱা আৰ্য-আর্যভিন্ন উপাদানসমূহ ফহিয়াই দেখুওৱা।
উত্তৰঃ ১৯৪০ চনৰ পাছৰ পৰা অসমীয়া জাতীয় জীৱনলৈ অলেখ দুৰ্যোগ আৰু বিপৰ্যয় নামি আহে। এই সকলোবোৰ দুৰ্যোগ আৰু সুযোগৰ মাজত বিশেষকৈ অসমীয়া ভাষা আৰু সাহিত্যই নতুন পথেৰে খোজ দিলে। সাহিত্যৰ ক্ষেত্ৰত বিশেষকৈ কবিতাই নতুন সাজ পিন্ধিলে। জগতৰ উন্মুক্ত বায়ু লগাকৈ মনৰ সকলো দুৱাৰ-খিৰিকী খুলি ৰখা সাম্প্ৰতিক কবিতাৰ ধৰ্মই হৈ পৰিল। ঠিক সেইদৰে অসমীয়া উপন্যাসৰ ক্ষেত্ৰতো যেন নৱযৌৱন আহিল। এতিয়া উপন্যাস সমাজমুখী হ’ল। সমাজৰ, নগৰৰ আৰু গাঁৱৰ নানা সমস্যাই উপন্যাসিকৰ চিত্ত ব্যাপৃত কৰিলে।
এই সময়ত অসমীয়া সাহিত্যৰ মাজেদি প্ৰতিফলিত হোৱা অসমীয়া ভাষাটোত মনোভাৱক সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰাৰ চেষ্টা পৰিলক্ষিত হয়। এইক্ষেত্ৰত নতুন নতুন সংযুক্ত শব্দৰ প্ৰয়োগৰ বৃদ্ধিৰ কথা মন কৰিবলগীয়া। সংযুক্ত শব্দৰ কিছুমান এনেধৰণৰ— অশনি-গর্ভ, বিহু-পথাৰ, তুহিন-স্পৰ্শ, কুঁৱলী- সনা, মৃত্যু-মিলন, মৃত্যু-শান্ত, সময়-দৈত্য, মৰম-মিলন, জুই-পোহৰ, কামনা-ৰঙীন, মৰম-মুকুতা, জীৱন-বহী ইত্যাদি।
বিশেষাত্মক নতুন প্রয়োগ কিছুমানেও দেখা দিলে— আবেলি-আবেলি (গোন্ধ), কাজলবুলীয়া (চকু), অশান্ত (কান্দোন), তীক্ষ্ণ (মেঘ), পূবালি (বতাহ), তামৰঙী (আকাশ), সৰীসৃপ (কামনা), সর্পিল, স্বপ্নালু, স্বপ্নিল, ৰুটিনীয়া (শ্রম), কোমল (পুৱা), চিনাকী (গোন্ধ) ইত্যাদি। কিছুমান আলংকাৰিক আৰু নতুন প্রয়োগো ঘটিল— এমুঠি হাঁহি, মেঘৰ মোহনা, অশৃঙ্খল, অজান্তে), দ্ৰুত ভৰিৰ (শব্দ), বিজুলিৰ জিলিক ইত্যাদি।
তেওঁৰ অসমৰ ভৌতিক আৰু বৌদ্ধিক দিশত হোৱা পৰিৱৰ্তনৰ ফলত অসমীয়া ভাষাত ঘৰৱা অসমীয়া শব্দৰ পৰা আৰম্ভ কৰি উপভাষাৰ শব্দ, বিদেশী শব্দ, সংযুক্ত শব্দ, প্রতিধন্যাত্মক শব্দ, জনজাতীয় ভাষাৰ শব্দ, সৃষ্ট শব্দ আদি নানা শব্দৰ ব্যৱহাৰ হ’বলৈ আৰম্ভ কৰিলে। উদাহৰণস্বৰূপে কমৰেড, কাৰাভান, কেৰল, ডাষ্টবিন, ফুট-পাথ, চোৰাহী, হাইৱে, লাউডস্পিকাৰ ইত্যাদি। নতুন তদ্ধিত প্রত্যয় আৰু পূৰ্বৰ তদ্ধিত প্রত্যয়ৰ সহায়ত নতুন শব্দ কিছুমানৰো সৃষ্টি হ’ল— বোমা-আৰু> বোমাৰু (বিমান), পইছাৱালা, আদি। অসমীয়া ভাষা-সাহিত্যত প্ৰচুৰ পৰিমাণে তৎসম শব্দৰ আমদানি হ’ল। যেনে—উপায়ুক্ত, অনুমোদন, ৰোপন, উপভোগ, নিৱাস, আৱাসিক, অশ্ব-শক্তি, ইপিনে অসমীয়া কবি-সাহিত্যিকসকলেও তৎসম শব্দৰ ব্যৱহাৰ বঢ়াই তুলিলে। তলত সেইবোৰৰ কিছুমান উল্লেখ কৰা হ’ল— পাণ্ডুৰ, ক্লেদময়, কুটিল, অনাৱিল, স্থানু, নিৰন্ন, প্রমত্তা, প্রৌঢ়া, প্রগল্ভা ইত্যাদি ।
ইয়াৰ উপৰি মুষ্টিমেয় প্রতিভাৱান লোকৰ ৰচনাত জীণ যোৱা অসমীয়া ভাষাৰ ব্যৱহাৰো নোহোৱাকৈ থকা নাই। তলত তাৰ এটা চানেকি দিয়া হ’ল— “এনেকুৱা এটা অশ্বস্তিকৰ অসহ্য গৰম উঠিছিল যে নিজকে জীয়াই জীয়াই তাপত সিদ্ধ হোৱা যেন লাগিছিল ৷ ঘামত গোটেই দেহটো লুটুৰি-পুটুৰি হৈ পৰিছিল। সেই সময়ত বিজুলী পাঙ্খাৰ বতাহ লৈ বিছনাত দীঘল দি এঘুমটি শোৱাতকৈ বেছি ভাল লগা কাম আন একোৱেই নিশ্চয় হ’ব নোৱাৰিলেহেঁতেন।”
সংস্কৃত শব্দৰ ব্যৱহাৰ যেনে—আত্মভিমান, তেজোদীপ্ত, স্পষ্টোজ্জবল, গর্বাভিমান,হর্ষোন্মাদী ইত্যাদি দেখা যায়। জনজাতীয় শব্দ— ধোৱা চাং, তুলাপাত, লাওপানী, আটোমটোকাৰী, চিফুং, বাঁহী, জোকাৰ, ফণিয়া, টোপনি, নৃপতি, চুঁচি-মাজি, মুদৈ, এলা-পেচা, পেন্থকনা, নাগ-ঘাটি, ডিঙি, গল, আতা, আবু, চালপীৰা, শেতেলী, লাপুং, আটাহ, বৰে পুৱা, হোটোৰ, টাঙোন, টোকোন, হেহোঁ-নেহোঁ ইত্যাদি অসমীয়া ভাষা-সাহিত্যৰ এটি উল্লেখযোগ্য উপাদান পৰিলক্ষিত হয় ৷
অসমীয়া ভাষাৰ বৈশিষ্ট্যসূচক নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ বহুল ব্যৱহাৰ এই যুগৰ ভাষাৰ অন্যতম বৈশিষ্ট্য। উদাহৰণ— পোনাকণ, চুলিকোছা।
জুইকুৰা, এচাব কোৰ, এহালিচা পাতনি, গাভৰুজনী, গৰুজন, ফুলপাহ, পানৈযুৰি, কেৰুযোৰ, এইসোল।
অসমীয়া ভাষাটোৰ, অসমীয়া মান্য ভাষাটোৰ প্ৰকৃতস্বৰূপ, ইয়াৰ গঠন পদ্ধতি আদিৰ বিষয়ে সম্যক দৃষ্টি নৰখাকৈয়ে সাহিত্য-ৰচনাত প্রবৃত্ত হোৱাৰ ফলত অসমীয়া ভাষাত এক প্ৰকাৰ অনুশাসনহীনতাই দেখা দিছিল। তলত সেইবোৰ উল্লেখ কৰা হ’ল – ধোঁৱাৰ মাজেৰে, স্বপ্নৰে (উতলা), মূৰত আকাশ ভাগি পৰিল, বৰষুণ এৰিব ধৰিছে। কিছুমান শব্দ গঠন পদ্ধতিৰ দৃষ্টিৰে ভুল যদিও কাগজে-পত্ৰই আনকি খ্যাত লেখক কিছুমানৰ ৰচনাতো সেইবোৰ চলি আছে, যেনে – তাৰোপৰি, উপৰোক্ত, উল্লেখিত, নোৱাৰা (কাম), ওতঃপ্ৰোত আদি৷ কিছুমান শব্দ মূলগতভাৱে অশুদ্ধ হোৱা সত্ত্বেও সেইবোৰ বহুতেই ব্যৱহাৰ কৰে; যেনে, মহত্ত্ব, সত্ত্বেও, নামকৰণ, ঊনৈশ আদি। বহুতো ক্ষেত্ৰত অসমীয়া শব্দ থকা সত্ত্বেও আন ভাষাৰ শব্দৰ ব্যৱহাৰ কৰা দেখা যায়; যেনে – ‘তেতিয়াৰ কালৰ’, ‘স্বগীয়’, আদি শব্দৰ ঠাইত ব্যৱহাৰ কৰা হয় ‘তদানীন্তন’, ‘প্রয়াত’ আদি৷ প্ৰতি শব্দৰ ব্যৱহাৰৰ ক্ষেত্ৰতো অসমীয়া ভাষা আৰু সংস্কৃত – ভাষাৰ সাধাৰণ জ্ঞানৰ অভাৱ বহুতো ক্ষেত্ৰত পৰিলক্ষিত হয়; যেনে – ‘গেষ্টহাউছ’ৰ প্ৰতিশব্দ কৰা হৈছে ‘অতিথি—গৃহ’। তাতকৈ ‘অতিথিশালা’টো বেছি ভাল, তাতোকৈ ঘৰুৱা অসমীয়া শব্দ ‘আলহী ঘৰ’ ৰখাহেঁতেন একো বেয়া নহ’লহেঁতেন। তেনেকৈ ‘ফাইনেল ইয়াৰৰ’ প্রতিশব্দ ‘চূড়ান্ত বৰ্ষ’ ৰূপে দেখা গৈছে। এনে ধৰণৰ আৰু অনেক প্ৰয়োগৰ উল্লেখ কৰিব পাৰি। এই সংক্রান্তত অসমীয়া শিক্ষিত লোকসকলে অযথাভাৱে ইংৰাজী শব্দৰ ব্যৱহাৰ কৰাও দেখা যায়। যেনে – ‘আজি বতৰটো ভাল নহয়’, ‘আজি বৰষুণ হ’ব’ আদি সাধাৰণ বাক্যক ‘আজি ওৱেডাৰটো ভাল নহয়’৷ ‘আজি ৰেইন হ’ব’ এনে ধৰণে কোৱা লোকো আছে। এই প্ৰসঙ্গতে ড° মহেন্দ্ৰ বৰাই উল্লেখ কৰা কথাকেইটামানো যথেষ্ট গুৰুত্বপূৰ্ণঃ
(ক) অসমীয়া ভাষাৰ অগ্ৰগতিৰ পথত আটাইতকৈ ডাঙৰ হেঙাৰখন পুতি লৈছো আমি নিজে। আমাৰ এচাম মানুহৰ মনত বিশেষকৈ নগৰকেইখনৰ মানুহৰ মনত নিজৰ ল’ৰা
ছোৱালীক হাফ-ছাহাব নাইবা হাফ-মেম কৰাত অসুস্থ আকাংক্ষা এটাই বাহ লৈছেহি।
(খ) আমাৰ বহুতেই (অসমীয়া লেখক) যেনে তেনে লেখক হৈ যোৱাৰ পাৰ-পত্ৰ সংগ্ৰহ কৰাত ব্যস্ত হৈ পৰিছে। তেওঁলোকৰ সৰহভাগেই শব্দৰ বিন্যাসত ক্ৰমৰ বেমেজালি সৃষ্টি কৰিয়েই কবি হৈ পৰাৰ সহজ বাট বিচাৰি পাইছে।…. কবি হোৱাৰ অথবা অন্য যিকোনো এটা সাহিত্য-ৰূপৰ সাধক হৈ পৰাৰ বাবে আটাইতকৈ আৱশ্যকীয় বস্তুটো হ’ল, আপোন প্ৰতিভাক সঠিকভাৱে চিহ্নিত কৰিব পৰাৰ সামৰ্থ। তাৰ পাছত লাগিব, ক্ষান্তিহীন অনলস সাধনা।” (অসম সাহিত্য সভাৰ সভাপৰিতৰ অভিভাষণ)।
অসমীয়া ভাষাৰ প্ৰগতি আৰু ভ ভৱিষ্যতৰ বিকাশত বাধা আদিৰ বিষয়ে এটি সুন্দৰ চিন্তা আগবঢ়াইছে শ্ৰী নিবাৰণ বৰাই। তলত তাৰ কিছু অংশ দিয়া হ’ল – “আজি অসমীয়া ভাষা, সাহিত্য, কলা, সংস্কৃতিৰ ভেঁটি সুদৃঢ়। স্কুল, কলেজ, বিশ্ববিদ্যালয়, বাতৰি কাকত, আলোচনী, বেলিছবি, মঞ্চাভিনয়, গৱেষণাপত্ৰকে ধৰি বিভিন্ন গ্রন্থসমূহ, গল্প-সাহিত্য, উপন্যাস কবিতা আদিৰে আজি আমি পুষ্ট। কথিত ভাষাৰ গঢ় দিয়ে জনসাধাৰণইে। লিখিত ভাষাৰ গঢ় দিয়ে পণ্ডিত- ওজাসকলে। বড়ো, কাৰ্বি, মিচিঙেই নহয়, পৰ্বতৰ নগা ৰাইজে, আদি ৰাইজে অসমীয়া ভাষা কোৱাৰ ফল যি যি উপাদান ৰৈ গ’ল, শুনিবলৈও যেন আমি কোৱাতকৈ শুৱলা। মিহিংজনে যেতিয়া সোধে ‘গাভৰু আনিলেনে নাই’? বাক্যটো ‘বিয়া কৰালেনে নাই’ বাক্যটোতকৈ অধিক ভাৱাৰ্থব্যঞ্জক, শুনিবলৈ শুৱলা ভাষা। তদৰুপ ‘নাগা মিজ’ আৰু ‘নেফামিজ’। বীৰেন্দ্ৰ নাথ ভট্টাচাৰ্যৰ উপন্যাস ‘ইয়াৰুইঙ্গম’ যথাৰ্থতেই এখন মূল্যবান পুস্তক। সম্পূৰ্ণ নগা ভূমিৰ পটভূমিতেই লিখা।
কিন্তু ‘নাগামিজ’ক সন্মান দিয়া নহ’ল। ছৈয়দ আব্দুল মালিকে চাহ-বাগিছাৰ পটভূমিত লিখা উপন্যাসত চাহ-বনুৱাৰ ভাষা ইমান পৰিমাণে সন্নিৱিষ্ট নহ’ল ৷ আজিৰ কিছু কিছু নৱপ্ৰজন্মৰ লিখকে চাহ বনুৱাৰ মাত-কথা গল্প নাটকত ঠাই দিছে। ‘স্বগীয়’ লেখিছিলোঁ ৷ আজিকালি ‘প্রয়াত’ লিখো। আমি দিনে দিনে ভাষাটোক যেন কঠিনৰ পৰা কঠিন কৰি আঁনিছো। আগতে স্বৰ্গদেউজন ‘প্রয়াত’ হলে ‘হানি হ’ল’ বুলিছিলোঁ। প্ৰিয়জনৰ বিয়োগত ‘চকুৰ আঁৰ হ’ল’ বুলিছিল। আজিও অৱশ্যে গ্রাম্য সমাজত প্ৰচলন আছে”। অসমীয়া ভাষা অকল নগৰমুখীয়েই হোৱা নাই, পশ্চিমমুখীও হৈছে; ‘টিউব-ৱেল’ৰ অসমীয়া শব্দ ‘নলী নাদ’। চাহ-বাগিচাৰ বনুৱাই বোলে ‘পাতাল-কুঁৱা’। কিমান ওচৰ চাপি আহিছে চাহ সমাজখন ৷ অসমীয়া ভাষা চাহ বাগিচাৰ বনুৱাৰ ল’ৰা-ছোৱালীয়ে পঢ়িব যদি চাহ বাগিচাৰ পটভূমিত চাহ বনুৱাৰ মুখৰ কথাৰ সানমিহলি ভাষাত উপন্যাস-গল্প আদি লিখা হয়। নঅসমীয়া সমাজখনৰ বাস্তৱ পৰিস্থিতিৰ পটভূমিত তেওঁলোকৰ কথা ন-অসমীয়া ভাষাৰ সানমিহলি অসমীয়া ভাষাত লেখা হ’ব লাগে। সাহিত্যিকসকলে সেই দাবী পূৰণ কৰিব পৰা নাই।
তেনেদৰেই বীৰেন ভট্টাচাৰ্যৰ আনখন উপন্যাস ‘প্ৰতিপদ’ ডিগবৈৰ ধৰ্মঘটৰ ওপৰত লিখা। কিন্তু ডিবগৈৰ হিন্দীমিশ্ৰিত অসমীয়া ভাষাৰ আভাস তাত নাই। তেওঁৰ ইয়াৰুইঙ্গমত প্রতিফলিত নাংখুল নগা সমাজখনঃ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায়বোৰ জনজাতীয় সমাজৰে এক অবিচ্ছেদ্য অংগ হ’ল ‘ডেকাচাং’ আৰু ‘গাভৰু চাং’ ৰ ব্যৱস্থা। এই ডেকা চাং আৰু গাভৰু চাঙত ক্ৰমে অবিবাহিতা ডেকা-গাভৰুবিলাক থকাটো জনজাতীয় সমাজৰ এক অলিখিত নিয়ম কিন্তু, কিছু সীমাৱদ্ধতাৰ মাজেৰে ডেকা চাঙলৈ গাভৰু বা গাভৰু চাঙলৈ ডেকাও অহা-যোৱা কৰিব পাৰে।
বৰ্তমান সময়ত অসমীয়া ভাষাৰ বিশ্লেষণে অসমীয়া ভাষাটোৰ প্ৰকাশিকা শক্তি যথেষ্টৰূপে বৃদ্ধি পোৱা কথা স্পষ্টৰূপে দাঙি ধৰে। এই সময়ছোৱাত মনোভাৱক চমুকৈ প্ৰকাশ কৰাৰ ক্ষমতা অৰ্জন কৰিলে ৷
সাম্প্ৰতিক সময়ৰ অন্য এগৰাকী ঔপন্যাসিক জুৰী বৰা বৰগোহাঞি ৰ ‘নাংফা’ উপন্যাসত আহোম অর্থাৎ টাই আহোমৰ ভাষাৰ ব্যৱহাৰ হৈছে। তৃতীয় পুৰুষত বৰ্ণিত ড পন্যাসখনত বুৰঞ্জীৰ পটভূমি ধৰি ৰখাত লেখিকাই প্লাউ, বাইলুঙ, আপুতিয়েক, চকলং, বঙহৰদেউ আদি শব্দ, কুৱৰীদেউ, কোৱৰদেউ আদি সম্বোধনবোৰে বিশেষভাৱে সহায় কৰিছে।
অসমীয়া ভাষাত এক প্ৰকাৰ অনুশাসনহীনতা বৃদ্ধি পায়। তাৰ মাজতো কিছুমান প্রতিভাশালী লেখকৰ হাতত অসমীয়া ভাষাই পৰিপুষ্ট ৰূপ ল’বলৈ সক্ষম হয়। মুঠৰ ওপৰত সাম্প্ৰতিক যুগৰ অসমীয়া ভাষাই ভৱিষ্যতৰ অসমীয়া ভাষাৰ এক উজ্জ্বল ৰূপৰ প্ৰতিষ্ঠাৰ আগজাননী দিয়ে।
২। অসমীয়া ভাষাৰ মূল প্ৰৱাহৰ লগত সময় সাপেক্ষে আৰ্য আৰু অনাৰ্য শাখাৰ কোনবোৰ উপাদানে প্ৰভাৱ বিস্তাৰ কৰিছে? উল্লেখ কৰা।
উত্তৰঃ কামৰূপ ভাষাৰ প্ৰৱাহটোৱে অকল উজনি অসমকে নহয়, অসমৰ পশ্চিম অঞ্চল আৰু প্ৰাচীন কামৰূপ ৰাজ্যৰ পশ্চিম অঞ্চলকো সিক্ত কৰি তুলিছে। ভোজপুৰী ভাষাত প্রাচীন আৰু বৰ্তমান অসমীয়াৰ মান্য ভাষাৰে সৈতে শব্দগত সাদৃশ্য সংৰক্ষিত হৈছে। (ধমৰ, জনম, মুকুতি, মুৰুখ, দুৱাৰ আদি)। দেৱানন্দ ভৰালীয়ে উল্লেখ কৰা ‘কামৰূপীয়া প্ৰাকৃত’ আৰু‘সৌমাৰ প্ৰাকৃত’ৰ দ্বাৰা অসমীয়া ভাষাৰ এই দুয়োটা প্রবাহকে বুজোৱা হৈছে। ভৰালীৰ ভাষাত ‘কামৰূপী’ আৰু ‘সৌমাৰ প্ৰাকৃত’ৰ মাজত বিভিন্নতা কম। ‘সৌমাৰ প্ৰাকৃত’ত দুটা ‘আ’ অগা-পিছাকৈ নবহে। ‘কামৰূপী’ত সি স্বাভাৱিকঃ ৰাজা > ৰজা, মাৰা > মৰা। কিছুমান শব্দত ‘কামৰূপী প্ৰকৃত’ৰ ‘ল’ৰ ঠাইত ‘সৌমাৰ প্ৰাকৃত’ত ‘ন’ হোৱা দেখি; যেনেঃ লেঞ্জ > নেজ ৷এই ‘কামৰূপীয়া’ আৰু ‘সৌমাৰ প্ৰাকৃত’ৰ কিছুমান শব্দ তল পৰিল। বাকীবোৰ আজিলৈকে আছে। তাতে নতুন যুগৰ বিশেষত্ব যোগ হৈ আৰু সংস্কৃতৰ প্ৰভাৱ পৰি আধুনিক অসমীয়া হৈছে যদিও, ‘কামৰূপীয়া’ আৰু‘সৌমাৰ প্ৰাকৃত’ৰ বিশেষত্বখিনি অসমীয়া ভাষাত দীঘে-বাণিয়ে সোমাই আছে।
অসমত বসবাস কৰা চাহ-বাগিচাৰ বনুৱাসকলৰ ভাষাটোৰ কথাও চাবলগীয়া। অসমত থকা আটাইবোৰ ‘কোল-গোষ্ঠীৰ’ লোক অসমত চাহ বাগান খোলাৰ পিছত বাগানৰ বনুৱাৰূপে চালানী হৈ অহা ৷ আজিকালি অসমত থকা সকলো চাহ বাগিচাৰ বনুৱা আৰু থলুৱা কোল লোকে সুন্দৰকৈ অসমীয়া ক’ব পাৰে৷ সকলোবিলাক ল’ৰা-ছোৱালী অসমীয়া স্কুলত পঢ়ে, কোনো কঠিন ভাবৰ শব্দকে অসমীয়া শব্দ দি প্ৰকাশ কৰে। ঘৰত কথা-বাৰ্তা হওঁতে এটা সানমিহলি ভাষাত কথা পাতে। অসমৰ জলবায়ুৱে বনুৱা জীৱনৰ গীত-মাত, কথা-বাৰ্তাৰ ভংগী সকলোতে নতুন সুৰ দিলে। ফলস্বৰূপে তেওঁলোকৰ গীত-মাতৰ পৰা বহুতো উপাদান অসমীয়া ভাষাত সোমাই পৰিল। চাহ-বাগিচাৰ বনুৱাসকলৰ গীত-মাতৰ ভিতৰত উল্লেখযোগ্য গীত হৈছে ঝুমুৰ গীত। এই গীতবোৰৰ ভাষাই অসমীয়া ভাষাৰ দুয়োটা প্ৰৱাহ সামৰি থোৱাৰ উপৰি প্ৰাচীন অসমীয়াৰ ৰূপো সংৰক্ষণ কৰিছে যিবোৰ সাম্প্ৰতিক সময়লৈকে প্রচলিত।
উদাহৰণঃ ৰাঙা (ৰঙা), কাঁচা (কেঁচা), ইন্দুৰ (এন্দুৰ), ছাতা (ছাতি), গাম্ম্চা (গামোছা), গোলা (দোকান), মাগ্ (খোজ),বৰিষ (বছৰ),ভেল (হ’ল), হেট (তেল), বৰিষণ (বৰষুণ),ঘুমা (শোৱা),ছাৰ (এৰ), ঝুলি (মোনা), কাঞা (কেঞা), ‘সাৰা (গোটেই), ডুইযে (বুৰমাৰি), ভাল কৰি (ভালকৈ) হেম্লা (হেম্বেলিয়া),ভিজ্ (তিত্), নাগৰ (প্রিয়), আজু (আজি), মছলা (মছলা),গাছ (গছ), ঝিঙ্গা (জিকা),ভাটাৰ (গিৰী),ডাক (মাত),চফ্ৰা (ল’ৰা), কাঁটা (কাঁইট),পাৱ (ভৰি),ডালিম, গোসাঁই ইত্যাদি পৰিৱৰ্তনৰ মাজেৰে আহি অসমীয়াত সোমাই পৰিছে।
অন্য অনার্য ভাষাৰ প্ৰভাৱতকৈ অসমীয়া ভাষাত কোলাৰীয় ভাষাবোৰৰ প্ৰভাৱ বেছি গভীৰ ফলকাৰক যেন লাগে। অসমীয়াৰ আটাইতকৈ বৈশিষ্ট্যপূর্ণ লক্ষণ হৈছে সম্বন্ধবাচক বিশেষ্যৰ পাছত প্ৰত্যয় যোগকৰণ। যাৰে সৈতে সম্বন্ধ দেখুওৱা হয়, তেওঁৰ মৰ্যাদা আৰু বয়সৰ খলপ অনুযায়ী সম্বন্ধ দেখুৱাবলৈ নিৰ্দিষ্ট শব্দও আছে। কোলাৰীয় ভাষাত এই আটাইকেইটা বিশেষত্ব দেখা যায়; এই বিশেষত্ববোৰ অসমীয়া ভাষাত কোলাৰীয় ভাষাৰ পৰাই ধাৰ কৰা হৈছে।
কোল (বা মুণ্ডাৰী) ৰ লগত সম্পর্কিত শব্দঃ আটা, উতনুৱা, সেৰেকা, এৰা, ভঙুৱা, মুঠন, লেহেম, লুকমা, হুতা, হুঁকৰি, জুৰি ইত্যাদি।
তদুপৰি অতি সাম্প্ৰতিক বিভিন্ন কবিতা, উপন্যাস, গল্প আৰু নানা ধৰণৰ সংস্কৃতিমূলক প্ৰবন্ধৰ মাজেদি বিশেষ বিশেষ জনগোষ্ঠীৰ সংস্কৃতিমূলক শব্দ কিছুমান জনপ্ৰিয় হৈছে। জনগোষ্ঠী বিশেষৰ তেনেকুৱা শব্দবোৰ সেই জনগোষ্ঠী বিষয়ক অসমীয়া গীত, এলবাম, চুটি ছবি, দীর্ঘ ছবি, সংবাদ মাধ্যম আদিৰ যোগেদিও অধিক জনপ্রিয় হৈছে।
ইয়াৰ উপৰিও মূল সংস্কৃত বা আন ভাষাত বিচাৰি নোপোৱা কামৰূপী আৰু গোৱালপৰীয়া উপভাষাৰ সৈতে মিল থকা বড়ো ভাষাৰ পৰা বহু শব্দ অসমীয়াত সোমাইছে বুলি উপেন্দ্ৰনাথ গোস্বামীয়ে মত প্ৰকাশ কৰিছে। তেনেকুৱা কেতবোৰ শব্দ তলত দিয়া হ’ল –
আগুৰি (আগুৰ), আঙবাঙ (এবিধ বন), আথা (এঠা), খথিয়া (কঠীয়া) কামৰূপীত-কৈথা, খৰম (খৰম), কামৰূপীত-খৰাম, খলমৌ (এবিধ শাক কামৰূপীত-কলমৌ, খচি (ধান কটা কাচি) কামৰূপী – কাচি, ইত্যাদি।
মিচিং ভাষাৰ শব্দ অইনিতম < অইনিঃতম (মিছিঙৰ এটা লোকগীত), অগৰংবগৰং (বেবেৰিবাং কথা), অফলা ছিগা <অপলাচিগা (শিৱসাগৰৰ দিচাং মুখৰ এখন মিচিং গাওঁ), অকাজান <অঙকাক জান (ধেমাজিৰ এখন ঠাই) ইত্যাদি।
কেতবোৰ যুৰীয়া শব্দৰ প্ৰথম শব্দ, যেনে মিৰি (+নৈ), চিৰকি (+নৈ), চিকাং (+ঠন), কঃব (+চাপৰি), চিমেন চুমুন (+ চাপৰি), চিলা (+ পথাৰ), লিকা (+ বালি) আদি ।
উল্লিখিত অনা-আর্য উৎসৰ শব্দবোৰৰ উপৰিও তামিল আৰু তেলেগু ভাষাৰ দুটামান শব্দ উল্লেখ কৰিব পাৰি –
(ক) তামিল শব্দঃ কুলি (কুল্লিক্কাৰণ), নিচা (নিছা) আদি।
(খ) তেলেগু শব্দঃ আবু (আৱব)।
শ্ৰী সান্যালে উত্তৰ-বংগৰ উপভাষাৰ সৈতে কামৰূপী উপভাষাৰ শব্দমূলক সাদৃশ্যসমূহো উল্লেখ কৰিছে –
উত্তৰ-বংগৰ উপভাষা | কামৰূপী উপভাষা |
গাছা | গাচা |
কুলা | কুলা |
ৰুআ | ৰুআ |
হাইসলি | হাঁইহলি |
বোটিদাও | বোথি তু.গো. বোটি |
ৰূপতত্ত্বৰ ফালৰ পৰা চালেও উত্তৰ-বংগৰ উপভাষা আৰু কামৰূপী উপভাষাৰ মাজত যথেষ্ট মিল দেখা যায়। উদাহৰণস্বৰূপেঃ স্ত্রীবাচক ‘ই, নি’ প্রত্যয়; সৰ্বনামৰ ৰূপ কিছুমান; তুমুনন্ত ইবাৰ-প্ৰত্যয়; শব্দবিভক্তিৰ সংযোগত ব্যঞ্জনান্ত প্ৰকৃতিৰ তির্যক ও-কাৰান্ত ৰূপ আদিৰ সাদৃশ্য দেখা যায়।
৩। যুগ পৰিৱৰ্তন অনুসৰি সংস্কৃতৰ কোনবোৰ উপাদানে বর্তমানেও অসমীয়া ভাষাত প্ৰভাৱ বিস্তাৰ কৰি আছে?
উত্তৰঃ যুগ পৰিৱৰ্তন অনুসৰি সংস্কৃতৰ বিভিন্ন উপাদানেও বিভিন্ন ৰূপত পৰিৱৰ্তন লাভ কৰিলে৷ তলত সেই পৰিৱৰ্তনবোৰ উল্লেখ কৰা হ’ল—
(ক) সংস্কৃতত য’ত যুক্ত বর্ণ, অসমীয়াত সি ভাগি দুটা ৰূপত হয় (স্বৰভক্তি); যেনে-
সংস্কৃত | অসমীয়া |
ধৰ্ম্ম | ধৰ্ম (এতিয়া সংস্কৃতৰ প্ৰভাৱ পৰাত অসমীয়াত ধৰ্ম হৈছে) |
শত্রু | শতুৰু (এতিয়া আকৌ শত্ৰু হৈছে) |
স্বাদ | সোৱাদ |
(খ) সংস্কৃত শব্দৰ মাজত থকা দ, ধ, দ্ধ অসমীয়াত ‘জ’হয়; যেনে—
সংস্কৃত | অসমীয়া |
সন্ধ্যা | সাঁজ (গধূলি) |
সিদ্ধ | সিজোৱা |
(গ) সংস্কৃতত অনুনাসিক বৰ্ণৰ লগত যুক্ত হোৱা গ, ঘ, জ, ঝ, ব, ঙ অসমীয়াত প্ৰায়ে দেখা নাযায়। যেনে—
সংস্কৃত | অসমীয়া |
নাঙ্গল | নাঙল |
মঙ্গল | মঙল |
(ঘ) ‘শ’,‘ঘ’,‘স’ত যুক্ত শব্দৰ ঠাইত ‘স’ হয়; যেনে –
সংস্কৃত | অসমীয়া |
শস্য | শষ্য |
(ঙ) দুটা বৰ্ণৰ সংস্কৃত শব্দৰ পাছৰটো যুক্ত বৰ্ণ হ’লে আৰু তাৰে এটা অসমীয়াত লুপ্ত হ’লে আগৰ বৰ্ণৰ ‘অ’ গুচি ‘আ’ হয় আৰু কেতিয়াবা ‘উ’ গুচি ‘ও’ হয়; যেনে—
সংস্কৃত | অসমীয়া |
পত্র | পাত |
কর্ণ | কাণ |
লুপ্ত | লোপ |
(চ) সংস্কৃত শব্দৰ প্ৰথম আখৰ ‘শ’,‘ষ’,‘স’ আৰু ‘হ’ হলে তদ্ভৱ অসমীয়া শব্দত সেইকেইটা আখৰ লোপ হয় ৷ যেনে –
সংস্কৃত | অসমীয়া |
স্তুতি | তুতি (প্রার্থনা) |
ব্রাহ্মণ | বামুণ |
কশ্চিত | কাচিৎ |
(ছ) সংস্কৃতত থকা ‘স্ত’ আৰু ‘ষ্ট’ অসমীয়াত ‘থ’ আৰু ঠ’ হয়। যেনে—
সংস্কৃত | অসমীয়া |
মিষ্ট | মিঠা |
অষ্টি | আঠিয়া কণা |
প্ৰস্তাৰ | পথাৰ |
(জ) সংস্কৃত ‘ৰ’ৰ ঠাইত অসমীয়াত ‘ল’ হয়; যেনে—
সংস্কৃত | অসমীয়া |
পৰিবাৰ | পৰিয়াল |
সাৰিকা | পথাৰ |
(ঝ) সংস্কৃত শব্দৰ আগত থকা ‘অ’ অসমীয়াত ‘ও’ হয়; যেনে—
সংস্কৃত | অসমীয়া |
ভ্রূণ | ভোণ ভোণা |
ভ্রম | ভোম (বিন্ধা) |
(ঞ) সংস্কৃত শব্দৰ ‘গ’ আৰু ‘হ’ গোট খাই অসমীয়াত ‘ঘ’ হোৱা দেখা যায়; যেনে –
সংস্কৃত | অসমীয়া |
প্ৰগ্ৰহ | পঘা |
(৳) ‘হ’ হয়; যেনে – সংস্কৃত শব্দত থকা ‘শ’ ‘ষ’ ‘স’‘খ’ আৰু ‘ফ’ আখৰৰ সলনি অসমীয়াত কেতিয়াবা ‘হʼ হয়়, যেনে —
সংস্কৃত | অসমীয়া |
কৰ্ম | কাঢ় |
পশু | পহু |
বিষ | বিহ |
(ঠ) সংস্কৃত আৰু অসমীয়া শব্দৰ প্ৰথম বৰ্ণত থকা ‘ই’ কাৰ আৰু ‘উ’ কাৰ সলনি হোৱা দেখা গৈছে; যেনে-
সংস্কৃত | অসমীয়া |
পুচ্ছ | পিচ |
শিঘ | শুং (to smell) |
৪। অসমীয়া ভাষাৰ সংস্কৃত ভাষাৰ কিমানখিনি উপাদান সোমাই পৰিছে উল্লেখ কৰা।
উত্তৰঃ অসমীয়া ভাষাৰ বেছিভাগ শব্দই সংস্কৃতমূলীয়। এই শব্দবোৰক তৎসম, অৰ্দ্ধ-তৎসম আৰু তদ্ভৱ এই তিনিটা উপভাগত ভগাই আলোচনা কৰা হয়৷ ‘তৎসম’ মানে তাৰ অৰ্থাৎ সংস্কৃতৰ সমান। যিবোৰ শব্দ সংস্কৃতৰ পৰা লোৱা হৈছে আৰু অসমীয়াত অবিকৃত ৰূপত ব্যৱহৃত হয়, তেনে শব্দবোৰকে তৎসম শব্দ বোলে৷ অসমীয়া ভাষাত উচ্চাৰণৰ দিশৰ পৰা প্রকৃততে তৎসম শব্দ নাই, কাৰণ শব্দবোৰৰ উচ্চাৰণ সলনি হৈছে। সূর্য, চন্দ্র, আকাশ, গগণ আদি শব্দৰ উচ্চাৰণ অসমীয়াত সম্পূৰ্ণ বেলেগ। তথাপি উচ্চাৰণগত পার্থক্য সত্ত্বেও যিবোৰ শব্দ অসমীয়া ভাষাত মূলৰ দৰে অবিকৃত ৰূপত লিখা হয়, সেই শব্দবোৰক তৎসম শব্দ বুলি ধৰি লৈছে।
সাম্প্ৰতিক যুগত ব্যৱহাৰ কৰা সংস্কৃতমূলীয় শব্দ কিছুমান হ’ল— জনম, লগন, ভছম, অধৰম, পুইন, শকতি, ৰাইকহ্, ৰহইছ, হৰিষ ইত্যাদি সংস্কৃত শব্দৰ ব্যৱহাৰত সন্ধি প্ৰৱণত এই সময়ৰ উল্লেখযোগ্য বৈশিষ্ট্যপূর্ণ দিশ; যেনে – পশ্বাধম, সহাভিনয়, ফটুৰ, সচল, শোষণাভিপ্রায়, স্পষ্টোজ্জ্বল, তেজোদীপ্ত, হর্ষোন্মাদী, মহাদাহবান, একচ্ছত্রধিপতি।
অসমীয়া ভাষাৰ মূল হিচাপে পৰিগণিত সংস্কৃতমূলীয় শব্দবিলাকৰ অবিহনে অসমীয়া ভাষাৰ অস্তিত্ব আৰু স্থায়িত্ব কল্পনা কৰা কঠিন। লেখোঁতে ব্যৱহাৰ হোৱা সংস্কৃতৰে সৈতে একে যেন দেখা শব্দবোৰৰ প্ৰায় ভাগেই দেখাত তৎসম হ’লেও অসমীয়া উচ্চাৰণৰ কাৰণে অর্ধতৎসম ৰূপ লয়। আক্ষৰিক অৰ্থত অসমীয়া ভাষাত তৎসম শব্দ নাই। কিয়নো অসমীয়া ভাষাত সংস্কৃত শব্দবোৰৰ উচ্চাৰণ ৰক্ষিত হোৱা নাই। সেইবুলি সেই শব্দবোৰক তৎসম শব্দ নুবুলি নোৱাৰি। সেই শব্দৰোৰ ভাষাৰ জন্মকালৰ পৰা বা এতিয়ালৈকে সংস্কৃতৰ ব্যাকৰণগত নীতি-নিয়ম (যেনে – বানান-পদ্ধতি, সন্ধি সমাস, ণ-ত্ব বিধি, ষ-ত্ব বিধি) অনুসৰি অসমীয়াত ব্যৱহৃত হৈ আছে ৷ গতিকে সংস্কৃতৰ পৰা কোনো পৰিৱৰ্তন বা সলনি নোহোৱাকৈ অসমীয়া ভাষাত ব্যৱহৃত শব্দবোৰেই হ’ল তৎসম শব্দ। উদাহৰণস্বৰূপে অশ, আকাশ, ইন্দ্ৰ, ঈশ্বৰ, দুৰ্বাৰ কাল, কলা, ধর্ম, সূর্য, সাহিত্য, শিল্প, মন্ত্ৰ, গতি ইত্যাদি।
তৎসম শব্দৰ দৰে আন কিছুমান শব্দ পোৱা যায় যিবোৰ শব্দ উচ্চাৰণৰ সামান্য বিকৃত হৈ অসমীয়া ভাষাত ব্যৱহাৰ হৈছে। এইবোৰ তৎসম শব্দৰ দৰে একে। কিন্তু কেতিয়াবা অৰ্থৰ পৰিৱৰ্তন হোৱা দেখা যায়। যেনে –
ধৰ্ম > ধৰম
ভক্ত > ভকত আদিত মূলৰ অৰ্থ একেদৰে আছে; কিন্তু আন কিছুমানৰ অৰ্থৰ সলনি হৈছে। যেনে —
ৰক্ত > ৰকত (তেজ)
মৰ্ম > মৰম (স্নেহ
প্ৰীতি > পীৰিতি (প্রেম)
গতিকে, সংস্কৃতৰ পৰা উচ্চাৰণত সামান্য পৰিৱৰ্তন হৈ অসমীয়া ভাষাত ব্যৱহৃত শব্দবোৰেই হ’ল অৰ্দ্ধ-তৎসম শব্দ। এনে পৰিৱৰ্তনত বিশেষকৈ যুক্ত ব্যঞ্জনবোৰ সৰল হয়। অৰ্থাৎ সংযুক্ত ধ্বনিবোৰ স্বৰধ্বনিৰ আগমনৰ যোগেদি সৰল হোৱা দেখা যায়। তলত কেতবোৰ দিয়া হ’ল—
ভকতি < ভক্তি, মুকুতি < মুক্তি, মৰম < মৰ্ম, চেনেহ < স্নেহ
যতন < যত্ন, ধৰম < ধৰ্ম, কৰম < কৰ্ম, সৰগ < স্বৰ্গ
ৰাইজ < ৰাজ্য, পদুম <পদ্ম, ৰতন < ৰত্ন, কিৰপিন < কৃপন
সতি < সত্য, অইন < অন্য, শুকুলা < শুক্লা
আন এক শ্ৰেণীৰ সংস্কৃত শব্দ যিবোৰ সংস্কৃতৰ পৰা প্ৰাকৃতৰ মাজেদি অসমীয়াত সোমোৱা শব্দবোৰ নতুন ৰূপ লৈছে। এই শব্দবোৰ নৱ্য ভাৰতীয় আর্য ভাষাই উত্তৰাধিকাৰী সূত্রে লাভ কৰিছে। গতিকে পালি, প্রাকৃত আৰু অপভ্রংশ স্তৰৰ মাজেদি পৰিৱৰ্তন লাভ কৰি অসমীয়াত ব্যৱহৃত শব্দবোৰক তদ্ভৱ শব্দ রোলে।
অসমীয়া ভাষাত প্ৰচলিত সংস্কৃতমূলীয় শব্দবিলাকৰ বেছিভাগেই তদ্ভৱ শব্দ। এই শব্দসমূহ অর্ধ-তৎসম শব্দবিলাকৰ আগতেই অসমীয়াত সোমাইছে। অসমীয়া ভাষাত ব্যৱহাৰ হোৱা ভালেমান ঘৰুৱা শব্দ, শৰীৰৰ অংগ-প্রত্যংগ বুজোৱা শব্দ, গছ-গছনি বুজোৱা শব্দ, ফলমূলৰ গছ বুজোৱা শব্দ, শাক-পাচলিবাচক শব্দ, ফুল-গছ-লতিকাৰ নাম, জীৱ-জন্তুৰ নাম, পোক-পৰুৱাৰ নাম, চৰাই-চিৰিকটিৰ নাম, মাছ পুঠিৰ নাম, দৈনন্দিন জীৱনত ব্যৱহৃত শব্দ ৷ দিন-মাহ আদিৰ নাম, সংখ্যাবাচক শব্দ, গুণবাচক বিশেষণ, সর্বনাম, ক্রিয়া, অব্যয় শব্দ আদি তদ্ভৱ শব্দৰ অন্তৰ্ভুক্ত।
তলত কেইটামান তদ্ভৱ শব্দ উল্লেখ কৰা হ’ল—
সংস্কৃত | প্ৰাকৃত | তদ্ভৱ |
ঘৃত | ঘিঅ | ঘী, ঘীউ |
দক্ষিণ | দকখিন | দখিন |
জ্যোৎস্না | জোন্হা | জোনাক |
অদ্য | অজ্জ | আজি |
ভ্ৰাতৃকঃ | ভাইঅ | ভাই |
এইবিলাকৰ উপৰি গুণবাচক বিশেষণ শব্দ (সঁচা < সত্য, মিছা < মিথ্যা, ভাল < ভদ্র, ক’লা < কালক, হলিধী < হৰিদ্ৰ); সর্বনাম শব্দ (মই < ময়া, আমি < অস্মে, আপোন < আত্মম); অব্যয় শব্দ (যিহকে < যদাহি, তিয়কে < তদাহি; আৰু < অপৰ); ক্রিয়াবাচক শব্দ (কৰে < কৰোতি, খায় < খাদতি, শুনে < শূণোতি, দিয়ে < দদাতি, হয় < ভৱতি, যায় < যাতি); সংখ্যাবাচক শব্দ কুৰি আৰু হাজাৰ বাদ দি বাকী সকলোবোৰ শব্দ আদি উল্লেখ কৰিব পাৰি ৷
উল্লেখযোগ্য যে সংস্কৃতৰ দন্ত্য ‘স’,মূর্ধন্য ‘ষ’ আৰু তালব্য ‘শ’ৰ উচ্চাৰণ অসমীয়াত সম্পূৰ্ণ বেলেগ; তাৰ ঠাইত কেৱল অঘোষ পশ্চ তালব্য উষ্ম ‘স’ৰ উচ্চাৰণ হয়। অৱশ্যে এই শব্দসমূহ লিখোঁতে সংস্কৃত বানানতেই লিখা হয় আৰু এনে শব্দৰ সন্ধি, সমাস, ণ-ত্ব বিধি, যত্ব-বিধিৰ ক্ষেত্ৰত সংস্কৃত ব্যাকৰণৰ নীতি-নিয়মসমূহ মানি চলা হয়। সেয়ে উচ্চাৰণগত পার্থক্য থকা সত্ত্বেও এইবোৰ শব্দত সংস্কৃত শব্দৰ এটি সৰলীকৃত ৰূপহে দেখা পোৱা যায় ৷ অসমীয়া সম্বন্ধবাচক শব্দবোৰৰো মূল সংস্কৃত। ৰমেশ পাঠকে এখন তালিকা দিছে। তলত তালিকাখন উল্লেখ কৰা হ’ল —
সংস্কৃত | প্রাকৃত | অসমীয়া |
বপ্ৰ | বপ্পো | বাপ |
পিতৃ স্বশ্বকা | পিউসীআ | পেহী |
মাতৃ স্বশ্বকা | মাউসীআ | মাহী |
জামাতৃক | জামাউঅ | জোঁৱাই |
ধীদা/দুহিতা | জিআ | জীয়ৰী |
মামকঃ | মামও | মামা |
দেৱৰ | দিঅৰ | দেওৰ |
স্বম্ক্ষ্ৰক | সাসু | শাহু |
ভগ্নী > ভগিনী | ভইনী | ভনী |
জেঠ | জেতুথো | জেঠা |
পতি | পঈ | পৈ |
আগতে উল্লেখ কৰি অহা হৈছে যে অসমীয়া ভাষাৰ কথিত ৰূপত ব্যৱহৃত গুপ্তাংগবাচক শব্দবোৰ সংস্কৃতৰ পৰা আহিছে। ৰমেশ পাঠকদেৱে উল্লেখ কৰা তালিকাখন প্ৰস্তুত কৰা হল—
সংস্কৃত | অসমীয়া |
কক্ষতলী | কাষতলী |
হস্ত | হাত |
গুফ | গোঁফ |
বুকক | বুকু |
অষ্ঠিৱৎ | আঁঠু |
ইতিমধ্যে উল্লেখ কৰা তালিকাখনৰ উপৰিও পাঠ ডাঙৰীয়াই দৈনন্দিন জীৱনত ব্যৱহৃত আৰু কিছু শব্দৰ এখন তালিকাও উল্লেখ কৰি গৈছে। তলত উল্লেখ কৰা হ’ল –
অসমীয়া | প্রাকৃত | সংস্কৃত |
উজু | উজ্জু | ঋজু |
মুঠি | মুক্তি | মুষ্টি |
চতুৰ্থ | ডিউঠো | চতুৰ্থঃ |
মণ্ড | মগ্গু | মদগুঃ |
যখ | জক্খো | যক্ষ |
পকা | পকক, পিকক | পককং |
উছাহ | উচ্ছাহো | উৎসাহ |
শুকান | সুক্কম, সুকখম | শুষকং |
জীণ | জীণনো | জীর্ণ, ইত্যাদি |
৫। অনা-আর্য ভাষাৰ অন্তৰ্গত অষ্ট্ৰিক ভাষাগোষ্ঠীৰ কোনবোৰ উপাদানে বৰ্তমানলৈকে প্ৰভাৱ বিস্তাৰ কৰি আছে, এটি আলোচনা আগবঢ়োৱা।
উত্তৰঃ পণ্ডিতসকলে পৃথিৱীৰ অন্যতম নৃগোষ্ঠী অষ্ট্ৰিক ভাষা পৰিয়ালক দুটা শাখাত ভগাইছে -অষ্ট’এছিয়াটিক আৰু অষ্ট্ৰ’নেচিয়ান। ইয়াৰে ভাৰতবৰ্ষত প্ৰচলিত অষ্ট্ৰ’এছিয়াটিক শাখাৰ অন্তর্গত খাচি, কোল-মুণ্ডা আৰু মালয় ভাষাৰ শব্দ অসমীয়া ভাষাত প্ৰচলন আছে বুলি কাকতিয়ে দেখুৱাইছে। খাচী ভাষা মেঘালয় (বৰ্তমানৰ) আৰু কোল-মুণ্ডা উপশাখাৰ চাওতালী, মুণ্ডাৰী, হো, ভূমিজ আদি কিছুমান ভাষা অসমৰ চাহ-বাগিছাৰ অঞ্চলসমূহত প্রচলিত। কোল-মুণ্ডা ভাষাৰ লগত সোমাই থকা অসমীয়া শব্দ কেতবোৰ হ’ল – আটোমটোকাৰি, সোঁতা, লেখীয়া, চিকৰা, ডঙ্গুৱা ইত্যাদি। তেনেকৈ চাওতালী ভাষাৰ ভোদা, ঢিপ, গোঙ্গোৰা ইত্যাদি বর্তমান প্রচলিত হৈ আছে। বিভিন্ন গছ-গছনি, যেনে পদ্মা, থৈলাঙনি, শলখ, ফাকডেমা আদি অষ্ট্ৰিক ভাষাৰ। অষ্ট্ৰিকসকলে হাতেৰে মাটিৰ পাত্ৰ গঢ়িছিল। কাঠৰ সামগ্ৰীৰ বহুল ব্যৱহাৰৰ লগতে কিছুমান বাচন-বৰ্তনৰ নাম বর্তমান সমাজখনতো প্রচলন হৈ আছে।
যেনেঃ উৰাল, নেওঠনি, বঁটা, পীৰা আদি। অসমীয়া ভাষাৰ কেতবোৰ সম্বন্ধবাচক শব্দ যেনে – আতা, আবু, বোপাই, আই, ককাই, বাই, বেটী, আদি অষ্ট্ৰিকৰ পৰা অহা বুলি কোৱা হৈছে। অসমীয়া ‘গুৱা’ শব্দটো অষ্ট্ৰিকমূলীয় খাছী ভাষাৰ ‘কুৱা’ৰ পৰা অহা । সেইদৰে গুৱাহাটী শব্দটোতো অষ্ট্ৰিকৰ প্ৰভাৱ অনুভূত হয়।
অসমত চাহ-বাগিচাসমূহ গঢ় লৈ উঠাৰ বাবে কোল-মুণ্ডাৰীৰ প্ৰভাৱ বাৰুকৈয়ে পৰে। কোল বা মুণ্ডাৰী ভাষাৰ প্ৰচলন হৈ থকা কেইটামান শব্দ হ’ল – আটা, বিলা, ভঙুৱা, এৰা, জুনা, জুৰি, সেৰেকা, উতনুৱা, উবুৰিয়া, মুগা, মুঠন, মাইকী, মাই, লেহেম, হুকৰি, হুতা, চোঙা, টুপুৰা আদি ।
একেটা শব্দৰে পুনৰাবৃত্তি কৰি অৰ্থৰ গভীৰতা বুজোৱা পদ্ধতি কোলাৰীয় ভাষাত আছে। অসমীয়া ভাষাতো তেনে শব্দৰ ব্যৱহাৰ চলি আহিছে। ‘মাদুলি’ শব্দটো সংস্কৃত ‘মদল’ৰ পৰা অহা বুলি কোৱা হয়। সংস্কৃত ‘মদল’ৰ পৰাই অষ্ট্ৰিকত ‘মাদল’ শব্দ ওলাইছে। আকৃতিৰ ফালৰ পৰা মাদুলি আৰু মাদলৰ মিল আছে। আমি ‘মাদুলি’ শব্দটো অষ্ট্ৰিক ‘মাদুলি’ৰ পৰাই ই আহিছে বুলি ভাবো ৷
শব্দৰ উৎসৰ ক্ষেত্ৰত ধ্বনি আৰু অৰ্থৰ মিলে সন্দেহৰ উদ্রেক কৰায়; এনে সন্দেহৰ ওপৰত ভিত্তি কৰি জন প্ৰব্ৰজনৰ ইতিহাস ঐতিহাসিক পটভূমি, সাংস্কৃতিক জীৱন পদ্ধতি, উমৈহতীয়া সম্ভাৱনা আদি বিভিন্ন ধৰণৰ পৰ্যালোচনাৰ দ্বাৰাহে সম্ভাব্য মন্তব্য দিব পৰা যায়।
উৎসৰ ড° বাণীকান্ত কাকতিয়ে ‘অসমীয়া ভাষাৰ গঠন আৰু বিকাশ’ নামৰ ইংৰাজীত লিখা গৱেষণা গ্ৰন্থখনৰ “আর্য-ভিন্ন উপাদান’ শিতানত খাচী, কোলাৰীয় আৰু মালয় আদি অষ্ট্ৰ’এছিয়াটিক ভাষাৰ বহু উপাদান অসমীয়া ভাষাত আছে বুলি কৈছে। অসমীয়া ভাষাত তেনে বহু উপাদানৰ প্ৰয়োগ আৰু উপস্থিতি বৰো, গাৰো, কাৰ্বি প্ৰভৃতি অসম-বৰ্মীয় ভাষাত আৰু মিছিং প্রভৃতি উত্তৰ-অসম শাখাৰ ভাষাতো আছে। উদাহৰণস্বৰূপে, অসমৰ প্ৰাচীন ঠাইসমূহৰ অন্যতম ‘কামৰূপ’ আৰু ‘কামাখ্যা’ শব্দটো বিভিন্ন অষ্ট্রিক ভাষাত পোৱা মৰাশ, ভূত-প্ৰেম আৰু যাদুমন্ত্র সম্বন্ধীয় শব্দসমূহৰ (যেনে – khmoch: khmer : ka-met; kamree; santal ইত্যাদি) আর্যীকৰণ হৈ সৃষ্টি হোৱা শব্দ বুলি যুক্তি দাঙি ধৰিছে।
অসমীয়া ভাষাৰ অন্যতম বৈশিষ্ট্য সম্বন্ধবাচক শব্দৰ গঠন আৰু প্ৰয়োগৰ স্বতন্ত্রতা। অসমীয়া ভাষাত –আই, –এৰ / -এৰা, –এক পৰপ্ৰত্যয় যোগ কৰি সম্বন্ধবাচক শব্দৰ পুৰুষ অনুযায়ী ৰূপ সাধন কৰা হয়। তদুপৰি বয়সৰ সৰু ডাঙৰ ভেদ কৰা পৃথক শব্দৰো প্ৰয়োগ অসমীয়াত চলি আহিছে. যিটো বৈশিষ্ট্য বাংলা প্রভৃতি অন্যান্য মগধীয় ভাষাত পাবলৈ নাই ৷ কিন্তু অসমীয়া ভাষাত চাওতালী ভাষাৰ নিচিনাকৈ পৰসৰ্গ যোগেৰে পুৰুষ-বাচক সম্বন্ধ
নিৰ্দিষ্টতা গঠন হোৱা ৰীতিলৈ চাই ডাঠিকৈ অসমীয়া ভাষাই কোলাৰীয় ভাষাসমূহৰ পৰাহে এনে বৈশিষ্ট্য লাভ কৰিছে।
অন্যান্য ভাষাবিদসকলৰ দৃষ্টিত এতিয়ালৈকে নপৰা এনে কেতবোৰ খাচী শব্দৰ প্ৰচলন অসমীয়াত আছে যি তিব্বতবর্মীয় অন্যান্য ভাষাতো সমানেই সমাদৃত আৰু এইটো আমোদজনক কথা যে এনে, কেতবোৰ শব্দৰ লোক ব্যুৎপত্তিৰ দ্বাৰাই হওঁক বা অন্যান্য ভাষা সূত্ৰৰ দ্বাৰাই হওঁক, অতি সুন্দৰভাৱে ব্যাখ্যা কৰিবও পৰা যায়। এনে কেতবোৰ শব্দৰ তালিকা দিয়া হ’ল –
অসমীয়া | খাচী | গাৰো |
মইনা/মইনা চৰাই | মোইনা | মোনা |
হিলৈ বৰতোপ | কা-ছুলোই | ছিলাই |
টুটুকীয়া | থক, জিংথক | _____ |
কটাৰী | কা তাৰি | কাতাৰি |
এইখিনিতে অসমত বসবাস কৰা চাহ বাগিচাৰ বনুৱাসকলৰ ভাষাটোৰ কথাও চাবলগীয়া। অসমত থকা আটাইবোৰ ‘কোল-গোষ্ঠীৰ’ লোক অসমত চাহ বাগান খোলাৰ পিছত বাগানৰ বনুৱাৰূপে চালানী হৈ অহা বিৰাট বিপৰ্যয় আৰু সমস্যাৰ সমাধানৰ হেতু বহু আশা-আকাংক্ষা বুকুত বান্ধি এইসকল গিৰমিট লিখোৱাই অসমলৈ আহিছিল। এই আশাৰ সপোন সপোনতে ৰ’ল। আজিকালি অসমত থকা সকলো চাহ-বাগিচাৰ বনুৱা আৰু থলুৱা কোল লোকে অসমীয়া সুন্দৰীকৈ ক’ব পাৰে। সকলোবিলাক ল’ৰা-ছোৱালী অসমীয়া স্কুলত পঢ়ে ৷ কোনো কঠিন ভাবৰ শব্দকে অসমীয়া শব্দ দি প্ৰকাশ কৰে। সেইবাবে অসমীয়া ভাষাটোত তেওঁলোকৰ উপাদান কম পৰিমাণে হ’লেও সোমাই আছে। ঘৰত কথা-বাৰ্তা হওঁতে এটা সানমিহলি ভাষাত কথা পাতে । অসমৰ জলবায়ুৱে বনুৱা জীৱনৰ গীত-মাত, কথা-বাৰ্তাৰ ভংগী সকলোতে নতুন সুৰ দিলে। এতিয়া অসম মাটিয়েই আপোন মাটি “অসম দেশৰ শীতলা মাটি, পিচল পৰে পাৱ।” আকৌ চাহ মজদুৰ ডেকা-গাভৰুৱে বিহুগীত গায়, বিহুগীত নাচে। অসমৰ বায়ু-পানী-মাটিৰেই নিৰ্মিত আৰু অসমৰ দুখেই তেওঁলোকৰ দুখ আৰু অসমৰ সুখেই তেওঁলোকৰ সুখ বুলি বিবেচনা কৰে।
সেয়েহে তেওঁবিলাকে নিজক অসম-মাতৃৰ প্ৰকৃত সন্তান ভাৱি স্পষ্টভাৱে এইবুলি ক’ব পাৰিছে : আসাম হামনিকে লাগে হামনি অসমকে। ভুই গেলি হামনি আপন দেশকে। সবকুছ সমঝলি আসাম দেশকে। চাহ বাগিচাৰ এই বনুৱাসকলৰ গীত-মাতৰ ভিতৰত উল্লেখযোগ্য গীত-ঝুমুৰ গীত। এই গীতবোৰৰ ভাষাই অসমীয়া ভাষাৰ ৰূপৰো সংৰক্ষণ কৰিছে – ৰাঙা (ৰঙা), কাচা (কেচা), ইন্দুৰ (এন্দুৰ), চেপ্প্তা (চেপেটা), ছাতা (ছাতি), গামছা (গামোছা), গাছ (গছ), ঝিঙ্গা (জিকা), ছাগল (ছাগলী), মছলা (মছলা), সোণা (সোণ), ৰূপা (ৰূপ), গোলা (দোকান), হেট (তেল),ভেল (হ’ল), বহু (বোৱাৰী), বৰিষণ (বৰষুণ), নাগৰ (প্রিয়), মাগ্ (খোজ), তাৰাতাৰি (সোনকাল), ভাল কৰি (ভালকৈ), বগৰী, পাহাৰ, পৰ্বত, ডালিম, বাস (গোন্ধ), বাতি (চাকি), ঝুলি (মোনা), কাঁটা (কাইট), চক্ৰা (ল’ৰা), হৰিণ ইত্যাদি।
বিশাল ব্ৰহ্মপুত্ৰই দুই বাহু মেলি গোটেই অসমখন আৰু অসমৰ দাঁতিকাষৰীয়া ৰাজ্যক সাৱটি ৰখাৰ নিচিনাকৈ অসম আৰু অসমৰ কাষৰীয়া অঞ্চলৰ লোককো সামৰি ৰাখিছে। আকৌ বিশাল ব্ৰহ্মপুত্ৰত ভিন ভিন ঠাইৰ পৰা নানা উপনদী লগ লাগি নদীখনক পৰিপুষ্ট কৰাৰ নিচিনাকৈ অসমত অতি প্রাচীন কালৰ পৰা বৰ্তমানলৈকেও বিভিন্ন জনজাতীয় বা থলুৱা ভাষাই অসমীয়া ভাষাৰ বিভিন্ন ক্ষেত্ৰত পৰিপুষ্টি সাধন কৰি আহিছে।
৬। জনজাতীয় ভাষাৰ কোনবোৰ বৈশিষ্ট্যই বৰ্তমান সময়ত অসমীয়া ভাষাই সুকীয়া ৰূপ পৰিগ্ৰহণ কৰাত সহায় কৰিছে? আলোচনা কৰা ৷
উত্তৰঃ অসমীয়া ভাষাত অনা-আৰ্যৰ উপাদান উভৈনদী। গতিকে অসমীয়া ভাষাটোৰ ওপৰত এই ভাষাবোৰৰ প্ৰভাৱ ভালকৈয়ে পৰিল। তাৰ ফলত অসমীয়া ভাষাটোৱে এটা সুকীয়া ৰূপ গ্ৰহণ কৰিলে ৷ অসমীয়া ভাষাৰ সুকীয়া ৰূপৰ কথা ক’লে প্ৰধানকৈ ধ্বনিতত্ত্ব আৰু ৰূপতত্ত্বৰ ক্ষেত্ৰত দেখা দিয়া কিছুমান বিশেষত্বৰ কথাই ক’ব লাগিব। ধ্বনিতত্ত্বৰ পিনৰ পৰা চালে অসমীয়া ভাষাত কেইটামান কথা স্পষ্টৰূপে দেখা যায়। সংস্কৃতত দন্ত্য আৰু মূর্ধন্য ধ্বনিৰ পার্থক্য আছে। কিন্তু অসমীয়া মান্যভাষা আৰু কামৰূপী উপভাষাত এই দুয়োবিধ ধ্বনিৰ ঠাইত দন্ত্যমূলীয় ধ্বনিৰ্হে শুনা যায়। সংস্কৃতৰ তালব্য ধ্বনি সেইদৰে অসমীয়া মান্য আৰু কামৰূপীত দন্ত্যমূলীয় ধ্বনিত পৰিণত হৈছে (অসমৰ গোৱালপৰীয়া ‘দেশী ভাষা’ত দন্ত্যমূর্ধন্যৰ ধ্বনিৰ পাৰ্থক্য ৰক্ষিত হৈছে আৰু ধ্বনিৰো ব্যৱহাৰ আছে)।
অসমীয়া মান্য ভাষা আৰু কামৰূপী উপভাষাত সংস্কৃতৰ উষ্মধ্বনিবোৰ অসংযুক্ত হ’লে সচৰাচৰ ‘স’ ৰূপে উচ্চাৰিত হয়। (গোৱালপৰীয়া ‘দেশী-ভাষা’ত এই ধ্বনি নাই)। অসমীয়া মান্য ভাষা আৰু কামৰূপী উপভাষাত দেখা এই বৈশিষ্ট্যবোৰত তিব্বতবৰ্মীয় ভাষাৰ প্ৰভাৱ আছে। “অসমীয়া ভাষাত দ্ৰাৱিড় ভাষাৰ মূর্ধন্য ধ্বনিৰ উচ্চাৰণত বাধা প্ৰদান কৰা প্ৰভাৱৰ ভিতৰত তিব্বতবৰ্মীয় প্ৰভাৱ আছে। সংস্কৃতত শব্দটো আছিল ‘যোটক’। কামৰূপী উপভাষাত শব্দটো
‘ঘৰা’ আৰু মান্য ভাষাত হ’ল ‘ঘোঁৰা’। ইয়াৰ নাম স্বতঃ অনুনাসিকীভৱন। এই প্ৰক্ৰিয়াটোক তিব্বতবৰ্মীয় ভাষাৰ প্ৰভাৱ বুলি স্বীকাৰ কৰা হৈছে।
শব্দৰ গঠন, প্রত্যয় আদিৰ ক্ষেত্ৰতো অসমীয়া ভাষাই সুকীয়া ৰূপ লয়। প্ৰথমতে, অসমীয়াত নির্দিষ্টকৈ কোনো বস্তু বা মানুহক বুজাবলৈ ব্যৱহাৰ কৰা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰৰ কথা ক’বলগীয়া ৷ যেনে – হাতখন, কানখন, মানুহটো, আঙুলিটো। এই বৈশিষ্ট্যত চীন-তিব্বতীয়ৰ প্ৰভাৱ পৰিলক্ষিত হয়।
দেউৰী-চুতীয়াতযোগ হোৱা নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ কথা মন কৰিব পাৰি। যেনে—
দেউৰী-চুতীয়া | অসমীয়া |
পেমচু-হাচ্চা | এখিলা পাণ |
য়োগি-কুজা | এখন কটাৰী |
টাই ভাষাতো এই বৈশিষ্ট্য আছে—
টাই | অসমীয়া |
নুক-ট্য | চৰাইটো |
ফাছিপ-ফুল | কাপোৰ দহখন |
ডিমাছা ভাষাত নির্দিষ্টতাবাচক প্রত্যয় কিছুমান এনে ধৰণৰ—
ডিমাছা | অসমীয়া |
চেমখাইছা | লোণকণ |
চিনি খাইচা | চেনিকন |
কাৰ্বি ভাষাত পোৱা যায় কাৰ্বি—
কাৰ্বি | অসমীয়া |
ৱ | এজম |
কাৱে-এপুম | তামোল এটা |
মিছিং ভাষাত কণী, আলু আদিৰ এটা বুজাবলৈ ‘আপৃ’ টকা আদিৰ ক্ষেত্ৰত এটকা বুজাবলৈ ‘আবাৰ্’। ‘কাগজ’ আদিৰ ক্ষেত্ৰত এখিলা বুজাবলৈ ‘আবৰ্’, ‘বাঁহ-বেত’ আদিৰ ক্ষেত্ৰত এডাল বুজাবলৈ ‘আমৃংক’, এঘৰ বুজাবলৈ কংক আদি প্ৰত্যয়ৰ সংযোগ ঘটোৱা হয়৷ ৰাভা ভাষাত নির্দিষ্টতাবাচক প্রত্যয় হ’ল ‘বে’; যেনে – কায়বে (মানুহজন), পান-যে (গছডাল)। গাৰো ভাষা—
গাৰো | অসমীয়া |
কিতাপ-কিং-ছা | কিতাপ এখন |
মানদে-চাক-ছা | মানুহ এজন |
প্ৰতিধ্বন্যাত্মক শব্দৰ ব্যৱহাৰ অসমীয়া ভাষাৰ আন এটা বৈশিষ্ট্য; যেনে চেনি-তেনি। দেউৰী-চুতীয়া ভাষাতো এই নিয়ম আছে; যেনে—
দেউৰী (চুতীয়া) | অসমীয়া |
চিঙ-পিঙ | নিমখ-চিমখ |
গে’পা-চেপা | পাচি-চাচি |
কাৰ্বি ভাষাত এই শ্ৰেণীৰ শব্দবোৰ এনেকুৱাঃ
কাৰ্বি | অসমীয়া |
অক-আক | মাছ-চাছ |
ছক –ছাক | ধান-চান |
লাং-লুং | পানী-দুনী |
বড়ো ভাষাতঃ
বড়ো | অসমীয়া |
হিমজাৱ-চিমজাৱ | মাইকী-চাইকঈ |
মকৱ-চকৱ | গৰু-চৰু |
মঞ বা নাস্তি অৰ্থ বুজাবলৈ অসমীয়াত ক্ৰিয়াৰ আগত নাস্ত্যৰ্থক ৰূপ ‘ন’ যোগ হয় আৰু ধাতুটোৰ প্ৰথম স্বৰধ্বনি অনুযায়ী ‘ন’ৰ ‘অ’ স্বৰ-ধ্বনিৰ সমীভৱন হয়। যেনে নামাৰে / নেমাৰে, নুশুনে ইত্যাদি। অসমীয়া ভাষাৰ এই বৈশিষ্ট্যটো সম্পূৰ্ণৰূপে চীনতিব্বতীয় ভাষাৰ প্ৰভাৱত গঢ় লৈ উঠা। এইক্ষেত্ৰত বড়ো, গাৰো, ৰাভা, টাই, নগা আদি ভাষাৰ বৈশিষ্ট্যবোৰলৈ আঙুলিয়াব পাৰি — চীন-তিব্বতীয় ভাষাত নাস্ত্যৰ্থক ৰূপ দুই ধৰণৰ এবিধ সাধাৰণ ৰূপৰ নাস্ত্যৰ্থক আৰু আনবিধ অনুজ্ঞাসূচক নাস্ত্যৰ্থক ৰূপ। বড়ো কছাৰী ভাষাত অনুজ্ঞাসূচক নাস্ত্যৰ্থক ৰূপ হ’ল দা; যেনে – দা-থাত্ ‘নাযাবা’ আৰু সাধাৰণ ৰূপৰ নাস্ত্যৰ্থক ৰূপ হ’ল আ; যেনে ‘আঙহা ফয়চা গয়া’ (মোৰ পইচা নাই)। গাৰো ডিমাছা আৰু দেউৰী ভাষাত অনুজ্ঞাসূচক নাস্ত্যৰ্থক ৰূপ হ’ল দা যেনে – গাৰো দা–স্তু (থুই নেপেলাবা), ডিমাছা – দাথাং (নাযাবা), দাদাং (নকৰিবা); দেউৰী-দাহা (নাখাবা)। ৰাভা ভাষাত অনুজ্ঞাসূচক নাস্ত্যৰ্থক ৰূপ হ’ল টা – যেনে-টা-ৰেং (নাখাবা), টা-খাৰ (নকৰিবা), টা-টং (নাথাকিবা)।
অসমীয়া ভাষাৰ বোৰ, বিলাক এই বহুবচনৰ প্ৰত্যয় দুটাৰ মূল চীন-তিব্বতীয় ভাষা : বিলাক শব্দ মিচিমি কা-ফ্লাক (সকলো শব্দৰ পৰা ওলোৱাটো সম্ভৱ। কা-ফ্লাক মিজু-মিচিমি ভাষাৰ বহুবচনৰ প্ৰত্যয় বা চিন। এনে অনুমান কৰিব পাৰি যে গাৰো ‘ফিলাক’ আৰু মিচিমি ‘কাফ্লাক’ একে শব্দ। ‘বোৰ’ প্রত্যয় বড়ো কছাৰী ‘ফোৰ’ প্রত্যয়ৰ পৰা অহা। বড়ো ঃ মানসিফোৰ (মানুহবোৰ) নো-ফোৰ (ঘৰবোৰ)। কথা-গুৰু চৰিতত ‘ভোৰ’ পোৱা যায়। যেনে সৰুভোৰ, বুৰঞ্জীত বোৰ (ইবোৰেও), ভোৰ (ইভোৰে), বিলাক (ই বেলোকে) আদিৰ ব্যৱহাৰ কৰা যায়।
অসমীয়া ভাষাটো প্ৰধানকৈ পৰ-প্ৰত্যয় প্রধান ভাষা। কিন্তু দুই-এঠাইত মধ্য প্রত্যয়ৰ ব্যৱহাৰ কিতাপ, কিতাপখন, কিতাপকেইখন; মানুহ, মানুহজন, মানুকেইজন, মানুহকেই-বা-জন; মানুহ, মানুহবোৰ, মানুহ কেতবোৰ। অসমীয়া ভাষাত মধ্য-প্ৰত্যয়ৰ ব্যৱহাৰৰ ক্ষেত্ৰত জনজাতীয় ভাষাৰ প্ৰভাৱৰ কথা ক’বই লাগিব। দেউৰীঃ হা-ম্ (খাম), হা-চ্চি-ন্ (বাৰে বাৰে খাই থাকিম) অসমীয়া ভাষাৰ মধ্য প্রত্যয়ৰ ব্যৱহাৰৰ ক্ষেত্ৰত জনজাতীয় ভাষাৰ প্ৰভাৱৰ কথা ক’বই লাগিব। অসমীয়া ভাষাৰ পেখম, লেহেম, লোধোমা আদি শব্দৰ মা-মা অংশ; ধেপেচা, ৰঙচুৱা আদি শব্দৰ চা/চু বড়ো ভাষাৰ পৰা অহা। দোয়-চা (সৰু নৈ); নো-চা (সৰু ঘৰ, জুপুৰী)। দুই এঠাইৰ বাহিৰে অসমীয়াত সচৰাচৰ বিশেষ্য শব্দটো স্ত্ৰী-লিংগৰ হ’লেও বিশেষণ শব্দটো স্ত্ৰী-লিংগৰ নহয়; যেনে – ভাল ল’ৰা, ভাল ছোৱালী। ইয়াত তিব্বতবর্মীয় ভাষাৰ কথা কোৱা হৈছে।