অসমীয়া ভাষা আৰু লিপি Unit 5 অসমীয়া লিপি আৰু

অসমীয়া ভাষা আৰু লিপি Unit 5 অসমীয়া লিপি আৰু অসমৰ অন্যান্য ভাষাৰ লিপি, College and University Answer Bank for BA, and Post Graduate Notes and Guide Available here, অসমীয়া ভাষা আৰু লিপি Unit 5 অসমীয়া লিপি আৰু অসমৰ অন্যান্য ভাষাৰ লিপি Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. অসমীয়া ভাষা আৰু লিপি Unit 5 অসমীয়া লিপি আৰু অসমৰ অন্যান্য ভাষাৰ লিপি Question Answer can be of great value to excel in the examination.

অসমীয়া ভাষা আৰু লিপি Unit 5 অসমীয়া লিপি আৰু অসমৰ অন্যান্য ভাষাৰ লিপি

Join Telegram channel

অসমীয়া ভাষা আৰু লিপি Unit 5 অসমীয়া লিপি আৰু অসমৰ অন্যান্য ভাষাৰ লিপি Notes cover all the exercise questions in UGC Syllabus. অসমীয়া ভাষা আৰু লিপি Unit 5 অসমীয়া লিপি আৰু অসমৰ অন্যান্য ভাষাৰ লিপি The provided here ensures a smooth and easy understanding of all the concepts. অসমীয়া ভাষা আৰু লিপি Unit 5 অসমীয়া লিপি আৰু অসমৰ অন্যান্য ভাষাৰ লিপি Understand the concepts behind every Unit and score well in the board exams.

অসমীয়া লিপি আৰু অসমৰ অন্যান্য ভাষাৰ লিপি

অসমীয়া ভাষা আৰু লিপি

অতি চমু প্রশ্নোত্তৰঃ

১। অসমীয়া লিপিৰ ক্ৰমবিকাশৰ ধাৰা দুটা কি কি? 

উত্তৰঃ ব্ৰাহ্মী লিপি আৰু খৰোষ্ঠী লিপি।

২। কোন লিপিৰ মাধ্যমেৰে অসমীয়া লিপিয়ে নিজ স্বকীয়তা প্রতিপন্ন কৰিছিল? 

উত্তৰঃ নগাজৰী খনিকৰ গাঁৱৰ প্ৰস্তৰখণ্ডৰ লিপিৰ মাধ্যমেৰে

৩। কামৰূপী লিপিৰ সময়সীমা কিমান? 

উত্তৰঃ খ্ৰীষ্টীয় চতুৰ্থ-পঞ্চম শতিকাৰ পৰা ত্রয়োদশ শতিকা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। মধ্যযুগীয় লিপিৰ সময়সীমা কিমান?

উত্তৰঃ খ্ৰীষ্টীয় ত্রয়োদশ শতিকাৰ পাছৰ পৰা ঊনবিংশ শতিকাৰ মাজভাগ।

৫। আধুনিক লিপিৰ সময়সীমা কিমান? 

উত্তৰঃ ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা বৰ্তমানলৈ

৬। মধ্যযুগীয় অসমীয়া লিপিৰ আদি নিদর্শন কি? 

উত্তৰঃ উত্তৰ গুৱাহাটীৰ কানাই বৰশীবোৱা তুৰুস্ক-ক্ষয়ৰ শিলৰ ফলি।

৭। কানাই বৰশীৰোৱা শিলৰ ফলি কেতিয়া খোদিত হৈছিল। 

উত্তৰঃ খ্ৰীষ্টীয় ত্রয়োদশ শতিকাৰ প্ৰথমার্ধত। 

৮। মধ্যযুগীয় অসমীয়া লিপিৰ প্ৰধান শৈলী বা ৰীতি কেইটা?

উত্তৰঃ তিনিটা।

৯। ধর্মপুস্তকৰ অনুবাদক কোন?

উত্তৰঃ আত্মাৰাম শৰ্মা।

১০। সম্রাট অশোকৰ শাসনত কেই প্ৰকাৰৰ লিপিৰ ব্যৱহাৰ হৈছিল? 

উত্তৰঃ চাৰি প্ৰকাৰৰ লিপিৰ ব্যৱহাৰ হৈছিল ।

১১। সুৰেন্দ্ৰ বৰ্মাৰ লিপিখনৰ নাম কি? 

উত্তৰঃ উমাচল লিপি।

১২। নগাজৰী খনিকৰ গাঁৱৰ লিপি ক’ত উদ্ধাৰ হৈছিল? 

উত্তৰঃ গোলাঘাটৰ সৰুপথাৰৰ ওচৰৰ নগাজৰী খনিকৰ গাঁৱত।

১৩৷ সুৰেন্দ্ৰ বৰ্মা উমাচল শৈললিপিৰ মুঠ অক্ষৰ সংখ্যা কিমান? 

উত্তৰঃ ৩৩টা।

১৪৷ ডুবি তাম্রশাসন ফলিখনত মুঠতে কিমান তাম্রফলক আছিল?

উত্তৰঃ ৬ খনি।

১৫। কাইথেলী লিপি কি?

উত্তৰঃ পুথি ৰচনা, নকল তথা হিচাপ-পত্ৰ ৰাখিবৰ কাৰণে কায়স্থসকলে ব্যৱহাৰ কৰা লিপিয়ে হ’ল কাইথেলী লিপি।

চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

১। অসমীয়া লিপিৰ উদ্ভৱ আৰু ক্ৰমবিকাশ সম্পৰ্কে এটি প্রবন্ধ যুগুত কৰা।

উত্তৰঃ অসমীয়া লিপিৰ উৎপত্তি আৰু বিকাশৰ লগত ভাৰতীয় লিপিৰ ইতিহাস ঘনিষ্ঠভাৱে জড়িত। সেই কাৰণে অসমীয়া লিপিৰ উৎপত্তি আলোচনা কৰিবলৈ যাঁওতে ভাৰতীয় লিপিৰ ইতিহাস থূলমূলকৈ আলোচনা কৰিব লগা হয়। মহেঞ্জোদাৰো আৰু হৰপ্পাৰ উন্নত নাগৰিক সভ্যতা আৱিষ্কৃত হোৱাৰ আগলৈকে খৃষ্টপূর্ব তৃতীয় শতিকাৰ সম্রাট অশোকৰ অনুশাসন আৰু শিলালিপিত ব্যৱহৃত মৌৰ্যলিপিকে ভাৰতীয় লিপিৰ প্ৰাচীনতম নিদৰ্শন বুলি ধৰা হৈছিল। কিন্তু সিন্ধু সভ্যতাৰ আৱিষ্কাৰ আৰু তাত ব্যৱহৃত হোৱা লিপিয়ে ভাৰতীয় লিপিৰ ইতিহাস খৃষ্টপূৰ্ব তিনি হেজাৰ বছৰৰ আগলৈ উজুৱাই নিয়ে। অৱশ্যে সিন্ধু সভ্যতাৰ আৱিষ্কাৰ আৰু তাত ব্যৱহৃত হোৱা লিপিৰ লগত পৰৱৰ্তী ভাৰতীয় লিপিৰ কিবা সম্পর্ক আছেনে নাই সেই বিষয়ে স্থিৰ সিদ্ধান্তত এতিয়ালৈকে কোনো উপনীত হ’ব পৰা নাই।

অশোকৰ দিনৰ পৰা ভাৰতীয় লিপিৰ এক ধাৰাবাহিক বুৰঞ্জী পোৱা যায় ৷ এই বুৰঞ্জী আৰম্ভ হৈছে অশোকৰ শিলালিপিত ব্যৱহৃত ব্ৰাহ্মী লিপিৰ পৰা। গতিকে ব্ৰাহ্মীক ভীৰতীয়লিপিৰ আদি জননী বুলিব পাৰি। ব্ৰাহ্মী বাওঁফালৰ পৰা সোঁফাললৈ লিখা হৈছিল ব্ৰাহ্মী লিপিৰ ওপৰত শিৰোৰেখা বা মাত্ৰা নাছিল, আখৰবোৰ থিয় আৰু সৰল আকৃতিৰ। কালক্ৰমত ব্ৰাহ্মীৰ পৰিৱৰ্তন হ’ল, খ্ৰীষ্টীয় প্রথম-দ্বিতীয় শতাব্দীত কুষাণ ৰজাসকলৰ ৰাজত্বৰ সময়ত ব্ৰাহ্মী কুষাণ লিপিত পৰিণত হ’ল। খৃষ্টীয় দ্বিতীয়-তৃতীয় শকিতাত কুষাণ যুগৰ লিপিয়ে কিছু বিকাশ লাভ কৰি কৌশাম্বী লিখন ৰীতিৰ মাজেদি সৰকি গুপ্ত লিপিলৈ ৰূপান্তৰিত হয়। গুপ্তলিপিৰ উত্তৰ, দক্ষিণ, পূৱ, পশ্চিম ইত্যাদি আঞ্চলিক ৰূপৰ বিকাশ ঘটে। গুপ্ত লিপিয়ে ষষ্ঠ-সপ্তম শতাব্দীত পৰিৱৰ্তিত ‘সিদ্ধ মাতৃকা’ লিপি নামত প্রসিদ্ধি লাভ কৰে। সম্ৰাট হর্ষবর্ধনৰ পিছত সিদ্ধ মাতৃকা লিপিৰ সাৰদা, শ্ৰীহৰ্ষ আৰু কুটিল এই তিনিটা আঞ্চলিক ৰূপৰ বিকাশ ঘটে। কুটিল লিপিৰ পৰা পূৰ্ব ভাৰতৰ লিপিসমূহ যেনে— অসমীয়া, বঙলা, উৰীয়া, মৈথিলী ইত্যাদিৰ উদ্ভৱ আৰু বিকাশ ঘটিছে বুলি কোৱা হয়।

কামৰূপী তথা অসমীয়া লিপিৰ বুৰঞ্জী প্ৰায় পোন্ধৰ শ বছৰীয়া পুৰণি। পঞ্চম-ষষ্ঠ শতাব্দীৰ সুৰেন্দ্ৰ বৰ্মাৰ উমাচল শিলালিপি, খনিকৰ গাঁৱৰ নগাজুৰি লিপি আৰু মহাভূতি বৰ্মাৰ বৰগংগা শিলালিপিৰ পৰা আৰম্ভ কৰি বিভিন্ন তাম্ৰশাসন, শিলালিপি, ভূমিদান লিপি, মন্দিৰৰ গাত্রলিপি, পুৰণি সাঁচিপতীয়া পুথি এই সকলোবোৰত বিভিন্ন সময়ৰ যি লিপি সংৰক্ষিত হৈছে তাৰ পৰা কামৰূপী লিপিৰ ক্ৰমবিৱৰ্তন অনুধাৱন কৰা যায়। এই ক্ৰমবিৱৰ্তনৰ স্পষ্ট স্তৰ তিনিটা। সেইকেইটা হ’ল—

(ক) খৃষ্টীয় পঞ্চম-ষষ্ঠ শতিকাৰ পৰা দ্বাদশ শতিকাৰ শেষলৈকে এই সময়ছোৱাত পৰে বর্মন বংশ, শালস্তম্ভ বংশ আৰু ব্ৰহ্মপালৰ বংশৰ ৰজাৰ বিভিন্ন শাসনাৱলী আৰু শিলালিপিৰ আখৰ।

(খ) খৃষ্টীয় ত্রয়োদশ শতিকাৰ পৰা ঊনবিংশ শতাব্দীলৈকে দ্বিতীয় স্তৰ। ১২০৬ খৃষ্টাব্দত উৎকীৰ্ণ হোৱা কানাই বৰশী বোৱা শিলালিপিৰ পৰা আহোম কোঁচ ৰাজত্বত ৰচিত হোৱা বিভিন্ন সময়ৰ সাঁচিপতীয়া লিপি, ভূমিদানৰ তামৰ ফলি মন্দিৰৰ গাত কটা উৎকীর্ণ লিপিত দ্বিতীয় স্তৰৰ আখৰৰ বিবৰ্তন দেখা যায়। ইংৰাজ ৰাজত্বৰ লগে লগে যন্ত্ৰত আখৰ ছপাৰ উদ্দেশ্যে মিছনেৰীসকলে বংগদেশৰ শ্ৰীৰামপুৰত, পুৰণি সাঁচিপতীয়া পুথিৰ আখৰৰ আৰ্হিত ছপাৰ আখৰ নাকাটি সেই সময়ৰ বঙলা আখৰৰ আৰ্হিত ছপাৰ কাৰণে অসমীয়া আখৰ কাটি লয়। অৱশ্যে বঙলা আৰু অসমীয়া লিপিৰ প্ৰভেদ চকুত লগা বিধৰ নাছিল; হুবহু একেও নাছিল ৷ দুয়ো ভাষাৰ লিপি সাদৃশ্যলৈ লক্ষ্য ৰাখি মিছনেৰীসকলে বঙলা আখৰকে অসমীয়া আখৰৰূপে চলাই দিয়ে। পাছত অৱশ্যে ৰ আৰু ৱ আখৰ দুটা পৃথকভাৱে অসমীয়া আখৰৰ বৈশিষ্ট্যৰূপে সংযোগ কৰা হয়। এই কাৰণেই পুৰণি সাঁচিপতীয়া পুথিৰ আখৰৰ লগত বৰ্তমান ছপা আখৰৰ কিছু ব্যৱধান লক্ষ্য কৰা যায়।

পঞ্চম শতিকাৰ সুৰেন্দ্ৰ বৰ্মাৰ দিনৰ উমাচল শিলালিপিৰ পৰা দ্বাদশ শতিকাৰ ধৰ্মপালৰ শাসনাৱলীলৈকে ব্যৱহাৰ হোৱা লিপি কৌশাম্বী গুপ্ত লিপিৰে এক বিভিন্ন অভিব্যক্তি। কিন্তু সপ্তম শকিতাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত লিপিৰ কিছু পৰিৱৰ্তন নোহোৱাকৈ থকা নাই। পঞ্চম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত কামৰূপী লিপিয়ে কেনেধৰণে বিকাশ লাভ কৰিলে তাৰ চমু ইতিহাস তলত দিয়া হ’ল—

অসমৰ লিপি সম্পর্কে আলোচনাত পঞ্চম-ষষ্ঠ শতিকাত উৎকীর্ণ সুৰেন্দ্ৰ বৰ্মাৰ উমাচল লিপি, ভূতি বৰ্মাৰ বৰগংগা লিপি আৰু খনিকৰ গাঁৱৰ নগাজুৰি লিপিৰ কথা প্রথমেই উল্লেখ কৰিব লাগিব ৷ উমাচল লিপিৰ সৰহখিনি আখৰেই ব্ৰাহ্মী লিপিৰ ওচৰ চপা, কিন্তু দুই চাৰিটা আখৰত অসমীয়া লিপিৰ আদি ৰূপৰ আভাস স্পষ্ট হৈ ধৰা দিছে। উদাহৰণ স্বৰূপে ম, স, ৱ আখৰ তিনিটা লৈ এই প্ৰসংগত আঙুলিয়াব পাৰি। সপ্তম শতিকাৰ ভাস্কৰ বৰ্মাৰ ডুবি আৰু নিধনপুৰ শাসনৰ লিপিত আৰু কিছু পৰিৱৰ্তনৰ সূচনা হয়। অষ্টম শতাব্দীৰ কোনো তাম্রশাসন বা শিলালিপি আৱিষ্কৃত হোৱা নাই৷ গতিকে সেই শতাব্দীৰ হৰ্জৰবৰ্মাৰ হায়ুংথাল তাম্ৰশাসন আৰু বনমালৰ্মাৰ পৰ্বতীয়া তাম্রলিপিৰ আখৰে পৰৱৰ্তী স্তৰ সূচনা কৰে।

দশম শতাব্দীত তৃতীয় বলবৰ্মাৰ কেবাখনো শাসন এতিয়ালৈকে উদ্ধাৰ হৈছে; এই শাসন কেইখনত ণ আৰু লৰ প্ৰভেদ বৰ বেছি দেখা নাযায়। একাদশ শতিকাৰ ৰত্নপালৰ বৰগাঁও আৰু শুৱালকুছি তাম্ৰশাসন আৰু ইন্দ্ৰপালনৰ গুৱাকুছি শাসন উল্লেখযোগ্য।

দ্বাদশ শতিকাৰ কেবাখনো শাসন লিপি পোৱা গৈছে— ধৰ্মপালৰ পুষ্পভদ্ৰা লিপি, জয়পালৰ শিলিমপুৰ শাসন, বৈদ্যদেৱৰ কামৌলি শাসন আৰু বল্লভ দেৱৰ শাসন এই প্ৰসংগ উল্লেখযোগ্য। ধর্মপালৰ খনামুখী আৰু শুভংকৰ পাটক লিপিও এই সময়ৰে। এই গোটেই কেইখন তামৰ ফলিত অ আৰু আ ই আধুনিক ৰূপ পৰিগ্ৰহ কৰিছে যদিও ইখনৰ লগত সিখনৰ সামান্য প্রভেদ দেখা যায়।

ত্রয়োদশ শতিকাৰ প্ৰাৰম্ভতে কানাই বৰশী বোৱা শিলালিপি পাওঁ। তাত আখৰবোৰে প্ৰায় মধ্য যুগৰ আখৰৰ স্তৰত প্ৰবেশ কৰা দেখা পাওঁ৷ ইয়াৰ আখৰৰ লগত চৰ্যাপদৰ আখৰৰ বহুতো সাদৃশ্য লক্ষ্য কৰা যায়। কানাই বৰশী বোৱা লিপিত মধ্যকালীন অমসীয়া লিপিৰ প্রথম নিদর্শন দেখা যায়, আমবাৰী আৰু গছতল শিলালিপিত সি অধিক প্ৰকট হৈ পৰিছে। ষোড়শ শতিকাৰ নৰনাৰায়ণৰ কামাখ্যা মন্দিৰৰ লিপিত সাঁচিপতীয়া পুথিৰ আখৰৰ হুবহু প্ৰতিৰূপ পাঁও। প্ৰকৃততে অসমীয়া লিপিয়ে পৰিপূৰ্ণ আধুনিক ৰূপ প্রায় ষোড়শ-সপ্তদশ শতিকাত।

চতুৰ্দশ-পঞ্চদশ শতিকামানৰ পৰা সাঁচিপাতত নানা ধৰণৰ পুথি লিখা কাম প্ৰৱলভাৱে প্ৰচলন হ’বলৈ ধৰে । কালক্ৰমত একেটা লিপিৰে তিনিটা লিখন ভংগি দেখা পাওঁ। স্বৰ্গীয় হেমচন্দ্ৰ গোস্বামীয়ে এই তিনিটা ৰীতিক ক্ৰমে বামুণীয়া, গড়গঞা আৰু কাইথেলী বা লহকৰীয়া আখ্যা দিছে। বামুণীয়া আখৰ সাধাৰণতে সংস্কৃত পুথি লিখোঁতে আৰু ব্ৰাহ্মণ লিপিকাৰে ব্যৱহাৰ কৰিছিল বামুণীয়া লিখনৰীতিত সংস্কৃত বানান পদ্ধতি অনুসৰণ কৰা দেখা যায়। কায়থেলী বা লহকৰী লিপি হিচাপ পত্ৰ কৰোঁতে, আর্যপুথি লিখোঁতে কায়স্থসকলে ব্যৱহাৰ কৰিছিল অসমীয়া আখৰৰ তৃতীয় লিখন ভংগি হ’ল গড়গঞা। আহোম ৰাজধানীক কেন্দ্ৰ কৰি উজনিত এই লিপিভংগিৰ প্ৰচলন হয় কাৰণেই ইয়াৰ নামকৰণ হয় গড়গঞা। বুৰঞ্জীবোৰত সাধাৰণতে এই ভংগি ব্যৱহৃত হোৱা দেখা যায়, অৱশ্যে পদ পুথি আদিতো ইয়াৰ ব্যৱহাৰ কম নাছিল। দৰাচলতে কায়থেলী, বামুণীয়া আৰু গড়গঞাৰ শ্ৰেণীভেদ উপৰুৱা। এই তিনিটাক স্বতন্ত্র লিপি বুলি নকৈ অসমীয়া আখৰ বা লিপিৰ তিনিটা লিখনভংগিহে বুলি কোৱা অধিক সংগত।

খ্ৰীষ্টীয় ঊনবিংশ শতাব্দীৰ প্ৰথমার্ধৰে পৰা ছপা পুথিত ব্যৱহাৰ কৰা লিপিক আধুনিক অসমীয়া লিপি ৰূপে সাব্যস্ত কৰা হৈছে। বেপটিষ্ট মিছনেৰীসকলক আধুনিক অসমীয়া লিপিৰ জনক বুলিব পাৰি। ছপা আখৰৰ প্ৰচলনৰ পিছৰে পৰা অসমীয়া লিপিৰ ভিন্ন গঢ় মোটামোটিভাৱে এক হৈ পৰিল।

২। কানাই বৰশী বোৱা আৰু চামধৰা গড়ৰ ৰণজয়ৰ শিলালিপিৰ বিষয়ে এটি চমু আলোচনা আগবঢ়োৱা।

উত্তৰঃ কানাই বৰশী বোৱা শিলৰ ফলিঃ এই ফলিখন ইংৰাজী ১৯১৮ চনত উদ্ধাৰ হয়। সম্পূৰ্ণ অসমীয়া আখৰত লিখা এইখনি বৰ্তমানলৈকে আৱিষ্কৃত প্ৰথম ফলি। ইয়াৰ আখৰৰ লগত চৰ্যাপদৰ লিপিৰ বহুতো সাদৃশ্য লক্ষ্য কৰা যায়। কানাই বৰশিবোৱা লিপিত মধ্যকালীন অসমীয়া লিপিৰ প্ৰথম নিদর্শন দেখা যায়। আমবাৰী আৰু গছতল শিলালিপিত সি অধিক প্ৰকট হৈ পৰিছে। কানাই বৰশী বোৱা লিপিত আখৰবোৰে প্ৰায় মধ্যযুগৰ আখৰৰ স্তৰত প্ৰৱেশ কৰা দেখা পাওঁ। এই লিপিৰ লগত ভাস্কৰ বৰ্মাৰ ডুবি বা নিধনপুৰ শাসনৰ আখৰ তুলনা কৰিলেই অসমীয়া লিপিৰ বিৱৰ্তনৰ গতিধাৰা স্পষ্টভাৱে ধৰা পৰে ৷ 

চামধৰা গড়ৰ ৰণজয়ৰ শিলালিপিঃ চামধৰা গড়ৰ ৰণজয়ৰ শিলৰ ফলি দুখন। শৈল স্তম্ভ এটাৰ বহল ফালটোত এখন আৰু ঠেক ফালটোত আনখন ফলি উৎকীৰ্ণ হৈছে। তযতীয়খনি ফলি ভোমোৰাগুৰিৰ এটা প্ৰকাণ্ড গ্ৰেনাইট শিলত খোদিত আছিল। কলীয়া ভোমোৰা দলং নিৰ্মাণৰ সময়ত উক্ত ফলিখনি কাটি আন ঠাইত সংস্থাপন কৰা হৈছে। এই লিপিখনিৰ শাৰীৰ সংখ্যা ছয়। প্রথম ফলি দুখনিৰ পাঠ জয়জয়তে পণ্ডিত হেমচন্দ্র গোস্বামীয়ে প্ৰকাশ কৰিছিল।

৩৷ চমুটোকা লিখাঃ 

(ক) ব্ৰাহ্মী লিপি।

(খ) উমাচল শিলালিপি।

(গ) বামুণীয়া লিপি।

(ঘ) কাইথেলী লিপি।

(ঙ) কুটিলাক্ষৰ।

(চ) গছতল শিলালিপি।

(ছ) নগাজৰী খনিকৰ গাঁৱৰ প্ৰস্তৰ লিপি।

(জ) আমবাৰী শিলালিপি।

(ঝ) গড়গঞা লিপি।

উত্তৰঃ (ক) ব্ৰাহ্মী লিপিঃ খৃষ্টপূর্ব তৃতীয় শকিতাৰ সম্রাট অশোকৰ অনুশাসন আৰু শিলালিপিত ব্যৱহৃত মৌর্য লিপিৰ পৰা ভাৰতীয় লিপিৰ এক ধাৰাবাহিক বুৰঞ্জী পোৱা যায়। গতিকে অশোকৰ শিলালিপিত ব্যৱহৃত এই ব্ৰাহ্মী লিপিকে ভাৰতীয় লিপিৰ আদি জননী বুলিব পাৰি। ব্ৰাহ্মীৰ সমসাময়িক আন এক প্ৰকাৰ লিপি হ’ল খৰোষ্ঠী। ব্ৰাহ্মী বাঁওফালপৰা সোঁ ফাললৈ আৰু খৰোষ্ঠী সোঁফালৰ পৰা বাঁওফাললৈ লিখা হৈছিল।

ব্ৰাহ্মী লিপি আকৃতিত সৰল, পৈণত আৰু সৌষ্ঠৱশীল লিপি। সম্রাট অশোকৰ সময়ৰ কেবা শ বছৰৰ আগৰ পৰাই ব্ৰাহ্মীয়ে ৰূপ পৰিগ্ৰহ কৰিবলৈ আৰম্ভ কৰে। ব্ৰাহ্মীলিপি ভাৰতৰ স্বকীয় সৃষ্টি। ব্ৰাহ্মীলিপিৰ ওপৰত শিৰোৰেখা বা মাত্ৰা নাছিল, আখৰবোৰ থিয় আৰু সৰল আকৃতিৰ। কালক্ৰমত ব্ৰাহ্মীৰ পৰিৱৰ্তন হ’ল; খৃষ্টীয় প্রথম-দ্বিতীয় শতাব্দীত কুষাণ ৰজাসকলৰ ৰাজত্বৰ সময়ত ব্ৰাহ্মী কুষাণ লিপিত পৰিণত হ’ল।

(খ) উমাচল শিলালিপিঃ খষ্টীয় পঞ্চম শতিকাৰ সুৰেন্দ্ৰবৰ্মাৰ উমাচল লিপিৰ সৰহখিনি আখৰেই ব্ৰাহ্মীলিপিৰ ওচৰ চপা, কিন্তু দুই চাৰিটা আখৰত অসমীয়া লিপিৰ আদি ৰূপৰ আভাস স্পষ্ট হৈ ধৰা দিছে । উদাহৰণ স্বৰূপে ম স ৱ আখৰ তিনিটালৈ এই প্ৰসংগত আঙুলিয়াব পাৰি। মাত্ৰ চাৰিটা শাৰীত সম্পূৰ্ণ হোৱা ফলিখনৰ পাঠ এনেধৰণৰ (ক) মহাৰাজাধিৰাজ শ্রী (খ) সুৰেন্দ্ৰ বৰ্মণা কৃতম 

(গ) ভগৱতঃ বলভদ্র 

(ঘ) স্বামিনায় উদংয় গুহং। 

লিপিখনিৰ মুঠ অক্ষৰ সংখ্যা ৩৩। নীলাচল পাহাৰৰ উত্তৰ-পূৱ কোণত অৱস্থিত উমাচলৰ ভগৱান বলভদ্ৰৰ পূজা সেৱাৰ অৰ্থে নিৰ্মিত গুহা মন্দিৰৰ শৈললেখ খনিকে উমাচল লিপি বুলি জনা যায়। 

(গ) বামুণীয়া লিপিঃ সংস্কৃত ভাষা সাহিত্যৰ চৰ্চা কৰা টোলবোৰক কেন্দ্ৰ কৰি পুথিপাঁজি নকল কৰাৰ যি ৰীতিয়ে মধ্যযুগীয়া অসমত গা কৰি উঠিছিল, সেয়ে বামুণীয়া লিপি শৈলীৰূপে পৰিছিত। বামুণীয়া এটি জাতিগত নাম। সমগ্ৰ উত্তৰ ভাৰতত প্ৰচলিত স্মৃতি, দৰ্শন, সাহিত্য, ব্যাকৰণ, জ্যোতিষ প্রভৃতি গ্ৰন্থ নকল কৰোঁতে মূল পুথিৰ দেৱনাগৰী হৰফে অসমীয়া ব্ৰাহ্মণ লিপিকৰসকলক প্রভাবান্বিত কৰাৰ ফলত তেওঁলোকে নকল কৰা পুথিত নাগৰী প্ৰভাব পতিত হোৱাৰ সম্ভাৱনাই দেখা দিয়ে। উদাহৰণ স্বৰূপে অ, আ সাধাৰণতে দেৱনাগৰী গঢ়ৰ, দ আখৰো দেৱনাগৰীৰ কাষ চপা, ঠৰ ওপৰৰ টিকনিডাল সাধাৰণতে নাথাকে বা বৰ চুটি আৰু ভূমিফালে টিকনি এডাল আগবাঢ়ি যায়। অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগত সংৰক্ষিত শ্ৰীধৰ স্বামীকৃত শ্রীমদ্ভাগৱত গীতাৰ ‘সুবোধিনী টিকা’ বামুণীয়া শৈলীৰ নিদর্শন।

(ঘ) কাইথেলী লিপিঃ কাইথেলী আখৰ সাধাৰণতে কায়স্থসকলে হিচাপ পত্ৰ আৰু অন্যান্য বৈষয়িক গ্রন্থ লিখোঁতে ব্যৱহাৰ কৰিছিল। এই শ্ৰেণীৰ লিপি ভংগি লহকৰী নামেও জনা যায়। কিতাবৎ মঞ্জৰী, হস্তীবিদ্যাৰ্ণৱ শুভঙ্কৰী আৰু আন কায়থেলী বিদ্যাৰ পুথি আদি কায়স্থ পণ্ডিতৰ গ্ৰন্থ এই লিপিত লিখিত হৈছিল। এই লিপিভংগিত আখৰৰ ওপৰৰ টিকনিডাল (উ, ট, ঠ ইত্যাদিত) আৰু তলৰ ৰেখা বা ডাঁৰ ডালত সোঁফালৰ লম্ব ডাঁৰ ডালত সংলগ্ন হৈ আলংকাৰিকভাৱে বহুখিনি বঢ়াই টানি নিয়া দেখা যায়। আখৰৰ কোণবোৰ স্পষ্ট। শব্দবোৰ সাধাৰণতে একে লানিতে লিখি যোৱা হয়।

(ঙ) কুটিলাক্ষৰঃ খৃষ্টীয় প্রথম-দ্বিতীয় শতাব্দীত কুষাণ ৰজাসকলৰ ৰাজত্বৰ সময়ত ব্ৰাহ্মী কুষাণ লিপিত পৰিণত হয়। কণিষ্ক, হুবিষ্ক আদি ৰজাসকলৰ শিলালিপি মোহৰ লিপিত পোৱা লিপিকে কুষাণ লিপি বোলা হয়।

কুটিল লিপিৰ লম্ব ৰেখাৰ নিম্নাংশ বাওঁফালে ঘোৰ খাইছিল আৰু স্বৰ মাত্ৰাসমূহ অধিক বেঁকা বেঁকি আৰু দীঘল হোৱা হেতু ইয়াৰ নাম কুটিল। অ, আ, ঘ, প, ম য়, ষ আৰু সৰ শিৰোৰেখা দ্বিধা বিভক্ত হোৱাৰ উপৰি প্ৰতিটো অংশই নিজাকৈ ত্রিকোণাকাৰ ৰেখা শিৰ পাতি লোৱা দেখা যায়। এই কুটিল লিপিৰ পৰা পূৰ্ব ভাৰতৰ লিপিসমূহ, যেনে— মৈথিল, অসমীয়া, বঙলা আৰু উৰীয়া লিপিৰ উদ্ভৱ আৰু বিকাশ ঘটিছে বুলি কোৱা হয়৷ নেপালৰ নেৱাৰী লিপিও কুটিল লিপিৰ পৰাই উদ্ভৱ।

(চ) গছতল শিলালিপিঃ আজিৰ পৰা কেবা দশক পূৰ্বে ড° বিৰিঞ্চি কুমাৰ বৰুৱাই ডবকাৰ পৰা প্ৰায় চাৰি কিল’মিটাৰ পশ্চিমত অৱস্থিত গছতল নামে টাইত থকা শিৱ মন্দিৰৰ ধ্বংসাৱশেষৰ পৰা ২৪ শাৰী লিপি খোদিত এটি অষ্টকোণী শৈলস্তম্ভ উদ্ধাৰ কৰি আনি অসম ৰাজ্যিক সংগ্ৰাহলয়ত জমা দিছিল। ড°প্রতাপচন্দ্ৰ চৌধুৰীয়ে শৈসলেখখনিৰ পাঠোদ্ধাৰ কৰি জনায় যে স্তম্ভলিপিৰ ভাষা সংস্কৃত নহয় ব্রজবুলি মিশ্ৰিত অসমীয়াহে। কাশীনাথ দীক্ষিতে ইয়াৰ প্ৰথম তিনি শাৰীমান পাঠ পঢ়ি জনায় যে স্তম্ভলেখখনিৰ ভাষা সংস্কৃত আৰু তাত বিশ্বসুন্দৰ দেৱৰ কথা কোৱা হৈছে।

(ছ) নগাজৰী খনিকৰ গাঁৱৰ প্ৰস্তৰ লিপিঃ ইংৰাজী ১৯৭২ চনত গোলাঘাটৰ সৰু পথাৰ অঞ্চলৰ খনিকৰ গাওঁ নিবাসী স্বৰ্গীয় লুডুৰাম শইকীয়াৰ ঘৰত ড° মোহিনী কুমাৰ শইকীয়াই এই লিপিখন উদ্ধাৰ কৰিছিল। নগাজৰী খনিকৰ গাঁও প্রস্তৰ লিপিৰ ওপৰ আৰু তলফালৰ উপৰি সোঁ ফালটোও ভাগি গৈছে। সেই প্রস্তৰ খণ্ডত খোদিত লিপিখনিও অসম্পূর্ণ। বর্তমান অৱস্থাৰ লিপিখনি পাঁচটা শাৰী দেখা যায়। ড° মুকুন্দ মাধৱ শৰ্মাই লিপিখনিৰ বৈশিষ্ট্য আৰু সময় সন্দৰ্ভত কৈছে – “উমাচল শিলালিপি আৰু বৰগংগা শিলালিপিৰ সৈতে এই লিপিৰ যথেষ্ট সাদৃশ্য আছে। তথাপি ব আৰু ৱ আখৰৰ পাৰ্থক্য ৰখালৈ চাই ইয়াক সংস্কৃত ভাষাত লিখিত এতিয়ালৈকে আৱিস্কৃত অসমৰ প্ৰাচীনতম লিপি বুলি ভাবিবৰ অবকাশ আছে।” নগাজৰী খনিকৰ গাওঁ পস্তুৰ লিপিৰ সৈতে সমুদ্রগুপ্তৰ এলাহাবাদ স্তম্ভলেখ চ, ম, মা, সু, ৰা, হা প্রভৃতি অক্ষৰ হুবহু মিলি যায়।

(জ) আমবাৰী শিলালিপিঃ বৰ্তমান শতাব্দীৰ ষাঠিৰ দশকতে গুৱাহাটীৰ আমবাৰীত টেক্সটাইল ইনষ্টিটিউটৰ ভেটি খান্দোতে এজন শ্রমিকে এচলা শিলত খোদিত এই লিপিখন পাইছিল। বর্তমানে এই শিলালিপিখনি অসম ৰাজ্যিক সংগ্ৰহালয়ত সংৰক্ষিত। ফলিৰ আখৰ সমূহত উত্তৰ ভাৰতীয় ব্ৰাহ্মী, দেৱনাগৰী আৰু পুৰণি অসমীয়া অক্ষৰৰ ত্ৰিবেণী সংগম সাধিত হৈছে। ফলিখনিত মুঠতে ছয় শাৰী লেখা আদিত্য- সম-শ্ৰীসমুদ্র পাল/ৰাজ্যে। প্রবল সবাসিক/সত্ৰ সগুণকৃয়া সন্বাসীন/বোলে দান পুঞন সজ/যোগীহাটী / সক ঈশ বাণ চক্ৰ / মুঢ় ভণতি/’ অন্তৰংগ প্ৰমাণৰ পৰা গম পোৱা যায় যে শিলালিপিখন ১২৩২ খ্ৰীষ্টাব্দৰ। 

(ঝ) গড়গঞা লিপিঃ গড়গঞা লিপি বুলিলে মধ্যযুগীয়া অসমীয়া লিপিৰ এটা ভাগকেই বুজা যায় ৷ আহোম ৰজাৰ ৰাজধানী গড়গাঁওক কেন্দ্ৰ কৰি গঢ়ি উঠা অসমীয়া লেখন ৰীতিয়েই আছিল গড়গঞা লিপি ৷ আহোম যুগত ৰচিত অধিকাংশ বুৰঞ্জী পুথিয়েই গড়গঞা লিপিৰে লিখা হৈছিল। আহোম ৰজাসকলে ‘লেখাৰু’ নামে এটা লেখ লিপিকাৰ হিচাপে নিযুক্তি দিছিল। সেই ‘লেখাৰ’ খেলৰ লোকসকলে উপযুক্ত কলা-কৌশল আহৰণ কৰি লিখিছিল বাবে গড়গঞা লিপিৰ আখৰবোৰ ধুনীয়া আৰু একে গঢ়ৰ হৈছিল। এই লিপিৰ কেইটামান সংযুক্তাক্ষৰ আৰু ঠ, ন, ল আদি কেইটামান বৰ্ণৰ বাহিৰে বাকীবোৰ অসমীয়া বৰ্ণৰ গঢ়; আধুনিক অসমীয়া লিপিৰ আৰ্হিৰ সৈতে মিলি যোৱা দেখা যায়।

৪। ত্রয়োদশ শতিকাৰ পৰা ঊনবিংশ শতিকালৈ অসমীয়া লিপিৰ ধাৰা সম্পর্কে আলোচনা কৰা।

উত্তৰঃ কামৰূপী তথা অসমীয়া লিপিৰ বুৰঞ্জী প্ৰায় পোন্ধৰ শ বছৰীয়া পুৰণি পঞ্চম-ষষ্ঠ শতাব্দীৰ সুৰেন্দ্ৰ বৰ্মাৰ উমাচল শিলালিপি, খনিকৰ গাঁৱৰ নগাজুৰি লিপি আৰু মহাভূতি বৰ্মাৰ বৰগংগা শিলালিপিৰ পৰা আৰম্ভ কৰি বিভিন্ন তাম্রশাসন, শিলালিপি, ভূমিদান লিপি, মন্দিৰৰ গাত্রলিপি, পুৰণি সাঁচিপতীয়া পুথি এই সকলোবোৰত বিভিন্ন সময়ৰ যি লিপি সংৰক্ষিত হৈছে তাৰ পৰা কামৰূপী লিপিৰ ক্ৰমবিৱৰ্তন অনুধাৱন কৰা যায়। এই ক্ৰমবিৱৰ্তনৰ স্পষ্ট স্তৰ তিনিটা আমাৰ চকুত পৰে।

(ক) খৃষ্টীয় পঞ্চম-ষষ্ঠ শতিকাৰপৰা দ্বাদশ শতিকাৰ শেষলৈকে। এই সময় ছোৱাত পৰে বৰ্মন বংশ, শালস্তম্ভৰ বংশ আৰু ব্ৰহ্মপালৰ বংশৰ ৰজাৰ বিভিন্ন শাসনাৱলী আৰু শিলালিপিৰ আখৰ ৷

(খ) খৃষ্টীয় ত্রয়োদশ শতিকাৰ পৰা ঊনবিংশ শতিকালৈকে দ্বিতীয় স্তৰ। ১২০৬ খৃঃত উৎকীৰ্ণ হোৱা কানাই বৰশিবোৱা শিলালিপিৰ পৰা আহোম কোঁচ ৰাজত্বত ৰচিত ত বিভিন্ন সময়ৰ সাঁচিপতীয়া লিপি, ভূমিদানৰ তামৰ ফলি, মন্দিৰৰ গাত কটা উৎকীর্ণ লিপিত দ্বিতীয় স্তৰৰ আখৰৰ বিৱৰ্তন দেখা যায়।

(গ) মিছনেৰীসকলে যন্ত্ৰত আখৰ ছপাৰ উদ্দেশ্যে বঙলা আখৰৰ আৰ্হিত কাটি লোৱা অসমীয়া আখৰেই অসমীয়া লিপিৰ তৃতীয় স্তৰ। পাছত অৱশ্যে ৰ আৰু ৱ আখৰ দুটা পৃথকভাৱে অসমীয়া আখৰৰ বৈশিষ্ট্য ৰূপে সংযোগ হয়। 

ত্রয়োদশ শতিকাৰ প্ৰাৰম্ভতে কানাই বৰশীবোৱা শিলালিপি পাঁও। তাত আকৰবোৰে প্ৰায় মধ্যযুগৰ আখৰৰ স্তৰৰ প্ৰবেশ কৰা দেখা যায়। ইয়াৰ আখৰৰ লগত চৰ্যাপদৰ লিপিৰ বহুতো সাদৃশ্য লক্ষ্য কৰা যায়। ত্রয়োদশ শতিকাৰ প্ৰাৰম্ভৰ কানাই বৰশীবোৱা শিলালিপিৰ আখৰৰ লগত ভাস্কৰ বৰ্মাৰ ডুবি বা নিধনপুৰ শাসনৰ আকৰ তুলনা কৰিলেই বিৱৰ্তনৰ গতিধাৰা স্পষ্টভাৱে ধৰা পৰে। কানাই বৰশীবোৱা লিপিয়ে বহুপৰিমাণে আধুনিক গঢ় লৈছে। কানাই বৰশিবোৱা লিপিত মধ্যকালীন অসমীয়া লিপিৰ প্ৰথম নিদৰ্শন দেখা যায়; আমবাৰী আৰু গছতল শিলালিপিত সি অধিক প্ৰকট হৈ পৰিছে। পুৰুষোত্তম দাসৰ ৰাতৈকুছি তামৰ ফলি আৰু ৰজা মাধৱদেৱৰ নীলাচল তামৰ ফলি আদিৰ লিপিত আধুনিকতাৰ গতি ক্ষিপ্ততৰ হোৱা দেখা যায়। ষোড়শ শতিকাৰ নৰনাৰায়ণৰ কামাখ্যা মন্দিৰৰ লিপিত সাঁচিপতীয়া পুথিৰ আখৰৰ হুবহু প্ৰতিৰূপ পাঁও। প্ৰকৃততে অসমীয়া লিপিয়ে পৰিপূৰ্ণ আধুনিক ৰূপ পায় ষোড়শসপ্তদশ শতিকাত।

চতুৰ্দশ-পঞ্চদশ শতিকামানৰ পৰা সাঁচিপাতত নানাধৰণৰ পুথি লিখা কাম প্ৰৱলভাৱে প্ৰচলন হ’ব ধৰে। কালক্ৰমত একেটা লিপিৰে তিনিটা লিখনৰীতি দেখা পাওঁ। হেমচন্দ্ৰ গোস্বামীয়ে এই তিনিটা ৰীতিক ক্রমে বামুণীয়া, গড়গঞা আৰু কাইথেলী বা লহকৰীয়া আখ্যা দিছে। প্ৰকৃততে এই তিনি প্ৰকাৰৰ লিপিৰীতিৰ কোনো মৌলিক প্রভেদ নাই, লিপিকাৰৰ স্থান আৰু ঐতিহ্য অনুসৰি আখৰৰ পাকত সামান্য প্রভেদ দেখা যায়। বামুণীয়া আখৰ সাধাৰণতে সংস্কৃত পুথি লিখোঁতে আৰু ব্ৰাহ্মণ লিপিকাৰে ব্যৱহাৰ কৰিছিল। এই লিপিকাৰ অ, আ, দ, ম, ট, ই আদি দুই চাৰি আখৰ নাগৰী লিপিৰ লগত সাদৃশ্য দেখা যায়। তদুপৰি বামুণীয়া লিখনৰীতিত সংস্কৃত বানান পদ্ধতি অনুসৰণ কৰা দেখা যায় আৰু বিশেষকৈ সংস্কৃত পুথি নকল কৰোঁতে বা লিখোঁতে এই ৰীতি অনুসৰণ কৰিছিল। কায়থেলী লিপি বা লহকৰী লিপি হিচাপ পত্ৰ কৰোঁতে, আর্যপুথি লিখোঁতে কায়স্থ সকলে ব্যৱহাৰ কৰিছিল। কিতাবৎ মঞ্জৰী, হস্তীবিদ্যার্ণৱ শুভঙ্কৰী আৰু আন কাইথেলী বিদ্যাৰ পুথি আদি কায়স্থ পণ্ডিতৰ গ্ৰন্থ এই লিপিত লিখিত হৈছিল। 

কায়থেলী আখৰ সাধাৰণতে কায়স্থসকলে হিচাপ পত্ৰ আৰু অন্যান্য বৈষয়িক গ্রন্থ লিখোঁতে ব্যৱহাৰ কৰিছিল, পাছলৈ অন্যান্য গ্রন্থ লিখোঁতেও ব্যৱহাৰ হ’বলৈ ধৰে।এই শ্ৰেণীৰ লিপিভংগি ‘লহকৰী’ নামেও জনা যায়। এই লিপিভংগিত আখৰৰ ওপৰৰ টিকনিডাল আৰু তলৰ ৰেখা বা ডাঁৰ ডালত সোঁফালৰ লম্ব ডাঁৰ ডালত সংলগ্ন হৈ আলংকাৰিকভাৱে বহুখিনি বঢ়াই টানি নিয়া দেখা যায়। আখৰৰ কোণবোৰ স্পষ্ট। শব্দবোৰ সাধাৰণতে একে লানিতে লিখি যোৱা হয়, পৰিচ্ছিন্নভাৱে পৃথক কৰি দেখুওৱা নহয়। অসমীয়া আখৰৰ তৃতীয় লিখন ভংগি হ’ল গড়গঞা। আহোম ৰাজধানীক কেন্দ্ৰ কৰি উজনিত এই লিপিভংগিৰ প্ৰচলন হয় কাৰণেই ইয়াৰ নামকৰণ হয় গড়গঞা। বুৰঞ্জীবোৰত সাধাৰণতে এই ভংগি ব্যৱহৃত হোৱা দেখা যায়; অৱশ্যে পদ পুথিতো ইয়াৰ ব্যৱহাৰ কম নাছিল। ইয়াৰ অ, আ, ই, ঈপ্রায় আধুনিক গঢ়ৰ। তদুপৰি আখৰৰ কোন আৰু বক্ৰৰেখা স্পষ্টৰূপে পৰিচিহ্নিত। দৰাচলতে কায়থেলী বামুণীয়া আৰু গড়গঞাৰ শ্ৰেণীভেদ উপৰুৱা। 

এই তিনিটাক স্বতন্ত্র লিপি বুলি নকৈ অসমীয়া আখৰ বা লিপিৰ তিনিটা লিখন ভংগিহে বুলি কোৱা অধিক সংগত। পঞ্চদশ শতিকাৰ আগৰ ছোৱাত ব আৰু ৱ ৰ প্ৰভেদ প্রায় নাছিল বুলিলেও হয়। কিন্তু পঞ্চদশ শতিকাৰ শেষৰ পৰা ব আৰু ৱ সম্পূৰ্ণ পৃথক গঢ়ত পাঁও। আগৰছোৱা কালত ৰ আখৰো বৰ দৰেই আছিল।‘পেটকটা’ৰ অৱশ্যে আমি বড়ু চণ্ডীদাসৰ ‘শ্ৰীকৃষ্ণ কীৰ্তন’ত দেখা পাওঁ। কামাখ্যা দেৱালয়ৰ নৰনাৰায়ণৰ ফলিত ৰ, ব, ৱ পৃথক ৰূপত দেখা যায়। ড় আখৰটো প্ৰথমে পঞ্চদশ শতিকাৰ মাধৱদেৱৰ নীলাচল লিপিত প্ৰয়োগ হোৱা দেখা পাওঁ। মার্কিন মিছনেৰীসকলে বংগদেশৰ শ্ৰীৰামপুৰ মিছনেৰী প্ৰেছত প্ৰথমে অসমীয়া পুথি ছপাব লগা হোৱাত বঙলা আখৰতে অসমীয়া পুথি ছপায়। ৰ আৰুৱ এই দুটা আখৰ পাছত প্ৰৱৰ্তন কৰে। সকলোবোৰ পুৰণি অসমীয়া আখৰ এই কাৰণে ছপা পুথিত প্ৰকাশ নাপালে।

৫। কুটিল লিপিৰ পৰা অসমীয়া আৰু আন আন প্ৰাচ্য লিপিৰ উদ্ভৱৰ বুৰঞ্জী দিবৰ যত্ন কৰা।

উত্তৰঃ তিনিশ পঞ্চাশ খ্ৰীষ্টাব্দৰ পাছত ব্ৰাহ্মী লিপি স্পষ্টৰূপে দুটা ভাগত বিভক্ত হয়। উত্তৰ ব্ৰাহ্মী লিপি আৰু দক্ষিণ ব্ৰাহ্মী লিপি। উত্তৰ-ব্ৰাহ্মীৰ প্ৰসাৰ মুখ্যতঃ উত্তৰ ভাৰতত আৰু দক্ষিণ-ব্ৰাহ্মীৰ প্ৰসাৰ দক্ষিণ ভাৰতত হয়। উত্তৰ ভাৰতৰ লিপিৰ দুটা প্ৰধান লিপিৰ এটা হ’ল গুপ্ত-লিপি আৰু আনটো কুটিল-লিপি। গুপ্ত-লিপিয়ে ষষ্ঠ-সপ্তম শতাব্দীত পৰিৱৰ্তিত ‘সিদ্ধ মাতৃকা’ লিপি নামত প্রসিদ্ধি লাভ কৰে। সম্ৰাট হৰ্ষবৰ্ধনৰ পিছত সিদ্ধ মাতৃকা লিপিৰ সাৰদা, শ্ৰীহৰ্ষ আৰু কুটিল এই তিনিটা আঞ্চলিক ৰূপৰ বিকাশ ঘটে। খ্ৰীষ্টাব্দৰ তৃতীয় শতাব্দীৰ পৰা নৱম শতাব্দীৰ ভিতৰত গুপ্ত লিপিয়ে ‘কুটিল লিপি’ বা কুটিলাক্ষৰ নাম পায়। কুটিল লিপিৰ পৰা পূৰ্ব ভাৰতৰ লিপিসমূহ যেনে অসমীয়া আৰু আন আন প্ৰাচ্য লিপি বঙলা, উৰীয়া, মৈথিলী ইত্যাদিৰ উদ্ভৱ আৰু বিকাশ ঘটিছে বুলি কোৱা হয়; আনকি নেপালৰ নেৱাৰী লিপিও কুটিল লিপিৰ পৰাই উদ্ভৱ হৈছে।

কুটিল লিপিৰ লম্ব ৰেখাৰ নিম্নাংশ বাওঁফালে ঘোৰ খাইছিল আৰু স্বৰ মাত্ৰাসমূহ অধিক বেঁকা বেঁকি আৰু দীঘল হোৱা হেতু ইয়াৰ নাম কুটিল। অ, আ, ঘ, প, ম, য়, ষ আৰু সৰ শিৰোৰেখা দ্বিধা বিভক্ত হোৱাৰ উপৰিও প্ৰতিটো অংশই নিজাকৈ ত্রিকোণাকাৰ ৰেখা শিৰ পাতি লোৱা দেখা যায়। ষষ্ঠ শতিকাৰ পৰা নৱম শতিকালৈকে উত্তৰ-ভাৰতত প্ৰচলিত লিপিক (ই গুপ্তলিপিৰ পৰিৱৰ্তিত ৰূপ) কুটিল-লিপি বুলি ধৰা হৈছে। ইয়াৰ আখৰ আৰু বিশেষকৈ মাত্ৰাবোৰ কুটিল আকৃতি হোৱা কাৰণে এই নাম দিয়া হৈছে বুলি ধৰা হয়। এই লিপিৰ আখৰবোৰৰ বেছি ভাগতে মূৰৰো ‘V’ ৰ নিচিনা হয়? স্বৰৰ মাত্ৰাবোৰ বেছি অঁকাবেঁকা আৰু দীঘল। কুটিল লিপিৰ বিকাশৰ ধাৰা বুজিবলৈ নিম্নোক্ত বংগদেশৰ অনুশাসন কেইখিনিৰ মূল্য অপৰিসীম।

(ক) ধৰ্মপালৰ খালিমপুৰ শাসন আৰু বোধগয়া মূর্তি লিপি।

(খ) দেৱপাল আৰু নাৰায়ণপালৰ অনুশাসন।

(গ) তৃতীয় গোপাল মন্দ অনুশাসন।

লিপিতত্ত্বৰ ফালৰ পৰা পূৰ্ব-ভাৰতত প্ৰায় আটাইবোৰ শিলালিপি বা তাম্ৰ শাসনৰ লিপিক প্রাচ্যলিপি বা কুটিল লিপিৰ প্ৰতিভূ বুলিব পাৰি। কুটিল-লিপিৰ পৰা প্ৰাচীন নাগৰী আৰু শাৰদা-লিপিৰ উদ্ভৱ হৈছে বুলি পণ্ডিতসকলে মত প্ৰকাশ কৰিছে। উত্তৰ-ভাৰতত নৱম শতিকাৰ শেষৰ পৰা প্ৰাচীন নাগৰী-লিপিৰ প্ৰচলন হয়। সময়ত দেৱনাগৰী, গুজৰাটী, মহাজনী, মহাৰাষ্ট্ৰী আদি লিপিৰ ঘটে। মোড়ী মহাৰাষ্ট্ৰ পুৰণি লিপি। ৰাজস্থান, উত্তৰ প্ৰদেশ, বিহাৰ, মধ্যপ্রদেশ আদি ঠাইত মহাজনী লিপিৰ প্ৰচলন আছে। প্ৰধানকৈ বিহাৰৰ কায়স্থসকলৰ মাজত প্ৰচলিত লিপি কৈথী। নেপালৰ নেৱাৰী ভাষাৰ লিপি হৈছে নেৱাৰী। মৈথিলী, উড়িয়া, বঙলা আৰু অসমীয়া পূব-ভাৰতৰ কেইটিমান উল্লেখযোগ্য লিপি। এই আটাইবোৰ লিপিয়ে উত্তৰ-ব্ৰাহ্মীৰ লগত সম্পর্ক থকা।

অসমীয়া লিপিটো পূৰ্ব-ভাৰতৰ এটা লেখত ল’বলগীয়া লিপি। বহু শতিকা জুৰি চলা চিন্তাচৰ্চাৰ এক দীঘলীয়া ইতিহাসক সামৰি অসমীয়া লিপিটোৱে বৰ্তমানৰ ৰূপ পাইছে। অসমীয়া লিপিটোক ভাৰতৰ প্ৰাচীন লিপি ব্ৰাহ্মীৰ পৰিৱৰ্তিত ৰূপ কুটিল-লিপিৰ পৰা জন্ম বুলি ক’বলৈ বিচৰা হৈছে। অসমীয়া লিপিৰ বিষয়ে লেখা ‘অসমীয়া প্ৰাচীন লিপি’ নামৰ পুথিখনত সৰ্বেশ্বৰ কটকীয়ে এইদৰে লেখিছে – “ব্রাহ্মী-লিপি প্রথম, কুশান-লিপি দ্বিতীয়, গুপ্ত-লিপি তৃতীয় আৰু এই গুপ্ত-লিপিৰ পূব ভাৰতীয় কুটিল-লিপি চতুৰ্থ আৰু এই কুটিল-লিপিৰ পৰিবৰ্তন আৰু সংমিশ্রণ ঘটি ঘটা কামৰূপ লিপি বা পুৰণি অসমীয়া লিপিয়ে পূব ভাৰতীয় ভাষাৰ বংশ-লতিকাত পঞ্চম স্থান অধিকাৰ কৰিছে বুলি স্থিৰ কৰিব পাৰি। এনেদৰেই কুটিল লিপিৰ পৰা অসমীয়া আৰু আন আন প্ৰাচ্য লিপিৰ উদ্ভৱ হৈছে বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top