অসমীয়া ভাষা আৰু লিপি Unit 1 অসমৰ ভাষাসমূহৰ সাধাৰণ পৰিচয়

অসমীয়া ভাষা আৰু লিপি Unit 1 অসমৰ ভাষাসমূহৰ সাধাৰণ পৰিচয়, College and University Answer Bank for BA, and Post Graduate Notes and Guide Available here, অসমীয়া ভাষা আৰু লিপি Unit 1 অসমৰ ভাষাসমূহৰ সাধাৰণ পৰিচয় Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. অসমীয়া ভাষা আৰু লিপি Unit 1 অসমৰ ভাষাসমূহৰ সাধাৰণ পৰিচয় Question Answer can be of great value to excel in the examination.

অসমীয়া ভাষা আৰু লিপি Unit 1 অসমৰ ভাষাসমূহৰ সাধাৰণ পৰিচয়

Join Telegram channel

অসমীয়া ভাষা আৰু লিপি Unit 1 অসমৰ ভাষাসমূহৰ সাধাৰণ পৰিচয় Notes cover all the exercise questions in UGC Syllabus. অসমীয়া ভাষা আৰু লিপি Unit 1 অসমৰ ভাষাসমূহৰ সাধাৰণ পৰিচয় The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

১৩ ৷ ভাৰতৰ অনার্য ভাষাগোষ্ঠীৰ সম্বন্ধে এটি বিশ্লেষণাত্মক আলোচনা আগবঢ়োৱা। 

উত্তৰঃ আর্যভাষা ভিন্ন আন যিবোৰ ভাষা ভাৰতত চলে সেইবোৰকে অনার্য ভাষা বোলে। ভাৰতত প্ৰধানকৈ তিনিটা অনাৰ্য গোষ্ঠীৰ ভাষাৰ প্ৰচলন আছে। এই গোষ্ঠী তিনিটা হ’ল— 

ক) অষ্ট্রিক (Austric) 

খ) দ্রাবিড় (Dravidian) আৰু

গ) চীন-তিব্বতীয় (Sino-Tibetan)

চেমিটিক আৰু নিগ্রো জাতিৰ লোকসকলেও প্রাচীন ভাৰতত বসবাস কৰিছিল বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে; কিন্তু এওঁলোকৰ কোনো ভাষাৰ নিদৰ্শন ইয়াত পোৱা নাযায়। তলত অনার্য ভাষা গোষ্ঠী তিনিটাৰ সংক্ষেপে আলোচনা কৰা হ’লঃ

(ক) অষ্ট্ৰিক (Austric): অসম তথা ভাৰতৰ আদিমতম অধিবাসী নিগ্রিতোসকলৰ পিছতে প্ৰত্ন অষ্ট্ৰলয়ড অর্থাৎ অষ্ট্রিক ভাষা-ভাষী লোকসকলৰ উত্তৰ.চীনৰ পৰা ভাৰতলৈ আহে৷ চীনৰ পৰাই অসমলৈও অষ্ট্রিকভাষী লোকসকল প্রব্রজিত হয়। খাছীসকল অষ্ট্রিকভাষী। ভাৰতত প্ৰচলিত ভাষাসমূহৰ ভিতৰত অষ্ট্ৰিক গোষ্ঠীৰ ভাষাই প্রাচীনতম। অষ্ট্রিকসকলে ঠিক কেতিয়াৰ পৰা ভাৰতত বসবাস কৰিছিল, সেই বিষয়ে স্পষ্টভাৱে একো জনা নাযায়। কোনো কোনো পণ্ডিতৰ মতে ইন্দো-চীনেই হ’ল অষ্ট্ৰিকসকলৰ আদি বাসস্থান আৰু তাৰ পৰাই আদি প্ৰক্তৰ যুগত তেওঁলোকে চৌদিশে বিয়পি পৰে । আকৌ কোনো কোনো পণ্ডিতৰ মতে পশ্চিম এছিয়াৰ পৰা ভাৰতলৈ অহা প্ৰত্ন অষ্ট্ৰলয়দ জাতিৰ লোক এদলৰ লগত পূৰ্বৱৰ্তী নিগ্রোজাতিৰ লোকৰ সংমিশ্ৰণৰ ফলত অষ্ট্ৰিক জাতিৰ সৃষ্টি হয় । ডঃ এছ লোভীয়ে বায়ুপুৰাণৰ উদ্ধৃতি দি কৈছে যে কোলসকল পূব-ভাৰতৰ প্ৰাগজ্যোতিষ আৰু তিৰহুৰ (বিদেহ)ৰ মাজত অধিবাসী আছিল। অসমত বাস কৰা এই প্রথম চাম লোক সম্ভৱতঃ আর্য সংস্কৃতি গ্ৰহণ কৰি অসমৰ মূল সুঁতিৰ লগত বিলীন হৈ গ’ল। অসমীয়া ভাষাৰ ওপৰত অষ্ট্ৰিক গোষ্ঠীৰ প্ৰভাৱ দুটা স্তৰত হৈছে। প্ৰথম স্তৰত যি প্ৰভাৱ পৰিছিল সি বিস্তৃত আৰু গভীৰ। কাৰণ অসমীয়া ভাষা গঠন কালতো এই প্ৰভাৱে ক্ৰিয়া কৰিছিল। গতিকে দুই এটা শব্দৰ মাজতে সি সীমাবদ্ধ। 

ভাৰতত প্ৰচলিত অষ্ট্ৰিক ভাষা গোষ্ঠীৰ প্ৰধান শাখা তিনিটাঃ 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

ক) কোল/মুণ্ডা। 

খ) খাচী/নিকোবৰী। আৰু 

গ) মোন/মেৰ। 

কোল/মুণ্ডাৰ আকৌ দুটা উপশাখাঃ পশ্চিমা আৰু পূৰ্বী। শবৰ, ককু, খৰিয়া আৰু জুৱাং— এই চাৰিটা ভাষা পশ্চিমা উপশাখাৰ অন্তৰ্গত। পূর্বী উপশাখাৰ ভাষাকেইটা হ’ল— চাওতালী, মুণ্ডাৰী, হো আৰু ভূমিতা, খাচী-নিকোবৰী শাখাৰ উপশাখা দুটাঃ খাচী আৰু নিকোবৰী। মোন আৰু মেৰ, মোন-মেৰ শাখাৰ উপশাখা। 

এই পৰিয়ালৰ ভাষাবোৰ ভাৰতৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ আছে। তাৰে ভিতৰত ছোটনাগপুৰ আৰু বিহাৰৰ চাওতাল পৰগণাত প্ৰচলিত চাওতালী ভাষা, দক্ষিণ বিহাৰৰ ৰাঁছী অঞ্চলত প্রচলিত মুণ্ডাৰী ভাষা, বিহাৰৰ সিংভূম জিলাৰ হো ভাষা আদিৰ উপৰি বিহাৰৰ খেৰিয়া আৰু ভূমিজ ভাষাও উল্লেখযোগ্য। অসমৰ দাঁতিৰ বৰ্তমানৰ মেঘালয় ৰাজ্যৰ খাচীয় পাহাৰত প্রচলিত খাচী ভাষাও অষ্ট্ৰিক পৰিয়ালৰে। তদুপৰি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা অৰ্থনৈতিক কাৰণত আহি ভালেমান অষ্ট্ৰিক পৰিয়ালৰ ভাষা-ভাষী লোক অসমৰ চাহ-বাগিছাবিলাকত বসবাস কৰে।

(খ) দ্রাবিড় (Dravidian): অষ্ট্ৰিক জাতিৰ পিছতেই দ্রাবিড় জাতিৰ লোকসকলে ভাৰতত বসতি বিস্তাৰ কৰিছিল। পণ্ডিতসকলে অনুমান কৰে যে, দ্রাবিড়সকলৰ আদি বাসস্থান ভূমধ্য সাগৰীয় অঞ্চল আৰু তাৰ পৰাই আনুমানিক খ্ৰীঃ পূঃ ৩৫০০ত তেওঁলোকৰ এটা দলে ভাৰতত প্ৰৱেশ কৰি পোনতে উত্তৰ ভাৰতত বাস কৰিছিল যদিও পিছত আৰ্যসকলৰ দ্বাৰা বিস্তাৰিত হৈ দক্ষিণ ভাৰতলৈ গতি কৰিছিল। সেয়ে দক্ষিণ ভাৰততে দ্ৰাবিড় ভাষাৰ প্রাধান্য বেছি।

দ্রাবিড় গোষ্ঠীৰ পৰা জন্ম লাভ কৰা ভাষাবোৰ হ’ল ব্রাহুই, তামিল, মালয়ালম, কন্নড়, তেলেগু, মালৰো, কোড, টোডা, কোটা প্রভৃতি। টোডা ভাষা আজিকালি প্ৰায়ে লুপ্ত হৈ গৈছে। দ্রাবিড় গোষ্ঠীৰ ভাষাসমূহৰ ভিতৰত মালয়ালম আৰু তামিল ভাষা সুসমৃদ্ধ। দ্রাবিড় ভাষা অশ্লিষ্ট, অন্ত্যযোগাত্মক। এই ভাষাত প্ৰত্যয়, বিভক্তি আদি প্ৰকৃতিৰ লগত অংগাংগীভাৱে যুক্ত হৈ নাথাকে। স্বৰ সংগতি আৰু ‘ট’- বৰ্গৰ প্ৰাধান্য এই ভাষাৰ বিশেষ বৈশিষ্ট্য। দ্রাবিড় ভাষাত বচন দুবিধ – একবচন আৰু বহুবচন। একবচনাত্মক শব্দৰ শেষত প্রত্যয় যোগ কৰি বহুবচন কৰা হয়। লিংগ তিনিবিধ— পুংলিংগ, স্ত্রীলিংগ আৰু ক্লীৱলিংগ। প্ৰাণীত্ব আৰু অপ্ৰাণীত্বৰ ভিত্তিত লিংগ নির্ণয় কৰা হয়। অপ্ৰাণীবাচক ক্লীৱলিংগৰ কেৱল একবচনৰহে ব্যৱহাৰ আছে।

(গ) তিব্বত-চীনীয় বা চীন-তিব্বতীয় (থাই-চীন, তিব্বত-বর্মী): ভাৰতবৰ্ষত প্ৰচলিত ভাষা- বৃক্ষৰ আনটো বৃহৎ পৰিয়াল হ’ল তিব্বত-চীনীয় বা চীন তিব্বতীয় পৰিয়াল। এই ভাষা পৰিয়াল অৱশ্যে পৃথিৱীৰ ভাষাবৰ্গৰ ভিতৰতে অন্যতম বৃহৎ ভাষা পৰিয়াল। এই ভাষা প্ৰধানভাৱে ভাৰতবৰ্ষৰ হিমালয়ৰ দাঁতি-কাষৰীয়া অঞ্চল, উত্তৰ-পূব ভাৰতত প্ৰচলিত। এই ভাষাগোষ্ঠীৰ আদিম বাসস্থান চীনদেশৰ হোৱাংহো আৰু ইয়াংচিকিয়াং নদীৰ উৎপত্তিস্থল। ইয়াৰ পৰা ভাৰতবৰ্ষলৈ আনুমানিক খৃঃ পূঃ এহেজাৰ বছৰৰ পূৰ্বে আহে। বিশেষভাৱে ভাৰতৰ উত্তৰ-পূব কোণত ই বিস্তাৰ লাভ কৰে। ভাৰতৰ বাহিৰেও অন্যান্য ঠাইতো এই ভাষাৰ প্রচলন আছে। তিব্বত-চীন ভাষা পৰিয়ালটোৰ তিনিটা প্ৰধান শাখা পোৱা যায় ৷

(১) তিব্বতবর্মী।

(২) থাই-চীন বা শ্যাম-চীন। আৰু 

(৩) য়েনিছি। 

ভাৰতবৰ্ষত যদিও বহুতো চীনা প্ৰব্ৰজনকাৰীয়ে বসবাস কৰে তথাপি চীনা ভাষা ভাৰতৰ কোনো ঠাইতে পাবলৈ নাই। – উল্লেখিত থাই-চীন শাখাৰ ভালেমান ভাষা ব্রহ্মদেশ (আজিকালি ম্যানমাৰ) আৰু ভাৰতৰ উত্তৰ-পূব অংশত থকা অৰুণাচল আৰু অসমত কথিত ৰূপ সিচঁৰতি হৈ থকা দেখা যায়। মংগোলয়ডসকলেই কিৰাত ৰূপে অভিহিত হৈ আহিছে। অতি প্রাচীন কালৰে পৰা কিৰাতসকলে অসমত বসবাস কৰি আহিছে আৰু তেওঁলোকে যে এই দেশত ৰাজত্ব কৰিছিল তাৰ আভাস কালিকা পুৰাণ, যোগিনীতন্ত্ৰ আদি গ্ৰন্থত পোৱা যায়। চীন-তিব্বতীয় ভাষাভাষী লোকসকলক সেই সময়ৰ হিন্দুসকলে কিৰাত বুলিছিল। মংগোলয়ড নৃগোষ্ঠীৰ অন্তৰ্গত চীন তিব্বতীয় ভাষা পৰিয়ালটোৰ অন্তৰ্গত তিব্বত-বৰ্মী শাখাৰ প্ৰধান উপশাখা কেইটা হ’ল – হিমালয়ী (Himalayan), উত্তৰ-অসম (North-Assam), অসম-বর্মী (Assam Burmese) আৰু তিব্বতী (Tibetan)

হিমালয়ীঃ এই শাখাৰ ভাষাসমূহ হিমালয়ৰ দাঁতি-কাষৰীয়া অঞ্চল, নেপাল, চিকিম, ভূটান আদিত প্ৰচলিত ৷ ইয়াৰ অন্তৰ্গত ভাষাবোৰ হৈছে— নেৱাৰী, লেপ্‌চা, কণৌৰা, ধিমাল আদি । ইয়াৰ ভিতৰত অৱশ্যে নেপালৰ নেৱাৰী ভাষা প্রধান। চিকিমৰ ভাষা লেপচা অন্যতম। এই ভাষাগোষ্ঠীৰ লোকৰ সৈতে অষ্ট্ৰিক ভাষা গোষ্ঠীৰ সংমিশ্ৰণ হৈ পৰিৱৰ্তিত হয় বুলি অনুমান কৰা হৈছে।

তিব্বতীঃ তিব্বতবৰ্মী শাখাৰ ভিতৰত তিব্বতী শাখাটোও অন্যতম। হিমালয়ৰ পশ্চিম অঞ্চলত তিব্বতী শাখাটোৰ ভাষাসমূহৰ প্ৰচলন আছে। তাৰ ভিতৰত লাডাখ আৰু বাল্টি ভাষা প্রধান।

উত্তৰ অসমঃ উত্তৰ অসম তিব্বত-বৰ্মী শাখাৰ অন্যতম ভাষা বর্গ। অসম প্ৰদেশৰ উত্তৰপ্ৰান্তৰৰ পৰ্বতীয়া অঞ্চল বিশেষত বিভিন্ন ভাষাৰ প্ৰচলন আছে। উত্তৰ-অসম শাখাৰ ভাষা বুলিলে চমুকৈ ‘নেফা’ আৰু শেহতীয়াকৈ ‘অৰুণাচল’ আখ্যা পোৱা অঞ্চলৰ ভাষাকে বুজায়। এসময়ত অসম প্ৰদেশৰ অংশ বিশেষৰ এই অৰুণাচলক পৃথক ৰাজ্যৰূপে স্বীকৃতি দিয়া হয় । এই অঞ্চলৰ ভাষা হ’ল— অকা, ডফলা, মিচিং, মিচিমি, চিংফৌ, নক্টে, আবৰ, গালং, আপাটানি, মন্‌পা, চেৰদুপন আদি। এই লোকসকলক প্ৰকৃততে ইণ্ডো মংগোলীয় গোষ্ঠীৰ বুলি অনুমান কৰা হৈছে। কামেং জিলাত মন্পা, অকা, চেৰদুক্‌পেনসকলে বাস কৰে। সোঁৱণশিৰি জিলাত ডফলা, আপাটানি আদি ভাষা কোৱা লোকৰ বসতি স্থান। চিয়াং জিলা প্ৰকৃততে আদিসকলৰ বসতিস্থান। অৱশ্যে টাগিন, খাম্বা আদি ভাষাও এই জিলাৰ লোকৰ ভাষা।

অসম-বর্মীঃ তিব্বতবর্মী শাখাৰ আটাইতকৈ উল্লেখযোগ্য শাখা হ’ল — অসম-বর্মী। এই শাখাৰ দুটা প্ৰধান ভাগ—― বড়ো-নগা আৰু কুকি-চীন। এই দুয়ো শাখাৰে মাজত কাৰ্বি ভাষা উল্লেখযোগ্য। বড়ো-নগা শাখাৰ ভিতৰত বড়ো বৰ শক্তিশালী ভাষা। ইয়াৰ অন্তৰ্গত ভাষাবোৰ হ’ল— বড়ো, ৰাভা, গাৰো, কছাৰী, ডিমাছা, টিয়া, হাজং, চুটিয়া, টিপ্ৰা আদি ৷ সেইদৰে নগা শাখাৰো কেইবাটাও ভাষা— পূব-নগা, পশ্চিম-নগা, মধ্য-নগা, নগা কুকি। কুকি চীনৰ দুটা শাখা— মেইথেৰ অন্তৰ্গত মণিপুৰী ভাষা আৰু মিজোৰ অন্তৰ্গত মিজোৰামৰ ভাষা-মিজো। 

বড়ো শাখা (বড়ো ভাষা): তিব্বতবৰ্মীৰ যিটো শাখা উত্তৰ আৰু পূব পথেৰে ব্ৰহ্মপুত্ৰ নদীৰ তীৰৱৰ্তী অঞ্চলত বিয়পি পৰে, সেই ভাষাৰ শাখাটোৱেই হ’ল বড়ো শাখা। বড়ো ভাষী লোক প্ৰধানকৈ গোৱালপাৰা (অবিভক্ত) জিলাতেই বসবাস কৰে। এই ভাষাৰ নিজা লিপি নাই বাবে তেওঁলোকে ৰোমান আখৰকে গ্ৰহণ কৰে। পিছলৈ তেওঁলোকে দেৱনাগেৰী লিপিও গ্ৰহণ কৰা দেখা যায়। এই বড়ো শাখাৰ অন্তৰ্গত ভাষাসমূহ হৈছে— গাৰো, ৰাভা, ডিমাছা, তিৱাং, হাজং, দেউৰী, মিচিং ভাষা৷

নগা শাখাঃ অসমবর্মী শাখাৰ ভিতৰত বড়ো-নগাৰ নগা শাখাও অন্যতম। এই ভাষা প্ৰধানকৈ নাগালেণ্ডত প্রচলিত। ইয়াৰ উপৰিও মণিপুৰ, উত্তৰ কাছাৰ আদিতো ইয়াৰ কিছু প্ৰচলন আছে। এসময়ত অসমৰে অন্তৰ্গত নাগালেণ্ড ১৯৬৩ চনত পৃথক ৰাজ্যৰূপে স্বীকৃত হয়। নাগালেণ্ড হ’ল পৰ্বতীয়া অঞ্চল। ফলত পাৰস্পৰিক অভাৱ, প্ৰচলিত ৰীতি-নীতিৰ ক্ষেত্ৰত কটকটীয়া বিধি-নিষেধ আদিৰ বাবে ই বহুভাষী ৰাজ্যত পৰিণত হৈছে। নগাসকলৰ ফৈদসমূহ হ’ল— আও, চেমা, আংগামী, কন্যাক, ৰেংমা, জেমি, গালং, জেলিয়াং, ফোম আদি। 

কুকি-চীনঃ কুকি-চীন শাখাৰ ভাষা হ’ল মণিপুৰৰ মেইথে ভাষা আৰু মিজোৰামৰ মিজো ভাষা ৷ ত্ৰিপুৰা আৰু ব্ৰহ্মদেশতো এই শাখাৰ ভাষাৰ প্ৰচলন আছে। মেইথে ভাষাক মণিপুৰী আখ্যাও দিয়া হয়। এই শাখাৰ ভাষাৰ সংখ্যা অধিক। বর্তমান ইয়াক বঙলা লিপিৰে লিখা হয়। কুকি-চীন শাখাৰ দ্বিতীয় শাখাটি হ’ল— মিজো ভাষা। মিজোৰামত প্ৰচলিত এই ভাষাক মিজো ভাষা আখ্যা দিয়া হয়। লুচাই পাহাৰ নামে পৰিচিত এই ৰাজ্যখন এসময়ত অসমৰে, অংগ আছিল। ১৯৭১ত ই কেন্দ্ৰীয় শাসিত ৰাজ্যলৈ উন্নীত হয়। মিজো ভাষাই আঞ্চলিক প্রধান ভাষাৰূপে পৰিচিত হৈছে। লুচাই, পোই, লাখেৰ, ফামাই আদি কেইবাটাও ফৈদে, ইয়াত বসবাস কৰে।

বড়ো-নগা আৰু কুকি—চীন দুয়োৰে লগত সম্বন্ধ থকা মধ্যৱৰ্তী এটি শাখা হ’ল— কাবি আংলঙৰ ভাষা। কাৰ্বি আংলঙৰ পূৰ্বৰ নাম আছিল মিকিৰ পাহাৰ জিলা। ইয়াৰ আৰু অধিবাসী কাৰ্বিসকলক মিকিৰ বুলি জনা গৈছিল। কাৰ্বি ভাষাৰ সৈতে কুকি চীনৰ অধিক সাদৃশ্য পৰিলক্ষিত হয়। কাৰ্বি আংলঙৰ বাদেও নগাঁও, শিৱসাগৰ, উত্তৰ কাছাৰ আদিত কাৰ্বি ভাষাৰ মান্য ভাষাৰূপে পৰিচিত হৈছে। ১৯৭১ চনৰ লোকপিয়ল অনুসৰি কাৰ্বি জনসংখ্যা ১, ৭৭, ১৯৪ জন।

(২) শ্যাম-চীনীয় শাখাঃ মূল চীন-তিব্বতীয় ভাষাগোষ্ঠীৰ প্ৰধান দ্বিতীয় শাখাটো হ’ল ঠি শ্যাম-চীনীয় ভাষা। এই শাখাৰ অন্তৰ্গত কেইবাটাও ভাষা ভাৰতত প্ৰচলিত। এছিয়া মহাদেশৰ আ এক বৃহৎ অঞ্চল জুৰি এই শাখাৰ লোক বিয়পি আছে। শ্যাম-চীনীয়ৰ এটি প্রধান শাখা হ’ল পু টাই আৰু থাই ৷ টাইসকলৰ আদিম বাসস্থান চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চল বুলি অনুমান গৈ কৰা হৈছে। তাৰ পৰা তেওঁলোক ব্ৰহ্মদেশ, শ্যাম আৰু ভাৰতবৰ্ষলৈ বিয়পি পৰে।ব্ৰহ্মদেশত টাইসকলক শ্যান (Shan) নামেৰে জনা যায়। ভাৰতবৰ্ষৰ উত্তৰ-পূব কোণেদি (অসম) আহি টাই ফৈদৰ লোকসকলে অসমত থিতাপি লয়হি। টাইগোষ্ঠী অসমলৈ আহি থলুৱা নামেৰে পৰিচিত হোৱা ফৈদকেইটা হ’ল— টাই-আহোম, টাই-খামতি, টাই-ফাকে, টাই- সম আইতন, টাই-খাময়াং আৰু টাই-তুৰং ।

অৱশ্যে চীন-তিব্বতীয় শাখাৰে অন্তৰ্গত য়েনেচী নামৰ এটা শাখা আছে যদিও, এই শাখাৰ লগত ভাৰতৰ কোনো সম্পর্ক নাই।

১৪। উদ্ভৱকালৰ অসমীয়া ভাষাৰ নিদৰ্শন ক’ত ৰক্ষিত হৈছে, এটি আলোচনা যুগুত কৰা।

উত্তৰঃ উদ্ভৱকালৰ অসমীয়া ভাষাৰ নিদৰ্শন প্ৰধানতঃ ৰক্ষিত হৈছে সেই সময়ৰ উৎকীর্ণ কৰা তামৰ ফলিসমূহত, চর্যাপদসমূহত, মিশ্ৰ অসমীয়া ভাষাৰ নিদৰ্শনমূলক সাহিত্যৰ অন্তৰ্গত শ্ৰীকৃষ্ণ কীৰ্তন আৰু শূন্য পুৰাণৰ ভাষাত। তলত এই সাহিত্যৰাজিৰ ভাষাত কিদৰে অসমীয়া ভাষাৰ বৈশিষ্ট্য ৰক্ষিত হৈছে সেই বিষয়ে আলোচনা আগবঢ়োৱা হ’ল—

(ক) তামৰ ফলিৰ ভাষাঃ খ্ৰীষ্টীয় সপ্তম শতিকাৰ পৰা দ্বাদশ শতিকালৈকে কামৰূপত ৰাজত্ব কৰা হিন্দু ৰজাসকলৰ প্ৰদত্ত তামৰ ফলিসমূহৰ ভাষাই অসমৰ প্ৰাচীনতম ভাষাৰ (প্রতিনিধিত্ব কৰিছে বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে।

তামৰ ফলিসমূহত সেই সময়ৰ অসমৰ কিছুমান ঠাইৰ নাম, মানুহৰ নাম, গছ-গছনিৰ নাম অন্যান্য অসমীয়া শব্দ তথা বৈশিষ্ট্যমূলক নিদর্শন সংৰক্ষিত হৈ আছে। তামৰ ফলিৰ শব্দ আৰু অসমীয়া শব্দ কেইটামান তলত উল্লেখ কৰা হ’ল—

তামৰ ফলিৰ শব্দৰূপআধুনিক শব্দৰূপ
জটিজৰী
হস্থিহাতী
টনিধনী
পাকৰিপাকৰি
সুৱৰ্ণদাৰুসোণাৰু

ঠিক তেনেদৰে— অনিস সনি, কালিয়া কৈৱৰ্ত্ত আদি মানুহৰ নাম বুজোৱা শব্দ; দক্ষিণপাত আদি ঠাইৰ নাম বুজোৱা শব্দ; সোব্বড়ি (পুখুৰী),চম্যলা (জান),সিঙ্গড়ি (নদী)ৰ দৰে পুখুৰী নদীৰ নাম বুজোৱা শব্দ; অম্ব, আম্ব (আম),নাক্ব (নাক) ইত্যাদি শব্দৰ ব্যৱহাৰ দেখা গৈছিল। তাম্রলিপিসমূহত পোৱা অসমীয়া ভাষাৰ ধ্বনিতাত্ত্বিক বিশেষত্বসমূহ এনে ধৰণৰ— 

(১) স্বৰধ্বনিৰ হ্রস্ব-দীৰ্ঘৰূপৰ মাজত পাৰ্থক্যহীনতা। যেনে— কামৰূপ > কামৰুপ, ঈশ্বৰ > ইশ্বৰ, ময়ূৰ > ময়ুৰ, স্বামী > স্বামি ৷

(২) স্বৰ সমীভৱন আৰু ব্যঞ্জন সমীভৱনৰ প্ৰয়োগ ৷ যেনে— পুষ্কৰিণী > পুষ্কিৰিণী (স্বৰ সমীভৱন), কৰ্ণসুৱৰ্ণ > কন্নসুৱন্ন, সর্বা > সব্বা। 

(ব্যঞ্জন সমীভৱন)।

(৩) ‘ৱ’ আৰু ‘ব’, ‘য’ আৰু ‘জ’, ‘ড়’ আৰু ‘ৰ’, ‘শ’, ‘ষ’, ‘স’—ৰ এটাৰ ঠাইত আনটো প্ৰয়োগ হৈছে এনেদৰে; যেনে—

ৱ > ব = ৱীৰ্য > বীজ্জ 

য > জ = যজুর্বেদী > যযুর্বেদী 

ড় > ৰ = ক্রীড়ৎ >  ক্ৰীৰৎ 

শ, ষ > স = শনি > সনি

(৪) ‘ক্ষ’ৰ ‘খ’ ৰূপত ব্যৱহাৰ হৈছে। যেনে— ক্ষিতিমথ > খিমথ।

(৫) ঔ’ৰ ঠাইত ‘ও’ ধ্বনিৰ ব্যৱহাৰ। যেনে— ধৌতেশ্বৰ > ধোতেশ্বৰ। 

(৬) ‘ম’ৰ ঠাইত ‘ন’ আৰু ‘ল’ৰ ঠাইত ‘ন’ ধ্বনিৰ ব্যৱহাৰ। যেনে— যৌৱনম্> যৌৱনন্। 

(৭) যুক্ত ব্যঞ্জনৰ লোপ । যেনে— তন্ত্ৰ > তন্ত।

(৮) অল্পপ্রাণ ধ্বনিৰ ঠাইত মহাপ্রাণ ধ্বনিৰ ব্যৱহাৰ । যেনে— প্ৰান্ত > প্ৰানঠ। 

(৯) মূর্ধন্য ধ্বনিৰ ঠাইত দন্ত্য ধ্বনিৰ ব্যৱহাৰ৷ যেনে— বিষ্ণু > বিষ্ণু।

তাম্রলিপিসমূহত অসমীয়া ভাষাৰ ধ্বনিতত্ত্বৰ লগতে ৰূপতাত্ত্বিক বিশেষত্বও ৰক্ষিত হোৱা দেখা গৈছে৷ তেনে এটি উল্লেখযোগ্য ৰূপতাত্ত্বিক বিশেষত্ব হ’ল— সপ্তম শতিকাৰ ভাস্কৰবৰ্মাৰ তামৰ ফলিত ‘কালিয়া’ শব্দ তথা নৱম শতিকাৰ বনমালদেৱৰ তামৰ ফলিত পোৱা ‘কুৱ৷’ (নৌকুৱা) শব্দই স্বাৰ্থিক ‘আ’ প্ৰত্যয়ৰ ব্যৱহাৰৰ সাক্ষ্য বহন কৰে। উল্লেখযোগ্য যে ভাস্কৰবৰ্মাৰ তামৰ ফলিৰ ‘কালিয়া’ শব্দটোতে অসমীয়া ভাষাৰ প্ৰথম ৰূপতাত্ত্বিক নিদৰ্শন ৰক্ষিত হৈছে বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে।

(খ) চৰ্যাপদৰ ভাষাঃ উদ্ভৱকালৰ অসমীয়া ভাষাৰ সাক্ষ্য স্বৰূপে আমি চৰ্যাপদসমূহত ব্যৱহৃত ভাষাটিৰ কথা বিবেচনা কৰিব পাৰো। চৰ্যাপদসমূহৰ ভাষাৰ লগত আধুনিক অসমীয়া ভাষাৰ ধ্বনিতত্ত্ব, ৰূপতত্ত্ব, শব্দতত্ত্ব আৰু বাক্যবিন্যাস প্রভৃতি সকলোতে ওচৰ সম্পৰ্ক ৰক্ষিত হৈছে। তাৰে কেইটামান তলত উল্লেখ কৰা হ’ল—

(১) মান্য অসমীয়া ভাষাত স্বৰৰ্ভক্তিৰ সহায়ত তৎসম শব্দবোৰ অৰ্ধ-তৎসম শব্দলৈ পৰিৱৰ্তন হোৱাটো নিয়ম৷ চৰ্যাপদতো এনে পৰিৱৰ্তনৰ নিয়ম মানি চলে। যেনে—

চর্যাপদ অসমীয়া
প্ৰাণ > পৰাণ পৰাণ।
যত্ন > যতন যত্ন/যতন।

(২) প্রাচীন ভাৰতীয় আর্যভাষাৰ উষ্মবর্ণ তিনিটা। যথা—শ, ষ আৰু স। ই চৰ্যাপদ আৰু অসমীয়া ভাষা উভয়তে স্বকীয় ৰূপৰ পৰা আঁতৰি অহাটো দেখা গৈছে। যেনে— শবৰ, সবৰ, যৰবালী ইত্যাদি।

(৩) প্ৰাচীন ভাৰতীয় আর্যভাষাত থকা দন্ত্য, মূর্ধন্য ধ্বনিৰ পাৰ্থক্য মান্য অসমীয়াত লোপ পাইছে। তেনেদৰে চৰ্যাপদতো লোপ হোৱাৰ আভাস আছে। যেনে— মন, মণ। 

(৪) স্বৰ পৰিৱৰ্তনৰ নিয়ম মতে, মান্য অসমীয়াত ওচৰা-ওচৰিকৈ দুটা ‘আ’ থাকিলে আগৰ আ-ধ্বনি অ-ত পৰিণত হয়। চৰ্যাপদত এই ৰীতি বিদ্যমান। যেনে— ঢাকা > চকা, বাপা > বপা।

(৫) আধুনিক অসমীয়া ভাষাৰ প্ৰায়বোৰ শব্দ বিভক্তিৰ প্ৰয়োগ চৰ্যাপদৰ ভাষাত দেখিবলৈ পোৱা যায়। যেনে—

প্রথমা — এ ঃ কুম্ভীৰে খাঅ।

দ্বিতীয় — ক ঃ ঠাকুৰক পৰিণিৱিত্তা।

তৃতীয়া — ৰে ঃ কুমাঁৰ চিজঅ।

চতুৰ্থী — লৈ ঃ মেৰু শিখৰলই পঅণ পইসই।

ষষ্ঠী — ৰ ঃ হৰিণীৰ নিলঅ।

সপ্তমী — ত ঃ বাটত, হাড়ীত।

(৬) অসমীয়া স্ত্রী-প্রত্যয় ‘ই’ আৰু ‘অনী’ প্ৰয়োগ চর্যাপদতো দেখা যায়। যথা—

চর্যাপদআধুনিক অসমীয়া
সবৰী শবৰী
শিয়ালীশিয়ালী
হৰিণীহৰিণী

(৭) আধুনিক অসমীয়া ভাষাৰ দৰে চৰ্যাপদৰ ভাষাত অতীত কাল বুজাবলৈ ‘ইল’ আৰু ভৱিষ্যৎ কাল বুজাবলৈ ‘ইব’ প্রত্যয় যোগ হৈছে। যেনে—

চর্যাপদ আধুনিক অসমীয়া
কৰিবকৰিব
আছিলোঁআছিলোঁ

(৮) বহুবচন বুজাবৰ বাবে ব্যৱহৃত ‘সকল’ শব্দৰ প্ৰয়োগ আধুনিক অসমীয়া আৰু চর্যাপদ উভয় ভাষাতে একেটা ৰূপতে প্রয়োগ হয়। যেনে— 

মণ্ডল সঅল — চর্যাপদ। 

মণ্ডল সকল — অসমীয়া।

উল্লেখযোগ্য যে চৰ্যাত ব্যৱহাৰ হোৱা বহু শব্দ আধুনিক অসমীয়াত পোৱা যায়৷ যেনে— ঘৰ, চকা, ঘৰিণী (গৃহিণী), চান্দ (চন্দ্র),আখি (অক্ষি),কাম, খেনাই, সোণ, ঘিউ, পোথী (পুস্তক) ইত্যাদি।

(গ) শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাঃ চর্যাপদৰ পৰৱৰ্তী ৰচনা বড়ু চণ্ডীদাসৰ শ্ৰীকৃষ্ণ কীর্তন। শ্রীকৃষ্ণ কীৰ্তনৰ ভাষাত উদ্ভৱকালৰ অসমীয়া ভাষাৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছে। উল্লেখযোগ্য যে শ্রীকৃষ্ণ কীৰ্তনৰ ভাষাক বাঙালী পণ্ডিতসকলে বাংলা ভাষাৰ নিদর্শন বুলি কৈ আহিছে। ড° বাণীকান্ত কাকতিয়ে শ্রীকৃষ্ণ কীৰ্তনৰ ভাষা সন্দৰ্ভত মন্তব্য কৰিছে যে অসমীয়া আৰু বাংলা ভাষা স্পষ্টৰূপে পৃথক হৈ বিকাশ লাভ কৰাৰ পূৰ্বে দুয়োটা ভাষাৰ যিটো সাধাৰণ ৰূপ আছিল শ্ৰীকৃষ্ণ কীৰ্তনৰ মাজত সেই ৰূপটো প্ৰতিফলিত হৈছে। শ্রীকৃষ্ণ কীৰ্তনৰ ভাষাতাত্ত্বিক বিশেষত্বসমূহ তলত উল্লেখ কৰা হ’ল—

(১) শব্দ বিভক্তি প্ৰয়োগৰ ক্ষেত্ৰত প্ৰথমা ‘‘এ’ চতুৰ্থী ‘লাগি’ (অসঃ-লৈ), ষষ্ঠ ‘’ আ সপ্তমী ‘ত’ৰ ব্যৱহাৰ হয়। তেনে— তোৰ মুখে, তা লাগি, সাধুৰ, হিয়াত ইত্যাদি । 

(২) নিষেধাত্মক বুজাবলৈ ক্ৰিয়াৰ আগত,ন’ৰ ব্যৱহাৰ হয়৷ যেনে—

শ্রীকৃষ্ণ কীর্তনআধুনিক অসমীয়া
নপাওঁনাপাওঁ
নহোঁনহঁও

(৩) প্রাচীন অসমীয়াত অপাদান অৰ্থত ব্যৱহৃত ‘হন্তে’ৰ প্ৰয়োগ এই পুথিতো পোৱা যায়। যেনে—

আজি হন্তে — শ্রীকৃষ্ণ কীর্তন।

আজি হন্তে — পুৰণি অসমীয়া।

(৪) উত্তম পুৰুষৰ বৰ্তমান কালৰ ক্ৰিয়াত ‘ওঁ’ৰ ব্যৱহাৰ হৈছে। যেনে— জাওঁ (আধুনিব অসমীয়া— যাওঁ)।

(৫) শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাতো মান্য অসমীয়া ভাষাৰ দৰে স্বৰৰ্ভক্তিৰ জৰিয়তে তৎসম শব্দবোৰে অৰ্ধ-তৎসম ৰূপ লাভ কৰে। যেনে-

শ্রীকৃষ্ণ কীর্তনঅসমীয়া
জতনযতন
পৰাণপৰাণ
তপততপত

(৬) বহুবচন বুজাবলৈ ‘গণ’ ব্যৱহৃত হয়। যেনে-

পিকগণে— শ্রীকৃষ্ণ কীর্তন।

তাৰাগণে— পুৰণি অসমীয়া।

(৭) আধুনিক অসমীয়া ভাষাৰ শব্দ আৰু শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাৰ শব্দৰ মাজত সাদৃশ আছে। 

আধুনিক অসমীয়াশ্রীকৃষ্ণ কীৰ্তনৰ ৰূপ
কমলাকমলা
পাথৰপাথৰ
বেজবেজ

এইবোৰৰ উপৰি সেই সময়ছোৱাত ৰচিত বুলি বিবেচনা কৰা শূন্য পুৰাণতো উদ্ভৱ কালৰ অসমীয়া ভাষাৰ নিদৰ্শন ৰক্ষিত হোৱা দেখা যা.৷ প্ৰসংগক্রমে উল্লেখযোগ্য যে এই পুথিখনৰ ৰচনাৰ সময়সীমা সম্পৰ্কে পণ্ডিতসকলৰ মাজত মতবিৰোধ থকা পৰিলক্ষিত হয়। ডিম্বেশ্বৰ নেওগৰ ভাষাৰে ক’ব পাৰি—

“ভাষামূলক বিচাৰ আৰু ঘাইকৈ অসমীয়া মন্ত্ৰ সাহিত্যৰ লগত ইয়াৰ ভাব-ভাষাৰ মিলৰ পৰা ‘শূন্য পুৰাণ’ৰ ৰচনা ত্রয়োদশ শতিকাৰ পাছৰ বুলি অনুমান কৰা হয়।”

১৫ ৷ অসমীয়া ভাষাত মিচিং ভাষাৰ কোনবোৰ উপাদানে প্ৰভাৱ বিস্তাৰ কৰিছে? এটি আলোচনা আগবঢ়োৱা।

উত্তৰঃ ভাষা এটাৰ গঠন পদ্ধতি যদি ভাষাটোৰ ‘শুকান হাড়-ছাল’ হয়, তেনেহ’লে শব্দভাণ্ডাৰ তাৰ ‘তেজ-মঙহ’। অসমীয়া ভাষাৰ গঠন পদ্ধতিটোক এনে এটা সুকীয়া ৰূপ দিয়াৰ পাছত অসম আৰু অসমৰ ওচৰে-পাজৰে, পৰ্বতে-ভৈয়ামে থকা জনজাতীয় ভাষাবোৰে অসমীয়া ভাষাক নানাধৰণৰ শব্দ-সম্ভাৰৰ যোগানেৰে পুষ্ট কৰালে। অসম আৰু ইয়াৰ দাঁতিকাষৰীয়া ৰাজ্যৰ বিভিন্ন ঠাইৰ নাম, নদীৰ নাম, উৎসৱ-পৰ্বৰ নাম, উপাধি, বিষয়া আদিৰ নাম আৰু দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা অনেক শব্দ চীন-তিব্বতীয় ভাষা-গোষ্ঠীৰ ভাষাৰ পৰা অহা । শব্দৰ গঠন, প্রত্যয় আদিৰ ক্ষেত্ৰতো অসমীয়া ভাষাই সুকীয়া ৰূপ লয়। প্ৰথমতে অসমীয়াত নির্দিষ্টকৈ কোনো বস্তু বা মানুহক বুজাবলৈ ব্যৱহাৰ কৰা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰৰ কথা ক’বলগীয়া । কিন্তু তাৰ মাজত এটা বিশেষ নিয়ম বুলি থকা টান; যেনে— হাতখন, কাণখন, কপালখন, চকীখন; মানুহ-টো, আঙুলি-টো, কলম-টো (কিন্তু পেঞ্চিলডাল), হাতী-টো, মাখী-টো ৷ অসমীয়া ভাষাৰ এই বৈশিষ্ট্যটোত চীন-তিব্বতীয় ভাষাৰ প্ৰভাৱ ৷ মিচিং ভাষাত কণী, আলু আদিৰ এটা বুজাবলৈ ‘আপ্‌’, টকা আদিৰ ক্ষেত্ৰত এটকা বুজাবলৈ ‘আবাৰ্’,কাগজ আদিৰ ক্ষেত্ৰত এখিলা বুজাবলৈ ‘আৱৰ’,বাঁহ-বেত আদিৰ ক্ষেত্ৰত এডাল বুজাবলৈ ‘আচং’,গছ আদিৰ ক্ষেত্ৰত এজোপা বুজাবলৈ ‘আমৃংক’,এঘৰ বুজাবলৈ ‘কংক’ আদিৰ প্ৰত্যয়ৰ সহযোগ ঘটোৱা হয়।

অসমীয়া ভাষাত সম্বন্ধবাচক শব্দৰ পিছত বিভিন্ন পুৰুষ অনুযায়ী বিভিন্ন প্রত্যয় যোগ হয়; এই প্রত্যয়বোৰক পুৰুষবাচক নির্দিষ্টতাবাচক প্রত্যয় বোলে। যেনে— মোৰ বোপাই, তোৰ বাপেৰ, তোমাৰ বাপেৰা, তাৰ বাপেক। এই সম্পৰ্কত মিচিং ভাষাৰ এটা বিশেষত্বৰ কথা উনুকিয়াব পাৰি। যেনে-

মিচিংঅসমীয়া
বাউদেউতা
আবুদেউতাক
কাকৃমোমাই
আকৃমোমায়েক
তঃতককাদেউতা
আতককাদেউতাক

অসমীয়া ভাষাত লিংগভেদ বুজাবলৈ অৱলম্বন কৰা তিনিটা উপায়ৰ ভিতৰত এটা হৈছে কিছুমান পুৰুষ আৰু স্ত্ৰী বুজোৱা; মুক্ত ৰূপৰ ব্যৱহাৰ; যেনে—

মতা ম’হমাইকী মহ।
মতা মানুহমাইকী মানুহ।

এই প্ৰথাটো তিব্বত-বৰ্মীয় ভাষাৰ মিচিং ভাষাতো পোৱা যায়। যেনে—

মিচিংঅসমীয়া
চিমন আবমতাপশু
চিমন আনৌমাইকী পশু
অৌঙ আৰমতা মাছ
আঙ আনৌমাইকী মাছ

মিছিং ভাষাৰ আন কিছুমান শব্দ অসমীয়া ভাষাতো পোৱা যায়। যেনে— বৰালী (মাছ), বোকা (মিছিং-বুকাদ), কালি (এবিধ মাছ-মৰা সঁজুলি), তিয়হ (মিছিং-তিয়ঙ), পেঁপা (মিছিংপেম্পা), উৰুকা (মিছিং-উৰুকা), চেঁউৰী (মিছিং- চেঙৰি), টোকাৰী (মিছিং-তুকাৰি), মুজুংমাজাং (মিছিং-মৃজঙ বুঢ়া), লৰ্‌ ‘গেল’ (মিছিং-লৰিনৗ), আজেবাজে ‘অদৰকাৰী’ (মিছিংআজে-বাজে বেছি), তামোল-ছালি (মিছিং-চালি)। কালিৰাম মেধিয়ে চিচি (নৈ) শব্দ মিছিংভাষাৰ পৰা অহা বুলি দেখুৱাইছে।

ভাষাৰ লগত ভাষাৰ সংঘৰ্ষ আমোদজনক। সংঘৰ্ষৰ ফলস্বৰূপে অসমীয়া ভাষাত থলুৱা জনগোষ্ঠীয় ভাষাৰ যথেষ্ট:ডপাদান ৰৈ গৈছে নাইবা থলুৱা জনগোষ্ঠীয় ভাষাবোৰতো যথেষ্ট অসমীয়া ভাষাৰ উপাদান সোমাই গৈছে। জুম, জাক আদি ৰূপবোৰ অসমীয়া আৰু মিছিং ভাষা উভয়তে আছে।

মিছিং শব্দৰ মালাধাৰ খাচ মিছিং শব্দ, ৰূপান্তৰিত দেশজ শব্দ, বিদেশী শব্দ আৰু সাধিত শব্দেৰে গঠিত। পদুম (পদুম ফুল), পাৰিজাদ (পাৰিজাত ফুল), পৰিকাং (পৰীক্ষা), মিতুৰ (মিত্র), আলিকি (শালিকী), আলদি (হালধি), অমিতাং (অমিতা), লাউ (জাতিলাউ), চলি (চলি খৰি) আদি। তদুপৰি সঁজুলিৰ নামবিলাক নাইবা খেতি সম্পৰ্কীয় বিভিন্ন শব্দ এই প্ৰসংগতে উল্লেখ কৰিব পাৰি। তেনেধৰণৰ কেইটামান শব্দ হ’ল মৈ (মৈ), জুঙলী (যুঁৱলী) অ’লমাৰি (শ’লমাৰি), জোঁটজৰী (জোঁটজৰী), দিলা (দিলা), পাল (ফাল), বেঙা (বেঁৱা),আলিচা (হালিচা বা এবিঘা), অমাৰ (সমাৰ বা দুচাহ বোৱা কাৰ্য), বৰ দিলা (বৰ দিয়া), কতিয়াং (কঠিয়া), ডৰা (ডৰা), ৰোৱনি (ৰোবনী), আঁচ (আঁচ), জোবা (মাটিৰ ডোবা বা ডৰা), আলি (আলি), আল্ গৃননী (হালোৱা গৰু), ডাঙৰী (ডাঙৰী), কাচি (কাচি) ইত্যাদি। তেনেকৈ মিছিং আগমৰ অলকী, তলক্কৗ আদি ৰূপৰ লগত অসমীয়া ভাষাৰ একে অৰ্থ বুজোৱা অলৈ, তলৈ ৰূপৰ মিল লক্ষণীয়। বিস্তৃত অধ্যয়ন কৰিলে অসমীয়া ভাষাত নিশ্চয় ভাষাতত্ত্বৰ প্ৰতিটো দিশতে মিছিং আগমৰ উপাদান পোৱা যাব পাৰে৷ হৈছে। উল্লেখযোগ্য যে

চি-ৰে আৰম্ভ হোৱা নদীৰ নাম কিছুমান মিছিং ভাষাৰ বুলি ধৰা মিছিং ভাষাত ‘চি’ মানে পানী। উদাহৰণস্বৰূপে তলত কেইখনমান নদীৰ নাম উল্লেখ কৰা হল—

শব্দঅর্থ
চিয়াংচিয়াং নদী
চিচিলক্ষীমপুৰৰ এখন নদীৰ নাম
চিলুকপাছিঘাটত আছে
চিয়ম্আলঙৰ ওচৰৰ চিয়াঙৰ নাম
চিমেনচিলাপথাৰৰ এখন নদীৰ নাম

তিব্বতবৰ্মী শাখাৰ অন্তৰ্গত মিছিং আদি ভাষাসমূহে অসমীয়া ভাষাৰ বিভিন্ন দিশত যথেষ্ট পৰিমাণে অৰিহণা যোগাইছে।

১৬৷ অসমীয়া ভাষালৈ বড়ো ভাষাৰ প্ৰভাৱ সম্পর্কে এটি আলোচনা যুগুত কৰা ৷ 

উত্তৰঃ অসমৰ আদিম অধিবাসীৰ ভিতৰত মঙ্গোলীয় নৃগোষ্ঠী অন্যতম। এই মঙ্গোলীয় নৃগোষ্ঠীৰ অন্যতম হ’ল— তিব্বতবৰ্মী ভাষা। ইয়াৰে অসমবৰ্মী শাখাৰ ভিতৰত পৰে বড়ো, নগা, কুকিচীন, কচিন, বৰ্মী, লোলোমচু, আৰু সক বা লুই। বড়ো শাখাৰ ভিতৰত হৈছে— কছাৰী, লালুং, গাৰো, ডিমাছা, গাৰো, কোচ, ৰাভা, চুটীয়া, মৰাণ ৷

অসমীয়া ভাষাত বড়োৰ প্ৰভাৱ অত্যন্ত বেছি। এওঁলোকে নিজৰ মাজত নিজ ভাষাৰে কথা পাতিলেও অসমীয়া ভাষা প্ৰায় প্ৰথম ভাষাৰ দৰেই ব্যৱহাৰ কৰে৷ বড়ো ৰজাসকলে অসমীয়া ভাষাৰ কেইবাজনো কবি-সাহিত্যিকৰ পৃষ্ঠপোষকতাও কৰিছিল। এইবোৰ কাৰণতে বড়ো ভাষাৰ প্ৰভাৱ, ধ্বনিতত্ত্ব, ৰূপতত্ত্ব আৰু শব্দ এই কেউদিশতে স্পষ্ট। অসমীয়া ভাষাত দন্ত্যমূর্ধন্যৰ পাৰ্থক্য নোহোৱা হৈ দন্ত্যমূলীয় হোৱা, মূলত নাথাকিলে অনুনাসিক হোৱা, অল্পপ্ৰাণৰ ঠাইত মহাপ্ৰাণ হোৱা আদি অসমীয়া ভাষাৰ বৈশিষ্ট্যৰ মূলতে বড়ো গোষ্ঠীৰ প্ৰভাৱ বুলি ভবা হৈছে।

অসমীয়া ভাষাত বড়ো ভাষাৰ ভালেমান উপাদানৰ কথা পণ্ডিতসকলে উল্লেখ কৰিছে। নামৰ আগত ‘দি’ যুক্ত নদীৰ নামবোৰ, যেনে— দিবং, দিহিং, দিখৌ আদি বড়ো ভাষাৰ বুলি উল্লেখ কৰিছে। তদু পৰি -মা,-চা প্রত্যয়যুক্ত শব্দ যেনে— লোধোমা, ধেপেচা আদিবোৰো বড়ো ভাষাৰে উপাদান বুলি ধৰা হৈছে। ড° বাণীকান্ত কাকতিয়ে তেখেতৰ ‘Assamese: Its Formation and Development’ নামৰ গৱেষণা গ্ৰন্থত এই সম্পর্কে দীঘলীয়া আলোচনা দাঙি ধৰিছে । বৰ্তমানে সেই আলোচনালৈ নগৈ বড়ো ভাষাত ভাষাৰ পৰা সোমোৱা সম্ভাব্য উপাদানবিলাক চাবলৈ চেষ্টা কৰা হৈছে। 

কিন্তু উপাদানবিলাকৰ সৰহভাগেই শব্দগত। বড়ো ভাষাত পোৱা অসমীয়া শব্দবিলাক বড়ো উচ্চাৰণৰ সাঁচত ঢালি লোৱা বাবে অসমীয়া ভাষা-ভাষীৰ বাবেই শব্দবোৰ আচহুৱা হৈ পৰা স্বাভাৱিক। কেতিয়াবা অসমীয়াৰ ক > খ নাইবা ‘থ’ হৈছে। অসমীয়া ভাষাত পঞ্চমী বিভক্তিৰ চিন নাই ৷ প্ৰথমতে ষষ্ঠ বিভক্তিৰ চিন যোগ দি পাছত ‘পৰা’ পৰসৰ্গ লগাই অপাদানৰ কাম কৰা হয়। বড়ো ভাষাত এই বৈশিষ্ট্য আছে। অসমীয়া ভাষাতো ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হয়। নদীৰ পাৰত বাস কৰা হেতু নদীৰ লগত সংযোগ থকা ভালেমান অসমীয়া বস্তুৰ নাম আৰু আচাৰ-ব্যৱহাৰ বড়োসকলৰ পৰা অহা। তাৰে ভিতৰত মাছ খোৱা প্ৰধানতম। বড়োসকলে মাছ মৰাৰ বিবিধ সঁজুলি তৈয়াৰ কৰিছিল। জাৱৰ গোটোৱা জৱকা বড়োৰ পৰা অহা। ডেকা চাং বা মৰং তিব্বতবৰ্মী ভাষীৰ সামাজিক জীৱনৰ অপৰিহাৰ্য অনুষ্ঠান। চাং শব্দটো বড়োৰ পৰা অহা।

অসমীয়া ভাষাত আদি আৰু মধ্যৱৰ্তী স্থানত অল্পপ্রাণ বৰ্ণ মহাপ্রাণ বৰ্ণলৈ পৰিৱৰ্তন হৈছে। অসমীয়া ভাষাৰ এই মহাপ্রাণীভৱনৰ বৈশিষ্ট্যটো বড়ো ভাষাৰ প্ৰভাৱত হোৱা বুলি ড° গ্ৰীয়াৰ্ছন চাহাবে মত প্ৰকাশ কৰিছে। ড° বাণীকান্ত কাকতিয়েও অসমীয়া ভাষাৰ মহাপ্রাণীভৱনত বড়ো ভাষাৰ প্ৰভাৱ স্বীকাৰ কৰিছে। যেনে-

বড়োঅসমীয়া
থালুতালু
ফোআল্পোৱাল
খামাইকমা (আজ্)
খামৰিকামোৰণি
থোথিঠোঁট, ইত্যাদি

অসমীয়া ভাষাৰ যৌগিক ক্ৰিয়াৰূপ কিছুমান যেনে— খামবান্ধ, গবামাৰ, বিষ দি, থলামূৰি মাৰ ইত্যাদি বড়ো ভাষাৰ প্ৰভাৱৰে ফল। কিছুমান ক্ৰিয়াৰ ধাতু ৰূপ বড়োমূলীয়। যেনে— চেলেক্, জিৰা, ৰেপ্, আগচ্, গচক, চেকুৰ, ভেঁকুৰ, বখলিয়া, গোৰা, চেপ ইত্যাদি। 

আধুনিক অসমীয়া ভাষাৰ বহুবচনৰ প্ৰত্যয় ‘বোৰ’ আৰু ‘বিলাক’ৰ প্ৰয়োগত, বৈয়াকৰণিক লিংগ প্ৰকৰণৰ ঠাইত বিশেষ বিশেষ শব্দৰ প্ৰয়োগেৰে অথবা বিশেষ্যৰ আগত পুৰুষ আৰু স্ত্রীনিৰ্দেশক শব্দৰ প্ৰয়োগেৰে লিংগ নিৰূপণ কৰা ৰীতিটোত বড়ো আদি ভাষাৰ প্ৰভাৱ আছে বুলি কোৱা হয়৷

তলত বড়ো ভাষাৰ সম্বন্ধবাচক বিশেষ্য শব্দকেইটামান অসমীয়া সমার্থক শব্দেৰে সৈতে উল্লেখ কৰা হ’ল –

বড়ো শব্দঅসমীয়া শব্দ/অর্থ
আফাপিতা
আমাইমোমাই
আবৈআইতা
আবৌককাদেউতা
আদাককাই
আদইখুৰা
আয়ংমাকৰ ককায়েক
চালথেখুলশালি
বাজৈনবৌ
ফিচাপো

লিংগৰ পাৰ্থক্য বুজাবৰ বাবে বড়ো ভাষাত তিনিটা সুকীয়া পদ্ধতি ব্যৱহাৰ হয় ।

(ক) পুংলিংগ আৰু স্ত্রীলিংগভেদে সুকীয়া সুকীয়া বিশেষ্য শব্দ প্রয়োগ কৰি; যেনে— হোৱা ‘মতা মানুহ’, হিন্জাৱ ‘মাইকী মানুহ’, ফোংবায়্ ‘ভাই’,বিনানাৱ ‘ভনী’।

(খ) লিংগ বুজাব লগা বিশেষ্য শব্দটোৰ আগত মাওজি, ওমা, ইত্যাদি শব্দ যোগ কৰি পুংলিংগ স্ত্রীলিংগ বুজোৱা হয়। এইখিনিতে উল্লেখ কৰিবলগীয়া কথা যে মূল বিশেষ্য শব্দটো স্ত্রীবাচক ৰূপ লওঁতে অসমীয়াৰ ভাষাৰ দৰেই -ই/-ঈ প্রত্যয়ান্ত হয় ৷ উদাহৰণস্বৰূপে—

পুংলিংগস্ত্রীলিংগ
মাওজি বোন্দা ‘বোন্দাʼমাওজি বোন্দি ‘জাঁই’ ‘মাইকী মেকুৰীʼ।
ওমা বোন্দা ‘মতা গাহৰি’ওমা বোন্দি ‘মাইকী গাহৰি’।

অসমৰ কিছুমান ঠাইৰ নাম বড়ো শব্দৰ প্ৰভাৱতেই সৃষ্টি হৈছে। যেনে— হাজো, হাকামা, দিছপুৰ, বিহামপুৰ। ড° বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাত থকা বহুতো বড়োমূলীয় শব্দৰ নাম উল্লেখ কৰিছে। 

শব্দঅর্থ
লফালফা শাক (লৈফাং)
হাবাংঅজলা
জখলাজখলা
হোজাসহজ-সৰল (বড়ো-হোজাই)
বোন্দামতা মেকুৰী
হামাহিপলম কৰা, সোৰোপালি
হাফলুটিলা, উই টিলা (বড়ো-হা-ফ্লউ)
ডাউকএবিধ চৰাই (বড়ো-দাও-চৰাই)
খোকামাছ ধৰা বাঁহৰ সঁজুলি (বড়ো-খৌখা)
হেঙ্গাৰজেওৰা (বড়ো-হেংৰা)

১৭৷ অসমীয়া ভাষাত অনা-আর্য ভাষাৰ প্ৰভাৱ পৰাৰ কাৰণসমূহ উল্লেখ কৰা। 

উত্তৰঃ অসমীয়া ভাষাটো অনা-আর্য ভাষাৰ সাগৰৰ মাজত থকা এটা দ্বীপৰ দৰে। ইয়াৰ চৌপাশে বিভিন্ন গোষ্ঠীৰ অনা-আর্য ভাষা। তদুপৰি অসমীয়া ভাষা কেৱল আৰ্য প্ৰজাতিৰে নহয়, আর্য-অনার্য উভয়ে ইয়াক ব্যৱহাৰ কৰে। নৃতাত্ত্বিক অৰ্থত উত্তৰ-পূব ভাৰতৰ অধিবাসীসকলৰ কোনোৱে প্ৰকৃততে ভূমিপুত্ৰ নহয়। অসমৰ সুদীৰ্ঘ ইতিহাসৰ কোনোবা চাম আগতে আৰু কোনোবা এচাম পিছত আহিছে। “প্ৰকৃততে কোনটো গোষ্ঠীয়ে অসমত প্রথম সভ্যতাৰ পতন ঘটাইছিল সেই কথা আজিও নিৰ্ণীত হোৱা নাই। তথাপিও কিন্তু, আর্যই হওঁক বা অনার্যই হওঁক তেওঁলোকৰ প্ৰব্ৰজনৰ কাহিনীবোৰৰ মতে উন্নত বাসস্থান আৰু খাদ্যৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ গৈছিল আৰু কিছুমানে স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল”। (এম গোস্বামী ট্ৰাইবেল কালছাৰ অৱ আচাম-সৰ্বভাৰতীয় প্ৰাচ্য সন্মিলনৰ সভাপতিৰ ভাষণ)।

অসমৰ অধিবাসীসকলৰ কোনোৱে যে খিলঞ্জীয়া বুলিহে অকল দাবী কৰিব নোৱাৰে এনে নহয়, তেওঁলোকৰ মাজত প্ৰজাতিগত সংমিশ্রণ ঘটি তেজৰ বিশুদ্ধতা আৰু আৰয়াবিক গঠনো হেৰুৱাইছে। সংমিশ্ৰণৰ এই প্ৰক্ৰিয়া আহোম যুগত আৰু ব্যাপক হৈছিল। চুতীয়া, বৰাহী আৰু মৰাণসকলৰ সৈতে আহোমৰ সঘন প্ৰজাতিগত মিশ্রণ ঘটিছিল (এম গোস্বামী)। আহোমসকলে অসবর্ণ বিবাহত উৎসাহ যোগাইছিল। প্রজাতিগত সংমিশ্ৰণৰ ফলত বিয়াবাৰুৰ যোগেদি এটা ভাষাৰ শব্দ অন্য এটা ভাষালৈ প্ৰৱাহিত হৈছিল। উত্তৰ পুৰুষে ভাষা আয়ত্ত কৰোতে বাপেকৰ পৰা যেনেদৰে শব্দ লৈছিল মাকৰ পৰাও তেনেদৰে লৈছিল। কিছুমান ক্ষেত্ৰত তেনে শব্দ একোটাৰ ধ্বনি আৰু অৰ্থগত পৰিৱৰ্তনো ঘটিছিল। 

বহু শতিকা একেলগে বসবাস কৰাৰ ফলত অনা-আর্য ভাষাৰ বহু শব্দ অসমীয়াত সোমাইছিল । প্ৰব্ৰজনৰ প্ৰক্ৰিয়াৰ দিশৰ পৰা তুলনামূলকভাৱে আৰ্যসকল পাছৰ চাম। সেইবাবে অনা-আর্য নদীৰ নাম; ঠাইৰ নাম, মাছৰ নাম আদি অনেক ক্ষেত্ৰত তেওঁলোকে হুবহু বা সংস্কৃতীয়া কৰি গ্ৰহণ কৰিছিল বুলি ভবাৰ অৱকাশ আছে। তদুপৰি অসমত বিভিন্ন প্রজাতি একেলগে বাস কৰিব লগা হোৱাত স্বাভাৱিকতেই ভাবৰ আদান-প্ৰদানৰ বাবে উমৈহতীয়া ভাষা এটাৰ প্রয়োজন হৈছিল। অসমলৈ ঘটা বিভিন্ন প্ৰব্ৰজনৰ কোনটো প্ৰৱাহত অহা মানুহবোৰ সংখ্যাৰ দিশৰ পৰা আগৰ অধিবাসীতকৈ কম আছিল নে বেছি আছিল, লগত তিৰোতা মানুহ কিমান আনিছিল—ইত্যাদি কথা জনাৰ উপায় নাই। ভাষাবিজ্ঞানৰ এইটো সাধাৰণ নিয়ম যে এনে প্ৰব্ৰজনকাৰী আগৰ চামৰ তুলনাত যথেষ্ট নহ’লে তেওঁলোকে কিছুদিনৰ বাবে নিজৰ ভাষা ৰক্ষা কৰি চলিলেও শেষত আগৰ অধিবাসীৰ ভাষা গ্ৰহণ কৰিবলৈ বাধ্য হয়। আনহাতে যদি নতুনকৈ অহা চামটো আগৰ সংখ্যাৰ ফালৰ পৰা বুজন পৰিমাণৰ হয় আৰু প্ৰব্ৰজনৰ ন ন প্রবাহ চলি থাকে তেনে দ্বিভাষী অৱস্থা এটাৰ সৃষ্টি হ’ব পাৰে। এনে পৰিস্থিতিত এটা ভাষাৰ শব্দ আন এটা ভাষাত সোমোৱাৰ পথ সুচল হয়।

অসমীয়া ভাষা অকল আৰ্যসকলৰে ভাব প্রকাশৰ মাধ্যম নহয়। জন্মলগ্নৰে পৰা এই ভাষা ব্যৱহাৰ কৰা লোকসকল বিভিন্ন জনগোষ্ঠীৰ। অসমত প্ৰজাতিগত সংমিশ্রণ ঘটা সত্ত্বেও বিভিন্ন ফৈদে নিজস্ব ভাষা ৰক্ষা কৰি আহিছে। ভাব প্ৰকাশৰ উমৈহতীয়া মাধ্যমৰূপে অসমীয়া ভাষা ব্যৱহাৰ কৰোঁতে নিজৰ ভাষাৰ শব্দও তাত সোমাইছিল আৰু এনেদৰে বহু শব্দ অসমীয়া ভাষালৈ আহিছিল ৷ বহু শতিকা একেলগে বসবাস কৰাৰ ফলত অনা-আর্য ভাষাৰ বহু শব্দ অসমীয়াত সেইবাবে অনা-আর্য নদীৰ নাম, ঠাইৰ নাম, মাছৰ নাম আনি অনেক ক্ষেত্ৰত তেওঁলোকে হুবহু বা সংস্কৃতীয়া কৰি গ্ৰহণ কৰিছিল বুলি ভবাৰ অৱকাশ আছে। আহোম শাসন প্রণালীত প্রত্যেক প্ৰজাঘৰে একোজন পাইক ৰজাঘৰলৈ পঠাব লাগিছিল। এই পাইকবোৰ বিভিন্ন ভাষাগোষ্ঠীৰ পৰা গৈ অসমীয়াত ভাবৰ আদান-প্রদান কৰিবলগা হৈছিল। তেওঁলোকে তাত নতুন শব্দ গ্ৰহণ কৰিছিল আৰু নিজৰ ভাষাৰ শব্দও হয়তো উমৈহতীয়া ভাষাত সংযোজন কৰিছিল।

অসমত বসবাস কৰা বিভিন্ন ভাষা-ভাষী লোক সাংস্কৃতিকভাৱে স্বয়ংসম্পূর্ণ নাছিল। কোনোবা যদি আছিল বাঁহ-বেতৰ সঁজুলি সজাত পাকৈত আন কোনোবা আছিল বোৱা কটাত পাৰদৰ্শী। সাংস্কৃতিক এনে কাৰণতো অসমীয়া ভাষালৈ অনা-আৰ্যৰ ভাষাৰ পৰা কিছু শব্দ নিশ্চয় আহিছিল।

ঠিক তেনেদৰে অসমৰ অনা-আর্য ভাষাবোৰেও আর্য-অসমীয়াৰ অলেখ শব্দ গ্ৰহণ কৰিছিল। এই বিষয়ে সন্দেহ নাই। হয়তো অসমীয়াৰ পৰা অনা-আর্য ভাষাত শব্দ এটা সোমোৱাৰ পাছত অসমীয়া ভাষাত কিবা কাৰণত সেই শব্দটো অ-প্ৰচলিত হ’ল আৰু অনা-আর্য ভাষাত তাৰ ধ্বনিগত পৰিৱৰ্তন ঘটি ৰৈ গ’ল।

১৮। অসমীয়া ভাষাত অষ্ট্ৰিক ভাষাগোষ্ঠীৰ উপাদান’ সম্পৰ্কে এটা আলোচনা যুগুত কৰা।

অথবা

অসমীয়া ভাষাত অষ্ট্ৰিক ভাষাগোষ্ঠীৰ ভাষিক বৈশিষ্ট্যসমূহ কিদৰে ৰক্ষিত হৈছে? আলোচনা কৰা।

উত্তৰঃ অসমলৈ পোনতে প্ৰব্ৰজন কৰা নৃগোষ্ঠীটো হ’ল— অষ্ট্ৰিক গোষ্ঠী। এই গোষ্ঠীটোক প্রাক্-দ্রাবিড়, প্রাক্-অষ্ট্ৰেলীয়, নিষাদ আদি ভিন্ন নামেৰেও জনা যায়। প্রাচীন সংস্কৃতি গ্রন্থত এই লোকসকলক নিষাদ বুলি উল্লেখ কৰিছে। অসমলৈ অষ্ট্রিকসকল কেতিয়া আহিছিল সেই কথা এতিয়াও নির্ণয় হোৱা নাই যদিও খ্ৰীষ্টপূর্ব কালতেই যে তেওঁলোকে অসমত বসতি কৰিছিল সেই বিষয়ে সন্দেহৰ অৱকাশ নাই। ড° এছ লেভীয়ে বায়ুপুৰাণৰ উদ্ধৃতি দি কৈছে যে কোলসকল পূব ভাৰতৰ প্ৰাগজ্যোতিষ আৰু ৰিহুৰ (বিদেহ) মাজৰ অধিবাসী আছিল। অসমত বাস কৰা এই চাম লোক সম্ভৱতঃ আৰ্য সংস্কৃতি গ্ৰহণ কৰি অসমৰ মূল সোঁতৰ লগত বিলীন হৈ গ’ল। বর্তমানে অসমত বাস কৰা কোল-মুণ্ডাৰী, চাওতালী, ভূমিজ আদি অসমীয়া ভাষাৰ ওপৰত কোলসকলৰ প্ৰভাৱ অন্য ভাষাৰ তুলনাত অধিক ব্যাপক আৰু গভীৰ।

অসমীয়া ভাষাৰ ওপৰত অষ্ট্ৰিক গোষ্ঠীৰ প্ৰভাৱ দুটা স্তৰত হৈছে। প্ৰথম স্তৰত (যাৰ একমাত্ৰ সাক্ষী খাচী ভাষা) যি প্ৰভাৱ পৰিছিল সি বিস্তৃত আৰু গভীৰ— কাৰণ অসমীয়া ভাষাৰ গঠন কালতে এই প্ৰভাৱে ক্ৰিয়া কৰিছিল । দ্বিতীয় স্তৰৰ প্ৰভাৱ অসমত চাহ বাগিছা খোলাৰ পাছৰ গতিকে দুই – এটা শব্দৰ মাজতে সি সীমাবদ্ধ।

Assamese : Its Formation and Development গ্ৰন্থত ড° বাণীকান্ত কাকতিয়ে কৈছে— “অন্য অনার্য ভাষাৰ প্ৰভাৱতকৈ অসমীয়াত কোলাৰীয় ভাষাবোৰৰ প্ৰভাৱ বেছি ফলকাৰক যেন লাগে।”

অসমত বর্তমানে বসবাস কৰি থকা কোল জনগোষ্ঠীৰ অন্তৰ্গত চাহ বাগিছাৰ বনুৱাসকল আৰু থলুৱা কোলগোষ্ঠীসকলে অসমীয়া ভাষাক নিজৰ ভাষা হিচাপে আঁকোৱালি লৈছে। প্ৰাচীন অসমীয়া আৰু আধুনিক অসমীয়া ভাষাৰ দুয়োটা ৰূপ এই বনুৱাসকলৰ মাজত প্ৰচলিত গীতসমূহত (ক্ৰম পূজাৰ গীত, ঝুমুৰ গীত) ইত্যাদিত সংৰক্ষিত হৈ আছে। উদাহৰণস্বৰূপে— ৰাঙা (ৰঙা),আজু (আজি),ডাক (মাত),গাছ (গছ),গাম্‌ছা (গামোছা),ছাতা (ছাতি),ইন্দুৰ (এন্দুৰ) ইত্যাদি।

অৱশ্যে প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ধ্বনিৰ ক্ষেত্ৰত অসমীয়া ভাষাত অষ্ট্ৰিক ভাষাগোষ্ঠীৰ প্ৰভাৱ নিৰ্ণীত হোৱা নাই। ৰূপতত্ত্বৰ প্ৰভাৱো সীমিত।

তলত সেয়া বহলাই আলোচনা কৰা হ’ল—

ভাষিক অৱদানঃ

(১) এচ. কে. চেটাৰ্জীৰ মতে নদীবাচক ‘গঙ্গা’ শব্দটো অষ্ট্ৰিকৰ পৰা আহিছে। গঙ্গা শব্দটো নদীবাচক হোৱা বাবেই এসময়ত মানুহে কৰতোৱা নদী, মন্দাকিনী গঙ্গা, আকাশী গঙ্গা, বৰ গঙ্গা, বুঢ়ী গঙ্গা আদি নাম ব্যৱহাৰ কৰিছিল।

(২) পানী বুজাবলৈ ‘ডি’ শব্দটো মূলতঃ অষ্ট্ৰিক। তাৰ উপৰি পানী বুজোৱা -হো, -হোং, ৩য় আদি প্ৰত্যয়ৰে অসমৰ বহু নদীৰ নাম পোৱা যায় ৷

(৩) -তা, -তে আদি প্ৰত্যয়াংশৰে সৃষ্টি হোৱা বহু ঠাইৰ নাম অষ্ট্ৰিক মূলৰ বুলি অনুমান কৰা হয়। যেনে— চামতা, বকর্তা আদি।

(৪) পৰ্বত, পাহাৰৰ লগত সম্পর্কিত শব্দ; যেনে— পাহাৰ টিলা, টিং, টিপ আদি শব্দসমূহ অষ্ট্ৰিকমূলীয় বুলি বিৰিঞ্চি কুমাৰ বৰুৱাই কৈছে।

(৫) অসমীয়া ‘গুৱা’ শব্দটো অষ্ট্ৰিকমূলীয় খাছী ভাষাৰ ‘কুৱা’ৰ পৰা অহা। সেইদৰে গুৱাহাটী শব্দটোত অষ্ট্ৰিকৰ প্ৰভাৱ অনুভূত হয়।

(৬) অষ্ট্রিকসকলে পোনতে অসমত কৃষি সংস্কৃতিৰ পাতনি তৰিছিল। সেয়ে খেতিৰ লগতে জড়িত শব্দ; যেনে— নাঙল, জহা ধান, নাৰিকল, বেঙেনা, হালধি আদি শব্দকেইটাও অষ্ট্ৰিকমূলীয়।

(৭) বস্ত্ৰশিল্পৰ লগত জড়িত আঁচুসূতা, কিংখাপ আদি শব্দৰ মূল অষ্ট্ৰিক।

(৮) অসমীয়া মানুহে খাদ্য হিচাপে ব্যৱহাৰ কৰা মেচাকি, থেকেৰা, নেফাফু, মেজেঙ্গা, লফা, মছন্দৰী, ঔ আদি শব্দও অষ্ট্ৰিকমূলীয়।

(৯) চিকাৰৰ বিভিন্ন সঁজুলিৰ নাম; যেনে— ধনু, নিচান; বাটলুগুটি আদি অষ্ট্ৰিকমূলীয়। 

(১০) অষ্ট্ৰিকসকলেই পোনতে হাতী চিকাৰ কৰি ঘৰচীয়া কৰিছিল। হাতীৰ লগত জড়িত গজ, মাতঙ্গ আদি শব্দবোৰ অষ্ট্ৰিকমূলৰ হোৱাৰ লগতে মখনা, মাখুন্দী, ফান, ফঁই আদিবোৰো অষ্ট্ৰিকৰ পৰা পোৱা যেন অনুভূত হয়।

(১১) অসমীয়া ভাষাৰ কেতবোৰ সম্বন্ধবাচক শব্দ য়েনে— আতা, আবু, বোপাই, আই, ককাই, বাই, বেটী আদি অষ্ট্ৰিকৰ পৰা অহা বুলি অনুমান কৰা হৈছে।

(১২) অষ্ট্ৰিকসকলৰ লিপিৰ জ্ঞান আছিল। বাণীকান্ত কাকতিৰ মতে ‘কায়স্থ’ শব্দটো অষ্ট্ৰিকৰ সংস্কৃতীয়া ৰূপ।

(১৩) বিৰিঞ্চি কুমাৰ বৰুৱাৰ মতে, বাঁহৰ লগত জড়িত কিছুমান শব্দ; যেনে— জঁপা, জেং, টোপা, পাচি, টোকোন, বাও (খৰাহি-পাচিৰ) ইত্যাদি অষ্টিকমূলীয়।

(১৪) শৰীৰৰ অংগ-প্ৰত্যংগ বুজোৱা শব্দ; যেনে— চেলাউৰি, কাষলতি, গোৰোহা আদি শব্দ অষ্ট্ৰিক ভাষাৰ। ইয়াৰ উপৰি নৰ-নাৰীৰ গুপ্তাংগবাচক শব্দসমূহো অষ্ট্ৰিক মূলৰ। 

(১৫) বিভিন্ন পোক-পৰুৱা; যেনে— কোদোঁ, কুমজেলেকুৱা, তেজপিয়া, চিকৰা, উই আদিও অষ্ট্রিকভাষীয়ে দিয়া নাম।

(১৬) ৰূপতাত্ত্বিক প্ৰভাৱৰ ক্ষেত্ৰত দেখা যায় যে একেটা শব্দৰে পুনৰাবৃত্তি কৰি অৰ্থৰ গভীৰতা বুজোৱা পদ্ধতি কোলাৰীয় ভাষাত আছে। অসমীয়াতো এনে কৰা হয় । সম্ভৱতঃ ই অষ্ট্ৰিকৰ প্ৰভাৱ ৷

(১৭) অসমীয়া ভাষাৰ ৰূপতত্ত্বমূলক দিশত অষ্ট্ৰিক ভাষাৰ অৱদান আছে। অসমীয়া ভাষাৰ অনুৰূপ শব্দ গঠনত খাচী, কোল, মালয় প্রভৃতি ভাষাগোষ্ঠীৰ প্ৰভাৱ আছে। সংখ্যাবাচক শব্দৰ পাছত নিৰ্দিষ্টতাবাচক প্রত্যয় সংযোগ ৰীতি অষ্ট্ৰিক ভাষাৰ পৰাই সৃষ্টি হৈছে। অসমীয়া ভাষাৰ আন এটি বৈচিত্ৰ্যপূৰ্ণৰীতি হ’ল সম্বন্ধবাচক শব্দৰ পাছত পুৰুষ অনুসাৰে সুকীয়া সুকীয়া প্ৰত্যয়ৰ ব্যৱহাৰ হয়৷ যেনে— মোৰ দেউতা, তোমাৰ দেউতাৰা, তাৰ দেউতাক ইত্যাদি । ড° বাণীকান্ত কাকতিৰ মতে এই বৈশিষ্ট্যটো কোলাৰীয় ভাষাৰ পৰা আহিব পাৰে। মন কৰিবলগীয়া যে অষ্ট্ৰিকমূলীয় চাওতালী ভাষাত সম্বন্ধ বুজোৱা ৰূপৰ পাছত সদায় প্রথম পুৰুষত ‘n’ (এন), দ্বিতীয় পুৰুষত ‘m’ (এম) আৰু তৃতীয় পুৰুষত ‘t’ (টি) প্রত্যয় যোগ হয়। যেনে— a p u-n (my father) a p u-m (thy father), a p u-t (his father) 

(১৮) অষ্ট্ৰিক ভাষাগোষ্ঠীৰ কোল-মুণ্ডাৰী, খাচী, চাওতালী প্রভৃতি ভাষাৰ শব্দৰ প্ৰভাৱ অসমীয়াত যথেষ্ট পৰিমাণে আছে। ড° বাণীকান্ত কাকতিয়ে অসমৰ বহুতো ঠাইৰ নামৰ শব্দ, যেনে— কামাখ্যা, কামৰূপ, হাৰূপেশ্বৰ আদি মূলতে অষ্ট্ৰিক হ’ব পাৰে বুলি সন্দেহ কৰিছে।

(১৯) কোল-মুণ্ডাৰী ভাষাৰ লগত মিল থকা অসমীয়া শব্দ কেতবোৰ হ’ল— আটোমটোকাৰি, ভঙ্গুৱা, জুনা, সুঁতি, লাটুম, চিকাৰ, ভোদা, আলাবাদু, ঢোপ, গোহাৰি, তেজপিয়া, বিলা (বিতৰণ কৰা), মুগা, মাইকী, কাষলতি ইত্যাদি।

(২০) চাওতালী ভাষাৰ লগত সাদৃশ্য থকা শব্দ কেতবোৰ হ’ল—

শব্দ অৰ্থ
টিপসীমাৰ চিন
ভূত-কোৰাবাওনা
ভোদামূর্খ
আলাবাদুঅকামিলা
জগত্সাজু
জঞ্জাললেঠা
গোঙ্গোৰাখঙাল
আঠকুৰিয়ানিঃসন্তান/ বঁজা

(২১) মালয় ভাষাৰ শব্দৰ লগত সাদৃশ্য ৰক্ষিত হোৱা অসমীয়া শব্দ কেতবোৰ হ’ল— আঁচুস্তা, বগা, বোকা, বিলাক, বুঢ়ী, চোং, গাহৰি, বতল্‌ (বুতলিল), চেলাউৰি, চেঙা, সাঁফৰ, গাহৰি, জহামাল ইত্যাদি।

(২২) ড°বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাৰ সম্বন্ধবাচক শব্দ কেতবোৰৰ লগত অষ্ট্রিক ভাষাৰ সাদৃশ্যৰ কথা উল্লেখ কৰিছে। য়েনে –

অসমীয়া অষ্ট্ৰিক
তাৱৈতত/ত, ইত্যাদি
আমৈঅমৈ
আবুঅবু/অবুহ্
আতাঅত/আতোৰ্
বোপাই/বাপাবজাই/ বপ
ককাই/কাকাকক

(২৩) চাহ জনগোষ্ঠীৰ ভাষাৰ শব্দ আৰু মান্য অসমীয়া ভাষাৰ শব্দৰ মাজত সাদৃশ্য আছে। এই শব্দবোৰ চাহ জনগোষ্ঠীৰ পৰা আহিছে বুলি ক’ব নোৱাৰি। মাথোঁ সাদৃশ্যহে উল্লেখ কৰা হৈছে—

চাহ জনজাতিৰ ভাষামান্য অসমীয়া
ইন্দুৰএন্দুৰ
কাচাকেঁচা
বহুবোৱাৰী
ধানগিলাধানবোৰ
চকৰাল’ৰা
টাটাকাঁইট 
চানাপোৱালি
ভালকৰিভালকৈ

(২৪) অসম আৰু বংগদেশত ‘কুৰি’ হিচাপে বস্তু গণনাৰ যি ৰীতি আছে সেই ৰীতিৰ লগতে সংখ্যাবাচক ‘কুৰি’ অষ্ট্ৰিকভাষাৰ পৰা অহা বুলি ড° বিৰিঞ্চি কুমাৰ বৰুৱাই মত পোষণ কৰে। ঠিক তেনেদৰে ‘পোন’ আৰু ‘গণ্ডা’ও অষ্ট্ৰিকৰ পৰাই লোৱা। প্ৰসংগক্ৰয়ে উল্লেখ কৰি থোৱা হ’ল যে— অসমীয়া সংস্কৃতিৰ এৰাব নোৱাৰা সাংস্কৃতিক উপাদান তামোলপাণৰ ব্যৱহাৰ এই অষ্ট্ৰিকসকলৰ পৰা অহা। সেইবাবেই সংস্কৃত ‘তাম্বুল’ শব্দটো অষ্ট্ৰিক ‘বুল’, ব্লুৱ’,‘বউল’,‘মলু অ’,‘ব্লু প্লু’ শব্দৰ পৰা সৃষ্টি হৈছে বুলি অনুমান কৰা হয় । 

(২৫) অসমীয়া ল’ৰা শব্দটো ড° বাণীকান্ত কাকতিয়ে সংস্কৃত লট, লড়িক > লৰিঅ > লইৰ > ল’ৰা আৰু চন্দ্ৰকান্ত অভিধানে ‘লট + আক’ৰ পৰা উদ্ভৱ হোৱা বুলি দেখুৱাইছে। হেমকোষে হিন্দীৰ ‘লৰকা’ শব্দৰ সৈতে ইয়াৰ সাদৃশ্য দেখুৱাইছে। অষ্ট্ৰিক ভাষাত ‘লেড়িহহ’ মানে ল’ৰা আৰু ‘ছে-লি’ মানে ছোৱালী। চন্দ্ৰকান্ত অভিধানৰ মতে, অসমীয়া ‘ছোৱালী’ শব্দটো ‘শাৱ’ৰ পৰা ওলাইছে। গতিকে শব্দ দুটা অষ্ট্ৰিক ভাষাৰ পৰা অহাৰ সম্ভাৱনাই বেছি। অসমীয়া ভাষাৰ গঠন প্ৰক্ৰিয়াৰ দিশত অষ্ট্ৰিক ভাষাগোষ্ঠীৰ অৱদান যথেষ্ট। এই ভাষাগোষ্ঠীয়ে অসমীয়া ভাষাৰ সমৃদ্ধি আৰু বিকাশত বহু পৰিমাণে অৰিহণা যোগাইছে। সেয়েহে অসমীয়া ভাষাত অষ্ট্ৰিক ভাষাৰ অৱদানৰ কথা নুই কৰিব নোৱাৰি।

১৯। অসমীয়া ভাষাত আর্য-ভিন্ন উপাদান সম্পর্কে আলোচনা কৰা।

উত্তৰঃ অসমীয়া ভাষাক প্ৰভাৱিত কৰা বিভিন্ন আর্যভিন্ন ভাষাগোষ্ঠীৰ ভিতৰত অষ্ট্রিক, চীন-তিব্বতীয় ভাষাগোষ্ঠী আৰু দ্ৰাৱিড় ভাষাগোষ্ঠীৰ প্ৰভাৱ বেছি। অসম দেশ বিভিন্ন ভাষিক জনগোষ্ঠীৰ মিলনভূমি। অসমত প্রচলিত প্রধান ভাষাটো অসমীয়া ৷ অসমীয়া ভাষাৰ মূল প্ৰবাহৰ উৎস আর্য ভাষা হ’লেও এই ভাষা অকল আৰ্যমূলীয় উপাদানেৰে গঠিত নহয় । অসমীয়া ভাষাৰ বিকাশ আৰু গঠন বিবিধ আর্যভিন্ন উপাদান সোমাই আছে। ঘাইকৈ ধ্বনি, ৰূপ আৰু শব্দগত দিশসমূহত থকা আর্যভিন্ন ভাষিক উপাদানৰে অসমীয়া ভাষা পুষ্ট। এই আর্যভিন্ন উপাদানসমূহে অসমীয়া ভাষাটোক কেৱল ঐশ্বর্যশালী কৰি তোলাই নহয় সম্পূৰ্ণৰূপে প্ৰস্ফুটিত হোৱাতো যথেষ্ট অৰিহণা যোগাইছে। গতিকে অসমীয়া ভাষাটোৰ ওপৰত ইয়াৰ চাৰিওদিশে থকা বিভিন্ন অনা-আর্য ভাষাবোৰৰ প্ৰভাৱ পৰিছিল ৷ ফলত অসমীয়া ভাষাটোৱে অন্যান্য নব্যভাৰতীয় ভাষাতকৈ সুকীয়া ৰূপ পৰিগ্ৰহণ কৰিছিল৷

অষ্ট্রিক ভাষাগোষ্ঠীয় উপাদানঃ অষ্ট্রিক ভাষাগোষ্ঠী পৃথিৱীৰ ভাষাগোষ্ঠীসমূহৰ মাজৰ এক উল্লেখযোগ্য ভাষাগোষ্ঠী। ইয়াক ভাৰতবৰ্ষত প্রাচীনতম ভাষাগোষ্ঠী বুলিও কোৱা হয় । এই ভাষাগোষ্ঠীটো প্ৰজাতিগত দিশেৰে ‘অষ্ট্ৰোলয়ড’ শাখাৰ অন্তৰ্ভুক্ত। এই শাখাটোক বিভিন্ন নামেৰে প্ৰাক্-দ্রাৱিড়ীয়, নিষাদ, ৱেড্ডিক নামেৰে জনা যায়। এই ভাষাগোষ্ঠী প্রধানতঃ দুটা শাখাত বিভক্ত— অষ্ট্ৰ-এছীয় আৰু অষ্ট্ৰ-নেছীয়। অষ্ট্ৰ-নেছীয় শাখাৰ অন্তৰ্গত ভাষাসমূহ হ’ল—ইণ্ডোনেছীয়, মেলানেছীয়, মেক্রোনেছীয়, পলিনেছীয় ইত্যাদি। এই শাখাৰ ভাষাসমূহৰ প্রচলন অসমত নাই। উল্লেখযোগ্য যে ভাৰতত কেৱল অষ্ট্ৰ-এছীয় শাখাৰ ভাষাবোৰৰহে প্রচলন আছে। এই গোষ্ঠীৰ ভিতৰত খাচী আৰু কোলমুণ্ডা ভাষা-ভাষী লোক অসমত আছে। অসমীয়া ভাষাৰ গঠন, শব্দ আৰু ৰূপগত দিশত অষ্ট্ৰিকসকলৰ প্ৰভাৱ গভীৰভাৱে অনুভূত হয়। অৱশ্যে দুই এক পণ্ডিতে মত পোষণ কৰে যে অসমত চাহ বাগিছা খোলাৰ পিছত অহা চাওতালী, কোল, মুণ্ডাভাষী লোকসকল অসমলৈ প্ৰব্ৰজন কৰিছিল আৰু তেতিয়াহে ইয়াৰ প্ৰভাৱ অসমীয়া ভাষাত পৰে ৷

Assamese : its Formation and Development গ্ৰন্থত ডঃ বাণীকান্ত কাকতিয়ে কৈছে— “অন্য অনার্য ভাষাৰ প্ৰভাৱতকৈ অসমীয়াত কোলাৰীয় ভাষাবোৰৰ প্ৰভাৱ বেছি গভীৰ ফলকাৰক যেন লাগে।” ড° এছ. লেভিয়ে বায়ুপুৰাণৰ উদ্ধৃতি দি পূব ভাৰতৰ প্ৰাগজ্যোতিষপুৰ আৰু বিদেহৰ (তিৰহুটৰ) মাজত কোল জাতিৰ বসতি আছিল বুলি উল্লেখ কৰিছে। কোলসকল পূব ভাৰতৰ বাসিন্দা আছিল বুলি মহাভাৰততো উল্লেখ আছে।

অসমত বর্তমানে বসতি কৰি থকা কোল জনগোষ্ঠীৰ অন্তৰ্গত চাহ বাগিছাৰ বনুৱাসকল আৰু থলুৱা কোলগোষ্ঠীসকলে অসমীয়া ভাষাটোকে নিজৰ ভাষা হিচাপে আঁকোৱালি লৈছে। প্রাচীন অসমীয়া আৰু আধুনিক অসমীয়া ভাষাৰ দুয়োটা ৰূপ এই বনুৱাসকলৰ মাজত প্ৰচলিত গীতসমূহত (কমপূজাৰ গীত, ঝুমুৰ গীত) সংৰক্ষিত হৈ আছে। উদাহৰণস্বৰূপে— ৰাভা (ৰঙা),কাঁচা (কেঁচা),ইন্দুৰ (এন্দুৰ),ছাতা (ছাতি),গাছ (গছ),আজু (আজি),গাম্‌ছা (গামোছা) ইত্যাদি।

অসমীয়া সমাজত ব্যৱহৃত সম্বন্ধবাচক শব্দ ‘ককাই’, ‘বাই’ অষ্ট্ৰিক ভাষাৰ পৰা অহা বুলি মানি লোৱা হৈছে। ঠিক তেনেদৰে পাহাৰৰ লগত সম্পর্কিত ‘টিলা’, ‘টিং’, ‘টিপ’ আদি শব্দ অষ্ট্ৰিক ভাষাৰ পৰাই অহা বুলি ৰমেশ পাঠকে মন্তব্য কৰে। “সৰ্ব-সাধাৰণ মানুহে গুপ্তাংগবাচক যিবোৰ শব্দ ব্যৱহাৰ কৰে সেইবোৰ অষ্ট্ৰিক ভাষাৰ; সমান্তৰাল সংস্কৃতমূলক শব্দবোৰক কিন্তু পৰিমাৰ্জিত বুলি ভবা হয়।” — বুলিও ৰমেশ পাঠকে মন্তব্য কৰিছে।

অৱশ্যে প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ধ্বনিৰ ক্ষেত্ৰত অসমীয়া ভাষাত অষ্ট্ৰিক ভাষাগোষ্ঠীৰ – প্ৰভাৱ নিৰ্ণীত হোৱা নাই৷ ৰূপতত্ত্বৰ প্ৰভাৱো সীমিত। তলত সেয়া বহলাই আলোচনা কৰা হল—

(ক) অসমীয়া ভাষাৰ ৰূপতত্ত্বমূলক দিশত অষ্ট্ৰিক ভাষাৰ অৱদান আছে। অসমীয়া ভাষাৰ অনুৰূপ শব্দ গঠনত খাছী কোলয়, মালয় প্রভৃতি ভাষাগোষ্ঠীৰ প্ৰভাৱ আছে। সংখ্যাবাচক শব্দৰ পাছত নিৰ্দিষ্টতাবাচক প্ৰত্যয় সংযোগ ৰীতি হ’ল সম্বন্ধবাচক শব্দৰ পাছত পুৰুষ অনুসৰি সুকীয়া সুকীয়া প্ৰত্যয়ৰ ব্যৱহাৰ হয়। যেনে— মোৰ দেউতা, তোমাৰ দেউতাৰা, তাৰ দেউতাক ইত্যাদি। ডঃ বাণীকান্ত কাকতিৰ মতে এই বৈশিষ্ট্য কোলাৰীয় ভাষাৰ পৰা আহিব পাৰে। মন কৰিবলগীয়া যে অষ্ট্ৰিকমূলীয় চাওতালী ভাষাত সম্বন্ধ বুজোৱা পাছত সদায় প্ৰথম পুৰুষত ‘n’ (এন), দ্বিতীয় পুৰুষত ‘m’ (এম) আৰু তৃতীয় পুৰুষত ‘t’ (টি) প্রত্যয় যোগ হয় ৷ যেনে— apu-n (my father), apu-n (thy father), apu-t (his father)

(খ) অষ্ট্রিক ভাষাগোষ্ঠীৰ কোল-মুণ্ডাৰী, খাচী, চাওতালী প্রভৃতি ভাষাৰ শব্দৰ প্ৰভাৱ অসমীয়া ভাষাত যথেষ্ট পৰিমাণে আছে। ডঃ বাণীকান্ত কাকতিয়ে অসমৰ বহুতো ঠাইৰ নামৰ শব্দ; যেনে— কামাখ্যা, কামৰূপ, হাৰূপেশ্বৰ আদি মূলতে অষ্ট্ৰিক হ’ব পাৰে বুলি সন্দেহ কৰিছে।

(গ) মালয় ভাষাৰ লগত সাদৃশ্য ৰক্ষিত হোৱা অসমীয়া শব্দ কেতবোৰ হ’ল— আচুঁসূতা, বগা, বোকা, বিলাক, গাহৰি, বুঢ়ী, চোং, চেঙা, চেলাউৰি, জহামাল ইত্যাদি।

দ্রাবিড় ভাষাগোষ্ঠীয় উপাদানঃ অসমীয়া ভাষাত দ্ৰাৱিড়ৰ উপাদান নথকা নহয়। এই উপাদানসমূহে অসমীয়া ভাষাটোৰ গঠন আৰু বিকাশত অৰিহণা যোগাইছে। উল্লেখযোগ্য যে দ্ৰাৱিড় ভাষাৰ উপাদানবোৰে সংস্কৃত ভাষাৰ মাজেদি আহি অসমীয়া ভাষাত প্ৰৱেশ কৰিছেহি। এওঁলোকৰ ভাষাই আর্যভাষাৰ অন্তৰ্গত ‘সংস্কৃত’ ভাষাক বিশেষভাৱে প্ৰভাৱিত কৰিছিল ৷ দ্ৰাৱিড়সকলেই ভাৰতবৰ্ষত প্ৰথমে নগৰ নিৰ্মাণ কৰিছিল। অস্ত্ৰাদি ব্যৱহাৰ কাৰ্যতো এওঁলোক সিদ্ধহস্ত।

‘অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব’ নামৰ পুথিখনৰ ৰচয়িতা কালিৰাম মেধিয়ে অসমীয়া ভাষাত সংস্কৃতৰ নিচিনা বিশেষ্য-শব্দৰ সৈতে একেধৰণে বিশেষণ-শব্দৰ লিঙ্গৰ পৰিৱৰ্তনহীনতাত দ্ৰাৱিড়ীয় ভাষাৰ প্ৰভাৱৰ কথা উনুকিয়াব খোজে ৷ তদুপৰি তেওঁ অসমীয়া শব্দকেইটিমানৰ মূল দ্ৰাৱিড়ীয় ভাষা বুলিও মন্তব্য কৰিছে। যেনে— আই (বসন্ত), আমৈ, চিনা (জোক), তেঁউৰ (মিৰ্গি-বেমাৰ),উৰখ, হোঁপ, নদীবাচক আৰু /আলু (ভৰলু)।

সেইদৰে, স্থানবাচক নামৰ অন্তত থকা কিছুমান শব্দাংশ; যেনে— জুলি, জুৰি, ওৰ, পুৰ, কুঁৰ, কুট, গুৰি, ভিটি, ভিটা ইত্যাদি দ্ৰাবিড় ভাষাৰ পৰা অহা বুলি অনুমান কৰা হৈছে। অৱশ্যে ‘কুঁৰ’ কুট সংস্কৃত ‘কুণ্ড’ আৰু ‘জুলি’ সংস্কৃত ‘জুৰি’ পৰা হোৱাৰ সম্ভাৱনাও নুই কৰা নাই। 

অসমীয়া প্রতিধ্বন্যাত্মক শব্দৰ সৈতেও দ্রাবিড়ীয় ভাষাৰ সাদৃশ্য আছে যেনে—

কান্নাৰ ভাষা:

হন্নুমম্পলু
তুপ্পগিপ্প
অম্ফুডোম্ফু
ফলচল
ঘিউচিঙি
অঁকাবেঁকা

উল্লেখযোগ্য যে, উক্ত বৈশিষ্ট্যটো দ্ৰাৱিড় ভাষাৰ উপৰি তিব্বতবৰ্মীয় ভাষাতো লক্ষ্য কৰা যায়। অসমীয়া ভাষাৰ শ্বাসাঘাতৰ প্ৰাধান্যৰ মূলতো দ্ৰাৱিড়ীয় ভাষাৰ প্ৰভাৱ কল্পনা কৰা হৈছে।

ড° বিৰিঞ্চি কুমাৰ বৰুৱাদেৱে তেওঁৰ ‘অসমীয়া ভাষা আৰু সংস্কৃতি’ শীৰ্ষক পুথিখনিত দ্রাৱিড়-ভাষীৰ দান সম্পৰ্কে বহল আলোচনা কৰিছে। তাতে তেওঁ উল্লেখ কৰিছে যে দ্ৰাৱিড় ভাষাগোষ্ঠীৰ পৰা সংস্কৃতলৈ বহু শব্দ আহিছিল আৰু তাৰে কিছুমান উত্তৰাধিকাৰী সূত্রে অসমীয়ালৈও আহিছে। যেনে— অগৰু, অনল, অলস, কটু, কঠিন, কানন, কুটিল, কুণ্ড, কুণ্ডল, কুন্তল, শৱ, কবনায়, কেতেক, কোটোৰা, বল্লী, মহিলা, মল্লিকা, মুকুট, পণ্ডিত, ময়ুৰ, পণ, নীৰ, তুলা (কপাহ) ইত্যাদি। মন কৰিবলগীয়া যে, সংস্কৃত ভাষাত— ওৰ, পুৰ, কুট আদি নগৰ নিৰ্দেশক যিবোৰ শব্দ আছে সেইবোৰ দ্ৰাৱিড়ৰ পৰা অহা বুলি কোৱা হৈছে। তদুপৰি স্থান, জলাতক ভূমি বুজোৱা জুলি (ঢেকীয়াজুলি), গুৰি, ভিটা আদি শব্দাংশ দ্ৰাৱিড়ৰ পৰা অহা বুলি অনুমান কৰা হৈছে।

চীন-তিব্বতীয় ভাষাগোষ্ঠীয় উপাদানঃ পৃথিৱীৰ ভাষাগোষ্ঠীসমূহৰ ভিতৰত সুবৃহৎ ভাষাগোষ্ঠী হ’ল চীন তিব্বতীয় বা তিব্বত চীনীয়। এওঁলোক মংগোলীয় জাতিৰ লোক আছিল। চীন তিব্বতীয় ভাষাগোষ্ঠীক প্রধানতঃ দুটা ভাগত ভাগ কৰা হৈছে— থাই চীনীয় বা শ্যাম ‘চীনীয় আৰু তিব্বতবর্মী। শ্যাম চীনীয় উপশাখাৰ অন্তৰ্গত আহোম ভাষা এসময়ত উজনি অসমৰ কথিত ভাষা আছিল। টাই-আহোম ভাষাৰ ভালেমান শব্দই অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰ চহকী কৰিছে। তেনেধৰণৰ শব্দসমূহ হ’ল— খাং, ফাং, ফাউ, লাং, পাঙ, পিং, পুং, জান, জিন, বুৰঞ্জী, কাৰেং, ৰংঘৰ, ডোঙা, টুপ, জাপ্, লিকচৌ, চকলং, পম্, ফুট, হাই, চিপ, চুপ্, খুতুৰা, কেৰু, খেদ, খাপ, খোৰোং, চাংমাই, জাঙুৰ, লিগিৰী, টাপলি, টোকোনা, হিলৈ ৰিং, ৰিহা, ফেঁহু, হেংদান, টোকোন, টেৰ ইত্যাদি।

টাই ভাষাৰ অন্তৰ্গত খামতি ভাষাৰ বহুতো শব্দ অসমীয়ালৈ আহিছে। যেনে— ফই (ডাঙৰ ৰছী), ফাঁই (খামতিত ফাঁই মানে জুই), ফাক (দাৰ), মান (ব্ৰহ্ম দেশৰ লোক), মিট (দা), টকৌ ইত্যাদি।

‘টি’ বা ‘তি’-ৰে গঠিত স্থানবাচক শব্দ কিছুমান টাই আহোম ভাষাৰ পৰা অসমীয়া ভাষালৈ আহিছে বুলি ধৰা হয় ৷ যেনে— টিয়ক, টিপাম, টিংখাং, টিৰাপ আদি স্থানবাচক শব্দসমূহ। ডঃ বাণীকান্ত কাকতিয়ে ‘অসম’ শব্দটোৰ মূল ‘টাই’ ভাষাৰ ‘শ্বাম’ ধাতু বুলি কৈছে। টাই ভাষাৰ অন্তৰ্গত ফৈদ, যথা-ফাকিয়াল, নৰা, টুৰং, আইতনিয়া এই লোকসকলৰ মাজত নিজস্ব ভাষাটো কিছু পৰিমাণে সংৰক্ষণ হৈ আছে যদিও সৰহ সংখ্যক লোকেও অসমীয়া ভাষা ক’ব পাৰে। ‘টাই’ শাখাৰ আহোমভাষী লোকসকলে শব্দৰ আদ্য অৱস্থানত থকা পশ্চ তালব্য উষ্ম ধ্বনিকেইটা ‘হ’ হিচাপে উচ্চাৰণ কৰে। যেনে— হত্যে হত্যে (সত্যে সত্যে), হইচ (শইচ) ইত্যাদি। অন্যফালে আহোম বা আন তিব্বতবর্মীয় ভাষাত ‘খ’ ধ্বনিহে উচ্চাৰণ হয়। যেনে— বিখ (বিষ), অখম (অসম) ইত্যাদি।

তিব্বতবৰ্মীয় ভাষাগোষ্ঠীৰ লোকসকলে অসমীয়া ভাষা-ভাষী লোকসকলৰ মাজত সামাজিক, অর্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক দিশত অতীতৰে পৰা এটা সম্পৰ্ক ৰক্ষা কৰি আহিছে। মন কৰিবলগীয়া যে দক্ষিণ এছিয়াত প্ৰচলিত অসংখ্য ভাষাৰ ভিতৰত এই পৰিয়ালৰ ভাষা আটাইতকৈ বেছি। এই ভাষা পৰিয়ালৰ লোকসকলৰ প্ৰাচীন বাসভূমি আছিল উত্তৰপশ্চিম চীনৰ ইয়াংচিকিয়াং আৰু হোৱাংহো নদীৰ উৎপত্তিস্থল। তাৰ পৰাই কালক্ৰমত বিভাজিত হৈ মেকং, মৈনাম, ইৰাৱতী, ছিন্দুইন, ব্ৰহ্মপুত্ৰৰ গতি অনুসৰণ কৰি শ্যাম দেশ, ব্ৰহ্মদেশ আৰু ভাৰতত বিয়পি পৰে।

অসমীয়া ভাষাত তিব্বতবৰ্মী ভাষাগোষ্ঠীৰ উপাদানসমূহক তিনিটা দিশৰ জৰিয়তে বিশ্লেষণ কৰিব পৰা যায়।

(ক) ধ্বনিগত উপাদান।

(খ) ৰূপগত উপাদান। আৰু

(গ) শব্দগত উপাদান।

(ক) ধ্বনিগত উপাদানঃ অসমীয়া ভাষাৰ ধ্বনি-ৰীতিত ভাৰতীয় আর্যভাষাৰ লগতে মূল সংস্কৃত ভাষাত নথকা ধ্বনিতাত্ত্বিক বৈশিষ্ট্য নিহিত হৈ আছে। ড° বাণীকান্ত কাকতিয়ে তেওঁৰ গৱেষণাগ্ৰন্থত তিব্বতবর্মী ভাষাই অসমীয়া ভাষাত প্ৰভাৱ পেলোৱা পাঁচটা ধ্বনিতাত্ত্বিক উপাদান লিপিবদ্ধ কৰিছিল। ড° প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্যই এই উপাদান পাঁচটাক পুনৰবিন্যাস কৰিছে এনেদৰে—

(১) প্রাচীন ভাৰতীয় আর্যভাষাৰ মূর্ধন্য আৰু দন্ত্য ধ্বনিসমূহ অসমীয়াত চীন তিব্বতীয় (বড়ো) প্ৰভাৱত দন্ত্যমূলীয় ধ্বনিলৈ পৰিৱৰ্তন।

(২) প্রাচীন ভাৰতীয় আর্যভাষাৰ তালব্য ধ্বনিসমূহৰ অসমীয়াত দন্ত্যমূলীয় হিচাপে হোৱা উচ্চারণ।

(৩) তিব্বতবর্মীয় প্রভৃতি আৰ্য-ভিন্ন ভাষাৰ প্ৰভাৱত অসমীয়াতো স্বৰ-সংগতি (Vowel Harmony) আৰু অভিশ্রুতি (Vowel-mutation) এই দুটা ধ্বনিতাত্ত্বিক পৰিঘটনা বিশেষভাৱে পৰিলক্ষিত হোৱা।

(৪) অসমীয়া, বাংলা, উড়িয়া, মৈথিলী প্রভৃতি ভাষাত ঘটা স্বতঃ অনুনাসিকীভৱনত আর্যভিন্ন ভাষাৰ প্ৰভাৱ।

(৫) প্রাচীন ভাৰতীয় আর্যভাষাৰ স্পৰ্শ ধ্বনিসমূহৰ (আদ্য আৰু মধ্য অক্ষৰত) মহাপ্ৰাণীভৱন হোৱা পৰিঘটনাও আর্যভিন্ন ভাষাৰ প্ৰভাৱৰ ফল বুলি ক’ব পাৰি। অসমীয়া ভাষাৰ লিখিত ৰূপত ব্যৱহৃত চ, ছ, জ, ঝ, ৰ, ঢ়, ড় আখৰসমূহৰ উচ্চাৰণ সংস্কৃতৰ দৰে ৰক্ষিত হোৱা নাই ৷

চ, ছ, জ, ঝ, ৰ, ঢ় বৰ্ণসমূহৰ সৰলীকৃত উচ্চাৰণ বা পৃথক পৃথক উচ্চাৰণ অসমীয়াত হ্রাস পোৱাটো তিব্বতবৰ্মী ভাষাৰ প্ৰভাৱ বুলি অনুমান কৰা হৈছে।

শ, ষ, স আদি সংস্কৃত উষ্ম ধ্বনিসমূহে অসমীয়া ভাষাত নিজস্ব ধ্বনিৰূপ হেৰুৱাইছে। এই ধ্বনিৰূপ কেইটাই পশ্চ-তালব্য উষ্মধ্বনি ‘স’ৰূপে ব্যৱহৃত হৈছে। এই উচ্চাৰণৰ বৈশিষ্ট্যটোও তিব্বতবৰ্মী পৰিয়ালৰ ভাষাৰে পৰিণতি বুলি ভবাৰ থল আছে। কিয়নো এই পৰিয়ালৰ ভাষাত উক্ত তিনিওটা উষ্ম বৰ্ণৰ সুকীয়া উচ্চাৰণ পোৱা নাযায়। উল্লেখযোগ্য যে তদ্ভৱ শব্দৰ আদ্য অৱস্থানৰ বাহিৰে মধ্য আৰু অন্ত্য অৱস্থানত শ, স, ষ— এই ধ্বনিকেইটা ‘হ’লৈ পৰিৱৰ্তন হৈছে। উদাহৰণস্বৰূপে—

কলস > কলহ

বিষ > বিহ

বিশ > বিহ

শ্বশুৰ > শহুৰ

ড° সুনীতি কুমাৰ চেটাৰ্জীয়ে এনে হোৱাৰ মূলতে তিব্বতবৰ্মীয় প্ৰভাৱ বুলি ভাৱে । কিন্তু মূল তিব্বতবৰ্মীয় ভাষাবোৰত মধ্য আৰু অন্ত্য অৱস্থানত ‘হ’ৰ ব্যৱহাৰ বিৰল; গতিকে এইক্ষেত্ৰত ড° সুনীতি কুমাৰ চেটাৰ্জীৰ মত পৰৱৰ্তী কালৰ পণ্ডিতসকলে গ্রহণযোগ্য বুলি নাভাবে।

অসমীয়া ভাষাত আদি আৰু মধ্যৱৰ্তী স্থানত অল্পপ্রাণ বৰ্ণ মহাপ্রাণ বৰ্ণলৈ পৰিৱৰ্তন হৈছে। অসমীয়া ভাষাৰ এই মহাপ্ৰাণীভৱনৰ বৈশিষ্ট্যটো তিব্বতবৰ্মীৰ বড়ো ভাষাৰ প্ৰভাৱত হোৱা বুলি ড° গ্ৰীয়াৰ্ছনে মত প্ৰকাশ কৰিছে। ড° বাণীকান্ত কাকতিয়েও অসমীয়া ভাষাৰ মহাপ্রাণীভৱনত বড়ো ভাষাৰ প্ৰভাৱ স্বীকাৰ কৰিছে। যেনে-

বড়োঅসমীয়া
থালুতালু
থোথিঠোট
খাম্‌ৰিকামোৰণি
খামাইকমা (আজ)
ফোআল্পোৱাল

ৰূপগত উপাদানঃ ড° বাণীকান্ত কাকতিয়ে তেওঁৰ গৱেষণাগ্রন্থ ‘Assamese : Its Formation and Development’—ত তিব্বতবৰ্মীয় ভাষাৰ বহুতো ৰূপগত উপাদান অসমীয়াত সোমাই আছে বুলি সন্দেহ প্ৰকাশ কৰিছে।

তলত তাৰে কেতবোৰ উল্লেখ কৰা হ’ল—

(ক) অসমীয়া ভাষাৰ যৌগিক ক্ৰিয়াৰূপ কিছুমান বড়ো ভাষাৰ পৰা আহিছে। যেনে— খামবান্ধ, গবামাৰ, বিৰ দি, থলামুৰি মাৰ ইত্যাদি।

(খ) কিছুমান ক্ৰিয়াৰ ধাতু (Verbal roots) ৰূপ বড়োমূলীয় ৷ যেনে— চেলেক, জিৰা, ৰেপ্, আগ্‌চ, গচক, চেকুঁৰ, ভেকুঁৰ, গোৰা, চেপ ইত্যাদি ।

(গ) অসমীয়া ভাষাত ব্যৱহৃত গঠনমূলক প্ৰত্যয় – মা আৰু-চা বড়োমূলৰ পৰা আহিছে ৷ যেনে— লোধোমা, লুৰুমা, ধেপেচা ইত্যাদি। বড়ো প্রত্যয় -মা আৰু-চা ই যথাক্রমে ডাঙৰ আৰু সৰু বুজায়; যেনে—

ৰুং (নাও)— ৰুং মা (ডাঙৰ নাও)

ৰুং চা (সৰু নাও)

অসমীয়া ভাষাৰ গঠনমূলক প্ৰত্যয়বোৰৰ ভিতৰত উৰা প্ৰত্যয়ো ব্যৱহৃত হয়। এই -উৰা প্ৰত্যয়টোৱে সাধাৰণতে কোনো এটা কাম বহু দীঘলীয়া দিন বা সময় ধৰি অত্যাধিকভাৱে কৰা অৰ্থ বুজায় ৷ মিছিং ভাষাত একে অৰ্থতেই -উৰা বা দুৰা প্ৰত্যয় অসমীয়া ভাষাৰ দৰেই প্রয়োগ হয়।

অসমীয়ামিছিং
কান্দুৰাকাপ্‌দুৰাঃ; কাপ্‌দুৰাং
মুতুৰাচিদুৰাঃ
খঁকুৱাদদুৰাঃ

আধুনিক অসমীয়া ভাষাৰ বহুবচনৰ প্ৰত্যয় ‘বোৰ’ আৰু ‘বিলাক’ৰ প্ৰয়োগত বৈয়াকৰণিক লিংগ প্ৰকৰণৰ ঠাইত বিশেষ বিশেষ শব্দৰ প্ৰয়োগেৰে অথবা বিশেষ্যৰ আগত পুৰুষ আৰু স্ত্ৰীনিৰ্দেশক শব্দৰ প্ৰয়োগেৰে লিংগ নিৰূপণ কৰা ৰীতিত তিব্বতবৰ্মীয় বড়ো, গাৰো, ডিমাছা আদি ভাষাৰ প্ৰভাৱ আছে বুলি কোৱা হয় ।

শব্দগত উপাদানঃ তিব্বতবৰ্মীয় ভাষাৰ অন্তৰ্গত বড়ো ভাষা আৰু মিছিং ভাষাৰ শব্দগত উপাদান অসমীয়া ভাষাত অধিকভাৱে লক্ষ্য কৰা যায়। ড° বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাত থকা বহুতো বড়োমূলীয় শব্দৰ নাম উল্লেখ কৰিছে।

সেই শব্দসমূহ এনেধৰণৰ—

অর্থশব্দ
হাফলুটিলা, উই টিলা (বড়ো-হা-ফ্লউ)
হাবাংঅজলা
হামাহিপলম কৰা, সোৰোপালি
জখলাজখলা
খমলালদাবন্ধা (বড়ো-খাম-লই একেলগ কৰা)
হোজাসহজ-সৰল (বড়ো-হোজাই
হেঙ্গাৰজেওৰা (বড়ো-হেংৰা)
বোন্দামতা মেকুৰী
লফালফা শাক (লৈফাং)
ডাউক(বড়ো = দাও-চৰাই) এবিধ চৰাই
খোকামাছ ধৰা-বাঁহৰ সঁজুলি (বড়ো-খৌখা)

এনেদৰে বড়ো মূলৰ ঠাইৰ নামো ড° বাণীকান্ত কাকতিয়ে উল্লেখ কৰিছে। যেনে—হাজো, হাকমা, দিচপুৰ, বিহামপুৰ।

অসমীয়া ভাষাত ব্যৱহাৰ হোৱা কেতবোৰ স্থানবাচক শব্দ আৰু নদীবাচক শব্দ মিছিং ভাষাৰ পৰা আহিছে৷ মিছিং ভাষাৰ শব্দ কিছুমানৰ সৈতে অসমীয়া ভাষাৰ সাদৃশ্য এনেধৰণৰ—

অসমীয়া ভাষামিছিং ভাষা
বোকাবুকাদ
কালিকালি
উৰুকাউৰুকা
চেউৰিচেঙৰি
পেঁপাপেম্পা

চি-ৰে আৰম্ভ হোৱা নদীৰ নাম কিছুমান মিছিং ভাষাৰ শব্দ বুলি ধৰা হৈছে। উল্লেখযোগ্য যে মিছিং ভাষাত ‘চি’ মানে পানী। উদাহৰণস্বৰূপে তলত কেইখনমান নদীৰ নাম উল্লেখ কৰা হল—

শব্দঅর্থ
চিয়াংচিয়াং নদী
চিঙিলক্ষীমপুৰৰ এখন নদীৰ নাম

অসমীয়া ভাষাৰ জেং, জাবৰ, থেকেৰা আদি শব্দৰ সৈতে গাৰো ভাষাৰ জেং-জাবোল, খাময়াং, থেকনা ইত্যাদি শব্দৰ সাদৃশ্য আছে। জিলাত

তিব্বতবৰ্মীয়ৰ অন্তৰ্গত আন এটা ভাষা হ’ল ডিমাছা। এই ডিমাছাৰ আঞ্চলিক ৰূপ দিজুৱাচ৷, ভাষা আ দেম্ৰাচা, হৱাৰৰ্চা ইত্যাদি । ডিমাছা ভাষা আৰু অসমীয়া ভাষাৰ শব্দৰ মাজত সাদৃশ্য পৰিলক্ষি৷ অঞ্চলত হয় ৷ সেইবোৰ তলত উল্লেখ কৰা হ’ল—

(ক) মাছমৰা সঁজুলি— 

অসমীয়াডিমাছা
জাকৈজেখাই
চেপাচেফা
প’লপল
নৰানৰাউ

(খ) গছ-গছনিৰ নাম—

অসমীয়াডিমাছা
সিজুচি-গুজু
ৰৱাবৰেৱা
লফালাংফাই

(গ) অন্যান্য—

অসমীয়াডিমাছা
জোংজোং
খৰলুটিখাৰো
জালিজালাই কোমোৰা
খামিখামাউ-খাজি-ডাঁঠ

এনেদৰে তিৱা, দেউৰী-চুতীয়া ভাষাৰ পৰাও বহুতো শব্দ আদি অসমীয়া ভাষাত প্ৰৱেশ কৰিছেহি। যায়।

২০। চমুটোকা লিখাঃ 

(ক) থাই-চীনীয়-বা শ্যাম-চীনীয়।

(খ) তিব্বতবর্মী। 

উত্তৰঃ (ক) থাই-চীনীয় বা শ্যাম চীনীয়ঃ চীন তিব্বতীয় ভাষাগোষ্ঠীক প্রধানতঃ দুটা ভাগত ভাগ কৰা হৈছে— থাই চীনীয় বা শ্যাম চীনীয় ইয়াৰে এটা ভাগ। এই শাখাৰ প্ৰধান উপশাখা টাই বা থাই, চীনীয়, কৰেণ, চি-লো-নো আদি কেইবাটাও আছে যদিও টাই বা থাই আৰু তিব্ব চীনীয় এই দুটাহে বিশেষ উল্লেখযোগ্য। থাই বা টাই উপশাখাৰ অন্তৰ্গত ভাষাসমূহ হ’ল— উপশ শ্যামী বা ছিয়ামী বা থাই, ফাকিয়াল, ল, খাময়াং, য়াও, খামতি, নৰা, তাইৰাং, শ্বান, আইতনিয়া আহোম, লাও ইত্যাদি । অসমত পোৱা থাই-চীন শাখাৰ ভাষাকেইটা হ’ল— খামতি, আহোম,খাময়াং, আইতান, ফাকে, টুৰুং। বৰ্তমান অসমৰ পূব অঞ্চলত আৰু অৰুণাচলৰ লোহিত জিলাত খামতি ভাষী লোকৰ বসতি আছে। আহোম ভাষা এসময়ত উজনি অসমৰ কথিতী, ভাষা আছিল। নৰা, টুৰুং, আইতনিয়া, শ্বান ভাষা ব্ৰহ্মদেশ আৰু অৰুণাচলৰ দাঁতিকাষৰীয়া অঞ্চলত প্ৰচলিত। টাই আহোম ভাষাৰ ভালেমান শব্দই অসমীয়া ভাষাৰ শব্দ- ভাণ্ডাৰ চহকী কৰিছেহি। তেনেধৰণৰ শব্দসমূহ হল— খাং, ফাং, ফাউ, লাং, পাঙ, পিং, পুং, জান, জিন, বুৰঞ্জী, কাৰেং, ৰংঘৰ, জোঙা, খুতুৰা, থাপ, কেৰু, খাপ, খেদ, খোৰাং, ফুকন, হেংদান, টোকান, টোকোনা, টাপলি, টাং-বাং ইত্যাদি।

(খ) তিব্বতবর্মীঃ চীন তিব্বতীয় ভাষাগোষ্ঠীৰ অন্তৰ্গত তিব্বতবৰ্মীয় শাখাৰ লোকসকলে অসমীয়া ভাষা-ভাষী লোকসকলৰ মাজত সামাজিক, অর্থনৈতিক, ৰাজনৈতিক আৰু সংস্কৃতিক দিশত অতীতৰে পৰা এটা নিবিড় সম্পৰ্ক ৰক্ষা কৰি আহিছে। দক্ষিণ এছিয়াত প্ৰচলিত অসংখ্য ভাষাৰ ভিতৰত এই পৰিয়ালৰ ভাষা আটাইতকৈ বেছি। এই ভাষা পৰিয়ালৰ লোকসকলৰ প্ৰাচীন বাসভূমি আছিল উত্তৰ-পশ্চিম চীনৰ ইয়াংচিকিয়াং আৰু হোৱাংহো নদীৰ উৎপত্তি স্থল। তাৰ পৰাই কালক্ৰমত বিভাজিত হৈ মেকং, মৈনাম, ইৰাৱতী, ছিন্দুইন, ব্ৰহ্মপুত্ৰৰ গতি অনুসৰণ কৰি শ্যাম দেশ, ব্ৰহ্মদেশ আৰু ভাৰতত বিয়পি পৰে।

অসমত প্রচলিত তিব্বতবৰ্মী শাখাৰে ভাষাবোৰ হ’ল— বড়ো, কাৰ্বি, ডিমাছা, ৰাভা, তিৱা, মিচিং, দেউৰী আদি । ইয়াৰ উপৰি অসমত ভালেমান নগা গাঁও আছে য’ত নগাভাষী লোকে বাস কৰি আছে। তিব্বতবৰ্মী শাখা চাৰিটা উপশাখাত বিভক্ত— হিমালয়ী, অসমবৰ্মী, উত্তৰ অসম আৰু তিব্বতী।

হিমালয়ীঃ হিমালয়ী উপশাখাৰ অন্তৰ্গত ভাষাসমূহ হ’ল— লেপ্‌চা, পাহাৰী, নেৱাৰী, লিম্বু। এই ভাষাসমূহ নেপাল, ভূটান, চিকিম, উত্তৰ প্ৰদেশ আৰু হিমাচল প্ৰদেশৰ কিছু অঞ্চলত প্ৰচলিত।

অসমবর্মীঃ অসমবর্মী উপশাখাৰ অন্তৰ্গত ভাষাসমূহক বড়ো, নগা, কুকি-চীন আৰু বৰ্মী এইকেইটা ভাগত ভাগ কৰিব পাৰি। ইয়াৰে বড়ো শাখাৰ আকৌ কেইবাটাও ভাষা পোৱা যায়। যেনে— গাৰো, ৰাভা, ত্ৰিপুৰী, লালুং, ডিমাছা, দেউৰী, চুতীয়া, কছাৰী।

উত্তৰ অসমঃ হ্রাছো, নিচি, আদি, মিছিং, ইদু ইত্যাদি ভাষা এই শাখাৰ অন্তৰ্গত। এই ভাষাসমূহৰ অসম আৰু ঘাইকৈ অৰুণাচলত প্ৰচলন আছে।

তিব্বতীঃ তিব্বতী, লাডাখী, বাল্টী ইত্যাদি ভাষা কেতবোৰ এই শাখাৰ অন্তৰ্গত। তিব্বতী উপশাখাৰ ভাষাসমূহত তিব্বত আৰু ভাৰতৰ পশ্চিম-হিমালয় অঞ্চলত প্ৰচলিত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top