Application to The Jail Superintendent (Jailor) Complaining Against Serving Low Quality Food – Stuff | নিম্ন মানৰ খাদ্য যোগান ধৰা কাৰ্য্যৰ বিৰুদ্ধে কাৰাধ্যক্ষ বা জেইলাৰলৈ কৰা আবেদন পত্ৰ

নিম্ন মানৰ খাদ্য যোগান ধৰা কাৰ্য্যৰ বিৰুদ্ধে কাৰাধ্যক্ষ বা জেইলাৰলৈ কৰা আবেদন পত্ৰ।

Join Telegram channel

প্ৰতি,                                        

কাৰাগাৰ অধ্যক্ষ মহোদয় সমীপেষু,

গুৱাহাটী জিলা কাৰাগাৰ,

গুৱাহাটী।

তাৰিখ………………

বিষয়: নিম্ন মানৰ খাদ্য যোগান ধৰা কাৰ্য্যৰ বিৰুদ্ধে কাৰাধ্যক্ষ বা জেইলাৰলৈ কৰা আবেদন পত্ৰ।

মাননীয় মহাশয়,

সন্মানপূৰ্বক ইয়াৰ দ্বাৰা আপোনাৰ জ্ঞাতাৰ্থে জনাব খুজিছোঁ যে আজি এমাহমানৰ পৰা গুৱাহাটী কাৰাগাৰৰ বন্দী সকলক খাদ্যৰ নামত যিবোৰ যোগান ধৰিছে সেইবোৰ গৰু-ছাগলীৰ খাদ্যৰ দৰে। এইবোৰ খাদ্য খাই বহুকেইজন কাৰাবন্দী ইতিমধ্যে অসুস্থ আৰু ৰোগাক্ৰান্ত হৈ কাৰাগাৰ হস্পিটেলত ভৰ্তি হ’ব লগীয়া হৈছে। বিশেষকৈ কাৰাবন্দীসকলে পেটৰ অসুখত আক্ৰান্ত হৈছে।

এনে পৰিপ্ৰেক্ষিতত আপুনি যদি বিশেষ মনোযোগ নিদিয়ে তেনেহলে কাৰাবন্দী সকলৰ স্বাস্থ্যৰ আৰু অৱনতি ঘটাৰ আশংকা আছে। সেয়েহে আপোনাক অনুৰোধ জনাও যাতে আপুনি বিহিত ব্যৱস্থা গ্ৰহণ কৰি কাৰাবন্দী সকলৰ বাবে উন্নত মানৰ খাদ্য যোগান ধৰে।

ধন্যবাদেৰে

ইতি,

আপোনাৰ অনুগত সমূহ কাৰাবন্দী,

গুৱাহাটী জিলা কাৰাগাৰ, ফাচী বজাৰ, জেইল

ৰোড, গুৱাহাটী, অসম।

Application to The Jail Superintendent (Jailor) Complaining Against Serving Low Quality Food – Stuff.

To                                            

The Jail Superintendent,

Guwahati district Jail

Guwahati

Date___________

Sub: Application to The Jail Superintendent (Jailor) Complaining Against Serving Low Quality Food – Stuff.

Respected Sir,

With due respect we would like to inform you for your kind information that since one month the food-stuff supplied to the inmates of the Guwahati District jail is of very poor quality comparable to cow fodder. Many of the inmates of the jail have fallen ill after consuming Jail food-stuff and have to be admitted to the Jail hospital. Particularly they are complaining about stomach ailment.

In such circumstances, if your honour do not pay attention to the problem, it is likely that more inmates will become ill and their health will deteriorate further.

Therefore, Sir, you are requested to kindly adopt steps necessary and to see the proper supply of standard food-stuff to the jail inmates and oblige.

Thanks.

Yours faithfully,

All inmates of the Guwahati

District Jail

Fancy Bazar Jail Road

Guwahati

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top