AHSEC 2022 Sociology Question Paper Solved | দ্বাদশ শ্ৰেণীৰ সমাজ শাস্ত্ৰ পুৰণি প্ৰশ্নকাকত সমাধান, AHSEC Class 12 Sociology Question Paper Solved PDF Download, দ্বাদশ শ্ৰেণীৰ সমাজ শাস্ত্ৰ 2022 ৰ প্ৰশ্নকাকত সমাধান কৰা হৈছে to each Paper is Assam Board Exam in the list of AHSEC so that you can easily browse through different subjects and select needs one. AHSEC 2022 Sociology Previous Years Question Paper Solved can be of great value to excel in the examination.
AHSEC 2022 Sociology Question Paper Solved | দ্বাদশ শ্ৰেণীৰ সমাজ শাস্ত্ৰ পুৰণি প্ৰশ্নকাকত সমাধান
AHSEC Old Question Paper provided is as per the 2022 AHSEC Board Exam and covers all the questions from the AHSEC Class 12 Sociology Solved Question Paper 2022 Assamese Medium. Access the detailed Class 12 Sociology 2022 Previous Years Question Paper Solved provided here and get a good grip on the subject. Access the AHSEC 2022 Sociology Old Question Paper Solved, AHSEC Class 12 Sociology Solved Question Paper 2022 of Assamese in Page Format. Make use of them during your practice and score well in the exams.
SOCIOLOGY
2022
SOCIOLOGY OLD QUESTION PAPER SOLVED
1. চমু উত্তৰ দিয়া।
(a) জন্ম ক্ষমতা বা জনন শক্তিৰ হাৰ বুলিলে কি বুজা?
উত্তৰঃ জন্ম ক্ষমতা বা জনন শক্তিৰ হাৰ হৈছে একে বয়সৰ মহিলাৰ গড় বাৰ্ষিক জনসংখ্যাৰ অনুপাত হিচাপে বছৰটোত সেই বয়সৰ মহিলাৰ পৰা জীৱিত সন্তানৰ সংখ্যা।
(b) ইয়াংকলি কোন?
উত্তৰঃ ইয়াংকলি এজন সমাজ সংস্কাৰক আছিল যিয়ে ব্ৰিটিছ ভাৰতৰ ট্রাভাঙ্কোৰ ৰাজ্যত অস্পৃশ্য বুলি গণ্য কৰা লোকসকলৰ প্ৰগতিৰ বাবে কাম কৰিছিল।
(c) শুদ্ধ উত্তৰটো বাচি উলিওৱা:
সামাজিক স্তৰীকৰণ, সামাজিক অসমতা এক পদ্ধতি/ এক প্রক্রিয়া।
উত্তৰঃ এক প্ৰক্ৰিয়া।
(d) বহির্ভূত জাতি বুলিলে কি বুজা?
উত্তৰঃ বৃটিছসকলে অনুসূচিত জাতিক বহির্ভূত জাতি বুলি কৈছিল৷
(e) কোনে হৰিজনসকলক ‘ভগৱানৰ মানুহ’ বুলি উল্লেখ কৰিছিল?
উত্তৰঃ মহাত্মা গান্ধীয়ে হৰিজনসকলক ‘ভগৱানৰ মানুহ’ বুলি উল্লেখ কৰিছিল ৷
(f) ‘দলিত’ শব্দটো প্রথমে কোনে ব্যৱহাৰ কৰিছিল?
উত্তৰঃ মহাত্মা যতিবা ফুলে।
(g) স্ত্ৰী পুৰুষ তুলনা’ গ্ৰন্থখন কোনে লিখিছিল?
উত্তৰঃ তাৰাবাই চিন্তে।
(h) সামাজিক আন্তঃক্রিয়া বুলিলে কি বুজা?
উত্তৰঃ সামাজিক আন্তঃক্রিয়া হৈছে সমস্যা এটাৰ মোকাবিলা কৰিবলৈ, আন লোকক সমর্থন কৰিবলৈ বা তেওঁলোকৰ স্থানীয় এলেকা উন্নত কৰিবলৈ লোকসকল একত্ৰিত হোৱা।
(i) গণতন্ত্ৰৰ জন্মস্থান ক’ত?
উত্তৰঃ গণতন্ত্ৰৰ জন্মস্থান এথেন্সত।
(j) “Invisible Man” উপন্যাসখনৰ ঔপন্যাসিক জনৰ নাম লিখা।
উত্তৰঃ Ralph Ellison.
(k) উপনিবেশিকতাবাদ কি?
উত্তৰঃ এখন দেশে আন এখন দেশৰ ওপৰত চলােৱা শাসন।
(l) ‘তেভেংগা’ কি?
উত্তৰঃ তেভেংগা বিদ্ৰোহ্ আছিল বংগত হোৱা কৃষক বিদ্রোহ।
2. জনসাংখ্যিক বিজ্ঞানৰ ভাগকেইটাৰ অৰ্থ প্ৰকাশ কৰা।
উত্তৰঃ জনসাংখ্যিক বিজ্ঞানৰ ভাগকেইটা হ’ল- জন্ম, প্ৰব্ৰজন আৰু বয়স বৃদ্ধি। এই তিনিওটা প্ৰক্ৰিয়াই জনসংখ্যাৰ পৰিৱৰ্তনত অৰিহণা যোগায়, যাৰ ভিতৰত আছে মানুহে কেনেদৰে পথিৱীত বাস কৰে, ৰাষ্ট্ৰ আৰু সমাজ গঠন কৰে আৰু সংস্কৃতি বিকাশ কৰে।
3. সমাজত স্বজন পদ্ধতিৰ দুটা গুৰুত্ব উল্লেখ কৰা।
উত্তৰঃ সমাজত স্বজন পদ্ধতিৰ দুটা গুৰুত্ব-
(ক) ই এটা বংশৰ পৰা পৰৱর্তী বংশলৈ প্ৰস্থিতি আৰু সম্পত্তি হস্তান্তৰিত কৰাৰ উপায় দিয়ে।
(খ) কোনাে কোনাে সমাজত স্বজনীয়তাই একোটা কার্যকৰী সামাজিক সমূহ প্রতিষ্ঠা আৰু পৰিচালনা কৰাতাে সেৱা আগবঢ়ায়।
4. অসমতা, পৃথকীকৰণ আৰু স্তৰীকৰণক কিয় ‘সামাজিক’ বুলি কোৱা হয়?
উত্তৰঃ অসমতা, পৃথকীকৰণ আৰু স্তৰীকৰণক ‘সামাজিক’ বুলি কোৱাৰ কাৰণ-
(ক) সামাজিক অসমতা, পৃথকীকৰণ আৰু স্তৰীকৰণ কোনো ব্যক্তিগত কথা নহয়। ই সমাজৰ সামুহিক কথা। সেয়ে ই সামাজিক দিশ।
(খ) অসমতা, পৃথকীকৰণ আৰু স্তৰীকৰণ বিভিন্ন ভিত্তিৰ ভিতৰত এটা অর্থনীতি হলেও এই প্রক্রিয়াটো সম্পুর্ণ কেৱল অর্থনৈতিক নহয়। সমাজৰ লগত এইবোৰ আৰু অৰ্থনীতিৰ সম্পর্ক গভীৰ। সেয়ে উক্ত দিশটি সামাজিক।
5. সামগ্ৰীকৰণ বা দ্ৰব্যকৰণ বুলিলে কি বুজা? উদাহৰণসহ লিখা।
উত্তৰঃ সামগ্ৰীকৰণ ঘটে, যেতিয়া কোনাে সামগ্রী আগেয়ে বজাৰত কিনা – বেচা নহৈছিল তেনে সামগ্ৰীৰহে সামগ্ৰীকৰণ হয়। উদাহৰণ স্বৰূপে মানুহৰ শ্ৰম বা কৌশল যেতিয়া বজাৰত কিনা – বেচা হয় তাকে সামগ্ৰীকৰণ বুলি কব পাৰি।
6. অমূলক বা ভিত্তিহীন ধাৰণা বুলিলে কি বুজা? উদাহৰণসহ লিখা।
উত্তৰঃ অমূলক বা ভিত্তিহীন হৈছে কোনো বা ব্যক্তিৰ বিষয়ে এক ধাৰণা বা মতামত যি কেৱল সেই ব্যক্তিজনৰ এটা নিৰ্দিষ্ট গোটৰ সদস্যপদৰ ওপৰত আধাৰিত। উদাহৰণস্বৰূপে, মানুহক আন কাৰোবাৰ বিৰুদ্ধে যিকোনো বেলেগ জাতি, লিংগ বা ধৰ্মৰ পক্ষপাতিত্ব কৰিব পাৰি।
7. জনসংযোগ মাধ্যমৰ দুটা প্ৰকাৰ উল্লেখ কৰা।
উত্তৰঃ জনসংযোগ মাধ্যমৰ দুটা প্ৰকাৰ হৈছে ৰেডিঅ’ আৰু টিভি।
8. ক’ত আৰু কেতিয়া নক্সালবাদী আন্দোলন সংঘটিত হৈছিল?
উত্তৰঃ ১৯৬৭ চনত ভাৰতৰ পশ্চিম বংগৰ দাৰ্জিলিং জিলাৰ শিলিগুৰি মহকুমাত নক্সালবাদী আন্দোলন সংঘটিত হৈছিল।
9. ভাৰতীয় সংবিধানে দলিতসকলৰ বাবে আগবঢ়োৱা দুটা উন্নয়নমূলক সুবিধা উল্লেখ কৰা।
উত্তৰঃ সংবিধানৰ অনুচ্ছেদ ৪৬ ত উল্লেখ কৰা হৈছে যে ৰাজ্যখনে সমাজৰ দুৰ্বল শ্ৰেণীৰ আৰু বিশেষকৈ অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ শৈক্ষিক আৰু অৰ্থনৈতিক স্বার্থক বিশেষ যত্নেৰে প্ৰচাৰ কৰিব আৰু তেওঁলোকক সামাজিক অন্যায় আৰু সকলো ধৰণৰ শোষণৰ পৰা সুৰক্ষিত কৰিব।
10. সংস্কৃতিৰ ভাগকেইটা উদাহৰণসহ লিখা।
উত্তৰঃ সংস্কৃতিৰ দুটা ভাগ হৈছে ভৌতিক সংস্কৃতি, সমাজ এখনে উৎপন্ন কৰা ভৌতিক বস্তু আৰু অবস্তুগত সংস্কৃতি, সমাজ এখনে উৎপন্ন কৰা অমূৰ্ত বস্তু। গাড়ীবোৰ আমেৰিকান ভৌতিক সংস্কৃতিৰ এক উদাহৰণ, আনহাতে সমতাৰ প্ৰতি আমাৰ ভক্তি আমাৰ অবস্তুগত সংস্কৃতিৰ অংশ।
11. ২০১১ চনৰ লোকপিয়ল মতে, উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত শিক্ষিত হাৰ অধিক আৰু কেনিখন ৰাজ্যত জনসংখ্যাৰ ঘনত্ব সর্বনিম্ন?
উত্তৰঃ ২০১১ চনৰ লোকপিয়ল মতে, উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰামত শিক্ষিত হাৰ অধিক আৰু অৰুণাচল প্ৰদেশত জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্ন।
12. ‘প্ৰস্থিতি চিহ্ন’ বুলিলে কি বুজা? উদাহৰণসহ লিখা।
উত্তৰঃ সমাজতত্ত্ববিদ মেক্স ৱেবাৰৰ মতে, মানুহে যি বস্তু ক্রয় কৰে বা ব্যৱহাৰ কৰে, সেয়া মানুহৰ সামাজিক প্ৰস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে। এনেদৰে প্ৰস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ক্রয় বা আহৰণ কৰাকে প্রস্থিতি চিহ্ন বুলি কোৱা হয়।
13. কার্লমাক্সে উল্লেখ কৰা ‘সামাজিক শ্ৰেণী’ দুটা কি কি?
উত্তৰঃ কার্লমাক্সে উল্লেখ কৰা সামাজিক শ্ৰেণী দুটা হ’ল – বুর্জোৱা (উৎপাদন মাধ্যমৰ গৰাকী পুঁজিপতি) আৰু শ্ৰমিক বৰ্গ (যিয়ে নিজৰ শ্ৰম শক্তিক বিক্ৰী কৰে)।
14. (a) জনসাংখ্যিক বিজ্ঞান কি? মালথাছৰ জনসংখ্যা তত্ত্বৰ মূল নীতিটো লিখা।
উত্তৰঃ মানৱ জনসাধাৰণ, তেওঁলোকৰ আকাৰ, তেওঁলোকৰ গঠন, তেওঁলোকৰ প্ৰগতি ইত্যাদিৰ ওপৰত কৰা বৈজ্ঞানিক অধ্যয়নেই হৈছে জনসংখ্যা বিজ্ঞান।
মালথাছৰ মতে – কৃষিৰ উৎপাদন বৃদ্ধি পায় গাণিতিক প্রগতিৰে (যেনে —2, 4, ৪, 10 আদি ); কিন্তু জনসংখ্যা বৃদ্ধি পায় জ্যামিতিক প্রগতিৰে (যেনে- 2, 4, 8, 16, 32 হাৰত) ইয়াৰ অৰ্থ হ’ল জনসংখ্যায় গতি কৰে, আয় বৃদ্ধিৰ লগত নাইবা জীৱন ধাৰণৰ মানদণ্ড মতে।
বা
(b) ভাৰতৰ পৰিয়াল পৰিকল্পনা আঁচনি সম্পৰ্কত এটা টোকা লিখা।
উত্তৰঃ পৰিয়াল পৰিকল্পনা হল গৰ্ভনিৰোধক তথা স্বইচ্ছাৰে কৰা বন্ধ্যাকৰণৰ সহায়ত শিশুৰ জন্মৰ হাৰ কমোৱা তথা দুটি শিশুৰ মাজত সঠিক ব্যৱধান ৰখা প্ৰক্ৰিয়া।
পৰিয়াল পৰিকল্পনাৰ লক্ষ্য-
1. ইচ্ছা অনুসৰি সন্তান জন্ম দিয়াত সুবিধা।
2. গৰ্ভধাৰণত অন্তৰ নিৰুপণ কৰে।
পৰিয়াল পৰিকল্পনা তথা গৰ্ভনিৰোধকৰ ফলত হোৱা উপকাৰিতা-
1. গৰ্ভধাৰণৰ মাজত অন্তৰ ৰখাত সুবিধা হয়।
2. কম বয়সতো গৰ্ভৱতী হেৱাৰ ফলত হোৱা মৃত্যু তথা অন্যান্য স্বাস্থ্য সন্দৰ্ভীয় আশংকাৰ পৰা মুক্ত হ`ব পৰাকৈ পলমকৈ গৰ্ভ ধাৰণ কৰাত সহায় কৰে।
3. পৰিয়াল পৰিকল্পনাই সেইসকল মহিলাক সহায় কৰে যিয়ে তেওঁলোকৰ পৰিয়ালৰ আকাৰ নিয়ন্ত্ৰণ কৰিব খোজে।
15. (a) ভাৰতৰ জাতি ব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ ভাৰতৰ জাতি ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ হল—
(ক) জাতি ব্যৱস্থা হৈছে সমাজৰ এক খণ্ড বিভাজন ব্যৱস্থা।
(খ) জাতি ব্যৱস্থা হৈছে সমাজৰ এক সামাজিক আৰু ধর্মীয় স্তৰীকৰণ ব্যৱস্থা।
(গ) জাতি ব্যৱস্থাত খোৱা-বোৱা আৰু সামাজিক ৰীতি-নীতিৰ ক্ষেত্ৰত প্ৰভেদ আছে।
(ঘ) জাতি ব্যৱস্থা হৈছে অন্তর্বিাহী ব্যৱস্থা।
(ঙ) জাতি ব্যৱস্থাত পৃথক বৃত্তি গ্রহণত বাধা-নিষেধ আছে।
(চ) জাতি ব্যৱস্থাত সামাজিক আৰু ধর্মীয় নিযোগ্যতাৰ ব্যৱস্থা আছে।
বা
(b) পুঁজিবাদক সামাজিক প্ৰক্ৰিয়া হিচাপে বিচাৰ কৰা।
উত্তৰঃ আধুনিক সমাজতত্ত্বলৈ বিশেষ অৱদান আগবঢ়োৱা কাৰ্ল মার্ক্স (Karl Marx) আধুনিক পুঁজিবাদৰ এজন সমালোচক। তেখেতে আধুনিক পুঁজিবাদক (Modern Capitalism) দ্রব্য বা সামগ্রী উৎপাদনৰ এক প্ৰক্ৰিয়া বুলিহে অভিহিত কৰিছে। মার্ক্সে সকলো অর্থনৈতিক প্রক্রিয়াকে একোটা সামাজিক প্রক্রিয়া বুলি উল্লেখ কৰিছে। তেওঁৰ মতে বজাৰৰ বাবে সামগ্রী উৎপাদনৰ প্ৰক্ৰিয়া শ্ৰম (Labour) ৰ যোগেৰেহে সম্ভৱ। প্ৰতিটো উৎপাদনেই শ্ৰমৰ লগত জড়িত। বজাৰত অৰ্থনীতিৰ যিবোৰ বস্তু পোৱা যায় সেইবোৰ মানুহৰ সম্বন্ধৰেহে সৃষ্টি হয়।
কিয়নো ইজনে – সিজনৰ লগত হোৱা সম্পৰ্কৰ অবিহনে আৰু শ্ৰম মানৱ শক্তি; সেয়ে এইবোৰৰ প্ৰয়োগৰ ফলত সৃষ্টি হোৱা দ্রব্যৰ লগত মানৱীয় বা সামাজিক সম্বন্ধ নিবিড়। পুঁজিবাদী উৎপাদন পদ্ধতিত শ্রমো এটা সামগ্ৰী হয়। কাৰণ বজাৰত শ্ৰম কিনা-বেচা কৰিব পাৰি। বহুতে উপাৰ্জনৰ বাবে শ্রম বিক্ৰী কৰে আৰু উদ্যোগপতি বা অন্য ব্যক্তিয়ে শ্ৰম ক্রয় কৰে। গতিকে অৰ্থৰ বিনিময়ত শ্ৰম পোৱা যায়। শ্ৰম ক্ৰয় কৰা পুঁজিবাদী উৎপাদন ব্যৱস্থাত পুঁজিপতিসকলে অধিক লাভৰ বাবে যিমান পাৰি কম মূল্যত শ্ৰম ক্ৰয় কৰিব বিচাৰে। কম মূল্যত শ্ৰম ক্ৰয় কৰিলে পুঁজিপতিসকলে অতিৰিক্ত মূল্য (Surplus value) লাভ কৰে। মার্ক্সৰ পুঁজিবাদী অর্থনীতি আৰু অৰ্থনীতিৰ সমাজতাত্ত্বিক অধ্যয়নে ঊনৈশ শতিকা আৰু কুৰি শতিকা জুৰি বহুতো চিন্তাধাৰাৰ সৃষ্টি কৰিছিল।
পুঁজিবাদৰ বিকাশৰ ফলত বজাৰবোৰ চাৰিওফালে বিকশিত হৈ পৰিল। বজাৰবোৰ ইমানেই বিকশিত হ’ল যে মানুহে আগতে নোযোৱা ঠাইলৈও যাবলৈ ল’লে আৰু নকৰা কামো কৰিবলৈ ধৰিলে। নতুন নতুন আৱিষ্কাৰে নতুন উদ্যোগ গঢ় দিয়াত পূৰ্বতে কামত নহা বা বিক্ৰী নোহোৱা বস্তুবোৰো কেঁচামাল হৈ পৰিল ৷ এটা অলাগতিয়াল বুলি ভবা দ্রব্য যেতিয়া বিক্ৰীৰ বাবে উপযোগী হৈ পৰে তাকে আমি সামগ্ৰীকৰণ বা দ্রব্যকৰণ (Commodification) বুলিব পাৰোঁ। এটা সময়ত মানুহে শ্ৰমক বিক্ৰীযোগ্য সামগ্ৰী বুলি ভবা নাছিল। কিন্তু পুঁজিবাদী ব্যৱস্থাত শ্ৰম হ’ল বিক্ৰীযোগ্য সামগ্রী।
16. (a) গোলকীকৰণৰ দুটা সুপ্ৰভাৱ আৰু দুটা কুপ্ৰভাৱ উল্লেখ কৰা।
উত্তৰঃ গোলকীকৰণৰ দুটা সুপ্ৰভাৱ-
(ক) গোলকীকৰণৰ ফলত ভাৰতলৈ প্ৰযুক্তি হস্তান্তৰ হ’বলৈ পাইছে।
(খ) গোলকীকৰণৰ ফলস্বৰূপে বস্তু সামগ্ৰীৰ ব্যৱসায় যথেষ্ঠ সম্প্ৰসাৰিত হৈছে।
গোলকীকৰণৰ দুটা কুপ্ৰভাৱ-
(ক) গোলকীকৰণৰ ফলত ভাৰতৰ নিয়োগ পৰিস্থিতিৰ অধিক অৱনতি হৈছে। আৰু
(খ) ইয়াৰ ফলস্বৰূপে উন্নতদেশ সমূহে, উন্নয়নশীল দেশ সমূহক যথেষ্ঠ পৰিমাণে শোষণ কৰিছে।
বা
(b) উদাহৰণসহ সামাজিক স্তৰীকৰণৰ স্বৰূপকেইটাৰ সম্পৰ্কে লিখা।
উত্তৰঃ সামাজিক স্তৰীকৰণৰ মূল স্বৰূপ দুই ধৰণৰ। যেনে–
(i) মুক্ত স্তৰীকৰণ। আৰু
(ii) বন্ধ স্তৰীকৰণ।
(i) মুক্ত স্তৰীকৰণ প্ৰথা: যি স্তৰীকৰণ কোনো ব্যক্তিয়ে নিজৰ দক্ষতা আৰু ইচ্ছাৰ দ্বাৰা সামাজিক প্ৰস্থিতিৰ পৰিৱৰ্তন আনিব পাৰে তাক মুক্ত স্তৰীকৰণ বোলা হয়। শ্ৰেণী পদ্ধতি মুক্ত স্তৰীকৰণৰ উপযুক্ত উদাহৰণ বুলি কোৱা হয়। অর্থাৎ এই স্তৰীকৰণ প্ৰথা অনুযায়ী যিকোনো শ্ৰেণীৰ লোকে আন যিকোনো শ্ৰেণীলৈ নিজৰ সামাজিক প্রস্থিতি পৰিৱৰ্তন কৰিব পাৰে। মুক্ত স্তৰীকৰণৰ উদাহৰণ হিচাবে সামাজিক শ্ৰেণী আৰু উদ্যোগপ্ৰধান আধুনিক সমাজলৈ আঙুলিয়াব পাৰি।
সামাজিক শ্রেণী: মেক্ আইভাৰ পেজৰ মতে কিছুমান ব্যক্তি বা ব্যক্তিৰ গোেটক শ্রেণী হিচাবে বুজা যায় ব্যক্তিসমষ্টিটোৰ বা সম্প্রদায়টোৰ সমগ্ৰ জীৱন নির্বাহৰ প্ৰণালী বা ভাবধাৰাৰ প্ৰভাৱৰ ফলতে সামাজিক শ্রেণীর সৃষ্টি হয়। আকৌ কার্ল মার্ক্সৰ মতে, মানৱ জাতিৰ ইতিহাস মানেই শ্রেণী সংগ্ৰামৰ ইতিহাস। অর্থাৎ সকলো প্ৰকাৰ মানৱ সমাজৰ মাজতে শ্রেণী প্ৰথাৰ প্রচলন আছে।
মুখ্যত, সামাজিক শ্রেণীসমূহত অর্থনৈতিক স্বার্থ জড়িত। মাস্কৰ মতে অর্থনৈতিক কাৰণতে সমাজত সাধাৰণতে ভূমিপতি, পুঁজিপতি আৰু সাধাৰণ বনুৱা আদি তিনিটা শ্ৰেণীৰ সৃষ্টি হৈছে৷ এই শ্ৰেণীসমূহ পূর্ব নির্ধাৰিত অনুযায়ী সৃষ্টি নহয় বৰং ব্যক্তি বিশেষৰ পাৰদৰ্শিতা বা দক্ষতাৰ ফল বা অভাৱৰ কাৰণেহে শ্রেণীবোৰ সৃষ্টি হয়। সেয়ে এই শ্রেণীসমূহত সামাজিক গতিশীলতাৰ উমান পোৱা যায়।
(ii) বন্ধ স্তৰীকৰণ প্ৰথা: যিবোৰ স্তৰীকৰণৰ ক্ষেত্ৰত সামাজিক গতিশীলতাৰ অভাৱ বা গতিশীলতাৰ কোনো সুবিধা নাই তাক বন্ধ স্তৰীকৰণ বোলা হয়। অর্থাৎ যেতিয়া এক লোকে আন কোনো উচ্চ বা নিম্ন শ্ৰেণীলৈ নিজৰ স্থিতি পৰিৱৰ্তন কৰিব নোৱাৰে তাকে বন্ধ স্তৰীকৰণ বোলা যায়। উদাহৰণ হিচাবে ভাৰতবৰ্ষৰ জাতিগত প্ৰথা আৰু ইউৰোপীয় সমাজৰ মধ্যযুগীয় সামস্ত প্রথাকে দেখুৱাব পৰা যায়।
(ক) জাতি প্ৰথা: ভাৰতবৰ্ষৰ বুৰঞ্জীত জাতি প্ৰথা অতি প্রাচীন, ইয়াক চতুর্বর্ণ বুলিও জনা যায় ৷ সকলোবোৰ ভাৰতীয় মানুহে মুখ্যতঃ ব্রাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্ৰ চাৰিটা জাতিত বিভক্ত। জাতিবোৰ সাধাৰণতে বৃত্তি ভিত্তিত গঢ়ি উঠা। কিন্তু কালক্ৰমত এজন * ব্যক্তি যি জাতত জন্মগ্রহণ কৰে সেই জাততে অন্তর্ভুক্ত কৰা হয়। সেয়ে অন্য জাতৰ এজন ব্যক্তি শিক্ষা-দীক্ষা বা পাৰদৰ্শিতাৰ ফলত নিজ জাত এবি অইন জাতত অন্তর্ভুক্ত হ’ব নোৱাৰে। অর্থাৎ জাতি প্রথাত গতিশীলতা দেখা নাযায়।
(খ) সামন্ত প্রথা: ইউৰোপৰ মধ্যযুগীয়া সাম প্ৰথাও ভাৰতৰ জাতি প্ৰথাৰ দৰে বন্ধ স্তৰীকৰণ প্ৰথা। এই প্রথানুযায়ী ব্যক্তিসকলক সম্ভ্রাপ্ত শ্ৰেণী, পুৰোহিত আৰু সাধাৰণ প্ৰজা আদি তিনিটা শ্রেণীতে বিভক্ত কৰা হৈছিল। সম্ভ্ৰাম্ভ শ্রেণী উচ্চ স্থানত, পুৰোহিত মধ্যস্থানত আৰু সাধাৰণ প্ৰজাক নিম্ন স্থানত অধিষ্ঠিত কৰা হৈছিল। আনকি ৰাজনৈতিক অধিকাৰ, ন্যায় বিচাৰ, বৃত্তি আৰু অন্যান্য সা-সুবিধা বিতৰণৰ ক্ষেত্ৰত শ্ৰেণী অনুযায়ী তাৰতম্য দেখা যায়।
17. (a) ভাৰতীয় সংখ্যালঘু সকলৰ কল্যাণৰ বাবে সংবিধানে লোৱা ব্যৱস্থাৰ সম্পৰ্কত এটা চমুটোকা লিখা।
উত্তৰঃ ভাৰতীয় সংখ্যালঘু সকলৰ কল্যাণৰ বাবে সংবিধানে লোৱা ব্যৱস্থা হৈছে-
(ক) ১৯৯১ চনৰ ভাৰতৰ জনসংখ্যাৰ জৰীপৰ মতে ১৭.১৭% লোকেৰে গঠিত পাঁচটা ধৰ্মীয় সম্প্রদায়ক সংখ্যালঘু আখ্যা দিছে; সেইকেইটা হ’ল— মুছলীম, শিখ, বৌদ্ধ, খ্রীষ্টান আৰু জৰাষ্ট্ৰীয়ান। এইসকল ধর্মীয় সম্প্ৰদায়ক ভাষা, লিপি আৰু সংস্কৃতি সংৰক্ষণৰ বাবে সাংবিধানিক সুবিধা দিয়া হৈছে আৰু তেওঁলোকক ইচ্ছা অনুসৰি শিক্ষানুষ্ঠান স্থাপনৰ অনুমতি দিয়া হৈছে।
(খ) ভাৰত চৰকাৰে ১৯৭৮ চনৰ জানুৱাৰী মাহত ধৰ্মীয় সংখ্যালঘুৰ সাংবিধানিক সুৰক্ষা আৰু বিভিন্ন প্ৰতিৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিবৰ বাবে “সংখ্যালঘু আয়োগ” (Minorities Commission) গঠন কৰে।
(গ) সংখ্যালঘু সম্প্রদায়ক সুৰক্ষা দিবৰ বাবে ১৯৯২ চনত “ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগ অধিনিয়ম” (The National Commission for Minorities Act, 1992) গ্ৰহণ কৰা হয়। এই আয়োগৰ মতে পূৰ্বৰ আয়োগৰ ঠাইত নতুন সংখ্যালঘু আয়োগ ১৯৯৩ চনৰ ১৭ মে’ত গঠন কৰা হয়। ২০০০ চনৰ ২১ জানুৱাৰীত এই আয়োগ পুনৰ গঠন হয়।
(ঘ) ভাষিক সংখ্যালঘুক সুৰক্ষা দিবৰ বাবে সংবিধানৰ অনুচ্ছেদ ৩৫০ (খ)ৰ মতে “ভাষিক সংখ্যালঘুৰ আয়ুক্ত” (The Commissioner for Linguistic Minorities) নিযুক্তি দিয়া হয়। এই আয়োগে ভাষিক সংখ্যালঘুৰ বিভিন্ন সমস্যাৰ ওপৰত চোৱাচিতা কৰিছে আৰু ২০০১ চনলৈকে কলিকতা, বেলিজিয়াম আৰু চেন্নাইত আঞ্চলিক কার্যালয় স্থাপন কৰি এলাহাবাদৰ মূল কাৰ্যালয়ৰ পৰা কাম চলাই আছে।
বা
(b) ধৰ্মনিৰপেক্ষতা কি? ধৰ্মনিৰপেক্ষ সমাজৰ বৈশিষ্ট্যসমূহ কি কি?
উত্তৰঃ ব্যক্তি, সমাজ, ৰাষ্ট্র, আইন, শিক্ষা ব্যৱস্থা, কলা – কৃষ্টি – সংস্কৃতি আদি ধৰ্মৰ সৈতে মুঠেই সম্পর্ক নথকা বা বিশেষ সম্পর্ক নথকা বিশ্বাস বা আদর্শর্ক ধর্মনিৰপেক্ষতা বােলা হয়।
ধর্মনিৰপক্ষতাৰ কিছুমান বৈশিষ্ট্য-
(ক) ধৰ্মনিৰপেক্ষতাই কোনাে ধর্মকে চৰকাৰীভাৱে বা ৰাষ্ট্রীয়ভাৱে স্বীকৃতি নিদিয়ে।
(খ) ধর্মনিৰপেক্ষতাইসকলাে ধৰ্মৰ প্রতি সমব্যৱহাৰ কৰা নীতিৰ পােষকতা কৰে।
(গ) ধর্মনিৰপেক্ষ ৰাষ্ট্ৰত ধর্মীয় স্বাধীনতা থাকে। প্রত্যেক ব্যক্তিয়ে স্বাধীনভাৱে নিজৰ ধর্ম পালন আৰু প্রচাৰ কৰিব পাৰে।
(ঘ) ধর্মনিৰপেক্ষতাই ধৰ্মৰ ভিত্তিত কোনাে সাম্প্রদায়িক বৈষম্য সৃষ্টি হােৱা মানসকিতাক প্রশ্রয় নিদিয়ে।
18. (a) ভাৰতত ব্ৰিটিছ উপনিবেশিকতাৰ দুটা সুপ্ৰভাৱ আৰু দুটা কুপ্রভাব উল্লেখ কৰা।
উত্তৰঃ ভাৰতত ব্ৰিটিছ উপনিবেশিকতাৰ দুটা সুপ্রভাব:
(ক) জাতিৰ বিষয়ে লোকপিয়লৰ যোগেদি তথ্য সংগ্ৰহ কৰাটো আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ চৰকাৰী প্ৰচেষ্টা। এই লোকপিয়লে জাতিৰ সামাজিক বিন্যাস (Caste of social hierarchy) ৰ তথ্য সংগ্ৰহ কৰিছিল। ইজাতি ব্যৱস্থাটোকে সলনি কৰি পেলালে।
(খ) উপনিবেশিকতাবাদে মাটিৰ খাজনা বন্দৱস্তৰ সৈতে সম্পৰ্ক থকা ব্যৱস্থাসমূহে আৰু আইনসমূহে উচ্চ জাতিৰ প্ৰথাগত অধিকাৰক ন্যায্য স্বীকৃতি প্রদান কৰিছিল। এই লোকসকলেই আধুনিক অৰ্থত মাটিৰ মালিক হৈছিল।
ভাৰতত ব্ৰিটিছ উপনিবেশিকতাৰ দুটা কুপ্ৰভাৱ:
(ক) উপনিবেশিক দেশৰ স্বাৰ্থত উপনিবেশ কৃষি আৰু খনিজ দ্রব্য উৎপাদন কৰা হয়। নিজৰ দেশত শিল্পৰ লগত এইবোৰ প্ৰাথমিক দ্ৰব্যৰ কোনো সংযোগ নাছিল।
(খ) উপনিবেশ আৰু উপনিবেশিক দেশৰ মাজত বাণিজ্য সদায় বৈষম্যমূলক আছিল। এনেদৰে প্ৰচুৰ সম্পদ উপনিবেশৰ পৰা নিষ্কান্ত হৈ মাতৃভূমিত চলি আহিছিল।
বা
(b) সংস্কৃতি আৰু সভ্যতাৰ মাজৰ পাৰ্থক্য লিখা।
উত্তৰঃ (ক) সংস্কৃতি হৈছে নিজেই এক সমাপ্তি মূল্যবোধ আৰু লক্ষ্য। আনহাতে সভ্যতা হৈছে সমাপ্তিৰ এক মাধ্যম সঁজুলি আৰু কৌশল। বিশ্বাস, কলা আৰু সাহিত্য আদি সাংস্কৃতিক তথ্য-গদ্য, কবিতা বা উপন্যাস আদিয়ে পাঠকক পোনপটীয়া সন্তুষ্টি প্রদান কবে আনহাতে সভ্যতাৰ সঁজুলি যেনে – কম্পিউটাৰ, ৰেফ্রিজাৰেটৰ আদিয়ে প্রত্যক্ষ সন্তুষ্টি নিদিয়ে, যেতিয়ালৈকে ই আমাৰ আকাংক্ষা পূৰ্বণ নকৰে। সেয়েহে, সভ্যতা হৈছে উপযোগিতাবাদী। ই কেৱল সমাপ্তি প্রাপ্ত কৰাত সহায় কৰে।
(খ) সংস্কৃতিৰ নিজৰ কোনো মূল্য নাই কিন্তু ই হৈছে এক জোখ যাৰ দ্বাৰা আমি সভ্যতাৰ অন্যান্য প্রবন্ধক মূল্য দিব পাৰোঁ। আমি সংস্কৃতিৰ মূল্য নিৰ্ধাৰণ কৰিব নোৱাৰো অৰ্থাৎ বিশ্বাস, নিয়ম, ধাৰণা আদি, কিন্তু যিকোনো বস্তুৰ মূল্য ইয়াৰ জোখৰ মানদণ্ডৰ দ্বাৰা নিৰ্ধাৰণ কৰিব পাৰি। সংস্কৃতি হৈছে ওজনৰ ভাৰসাম্য জোখা তুলাচনী।
সংস্কৃতি হৈছে এক সামাজিক সত্য, অৰ্থাৎ সমগ্ৰ সমাজৰ সৃষ্টি, আনহাতে সভ্যতা, অর্থাৎ যিকোনো সঁজুলিৰ আৱিষ্কাৰ এজন ব্যক্তিৰ দ্বাৰা হ’ব পাৰে। যিকোনো সাধাৰণ মানুহে সভ্যতাৰ সঁজুলিৰ যিকোনো পৰিৱৰ্তন প্ৰভাৱিত কৰিব পাৰে কিন্তু যিকোনো সাংস্কৃতিক সত্যত যিকোনো পৰিৱৰ্তন বা পৰিৱৰ্তনৰ বাবে সমগ্ৰ সমাজৰ শক্তি আৰু কল্পনাৰ প্ৰয়োজন।
সভ্যতাতকৈ সংস্কৃতি অধিক স্থিৰ- সাংস্কৃতিক পৰিৱৰ্তন বছৰ বা শতিকাত হয় কিন্তু সভ্যতা অতি দ্রুতগতিত সলনি হয়।
19. (a) গণতন্ত্ৰৰ সুবিধা আৰু অসুবিধা উল্লেখ কৰা।
উত্তৰঃ গণতন্ত্ৰৰ সুবিধা-
১। গণতন্ত্র যুক্তিৰে পৰিচালিত চৰকাৰ হােৱাৰ বাবে ইয়াৰ ত্রুটি কম।
২। গণতান্ত্রিক চৰকাৰ জনমতৰ দ্বাৰা পৰিচালিত চৰকাৰ , ই সকলােৰে কল্যাণ সাধন কৰে।
৩। গণতন্ত্রত স্বেচ্ছাচাৰী শাসন স্থায়ীভাৱে চলিব নােৱাৰে।
৪। গণতান্ত্রিক চৰকাৰত বিপ্লৱৰ সম্ভাৱনা কম।
গণতন্ত্ৰৰ অসুবিধা-
১। গণতন্ত্রত দলীয় একনায়কত্ববাদ প্রচলিত হ’ব পাৰে।
২। গণতন্ত্রত গুণতকৈ সংখ্যাৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়।
৩। গণতন্ত্রত জৰুৰী অৱস্থাত ক্ষিপ্র সিদ্ধান্ত গ্রহণ কৰা সহজ নহয়।
৪। ৰাইজৰ নামত , ধনী শ্রেণীয়েহে গণতান্ত্রিক চৰকাৰ পৰিচালিত কৰে।
বা
(b) প্ৰভাৱগোষ্ঠী কি? প্ৰভাৱগোষ্ঠীৰ বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ যিবোৰ দল সংগঠনে চকাৰৰ ওপৰত হেঁচা প্রয়োগ কৰে বা চৰকাৰৰ ওচৰত প্ৰভাৱ বিস্তাৰ কৰে, সেইবোৰকে হেঁচনী দল বা প্ৰভাৱগোষ্ঠী বোলা হয়। উদাহৰণস্বৰূপে ব্যৱসায়ী সন্থা, শ্রমিক সন্থা, মহিলা কল্যাণ সমিতি, উকিল সন্থা, নিবনুৱা সন্থা, ছাত্ৰ সন্থা, কৃষক সন্থা আদি হেঁচনি দল বা প্ৰভাৱগোষ্ঠীৰ অন্তৰ্গত।
প্ৰভাৱগোষ্ঠীৰ বৈশিষ্ট্য-
১। প্ৰভাৱগোষ্ঠী হৈছে অৰাজনৈতিক সংগঠন। অৰ্থাৎ প্ৰভাৱগোষ্ঠীয়ে চৰকাৰ গঠন কৰিব বা শাসন পৰিচালনা কৰিব নিবিচাৰে। এওঁলোকৰ দাবী পূৰণৰ বাবেহে চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগ কৰে।
২। প্ৰভাৱগোষ্ঠীৰ চৰকাৰৰ ওচৰত হেঁচা দিবলৈ নির্দিষ্ট আঁচনি বা দাবী থাকে। এইবোৰ পূৰণ হ’লৈ এনে দল বা সংগঠন ভঙ্গও হ’ব পাৰে।
৩। প্ৰভাৱগোষ্ঠীৰ স্থায়িত্ব নাই। কোনো কোনো প্ৰভাৱগোষ্ঠী স্থায়ী হ’লেও বহু প্ৰভাৱগোষ্ঠী অস্থায়ীও হ’ব পাৰে। উদাহৰণস্বৰূপে নদীবান্ধ বিৰোধী সংগ্ৰাম সমিতিখন বান্ধটো বন্ধ হোৱাৰ লগে লগে নিষ্ক্রিয় হ’ব পাৰে।
৪। প্ৰভাৱগোষ্ঠীৰ উদ্দেশ্য সাধাৰণতে বহুমুখী নহয়, একমুখীহে। বহু দল বা সংগঠনৰ মূল দাবী এটা বা দুটাহে। উদাহৰণ হিচাপে ওপৰত উল্লেখ কৰা নদী বান্ধ বিৰোধী সংগ্ৰাম সমিতিখনৰ কথাকে ক’ব পাৰোঁ।
৫। প্ৰভাৱগোষ্ঠীৰ কোনো পৰিসীমা বা নিৰ্দিষ্ট সদস্য নাথাকে। প্ৰভাৱগোষ্ঠীৰ সদস্যৰ সংখ্যা কম বা বেছি হ’ব পাৰে বা প্ৰভাৱ গোষ্ঠীটোৱে কম বা বেছি এলেকা সামৰি ল’ব পাৰে। উদাহৰণস্বৰূপে নদীবান্ধ বিৰোধী সংগ্রাম সমিতিখনে এটা নির্দিষ্ট এলেকাহে সামৰি লৈছে, কিন্তু কৃষক কল্যাণ সমিতিখনে এখন জিলা, ৰাজ্য বা ৰাষ্ট্ৰক সামৰি ল’ব পাৰে।
20. (a) ভাৰতৰ স্বৰাজ আন্দোলনৰ সম্পৰ্কত এটি টোকা লিখা।
উত্তৰঃ ভাৰতীয় ৰাজনৈতিক দৰ্শনত ‘স্বৰাজ’ এক উল্লেখযোগ্য ধাৰণা। স্বাধীনতাৰ ধাৰণাটোৰ সৈতে স্বৰাজৰ ধাৰণাটোৰ সাদৃশ্য পৰিলক্ষিত হয়। ‘‘স্বৰাজ’ শব্দটো দুটা সৰু শব্দৰ সংযোগত সৃষ্টি হৈছে।এটা হ’ল ‘স্ব’ আনটো হ’ল ৰাজ’।‘স্ব’ শব্দৰ অৰ্থ হ’ল নিজা (Self) আৰু ‘ৰাজ’ শব্দৰ অৰ্থ হ’ল ‘শাসন’ (Rule)। অর্থাৎ স্বৰাজৰ শব্দগত অর্থ হ’ল নিজে নিজক শাসন কৰা।
লোকমান্য বাল গংগাধৰ তিলকে “স্বৰাজ মোৰ জন্ম স্বত্ব আৰু ইয়াক মই আহৰণ কৰিমেই” বুলি এক জনপ্ৰিয় আৰু হৃদয়স্পর্শী শ্লোগান দিছিল। বংগ বিভাজন বিৰোধী আন্দোলনৰ সময়ত লোকমান্য বাল গংগাধৰ তিলকে স্বৰাজ ভাৰতৰ লক্ষ্য হ’ব লাগে বুলি আহ্বান জনাইছিল’। লোকমান্য তিলকে কৈছিল যে স্বৰাজ কেৱল ৰাজনৈতিক লক্ষ্যই নহয়। ই হৈছে ব্যক্তিৰ নৈতিক, মানসিক আৰু আধ্যাত্মিক জীৱনৰ আধাৰ শিলা। লোকমান্য তিলকে (Swaraj is my birth right and I will achieve it) ভাৰতৰ স্বাধীনতাৰ অধিকাৰত সমৰ্থনত এইদৰে কৈছিল যে “ইংলেণ্ডত এজন ইংৰাজৰ যি স্থান, মোৰ দেশত মোৰ সেই স্থান হ’ব লাগে”। তেখেতে যুক্তি দিছিল যে স্ববাজ এক বাজনৈতিক আৰু নৈতিক প্রয়োজনীয়তা।
বিপিনচন্দ্র পালেও ‘স্বৰাজৰ’ আদৰ্শ সমৰ্থন কৰি কৈছিল যে স্বৰাজ লাভৰ জৰিয়তেহে এটা জাতিয়ে পূর্ণতা লাভ কৰিব পাৰে। তেখেতৰ মতে ভাৰতবাসীয়ে নিজে নিজৰ ভাগ্য নিয়ন্ত্ৰণ কৰাৰ অধিকাৰেই হ’ল স্বৰাজ৷ স্বৰাজ লাভ কৰি এটা জাতিয়ে নৈতিক, আধ্যাত্মিক আৰু ৰাজনৈতিক আত্মপ্রকাশ, আত্মবিকাশ আৰু আত্ম-উপলব্ধিৰ স্তৰত উপনীত হ’ব পাৰে।
ভাৰতৰ স্বাধীনতা আন্দোলনত ‘স্বৰাজ’ এক আকর্ষণীয় আৰু প্ৰেৰণাদায়ক আদৰ্শ হিচাপে পৰিগণিত হৈছিল। এক সামাজিক আৰু ৰাজনৈতিক দাবী হিচাপে স্বৰাজৰ আদৰ্শ জনপ্ৰিয় হৈ উঠিছিল। সামাজিক ক্ষেত্ৰত স্বৰাজৰ লক্ষ্য আছিল স্ব-নিৰ্ভৰশীলতা অৰ্জন কৰা। ৰাজনৈতিক ক্ষেত্ৰত স্বৰাজৰ লক্ষ্য আছিল স্বাধীনতা অর্জন বা স্ব-শাসন প্রতিষ্ঠা কৰা। স্বৰাজৰ আদৰ্শই ভাৰতীয় জনসাধাৰণক বৃটিছ শাসনৰ বিৰুদ্ধে একত্ৰিত হৈ স্বাধীনতা আন্দোলনত অংশগ্ৰহণৰ বাবে অনুপ্রাণিত কৰিছিল।
মহাত্মা গান্ধীয়ে ১৯০৯ চনত ‘হিন্দ স্বৰাজ’ নামৰ গ্ৰন্থখনত স্বৰাজৰ বিষয়ে ব্যাখ্যা আগবঢ়াইছিল। মহাত্মা গান্ধীয়ে কৈছিল যে ভাৰতৰ স্বাধীনতা আন্দোলনৰ উদ্দেশ্য হ’ল পূৰ্ণ স্বৰাজ লাভ কৰা। মহাত্মা গান্ধীৰ মতে স্বৰাজৰ অৰ্থ হ’ল নিজে নিজক শাসন কৰিবলৈ সক্ষমতা আহৰণ কৰা। তেখেতৰ মতে স্বৰাজে কেৱল ৰাজনৈতিক স্বাধীনতাকে নুবুজায়, স্বৰাজৰ প্ৰকৃত অৰ্থ হ’ল আত্ম-শাসন, আত্ম-দায়বদ্ধতা আৰু আত্ম-উপলব্ধিৰ এক অনুষ্ঠান। মহাত্মা গান্ধীৰ মতে নৈতিক সামাজিক আৰু অর্থনৈতিক জাগৰণৰ সৈতে স্বৰাজৰ এৰাব নোৱাৰা সম্পর্ক আছে।
বা
(b) নৃগোষ্ঠীসমূহৰ আত্মপৰিচয় সংকটৰ চাৰিটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ নিজে কৰা।
21. (a) উদাৰীকৰণৰ নীতিসমূহ উল্লেখ কৰা।
উত্তৰঃ উদাৰীকৰণৰ নীতিসমূহ-
১। ১৯৫৬ চনৰ ঔদ্যোগিক নীতিয়ে উদ্যোগৰ সামগ্ৰিক ৰাষ্ট্ৰীয়কৰণৰ নীতি প্রত্যাহাৰ কৰে।
২। ১৯৭৭ চনত ক্ষুদ্র উদ্যোগ স্থাপন আৰু বিকাশৰ ওপৰত গুৰুত্ব দিয়ে।
৩। ১৯৮০ চনৰ উদ্যোগ নীতিয়ে আঞ্চলিক বৈষম্য দূৰ কৰি নিয়োগৰ অধিক সা-সুবিধা প্ৰদান কৰে।
৪। ১৯৮৫ চনৰ উদ্যোগ নীতিয়ে আমদানি শিথিলকৰণ, FERAৰ একচেটিয়া ব্যৱসায়, NRTP ৰ প্রয়োজনীয় সংশোধন আদি গ্ৰহণ কৰে।
৫। ১৯৯০ চনৰ নতুন উদ্যোগ নীতিয়ে উন্নত অঞ্চলত ২৫ কোটি টকা আৰু পিছপৰা অঞ্চলত ৭৫ কোটি টকালৈ স্থিৰ মূলধনত বিনিয়োগ কৰা নতুন উদ্যোগৰ ক্ষেত্ৰত Licence বা অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তা তুলি দিয়া হয়।
বা
(b) জনসংযোগ মাধ্যম হিচাপে দূৰদৰ্শনৰ উপকাৰিতা আৰু অপকাৰিতা দিশসমূহ উল্লেখ কৰা।
উত্তৰঃ দূৰদৰ্শন আধুনিক যুগৰ এটা শক্তিশালী সংযোগ মাধ্যম। ইংৰাজী টেলিভিশ্যন শব্দটোক আমাৰ পৰিভাষাত দূৰদৰ্শন’ নাম দিয়া হৈছে। টেলি শব্দৰ অৰ্থ দূৰ, ভিশ্যন মানে হৈছে দেখা কাৰ্য—দৰ্শন। ইয়াৰ সহায়ত আমি দূৰ-দূৰণীৰ যিকোনো দৃশ্য, ঘটনা, কার্য আদি ঘৰত বহি বহিয়েই উপভোগ কৰিব পাৰোঁ। জন লগি বেয়ার্ড নামৰ বৃটিছ বিজ্ঞানী এজনে ১৯২৫ চনত দূৰদৰ্শন আৱিষ্কাৰ কৰিছিল। আমাৰ দেশত ১৯৫৯ চনৰপৰা পোন প্ৰথম আকাশবাণীৰ তত্ত্বাৱধানত অকল দিল্লীত সপ্তাহত তিনিদিনকৈ দূৰদৰ্শনৰ প্ৰচাৰ আৰম্ভ কৰা হয়। ১৯৭৬ চনৰ পৰাহে দূৰদৰ্শনৰ যোগেদি নিজাকৈ কাৰ্যসূচী প্ৰচাৰ আৰম্ভ হয়।
আগেয়ে দূৰদৰ্শনৰ যোগেদি কেৱল ক’লা আৰু বগা ছৱিহে দেখিবলৈ পোৱা গৈছিল। এতিয়া ৰঙীন ছৱি দেখুৱাবলৈ পৰা হোৱাত সকলো দৃশ্য, চিত্ৰ আদি স্বাভাৱিক ৰূপত দেখিবলৈ পোৱা যায়। দূৰদৰ্শন কেৱল আমোদ-প্রমোদৰ আহিলাই নহয়, ই এটা বহুমুখী প্ৰচাৰ মাধ্যমো। বিশেষকৈ কৃষি, শিল্প, শিক্ষা আৰু সংস্কৃতি বিষয়ত ইয়াৰ অৱদান উল্লেখযোগ্য। দেশ-বিদেশৰ উন্নত কৃষিকৰ্মৰ প্ৰদৰ্শনৰ দ্বাৰা সেই বিষয়ত লোকক কিছু শিক্ষা দিব পাৰি। সাংস্কৃতিক অনুষ্ঠান পৰিবেশনৰ দ্বাৰা সাংস্কৃতিক ভাব বিনিময় কৰি দেশ-বিদেশৰ লোকৰ মাজত সম্প্ৰীতিৰ ভাব জগাই তুলিব পাৰি। স্বাস্থ্য বিষয়ক অনুষ্ঠান পৰিবেশন কৰি জনসাধাৰণক স্বাস্থ্য সম্পর্কে সজাগ কৰিব পাৰি। বিভিন্ন শিক্ষামূলক অনুষ্ঠান পৰিবেশনৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলৰ উপকাৰ সাধন কৰিব পাৰি।
দূৰদৰ্শনৰ বেয়া প্ৰভাৱো আছে। মানুহ আমোদপ্ৰিয়, কিছুমান মানুহে অনৱৰতে টি.ভি.ৰ কাষত বহি খেল-ধেমালি, গীত, নাম, চিনেমা-ভাওনা আদি চাই সময় কটায়। ইয়াৰপৰা কামৰ ক্ষতি হয়। টি.ভি.য়ে পঢ়া-শুনাত ব্যাঘাত ঘটাই ছাত্র- ছাত্ৰীৰো বেয়াকৈ অনিষ্ট কৰিব পাৰে। দূৰদৰ্শনৰ দেখুওৱা বিজ্ঞাপনৰ দ্বাৰাও মানুহৰ অপকাৰ হোৱা বুলি অভিযোগ উঠা দেখা যায়। ইয়াত দেখুওৱা বিলাসী বস্তুৰ বিজ্ঞাপনৰ দ্বাৰা মানুহ বিলাসী আৰু ভোগবাদী হোৱাৰ আশংকা কৰা হৈছে। কেতিয়াবা কোনো আলোচনাত কিবাকিবি বস্তু বৰ্জন কৰিবলৈ পৰামৰ্শ দি পিছ মুহূর্ততে সেই বস্তুক ব্যৱহাৰ কৰিবলৈ আকর্ষণীয় বিজ্ঞাপন প্ৰচাৰ কৰা দেখা যায়। দূৰদৰ্শনৰ কিছুমান স্বাস্থ্য হানিকৰ দুৰ্গুণো আছে। দূৰদৰ্শনে তেজষ্ক্ৰিয় আৰু অতিবেঙুনীয়া ৰশ্মি নিৰ্গত কৰে। এই ৰশ্মি মানৱদেহৰ বাবে অত্যন্ত অপকাৰী। ইয়াৰপৰা মাৰাত্মক ছালৰ ৰোগ, চকুৰ ৰোগ হ’ব পাৰে। মুৰ্চ্ছা, মূৰ কামোৰণি আদিও হ’ব পাৰে।
22. (a) ‘চিপকো আন্দোলন’ৰ সম্পৰ্কত চমুটোকা লিখা।
উত্তৰঃ চিপকো আন্দোলন আছিল 1973 চনত আৰম্ভ হোৱা এক অহিংস পাৰিৱেশিক আন্দোলন যাৰ উদ্দেশ্য আছিল গছক সুৰক্ষা প্ৰদান কৰা আৰু সংৰক্ষণৰ মনোভাৱ গঢ়ি তোলা। বনধ্বংসৰ বিৰুদ্ধে আৰু পাৰিপাৰ্শ্বিক ভাৰসাম্য বজাই ৰখাৰ বাবে ১৯৭৩ চনত তেতিয়াৰ উত্তৰ প্ৰদেশ (এতিয়াৰ উত্তৰাখণ্ড) ত চিপকো আন্দোলন আৰম্ভ হৈছিল।
চিপকো আন্দোলনৰ গুৰুত্ব – চিপকো আন্দোলন মূলতঃ বহিৰাগত কোম্পানীয়ে বন ধ্বংস কৰাৰ বিৰুদ্ধে আৰম্ভ হোৱা এক বন সংৰক্ষণ আন্দোলন আছিল। “চিপকো” শব্দটোৰ আক্ষৰিক অৰ্থ হৈছে গছবোৰ কটাৰ পৰা ৰক্ষা কৰিবলৈ তেওঁলোকক “আলিঙ্গন” কৰা। স্থানীয় লোকসকলে গছবোৰক আলিঙ্গন কৰি গছ কটাবলৈ অহা ঠিকাদাৰৰ বিৰুদ্ধে আন্দোলন কৰিছিল।
চিপকো আন্দোলনৰ গুৰুত্ব আছিল বন সম্পদক ধ্বংসৰ পৰা সুৰক্ষিত কৰা। গছবোৰ কেৱল ইন্ধন-কাঠ, কাঠ, খাদ্য, পশুখাদ্য আদিৰ বাবে সম্পদ হিচাপে ব্যৱহাৰ কৰা নহয় কিন্তু ইয়াৰ অধিক গুৰুত্ব আছে। গছবোৰে ভূমিস্খলন,বানপানী আদি প্ৰতিহত কৰাত সহায় কৰে।
ভাৰতত চিপকো আন্দোলনৰ মুখ্য প্ৰভাৱবোৰ- ভাৰতত চিপকো আন্দোলনে বিশেষ প্ৰভাৱ পেলাইছিল। ভাৰতৰ কেন্দ্ৰীয় চৰকাৰক ১৯২৭ চনৰ ভাৰতীয় বন আইন সংশোধন কৰিবলৈ আৰু নতুনকৈ বন সংৰক্ষণ আইন ১৯৮০ প্ৰৱৰ্তন কৰিবলৈ চিপকো আন্দোলনে বাধ্য কৰিছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে হিমালয়ৰ পাদদেশত পোন্ধৰ(১৫) বছৰৰ বাবে বাণিজ্যিক ভিত্তিত গছ কটাত নিষেধাজ্ঞা আৰোপ কৰিছিল। সেইবছৰেই ১,০০০ মিটাৰ ওখ বনাঞ্চলত বাণিজ্যিক সেউজীয়া শস্য চপোৱা নিষিদ্ধ কৰা হৈছিল।
এইবোৰ ফলাফলে চিপকো আন্দোলনক এক অনন্য ৰূপ প্ৰদান কৰিছিল আৰু চিপকো আন্দোলনৰ গ্ৰহণযোগ্যতা এই ফলাফলে প্ৰমাণ কৰিছিল।
বা
(b) জাতি আৰু সামাজিক শ্ৰেণীৰ মাজত পাৰ্থক্য দেখুওৱা।
উত্তৰঃ জাতি আৰু সামাজিক শ্ৰেণীৰ মাজত পাৰ্থক্য-
1. জাতি এটি জন্মগত সামাজিক গােট। ব্যক্তিজনৰ জাতি জন্মগতভাৱে নিৰ্ধাৰিত হয়। সাধাৰণতঃ এজন ব্যক্তি গুণ বা কার্যৰ দ্বাৰা অন্য জাতিলৈ ৰূপান্তৰিত হ’ব নােৱাৰে। আনহাতে, সামাজিক শ্রেণী বিভাজনৰ ক্ষেত্ৰত জন্মস্বত্ব নৰজে। এই ক্ষেত্ৰত ব্যক্তিজনৰ গুণ, কর্ম আৰু প্ৰচেষ্টাৰ ওপৰতহে গুৰুত্ব আৰােপ কৰা হয়। নিম্ন জাতিৰ ব্যক্তিও নিজ প্রচেষ্টাৰ ফলত উচ্চ শ্রেণীত অধিষ্ঠিত হ’ব পাৰে।
2. প্ৰায়বােৰ জাতিৰে স্বকীয় পৰম্পৰাগত বৃত্তি দেখা যায় কিন্তু বৃত্তিৰ আধাৰত সামাজিক শ্রেণীক ভাগ কৰিব পাৰিলেও শ্রেণী ব্যৱস্থাত কোনাে নির্দিষ্ট বৃত্তি নাই।
3. জাতি ব্যৱস্থা একপ্রকাৰ স্থায়ী, কিন্তু সামাজিক শ্রেণী ব্যৱস্থা পৰিৱৰ্তনশীল। সেয়ে জাতিক স্থিতিশীল আৰু সামাজিক শ্রেণীক গতিশীল আখ্যা দিয়া যায়।
23. ভাৰতৰ যুটীয়া পৰিয়ালৰ বিঘটনৰ চাৰিটা কাৰক উল্লেখ কৰা।
উত্তৰঃ যুটীয়া পৰিয়ালৰ এনে বিঘটনৰ মূল কাৰণসমূহ হ’ল— নতুন বৃত্তিৰ উদ্ভৱ, নগৰীকৰণ, প্রযুক্তিবিদ্যাৰ উদ্ভাৱন, গ্ৰাম্য উদ্যোগৰ পতন, মুদ্রানীতি প্ৰৱৰ্তন, বাসস্থানৰ সমস্যা, নাৰী প্ৰস্থিতি উন্নতি, পৰিয়ালৰ কাম-কাজৰ পৰিৱৰ্তন, স্ব-লব্ধ, প্ৰস্থিতিত গুৰুত্ব আৰোপ, জনসংখ্যা বৃদ্ধি, যাতায়াতৰ উন্নতি, পাশ্চাত্যকৰণ, আর্থিক স্থিতি, গণতান্ত্রিক ভাৱধাৰা, চৰকাৰী আইন, ধর্মীয় দিশ ইত্যাদি।
পৰম্পৰাগত ভাৰতীয় সমাজ চাৰিটা জাতিত বিভক্ত আছিল আৰু প্ৰতিটো জাতিৰে নিৰ্ধাৰিত কৰ্ম আছিল। সেই সময়ত সমাজত অর্থ আহৰণৰ মূল পথ বা মূল কৰ্ম আছিল কৃষি, ক্ৰমে ৰথ নির্মাণ, সোণৰ কাম, চামৰাৰ কাম আদিৰ প্ৰচলন হ’ল। সেইদৰেই নতুন প্রযুক্তিবিদ্যা আৰু নতুন আৱিষ্কাৰে নতুন নতুন শ্ৰেণী আৰু বৃত্তিৰ সৃষ্টি কৰিলে। উদাহৰণস্বৰূপে দূৰ সংযোগৰ নতুন কৌশল উদ্ভাৱন ঘটিল। যেনে আজিৰ পৰা বিশ বছৰৰ আগয়ে এল- পি-জি গেছ, মবাইল ফোন, কম্পিউটাৰ আদিৰ বাবে কোনো প্রতিষ্ঠান বা তেনে বৃত্তিধাৰী লোক নাছিল যদিও বৰ্তমান তেনে বৃত্তিৰ প্ৰচলন হৈছে। এনে বৃত্তিয়ে পৰিয়ালৰ বিঘটনত সহায় কৰিছে। একেধৰণে নতুন নগৰৰ সৃষ্টিয়েও পৰিয়ালৰ বিঘটনত ইন্ধন যোগাইছে।
বৰ্ধিত জনসংখ্যাৰ ফলত খাদ্য উৎপাদনত প্ৰভাৱ পৰিছে। কাৰণ, যি অনুপাতে জনসংখ্যা বাঢ়িছে সেই অনুপাতে খেতিৰ মাটি বা খাদ্যদ্রব্যৰ উৎপাদন বঢ়া নাই। ফলত নতুন পৰিস্থিতিত যুটীয়া পৰিয়ালবোৰ টিকি থকাত জটিল হৈ পৰিছে। পৰিয়ালৰ কোনো সদস্যই অৰ্থ আহৰণৰ বাবে পৃথক বৃত্তি বা চাকৰিৰ সন্ধানত গাঁৱৰ পৰা নগৰৰ অভিমুখে গতি কৰিছে; ফলত যুটীয়া পৰিয়ালৰ বিঘটন ঘটি একক পৰিয়ালৰ সৃষ্টি হৈছে। যুটীয়া পৰিয়াল ব্যৱস্থা ঘাইকৈ ভাৰতীয় হিন্দু সমাজতহে বিদ্যমান। কিন্তু পৰম্পৰাগত হিন্দুধৰ্মতো পৰিৱৰ্তন পৰিলক্ষিত হয়। বিশেষকৈ হিন্দুধৰ্মৰ অংগ জাতি, বৰ্ণ আৰু আশ্ৰম ব্যৱস্থা বৰ্তমান অৰ্থহীন হৈ পৰিছে। একেধৰণেই বৰ্তমানৰ মানুহবোৰ যুক্তিবাদী হ’বলৈ আৰম্ভ কৰিছে। বৰ্তমান সময়ত মানুহে উপলব্ধি কৰিছে যে শিক্ষা আহৰণ, ব্যক্তিত্ব বিকাশ আদি দিশত যুটীয়া পৰিয়ালতকৈ আধুনিক পৰিয়ালৰ সুবিধা বেছি। ফলত মানুহে যুটীয়া পৰিয়াল ভাঙি একক পৰিয়াল প্রতিষ্ঠিত কৰিছে। সেই ধৰণেই দেখা যায় যে যুটীয়া পৰিয়ালত কিছুমান ব্যক্তিয়ে অধিক কাম কৰাৰ বাবে আৰু আন কিছুমানে কাম নকৰাৰ বাবে পাৰিবাৰিক অশান্তি হৈ থাকে। কিন্তু একক পৰিয়ালত এনে অশান্তি কম। গতিকে লাহে লাহে যুটীয়া পৰিয়ালৰ বিঘটন ঘটি একক পৰিয়াল প্রতিষ্ঠিত হৈছে।
আধুনিক শিক্ষা পদ্ধতি আৰু যোগাযোগ পদ্ধতিয়েও যুটীয়া পৰিয়ালৰ বিঘটনত অৰিহণা যোগাইছে। উদাহৰণস্বৰূপে, উন্নত আৰু পাশ্চাত্য দেশসমূহত একক পৰিয়ালে বা আধুনিক পৰিয়ালে সমাজৰ প্ৰচুৰ উন্নতি সাধন কৰা পৰিলক্ষিত হৈছে। ফলত ভাৰতীয় লোক সকলো তেনে আদৰ্শৰে অনুপ্রাণিত হৈছে। একেধৰণেই দেখা যায় যে বর্তমান পৃথিৱীৰ প্ৰায়ভাগ সমাজেই নাৰীৰ সামাজিক প্ৰস্থিতি উন্নয়নৰ বিশেষ ব্যৱস্থা লৈছে। নাৰীৰ সামাজিক প্ৰস্থিতি উন্নয়নৰ বাবে যুটীয়া পৰিয়াল পদ্ধতি আসোঁৱাহপূৰ্ণ পদ্ধতি। লগতে বিবাহ সম্পৰ্কীয় দৃষ্টিভংগী আৰু পদ্ধতি পৰিৱৰ্তন, নাৰীৰ সম্পত্তিৰ অধিকাৰ আদি তথা বিবাহ আইন আদিৰ ফলত যুটীয়া পৰিয়ালৰ প্রয়োজনীয়তা হ্রাস পাইছে। ফলত পৰম্পৰাগত ভাৰতীয় যুটীয়া পৰিয়াল পদ্ধতিত বিঘটন ঘটিছে।
24. (a) সমাজ পৰিৱৰ্তনত জনসংখ্যাৰ ভূমিকা কি? আলোচনা কৰা।
উত্তৰঃ নিজে কৰা।
বা
(b) অনুসূচিত জাতিৰ লোকসকলৰ সমস্যা সমাধানৰ বাবে ভাৰত চৰকাৰে লোৱা সাংবিধানিক ব্যৱস্থাবলী সম্পর্কে লিখা।
উত্তৰঃ অনুসূচিত জাতিৰ লোকসকলৰ সমস্যা সমাধানৰ বাবে ভাৰত চৰকাৰে লোৱা সাংবিধানিক ব্যৱস্থাবলী-
১। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা অনুসৰি দেশৰ সকলো নাগৰিকে সমতা, ভাতৃত্ববোধ, সমান স্বাধীনতা, ন্যায় আদি পোৱাৰ ব্যৱস্থা আছে।
২। সংবিধানৰ ১৫,১৬,১৭,৩৮ আৰু ৪৬ অনুচ্ছেদ অনুসৰি সকলো ভাৰতীয়ই সংবিধান স্বীকৃত সকলো মৌলিক অধিকাৰ ভোগ কৰিব পাৰিব। শ্ৰেণী, জাতি, ধর্ম, অঞ্চল নির্বিশেষে সকলো লোক আইনৰ চকুত সমান। কোনো লোককে শ্রেণী, জাতি বা ধৰ্মৰ ভিত্তিত অস্পৃশ্য বুলি গণ্য কৰিব নোৱাৰিব আৰু এইবোৰৰ ওপৰত ভিত্তি কৰি বৈষম্যমূলক আচৰণ কাৰো ওপৰত প্ৰয়োগ কৰিব নোৱাৰিব।
৩। অনুচ্ছেদ ১৭ৰ দফা ‘গ’ৰ মতে কোনো লোকে কাৰোবাক অস্পৃশ্য হিচাপে গণ্য কৰিলে বা কাৰোবাক অস্পৃশ্য বুলি নায্য প্রাপ্তিৰ পৰা বঞ্চিত কৰিলে তেনে লোকৰ শাস্তি বিধানৰ ব্যৱস্থা আছে।
৪। অনুচ্ছেদ ৩৩০, ৩৩২ আৰু ৩৩৪ ৰ মতে সংসদৰ, উভয় (লোকসভা আৰু ৰাজ্যসভা) সদনতে অনুসূচীত জাতি আৰু জনজাতিৰ বাবে আসন সংৰক্ষণ কৰাৰ ব্যৱস্থা আছে।
৫। অনুচ্ছেদ ১৬(৪), ৩২০(৪) আৰু ৩৬৫ অনুসৰি ভাৰতীয় যিকোনো চৰকাৰী কামত মকৰলৰ ক্ষেত্ৰত অনুসূচীত জাতি আৰু জনজাতিৰ বাবে আসন সংৰক্ষণ কৰাৰ ব্যৱস্থা আছে।
৬। অনুচ্ছেদ ২৩ (৩) অনুসূচীত জাতি আৰু জনজাতিসকলৰ কোনো ব্যক্তিয়ে শোষণ কৰিব নোৱৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
৭। অনুচ্ছেদ ১৫(৪) আৰু ২৯(২) ৰ মতে অনুসূচীত জাতি আৰু জনজাতিসকলৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰসমূহে সুকীয়া ব্যৱস্থা গ্ৰহণ কৰিব পৰাৰ অনুমোদন জনোৱা হৈছে।
৮। অনুচ্ছেদ ৩৫ (৩) অস্পৃশ্যতা দূৰীকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ সুবিধা আছে। এই উদ্দেশ্যে ১৯৫৫ চনত গ্ৰহণ কৰা ‘অস্পৃশ্যতা অপৰাধ আইন’ (Untouchability Offence Act, 1955) মতে অস্পৃশ্যতা বজাই ৰাখিবলৈ চেষ্টা কৰা ব্যক্তিক শাস্তি বিধানৰ ব্যৱস্থা আছে।
৯। অনুচ্ছেদ ৩৩৮ ৰ মতে, অনুসূচীত জাতিৰ বাবে বিভিন্ন কল্যাণমূলক আঁচনি ৰূপায়ণ কৰিবলৈ ভাৰত চৰকাৰে একোখন আয়োগ গঠনৰ সুবিধা পাইছে।
সংবিধান স্বীকৃত এই ব্যৱস্থাসমূহৰ বাহিৰেও ভাৰত চৰকাৰে অনুসূচীত জাতিৰ লোকৰ সমস্যা সমাধান আৰু উন্নয়নৰ বাবে আৰু কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সংবিধানৰ নিৰ্দেশাত্মক নীতি অনুসৰি ভাৰত চৰকাৰে পিছপৰা শ্ৰেণীৰ কল্যাণৰ বাবে বিত্তৰ যোগানৰ ব্যৱস্থা কৰিছে। তদুপৰি এই শ্ৰেণীৰ সমস্যা সমূহৰ সমাধানৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পিছৰপৰা শ্ৰেণীৰ কল্যাণৰ বাবে বিত্তৰ যোগানৰ ব্যৱস্থা কৰিছে। তদুপৰি এই শ্ৰেণীৰ সমস্যাসমূহ সমাধানৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে বহুতো আঁচনি গ্ৰহণ কৰিছে। অনুসূচীত জাতিৰ উন্নতিৰ বাবে পঞ্চবার্ষিক পৰিকল্পনাসমূহৰ জৰিয়তেও বহুতো আঁচনি প্ৰস্তুত কৰা হৈছে আৰু এই আঁচনিসমূহ ৰূপায়ণৰ ফলত কিছু উন্নতি সাধন হোৱাও দেখা গৈছে।
25. (a) গ্ৰাম্য সমাজৰ ভাগকেইটা কি কি? ভাৰতৰ গ্ৰাম্য সমাজত দেখা পৰিৱৰ্তন সম্পর্কে আলোচনা কৰা।
উত্তৰঃ গ্ৰাম্য সমাজৰ ভাগকেইটা হৈছে— জমিদাৰী গাঁও, ৰায়তোৱাৰী গাঁও আৰু সমবায় ভিত্তিক গাঁও।
ভাৰতৰ গ্ৰাম্য সমাজত দেখা পৰিৱৰ্তন-
(ক) গ্রামাঞ্চল অধিকাংশ লোকৰ বসতিস্থান যদিও গ্রামাঞ্চলৰ লোকৰ বৰ্তমান নগৰমুখী হোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে। বহুতো গাঁওবাসী নগৰমুখী হোৱাৰ লগতে বহু গাঁও অঞ্চল নগৰলৈ পৰিৱৰ্তিত হৈছে।
(খ) বহুতো গ্রাম্যবাসী বৰ্তমান কৃষিৰ পৰিৱৰ্তে অন্য বৃত্তিত নিয়োজিত হৈছে। বৰ্তমান গাঁওবোৰত বিভিন্ন বৃত্তিধাৰী লোকৰ প্ৰভাৱ লক্ষ্য কৰিব পাৰি।
(গ) আগৰ দৰে গাঁওবাসী ধর্মভীৰু নহয়৷ গাঁৱৰ মানুহো ক্ৰমে যুক্তিবাদী হ’বলৈ আৰম্ভ কৰিছে আৰু কিছুমান অযুক্তিকৰ পুৰণা ৰীতি-নীতি পৰিত্যাগ কৰিছে।
(ঘ) বর্তমান কোনো অঞ্চলেই আত্মনিৰ্ভৰশীল নহয়। বহু গ্রাম্যবাসীয়ে নিজৰ প্ৰয়োজনীয় খাদ্যসামগ্রী উৎপাদন কৰিছে যদিও অন্য সম্পদৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছে।
(ঙ) বর্তমান সময়ত প্ৰায়ভাগ লোকেই আত্মকেন্দ্ৰিক হৈ পৰিছে। বৰ্তমান গাঁওসমূহত চুবুৰীয়াৰ খা-খবৰ ৰখা বা গুৰুত্ব দিয়াতো হ্রাস পাইছে।
(চ) বর্তমান সময়ত বহু গাঁওবাসী নগৰীয়া সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈছে। বহু গাঁৱে নগৰৰ পৰা একাষৰীয়া হৈ থকাৰ পৰিৱৰ্তে নগৰীয়া সংস্কৃতিৰ লগত একাত্মহে হ’ব বিচাৰে।
(ছ) বৰ্তমান গ্ৰাম্য অঞ্চলৰ পৰাও যুটীয়া পৰিয়াল ব্যৱস্থাৰ অৱসান ঘটিছে। নতুন বৃত্তিৰ সন্ধান, প্রয়োজনীয়তা আদিৰ বাবে বহু গাঁৱৰ পৰা যুটীয়া পৰিয়াল ব্যৱস্থা পৰ্যৱসিত হৈছে।
(জ) বৰ্তমান সময়ত গাঁৱলীয়া মানুহৰ সৰলতাও হ্রাস পাইছে। জটিল সমাজ ব্যৱস্থাৰ বাবে বহু গ্রাম্যবাসীয়ে জটিল জীৱন-যাপন কৰিবলৈ বাধ্য হৈছে।
(ঝ) বহু গাঁৱৰ মাজত থকা আত্মীয়তা মনোভাৱো বৰ্তমান সময়ত হ্রাস পাইছে।
(ঞ) বর্তমান সময়ত গাঁওবাসীৰ সামূহিক কামৰ গুৰুত্ব হ্রাস পাইছে। বৰ্তমানৰ গ্ৰাম্যবাসীয়ে নিজা আৰু লাভজনক কামতহে মনোনিৱেশ কৰি ভাল পায়।
(ট) গাঁওবাসীৰ অতিথিপৰায়ণ বৈশিষ্ট্যও বর্তমান হ্রাস পাইছে।
(থ) গ্ৰাম্যবাসীৰ মাজতো বহু ধনী ব্যক্তি আছে। কৃষিয়ে প্ৰচুৰ উৎপাদন দিবলৈ আৰম্ভ কৰাৰ লগে লগে বা উৎপাদিত সামগ্ৰীৰ দ্রব্যমূল্য বৃদ্ধি হোৱাৰ লগে লগে গ্রাম্য কৃষকৰ আৰ্থিক অৱস্থাও টনকিয়াল হৈছে।
(ড) আধুনিক শিক্ষাৰ সম্প্ৰসাৰণৰ লগে লগে গাঁও অঞ্চলতো শিক্ষিত লোকৰ সংখ্যা বৃদ্ধি পাইছে। পৰীক্ষাৰ ফলাফল লক্ষ্য কৰিও গ্ৰাম্যাঞ্চলত শিক্ষাৰ প্ৰসাৰতাৰ কথা উল্লেখ কৰিব পাৰি।
(ঢ) গাঁৱৰ কৃষকে ঘাইকৈ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি খেতিপথাৰ কৰে যদিও বর্তমান সময়ত উন্নত কৃষিপদ্ধতি আৰু জলসিঞ্চন পদ্ধতিয়ে প্ৰাকৃতিক নিৰ্ভৰশীলতা হ্ৰাস কৰিছে।
(ণ) বৰ্তমান সময়ৰ গাঁৱৰ মানুহৰ মাজতো শ্ৰমৰ বিশেষীকৰণ ঘটিছে। বিভিন্ন দিশত বহুলোক পাৰদৰ্শী হৈ উঠিছে।
(ত) বৰ্তমানৰ বিশ্ব-গোলকীকৰণৰ যুগত সকলো অঞ্চললৈ যোগাযোগ আৰু যাতায়াত ব্যৱস্থাৰ প্ৰসাৰ ঘটিছে। বর্তমান কোনো অঞ্চল তথ্য–সংবাদৰ পৰা বঞ্চিত নহয়৷
(থ) সমগ্ৰ ভাৰতবৰ্ষত নগৰ-গাঁও নির্বিশেষে একে পাঠ্যক্ৰমৰ প্ৰচলন, শিক্ষা আৰু স্বাস্থ্যৰ ক্ৰমোন্নতিয়ে গ্রাম্য সমাজতো প্ৰভাৱ পেলাইছে। গ্রামাঞ্চলতো উন্নত মানৰ শিক্ষাৰ প্ৰসাৰ ঘটিছে।
(দ) চৰকাৰৰ জনপ্ৰিয় আঁচনিসমূহ গাঁও-নগৰ নিৰ্বিশেষে ৰূপায়িত হৈছে। ফলত গ্ৰাম্য জনসাধাৰণৰ মাজতো অৱসৰ বিনোদনৰ ব্যৱস্থা, শিশু আৰু বৃদ্ধসকলৰ মানসিক চাহিদা পূৰাব পৰা অনুষ্ঠান আদিৰ সৃষ্টি হৈছে।
পৰিশেষত ক’ব পাৰি যে, বর্তমান সময়ত গাঁৱৰ আৰু নগৰৰ প্ৰভেদ হ্ৰাস পাইছে। বৰ্তমান গাঁৱৰ অতীত চৰিত্ৰৰ ম্লান পৰিছে আৰু গাঁৱত পৰিৱৰ্তনে দেখা দিছে।
বা
(b) সংস্কৃতিকৰণ কি? ভাৰতীয় সমাজত সংস্কৃতিকৰণৰ প্ৰভাৱ সম্পর্কে আলোচনা কৰা।
উত্তৰঃ পৰম্পৰাগত ভাৰতীয় সমাজৰ সামাজিক সংৰচনাৰ গতিশীলতাৰ অৰ্থ প্ৰকাশ কৰিবলৈ পোন প্ৰথমে এম. এন. শ্রীনিবাসে (M. N. Srinivas) ১৯৫২ চনত সংস্কৃতিকৰণ অৱধাৰণাটো আগবঢ়ায়। তেওঁ উল্লেখ কৰিছে যে, “As far as possible, the customs, rites and beliefs of the Brahmins, and the adoption of the Brahminic way of life by the low caste seems to have been frequent, through theoritically forbidden. This process has been called ‘Sanskritization’. অর্থাৎ নিম্নজাতৰ মানুহে পম্পৰাগত পদ্ধতি পৰিত্যাগ কৰি ব্ৰাহ্মণৰ বিশ্বাস, প্ৰথা আৰু ৰীতি-নীতিৰে পৰিচালিত হয়, তাকেই সংস্কৃতিকৰণ বোলা হয়।
স্বাধীনোত্তৰ যুগৰেপৰা ভাৰতীয় সমাজত সংস্কৃতিকৰণ প্ৰক্ৰিয়া দ্ৰুত হৈ পৰিছে। বহুতো নিম্ন জাতি, উপ- জাতিয়ে সমাজত উচ্চ প্ৰস্থিতি লাভৰ প্ৰচেষ্টা চলোৱাৰ বাবে সামাজিক ৰীতি-নীতি, ধর্মবিশ্বাস, পৰম্পৰা আদি দিশত পৰিৱৰ্তন আনিছে। শ্রীনিবাসে জনজাতি আৰু নিম্ন সম্প্ৰদায়ৰ মাজতো সংস্কৃতিকৰণ হোৱাৰ কথা উল্লেখ কৰিছে। এই ক্ষেত্ৰত তেওঁ ধৰ্মীয় ক্ৰিয়া-কাণ্ড, খোৱা-বোৱা, সামাজিক ৰীতি-নীতি, অর্থনৈতিক ব্যৱস্থা, সামাজিক ব্যৱস্থা, ৰাজনৈতিক পদ্ধতি আদি বিভিন্ন দিশত সংস্কাৰ সাধন কৰাৰ কথা উল্লেখ কৰিছে। সংস্কৃতিকৰণ প্ৰক্ৰিয়াই ভাৰতীয় সমাজলৈ অনা কিছুমান পৰিৱৰ্তনৰ বিষয়ে তলত উল্লেখ কৰা হ’ল—
১। জাতি ব্যৱস্থাত পৰিৱৰ্তন (Change in Caste System): ভাৰতীয় সমাজত সংস্কৃতিকৰণ প্ৰক্ৰিয়াই পৰম্পৰাগত জাতি ব্যৱস্থাত পৰিৱৰ্তন সাধন কৰিছে। জাতি ব্যৱস্থাত জন্মই ব্যক্তিৰ সামাজিক স্থানৰ নিৰ্ণয় কৰে; যোগ্যতাৰ ওপৰত নিৰ্ভৰ কৰি কোনো ব্যক্তিকে উচ্চ স্থান দিয়া নহয়। তদুপৰি জাতি ব্যৱস্থাত সামাজিক আদান-প্রদান আৰু খোৱা-লোৱাৰ ক্ষেত্ৰত কিছুমান বাধা-নিষেধ মানি চলা হয়। ইচ্ছা অনুসৰি ব্যক্তিয়ে নিজৰ প্ৰস্থিতিৰ পৰিৱৰ্তন ঘটাব নোৱাৰিছিল৷ ভাৰতলৈ মুছলমানসকলৰ আগমনৰ (মধ্যযুগৰ) পাছৰে পৰাই জাতি ব্যৱস্থাত কেৰোণ সোমাইছিল। ইংৰাজসকলৰ ঔপনিৱেশিক শাসন প্রতিষ্ঠাৰ পাছৰেপৰা জাতি ব্যৱস্থাৰ ভাঙোন অধিক হয়। প্ৰশাসন ব্যৱস্থা, শিক্ষা ব্যৱস্থা, পাশ্চাত্যকৰণ, নতুন দৰ্শনৰ উদ্ভৱ, সংস্কাৰ আন্দোলন, গোষ্ঠীগত আন্দোলন, জাতীয় আন্দোলন, অস্পৃশ্যতা বৰ্জন, নাৰী আন্দোলন আদি দিশত ইংৰাজসকলে ভাৰতীয়সকলক নতুন পথৰ সন্ধান দিলে। সমাজৰ বিভিন্ন স্তৰৰ লোকে ৰাজনৈতিক, অর্থনৈতিক, সামাজিক, ধর্মীয় আদি দিশত সমান সুবিধা লাভ কৰিব পৰা হ’ল। ফলত নিম্নস্তৰৰ লোকসকলৰ মাজতো শ্ৰেণী সচেনতাই দেখা দিলে। সমাজত বন্ধ স্তৰীকৰণ প্ৰক্ৰিয়াৰ ঠাইত মুক্ত স্তৰীকৰণ গঢ় লৈ উঠিল। যোগ্যতা অনুসৰি ব্যক্তিয়ে সামাজিক স্থানৰ পৰিৱৰ্তন ঘটাব পৰা হ’ল। নিম্ন জাতিৰ লোকসকলে সংস্কৃতিকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে নিজৰ সামাজিক স্থানৰ উন্নতি সাধিবলৈ চেষ্টা কৰিলে। সেয়ে সংস্কৃতিকৰণৰ প্ৰভাৱত লাহে লাহে জাতি ব্যৱস্থাৰ ঠাইত শ্ৰেণী ব্যৱস্থাই গঢ় লৈ উঠিল।
২। জনজাতীয় সমাজৰ পৰিৱৰ্তন (Change in Tribal Society): সংস্কৃতিকৰণ প্ৰক্ৰিয়াৰ ফলত ভাৰতীয় জনজাতীয় সমাজত বিভিন্ন দিশত পৰিৱৰ্তন হৈছে। প্ৰায়বোৰ জনজাতিৰে একো একোটা সুকীয়া ৰাজনৈতিক ব্যৱস্থা, অর্থনৈতিক ব্যৱস্থা, বিশেষ পৰম্পৰা, সুকীয়া ভাষা বা দোৱান, ধৰ্ম আদি থাকে৷ তদুপৰি প্ৰাক্-স্বাধীন কালত প্ৰায়বোৰ জনজাতিয়েই শিক্ষাৰ ক্ষেত্ৰত পিছপৰা, ভৌগোলিক বিচ্ছিন্নতা, অর্থনৈতিক অনগ্ৰসৰতা, ঔদ্যোগিক অনগ্ৰসৰতা, অস্বাস্থ্যকৰ পৰিৱেশত বসবাস আদি সমস্যাৰে জুৰুলা আছিল৷ কিন্তু বর্তমান সময়ত আধুনিক শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি, ৰাজনৈতিক সুবিধা, নতুন বৃত্তিৰ সৃষ্টি, নিয়োগ, শিক্ষা আদি সামাজিক দিশত সুৰক্ষা, অর্থনৈতিক সা-সুবিধা আদিৰ বাবে জনজাতিসকলে নতুন পথৰ সন্ধান পাইছে। যাতায়াতৰ উন্নতি, শিক্ষাৰ উন্নতি, উদ্যোগৰ প্ৰতি আগ্ৰহ, নগৰীকৰণ, সাংবিধানিক সুবিধা আদিৰ জৰিয়তে জনজাতিসকল অজনজাতিসকলৰ ওচৰ চাপি অহাৰ সুবিধা হৈছে। জনজাতিসকলে ঐক্যবদ্ধভাৱে নিজৰ সমস্যাসমূহ সমাধানৰ চেষ্টা চলাইছে। উচ্চ প্ৰস্থিতি আহৰণ কৰিবলৈ জনজাতিসকলে সংস্কৃতিকৰণ প্ৰক্ৰিয়াৰ সহায় লৈছে। সেয়ে সংস্কৃতিকৰণৰ প্ৰক্ৰিয়াৰ ফলত ভাৰতীয় সমাজত পৰিৱৰ্তন ঘটিছে। বহুতো জনজাতিয়ে তেওঁলোকৰ পৰম্পৰাগত ৰাজনৈতিক পদ্ধতি, ৰীতি- নীতি, ধর্মবিশ্বাস, বৃত্তি আদিৰ পৰিৱৰ্তন ঘটাইছে।
৩। আর্থিক দিশৰ পৰিৱৰ্তন (Change in Economic System): সংস্কৃতিকৰণে ভাৰতীয় সমাজৰ আর্থিক দিশতো পৰিৱৰ্তন সাধন কৰিছে। প্রাচীন ভাৰতীয় সমাজত মানুহে ইচ্ছা কৰা মতে বৃত্তি অৱলম্বন কৰিব নোৱাৰিছিল৷ তদুপৰি সামাজিকভাৱে পিছপৰা সমাজবিলাক ব্যৱসায়-বাণিজ্য, উদ্যোগ আদি অর্থনৈতিক দিশতো অনগ্ৰসৰ আছিল। তেনে সমাজবিলাকে বিনিময়ৰ মাধ্যমেৰে আৰ্থিক প্ৰয়োজনীয়তা পূৰণ কৰিছিল। কিন্তু বর্তমান সংস্কৃতিকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে বহুতো নিম্নজাতৰ লোকে পৰম্পৰাগত বৃত্তি ত্যাগ কৰি উদ্যোগ, বাণিজ্য বা অন্যান্য আধুনিক বৃত্তি গ্ৰহণ কৰিছে। বিনিময় ব্যৱস্থাৰ পৰিৱৰ্তে নগদ ধনৰ প্ৰচলন হৈছে৷ যিকোনো জাতিৰ ব্যক্তিয়ে যোগ্যতা আৰু অৰ্হতাৰ জৰিয়তে যিকোনো বৃত্তিকে আহৰণ কৰিব পাৰিছে। ফলত ভাৰতীয় সমাজত অর্থনৈতিক দিশত পৰিৱৰ্তন ঘটিছে। অর্থনৈতিক ক্ষমতাৰ বিকেন্দ্ৰীকৰণ ঘটিছে।
৪। ৰাজনৈতিক পৰিৱৰ্তন (Political Change): বৰ্তমানৰ ভাৰতীয় সমাজৰ ৰাজনৈতিক পদ্ধতিৰ লগত পৰম্পৰাগত ভাৰতীয় সমাজৰ ৰাজনৈতিক পদ্ধতি নিমিলে। ৰজা-মহাৰজাসকলৰ শাসনৰ প্ৰচলন থকাৰ বাহিৰেও জনজাতীয় আৰু অতি পিছপৰা সমাজবোৰত কিছুমান সুকীয়া ৰাজনৈতিক পদ্ধতিৰ প্ৰচলন আছিল । কিন্তু বৰ্তমানৰ সৰ্বভাৰতীয় ৰাজনৈতিক পদ্ধতিত নিম্নজাতিৰ লোকসকলেও ৰাজনৈতিক অধিকাৰ তথা ক্ষমতা পাইছে।
26. (a) ভাৰতৰ পঞ্চায়তীৰাজ ব্যৱস্থা সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ অতি প্রাচীন কালৰপৰাই ভাৰতত পঞ্চায়তীৰাজ ব্যৱস্থাৰ দৰে স্থানীয় স্বায়ত্তশাসিত সন্থা, সভা, উৰ, সমূহ, গ্রামসভা আদি আছিল৷ মাজে-সময়ে এই স্বায়ত্তশাসিত সন্থাবোৰৰ কাৰ্যপদ্ধতি উত্থান-পতনমুখী আছিল। স্বাধীনোত্তৰ ভাৰতত পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্ৰসাৰ উল্লেখনীয়। অৱশ্যে ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰোঁতে পঞ্চায়ত সম্বন্ধে উল্লেখ হোৱা নাছিল। কেইজনমান সদস্যই পঞ্চায়ত ব্যৱস্থাৰ কথা সংবিধানত উল্লেখ কৰিবলৈ মত প্রকাশ কৰোঁতে সংবিধান খচৰা সমিতিৰ সভাপতি ড° বি. আৰ. আম্বেদকাৰে প্ৰত্যাখ্যান কৰিছিল।
তেখেতৰ মতে স্থানীয় শাসনে নিম্ন জাতি বা অন্য জনগণক শোষণ-লুণ্ঠনহে চলাব। কিন্তু জাতিৰ পিতা মহাত্মা গান্ধীৰ সপোন আছিল গ্রাম্য স্বৰাজ। তেখেতে ভাৰতৰ প্ৰত্যেকখন গাঁৱকে সম্পূৰ্ণ ৰূপত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিছিল। পিছত ১৯৫৮ চনৰ পৰা ভাৰতত পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্ৰসাৰ ঘটে। আক্ষৰিক অৰ্থত পঞ্চায়ত মানে পাঁচজন ব্যক্তিৰ সমষ্টি, যি শাসন বা নিয়ন্ত্রণ চলায়।
গণতন্ত্র সম্পূৰ্ণ হ’বলৈ হ’লে ৰাজনৈতিক অনুষ্ঠানসমূহ নিম্নস্তৰৰ পৰা বা তৃণমূল পর্যায়ৰ পৰা সংগঠিত হ’ব লাগিব। ভাৰতীয় সংবিধানৰ ৪০ নং দফাত উল্লেখ আছে যে, ‘ৰাষ্ট্ৰই গাঁও পঞ্চায়তসমূহ সংগঠন কৰাৰ ব্যৱস্থা ল’ব লাগিব আৰু সেইবিলাকক এনেকুৱা ক্ষমতা আৰু কৰ্তৃত্ব দিব লাগিব যাতে সেইবিলাকে স্বাধীন চৰকাৰৰ অংশ হিচাপে কাম কৰিবলৈ সক্ষম হ’ব।’ স্বাধীনতাৰ পিছতে চৰকাৰে অৰ্থনৈতিক পৰিকল্পনাসমূহ গ্ৰহণ কৰে। ১৯৫৩ চনত গঠিত সামূহিক উন্নয়ন আৰু জাতীয় সম্প্ৰসাৰণ সেৱা নামৰ সংস্থাটোৱে গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে সেই সেই অঞ্চলৰ জনসাধাৰণৰ সক্রিয় সহযোগিতা কামনা কৰে। ফলত গ্রাম্য স্বায়ত্তশাসিত সংস্থাবোৰ পুনৰ সক্ৰিয় হৈ উঠে। পৰিকল্পনা আয়োগৰ অধীনত পৰিকল্পনা আঁচনি সম্পৰ্কীয় সমিতিয়ে বলৱন্ত ৰায় মেহতাক সভাপতি হিচাপে লৈ সামূহিক উন্নয়ন আৰু জাতীয় সম্প্ৰসাৰণ সেৱাৰ বিষয়ে অধ্যয়ন কৰিবলৈ এটা দল নিয়োগ কৰে। এই সমিতিৰ পৰামৰ্শসমূহ মেহতা কমিটিৰ চুপাৰিশ হিচাপে জনাজাত। সমিতিয়ে ইতিমধ্যে অব্যাহত থকা স্থানীয় স্বায়ত্তশাসিত অনুষ্ঠানবোৰ পুনৰ সংগঠন আৰু কাৰ্যক্ষম কৰাত গুৰুত্ব দিয়ে। সমিতিয়ে তিনিখলপীয়া পঞ্চায়ত পদ্ধতিৰ অনুমোদন জনায়। স্থানীয় স্বায়ত্তশাসন বিভাগৰ কেন্দ্ৰীয় পৰিষদৰ ১৯৫৮ চনৰ চতুৰ্থ সভাই প্রত্যেক ৰাজ্যতে পঞ্চায়ত গঠনত মনোনিৱেশ কৰে। বৰ্তমান ভাৰতৰ সকলোবিলাক ৰাজ্যতে মেহতা কমিটিৰ চুপাৰিশ মতেই তিনিখলপীয়া পঞ্চায়ত ব্যৱস্থাৰ প্ৰৱৰ্তন হৈছে।
১৯৯২ চনৰ ভাৰতীয় সংবিধানৰ ৭৩ তম সংশোধনীয়ে পঞ্চায়তীৰাজ সংস্থাবোৰক সাংবিধানিক মর্যদা প্রদান কৰে। এই সংশোধনীয়ে স্থানীয় স্বায়ত্তশাসিত সংস্থাবোৰৰ ওপৰত স্থানীয় সম্পদৰ নিয়ন্ত্ৰণ ব্যৱস্থা আৰোপ কৰে। আৰু প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে গাঁও বা নগৰ অঞ্চলৰ স্থানীয় স্বায়ত্ত শাসিত সংস্থাৰ নিৰ্বাচন হোৱাটো সু-নিশ্চিত কৰে। সংবিধানৰ ৭৩ আৰু ৭৪ তম সংশোধনী মতে এনে সংস্থাৰ বাবে এক-তৃতীয়াংশ মহিলাৰ বাবে সংৰক্ষিত হয়। সেইদৰে অনুসূচীত জাতি-জনজাতিৰ বাবে ১৭ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰে।
বা
(b) সংস্কৃতি কি? সংস্কৃতিৰ উপাদানসমূহৰ বিষয়ে লিখা।
উত্তৰঃ সংস্কৃতি হৈছে জটিল সামগ্ৰিকতা য’ত অন্তৰ্ভুক্ত থাকে জ্ঞান, বিশ্বাস, নৈতিকতা, কলা, আইন, আচৰণ আৰু সমাজত বসবাস কৰা ব্যক্তি হিচাপে মানুহে আহৰণ কৰা আন যিকোনো সাম্ভাব্য ক্ষমতা বা অভ্যাস।
সংস্কৃতিৰ উপাদান সার্বজনীন। বিভিন্ন সংস্কৃতিৰ মূল উৎস হ’ল— বিভিন্ন জনৰীতি। এই জনৰীতিসমূহৰ পৰাই এখন সমাজৰ প্ৰথা, ৰীতি-নীতি আদিৰ জন্ম হয়। এখন সমাজৰ সংস্কৃতি বুলিলে সেই সমাজৰ ৰীতি-নীতি, সংগঠন পদ্ধতি, আচাৰ-ব্যৱহাৰ, উৎপাদনৰ সা-সঁজুলি, ঘৰ-দুৱাৰ আদিক সামৰি লয়। গতিকে, সংস্কৃতিৰ পৰিসৰ ইমান বহল যে, ইয়াৰ উপাদানসমূহক কেইটামান ভাগত ভাগ কৰিব পাৰি; যেনে— জনৰীতি, লোকাচাৰ, আইন, প্ৰতীক, প্ৰতিমান আৰু ভৌতিকতা।
জনৰীতি: সামাজিক প্রাণী হিচাপে এজন ব্যক্তিয়ে আন এজনৰ লগত আদান-প্রদান বা আন্তঃসম্বন্ধ স্থাপন কৰোঁতে স্বাভাৱিকভাৱে কিছুমান নীতি-নিয়মে গঢ় লৈ উঠে। এই ৰীতি-নীতিবোৰকে জনৰীতি বোলা হয়। এই ৰীতি-নীতিবোৰ আনুষ্ঠানিকভাৱে এদিনতে গঢ় লৈ উঠা নহয়; পৰম্পৰাগতভাৱে পূৰ্বপুৰুষৰ পৰা উত্তৰপুৰুষলৈ পুৰুষানুক্রমিকভাৱে এই ৰীতি-নীতিবোৰ বাগৰি আহি থাকে। জনৰীতিবোৰ হ’ল ধানকাটি নিয়া পথাৰৰ মাজৰ মানুহ চলাচল কৰা লুঙলুঙীয়া ৰাস্তাৰ দৰে। ধানডৰা দাই নিয়াৰ পাছত কোনোবা এজন যোৱা পথটোৱেদিয়েই বাকীসকলেও অহা-যোৱা আৰম্ভ কৰে। প্ৰথমজনে যদি তেৰা-বেঁকাকৈ গৈছিল, বাকীসকলেও তেনেদৰেই যোৱাটো আৰম্ভ কৰে। চিন্তা কৰি চালে দেখা যাব যে পথটো বেঁকা কৰাৰ কোনো কাৰণ নাই, তথাপি বেঁকা পথেৰে যাবলৈ বাকীসকলো অভ্যস্ত হৈছে। একেদৰেই জনৰীতিবোৰো যুক্তিযুক্ততাৰ বিচাৰ নোহোৱাকৈ পুৰুষৰ পাছত পুৰুষ বাগৰি আহি বৰ্তমানৰ অৱস্থা পাইছেহি।
লোকাচাৰ: জৰীতিৰ জটিল ৰূপটোৱেই হ’ল লোকাচাৰ। আমি আগতেই উল্লেখ কৰিছোঁ যে, জনৰীতিসমূহ পালন কৰাটো বাঞ্ছনীয়, কিন্তু পালনৰ ক্ষেত্ৰত বাধ্যবাধকতা নাই। যিবোৰ জনৰীতি পালন কৰাৰ ক্ষেত্ৰত সমাজৰ বাধ্যবাধকতা আছে সেইবোৰকে লোকাচাৰ বোলা হয়। অন্যকথাত যিবোৰ জনৰীতি পালনত সমাজে গুৰুত্ব আৰোপ কৰে সেইবোৰেই লোকাচাৰ। সমাজৰ একতা আৰু শান্তি শৃংখলা বজাই ৰাখিবৰ বাবে লোকাচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। লোকাচাৰে সামাজিক শৃংখলা বজাই ৰখাৰ উদ্দেশ্যে ব্যক্তিক কিছুমান অধিকাৰ প্ৰদান কৰে; ফলত সমাজৰ কোনো ব্যক্তিয়ে লোকাচাৰ ভংগ কৰিলে সামাজিক প্রথামতে বিচাৰৰ সন্মুখীন হ’ব লাগে। নাগৰিকৰ কৰ্তব্য, সন্তানৰ প্ৰতি পিতৃ-মাতৃৰ কৰ্ত্তব্য আৰু দায়িত্ব বা পিতৃ-মাতৃৰ প্ৰতি সন্তানৰ কৰ্তব্য আৰু দায়িত্ব, যৌনাচাৰ পালন, খাদ্য গ্রহণ আদি লোকাচাৰৰ উদাহৰণ। কোনো ব্যক্তিয়ে এই লোকাচাৰবোৰ পালন নকৰাৰ বাবে সামাজিক শাস্তি ল’ব লগাৰ উদাহৰণ আছে।
আইন: আইন হৈছে কোনো ৰাজনৈতিক কৰ্তৃপক্ষৰ দ্বাৰা প্ৰৱৰ্তন কৰা কিছুমান বিধি বা নীতি-নিয়ম। মানৱ সমাজৰ এইটো উল্লেখযোগ্য দিশ যে, সমাজখনে ক্রমে জটিলৰপৰা জটিলতালৈ গতি কৰিছে। আধুনিক জটিল-সুসভ্য সমাজৰ অন্যতম বৈশিষ্ট্য হৈছে আইনৰ প্ৰতি আনুগত্য প্রকাশ। আইন প্রয়োগৰ বাবে কাৰ্যপালিকা আৰু ন্যায়পালিকা নামৰ দুটা সংস্থা আছে। আইনৰ প্ৰয়োগ আৰু আইন পালন সম্পর্কে এই সংস্থা দুটাই দৃষ্টি ৰাখে। কোনো লোকে আইনগতভাৱে কাৰ্য নকৰিলে ন্যায়পালিকাই ব্যৱস্থা গ্ৰহণ কৰে। এই আইনবোৰ সাধাৰণতে লিখিত অৱস্থাতে থাকে; ফলত মাজে-সময়ে আইনৰ অৰ্থ আৰু ব্যাখ্যা, কাৰ্যপৰিসৰ আদি আলোচিত হৈ থাকে।
প্রতিমান: সমাজতত্ত্বৰ ভাষাত আশানুৰূপ সামাজিক ব্যৱহাৰকে প্রতিমান বোলে৷ প্ৰতিমানৰ ওপৰত নিৰ্ভৰ কৰিয়েই সমাজ বৰ্তী থাকে। সমাজ পদ্ধতিত সামাজিক সমূহবোৰৰ একোটা নিজস্ব মান আছে। এই মানবোৰেই হৈছে প্ৰতিমানৰ স্বৰূপ। এই প্রতিমানৰ ওপৰত ভিত্তি কৰিয়েই সামাজিক মূল্যবোধৰ জন্ম হয়। এই প্রতিমানৰ যোগেদিয়েই ব্যক্তিয়ে নিজক নিয়ন্ত্ৰণ কৰাৰ লগতে অন্য ব্যক্তিকো নিয়ন্ত্ৰিত আৰু অনুপ্রাণিত কৰে। উদাহৰণস্বৰূপে, শিশুক সৰুৰে পৰাই পিতৃ-মাতৃক মান কৰিবলৈ, খেলত বা পঢ়াত আগবাঢ়িবলৈ অনুপ্রাণিত কৰা হয়। এইবোৰ কৰাবলৈ কেতিয়াবা পুৰস্কৃত বা প্ৰশংসাৰ ব্যৱস্থা কৰা হয় বা বিনিময়ত লাভৱান হোৱাৰ আশ্বাস দিয়া হয়। এই সকলোবোৰ প্ৰতিমানৰ অন্তৰ্গত।
প্রতীক বা চিহ্ন: প্রতীক বা চিহ্ন সংস্কৃতিৰ অন্যতম আহিলা। প্রতীক ব্যৱহাৰ কৰাটো মানুহৰ স্বাভাৱিক চৰিত্ৰ। বিভিন্ন সভা-সমিতি, অনুষ্ঠান-প্রতিষ্ঠানত নিজস্ব প্রতীক বা চিহ্ন থাকে। উদাহৰণস্বৰূপে, অসম চৰকাৰৰ প্ৰতীক গঁড়, ভাৰত চৰকাৰৰ প্রতীক সাৰনাথৰ অশোকচক্ৰ বা ৰাষ্ট্ৰীয় প্রতীক ত্ৰিৰংগ পতাকাখন। সেইদৰে নামঘৰত থাপনাখন ঈশ্বৰৰ প্ৰতীকৰূপে সজাই ৰখা হয় বা ত্ৰিশূল থকা ঘৰটো শিৱমন্দিৰ, ক্ৰুচচিন থকা ঘৰটো খ্ৰীষ্টানৰ গীৰ্জা বুলি জনা যায়। এইবোৰৰ জৰিয়তে সংস্কৃতিৰ প্ৰকাশ ঘটে।
27. (a) জনসংযোগ মাধ্যম হিচাপে চলচ্চিত্র বা চিনেমাৰ উৎপত্তি আৰু বিকাশ সম্পর্কে আলোচনা কৰা।
উত্তৰঃ চলচ্চিত্ৰও জনংসযোগৰ অন্যতম মাধ্যম। চলচ্চিত্ৰৰ জন্ম হয় ১৮৭৭ খ্ৰীষ্টাব্দত। কথা আৰু ছবিৰ সহযোগত শ্ৰৱণ আৰু দৰ্শনৰ জৰিয়তে চলচ্চিত্ৰই জনসংযোগ ৰক্ষা কৰে। বৰ্তমান সময়ত দূৰদৰ্শন বা টিভিৰ প্ৰসাৰতা বৃদ্ধি হোৱাৰ লগে লগে ছিলো বা চলচ্চিত্ৰৰ মৰ্যাদা কমি আহিছে। বৰ্তমানৰ উন্নত কেনেৰা আৰু ৰেকর্ডিং ব্যৱস্থা চলচ্চিত্ৰৰ প্ৰতিদ্বন্দ্বী ৰূপে থিয় দিছে। বর্তমান নবাইল ফোল্ট ভিডিও ফুটেজ কৰাৰ সুবিধা থকাত, মেছেজ যোগে এনে চিত্ৰ সম্প্ৰচাৰৰ সুবিধা থকাত চিনেনা বা কথাছবিৰ প্ৰসাৰতা স্নান পৰিছে। তথাপিতো, আধুনিক জনসংযোগ ব্যৱস্থাৰ অন্য এটা ফলপ্ৰসু মাধ্যম হিচাপে চলচ্চিত্র বা কথাছবিৰ স্থল আছে। প্রয়োজন সাপেক্ষে চলচ্চিত্ৰৰ সবাক সংযোগ, নির্বাক সংযোগলৈ পৰিণত কৰাৰ সুবিধা, ভাগেত আত্মীয়তা স্থাপনত বিশ্ব প্ৰসাৰতা লাভ আনিৰ সুবিধাৰ বাবে চলচ্চিত্ৰৰ গুৰুত্ব আছে। চলচ্চিত্ৰৰ ক্ৰমোন্নতিশীল বুৰঞ্জীয়ে চলচ্চিত্ৰৰ গুৰুত্ব বা প্ৰসাৰতা সম্পর্কে ধাৰণা দিয়ে। আমেৰিকাত ১৯০৩ চনত ‘গ্রেট ট্ৰেইন ৰবাৰি’ নামৰ গতিচিত্ৰত কাহিনী সংযোজন হয়। সবাক ছবিৰ আৰম্ভ হয় ১৯২০ চনত। ইংলেণ্ডত ‘ৰোম এট দা টপ’ নামৰ ছবিখনে ১৯৫৮ চনত এক নতুন দিশৰ উন্মোচন কৰে। যাঠিৰ দশকত ইংলেণ্ডত মুক্ত চলচ্চিত্ৰ আৰম্ভ হয়।
চলচ্চিত্ৰৰ লগত বহুতো ব্যক্তি জড়িত হৈ আক্তৰাষ্ট্ৰীয় খ্যাতি লাভ কৰিবলৈ সক্ষম হয়। জাপানৰ আকিৰা কুৰোশ্বাৱাই, ইটালীৰ ভিছকন্তি, ৰচোলিনি, ডে ছিল আদিৰ চলচ্চিত্ৰই সমগ্র বিশ্বত বলকনি তোলে। আমেৰিকাৰ লছ এঞ্জেলছৰ ওচৰৰ হলিউডত ১৯১১ চনত প্ৰথম ষ্টুডিঅ’ নির্মাণ হয়। ১৯২৬ চনৰ পৰা সবাক চলচ্চিত্ৰৰ এক নতুন যুগৰ সূচনা কৰে হলিউডে। ভাৰততো চলচ্চিত্ৰৰ পূৰ্ণ প্ৰসাৰ ঘটে। বর্তমান ভাৰতবৰ্ষ বিশ্বৰ বৃহত্তম চলচ্চিত্র উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হৈছে। ১৮৯৬ চনৰ ৭ জুলাইত ভাৰতত প্রথম চলচ্চিত্র প্রদর্শিত হয়। মাৰাঠী ছবি ‘পুগুলীকে’ ১৯১২ চনৰ ১৮ মে’ তাৰিখে মুক্তি লাভ কৰে। ১৯১৩ চনৰ ৩ মে’ত দাদা চাহেব ফাল্কেৰ ‘ৰাজা হৰিশ্চন্দ্ৰই প্ৰথম ফিচাৰ ফ্লিম হিচাপে জনপ্রিয় হয়। অসমতো ১৯৩৫ খ্রীষ্টাব্দত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতীয়ে মুক্তি লাভ কৰে। এনেদৰে চলচ্চিত্ৰৰ বিকাশ হৈ আছে আৰু এক উল্লেখনীয় জনসংযোগ মাধ্যম হিচাপে পৰিগণিত হৈছে। দি গড ফাদাৰ, চিটিজেন কেনী, চীনা টাউন, ৰাগিং বুল, চাইক’, দি গল্ড ৰাচ, ভাটি’গ আদি বিশ্ববিখ্যাত চলচ্চিত্ৰসমূহ পৃথিৱীৰ বিভিন্ন স্থানত প্রদর্শিত হৈছে। অৱশ্যে, ভিডিঅ’ কেছেট, টিভি, ইণ্টাৰনেট আদিয়ে চলচ্চিত্র জগতলৈ কিছু ভাবুকি আনিছে।
বা
(b) সামাজিক আন্দোলন বুলিলে কি বুজা? সামাজিক আন্দোলনৰ প্ৰকাৰসমূহৰ বিষয়ে লিখা।
উত্তৰঃ যিবোৰ আন্দোলনে সমাজৰ অধিকাংশ লোকৰ কল্যাণ সাধন কৰে, যিবোৰ আন্দোলনত সমাজৰ সৰহসংখ্যক লোকেই জড়িত হৈ পৰে, যিবোৰ আন্দোলনত ধ্বংস-হত্যাৰ মাত্ৰা নগণ্য, তেনে সামাজিক উন্নয়নমূলক আন্দোলনবোৰেই সামাজিক আন্দোলন।
সামাজিক আন্দোলনৰ প্ৰকাৰসমূহ-
১। অর্থনৈতিক আন্দোলন: এই আন্দোলন অর্থনৈতিক অৱস্থাৰ লগত জড়িত। এনে আন্দোলনে ব্যক্তিৰ অর্থনৈতিক অৱস্থাৰ উন্নতি সাধিব বিচাৰে। উদাহৰণস্বৰূপে শ্রমিক আন্দোলন, কৃষক আন্দোলন, চাহ-শ্রমিকৰ আন্দোলন আদি অর্থনৈতিক আন্দোলনৰ অন্তৰ্গত।
২। ৰাজনৈতিক আন্দোলন: ৰাজনৈতিক অৱস্থাৰ পৰিৱৰ্তন ঘটোৱা আন্দোলনবোৰেই ৰাজনৈতিক আন্দোলন; যেনে— ভাৰতীয় স্বাধীনতা আন্দোলন, ফ্ৰান্সৰ ঐতিহাসিক বিপ্লৱ আদি ৰাজনৈতিক আন্দোলনৰ অন্তৰ্গত।
৩। ধর্মীয় আন্দোলন: ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰি যিবোৰ সামাজিক আন্দোলন হয়, সেইবোৰকে ধর্মীয় আন্দোলনৰ অন্তৰ্ভুক্ত কৰিব পাৰি। উদাহৰণস্বৰূপে ৰোমৰ প্ৰটেষ্টাণ্ট আন্দোলন, ভাৰতৰ ৰাম জনমভূমি-বাৱৰি মছজিদৰ আন্দোলন আদি ধর্মীয় আন্দোলন।
৪। সমাজ সংস্কাৰ বিষয়ক আন্দোলন: যিবোৰ সামাজিক আন্দোলনে প্রচলিত সমাজ ব্যৱস্থাৰ, বিশেষকৈ সাংস্কৃতিক দিশত পৰিৱৰ্তন সাধন কৰে বা নতুন সাংস্কৃতিক অৱস্থাৰ সৃষ্টি কৰে বা পূৰ্বৰ কোনো সংস্কৃতিৰ পুনৰ উদ্ধাৰ কৰে, সেইবোৰেই সমাজ সংস্কাৰ বিষয়ৰ আন্দোলনৰ অন্তৰ্গত। বাল্যবিবাহ নিষিদ্ধকৰণ, সতীদাহ প্ৰথাৰ বিলুপ্তিকৰণ, অসম আন্দোলন, কিছুমান জনজাতীয় আন্দোলন আদি ইয়াৰ অন্তৰ্গত।
৫। পৰিৱেশ আৰু প্ৰাকৃতিক ভাৰাসাম্য ৰক্ষাৰ আন্দোলন: বিষ্ণৌসকলৰ পৰিৱেশ আন্দোলন, চিপকো আন্দোলন, এপ্লিকো আন্দোলন, চাইলেণ্ট ভেলি আন্দোলন, নর্মদা বচাও আন্দোলন আদি পৰিৱেশ আৰু প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ আন্দোলন।
৬। জাতীয় মুক্তিৰ আন্দোলন: সমাজৰ বৃহৎসংখ্যক লোকৰ মুক্তিৰ বা স্বাধীনতাৰ কাৰণে যি সামাজিক আন্দোলনৰ জন্ম হয়, তাকে জাতীয় মুক্তিৰ আন্দোলন বোলে৷ পৃথিৱীৰ উল্লেখযোগ্য বহুতো আন্দোলনেই জাতীয় মুক্তি আন্দোলনৰ ভিতৰুৱা৷ উদাহৰণস্বৰূপে দক্ষিণ আফ্ৰিকাৰ কৃষ্ণাংগসকলৰ মুক্তিৰ আন্দোলন, নাৰীমুক্তিৰ আন্দোলন, ভাৰতৰ স্বাধীনতা আন্দোলন, অসম আন্দোলন আদি এই শ্ৰেণীৰ অন্তৰ্গত।