AHSEC 2022 Swadesh Adhyayan Question Paper Solved | দ্বাদশ শ্ৰেণীৰ স্বদেশ অধ্যয়ন পুৰণি প্ৰশ্নকাকত সমাধান

AHSEC 2022 Swadesh Adhyayan Question Paper Solved | দ্বাদশ শ্ৰেণীৰ স্বদেশ অধ্যয়ন পুৰণি প্ৰশ্নকাকত সমাধান, AHSEC Class 12 Swadesh Adhyayan Question Paper Solved PDF Download, দ্বাদশ শ্ৰেণীৰ স্বদেশ অধ্যয়ন 2022 ৰ প্ৰশ্নকাকত সমাধান কৰা হৈছে to each Paper is Assam Board Exam in the list of AHSEC so that you can easily browse through different subjects and select needs one. AHSEC 2022 Swadesh Adhyayan Previous Years Question Paper Solved can be of great value to excel in the examination.

AHSEC 2022 Swadesh Adhyayan Question Paper Solved

AHSEC 2022 Swadesh Adhyayan Question Paper Solved | দ্বাদশ শ্ৰেণীৰ স্বদেশ অধ্যয়ন পুৰণি প্ৰশ্নকাকত সমাধান

Join Telegram channel

AHSEC Old Question Paper provided is as per the 2022 AHSEC Board Exam and covers all the questions from the AHSEC Class 12 Swadesh Adhyayan Solved Question Paper 2022 Assamese Medium. Access the detailed Class 12 Swadesh Adhyayan 2022 Previous Years Question Paper Solved provided here and get a good grip on the subject. Access the AHSEC 2022 Swadesh Adhyayan Old Question Paper Solved, AHSEC Class 12 Swadesh Adhyayan Solved Question Paper 2022 of Assamese in Page Format. Make use of them during your practice and score well in the exams.

SWADESH ADHYAYAN

2022

SWADESH ADHYAYAN OLD QUESTION PAPER SOLVED

1. নিম্নোক্ত প্রশ্নকেইটাৰ শুদ্ধ উত্তৰ বাছি উলিওৱাঃ 

(a) অসমত কোনটো অর্থনৈতিক বৃত্তিত সর্বাধিক ব্যক্তি জড়িত?

(i) প্রাথমিক।

(ii) দ্বিতীয়।

(iii) তৃতীয়।

(iv) চতুৰ্থ। 

(b) কোন চনত চিকিমক ভাৰতবৰ্ষৰ উত্তৰ পূর্বাঞ্চল এখন ৰাজ্য হিচাপে অন্তর্ভূক্ত কৰা হয়?

(i) ১৯৪৭।

(ii) ১৯৬৩।

(iii) ১৯৭২।

(iv) ২০০২।

উত্তৰঃ ১৯৪৭।

(c) ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২০১৫ চনত কিমানটা বহনক্ষম উন্নয়ন লক্ষ্য গ্রহণ কৰিছিল?

(i) ১১।

(ii) ১৫।

(iii) ১৭।

(iv) ২১।

(d) অসমত কোন চনত খাৰুৱা তেলৰ সম্ভেদ পোৱা গৈছিল?

(i) ১৮২২।

(ii) ১৮৮৯।

(iii) ১৯২১।

(iv) ১৯৫৮।

উত্তৰঃ ১৮২২।

(e) কোনবিধ মানচিত্র মানীত ছেন্টিমিটাৰ, ইঞ্চি, ফুট আদি এককৰ উল্লেখ নেথাকে?

(i) উক্তি মাপনী।

(ii) ৰৈখিক মাপনী।

(iii) নিৰূপক ভগ্নাংশ

(iv) কর্ণ মাপনী।

(f) এলেকা অনুসৰি অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান সকলোতকৈ সৰু? 

(i) মানস। 

(ii) ওৰাং। 

(iii) নামেৰি।

(iv) ডিব্ৰু-চৈখোকা।

উত্তৰঃ ওৰাং।

2. তলত দিয়া প্ৰশ্নকেইটাৰ চমুকৈ উত্তৰ লিখাঃ (যিকোনো চাৰিটা)

(a) দুই প্ৰকাৰৰ জৈৱ বিচিত্ৰতাৰ নাম লিখা।

 উত্তৰঃ দুই প্ৰকাৰৰ জৈৱ বিচিত্ৰতাৰ নাম–

(ক) প্রজাতিগত বিচিত্রতা (Species Diversity)।

(খ) আনুবংশিক বিচিত্রতা (Genetic Diversity)।

(b) খনিজ তেলৰ শোধনাগাৰ থকা অসমৰ দুখন ঠাইৰ নাম লিখা।

উত্তৰঃ খনিজ তেলৰ শোধনাগাৰ থকা অসমৰ দুখন ঠাইৰ নাম হ’ল– 

(ক) ডিগবৈ।

(খ) বঙাইগাওঁ।

(c) কাৰ্বি আংলং জিলাত থকা দুখন অভয়াৰণ্যৰ নাম লিখা।

উত্তৰঃ কাৰ্বি আংলং জিলাত থকা দুখন অভয়াৰণ্যৰ নাম–

(ক) গৰমপানী অভয়াৰণ্য। 

(খ) পূব কাৰ্বি আংলং অভয়াৰণ্য।

(e) প্ৰদূষণৰ দুটা মুখ্য বিভাগৰ নাম লিখা।

উত্তৰঃ প্ৰদূষণৰ দুটা মুখ্য বিভাগৰ নাম–

(ক) বায়ু প্ৰদূষণ।

(খ) শব্দ প্ৰদূষণ।

3. তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখাঃ (যিকোনো পাঁচটা)

(a) জৈৱিক আৰু অজৈৱিক সম্পদৰ মাজত থকা পাৰ্থক্য বিচাৰ কৰা।

উত্তৰঃ উদ্ভিদ, প্রাণী, চৰাই-চিৰিকটি অণুজীৱ আদি হৈছে জৈৱিক উপাদান আৰু বায়ু, পানী, মাটি, তাপ, পোহৰ আদি হৈছে অজৈৱিক উপাদান।

(b) অসমৰ জন-গাঁথনিৰ বৈশিষ্ট্য চমুকৈ আলোচনা কৰা।

উত্তৰঃ অসমৰ জন-গাঁথনিৰ বৈশিষ্ট্য সমূহ হ’ল–

১। আহোম জনগোষ্ঠীঃ আহোম সকল অসমৰ এটি উল্লেখযোগ্য জাতি। আহোম সকল টাই জাতিৰ লোক। টাই সকল দক্ষিণ-পূব এছিয়াৰ এটি প্ৰধান জাতি। উজনি অসমৰ জিলা কেইখন এই আহোম সকলৰ প্ৰধান বসতিস্থল। খং পূঃ কেইবা শতিকাৰো আগতেই এওঁবিলাকৰ প্রব্রজন আৰম্ভ হয়। চীনদেশৰ সাৰুৱা উপত্যকা অঞ্চলেই যদিও টাই সকলৰ আদি বাসস্থান, তথাপি ভাষা আৰু সংস্কৃতি উভয় বিষয়তে আহোমসকলৰ ওপৰত চীনা সংস্কৃতিৰ প্রভাৱৰ মাত্ৰ নিচেই তাকৰ।

২। কেওঁট বা কৈৱর্ত জনগোষ্ঠীঃ সংস্কৃতি শব্দ ‘কৈৱৰ্ত’ৰ পৰা কিৱত ‘কেওঁট’ শব্দৰ সৃষ্টি হৈছিল।অনার্য্য আৰু অষ্ট্ৰিক-মংগোলীয় প্ৰজাতিৰ লোক এই কেওঁটসকল কৰ্ম অনুযায়ী পিছলৈ ‘জালোৱা কেওট’ আৰু ‘হালোৱা কেওট’ আদি উপগোটত বিভক্ত হৈছিল। উদাহৰণ স্বৰূপে, খেতি বাতি কাম কৰা বা খেতি বাতিৰ বাবে সঁজুলি বনোৱা লোক সকল হালৈ কেওঁট হ’ল আৰু পুৰনি কালত জীৱিকাৰ বাবে মাছ ধৰা কামৰ বাবে যিসকলে জাল, খালৈ আদি বিনাই নিজৰ জীৱিকা নিৰ্বাহ কৰিছিল তেওঁলোক হ’ল কেওঁট।

৩। কাৰ্বি জনগোষ্ঠীঃ সেউজীয়া পাহাৰৰ বুকুত বাস কৰা কাৰ্বি জনেগাষ্ঠীৰ লোকসকল অসমৰ অন্যতম আদিম অধিবাসী। আগেয়ে তেওঁলোক মিকিৰ বুলি জনাজাত আছিল আৰু তেওঁলোকে বাস কৰা পৰ্বতীয়া জিলাখন মিকিৰ পাহাৰ নামেৰে জনা গৈছিল। কিন্তু বর্তমান তেওঁলোকক কাৰ্বি বুলিহে জনা যায় আৰু জিলাখনৰ নামো কাৰ্বি আংলং নামেৰে নামকৰণ কৰা হৈছে৷ কাৰ্বিসকলৰ মূলগোষ্ঠী ৫টা- ইংহি ইংতি টেৰাং, টেৰণ আৰুতিমুং।

৪। বড়ো জনগোষ্ঠীঃ বড়ো সকল অসমৰ ভৈয়ামৰ জনগোষ্ঠী। বড়ো সকলৰ মাতৃভাষা বড়ো ভাষা। বড়োসকল বৃহৎ মংগোলীয় গোষ্ঠীৰ অন্তৰ্ভুক্ত। প্ৰাচীন কালৰ হিমালয়ৰ উত্তৰে আৰু চীনৰ পশ্চিমে অৱস্থিত “বড়” দেশৰ বাসিন্দাসকলৰ এই জনগোষ্ঠীটো খ্রীঃপুঃ প্রায় ১৫ শ শতিকা মানতেই সময়ে পূৰ ভাৰতত বিয়পি পৰে। মহাভাৰতত উল্লেখ কৰা কিৰাতাসকলেই পূব ভাৰতৰ বড়োসকলা। প্রাচীন কালত এই মূল “বড” দেশৰ বাসিশাসকলক ‘বডো-ফিচা” বা “বডোচা” (“বেডো” মানে ভূমি আৰু “ফিচা” বা “চা” মানে সন্তান অর্থাৎ বড় দেশৰ সন্তান) বুলি জনা গৈছিল আৰু সময়ৰ সোঁতত বড বা বড়ো হিচাপে জনাজাত হয়।

অসমৰ কোকৰাঝাৰ, চিৰাং বাক্সা আৰু ওদালগুৰি জিলাত বড়োসকলৰ মূল বসতি নহয়। ইয়াৰোপৰি কাৰ্বি আংলং জিলাতো কিছু সংখ্যক বড়ো লোকে বাস কৰে। কিন্তু ইয়াক অসমীয়া লোকৰ হে অঞ্চল বুলি কোৱা হয়।

৫। মৰাণ জনগোষ্ঠীঃ মৰাণ সকল অসমৰ পুৰণি জনগোষ্ঠী সমূহৰ ভিতৰত অন্যতম। উজনি অসমৰ কেইবাখনো জিলাত এই জনগোষ্ঠীৰ অধিকাংশ লোকে বসবাস কৰে। মৰাণ সকলক বড়ো-কছাৰী মূলৰ বুলি ভবা হয়।

৬। মিচিং জনগোষ্ঠীঃ অসমৰ ভৈয়ামৰ জনজাতি সমূহৰ ভিতৰত মিচিংসকল বড়ো-কছাৰীসকলৰ পিছতেই দ্বিতীয় বৃহত্তম জনজাতি। মিচিংসকল মূলতে মংগোলীয় জনগোষ্ঠীৰ মান-তিব্বতী শাখাৰ অন্তৰ্গত। ভৈয়ামত থকা মিচিংসকল সাধাৰণতে নৈৰ পাৰত চাংঘৰ সাজি গাঁও পাতি বাস কৰে। মিচিংসকল আদিতে অসমৰ উত্তৰ-পূবৰ ফালৰ পাহাৰত আছিল আৰু বৰ্তমান অৰুণাচলৰ চিয়াং জিলাত থকা “মিয়ং” আৰু দাম্ ৰ” নামৰ দুই জাতিৰ পৰাই ফাটি আহিছে। অসমৰ লখিমপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, দৰং, শোণিতপুৰ জিলাত মিচিংসকলে প্ৰধানকৈ বাস কৰিছে৷ সাধাৰণতে নৈৰ পাৰত চাংঘৰত বাস কৰা বাবে মিচিংসকলৰ জীৱন-ধাৰণৰ পদ্ধতি নৈৰ ওপৰত ওতপ্রোতভাৱে জড়িত।

(c) মাজুলী দ্বীপ কিয় ইমান গুৰুত্বপূৰ্ণ, ব্যাখ্যা কৰা।

উত্তৰঃ অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা এটা বৃহৎ নদীদ্বীপ আৰু অসমৰ এখন জিলা। ২৭ জুন ২০১৬ চনত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে মাজুলীক জিলা ঘোষণা কৰাত মাজুলী ভাৰতৰ প্ৰথমখন নদীদ্বীপ জিলা হৈ পৰে আৰু সেই সময়ৰ অসমৰ মুঠ জিলাৰ সংখ্যা ৩৩খন হয়। পূৰ্বতে ই যোৰহাট জিলাৰ এটা মহকুমা আছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ উদ্যোগৰ সত্ৰসমূহ লৈ ই মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্ম আৰু সত্ৰীয়া সংস্কৃতিৰ পীঠ কেন্দ্র। সেয়েহে মাজুলীক ‘সত্ৰ নগৰী’ বুলিও কোৱা হয়। পূৰ্বে মাজুলীৰ মাটিকালি ১২৫০ বৰ্গকিলোমিটাৰ (৪৮৩ বর্গমাইল) আছিল কিন্তু খহনীয়াৰ ফলত ২০০১ চনত ইয়াৰ মাটিকালি হয়গৈ ৮৮০ বর্গকিলোমিটাৰ (১৬৩ বর্গমাইল)। ইয়াক আৱৰি থকা নদীৰ বিস্তৃত বাঢ়ি অহাৰ লগে লগে মাজুলীৰ ভূমি সংকোচন হৈছে।

দক্ষিণে ব্ৰহ্মপুত্ৰ নদী আৰু উত্তৰে ব্ৰহ্মপুত্ৰৰ সুঁতি খেৰকুটীয়াৰ লগত সোৱণশিৰি নদী লগ লাগি নদীদ্বীপটোৰ গঠন কৰিছে। যোৰহাট নগৰৰ পৰা ফেৰীৰে মাজুলীলৈ অহা-যোৱাৰ সুবিধা আছে। অসমৰ ৰাজধানী গুৱাহাটীৰ পৰা ই পূর্বে প্রায় ২০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত।

অসমৰ ব্ৰহ্মপুত্ৰ নদৰ বুকুত অবস্থিত মাজুলী হল পৃথিৱীৰ বৃহত্তম নদীদ্বীপ। বৃহত্তম নদীদ্বীপ হোৱাৰ লগতে মাজুলীখন অসমৰ বৈষ্ণৱ সংস্কৃতিৰো প্ৰাণকেন্দ্ৰ। আগেয়ে যোৰহাট জিলাৰ অন্তৰ্ভুক্ত আছিল। যদিও ২০১৬ চনৰ পৰা মাজুলী এখন সুকীয়া জিলা হিচাপে স্বীকৃত হৈছে।

(d) অসমলৈ হোৱা জন প্রব্রজনৰ বাবে সৃষ্টি হোৱা সমস্যাসমূহ আলোচনা কৰা।

(e) ভাৰতবৰ্ষত প্ৰৱেশ কৰাৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ গতিপথৰ এটা চমু বর্ণনা দিয়া।

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ উৎস কৈলাশ গিৰিমালাৰ পৰা য়াবলুং চাংপো নামেৰে প্ৰায় ১৭০০ কিলোমিটাৰ পূৱ দিশে বৈ দক্ষিণমুৱা হৈ অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰে। অৰুণাচলত প্ৰৱেশ কৰাৰ পিছত এই নদীক ছিয়াং নামেৰে জনা যায়। প্রায় ২৭৮ কিলোমিটাৰ পথ প্ৰবাহিত হৈ পাছিঘাটৰ পৰা ৫২ কিলোমিটাৰ নামণিত ছিয়াঙৰ নামনি অংশ অর্থাৎ দিহঙে দিবং আৰু লোহিতৰ লগ লাগিছে। এই সংগমস্থলীক’ পৰশুৰাম কুণ্ড’ নামেৰে জনা যায়। এই সংগমস্থলীৰ পৰা পশ্চিমমুৱাকৈ বৈ অহা বৃহৎ জলাধৰাই হ’ল ব্ৰহ্মপুত্ৰ।

(f) জৈৱবৈচিত্ৰৰ সূচকৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ এটা সম্প্ৰদায়ৰ প্ৰজাতিসমূহৰ গাণিতিকভাৱে কৰা জোখ বা মাপক বিচিত্ৰতাৰ সূচক বোলা হয়। এই সূচক প্ৰজাতিৰ প্ৰচুৰতাৰ ভিত্তিত (যিমান সংখ্যক প্ৰজাতি উপলব্ধ) আৰু প্ৰজাতিৰ অন্তৰ্গত প্ৰাণীৰ সাংখ্যিক প্ৰাচুৰ্যতাৰ ভিত্তিত (প্রত্যেক প্ৰজাতিৰ ভিতৰত থকা প্ৰাণীৰ সংখ্যা) নিৰূপণ কৰা হয়। যিমানেই প্ৰজাতি বেছি থাকিব, এটা অঞ্চল সিমানেই বিচিত্ৰতাপূৰ্ণ হ’ব। বিচিত্ৰতা সূচক সাধাৰণতে দুই প্ৰকাৰৰ – নিয়ন্ত্ৰণসূচক আৰু তথ্য পৰিসংখ্যা সূচক। নিয়ন্ত্রণসূচক বিচিত্ৰতা জুখিবলৈ চিম্পচ’ন সূচক আৰু তথ্য পৰিসংখ্যা সূচক বিচিত্ৰতা জুখিবলৈ শেনন সূচক ব্যৱহাৰ কৰা হয়।

চিম্পচ’ন সূচক হৈছে এটা নিয়ন্ত্ৰণসূচক কাৰণ ই সাধাৰণতে সূলভ আৰু মুখ্য প্ৰজাতিৰ ওপৰত বেছি গুৰুত্ব দিয়ে। এইক্ষেত্ৰত কিছু সংখ্যক দুর্লভ প্রজাতিৰ প্ৰতিনিধিয়ে জৈৱ বিচিত্ৰতাৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ নেপেলায়।

শ্বেনন সূচক হৈছে তথ্য পৰিসংখ্যাসূচক, য’ত সকলো প্ৰজাতিৰ নমুনাৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা হ’ব আৰু এই নমুনাসমূহ যাদৃচ্ছিকভাৱে (Random) সংগ্রহ কৰা হয়। শ্বেনন সূচকত (n/N) এটা বিশেষ প্রজাতিত (পানা একক (n), আৰু সৰ্বমুঠ একক প্ৰজাতি (N) ৰ অনুপাত।

4. মানচিত্র অভিক্ষেপ বুলিলে কি বুজা? মানচিত্র অভিক্ষেপৰ মুখ্য বিভাগ কেইটাৰ মূল পার্থক্য সমূহ উল্লেখ কৰা।

উত্তৰঃ ভূগোলকেৰ অভিক্ষেপ বলতে বোঝায় কাগজেৰ ওপৰ অক্ষৰেখা ও দ্রাঘিমাৰেখাৰ একটি জালিকাৰ প্রতিস্থাপন। সুতৰাং, ভূগোলকেৰ সমাক্ষৰেখা ও দ্রাঘিমাৰেখাৰ জালিকাকে কোনো নির্দিষ্ট তলে (কাগজ) যথাযথ ও শ্রেণিবদপভাবে স্থানান্তৰ কৰাকে মানচিত্র অভিক্ষেপ বোলা হয়।

অথবা

ভূগোল অধ্যয়নত দূৰ সংবেদনত গুৰুত্ব আলোচনা কৰা। মানচিত্র অংকনত ভৌগোলিক তথ্য ব্যৱস্থাৰ প্রয়োগ সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ ভূগোল অধ্যয়নত দূৰ সংবেদনত গুৰুত্বঃ আমাৰ পৃথিৱীখন বৈচিত্রপূর্ণ। প্ৰতিটো অঞ্চল বা প্ৰতিখন ঠাইৰে নিজা নিজা অস্তিত্ব আৰু বৈশিষ্ট্য আছে। পৰিবেশৰো প্ৰভেদ আছে। সৌৰজগতত পৃথিৱীৰ স্থিতি, পৃথিৱীৰ নিজস্ব আকৃতি, গঠন, আবর্তন-পৰিভ্ৰমণ আদি অনেক কাৰণত ভূ-পৃষ্ঠৰ বিভিন্ন স্থানত প্ৰাকৃতিক পৰিৱেশ বিভিন্ন। বেলেগ বেলেগ প্রাকৃতিক পৰিৱেশত সম্পদৰ স্থিতি আৰু গুণাগুণ বেলেগ বেলেগ হোৱা দেখা যায়। তাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা আর্থিক বিকাশ্যে স্বভাৱিকতে বেলেগ হ’ব। সামাজিক পটভূমি, ৰীতি-নীতি, ভাৱ-ভাষা, পোছাক- পৰিচ্ছদ, খাদ্যভ্যাস আদিৰ ক্ষেত্ৰতো পৰিবেশ ভেদে পার্থক্য থকা যায়। ভূগোল অধ্যয়নত অঞ্চলৰ অন্তভুক্তিকৰণে সেয়েহে এই দিশত বহুতো জ্ঞানৰ আভাস দিয়ে।

মানচিত্র অংকনত ভৌগোলিক তথ্য ব্যৱস্থাৰ সমূহ হ’লঃ ভৌগোলিক তথ্য ব্যৱস্থা (Geographical Information System) চমুকৈ GIS হ’ল এটি পদ্ধতি, অর্থাৎ এক কম্পিউটাৰ ভিত্তিক পদ্ধতি, য’ত পৃথিৱীৰ বিভিন্ন অঞ্চলৰ তথ্যপাতি সংগ্রহ, অধিগ্রহণ, সংৰক্ষণ কৰি ল’ব পাৰি। পিছলৈ সেই আটাইখিনি তথ্যকে কাৰ্যনিৰ্বাহ আৰু বিশ্লেষণৰ দ্বাৰা সামৰি সুতৰি লৈ নাহিৰ চামিল কৰি থ’ব পাৰে। এটি সুসম্বলিত ব্যৱস্থা য’ত, হার্ডৱেৰ, ছফটৱেৰ, জনসাধাৰণ, বিভিন্ন সংগঠন আদিবোৰক পৰীক্ষণ, নিৰীক্ষণ কৰি প্ৰচাৰৰ প্ৰসাৰতা ৰখা হয়। GIS প্রযুক্তি এবিধ সঁজুলি, যিয়ে পৃথিৱীৰ বিভিন্ন তথ্য পাতিবোৰৰ বিষয়ে চিন্তা-চৰ্চা কৰোঁতে আন্তঃপ্ৰক্ৰিয়া আৰু বিশ্লেষণ কৰাৰ সুবিধা দিয়ে। মানচিত্র এখন যিকোনো তথ্যকে সম্পাদনাৰ দ্বাৰা ফলাফল কার্যকৰী কৰাত সহায় কৰে।

GIS ছফটওৱেৰে বহুতো কাৰ্যকে সামৰি লয়। যেনে— ডিজিটেল মেপক একগোট কৰা কার্যবোৰ। এই পদ্ধতিটো আকৌ কেইবা প্ৰকাৰে বৰ্গীকৰণ কৰা হৈছে আৰু তাৰ মুখ্য চাৰিটা উপাদান হ’ল ক্ৰমে—

(i) সংগ্রহ (Input): মানচিত্র, পৰিক্ৰমিত মানচিত্ৰ আকাশৰ পৰা তোলা ছবি (Aerial Photos), উপগ্ৰহৰ পৰা লোৱা চিত্র, জৰীপ (Survey) আদিৰে বিভিন্ন ভৌগোলিক তথ্য সংগ্ৰহ কৰা হয়।

(ii) সংৰক্ষণ (Conservation): তথ্য সংগ্ৰহ কৰাৰ পিছত উপযুক্তভাবে সেইবোৰক তথ্য ভাণ্ডাৰ হিচাবে সংৰক্ষণ কৰে। প্রয়োজন সাপেক্ষে সম্পাদনা, অনুসন্ধান, পুনৰুদ্ধাৰ বা বৰ্তমানৰ তাৰিখলৈ অৰ্থাৎ Update কৰি ল’ব পাৰে।

(iii) বিশ্লেষণ (Analysis): বিশ্লেষণৰ মাধ্যমেৰে নতুন তথ্য সম্বলিত কৰা হয় বা উদ্ঘাটনো কৰিব পাৰে।

(iv) উৎপাদন (Production): বিশ্লেষণৰ মাধ্যমেৰে নিঃসৰণ কৰি উলিওৱা ফলাফলক বিভিন্ন উপাদানেৰে যেনে— গ্রাফ বা লেখনিচিত্র, দণ্ডচিত্র, জ্যামিতিক চিত্র, মানচিত্র তালিকা, ৰেখা চিত্র, বিৱৰণী, প্রতিবেদন আদিক প্রস্তুত কৰি উলিওৱাকে উৎপাদন (Output) বোলে। এনেদৰে পোৱা সঠিক তথ্যৰ দ্বাৰা বিভিন্ন বিষয়ক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সহজসাধ্য হৈ পৰে।

History বুৰঞ্জী 

1. নিম্নোক্ত প্রশ্নকেইটাৰ শুদ্ধ উত্তৰ বাছি উলিওৱাঃ

(a) ইংৰাজৰ বিৰুদ্ধে ভাৰতবৰ্ষত কোন চনত চিপাহী বিদ্রোহ সংঘটিত হৈছিল?

(i) ১৮৩৩।

(ii) ১৮৩৮।

(iii) ১৮৫৩।

(iv) ১৮৫৭।

উত্তৰঃ ১৮৫৭।

(b) অসমত কোনে, চাহগছ আবিষ্কাৰ কৰিছিল?

(i) চি. এ. ব্ৰুচ।

(ii) ৰবার্ট ব্ৰুচ।

(iii) কৃষ্ণৰাম ন্যায়বাগীল।

(iv) ডেভিদ স্কট।

উত্তৰঃ ৰবার্ট ব্ৰুচ।

(c) ধৰ্মীয় সম্প্রদায় বিষয় সকলৰ আৱাসভূমি হ’ল—

(i) উত্তৰাখণ্ড।

(ii) কেৰেলা।

(iii) থৰ মৰুভূমিৰ পশ্চিমভাগ।

(iv) হিমাচলপ্রদেশৰ উত্তনভাগ।

(d) ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত ‘চিপকো’ আন্দোলন আৰম্ভ হৈছিল।

(i) ৰাজস্থান।

(ii) উওৰাণ্ড। 

(iii) কেৰেলা। 

(iv) বিহাৰ।

উত্তৰঃ উওৰাণ্ড।

(e) কোন চনত নঁগাৱৰ ফুলগুৰিত কৃষক সকলে ব্ৰিটিছৰ খাজানা নীতিৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰিছিল?

(i) ১৮২৮।

(ii) ১৮৫৭।

(iii) ১৮৬১।

(iv) ১৮৯৩।

উত্তৰঃ ১৮৬১।

(f) কোনখন পুথিত অসমক “পলুপোহা দেশ” বুলি কোৱা হৈছে?

(i) ৰামায়ণ।

(ii) মহাভাৰত।

(iii) ঋগ্বেদ। 

(iv) ভাগৱত পুৰাণ।

উত্তৰঃ ৰামায়ণ।

2. তলত দিয়া সমূহৰ চমু উত্তৰ লিখাঃ (যিকোনো চাৰিটা)

(a) কাঁহ শিল্পৰ বাবে প্ৰখ্যাত অসমৰ দুখন ঠাইৰ নাম উল্লেখ কৰা।

উত্তৰঃ কাঁহ শিল্পৰ বাবে প্ৰখ্যাত অসমৰ দুখন ঠাইৰ নাম—

(ক) হাজো।

(খ) সৰ্থেবাৰী।

(b) জনপ্ৰব্ৰজনৰ দুটা ধাৰণা উল্লেখ কৰা।

(ক) গ্ৰামাঞ্চলৰ পৰা গ্ৰামাঞ্জলমুখী। 

(খ) গ্ৰামাঞ্চলৰ পৰা চহৰমুখী। 

(c) অসমত ৮ ৰিখটাৰতকৈ অধিক প্রাৱল্যৰ দুটা বৃহৎ ভূমিকম্প কোন কোন চনত হৈছিল?

উত্তৰঃ অসমত ৮ ৰিখটাৰতকৈ অধিক প্রাৱল্যৰ দুটা বৃহৎ ভূমিকম্প ১৮৯৭ আৰু ১৯৫০ হৈছিল।

(d) অসমত আহোমৰ ৰাজত্বকালত শ্ৰেণীবিভাজন কৰা দুবিধ মাটিৰ নাম উল্লেখ কৰা।

উত্তৰঃ অসমত আহোমৰ ৰাজত্বকালত শ্ৰেণীবিভাজন কৰা দুবিধ মাটিৰ নাম হ’ল–

(ক) ছে ৰাই দয়।

(খ) হাবুং।

(e) হাতী দাঁতৰ পৰা প্ৰস্তুত কৰা দুবিধ সামগ্ৰীৰ নাম লিখ।

উত্তৰঃ হাতী দাঁতৰ পৰা প্ৰস্তুত কৰা দুবিধ সামগ্ৰীৰ নাম হ’ল—

(ক) পীৰা। 

(খ) ফণি। 

3. তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখাঃ (যিকোনো পাঁচটা)

(a) ইয়াণ্ডাবু সন্ধিৰ পটভূমিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ইয়াণ্ডাবু সন্ধিৰ পটভূমিৰঃ ঊানেশ শতিকাৰ আৰম্ভণিতে ইংৰাজে অসম দখল কৰাৰ আগে আহোমসকে প্রায় ছয়শ বছৰকাল অসমত ৰাজত্ব চলাইছিল। আহোম ৰাজ্যখন পূবে পাটকাই পৰ্বতৰ পৰা পশ্চিমে মানাহ নদীলৈকে প্ৰায় আঠশ কিলোমিটাৰ পৰ্যন্ত বিস্তৃত আছিল। ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰে ভূটীয়া, অকা, দফলা, মিচিং, মিচিমি আৰু চিংফৌসকলৰ বসতি অঞ্চল চুইছিল। দক্ষিণে আহোম ৰাজ্যখনে নগাভূমিলৈ বিস্তাৰ লাভ কৰাৰ লগতে মণিপুৰ আৰু ব্ৰহ্মদেশৰ সীমা স্পৰ্শ কৰিছিল। আহোমসকলে মূলতঃ ব্ৰহ্মপুত্র উপত্যকাত শাসন কৰিলেও, উত্তৰ-পূব ভাৰতত আহোম ৰাজশক্তিক দাঁতি-কাষৰীয়া সৰু-বৰ ৰাজ্যই মান্যতা প্ৰদান কৰিছিল।

অসম ৰাজ্যখন ভৌগোলিক অৱস্থানৰ বাবে দীৰ্ঘদিন ধৰি ভাৰত ভূমিৰ মূল ভূ-খণ্ডৰ পৰা বিচ্ছিন্ন হৈ আছিল। আনহাতে, পাহাৰ-পৰ্বত, নৈ-বিলেৰে ভৰা অসমৰ শাসনকর্তা আহোমসকলেও একাষৰীয়াকৈ থকা নীতিকে অৱলম্বন কৰিছিল।

আহোম শাসনলৈ চালে দেখা যায়, ৰুদ্ৰসিংহৰ পিছৰকালৰ আহোম ৰাজসকল দুর্বল আছিল। আহোম ৰাজ্য শাসনৰ বাবে সিংহাসনৰ দাবীদাৰ সকলৰ মাজত অৰিয়া-অৰিৰো সৃষ্টি হৈছিল। আহোম শাসনৰ দুৰ্বলতা, ডা-ডাঙৰীয়াৰ মইমতালি আৰু শাক্তপন্থা- বৈষ্ণৱপন্থাৰ সংঘাতৰ ফলত অসমত তিনিটাকৈ মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হৈছিল। আহোম ৰাজশক্তিৰ বিৰুদ্ধে সৃষ্টি হোৱা মোৱামৰীয়া বিদ্রোহে আহোম শাসনৰ ভেটি দুৰ্বল কৰি তুলিছিল। বিদ্রোহী মোৱামৰীয়াসকলে আহোমৰ ৰাজধানী দখল কৰাৰ চেষ্টা চলোৱাত, গৌৰীনাথ সিংহই ৰাজধানী এৰি গুৱাহাটীত আশ্ৰয় ল’বলগীয়া হৈছিল। গৌৰীনাথে মোৱামৰীয়া বিদ্ৰোহ দমন কৰাৰ বাবে সামৰিক সাহায্য বিচাৰি লর্ড কর্ণৱালিচলৈ আবেদন জনাইছিল।

১৭৮৪ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ঘোষণা কৰা নীতি অনুসৰি গৱৰ্ণৰ-জেনেৰেল লর্ড কর্ণৱালিচে দেশীয় ৰাজ্যৰ আভ্যন্তৰীণ ক্ষেত্রত হস্তক্ষেপ কৰিব বিচৰা নাছিল। কিন্তু ৰংপুৰৰ কালেক্টৰ আৰু কোচ বিহাৰৰ কমিচনাৰ দুগৰাকীয়ে আহোম ৰাজ্যৰ ৰাজনৈতিক অস্থিৰতাই অসম আৰু বঙ্গদেশৰ ব্যৱসায়-বাণিজ্যৰ পৰিৱেশ বিনষ্ট কৰিব পাৰে বুলি গৱৰ্ণৰ-জেনেৰেলক সতৰ্ক কৰি দিছিল। আনহাতে গৌৰীনাথ সিংহই কোম্পানীৰ সেনা বাহিনীৰ খা-খৰচ দিবলৈ সম্মতি প্ৰকাশ কৰাত কৰ্ণৱালিচে, ‘অসমৰ আভ্যন্তৰীণ পৰিস্থিতিটো ভালদৰে জনাৰ বাবে’ আৰু ‘ব্যবসায়-বাণিজ্যৰ খা-খবৰ’ সংগ্ৰহ কৰাৰ অৰ্থে কেপ্তেইন থমাছ ৱেলচক অসমলৈ প্ৰেৰণ কৰাৰ অনুমতি প্ৰদান কৰিছিল।

(b) অসম এছ’ছিয়েশ্বনৰ গুৰুত্বপূৰ্ণ পদক্ষেপসমূহ উল্লেখ কৰা।

উত্তৰঃ অসম এছ’ছিয়েশ্বনৰ গুৰুত্বপূৰ্ণ পদক্ষেপসমূহ হ’লঃ অসম এছ’ছিয়েশনে পৌৰ সমিতিসমূহত চৰকাৰী বিষয়া আৰু স্থানীয় প্রশাসনিক নিকায়বোৰত চাহ বাগিচাৰ ইউৰোপীয় কৰ্তৃপক্ষৰ প্ৰভুত্বৰ বিৰোধিতা কৰি স্বায়ত্ত শাসিত এনেবোৰ প্ৰশাসনিক গোটৰ গণতান্ত্ৰিকীকৰণ বিচাৰিছিল। অসম এছ’চিয়োচনে চৰকাৰৰ আবকাৰী নীতিৰ গৰিহণা দিছিল। কৰ বৃদ্ধিৰ বিৰোধিতা কৰিছিল আৰু কানিৰ সম্পূৰ্ণ নিষিদ্ধকৰণ দাবী কৰিছিল। অসম এছ’ছিয়েশ্বনে প্রদেশখনত শিক্ষাৰ বিকাশৰ প্ৰতি আগ্ৰহী আছিল। কলিকতা বিশ্ববিদ্যালয়ৰ চিণ্ডিকেটৰ সভাত অসমৰ প্ৰতিনিধিত্ব, কটন মহাবিদ্যালয়ত অসমীয়া শিক্ষক নিযুক্তি আৰু কাৰিকৰী শিক্ষাৰ বিকাশৰ বাবে কাৰিকৰী শিক্ষা প্রতিষ্ঠান স্থাপন কৰি ‘উইলিয়ামচন পুঁজি’ৰ সদ্র্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

অসম এছ’ছিয়েশ্বনে আৰম্ভণিতে প্রাদেশিক বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰিলেও লাহে লাহে এই অনুষ্ঠানটিয়ে ভাৰতবৰ্ষৰ মূল সুঁতিৰ ৰাজনীতিৰ লগত মিলি যায়। এই অনুষ্ঠানৰ সদস্য নবীন চন্দ্ৰ বৰদলৈ, চন্দ্ৰনাথ শৰ্মা, প্রসন্ন কুমাৰ বৰুৱা আৰু তৰুলৰাম ফুকনে জাতীয় কংগ্ৰেগ্ৰছৰ বাৰ্ষিক অধিৱেশনত যোগদান কৰিছিল আৰু জাতীয় কংগ্ৰেছৰ লক্ষ্য আৰু উদ্দেশ্যৰ সৈতে ঐক্যমত পোষণ কৰিছিল। ১৯২১ চনত অসম এছ,ছিয়েশ্বনে অসম প্রাদেশিক কংগ্ৰেছৰ সৈতে একত্রিত হয়।

(c) অসমত ‘ভাৰত ত্যাগ’ আন্দোলনৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ অসমত ‘ভাৰত ত্যাগ’ আন্দোলনৰ বিষয়ে সমূহ হ’ল –১৯৪২ চনৰ আৰু ৮ আগষ্টত বোম্বাই চহৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন বহিছিল আৰু এই অধিৱেশনতে গান্ধীজীৰ নেতৃত্বত অনির্দিষ্টকালীন অহিংস স্বাধীনতা আন্দোলনৰ প্রস্তাৱ গৃহীত হৈছিল। ব্ৰিটিছ বিৰোধী স্বাধীনতা সংগ্ৰামৰ পৰ্যায়টোক ভাৰত ত্যাগ আন্দোলন নামেৰে জনা যায়। মহাত্মাই দেশৰ স্বাধীনতা অৰ্জনৰ বাবে দেশবাসীক ‘কৰা কিম্বা মৰা’ (Do or die) ৰ আহ্বান জনাইছিল। ১ আগষ্টৰ ৰাতিপুৱা ব্ৰিটিছে গান্ধীজীকে ধৰি অধিৱেশনখনীত সমবেত কংগ্ৰেছন কেন্দ্রী নেতৃত্বক গ্ৰেপ্তাৰ কৰিছিল।

অসমতো ব্ৰিটিছ চৰকাৰে কংগ্ৰেছৰ আগশাৰীৰ নেতাসকলক জেললৈ পঠিয়ায় আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটি, জিলা সমিতি, শান্তিসেনাকে ধৰি কংগ্ৰেছৰ অধীন সংগঠনবোৰক আইন বিৰোধী বুলি ঘোষণা কৰে। সভা-সমিতি, সমাবেশ, সমদল, হৰতাল আদি নিষিদ্ধ কৰা হয়। এনে পৰিস্থিতিত ছাদুল্লাই পুনৰ ক্ষমতালৈ অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰে। ১৯৪২ চনৰ ২৫ আগষ্টত ছাদুল্লাক মন্ত্রীসভা গঠনৰ বাবে আহ্বান জনায় আৰু ইংৰাজৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি অসন মন্ত্রীসভাৰ দায়িত্ব লয়।

পাতনিতে অসমতো গান্ধীর অহিংস আদর্শেৰে ভাৰত ভাগ আন্দোলন আৰম্ভ হৈছিল যদিও পুলিচৰ অত্যাচাৰে সংগ্ৰামীসকলৰ মনত বিদ্ৰোহৰ ভাৱ জগাই তোলে। সংগ্রামী জনতাই চৰকাৰী অফিচ-কাছাৰী আক্ৰমণ সংঘটিত কৰে। ৰে’ল লাইনৰ ক্ষতিসাধন কৰাৰ লগতে সামৰিক বাহিনীৰ যোগান ব্যবস্থা ব্যাহত কৰাৰ বাবে কূটাঘাতমূলক কার্যত লিপ্ত হয়। নগাঁও আৰু দৰং জিলা দুখনত সংগ্ৰামী জনসাধাৰণে চৰকাৰী বিষয়াক আক্রমণ কৰা, দোকান-পোহাৰত অগ্নিসংযোগ কৰাকে ধৰি ৰাস্তা-দলঙ আৰু চৰকাৰী কাৰ্যালয়ৰ বিস্তৰ ক্ষতি সাধন কৰে। হবিগঞ্জৰ চাহাবীবাজাৰ, গোলাঘাটৰ বৰপথাৰ, কামৰূপৰ পানবাৰী আৰু ৰঙিয়াত ৰে’ললাইন উঠাই দিয়া হয়। বৰপথাৰত ৰে’ল বাগৰাৰ ঘটনাত জড়িত কৰি কুশল কোঁৱৰক ব্ৰিটিছে ফাঁচী দিয়ে। সমগ্ৰ ভাৰত ত্যাগ আন্দোলনত একমাত্র কুশল কোঁৱৰেই আছিল ফাঁচীকাঠত মৃত্যুবৰণ কৰা শ্বহীদ। বজালী অঞ্চলৰ পাটাছাৰকুছি, গোৱালপাৰাৰ ফকিৰগ্ৰাম আৰু দৰং জিলাৰ গহপুৰ তথা ঢেকীয়াজুলিত ব্ৰিটিছৰ পুলিচ বাহিনীয়ে সমদলকাৰী সংগ্ৰামীৰ ওপৰত নিৰ্বিচাৰে গুলীবর্ষণ কৰাৰ ফলত গহপুৰ ১৫ বছৰীয়া কনকলতাই শ্বহীদৰ মৃত্যুবৰণ কৰিছিল; শহীদ হৈছিল মুকুন্দ কাকতি। ঢেকীয়াজুলিত মনবৰ নাথ, মণিৰাম বড়ো, ৰতন কছাৰীকে ধৰি কেইবাজনো স্বাধীনতা সংগ্ৰামীয়ে ব্ৰিটিছৰ গুলী বুকু পাতি লৈছিল। ঢেকীয়াজুলিৰ নির্মম হত্যাকাণ্ডক জালিৱানালাবাগ হত্যাকাণ্ডৰ লগত তুলনা কৰা হয়।

চৰকাৰী নিৰ্যাতনে ভাৰত ত্যাগ আন্দোলনৰ গণমুখী প্রতিবাদক প্রতিহত কৰিব পৰা নাছিল। ব্ৰিটিছৰ নিৰ্মম অত্যাচাৰক প্ৰতিৰোধ কৰিবলৈ জেলৰ বাহিৰত থকা শঙ্কৰ চক্ৰ বৰুৱা, মহেন্দ্ৰ হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, গহন চন্দ্ৰ গোস্বামী আৰু লক্ষ্মী গোস্বামী আদি নেতাই আত্মগোপন কৰিবলৈ বাধ্য হৈছিল। এওঁলোকে দেশৰ আন ঠাইত গঢ়ি উঠা ব্ৰিটিছ বিৰোধী বিপ্লৱী কর্মকাণ্ডৰ দ্বাৰা প্ৰভাৱিত হৈছিল। আত্মগোপনকাৰী সংগ্রামীসকলে যাতায়াত ব্যৱস্থা ব্যাহত কৰাৰ বাবে দলং ভঙা, ৰে’ললাইনৰ ক্ষতিসাধন কৰা, টেলিফোন, টেলিগ্ৰাফৰ সংযোগ বিচ্ছিন্ন কৰা আদি কাৰ্যত লিপ্ত হৈছিল। বৰপেটা জিলাৰ বিপ্লবী ব্রজনাথ শৰ্মাই বৰনগৰ অঞ্চলত ব্ৰিটিছে স্থাপন কৰা এয়াৰ’ড্রম উৰুৱাই দিয়াৰ চেষ্টা কৰিছিল।

(d) অসমত বাঁহ-বেতৰ শিল্পৰ ভূমিকা সম্পর্কে চমুকৈ আলোচনা কৰা।

উত্তৰঃ অসমত বাঁহ-বেতৰ শিল্পৰ ভূমিকাঃ অসমৰ এক কুটীৰ শিল্প। অসম প্ৰাকৃতিক সম্পদেৰে চহকী আৰু ইয়াৰ অধিকাংশ অৰণ্যত বিভিন্ন প্ৰজাতিৰ বাঁহ-বেত মজুত আছে। বাঁহ হৈছে এবিধ বহুমুখী কেঁচামাল আৰু ই পৌৰাণিক দিনৰে পৰা অসমৰ জীৱনশৈলী আৰু অৰ্থনীতিৰ এক অংগ। বিশেষভাৱে মিজো পাহাৰ, কাছাৰ, মিকিৰ আৰু উত্তৰ কাছাৰ পাহাৰ আৰু লখিমপুৰ জিলাৰ হাবিত বাঁহ-বেতৰ বিশাল বিস্তৃতি পোৱা যায়। পাল্পিং, বিভিন্ন নির্মাণ কাৰ্য আৰু বেৰা দিয়াৰ উদ্দেশ্যে তথা থলুৱা ভাৱে পাতি, খৰাহি-চালনি আদি নিৰ্মাণ উদ্যোগৰ বাবে বাঁহ-বেত সমূহ কেঁচামাল হিচাপে ব্যৱহাৰ হয়।

অসমত ৰাজ্যজুৰি বৃহৎ সংখ্যক শিল্পীয়ে বাঁহ আৰু বেতৰ সামগ্ৰী নিৰ্মাণ কৰে। ইয়াক ঘৰুৱা উদ্যোগ হিচাপে চৰ্চা কৰা হয় আৰু কোনো যান্ত্রিক যন্ত্ৰ ব্যৱহাৰ কৰা নহয়। অসমত বেত আৰু বাঁহৰ সামগ্ৰী প্ৰতিখন ঘৰতে ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়। এই উদ্যোগে খেতিয়কসকলক তেওঁলোকৰ আজৰি সময়ত অংশকালীন নিয়োগ প্ৰদান কৰে, আৰু বাণিজ্যিক ভিত্তিত কেৱল মিহি সজ্জাগত টোপোলা, আচবাব আৰু মেট উৎপাদন কৰা কেইজনমান উচ্চ দক্ষ শিল্পীক পর্ণকালীন নিয়োগ প্ৰদান কৰে।

(e) অসমত ৰেল পৰিবহনৰ বিকাশ সম্পর্কে চমুকৈ বাখ্যা কৰা।

উত্তৰঃ অসমত ৰেল পৰিবহনৰ বিকাশৰ সম্পর্কে সমূহ হ’ল–

১৮৮২ চন, আর্থাৎ ভাৰতত ৰে’ল চলাচল আৰম্ভণীৰ ২৯ বছৰ পাছত অসমত ডিব্ৰুগড় পৰা মাকুম হৈ লেখাপানীলৈকে প্ৰথমটো ৰে’লপথ স্থাপন হৈছিল। একাদিক্ৰমে বিভিন্ন ৰে’লপথবোৰ মুকলি হৈ অহাৰ পাছত ২০১০ চনত শেহতীয়াভাৱে শিমলুগুৰি মৰাণহাট ৰে’লপথছোৱা ৪১ কিলোমিটাৰ সম্প্ৰসাৰণ ঘটাই নির্মাণাধীন বগীবিল দলঙৰ কাষেৰে ডিব্ৰুগড় চহৰক সংযোগ কৰা হৈছে। অসমত ৰে’লপথৰ ঘনত্ব সৰ্বভাৰতীয় নিৰিখৰ (১.‌২৫ কিঃ মিঃ / ১০০ বর্গ কিঃ মিঃ) তুলনাত ভালেখিনি বেছি (৩.১৯৪ কিঃ মিঃ / ১০০ বর্গ কিঃ মিঃ)।‌ অসমৰ ৰে’লপথসমূহে ৰাজ্যখনৰ প্ৰধান চহৰসমূহৰ মাজত পোনপটীয়া সংযোগ প্ৰদানৰ পৰিৱর্তি বৃটিশ আৰ্হিৰে খনি, অৰণ্য আৰু চাহ বাগিচা অঞ্চলবোৰহে চুই গৈছে।

অসমৰ চাৰিসীমাৰ ভিতৰত শ্ৰীৰামপুৰ পৰা গুৱাহাটী-লামডিং-তিনিচুকীয়া হৈ ডিব্ৰুগড়মুখী পূর্বোত্তৰ সীমান্ত ৰে’লমণ্ডলৰ মুখ্যপথটো দীঘলে ৭৯৫ কিলোমিটাৰ। এই পথৰ সমান্তৰাল বিকল্প পথ নিউ বঙাইগাঁও-পঞ্চৰত্ন-কামাখ্যা আৰু শিমলুগুৰি-শিৱসাগৰ-ডিব্রুগড় ৰেল পথ দুটাৰ দৈৰ্ঘ্য হৈছে যথাক্ৰমে ২১৩ কিলোমিটাৰ আৰু ১০২ কিলোমিটাৰ। বৰ্তমান সময়ত আন্তঃৰাজ্যিক পর্যায়ৰ ৰে’ল পৰিবহন সম্পাদনৰ লগত জড়িত এই তিনিওটা ৰেলপথত সাম্প্ৰতিক অৱস্থাত ৰেলগাড়ীৰ সৰ্বোচ্চ গতিবেগ ঘণ্টাত ১২০ কিলোমিটাৰ। যাত্ৰী পৰিবহনৰ ক্ষেত্ৰত অসমৰ দুই প্ৰধান সেৱান্তক ষ্টেচন গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা দিল্লী আৰু কলকাতাৰ উপৰিও মুম্বাঈ, বাৰমেৰ, বীকানেৰ, অমৃতসৰ, জম্মু, চণ্ডীগঢ়, ওখা আৰু গান্ধীধাম (দুয়োখনেই গুজৰাতৰ পশ্চিম সীমান্তত), চেন্নাই,বাংগালুডু, তিৰুৰনন্তপঙৰম প্ৰভৃতি দূৰৱর্তী চহৰমূহলৈ পোনপটীয়া দ্রুতগামী সেৱা উপলদ্ধ হৈছে। 

(f) আহোম প্ৰশাসনৰ ভূমিনীতিৰ এটা চমু আভাৱ ব্যাখ্যা কৰা।

উত্তৰঃ আহোম প্ৰশাসনৰ ভূমিনীতিৰঃ অসমত আহোম সকলৰ ভূমিনীতি আৰু ইয়াৰ পৰিচালনাৰ বিষয়ে তেনে কোনো ইতিহাস আৰু নিৰ্ভৰযোগ্য তথ্য বিৱৰণী পোৱা নাযায়। দৰাচলতে, আহোম সকলৰ ৰাজহ ব্যৱস্থাৰ সাংগঠনিক পৰিকাঠামোটো প্ৰথম অৱস্থাত অতি মন্থৰ গতিৰে আগবাঢ়িছিল। এই সম্পর্কে কিছু নিৰ্ভৰযোগ্য তথ্য ব্ৰিটিছ প্রশাসনিক বিষয়া কেপ্টেইন ৱেলচ্, জন পিটাৰ ৱেড, হেমিলণ্টন বুকানন আৰু ফ্ৰান্সিচ জেনকিন্সে প্ৰণয়ন কৰা ৰাজহ সম্পৰ্কীয় নথিপত্ৰ আৰু টোকা বিৱৰণীত উল্লেখ আছে।

আহোম শাসন ব্যৱস্থাত ৰাজ্যক্ষনৰ চাৰিসীমাৰ অন্তৰ্গত সকলো পৰ্যায়ৰ মাটিৰ সৰ্বময় অধিকর্তা আছিল ৰজা সকল। প্ৰথম অৱস্থাত দুগৰাকী মন্ত্ৰী যথাক্রমে বুঢ়াগোঁহাই আৰু বৰগোঁহায়ে মাটি-বাৰী আৰু ৰাজহ বিষয়টো তদাৰক কৰিছিল। পিছলৈ ৰাজ্যৰ পৰিসীমা ব্যাপক হাৰত বিস্তৃতি লাভ কৰাৰ পৰিপ্ৰেক্ষিতত চুহুংমুং ওৰফে দিহিঙ্গীয়া ৰজাৰ ৰাজত্ব কালত (১৪৯৭-১৫৩৯) বৰপাত্ৰ গোঁহাই নামৰ তৃতীয় গৰাকী ডাঙৰীয়াক নতুনকৈ নিযুক্তি দি সম্প্ৰসাৰিত এলেকাসমূহ আৰু ইয়াৰ অন্তৰ্গত মাটি-বাৰী, হাবি-বননি সমূহ তদাৰক কৰিবলৈ দায়িত্ব অর্পণ কৰা হৈছিল। সোতশ শতিকাত স্বৰ্গদেউ প্ৰতাপ সিংহই (১৬০৩-১৬৪১) প্রশাসনিক সুবিধাৰ বাবে সমগ্ৰ ৰাজ্যখনকে উত্তৰ কুল আৰু দক্ষিণ কুল নামেৰে দুটা প্ৰধান ভৌগলিক খণ্ডত বিভাজিত কৰিছিল।

ইতিপূর্বে উল্লেখ কৰা হৈছে— আহোম স্বৰ্গদেউ শিৱসিংহৰ (১৭১৩-১৭৪৪) ৰাজত্বকালত ৰাণী ফুলেশ্বৰীৰ বিশেষ তত্ত্বাৱধানত অসমত প্ৰথমখন হাতী সম্পৰ্কীয় সচিত্ৰ পুথিখন ৰচনা কৰা হৈছিল। ৰাণী অম্বিকাই দিল্লীৰ বাদছাহৰ সৈতে যোগাযোগ কৰোৱাই দিলবৰ আৰু দোছাই নামৰ দুজন চিত্র শিল্পীক অসমলৈ অনাই পুথিখনৰ বাবে ছবিসমূহ অঁকোৱাইছিল।

4. অসমৰ জনজীৱন আৰু সংস্কৃতিত অনুপ্রবেশকাৰীৰ প্ৰভাৱ ব্যাখ্যা কৰা।

উত্তৰঃ ‘জাতীয় সমন্বয় সাধনৰ ক্ষেত্ৰত সংস্কৃতিৰ ভূমিকা অনন্য। সংস্কৃতিৰ সেই প্ৰক্ৰিয়াৰ কথা পৰ্যালোচনা কৰি চালে দেখা যায় যে যুগ যুগ ধৰি সমাজ বিৱৰ্তনৰ পথত ৰাজনৈতিক ভূমিকাতকৈ সাংস্কৃতিক ভূমিকাই অধিকভাৱে প্ৰাধান্য লাভ কৰি আহিছে।’ (গম্লাপ মিগাং তৃগুমুনি কাগয়ুং)। অসমীয়া সংস্কৃতিত জনজাতীয় সংস্কৃতিৰ প্ৰভাৱ অপৰিসীম। ‘জনগোষ্ঠীয় সংস্কৃতি’ (‘জনজাতীয় সংস্কৃতি’ শব্দটোৰ একে অৰ্ধসূচক শব্দ হিচাপে ব্যৱহাৰ কৰা হৈছে)ৰ উপাদানবোৰ বাদ দি অসমীয়া সংস্কৃতিৰ কথা আলোচনা কৰাই অমূলক। অসমীয়া সংস্কৃতিৰ আলোচনাৰ বেলিকা দুটা আনুষংগিক কথা আছি পৰে— প্ৰথমতে, ‘জনগোষ্ঠীয় সংস্কৃতি’ বা ‘জনজাতীয় সংস্কৃতি’ক বাদ দিলে অসমীয়া সংস্কৃতি বুলি যথার্থ কোনো সংস্কৃতি নাই। বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক উপাদান (ভিন্ন সময়ত) ৰ দ্বাৰা গঠিত এটি বাংময় আৰু দৃশ্যমান পৰিৱেশ্য আৰু পৰিশীলিত ৰূপ হ’ল অসমীয়া সংস্কৃতি। এই ক্ষেত্ৰত অসমীয়া জাতিৰ প্ৰসংগলৈ উনুকিয়াব পাৰি। বিভিন্ন জাতিৰ সংমিশ্ৰণতহে অসমীয়া জাতি গঢ়ি উঠিছে৷ ‘অসমীয়া জাতি’ বুলিলে সেয়ে জাতি-জনগোষ্ঠীবিলাকলৈহে আঙুলিয়াৰ লগা হয়। অসমীয়া সংস্কৃতি বুলি ক’বলৈ হ’লেও একেদৰে জাতি-জনগোষ্ঠীবিলাকৰ সাংস্কৃতিক উপাদানৰ প্ৰসংগলৈ আঙুলিওৱাৰ বাদে গত্যন্তৰ নাই। দ্বিতীয়তে বিভিন্ন অতি-জনগোষ্ঠীৰ সাংস্কৃতিক উপাদান অসমীয়া সংস্কৃতিত ইমানেই বিলীন হৈ গ’ল যে– এতিয়া সেইবোৰক জাতি জন-গোষ্ঠীবিলাকৰ সংস্কৃতি বুলিব পৰা নাযায়। দিচাং দিখৌ, জাঁজী, ভোগদৈ, কাকডোঙা, টুনী, যোগীসুঁতি আদি উপনৈৰ পানীবোৰ বাগৰি গৈ বিশাল ব্ৰহ্মপুত্ৰত পৰিছে। ব্ৰহ্মপুত্ৰৰ পানীবোৰৰ মাজৰপৰা উপনৈবিলাকৰ পানীবোৰ চিহ্নিত কৰা যিদৰে জটিল– অসমীয়া সংস্কৃতিৰ মাজৰপৰাও জাতি জন-গোষ্ঠীবিলাকৰ সংস্কৃতিবোন পৃথক কৰা বা চিহ্নিত কৰা সমানেই জটিল। অসমৰ পৰিচয়বাহক নৈ ব্ৰহ্মপুত্ৰক যিদৰে আঙুলিয়াব পাৰি, অসমৰ সংস্কৃতিৰ বেলিকা অসমীয়া সংস্কৃতিক আঙুলিয়াব পাৰি। অসমৰ জাতীয় নৈ হৈছে বিশাল ব্ৰহ্মপুত্ৰ। উপনৈবোৰ ইয়াৰ সৌন্দৰ্য প্ৰাণ আৰু চালিকাশক্তি। অসমৰ জাতীয় সংস্কৃতিও অসমীয়া সংস্কৃতিহে। জাতি- জনগোষ্ঠীয় সংস্কৃতিবোৰ হ’ল অসমীয়া সংস্কৃতিৰ প্ৰাণ, সৌন্দৰ্য আৰু মূল চালিকাশক্তি। এই দুটা দিশৰ কথা এই কাৰণেই কোৱা হৈছে যে— অসম আৰু অসমীয়াৰ যিকোনো প্ৰসংগ আলোচনাৰ বেলিকা এই দুটা দিশলৈ দৃষ্টি ৰখা উচিত।

জনজাতীয় বা জনগোষ্ঠীয় সংস্কৃতি হ’ল অসমীয়া সংস্কৃতিৰ বৰভেটি। অসমীয়া সংস্কৃতিৰ এই বৰভেটিটো মজবুত হোৱা কাৰণেই সময়ে সময়ে অনেক কাল-ধুমুহা অহাৰ পিছতো অসমীয়া সংস্কৃতিয়ে আজিও (গোলকীকৰণৰ যুগতো) থিয় হৈ থাকিব পাৰিছে।

অথবা

অসমৰ পৰিবেশ বিনষ্ট হোৱাৰ কাৰণসমূহ চমুকৈ ব্যাখ্যা কৰা। পৰিৱেশ সংৰক্ষণৰ বাবে ভাৰতবৰ্ষত সংঘটিত মুখ্য আন্দোলনসমূহ উল্লেখ কৰা।

উত্তৰঃ অসমৰ পৰিবেশ বিনষ্ট হোৱাৰ কাৰণসমূহ হ’লঃ

১। বায়ু প্ৰদূষণঃ বিবিধ ৰাসায়নিক পদার্থ নির্গমন তথা ক্ষুদ্র কণাসমূহৰ বায়ুমণ্ডললৈ নিৰ্মানি। সচৰাচৰ গেচীয় প্ৰদুষণসমূহ হ’ল – কার্বন মনক্সাইড, ছালফাৰ ডাইক্সাইড, চি এফ চি, নাইজেন অক্সাইড। এই দূষিত গেছসমূহ উৎপাদন কৰে বিভিন্ন উদ্যোগ আৰু যান-বাহনসমূহে। ফ’টকেমীকেল অ’জন আৰু ধুঁৱলী সৃষ্টি হয় নাইট্রজেন অক্সাইড আৰু হাইড্ৰ-কাৰ্বনৰ সূৰ্যৰ ৰশ্মিৰ সৈতে হোৱা বিক্ৰিয়াৰ ফলত।

২। শব্দ প্ৰদূষণঃ শব্দ-প্ৰদূষণ সংঘটিত হয় দৈনন্দিন পথৰ শব্দসমূহ, উৰাজাহাজৰ শব্দ, উদ্যোগৰ শব্দ, তীব্ৰ প্ৰাৱলাৰ চনাব (SONAR, Sound Navigation Ranging) যন্ত্রৰ উচ্চ মাত্ৰাৰ শব্দৰ জৰিয়তে।

৩। প্লাষ্টিক প্ৰদূষণঃ ইয়াৰ দ্বাৰা আমাৰ পৰিৱেশত প্লাষ্টিকেৰে তৈয়াৰী পদার্থসমূহ আৰু অতি ক্ষুদ্র প্লাষ্টিকসমূহ জমা হৈ বন্যপ্রাণীর বাসস্থান, বন্যপ্রাণী তথা মানুহৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলায়।

৪। ভূমি প্ৰদূষণঃ ভূমি প্ৰদুষণ সংঘটিত হয় যেতিয়া ভূগর্ভীয় নিঃসৰণৰ ফলত ৰাসায়নিক পদাৰ্থৰ নিসর্গন ঘটে। গুৰুত্বপূৰ্ণ ভূমি প্ৰদূষকসমূহ হ’ল হাইড্র’কার্বন, গধূৰ ধাতৱ পদার্থসমূহ, অপতৃণনাশক, কীটনাশক আৰু ক্লৰিনেটেড হাইড্ৰ’ কার্বনসমূহ।

৫। আণৱিক প্রদূষণঃ বিংশ শতিকাৰ আণৱিক ক্ষেত্ৰখনত ঘটা কার্যকলাপসমূহ যেনে– পাৰমাণবিক শক্তি উৎপাদন আৰু আণৱিক যুদ্ধাস্ত্ৰসমূহৰ গৱেষণা, পণ্য উৎপাদনৰ ক্ষেত্ৰখনৰ লগতে বিন্যস্তকৰণে তেজষ্ক্রিয় প্ৰদূষণত অৰিহণা যোগাইছে।

৬। জল প্রদূষণঃ জল প্রদূষণত অৰিহণা যোগাইছে ব্যবসায়িক তথা ঔদ্যোগিক প্ৰতিষ্ঠানসমূহৰ পৰ নিৰ্গত অপৰিশোধিত পানীভাগৰ ভূ-পৃষ্ঠৰ পানী ভাগলৈ নির্গসন, লগতে অপৰিশোধিত ঘৰুৱা নলাসমূহ আৰু ৰাসায়নিক আৱর্জনাবিলাকৰ দ্বাৰা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top