AHSEC 2022 Political Science Question Paper Solved | দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান পুৰণি প্ৰশ্নকাকত সমাধান

AHSEC 2022 Political Science Question Paper Solved | দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান পুৰণি প্ৰশ্নকাকত সমাধান, AHSEC Class 12 Political Science Question Paper Solved PDF Download, দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান 2022 ৰ প্ৰশ্নকাকত সমাধান কৰা হৈছে to each Paper is Assam Board Exam in the list of AHSEC so that you can easily browse through different subjects and select needs one. AHSEC 2022 Political Science Previous Years Question Paper Solved can be of great value to excel in the examination.

AHSEC 2022 Political Science Question Paper Solved

AHSEC 2022 Political Science Question Paper Solved | দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান পুৰণি প্ৰশ্নকাকত সমাধান

Join Telegram channel

AHSEC Old Question Paper provided is as per the 2022 AHSEC Board Exam and covers all the questions from the AHSEC Class 12 Political Science Solved Question Paper 2022 Assamese Medium. Access the detailed Class 12 Political Science 2022 Previous Years Question Paper Solved provided here and get a good grip on the subject. Access the AHSEC 2022 Political Science Old Question Paper Solved, AHSEC Class 12 Political Science Solved Question Paper 2022 of Assamese in Page Format. Make use of them during your practice and score well in the exams.

POLITICAL SCIENCE

2022

POLITICAL SCIENCE OLD QUESTION PAPER SOLVED

ক – শাখা (সমসাময়িক বিশ্ব ৰাজনীতি)

1. তলত দিয়া বোৰৰ নিৰ্দেশ অনুযায় উত্তৰ লিখা: 

(a) NIEO ৰ সম্পূর্ণ ৰূপটো লিখা। 

উত্তৰঃ NIEO ৰ সম্পূর্ণ ৰূপটো হ’ল- New International Economic Order.

(b) একমেৰু বিশিষ্ট বিশ্ব বুলিলে কি বুজা?

উত্তৰঃ একমেৰু বিশিষ্ট বিশ্ব বুলিলে আমেৰিকা যুক্তৰাষ্ট্ৰকে একমাত্ৰ বৃহত শক্তি হিচাপে নিজৰ আধিপত বিস্তাৰ কৰাকে বুজায়।

(C) ৰিঅ ‘সন্মিলন’ কাৰ্যসূচী – ২১ ‘নামৰ এক উন্নয়নমূলক কমোৰ্সূচী অনুমোদন জনাইছিল। (হয় নে নহয় লিখা)

উত্তৰঃ হয়।

(d) ভাৰতে ইয়াৰ  অৰ্থনৈতিক সংস্কাৰ কোন চনত আৰম্ভ কৰিছিল?

উত্তৰঃ ১৯৯১ চনত।

(e) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত _______ঠাই সদস্য  আছে। (খালি ঠাই পূৰণ কৰা)

উত্তৰঃ ৫।

(f) তলত দিয়া বোৰৰ কোনটো ছোভিয়েট ইউনিয়নৰ খন্দিতকৰণৰ পৰিণতি নহয়?

(i) আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজৰ মতাদৰ্শগত যুদ্ধৰ সমাপ্তি।

(ii) CIS ৰ জন্ম।

(iii) আন্তজাৰ্তিক ব্যৱস্থাত ক্ষমতাৰ ভাৰসাম্যতাৰ পৰিবৰ্তন। 

(iv) মধ্য প্ৰাচ্যত সংকট।

উত্তৰঃ (ঘ) মধ্য প্রাচ্যত সংকট।

২। প্ৰবজনকাৰি আৰু শৰনাথিৰ  মাজৰ দুটা পাৰ্থক্য লিখা।

উত্তৰঃ প্ৰবজনকাৰি আৰু শৰনাথিৰ  মাজৰ দুটা পাৰ্থক্য হ’ল:

সহজ ভাষাত ক’বলৈ গ’লে প্ৰব্ৰজনকাৰী হ’ল এনে এজন ব্যক্তি যিয়ে স্থানান্তৰিত হ’বলৈ বাছি লয়, আৰু শৰণাৰ্থী হ’ল এনে এজন ব্যক্তি যিয়ে নিজৰ ঘৰৰ পৰা জোৰকৈ উলিয়াই দিয়া হৈছে। ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ মতে (UNHCR) শৰণাৰ্থী হ’ল “সশস্ত্ৰ সংঘাত বা নিৰ্যাতনৰ পৰা পলায়ন কৰা” আৰু “যিসকলৰ বাবে আশ্ৰয় অস্বীকাৰ কৰাৰ সম্ভাৱ্য মাৰাত্মক পৰিণতি আছে।” শৰণাৰ্থীসকলে নিজৰ দেশ এৰি যায় কাৰণ তেওঁলোকৰ থাকিবলৈ বিপদজনক। শৰণাৰ্থীক ঘূৰাই পঠোৱাৰ অৰ্থ হ’ব পাৰে তেওঁলোকক মৃত্যুদণ্ড দিয়া। প্ৰায়ে ব্যক্তিগত সামগ্ৰী নোহোৱাকৈ, কেতিয়াবা পূৰ্ব পৰিকল্পনা নকৰাকৈয়ে উপস্থিত হয়।

আনহাতে প্ৰব্ৰজনকাৰীয়ে যিকোনো সংখ্যক কাৰণত স্থানান্তৰিত হ’ব পাৰে। কিছুমানে পৰিয়ালৰ লগত থাকিবলৈ বা অৰ্থনৈতিক কাৰণত গুচি যায়। আন কিছুমানে শিক্ষাৰ বাবে আন্দোলন কৰে। তাৰে বহুতেই কেইবছৰমানৰ পাছত নিজ দেশলৈ উভতি আহে। প্ৰায়ে নিজৰ ভ্ৰমণৰ পৰিকল্পনা নিজেই কৰি বস্তু আনি বা বিক্ৰী কৰিবলৈ সক্ষম হয়। ইয়াৰ অৰ্থ এইটো নেকি যে সকলো প্ৰব্ৰজনকাৰীয়ে ভাল পৰিস্থিতিৰ পৰা উন্নত পৰিস্থিতিলৈ গতি কৰিছে? দুৰ্ভাগ্যজনকভাৱে নহয়। বহুতে প্ৰব্ৰজন কৰে কাৰণ তেওঁলোকৰ ঘৰ বিপজ্জনক বা জীয়াই থকাটো কঠিন হৈ পৰিছে।তেওঁলোকে হয়তো অশান্তি, দুৰ্ভিক্ষ, খৰাং বা অৰ্থনৈতিক পতনৰ পৰা পলায়ন কৰি আছে। কিন্তু সংঘাত বা নিৰ্যাতনৰ বিপদ নহ’লে তেওঁলোকক শৰণাৰ্থী বুলি গণ্য কৰা নহয়।

৩। বিশ্ব বেংক  কোন চনত স্থাপন হৈছিল? ইয়াৰ যিকোনো এটা কাৰ্য উল্লেখ কৰা।

উত্তৰঃ ১৯৪৪ চনত। বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰক লোণ দিয়াৰ ব্যৱস্থা কৰে।

৪। প্ৰথম গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সন্মিলন কেতিয়া আৰু ক’ ত অনুষ্ঠিত হৈছিল?

উত্তৰঃ ১৯৬১, বেলগ্ৰেড।

৫। কীয়ট ‘ চুক্তি কোন চনত সাক্ষৰিত হৈছিল? এই চুক্তি পৰিবেশৰ কোনটো সমস্যাৰ সৈতে জঢ়িত  আছিল? 

উত্তৰঃ কীয়ট’ চুক্তি ১৯৯৭ চনত সাক্ষৰিত হৈছিল। এই চুক্তি পৰিবেশৰ গোলকীয় উষ্ণতাৰ  সৈতে জঢ়িত আছিল।

৬। শীতল যুদ্ধৰ  সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নে তেওঁলোকৰ বন্ধু দেশসমূহৰ সৈতে আবদ্ধ হোৱা সামৰিক চুক্তি দুখনৰ নাম কি?

উত্তৰঃ (ক) পাৰমাণৱিক নি-সম্প্রসাৰণ চুক্তি I

(খ) ক্ষেপণাস্ত্র বিৰোধী চুক্তি I

৭। ইউৰোপীয় সংঘৰ প্ৰভাৱৰ দুটা প্ৰধান ক্ষেত্ৰ উল্লেখ কৰা।

উত্তৰঃ ইউৰোপীয় সংঘৰ প্ৰভাৱৰ দুটা প্ৰধান ক্ষেত্ৰ-

(ক) অৰ্থনৈতিক ক্ষেত্ৰতঃ ইউৰোপীয় সংঘৰ অৰ্থনীতি বিশ্বৰ আটাইতকৈ বৃহৎ অৰ্থনীতি। ২০০৫ চনৰ হিচাপ মতে ইউৰোপীয় সংঘৰ সৰ্বমুঠ ঘৰুৱা উৎপাদন আছিল ১২ ত্ৰিলিয়ন মাৰ্কিন ডলাৰ। এই পৰিমাম আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বমুঠ ঘৰুৱা উৎপাদনকৈ কিছু পৰিমাণে বেছি। ইউৰোপীয় সংঘৰ মুদ্ৰা ইউৰোৱে আজি মাৰ্কিন মুদ্ৰা ডলাৰক আন্তৰ্জাতিক ৰাজনীতিত প্ৰত্যাহ্বান জনাব পাৰিছে। আজি ইউৰোপীয় সংঘৰ বাণিজ্য মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বাণিজ্যতকৈ ৩ গুণ শক্তিশালী।এই অৰ্থনৈতিক ক্ষমতাৰ আধাৰত ইউৰোপীয় সংঘই নিজৰ প্ৰভাৱ আফ্ৰিকা, এছিয়া আদিতো বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।

(খ) ৰাজনৈতিক ক্ষেত্ৰতঃ ইউৰোপীয় সংঘৰ উমৈহতীয়া পতাকা, জাতীয় সংগীত, প্ৰতিষ্ঠা দিন আদি উপাদান আছে। ইউৰোপীয় সংঘই আন্তৰ্জাতিক ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। ইউৰোপীয় সংঘৰ কেবাখনো সদস্য ৰাষ্ট্ৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য। আনহাতে ব্ৰিটেইন আৰু ফ্ৰান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য। ইয়াৰ বাবে ইউৰোপীয় সংঘই আমেৰিকাৰ কেতবোৰ নীতিক ৰাষ্ট্ৰসংঘত বিৰোধ কৰাৰ বাবে সুযোগ লাভ কৰিব পাৰিছে।

৮। উমৈহতীয়া অথচ প্ৰেথকীকৃত দায়বদ্ধতা মানে কি? চমুকৈ আলোচনা কৰা।

উত্তৰঃ নিজে কৰা।

৯। বৃহত শক্তিৰ ৰাষ্ট্ৰসমূহক সৰু সৰু ৰাষ্ট্ৰসমূহৰ মিত্ৰতাৰ কীয় প্ৰয়োজন? চাৰিটা কাৰণ লিখা?

উত্তৰঃ নিম্নলিখিত কাৰণসমূহৰ বাবে বিশ্বৰ সৰু দেশবােৰ বৃহৎ শক্তিৰ বাবে অতি উপযােগী —

(ক) প্রমুখ বা মূল সম্পদসমূহ যেনে— তেল আৰু খনি।

(খ) ভূ-ক্ষেত্র (য’ৰ পৰা বৃহৎ শক্তিসমূহে নিজৰ অস্ত্র-শস্ত্ৰ আৰু সেনা সঞ্চালন কৰিব পাৰে)।

(গ) অৱস্থান য’ৰ পৰা তেওঁলােকে পৰস্পৰৰ ওপৰত গুপ্তচৰী কৰিব পাৰে। আৰু

(ঘ) আর্থিক সাহায্য (মিত্ৰগােষ্ঠীৰ অন্তর্ভুক্ত বহুত সৰু সৰু দেশে একেলগে সামৰিক ব্যয় কৰিবলৈ সহায় কৰিব পাৰে। এই কাৰণবােৰে সৰু দেশসমূহক বৃহৎ শক্তিসমূহৰ বাবে প্রয়ােজনীয় কৰি তুলিছিল।

১০। ৰাষ্ট্ৰসংঘৰ পুনৰ গঠন আৰু ভৱিষ্যত সম্পৰ্কে চমুকৈ আলোচনা কৰা।

উত্তৰঃ বিশ্বৰ যিকোনো সংগঠনক পৰিস্থিতিৰ সৈতে খাপ খোৱাই আগ বঢ়াই লৈ যাবৰ বাবে ইয়াৰ সংস্কাৰ তথা পুনঃগঠন কৰাৰ প্ৰয়োজন আহি পৰে। এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ ক্ষেত্ৰতো ব্যতিক্ৰম নহয়। ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল অৰ্থাৎ ৭৫ বছৰ আগতেই জন্ম লাভ কৰিছে।গতিকে মাজে-সময়ে ইয়াৰ সংস্কাৰ তথা পুনঃগঠনৰ বাবে দাবী উত্থাপন হৈ আহিছে। ৰাষ্ট্ৰসংঘৰ সংস্কাৰ তথা পুনঃগঠনৰ বাবে উত্থাপন হোৱা দাবীত যদিও বেছিভাগ ৰাষ্ট্ৰই একমত হৈছে কিন্তু সংস্কাৰৰ প্ৰকৃতিৰ ক্ষেত্ৰত ৰাষ্ট্ৰসমূহৰ মাজত মতৰ পাৰ্থক্য দেখিবলৈ পোৱা যায়।ৰাষ্ট্ৰসংঘক দুইধৰণৰ সংস্কাৰ কৰাৰ প্ৰয়োজন হৈছে— ক)সাংগঠনিক দিশ আৰু প্ৰক্ৰিয়াৰ ক্ষেত্ৰত সংস্কাৰ খ)ইয়াৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰৰ পৰা বিষয়সমূহৰ সংস্কাৰ।

কিন্তু এই সংস্কাৰ দুটা কেতিয়া আৰু কেনেকৈ কৰা হ’ব সেই বিষয়ত সদস্যসকল অকমত নহয়।ৰাষ্ট্ৰসংঘৰ সাংগঠনিক দিশ আৰু প্ৰক্ৰিয়া সংস্কাৰ কৰাৰ প্ৰশ্ন অহাৰ লগে-লগে নিৰাপত্তা পৰিষদৰ কথা জড়িত হৈ পৰে।ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত ৰাষ্ট্ৰসমূহে নিৰাপত্তা পৰিষদৰ স্থায়ী আৰু অস্থায়ী সদস্যৰ সংখ্যা বৃদ্ধি কৰিবলৈ দাবী উত্থাপন কৰি আহিছে।বিশেষকৈ নিৰাপত্তা পৰিষদত যিহেতুকে এছিয়া, আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ পৰা উচিত প্ৰতিনিধি নিৰাপত্তা পৰিষদত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হৈছে।ইয়াৰ উপৰি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পশ্চিমীয়া ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘৰ বাজেট প্ৰক্ৰিয়া আৰু প্ৰশাসনিক বিষয়ৰ ক্ষেত্ৰখন সম্প্ৰসাৰণ হোৱাটো বিচাৰে।

দ্বিতীয়তে, কেতবোৰ ৰাষ্ট্ৰ তথা বিশেষজ্ঞসকলৰ মতে ৰাষ্ট্ৰসংঘৰ কাৰ্যক্ষেত্ৰখন সম্প্ৰসাৰণ তথা অধিক কাৰ্যক্ষম হ’ব লাগে।তেওলোকে মত পোষণ কৰে যে ৰাষ্ট্ৰসংঘই শান্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা প্ৰয়োজন। আনহাতে আন কিছুমান ৰাষ্ট্ৰৰ মতে উন্নয়ন আৰু মানৱীয় কাৰ্য যেনে স্বাস্থ্য, শিক্ষা, পাৰিপাৰ্শ্বিকতা নিয়ন্ত্ৰণ, জনসংখ্যা নিয়ন্ত্ৰণ, মানৱ অধিকাৰ ৰক্ষা, লিংগ আৰু সামাজিক ন্যায় প্ৰতিষ্ঠা –এইবোৰ বিষয়ৰ ভিতৰতে ৰাষ্ট্ৰসংঘৰ কাৰ্য সীমিত হ’ব লাগে। 

১১। ভাৰত আৰু পাকিস্তানৰ মাজৰ শেহতিয়া সম্পৰ্কৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ পাকিস্তান আৰু ভাৰত দুই খনেই দক্ষিণ এছিয়াৰ চুবুৰীয়া ৰাষ্ট্ৰ। দুই ৰাষ্ট্ৰ পূৰ্বতে হিন্দুস্হানত একত্ৰিত হৈ আছিল আৰু ব্ৰিটিছৰ বিভাজন আৰু শাসন নীতিৰ ফলত হিন্দুস্হানৰ হিন্দু আৰু মুছলমান ধৰ্মাৱলম্বী লোকৰ মাজত ভেদাভাৱৰ জন্ম হৈ বিভাজন হৈ ক্ৰমে দুই পৃথক ৰাষ্ট্ৰ ভাৰত আৰু পাকিস্তানৰ সৃষ্টি হয়। বিভাজনৰ পিছতো দুই ৰাষ্ট্ৰৰ লোকৰ মাজত ভেদভাৱ আৰু সংঘাতৰ সেই বীজ থাকি যায় যিয়ে দুই ৰাষ্ট্ৰৰ মাজত পাৰ্থক্যৰ সৃষ্টি কৰে।দুই ৰাষ্ট্ৰৰ মাজত বহু বিষয় আৰু ক্ষেত্ৰক লৈ সংঘাত বিৰাজমান।বিভাজনৰ পিছৰ পৰাই কাশ্মীৰক লৈ দয়োখন দেশৰ মাজত বিবাদ আৰম্ভ হয়। ১৯৪৭-৪৮ চনৰ যুদ্ধৰ ফলত কাশ্মীৰ প্ৰদেশ পাকিস্তান অধিকৃত কাশ্মীৰ আৰু জম্মু আৰু কাশ্মীৰৰ ভাৰতৰ ভাগক ১৯৭১ চনৰ নিয়ন্ত্ৰণ ৰেখাই ভাগ কৰে। 

তথাপি এই বিবাদৰ সম্পূৰ্ণ নিৰ্মূল এতিয়াও হোৱা নাই। ঠিক তেনেদৰে সন্ত্ৰাসবাদী মূলক কাৰ্য-কলাপক লৈয়ো দুই ৰাষ্ট্ৰৰ মাজত বিবাদ বিৰাজমান। ভাৰত চৰকাৰে পাকিস্তান চৰকাৰক কাশ্মীৰী সন্ত্ৰাসবাদীসকলক অস্ত্ৰ-শস্ত্ৰৰ যোগান ধৰা আৰু ভাৰত বিৰোধী কাৰ্য কৰিবলৈ উচতনি দিয়াৰ বাবে নিন্দা কৰিছিল। ভাৰতে তদুপৰি অভিযোগ উশ্থাপন কৰে যে নেপাল আৰু বাংলাদেশৰ মাজেৰে আহি পাকিস্তানী চোৰাংচোৱাৰ বিভিন্ন সংস্থাই ভাৰতৰ উত্তৰ-পূব অংশত বিশেষকৈ অসমত কিছুমান কূটাঘাত কাৰ্যত লিপ্ত হৈ আহিছে। আনহাতে,পাকিস্তান চৰকাৰে ভাৰত চৰকাৰক সিন্ধ আৰু বেলুচিস্তান প্ৰদেশত সমস্যা সৃষ্টি কৰা বুলি বিশ্বাস কৰে। 

তাৰোপৰি ভাৰত আৰু পাকিস্তানৰ মাজত পানীৰ ভাগ-বতৰাক লৈ সমস্যা বা বিবাদ আছে।  ইমান সমস্যা আৰু বিবাদ থকাৰ পাছতো  দুই ৰাষ্ট্ৰই এই বিবাদ আৰু সংঘাত দূৰ কৰি বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা নকৰাকৈ থকা নাই। দুই ৰাষ্ট্ৰই বিভিন্ন চুক্তি স্বাক্ষৰ কৰি আৰু পদক্ষেপৰ জৰিয়তে চলিত সংঘাত আৰু বিবাদ দূৰীকৰণৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে আৰু বহু দূৰ সফলো হৈছে। ১৯৬০ চনত পাকিস্তান আৰু ভাৰতে ইন্দাচ জল চুক্তি স্বাক্ষৰ কৰি চলিত ইন্দাচ -বেচিনৰ পানী ভাগ-বতৰা আৰু ব্যৱহাৰক লৈ থকা সংঘাত আৰু বিবাদৰ অৱসান ঘটায় । ঠিক তেনেদৰে অন্যান্য বিষয়ক লৈ আৰু দুই ৰাষ্ট্ৰৰ মাজত সংযোগ, সহযোগিতা,নিৰাপত্তা আৰু সম্পৰ্ক স্হাপন আৰু উন্নয়নৰ বাবে বহু চুক্তি স্বাক্ষৰ কৰে যেনে- ১৯৭৩ চনৰ দিল্লী চুক্তি, ১৯৯৯ চনৰ লাহোৰ ঘোষণা, ১৯৭২ চনৰ ছিমলা চুক্তি আদি। 

এই চুক্তি সমূহে দুই ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কৰ উন্নতি সাধন, বিভিন্ন ক্ষেত্ৰত নতুন সম্বন্ধ আৰু লেন-দেন প্ৰতিষ্ঠা, সংযোগ আৰু সহযোগিতা স্থাপনৰ ক্ষেত্ৰত যথেষ্ট সফলো হৈছে। বৰ্তমান দুই ৰাষ্ট্ৰৰ এক উন্নত সম্পৰ্ক গঢ়ি উঠিছে। তদুপৰি সক্ৰিয় সমাজকৰ্মী আৰু বিখ্যাত ব্যক্তিসকলে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত বন্ধুত্বপূৰ্ণ বাতাৱৰণ সৃষ্টিৰ বাবে চেষ্টা চলাইছে। নেতাসকলে শীৰ্ষ সন্মিলনত মিলিত হৈ বুজাবুজিৰ মাজেৰে দুয়োখন দেশৰ প্ৰধান সমস্যাসমূহ সমাধানৰ পথ বিচাৰিছে। দুয়োখন ৰাষ্ট্ৰৰ মাজত বৰ্তমান বাছসেৱা আৰম্ভ হৈছে আৰু ব্যৱসায়-বাণিজ্যিক লেনদেনৰো সূচনা হৈছে। পঞ্জাৱৰ দুয়োটা অংশৰ মাজত বেপাৰ-বাণিজ্য সম্প্ৰসাৰণ ঘটিছে। পৰস্পৰ পাৰ-পত্ৰ সহজলভ্য কৰি দিয়া হৈছে। এনেদৰে বহুবোৰ সংঘাত থকাৰ  পিছতো দুই ৰাষ্ট্ৰৰ মাজত সম্পৰ্কৰ যথেষ্ট উন্নতি ঘটিছে আৰু এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তি আছে।

১২। মানৱীয় নিৰাপত্তা আৰু স্বাস্থ্যৰ মাজৰ সম্পৰ্ক কি? আলোচনা কৰা।

উত্তৰঃ মানৱীয় নিৰাপত্তাই সাধাৰণতে ৰাষ্ট্ৰক ৰক্ষণাবেক্ষণ দিয়াতকৈ জনসাধাৰণক বেছি ৰক্ষণাবেক্ষণ দিয়াটোক বুজায়। মানৱীয় নিৰাপত্তাৰ সমর্থকসকলে কয় যে ৰাষ্ট্ৰৰ প্রাথমিক লক্ষ্য হ’ল ইয়াৰ ব্যক্তিসকলক ৰক্ষণাবেক্ষণ দিয়া। তেওঁলােকৰ মতে মানৱীয় নিৰাপত্তাৰ ধাৰণাই ক্ষুধা, ৰোগ ব্যাধি আৰু প্ৰাকৃতিক দূর্যোগ আদিক সন্নিবিষ্ট কৰা উচিত। কিয়নাে, এইবােৰে এনেকি যুদ্ধতকৈ বেছি মানুহক মৃত্যুৰ মুখত পেলায়। এইদৰে মানৱীয় নিৰাপত্তাৰ নীতিয়ে এইবােৰ ভাবুকিৰ পৰা জনসাধাৰণক, সংঘৰ্য আৰু যুদ্ধতকৈ বেছি ৰক্ষণাবেক্ষণ দিয়া উচিত। কাৰণ দৰিদ্ৰতা, ক্ষুধা, ৰােগ ব্যাধি, প্রাকৃতিক দুর্যোগেহে মানুহৰ স্বাস্থ্যৰ লগত জড়িত হৈ এক অসহায়, নিৰুপায়তাৰ বেছি সৃষ্টি কৰে।

১৩। আছিয়ান কি? আচিয়ানৰ স্তম্ভ তিনিটাৰ  বিষয়ে আলোচনা কৰা।

উত্তৰঃ ১৯৬৭ চনত দক্ষিণ – পূর্ব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংস্থা বা চমুকৈ এছিয়ান প্রতিষ্ঠা হৈছিল ২০০৩ চনত। এছিয়ানে তিনিটা স্তম্ভৰে সৈতে এছিয়ান সম্প্রদায় গঠন কৰি ইউৰােপীয় ইউনিয়নৰ পদ অনুসৰণ কৰিছে। ASEAN সম্প্রদায়ৰ তিনিটা স্তম্ভ হ’ল — এছিয়ান নিৰাপত্তা পৰিষদ, অর্থনৈতিক পৰিষদ আৰু সামাজিক – সাংস্কৃতিক পৰিষদ।

(ক) এছিয়ান নিৰাপত্তা পৰিষদ: এছীয় ৰাষ্ট্ৰসমূহৰ মাজত থকা সীমা বিবাদ যাতে সশস্ত্র সংঘাতলৈ ৰূপান্তৰিত নহয় তাৰ প্রতি লক্ষ্য ৰখাটো এছিয়ান নিৰাপত্তা পৰিষদৰ উদ্দেশ্য।

(খ) এছিয়ান অর্থনৈতিক পৰিষদ: এছিয়ান অর্থনৈতিক পৰিষদে ইয়াৰসদস্যভুক্ত ৰাষ্ট্ৰসমূহৰ মাজৰ সমূহীয়া বজাৰ আৰু উৎপাদনৰ ব্যৱস্থা কৰা, এছিয়ান অঞ্চলত আর্থ – সামাজিক উন্নতি সাধন কৰা এছিয়ান অর্থনৈতিক পৰিষদৰ উদ্দেশ্যI

(গ) এছিয়ান সামাজিক – সাংস্কৃতিক পৰিষদ: বিশ্বৰ সকলাে ধৰ্মৰ লগত সাংস্কৃতিক সম্পর্ক। ৰক্ষা কৰাটো এছিয়ান সামাজিক – সাংস্কৃতিক পৰিষদে চেষ্টা চলায়। এছিয়ান ৰাষ্ট্ৰবােৰৰ মাজত এক মধুৰ সাংস্কৃতিক যােগাযােগ ৰক্ষা    কৰাটোএই পৰিষদৰ উদ্দেশ্যI

অথবা

১৩। আঞ্চলিক সহযোগিতাৰ অনুষ্ঠান হিচাপে ছাৰ্কৰ ভূমিকা আৰু সীমাবদ্ধতা আলোচনা কৰা।

উত্তৰঃ ছাৰ্কৰ প্ৰতিষ্ঠাৰ পিছৰে পৰা ই কিছু অগ্রগতি লাভ কৰিলেও ই নিজকে জীয়াই ৰখাৰ বাবে লগতে আৰু অধিক প্রগতি লাভ কৰিবলৈ হ’লে SAARC এ সন্মুখীন হােৱা প্রত্যাহ্বান সমূহ হ’ল— 

(ক) অঞ্চলটোৰ দেশসমূহৰ মাজত চলি থকা পাবম্পৰিক বিদ্বেষে ছাৰ্কৰ সফলতাত বাধাৰ সৃষ্টি কৰিছে। 

(খ) দেশসমূহৰ মাজত উন্নয়ন, পৰিবহণ আৰু যােগাযােগ ব্যৱস্থাৰ অভাৱেও ছাৰ্কৰ সফলতাত বাধা জন্মাইছেI 

(গ) সদস্য দেশসমূহৰ প্রাকৃতিক সম্পদৰ বৈষম্য আৰু আকাবেও দেশসমূহৰ মাজত সহযােগিতা আৰু বিশ্বাস বৃদ্ধিত বাধা জন্মাইছে। 

১৪। ছোভিয়েট ইউনিয়ন কিয় ভংগ হৈছিল? বিষদভাৱে আলোচনা কৰা।

উত্তৰঃ ছোভিয়েট ইউনিয়নৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত থকা আভ্যন্তৰীণ দুৰ্বলতাৰ ফলত ছোভিয়েট ইউনিয়ন ভংগ হৈছিল।১৯১৭ চনত বলছােভিক বিপ্লৱৰ মাধ্যমেৰে লেনিনৰ নেতৃত্বত ছােভিয়েটে ইউনিয়ন দ্বি-সমাজবাদী আদৰ্শৰ ভিত্তিত গঢ় লৈ উঠিছিল। অতি কম সময়ৰ ভিতৰত এই দেশখন এখন শক্তিশালী আৰু আর্থিকভাৱে ধনী দেশলৈ ৰূপান্তৰিত হৈছিল। তাৰােপৰি, ই তৃতীয় বিশ্ব আৰু গােষ্ঠী নিৰপেক্ষ দেশসমূহৰ ত্রাণকর্তা হিচাপে দেখা দিছিল। 

ছােভিয়েট ইউনিয়ন ভাঙি যােৱাৰ কাৰণসমূহ আলােচনা কৰা হ’ল-

১। মহাশক্তি হিচাপে প্রতিষ্ঠা হােৱাৰ বাবে আৰু পাৰমাণৱিক অস্ত্র-শস্ত্র তথা পৰম্পৰাগত অস্ত্র-শস্ত্র উৎপাদনত কৰিবলগীয়া হােৱা প্ৰচুৰ খৰচৰ বাবে ই আর্থিকভাৱে দুৰ্বল হৈ পৰিছিল।

২। ছােভিয়েট প্রশাসনত কমিউনিষ্ট দলে চৰকাৰত প্ৰভুত্ব বিস্তাৰ কৰিছিল। এই দলৰ প্ৰশাসনত দেখা দিয়া ব্যাপক দুর্নীতিয়ে চৰকাৰত সংকটৰ সৃষ্টি কৰিছিল।

৩। ছােভিয়েট সংঘৰ বিভিন্ন গণৰাজ্যত ক্রমাগতভাৱে বৃদ্ধি হােৱা স্বাধীনতাৰ মনােভাব হ’ল ইয়াৰ পতনৰ অন্যতম কাৰণ।

৪। আর্থিক আৰু প্রযুক্তি বিদ্যাৰ ক্ষেত্ৰত আমেৰিকা তথা ইউৰােপীয়ান দেশসমূহৰ তুলনাত ছােভিয়েট সংঘৰ কম উন্নয়ন।

৫। দশকৰ পিছত দশক ধৰি ব্যক্তিস্বাধীনতা আৰু মানৱ অধিকাৰৰ ওপৰত চলােৱা অৱদমন।

৬। গর্বাচেভে উদ্ভাৱন কৰা ‘গ্লাচনােষ্ট’ আৰু পেৰেষ্ট্রোইকা প্রভাৱ হৈছে ছােভিয়েট ইউনিয়ন ভংগৰ তৎকালীন কাৰণ। গর্বাচেভে অর্থনৈতিক, প্রসাশনিক আদি দিশক সংস্কাৰ কৰি পশ্চিমৰ লগত মিত্ৰতা নীতিৰ পােষকতা কৰিছিল। কিন্তু ইয়াৰ বিৰুদ্ধে বিভিন্ন সমালােচনা আৰম্ভ হ’ল আৰু জনগণ বিভাজিত হৈ পৰিল।

৭। ছােভিয়েট সংঘৰ গণৰাজ্যসমূহৰ দীর্ঘদিনীয়া অর্থনৈতিক দৈন্য তথা আর্থিক অসন্তুষ্টিও ইয়াৰ অন্যতম কাৰণ।

৮। প্রশাসনত দেখা দিয়া অৰাজকতা, সাংগঠনিক দুর্বলতা আৰু দুর্নীতি আৰু জনতাৰ স্বাধীনতা নথকাৰ বাবে প্ৰশাসনৰ প্ৰতি জনতাৰ মােহভংগ হােৱা আৰম্ভ হৈছিল। তদুপৰি সাধাৰণ জনতাতকৈ দলীয় নেতাসকলে অধিক সা-সুবিধা পাইছিল আৰু ইয়াৰ, ৰাজনৈতিক-প্রশাসনিক দিশৰ লগত কোনাে সম্পর্ক জড়িত নােহােৱাৰ বাবে যি জনগণৰ সন্মতি সমর্থন হেৰুৱাইছিল।

৯। ছােভিয়েটে ইউনিয়ন একে সময়তে ৰাজনৈতিক আৰু প্রশাসনিক বিকাশৰ পৰাও দুর্বল হৈ পৰিছিল। ইয়াৰ সাম্যবাদী দল যি ৭০ বছৰ ধৰি শাসনৰ গাদীত আছিল। কিন্তু ইয়াৰ জনতাৰ ওচৰত কোনাে দায়বদ্ধতা নাছিল।

১০। সাধাৰণ মানুহে পশ্চিমৰ অর্থনৈতিক অগ্রগতিৰ বিষয়ে অধিক জ্ঞান-লাভ কৰিছিল। তেওঁলােকে পশ্চিমৰ আৰু নিজ দেশৰ ব্যৱস্থাৰ ব্যৱধান ধৰা পেলাব পাৰিছিল। ছােভিয়েট ব্যৱস্থাটোক পশ্চিমৰ পুঁজিবাদী ব্যৱস্থাতকৈ শ্রেষ্ঠ বুলি বাৰে বাৰে কৈ অহাৰ পাছতাে, প্রকৃত সত্যতা পৰিষ্কাৰ হৈ পৰাত মানুহৰ মাজত সামাজিক আৰু মনােবৈজ্ঞানিক প্রভাৱ পৰিস্ফুট হৈ পৰিছিল।

১১। ছােভিয়েট ইউনিয়নৰ ৰাজনৈতিক আৰু অর্থনৈতিক অনুষ্ঠানসমূহৰ আভ্যন্তৰীণ দুর্বলতা আৰু জনসাধাৰণৰ আশা পূৰণ কৰাত ইয়াৰ বিকলতা ছােভিয়েট ইউনিয়ন পতন হােৱাৰ অন্যতম কাৰণ I

অথবা

১৪। কঠিন ক্ষমতা হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য আলোচনা কৰা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য বিশ্বৰ বাবে ভাল বুলি ভাবানে? যুক্তিযুক্ততা দিয়া।

উত্তৰঃ কঠোৰ বা অনমনীয় ক্ষমতা হিচাপে আমেৰিকাৰ আধিপত্য সমগ্ৰ বিশ্বজুৰি বিয়পি আছে। কঠোৰ ক্ষমতাৰ হিচাপে আধিপত্য বুলিলে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ মাজত সামৰিক ক্ষমতাই নিৰ্ণয় কৰি দিয়া এক সম্পৰ্কক সূচায় য’ত প্ৰতিপত্তিশীল ৰাষ্ট্ৰ এখনে সামৰিক ক্ষমতাৰ জৰিয়তে আনৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিব পাৰে। অৰ্থাৎ সামৰিক শক্তিৰে নিজৰ আধিপত্য চলোৱা ৰাষ্ট্ৰখন সামৰিক ভাৱে অতন্ত্য শক্তিশালী হ’ব লাগিব।

বৰ্তমান বিশ্ব ৰাজনীতিত মাৰ্কিন যুক্তৰাষ্ট্ৰই নিজৰ অদম্য সামৰিক শক্তি আৰু প্ৰতিপত্তিৰ জৰিয়তে বিশ্বত এই ধৰণৰ এক আধিপত্য গঢ়ি তুলিছে। এনে সামৰিক আধিপত্যৰ দ্বাৰা আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্ব ৰাজনীতিত নিজৰ সিদ্ধান্ত আৰু মতামত আনৰ ওপৰত জাপি দিবলৈ বিচাৰে। সেয়ে বতৰ্মান মাৰ্কিন যুক্তৰাষ্ট্ৰই চলাই প্ৰতিপত্তিৰ মূলতে আছে ইয়াৰ অতি উচ্চমানৰ সামৰিক সামৰ্থ্য। আমেৰিকাৰ এই সামৰিক আধিপত্যৰ চৰিত্ৰ দুই ধৰণৰ- চূড়ান্ত আৰু আপেক্ষিক। চূড়ান্ত আধিপত্য বুলিলে ইয়াকে বুজাই যে মাৰ্কিন যুক্তৰাষ্ট্ৰ নিজৰ সামৰিক প্ৰতিপত্তিৰ জৰিয়তে যিকোনো সমাজতে আৰু প্ৰয়োজনসাপেক্ষে পৃথিৱীৰ যিকোনো কোণতে অতি পাৰদৰ্শিতাৰে অভিযান চলাব পাৰে, ধ্বংসলীলা চলাব পাৰে। 

তাৰোপৰি এনে এক ক্ষমতাৰ আধিপত্যৰ বলেৰে আমেৰিকা যুক্তৰাষ্ট্ৰই শত্ৰু শিবিৰক সন্ত্ৰস্ত কৰি ৰাখে আৰু নিজৰ সামৰিক বাহিনীক পৰ্যাপ্ত পৰিমাণে সুৰক্ষিত কৰি ৰাখে।

আমেৰিকা যুক্ৰৰাষ্ট্ৰৰ সামৰিক শক্তি ইমান ভয়াবহ আৰু সামৰ্থ্যবান যে বিশ্বৰ কোনো শক্তিয়ে কোনো ৰাষ্ট্ৰই ইয়াৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে আৰু ইয়াৰ আধিপত্যক প্ৰতিহত কৰিব নোৱাৰে। আমেৰিকাই এক বৃহৎ পৰিমাণৰ ধন কেৱল সামৰিক ক্ষেত্ৰৰ উন্নয়ন, প্ৰতিৰক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰতে ব্যয় কৰে। 

এইদৰে নিজৰ অপৰিসীম সামৰিক শক্তিৰ জৰিয়তে আমেৰিকাই বিশ্বত নিজৰ আধিপত্য বিস্তাৰ কৰি আহিছে আৰু শীতল যুদ্ধৰ অন্তৰ পিছৰ পৰা বিশ্বত একক শক্তিশালী ৰাষ্ট্ৰ হিচাপে বৰ্তি আছে। সেয়ে বিশ্বৰ অধিক সংখ্যক ৰাষ্ট্ৰই নিজৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ লগত দূৰত্ব আৰু শত্ৰুতা ৰখাতকৈ বন্ধুত্ব পূৰ্ণ সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰেI

খ – শাখা (স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি)

১৫। তলত দিয়া বোৰৰ নিৰ্দেশ অনুযায়ী উত্তৰ লিখা:

(a) পঞ্চশীল নীতি ভাৰতৰ প্ৰধানমন্ত্ৰী _____ আৰু চীন মুৰব্বী চৌ এন লয়ে যুটীয়াভাৱে ঘোষণা কৰিছিল।(খালি ঠাই পূৰণ কৰা )

উত্তৰঃ জৱাহৰলাল নেহেৰু।

(b) কোন চনৰ পৰা কেন্দ্ৰত মৰ্চা চৰকাৰৰ যোগ আৰম্ভ হৈছিল? 

 উত্তৰঃ ১৯৬৭ চনৰ পৰা কেন্দ্ৰত মৰ্চা চৰকাৰৰ যোগ আৰম্ভ হৈছিল।

(c) কোনখন ৰাজ্যত নৱনিৰ্মাণ আন্দোলন সংঘটিত হৈছিল?

উত্তৰঃ  গুজৰাট। 

(d) 1952 চনৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত একময়তে লোকসভা আৰু _____ (ৰাষ্ট্ৰপতি/ ৰাজ্যিক বিধান মণ্ডল/ ৰাজ্যসভা/ প্ৰধানমন্ত্ৰী  নীবাচন অনুষ্ঠিত হৈছিল) 

(শুদ্ধ উত্তৰটো বাছি উলিওৱা)

উত্তৰঃ ৰাজ্যিক বিধান মণ্ডল।

(e) ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ এটা বৈশিষ্ট লিখা।

উত্তৰঃ ভাৰতৰ অৰ্থনৈতিক নীতিৰ এটা বৈশিষ্ট্য হ’ল-

আধুনিকীকৰণঃ নতুন অৰ্থনৈতিক নীতিয়ে উৎপাদন ব্যৱস্থাত নতুন কাৰিকৰী কৌশল গ্ৰহণ কৰাৰ ওপৰত অৰ্থাৎ আধুনিকীকৰণৰ  ওপৰত যথেষ্ট গুৰুত্ব  প্ৰদান কৰিছে। উন্নত প্ৰযুক্তিবিদ্যা প্ৰয়োগৰ বাবে ভাৰত চৰকাৰে সকলো বিদেশী সহযোগিতাৰ  অনুমোদন জনাইছে।

(f)  বৰ্তমান সময়ত ভাৰতবৰ্ষত পৰিকল্পনা আয়োগৰ সলনি কোনটো প্ৰতিষ্ঠান গঢ়ি তোলা হৈছে?

উত্তৰঃ NITI আয়োগ।

১৬। নৰ্মদা বাচাও আন্দোলন কি? এই আন্দোলনৰ নেতৃত্ব কোনে বহন কৰিছিল?

উত্তৰঃ মধ্য ভাৰতৰ নৰ্মদা নদী উপত্যকাত ক্ষতিকাৰক বান্ধ নিৰ্মাণৰ কাৰ্যত বাধা প্ৰদান কৰিবলৈ ১৯৮৮-৮৯ চনৰ ভিতৰত মেধা পাটেকাৰৰ নেতৃত্বত যি আন্দোলন সূচনা হয় তাকে নৰ্মদা বাচাও আন্দোলন  বুলি কোৱা হয়। নৰ্মাদা বাচাও আন্দোলনৰ নৃতৃত্ব বহন কৰিছিল মেধা পাটেকাৰে।

১৭।পুনৰগঠন  ৰাজ্য আইন কেতিয়া? এই আইনৰ অধীনত সৃষ্টি হোৱা  যিকোনো এখন ৰাজ্যৰ নাম লিখা।

উত্তৰঃ ১৯৫৩ চনত ৰাজ্য পুনৰ গঠন আয়ােগ নিয়ােগ কৰা হৈছিল এই আইনৰ অধীনত সৃষ্টি হোৱা এখন ৰাজ্যৰ নাম হ’ল- অন্ধ্রপ্রদেশ।

১৮। ভাৰতবৰ্ষত কোনে কুৰি দফিয়া আঁচনি প্ৰৱৰ্তন কৰা হৈছিল? এই আঁচনী কিয় প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰঃ ভাৰতবৰ্ষত ইন্দিৰা গান্ধীয়ে কুৰি দফীয়া আঁচনি প্ৰৱৰ্তন কৰিছিল। মাটি সম্পত্তি নথকা দুখীয়া শ্ৰমিক, কৃষক, দলিত, আদিবাসী তথা সংখ্যলঘু লোকৰ উন্নয়নৰ বাবে এই আঁচনি প্ৰৱৰ্তন  কৰিছিল।

১৯। ভাৰতৰ সাম্প্ৰদায়িকতা বাদৰ  উদ্ভৱৰ দুটা কাৰণ লিখা?   

উত্তৰঃ (ক) আৰ্থ – সামাজিক কাৰণ।

(খ) ব্ৰটিছৰ  বিভাজন নীতি।

২০। ভাৰতীয় ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধিৰ দুটা কাৰণ লিখা।

উত্তৰঃ ভাৰতীয় ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধিৰ দুটা কাৰণ:

১। আঞ্চলিক দলসমূহে নিজৰ নিজৰ অঞ্চলৰ জনসাধাৰণৰ সামাজিক, অর্থনৈতিক, ৰাজনৈতিক তথা সাংস্কৃতিক স্বার্থপূৰণৰ প্ৰয়াস কৰে। সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় দলে স্থানীয় সমস্যাৰ কথা সকলাে ঠাইতে সমানে ধ্যান দিব নােৱাৰে। 

২। আঞ্চলিক দলে ৰাষ্ট্রীয় সমস্যাতকৈ স্থানীয় সমস্যাক অধিক গুৰুত্ব দিয়ে। আঞ্চলিক দলে সাংগঠনিক দিশটো অধিক গুৰুত্ব দিয়ে। অঞ্চলৰ সদস্যসকলক সোশৰীৰে সেৱা আগবঢ়াব পাৰে, বা লগ ধৰিব পাৰে। যােগাযােগ সঘনে হ’ব পাৰে। কাম কাজৰ গতি বৃদ্ধি পায়I

২১। ভাৰতৰ নিৰ্বাচনী আয়োগ কেতিয়া গঠন কৰা হৈছিল? ভাৰতৰ প্ৰথম গৰাকী মুখ্য নিৰ্বাচনী। আয়ুক্ত কোন আছিল?

উত্তৰঃ ১৯৫০, সুকুমাৰ সেন।

২২। ভাৰতত সেউজ বিপ্লৱৰ ফলাফলসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰঃ সেউজ বিপ্লৱৰ বহুতো ইতিবাচক আৰু নেতিবাচক  বা ফলাফল আছে।

ইতিবাচক ফলাফলঃ

১। সেউজ বিপ্লৱৰ এক ইতিবাচক ফলাফল হ’ল যে এই বিপ্লৱৰ ফলস্বৰূপে ভাৰতত দুই প্ৰধান শস্য ঘেঁহু আৰু ধানৰ উৎপাদন অভূতপূৰ্বভাৱে বৃদ্ধি পায়।

২। এই বিপ্লৱৰ আন এক প্ৰধান ফলাফল হ’ল যে এই বিপ্লৱৰ ফলতে ভাৰতৰ কৃষি পদ্ধতিৰ উল্লেখযোগ্য পৰিৱৰ্তন সাধন হয়।

নেতিবাচক ফলাফলঃ

১। সেউজ বিপ্লৱৰ ফলস্বৰূপে ভাৰতৰ কৃষি মাটিত কৰা ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ ব্যৱহাৰে খহনীয়াৰ আৰু প্ৰদূষণৰ সৃষ্টি কৰিছিল।

২। এই বিপ্লৱৰ পৰিণতিৰূপে ভাৰতৰ কৃষিখণ্ডত আনুবংশিক বা বংশানুক্ৰমিক বিভিন্নতাৰ যথেষ্ট ক্ষতি সাধন হয়।

২৩। মাদক দ্ৰব্য বিৰোধী আন্দোলনটোক নাৰী আন্দোলন বুলি তুমি ভাব নেকি? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা দিয়া।

উত্তৰঃ ১৯৯২ চনত অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰ জিলাত আৰম্ভ হোৱা  মাদক বিৰোধী আন্দোলনক মই এক শক্তিশালী মহিলা আন্দোলন হিচাপে বিবেচনা কৰো।  ইয়াৰ অন্তৰালত বহুতো কাৰণ আছে। এই আন্দোলনটোৱে গাৰ্হস্থ্য হিংসা, যৌতুক প্ৰথা, কৰ্মস্থলী আৰু ৰাজহুৱা স্থানত যৌন নিৰ্যাতনৰ বিৰুদ্ধে আন্দোলন হিচাপে সমগ্ৰ ভাৰতৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হয়।

নেল্লোৰ জিলাৰ পুৰুষসকলৰ সুৰা সেৱনৰ অভ্যাসে জনসাধাৰণৰ স্বাস্হ্যত যথেষ্ট বিৰূপ প্ৰভাৱ পেলাইছিল। পুৰুষসকলৰ আৰাক নামৰ স্থানীয়ভাৱে তৈয়াৰ কৰা সুৰাৰ আসক্তিৰ ফলত মহিলাৰসকলৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱা হৈছিল। সুৰা সেৱনৰ প্ৰত্যক্ষভাৱে আৰু সবাতোকৈ বেয়া প্ৰভাৱ পৰিছিল মহিলা আৰু শিশু সকলৰ ওপৰত। সেয়ে ইয়াৰ প্ৰতিবাদত মহিলাসকলে মাদক বিৰোধী আন্দোলন আৰম্ভ কৰে। মহিলাসকলে স্বতঃস্ফূৰ্ত ভাৱে এই সুৰাৰ বিৰুদ্ধে সংগঠিত হৈ সুৰাৰ দোকানসমূহ বন্ধ কৰি দিয়ে। প্ৰায় ৫০০ খন গাঁৱৰ মহিলাই এখন সভা অনুষ্ঠিত কৰি আৰাকৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰাৰ প্ৰস্তাৱ এটা উপপতিসমাৰ্হতা আৰু ঊৰ্ধতন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰে। মহিলাসকলৰ এই সবল প্ৰতিবাদৰ ফলতে নেল্লোৰ জিলাত সোতৰবাৰকৈ মাদক নিলাম পিছুৱাই দিব লগা হয়। 

মহিলাসকলে অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হায়দৰাবাদত মাদক দ্ৰব্য বিক্ৰীৰ বিৰুদ্ধে বিশাল সমদল উলিয়াই। যদিও এই আন্দোলন মাদক দ্ৰব্য বিৰুদ্ধে সংগঠিত হৈছিল, তথাপি আন্দোলনটোৰ বাবে সমবেত হোৱা মহিলাসকলে তেওঁলোকে সন্মুখীন হৈ থকা অন্যান্য বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰিছিল। এই আন্দোলনটোৰ জৰিয়তে গাওঁ অঞ্চলৰ মহিলাসকলে গাৰ্হস্থ্য হিংসাৰ দৰে ব্যক্তিগত সমস্যা প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে আলোচনা কৰাৰ সুযোগ লাভ কৰে। এই সমূহ ক্ষেত্ৰৰ ওপৰত ভিত্তি কৰিয়েই মই মাদক দ্ৰব্য বিৰোধী আন্দোলনক এক মহিলা আন্দোলন বুলি ভাৱো য’ত মহিলাসকলৰ ভূমিকা আছিল সৰ্বেসৰ্বা I

২৪। জনতা চৰকাৰে গ্ৰহণ কৰা উদ্যোগসমূহৰ চমুকৈ আলোচনা কৰা।

উত্তৰঃ ১৯৭৭ চনৰ নিৰ্বাচনত কংগ্ৰেছক পৰাস্ত কৰি জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰাৰ পিছত দেশৰ উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ উদ্যোগ গ্ৰহণ কৰে।

তলত সেইসমূহ আলোচনা কৰা হ’লঃ 

১। জৰুৰীকালীন সময়ছোৱাত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰকাৰখনে গ্ৰহণ কৰা  সংবিধানৰ ৪২ নং সংশোধনী আইনৰ প্ৰায়বোৰ নেতিবাচক ব্যৱস্থা জনতা চৰকাৰে ৪৪ নং সংবিধান সংশোধনী আইনৰ দ্বাৰা দূৰ কৰে।

২। তদুপৰি জনতা চৰকাৰে সম্পত্তিৰ অধিকাৰক সংবিধানৰ মৌলিক অধিকাৰৰ পৰা তুলি আনি আইনগত অধিকাৰৰ মৰ্যাদা দিয়ে।

৩। জনতা চৰকাৰে গ্ৰহণ কৰা আন এক উদ্যোগ হ’ল ই লোকসভা আৰু ৰাজ্য বিধানসভাৰ কাৰ্যকাল ৬ বছৰৰ পৰা আকৌ ৫ বছৰলৈ হ্ৰাস কৰে।

৪। জনতা চৰকাৰে মন্ত্ৰীসভাই ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা পৰামৰ্শাৱলী পুনৰ বিবেচনাৰ বাবে উভতাই পঠিওৱাৰ অধিকাৰ প্ৰদান কৰি ৰাষ্ট্ৰপতিৰ পদমৰ্যাদা বৃদ্ধি কৰে।

২৫। 1967 চনৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ ফলাফল সমূহ কি আছিল? চমুকৈ আলোচনা কৰা।

উত্তৰঃ ১৯৬৭ চনৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনে ভাৰতীয় ৰাজনীতিলৈ এক বৃহৎ পৰিৱৰ্তন আনিছিল। এই  নিৰ্বাচনে স্বাধীনতাৰ কালৰ পৰা ভাৰতৰ ৰাজনীতিত একক আধিপত্য বিস্তাৰ কৰি থকা কংগ্ৰেছ দলৰ আধিপত্যক  প্ৰত্যাহ্বান জনায়। সেয়ে বহু ৰাজনৈতিক চিন্তাবিদৰ মতে এই নিৰ্বাচনৰ ফলাফল আছিল ভাৰতীয় ৰাজনীতিত এক ‘ৰাজনৈতিক ভূমিকম্প’। এই নিৰ্বাচনত কংগ্ৰেছ দলে লোকসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰিলেও ভোট আৰু আসনৰ পৰিমাণৰ ক্ষেত্ৰত এইয়া ১৯৫২ চনৰ নিৰ্বাচনৰ পিছত সৰ্বনিম্ন আছিল।১৯৬৭ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলে কেৱল ২৮৩ খন আসন লাভ কৰিবলৈহে সক্ষম হয় তথা ইন্দিৰা গান্ধীৰ মন্ত্ৰীসভাৰ অৰ্ধসংখ্যক মন্ত্ৰীয়ে পৰাজিত হয়। ১৯৬৭ চনৰ নিৰ্বাচনৰ ফলাফলে কংগ্ৰেছ দলৰ দুৰ্গত জোকাৰণি তুলি যায়।

১৯৬৭ চনৰ নিৰ্বাচনৰ পৰাই ভাৰতত মৰ্চা চৰকাৰৰ যুগৰ আৰম্ভণি হয়। এই নিৰ্বাচনৰ পিছতে ভাৰতৰ আধাসংখ্যক ৰাজ্যতে মৰ্চা চৰকাৰ গঠন হয়। তাৰোপৰি এই নিৰ্বাচনৰ পৰাই ভাৰতৰ দলীয় ব্যৱস্থাত এক নতুন পৰিৱৰ্তনৰ সূচনা হয়। সেয়া হ’ল দলত্যাগ যিয়ে ভাৰতৰ ৰাজ্যসমূহত চৰকাৰ গঠন বা চৰকাৰ গঠনত বঞ্চিত কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰিবলৈ আৰম্ভ কৰে।বিশেষকৈ কংগ্ৰেছ দলত ভিতৰত দলত্যাগৰ প্ৰৱণতা অধিক দেখিবলৈ পোৱা গৈছিল। মুঠৰ ওপৰত ১৯৬৭ চনৰ চতুৰ্থ নিৰ্বাচনে কংগ্ৰেছ দলৰ আধিপত্যৰ অন্তৰ পথ প্ৰশস্ত কৰিছিল।

২৬। ভাৰতৰ যিকোনো চাৰিটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম উল্লেখ কৰা।

উত্তৰঃ (ক) অসম গণ পৰিষদ।  

(খ) আকালী দল।

(গ) তেলেগু দেশম।

(ঘ) ডি. এম. কে।

২৭। বিশ্বায়নৰ যুগত পৰিকল্পনা কিমান দুৰ প্ৰাসংগিক? আলোচনা কৰা?

উত্তৰঃ বিশ্বায়নৰ যুগত এখন ৰাষ্ট্ৰ সাৰ্বভৌমত্বৰ ক্ষেত্ৰত নিজৰ ইচ্ছামতে কাম কৰিব নোৱৰে অৰ্থাৎ ৰাষ্ট্ৰবিলাকৰ সাৰ্বভৌমত্ব হ্ৰাস পাইছে।ইয়াৰ কাৰণ হল বিশ্বায়নৰ হেচা।বিশ্বায়নৰ যুগত পৰিকল্পনাৰ প্ৰাসংগিকতা হ্ৰাস পোৱাৰ কাৰণসমূহ তলত আলোচনা কৰা হ’ল—

(ক) ১৯৮০ চনৰ দশকৰ পিছত ভাৰতে উদাৰীকৰণ  আৰু ব্যক্তিগতকৰণ নীতি গ্ৰহণ কৰে।এই নীতিৰ ফলস্বৰূপে ভাৰতৰ অৰ্থনীতিৰ ৰাষ্ট্ৰৰ গুৰুত্ব হ্ৰাস পায়।

(খ) নতুন অৰ্থনৈতিক নীতি অনুসৰি ৰাজহুৱা খণ্ডৰ বাবে সুৰক্ষিত ক্ষেত্ৰসমূহ ব্যক্তিগত খণ্ডৰ বাবেও মুকলি কৰি দিয়া হয়।

(গ) ৰাজহুৱাখণ্ডৰ উদ্যোগসমূহে বিভিন্ন কাৰণত ইপ্সিত ফলাফল লাভ কৰাত ব্যৰ্থতা প্ৰদৰ্শণ কৰি আহিছিল। ৰাজহুৱাখণ্ড সমূহে গ্ৰহণ কৰা লক্ষ্যসমূহ পূৰণ হোৱা নাছিল।সেয়েহে নীতি নিৰ্ধাৰকসকলে ব্যক্তিগত খণ্ডক অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰে।

অৱশ্যে ইয়াৰ দ্বাৰা এইটো নুবুজায় যে ভাৰতৰ পৰিকল্পনা সম্পূৰ্ণৰূপে গুৰুত্বহীন হৈ পৰিছে। উন্নয়নশীল আৰু পিছপৰা ৰাষ্ট্ৰসমূহৰ বাবে পৰিকল্পনাই এতিয়াও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। বৰ্তমান ভাৰতবৰ্ষত পৰিকল্পনা আয়োগৰ ঠাইত নিতি আয়োগ গঠণ কৰা হৈছে।

অথবা 

২৭।  ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিতে পৰিকল্পিত বিকাশৰ সৈতে উদ্ভৱ হোৱা মূল বিতৰ্কসমূহ আলোচনা কৰা।

উত্তৰঃ ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত দেশত পৰিকল্পিত বিকাশৰ বাবে কি ধৰণৰ আৰ্হি গ্ৰহণ কৰা হ’ব তাকে লৈ বিতৰ্কৰ সৃষ্টি হৈছিল।  বিশেষকৈ দুটা বিষয়ক কেন্দ্ৰ কৰি বিতৰ্কৰ সৃষ্টি হৈছিল। সেয়া হ’লঃ 

(১) কৃষি খণ্ড নে উদ্যোগ খণ্ডৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ’ব। আৰু 

(২) ৰাজহুৱা নে ব্যক্তিগত খণ্ডক গুৰুত্ব প্ৰদান কৰা হ’ব।

(১) কৃষি খণ্ড আৰু উদ্যোগ খণ্ডৰ মাজৰ বিতৰ্কঃ ১৯৫৬ চনত আৰম্ভ হোৱা দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত প্ৰধানকৈ উদ্যোগ খণ্ডৰ বিকাশৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছিল। এইদৰে ভাৰতত উদ্যোগ খণ্ডৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে উদ্যোগ নে কৃষিখণ্ডত অধিক অগ্ৰাধিকাৰ দিয়া হ’ব তাক কেন্দ্ৰ কৰি বিতৰ্কৰ সৃষ্টি হয়। কোনোৱে বিকাশৰ বাবে কৃষিখণ্ডৰ ওপৰত অধিক গুৰুত্ব দিয়াটো বিচাৰিছিল আৰু কোনোৱে ঔদ্যোগিক খণ্ডত অধিক গুৰুত্ব দিয়াৰ পোষকতা কৰিছিল। শেষত দেশৰ পৰিকল্পনাকাৰী সকলে সকলো বিতৰ্ক আৰু সমালোচনাৰ প্ৰত্যুত্তৰ দি দ্ৰুত উদ্যোগীকৰণৰ দ্বাৰা যে দেশৰ দ্ৰুত বিকাশ আৰু উন্নয়ন সম্ভৱ তাক প্ৰমাণ কৰি বিভিন্ন যুক্তি দাঙি ধৰে। 

তেনে দুটা যুক্তি হ’লঃ-

(ক) প্ৰচুৰ প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ আৰু মানৱ সম্পদৰ গৰাকী ভাৰত উদ্যোগৰ বাবে পূৰ্ণৰূপে উপযুক্ত।

(খ) দেশৰ জাতীয় আৰু জনমূৰি আয়ৰ দ্ৰুত বৃদ্ধি একমাত্ৰ দ্ৰুত উদ্যোগীকৰণৰ দ্বাৰাহে সম্ভৱ।

(২) ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ মাজৰ বিতৰ্কঃ  স্বাধীনতা লাভৰ আৰম্ভণিৰ সময়ছোৱাত ভাৰতৰ সন্মুখত অৰ্থনৈতিক বিকাশৰ দুটা আৰ্হি আছিল- পুঁজিবাদী আৰ্হি আৰু সমাজবাদী আৰ্হি। ভাৰতে কিন্ত এই দুই আৰ্হিৰ কোনো এটা সম্পূৰ্ণ ৰূপে গ্ৰহণ কৰাৰ পৰিৱৰ্তে এই দুই আৰ্হি বা আদৰ্শৰ মিশ্ৰণ মিশ্ৰ অৰ্থনীতিৰ আৰ্হি গ্ৰহণ কৰিছিল। এনে অৰ্থনৈতিক ব্যৱস্থাত দেশৰ উৎপাদনৰ আহিলাসমূহৰ ওপৰত চৰকাৰী বা ৰাজহুৱা খণ্ড আৰু বেচৰকাৰী বা ব্যক্তিগত খণ্ড এই দুয়োটাৰে মালিকীস্বত্ব থাকে। 

ভাৰতত এই ব্যৱস্থাৰ অধিনত কৃষি, বাণিজ্য, উদ্যোগসমূহৰ অধিকাংশ বেচৰকাৰী বা ব্যক্তিগত খণ্ডক অৰ্পণ কযা হয় আৰু গধুৰ উদ্যোগসমূহ ৰাজহুৱা খণ্ড বা ৰাষ্ট্ৰৰ অধিনত ৰখা হয়। দুই খণ্ডকে ভাৰতত সমানে প্ৰাধান্য দিয়া হোৱা নাছিল, ৰাজহুৱা খণ্ডকহে অধিক অগ্ৰাধিকাৰ দিয়া হৈছিল। সেয়ে ইয়াক কেন্দ্ৰ কৰি বহু বিতৰ্ক আৰু সমালোচনাৰ সৃষ্টি হৈছিল। এচাম সমালোচকৰ মতে দেশৰ পৰিকল্পনাকাৰীসকলে ব্যক্তিগত বা বেচৰকাৰী খণ্ডক আৱশ্যকীয় সা-সুবিধা প্ৰদান কৰা নাই আৰু তাৰ বিপৰীতে ৰাজহুৱা খণ্ডক জোখতকৈ অধিক গুৰুত্ব প্ৰদান কৰিছে। কিন্ত সেই অনুসৰি ৰাজহুৱা খণ্ডৰ অধিনস্থ উদ্যোগসমূহে চৰকাৰ বা ৰাষ্ট্ৰৰ বিকাশত বিশেষ সহায় আগবঢ়াব পৰা নাই। তদুপৰি ৰাষ্ট্ৰৰ অতিমাত্ৰা নিয়ন্ত্ৰণে দেশত দুৰ্নীতিৰহে পথ প্ৰসস্ত কৰিছে।

অৱশেষত ভাৰতত লাহে লাহে ভাৰতত ব্যক্তিগত খণ্ডৰ গুৰুত্ব বৃদ্ধি পাবলৈ ধৰে।প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে তেওঁৰ শাসন কালছোৱাত উদাৰীকৰণৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰে।তাৰ পিছত ১৯৯১ চনত নৰসিংহ ৰাওৰ শাসন কালত ভাৰতৰ অৰ্থনীতিৰ ব্যাপক সংস্কাৰ সাধন কৰা হয় আৰু ফলত ব্যক্তিগত খণ্ডৰ গুৰুত্ব ক্ৰমে বৃদ্ধি হ’বলৈ ধৰে। মুনাফা দিবলৈ অসক্ষম হোৱা দেশৰ সকলো দুৰ্বল আৰু ৰুগ্ন উদ্যোগ ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰা হয়। এনেদৰে দিনক দিনে ব্যক্তিগত খণ্ডৰ গুৰুত্ব বৃদ্ধি পাই যাব ধৰে।

ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত পৰিকল্পিত বিকাশৰ সৈতে জড়িত এই দুই বিতৰ্কই গা কৰি উঠিছিল।

২৮। উত্তৰ – পূৱ ভাৰতত আঞ্চলিক আন্দোলনৰ আলোচনা কৰা। এই অঞ্চলটোৰ এনে আন্দোলনৰ জন্ম হোৱাৰ কাৰণ সমূহ কি? 

উত্তৰঃ ভাৰতৰ আন ৰাজ্যসমূহৰ দৰে ইয়াৰ উত্তৰ-পূৰ্বাঞ্চলটো সময় সাপেক্ষে আঞ্চলিক আন্দোলনৰ উদ্ভৱ হোৱা পৰিলক্ষিত হয়। উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক আন্দোলন বুলিলে মুখ্যতে অসমৰ বিদেশী বিতাড়ন আন্দোলন বা অসম আন্দোলনৰ কথাই মনলৈ আহে। অসমৰ আঞ্চলিকতাবাদী আন্দোলনৰ ফলস্বৰূপে আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ জন্ম হয় ১৯৮৫ চনত।এই দল অসম আন্দোনৰ নামে আঞ্চলিক আন্দোলনৰ ফল। 

স্বাধীনতাৰ পিছৰ পৰা অসমলৈ বৃহৎ হাৰত বাংলাদেশ আৰু নেপালৰ পৰা প্ৰব্ৰজনৰ সৃষ্টি হয়। এইদৰে অসমত মুখ্যতে বাংলাদেশী বহিৰাগতৰ অনুপ্ৰৱেশ বাবে অসমৰ অস্তিত্ব আৰু অসমীয়াৰ ভৱিষৎ বিপদাপন্ন হোৱাৰ আশঙ্কা কৰি সদৌ অসম ছাত্ৰ সন্থা নামৰ ছাত্ৰ সংগঠনৰ নেতৃত্বত আঞ্চলিক আন্দোলন বিদেশী চিনাক্তকৰণ আৰু বিতাড়ন আন্দোলন আৰম্ভ হয় ১৯৭৯ চনত। সুদীৰ্ঘ ৬ বছৰ ধৰি এই আন্দোলন চলি থকাৰ পিছত ১৯৮৫ চনৰ আগষ্টত কেন্দ্ৰীয় চৰকাৰ আৰু আছুৰ মাজত ‘অসম চুক্তি’ স্বাক্ষৰিত হয় আৰু আঞ্চলিক আন্দোলনটোৰ সমাপ্তি ঘটে । তাৰ পিছত অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয় য’ত আছুৰ কিছু সংখ্যক আন্দোলনকাৰী নেতা আৰু আছুৰ বাহিৰৰ কিছু সংখ্যক লোক সন্মিলিত হৈ আঞ্চলিক দল অসম গণ পৰিষদৰ গঠন কৰে আৰু নিৰ্বাচনত জয়ী হৈ অসমত চৰকাৰ গঠন কৰে।

অসমত এনে আন্দোলন জন্মৰ অন্তৰালত বহুতো কাৰণ আছে।

সেইসমূহ হ’লঃ

(১) নিজ অস্তিত্ব ৰক্ষাঃ স্বাধীনতাৰ পিছত অসমলৈ বিদেশী বিশেষকৈ বাংলাদেশী সকলৰ ভয়ানক প্ৰব্ৰজনে অসমলৈ আৰু অসমীয়াৰ জীৱন আৰু ভৱিষৎতলৈ সংকট নমাই আনিছিল যাৰ ফলত অসমত বিদেশী বিতাড়ন নামৰ আঞ্চলিক আন্দোলনৰ জন্ম হয়।

(২) ত্ৰুটিপূৰ্ণ ভোটাৰ তালিকাঃ অসমৰ ভোটাৰ তালিকতাত বৃহৎ সংখ্যক অবৈধ প্ৰব্ৰজনকাৰী নাম অন্তৰ্ভুক্ত আছিল। তেওঁলোকক চিনাক্ত কৰি ১৯৫১ চনৰ পিছত অহা বিদেশীকে অসম ত্যাগৰ আদেশ দি ভোটাৰ তালিকা শুদ্ধভাৱে প্ৰস্তত কৰাৰ বাবেও তেওঁলোকে আন্দোলন কৰিছিল।

(৩) কেন্দ্ৰীয় চৰকাৰৰ সমস্যাটোৰ সমাধানত অৱহেলাঃ অসমৰ বিদেশীৰ সমস্যাতো অৰ্থাৎ অবৈধ প্ৰব্ৰজনকাৰী বিদেশী সকলক চিনাক্ত কৰি বিতাড়ন কৰাত কেন্দ্ৰীয় চৰকাৰে যথেষ্ট অৱহেলা প্ৰদৰ্শন কৰিছিল যাৰ ফলস্বৰূপে আন্দোলনটো গঢ়ি উঠিছিল।

(৪) অৰ্থনৈতিক অনগ্ৰসৰতাঃ বিদেশী বিতাড়ন আন্দোলনটোৰ সৈতে এক অৰ্থনৈতিক কাৰণো জড়িত হৈ আছিল। অসমত তেল, চাহ আৰু কয়লাৰ প্ৰচুৰ ভাণ্ডাৰ থকাৰ পিছতোতঅসমত বৃহৎ হাৰত দৰিদ্ৰতা আৰু নিবনুৱা আছিল। আন্দোলনৰ নেতৃত্বৰ মতে কেন্দ্ৰীয় চৰকাৰে এই সকলো সম্পদ শোষণ কৰি লৈ তাৰ বিনিময়ত অসমক একো দিয়া নাই। ইয়াৰ বিৰুদ্ধেও আন্দোলনকাৰীসকলে আন্দোলন কৰে।

অথবা

২৮। কাশ্মীৰ সমস্যা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা। 

উত্তৰঃ জম্মু-কাশ্মীৰ অঞ্চলটো ভাৰতৰ আটাইতকৈ স্পৰ্শকাতৰ অঞ্চল। ভাৰতৰ স্বাধীনতা আৰু বিভাজন কালৰ পৰাই অঞ্চলটোৰ ভাগ-বিতৰণক লৈ ভাৰত  আৰু পাকিস্তান দুই ৰাষ্ট্ৰৰ মাজত সংঘাতৰ চলি আহিছে যাক ‘কাশ্মীৰ সমস্যা’ হিচাপে জনা যায়। এই সমস্যাটোক লৈ দুই ৰাজ্যৰ মাজত তিক্ততাপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছে। ১৯৪৭ চনত ভাৰতৰ বিভাজনৰ সময়ত জম্মু-কাশ্মীৰ এখন দেশীয় ৰাজ্য আছিল আৰু ৰাজ্যখনৰ অধিক সংখ্যক লোক আছিল মুছলিম সম্প্ৰদায়ৰ আনহাতে ৰজা আছিল হিন্দু ৰজা হৰি সিং। 

স্বাধীনতাৰ সময়ত ৰজাই ভাৰত বা পাকিস্তান কোনো এখন দেশৰে নহৈ জম্মু আৰু কাশ্মীৰক স্বতন্ত্ৰভাৱে ৰখাৰ পোষকতা কৰিছিল। কিন্ত পাকিস্তানৰ ৰাজনৈতিক নেতৃত্বই ৰাজ্যখনৰ কধিকাংশ লোক মুছলমান ধৰ্মাৱৰম্বী হোৱাৰ বাবে পাকিস্তানৰ সৈতে চামিল হোৱাৰ দাবী জনাইছিল,  কিন্ত শেষত ৰজা ইচ্ছামতে জম্মু আৰু কাশ্মীৰক স্বতন্ত্ৰভাৱে ৰখা হয়। পাকিস্তানে এই কথা মানি নলৈ ১৯৪৭ চনৰ অক্টোবৰ মাহত কাশ্মীৰ অধিকাৰ কৰাৰ লক্ষ্যৰে মৰণাস্ত্ৰৰে সু-সজ্জিত হৈ জনজাতীয় লোকৰ দ্বাৰা অঞ্চলটোত প্ৰৱেশ কৰি দখল কৰে। এই আক্ৰমণত ভীতিগ্ৰস্ত হৈ ৰজাই ব্ৰিটিছ শাসনধীস্ত ভাৰতৰ পৰা সহায় বিচাৰে আৰু ভাৰতে এটা চৰ্তৰ বিনিময়তহে হৰি সিঙক সহায় কৰিবলৈ মান্তি হয়। দুয়ো পক্ষৰে মাজত চামিলকৰণৰ চুক্তি স্বাক্ষৰিত হয় আৰু ভাৰতৰ সেনাবাহিনীয়ে জম্মু-কাশ্মীৰ অঞ্চলটোক জনজাতীয় আক্ৰমণৰ পৰা মুক্ত কৰে। এই চুক্তিৰ আধাৰতে জম্মু আৰু কাশ্মীৰ ভাৰতৰ অন্তৰ্ভুক্ত হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top