AHSEC 2020 Sociology Question Paper Solved | দ্বাদশ শ্ৰেণীৰ সমাজ শাস্ত্ৰ পুৰণি প্ৰশ্নকাকত সমাধান

AHSEC 2020 Sociology Question Paper Solved | দ্বাদশ শ্ৰেণীৰ সমাজ শাস্ত্ৰ পুৰণি প্ৰশ্নকাকত সমাধান, AHSEC Class 12 Sociology Question Paper Solved PDF Download, দ্বাদশ শ্ৰেণীৰ সমাজ শাস্ত্ৰ 2020 ৰ প্ৰশ্নকাকত সমাধান কৰা হৈছে to each Paper is Assam Board Exam in the list of AHSEC so that you can easily browse through different subjects and select needs one. AHSEC 2020 Sociology Previous Years Question Paper Solved can be of great value to excel in the examination.

AHSEC 2020 Sociology Question Paper Solved

AHSEC 2020 Sociology Question Paper Solved | দ্বাদশ শ্ৰেণীৰ সমাজ শাস্ত্ৰ পুৰণি প্ৰশ্নকাকত সমাধান

Join Telegram channel

AHSEC Old Question Paper provided is as per the 2020 AHSEC Board Exam and covers all the questions from the AHSEC Class 12 Sociology Solved Question Paper 2020 Assamese Medium. Access the detailed Class 12 Sociology 2020 Previous Years Question Paper Solved provided here and get a good grip on the subject. Access the AHSEC 2020 Sociology Old Question Paper Solved, AHSEC Class 12 Sociology Solved Question Paper 2020 of Assamese in Page Format. Make use of them during your practice and score well in the exams.

SOCIOLOGY

2020

SOCIOLOGY OLD QUESTION PAPER SOLVED

১। তলত প্ৰশ্নসমূহৰ উত্তৰ দিয়া।

(a) নিৰ্ভৰশীলতাৰ অনুপাত বুলিলে কি বুজা?

উত্তৰঃ নিৰ্ভৰশীলতাৰ অনুপাত বুলিলে অর্থনৈতিকভাৱে সক্ষম জনসংখ্যাৰ লগতে অর্থনৈতিক দিশ প্রতি অনুৎপাদনশীল জনসংখ্যাৰ অনুপাতকে বুজায়।

(b) AIDS-ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ Acquired Immune Deficiency Syndrome.

(c) ভাৰতৰ আটাইতকৈ কম জনসংখ্যা থকা জনজাতিটোৰ নাম লিখা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ বৃহত্তৰ আন্দামানবাসী।

(d) ‘Laissez-Faire’ ৰ অৰ্থ কি? 

উত্তৰঃ ‘Laissez-Faire’ হৈছে এনে এক অর্থনৈতিক দর্শন; যিয়ে মুক্ত বজাৰ পদ্ধতিক সমৰ্থন কৰে, যাৰ অৰ্থৰ অকলে এৰি দিয়া।

(e) ‘প্ৰস্থিতি চিহ্ন’ অৱধাৰণা প্রথমে কোনে আগবঢ়াইছিল?

উত্তৰঃ মেক্স ৱেবাৰে।

(f) সমাজতাত্ত্বিক দৃষ্টিভংগীৰে ‘সংখ্যালঘু সমূহ’ৰ অৰ্থ লিখা।

উত্তৰঃ যেতিয়া মানুহৰ যিকোনো এটা গোটত বিশেষকৈ ধৰ্ম আৰু জাতিৰ ভিত্তিত নাইবা ভাষাৰ ভিত্তিত, মুঠ জনসংখ্যাৰ ভিতৰত কমসংখ্যক সদস্য হয়, তেতিয়াই সেইসমূহক সংখ্যালঘু বোলা হয়।

(g) ভাৰতত চাহ খেতি কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ ১৮৩৭।

(h) সংস্কৃতকৰণ অৱধাৰণাটো প্রথমে কোনে আগবঢ়াইছিল?

উত্তৰঃ এম. এন. শ্রীনিবাচনে। (M. N. Srinivas) 

(i) ‘ৰায়তৱাৰী পদ্ধতি’ কি?

উত্তৰঃ ৰায়তৱাৰী ব্যৱস্থাত উৎপাদকৰ হাততেই ভূমিৰ মালিকীস্বত্ব থাকে আৰু ভূমিৰ খাজনা তেওঁলোকে নিজেই চৰকাৰক দিয়ে। সময়ে সময়ে নির্দিষ্ট খাজনা দি ভূমি ৰক্ষণাবেক্ষণ সচেষ্ট থাকে।

(j) ‘সেউজ বিপ্লৱ’ বুলিলে কি বুজা?

উত্তৰঃ ভাৰত চৰকাৰে কৃষিখণ্ডৰ উন্নয়ন, আধুনিকীকৰণ আৰু অধিক শস্য উৎপাদন বাবে বহুবােৰ নতুন কৌশল গ্রহণ কৰিছিল। এই কৌশল বানীতিসমূহে ভাৰতবৰ্ষৰ কৃষিখণ্ডত এক বৈপ্লৱিক পৰিৱৰ্তন অনা বুলি দাবী কৰা হয়। এই নীতিসমূহক ‘সেউজ বিপ্লৱ’ হিচাপে জানা যায়।

(k) ঝাৰখণ্ড আন্দোলনৰ নেতা কোন আছিল?

উত্তৰঃ ঝাৰখণ্ড আন্দোলনৰ নেতা বিছা মুণ্ডা আছিল।

(l) ‘তেভাগা’ আন্দোলন ক’ত হৈছিল?

উত্তৰঃ ১৯৪৬।

2. ভাৰতৰ জাতিসংস্থাত ঔপনিবেশিকতাবাদৰ দুটা প্ৰভাৱ উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ জাতিসংস্থাত ঔপনিবেশিকতাবাদৰ দুটা প্ৰভাৱ-

(ক) জাতিৰ বিষয়ে লোকপিয়লৰ যোগেদি কৰা তথ্য সংগ্ৰহ আৰু চৰকাৰীভাৱে জাতি প্ৰস্থিতিৰ টোকা তৈয়াৰ কৰা কাৰ্যই জাতি সংস্থাত যথেষ্ট পৰিৱৰ্তন আনিলে।

(খ) মাটিৰ খাজনা বন্দৱক্তিৰ সৈতে সম্পৰ্ক থকা ব্যৱস্থা সমূহে আৰু আইনসমূহে উচ্চ জাতিৰ প্ৰথাগত (জাতিভিত্তিক) অধিকাৰক নায্য স্বীকৃতি প্ৰদান কৰিছিল।

3. মহাত্মা গান্ধীয়ে ভাৰতৰ অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিসকলক কি কি নামেৰে অভিহিত কৰিছিল?

উত্তৰঃ হৰিজন।

4. সামাজিক জনসাংখ্যিক বিজ্ঞান আৰু আনুষ্ঠানিক জনসাংখ্যিক বিজ্ঞানৰ মাজত থকা পার্থক্য লিখা।

উত্তৰঃ আনুষ্ঠানিক জনসাংখ্যিক বিজ্ঞানে সাধাৰণতে বিভিন্ন ধৰণেৰে আহৰণ কৰা পৰিসাংখ্যিক তথ্যৰ ওপৰত অধ্যয়ন কৰে। আনহাতে সামাজিক জনসাংখ্যিক বিজ্ঞানে বিশেষকৈ জনসংখ্যাৰ ৰাজনৈতিক, সামাজিক আৰু অর্থনৈতিক দিশবোৰ অধ্যয়ন কৰে।

5. স্বজন পদ্ধতিৰ ভাগকেইটা কি কি?

উত্তৰঃ স্বজন পদ্ধতি মূলতঃ দুই প্ৰকাৰৰ –

(ক) একপক্ষীয় স্বজন পদ্ধতি।

(খ) দ্বি-পক্ষীয় স্বজন পদ্ধতি।

অথবা

5. সামাজিক শ্ৰেণীৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ সামাজিক শ্ৰেণীৰ দুটা বৈশিষ্ট্য-

1. উচ্চ-নিম্ন প্ৰস্থিতি :- সামাজিক শ্রেণীসমূহ উচ্চ-নিম্ন প্রস্থিতিৰে চিহ্নিত কৰা হয়। উচ্চ গ্রস্থিতি বিশিষ্ট শ্রেণী, মধ্য প্রস্থিতি বিশিষ্ট শ্রেণী আৰু নিম্ন প্রস্থিতি বিশিষ্ট শ্ৰেণী ৷ অৱশ্যে সমাজভেদে উচ্চ-নিম্ন প্ৰস্থিতিৰ মূল্যায়ন ভিন্ন। 

২. শ্রেণীগত সংস্কৃতি (উপ-সংস্কৃতি) : প্ৰতিটো শ্ৰেণীৰ একোটা স্বকীয় সংস্কৃতি ধাৰা আছে যাক উপ-সংস্কৃতি আখ্যা দিয়া যায়। ফলস্বৰূপে প্ৰত্যেক শ্ৰেণীৰ ব্যক্তিয়ে বিশেষ ধৰণৰ বয় বস্তু ব্যৱহাৰ কৰে, শ্ৰেণী অনুযায়ী কচি-অভিৰুচি, আচাৰ ব্যৱহাৰ, চাল-চলন বেলেগ দেখা যায়। 

6. অসমতা আৰু পৃথকীকৰণক সামাজিক বুলি কিয় কোৱা হয়?

উত্তৰঃ অসমতা আৰু পৃথকীকৰণ ‘সামাজিক’ বুলি কোৱাৰ কাৰণ-

(ক) সামাজিক অসমতা, পৃথকীকৰণ আৰু স্তৰীকৰণ কোনো ব্যক্তিগত কথা নহয়। ই সমাজৰ  সামুহিক কথা। সেয়ে ই সামাজিক দিশ।

(খ) অসমতা, পৃথকীকৰণ আৰু স্তৰীকৰণ বিভিন্ন ভিত্তিৰ ভিতৰত এটা অর্থনীতি হলেও এই প্রক্রিয়াটো সম্পুর্ণ কেৱল অর্থনৈতিক নহয়। সমাজৰ লগত এইবোৰ আৰু অৰ্থনীতিৰ সম্পর্ক গভীৰ। সেয়ে উক্ত দিশটি সামাজিক।

7. দলিতসকল কোন?

উত্তৰঃ দলিতসকল ভাৰতীয় সমাজৰ একেবাৰে নিম্ন প্ৰস্থিতিৰ এটা শ্রেণী। তেওঁলােক যুগ যুগ ধৰি শােষিত হৈ অহা এটা শ্রেণী। তেওঁলােকৰ জীৱন অতি অসন্মানিত, দুখ – কষ্টৰে ভৰা জীৱন, এক নির্যাতিত আৰু অৱহেলিত জীৱন।

8. ভাৰতৰ দুটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা।

উত্তৰঃ ডি. এম. কে. আৰু শিৱসেনা।

অথবা

8. আঞ্চলিকতাবাদৰ উদগনি যোগোৱা দুটা কাৰক উল্লেখ কৰা।

উত্তৰঃ আঞ্চলিকতাবাদক উদগনি যোগোৱা দুটা কাৰক হ’ল—

(ক) ৰাজনৈতিক শোষণ। আৰু

(খ) ঐতিহাসিক পটভূমি।

9. ভাৰতৰ সামাজিক সংস্কাৰকামী সংগঠনৰ সৈতে জড়িত যিকোনো দুজন নেতাৰ নাম উল্লেখ কৰা।

উত্তৰঃ ড° বি. আৰ. আম্বেদকাৰ আৰু মহাত্মা গান্ধী।

10. সংৰচনাত্মক পৰিবৰ্তন বুলিলে কি বুজা?

উত্তৰঃ সমাজ ব্যৱস্থাৰ গাঁথনিত হোৱা পৰিৱৰ্তনক সংৰচনাত্মক পৰিৱৰ্তন বুলি কোৱা হয় ৷

11. গণতন্ত্ৰৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ গণতন্ত্ৰৰ দুটা বৈশিষ্ট্য হ’ল-

(ক) গণতন্ত্রই ব্যক্তিক প্রকৃত মর্যাদা নিশ্চিত কৰে। মানৱ সম্পদ এক সুকীয়া সত্তা হিচাপে পৰিগণিত হয়।

(খ) সকলো ব্যক্তিৰ বাবে সার্বভৌমত্ব নিশ্চিত কৰাটোও গণতন্ত্ৰৰ মূল নীতি। সমাজত বসবাস কৰা সকলো লোককে ন্যায় আৰু কৰ্মৰ ভিত্তিত এক গোট হিচাপে গণ্য কৰা হয়।

12. উদাৰীকৰণৰ অৰ্থ কি?

উত্তৰঃ ভাৰতীয় অর্থনীতিক বিশ্বৰ অৰ্থনীতিৰ লগত সংহতিপূৰ্ণ কৰি তুলিবলৈ ইয়াৰ ওপৰত থকা যাৱতীয় ধৰণৰ নিয়ন্ত্রণ প্রত্যাহাৰেই হৈছে উদাৰীকৰণ।

13. সামাজিক পৰিবৰ্তন আৰু সামাজিক গতিশীলতাৰ মাজৰ পাৰ্থক্য লিখা।

উত্তৰঃ সামাজিক পৰিৱৰ্তন হ’ল এখন সমাজৰ বিভিন্ন ব্যক্তিৰ মাজত নিয়মিতভাৱে চলি থকা সামাজিক সম্বন্ধৰ পৰিৱৰ্তন। সমাজখন মানুহৰ দ্বাৰা সৃষ্টি হোৱা বিভিন্ন কর্মর ফলশ্রুতিহে। সামাজিক সম্বন্ধৰ মূৰ্ত প্রতীক হ’ল পৰিয়াল, ধর্মীয় সম্প্রদায়; ৰাজনৈতিক দল, অর্থনৈতিক সমিতি ইত্যাদি। এই প্রতীক সমূহৰ মাজত কিবা পৰিৱৰ্তন উদ্ভৱ হ’লেই সামাজিক পৰিৱৰ্তন ৰূপ লয়।

আনহাতে, এটা স্তৰৰ পৰা আন এটা স্তৰত ব্যক্তিৰ সামাজিক মর্যাদা বা অৱস্থানৰ পৰিৱৰ্তনেই হৈছে সামাজিক গতিশীলতা।

14. ভাৰতৰ জনসাংখ্যিক নীতিৰ সম্পৰ্কে এটা টোকা লিখা।

উত্তৰঃ এখন দেশৰ উন্নয়ন, স্বাস্থ্যৰ উন্নয়ন, শিক্ষাৰ উন্নয়ন আদিৰ বাবে জনসাংখ্যিক অধ্যয়ন আৰু পৰিকল্পিত বা আকাংক্ষিত জনসাংখ্যিক পৰিৱৰ্তনৰ প্ৰয়োজন আছে। উন্নয়নশীল দেশবোৰত জনসংখ্যাৰ বিস্ফোৰণ এক প্রধান সমস্যা। উন্নয়নশীল দেশ হিচাপে ভাৰতবৰ্ষই স্বাধীনতাৰ সময়ৰ পৰাই এক জনসাংখ্যিক নীতি অৱলম্বন কৰিছে। ১৯৫২ চনতে ৰাজহুৱাভাৱে জনসাংখ্যিক নীতি গ্ৰহণ কৰা ভাৰতবৰ্ষই প্রথমখন দেশ। ১৯৭৫ চনত এই নীতিৰ ভিত্তিতে ভাৰতে ‘ৰাষ্ট্ৰীয় পৰিয়াল পৰিকল্পনা’ আঁচনি চৰকাৰীভাৱে গ্ৰহণ কৰে। জনসংখ্যা বৃদ্ধিৰ হাৰ নিয়ন্ত্ৰণ আৰু বৰ্দ্ধিত জনসংখ্যাক প্ৰণালীবদ্ধভাৱে পৰিচালনা কৰা এই নীতিৰ মূল লক্ষ্য। এই লক্ষ্যত উপনীত হ’বৰ বাবে ভাৰতবৰ্ষই বহুতো কাৰ্যসূচী হাতত লৈছে। বৰ্তমান ভাৰতবৰ্ষই জনসংখ্যা নিয়ন্ত্রণত বহুতো সফলতা অর্জন কৰিছে।

উদাহৰণস্বৰূপে –

(ক) ১৯৫১ চনৰ জন্মৰ হাৰ ৪০.৮ ৰ পৰা ২০০৪ চনত ২৪.১ লৈ হ্রাস।

(খ) শিশুৰ মৃত্যুৰ হাৰ ১৯৫১ চনত প্ৰতি হাজাৰত ১৪৬ ৰ পৰা ২০০৪ চনত ৫৮ লৈ হ্ৰাস।

(গ) ১৯৫১ চনত মৃত্যুৰ হাৰ ২৫ ৰ পৰা ২০০৪ চনত ৭.৫ লৈ হ্রাস।

(ঘ) ব্যক্তিৰ গড় আয়ুস ৩৭ বছৰৰ পৰা ৬২ বছৰলৈ (২৫ বছৰ) বৃদ্ধি।

(ঙ) পৰিয়াল পৰিকল্পনাৰ আৱশ্যকতা আৰু কৌশলৰ বিষয়ে সকলোকে অৱগত কৰোৱা হৈছে।

(চ) জন্মৰ হাৰ ১৯৫১ চনৰ ৬ৰ পৰা ৩ লৈ (২০০৪ চনত) হ্ৰাস কৰা হৈছে।

এইবোৰৰ উপৰি জনসাংখ্যিক দিশত আৰু কিছুমান আঁচনি প্ৰস্তুত কৰা হৈছে। শিশুৰ স্বাস্থ্যৰ বিশেষ যত্ন, ১৪ বছৰ বয়সলৈকে বিনামূলীয়া শিক্ষা, শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস, মাতৃৰ মৃত্যুৰ হাৰ হ্ৰাস, ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা, প্ৰসৱৰ ক্ষেত্ৰত সুবিধা প্রদান, জন্ম-মৃত্যুৰ পঞ্জীয়ন, দুৰাৰোগ্য ৰোগৰ প্ৰসাৰ বন্ধ কৰা আদি বিভিন্ন কামৰ কাৰ্যসূচী হাতত লোৱা হৈছে।

১৯৭৫ চনৰ পৰা ৭৭ চনলৈকে ভাৰতত চলা জৰুৰীকালীন অৱস্থাৰ সময়ত বহুতো পুৰুষ আৰু মহিলাক জোৰকৈ বন্ধ্যাকৰণ কৰোৱা হৈছিল। সেই সময়ত জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰা হৈছিল। জোৰকৈ কৰা বন্ধ্যাকৰণক জনসাধাৰণে প্ৰতিবাদ কৰিছিল আৰু পৰৱৰ্তী চৰকাৰে সেই আইন বন্ধ কৰি ‘ৰাষ্ট্ৰীয় পৰিয়াল কল্যাণ কাৰ্যসূচী’ (National Family Welfare Programme) ঘোষণা কৰিলে। চৰকাৰে যিমানেই আঁচনি গ্ৰহণ নকৰক কিয় আঁচনিসমূহৰ সফলতা নিৰ্ভৰ কৰিব জনসাধাৰণৰ সজাগতা আৰু সহযোগিতাৰ ওপৰত।

15. জনসাংখ্যিক বিজ্ঞান কি? সামাজিক জনসাংখ্যিক বিজ্ঞান অধ্যনৰ গুৰুত্ব সম্পর্কে লিখা।

উত্তৰঃ জনসাংখ্যিক বিজ্ঞান হৈছে জনসংখ্যা পদ্ধতিগত অধ্যয়ন।

সামাজিক জনসংখ্যা বিজ্ঞানৰ জৰিয়তে জনসংখ্যাৰ সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক দিশবোৰ অধ্যয়ন কৰা হয়। জনসংখ্যা বিজ্ঞানৰ সকলো অধ্যয়নেই জৰীপ বা গণনা কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰে। সামাজিক জনসংখ্যা বিজ্ঞানে জনসংখ্যাৰ সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক দিশবোৰ অধ্যয়ন কৰে। আধুনিক কল্যাণকামী ৰাষ্ট্ৰই সমূহ জনগণৰ কল্যাণৰ উদ্দেশ্যে বিভিন্ন নীতি আঁচনি আদি গ্ৰহণ কৰিবলগীয়া হয়। এনে নীতি আঁচনি আদি গ্ৰহণ কৰাত জনসমষ্টিৰ বিভিন্ন দিশৰ বিষয়ে জানিবলগীয়া হয়। জনসংখ্যা বৃদ্ধিৰ হাৰ, প্ৰজনন ক্ষমতাৰ হাৰ, শিশুৰ মৃত্যুৰ হাৰ, মাতৃৰ মৃত্যুৰ হাৰ, আশা কৰা মতে জীৱনৰ আয়ুস, লিংগ অনুপাত, পৰনিৰ্ভৰশীল অনুপাত, গাঁও অঞ্চলৰ পৰা চহৰ অঞ্চললৈ হোৱা প্ৰৱজন আদিৰ দৰে বিষয়সমূহ সামাজিক জনসংখ্যা বিজ্ঞানৰ পৰিসৰৰ অন্তৰ্গত।

16. বজাৰক এক সামাজিক সংস্থা হিচাপে বিশ্লেষণ কৰা।

উত্তৰঃ অর্থনীতি হ’ল এটা সামাজিক সংস্থা। বর্তমান সময়ত অর্থনৈতিক ব্যৱস্থাৰ প্ৰাণকেন্দ্ৰ হ’ল বজাৰ ব্যৱস্থা। বজাৰ ব্যৱস্থাৰ জৰিয়তেই ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত সম্পর্ক স্থাপন হয়। বজাৰত দ্ৰব্যৰ ক্ৰয় আৰু বিক্ৰয়ৰ বাবে যোগান আৰু চাহিদাৰ ওপৰত নিৰ্ভৰ কৰি দৰ নিৰ্ধাৰিত হয়। দ্রব্যৰ উৎপাদন আৰু উৎপাদিত দ্ৰব্যৰ বিনিময় ব্যৱস্থাৰ আৰম্ভ হোৱাৰ লগে লগে বজাৰ ব্যৱস্থাৰো আৰম্ভ হয়। ব্যৱসায় – বাণিজ্যৰ প্ৰসাৰ, উৎপাদন পদ্ধতিৰ উন্নতি লাভ আৰু উদ্যোগীকৰণৰ প্ৰসাৰৰ লগে লগে বজাৰ ব্যৱস্থাৰো বিকাশ ঘটিবলৈ ধৰে। বজাৰ যদিও মূলতঃ অৰ্থনীতিৰ লগত জড়িত তথাপি আমি বজাৰক সামাজিক সংস্থাৰূপত অধ্যয়ন কৰিব পাৰোঁ। তলত অৰ্থনৈতিক দিশৰ লগতে সামাজিক দিশক প্রাধান্য দি বজাৰৰ বিষয়ে আলোচনা কৰা হৈছে।

আদাম স্মিথৰ নিচিনা বিখ্যাত অর্থনীতিবিদজনে অর্থনীতিক সমাজৰ এটা পৃথক ভাগ হিচাপে অধ্যয়ন কৰিব পাৰিব বুলি মত পােষণ কৰিছিল। সেইবাবে সমাজতত্ত্ববিদ সকলে অর্থনৈতিক সংস্থাসমূহক অধ্যয়ন কৰাৰ এক বিকল্প পথ বিচাৰি উলিয়ালে। য’ত তেওঁলােকে অর্থনৈতিক সংস্থাসমূহক বিশাল সামাজিক পৰিসৰৰ ভিতৰতে ৰাখি অধ্যয়ন কৰিব পাৰে। সমাজতত্ত্ববিদসকলৰ মতে সমাজৰ সংস্কৃতিৰ বিশেষ কিছুমান দিশৰ যােগেদি বজাৰ গঠন হয়। যেনে— কেতিয়াবা কোনাে কোনাে বজাৰ কোনাে বিশেষ সামাজিক সংস্থাসমূহৰ বা শ্ৰেণীৰ যােগেদি আৰম্ভণি আৰু নিয়ন্ত্রিত হয়। ইয়াৰ উপৰিও আন সংস্থা, সামাজিক প্রক্রিয়া আৰু সামাজিক সংৰচনাৰ সৈতে বজাৰ সম্পৰ্কত বিশেষ কিছুমান যােগাযােগ থাকে। সেই কাৰণে সমাজতত্ত্ববিদসকলে ক’ব খােজে যে অর্থনীতিৰ লগত সমাজ দৃঢ়ভাৱে সংলগ্ন। 

অথবা

16. অনুসূচীত জনজাতিসকলৰ কল্যাণৰ বাবে চৰকাৰে লোৱা সাংবিধানিক ব্যৱস্থাসমূহৰ বিষয়ে লিখা।

উত্তৰঃ ভাৰতৰ সংবিধানত ‘অনুসূচীত জনজাতিৰ কোনাে স্পষ্ট সংজ্ঞা নাই। সংবিধানৰ ৩৪২ নং অনুচ্ছেদ মতে ভাৰতৰ ৰাষ্ট্রপতিয়ে কোনাে জাতিক অনুসূচিত জনজাতি বুলি নির্ধাৰণ কৰিব পাৰে। এই ক্ষেত্ৰত দুটা সাংবিধানিক ব্যৱস্থা আছে প্রথম তেওঁলােকক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে আৰু আনটো তেওঁলােকৰ উন্নয়নৰ বাবে।

ৰক্ষণাবেক্ষণ দিয়া ব্যৱস্থা-

1. অনুসুচীত জনজাতিৰ শৈক্ষিক সমতা লাভৰ বাবে বিশেষ ব্যৱস্থা ৰখা হৈছে। এই ব্যৱস্থাবােৰৰ ভিতৰত— আসন সংৰক্ষণ, বয়স আৰু আৱশ্যকীয় নম্বৰৰ সকাহ (হ্রাসকৰণ), আর্থিক সাহায্য, বছৰেকীয়া জলপানিৰ ব্যৱস্থা কৰা হয়। 

2. চৰকাৰী চাকৰি – বাকৰিত পদ সংৰক্ষণ। 

3. জনজাতীয় লােকৰ সম্পত্তিৰ স্বার্থ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা। 

4. ৰাজ্য চৰকাৰবােৰে জনজাতিৰ স্বাৰ্থ ৰক্ষাৰ বাবে শৈক্ষিক আৰু আর্থিক স্বার্থ ৰক্ষণাবেক্ষণ দিয়াৰ বাবে সামাজিক অন্যায় আৰু শােষণৰ পৰা ৰক্ষাৰ ব্যৱস্থা কৰা।

5. সংসদ লােকসভাৰ আৰু ৰাজ্যিক বিধানসভাৰ আসন সংৰক্ষণ কৰা। 

6. পৰম্পৰাগতভাৱে ভূমিৰ ওপৰত থকা অধিকাৰ আৰু ভূমি হস্তান্তৰ বাবে বৈধ ৰক্ষণাবেক্ষণ ব্যৱস্থা কৰা। 

7. ভাৰতৰ ৰাষ্ট্রপতিয়ে অনুসূচীত জনজাতিৰ বাবে প্রশাসনীয় আৰু কল্যাণমূলক কাম – কাজ সম্পকীয় ব্যৱস্থাৰ বিষয়ে জানিবলৈ যিকোনাে সময়তে আয়ােগ নিযুক্ত কৰি প্রতিবেদন বিচাৰিব পাৰে। 

উন্নয়নৰ বাবে দিয়া ব্যৱস্থা –

1. তেওঁলােকৰ মাজত ভূমি বিতৰণ আৰু আগৰ মাটি – বাৰীৰ উন্নয়ন সাধন। 

2. কৃষিৰ উন্নত সা – সঁজুলি , বীজ ; সাৰ আৰু আন সা – সুবিধাৰ সম্প্ৰসাৰণ কৰা।

3. টকা – পইচা ধাৰ দিয়া লােকৰ পৰা ৰক্ষণাবেক্ষণ দিয়া আদি। কেন্দ্রীয় চৰকাৰে অনুসূচীত জনজাতিৰ প্রয়ােজনীয়তাৰ বাবে নজৰ ৰখা বা ১৯৯৯ চনত জনজাতীয় পৰিক্ৰমাৰ বাবে মন্ত্রীসভাত সুকীয়া ব্যৱস্থা কৰিছে। 

17. পৰিয়ালৰ কাৰ্যসমূহৰ বিষয়ে লিখা।

উত্তৰঃ মানৱ জীৱনৰ মৌলিক সংগঠন পৰিয়াল পদ্ধতিৰ কাৰ্য বহুতো। 

১। সামাজিক কাম।

২। ব্যক্তিৰ বাবে পৰিয়ালৰ কাম।

৩। আর্থিক বিষয়ৰ কাম। আৰু 

৪। ধৰ্মীয় কাম।

১। সামাজিক কাম (Social Function): ব্যক্তি অস্থায়ী কিন্তু সমাজ স্থায়ী। সমাজৰ এই স্থায়িত্ব বা জনসংখ্যাৰ ভাৰসাম্যতা পৰিয়ালৰ জন্ম-মৃত্যুৰ যোগেদিয়েই অটুট ৰখা হয়। সন্তান জন্ম দি, সিহঁতক লালন-পালন কৰি সমাজৰ একোজন ব্যক্তি হিচাপে গঢ়ি তোলাটো পৰিয়ালৰ অন্যতম প্রধান কাম।

পৰিয়ালৰ সামাজিক কামসমূহ হ’ল –

(ক) যৌন সম্বন্ধ নিয়ন্ত্রণ।

(খ) সংস্কৃতি হস্তান্তৰ।

(গ) প্ৰস্থিতি প্রদান।

(ঘ) সামাজিক ক্রিয়া নিয়ন্ত্রণ।

(ক) যৌন সম্বন্ধ নিয়ন্ত্রণ: যৌন প্রবৃত্তি মানুহৰ সহজাত প্রবৃত্তি। যৌন সম্বন্ধ স্থাপনৰ ক্ষেত্ৰত নিৰ্দিষ্ট সময় নাথাকিলে সমাজত বিশৃঙ্খলতাৰ সৃষ্ট হ’ব বাবে পৰিয়ালৰ যোগেদি যৌন সম্বন্ধ নিয়ন্ত্ৰণ কৰা হয়। পৰিয়াল পদ্ধতিৰ যোগে কোনে কাৰ লগত যৌন সম্বন্ধ ৰাখিব পাৰে বা নোৱাৰে সেইটো নিৰ্ধাৰণ কৰে। উদাহৰণস্বৰূপে, সহোদৰ সন্তান বা অতি ওচৰ সম্বন্ধীয় লোকৰ মাজত যৌন সম্বন্ধ স্থাপন হ’ব নোৱাৰে। পৰিয়ালে এই সম্বন্ধ নিয়ন্ত্রণত যিমান ভূমিকা গ্ৰহণ কৰিব পাৰে আন কোনো সংস্থাই নোৱাৰে।

(খ) সংস্কৃতি হস্তান্তৰ: পৰিয়াল সমাজৰ পৰম্পৰাগত সংস্কৃতিৰ বাহকস্বৰূপ৷ পৰিয়ালৰ নৱজাত সন্তানক পিতৃ-মাতৃৰ উপৰি আন সদস্যসকলেও মাত-কথা, খোৱা-বোৱা, পিন্ধন-উৰণ, স্বাস্থ্য ৰক্ষা, সামাজিক ৰীতি-নীতি, শিক্ষা-দীক্ষা আদিৰ প্ৰতি মনোযোগ দিয়ে। পৰিয়ালে শিশুৰ সামাজিকৰণ কৰে। আধুনিক শিক্ষাৰ প্ৰসাৰতা নথকা সমাজত ব্যক্তিৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় শিক্ষা, যেনে – বৃত্তিমুখী ব্যাৱহাৰিক শিক্ষা, যুদ্ধ-বিগ্ৰহৰ প্ৰশিক্ষণ, ৰাজনীতি, ধর্মনীতি, ভাষা আদিৰ শিক্ষা পৰিয়ালৰ যোগেদিয়েই দিয়ে। ফলত পৰিয়ালৰ পৰম্পৰাগত সংস্কৃতি ৰক্ষা হয়।

(গ) প্রস্থিতি প্রদান: মানুহে পৰিয়ালৰ জৰিয়তে সামাজিক প্ৰস্থিতি লাভ কৰে। বহুতো সমাজে জন্মগত প্ৰস্থিতিৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে। এনেবোৰ সমাজত এটি শিশুৰ জন্মলাভৰ লগে লগে উচ্চ বা নিম্ন প্ৰস্থিতি প্ৰদান কৰা হয়; যেনে – ব্ৰাহ্মণৰ ঘৰত জন্মলাভ কৰা ল’ৰাই উচ্চ প্ৰস্থিতি পায়। সেইদৰে উচ্চ শ্ৰেণীৰ সন্তানে উচ্চ স্থান ল’বলৈ সমর্থ হয়।

(ঘ) সামাজিক ক্রিয়া নিয়ন্ত্ৰণ: পৰিয়ালৰ কোনো ব্যক্তিয়েই যাতে অসামাজিক বা সমাজবিৰোধী কাম কৰিব নোৱাৰে তাৰ প্ৰতি পৰিয়ালৰ সকলোৱেই চকু ৰাখে। পৰিয়ালটোৰ মান-সন্মান অটুট ৰাখিবলৈ, পৰিয়ালটো বিপদত নপৰিবলৈ পৰিয়ালৰ ব্যক্তিসকল যত্নপৰ হয়। পৰিয়ালৰ কোনো ব্যক্তি অপৰাধমূলক কার্যত জড়িত হৈ পৰিলে পৰিয়ালে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, যিবোৰ পৰিয়ালৰ শাসন দুৰ্বল, সেইবোৰ পৰিয়ালতে অপৰাধমূলক কাৰ্যৰ মাত্রা বৃদ্ধি পায়।

২। ব্যক্তিৰ বাবে পৰিয়ালৰ কাম (Functions of family for individual): ব্যক্তিৰ বাবেও পৰিয়ালে কিছুমান কাম কৰে; যেনে— 

(ক) যৌন সম্বন্ধ নিয়মীয়াকৰণ। 

(খ) সন্তান প্ৰজনন। আৰু 

(গ) সন্তান প্রতিপালন।

(ক) যৌন সম্বন্ধ নিয়মীয়াকৰণ: পৰিয়াল ব্যৱস্থাই বিবাহিত স্ত্রী-পুৰুষৰ স্থায়ী আৰু নিয়মীয়া যৌন সম্বন্ধ স্থাপনৰ ব্যৱস্থা লয়। বিবাহযোগ্য সন্তানৰ বিবাহৰ ব্যৱস্থা কৰে। প্ৰাক্-বৈবাহিক জীৱনত যৌন সম্বন্ধ ৰখা প্রথা প্রায়ভাগ সমাজেই কামনা নকৰে।

(খ) সন্তান প্ৰজনন আৰু প্ৰতিপালনৰ জৰিয়তে নিজৰ বংশ ৰক্ষা কৰিবলৈ পৰিয়ালে ব্যৱস্থা লয়। বিবাহ পদ্ধতিৰ দ্বাৰা আৱদ্ধ স্ত্ৰী-পুৰুষকহে সন্তান প্ৰজননৰ অধিকাৰ দিয়ে। সন্তানৰ জন্ম পৰিয়ালতেই সীমাবদ্ধ হোৱাটো বাঞ্ছনীয়। কাৰণ পৰিয়ালৰ বাহিৰত জন্ম হোৱা সন্তানক অবৈধ সন্তানৰ আখ্যাৰে বিতৰ্কলৈ নিয়া হয়।

(গ) সন্তান প্রতিপালন: পৰিয়ালত জন্ম গ্ৰহণ কৰা শিশুটোৰ লালন-পালনৰ দায়িত্ব পৰিয়ালেই বহন কৰে। জন্মৰ পৰা শিশুটোক পৰিয়ালৰ সদস্যসকলে পৰিচৰ্যা কৰে। শিশুৰ স্বাস্থ্য ৰক্ষা, খোৱা-পিন্ধা বা সামাজিকৰণৰ দায়িত্বও পৰিয়ালটোৱেই বহন কৰে। শিশুৰ ব্যক্তিত্ব বিকাশৰ বাবেও পিতৃ-মাতৃৰ মৰম-চেনেহৰ নিতান্ত প্রয়োজন । বর্তমান সময়ত শিশুৰ স্বাস্থ্যৰ প্ৰতি পৰিয়ালে বিশেষ গুৰুত্ব দিয়া পৰিলিক্ষিত হৈছে।

৩। আর্থিক বিষয়ৰ কাম (Economic Functions): পৰিয়ালৰ অন্যতম প্রধান কাম হ’ল পৰিয়ালটোৰ ব্যক্তিসকলৰ জীৱন-নিৰ্বাহৰ ব্যৱস্থা কৰা৷ সকলো পৰিয়ালেই জীৱন নিৰ্বাহৰ বাবে কিছুমান কাম কৰে। দৰাচলতে আর্থিক বিষয়ৰ কাম নকৰিলে পৰিয়াল এটা গঠন হ’ব নোৱাৰে। উদাহৰণস্বৰূপে, কৃষিজীৱী পৰিয়াল এটাই উৎপাদনৰ গোট হিচাপে কাম কৰে; ফলত শ্রম বিভাজনৰো উদ্ভৱ হয়।

৪। ধর্মীয় কাম (Religious Functions): পৰিয়ালত ধর্মবিশ্বাস অনুসৰি কৰিব লগা কামসমূহ যেনে— পূজা-সেৱা, শ্ৰাদ্ধ, উপাসনা, প্রার্থনা আদি পৰিয়ালৰ সকলো ব্যক্তি লগলাগি সম্পাদন কৰে। এইবোৰ পৰিয়ালৰ সমূহ সদস্যৰ মংগলৰ কামনাৰে কৰা হয়।

অথবা

17. জনজাতিৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ জনজাতিৰ বৈশিষ্ট্যসমূহ-

১। সাধাৰণ নাম: সকলোবোৰ জনজাতিৰ এটা সাধাৰণ নাম থাকে, যিটোৰ দ্বাৰা ব্যক্তিসকলে নিজকে এটা সুকীয়া প্ৰজাতীয় গোটৰ বুলি চিনাকি দিয়ে। উদাহৰণস্বৰূপে মিচিং, দেউৰী, কুকি, হো, মুণ্ডা ইত্যাদি। এই জনজাতিৰ ব্যক্তিসকলে নিজকে সেই জনজাতিৰ বুলি চিনাকি দিয়ে।

২। শিক্ষাৰ অনগ্ৰসৰতা: জনজাতীয় সমাজ শিক্ষাৰ ক্ষেত্ৰত এতিয়াও বহুত পিছপৰা। এতিয়াও জনজাতিসকলৰ মাজত নিৰক্ষৰ লোকৰ সংখ্যা যথেষ্ট। বিভিন্ন কাৰণৰ বাবে জনজাতিসকলে আধুনিক শিক্ষাৰ ক্ষেত্ৰত অজনজাতীয় লোকৰ লগত সমানে খোজ মিলাব পৰা নাই৷ জনজাতিসকলৰ মাজত অৰ্ধশিক্ষিত লোকৰ সংখ্যা অতি মাত্ৰাত বেছি।

৩। প্রৌদ্যোগীৰ অনগ্ৰসৰতা: প্রৌদ্যোগিক স্তৰৰ ক্ষেত্ৰত জনজাতিসকল এতিয়াও পিছ পৰা। কাৰিকৰী শিক্ষাৰ অভাৱ, পৰিৱৰ্তনৰ প্ৰতি অনীহা আদি অনেক কাৰণৰ বাবে জনজাতিসকল এতিয়াও প্রৌদ্যোগিক ক্ষেত্ৰত বিশেষ আগবাঢ়িব পৰা নাই।

৪। সাধাৰণ ভাষা: সকলোবোৰ জনজাতিৰ একেটা সাধাৰণ ভাষা-উপভাষা থাকে। কোনো এটা জনজাতিৰ ব্যক্তিসকলে নিজৰ ভাষা-উপভাষা বা দোৱানেৰে মনৰ ভাব প্রকাশ কৰে। উদাহৰণস্বৰূপে নগাসকলৰ নাগামিজ এটা ভাষা, আনহাতে দেউৰী, মিচিং, অঁকা আদিৰ একোটা দোৱান বা উপভাষা আছে।

৫। নির্দিষ্ট ভৌগোলিক অঞ্চল: জনজাতিসকলৰ একোটা নির্দিষ্ট ভৌগোলিক অঞ্চল থাকে। অধিক সংখ্যক জনজাতিয়ে সেই নির্দিষ্ট অঞ্চলৰ বাহিৰে অন্য অঞ্চলত বসবাস নকৰে। যেনে— মিচিংসকল উজনি অসমৰহে জনজাতি, খামতি জনজাতি উজনি অসম আৰু অৰুণাচলতহে পোৱা যায়। আংগামী, আও আদি নগাভূমিৰ জনজাতি ইত্যাদি। ভাৰতৰ যিকোনো ঠাইত এইসকল জনজাতি পোৱা নাযায়।

৬। অন্তর্বিবাহী গোট: প্রায় বিলাক জনজাতিয়েই অন্তর্বিবাহী। অর্থাৎ নিজৰ জনজাতিৰ মাজতহে বিবাহ কার্য সাধিত হয়; যেনে— কছাৰীৰ কছাৰীৰ লগত, নকটেৰ নকটেৰ লগত, নিছিৰ নিছিৰ লগত আদি। অন্য জনজাতিৰ লগত হোৱা বিবাহক সমাজে সহজে স্বীকৃতি নিদিয়ে।

৭। সাধাৰণ ধর্ম: একোটা জনজাতিৰ ব্যক্তিসকলে একে ধৰ্মকে পালন কৰে, ধৰ্মীয় ক্রিয়াসমূহত সকলোৱে অংশ গ্ৰহণ কৰে। ধৰ্মৰ পৰিৱৰ্তন হ’লেও গোটেই জনজাতিয়ে একেলগে পৰিৱৰ্তন মানি লয়।

৮। সাধাৰণ বৃত্তি: প্ৰায়বোৰ জনজাতিৰে একোটা পৰম্পৰাগত বৃত্তি থাকে। কোনো জনজাতিয়ে বৃত্তিগত ভাৱে মাছ ধৰে, কোনোৱে পশুপালন কৰে, কোনোৱে চিকাৰ কৰে, কোনোৱে কৃষিকাৰ্যত জড়িত হৈ থাকে বা ইত্যাদি ধৰণে একোটা জনজাতিয়ে কোনো এটা বৃত্তি অৱলম্বন কৰে। অৱশ্যে আধুনিকতাত ইয়াৰ পৰিৱৰ্তন ঘটিছে।

18. নৃগোষ্ঠীয় আত্মপৰিচয় বুলিলে কি বুজা? নৃগোষ্ঠীয় আত্মপৰিচয় উত্থানৰ কাৰণসমূহ উল্লেখ কৰা।

উত্তৰঃ নৃগোষ্ঠীয় আত্মপৰিচয় ব্যক্তিৰ একাত্মকতাৰ অনুভূতি, সাংস্কৃতিক ঐতিহ্য মূল্যবোধ, ঐতিহ্য, আচাৰ আৰু প্ৰায় ভাষা আৰু ধৰ্মৰ ভিত্তিতে অন্তভূৰ্ত্তিৰ অনুভূতি হিচাপে সংজ্ঞায়িত হয়।

নৃগোষ্ঠীয় আত্মপৰিচয়ৰ উত্থানৰ কাৰণসমূহ হ’ল –

(ক) পাৰিবাৰিক সংযোগ।

(খ) ভাষা।

(গ) সম্প্রদায়।

(ঘ) জাতিগত গর্ব।

(ঙ) সাংস্কৃতিক ক্রিয়াকলাপ আৰু ঐতিহ্য জড়িত।

19. নতুন বজাৰ সৃষ্টিত ঔপনিবেশিকতাবাদৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ ঔপনিৱেশিক শাসনৰ সময়ৰ পৰা ভাৰতীয় অর্থনীতিৰ আমূল পৰিৱৰ্তনৰ সূচনা হৈছে। উৎপাদন, উপভোগ, ব্যৱসায়-বাণিজ্য, কৃষিখণ্ড আদি সকলোতে ক্ষীপ্ৰ পৰিৱৰ্তন আহিল। ইংলেণ্ডত তৈয়াৰী সস্তীয়া উদ্যোগজাত কাপোৰ-কানিৰে বজাৰ ভৰি পৰাৰ লগে লগে পৰম্পৰাগতভাৱে ভাৰতত প্রচলিত হস্ততাঁত শিল্পৰ গুৰুত্ব কমি আহিল। সস্তীয়া আৰু দীৰ্ঘায়ু বস্ত্ৰই ভাৰতীয় হস্তশিল্পৰ প্ৰতি ভাবুকি প্রদান কৰাৰ লগে লগে সমগ্ৰ ভাৰতীয় বজাৰত বিদেশী বস্ত্ৰই ছানি ধৰিলে। পূৰ্বৰ পৰা ভাৰতত প্ৰচলিত মুদ্ৰা-অৰ্থনীতিৰো পৰিৱৰ্তন ঔপনিৱেশিক প্ৰভাৱতেই হৈছিল। ঔপনিৱেশিক শাসনে ভাৰতীয় অৰ্থনীতিত পুঁজিবাদৰ (Capitalism) সৃষ্টি কৰিলে। ব্ৰিটিছসকলে ভাৰতত উপনিৱেশ স্থাপন কৰাৰ আগতেই ভাৰতত উৎপাদিত যিবোৰ বস্তু আছিল বা যিবোৰ বস্তু বিদেশলৈ ৰপ্তানি হৈছিল সেই ক্ষেত্ৰতো পৰিৱৰ্তন আহিল৷ ভাৰত হৈ পৰিল ইংলেণ্ডৰ উদ্যোগীকৰণৰ বাবে এক কেঁচামালৰ সস্তীয়া বজা৷ ভাৰতৰপৰা উদ্যোগিক কেঁচামাল (Raw materials) আৰু কৃষি উৎপাদিত সামগ্রী ইংলেণ্ডলৈ গৈ ইংলেণ্ডৰ উদ্যোগসমূহৰ উন্নতি হ’ল৷ পুনৰ উদ্যোগিক উৎপাদিত সামগ্ৰীৰ বাবে ভাৰত হ’ল এক উপভোক্তাৰ বজাৰ। অৰ্থাৎ ভাৰতীয় অর্থনৈতিক উৎপাদনত এবাৰ সস্তাত কেঁচা সামগ্ৰী নিয়া আৰু আনবাৰ উৎপাদিত সামগ্রী অধিক দামত বিক্ৰী কৰা, এই দুই পৰ্যায়ত একেখিনি দ্ৰব্যৰপৰা ইংলেণ্ডে লাভ অৰ্জন কৰিলে। ইংলেণ্ডৰ এই ব্যৱসায়িক কৌশল ভাৰতে অনুধাৱন কৰিব পৰাৰ পিছতহে ভাৰতত উদ্যোগীকৰণৰ সূচনা হয়।

ঔপনিৱেশিক কালতেই ইউৰোপীয় সমাজকে ধৰি আৰু বহুত বেপাৰী সংগঠন ভাৰতত বেপাৰ-বাণিজ্য বৃদ্ধিৰ বাবে সোমাই পৰিল। ইয়াৰ বাবে পূৰ্বৰ বহুতো থলুৱা প্ৰতিষ্ঠিত ব্যৱসায়ীৰ লগতে মিত্ৰতা অথবা চুক্তিও সম্পাদিত হ’ল। পূৰ্বৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰত ভেজা দি দেশীয় ব্যৱসায়ীসকলে নিজৰ অৰ্থনীতি আৰু ব্যৱসায় নতুন পৰিৱৰ্তিত ৰূপত সৱল কৰি তুলিলে৷ কিছুমান শ্রেণী বা সম্প্ৰদায়ৰ লোকে ব্ৰিটিছ আৰু আন আন পমুৱা ব্যৱসায়িক গোষ্ঠীৰ লগত আধুনিক ব্যৱসায়িক সুবিধা ল’বৰ বাবে আগবাঢ়ি আহিল। তেওঁলোকে ব্ৰিটিছ চৰকাৰৰ লগত সহযোগিতা কৰি নিজৰ অৰ্থনৈতিক শক্তি বৃদ্ধি কৰিলে। স্বাধীনতাৰ পাছতো সেই শক্তিবোৰেই ভাৰতীয় অৰ্থনীতিত প্রভুত্ব বিস্তাৰ কৰিলে। উদাহৰণস্বৰূপে আমি ইতিমধ্যেই উল্লেখ কৰা মাৰোৱাৰী (Marawaries) সকলৰ কথা ক’ব পাৰোঁ। এই জনপ্ৰিয় ব্যৱসায়িক গোষ্ঠীটোৱে স্বাধীনতাৰ পাছতো ভাৰতৰ অধিকাংশ ঠাইত উদ্যোগ, দোকান আদি স্থাপন কৰি সৰু-বৰ বহুতো ব্যৱসায় কৰি আছে। বিৰলা (Birlas)কে ধৰি বহুতো মাৰোৱাৰীয়ে ভাৰতীয় অৰ্থনীতিত প্ৰভাৱ বিস্তাৰ কৰিছে। মাৰোৱাৰীসকলে ঔপনিৱেশিক কালতেই বাণিজ্যিক কেন্দ্ৰস্থল বোৰত যি প্ৰভাৱ বিস্তাৰ কৰিলে সি বর্তমানেও নিগাজী হৈ আছে। 

মাৰোৱাৰী আৰু নাকাৰ্টাসকলৰ ব্যৱসায়িক সফলতাৰ মূলতে আছে তেওঁলোকৰ স্বজনীয় সহায় আৰু বিশ্বাস। বিশ্বাসৰ বাবে তেওঁলোকে নিজা সম্প্ৰদায়ৰ প্ৰতিষ্ঠানৰপৰা আৰ্থিক সকাহো লাভ কৰিছিল। ব্যৱসায়িক ব্যুৎপত্তিৰে বহুতো মাৰোৱাৰীয়ে যথেষ্ট ধন-সম্পত্তি আহৰণ কৰি পুঁজিপতি হৈ পৰিছিল। পুঁজিপতিসকলে ধনৰ যোগান ধৰি ব্যৱসায়িক প্রতিষ্ঠানবোৰক অধিক উন্নতিৰ বাবে সহায় কৰিছিল। অন্য ব্যৱসায়ৰ দৰে ভাৰতত ধনৰ ব্যৱসায়ো বিকাশ হ’বলৈ ধৰিলে। ঔপনিৱেশিক শাসনৰ পিছৰ সময়ছোৱা আৰু স্বাধীনতাৰ পাছত বহুতো মাৰোৱাৰী পৰিয়াল উদ্যোগপতি হৈ পৰিছিল আৰু বহুতো উদ্যোগৰ পৰিচালনাৰ দায়িত্বও মাৰোৱাৰীয়ে গ্রহণ কৰিছিল। তেওঁলোকে উদ্যোগ বা উৎপাদন আৰু বজাৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰু ভাৰতীয় অর্থনীতিত প্ৰভুত্ব ৰক্ষা কৰিবলৈ সক্ষম হৈছে। ঔপনিৱেশিক শাসনৰ সময়ৰপৰা ব্যৱসায়-বাণিজ্য জাতিভিত্তিতকৈ সম্প্রদায়ভিত্তিক হৈ ব্যৱসায়ীৰ পৰা পুঁজিপতি আৰু পুঁজিপতিৰ পৰা উদ্যোগপতিলৈ উত্থান হোৱাটো এক লক্ষ্যণীয় সামাজিক দিশ। ভাৰতীয় সমাজৰ বজাৰ ব্যৱস্থাত প্ৰজাতীয় বা সাম্প্ৰদায়িক প্ৰাধান বিৰাজ কৰাৰ বিষয়ে আলোচনা কৰাটো নিতান্তই সমাজ সম্পৰ্কীয় দিশ।

20. সাম্প্রদায়িকতাবাদ কি? সাম্প্ৰদায়িকতাবাদ সৃষ্টিৰ কাৰকসমূহ কি কি?

উত্তৰঃ সাম্প্রদায়িকতাবাদে সাধাৰণতে ধৰ্মৰ ওপৰত প্রতিষ্ঠিত আক্রোহী অযুক্তিকৰ পৰিচয়ক বুজায়। আন ভাষাত ক’বলৈ হ’লে আমি সাম্প্রদায়িকতাবাদক ধৰ্মৰ লগত সম্পর্ক থকা আক্রোহী ৰাজনৈতিক আদর্শ বুলি ক’ব পাৰো। সাম্প্রদায়িকতাবাদে সকলােবােৰ সীমা। চেৰাই ধর্মীয় পৰিচয় ৰক্ষা কৰে। 

সাম্প্রদায়িকতাবাদ সৃষ্টিৰ কাৰকসমূহ হ’ল—

(ক) ৰাজনৈতিক শোষণঃ  যদি কোনো সম্প্রদায়ে তেওঁলোকক ৰাজনৈতিকভাৱে শোষণ কৰা হৈছে বুলি ভাৱে তেন্তে সাম্প্রদায়িকতাবাদৰ জন্ম হ’ব পাৰে। কোনো সম্প্রদায়ে সকলোৰে সৈতে সমান ৰাজনৈতিক সুবিধা নাপালে, আত্ম পৰিচয় দাঙি ধৰাৰ সুবিধা নাপালে সাম্প্রদায়িকতাবাদক কেৱল ৰাজনৈতিক হাতিয়াৰৰ হিচাপে বিবেচনা কৰে আৰু তেওঁলোকক ন্যূনতম সুবিধাবিলাক দিয়া নহয়, তেন্তে তেওঁলোকৰ মাজত সাম্প্রদায়িকতাবাদে গঢ় লৈ উঠে।  

(খ) ভৌগোলিক অৱস্থান : কোনো এটা সম্প্রদায়ে বসবাস কৰা এটা অঞ্চল যদি ভৌগোলিক অৱস্থিতৰ বাবে আন এটা অঞ্চলৰ পৰা বিচ্ছিন্ন হৈ থাকিব লগা হয়, তেন্তে সেই অঞ্চলৰ জনগোষ্ঠীয়ে সাম্প্রদায়িকতাৰ সূচনা কৰে। আকৌ পর্বত, পাহাৰ, ভৈয়াম, সমভূমি মালভূমি আদি ভাগত ভাগ কৰাৰ ফলত যদি কোনো সম্প্রদায়ৰ লোকে কিবা সুবিধাৰ পৰা বঞ্চিত হ’ব লগা হয়, তেন্তে তেওঁলোকে সাম্প্রদায়িক মনোভাৱেৰে নিজৰ স্বার্থ পূৰণৰ দাবী জনাব পাৰে। এনেবোৰ কাৰণতে সাম্প্রদায়িকতাবাদ সৃষ্টি হয়।

(গ) চৰকাৰী নীতিঃ  বহুতো সম্প্রদায়ে কিছুমান চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হ’ব লগা হ’লে তেওঁলোকে সাম্প্রদায়িকতাবাদৰ সৃষ্টি কৰিব পাৰে। কিছুমান চৰকাৰী আইনে কিছুমান সম্প্রদায়ৰ উন্নতিৰ বাবে অধিক সুবিধা প্রদান কৰাত আন কিছুমান সম্প্রদায়ে সাম্প্রদায়িকতাবাদ সৃষ্টি কৰিব পাৰে।

(ঘ) ঐতিহাসিক পটভূমিঃ  বহুতো সম্প্রদায়ৰ এটা ঐতিহাসিক স্বকীয়তা আছে। কিছুমান সম্প্রদায় এটা সময়ত স্বাধীন আছিল। তেনে সম্প্রদায়সমূহে এতিয়াও নিজকে সুকীয়া সম্প্রদায় হিচাপে প্রতিষ্ঠিত কৰাৰ চেষ্টা কৰে। স্বনিয়ন্ত্ৰণৰ দাবী আৰু সুকীয়া অস্তিত্ববোধেৰে তেওঁলোকে ভাৰতীয় জাতিসত্তাত সুকীয়া প্ৰস্থিতি বিচাৰে। ইয়াৰ ফলত সাম্প্রদায়িকতাবাদৰ সৃষ্টি হয়।

(ঙ) মনস্তাত্ত্বিক দিশঃ কোনো সম্প্রদায়ে নিজকে আন সম্প্রদায়তকৈ পিছপৰা বা আন সম্প্রদায়তকৈ পৃথক বুলি ভাবিলে সাম্প্রদায়িক মনোভাৱ গঢ় ল’ব পাৰে। এটা সম্প্রদায়ে নিজেই বসবাস কৰা অঞ্চলটো কাৰোবাৰ দ্বাৰা শোষিত হৈছে বুলি ভাবিলে অথবা অঞ্চলটো অন্য অঞ্চলতকৈ পৃথক বুলি ভাবিলে সাম্প্রদায়িকতা ভাৱৰ জন্ম হ’ব পাৰে।

21. ৰাষ্ট্ৰীয় সংহতি কি? ভাৰতৰ ৰাষ্ট্ৰীয় সংহতিত বাধা সৃষ্টি কৰা কাৰকসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ৰাষ্ট্ৰীয় সংহতি হ’ল এখন ৰাজ্যৰ জনসাধাৰণৰ মাজত থকা উমৈহতীয়া পৰিস্থিতিৰ সচেতনতা। কোনো এখন দেশ বা জাতি একোটাৰ ভিতৰত বসবাস কৰা বিভিন্ন বৰ্ণ সম্প্রদায়, ভাষা-ভাষী আৰু ধৰ্মাৱলম্বীৰ লোকসকলৰ মাজত থকা সমন্বয় বা একতাই হ’ল ৰাষ্ট্ৰীয় সংহতি। ভাৰতৰ ৰাষ্ট্ৰীয় বাধা সৃষ্টি কৰা কাৰকসমূহ হ’ল-

(ক) অর্থনৈতিক বৈষম্য।

(খ) সক্ষম নেতৃত্বৰ অভাৱ।

(গ) সামাজিক বৈষম্য।

(ঘ) যথাযথ শিক্ষাৰ অভাৱ৷

22. অসমৰ চাহ উদ্যোগৰ বিষয়ে এটা টোকা লিখা।

উত্তৰঃ অসম চাহ উদ্যোগ ৰাজ্যখনৰ সৰ্ববৃহৎ এক প্রাচীন উদ্যোগ। প্রায় ডেৰ শতিকাৰ উধৰ্বৰ এই চাহ উদ্যোগৰ স্বকীয় ইতিহাস অলেখ অজানা কাহিনীৰে সমৃদ্ধ। কিছুমান বাস্তৱ, কিছুমান কিংবদন্তীৰ দৰেই অতি আমোদজনক আৰু ৰোমাঞ্চকৰ। চাহ উদ্যোগৰ আশাতীত সাফল্য আৰুব্যাপক সম্প্ৰসাৰণৰ পিছত কুৰি শতিকাৰ আৰম্ভণিতে চাহ উৎপাদনৰ গৱেষণাৰ বিষয়টোৱে গুৰুত্ব লাভ কৰে আৰু ১৯১১ চনত যোৰহাটৰ টোকলহিত বিশ্বৰ প্ৰথমটো চাহ গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাত চাহ উদ্যোগে প্ৰগতিৰ সুদূৰপ্ৰসাৰী পথত এক নতুন মোৰ লয়৷

ঊনৈশ শতিকাৰ শেষৰফালে উত্তৰ-পূব ভাৰতৰ চাহু উদ্যোগত ছাঁ দিয়া গছৰ উপকাৰিতাৰ বিষয়টো বিশেষভাৱে উপলব্ধি কৰা হয়। চাহ বাগানবোৰলৈ দৃষ্টি নিক্ষেপ কৰিলে পোনছাটেই চাহ গছবোৰতকৈ ওখ ছাঁ দিয়া গছৰ ব্যৱহাৰ এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী। চাহ খেতিৰ এই বৈশিষ্ট্যপূর্ণ বিষয়টোৰ আঁতি – গুৰি বিচাৰি জনা গলৈ চাহ গছৰ তিনি প্ৰকাৰৰ জাত আছে- চীনা জাত, অসম জাত আৰু কেম্বডীয়া জাত।

অথবা

22. পাশ্চাত্যকৰণে কেনেদৰে ভাৰতীয় সমাজলৈ পৰিবৰ্তন আনিছে ব্যাখ্যা কৰা।

উত্তৰঃ পাশ্চাত্যকৰণে ভাৰতীয় সমাজলৈ অনা পৰিৱৰ্তনসমূহ বা প্ৰভাৱসমূহৰ বিষয়ে বহুতো চিন্তাবিদে আলোচনা কৰিছে। ইয়াৰ ভিতৰত সমাজতত্ত্ববিদ আলতাচ চৈয়দ হুছেইনে তেওঁৰ ‘Modernization and Social Change’ নামৰ গ্ৰন্থখনত পাঁচটা স্তৰৰ মাজেদি ভাৰতীয় সমাজত পাশ্চাত্যকৰণ হোৱাৰ কথা কৈছে। যেনে—

১। প্ৰথমটো স্তৰত গ্ৰীক বীৰ আলেকজেণ্ডাৰে ভাৰত জয় কৰি ইয়াত প্ৰচাৰ কৰা গ্ৰীক সভ্যতা আৰু সংস্কৃতিৰ প্ৰভাৱ।

২। দ্বিতীয়টো স্তৰত ভাস্কোদি গামা আৰু ১৫ শতিকাত পর্তুগীজসকলে ভাৰতৰ গোৱা, কলিকতা আদি ঠাইত প্ৰভাৱ পেলোৱা পাশ্চাত্য সভ্যতা আৰু সংস্কৃতি।

৩। তৃতীয়টো স্তৰত ১৮ শতিকাত ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ব্ৰিটিছ শাসনৰ ফলত বৃদ্ধি হোৱা পশ্চিমীয়া শিক্ষা সভ্যতা আৰু সংস্কৃতি।

৪। চতুৰ্থ স্তৰত ১৯ শতিকাৰ আগভাগত ইংলেণ্ডত সৃষ্টি হোৱা উদ্যোগ বিপ্লৱে ভাৰতৰ যাতায়াত আৰু পৰিবহন ব্যৱস্থাত কেঁচা সামগ্ৰী সৰবৰাহৰ বাবে কৰা উন্নতি। আৰু

৫। পঞ্চম স্তৰত, ভাৰতবৰ্ষই ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰা সময়ৰ পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱ৷

হুছেইনৰ এই আলোচনাৰ বাহিৰেও এম. এন. শ্রীনিবাস, যোগেন্দ্র সিং, মিল্টন ছিংগাৰ, ৰাম আহুজা, এচ. চি. ডুবে আদি সমাজতত্ত্ববিদে ভাৰতীয় সমাজৰ পাশ্চাত্যকৰণৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰিছে। পাশ্চাত্যকৰণৰ ফলত ভাৰতীয় সমাজত হোৱা কেইটামান মূল পৰিৱৰ্তন হ’ল- 

(ক) জাতি ব্যৱস্থাৰ পৰিৱৰ্তন।

(খ) উদ্যোগীকৰণ।

(গ) নগৰীকৰণ।

(ঘ) পৰিবহণৰ উন্নতি।

(ঘ) ইংৰাজী শিক্ষাৰ প্ৰসাৰ।

(ঙ) পাশ্চাত্য সংস্কৃতিৰ প্ৰসাৰ।

(চ) অস্পৃশ্যতা বর্জন।

(ছ) নাৰী প্ৰস্থিতিৰ পৰিৱৰ্তন।

(জ) সমাজ সংৰচনাত পৰিৱৰ্তন।

(ঝ) বিবাহ প্রথাত পৰিৱৰ্তন।

(ঞ) পৰিয়াল ব্যৱস্থাত পৰিৱৰ্তন। আৰু 

(ট) সাংস্কৃতিক পৰিৱৰ্তন।

23. গোলকীকৰণৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ গোলকীকৰণৰ চাৰিটা বৈশিষ্ট্য-

১। গোলকীকৰণ এটা সম্পূর্ণ নতুন ধাৰণা নহয় (Globalisation is not entirely a new concept): গোলকীকৰণ ধাৰণাটোৱে ১৯৮০ চন মানৰ পৰা গোটেই বিশ্বতে বিকাশ লাভ কৰিছে যদিও ই নতুন ধাৰণা নহয়। এই ধাৰণাটো উদ্যোগ বিপ্লৱৰ পাছতেই বিকশিত হৈছিল আৰু তাৰ পাছত ঔপনিৱেশিক কালত ধাৰণাটোৱে বিকাশ লাভ কৰিছিল। ১৮, ১৯ আৰু ২০ শতিকাত ব্ৰিটিছ শাসিত দেশসমূহত মূলধন আৰু প্ৰযুক্তিবিদ্যাৰ অবাধে সৰবৰাহ হৈছিল। ইয়েই গোলকীকৰণৰ আৰম্ভণি।

২। গোলকীকৰণে উৎপাদনৰ গোলকীকৰণকো বুজায় (Globalisation also means Globalisation of production): গোলকীকৰণৰ জৰিয়তে অর্থনৈতিক পৰিকল্পনা আৰু নিয়ন্ত্রণক তুলনামুলক এক ঠেক গণ্ডীৰ পৰা এক বহল পৰিসৰলৈ লৈ যোৱা হয়। গোলকীয় পৰিসৰত গোটেই পৃথিৱীকে একে শ্রম, কেঁচা সামগ্ৰী আৰু বজাৰ ৰূপে গণ্য কৰা হয়। গোলকীকৰণৰ ফলত শ্ৰম, কেঁচা সামগ্ৰী আৰু বজাৰ মাত্ৰ এটা নির্দিষ্ট আর্থ-সামাজিক পৰিধিৰ মাজত আৱদ্ধ নাথাকে। কোনো এখন দেশত দীর্ঘদিন বন্ধ বা হৰতাল/ধর্মঘট আদি হ’লেও বৃহৎ ব্যৱসায়িক কোম্পানীবোৰে অন্য দেশত অর্থনৈতিক কাম-কাজ চলাই থাকিব পাৰে।

৩। ৰপ্তানিৰ ওপৰত গুৰুত্ব প্রদান (Importance of Export Sectors): গোলকীকৰণ অৰ্থনীতিত ৰপ্তানি বাণিজ্যই বিশেষ প্রাধান্য পায়। ৰপ্তানিৰ ওপৰত নিৰ্ভৰ কৰি উদ্যোগখণ্ডৰ বিশেষ প্ৰসাৰ ঘটে। ৰপ্তানিৰ বাবে দ্ৰব্যৰ আন্তঃৰাষ্ট্ৰীয় মূল্যমানো প্রায় একে থাকে। বিত্তীয় প্রতিষ্ঠানসমূহেও ৰপ্তানি বাণিজ্যৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ বিস্তাৰ কৰে।

৪। দেশীয় অর্থনীতয়ে গোলকীয় অর্থনীতিৰ ওপৰত নিৰ্ভৰ কৰে (Dependence of Domestic Economy on the Global Economy): গোলকীকৰণৰ আন এটা বৈশিষ্ট্য হ’ল যে ই দেশীয় অৰ্থনীতিৰ ওপৰত প্ৰভাৱ নেপেলোৱাকৈ হোৱা স্বাধীন প্রক্রিয়া নহয়। দেশীয় উৎপাদন বাঢ়িলে ৰপ্তানি বাঢ়ে আৰু দেশৰ অৰ্থনীতিৰ উন্নতি হয়। সেইদৰে ইয়াৰ ওলোটা প্ৰভাৱো পৰে। আকৌ দেশৰ মুঠ উৎপাদনৰ ওপৰতো গোলকীয় অর্থনীতিয়ে নিৰ্ভৰ কৰে।

24. পঞ্চায়তীৰাজ ব্যৱস্থা বুলিলে কি বুজা? ভাৰতবৰ্ষত পঞ্চায়তীৰাজ ব্যৱস্থাৰ ক্ষমতা আৰু দায়িত্ব সমূহ আলোচনা কৰা।

উত্তৰঃ পঞ্চায়তী ৰাজ হৈছে এক শাসন পদ্ধতি য’ত প্ৰশাসনৰ প্ৰধান গোট হৈছে গাওঁ পঞ্চায়তবোৰ। ইয়াৰ তিনিটা তৰপ আছে গাওঁ পঞ্চায়ত, আঞ্চলিক বা খণ্ড পঞ্চায়ত আৰু মহকুমা বা জিলা পৰিষদ।

পঞ্চায়তী ৰাজ শব্দটো নতুন শব্দ ইয়াৰ উৎপত্তি হৈছিল বৃটিছ সকলৰ শাসনৰ সময়ত। পঞ্চায়তী শব্দই পঞ্চায়তক আৰু ‘ৰাজ’ শব্দই শাসন বা চৰকাৰক বুজায়।

ভাৰতবৰ্ষত পঞ্চায়তীৰাজ ব্যৱস্থাৰ ক্ষমতা আৰু দায়িত্ব সমূহ-

১। সুৰক্ষিত সেৱা (Protective Services): সুৰক্ষিত সেৱাৰ জৰিয়তে বিনিময়মূলক আৰু পৰিদৰ্শনমূলক সেৱা উপলব্ধ হয়; যেনে— স্বাস্থ্যৰক্ষা, গৃহ নির্মাণ নিয়ম, খাদ্যত হোৱা ভেজাল নিষেধকৰণ, বিপদজ্জনক আৰু অপৰাধমূলক ব্যৱসায় নিয়ন্ত্ৰণ কৰা, জোখ-মাপৰ পৰীক্ষা কৰা, অগ্নিকাণ্ড আৰু অন্যান্য দুৰ্ঘটনাসমূহৰ পৰা জনসাধাৰণক নিৰাপত্তা দিয়া ইত্যাদি।

২। সামূহিক সেৱা (Communal Services ): পঞ্চায়তৰ সামূহিক সেৱাৰ অন্তৰ্গত হৈছে— ৰাস্তা- ঘাটৰ তত্ত্বাৱধান, স্বাস্থ্যৰক্ষাৰ বাবে নলা-নর্দমাৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ, পোহৰৰ ব্যৱস্থা কৰা, ৰোগৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰা, চিকিৎসা সাহায্যৰ সুবিধা কৰা, আঞ্চলিক শান্তি-সম্প্ৰীতি অটুত ৰখা আদি।

৩। সমাজসেৱা (Social Services): পঞ্চায়তৰ সমাজসেৱা আঁচনিৰ অন্তৰ্গত বিষয়সমূহ হৈছে জনশিক্ষা আঁচনি গ্ৰহণ, মাতৃ মঙ্গল আৰু শিশুকল্যাণ আঁচনি গ্ৰহণ, বৃদ্ধ আৰু পিতৃ-মাতৃহীন অনাথসকলৰ তত্ত্বাৱধানৰ আঁচনি, জনগণনা, অর্থনৈতিক জৰিপ, অৱসৰ বিনোদনৰ আঁচনি গ্ৰহণ, পুথিভঁড়াল আৰু উদ্যান স্থাপন আদি আঁচনি গ্রহণ আৰু ৰূপায়ণ, কৃষি প্রদর্শনী, শিল্পমেলা আদি স্থাপন কৰা।

৪। ৰাজহুৱা ব্যৱহাৰ্য সেৱা (Public Utility Services): সংৰক্ষিত পানীযোগান আঁচনি, কাপোৰ ধোৱা স্থানৰ ব্যৱস্থা কৰা, গা-ধোৱা ঘাট, পৰিবহণ ব্যৱস্থা, বিজুলী যোগান, পেলনীয়া বস্তু সংগ্ৰহ আৰু ব্যৱহাৰ, বজাৰ, ৰাজহুৱা প্ৰেক্ষাগৃহৰ ব্যৱস্থা আদি এনে আঁচনিৰ অন্তৰ্গত।

25. ভূমি সংস্কাৰ কি? স্বাধীনতাৰ আগৰ আৰু পাছত হোৱা ভাৰতৰ ভূমি সংস্কাৰ নীতি সম্পর্কে আলোচনা কৰা।

উত্তৰঃ ভূমি যিহেতু সম্পদ গতিকে ভূমি সংস্কাৰে প্ৰকৃততে সম্পদৰ পুনৰ বিতৰণকে বুজায়। অধিক মাটিৰ মালিক হোৱা শ্ৰেণীটো প্ৰভাৱশালী শ্ৰেণী হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে ভূমিহীন শ্ৰেণীটো নিম্ন প্ৰস্থিতিসম্পন্ন জাতি হিচাপে চিহ্নিত হয়। ভূমি সংস্কাৰে ভূমিৰ মালিকীস্বত্ব বেছি শক্তিশালী জনৰ পৰা কম শক্তিশালী জনলৈ স্থানান্তৰ কৰাটো বুজায়৷ এনে কৰাৰ ফলত দুর্বল শ্রেণীবিলাক শক্তিশালী হোৱাৰ সুবিধা পায়।

প্রাক্-স্বাধীন কালৰ ভূমি সংস্কাৰ: ভূমিনীতি বা ৰাজহনীতিৰ ওপৰত গাঁৱৰ বিকাশ বহু পৰিমাণে নিৰ্ভৰশীল। ভাৰতত বিভিন্ন সময়ত ভূমি ৰাজহ সম্পৰ্কীয় বিভিন্ন আইন বা ৰীতিৰ প্ৰচলন হৈছে যদিও ব্ৰিটিছৰ ভাৰত আগমনৰ পিছৰ ভূমিনীতিৰ বিষয়েহে এতিয়া আলোচনা কৰিম। গতিকে এই আলোচনা ঔপনিবেশিক ভাৰতৰ ভূমি-নীতি সম্পৰ্কীয় আলোচনাহে।

ব্ৰিটিছ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ ভাৰত আগমনৰ সময়ত ভাৰতত জমিদাৰী ব্যৱস্থাৰ প্ৰচলন আছিল। এখন গাঁও বা এটা অঞ্চলৰ ভূমিৰ মালিকীস্বত্ব এজন জমিদাৰে উপভোগ কৰিছিল। তেওঁ চৰকাৰক খাজনা দিছিল যদিও সেই ভূখণ্ডৰ উৎপাদনকাৰীৰ পৰা খেতিৰ অংশ লৈছিল। খেতিৰ অংশ লাভ আৰু চৰকাৰক দিয়া খাজনাৰ মাজত এক বিৰাট পার্থক্য আছিল। এই জমিদাৰী ব্যৱস্থাই গ্রামবাসীৰ উন্নতিত অৰিহণা যোগোৱা নাছিল। কিন্তু ব্ৰিটিছসকলে ভাৰত অধিকাৰ কৰাৰ পাছতো জমিদাৰী প্ৰথাৰ বিলুপ্তি নহ’ল। বৰঞ্চ ব্ৰিটিছ চৰকাৰে জমিদাৰসকলক সম্পত্তিৰ মালিকিস্বত্বহে প্ৰদান কৰিলে। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৭৬২ খ্রীষ্টাব্দত ভূমিৰ অধিক ৰাজহ লাভৰ বাবে একোটা অঞ্চলৰ নিলাম বা ডাকৰ ব্যৱস্থা কৰে। এই ব্যৱস্থা মতে নিলামত সর্বোচ্চ নিৰিখ দিব বিচৰা ব্যক্তিজনকে ৰাজহ সংগ্ৰহৰ অধিকাৰ প্ৰদান কৰে। এই ব্যৱস্থাৰে পোনতে বর্ধমান আৰু মেদিনীপুৰ জিলাক নিলাম কৰে। ব্ৰিটিছসকলৰ দিনত ভাৰতত ৰাজহ ব’ৰ্ড গঠিত হয় আৰু ৰাজহ সংগ্ৰহৰ বাবে কলেক্টৰ বা দেৱানৰ নিযুক্তি দিয়ে। এওঁলোকে ৰাজহ সমিতি আৰু ৰাজহ গোটৰ ব্যৱস্থা কৰে। ব্ৰিটিছসকলৰ ভূমি সংস্কাৰৰ বিভিন্ন নীতিয়ে ভাৰতীয়ৰ ভূমি-নীতিত বিশৃংখলতাৰহে সৃষ্টি কৰে।

লর্ড ডেলহাউচিয়ে ভূমি-নীতিৰ বিশৃংখলতা দূৰ কৰাৰ চেষ্টা চলায়৷ তেওঁৰ প্ৰচেষ্টাৰ ফল চিৰস্থায়ী বন্দৱক্ত। এই বন্দৱস্ত মতে জমিদাৰ বা ভূপতিসকলক দহ বছৰৰ বাবে কোনো ভূখণ্ডৰ দায়িত্ব দিয়া হৈছিল। কোনো এজন জমিদাৰ বা ভূপতিৰ মৃত্যু হ’লে তেওঁৰ পুত্ৰ বা উত্তৰাধিকাৰীয়ে দহ বছৰৰ বাবে ভূমিখণ্ডৰ অধিকাৰ লাভ কৰিছিল।

১৮২০ ৰ পৰা ১৮২৭ খ্ৰীষ্টাব্দলৈ মাত্ৰাজত ৰায়তবাৰী ব্যৱস্থাৰ প্ৰচলন আছিল। এই ব্যৱস্থা মতে বায়তসকলে অর্থাৎ নিৰ্দিষ্ট ভূখণ্ডৰ জনসাধাৰণে চৰকাৰক ত্রিশ বছৰৰ বাবে নিৰ্ধাৰিত খাজনা বা ভূমিকৰ আদায় দিব লাগিছিল। এই ব্যৱস্থাত চৰকাৰ আৰু ৰাইজৰ প্ৰত্যক্ষ যোগাযোগ আছিল। প্ৰকৃততে ৰায়তৱাৰী প্ৰথাৰ পূৰ্ণ প্রয়োগ ঘটে ১৮৫৫ খ্ৰীষ্টাব্দৰ পৰাহে। সেই সময়ত ১৮২২ খ্ৰীষ্টাব্দত ভাৰতত মহলদাৰী প্ৰথাৰ প্ৰচলন আছিল। লর্ড হেষ্টিংচে ১৮৩৩ খ্ৰীষ্টাব্দত আইন যোগে মাটিৰ মালিকব্জ ত্ৰিশ বছৰৰ বাবে বন্দৱস্তিত দিয়ে। এই ব্যৱস্থা মতে, অঞ্চলভেদে খাজনাৰ পৰিমাণ পৃথক পৃথক আহিল।

ৰবাৰ্ট ক্লাইভৰ দিনৰ দ্বৈত শাসন ব্যৱস্থাত ৰাজহ সংগ্ৰহৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। দ্বৈত শাসন মানে ইস্ট ইণ্ডিয়া কোম্পানী আৰু মোগল সম্ৰাট চাহ আলমৰ বঙ্গ, বিহাৰ, উৰিষ্যা আদিৰ দুতৰপীয়া শাসন। এই ব্যৱস্থাত কোম্পানীয়ে প্রকৃত শাসন চলালে আৰু নবাবক ৰাজহ সংগ্ৰহৰ দায়িত্ব দিলে। ফলত জনসাধাৰণৰ অৱস্থা শোচনীয় হৈ পৰিল। অর্থাৎ ক্লাইভৰ দ্বৈত শাসন নিষ্ফল হ’ল। বাৰেণ হেষ্টিংচৰ দিনত মাটিবোৰ পাঁচ বছৰৰ কাৰণে দিয়া নিয়ম হ’ল আৰু প্ৰথম ৫ বছৰ উকলি যোৱাৰ পিছত বার্ষিক বৃদ্ধিৰ ব্যৱস্থা হ’ল। লর্ড কর্ণৱালিচে মাটিৰ চিৰস্থায়ী বন্দৱক্তৰ দ্বাৰা যিজন জমিদাৰে ১০ বছৰৰ বাবে নিলামৰ দিনা সৰ্বাধিক ৰাজহ দিবলৈ গাত লয়, তেওঁকে অর্পণ কৰে।

ব্ৰিটিছৰ ভূমি-নীতিয়ে জমিদাৰ শ্ৰেণীৰ স্বাৰ্থ সুৰক্ষা কৰিছিল আৰু সাধাৰণ জনসাধাৰণে অধিক ৰাজহ আদায় দিব লাগিছিল। ব্ৰিটিছ কৰ্মচাৰী সকলৰ দৰমহাৰ মূল উৎস আছিল ভূমিৰাজহ। ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত পুনৰ ভূমি সংস্কাৰ আঁচনি ৰূপায়িত হয়।

স্বাধীনোত্তৰ কালৰ ভূমি সংস্কাৰ: ১৯৪৮ চনত জৱাহৰলাল নেহৰুৰ নেতৃত্বৰ জাতীয় পৰিকল্পনা সমিতিয়ে ভাৰতীয় অর্থনৈতিক পৰিকল্পনাৰ প্ৰতিবেদন দাখিল কৰে। এই প্রতিবেদন মতে, কৃষকক বাদ দি ভাৰতত কোনো অর্থনৈতিক পৰিকল্পনা ৰচনা কৰিব নোৱাৰিব। জমিদাৰী প্ৰথাৰ উচ্ছেদ, ভূমি সংস্কাৰ, সমবায়, কৃষি ব্যৱস্থা আদিৰ ওপৰত জাতীয় পৰিকল্পনা সমিতিয়ে বিশেষ গুৰুত্ব আৰোপ কৰিছিল। ১৯৫০ চনত প্ৰধানমন্ত্ৰীৰ সভাপতিত্বত এখন পৰিকল্পনা আয়োগ গঠন হয় আৰু এই পৰিকল্পনা আয়োগে ১৯৫০-৫১ চনৰপৰা কাৰ্যকৰী হোৱাকৈ প্ৰথম পাঁচবছৰীয়া পৰিকল্পনা প্রস্তুত কৰে। প্ৰথম পঞ্চবার্ষিক পৰিকল্পনাই কৃষি আৰু খাদ্য উৎপাদনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়ে। ফলত কৃষি উৎপাদন ১৮ শতাংশ বৃদ্ধি হয়। এনেদৰে পঞ্চ বাৰ্ষিক পৰিকল্পনা আৰু বাৰ্ষিক পৰিকল্পনাসমূহে ১৯৭৩ চন পর্যন্ত কৃষকৰ উন্নতিত মনোনিৱেশ কৰে।

১৯৭৪ ৰ পৰা ১৯৭৮ লৈ পঞ্চম পঞ্চ-বার্ষিক পৰিকল্পনা ৰূপায়িত হয়। এই আঁচনিৰ অধীনত ভূমিহীন লোকক চৰকাৰী ভূমি প্ৰদান কৰে। ষষ্ঠ পঞ্চবার্ষিক পৰিকল্পনাই কৃষিৰ শিতানত ৫,৬৯,৫০৭ কোটি টকা ব্যয় কৰে আৰু নতুন নতুন শস্যৰ ক্ষেত্ৰত কৃষিৰ আধুনিকীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। এনেদৰে ভূমি সংস্কাৰ আৰু কৃষিৰ উন্নতিয়ে ভাৰতীয় সমাজক গতিশীলতা প্ৰদান কৰে। স্বাধীন ভাৰতৰ উল্লেখযোগ্য ভূমি সংস্কাৰ আইনৰ ভিতৰত জমিদাৰী প্ৰথাৰ বিলুপ্তি, চিলিং আইনৰ জৰিয়তে ভূমি অধিগ্রহণ, অনুসূচিত জাতি আৰু জনজাতিৰ বাবে ভূমি আবেষ্টনী গঢ়ি তোলা, উন্নত বীজ আৰু সাৰৰ ব্যৱস্থা কৰা, জলসিঞ্চন আৰু ভূমি সংৰক্ষণৰ ব্যৱস্থা আদি অন্যতম।

26. গণমাধ্যম কি? সমাজত গণমাধ্যমৰ ভূমিকা সম্পর্কে আলোচনা কৰা।

উত্তৰঃ গণ মাধ্যম বুলিলে এনে এক ব্যৱস্থাক বুজা যায় যাৰ জৰিয়তে আৰু কাৰু-কাৰ্যৰ মাধ্যমেৰে সমাজৰ প্রায় সকলো মানুহৰ মাজত সংযোগ স্থাপন কৰা হয়।

সংবাদ পত্ৰ আৰু ৰেডিঅ’ আৰু টেলিভিচনে বিভিন্ন সামাজিক শ্ৰেণী আৰু জাতিৰ মাজত আৰু গ্ৰাম্য নগৰীয়া সমাজৰ মাজত সাংস্কৃতিক বৈষম্য আঁতৰ কৰে। সম্প্ৰতি সকলো মানুহে একেই প্ৰচাৰ মাধ্যম ব্যৱহাৰ কৰে আৰু এক নির্দিষ্ট ভাষা শিকে। গণমাধ্যমে জাতীয় দৃষ্টিভঙ্গী গঢ়ি তোলাত সহায় কৰে। ভাৰতত স্বাধীনতা আন্দোলনৰ সময়ত ভাৰতৰ সকলো জনসাধাৰণে এক গোট হৈ বৃটিছৰ বিৰুদ্ধে জাগ্রত হোৱাৰ ক্ষেত্ৰত গণমাধ্যমে মুখ্য ভূমিকা পালন কৰিছিল। এখন দেশৰ উন্নতি নিৰ্ভৰ কৰে জ্ঞানৰ পৰিৱৰ্তনৰ ওপৰত। সাম্প্রতিক যুগত শিক্ষা আৰু প্ৰচাৰ মাধ্যমক বহু গুৰুত্ব দিয়া দেখা গৈছে। এখন দেশৰ জনসাধাৰণৰ মাজত জ্ঞান, দক্ষতা আৰু মনোভাৱৰ যেতিয়া পৰিবর্তন হয়, তেতিয়াই দেশখনৰ উৎপাদন বৃদ্ধি হ’বলৈ ধৰে। প্ৰচাৰ মাধ্যমৰ প্ৰধান কাৰ্য হৈছে সমাজৰ বৃহৎ জনসাধাৰণৰ মাজত নতুন নতুন তথ্য, নতুন ধাৰণা, নতুন চিন্তা, আকাংক্ষা আৰু আশাৰ প্ৰকাশ কৰে, যিয়ে তেওঁলোকক নতুন নতুন কাৰ্যসাধনৰ ফালে আগুৱাই নিয়ে। গঠনমূলক যোগাযোগ ব্যৱস্থাৰ সহায়ত এজন ব্যক্তিয়ে নিজৰ সংস্কৃতিতকৈ বেছি আনৰ সংস্কৃতিৰ বিষয়ে জ্ঞান আহৰণ কৰি সেই মতে জীৱন নিৰ্বাহ কৰিব পাৰে। বাতৰি কাগজ আৰু আলোচনীসমূহে মানুহৰ দৃষ্টিভঙ্গী পৰিৱৰ্তন কৰাত অতি উল্লেখযোগ্য ভূমিকা পালন কৰে।

গণমাধ্যম হিচাপে চিনেমা, বাতৰি কাগজ আদিয়ে জনসাধাৰণৰ দৃষ্টিভঙ্গী আৰু উচ্চাকাংক্ষাৰ পৰিবৰ্তন অতি খৰতকীয়াভাৱে কৰিব পাৰে। গণমাধ্যম হিচাপে বাতৰি কাকতে দেশৰ শিক্ষিত লোকসকলক সামৰি ল’ব পাৰিছে। ভাৰতবৰ্ষৰ দৰে এখন দেশত গণমাধ্যমসমূহে বর্তমান সময়ত পৰিৱৰ্তনৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

27. ভাৰতৰ এটা জনজাতি আন্দোলন আৰু এটা পৰিবেশতান্ত্রিক আন্দোলনৰ বিষয়ে ভূমিকা চমুকৈ লিখা।

উত্তৰঃ জনজাতি আন্দোলন- সমগ্ৰ ভাৰতত প্রায় একশতকৈও বেছি জনজাতীয় গােষ্ঠীয়ে বসবাস কৰে। এই জনজাতিবোৰৰ প্রত্যেকৰে নিজস্ব সুকীয়া জীৱন শৈলী আছে। আন জাতিৰ তুলনাত এই জনগােষ্ঠীবােৰৰ জীৱন যাত্ৰাৰ প্রয়ােজন সামগ্রী সীমিত বুলি কোৱা হয়। এই গােষ্ঠীটো তেওঁলােকৰ সংস্কৃতি আৰু জনজাতীয় পৰিচয় ৰক্ষণাবেক্ষণ দিয়াৰ বাবে বৰ সচেতন। যদি এই জনজাতীয় লােকসকলে তেওঁলােকৰ সংস্কৃতিত আনে হস্তক্ষেপ কৰে আৰু তেওঁলােকৰ দাবী আওকাণ কৰা হয়, বা তেওঁলােকৰ পৰিচয় সংকটাপন্ন হয় তেওঁলােকে সাধাৰণতে আন্দোলনৰ পথ লয়।

জনজাতীয় লােকসকলে কোনাে নির্দিষ্ট পৰিৱর্তনৰ বাবেও সততে আন্দোলনৰ পথ লােৱাৰ পােষকতা কৰে। সাধাৰণতে বিভিন্ন সম্প্রদায়, ধৰ্ম আৰু শ্রেণী ৰক্ষণশীলতা প্রভাৱৰ বাবেও তেনে হােৱা দেখা যায়। উদাহৰণস্বৰূপে জনজাতীয় আন্দোলন গঢ়ি উঠে , সুকীয়া ৰাজ্য গঠনৰ দাবীত ৰাজ্যখণ্ডৰ জনজাতিৰ বাবে। বিছা মুণ্ডাৰ নেতৃত্বতে মুণ্ডা জাতি এই জনজাতীয় আন্দোলন গঢ়ি উঠিছিল। মুণ্ডা জনগােষ্ঠীটোত ‘বিছাক’ভগবান জ্ঞান কৰিছিল। তেওঁৰ প্রচেষ্টাতে খ্রীষ্টান জাতিলৈ ধর্মান্তৰিত হােৱা বহুতাে মুণ্ডা জনজাতীয় লােকক পুনৰ হিন্দু ধৰ্মলৈ ধর্মান্তৰিত কৰিছিল। তেওঁলোেক অতি গােড়া হিন্দু আছিল।

পৰিবেশতান্ত্রিক আন্দোলন- চিপকো আন্দোলন ১৯৭০ চনত, উত্তৰা খণ্ডৰ পার্বত্য অঞ্চলত আৰম্ভ হৈছিল। সেই অঞ্চলত বনাঞ্চল হ’ল অঞ্চলটোৰ অধিবাসীসকলৰ জীৱিকাৰ একমাত্র উপায়। জনসাধাৰণে বনাঞ্চলৰ পৰাই বিভিন্ন বস্তু সংগ্রহ কৰি জীৱন নির্বাহ কৰে। চৰকাৰে সেই বনাঞ্চলখন ঠিকাদাৰক ঠিকা ভিত্তিত তাৰ গছকটা ঠিকা দিয়ে ৰাজহ আদায়ৰ বাবে। ঠিকা লােৱা বাবে, গ্রামাঞ্চলৰ কোনাে লােকক বনাঞ্চলখনত খৰি – খেৰ আৰু আন সামগ্রী সংগ্রহ কৰা বন্ধ কৰে। এই কথাত চাৰিওফালৰ গাঁওবাসী জাগ্ৰত হৈ সংগ্ৰাম আৰম্ভ কৰে। যেতিয়া ঠিকাদাৰৰ মানুহ গছ কটাৰ বাবে বনাঞ্চলত সােমাই চাৰিওফালৰ হাজাৰ হাজাৰ গাঁওবাসী পুৰুষ – মহিলা, ল’ৰা – ছােৱালী আহি কর্মস্থলীত গছবােৰ সাবটি ধৰি ৰাখি গছ কটা বন্ধ কৰে। 

নাৰীসকল, ল’ৰা – ছােৱালী সকলােৱে সমানে এই আন্দোলনত যােগদান কৰিছিল। বিখ্যাত পৰিবেশবিদ সুন্দলাল বহুগুণাও এই আন্দোলনত যােগ দিছিল। এই আন্দোলনত সমগ্র গাঁওবাসীয়ে গছৰােৰ সাৱটি ধৰি ৰক্ষা কৰিছিল সেই কাৰণে এই আন্দোলনক চিপকো ( সাৱটি ধবা ) আন্দোলন বােলে। এই আন্দোলন ফলৱতী হৈছিল কাৰণ অৱশেষত চৰকাৰে এই আঁচনি বন্ধ কৰি দিছিল। 

অথবা

27. স্বাধীন ভাৰতৰ নাৰী আন্দোলন সম্পর্কে লিখা।

উত্তৰঃ মহিলাসকলৰ আন্দোলনো সামাজিক আন্দোলনৰ অংশবিশেষ। ১৯ শতিকাত ভাৰতত হোৱা সংস্কাৰ আন্দোলন সমূহেও মহিলাৰ প্ৰস্থিতি উন্নয়ণত অৰিহণা যোগাইছে। ১৯১৭ চনত গঠিত হোৱা সদৌ ভাৰত মহিলা সন্মিলন, ১৯২৫ চনৰ সদৌ ভাৰত মহিলা পৰিষদ আদিয়েও নাৰীৰ সামাজিক উন্নতিৰ বাবে আন্দোলন গঢ়ি তোলে। নাৰীৰ প্ৰস্তিতিৰ উন্নয়ণৰ বাবে প্ৰাক- অধীন কালতে সতীদাহ প্রথা বন্ধ, বাল্যবিবাহ নিষিদ্ধকৰণ, বিধৱা বিবাহৰ প্ৰচলন স্ত্রী-শিক্ষাৰ সম্প্ৰসাৰণ আদি আইন গ্ৰহণ কৰা হৈছিল। স্বাধীনোত্তৰ কালতো মহিলাৰ সামগ্রিক উন্নয়ণৰ বাবে বিভিন্ন আইন গৃহীত হৈছে।

এনে কেইখনমান আইন হৈছে—

(ক) বিশেষ বিবাহ অধিনিয়ম, ১৯৫৪: আন্তবিবাহ, প্রেম-বিবাহ আৰু ৰেজিষ্টাৰ্ড বিবাহৰ আইন গ্রহণ।

(খ) হিন্দু বিবাহ অধিনিয়ম, ১৯৫৫: বহুবিবাহ নিষিদ্ধ আৰু বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত স্ত্রী- পুৰুষৰ সম-অধিকাৰ লাভ।

(গ) হিন্দু সম্পত্তিউত্তৰাধিকাৰী আইন, ১৯৫৬: এই আইনে হিন্দু নাৰীক পৈতৃক সম্পত্তিৰ অধিকাৰ প্ৰদান কৰে।

(ঘ) হিন্দুৰ তুলি লোৱা আৰু প্ৰতিপালন আইন, ১৯৫৬: এই আইনে সন্তানহীন হিন্দু মহিলাক সন্তান তুলি লোৱা আৰু প্ৰতিপালন কৰাৰ অধিকাৰ দিছে।

(ঙ) যৌতুক নিবাৰণী আইন, ১৯৬১: যৌতুক গ্ৰহণক এক অপৰাধ হিচাপে গ্ৰহণ কৰা হয়।

(চ) গৰ্ভাৱস্থাৰ চিকিৎসালয়ৰ সুবিধা সম্পৰ্কীয় আইন, ১৯৭ : এই আইনে বিশেষ প্রয়োজনীতাত গর্ভপাতক অনুমোদন জনায়।

(ছ) অপৰাধী আইন সংশোধন, ১৯৮৩: এই আইনে মহিলাৰ ওপৰত হোৱা বিভিন্ন নির্যাতনক অপৰাধ হিচাপে গণ্য কৰা।

(জ) পৰিয়াল ন্যায় আইন, ১৯৮৪: পৰিবাৰিক বিবাদ নিস্পত্তিৰ বাবে বিশেষ আদালত ব্যৱস্থা গ্ৰহণ আদি।

(ঝ) ভাৰতীয় মুছলমান মহিলাৰ যৌতুক নিষিদ্ধ প্ৰতিৰোধ আইন, ১৯৮৫: এই আইনে ভাৰতত থকা মুছলমান মহিলাসকলক যৌতুক প্ৰতিৰোধৰ ব্যৱস্থা ল’বলৈ সুবিধা দিছে।

ভাৰতীয় সংবিধানেও মহিলাৰ সৰ্বাংগীন বিকাশৰ বাবে কিছু সুবিধা আগবঢ়াইছে। লক্ষ্যণীয় কথা যে মহিলাসকলৰ বিকাশৰ বাবে গ্ৰহণ কৰা আইনৰ ক্ষেত্ৰত তিনিটা বিশেষ শব্দৰো প্ৰয়োগ কৰা হৈছে। ১৯৭০ চনলৈকে মহিলাসকলৰ স্বাৰ্থৰক্ষা সম্পৰ্কীয় আইনবোৰক welfare কল্যাণকামী আইন বোলা হৈছিল। ১৯৮০ চনৰ পৰা ১৯৯০ চনৰ মাজৰ মহিলাৰ স্বাৰ্থৰক্ষা সম্পৰ্কীয় আইনক Development বা উন্নতিকামী আইনৰ আখ্যা দিয়া হৈছে আৰু ১৯৯০ চনৰ পিছৰ মহিলাৰ স্বাৰ্থৰক্ষা সম্পৰ্কীয় আইনসমূহক Empowerment বা ক্ষমতাপ্রাপ্ত আইন হিচাপে অভিহিত কৰিব পাৰি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top