AHSEC 2024 History Question Paper Solved | দ্বাদশ শ্ৰেণীৰ ইতিহাস পুৰণি প্ৰশ্নকাকত সমাধান, AHSEC Class 12 History Question Paper Solved PDF Download, দ্বাদশ শ্ৰেণীৰ ইতিহাস 2024 ৰ প্ৰশ্নকাকত সমাধান কৰা হৈছে to each Paper is Assam Board Exam in the list of AHSEC so that you can easily browse through different subjects and select needs one. AHSEC 2024 History Previous Years Question Paper Solved can be of great value to excel in the examination.
AHSEC 2024 History Question Paper Solved Assamese Medium
AHSEC Old Question Paper provided is as per the 2024 AHSEC Board Exam and covers all the questions from the AHSEC Class 12 History Solved Question Paper 2024 Assamese Medium. Access the detailed Class 12 History 2024 Previous Years Question Paper Solved provided here and get a good grip on the subject. Access the AHSEC 2024 History Old Question Paper Solved, AHSEC Class 12 History Solved Question Paper 2024 of Assamese in Page Format. Make use of them during your practice and score well in the exams.
HISTORY
2024
HISTORY OLD QUESTION PAPER SOLVED
1. তলত দিয়া প্রশ্নসমূহৰ উত্তৰ দিয়া: (যিকোনো বাৰটা)
(i) সিন্ধু উপত্যকাৰ সভ্যতা প্রথমে ক’ত আৱিষ্কৃত হৈছিল?
উত্তৰঃ সিন্ধু উপত্যকাৰ সভ্যতা প্রথমে হৰপ্পাত আৱিষ্কৃত হৈছিল।
(ii) “The Story of Indian Archaeology” শীর্ষক পুথিখনৰ লিখক কোন?
উত্তৰঃ “The Story of Indian Archaeology” শীর্ষক পুথিখনৰ লিখক এচ. এন. ৰয়।
(iii) কোনজন গ্ৰীক ভ্ৰমণকাৰী চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভালৈ আহিছিল?
উত্তৰঃ মেগাস্থেনিছ গ্ৰীক ভ্ৰমণকাৰী চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভালৈ আহিছিল।
(iv) কোন গৰাকী বিখ্যাত ভাৰতীয় লিখকে ‘কুন্তী ও নিষাদী’ নামে চুটি গল্পটি লিখিছিল?
উত্তৰঃ মহাশ্বেতা দেবী বিখ্যাত ভাৰতীয় লিখকে ‘কুন্তী ও নিষাদী’ নামে চুটি গল্পটি লিখিছিল।
(v) আহোমসকলে পোন প্ৰথমে তেওঁলোকৰ ৰাজধানী ক’ত স্থাপন কৰিছিল?
উত্তৰঃ আহোমসকলে পোন প্ৰথমে তেওঁলোকৰ ৰাজধানী চৰাইদেউত স্থাপন কৰিছিল।
(vi) কোন চনত মিৰজুমলাই অসম আক্রমণ কৰিছিল?
উত্তৰঃ 1662 চনত মিৰজুমলাই অসম আক্রমণ কৰিছিল।
(vii) কোনজন পৰ্যটকক ‘চৰাই বাঁহৰ পৰা উৰিল’ বুলি জনা যায়?
উত্তৰঃ ইবন বটুটা পৰ্যটকক ‘চৰাই বাঁহৰ পৰা উৰিল’ বুলি জনা যায়।
(viii) বিজয়নগৰত শাসন কৰা এটা ৰাজবংশৰ নাম লিখা।
উত্তৰঃ বিজয়নগৰত শাসন কৰা এটা ৰাজবংশৰ নাম হ’ল সংগম বংশ।
(ix) অসমত ভক্তি আন্দোলনৰ গুৰি কোনে ধৰিছিল?
উত্তৰঃ অসমত ভক্তি আন্দোলনৰ গুৰি শ্রীমন্ত শংকৰদেৱে ধৰিছিল।
(x) ‘জিন্স-ই-কামিল’ কি?
উত্তৰঃ সর্বোত্তম ফচলক ‘জিন্স-ই-কামিল’ বুলি কোৱা হৈছিল ।
(xi) কোন চনত পলাশী যুদ্ধ হৈছিল?
উত্তৰঃ ১৭৫৭ চনত পলাশী যুদ্ধ হৈছিল।
(xii) ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰথমজন শ্বহীদ কোন আছিল?
উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰথমজন শ্বহীদ মংগল পাণ্ডে আছিল।
(xiii) স্বাধীনতাৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল?
উত্তৰঃ স্বাধীনতাৰ সময়ত ভাৰতৰ ভাইচৰয় লর্ড মাউন্টবেটেন আছিল।
(xiv) ঔপনিবেশিক ভাৰতৰ ব্যৱসায়ৰ কেন্দ্ৰ ক’ত আছিল?
উত্তৰঃ ঔপনিবেশিক ভাৰতৰ ব্যৱসায়ৰ কেন্দ্ৰ কলিকতাত আছিল।
(xv) কোন চনত ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হয়?
উত্তৰঃ 1911 চনত ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হয়।
2. তলত প্রশ্নসমূহৰ চমু উত্তৰ দিয়া: (যিকোনো বাৰটা)
(i) বিৱাহৰ দুটা প্ৰকাৰৰ নাম লিখা।
উত্তৰঃ বিৱাহৰ দুটা প্ৰকাৰৰ নাম হ’ল-
১। বহিঃ বিৱাহ।
২। অন্তঃ বিৱাহ ।
(ii) দুটা ব্যয়বহুল যজ্ঞৰ নাম লিখা।
উত্তৰঃ দুটা ব্যয়বহুল যজ্ঞৰ নাম হ’ল-
১। অশ্বমেধ যজ্ঞ।
২। ৰাজসুয় যজ্ঞ।
(iii) মৌর্য সাম্ৰাজ্যৰ যিকোনো দুখন মুখ্য ৰাজনৈতিক কেন্দ্ৰৰ নাম লিখা।
উত্তৰঃ মৌর্য সাম্ৰাজ্যৰ যিকোনো দুখন মুখ্য ৰাজনৈতিক কেন্দ্ৰৰ নাম হ’ল-
১। ৰাজধানী পাতলিপুত্র।
২। তক্ষশীলা।
(iv) স্বৰ্গদেউ প্রতাপ সিংহই সৃষ্টি কৰা দুটা বিষয়-বাবৰ নাম লিখা।
উত্তৰঃ স্বৰ্গদেউ প্রতাপ সিংহই সৃষ্টি কৰা দুটা বিষয়-বাবৰ নাম হ’ল-
১। বৰবৰুৱা।
২। বৰফুকন।
(v) ঔপনিবেশিক শাসন কালত অসমত হোৱা দুটা কৃষক বিদ্ৰোহৰ নাম লিখা।
উত্তৰঃ ঔপনিবেশিক শাসন কালত অসমত হোৱা দুটা কৃষক বিদ্ৰোহৰ নাম হ’ল-
১। ফুলগুৰি ধাৱা।
২। পথৰুঘাট বিদ্ৰোহ।
(vi) আলবেৰুণীৰ লিখনিৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ আলবেৰুণীৰ লিখনিৰ দুটা বৈশিষ্ট্য হ’ল-
১। আলবেৰুণীয়ে অতি কমদিনৰ ভিতৰতে আৰবী, চিৰিয়া, পাৰ্চী, হিব্ৰু আৰু সংস্কৃত ভাষাত পাৰ্গত হৈছিল।
২। আলবেৰুণীয়ে গ্ৰীক ভাষা নজনাকৈ আৰবী ভাষালৈ অনুদিত গ্ৰন্থৰ যোগেদি প্লেটো আৰু আন গ্ৰীক দাৰ্শনিকসকলৰ লিখনিৰ লগত পৰিচিত হৈ পৰিছিল।
(vii) দুজন বিখ্যাত চুফী সন্তৰ নাম লিখা।
উত্তৰঃ দুগৰাকী বিখ্যাত চুফী সন্তৰ নাম হ’ল-
১। আব্দুল কাদিৰী জিলানী।
২। চিষ্টি খানকাহ ।
(viii) মোগল যুগৰ কৃষকসকলক কোন দুটা ভাগত ভগোৱা হৈছিল?
উত্তৰঃ মোগল যুগৰ কৃষকসকলক ভগোৱা দুটা ভাগ হৈছে-
১। খুদ কাষ্ট (বাসিন্দা খেতিয়ক)।
২। পাহি কাষ্ট (অবাসী বা পৰিভ্ৰমী খেতিয়ক)।
(ix) মোগল যুগত ৰচিত দুখন জীৱনীৰ নাম লিখা।
উত্তৰঃ মোগল যুগত ৰচিত দুখন জীৱনীৰ নাম হ’ল-
১। বাবৰৰ দ্বাৰা বাবৰ্ণামা।
২। আবুল ফজলৰ আকবৰ্ণমা।
(x) ‘কিতাব-উল-হিন্দ’ কি ভাষাত ৰচনা কৰা হৈছিল আৰু তাত কেইটা অধ্যায় আছিল?
উত্তৰঃ কিতাব-উল-হিন্দ আৰবী ভাষাত লিখা হৈছিল আৰু ইয়াক ৪০টা অধ্যায়ত বিভক্ত কৰা হৈছে।
(xi) বম্বে মহানগৰীত দেখিবলৈ পোৱা দুটা ঔপনিবেশিক স্থাপত্যশৈলী উল্লেখ কৰা।
উত্তৰঃ বম্বে মহানগৰীত দেখিবলৈ পোৱা দুটা ঔপনিবেশিক স্থাপত্যশৈলী উল্লেখ কৰা হ’ল-
১। স্মাৰক সৌধ।
২। দুৰ্গ।
(xii) ১৮৫৭ চনৰ বিদ্ৰোহৰ পূৰ্বে বৃটিছসকলে ভাৰতত প্ৰৱৰ্তন কৰা দুটা সামাজিক সংস্কাৰৰ নাম উল্লেখ কৰা।
উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ পূৰ্বে বৃটিছসকলে ভাৰতত প্ৰৱৰ্তন কৰা দুটা সামাজিক সংস্কাৰৰ নাম হ’ল-
১। সতী বিলুপ্তি (১৮২৯)।
২। বিধৱাৰ পুনৰ বিবাহ বৈধকৰণ (১৮৫৬)।
(xiii) দ্বিতীয় ঘূৰণীয়া মেজমেল কেতিয়া হৈছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনজন প্রতিনিধিয়ে তাত প্রতিনিধিত্ব কৰিছিল?
উত্তৰঃ দ্বিতীয় ঘূৰণীয়া মেজমেল ১৯৩১ চনত অনুষ্ঠিত হৈছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ মহাত্মা গান্ধী প্রতিনিধিয়ে তাত প্রতিনিধিত্ব কৰিছিল।
(xiv) কপাহ খেতিৰ ওপৰত আমেৰিকাৰ গৃহযুদ্ধই পেলোৱা দুটা প্রভাৱৰ বিষয়ে লিখা।
উত্তৰঃ আমেৰিকাৰ গৃহযুদ্ধৰ কালত ভাৰতীয় ৰায়তসকলৰ ওপৰত কিছু প্ৰভাৱ পৰিছিল। কাৰণ আমেৰিকাৰ পৰা আমদানি কৰা কপাহৰ পৰিমাণ কমি গৈছিল। ফলত ভাৰতৰ দৰে ঠাইত কপাহ উৎপাদন অধিক প্রয়োজন। ইংলেণ্ডৰ পৰা অহা কপাহৰ বেপাৰীসকলে ভাৰতীয় খেতিয়কসকলক অধিক কপাহ উৎপানৰ কাৰণে উৎসাহ যোগাইছিল। ইয়াৰ ফলত মুম্বাইৰ কপাহ উৎপাদন কাৰীসকলে অধিক পৰিমাণে কপাহ উৎপাদন কৰিবলৈ আৰম্ভ কৰে। বেপাৰী সকলে কপাহ উৎপাদনৰ কাৰণে আগধনো খেতিয়কসকলক প্রদান কৰিছিল। লগতে চৰকাৰৰ ফালৰ পৰা ঋণ দিয়াৰ ব্যৱস্থাও হাতত লৈছিল। এনেদৰে ভাৰতত কপাহ উৎপাদনৰ দিশত এক উৎপাদনমুখী আন্দোলন আৰম্ভ হৈছিল।
(xv) অসহযোগ আন্দোলনৰ যিকোনো দুটা কাৰ্যসূচী লিখা।
উত্তৰঃ অসহযোগ আন্দোলনৰ যিকোনো দুটা কাৰ্যসূচী হ’ল-
১। বিদেশী বস্তুৰ বর্জন আৰু দেশীয় বস্তুৰ-প্রচলন।
২। সকলো চৰকাৰী ত্যাগ কৰা।
৩। কৃষক বনুৱাসকলৰ অধিকাৰবোৰ লাভ কৰা।
3. তলত দিয়া প্রশ্নসমূহৰ উত্তৰ দিয়া: (যিকোনো দহটা)
(i) হৰাপ্পা সভ্যতাৰ পতনৰ কাৰণসমূহ আলোচনা কৰা।
উত্তৰঃ হৰপ্পা সভ্য়তাৰ পতনৰ কাৰণসমূহ বিষয়ে তলত আলোচনা কৰা হ’ল-
২০০০ খৃঃৰ পিছত সিন্ধু সভ্য়তাৰ বিলুপ্তি খৰতকীয়া হৈ পৰিছিল। সেই সময়তে মহেঞ্জোদাৰো আৰু হৰপ্পা নগৰীৰ অস্তিত্ব লোপ পাইছিল। বহুতো মানুহে নিজৰ স্থান এৰি আন ঠাইলৈ গুচি গৈছিল। সমসাময়িক ভাৱে গুজৰাট, পশ্চিম উত্তৰ প্ৰদেশ আৰু হাৰিয়ানা নতুন জনবসতি অঞ্চলসমূহত জনসংখ্য়া বৃদ্ধি হৈছিল। চীল, দগা, মোহৰ আৰু মণি দূৰণিবটীয়া ব্য়ৱসায় আৰু শিল্প উদ্য়োগসমূহৰ অৱসান ঘটিছিল। সিন্ধু সভ্য়তাৰ আৰু মেচোপটেমিয়া মাজত বাণিজ্য়িক সম্পৰ্ক নাইকীয়া হৈ গৈছিল। ইয়াৰ কাৰণে কৃষক, শ্ৰমিক, বাঢ়ৈ আৰু শিল্পীসকল জুৰুলা হৈ পৰিছিল। ইয়াৰ বাবে হৰপ্পা সভ্য়তাৰ অৰ্থনীতিৰ পতন হৈছিল। হৰপ্পা সভ্য়তাৰ পতন হোৱা পিছত কাৰিকৰী লোকৰ অভাৱ হৈছিল। বস্তু উৎপাদন কৰিবলৈ কম পৰিমাণে কেঁচামাল ব্য়ৱহাৰ কৰিছিল আৰু ঘৰ নিৰ্মাণৰ কৌশল ক্ৰমাৎ নিম্নগামী হৈছিল।
হৰপ্পা সভ্য়তাৰ ধ্বংসৰ অন্য়তম কাৰণ হ’ল ভূ-প্ৰাকৃতিক পৰিৱৰ্তন। ইতিহাসবিদসকলৰ মতে সিন্ধু উপত্য়কাৰ ভূমিৰ উৰ্বৰতা কমি আহিছিল। বহুতো ঠাই মৰুভূমিলৈ পৰিৱৰ্তন হৈছিল। এইবোৰে জন-জীৱন বিপন্ন কৰি তুলিছিল। বানপানী, ভূমিকম্প আৰু মহামাৰী হৰপ্পা সভ্য়তাৰ মূল কাৰণ আছিল। বিশৃংখলভাৱে পৰি থকা নৰ কংকালসমূহৰ পৰা তেওঁলোকে অনুমান কৰিছিল যে হঠাতে হোৱা কোনো দুৰ্যোগৰ ফলত এই সভ্য়তাৰ পতন হৈছিল। বহিঃআক্ৰমণত সিন্ধু সভ্য়তা ধ্বংস হৈছিল।
(ii) মৌৰ্যসকলৰ ইতিহাসৰ সমলসমূহৰ বিষয়ে এটি টোকা লিখা।
উত্তৰঃ মৌৰ্যসকলৰ ইতিহাসৰ সমলসমূহ: মৌৰ্য সাম্ৰাজ্যৰ ইতিহাস অধ্যয়ন কৰিবলৈ বিভিন্ন ধৰণৰ সাহিত্যিক আৰু প্ৰত্নতাত্ত্বিক সমল উপলব্ধ। এই সমলসমূহে আমাৰ মাজত মৌৰ্যসকলৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক জীৱনৰ বিষয়ে ধাৰণা প্ৰদান কৰে। মৌৰ্যসাম্ৰাজ্যৰ গুৰুত্বপূৰ্ণ তথ্যৰ উৎসসমূহ তলত উল্লেখ কৰা হৈছে।
১। সাহিত্যিক সমল: মৌৰ্যসকলৰ সময়ৰ বিষয়ে জানিবলৈ কৌটিল্যৰ অৰ্থশাস্ত্ৰ এক গুৰুত্বপূৰ্ণ গ্ৰন্থ। এই গ্ৰন্থত ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক নীতিৰ বিষয়ে তথ্য আছে। আন এটুকা গুৰুত্বপূৰ্ণ সাহিত্যিক সমল হৈছে বিষ্ণুদত্তৰ মুদ্ৰাৰাক্ষস, য’ত চানাক্য আৰু চন্দ্ৰগুপ্ত মৌৰ্যৰ সময়ৰ ঘটনা দৰ্শোৱা হৈছে। মেগাস্থিনিজৰ ইণ্ডিকা হৈছে আন এখন বহিৰাগত ভ্ৰমণকাৰীৰ লেখা, যিয়ে মৌৰ্যসাম্ৰাজ্যৰ ৰাজধানী পাটলিপুত্ৰৰ বিষয়ে বৰ্ণনা কৰিছে।
২। বৌদ্ধ সাহিত্য: বৌদ্ধ গ্ৰন্থসমূহ যেনে দীপৱংস আৰু মহাৱংশত মৌৰ্য ৰাজসকলৰ শাসনৰ বিষয়ে উল্লেখ পোৱা যায়। বিশেষকৈ সম্ৰাট অশোকৰ ধৰ্মপ্ৰচাৰ আৰু বৌদ্ধ ধৰ্মত তেওঁৰ ভূমিকা প্ৰকাশ পোৱা যায়।
৩। প্ৰত্নতাত্ত্বিক সমল: অশোকৰ শিলালিপি আৰু শিলাস্তম্ভসমূহ মৌৰ্যসকলৰ গুৰুত্বপূৰ্ণ প্ৰত্নতাত্ত্বিক সমল। এই শিলালিপিসমূহত পালি,প্ৰাকৃত আৰু গ্ৰীক ভাষা ব্যৱহাৰ কৰা হৈছে,আৰু ইয়াৰ মাধ্যমেৰে অশোকৰ ধৰ্মনীতি আৰু শাসনৰ বিষয়ে জানিব পাৰি।
৪। মুদ্ৰাসমূহ: মৌৰ্যসকলৰ সময়ৰ পঞ্চমাকৃত মুদ্ৰাসমূহেও সেই সময়ৰ অৰ্থনৈতিক অৱস্থা আৰু বাণিজ্যৰ বিষয়ে সূত্ৰপাত কৰে।
৫। পুৰাণসমূহ: বিষ্ণু পুৰাণ আৰু ভাৱিষ্য পুৰাণত মৌৰ্যসাম্ৰাজ্যৰ স্থাপনাৰ বিষয়ে উল্লেখ আছে।
এইবোৰ তথ্য আৰু সমলসমূহে মৌৰ্যসাম্ৰাজ্যৰ উত্থান, বিস্তাৰ আৰু সংস্কৃতিৰ বিষয়ে গভীৰতাৰে অধ্যয়ন কৰিবলৈ সহায় কৰে।
(iii) স্তুপবোৰ কেনেকৈ আৰু কিয় নিৰ্মাণ কৰা হৈছিল, আলোচনা কৰা।
উত্তৰঃ স্তুপ নিৰ্মাণ কৰা পৰম্পৰা প্ৰাক্ বৌদ্ধ যুগৰো হ’ব পাৰে। কিন্তু এইবোৰ বৌদ্ধধৰ্মৰ সৈতে জড়িত হৈ আছিল৷ এইবোৰে বুদ্ধৰ অৱশিষ্ট বহন কৰা বাবে পবিত্ৰ বুলি গণ্য কৰা হৈছিল। গোটেই স্তুপবোৰক বুদ্ধদেৱ আৰু বৌদ্ধধৰ্ম দুয়োটাৰে প্ৰতীক বুলি পূজা কৰিছিল। বৌদ্ধ সাহিত্য অশোকবন্দনা মতে অশোকে বুদ্ধদেৱৰ চিতাভস্ম প্রত্যেকখন উল্লেখযোগ্য নগৰতে বিলাইছিল। কথিত আছে যে অশোকে দেশ জুৰি ৮৪০০০ স্তূপ নিৰ্মাণ কৰাইছিল। অৱেশ্যে এই সংখ্যাটো অতিৰঞ্জিত যেন ধাৰণা হয়। কেইবা শতিকাৰ পিছত হিউৱেন চাঙে ভ্ৰমণ কৰাৰ সময়ত ভাৰতত বহুতো স্তূপ দেখাৰ কথা উল্লেখ কৰিছে। তাৰ ভিতৰত ভাৰহুট, সাঁচী, অমৰাৱতী, সাৰনাথ আদিয়েই প্রধান।
অট্টালিকা নিৰ্মাণ আৰু সেইবোৰ অলংকৃত কৰিবৰ কাৰণে দান আগবঢ়োৱাৰ তথ্য স্তূপৰ বেৰা আৰু স্তম্ভবোৰত থকা লিপিৰ পৰা জনা গৈছে। কিছুমান দান সাতবাহন ৰজাসকলে আগবঢ়াইছিল। অন্য কিছুমান আগবঢ়াইছিল নিগমবোৰে। যেনে— সাঁচী স্তূপৰ এখন তোৰণৰ নিৰ্মাণৰ ব্যয় বহন কৰিছিল হাতী দাঁতৰ কাম কৰা শিল্পীসকলে। শ শ পুৰুষ-মহিলাই আগবঢ়োৱা দান নাম সহ উল্লেখ কৰিছিল। কেতিয়াবা কেতিয়াবা তেওঁলোকে তেওঁলোকৰ গাঁও আৰু চহৰৰ নামো উল্লেখ কৰিছিল। ইয়াৰোপৰি তেওঁলোকৰ জীৱিকা আৰু তেওঁলোকৰ সম্বন্ধীয় লোকৰ নামো উল্লেখ কৰিছিল। ভিক্ষু আৰু ভিক্ষুণীসকলেও এইবোৰৰ নিৰ্মাণৰ বাবে দান-বৰঙণি আগবঢ়াইছিল।
(iv) অসমত হোৱা প্ৰথমলানি বৃটিছ বিৰোধী বিদ্ৰোহৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰঃ অসমত হোৱা প্ৰথমলানি বৃটিছ বিৰোধী বিদ্ৰোহ হ’ল ফুলগুৰি ধাৱা। ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰে ধনৰ ভঁৰাল টনকিয়াল কৰাৰ প্ৰয়োজনত অসমত উৎপাদিত প্ৰায়বিলাক সামগ্ৰীৰ ওপৰত আয়কৰ বহুৱাইছিল। অসমৰ চৌদিশে ইংৰাজ চৰকাৰৰ শাসন আৰু শোষণৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছিল। ৰাইজৰ আক্ৰোশ বাঢ়িল 一 বিশেষকৈ আফু খেতি নিষিদ্ধ কৰা, চাপৰি মাটিত খাজানা বৃদ্ধি কৰা, উৎপাদিত সামগ্ৰীৰ ওপৰত জিজিয়া কৰ আৰোপ কৰা। নগাঁও জিলাৰ ৰহা ৰাজহ চক্ৰৰ অধীনত ফুলগুৰি বৰআঁহতৰ তলতে ১৮৬১ চনৰ ১৮ অক্টোবৰত বিভিন্ন অঞ্চলৰ পৰা অহা নেতৃত্বহীন কৃষকৰ এক বৃহৎ ৰাইজমেল অনুষ্ঠিত হৈছিল। সেইদিনা বিদ্ৰোহৰ বিষয়ে বুজ ল’বলৈ অহা ইংৰাজ বিষয়া ছিংগাৰক ক্ষোভিত ৰাইজে কোবাই কোবাই হত্যা কৰে আৰু মৃতদেহটো কলং নদীৰ সুঁতিত উটুৱাই দিয়ে। পিছদিনা একে ঠাইতে সমবেত হৈ থকা প্ৰতিবাদী জনতাৰ ওপৰত স-শস্ত্ৰ ইংৰাজ বাহিনীয়ে নিৰ্বিচাৰে গুলীচালনা কৰে। ৩৯ জন নিৰীহ কৃষকৰ মৃত্যু হয়। ৬৬ জন লোকক আটক কৰি ইয়াৰে ৩২ জনক কলীয়াপানীলৈ প্ৰেৰণ কৰে। ইয়াৰ পিছতো ইংৰাজে ফুলগুৰি অঞ্চলৰ আন ১৫ জন লোকক নৃশংসভাৱে হত্যা কৰে।
(v) চুহুংমুঙ দিহিঙীয়া ৰজাৰ ৰাজত্ব কালৰ বিষয়ে এটি চমু টোকা লিখা।
উত্তৰঃ চুহুংমুঙে তুৰ্বৰ্কৰ সৈন্যবাহিনীক পৰাস্ত কৰাৰ লগে লগে সমগ্ৰ ভাৰততে আহোম ৰজা আৰু ৰাজ্যৰ গৌৰৱ বৃদ্ধি পায়। মুছলমানক পৰাস্ত কৰাৰ পিছত চুহুংমুঙে নগা, কছাৰী, কোচ আৰু মণিপুৰ ৰাজ্যৰ বিপক্ষেও নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিছিল।
চুহুংমুঙৰ ৰাজত্বকালত আহোমৰ মাজত হিন্দু ধৰ্মৰ প্ৰভাৱ বৃদ্ধি হৈছিল। তেৱেই স্বৰ্গনাৰায়ণ নাম গ্ৰহণ কৰে আৰু আহোম ৰজাক স্বৰ্গদেউ বুলি সম্বোধন কৰাৰ নিয়ম প্ৰৱৰ্তন কৰে। এওঁৰ ৰাজত্বকালতে হিন্দুৰ শকাব্দ অনুসৰি বছৰ গণনা আৰম্ভ হয়। তাৰ উপৰি অসমীয়া ভাষাত বুৰঞ্জী লিখা প্ৰথা আৰম্ভ হয়।
দেশ শাসনৰ সুবিধাৰ বাবে চুহুংমুঙে বহুতো নতুন পদবীৰ সৃষ্টি কৰিছিল। বৰগোহাঁই আৰু বুঢ়াগোহাঁইৰ সমমর্যাদাৰ বৰপাত্ৰগোহাঁই নামৰ পদ এটাৰ সৃষ্টি কৰি কনচেং নামৰ কোঁৱৰ এজনক নিযুক্তি দিছিল। শদিয়াখোৱা গোহাই, মৰংগীখোৱা গোহাঁই আদি পদবী সৃষ্টি কৰি চুহুংমুঙে ৰাজ্যৰ আভ্যন্তৰীণ শাসন ব্যৱস্থা শক্তিশালী কৰিছিল। চুহুংমুঙে দিহিং, চাৰিং, তিপাম আৰু তুংখুং নামৰ ঠাইকেইখনত চাৰিখন ৰাজ্য পাতিছিল। তেওঁ তাতে তেওঁৰ ল’ৰাকেইজনক শাসন কৰিব দিছিল। তেতিয়াৰে পৰা চাৰিটা কোঁৱৰ ফৈদৰ সৃষ্টি হৈছিল।
উল্লেখযোগ্য যে আহোম ৰাজত্বকালত সাতোটা ৰাজফৈদ সৃষ্টি হৈছিল আৰু এই ৰাজফৈদৰ পৰাই ৰজা আৰু ৰাজ বিষয়া নির্বাচন হৈছিল।
(vi) ভাৰতৰ জাতি ব্যৱস্থাৰ বিষয়ে আলবেৰুণীৰ ব্যাখ্যা সম্পর্কে আলোচনা কৰা।
উত্তৰঃ আলবেৰুণীয়ে অন্যান্য সমাজৰ লগত তুলনা কৰি ভাৰতীয় জাতি ব্যৱস্থাৰ ব্যাখ্যা কৰিবলৈ যত্ন কৰিছিল। তেওঁ প্রাচীন পাঠী সমাজ ব্যৱস্থাত চাৰিটা সামাজিক শ্ৰেণীৰ কথা উল্লেখ কৰিছে।
সেই কেইটা হ’ল-
(১) নাইট আৰু ৰাজকোঁৱৰসকল।
(২) ভিক্ষু, পুৰোহিত আৰু আইনজ্ঞসকল।
(৩) চিকিৎসক, জ্যোতির্বিদ আৰু আন বিজ্ঞানীসকল। আৰু
(৪) খেতিয়কসকল।
আনহাতে তেওঁ বুজাবলৈ যত্ন কৰিছিল যে ভাৰতীয় সমাজ ব্যৱস্থাতো সামাজিক শ্রেণী বিভাজন আছিল। একে সময়তে তেওঁ এইটোও আঙুলিয়াই দিছিল যে মুছলমান সমাজত সকলো মানুহ সমান বুলি গণ্য কৰা হয়। কেৱল ধর্মীয় ৰীতি-নীতি মানি চলাৰ ওপৰতহে পার্থক্য আছিল।
জাতি ব্যৱস্থা সম্পর্কে ব্রাহ্মণ মতবাদকে গ্রহণ কৰিলেও তেওঁ ব্যাখ্য আৰু আশ্চর্যৰে হিন্দু সমাজত প্রচলিত জাতিভেদ আৰু বিশেষকৈ অস্পৃশ্যতাৰ ধাৰণাটো লক্ষ্য কৰিছিল। হিন্দু সমাজৰ কোনো ব্যক্তি যদি ঘটনাক্রমে অশুচি হয়, তেনেহ’লে তেওঁ নিজৰ যতু আৰু কৰ্মৰ যোগেদি পুনৰ আগৰ অৱস্থালৈ আহিব পাৰিছিল। সূৰ্য্যৰ পোহৰে যেনেদৰে বায়ু পবিষ্কাৰ কৰে, নিমখে পানী প্রদূষণ ৰোধ কৰে, তাকে যদি নহয় পৃথিৱীত জীৱ থকাই টান হ’ব। তেওঁৰ মতে অস্পৃশ্যতা, জাতিভেদ ব্যৱস্থা এই সকলোবোৰ প্ৰকৃতিৰ সম্পূর্ণ পৰিপন্থী।
(vii) আলৱাৰ আৰু নয়নাৰসকলৰ নেতৃত্বত হোৱা ভক্তি আন্দোলনৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ প্রাৰম্ভিক ভক্তি আন্দোলন (খৃঃ ষষ্ট শতিকাত) তামিলনাডুত আলৱাৰ (বিষ্ণুভক্ত) আৰু নয়নাৰ (শিৱভক্ত) সকলৰ নেতৃত্বত আৰম্ভ হৈছিল। তেওঁলোকে বিভিন্ন ঠাই পৰিভ্রমণ কৰি তামিল ভাষাত ইষ্ট দেৱতাৰ গুণানুকীৰ্ত্তন কৰি ফুৰিছিল। তেওঁলোকৰ পৰিভ্রমণ কালত কিছুমান পূণ্যস্থানক তেওঁলোকৰ আবাধ্য দেবতাৰ আৱাসস্থল বুলি ঘোষণা কৰিছিল। পিছলৈ এই স্থান সমূহতে বিশাল মন্দিৰসমূহ নির্মাণ কৰা হ’ল আৰু ই কালক্ৰমত তীর্থস্থানলৈ ৰূপান্তৰিত হৈ পৰিল।
এই মন্দিৰৰ উপাসনাত সন্ত কবিসকলৰ ৰচনাবলী পৰিবেশন কৰাটো এটা পৰম্পৰাত পৰিণত হ’ল লগতে সন্তসকলৰ প্রতিমূৰ্তিৰ পূজা-অর্চনা কৰিবলৈ আৰম্ভ কৰিলে।
(viii) সম্রাট আকবৰৰ শাসন কালত মাটিৰ শ্ৰেণী বিভাজন কেনেকৈ কৰা হৈছিল? মাটিৰ ওপৰত কৰ কেনেদৰে নিৰূপণ কৰা হৈছিল?
উত্তৰঃ আকবৰৰ শাসন কালত মােগল যুগৰ ৰাজহ ব্যৱস্থা এটি সংগঠিত ৰূপত গঢ় লৈছিল। আকবৰে ১৫৮২ খ্রীষ্টাব্দত টোডৰমলৰ হতুৱাই গুণাগুণৰ ওপৰত ভিত্তি কৰি মাটিক চাৰিটা ভাগত ভাগ কৰিছিল। এই ভাগবােৰ পােলেজ , পাৰাউটি, চাচৰ আৰু বঞ্জৰ।
পােলেজ আৰু পাৰাউটি মাটি উৎপন্ন শস্যৰ পৰিমাণৰ ভিত্তিত উত্তম, মধ্যম আৰু অধম এই তিনিভাগত বিভক্ত কৰিছিল। প্রত্যেক কৃষকৰে এই তিনি প্রকাৰৰ মাটি আছিল। এই তিনিও প্রকাৰৰ মাটিৰ উৎপন্নৰ এক তৃতীয়াংশ ৰাজহ হিচাপে নির্ধাৰণ কৰিছিল। উৎপন্ন শস্যৰ দ্বাৰা অথবা অর্থৰ দ্বাৰা ৰাজহ দিয়া হৈছিল। এই ৰাজহ ব্যৱস্থা সমগ্ৰ উত্তৰ ভাৰত আৰু গুজৰাটত প্রচলিত আছিল।
অমুছলমান প্রজাৰ ওপৰত লগােৱা জিজিয়া কৰ, বহির্বাণিজ্যৰ ওপৰত শুল্ক আৰু আন্তঃবাণিজ্যিক শুল্ক উঠাই দিছিল।
ৰাজহ সংগ্ৰহৰ সুবিধাৰ কাৰণে গােটেই সম্ৰাজ্যখন বাৰটা চুবাত বিভক্ত কৰা হৈছিল। চৰকাৰ চুবাৰ অন্তৰ্গত আছিল। তেনেদৰে পৰগণা চৰকাৰৰ অন্তর্ভুক্ত আছিল।
প্রত্যেক চুবাত একোজনকৈ দেৱান বা ৰাজহ সংগ্ৰহকাৰী আছিল। ৰাজহ সংগ্ৰহ কৰাটো দেৱানৰ দায়িত্ব আছিল। দেৱান আৰু নাজিৰ উভয়ে উভয়ৰ কাম–কাজৰ ওপৰত চোকা দৃষ্টি ৰাখিছিল। নাজিৰ বা চুবেদাৰ আৰু দেৱানক সম্রাটে নিয়ােগ কৰিছিল। সংগৃহীত ৰাজহৰ পৰা শাসন–কাৰ্যৰ কাৰণে প্রয়ােজনীয় ব্যয় কৰিবলগীয়া ধন দেৱানে চুবেদাৰক দিছিল। বাকী ৰাহি হােৱা ধন কেন্দ্রীয় ৰাজকোষত জমা দিয়া হৈছিল। তদুপৰি প্ৰতিখন জিলাত ৰাজহ সংগ্ৰহৰ কাৰণে বিষয় নিয়ােগ কৰা হৈছিল।
(ix) মোগল দৰবাৰত পাণ্ডুলিপি প্রস্তুত সম্পর্কে বহলাই লিখা।
উত্তৰঃ মোগল যুগৰ সকলো গ্রন্থই পাণ্ডুলিপি ৰূপত পোৱা গৈছে অর্থাৎ হাতেলিখা পুথি। পাণ্ডুলিপি ৰচনা কৰা মুখ্য কেন্দ্ৰ আছিল শাহী কিতাপখানা। আচলতে কিতাপখানা শব্দটো পুথিভঁৰাল ৰূপত অনুবাদ কৰিব পাৰি। দৰাচলতে ই এক লিপিঘৰ আছিল য’ত সম্রাটৰ পাণ্ডুলিপিসমূহ সংগ্ৰহ কৰি ৰখা হৈছিল আৰু নতুন পাণ্ডুলিপিও প্রস্তুত কৰা হৈছিল।
পাণ্ডুলিপি ৰচনাৰ বিভিন্ন কামত বহুলোক জড়িত হৈ থাকে। কাগজ তৈয়াৰ কৰোতাসকলে পাণ্ডুলিপিৰ পৃষ্ঠাসমূহ তৈয়াৰ কৰিছিল। লেখাৰুৱে সুন্দৰ হাতৰ আখৰেৰে পাঠৰ নকল কৰিছিল, চিত্ৰকাৰসকলে পাঠৰ বিভিন্ন চিত্র আঁকিছিল। পৃষ্ঠাসমূহৰ উজ্বলতা বৃদ্ধিৰ কাৰণে এভাগে সোণপানী চৰোৱা কাম কৰিছিল আৰু সকলো পৃষ্ঠা একত্রিত কৰি সুন্দৰ আৱৰণ বা বেটুপাতেৰে কিতাপ আকাৰে বান্ধিবৰ কাৰণে শ্রমিকৰ প্রয়োজন হৈছিল। প্রস্তুত কৰা এই পাণ্ডুলিপিসমূহ বহু মূল্যৱান বৌদ্ধিক সম্পদ আৰু সৌন্দর্যৰ আকৰ আছিল। ৰাজকীয় পৃষ্ঠপোষকতাত লিখি উলিওৱা এই পাণ্ডুলিপিসমূহে মোগল সম্রাটসকলৰ শক্তি তথা জ্ঞান পিপাসু চৰিত্ৰৰ পৰিচয় বহন কৰিছিল।
পাণ্ডুলিপিসমূহৰ প্ৰস্তুত কৰ্মৰ লগত জড়িত সকলো কলা-কুশলীক পদমর্যাদা আৰু পুৰস্কাৰেৰে সন্মানিত কৰা হৈছিল। বিশেষভাৱে লেখাৰু আৰু চিত্ৰকৰসকলে উচ্চ পদমর্যাদা আৰু সামাজিক প্রস্থিতি লাভ কৰিছিল। কিন্তু কাগজ নির্মাণ কৰোতা বা আন শিল্পীসকল সমাজত অবহেলিত হৈয়ে ৰৈছিল।
(x) ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ আলোচনা কৰা।
উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ তলত আলোচনা কৰা হ’ল-
(১) বিদ্ৰোহীসকলৰ কোনো সমূহীয়া উদ্দেশ্য নাছিল। ফলত তেওঁলোক একগোট হৈ ইংৰাজৰ বিৰুদ্ধে থিয় দিব পৰা নাছিল।
(২) ইংৰাজে কিছুমান সামন্ত নেতাৰ সহায় পাইছিল। গতিকে তেওঁলোকে কোনো অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহৈছিল।
(৩) চিপাহী বিদ্রোহ সমগ্ৰ ভাৰতবৰ্ষ জুৰি হোৱা নাছিল, সেইবাবে ইংৰাজসকলে বিদ্ৰোহৰ ক্ষেত্ৰবোৰত দৰকাৰমতে মনোযোগ দিব পাৰিছিল৷
(৪) বিদ্রোহীসকলে সমূহ ভাৰতীয় লোকৰপৰা সহায় সহযোগিতা পোৱা নাছিল। আনকি বহুতে ইংৰাজকহে সমৰ্থন কৰিছিল।
(৫) বিদ্রোহীসকলক উপযুক্ত নেতৃত্ব দিব পৰা লোক সেই সময়ত নাছিল। ঝান্সিৰ ৰাণী লক্ষ্মীবাঈৰ বাহিৰে আনবোৰ নেতাৰ ইংৰাজৰ লগত যুদ্ধ কৰিব পৰা যোগ্যতা নাছিল।
(xi) ভাৰতৰ স্বাধীনতা সংগ্রামত মহাত্মা গান্ধীৰ অৱদান সম্পর্কে আলোচনা কৰা।
উত্তৰঃ ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহামানৱ মহাত্মা গান্ধীৰ যি বহুমূলীয়া অৱদান সি ভাৰতীয় ইতিহাসৰ এক গৌৰবােজ্জ্বল অধ্যায়। মহাত্মা গান্ধী ১৯১৯ খ্রীঃৰ ভাৰত ৰাজনৈতিক মঞ্চত প্রৱেশ কৰে। ১৯২০ খ্রীঃত লােকমান্য তিলকৰ মৃত্যুৰ পিছত মহাত্মা গান্ধী কংগ্ৰেছৰ অ–প্রতিদ্বন্দী নেতা হিচাপে পৰিগণিত হয়।
(ক) মহাত্মা গান্ধী আৰু অসহযােগ আন্দোলন: ১৯২০ খ্রীঃৰ নাগপুৰ আৰু কলিকতা অধিবেশনত অসহযােগ আন্দোলনৰ সিদ্ধান্ত গৃহীত হয়। হিন্দু–মুছলমানৰ মাজত ঐক্য স্থাপন কৰাৰ কাৰণে গান্ধীজীয়ে খিলাফৎ আন্দোলনৰ প্রতি সমর্থন জনায়। হিন্দু–মুছলমান সকলাে পক্ষৰ পৰা পূর্ণ সমর্থন লাভ কৰাৰ পিছত গান্ধীজীয়ে ইংৰাজ চৰকাৰৰ বিৰুদ্ধে অসহযােগ আন্দোলন আৰম্ভ কৰে। ভাৰতবৰ্ষৰ প্ৰায়বােৰ শ্ৰেণীৰ লােকে অসহযােগ আন্দোলন প্রতি সহাৰি জনায় আৰু গােটেই বছৰটো এই আন্দোলন চলি থাকে। চিত্তৰঞ্জন দাস, মতিলাল নেহৰু, জৱাহৰলাল নেহৰু, লালা লাজপট ৰায়, বল্লভভাই পেটেল, ৰাজেন্দ্র প্রসাদ আদিৰ নিচিনা গণ্যমান্য লােকসকলে ব্যৱসায় আদি ত্যাগ কৰি এই আন্দোলনত প্রত্যক্ষভাৱে অংশগ্রহণ কৰে। ছাত্র–ছাত্রীসকলে স্কুল–কলেজ পৰিহাৰ কৰি আন্দোলনত জঁপিয়াই পৰে। বিদেশী বস্তুৰ পৰিৱর্তে স্বদেশী বস্তুৰ ব্যৱহাৰৰ প্রচলন ঘটে।
১৯২০ খ্রীঃত নৱেম্বৰ মাহত যি নির্বাচন সংঘটিত হৈছিল তাত প্রায় দুই তৃতীয়াংশ লােকেহে অংশগ্ৰহণৰ পৰা বিৰত থাকে। ইতিমধ্যে ইংৰাজ চৰকাৰে এই অসহযােগ আন্দোলন দমন কৰাৰ উদ্দেশ্যে জনসাধাৰণৰ ওপৰত কঠোৰ নির্যাতন আৰম্ভ কৰে। চৰকাৰৰ এনে নির্যাতন সহিব নােৱাৰি চৌৰাচৌৰি নামে ঠাইত উন্মত্ত জনতাই হিংসাৰ আশ্ৰয় লৈ প্রায়। তেইছজন ইংৰাজ পুলিচক নিধন কৰে। এনেদৰে পৰিস্থিতিৰ অধিক অৱনতি ঘটাত গান্ধীজীয়ে ১৯২২ খ্রীঃৰ ফেব্ৰুৱাৰী মাহত অসহযােগ আন্দোলনৰ কাৰ্যসূচী পৰিহাৰ কৰে। গান্ধীজীৰ এই কার্যত বহুতাে দেশপ্রেমিক ক্ষুন্ন হয় আৰু এই ছেগতে ইংৰাজে মহাত্মা গান্ধীক আটক কৰে।
(xii) মৌখিক সমল বুলিলে কি বুজা? মৌখিক সমলৰ সীমাবদ্ধতা আলোচনা কৰা।
উত্তৰঃ মৌখিক সমল (Oral Communication) হৈছে কথা-বতৰা আৰু বক্তৃতাৰ মাধ্যমে তথ্যৰ আদান-প্ৰদান। যদিও ই অনেক সুবিধা আৰু সুবিধাজনক, তাৰপিছতো ইয়াৰ কিছুমান সীমাবদ্ধতা আছে:
সীমিত সাঁচ: মৌখিক সমলত সঁচা তথ্য আৰু স্পষ্টতা একেবাৰে গুৰুত্বপূর্ণ, কিন্তু একে সময়ত ইয়াৰ সীমিত সাঁচ থাকে। বিষয়বস্তুবোৰ সকলো সময়ত মুঠ সঁচৰূপে সঞ্চয় কৰিব পৰা নাযায়।
ভুল বুজা: মৌখিক সমলত কেতিয়াবা ভুল বুজাৰ সৰৱদ্ধতা থাকে। কথা-বতৰা সঁচা দৃষ্টিতে পঢ়া নাযায়, আৰু ভুল বুজি সঠিক বক্তব্যৰ বিপৰীত মুৰত গৈ পাৰিব পাৰে।
লিখিত ৰেকৰ্ডৰ অভাৱ: মৌখিক সমলত ৰেকৰ্ডৰ অভাৱ থাকে, মানে, যি কথাবোৰ কোৱা হৈছে তাৰ লিখিত প্ৰমাণ নাথাকে। এইটো তথ্যৰ ভবিষ্যত মন্নাইৰ বাবে সমস্যা সৃষ্টি কৰিব পাৰে।
স্মৃতিশক্তিৰ ওপৰত নিৰ্ভৰশীলতা: মৌখিক সমলত বক্তাৰ স্মৃতি আৰু মনোযোগৰ ওপৰত নিৰ্ভৰশীলতা থাকে। কোনো একেটা কথা ভুলকৈ কোৱা বা পাহৰি যোৱাৰ সম্ভাৱনা থাকে।
ভাষাগত বাধা: বিভিন্ন ভাষা বা উপভাষাৰ ব্যৱহাৰে মৌখিক সমলৰ সামৰ্থ্য সীমিত কৰিব পাৰে। যদি শ্ৰোতাই বাচলকৈ ভাষা নুবুজে, তেন্তে সে কথা বুজিবলৈ সমস্যা সৃষ্টি হয়।
তথ্যৰ সীমিত বিৱৰণ: মৌখিক সমলত কেতিয়াবা কোনো এক বিষয় সম্পৰ্কে সম্পূৰ্ণ বিৱৰণ দিয়া কঠিন হয়।
(xiii) পৃথক নিৰ্বাচন ব্যৱস্থাৰ বিপক্ষে সংবিধান সভাৰ বিতৰ্কত কিছুমান সদস্যই কি কি যুক্তি আগবঢ়াইছিল উল্লেখ কৰা।
উত্তৰঃ পৃথক নির্বাচন ব্যৱস্থাৰ বিপক্ষে সংবিধান সভাৰ বিৰ্কত অংশগ্রহণ বা ব্যক্তিসকলৰ ভিতৰত গোৱিন্দ বল্লভ পন্ট আছিল এজন অতি উল্লেখযোগ্য ব্যক্তি। তেওঁ পৃথক নির্বাচন ব্যৱস্থা সংখ্যালঘু সকলৰ কাৰণে আত্মঘাতী কার্য হ’ব বুলি মত পোষণ কৰিছিল। তেওঁৰ মতে এনে ব্যৱস্থাই সংখ্যালঘু সকলক সাংঘাতিক অনিষ্ট কৰিব। কাৰণ তেওঁলোেক যদি চিৰকালৰ বাবে অকলশৰীয়া হৈ পৰে, তেতিয়াহ’লে তেওঁলোক কেতিয়াও সংখ্যাগৰিষ্ঠ হ’ব নোৱাৰিব। আনকি হতাশাৰ অনুভৱে তেওঁলোকক আৰম্ভণিৰ পৰা পঙ্গু কৰিব বুলি তেওঁ অনুভৱ কৰিছিল। তেওঁ সংখ্যালঘুসকল সদায় সংখ্যালঘু হৈ থকাৰ কথা চিন্তা কৰা নাছিল।
ঠিক তেনেকৈয়ে চৰ্দাৰ বল্লভ ভাই পেটেলেও পৃথক নির্বাচন ব্যৱস্থাক সমর্থন কৰা নাছিল। তেওঁ মত পোষণ কৰি কৈছিল যে তোমালোকে মোক এনে এখন স্বাধীন দেশ দেখুৱাব পাৰিবানে য’ত পৃথক নির্বাচন আছে? যদি আছে মই মানিবলৈ সাজু আছোঁ। কিন্তু যদি এইখন দুর্ভগীয়া দেশত পৃথক নির্বাচনী ব্যৱস্থা তিষ্ঠি থাকিবই লগা হয়, তেতিয়াহ’লে ইয়াত বাস কৰাৰ অনুপযোগী হৈ পৰিব। ব্ৰিটিছসকল গ’ল, কিন্তু তেওঁলোকে আমাক ক্ষতি সাধন কৰি থৈ গ’ল।
4. তলত দিয়া উদ্ধৃতি খণ্ডসমূহ পঢ়া আৰু প্রশ্নসমূহৰ উত্তৰ লিখাঃ
(a) “জৈন ধৰ্মৰ মূল ধাৰণা হ’ল যে, সমগ্র বিশ্বখনেই জীৱন্ত, আনকি শিল, পাথৰ, পানী- আটাইৰে প্ৰাণ আছে আৰু মানুহ, পশু, উদ্ভিদ, পোক পৰুৱাকে আদি কৰি সকলো প্রাণীক আঘাত কৰাৰ পৰা বিৰত থকাটোহে হ’ল জৈনধৰ্মৰ মূলমন্ত্র। বাস্তৱিকতে, জৈন ধৰ্মৰ অন্তৰ্গত অহিংসা নীতিৰ নিৰ্দেশসমূহে সামগ্রিকভাৱে ভাৰতীয় চিন্তাধাৰাৰ ওপৰত এটা গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছে। জৈন দীক্ষা মতে, কর্মই জন্ম আৰু পুনৰ জন্মৰ কালচক্ৰ নিয়ন্ত্ৰণ কৰে। কৰ্মৰ চক্রবৎ আৱৰ্তনৰ পৰা মুক্তি পাবলৈ হ’লে বৈৰাগ্য আৰু কৃচ্ছসাধনাৰ প্রয়োজন হয়। এইবোৰ কৰিবলৈ হ’লে সংসাৰ ত্যাগ কৰিব লাগিব। এনেদৰে নির্বাণ লাভ কৰিবলৈ হ’লে উদাসীন সন্ন্যাসী জীৱনযাপনৰ অতীব প্রয়োজন। জৈন ভিক্ষু আৰু ভিক্ষুণীসকলে যি পাঁচটা অংগীকাৰ কৰে, সেইকেইটা হ’ল-জীৱহত্যাৰ পৰা আঁতৰি থকা, চুৰ নকৰা, মিছা কথা নোকোৱা, ব্ৰহ্মচর্য পালন কৰা আৰু সম্পত্তি ৰখাৰ পৰা নিজকে বিৰত ৰখা।”
(i) জৈন দৰ্শনৰ ধাৰণা কি?
উত্তৰঃ জৈন ধৰ্মৰ মূল ধাৰণা হ’ল যে, সমগ্র বিশ্বখনেই জীৱন্ত, আনকি শিল, পাথৰ, পানী- আটাইৰে প্ৰাণ আছে আৰু মানুহ, পশু, উদ্ভিদ, পোক পৰুৱাকে আদি কৰি সকলো প্রাণীক আঘাত কৰাৰ পৰা বিৰত থকাটোহে হ’ল জৈনধৰ্মৰ মূলমন্ত্র।
(ii) জৈন ভিক্ষু আৰু ভিক্ষণীসকলে গ্রহণ কৰা দুটা অংগীকাৰ উল্লেখ কৰা।
উত্তৰঃ জৈন ভিক্ষু আৰু ভিক্ষণীসকলে গ্রহণ কৰা দুটা অংগীকাৰ হ’ল-
১। জীৱহত্যাৰ পৰা আঁতৰি থকা।
২। সম্পত্তি ৰখাৰ পৰা নিজকে বিৰত ৰখা।
(iii) কৰ্ম আৰু নিৰ্বাণ লাভ কার্য কেনেকৈ পাৰস্পৰিক সম্পৰ্কযুক্ত?
উত্তৰঃ কর্মই জন্ম আৰু পুনৰ জন্মৰ কালচক্ৰ নিয়ন্ত্ৰণ কৰে। কৰ্মৰ চক্রবৎ আৱৰ্তনৰ পৰা মুক্তি পাবলৈ হ’লে বৈৰাগ্য আৰু কৃচ্ছসাধনাৰ প্রয়োজন হয়। এইবোৰ কৰিবলৈ হ’লে সংসাৰ ত্যাগ কৰিব লাগিব। এনেদৰে নির্বাণ লাভ কৰিবলৈ হ’লে উদাসীন সন্ন্যাসী জীৱনযাপনৰ অতীব প্রয়োজন।
(b) বিজয়নগৰ সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা, কৃষ্ণদেৱৰায়ে তেওঁৰ ‘অমুক্তমাল্যদা’ নামৰ গ্ৰন্থখনত ব্যৱসায়ীসকলৰ বিষয়ে এনেদৰে উল্লেখ কৰিছে “ৰজাই দেশৰ বন্দৰসমূহৰ উন্নতি সাধন কৰাটো উচিত। বাণিজ্যক এনেদৰে উৎসাহিত কৰিব লাগে যাতে ঘোঁৰা, হাতী, মূল্যবান ৰত্ন, চন্দন কাঠ, মণি, মুক্তা আৰু অন্যান্য বস্তু অনায়সে আমদানি কৰিব পাৰে। ধুমুহা, বেমাৰ বা ভাগ্যৰুৱা অৱস্থাত তেওঁলোকৰ দেশত আশ্রয় লোৱা বিদেশী ব্যবসায়ীসকলক চোৱা-চিতা কৰাটো উচিত। দূৰ দেশৰ হাতী আৰু ঘোঁৰা আমদানি কৰা ব্যৱসায়ী সকলৰ লগত সদায় বৈঠকত মিলিত হ’ব লাগে, তেওঁলোকক পুৰস্কৃত কৰি উচিত মুনাফা প্রদান কৰিব লাগে আৰু এনেদৰে সম্বন্ধ স্থাপন কৰিব লাগে। এনে কৰিলে এই বস্তুসমূহ কেতিয়াও তোমাৰ শত্ৰুৰ হাতত নপৰে।”
(i) বিজয়নগৰৰ শ্ৰেষ্ঠ ৰজাজন কোন? তেওঁৰ গ্ৰন্থখনৰ নাম লিখা।
উত্তৰঃ বিজয়নগৰৰ শ্ৰেষ্ঠ ৰজাজন কৃষ্ণদেৱৰায়। তেওঁৰ গ্ৰন্থখনৰ নাম হ’ল ‘অমুক্তমাল্যদা’।
(ii) ৰজাই কেনেকৈ আৰু কিয় ব্যৱসায় বাণিজ্যক উৎসাহিত কৰিব লাগে?
উত্তৰঃ ৰজাই বন্দৰ উন্নত কৰি বাণিজ্যক উৎসাহিত কৰিব লাগে, মূল্যৱান সামগ্ৰী যেনে… ঘোঁৰা, হাতী, বহুমূলীয়া ৰত্ন, আৰু মুকুতা, আৰু বিদেশী নাৱিকসকলক দেশত থকাৰ সময়ছোৱাত যাতে ভালদৰে ব্যৱহাৰ কৰা হয়। বিদেশী ব্যৱসায়ীসকলক দৈনিক দৰ্শক, উপহাৰ আৰু উচিত লাভৰ সুবিধা প্ৰদান কৰি ৰজাই তেওঁলোকৰ সৈতে শক্তিশালী সম্পৰ্ক গঢ়ি তুলিব পাৰে। এই পদ্ধতিয়ে অৰ্থনীতি শক্তিশালী কৰে, মূল্যৱান সামগ্ৰীৰ অবিৰত উপলব্ধতা নিশ্চিত কৰে আৰু এনে সম্পদ শত্ৰুৰ ভূখণ্ডত উপনীত হোৱাত বাধা দিয়ে।
(c) মানচিত্ৰবোৰে কি দেখুৱাইছিল আৰু কি লুকুৱাইছিল:
অণনা পদ্ধতিৰ বিকাশ, নিখুঁট বৈজ্ঞানিক সা-সৰঞ্জাম আৰু বৃটিছৰ সাম্রাজ্যবাদী স্বার্থই বুজাই দিছিল যে মানচিত্ৰবোৰ অতি যত্নসহকাৰে প্ৰস্তুত কৰা হৈছিল। বৃটিছ চৰকাৰে ভাৰতীয় জৰীপ বিভাগ প্রতিষ্ঠা কৰিছিল 1878 খৃ.ত। এই বিভাগে প্রস্তুত কৰা মানচিত্ৰবোৰে বহুতো প্রয়োজনীয় তথ্য- পাতি যোগান ধৰাৰ লগতে বৃটিছ শাসকসকলৰ পক্ষপাতিত্বও প্রতিফলিত কৰিছিল।
নগৰবোৰৰ দৰিদ্ৰ জনতাৰ বিশাল বসতিবোৰক এনে মানচিত্র-বিলাকত চিহ্নিত কৰা নহৈছিল, কিয়নো শাসকসকলৰ দৃষ্টিত এইবোৰৰ কোনো গুৰুত্ব নাছিল। ইয়াৰ ফলত এই কথা ধৰি লোৱা হৈছিল যে মানচিত্ৰৰ এই খালী ঠাইবোৰ অন্যান্য বিকাশমূলক আঁচনি ৰূপায়ণৰ বাবেই এৰি থোৱা হৈছিল। যেতিয়াই এনে উন্নয়নমূলক আঁচনি হাতত লোৱা হৈছিল, তেতিয়াই দৰিদ্ৰ লোকসকলক তাৰপৰা উচ্ছেদ কৰা হৈছিল।
(i) ভাৰতত জৰীপ বিভাগ কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰঃ ভাৰতত জৰীপ বিভাগ 1878 খৃ.ত স্থাপন কৰা হৈছিল।
(ii) জৰীপ প্রতিবেদন আৰু মানচিত্ৰবোৰ কি উৎসৰ অন্তৰ্গত?
উত্তৰঃ জৰীপৰ প্ৰতিবেদন আৰু মানচিত্ৰসমূহ প্ৰাথমিক উৎসৰ শ্ৰেণীৰ অন্তৰ্গত।
(iii) বৃটিছে প্ৰস্তুত কৰা মানচিত্ৰবোৰে কেনেদৰে তেওঁলোকৰ পক্ষপাতিত্ব প্রতিফলিত কৰে?
উত্তৰঃ ব্ৰিটিছে প্ৰস্তুত কৰা মানচিত্ৰসমূহে তেওঁলোকৰ পক্ষপাতিত্ব প্ৰতিফলিত কৰে কাৰণ তেওঁলোকে প্ৰায়ে চহৰসমূহত দৰিদ্ৰ লোকৰ বৃহৎ বসতিস্থলসমূহক আওকাণ কৰিছিল, এই অঞ্চলসমূহক শাসকসকলৰ বাবে অগুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছিল বাবে খালী ঠাই হিচাপে চিহ্নিত কৰিছিল। এই বাদ পৰাৰ ফলত এই অঞ্চলসমূহ উন্নয়নমূলক আঁচনিৰ বাবে উপলব্ধ বুলি ধাৰণা কৰা হৈছিল, যাৰ ফলত এনে আঁচনি গ্ৰহণ কৰাৰ সময়ত দৰিদ্ৰ জনগোষ্ঠীসমূহক উচ্ছেদ কৰা হৈছিল।
5. ভাৰতবৰ্ষৰ এখন মেপ আকি যিকোনো তিনিখন ৰাজ্যৰ ৰাজধানী বহুওৱা।
উত্তৰঃ
অথবা
অৱধৰ অযোধ্যাৰ বৃটিছ সাম্ৰাজ্যত চামিলকৰণে তাত বাস কৰা তালুকদাৰসকলক কেনেকৈ ক্ষতিগ্রস্ত কৰিছিল?
উত্তৰঃ ১৮৫৬ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অউধ (আৱাধ) সংলগ্ন কৰাৰ ফলত স্থানীয় মাটিৰ মালিক তালুকদাৰসকলৰ বাবে গভীৰ পৰিণতি হৈছিল। ইয়াৰ অন্যতম উল্লেখযোগ্য ফলাফল আছিল তালুকদাৰসকলে নিজৰ মাটিৰ ওপৰত ব্যৱহাৰ কৰা পৰম্পৰাগত কৰ্তৃত্বৰ খহনীয়া। ব্ৰিটিছ প্ৰশাসনে বৰ্তমানৰ ভূমি অধিকাৰ ব্যৱস্থাৰ পুনৰ্গঠনৰ লক্ষ্যৰে ব্যাপক ভূমি সংস্কাৰ ৰূপায়ণ কৰিছিল। এই সংস্কাৰসমূহে তালুকদাৰসকলৰ বিশেষাধিকাৰ আৰু স্বায়ত্তশাসন হ্ৰাস কৰাই নহয়, মাটিৰ পুনৰ বিতৰণৰ সূচনা কৰে। এই পুনৰ বিতৰণ, ভূমিৰ মালিকীস্বত্বৰ ধৰণৰ পৰিৱৰ্তনৰ সৈতে সংযুক্ত হৈ তালুকদাৰসকলৰ বাগিচাসমূহৰ আকাৰ আৰু গঠনত প্ৰত্যক্ষ প্ৰভাৱ পেলাইছিল। ফলস্বৰূপে তালুকদাৰসকলৰ অৰ্থনৈতিক অৱস্থাৰ পৰিৱৰ্তন ঘটিল, কাৰণ তেওঁলোকে এই সংস্কাৰৰ প্ৰভাৱৰ সৈতে তেওঁলোকৰ আৰ্থিক সম্পদৰ ওপৰত যুঁজিছিল। অৰ্থনৈতিক ক্ষেত্ৰখনৰ বাহিৰেও অউধৰ ভিতৰৰ সামাজিক গতিশীলতাই এক পৰিৱৰ্তন ঘটাইছিল, যিয়ে ভূমিৰ মালিকীস্বত্ব আৰু কৰ্তৃত্বৰ পৰিৱৰ্তনক প্ৰতিফলিত কৰিছিল। এই সংলগ্নকৰণে তালুকদাৰসকলৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত হিচাপে চিহ্নিত কৰিছিল, যিয়ে অঞ্চলটোৰ ভিতৰত তেওঁলোকৰ ভূমিকা আৰু প্ৰভাৱৰ উল্লেখযোগ্য পুনৰ্গঠনৰ সংকেত দিছিল।
(i) কৰ্তৃত্ব হেৰুৱা: তালুকদাৰসকলে তেওঁলোকৰ পৰম্পৰাগত কৰ্তৃত্ব আৰু মাটিৰ ওপৰত নিয়ন্ত্ৰণ হ্ৰাস পোৱাৰ অভিজ্ঞতা লাভ কৰিছিল।
(ii) ভূমি সংস্কাৰ: বৃটিছে এনে সংস্কাৰ ৰূপায়ণ কৰিছিল যাৰ ফলত ভূমিৰ অধিকাৰ ব্যৱস্থাৰ পৰিৱৰ্তন ঘটিছিল, যাৰ ফলত তালুকদাৰসকলৰ বিশেষাধিকাৰ হ্ৰাস পাইছিল।
(iii) ভূমিৰ পুনৰ বিতৰণ: সংস্কাৰৰ অংশ হিচাপে ভূমি পুনৰ বিতৰণ কৰা হৈছিল, যাৰ ফলত তালুকদাৰৰ বাগিচাসমূহৰ আকাৰ আৰু গঠনত প্ৰভাৱ পৰিছিল।
(iv) অৰ্থনৈতিক পৰিৱৰ্তন: সংস্কাৰৰ ফলত তালুকদাৰসকলৰ অৰ্থনৈতিক অৱস্থাত প্ৰভাৱ পৰিছিল, যাৰ ফলত সম্ভাৱ্যভাৱে আৰ্থিক প্ৰত্যাহ্বানৰ সৃষ্টি হৈছিল।