AHSEC 2022 Geography Question Paper Solved | দ্বাদশ শ্ৰেণীৰ ভূগােল পুৰণি প্ৰশ্নকাকত সমাধান

AHSEC 2022 Geography Question Paper Solved | দ্বাদশ শ্ৰেণীৰ ভূগােল পুৰণি প্ৰশ্নকাকত সমাধান, AHSEC Class 12 Geography Question Paper Solved PDF Download, দ্বাদশ শ্ৰেণীৰ ভূগােল 2022 ৰ প্ৰশ্নকাকত সমাধান কৰা হৈছে to each Paper is Assam Board Exam in the list of AHSEC so that you can easily browse through different subjects and select needs one. AHSEC 2022 Geography Previous Years Question Paper Solved can be of great value to excel in the examination.

AHSEC 2022 Geography Question Paper Solved

AHSEC 2022 Geography Question Paper Solved | দ্বাদশ শ্ৰেণীৰ ভূগােল পুৰণি প্ৰশ্নকাকত সমাধান

Join Telegram channel

AHSEC Old Question Paper provided is as per the 2022 AHSEC Board Exam and covers all the questions from the AHSEC Class 12 Geography Solved Question Paper 2022 Assamese Medium. Access the detailed Class 12 Geography 2022 Previous Years Question Paper Solved provided here and get a good grip on the subject. Access the AHSEC 2022 Geography Old Question Paper Solved, AHSEC Class 12 Geography Solved Question Paper 2022 of Assamese in Page Format. Make use of them during your practice and score well in the exams.

GEOGRAPHY

2022

GEOGRAPHY OLD QUESTION PAPER SOLVED

1. তলত দিয়া চাৰিটা বিকল্প উত্তৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা:

(a) তলৰ কোনখন মহাদেশত জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বাধিক?

(i) ইউৰোপ।

(ii) আফ্ৰিকা।

(iii) দক্ষিণ আমেৰিকা।

(iv) এচিয়া।

উত্তৰঃ (ii) আফ্ৰিকা।

(b) নিম্নলিখিত কোনটো ৰাশিয়ে জনসংখ্যাৰ কৰ্ম বয়সীদলক চিত্ৰিত কৰিছে?

(i) ১৫ ৰ পৰা ৬৬ বছৰ।

(ii) ১৫ ৰ পৰা ৬৫ বছৰ।

(iii) ১৮ ৰ পৰা ৬৪ বছৰ।

(iv) ১৫ ৰ পৰা ৫৯ বছৰ।

উত্তৰঃ (iv) ১৫ ৰ পৰা ৫৯ বছৰ।

(c) নিম্নলিখিত বিদ্বানসকলৰ কোনজনে মানৱ বিকাশ ধাৰণাৰ পৰিচিতি দিছিল?

(i) প্ৰফেচৰ অমর্ত্য সেন।

(ii) এলেন চি. চেম্পল।

(iii) ড° মহবুব-উল-হক্।

(iv) ৰাট্‌জেল।

উত্তৰঃ (iii) ড° মহবুব-উল-হক্।

(d) ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ জনসংখ্যা হ’ল – 

(i) ১০২৮ নিযুত।

(ii) ৩২৮৭ নিযুত।

(iii) ৩১৮২ নিযুত।

(iv) ১২১০ নিযুত।

উত্তৰঃ (iv) ১২১০ নিযুত।

2. অতি চমুকৈ উত্তৰ লিখা:

(a) ভাৰতৰ লোকপিয়ল অনুসৰি নগৰবোৰক কেইটা ভাগত বিভক্ত কৰা হৈছে?

উত্তৰঃ ভাৰতৰ লোকপিয়ল অনুসৰি নগৰবোৰক ছটা ভাগত বিভক্ত কৰা হৈছে।

(b) ভাৰতবৰ্ষত খাৰিফ শস্যৰ খেতি ইংৰাজী কোন কোন মাহৰ ভিতৰত কৰা হয়?

উত্তৰঃ দক্ষিণ পশ্চিম মৌচুমীজনিত গ্রীষ্মকালীন বৃষ্টিপাতক অৱলম্বন ৰূপ লৈ ভাৰতবৰ্ষত খাৰিফ শস্যৰ খেতি জুনৰ পৰা ছেপ্তেম্বৰ মাহৰ ভিতৰত কৰা হয়।

(c) কি ধৰণৰ শক্তি উৎসক ধাৰণক্ষম শক্তি উৎস বুলি কোৱা হয়?

উত্তৰঃ সৌৰ শক্তি, তাপশক্তি আদি।

(d) কৃষিভিত্তিক উদ্যোগ কি?

উত্তৰঃ কৃষিজাত শস্য বা সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা উদ্যোগবোৰক কৃষিভিত্তিক উদ্যোগ বোলা হয়।

3. চমু উত্তৰ দিয়া:

(a) অসমৰ দুখন পাহাৰীয়া জিলাৰ নাম লিখা।

উত্তৰঃ (ক) কাৰ্বি আংলং, উত্তৰ কাছাৰ।

(খ) কৰিমগঞ্জ, হাইলাকান্দি।

(b) ভাৰতবৰ্ষৰ কোন দুখন ঠাই পোনপ্ৰথমে ৰেল পথেৰে সংযোগ কৰা হৈছিল? 

উত্তৰঃ ভাৰতত ১৮৫৩ চনত মুম্বাইৰ বড়ী-বন্দৰ (বৰ্তমান ছত্রপতি শিৱাজী টার্মিনচ) ষ্টেচনৰ পৰা ৩৪ কিল’মিটাৰ নিলগত অৱস্থিত ঠানে ষ্টেচনলৈ প্ৰথমখন যাত্রীবাহী ৰেলৰ যাত্ৰা আৰম্ভ হয়।

(c) অধাতৱিক খনিজ পদাৰ্থৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ হীৰা আৰু গ্রেফাইট।

(d) দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনা কালত ভাৰতত স্থাপিত হোৱা দুটা লো-তীখা উদ্যোগৰ নাম লিখা।

উত্তৰঃ দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনা কালত ভাৰতত স্থাপিত হোৱা দুটা লো তীখা উদ্যোগৰ নাম – ভিলাই, দুর্গাপুৰ।

(e) ভাৰতবৰ্ষৰ দুটা মুখ্য ঔদ্যোগিক অঞ্চলৰ নাম লিখা।

উত্তৰঃ (a) মুম্বাই-পুনে ঔদ্যোগিক অঞ্চল।

(b) গুজৰাট ঔদ্যোগিক অঞ্চল।

(f) ভাৰতৰ ২ নং ৰাষ্ট্ৰীয় জলপথে কোন দুখন ঠাই সংযোগ কৰিছে? 

উত্তৰঃ ভাৰতৰ ২ নং ৰাষ্ট্ৰীয় জলপথে দুখন ঠাই সংযোগ কৰিছে যি ব্ৰহ্মপুত্ৰ নদীৰ এটা অংশ যাৰ দৈৰ্ঘ অসমৰ ধুবুৰী আৰু শদিয়াৰ কাষৰ বাংলাদেশ সীমান্তৰ মাজত ৮৯১ কিল’মিটাৰ।

(g) বঙ্গোপসাগৰৰ পশ্চিম উপকূলত অৱস্থিত দুটা মুখ্য সমুদ্র বন্দৰৰ নাম লিখা। 

উত্তৰঃ বঙ্গোপসাগৰৰ পশ্চিম উপকূলত অৱস্থিত দুটা মুখ্য সমুদ্র বন্দৰ হ’ল – মুম্বাই, মাংগালোৰ।

(h) বায়ু প্ৰদূষণৰ দুটা মুখ্য উৎস উল্লেখ কৰা।

উত্তৰঃ বায়ু প্ৰদূষণৰ দুটা মুখ্য উৎস-

(a) ঔদ্যোগিক প্ৰক্ৰিয়া।

(b) কঠিন আৱৰ্জনা নিষ্কাশন।

(i) দুবিধ প্রাথমিক অর্থনৈতিক বৃত্তিৰ নাম লিখা।

উত্তৰঃ দুবিধ প্রাথমিক অর্থনৈতিক বৃত্তি হ’ল – কৃষি, মৎস্য চিকাৰ৷

(j) জৈৱসম্পদ আধাৰিত দুবিধ উদ্যোগৰ নাম লিখা।

উত্তৰঃ দুগ্ধ আৰু চামৰা উদ্যোগ হৈছে জৈৱ সম্পদ আধাৰিত দুবিধ উদ্যোগ।

4. তলত দিয়া প্ৰশ্নসমূহৰ প্ৰতিটোৰ উত্তৰ ১০০ টা শব্দৰ ভিতৰত দিয়া। (যিকোনো নটা)

(a) পৰিকল্পিত জনবসতি বুলিলে কি বুজা? 

উত্তৰঃ পৰিকল্পিত জনবসতি হৈছে য’ত সামগ্ৰিক পৰিকল্পিত বিকাশত অন্তর্ভুক্ত থাকে পথ সুবিধা, নিষ্কাশন, মুকলি স্থান, গণ ব্যৱস্থাপনাৰ প্ৰকাৰ ইত্যাদি। অপৰিকল্পিত পাৰিপাৰ্শ্বিক পৰিস্থিতি যেনে ৰাস্তা আৰু নিষ্কাশনৰ সৈতে প্ৰতিজন মালিকৰ দ্বাৰা এককৰ পৰা পৰ্যায়ক্রমে নিৰ্মাণ কৰা অপৰিকল্পিত বসতি বা স্বতঃস্ফূর্তি বসতি।

(b) গ্ৰাম্য-নগৰ জন গাঁথনিৰ গুৰুত্ব ব্যাখ্যা কৰা।

উত্তৰঃ জনসংখ্যাৰ গাঁথনি নিৰ্ণয় কৰা উপাদানবোৰৰ ভিতৰত এক অন্যতম উপাদান হ’ল গ্ৰাম্য আৰু পৌৰ বসতিৰ সংৰচনা। বসবাস স্থানৰ ভিত্তিত দেশ বা অঞ্চল এটাৰ জনসংখ্যাক দুভাগত বিভক্ত কৰা হয়। সেয়া হ’ল গ্রাম্য জনসংখ্যা আৰু পৌৰ জনসংখ্যা। জীৱন যাপন প্ৰণালী আৰু ভালেমান সামাজিক পৰিবেশৰ ধৰণ – কৰণ ↑ গ্ৰামাঞ্চল আৰু পৌৰ অঞ্চলসমূহত একে আৰ্হিৰ নহয় । সেয়েহে · গাওঁ আৰু নগৰসমূহত বসবাস কৰা লোকসকলৰ মাজত জীৱনশৈলীৰ যথেষ্ট প্রভেদ থকা দেখা যায় । বয়স আৰু লিংগভিত্তিক জনগাঁথনি, জীৱিকাৰ উৎস, জনসংখ্যা ঘনত্ব, স্বাক্ষৰতা, উন্নয়নৰ গতিধাৰা, অন্যান্য সা সুবিধা আৰু নিৰাপত্তাৰ দিশৰ পৰাও গাঁও আৰু চহৰ বাসীৰ মাজত যথেষ্ট পার্থক্য পৰিলক্ষিত হয়।

সাধাৰণতে, গ্ৰামাঞ্চলৰ বাসিন্দাসকল ঘাইকৈ কৃষি, সংগ্রহ, পশুপালন প্রভৃতি প্রাথমিক খণ্ডৰ জীৱিকাধাৰী । আনহাতে, চহৰাঞ্চলৰ বাসিন্দা সকলে উদ্যোগ, বাণিজ্য, শিক্ষা, সেৱা প্ৰভৃতি দ্বিতীয় আৰু তৃতীয় খণ্ডৰ জীৱিকাৰী হোৱাৰ লগতে বহুতো লোক উদ্ভাবন, গৱেষণা প্ৰভৃতি চতুৰ্থক খণ্ডত মকৰল হৈ থাকে।

বিশ্বৰ সকলো দেশতে গ্ৰামাঞ্চলৰ আৰু চহৰাঞ্চল সমূহত লিংগৰ অনুপাত বেলেগ বেলেগ হয়। কিছুমান দেশত গ্ৰামাঞ্চলতকৈ চহৰাঞ্চলত পুৰুষৰ সংখ্যা বেছি হোৱাৰ বিপৰীতে আন কিছুমান দেশত চহৰতকৈ গাওঁসমূহত তুলনামূলকভাৱে অধিকসংখ্যক লোক পুৰুষ । ৰাষ্ট্ৰভেদে গাওঁ আৰু চহৰসমূহত পুৰুষ নাৰীৰ লিংগানুপাত হোৱাৰ কাৰণ ভিন ভিন । কানাডা, ফিনলেও ব্রাজিল, নিউজিলেণ্ড আদি নব্যবসতি প্রধান ৰাষ্ট্ৰসমূহত গ্ৰামাঞ্চলৰ তুলনাত চহৰাঞ্চাত পুৰুষতকৈ নাৰীৰ সংখ্যা অধিক। কানাডা, ব্রাজিল প্রভৃতি দেশসমূহত বসতি আৰম্ভ হোৱাৰ পৰাই আর্থিক কাম – কাজকে ধৰি জীৱন যাপনৰ সুবিধা আৰু নিৰাপত্তাসমূহ নগৰকেন্দ্ৰীক।

তদুপৰি, এনেবোৰ দেশৰ বাসিন্দা প্রধান অংশটোৱেই প্ৰবজনমূলৰ হোৱা হেতুকে স্ত্ৰীজনবলৰ বুজন – অংশটো চহৰকেন্দ্ৰীক৷ আনহাতে, জিহ্বারৱে ভাৰত, পাকিস্তান নেপাল প্রভৃতি দেশসমূহত গ্রামাঞ্চলৰ তুলনাত চহৰাঞ্চলত নাৰীৰ সংখ্যা কম । কষি ভিত্তিক অৰ্থনীতিৰ এই দেশসমূহত কৃষিখণ্ডত স্ত্রী- জন বলক ব্যাপক পৰিমাণে মকৰল কৰা হয়, যাৰ বাবে অধিক সংখ্যক নাৰীয়ে গ্ৰামাঞ্চলত বসতি কৰে।

(c) আকাশীপথ ব্যৱস্থাৰ সুবিধা আৰু অসুবিধা সমূহ লিখা।

উত্তৰঃ আকাশী পথৰ সুবিধাসমূহ হ’ল-

(a) এই সেৱা দ্ৰুতগামী।

(b) ভূ-প্ৰাকৃতিক বন্ধুৰতা কোনো বাধা নহয়।

আকাশী পথৰ অসুবিধাসমূহ হ’ল-

(a) ব্যয়বহুল।

(b) উন্নত যন্ত্ৰ,সঁজুলিৰ প্ৰয়োজন হয়।

(d) লো আৰু তীখা উদ্যোগৰ গুৰুত্বসমূহ লিখা।

উত্তৰঃ লো-তীখাৰ উদ্যোগ এবিধ মৌলিক উদ্যোগ। এই উদ্যোগৰ কেঁচামাল হৈছে—লোৰ আকৰ, কয়লা, মেংগানিজ আৰু চুনশিপ। লো-তীখাৰ বৃহৎ উদ্যোগসমূহ সাধাৰণতে কেঁচামালসমূহৰ উৎস স্থানৰ ওচৰত প্ৰতিষ্ঠা কৰা হয়। এই উদ্যোগসমূহ প্ৰতিষ্ঠাৰ বাবে বৃহৎ পুঁজিৰ প্রয়োজন হোৱাৰ বাবে এই উদ্যোগসমূহ পৃথিৱীৰ উন্নত দেশবোৰত কেন্দ্রীভূত হৈ আছে।

অতি প্রাচীন কালৰে পৰা ভাৰতত লো-তীখাৰ শিল্পৰ প্ৰচলন থকাৰ প্ৰমাণ পোৱা গৈছে। পুৰণিকালত থলুৱা পৰম্পৰাগত পদ্ধতিৰে লোৰ সামগ্রী প্রস্তুত কৰা হৈছিল। ভাৰতত পোৰ আধুনিক উদ্যোগিক উৎপাদন আৰম্ভ হয় ১৯০৭ চনত বৰ্তমানৰ জামছেদপুৰত। জে. এন. টাটাই ইয়াত লো-তীপাৰ উদ্যোগ প্রতিষ্ঠা কৰি আধুনিক গো-তীগা উদ্যোগৰ আৰম্ভণি কৰে।

ভাৰতৰ বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ, উৰিষ্যা আৰু ছড়িচগড়ত লো-তীখাৰ উদ্যোগ গঢ় লৈ উঠিছে। লো-তীখ্য উদ্যোগৰ বাবে প্রয়োজন হোৱা কেঁচামালবোৰ এই অঞ্চলটোত সহজে পোৱা যায় বাবে এইবিধ উদ্যোগ কেন্দ্রীভূত হৈ আছে। বর্তমান দক্ষিণ ভাৰতৰ কর্ণাটক আৰু তামিলনাড়ুতো লো-তীখাৰ উদ্যোগ গঢ়ি উঠিছে। ভাৰতৰ প্রধান লো-তীখাৰ উদ্যোগিক কেন্দ্ৰবোৰ হৈে দুর্গাপুৰ, বার্ণপুৰ, জামছেদপুৰ, আছানছোল, বোকাৰো, কৰকেলা আৰু ভিপ্লাই। দক্ষিণ ভাৰতৰ ছালেম আৰু ভদ্ৰাৱতীতো লো-তীখৰ উদ্যোগ গঢ়ি উঠিছে।

লো-তীখা উৎপাদনৰ ক্ষেত্ৰত ভাৰত পৃথিৱীৰ ভিতৰতে এক উল্লেখযোগ্য দেশ। ভাৰতত বছৰি ৩০ নিযুত মেট্রিক টনৰো অধিক তীখা উৎপাদিত হয়। বছৰি দেশখনত চাৰি নিযুত মেট্রিক টনৰো অধিক কেঁচা লো উৎপাদন হয়। লোৰ আকৰৰ বৃহৎ ভঁৰাল, আপেক্ষিকভাৱে সস্তীয়া শ্রমিকৰ সহজলভ্যতা আৰু বৃহৎ দেশীয় বজাৰে অদূৰ ভৱিষ্যতে ভাৰতৰ লো-তীখা উদ্যোগৰ দ্রুত বিকাশ সম্ভৱ কৰি তুলিব বুলি ক’ব পাৰি।

(e) ভাৰতৰ জলসম্পদৰ সমস্যাসমূহ আলোচনা কৰা।

উত্তৰঃ পানীৰ অভাৱ সম্ভৱতঃ ইয়াৰ বৰ্ধিত চাহিদাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব আৰু লগতে অত্যাধিক ব্যৱহাৰ আৰু প্ৰদূষণৰ বাবে যোগান হ্ৰাস হ’ব। জনসংখ্যা বৃদ্ধিৰ বাবে দিনক দিনে জনমূৰি পানীৰ উপলব্ধ জল সম্পদবোৰো ঔদ্যোগিক. কৃষিজাত আৰু ঘৰুৱা বৰ্জিত পদাৰ্থৰ দ্বাৰা প্ৰদূষিত হৈ আহিছে, আৰু ইয়াৰ ফলত, ব্যৱহাৰযোগ্য জলসম্পদৰ উপলব্ধতা অধিক সীমিত হৈ পৰিছে। 

সমাজবোৰে জনসংখ্যাগত  পৰিৱৰ্তন, জনসংখ্যাৰ ভৌগোলিক পৰিৱৰ্তন, প্ৰযুক্তিগত উন্নতি, পৰিৱেশৰ অৱনতি আৰু পানীৰ অভাৱ দেখিব। পানীৰ অভাৱসম্ভৱতঃ ইয়াৰ বৰ্ধিত চাহিদাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্য়াহ্বানৰ বাবে সৃষ্টি  কৰিব আৰু লগতে অত্যাধিক ব্যৱহাৰ আৰু প্ৰদূষণৰ বাবে যোগান হ্ৰাস হ’ব। পানী হৈছে পৃথিৱীত প্ৰচুৰ যোগানৰ সৈতে এক চক্ৰীয় সম্পদ। পৃথিৱীৰ পৃষ্ঠৰ প্ৰায় ৭১ শতাংশ ইয়াৰ দ্বাৰা আৱৰি আছে কিন্তু সতেজ পানী মুঠ পানীৰ মাত্ৰ ৩ শতাংশ। দৰাচলতে, মানুহৰ ব্যৱহাৰৰ বাবে সতেজ পানীৰ এক অতি কম অংশ কাৰ্যকৰীভাৱে উপলব্ধ। স্থান আৰু সময়ত সতেজ পানীৰ উপলব্ধতা পৃথক হয়। এই ভয় খোৱা সম্পদৰ ভাগ-বতৰা আৰু নিয়ন্ত্ৰণৰ ওপৰত উত্তেজনা আৰু বিবাদ সম্প্ৰদায়, অঞ্চল আৰু ৰাজ্যসমূহৰ মাজত প্ৰতিদ্বন্দিতাপূৰ্ণ বিষয় হৈ পৰিছে। 

বিশ্বৰ পৃষ্ঠঅঞ্চলৰ প্ৰায় ২.৪৫ শতাংশ, বিশ্বৰ জলসম্পদৰ ৪ শতাংশ আৰু বিশ্বৰ জনসংখ্যাৰ প্ৰায় ১৬ শতাংশ ভাৰতত আছে। দেশত মুঠ ব্য়ৱহাৰযোগ্য় জলসম্পদ হৈছে মাত্ৰ ১,১২২ ঘন কিমি। ব্যৱহাৰযোগ্য পানীৰ এই অভাৱ ভাৰতত স্থানীয় , ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও বিবাদৰ কাৰণ হৈ আহিছে। দুখৰ বিষয় যে ভাৰতত সামাজিক গাঁথনি আদি বিষয়ত সংঘাত আছে। উত্তৰ ভাৰতৰ নদীবোৰত পানী ৰপ্তানিৰ অৱস্থা আছে আৰু বহুতো অঞ্চল বান পৰিস্থিতিৰ সন্মুখীন হৈছে আনহাতে, দক্ষিণ ভাৰতৰ নদীবোৰত বাৰিষাৰ মাহবোৰত বাৰ্ষিক প্ৰবাহ কেন্দ্ৰীভূত হৈ আছে যাৰ ফলত বছৰটোৰ বাকী সময়ত পানীৰ অভাৱ হয়। পৰিস্থিতিটো সমাধান কৰিবলৈ বহুতো প্ৰস্তাৱিত নদী সংযোগ আচঁনি আছে যিবোৰ জলসম্পদৰ ভাগ-বতৰাক লৈ ৰাজ্যসমূহৰ মাজত বিবাদৰ কাৰণ হৈ পৰিছিল।

(f) অপৰম্পৰাগত শক্তি উৎসসমূহ বুলিলে কি বুজা?

উত্তৰঃ যিবােৰ শক্তি সম্পদ পৰম্পৰাগতভাৱে ব্যৱহৃত হােৱা নাই কিন্তু নতুন উৎসৰ পৰা আহৰণ কৰা হৈছে তেনে শক্তিক অপৰম্পৰাগত শক্তি সম্পদ বােলে। সৌৰশক্তি, বতাহ শক্তি আদি অপৰম্পৰাগত শক্তিসম্পদ।

(g) সামূহিক যোগাযোগ পদ্ধতি বুলিলে কি বুজা? 

উত্তৰঃ সামূহিক যোগাযোগ বা গণ যোগাযোগ মৌখিক বা লিখিত মাধ্যমৰ জৰিয়তে বাৰ্তা প্ৰেৰণ, প্ৰাপ্তি আৰু বিশ্লেষণ কৰাৰ প্ৰক্ৰিয়া হিচাপে সংজ্ঞায়িত কৰিব পাৰি। ই হৈছে এক বিস্তৃত ক্ষেত্ৰ যি কেৱল কেনেকৈ আৰু কিয় বাৰ্তা এটা সৃষ্টি কৰা হয় সেয়া বিবেচনা নকৰে, কিন্তু ইয়াক প্ৰেৰণ কৰা মাধ্যমটো বিবেচনা কৰে।

(h) অসমত মৰাপাট খেতিৰ বাবে থকা অনুকূল ভৌগোলিক অৱস্থাসমূহ উল্লেখ কৰা। 

উত্তৰঃ সচৰাচৰ পানী জমা হােৱা পলসুৱা মাটিত মার্চ – এপ্রিল মাহত মৰাপাটৰ বীজ সিঁচা হয়। চেপ্তেম্বৰ আৰু অক্টোবৰ মাহত এই গছবােৰ গুৰিতে কাটি পানীত বুৰাই বাকলি গুচাই ইয়াৰ পৰা আঁহ উলিয়াব পাৰি। কটাৰ পিছত অহ উলিয়াবৰ কাৰণে গােৰাই থ’বলৈ মৰাপাট – খেতিৰ অঞ্চলত বিস্তীর্ণ পৰিসৰৰ গভীৰ জলাশয় থকা উচিত। ইয়াৰ আঁহ নিষ্কাষণৰ পৰ্যায়টো অতি কষ্টসাধ্য আৰু স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক। সচৰাচৰ পূৰ্ব বংগৰ পৰা আহি অসমত থিতাপি মুছলমানধর্মী লােকসকলেই এই কৃষিকার্যত অধিক অভ্যস্ত। 

নামনি অসমৰ সমতল ভুমিত বিস্তীর্ণ পৰিসৰত গভীৰ জলাশয় পােৱা যায়, যিটো মৰাপাটৰ খেতিৰ বাবে অত্যন্ত আবশ্যকীয়। দ্বিতীয়তে, ওপৰত উল্লেখ কৰাৰ দৰে এই কৃষিকার্যত অভ্যস্ত লােকসকলে প্ৰধানকৈ নামনি অসমতে বসতি স্থাপন কৰিছে। অর্থাৎ ক’ব পাৰি যে, মৰাপাট খেতিৰ বাবে নামনি অসমত উপযুক্ত ভৌগােলিক পৰিবেশ থকাৰ লগতে এই অঞ্চলৰ কৃষকসকল এইবিধ কষ্টসাধ্য কৃষিকার্যত অভ্যস্ত যিয়ে অঞ্চলটোত মৰাপাটৰ উৎপাদন বৃদ্ধিত সহায়ক হৈছে। 

(i) অসমৰ জলবায়বিক ঋতুসমূহৰ মুখ্য বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ ২০০২ – ০৩ চনৰ পৰিসংখ্যা অনুসৰি অসমৰ ৭৩ হাজাৰ হেক্টৰ অৰ্থাৎ ২.১২ শতাংশ কৃষিভূমিত মৰাপাট খেতি কৰা হয়। বাৰ্ষিক উৎপাদনৰ পৰিমাণ ৭.১৬ লাখ গাঁথ, অর্থাৎ ওজনত প্ৰায় ১.২৯ লাখ টন। মৰাপাটৰ খেতি গৰম আৰু সেমেকা জলবায়ুৰ অন্তৰ্গত পানী জমা হোৱা পৰিৱেশত সুবিধাজনক ভাৱে কৰিব পাৰি। সেয়েহে ৯৩° পূব দ্রাষিমাৰ পশ্চিমে অৱস্থিত ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ নদী কাষৰীয়া জালাহ অঞ্চলসমূহত এই খেতিৰ প্ৰচলন অধিক। সচৰাচৰ পানী জমা হোৱা পলসুৱা মাটিত মার্চ-এপ্রিল মাহত মৰাপাটৰ বীজ সিঁচা হয়। ছেপ্টেম্বৰ আৰু অক্টোৱৰ মাহত এই গছবোৰ গুৰিতে কাটি পানীত এৰাই বাকলি গুচাই ইয়াৰ পৰা আঁহ উলিয়াব পাৰি। কটাৰ পিছত আঁহ উলিওৱাৰ বাবে গোৰাই মৰাপাট খেতিৰ অঞ্চলত বিস্তীর্ণ পৰিসৰৰ গভীৰ জলাশয় থকা উচিত।

প্রায় সকলোবোৰ শস্যৰে উৎপাদন ক্রমান্বয়ে বাঢ়ি অহাৰ বিপৰীতে অসমত মৰাপাটৰ উৎপাদন ষাঠিৰ দশকৰ পৰা ক্ৰমাৎ কমি অহাহে দেখা গৈছে৷ কাৰণ ভাৰতবৰ্ষ আৰু ইংলেণ্ডৰ বজাৰত এইবিধ দ্ৰব্যৰ চাহিদা ইয়াৰ নানাবিধ বিকল্প দ্রব্য ওলোৱাৰ লগে লগেই কমি আহে ফলস্বৰূপে মৰাপাট কেন্দ্ৰিক উদ্যোগসমূহো ক্ৰমে স্থবিৰ হ’বলৈ ধৰে। ২০০৩-০৪ বাণিজ্যিক বৰ্ষত ভাৰতবৰ্ষই উৎপাদন কৰা মুঠ মৰাপাটৰ মাত্ৰ ৬.১৯ শতাংশ মৰাপাট অসমত উৎপাদন হৈছিল। অসমত উৎপাদন কৰা মৰাপাটৰ গুণগত মান উন্নত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ ৯ খন জিলাৰ মুঠ ১৭ টা উন্নয়ন খণ্ডক মৰাপাট কৃষি উন্নয়নৰ বিশেষ আঁচনিৰ অন্তৰ্ভুক্ত কৰা হৈছে।

(j) অসমৰ চাহ উদ্যোগৰ ওপৰত এটা টোকা লিখা।

উত্তৰঃ চাহ প্রধানত কৃষিজাত দ্রব্য যদিও ইয়াক ব্যৱহাৰ আৰু ৰপ্তানিযােগ্য অৱস্থালৈ নিয়াৰ উদ্দেশ্যে নির্দিষ্ট কিছুমান ঔদ্যোগিক কার্য পালন কৰিবলগা হয়। সাধাৰণতে, এই ঔদ্যোগিক পর্যায়টো অতিক্রম কৰাৰ উদ্দেশ্য অসমৰ প্ৰায়বােৰ বৃহৎ চাহ বাগিছাতে একোটা কাৰখানা আছে। যিটোক সচৰাচৰ কলঘৰ শব্দৰে বুজোৱা হয়। অসমৰ বিভিন্ন বাগিছাত প্রায় ৬০০ টা কলঘৰ আছে। ২০০২ – ০৩ বৰ্ষৰ পৰিসংখ্যা অনুসৰি এই সকলােবােৰ শ্ৰমিকৰ সংখ্যা আছিল ৬,০২,৫৩১ জন। অর্থাৎ, ৰাজ্যৰ মুঠ কৰ্মৰত জনশক্তিৰ ৬.৩২ শতাংশই এই শিল্পত নিযুক্ত হৈ আছে। এই চাহ উদ্যোগৰ লগত আনুষাংগিকভাৱে গঢ়ি উঠা অসমৰ আন এটা উদ্যোগ হ’ল চাহ বাকচ নির্মাণ। অতি মিহি প্লাইউদেৰে ঘনক আকৃতিত প্রস্তুত কৰা এবিধ বিশেষ বাকচ চাহপাত সৰবৰাহৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হয়। সাধাৰণতে, চাহ উৎপাদনৰ প্রধান কেন্দ্রসমূহত এনে উদ্যোগ দেখা যায়।

(k) অসমৰ পলসুৱা মাটিৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমি অঞ্চলত বিস্তৃতভাৱে পলসুৱা মাটি পোৱা যায় ৷ নদী আৰু উপনৈবিলাকে কঢ়িয়াই অনা পলস সমভূমিত বছৰ বছৰ ধৰি জমা হোৱাৰ ফলত পলসুৱা মাটি গঠন হয়। পলসুৱা মাটি সাধাৰণতে সাৰুৱা। এই মাটি দুই প্ৰকাৰৰ –  (১) নতুন পলসুৱা মাটি আৰু  (২) পুৰণি পলসুৱা মাটি। নতুন পলসুৱা মাটি প্রধানকৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী আৰু ইহঁতৰ উপনৈবোৰৰ সক্ৰিয় প্লাৱনভূমি আৰু নদী কাষৰীয়া সমভূমি অঞ্চলত পোৱা যায়। এই মৃত্তিকা মধ্যমীয়াভাৱে ডাঠ আৰু দেখাত ধোৱাঁ বৰণীয়া। বালি আৰু পলস বোকাৰে এই মৃত্তিকা গঠিত। এই মৃত্তিকা সামান্যভাৱে অম্লীয়। নদীৰ পাৰৰ মৃত্তিকা কেতিয়াবা প্রশমিত অৱস্থাতো পোৱা যায়। সাধাৰণতে এই মৃত্তিকাত ফছ্‌ফৰিক এচিড, নাইট্ৰ’জেন আৰু হিউমাছ নাথাকে বুলিয়েই ক’ব পাৰি।

5. তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া: (যিকোনো তিনিটা) 

(a) মানৱ বিকাশৰ চাৰিটা স্তম্ভৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ মানৱ সম্পদ উন্নয়ন সাধাৰণতে চাৰিটা উপাদানৰ দ্বাৰা নিৰ্ধাৰিত হয়। সেইকেইটা হ’ল– 

(ক) সাম্য অথবা সমতা। 

(খ) স্থায়িত্ব। 

(গ) উৎপাদন। আৰু 

(ঘ) অধিকাৰ অথবা ক্ষমতা।

সমাজ অথবা দেশ এখনত উপলব্ধ সম্পদ তথা সা – সুবিধা সমূহ সমাজখন অথবা দেশ সকলাে শ্ৰেণীৰ প্ৰতিজন – লােকে ভােগ কৰিব পৰা অৱস্থাটোকে সাম্য অথবা সমতা বােলা হয়। বহু সমাজত পুৰুষ আৰু নাৰী, জাতি, বর্ণ, ধর্ম, ধনী, দুখীয়া আদি অনুসৰি সম্পদ বিতৰণ ভিন্ ভিন্ হােৱাত বৈষম্যৰ সৃষ্টি হয়। 

উপলব্ধ সুবিধাসমূহৰ ধাৰাবাহিকতাক স্থায়িত্ব শব্দৰে বুজোৱা হয়। বিত্তীয়, পৰিস্থিতি আৰু মানৱ সম্পদ সমূহ উন্নয়নৰ হকে প্রয়ােগ কৰােতে ভৱিষ্যৎ প্রজন্মৰ স্বাৰ্থৰ প্রতি ধৃৰ ৰাখিব লাগিব। কাৰণ, এইবােৰৰ অপব্যৱহাৰৰ ফলত ভৱিষ্যৎ প্রজন্ম এনেবােৰ সম্পদৰ পৰা বঞ্চিত হ’বও পাৰে। অর্থাৎ, উন্নয়নৰ হকে সম্পদৰ অপব্যৱহাৰৰ ফলত মানৱ উন্নয়ন প্রক্রিয়াটোৱেই ক্ষণস্থায়ী হৈ পৰিব পাৰে। 

সমাজ এখনৰ উৎপাদন মানে হৈছে সমাজখনৰ প্ৰতিজন সদস্যই নিজ নিজ শাৰীৰিক আৰু বৌদ্ধিক শ্ৰমৰ বিনিময়ত সৃষ্টি কৰা মুঠ সম্পদ ৰাজি।  

বিকল্প পথ নির্বাচনৰ পৰিসৰেই হৈছে ক্ষমতা। ব্যক্তিগত যােগ্যতা আৰু স্বাধীনতাৰ পৰা ক্ষমতাৰ সৃষ্টি হয়। মানুহে নিজ নিজ যােগ্যতাৰ পৰিসৰতহে বিকল্প কর্ম বাছি ল’ব পাৰে। 

(b) জনসংখ্যা বিতৰণত প্ৰভাৱ পেলোৱা ভৌগোলিক কাৰকসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ পৃথিৱীৰ উপৰিভাগত জনসংখ্যাৰ বিতৰণ আৰু ঘনত্ব সকলাে ঠাইতে একে নহয়। জনসংখ্যাৰ বিতৰণ আৰু ঘনত্ব বিভিন্ন প্রাকৃতিক, অর্থনৈতিক আৰু সামাজিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। তলত এই কাৰকসমূহৰ বিষয়ে চমুকৈ আললাচনা কৰা হলঃ– 

(ক) প্রাকৃতিক কাৰক: 

(i) জলবায়ু: পৃথিৱীৰ যিবােৰ অঞ্চলৰ জলবায়ু স্বাস্থ্যকৰ সেইবােৰ অঞ্চলত জনবসতি ঘন হয়। অত্যন্ত শীতল অথবা অত্যন্ত উষ্ণ, অতিশয় শুকান অথবা আর্দ্র প্রকৃতিৰ জলবায়ুৰ অঞ্চলসমূহত মানুহৰ জীৱন যাত্রা কঠিন আৰু বিপস সংকুল হয়। এনে চৰম ভাবাপন্ন জলবায়ুৰ অঞ্চলত শস্যৰ উৎপাদন সীমিত হয়, মানুহৰ শ্ৰমৰ ক্ষমতা কম হয় আৰু ৰােগ ব্যাধিৰ সম্ভাৱনা বৃদ্ধি পায়। সেয়েহে এনে অঞ্চলসমূহত জনবসতি অতি সেৰেঙা হয়। সমমণ্ডলৰ জলবায়ু উষ্ণমণ্ডল আৰু হিমমণ্ডলৰ জলবায়ুতকৈ উৎকৃষ্ট আৰু স্বাস্থ্যকৰ বাবে এনে অঞ্চলসমূহত লােক বসতি ঘন হয়। 

(ii) পানীৰ উপলব্ধতা: মানুহৰ জীৱন – যাপনৰ বাবে পানী অপৰিহাৰ্য। খােৱা পানীৰ উপৰিও ৰন্ধন প্রকৰণ, শােহনীয়া প্ৰাণীৰ বাবে কৃষিকার্য, উদ্যোগ আদিৰ পৰিচালনাৰ বাবে প্ৰচুৰ পৰিমাণৰ পানীৰ আৱশ্যক হয়। সাগৰ, নদী, হ্রদ প্রভৃতি জলাশয়সমূহ মৎস্য সম্পদৰ উৎস হােৱাৰ উপৰিও এই জলপৃষ্ঠবােৰ পৰিবহণ কাৰ্য্যৰ উদ্দেশ্যেও ব্যৱহৃত হয়। সেয়েহে অতি প্রাচীন কালৰে পৰা নদীৰ কাষৰীয়া অঞ্চলত জনবসতি ঘন হােৱা দেখা যায়।

(iii) ভূপ্রকৃতিঃ সমভূমি অঞ্চলসমূহ মানুহৰ বসবাসকে ধৰি কৃষিকাৰ্য, পৰিবহণ, ঔদ্যোগিক কাম – কাজ আদি সকলোৰে বাবে সুবিধাজনক। আনহাতে, অতিপাত ঢাল বিশিষ্ট পাহাৰীয়া অঞ্চলসমূহত মাটিৰ উৰ্বৰতা কম হােৱা হেতুকে কৃষি কাৰ্য্যত উৎপাদনৰ পৰিমাণ কম হয়। এনে অঞ্চলসমূহত যাতায়াত ব্যৱস্থাৰ সম্প্ৰসাৰণ অতি ব্যয়বহুল আৰু কষ্টসাধ্য হয়। এনেবােৰ কাৰণতে সমভূমি অঞ্চলসমূহত জনবসতি ঘন হােৱাৰ পৰিবৰ্তে পাহাৰীয়া অঞ্চলসমূহত জনবসতি সেৰেঙা হয়। 

(iv) মাটিৰ উৰ্বৰতা: যিবােৰ অঞ্চলৰ মাটি সাৰুৱা, সেইবােৰ অঞ্চলত জীৱিকাৰ পথ সহজ হয় বাবে অনুৰ্বৰ মাটিৰ অঞ্চল সমূহতকৈ জনবসতি ঘন হয়। নদী উপত্যকাবােৰৰ পলসুৱা মাটিৰ বাবে জনবসতি ঘন হয়। 

(v) খনিজ সম্পদ: যিবােৰ অঞ্চলত খনিজ সম্পদ প্ৰচুৰ পৰিমাণে পােৱা যায় সেইবােৰ ঠাইত খনিজ দ্রব্য উদ্ধাৰ কৰিবলৈ আৰু সেই খনিজ দ্রব্যবােৰৰ ভিত্তিত গঢ়ি উঠা উদ্যোগসমূহত বহুলােক কর্মী হিচাপে নিয়ােজিত হয়। এনে কাৰণতে সেই অঞ্চলসমূহত জনবসতি ঘন হয়। 

(খ) অর্থনৈতিক কাৰকঃ 

(i) নগৰীকৰণ: গ্রামাঞ্চলৰ তুলনাত নগৰাঞ্চলত শিক্ষা, চিকিৎসা, যাতায়াত যােগাযােগ বৱস্থাসমূহ উন্নত হােৱাত এনে অঞ্চলসমূহত জনসংখ্যা বৃদ্ধি পায়। তদুপৰি, সা – সুবিধা সমূহৰ লগে লগে এনে অঞ্চলসমূহত অর্থ উপার্জনৰ পৰিসৰ বৃদ্ধি পায়। সেইবাবে, সংস্থাপনৰ উদ্দেশ্যেও এনে অঞ্চল সমূহলৈ বিভিন্ন অঞ্চলৰ পৰা বসতি স্থাপনৰ উদ্দেশ্যে মানুহৰ আগমন ঘটে। 

(ii) ঔদ্যোগীকৰণঃ উদ্যোগ গঢ়ি উঠাৰ ফলস্বৰূপে, একোটা অঞ্চল অতি কম দিনৰ ভিতৰতে জনাকীর্ণ হৈ পৰে। এনে অঞ্চলসমূহত কল – কাৰখানাৰ উপৰিও, পৰিবহণ, বেংক, শিক্ষা প্রতিষ্ঠান আদি গঢ় লৈ উঠাত এই খণ্ডসমূহৰ পৰিচালনাৰ বাবেও বহুত কৰ্মীৰ প্রয়ােজন হয়। এনেদৰেই ঔদ্যোগীকৰণৰ ফলত জনশূণ্য অঞ্চল এটাও জনাকীর্ণ হয়গৈ।

(iii) পৰিবহণ আৰু যােগাযােগ: পৰিবহণ আৰু যােগাযােগ ব্যৱস্থাৰ উন্নতিয়েও এটা অঞ্চল জনবহুল হােৱাত সহায় কৰে। পৰিবহণ ব্যৱস্থাৰ উন্নতিয়ে বেপাৰ বাণিজ্যত সহায় কৰে আৰু অঞ্চল এটাৰ উন্নতিত সহায় কৰে। ৰেল পৰিবহণ আৰু বিমান পৰিবহণৰ উন্নতিয়ে এই ক্ষেত্ৰত অধিক সহযােগিতা আগবঢ়ায়। পৰিবহণৰ উন্নতিয়ে ঠাই এখনক নগৰীকৰণৰ দিশত আগুৱাই নিয়ে। অধিক সা – সুবিধা ভােগ কৰাৰ অৰ্থে পিছ পৰা অঞ্চলৰ মানুহে এনে অঞ্চললৈ বসবাসৰ বাবে অহাৰ লগতে কর্ম সংস্থাপনৰ বাবেও আন অঞ্চলৰ পৰা মানুহৰ প্ৰৱজন ঘটে।

(iv) সমাজ – সাংস্কৃতিক কাৰকঃ সুস্থিৰ ৰাজনীতি, অর্থনীতি আৰু শৃংখলিত সমাজ ব্যৱস্থাৰ ৰাষ্ট্ৰসমূহ পৃথিৱীৰ যিকোনাে দেশৰ লােকৰ দৃষ্টিত জীৱিকা আর্জন তথা বসতি স্থাপনৰ লক্ষ্য হৈ পৰে। সেইদৰে, অস্থিৰ ৰাজনৈতিক বাতাবৰণৰ বাবে বা সামাজিক নিৰাপত্তা কমি যােৱাৰ লগে লগে কিছুমান অঞ্চলৰ পৰা বহিঃপ্ৰৱজন ঘটে। ধর্মীয় আবেগ অনুভূতিৰে পৰিচালিত বহু লোকে ধর্মীয় স্থান সমূহত বাস কৰিবলৈ বিচাৰে। সেইদৰে, উচ্চ শিক্ষাৰ সুবিধা থকা অঞ্চলসমূহলৈ শিক্ষা গ্রহণৰ বাবে বা গৱেষণাৰ বাবে বহুলােকৰ আগমন ঘটে আৰু বহুতে পাছলৈ নিগাজীকৈ থাকিবলৈ লয়। 

(c) পৰ্যটন উদ্যোগ বুলিলে কি বুজা? পর্যটন উদ্যোগত প্ৰভাৱ বিস্তাৰ কৰা কাৰকসমূহ আলোচনা কৰা।

উত্তৰঃ অৱসৰ বিনোদনৰ বাবে সম্পাদন কৰা ভ্ৰমণক পৰ্যটন বোলা হয়। ইয়াৰ ভিত্তিত কিছুমান সেৱাও গা কৰি উঠিছে যাৰ ভিত্তিত গঢ় লৈ উঠিছে পর্যটন উদ্যোগে। সমগ্ৰ বিশ্বৰ প্ৰতিটো কোণতে এই পৰ্যটন উদ্যোগে গা কৰি উঠিছে।

পৰ্যটন উদ্যোগত প্ৰভাৱ বিস্তাৰ কৰা কাৰকসমূহ-

(ক) মনোৰম জলবায়ু: মনোৰম তথা স্বাস্থ্যকৰ জলবায়ুয়েহে পৰ্যটকক আকৰ্ষিত কৰিব পাৰে। কাৰণ, ব্যস্ততাৰ পৰা আঁতৰি সকলোৱে নিৰিবিলি, স্বাস্থ্যকৰ পৰিবেশত অৱসৰৰ সময়খিনি কটাব বিচাৰে।

(খ) মোহনীয় ভূ-প্রকৃতি: সকলো ধৰণৰ ভ্ৰমণকাৰীক আকৰ্ষণ কৰিব পৰা নানা প্ৰকাৰৰ মোহনীয় প্রাকৃতিক দৃশ্যাৱলীৰে পৰিপূৰ্ণ ভূ-প্রকৃতিয়েও পর্যটকক আকৰ্ষিত কৰিব পাৰে।

(গ) ঐতিহাসিক সমল: ঐতিহাসিক সমল অথবা বৈশিষ্ট্যপূৰ্ণ সুকুমাৰ কলাৰ অৱস্থানসমূহ জ্ঞানান্বেষী পৰ্যটকৰ লগতে আন বহুতো সাধাৰণ শ্ৰেণীৰ পৰ্যটকৰো আকৰ্ষণস্থলী হ’ব পাৰে। সেয়েহে দূৰ্গ, ৰাজপ্রসাদ, ধৰ্মস্থান প্রভৃতি অৱয়বপূর্ণ স্থানসমূহলৈ পৰ্যটকৰ নিয়মীয়া সোঁত বয়।

উপৰুক্ত কাৰকসমূহৰ উপৰিও পৰ্যটনস্থলী সমূহৰ কৃষ্টি সংস্কৃতিও পৰ্যটকৰ অনুকূল অৱস্থাত থাকিলেহে সেই স্থানে পৰ্যটকক আকৰ্ষিত কৰিব পাৰে। উদাহৰণস্বৰূপে ৰাজস্থান আৰু তামিলনাডুৰ অন্তৰ্গত পৰ্যটনস্থলীসমূহ কম খৰচী। গতিকে এই দুখন ৰাজ্য পৰ্যটকৰ বাবে আকর্ষণীয় হোৱাৰ ইয়ো এটা অন্যতম কাৰণ বুলি ক’ব পাৰি৷

(d) ভাৰতৰ পৰিসীমা দেখুৱাই এখন মানচিত্র অংকন কৰা আৰু তাত তলত দিয়াবোৰৰ অৱস্থান দেখুওৱাঃ

(i) পশ্চিম উপকূলত থকা এটা সমুদ্র বন্দৰ।

উত্তৰঃ 

(ii) এটা খনিজ তেল শোধনাগাৰ।

উত্তৰঃ 

(iii) এটা লো আৰু তীখা উদ্যোগ।

উত্তৰঃ 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top