AHSEC Class 12 Assamese Question Paper Solved 2024 | দ্বাদশ শ্ৰেণীৰ অসমীয়া পুৰণি প্ৰশ্নকাকত সমাধান

AHSEC Class 12 Assamese Question Paper Solved 2024 | দ্বাদশ শ্ৰেণীৰ অসমীয়া পুৰণি প্ৰশ্নকাকত সমাধান, AHSEC Class 12 Assamese Question Paper Solved PDF Download, দ্বাদশ শ্ৰেণীৰ অসমীয়া 2024 ৰ প্ৰশ্নকাকত সমাধান কৰা হৈছে to each Paper is Assam Board Exam in the list of AHSEC so that you can easily browse through different subjects and select needs one. AHSEC Class 12 Assamese 2024 Question Paper Solved can be of great value to excel in the examination.

AHSEC Assamese Question Paper Solved

AHSEC Class 12 Assamese Question Paper Solved 2024

Join Telegram channel

AHSEC Old Question Paper provided is as per the 2024 AHSEC Board Exam and covers all the questions from the AHSEC Class 12 Assamese Solved Question Paper 2024 Assamese Medium. Access the detailed Class 12 Assamese 2024 Previous Years Question Paper Solved provided here and get a good grip on the subject. Access the AHSEC 2024 Assamese Old Question Paper Solved, AHSEC Class 12 Assamese Solved Question Paper 2024 of Assamese in Page Format. Make use of them during your practice and score well in the exams.

ASSAMESE

2024

ASSAMESE OLD QUESTION PAPER SOLVED

১। তলৰ যিকোনো সাতোটা প্ৰশ্নৰ কেৱল উত্তৰ লিখাঁ:

(ক) ‘মোৰ মাতৃমুখ দর্শন’ পাঠটিত উল্লেখ থকা বি. এন. আৰ. মানে কি?

উত্তৰঃ ‘মোৰ মাতৃমুখ দর্শন’ পাঠটিত উল্লেখ থকা বি. এন. আৰ. মানে বেংগল-নাগপুৰ ৰে’ল।

(খ) ‘ওমৰ তীৰ্থ’ কোনখন পুথিৰ ভাবানুবাদ?

উত্তৰঃ ‘ওমৰ তীৰ্থ’ ওমৰ খায়ামৰ ৰুবায়তৰ পুথিৰ ভাবানুবাদ।

(গ) আনন্দৰাম বৰুৱাই কলিকতাৰ কোন কলেজৰপৰা আইনৰ স্নাতক ডিগ্রী লাভ কৰিছিল?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ আনন্দৰাম বৰুৱাই কলিকতাৰ প্রেছিডেন্সী কলেজৰ পৰা আইনৰ স্নাতক ডিগ্রী লাভ কৰিছিল ৷

(ঘ) ‘গজেন্দ্রচিন্তামণি’ কি ভাষাত লিখিত পুথি?

উত্তৰঃ ‘গজেন্দ্রচিন্তামণি’ সংস্কৃত ভাষাত লিখিত পুথি।

(ঙ) তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ কি?

উত্তৰঃ তৈত্তিৰীয় উপনিষদৰ প্রথম উপদেশ হ’ল ‘সত্য’ আৰু ‘ধর্ম’। অর্থাৎ সত্য ক’বা আৰু ধর্ম আচৰণ কৰিবা।

(চ) ‘চিঠি’ গল্পটি শীলভদ্ৰৰ কোনখন সংকলনৰপৰা লোৱা হৈছে?

উত্তৰঃ ‘চিঠি’ গল্পটো শীলভদ্ৰৰ ১৯৯৪ চনত প্ৰকাশিত ‘চিঠি আৰু অনান্য গল্পৰ সংকলন’ৰ পৰা লোৱা হৈছে ।

(ছ) ব্রজেন বৰুৱাই বিদেশী কাহিনী এটাৰ ভেটিত নিৰ্মাণ কৰা হাস্যৰসাত্মক ছবিখনৰ নাম লিখাঁ।

উত্তৰঃ ব্ৰজেন বৰুৱাই নিৰ্মাণ কৰা হাস্যৰসৰ ছবিখনৰ নাম হ’ল ‘ইটো সিটো বহুতো’।

(জ) বর্তমান যুগটো কিহৰ যুগ? 

উত্তৰঃ বর্তমান যুগটোক বিজ্ঞানৰ যুগ বুলি কোৱা হয় ।

(ঝ) বসন্ত ৰোগ কোনগৰাকী দেৱীৰ ৰোষত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল?

উত্তৰঃ বসন্ত ৰোগ শীতলা দেৱীৰ ৰোষত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল।

2। তলৰ যিকোনো সাতোটা প্রশ্নৰ উত্তৰ লিখা:

(ক) ‘মাতৃমুখ দর্শন’ শব্দ দুটাৰ জৰিয়তে লক্ষ্মীনাথ বেজবৰুৱাই প্ৰকৃতাৰ্থত কোনগৰাকী মাতৃৰ মুখ দৰ্শন কৰাৰ কথা কৈছে? কোন ঠাইৰ পৰা তেওঁ মাতৃমুখ দর্শন কৰিবলৈ আহিছিল?

উত্তৰঃ ‘মাতৃমুখ দর্শন’ শব্দ দুটাৰ জৰিয়তে লক্ষ্মীনাথ বেজবৰুৱাই প্ৰকৃতাৰ্থত অসম মাতৃৰ মুখ দৰ্শন কৰাৰ কথা কৈছে। উৰিষ্যাৰ সম্বলপুৰৰ ঠাইৰ পৰা তেওঁ মাতৃমুখ দর্শন কৰিবলৈ আহিছিল।

(খ) যতীন্দ্র নাথ দুৱৰাই কোন দুখন দেশৰ লেখকৰ ৰচনাৰ আলমত কথা-কবিতা ৰচনা কৰিছিল?

উত্তৰঃ যতীন্দ্র নাথ দুৱৰাই আফ্ৰিকা আৰু ৰুছ দুখন দেশৰ লেখকৰ ৰচনাৰ আলমত কথা-কবিতা ৰচনা কৰিছিল।

(গ) আনন্দৰাম বৰুৱাই কিয় চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল?

উত্তৰঃ আনন্দৰাম বৰুৱা কৰ্মত একনিষ্ঠভাৱে লিপ্ত আছিল। তেওঁৰ জ্ঞান চর্চাৰ অনুৰাগ ইমান প্রৱল আছিল যে অন্য কথা বা সাংসাৰিক বিষয়ৰ প্রতি ভাবিবলৈ সময় নাছিল। সেয়েহে তেওঁ চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল।

(ঘ) অসমীয়া হাতেলিখা দুখন সচিত্র পুথিৰ নাম লিখাঁ।

উত্তৰঃ অসমীয়া হাতেলিখা দুখন সচিত্র পুথিৰ নাম হ’ল- ধৰ্মপুৰাণ আৰু গীত-গোবিন্দ।

(ঙ) প্রকৃত ‘বৈৰাগী’ কোন?

উত্তৰঃ প্রকৃততে ত্যাগ বা বৈৰাগ্য হৈছে এক বিশেষ মনোধর্ম। সকলো থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্‌গতি ঘটোৱাই হৈছে ত্যাগ। পালেও নিৰাসক্ত হৈ থকাতহে প্রকৃত বৈৰাগ্য।

(চ) শীলভদ্ৰৰ গল্পৰ দুটি বৈশিষ্ট্য লিখাঁ।

উত্তৰঃ শীলভদ্ৰৰ গল্পৰ দুটি বৈশিষ্ট্য হ’ল-

১। বাস্তৱ জীৱনৰ সৰু সৰু যেন লগা ঘটনা একোটাক বিষয়বস্তু লৈ গল্প লিখে।

২। সৰল ভাষা আৰু মেদহীন বৰ্ণনাই তেওঁৰ চুটিগল্পসমূহক সুখপাঠ্য কৰি তোলে।

(ছ) খাচি লোককথাৰ ভেটিত ভূপেন হাজৰিকাই নিৰ্মাণ কৰা ছবিখনৰ নাম কি? কোন চনত ছবিখনে মুক্তি লাভ কৰিছিল?

উত্তৰঃ খাচি লোককথাৰ ভেটিত ভূপেন হাজৰিকাই নিৰ্মাণ কৰা ছবিখনৰ নাম হ’ল- ‘প্রতিধ্বনি’। ১৯৬৫ চনত ছবিখনে মুক্তি লাভ কৰিছিল।

(জ) আজিৰ বিজ্ঞানী এজনে পৰ্যবেক্ষণৰ বাবে ব্যৱহাৰ কৰা দুবিধ যন্ত্ৰৰ নাম পাঠত দিয়া অনুসৰি লিখাঁ।

উত্তৰঃ আজিৰ বিজ্ঞানী এজনে পৰ্যবেক্ষণৰ বাবে ব্যৱহাৰ কৰা দুবিধ যন্ত্ৰৰ নাম হ’ল অণুবীক্ষণ যন্ত্র আৰু লেজাৰ ৰশ্মি।

৩। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঁ: (যিকোনো এছোৱা)

(ক) “পথে নাৰী বিবর্জিতা নহয়, সম্পূজিতাহে।”

উত্তৰঃ উক্ত আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত মোৰ মাতৃমুখ দৰ্শন কবি লক্ষ্মীনাথ বেজবৰুৱা ৰচনা কৰা পাঠটোৰ পৰা তুলি অনা হৈছে।

উক্ত শ্লোক শাৰী লেখকে সমৰ্থন কৰা নাছিল। কাৰণ-লেখকৰ মতে ভ্ৰমণৰ সময়ত বয়বস্তু দেখা-শুনা,লাগিলে ৰেলৰ টিকট পৰ্যন্ত কিনা, ঘন্টাই ঘন্টাই ফলটো, পিঠাখন, চাহ-পানী টোপা যতনাই খুৱাই বাটৰ ভোকক ৰেলৰ খোটালী ভিতৰৰ পৰা গতিয়াই উলিয়াই দিয়া, শুবলৈ পাটী খন পাৰি দিয়া, গাৰুটো মূৰৰ তলত গুজি দিয়া, আৱশ্যক হলে বিচনীৰে মূৰৰ ওপৰত বিটি ঘামৰ কণকঠীয়া মৰা ইত্যাদি এশ এটা সৰু-বৰ কাম ৰেলৰ পথত সহায়ক হয়। সেই দেখি লেখকে কৈছে নাৰী পথত গলগ্ৰহ নহয় ই বৰং গলৰ মালাহে হৈ পৰে।

(খ) “অন্নং ন নিন্দ্যাৎ, অন্ন বহুকুৱীত তদ্ ব্ৰতম্।”

উত্তৰঃ উক্ত আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত ভাৰতীয় আদৰ্শত বৈৰাগ্য কবি তীর্থনাথ শর্মা ৰচনা কৰা পাঠটোৰ পৰা তুলি অনা হৈছে।

তৈত্তিৰীয় উপনিষদৰ কথাখিনি বিশেষভাৱে দকৈ গমি চাব লগা কথা। ইয়াত প্রথম উপদেশ হৈছে সত্য আৰু ধর্ম। সমাজ আৰু ব্যক্তি দুয়োটাৰে জীৱন কল্যাণকৰ আৰু সুখদায়ক হ’বলৈ আৰু পাৰত্ৰিক শ্রেয়ঃ লাভ কৰিবলৈ যি দুটা মহৎ গুণৰ কৰ্ষণ সমাজৰ প্ৰত্যেক ব্যক্তিয়ে কৰিব লাগে, যি নকৰিলে ব্যক্তি জীৱন আৰু লগে লগে সমাজ জীৱন দুঃখদায়ক, পীড়াজনক আৰু বিশৃংখল হয়, সেই কর্ষণীয় গুণ দুটা হ’ল-সত্য আৰু ধৰ্ম। বিদ্যা লাভৰ চৰম প্ৰাপ্য বা অর্জনীয় বিষয়ো এই দুটাই। গুৰুৱে এই দুটাৰ কথা কৈ প্রতিদিনৰ কৰণীয় কৰ্ম অধ্যয়নৰ কথা সোঁৱৰাই দিছে। এই নিত্য অধ্যয়ন সভ্য জীৱনৰ আৰু উন্নত আচৰণৰ অপৰিহাৰ্য অংগ। খাৱন-শোৱনৰ নিচিনা সদায় এৰিব নোৱৰা আৰু এৰিব নলগীয়া কৰণীয়। এইদৰে প্ৰধান কথাকেইটা কোৱাৰ পিছতহে আচাৰ্যই শিষ্যক নিজৰ মংগলৰ কাৰণে সৎ পথত থাকি ধন-সম্পদ আহৰণ কৰিবলৈ উপদেশ দিছে। ধন-সম্পদ বঢ়োৱাৰ ওপৰতে ব্যক্তিৰ সুখ আৰু সমাজৰ সমৃদ্ধি নিৰ্ভৰ কৰে। এই অৰ্থবৃদ্ধি উঠি অহা যুৱকৰ এটা ব্যক্তিগত আৰু সামাজিক উত্তৰ দায়িত্ব। সেই দেখি উপনিষদৰ আচাৰ্যই সেই কথা সতর্কভাৱে সোঁৱৰাই দিছে। তৈত্তিৰীয় উপনিষদৰ দৰে আন এঠাইত আৰু স্পষ্টভাৱে কৈছে-‘অন্নং ন নিন্দ্যাৎ, অন্নং বহুকুৰীত তদ্রতম্।

(গ) “অসমীয়া চলচ্চিত্ৰৰ আৰম্ভণি আৰু বিকাশ হৈছিল ব্যক্তিগত প্রচেষ্টাত।”

উত্তৰঃ উক্ত আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা কবি উৎপল দত্ত ৰচনা কৰা পাঠটোৰ পৰা তুলি অনা হৈছে।

অসমীয়া চলচ্চিত্ৰৰ আৰম্ভণি আৰু বিকাশ হৈছিল ব্যক্তিগত প্রচেষ্টাত। পৰ‍ৱর্তী কালত চৰকাৰে অসমীয়া চলচ্চিত্র শিল্পক সহায় কৰিবলৈ প্ৰযোজকক  আর্থিক অনুদান আগবঢ়োৱাৰ ব্যৱস্থা কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত চৰকাৰে জ্যোতিচিত্রবন ছোছাইটি  নামেৰে ষ্টুডিঅ’ কমপ্লেক্স নির্মাণ কৰি অসমৰ চিত্র নির্মাতাসকলক ছবি নির্মাণৰ প্রযোজনাত বাহিৰলৈ যোৱা কামটোৰ পৰা সকাহ দিয়ে। এই চৌহদতে স্থাপন কৰা হৈছে ‘ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টিভি ইন্সটিটিউট’ নামৰ চলচ্চিত্র নির্মাণৰ প্রশিক্ষণ বিদ্যালয় এখন। ছবি প্রযোজনাত সহায় কৰিবলৈ গঠন কৰা হৈছে ‘অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগম’। চৰকাৰে চলচ্চিত্র সংগ্রহালয় আৰু আর্কাইভও স্থাপন কৰিছে।

৪। যিকোনো দুটা প্রশ্নৰ উত্তৰ লিখাঁ:

(ক) “যথা নিযুক্তোহস্মি তথা কৰোমি।” 

লক্ষ্মীনাথ বেজবৰুৱাই এই পদটি ক’ত, কিয় অৱতাৰণা কৰিছিল চমুকৈ লিখাঁ।

উত্তৰঃ এই সংস্কৃত পদটিৰ অৰ্থ হ’ল- যিদৰে (অৰ্থাৎ যি কামৰ বাবে) নিযুক্ত হৈছোঁ, তাকে কৰিছোঁ।

কর্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ লোৱা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই ডেৰ-দুকুৰি বছৰ পাছত, ১৯৩০ চনত মাতৃভূমি অসমলৈ উভতি আহে। 22 ছেপ্টেম্বৰ তাৰিখে তেওঁ গুৱাহাটীত উপস্থিত হয়। তেওঁক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে কটন কলেজৰ ছাত্ৰসকলে গধূলি এখন সভা অনুষ্ঠিত কৰে। সিদিনা বেজবৰুৱাৰ গা সিমান ভাল নাছিল। তথাপি জাতীয় সাহিত্যৰ কাণ্ডাৰী হিচাপে সভালৈ গৈ ছাত্রসকলক উৎসাহিত কৰাটো তেওঁৰ দায়িত্ব বুলি বিবেচনা কৰিছিল। ঈশ্বৰে যেন তেনেবোৰ কাম কৰিবলৈ তেওঁক পৃথিৱীলৈ পঠিয়াইছে। এই ভাৱ প্ৰকাশ কৰিবলৈ লেখকে উক্ত পদটিৰ অৱতাৰণা কৰিছে।

(খ) কথা-কবিতাৰ সংজ্ঞা দি বিশেষত্বসমূহ লিখাঁ।

উত্তৰঃ কথা-কবিতা ঊনৈশ শতিকাৰ এক উল্লেখযোগ্য সৃষ্টি। ৰুছ সাহিত্যিক আইভান টুর্গেনিভক ইয়াৰ জনক বুলি কোৱা হয়। অসমীয়া ভাষাত প্রথম কথা-কবিতা ৰচনা কৰে যতীন্দ্ৰ নাথ দুৱৰাই তেওঁৰ কথা-কবিতাৰ পুথিখনৰ নাম হৈছে ‘কথা-কবিতা’। কথা-কবিতা সম্পর্কে ছাত্র-ছাত্রীক অৱগত কৰোৱাটোৱে হৈছে এই পাঠ নিৰ্বাচন কৰাৰ ঘাই উদ্দেশ্য। পাঠটো অধ্যয়নৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে কবিতা আৰু কথা-কবিতাৰ মাজৰ পাৰ্থক্যখিনি বুজিব পাৰিব।

কথা-কবিতাৰ বিশেষত্বসমূহ হ’ল-

১। কথা-কবিতাত ৰূপকৰ সমাবেশ থাকে আৰু ই প্রায়েই ৰূপকাত্মক।

২। কথা কবিতা চিত্রধর্মিতাৰ ওপৰত প্ৰতিষ্ঠিত।

৩। কথা-কবিতাত ভাৱেই প্রধান বস্তু। ইয়াত এটি মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে।

(গ) চাৰি আশ্ৰম বুলিলে কি বুজা?

উত্তৰঃ ভাৰতীয় আদর্শত ব্যক্তি এজনৰ জীৱন কালছোৱাক চাৰিটা স্তৰত ভাগ কৰা হৈছে। এই চাৰিটা স্তৰকে চাৰি আশ্ৰম বুলি কোৱা হয়। এই চাৰি আশ্ৰম হৈছে- ব্রহ্মচর্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস।

ব্ৰহ্মচৰ্য সময়ছোৱা হৈছে জ্ঞান আহৰণৰ সময়, য’ত গুৰুয়ে শিষ্য সকলক বেদৰ মন্ত্ৰ, প্ৰাৰ্থনা, উপনিষদৰ আধ্যাত্মিক স্তৰ সমূহ, কৰ্ম কৰাৰ কৌশল আদিৰ উপদেশ প্ৰদান কৰে। গাৰ্হস্থই গৃহস্থী জীৱনৰ কৰ্তব্য সমূহৰ কথা ব্যক্ত কৰে। ভাৰতীয় আদৰ্শত গৃহস্থী জীৱনৰ কৰ্তব্য সম্পাদন কৰি উঠাৰ পিছতহে বানপ্ৰস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে। এইয়াই হৈছে চাৰি আশ্ৰমৰ মূল।

(ঘ) বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত কেনেদৰে অৰিহণা আগবঢ়ায়?

উত্তৰঃ বৰ্তমানৰ যুগ হৈছে বিজ্ঞানৰ যুগ। বিজ্ঞানৰ মানৱ জাতিলৈ মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি। বিজ্ঞানী সকলে কোন বস্তু বা ঘটনা লক্ষ্য বা পর্যবেক্ষণ কৰে, তাৰ নতুন তথ্য আৰু নতুন পর্যবেক্ষণেৰে তেওঁলোকে আগৰ উপকল্প বা ধাৰণাটো সঁচা নে মিছা সেয়া প্রমাণ কৰিহে গ্ৰহণ কৰে।

বৈজ্ঞানিক মানসিকতাই সমাজৰ প্রগতিত অৰিহণা যোগায়। বৈজ্ঞানিক মানসিকতা থকা ব্যক্তিয়ে কেতিয়ও ভুত-পিশাচ ,দেৱ-দেৱতা আদি বিশ্বাস নকৰে যদিহে এইবোৰৰ কোনো প্রমাণ নাথাকে। তেনেদৰে বৈজ্ঞানিক মানসিকতা থকা ব্যক্তিয়ে সপোনত পোৱা ঔষধৰ ওপৰতো বিশ্বাস নকৰে। কাৰণ এইবোৰে ব্যক্তি আৰু সমাজৰ অনিষ্ট সাধন কৰে। ঠিক সেইদৰে বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসম্মত কাৰণ, দাঁতৰ পোক ধৰাৰ কাৰণ, ডাইনী হত্যা আদি অন্ধবিশ্বাসৰ বিষয়ে জনাত আমাক বৈজ্ঞানিক মানসিকতাৰ প্ৰয়োজন।

৫। তলৰ যিকোনো পাঁচোটা প্রশ্নৰ কেৱল উত্তৰ লিখাঁঃ

(ক) মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি?

উত্তৰঃ মাধৱদেৱৰ বৰগীতৰ প্রধান বৈশিষ্ট্য হৈছে- বাৎসল্য ভাৱৰ প্রকাশ। বৎস মানে হ’ল শিশু। ভগৱান শ্ৰীকৃষ্ণৰ শিশু কালৰ নানান ক্ৰিয়া-কলাপৰ মনোমুগ্ধকৰ বৰ্ণনা মাধৱদেৱৰ বৰগীতত পোৱা যায় বাবেই তেওঁৰ বৰগীত সমূহক বাৎসল্য ভাৱ প্ৰধান বুলি কোৱা হয়।

(খ) অসমীয়া ভাষাত ছুফী সাধকসকলৰ ভাৱধাৰা প্ৰথম কোনগৰাকী কবিৰ কবিতাত প্রকাশ পায়?

উত্তৰঃ অসমীয়া ভাষাত ছুফী সাধকসকলৰ ভাৱধাৰা প্ৰথম মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত প্ৰকাশ পায়।

(গ) নিয়ৰৰ মালা গাঁথি লৈ সোণালী সাজেৰে কোন আহে বুলি কবিয়ে কৈছে?

উত্তৰঃ নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰাভৰা আকাশৰ মোহনীয় সৌন্দৰ্য সুৱৰাই কবি নলিনীবালা দেৱীৰ ভগৱান প্রীতিৰ ধাৰণাক গভীৰ কৰি তুলে। ৰাতিপুৱা সূর্যৰ পোহৰত জিলিকি উঠা নিয়ৰ কণিকাৰ জিল্মিল শোভাই জেন পৰমজনাৰ মোহনীয় জ্যোতিৰূপে কবিক দেখা দিয়েহি।

(ঘ) আলোকলে উঠি আহি কোনে বেলিমুৱা হৈ হাঁহে?

উত্তৰঃ আলোকলে উঠি আহি পদুম ফুলে বেলিমুৱা হৈ হাঁহে।

(ঙ) ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটি কবিৰ কোনখন সংকলনৰপৰা লোৱা হৈছে?

উত্তৰঃ ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটি কবিৰ “অভিযান” নামৰ সংকলনৰপৰা লোৱা হৈছে।

(চ) ‘মোক তোল আঘোণ’ পংক্তিটিৰ অৰ্থ কি?

উত্তৰঃ ‘মোক তোল আঘোণ’ পংক্তিটিৰ অৰ্থ হ’ল- পকা ধানেৰে পৰিপূৰ্ণ হোৱা আঘোণ। 

(ছ) ‘উভতি নহাৰ কবিতা’ কোন শ্ৰেণীৰ কবিতা?

উত্তৰঃ ‘উভতি নহাৰ কবিতা’ আধুনিক শ্ৰেণীৰ কবিতা।

৬। তলৰ যিকোনো পাঁচোটা প্ৰশ্নৰ উত্তৰ লিখাঁ:

(ক) তোমাৰ পাঠেয় বৰগীতটিৰ কেৱল ধ্ৰুৱ অংশটি লিখাঁ।

উত্তৰঃ আমাৰ পাঠেয় বৰগীতটিৰ কেৱল ধ্ৰুৱ অংশটো হ’ল উঠৰে উঠ বাপু গোপাল হে নিশি পৰভাত ভৈল। কমল নয়ন, বুলি ঘনে ঘন, যশোৱা ডাকিতে লৈল।

(খ) কোন চনত আৰু কোন ঠাইত মফিজুদ্দিন আহমদ হাজৰিকাই জন্মগ্রহণ কৰিছিল?

উত্তৰঃ ১৮৭০ চনত আৰু ডিব্ৰুগড়ত ঠাইত মফিজুদ্দিন আহমদ হাজৰিকাই জন্মগ্রহণ কৰিছিল।

(গ) নলিনীবালা দেৱীৰ স্বদেশপ্ৰেমৰ সুৰ প্ৰৱাহিত হোৱা দুখন কাব্যগ্রন্থৰ নাম লিখাঁ।

উত্তৰঃ নলিনীবালা দেৱীৰ স্বদেশপ্ৰেমৰ সুৰ প্ৰৱাহিত হোৱা দুখন কাব্যগ্রন্থৰ নাম হ’ল- সন্ধিয়াৰ সুৰ আৰু ‘সপোনৰ সুৰ।

(ঘ) পূজাৰ ১৬ বিধ উপকৰণৰ যিকোনো চাৰিবিধ উপকৰণৰ নাম উল্লেখ কৰাঁ।

উত্তৰঃ পূজাৰ ১৬ বিধ উপকৰণৰ যিকোনো চাৰিবিধ উপকৰণৰ নাম হ’ল – আসন, গন্ধ, পুষ্প, ধূপ। 

(ঙ) ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটি প্রথম কোন সন্মিলনৰ কোনখন মুখপত্রত প্রকাশ পাইছিল?

উত্তৰঃ ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটি প্রথম প্রকাশ হৈছিল ১৯৩৯ চনত দধি মহন্তই সম্পাদনা কৰা অসম ছাত্র সম্মিলনৰ মুখপত্র ‘মিলন’ত।

(চ) ‘আঘোণৰ কুঁৱলী’ কবিতাটিত বৌদেউক উদ্দেশ্যি কবিয়ে কি কথা কৈছিল?

উত্তৰঃ ‘আঘোণৰ কুঁৱলী’ কবিতাটিত বৌদেউক উদ্দেশ্যি কবিয়ে কৈছিল যে আপুনিযে কৈছিলে সেউতীৰ কথাহ্ল মোৰ কথা সেউতীক কৈছিলে জানো।

(ছ) অর্থ লিখাঃ 

ঝাণ্ডা, তামীঘৰা।

উত্তৰঃ ঝাণ্ডা – পতাকা।

তামীঘৰা – তম্বু।

৭। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা: (যিকোনো এফাঁকি):

(ক) “মোৰ প্ৰাণধন সুচান্দ বয়ন 

গাৱ চালি তেজ নিন্দ।

সব পুৰুষৰ শিৰৰ ভূষণ 

তুমিসে বাপু গোবিন্দ।।”

উত্তৰঃ উদ্ধৃত বৰগীতৰ পদফাকি মাধৱদেৱ বিৰচিত “ উঠৰে উঠ বাপু গােপালহে বৰগীতটিৰ অন্তৰ্গত।

ভগৱান কৃষ্ণ কৃপাৰ সাগৰ, অনাদি অনন্ত। তেওঁক পাবলৈ ঋষি-মুনিসকলে হাজাৰ হাজাৰ বছৰ তপস্যা কৰিও লাভ কৰিব নােৱাৰে। সেই জন কৃষ্ণক যশােদাই ভক্তিৰ বলতে পুত্ৰৰূপে লাভ কৰিছে। ভগৱান ভক্তৰ অধীন। তেওঁক বলেৰে বশ কৰিব নােৱাৰি। যশােদাৰ ভক্তিত সন্তুষ্ট হৈ কৃষ্ণই যশােদাৰ ঘৰত পুত্ৰৰূপে আছে। কৃষ্ণ সকলাে পুৰুষৰে শিৰৰ ভূষণ। সেয়ে যশােদাই পুত্র স্নেহত আপ্লুত হৈ কৃষ্ণক প্রাণধন, বাপু, কমলনয়ন আদি নামেৰে সম্বােধন কৰি।

টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰিছে। সকলাে পুৰুষৰে শিৰৰ ভূষণ অর্থাৎ সকলােৰে আৰাধ্যদেৱতা কৃষ্ণক বুকুত বান্ধি কোলাত লৈ যশােদাই বাৰে বাৰে চুমা খাইছে। বৰগীতটোৰ দ্বাৰা মাধৱদেৱে মাক-পুতেকৰ মধুৰ সম্পৰ্কৰ বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক মাহাত্মৰ কথাও প্রকাশ কৰিছে। ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পর্ষীৰূপত কবিয়ে তুলি ধৰিছে।

(খ) “তেৱেঁ কাম তেৱেঁ কৰ্মী তেৱেঁ কাৰিকৰ 

নিশ্চয় নিশ্চয় তেৱেঁ বিশ্ব খনিকৰ।।”

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত কবি মফিজুদ্দিন আহমদ হাজৰিকাই ৰচনা কৰা ‘বিশ্বখনিকৰ’ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে ।

এই পৃথিৱীৰ সৃষ্টিকৰ্তা বিশ্বখনিকৰ মহিমাৰ বৰ্ণনাৰ প্ৰসংগত কবিয়ে ব্যাখেয় কবিতাফাকিৰ অৱতাৰনা কৰিছে।  

সৃষ্টিকৰ্তাৰ অস্তিত্ব সৰ্বত্ৰ বিৰাজমান। সৌৰজগতৰ গ্ৰহ-নক্ষত্ৰৰ গতি নিৰ্ধাৰনৰ পৰা আৰম্ভ কৰি প্ৰতিটো জীৱ আৰু জড় পদাৰ্থ সকলো ক্ৰিয়া-কৰ্মৰ আঁৰত বিশ্ব খনিকৰৰে কৃপা বৰ্তমান। কাৰ্য তেওঁ, কাৰণো তেওঁয়েই। তেওঁৰ দয়াতেই সৃষ্টিৰ সকলো বৰ্তি আছে। জীৱ দিছে তেৱেঁই আৰু তেৱেঁই মৰুভূমিৰ শুকান বালিতো জীৱক জীৱন ধাৰনৰ উপায় দিছে। সাধাৰন এটি বীজ বা ভ্রূণৰ পৰা এজোপা প্ৰকাণ্ড মহীৰূহ বা পূৰ্ণ মানৱৰ গঠন তেৱেই সম্ভৱ কৰি তোলে। প্ৰকৃতি বিচিত্ৰ ৰূপৰ মাজতে তেওঁৰেই মহিমা লুকাই আছে। এই বিশ্ব সৃষ্টিকৰ্তাজন অখণ্ড শক্তিৰ অধিকাৰি যি তিল তিলকৈ পৃথিৱীখন গঢ়ি তুলিছে। সেয়েহে কবিয়ে তেওঁক ‘বিশ্বখনিকৰ’ বুলি কৈছে।

(গ) “মই নাহোঁ, মই নোৱাৰোঁ আহিব, নাহোঁ 

হেৰাই যোৱাৰ ৰঙতেইচোন অকলে অকলে হাঁহোঁ 

মই নাহোঁ মই নাহোঁ 

পৃথিৱী, তোমাক ভাল পাই গ’লোঁ 

তথাপিও মই নাহোঁ।”

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি কবি নৱকান্ত বৰুৱা ৰচিত ‘উভতিনহাৰ কবিতা’ নামৰ পাঠটিৰ অন্তর্গত। 

পৃথিৱীক কবিয়ে প্রাণভৰি ভাল পায়। পৃথিৱীক ভালপােৱাৰ কথা তেওঁ বিভিন্ন ভাৱ আৰু ভাষাৰে প্ৰকাশ কৰিছে। যন্ত্রণা কবিৰ জীৱনৰ মন্ত্র; জীয়াই থকাটো অর্থাৎ জীৱনটো এটা ধেমালিহে মাত্র। তেওঁ এই পৃথিৱীলৈ আহি এই, পৃথিৱীতে জীৱনটো কটালে অর্থাৎ জীয়াই থকা কেইদিন ধেমালি কৰিলে। জীৱনৰ বকুলপাহ কবিয়ে এই পৃথিৱীতেই বুটলিছে। গতিকে কবিয়ে এই পৃথিৱীক প্রাণভৰি ভাল পায়; কিন্তু দুখৰ বিষয় পৃথিৱীক ইমান ভাল পালেও ইয়াৰ পৰা এবাৰ গুচি গলে তেওঁ পুনৰ এই পৃথিৱীলৈ নাহে, আহিব নােৱাৰে ।

৮। তলৰ যিকোনো এটা কবিতাৰ মূলভাৱ লিখাঁ:

(ক) জনতাৰ আহ্বান।

উত্তৰঃ ‘জনতাৰ আহ্বান’ কবিতাটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘লুইতৰ পাৰৰ অগ্নিসুৰ’ নামৰ কাব্যগ্রন্থৰ পৰা অনা হৈছে। কবিতাটোত বিপ্লৱী কবিজনাই মানৱতাৰ ওপৰত গভীৰ আস্থা আৰু সৌন্দর্য ৰূপায়ণক বিশেষ গুৰুত্ব আৰােপ কৰিছে। আলােকসন্ধানী কবিজনাই জনতাৰ আলোেকসন্ধানী ৰূপ কবিতাটো মূর্ত কৰি তুলিছে। 

সুন্দৰৰ পূজাৰী কবিজনাই কবিতাৰ প্রাৰম্ভতে কৈছে যে সুন্দৰৰ পূজাৰ থাপনাত আজি কিহেৰে পূজাৰ ষােড়শােপচাৰ গােটাবনাইবা কি ৰাগ, কি সুৰেৰে পুৱা–সন্ধ্যাৰ গান গাব— এই প্রশ্ন উত্থাপন কৰি কবিয়ে তাৰ উত্তৰ দিছে। কবিয়ে অনুভৱ কৰিছে বিশ্বৰ আকাশে–বতাহে আজি জনতাৰ আহ্বান ধ্বনিত হৈছে। কবিয়ে লক্ষ্য কৰিছে আজি সমগ্র বিশ্বতে জনতাৰ পংকজ ৰূপ পদুমৰ দৰে বিকশিত হৈছে। অর্থাৎ সাম্যবাদৰ সুৰে আজি পৃথিৱীৰ আকাশে বতাহে খলকনি তুলিছে। পৃথিৱীত শান্তি সুৰভি বিলাবলৈ, বিশ্বৰ সৌন্দর্য সৃষ্টিত অৰিহণা যােগাবৰ বাবে আজি জনতা ঐক্যবদ্ধ হােৱা প্রয়ােজন। মানৱ জীৱনৰ এনে সংহত অভ্যুত্থানে জনতাৰ মহাপ্রাণ জগাই তুলিবলৈ সক্ষম হ’ব। কবিয়ে বিশ্বাস কৰিছে জনতাৰ আলোেক বিজয়ী এনে অভিযানে নবজীৱনৰ পাতনি তৰি দিব। কবিয়ে বেদত ধ্বনিত হােৱা আলােক মন্ত্ৰেৰে অনুপ্ৰেৰণা লাভ কৰিবৰ বাবে আহ্বান জনাইছে। কবিয়ে উদাত্ত কণ্ঠে জনতাতন্ত্রৰ, আলােক মন্ত্রপুত মহামানৱ তন্ত্রৰ জয়গান গাইছে।

(খ) কাঠমিস্ত্ৰীৰ ঘৰ।

উত্তৰঃ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ মাজেৰে কাঠমিস্ত্ৰীৰ বনুৱা শ্ৰেণীৰ দুৰ্দ্দশাগ্ৰস্ত জীৱনৰ এখন ছবি প্ৰকাশ কৰিছে। অসহনীয় শ্ৰমৰ বোজা শৰীৰত লৈ কাঠমিস্ত্ৰীয়ে সমাজৰ অৰ্থনৈতিকভাৱে স্বচ্ছল শ্ৰেণীটোৰ বাবে নানা ধৰণৰ মনোমোহা কাঠৰ সামগ্ৰী সাজি দিয়ে। ৰাণ্ডা, বটালিৰ খুন্দাত নীৰস, কঠিন কাঠ হৈ পৰে চালে চকুৰোৱা। দেহৰ তেজ ঢালি তেওঁলোকে গঢ়ি দিয়ে মানুহৰ মায়াপুৰী সাদৃশ্য প্ৰাসাদ। অমদ তেওঁলোকৰ জীৱনৰ অৱস্থা শোচনীয়, অভাৱত জুৰুলা তেওঁলোক। শিল্পসুলভ কলাকুশলতাৰে তেওঁলোকে গঢ়ি দিয়া আৰামী চকীত বহি বিলাসী শ্ৰেণীটোৱে এক স্বাচ্ছন্দময় জীৱন কটায়। অথচ তেওঁলোকৰ জীৱন অন্ধকাৰত ডুব গৈ থাকে। কবিয়ে সমাজৰ এই শ্ৰমিক শ্ৰেণীটোৰ অৰ্থনৈতিক অৱস্থাৰ পৰিৱৰ্তন বিচাৰিছে আৰু নিজ বাহুবলেৰে অধিকাৰ সাব্যস্ত কৰিবলৈ জাগি উঠিবৰ বাবে বৈপ্লৱিক আহবান জনাইছে।

(গ) আঘোণৰ কুঁৱলী।

উত্তৰঃ ‘আঘোণৰ কুঁৱলী’ কবিতাটিত কবি কেশৱ মহন্তই আঘোণৰ কুঁৱলীয়ে বাট ভেটি কবিক আমনি কৰিছে। ডাঠ কুঁৱলীৰ আৱৰণে কবিক একোকে নমনা কৰি তুলিছে। কবিৰ ভাৱ হয় কুঁৱলী নথকা হ’লে তেওঁ সোণবৰণীয়া ধানৰ মনোমোহা দৃশ্য দেখিলেহেঁতেন। মূৰত আধাবন্ধা খোপায়ে ওপৰলৈ মূৰ তুলিবলৈ সময় নোপোৱা দাৱনীৰ লিহিৰি আঙুলিৰ চিক চিকীয়া কাচিৰে কেচ কেচকৈ মুঠি মুঠি ধান কাটি থকাৰ দৃশ্যও তেওঁ দেখিলেহেঁতেন। লগতে, লঘু পৰিহাসময় হাঁহিৰে দাৱনী সকলে ইটিয়ে সিটিক জোকোৱা আৰু প্রাণ চঞ্চলময় মধুৰ ধেমালিবোৰ কবিয়ে দেখিব পালেহেঁতেন। গাভৰুহঁতে তামোলৰ পিকেৰে ওঠ ৰঙা কৰি হাঁহিৰে চঞ্চলা ধেমালিবোৰ চাবলৈ কবি আগ্রহী। তেওঁৰ মন সেউতীৰ কাষলৈ উৰা মাৰিছে। আনকি সেউতীৰ মনৰ কথা জানিবলৈ বৌয়েককে খাটনি ধৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখা বাবে তেওঁৰ প্ৰেয়সীক চাব নোৱাৰি মন বিষাদেৰে ভৰি পৰিছে। 

৯। তলৰ যিকোনো দুটা প্ৰশ্নৰ কেৱল উত্তৰ লিখাঁ:

(ক) নৈতিক শব্দটোৰ ইংৰাজী প্রতিশব্দ কি?

উত্তৰঃ নৈতিক শব্দটোৰ ইংৰাজী প্রতিশব্দ ‘ম’ৰেল ’( moral).

(খ) মহর্ষি টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ কি?

উত্তৰঃ মহর্ষি টলষ্টয়ৰ মতে সৌন্দর্যবােধ বস্তুনিষ্ঠ নহয়, ব্যক্তিনিষ্ঠহে ।

(গ) বয়ঃসন্ধি কাল বুলি কোনছোৱা কালক কোৱা হয়?

উত্তৰঃ ১০-১১ বছৰ বয়সৰ পৰা ১৮-১৯ বছৰ বয়সৰ সময়খিনিকে বয়ঃসন্ধি কাল বুলি কোৱা হয়।

(ঘ) ‘প্রতীতি’ শব্দৰ অৰ্থ লিখাঁ।

উত্তৰঃ ‘প্রতীতি’ শব্দৰ অৰ্থ হ’ল- বিশ্বাস কৰা বা ধাৰণা কৰা।

১০। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখাঁ:

(ক) আদর্শবাদী দার্শনিকসকলৰ মতে চিৰন্তন মূল্যবোধ তিনিটা কি কি? ইয়াৰ পৰিৱৰ্তন হয়নে?

উত্তৰঃ আদর্শবাদী দার্শনিকসকলৰ মতে সত্যম–শিৱম–সুন্দৰম এই তিনিটা হৈছে চিৰন্তন মূল্যবােধ, যাৰ কোনাে পৰিৱৰ্তন নাই। এই মূল্যবােধসমূহ সমাজতে আছে। মানুহৰ দায়িত্ব হ’ল কেৱল এইবােৰ আৱিষ্কাৰ কৰা বা উপলব্ধি কৰা। চিৰন্তন মূল্যবােধৰ কোনাে পৰিৱৰ্তন নাই। আদর্শবাদী বা প্রকৃতিবাদী দার্শনিকসকলে মূল্যবােধৰ ক্ষেত্ৰত বস্তুবাদী জগতখনৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে। তেওঁলােকৰ মতে বস্তু বা প্রকৃতিয়েহে মূল্যবােধ নিৰূপণ কৰে।

(খ) নৈতিক স্বতন্ত্রতা বুলিলে কি বুজা?

উত্তৰঃ নৈতিক স্বতন্ত্রতা হ’ল নিজস্বভাৱে কোনো এক নৈতিক সিদ্ধান্ত লোৱাৰ ক্ষমতা। আনৰ লগত আলোচনা কৰিলেও এনেধৰণৰ সিদ্ধান্তৰ সমস্ত দায়িত্ব ব্যক্তিয়ে নিজে স্বীকাৰ কৰি লোৱাৰ মানসিকতাই নৈতিক স্বতন্ত্রতা।

(গ) কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা প্ৰাথমিক আৰু মৌলিক বিষয় কি কি?

উত্তৰঃ কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা প্রাথমিক আৰু মৌলিক বিষয় হ’ল- (১) ভাষা শিক্ষণ, (২) গণিত, (৩) বিজ্ঞান আৰু (৪) সমাজবিজ্ঞান।

(ঘ) আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ কোন চনত গঠিত হৈছিল? এই আয়োগে মাধ্যমিক শিক্ষাক কি বুলি অভিহিত কৰিছে?

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ ১৯৯৬ চনত গঠিত হৈছিল। আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে মাধ্যমিক শিক্ষাক জীৱনৰ আলি-দোমোজা (Crossroads of Life) বুলি অভিহিত কৰিছে।

১১। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঁ (যিকোনো এছোৱা)

(ক) “ভাৰতীয় দর্শন হৈছে মূল্যবোধৰ দৰ্শন।”

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত মূল্যবোধ-শিক্ষা কবি ড° দুলুমণি গোস্বামী পাঠটোৰ পৰা তুলি অনা হৈছে ।

ভাৰতীয় সংস্কৃতিত মূল্যবোধৰ চিন্তা যথেষ্ট প্রাচীন। ভাৰতীয় দৰ্শন হৈছে মূল্যবোধৰ দৰ্শন। ভাৰতীয় দৰ্শন পাশ্চাত্য দৰ্শনৰ দৰে কেৱল ৰহস্যৰ পৰা সৃষ্টি হোৱা নাই, বৰং প্রয়োজনীয়তাৰ ফলতহে সৃষ্টি হৈছে। সমাজৰ নৈতিক আৰু আধ্যাত্মিক প্রয়োজনীয়তাৰ পৰা ইয়াৰ সৃষ্টি হৈছে। ভাৰতীয় দৰ্শনৰ উৎপত্তি-ব্যক্তিক জীৱন ধাৰণৰ উত্তম উপায় দেখুৱাবৰ বাবেহে।

ভাৰতীয় দর্শনে মূল্যবোধক চাৰিটা শ্ৰেণীত ভাগ কৰিছে- (১) ধৰ্ম, (২) অর্থ, (৩) কাম আৰু (৪) মোক্ষ। ধর্ম হৈছে নৈতিক মূল্যবোধ যিয়ে মানুহক কর্তব্য সম্পর্কে সকীয়াই দিয়ে। এই মূল্যবোধক আন দুটা মূল্যবোধ ‘অর্থ’ আৰু ‘কাম’তকৈ শ্রেষ্ঠ বুলি গণ্য কৰা হয়। প্রকৃততে ‘অর্থ’ আৰু ‘কাম’ক পৰিচালিত কৰিব লাগে ধর্মই অর্থাৎ নৈতিকতাই। আন কথাত ভাল বা বেয়া কাৰ্যৰ পাৰ্থক্য নিৰ্ধাৰণ কৰে ধৰ্মই। আকৌ, ‘মোক্ষ’ হৈছে মানুহৰ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায়, যিটো মানুহৰ আত্মবোধৰ ওপৰত প্ৰতিষ্ঠিত। এই চাৰিটাৰ উপৰি ভাৰতীয় জীৱন দর্শন প্রতিষ্ঠিত হৈছে তিনিটা প্রধান মূল্যবোধ ‘সত্যম, শিৱম আৰু সুন্দৰম’ৰ ওপৰত; যাক কোৱা হয় মূল্যবোধৰ ‘ত্রিনীতি’ বুলি।

ভাৰতীয় দর্শনে অতুলনীয় অৱদান আগবঢ়াইছে মূল্যবোধৰ ক্ষেত্ৰত। অহিংসা হৈছে ভাৰতীয় মূল্যবোধত এক অভিনৱ সংযোজন। ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক এখন সার্বভৌম গণতান্ত্রিক, সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্রতিষ্ঠা কৰিছে। ভাৰতবৰ্ষৰ প্ৰত্যেক নাগৰিকৰ বাবে স্বাধীনতা, সমতা, ন্যায় আৰু ভ্রাতৃত্ববোধ প্রতিষ্ঠা কৰি ভাৰতবৰ্ষক এখন মূল্যবোধসম্পন্ন আদর্শ ৰাষ্ট্ৰ হিচাপে প্রতিষ্ঠা কৰিবলৈ বিচৰা হৈছে। ভাৰতীয় সংবিধানে নাগৰিকৰ মৌলিক কর্তব্য সম্পর্কেও উল্লেখ কৰিছে।

(খ) “কিশোৰ-কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল পৰিচিতিৰ সংঘাত।”

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা কবি ড° স্বর্ণলতা দাস পাঠটোৰ পৰা তুলি অনা হৈছে ।

কিশোৰ-কিশোৰীৰ মনৰ এক ডাঙৰ সংঘাত হ’ল ব্যক্তিত্ব গঠনৰ সংঘাত। এই সময়ছোৱাতে নানাজনক দেখি, নানা কথা জানি তাৰ মাজত তেওঁলোকে নিজক আৱিস্কাৰ কৰাৰ চেষ্টা কৰে। এয়া হ’ল ব্যক্তিত্ব গঠনৰ সময়। সেয়েহে সকলোৱেই এই সময়ছোৱাত এক ধৰণৰ (Identity Crisis) সমস্যাত ভোগে। নৈতিকতাবোধ, মূল্যবোধ, সামাজিক দায়বদ্ধতা আদি বাস্তৱৰ নানা জটিলতা কিশোৰসকলে নিজে ফঁহিয়াই চাব নোৱাৰে। তেওঁলোকৰ মনত গঢ়ি উঠা আদৰ্শৰ লগত বাস্তৱৰ সংঘাতে তেওঁলোকৰ মনত সংঘাতৰ জন্ম দিয়ে। ই হ’ল নিজস্বতাৰ সংঘাত। কেতিয়াবা এনে শক্তিশালী সংঘাতেই সমাজৰ গাঁথনিও সলাই পেলাই নতুন সমাজ সৃষ্টিত অৰিহণা যোগায়। সেয়েহে লেখিকাই এই নিজস্বতাৰ সংঘাতক কৈশোৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হিচাপে চিনাক্ত কৰিছে।

(গ) “আজিৰ যুগ বিশ্বায়নৰ যুগ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয়যাত্ৰাৰ যুগ।”

উত্তৰঃ বিশ্বায়ন আৰু বিজ্ঞানৰ বিকাশৰ ফলত আজিৰ সমাজ এক সম্পূৰ্ণ নতুন পৰিৱৰ্তনৰ সন্মুখীন হৈছে। বিশ্বায়ন আৰু বিজ্ঞান-প্ৰযুক্তিবিদ্যা একে সময়ত একে সমাজৰ ভিতৰত একাধিক প্ৰভাৱিত ক্ষেত্ৰৰ পৰিৱর্তন ঘটাইছে।

বিশ্বায়ন এক গতিৰ সঞ্চালিত প্ৰক্ৰিয়া। একেদৰে সামাজিক, আৰ্থিক, আৰু সাংস্কৃতিক পৰিসৰে পৃথিৱীটো একে সাৰ্ভিসেৰে সংযোগিত হৈছে। আজিৰ যুগত এক দেশৰ পৰা আন দেশলৈ মালামাল, ধন, তথ্য, আৰু সাংস্কৃতিক অভিবাদন খুব সহজে আদান-প্ৰদান হয়। ইন্টাৰনেট, টেলিযোগাযোগ ব্যৱস্থা আৰু অন্যান্য বিশ্বায়নৰ প্ৰযুক্তি ব্যৱস্থাৰ সাহায্যে সাৰ্ভিসৰ পৰিসৰ সাৰ্বজনীন হৈছে। ফলস্বৰূপে, আজিৰ সমাজত পৃথিৱীটোৰ একাংশ যেন এক বৃহৎ গাঁৱত পৰিণত হৈছে।

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সমূহৰ বিকাশৰ ফলত আমাৰ দৈনন্দিন জীৱনলৈ বহু সুবিধা আহিছে। চিকিৎসা, কৃষি, তথ্য-প্ৰযুক্তি, আকাশযান, শক্তি উৎপাদন আদিত বৈপ্লবিক পৰিৱৰ্তন ঘটিছে। চিকিৎসা ক্ষেত্ৰত নতুন নতুন দৱাই, শল্য চিকিৎসা আৰু বায়’টেকন’ল’জি ব্যৱহাৰ কৰি বহু জীৱন ৰক্ষা কৰা হৈছে। কৃষিত কৃষিজ উৎপাদন আৰু ব্যৱস্থাপনা পদ্ধতিৰ প্ৰযুক্তিগত উন্নতিৰ ফলত অধিক ফলাফল লাভ কৰা হৈছে। টেলিযোগাযোগৰ উন্নতিত পৰিসৰ বাচি, আজিৰ লোকবোৰ দেশৰ পৰা দেশৰ ভিতৰত একে সময়তে আন্তঃসংযোগিত হৈ পৰিছে।

বিশ্বায়ন আৰু বিজ্ঞানৰ একেলগে বিকাশে সামাজিক দৃষ্টিভংগীতো এক বিশেষ পৰিৱৰ্তন ঘটাইছে। বিশেষকৈ লোকৰ চিন্তাধাৰা, জীবনাচৰণ আৰু সংস্কৃতিৰ ক্ষেত্ৰত। আজিৰ মানুহৰ চিন্তাধাৰা আগৰকৈ অধিক বিশ্বজনীন হৈছে। যেতিয়া একে সময়তে পৃথিৱীটোৰ বিভিন্ন প্ৰান্তত একে মঞ্চত লোকবোৰে একে সময়ত নিজৰ মতামত প্ৰকাশ কৰে, তেতিয়া বিশ্বায়নৰ শক্তি আৰু প্ৰযুক্তিৰ প্ৰভাৱ দেখা যায়। যাত্ৰাৰ পৰা পঢ়াশালাৰ ভিতৰত আৰু কৰ্মস্থলীত সকলোৰে একে পৰিসৰে চিন্তাভাবনা কৰা হৈছে।

তথাপিও, বিশ্বায়ন আৰু বিজ্ঞান-প্ৰযুক্তিবিদ্যা একে সংগে একাধিক পৰিস্থিতিত সমস্যাও সৃষ্টি কৰিছে। শ্ৰমিকৰ অধিকাংশ লোকৰ অৱস্থাৰ উন্নতি হোৱা নাই। গ্ৰাম্য সমাজৰ লোকৰ পৰিসৰে এতিয়াও সঁচাকৈ সুফল লাভ কৰিবলৈ নোৱাৰিছে। বিশেষকৈ নিৰ্দিষ্ট পৰিসৰে সাংস্কৃতিক ভেদাভেদ আৰু পৰিবেশৰ বিষন্নতা এক প্ৰস্তুত কৰিছে।

১২। চমুকৈ লিখাঃ (যিকোনো দুটা)

(ক) ধাতুৰ পিছত যোগ হোৱা প্রত্যয়ক কি প্রত্যয় বোলে? চাৰিটা উদাহৰণ ভাঙি দেখুওৱা।

উত্তৰঃ ধাতুৰ পিছত যোগ হৈ যি প্রত্যয়ে নতুন অর্থবাচক শব্দৰ সৃষ্টি কৰে, তেনে প্রত্যয়কে কৃৎ প্রত্যয় বোলে। অসমীয়া ভাষাত ব্যৱহাৰ হোৱা কিছুমান কৃৎ প্রত্যয়ৰ ব্যৱহাৰ তলত দেখুওৱা হ’ল-

ধাতু+কৃৎ প্রত্যয়=নতুন অর্থবাচক শব্দ
বহ্+-উৱা=বহুৱা
শো+-অন=শোৱন
নাচ্+-অনী=নাচনী
কান্দ+-উৰা=কান্দুৰা

(খ) বিভক্তি কাক বোলে? বিভক্তিৰ শ্ৰেণী বিভাজন কৰি দেখুওৱা।

উত্তৰঃ প্রকৃতি অর্থাৎ প্রাতিপাদিক আৰু ধাতুৰ পিছত যিবোৰ চিন যোগ কৰি পদ গঠন কৰা হয় আৰু বাক্যত পদবোৰৰ স্থান নির্ণিত হয়, সেই চিনবোৰকেই বিভক্তি বুলি কোৱা হয়।

ই দুবিধ

(১) শব্দ বা নাম বিভক্তি। আৰু

(২) ক্রিয়া বিভক্তি।

(১) নাম বিভক্তি: প্রাতিপাদিকৰ লগত যিবোৰ বিভক্তি যোগ হৈ বাক্যত স্থান নির্ণয় কৰে, পদবোৰৰ পাৰস্পৰিক অন্বয় বা সম্বন্ধ দেখুৱায়, সেইবোৰেই নাম বিভূক্তি। কাৰক নিৰ্ণয় কৰে বাবে কাৰক বিভক্তিও বুলি কোৱা হয়।

(২) ধাতুৰ বিভক্তি বা প্রক্রিয়া বিভক্তি: ধাতুৰ পিছত বিভিন্ন পুৰুষ আৰু কালত যিবোৰ চিন ব্যৱহাৰ হৈ ভাৱ প্রকাশ কৰে তাকেই ক্রিয়া বিভক্তি কোৱা হয়।

যেনে-

নিত্য বর্তমান কালত বিভিন্ন পুৰুষ- কৰ ধাতু

তই কৰ     তহঁতে কৰ

তুমি কাৰাঁ    তোমালোকে কৰাঁ

সি কৰে       সিহঁতে কৰে

মই কৰোঁ     আমি কৰোঁ।

(গ) মানৱ শৰীৰৰ অংগ বুজোৱা তিনিটা ভিন্ন জতুৱা ঠাঁচৰ প্রয়োগ লিখাঁ।

উত্তৰঃ চকু লগা (টোপনি অহা) – মানুহে বেছি পৰিশ্ৰম কৰিলে চকু লগা হয়।

কঁকাল ভগা (দুৰ্বল হোৱা) – সময়ত খোৱা – বোৱা নকৰিলে কঁকাল ভগা হয়।

গা ধৰা (শকত হোৱা) – নিকিতাই ভিটামিন খোৱাৰ ফলত গা ধৰা হোৱা দেখা গৈছে।

১৩। তলৰ যিকোনো ছটা শব্দত যোগ হোৱা প্রত্যয়বোৰ ভাঙি কি প্রত্যয় যোগ হৈছে লিখাঁ:

পনীয়া, সমজুৱা, গল্পকাৰ, খাৱৰীয়া, লেখাৰু, সাহিয়াল, গুৰিয়াল, জোনাকী, পঢ়ুৱৈ

উত্তৰঃ পনীয়া – পনী + য়া = পনী (মূল শব্দ) + য়া (প্রত্যয়)।

সমজুৱা – সমজ + উৱা = সমজ (মূল শব্দ) + উৱা (প্রত্যয়)। 

গল্পকাৰ – গল + পকাৰ = গল্প (মূল শব্দ) + কাৰ (প্রত্যয়)।

খাৱৰীয়া – খাৱ + ঈৰীয়া = খাৱ (মূল শব্দ) + ঈৰীয়া (প্রত্যয়)।

লেখাৰু – লেখ + আৰু = লেখ (মূল শব্দ) + আৰু (প্রত্যয়)।

সাহিয়াল – সাহ + ইয়াল = সাহ (মূল শব্দ) + ইয়াল (প্রত্যয়)।

গুৰিয়াল – গুৰি + ইয়াল = গুৰি (মূল শব্দ) + ইয়াল (প্রত্যয়)।

জোনাকী – জোন + আকী = জোন (মূল শব্দ) + আকি (প্রত্যয়)।

পঢ়ুৱৈ – পঢ়ৱ + ঐ = পঢ়ৱ (মূল শব্দ) + ঐ (প্রত্যয়)।

১৪। তলত দিয়া জতুৱা-ঠাঁচবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য-ৰচনা কৰা: (যিকোনো চাৰিটা)

কথা চহকী, গা গধুৰ, ঘৰ গোনা, চকুৰ মণি, ঢৌতে খৰ মৰা, দাঁতে-ওঁঠে নলগা, মাটিৰ মানুহ, যাউতিযুগীয়া

উত্তৰঃ কথা চহকী – (বৰকৈ যি কথা কয়) কঁপিল এজন কথা চহকী লোক।

গা গধুৰ – (এলেহুৱা) বৰষুণৰ দিনত গা গধুৰ লগা যেন লাগে।

ঘৰ গোনা – (সদায় ঘৰতে বহি থকা) ঘৰ গোনা মানুহে জীৱনত উন্নতি কৰিব নোৱাৰে।

চকুৰ মণি – (অতি প্ৰিয় বা আদৰৰ) নিকিতা সকলোৰে চকুৰ মণি।

ঢৌতে খৰ মৰা – (ব্যস্ততাৰ মাজত সময় উলিয়াই) বা বহু ব্যস্ততাৰ মাজত ঢৌতে খৰ মাৰি তোমাৰ কামটো কৰিলো।

দাঁতে-ওঁঠে নলগা – (কাজিয়া পেচাল নকৰা) সীতা আৰু ৰাম দুয়োজনৰ মাজত দাঁতে-ওঁঠে নলগা সম্বন্ধ।

মাটিৰ মানুহ – (অতি সহজ সৰল লোক) পৰিমল এজন মাটিৰ মানুহ।

যাউতিযুগীয়া – (অত্যন্ত পুৰণি বা অতি প্ৰাচীন সময়ৰ বুলি বুজায়) মিউজিয়ামত সংৰক্ষিত যাউতিযুগীয়া পাত্ৰবোৰ ইতিহাস অধ্যয়নৰ বাবে বৰ মূল্যবান।

১৫। তলৰ যিকোনো এটি বিষয় লৈ এখন ৰচনা লিখা:

(ক) মাতৃভাষা শিক্ষণৰ প্ৰয়োজনীয়তা।

(আৰম্ভণি – মাতৃভাষা শিক্ষাৰ প্রয়োজনীয়তা – মাতৃভাষা মাধ্যমত শিক্ষাগ্রহণৰ ইতিবাচক দিশ – মাতৃভাষা আৰু স্বদেশপ্রেম – বিদ্যার্থী হিচাপে মাতৃভাষাৰ প্ৰতি তোমাৰ কৰণীয় সামৰণি।)

উত্তৰঃ আৰম্ভণি: মাতৃভাষা সকলোৰে আদৰণীয়। যিটো ভাষা এটি শিশুৱে মাকৰ কোলাতে শিকে, যিটো ভাষাৰ সহায়েৰে স্বাভাৱিক ভাৱে মনৰ ভাৱ প্ৰকাশ পায় আৰু যোগাযোগ স্থাপন হয় সেই ভাষাটোৱে হল মাতৃভাষা। শিশুৱে স্বাভাৱিক ৰীতিত পৰিৱেশৰ পৰা, বন্ধু-বান্ধব, আত্মীয়স্বজক অনুকৰণ কৰি মাতৃভাষা আয়ত্ব কৰে। সেয়ে মাতৃভাষাক বহুতে Frist Language বুলিও কয়। মাতৃভাষা জৰিয়তে যিমান সহজে মনৰ ভাৱ প্ৰকাশ কৰিব পাৰি আন এটা ভাষা শিকি তেনেদৰে মনৰ ভাৱ প্ৰকাশ কৰিব নোৱাৰি। কিয়নো অইন ভাষা শিকিব লাগিলে প্রথমে ভাষাটো শিকোতেই বহু খিনি সময়ৰ প্ৰয়োজন হব।

মাতৃভাষা শিক্ষাৰ বৈজ্ঞানিক ভিত্তি: ভাষা হৈছে মানুহৰ সংস্কৃতি তথা দৈনন্দিন জীৱনৰ আপুৰুগীয়া সম্পদ। যিকোনো শিক্ষা লাভ কৰিবলৈ হলে ভাষা বা মাধ্যম প্রয়োজন হয়। শিক্ষাৰ ক্ষেত্ৰত ভাষাৰ ভূমিকা অপৰিসীম। মাতৃভাষাত শিশু সকলে আনন্দ মনেৰে শিকিবলৈ সক্ষম হয়। মাতৃভাষাত শিক্ষা দান কৰিব পাৰিলে শিশুৰ মনত অধিক আনন্দ আৰু সাহস আহে। শিশু সকলৰ মানসিক বিকাশত মাতৃভাষাৰ ভূমিকা অতি তাৎপর্যপূর্ণ। জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল “কেঁচুৱাৰ শাৰীৰিক বিকাশৰ কাৰণে মাকৰ গাখীৰ যিমান প্ৰয়োজন, মানুহৰ মানসিক বিকাশৰ বাবে মাতৃভাষাৰো সিমানেই আৱশ্যক কাৰণ শিশুৱে প্ৰথম পাঠ মাকৰ ওচৰত আহৰণ কৰে। সেই কাৰণে মাতৃভাষাৰ ওপৰত কোনো এটা আন ভাষা জাপি দিয়াটো পাপ বুলি কোৱা হয়।”

মাতৃভাষাৰ শিক্ষাৰ প্ৰয়োজনীয়তা: যিটো ভাষাত অভ্যস্ত, যিটো ভাষাত সহজেই মনৰ ভাৱ প্ৰকাশ কৰিব পাৰি, যিটো ভাষা শুনিলেই বুজি পাব পাৰি, যিটো ভাষাই মনৰ প্ৰকাশিত শক্তি বৃদ্ধি কৰে, সেই ভাষাহে শিক্ষাৰ বাবে প্ৰয়োজন। বিদেশী ভাষাৰ সময়ত আয়ত্ব কৰি লোৱা হয়। ইংৰাজ সকলে আমাৰ দেশ শাসন কৰিবলৈ লোৱাৰ পিছৰে পৰা ইংৰাজী ভাষাৰ প্ৰচলন হল। ইংৰাজী বিদেশী ভাষা। সেই ভাষা শব্দ বিন্যাস, বাক্য গঠন প্রণালী আমাৰ মাতৃভাষাৰ লগত একে নহয়। ইংৰাজ সকলে আমাৰ অসম ইংৰাজী মাধ্যমৰ শিক্ষাৰ প্ৰদানৰ ব্যৱস্থা কৰিলে। বৰ্তমান সময়ত আমাৰ দেশৰ প্ৰায় ঢুকে কোনে সকলোতে ইংৰাজী মাধ্যমৰ বিদ্যালয় ভৰি পৰিল। ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ জাক জমকতাত যেন সকলো মোহাছন্ন। তাৰোপৰি ব্ৰিটিছসকলে স্কুল কলেজ, চৰকাৰী কাৰ্য্যলয় আদিত অসমীয়াৰ সলনি বাংলা ভাষা ব্যৱহাৰ কৰিছিল।

জ্ঞান লাভৰ বাবে ইংৰাজী বা বিদেশী ভাষা শিকাতো দৰকাৰ কিন্তু তাকে কৰিবলৈ যাওঁতে মাতৃ ভাষাক অৱজ্ঞা কৰিব নালাগে। নিজৰ মাতৃ ভাষা শিক্ষা যিমানেই গাঢ় হব সিমানেই চিন্তাৰাজি স্পষ্ট আৰু যুক্তিসংগত হব।

মাতৃভাষা আৰু স্বদেশপ্রেম: মানুহৰ আবেগ অনুভূতি প্রকাশ হয় মাতৃভাষা জৰিয়তে। ভাষাৰ প্ৰতি থকা আৱেগে মানুহৰ অন্তৰত দেশ প্ৰেমৰ চেতনা জাগ্ৰত কৰে। তদুপৰি ভাষিক একতাই মানুহৰ মনত জাতীয় সংহতিৰ ভাৱ বৃদ্ধি কৰে।

মাতৃভাষাক এৰি বিদেশী ভাষাৰে শিক্ষা প্রদান কৰিলে নিৰক্ষৰতা দূৰ কৰিব নোৱাৰি।

সামৰণি: গণতান্ত্রিক দেশত মাতৃ ভাষাৰে শিক্ষাৰ প্ৰচলন অধিক দৰকাৰ। কাৰণ মাতৃভাষাই এখন দেশৰ ভাষা, সাহিত্য, সংস্কৃতি আদি সকলো দিশৰ উন্নতিত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰে। তাৰোপৰি মাতৃভাষাৰ সম্পূর্ণ জ্ঞানৰ অবিহনে আন ভাষাৰ জ্ঞান আয়ত্ব কৰিবলৈ অতি কষ্টকৰ। আকৌ মানুহে যিখন দেশত জন্ম লৈ ডাঙৰ দীঘল হয়, সেই দেশৰ নজনাটো কেৱল দুর্ভাগ্য জনকেই নহয় অতি লজ্জাজনক। মাতৃভাষা শুদ্ধ কৈ জনিলেহে ভালকৈ চিন্তা কৰিব পাৰিব আৰু তেনে চিন্তাইহে দেশক সকলো দিশৰ পৰা উন্নতি তথা টনকিয়াল কৰিব পৰিব।

(খ) অসমৰ প্ৰাকৃতিক সম্পদ।

(আৰম্ভণি – প্রাকৃতিক সম্পদৰ শ্ৰেণীবিভাগ- ৰাজ্যৰ অর্থনৈতিক দিশ সবল কৰাত প্রাকৃতিক সম্পদৰ ভূমিকা- প্রাকৃতিক সম্পদৰ ৰক্ষণাবেক্ষণৰ উপায় – সামৰণি।)

উত্তৰঃ আৰম্ভণিঃ ভাৰতৰ ভিতৰত প্ৰাকৃতিক সম্পদত চহকী যি কেইখন ৰাজ্য আছে তাৰ ভিতৰত অসম অন্যতম আৰু অনন্য। কোনো বিধ প্রাকৃতিক সম্পদে ই এই ৰাজ্যত নোহোৱা নহয়। কিছুমান সম্পদ এতিয়াও অনাবিষ্কৃত হৈয়ে আছে। যিখিনি আৱিষ্কৃত হৈছে তাৰপৰাও স্বৰূপাৰ্থত অসমীয়া মানুহ খিনিয়েই সম্পূর্ণভাৱে উপকৃত হোৱা নাই। যি ৰাজ্য প্ৰাকৃতিক সম্পদত চহকী সেই ৰাজ্য শিল্প বাণিজ্য টো চহকী হয়। অসম কিন্তু ইয়াৰ ব্যতিক্রম। ইমানবোৰ প্ৰকৃতি জাত সম্পদ বা কেঁচা মাল থকা সত্ত্বেও অসম শিল্প বাণিজ্যত তেণেই পিছপৰা। যি দুটা এটা উদ্যোগ বা শিল্প অনুষ্ঠান গঢ়ি উঠিছে, তাৰোগৰাকি সাধাৰণতে বহিৰাগত। আনকি প্রকৃতি জাত কেচামালৰ ব্যৱসায়ো প্ৰধানকৈ অনা অসমীয়াৰ হাতত।

প্ৰাকৃতিক সম্পদৰ বিভিন্ন প্ৰকাৰঃ বনজাত, খনিজাত, জলজাত আৰু মাটিৰ উৰ্বৰতা হেতু কৃষিজাত বস্তু বোৰেই হল প্রাকৃতিক সম্পদ। আনকি পানী আৰু মাটিও প্রাকৃতিক সম্পদৰ লেখত পৰে।

সম্পদবোৰৰ ব্যৱহাৰঃ অসমৰ হাবিবোৰ নানান মূল্যবান গছগছনি, লতা গুল্মেৰে পৰিপূৰ্ণ। শাল, চেগুন, শলখ, আজাৰ আদি ঘৰ আৰু ঘৰুৱা আচবাব সজোৱা কামৰ কাৰণে উপযোগী। অসমৰ হাবিত দৰৱ-জাতীয় গছ-লতাও ঢেৰ পোৱা যায়। কাগজ শিল্প ঘাই উৎপাদন বাঁহ, জুইশলা কাৰখানাৰ ঘাই উৎপাদন শিমলু গছো এইদেশৰ হাবিত প্ৰচুৰ উৎপন্ন হয়। মচলাজাতিয় গছ, বৰসমমুৰি, মেজাংকৰি আদি ৰঙৰ গছ, হিমলুৰ তুলা আৰু লাৰ কাৰণেও অসমৰ হাবি বিখ্যাত। অসমৰ হাবিত জন্মাবেত আন এবিধ উল্লেখযোগ্য সম্পদ। হাবিৰ মাজত নানা বিধ ফল মূলো আপুনা আপুনি জন্মে। ইয়াৰ কোনো কোনো বিধ মানুহৰ খাদ্য। অসমৰ হাবিত ওপজা সুকাঠী গছ, নাহৰৰ গুটি পদ্ম কাঠ আৰু চিত্ৰ নলা বনৰ পৰা তেল আৰু সুগন্ধি দ্রব্য প্রস্তুত হয়। ইয়াৰ পৰ্বত আৰু হবিবোৰ নানান জন্তু জানো ৱাৰ, চৰাই চিৰিকতিৰ বাসভূমি। এইবোৰৰ ভিতৰত বাঘ, ভালুক, হাতী, গড়, পহু আদি আৰু ধনেশ, ময়োৰ, দেয়োৰাজ হাঁহ আদি চৰাই উল্লেখযোগ্য। হাতী আৰু গড় বৰ মূল্যবান জন্তু। এইবোৰ জন্তু দুৰ দেশলৈ চালান দি অসম চৰকাৰে বহু টকা আয় কৰে। বাঘ, ভালুক আৰু পহুৰ ছাল, পহু ৰ শিং, গড়ৰ ছাল আৰু খৰ্গ, হাতীৰ হাড়, দাত বৰ মূল্যবান। প্রাকৃতিক দুৰ্যোগ আৰু লুভিয়া চিকাৰিৰ উৎপাতত এইবোৰ জন্তু জান ৱাৰ আৰু চৰাই-চিৰীকতি লুপ পাবলৈ ধৰিছে। সেয়ে চৰকাৰে ইয়াৰ সুৰক্ষা ব্যৱস্থা কৰিছে। অসমত বর্তমান প্রায় সাত শ পঞ্চাশ বিধ বনৰীয়া চৰাই আছে। বনজ সম্পদৰ ভিত্তিত প্লাইউড, কাঠফলা কল, জুইশলা কাৰখানা ৰ নিচিনা দুই এটা সৰু সুৰা উদ্যোগৰ উপৰিও সম্প্রতি যোগীঘো পাত কাগজৰ কল স্থাপিত হৈছে আৰু জাগীৰোডৰ ওচৰত আৰু এটা কাগজৰ কল নিৰ্মাণৰ কাম ক্ষীপ্ৰগতিত আগবাঢ়িছে।

সামৰণিঃ অসমত যিমান বোৰ প্ৰাকৃতিক সম্পদ আছে, সেই আটাইকে উদ্ধাৰ কৰি তাক যথাযোগ্যভাৱে কামত লগাব পাৰিলে অসমৰ অৱস্থা নদন বদন নহৈ নোৱাৰে। তাৰ কাৰণে চৰকাৰ আৰু দেশৰ জনসাধাৰণে আগবাঢ়ি আহিব লাগিব। আনহাতে কোনো সম্পদেই চিৰস্থায়ী নহয়, তাক সংৰক্ষণ আৰু সংবর্ধন কৰি মিতব্যয়িতাৰে যদি কামত লগোৱা নহয়। অসমৰ প্ৰাকৃতিক সম্পদ ৰাজিৰ ব্যৱহাৰ টো মিতব্যয়িতা অৱলম্বন কৰি তাক সংৰক্ষণ আৰু সংবর্ধন নকৰিলে অচিৰেই ই নাইকিয়া হব। সেইবাবেই এই তিনিওটা ব্যৱস্থাত গুৰুত্ব দিয়া উচিত।

(গ) অসমৰ পৰিৱহণ ব্যৱস্থা।

(আৰম্ভণি অসমৰ পৰিৱহণ ব্যৱস্থাৰ প্ৰকাৰ – অসমৰ জল আৰু স্থল পৰিৱহণৰ সাম্প্রতিক ৰূপ – পৰিৱহণ ব্যৱস্থাৰ মান উন্নীতকৰণত সচেতনতা- সামৰণি।)

উত্তৰঃ আৰম্ভণি: অর্থনৈতিক উন্নয়নৰ সবাতোকৈ গুৰুত্বপূৰ্ণ দিশ হ’ল পৰিবহণ ব্যৱস্থা। উন্নত পৰিবহণ ব্যৱস্থা অবিহনে কোনো দেশ বা অঞ্চলৰ অৰ্থনৈতিক উন্নয়ন ঘটোৱা সম্ভৱ নহয়। কাৰণ উৎপাদনৰ বিভিন্ন উপাদানসমূহ চলাচল কৰাৰ মাধ্যমেই হ’ল পৰিবহণ ব্যৱস্থা। সকলো অঞ্চলত সকলো সামগ্ৰীৰ উৎপাদন নহয়। সেয়ে পৰিবহণ ব্যৱস্থাৰ মাধ্যমেদিহে অঞ্চলসমূহত সামগ্ৰীৰ সমবিতৰণ কৰি সকলো অঞ্চলৰ চাহিদা পূৰণ কৰিব পাৰি। কল-কাৰখানাৰ বাবে আৱশ্যকীয় কেঁচা-সামগ্ৰী পৰিবহণ যোগে দূৰ দূৰ ঠাইৰপৰা সংগ্ৰহ কৰা হয় আৰু পিছত তাত উৎপাদিত সামগ্রীও পৰিবহণ ব্যৱস্থাৰ যোগেদিয়ে প্রয়োজনীয় ঠাইলৈ পঠিওৱা হয়। ইয়াৰ ফলত নিষ্ক্রিয় প্রাকৃতিক সম্পদ উদঘাটন কৰি এইবোৰ যথোপযুক্তভাৱে ব্যৱহাৰযোগ্য কৰি তোলা সম্ভৱ হৈছে।

একেদৰে কল-কাৰখানাৰ উৎপাদিত সামগ্রীও অইন ঠাইলৈ পঠিয়াব পৰা হৈছে। পৰিবহণ ব্যৱস্থাৰ জৰিয়তেই ৰাহি অঞ্চলৰ সা-সামগ্ৰী ঘাটি অঞ্চললৈ নি ঘাটি অঞ্চলৰ চাহিদা পূৰণ কৰিব পৰা হৈছে। মানুহ ইঠাইৰপৰা সিঠাইলৈ যোৱাৰ মাধ্যমো পৰিবহণ ব্যৱস্থাই। মানুহৰ এই যাতায়াতে ইখন ঠাইৰ মানুহৰ সৈতে সিখন ঠাইৰ মানুহৰ ভাব-বিনিময় ঘটাইছে। এই ভাব বিনিময়ে মানুহৰ চিন্তা, বুদ্ধি-কৌশলৰ পৰিসৰ বঢ়াইছে, সমন্বয় সাধিত হৈছে। গতিকে সামগ্রিকভাৱে ক’বলৈ হ’লে পৰিবহণ ব্যৱস্থাই অর্থনৈতিক উন্নয়ন সাধন কৰাৰ লগতে মানৱ সভ্যতাৰ ইতিহাসকো ত্বৰান্বিত কৰে। উন্নত পৰিবহণ ব্যৱস্থা উন্নত সভ্যতাৰো পৰিচায়ক। ভাৰতৰ দৰে বিশাল আয়তনৰ দেশ এখনৰ জনগণৰ মাজত ভাবৰ আদান-প্ৰদানৰ ক্ষেত্ৰত পৰিবহণ ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি দেশবাসীৰ মাজত ঐক্য, শান্তি-সম্প্রীতি বজাই ৰাখি সমন্বয় সাধন কৰিছে। সেয়ে সকলো দিশলৈ চাই পৰিবহণ ব্যৱস্থাত উন্নয়নৰ চাবি কাঠি অভিহিত কৰিব পাৰি। অতীত কালত গৰু গাড়ী, হাতী, ঘোঁৰা, নাও আদিয়ে পৰিবহণ একামাত্র ভৰসা আছিল।

শস্যে-মৎস্যে ভৰপুৰ অসম নানা প্রাকৃতিৰ সম্পদেৰে সমৃদ্ধ। ইয়াত কয়লা, খাৰুৱাতেল, অভ্র, চূণশিল আদি খনিজ সামগ্ৰীৰ লগতে ইয়াৰ হাবিসমূহত নানা বিধ মূল্যৱান কাঠ আছে। কৃষি প্রধান ৰাজ্য হিচাপে কৃষি ক্ষেত্রতো এই ৰাজ্যৰ গুৰুত্ব কম নহয়। কিন্তু এই ৰাজ্যৰ পৰিবহণ ব্যৱস্থা উন্নত নোহোৱাৰ কাৰণে ৰাজ্যখন সম্পদেৰে ভৰপূৰ হোৱা সত্ত্বেও সমৃদ্ধিশালী ৰাজ্যত পৰিণত হ’ব পৰা নাই। অনুন্নত পৰিবহণ ব্যৱস্থাৰ বাবেই ৰাজ্যখন শিল্প-উদ্যোগৰ ক্ষেত্ৰতো অত্যন্ত পিছপৰা। যাতায়াত আৰু পৰিবহণ ব্যৱস্থা উন্নত নোহোৱা ঠাইত শিল্প-উদ্যোগ গঢ়ি উঠা সম্ভৱ নহয়। উন্নত পৰিবহণ ব্যৱস্থাই উদ্যোগীকৰণ সম্ভৱ কৰি তোলে। অসমত চাৰি প্ৰকাৰৰ পৰিবহণ ব্যৱস্থা আছে।

এই পৰিবহণ ব্যবস্থা কেইটা হ’ল-

(ক) আভ্যন্তৰীণ জল-পৰিবহণ।

(খ) ৰেল-পৰিবহণ।

(গ) পথ-পৰিবহণ। আৰু

(ঘ) বায়ু পৰিবহণ।

আভ্যন্তৰীণ জল পৰিবহণ: অসম জল সম্পদত চহকী। ভাৰতৰ মুঠ জলসম্পদৰ ৩১ শতাংশৰ অধিকাৰী অসম। অসম নদী, উপনদীৰে ভৰা ৰাজ্য। ইয়াৰ নদী আৰু উপনৈসমূহনাব্য। সেয়ে প্রাচীন কালৰেপৰা নাৱৰ জৰিয়তে জল-পৰিবহণ ব্যৱস্থাৰ প্ৰচলন হৈছিল। তুলনামূলকভাৱে অইন পৰিবহণতকৈ জল-পৰিবহণৰ খৰচ কম যদিও অসমৰ অৰ্থনৈতিক পৰিকল্পনাত জল পৰিবহণক আৱশ্যকীয় গুৰুত্ব নিদিয়াৰ ফলত এই পৰিবহণে গা কৰি উঠিব পৰা নাই। অসমৰ প্ৰধান নদী ব্রহ্মপুত্র। ১৯৮৮ চনত এই নদীৰ ধুবুৰীৰপৰা শদিয়ালৈকে থকা অংশটোক ৰাষ্ট্ৰীয় জলপথ বুলি ঘোষণা কৰা হয় যদিও এই পথছোৱাত আৱশ্যকীয় নদী বন্দৰসমূহ উন্নয়নৰ প্ৰচেষ্টা হাতত লোৱা নাই বাবে সা-সামগ্ৰী সৰবৰাহৰ ক্ষেত্ৰত আগবাঢ়িব পৰা নাই। মাথো তেজপুৰ, যোগীঘোপা, গুৱাহাটী, ডিব্ৰুগড়, নিমাতিঘাট আৰু বদতিঘাটত ওপঙা জেটি নিৰ্মাণ কৰা হৈছে। গুৱাহাটীৰ কাষৰীয়া পাণ্ডুত যান্ত্রিক পদ্ধতিৰে মাল উঠোৱা নমোৱাৰ ব্যৱস্থা গঢ় ল’বলৈ ধৰিছে। জল-পৰিবহণ ব্যৱস্থা উন্নত কৰাৰ থল থকা সত্ত্বেও ইয়াৰ উন্নয়নৰ প্ৰতি কাণসাৰ নিদিয়াৰ ফলত ই ৰেল পৰিবহণ আৰু পথ পৰিবহণৰ তীব্ৰ প্ৰতিৰোধৰ সন্মুখীন হ’ব হছে। চৰকাৰে এই পৰিবহণৰ উন্নয়নৰ বাবে সুপৰিকল্পিত আঁচনি গ্ৰহণ কৰা উচিত।

সামৰণি: অসম আর্থ-সামাজিকভাৱে ভাৰতৰ আন ৰাজ্যৰ তুলনাত পিছপৰা। অথচ অসম এখনি সম্পদেৰে ভৰপূৰ ৰাজ্য। পথ-পৰিবহণ, ৰেল, পৰিবহণ, জল পৰিবহণ আৰু আকাশী পৰিবহণ- এই সমূহ পৰিবহণ ব্যৱস্থাই অসমত অত্যন্ত দুর্বল। এই পৰিবহণ ব্যৱস্থাসমূহৰ উন্নতি নহ’লে অসমৰ উন্নতিও আশা কৰা টান। সেয়ে চৰকাৰ, ৰাইজ মিলি অসমৰ পৰিবহণ ব্যৱস্থা উন্নত কৰাৰ প্ৰয়োজন৷ অসমত নিবনুৱা সমস্যাইও ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পথত আগবাঢ়িছে। উন্নত পৰিবহণে ৰাজ্যখনত শিল্প-উদ্যোগ, বেহা-বেপাৰৰ সম্প্ৰসাৰণ ঘটায়। লগতে পৰিবহণ ব্যৱস্থালৈ উন্নতিৰ সৈতে কিছু সংখ্যক নিবনুৱাৰ সংস্থাপনৰ ক্ষেত্ৰত ওলায়। গতিকে অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নতিৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে শীঘ্ৰে ব্যৱস্থা ল’ব লাগে। উন্নত পৰিবহণ ব্যৱস্থাই অসমৰ অনগ্ৰসৰতা দূৰ কৰাত সহায়ক হ’ব।

(ঘ) গ্রন্থমেলা আৰু অসমীয়া গ্ৰন্থৰ ভৱিষ্যৎ।

(আৰম্ভণি – গ্রন্থমেলা মানে কি? – লেখক সৃষ্টিত গ্রন্থমেলাৰ ভূমিকা – বিশ্বায়নৰ প্ৰভাৱত অসমীয়া গ্ৰন্থৰ ভৱিষ্যৎ – সামৰণি।)

উত্তৰঃ আৰম্ভণি: গ্রন্থ হৈছে মানৱ জীৱনৰ অমূল্য সম্পদ। কিতাপৰ সমান পৰম বন্ধু নাই বোলা হয়। সভ্যতাৰ বিকাশত যুগে যুগে গ্ৰন্থই গ্ৰহণ কৰে বৰণীয়া ভূমিকা। গ্ৰন্থই ৰচনা কৰে মানসিক সেঁতুবন্ধন। মানুহৰ জীৱনত গ্রন্থই যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰি থাকে। কিতাপ নথকা ঘৰক খিৰিকীবিহীন কোঠাৰ লগত তুলনা কৰা হয়। সেইবাবে গ্ৰন্থৰ মেলা হ’ল জ্ঞান- বিস্তাৰৰ মেলা। গ্রন্থমেলা লেখক, পাঠক, প্রকাশকৰ মিলনভূমি। লেখকে কিতাপ লিখি দিয়ে, প্রকাশকে তাক ৰুচিসম্মতভাৱে ধুনীয়াকৈ নির্ভুলভাবে ছপাই বন্ধাই উলিয়াব লাগে আৰু পাঠকে তাক কিনি পঢ়িব লাগে। এই তিনিওৰে উপযুক্ত সংযোগ নহ’লে ভাল গ্রন্থ নোলায়।

গ্ৰন্থ আৰু গ্ৰন্থমেলা: গ্রন্থমেলাই গ্রন্থ- চেতনা সৃষ্টি কৰে। গ্রন্থমেলাত কিতাপৰ বিনিময়, পাঠকে একেঠাইতে বিচৰা কিতাপ পোৱাৰ সুবিধা লাভ কৰে, পৃথিৱীৰ বিভিন্ন ঠাইত বৃহৎ বৃহৎ গ্রন্থমেলা অনুষ্ঠিত হৈ থাকে। বছৰে, দুবছৰে এনেবোৰ মেলা বহে। সিবোৰত কোটি কোটি টকাৰ গ্ৰন্থ বিক্রী হয়। নেদাৰলেণ্ডত প্ৰতি বছৰে ১ নিযুত গ্রন্থ বিক্রী হয় বুলি জনা যায়। দ্বাদশ বিশ্ব গ্রন্থমেলাত ২০ কোটিৰো অধিক টকাৰ কিতাপ বিক্ৰী হোৱা বুলি প্রকাশ পাইছে। আন্তর্জাতিক পৰ্যায়ৰ গ্ৰন্থমেলা অনুষ্ঠিত হয় মস্কো, কাইৰো, লণ্ডন, চিংগাপুৰ, মেনিলা, বাহৰেইন্ আদি ঠাইত তাৰোপৰি মেক্সিকো, আংকাৰা, ত্রিনিদাদ আৰু টবেগো, জিম্বাবুৱে, হাভানা, কুৱালালামপুৰ, মৰিছাছ, বেলগ্রেড্, খাটুম, ঢাকা আদিতো বিশাল গ্রন্থমেলা হয়। ভাৰতে সেইবোৰত অংশগ্ৰহণ কৰি আহিছে।

অসমৰ গ্ৰন্থমেলা – গ্ৰন্থ প্রকাশনৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান পঞ্চম। সেইবাবে এই শতিকাৰ তৃতীয় দশক মানৰ পৰাই ভাৰতৰ বিভিন্ন ঠাইত গ্ৰন্থ বিক্ৰীৰ সৰু-বৰ উদ্যোগে গঢ় লৈ উঠিছিল। মেলা জাতীয় অনুষ্ঠানতো গ্রন্থ বিক্ৰী আৰম্ভ হৈছিল। কেৰেলা, পশ্চিমবংগ, ত্ৰিপুৰা, আদিত হোৱা গ্রন্থমেলাবোৰে এতিয়া বিশেষ সমাদৰ লাভ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ ত্ৰিপুৰা, মেঘালয় আৰু অসমত বছৰি গ্ৰন্থমেলা হয়।

সামৰণি: এটা অভিযোগ শুনা যায় গ্রন্থমেলা বেছি হৈছে কিন্তু নতুন কিতাপৰ সংখ্যা তেনেদৰে বঢ়া নাই। অসমৰ জাতীয় উন্নতিৰ বাবে প্রকাশকসকলে পাঠকৰ বাবে নতুন নতুন গ্রন্থ যোগান ধৰিব লাগিব। প্রসিদ্ধ লেখক হোমেন বৰগোহাঞিয়ে কিতাপক “জীৱনৰ সঞ্জীৱনী সুধা” বুলিছে। সেই বাবে আমাক প্ৰতি বছৰে নতুন নতুন ভাল কিতাপ লাগে। তাৰ ঠাইত একেবোৰ কিতাপকে দেখি থাকিলে গ্ৰন্থমেলাৰ প্ৰতি পাঠকৰ আকৰ্ষণ নোহোৱা হ’ব। গ্রন্থমেলাৰ আয়োজনতো বিজ্ঞজনহে থকা উচিত। সম্পূর্ণ ব্যৱসায়িক স্বার্থত এনে মেলা পাতিলে গ্ৰন্থ-গ্রন্থকাৰ অথবা পাঠক কাৰো কল্যাণ নহয়।

(ঙ) দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ।

(আৰম্ভণি – দৈনন্দিন জীৱন-যাত্রাত বিজ্ঞানৰ অৱদান – দৈনন্দিন জীৱনত বিজ্ঞানৰ উপকাৰিতা-অপকাৰিতা – সামৰণি।)

উত্তৰঃ আৰম্ভণিঃ মানৱ সভ্যতাৰ ক্ৰম বিকাশৰ লগে লগে মানুহৰ জীৱন ধাৰণ প্ৰণালীও উন্নতৰ হবলৈ ধৰিছে। মানুহৰ জীৱন ধাৰণাৰ প্ৰণালী উন্নত হোৱাৰ মূলতেই হৈছে বিজ্ঞান। জল-স্থল, আকাশ-বতাহ সকলোতে আজি বিজ্ঞানৰে ৰাজত্ব। ৰাতিপুৱা শুই উঠাৰ পৰা নিশা টোপনি যোৱালৈকে আমাৰ প্ৰত্যেক কামতে বিজ্ঞানৰ সহায়তা অপৰিহার্য। বিজ্ঞান এতিয়া আমাৰ হাতৰ লাখুটি। বিজ্ঞান অবিহনে আমি অন্ধ। সেয়ে কোৱা হয়- ‘বৰ্তমানৰ যুগ বিজ্ঞানৰ যুগ’।

বিজ্ঞানৰ অৱদান: মানুহৰ দৈনন্দিন জীৱনৰ কৰ্ম-প্রণালী আৰু জীৱন-যাত্রা বিজ্ঞানকেই কেন্দ্ৰ কৰি পৰিচালিত হৈছে। এজন মানুহে পাটীৰপৰা উঠিয়েই দাঁত ঘঁহিবলৈ অকণমান টুথপেষ্ট ব্রাছডালৰ মূৰত লগাই লৈছে; টুথপেষ্ট, ব্ৰাছ বিজ্ঞানৰে অৱদান। অর্থাৎ চকু মােহাৰিয়ে যি বস্তুত হাত দিছাে বিজ্ঞানে যােগান ধৰিছে। মুখখন ধুবলৈ পানী বিচাৰি টেপত হাত দিছে; পানীও বৈজ্ঞানিক যন্ত্রই যােগান ধৰিছে টেপটোও যােগান ধৰিছে; তাৰ পাছত এডােখৰ কটি বা লােফ লৈ একাপ চাহত মুখ দিছাে। ৰুটি, লােফ, চাহৰ পিয়লা, চাহপাত তৈয়াৰ কৰিছে বৈজ্ঞানিক আহিলাই। পুৱা ৰেডিঅ’টো পকাই দি বন্দনা অনুষ্ঠান শুনি মনটোত পবিত্রতা সানি লৈ শ্ৰষ্টাৰ প্ৰতি কৃতজ্ঞতাত দিনটো শান্তিৰে অতিবাহিত কৰিবলৈ তেওঁৰ চৰণত মূৰ দোৱাইছো; ধূপ এডাল জ্বলাই কোঠাটোৰ পৰিৱেশ মধুৰ কৰি লৈছাে। এনেতে বাতৰি কাকতখন আহি হাতত পৰিছে, জগতত বাতৰি, ৰেডিঅ’টোৰ যােগে আৰু কাকতখনৰ যােগে নিচেই পুৱাতে ঘৰতে বহি পাইছাে।

আনহাতেদি গৃহিণীয়ে গৃহস্থক ৰান্ধি বাঢ়ি খুৱাই অফিচ-কাছাৰী, স্কুল-কলেজলৈ পঠাবলৈ ৰন্ধা-বঢ়াৰ ব্যৱস্থা কৰিছে; পুৱাতে কেঁচা শাক-পাচলি, নপচা মাছ উলিয়াই আনিছে ফ্রিজৰপৰা। ষ্টোভটো জ্বলাইছে হয় কেৰাচিন তেলেৰে বা গেছ ব্যৱহাৰ কৰিহে নাইবা ইলেকট্রিক হিটাৰত কুকাৰটো বা ৰন্ধা পাত্র বহুৱাই দিছে; পােন্ধৰ-বিশ মিনিটৰ পাছত ৰন্ধা শেষ। তেল পাইছাে মিলৰপৰা, মছলা পাইছাে মেচিনত গুৰি কৰা; সামান্য পৰিশ্ৰমতে আৰু কম সময়তে ৰন্ধাবঢ়া শেষ হল বিজ্ঞানৰ সঁজুলিয়ে আমাৰ পৰিশ্ৰমাে কমাই দিলে আৰু সময়াে ৰাহি কৰি দিলে। কার্যালয় যদি ওচৰতে হয়, খােজ কাঢ়ি যাব পাৰি; অলপ দূৰ হ’লে চাইকেল, মইৰ চাইকেল ৰিক্সা, মটৰ বা ৰেলত গৈ কলিকতাৰ নিচিনা ঠাইত ট্রামেৰে গৈ কম সময়ত আৰু কম খৰচতে উপস্থিত হ’বগৈ পাৰি।

কাগজ, কলম, পেন্সিল, চিয়াঁহী আদি যন্ত্রই তৈয়াৰ কৰি আমাক সহায় কৰি দিছে; কিতাপ, পুথিৰ হাজাৰ হাজাৰ কপি কম সময়ত তৈয়াৰ কৰি দি ছাত্র-ছাত্রী বিদ্যা-শিক্ষাত সহায় কৰি দিছে। কোর্ট, কাছাৰী, কাৰ্যালয়ত আৱশ্যকীয় লাখ লাখ ৰচিদ, ফর্ম, বহী-পত্ৰ যন্ত্ৰত দিনে ৰাতি তৈয়াৰ হৈ আছে; যাৰ ফলত কোনাে কাগজ-পত্ৰৰ অভাৱ নােহােৱাকৈ অবিৰামভাৱে চৰকাৰী-বেচৰকাৰী সকলাে কামকাজ সুকলমে চলি আছে। দৈনিক কলম পিহি পিহি শ্ৰম কৰাৰপৰা ত্রাণ কৰিছে টাইপ ৰাইটাৰে, কম্পিউটাৰ লিথু যন্ত্রই। বিজুলী বস্তিয়ে জগৎ জোনালীময় কৰি তুলিছে; এটা বুটাম টিপিয়েই ৰঙা, বগা, সেউজীয়া, নীলা, হালধীয়া কত ধৰণৰ যে পােহৰৰ সমাৱেশ ঘটাব পাৰি চকুৰ নিমিষতে।

গ্রীষ্মৰ উৎকট গৰমৰপৰা পৰিত্ৰাণ পাইছে বিজুলী-পাংখাৰ সহায়ত; হাড় কঁপােৱা জাৰৰপৰা মানুহ ৰক্ষা পৰিছে শীততাপ নিয়ন্ত্রিত ব্যৱস্থাৰ যােগেদি। দিনটোৰ পৰিশ্ৰমৰ ফলত হােৱা ক্লান্তি দূৰ কৰিছাে ছবিঘৰত সােমাই মানসিক আনন্দ লাভ কৰি। সময়কো জুখিছাে ঘড়ীৰ সহায়ত; সময় জুখি জুখি কামৰ ভাগ কৰিবলৈ সমৰ্থ হৈছে ঘড়ীৰ বাবেই। ৰং-বিৰঙৰ, লাহ-বিলাহৰ সাজ-পাৰ, বিলাসৰ সামগ্রী, নানা খাদ্যসামগ্রী  বিজ্ঞানে যােগান ধৰি মানুহক সভ্যতাৰ বাটত দ্রুতগতিৰে আগবাঢ়ি যােৱাত প্রভূত সহায় কৰিছে। মানুহে আজি সময়ৰ লগত উৰি ফুৰিছে বিজ্ঞানক বুকুত লৈ।

আজিৰ খেতিয়কেও পাৱাৰ টিলাৰ ট্ৰেক্টৰ, ৱাটাৰ পাম্পৰ সহায়ত কম পৰিশ্ৰমত, অধিক উপার্জন কৰিবলৈ সমৰ্থ হৈছে। ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি এগুণত পাঁচগুণ উপার্জন কৰিবলৈ একেডৰা মাটিতে তিনি-চাৰিটাকৈ বছৰটোত খেতি কৰিবলৈ সক্ষম হৈছে। যিখিনি ধানৰ চাউল উলিয়াবলৈ টেকীত দহদিন বানিবলগা হৈছিল, সেইখিনি এঘণ্টাতে বানি দি এক কুইন্টল সৰিয়হ এঘণ্টাতে পেৰি তেল উলিয়াই বিজ্ঞানে আমাক পৰিশ্ৰমৰপৰা ৰেহাই দিছে। শিপিনীক সূতাৰ যােগান ধৰিছে যন্ত্রই; কাপােৰ-কানি পাইছাে যন্ত্ৰৰপৰা। জোতা-মােজা, চেলে পিন্ধি ভৰিকেইখনক আৰাম দিছে বিজ্ঞানৰ সহায়তে।

উপকাৰ: প্ৰত্যেক বস্তুৰে কাৰ্য আৰু কাৰণ আছে। আদিম মানুহৰ কোনোৱা এজনে আৱিষ্কাৰ কৰিছে যে শিলে শিলে ঘহনি খাই জুই উৎপন্ন হয়। তেতিয়াৰ পৰাই কাৰ্যকৰণৰ বিশ্লেষণ হ’ল আৰু মানুহৰ মনত বৈজ্ঞানিক দৃষ্টি ভঙ্গীৰ উদয় হ’বলৈ ধৰিলে। খ্রীষ্টীয় অষ্টাদশ শতিকাৰ শেষৰ পৰা উনবিংশ শতিকাৰ আদিভাগত বিজ্ঞানৰ সোণোৱাল যুগ বুলি কোৱা হয়। কিয়নো এইখিনি সময়ত বিজ্ঞানৰ নতুন নতুন আৱিষ্কাৰ হয়। বিজ্ঞানৰ আৱিষ্কাৰে এই পৃথিৱীখনক সংকুচিত কৰিছে। ছপাশাল, মটৰগাড়ী, বাই-চাইকেল, ৰেলগাড়ী, ৰেডিঅ’, টেলিভিশন আদিৰ আৱিষ্কাৰে পৃথিৱীৰ এটি কোনত এটা ঘটনাৰ সংবাদ অইন এটা কোনলৈ অলপ সময়ৰ ভিতৰত কঢ়িয়াই আনিছে। ইংলেণ্ডত হোৱা খেল ভাৰতৰ কোনো এটি কোঠাৰ এচুকত বহি উপভোগ কৰিব পৰা হৈছে।বিজ্ঞানৰ ফলত বহু ধৰণৰ তত্ত্ব জানিবলৈ সক্ষম হৈছে। বিজ্ঞানৰ আৱিষ্কাৰৰ ফলত মহাকাশত গ্রহ- নক্ষত্ৰৰ ৰহস্যৰ সন্ধান, ৰকেটৰ মহাকাশত বিচৰণ,জোনৰ বুকুত ভৰি দিবলৈ সক্ষম হৈছে।

অপকাৰ: বিজ্ঞানৰ এই বিপুল সম্ভাৰে এনেভাৱে প্ৰভাৱ বিস্তাৰ কৰি প্ৰকৃততে সকলাে ক্ষেত্ৰতে আমাৰ কল্যাণেই সাধন কৰিছেনে? এই ক্ষেত্ৰত ডাইনৰ এষাৰ কথা প্রণিধানযােগ্য। ডাইনে কৈছিল যে বিজ্ঞানে মানুহৰ চিন্তাশক্তি এনেভাৱে বৃদ্ধি কৰিছে আৰু শাৰীৰিক শ্রম এনেভাৱে কমাই তুলিছে যে এসময়ত মগজুৰ বৃদ্ধি হৈ হৈ মানুহৰ মূৰটো ডাঙৰ হৈ পৰিব আৰু হাত-ভৰিৰ চালনা নােহােৱাৰ বাবে চিয়াঁ হৈ কেংগেৰুৰ আগ ঠেং দুখনৰ দৰে হ’বগৈ; আৰু শেষত মানুহটো হৈ পৰিব কুষ্মাণ্ডসদৃশ। এই মন্তব্য হাঁহি উৰুৱাই দিব পাৰি; কিন্তু তাৰ সত্যতা নুই কৰিব নােৱাৰি। বিজ্ঞানে পৃথিৱীখন সমৃদ্ধিশালী কৰি তুলিছে সঁচা, দৈনন্দিন জীৱন আৰামদায়ক আৰু সহজসাধ্য কৰি তুলিছে সঁচা, কিন্তু অত্যধিক অমৃতেও বদহজমীৰ সৃষ্টি কৰাৰ দৰে, প্ৰচুৰ আৰামৰ, আমােদ-প্রমােদৰ, বিলাসিতাৰ সামগ্ৰীয়ে মানুহক ভাৰাক্ৰান্তও কৰি তুলিবলৈ বােধহয় বৰ বেছি দিন নাই। গাড়ী মটৰৰ আৱির্ভাৱে মানুহক এলেহুৱা কৰিছে; দুখােজ বাটো মানুহে খােজ কাঢ়ি যাবলৈ আজি কালি ইচ্ছা নকৰে৷ মানুহৰ যুক্তি-ভৰিক কিয় কষ্ট দিওঁ? সেই ভৰি এদিন পংগু নহৈ থাকিবনে?

যন্ত্ৰৰ দ্বাৰা উৎপাদিত সামগ্রীবােৰ পাই আমি ঘৰতে হাতেৰে তৈয়াৰ কৰি ল’ব পৰা সামগ্ৰীবােৰক অৱহেলা কৰিছাে, পাহৰি গৈছাে। অজ্ঞতাত অৱহেলাত আমাৰ বহুতাে কুটীৰ-শিল্প কালৰ বুকুত হেৰাই যাবলগা হৈছে। বিজ্ঞানে মুখতে যােগােৱা নানাবিধ মছলা, সুস্বাদু খাদ্য সামগ্রী পাই পুৰণি কুজিথেকেৰা, গাজটেঙা, কাঁহুদি, খালি আৰু কত কি যে বস্তু আমি পাহৰি পেলাইছাে। পৰিণামত আমাৰ পেটটো বেমাৰৰ ভঁৰাল কৰি লৈছাে। কল-কাৰখানাৰ আৱৰ্জনাই, ধোঁৱাই বায়ুমণ্ডল বিষাক্ত কৰি তুলিছে, নগৰ চহৰৰপৰা উটুৱাই দিয়া আৱৰ্জনাবােৰে নদ-নদীবােৰ বিষাক্ত কৰি তুলিছে। নানা  বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা, বিস্ফোৰণ আদিয়েও বায়ুমণ্ডলত তেজস্ক্রিয়তাৰ সৃষ্টি কৰি, বেমাৰৰ জীৱাণুৰে পৃথিৱী ভৰপূৰ কৰি মানুহক মৃত্যু মুখলৈ ঠেলি দিছে।

সামৰণিঃ বিজ্ঞানে কৃষি, শিল্প, বাণিজ্য, যাতায়ত আদি আটাইৰে পৰিৱৰ্তন সাধিছে। কিন্তু সকলো বস্তুৰে এটি সৃজনাত্মক আৰু এটি ধ্বংসাত্মক দিশ থকাৰ দৰে বিজ্ঞানৰ আবিষ্কাৰ সমূহৰো কিছুমান ধ্বংসাত্মক ফাল আছে। বিজ্ঞানে বিভিন্ন মাৰাণাস্ত্ৰ আৱিষ্কাৰ কৰিছে। মহাযুদ্ধত ‘হিৰোশ্বিমা’ আৰু ‘নাগাচাকি’ নামৰ চহৰ দুখন যেতিয়া ধংসস্তুপত পৰিণত হ’ল, তেতিয়া বিজ্ঞানীসৱৰ ‘এটমবোম’ হৈ পৰিল বিজ্ঞানৰ অভিশাপ স্বৰূপ। তথাপিও আমি ইয়াৰ বাবে অকল বিজ্ঞানকে দায়ী কৰিব নোৱাৰোঁ। কিয়নো, বিজ্ঞান হ’ল মাথো এটি শক্তি। ই নিজে নিজে কেতিয়াও কাৰো ক্ষতি কৰিব নোৱাৰে। ইয়াৰ বাবে দায়ী হ’ল ইয়াক প্রয়োগ কৰা মানুহ নিজেই। বিজ্ঞান শক্তিৰ অসৎ ব্যৱহাৰে আমাৰ অন্তৰত থকা আদিম পাশৱিক হিংস্র – প্ৰকৃতিৰ কথাকেহে সুচায়। বিজ্ঞানে নিজে মানৱ সমাজ গড়াতো সহায় নকৰে আৰু কেতিয়াও যুদ্ধৰো সুচনা নকৰে, বৰং ই মানৱ সমাজক উন্নতিৰ পথত আগুৱাই যোৱাতহে সহায় কৰে।

বিজ্ঞানে আমাৰ জ্ঞানৰ পৰিধিৰ বিকাশ ঘটাইছে। সমাজৰ কু-সংস্কাৰবোৰ আঁতৰাই এক নতুন দৃষ্টি-ভংগী গঢ়ি তোলাত সহায়ক হৈছে। মুঠতে বিজ্ঞান হৈছে মানৱ-সভ্যতাৰ অগ্ৰগতিৰ অনবদ্য আহিলা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top