AHSEC Class 12 Economics Question Paper Solved 2024 Assamese Medium | দ্বাদশ শ্ৰেণীৰ অৰ্থবিজ্ঞান পুৰণি প্ৰশ্নকাকত সমাধান

AHSEC Class 12 Economics Question Paper Solved 2024 Assamese Medium | দ্বাদশ শ্ৰেণীৰ অৰ্থবিজ্ঞান পুৰণি প্ৰশ্নকাকত সমাধান, AHSEC Class 12 Economics Question Paper Solved PDF Download, দ্বাদশ শ্ৰেণীৰ অৰ্থবিজ্ঞান 2024 ৰ প্ৰশ্নকাকত সমাধান কৰা হৈছে to each Paper is Assam Board Exam in the list of AHSEC so that you can easily browse through different subjects and select needs one. AHSEC Class 12 Economics Previous Years Question Paper Solved 2024 can be of great value to excel in the examination.

AHSEC Economics Question Paper Solved

AHSEC Class 12 Economics Question Paper Solved 2024 Assamese Medium

Join Telegram channel

AHSEC Old Question Paper provided is as per the 2024 AHSEC Board Exam and covers all the questions from the AHSEC Class 12 Economics Solved Question Paper 2024 Assamese Medium. Access the detailed Class 12 Economics 2024 Previous Years Question Paper Solved provided here and get a good grip on the subject. Access the AHSEC 2022 Economics Old Question Paper Solved, AHSEC Class 12 Economics Solved Question Paper 2024 of Assamese in Page Format. Make use of them during your practice and score well in the exams.

ECONOMICS

2024

ECONOMICS OLD QUESTION PAPER SOLVED

ক – অংশ

1. তলত দিয়া প্রশ্নবোৰৰ যিকোনো চাৰিটাৰ উত্তৰ দিয়া:

(i) মধ্যৱর্তী দ্ৰৱ্য বুলিলে কি বুজা?

উত্তৰঃ দেশৰ সম্পদৰাজী ব্যৱহাৰ কৰি উৎপাদন কৰা সা-সামগ্ৰীবোৰ বজাৰৰ জৰিয়তে গ্রাহকলৈ যোগান ধৰা হয়। এই সামগ্ৰীবোৰৰ কিছুমান সামগ্রী হ’ল মধ্যৱর্তী ব্যৱহাৰ দ্ৰৱ্য আৰু আন কেতবোৰ হ’ল অন্তিম ব্যৱহাৰ দ্ৰৱ্য। মধ্যৱর্তী ব্যৱহাৰ দ্ৰৱ্যসমূহ প্ৰকৃতাৰ্থত কেঁচা সামগ্রী। উৎপাদন প্ৰক্ৰিয়াৰ মাজেৰে গৈ সেই কেঁচা সামগ্ৰীবোৰ অন্তিম ব্যৱহাৰ সামগ্ৰীলৈ ৰূপান্তৰিত হয়। ৰাষ্ট্ৰীয় কল্যাণ সাধন জড়িত হৈ আছে অন্তিম ব্যৱহাৰ সামগ্ৰীৰ উৎপাদন আৰু ভোগকাৰ্যৰ সৈতে। ৰাষ্ট্ৰীয় আয় এইবোৰ সামগ্ৰীৰ মুদ্রাগত মূল্যৰ মাধ্যমত প্ৰকাশ কৰা হয়।

(ii) যদি MPS = 1 হয়, MPC ৰ মান কিমান হ’ব?

উত্তৰঃ যদি MPS = 1 হয়, তেন্তে MPC ৰ মান 0 হ’ব।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(iii) প্রাথমিক ঘাটি = ৰাজকোষীয় ঘাটি – __________। (খালী ঠাই পূৰণ কৰা)

উত্তৰঃ প্রাথমিক ঘাটি = ৰাজকোষীয় ঘাটি – সুদ পৰিশোধ।

(iv) তলৰ কোনটো কেন্দ্রীয় বেংকৰ পৰিমাণবাচক ঋণ নিয়ন্ত্রণ পদ্ধতি নহয়?

(a) বেংক হাৰ।

(b) খোলা বজাৰ প্ৰক্ৰিয়া।

(c) পৰিৱৰ্তনশীল সংৰক্ষিত পুঁজিৰ অনুপাত।

(d) প্রত্যক্ষ নিয়ন্ত্রণ।

উত্তৰঃ (d) প্রত্যক্ষ নিয়ন্ত্রণ।

(v) পৰিৱৰ্তনশীল বিনিময় হাৰৰ এটা সুবিধা লিখা।

উত্তৰঃ পৰিৱৰ্তনশীল বিনিময় হাৰৰ এটা সুবিধা হ’ল— পৰিৱৰ্তনশীল বিনিময় হাৰ ব্যৱস্থাত বিনিময় হাৰ বজাৰ চাহিদা আৰু বজাৰ যােগান শক্তিৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়।

(vi) GDP সংকোচক কি?

উত্তৰঃ সাধাৰণ আৰু প্রকৃত GDP ৰ অনুপাতকেই GDP ৰ সংকোচক বুলি কোৱা হয়।

2. তলৰ প্ৰশ্নবোৰৰ যিকোনো পাঁচটাৰ উত্তৰ দিয়া:

(i) মূলধনী ব্যয় আৰু ৰাজহ ব্যয়ৰ মাজৰ পাৰ্থক্য লিখা।

উত্তৰঃ মূলধনী ব্যয় আৰু ৰাজহ ব্যয়ৰ মাজৰ পাৰ্থক্য হ’ল—

ৰাজহ ব্যয়মূলধনী ব্যয়
ৰাজহ ব্যয় হ’ল চৰকাৰৰ নিয়মীয়া ব্যয়।আনহাতে মূলধনীজাতীয় প্ৰবাৰ ক্ষেত্ৰত হোৱা ব্যয়েই হ’ল মূলধনী ব্যয়।
ৰাজহ ব্যয় হ’ল হ্রস্বকালীন।কিন্তু মূলধনী ব্যয় হ’ল দীর্ঘকালীন।

(ii) উচ্চক্ষমতাসম্পন্ন মুদ্রাৰ উপাদানসমূহ কি কি?

উত্তৰঃ উচ্চক্ষমতাসম্পন্ন মুদ্রাৰ উপাদানসমূহ হ’ল—

(ক) প্রচলনত থকা কাগজী নোট আৰু ধাতু মুদ্রা।

(খ) বাণিজ্যিক বেংকৰ ভল্ট মুদ্রা (vault cash).

(গ) ভাৰত চৰকাৰ আৰু বাণিজ্যিক বেংকবোৰে RBIত ৰখা জমা।

(iii) পৰিশোধৰ সমতাৰ মূলধনী হিচাপত কি কি বিষয় অন্তর্ভুক্ত হৈ থাকে?

উত্তৰঃ মূলধনী হিচাপত হ্রস্বকালীন আৰু দীর্ঘকালীন ঋণ আৰু ব্যক্তিগত আৰু চৰকাৰী বিনিয়োগৰ বিত্তীয় সম্পত্তিৰ লেন-দেনেৰে মূলধনী হিচাবে গঠিত হয়। এই হিচাবত চৰকাৰী ৰিজাৰ্ভৰ এছেটো অন্তর্ভুক্ত হয়। দীর্ঘকালীন মূলধনী লেনদেনৰ মূলধন, প্রত্যক্ষ বিনিয়োগ বিদেশী অংশপত্ৰ আৰু আন্তর্জাতিক ঋণসমূহ সামৰি লয়।

(iv) ব্যক্তিগত আয় আৰু ব্যক্তিগত ব্যয়যোগ্য আয়ৰ সংজ্ঞা লিখা।

উত্তৰঃ ব্যক্তিগত আয়ৰ পৰা ব্যক্তিগত কৰ আৰু অন্য পৰিশোধ বিয়োগ কৰিলে ব্যক্তিগত ব্যয়যোগ্য আয় পোৱা যায়।

(v) বিনিয়োগ 125 কোটি টকা বৃদ্ধিৰ ফলত জাতীয় আয় 500 কোটি টকা বৃদ্ধি হয়। গুণকৰ মান নির্ণয় কৰা।

উত্তৰঃ গুণকটো এই সূত্ৰটো ব্যৱহাৰ কৰি গণনা কৰিব পাৰি:

গুণক = ৰাষ্ট্ৰীয় আয়ৰ পৰিৱৰ্তন/বিনিয়োগৰ পৰিৱৰ্তন

ৰাষ্ট্ৰীয় আয়ৰ পৰিৱৰ্তন = ৫০ লাখ টকা। ৫০০ কোটি টকা

বিনিয়োগৰ পৰিৱৰ্তন = ৫০ লাখ টকা। ১২৫ কোটি টকা

গুণক= ৫০০/১২৫ = ৪

∴ গুণকৰ মান ৪।

(vi) মজুত আৰু প্ৰবাহৰ মাজৰ পার্থক্য দেখুওৱা।

উত্তৰঃ মজুত আৰু প্ৰবাহৰ মাজৰ পার্থক্য হ’ল—

মজুতপ্ৰবাহ
মজুত হ’ল এক নির্দিষ্ট সময়ৰ বিন্দুত লােৱা হয়।প্ৰবাহত এক নির্দিষ্ট সময়ৰ বাবে জোখ লােৱা হয়।
মজুতৰ কোনাে নির্দিষ্ট সময়-সীমা নাথাকে।প্রবাহত নির্দিষ্ট সময়সীমা থাকে।
মজুতে প্রবাহৰ ওপৰত প্ৰভাৱ পেলায়। যেনে— মজুত মূলধনে দ্রব্য আৰু সেৱাৰ প্রবাহ আনে।প্রবাহে মজুতৰ ওপৰত প্ৰভাৱ পেলায়। এই মজুতৰ পৰিৱৰ্তনেই প্ৰবাহ। যেনে— মাহিলি উপার্জন।
মজুতৰ উদাহৰণ হ’ল যন্ত্রপাতিৰবপৰিমাণ আচবাব আদি।প্ৰবাহ হ’ল আয়, উৎপাদন, লাভ আদি।

(vii) ৰাজহ ঘাটিৰ যিকোনো দুটা প্রভাৱ লিখা।

উত্তৰঃ ৰাজহ ঘাটিৰ দুটা প্ৰভাৱ হ’লঃ

(ক) চৰকাৰী বিনিয়োগ আৰু উপভোগ ব্যয় হ্ৰাস: ৰাজহ ঘাটিৰ পৰিপ্ৰেক্ষিতত চৰকাৰে উৎপাদনশীল মূলধন ব্যয় (Productive Capital Expenditure) বা কল্যাণকামী ব্যয় (Welfare Expenditure) হ্ৰাস কৰে।

(খ) অৰ্থনৈতিক বৃদ্ধিৰ হাৰ নিম্নগামী: চৰকাৰী ব্যয় কমোৱাৰ ফলত দেশৰ অৰ্থনৈতিক বৃদ্ধি প্ৰভাৱিত হয়, যাৰ ফলত কল্যাণ সাধনত বাধাৰ সৃষ্টি হয়।

3. তলত দিয়া প্রশ্নবোৰৰ যিকোনো দুটাৰ উত্তৰ দিয়া:

(i) বিনিময় প্রথাৰ যিকোনো তিনিটা অসুবিধা উল্লেখ কৰা।

উত্তৰঃ বিনিময়ৰ প্ৰথাৰ তিনিটা অসুবিধা হৈছেঃ

(ক) সংগতিবিহীন অভাৱ: বিনিময় প্রথা সাধাৰণতে অভাৱৰ সংগতিৰ ওপৰত নিৰ্ভৰ কৰে। বিনিময় কার্য সম্পাদন কৰিব হ’লে ব্যক্তি দুজনৰ হাতত থকা সামগ্রীসমূহ অর্থাৎ দুজন ব্যক্তিয়ে আগবঢ়োৱা বস্তু দুবিধ পৰস্পৰৰ বাবে গ্রহণযােগ্য হ’ব লাগিব। যদিহে এই চর্ত পূৰণ কৰিব নোৱাৰে তেন্তে বিনিময় প্রথা সম্ভৱ নহয়। 

(খ) হিচাপ–নিকাচৰ উমৈহতীয় একক অভাৱ: বিনিময় প্রথাত দ্ৰব্যৰ মূল্যাংকনৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়। সকলাে সামগ্ৰীৰ মূল্য অন্য সামগ্ৰীৰ দ্বাৰা নিৰ্ধাৰণ বা প্রকাশ কৰিব লাগিব, ফলস্বৰূপে প্ৰতিটো সামগ্ৰীৰ বিপৰীতে অন্য সামগ্রীৰ বিনিময় হাৰ ভিন্ন হয়। এনে অৱস্থাত সকলাে সামগ্রীক এটা সাধাৰণ মূল্যমানেৰে প্ৰকাশ কৰাটো অসম্ভৱ হৈ পৰে।

(গ) বিনিময়যােগ্য সামগ্ৰীৰ অবিভাজ্যতা: সামগ্ৰীসমূহৰ অবিভাজ্যতাই বিনিময় প্রথাৰ সমস্যাৰ সৃষ্টিকৰে আৰু বিনিময় প্রথা সম্পন্ন কৰাটো অসম্ভৱ হৈ উঠে। উদাহৰণস্বৰূপে– হাতী এটাৰ দৰে ডাঙৰ বস্তু এটা আপেলৰ দৰে সৰু বস্তু এটাৰ সৈতে বিনিময় কৰিবলৈ বিচাৰিলে যথেষ্ট অসুবিধাৰ সৃষ্টি হ’ব কাৰণ হাতীটোক সৰু সৰু অংশত বিভাজিত কৰি বিনিময় কার্য সম্পাদন কৰাটো সম্ভৱ নহয়।

(ii) পৰিশোধৰ সমতাৰ ঘাটি কি? পৰিশোধৰ সমতাৰ ঘাটিৰ দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ পৰিশোধ সমতা হ’ল এখন দেশে আন এখন দেশৰ মাজত থকা বৈদেশিক লেনদেনৰ হিচাবৰ প্ৰণালীবদ্ধ তথ্য।

পৰিশোধৰ সমতাৰ ঘাটিৰ দুটা কাৰণ—

(ক) লিংগীয় পক্ষপাতিত্ব: পৰিষদ ক্ষেত্ৰত মহিলা আৰু পুৰুষৰ মাজত কৰা বৈষম্যৰ ফলত মহিলাসকলে একে কামৰ বাবে পুৰুষৰ তুলনাত কম মজুৰি পায়।

(খ) শিক্ষা আৰু অৰ্হতাৰ ব্যবধান: শিক্ষা আৰু প্ৰশিক্ষণৰ অভাৱৰ ফলত কিছুমান গোটে ভাল চাকৰি অথবা অধিক পৰিশোধ পোৱা চাকৰিৰ ক্ষেত্ৰত প্ৰৱেশৰ সুযোগ লাভ নকৰে।

(iii) চমু টোকা লিখা:

স্বতন্ত্র আৰু অভিপ্রেত বিনিয়োগ।

উত্তৰঃ স্বতন্ত্র বিনিয়োগ: স্বতন্ত্র বিনিয়োগ হৈছে সেইধৰণৰ বিনিয়োগ যি মুঠ আয় বা অৰ্থনৈতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ নকৰে। ই সাধাৰণতে ৰাজনৈতিক স্থিৰতা, পৰিকাঠামো উন্নয়ন, আৰু প্ৰযুক্তি উন্নয়ন আদি বাবে কৰা হয়। উদাহৰণ: ৰাজহুৱা খণ্ডত থকা প্ৰকল্প, বাঁধ নিৰ্মাণ, বা যান্ত্ৰিক উন্নয়ন।

অভিপ্রেত বিনিয়োগ: অভিপ্রেত বিনিয়োগ হৈছে এনে বিনিয়োগ যি উৎপাদকৰ আশা আৰু বাণিজ্যৰ লাভৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে। ই আয়, চাহিদা, আৰু পাৰিপাৰ্শ্বিক অৰ্থনৈতিক অৱস্থাৰ লগত জড়িত। উদাহৰণ: কিছুমান ব্যৱসায়ে আগন্তুক লাভৰ ভাৱনা কৰি নতুন উদ্যোগ স্থাপন কৰে।

(iv) চৰকাৰী বাজেট কি? চৰকাৰী বাজেটৰ উপাদানসমূহ কি কি?

উত্তৰঃ চৰকাৰী বাজেট হৈছে আগন্তুক বৰ্ষত চৰকাৰৰ ৰাজহ আৰু ব্যয়ৰ তথ্য সম্বলিত হিচাপ। ভাৰতীয় সংবিধান মতে বাজেট হৈছে বার্ষিক বিত্তীয় বিবৃতি। ইয়াত চৰকাৰৰ আগন্তুক বিত্তীয় বৰ্ষৰ সকলো প্রত্যাশিত আয় আৰু ব্যয়ৰ হিচাপ অর্ন্তভুক্ত।

চৰকাৰী বাজেটৰ উপাদানসমূহ তলত উল্লেখ কৰা হ’ল:

(ক) কৰ: চৰকাৰী ৰাজহৰ প্ৰধান উৎস হ’ল কৰ। কৰৰ পৰা পোৱা সমুদায় ৰাজহ আয়ক কৰ ৰাজহ বোলে। কৰ এবিধ বাধ্যতামূলক বহঙণি। কোনো বিশেষ প্রতিদানৰ আশা নকৰি জনসাধাৰণে তেওঁলোকৰ সম্পদৰ যি অংশ ৰাষ্ট্ৰৰ সামূহিক কাৰ্য্য সম্পাদন কৰাৰ কাৰণে বাধ্যতামূলকভাৱে ৰাষ্ট্ৰক প্ৰদান কৰে তাকেই কৰ বোলে।

(খ) বাণিজ্যিক ৰাজহ: বাণিজ্যিক ৰাজহো চৰকাৰী ৰাজহৰ এবিধ উৎস। চৰকাৰী উদ্যোগ পতিষ্ঠানৰ দ্রব্য আৰু সেৱা বিক্ৰী কৰি চৰকাৰে পোৱা আয় হ’ল বাণিজ্যিক ৰাজহ।

(গ) মাচুলঃ যি সকল ব্যক্তি প্রতিস্থানে চৰকাৰী সেৱাৰ কিছুমান বিশেষ সুবিধা লাভ কৰে সেই সুবিধা পোৱা কাৰণে মাচুল ধার্য কৰা হয়।

(ঘ) জৰিমনা: ন্যায় প্রশাসন আৰু আইন শৃঙ্খলা অৱমাননাৰ বাবে চৰকাৰক জৰিমনা, প্রদান কৰিব লাগে।

(ঙ) চৰকাৰী সম্পত্তিৰ আয়: দেশ এখনৰ ভিতৰত থকা প্রাকৃতিক সম্পদ মাটি, হাবি-বননি, নদ-নদী, খনি আদিৰ পৰা চৰকাৰে ৰাজহ আদায় কৰে।

(চ) দান আৰু অনুদান: চৰকাৰী আয় নিজ দেশৰ ব্যক্তি আৰু প্রতিষ্ঠান, বিদেশী চৰকাৰ, আন্তর্জাতিক প্রতিষ্ঠান আদিৰ দান-অনুদানৰ জৰিয়তেও আহে।

(ছ) ঋণ গ্রহণ: দেশ এখনৰ চৰকাৰে মাজে সময়ে ঋণৰ দ্বাৰাও ধন সংগ্ৰহ কৰে। আভ্যন্তৰীণ আৰু বাহ্যিক দুয়োবিধ ঋণ চৰকাৰে সংগ্ৰহ কৰি ৰাজহৰ পৰিমাণ বঢ়াব পাৰে।

4. তলৰ প্ৰশ্নসমূহৰ যিকোনো দুটাৰ উত্তৰ দিয়া:

(i) মুদ্রাৰ চাহিদাৰ অভিপ্রায়সমূহ আলোচনা কৰা। তাৰল্য ফান্দ কি?

উত্তৰঃ ৰাজকোষীয় নীতিয়ে, জাতীয় অর্থনৈতিক নীতিসমূহ উপস্থাপন কৰে আৰু বাজেট নীতিয়ে এইবোৰক কাৰ্যকৰী কৰে। ৰাজকোষীয় নীতিয়ে জাতীয় সামাজিক, অর্থনৈতিক লক্ষ্যত উপনীত হোৱাৰ দিশত নীতিসমূহ গঠন আৰু উপস্থাপন প্রক্রিয়া নিৰ্দ্ধাৰণ কৰে। আনহাতে, এখন অর্থনীতিৰ ঘাটি বাজেট নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত ৰাজকোষীয় ঘাটি এটা গুৰুত্বপূৰ্ণ নিৰ্দ্ধাৰক। 

ৰাজকোষীয় ঘাটি হৈছে অতিৰিক্ত মুঠ ব্যয়ৰ পৰা মুঠ ৰাজহ আৰু মূলধন আয় বাদ দিয়াৰ সমান। ৰাজকোষীয় ঘাটি ঋণৰ জৰিয়তে পুৰোৱা হয়। সেইবাবেই চৰকাৰৰ সকলো উৎসৰ পৰা মুঠ ঋণৰ প্ৰয়োজনীয়তাৰ বিষয়ে সূচিত কৰে। সুদ পৰিশোধে ৰাজহ ব্যয় বৃদ্ধি কৰে যাৰ ফলত ৰাজহ ঘাটি বৃদ্ধি হয়। বৰ্দ্ধিত ৰাজহ ঘাটিয়ে পুনৰ ঋণ বৃদ্ধিত ইন্ধন যোগাই আৰু বেছি ঋণ পৰিশোধৰ মাত্রা বৃদ্ধি কৰে। গতিকে ঋণৰ এক চক্রবৎ প্রবাহৰ সৃষ্টি হয়।

(ii) জাতীয় আয় গণনা কৰা আয় পদ্ধতিটো চমুকৈ আলোচনা কৰা। তলৰ তথ্যৰ সহায়ত বজাৰ দৰত মুঠ জাতীয় উৎপাদন গণনা কৰা।

কোটি টকাত
(i) স্বনিয়োজিত সকলৰ মিশ্রিত আয়400
(ii) কৰ্মচাৰীক দিয়া ক্ষতিপূৰণ500
(iii) বিদেশৰ পৰা হোৱা নিগুট আয়(-20)
(iv) নিশুট পৰোক্ষ কৰ100
(v) স্থিৰ মূলধনৰ উপভোগ120
(vi) লাভ350
(vii) খাজনা100
(viii) সুদ150

উত্তৰঃ আয় পদ্ধতি হ’ল সেই পদ্ধতি যিয়ে দেশৰ আয়ক কাৰক আয়ৰ যোগফল হিচাপে জুখিব-কৰ্মচাৰীৰ ক্ষতিপূৰণ, ভাড়া, সুত আৰু কোনো দেশৰ স্বাভাৱিক বাসিন্দাসকলে হিচাপ-নিকাচ বৰ্ষত উপাৰ্জন কৰা লাভ। তাৰ পিছত এই কাৰকসমূহৰ দ্বাৰা উৎপন্ন হোৱা মুঠ আয়ক পৰোক্ষ কৰ যোগ কৰি আৰু ৰাজসাহায্য বিয়োগ কৰি, লগতে মূল্য হ্ৰাসৰ হিচাপ (নিৰ্দিষ্ট মূলধনৰ ব্যৱহাৰ) কৰি সামঞ্জস্য কৰা হয়। এই পদ্ধতিৰ দ্বাৰা কোনো এখন দেশৰ অৰ্থনীতিৰ ভিতৰত সামগ্ৰী আৰু সেৱাৰ উৎপাদনৰ পৰা এক নিৰ্দিষ্ট সময়ছোৱাত উৎপাদিত মুঠ আয়ৰ আনুমানিক হিচাপ পোৱা যায়। ৰাষ্ট্ৰীয় আয় তিনিটা প্ৰাথমিক পদ্ধতি ব্যৱহাৰ কৰি গণনা কৰিব পাৰি: উৎপাদন পদ্ধতি, আয় পদ্ধতি আৰু ব্যয় পদ্ধতি। উৎপাদন পদ্ধতিয়ে উৎপাদনৰ প্ৰতিটো পৰ্যায়ত যোগ কৰা মূল্যৰ যোগফল দিয়ে।

(iii) বাণিজ্যিক বেংকৰ কাৰ্যাৱলী আলোচনা কৰা।

উত্তৰঃ বহল ভিত্তিত বাণিজ্যিক বেংকৰ কাৰ্যাৱলী দুই ধৰণে ভাগ কৰিব পাৰি। যেনে:

(i)  প্ৰাথমিক কাৰ্য।

(ii) গৌণ কাৰ্য। 

(i) প্ৰাথমিক কাৰ্য: যিবোৰ কাৰ্য বাণিজ্যিক বেংকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তেনে কাৰ্যক প্ৰাথমিক কাৰ্য বোলা হয়। ইয়াক দুই ধৰণে ভগাব পাৰি। যেনে:

(a) জনসাধাৰণৰ পৰা আমানত গ্ৰহণ।  

(b) ঋণ প্ৰদান আৰু বিনিয়োগ।

(a) জনসাধাৰণৰ পৰা আমানত গ্ৰহণ: জনসাধাৰণৰ পৰা আমানত গ্ৰহণ কৰোতে বাণিজ্যিক বেংক সমূহে তলত  দিয়া ধৰণে গ্ৰহণ কৰে। 

(i) সঞ্চয়ী হিচাপ: এনে হিচাপৰ মাধ্যমেদি বেংকে ক্ষুদ্ৰ ক্ষুদ্ৰ সঞ্চয় কাৰিক সঞ্চয়ৰ বাবে উদগনি প্ৰদান কৰে। বেংকত এনে হিচাপ খোলাৰ বাবে সাৰ্বনিম্ন টকাৰ পৰিমানো বেংকে ভেদে বেলেগ বেলেগ হোৱা দেখা যায়। বেংকৰ পূজিৰ এইটো এটা অন্যতম প্ৰধান উৎস। এনে হিচাপৰ গ্ৰাহকক সাধাৰণতে 5% ৰ পৰা 6% পৰ্যন্ত সূত প্ৰদান কৰা দেখা যায় আৰু এক সপ্তাহত দুবাৰতকৈ অধিক পুঁজি বেংকৰ পৰা আহৰণ কৰিব নোৱাৰে।

(ii) স্থায়ী হিচাপ: এটা নিৰ্দিষ্ট পৰিমাণৰ ধন এটা নিৰ্দিষ্ট সময়ৰ জমা কৰি থোৱাকে স্থায়ী জমা হিচাপ বোলা হয়। এনে হিচাপত টকা জমা থলে সেই নিৰ্দিষ্ট সময়ৰ আগত টকাটো উলিয়াব নোৱাৰে। অৱশ্যে ম্যাদৰ সময় উকলি যোৱাৰ আগতে উলিয়ালে সুদৰ  লোকচান ভৰিব লগা হয়। আকৰ্ষণীয় সুদ প্ৰদান কৰা হেতুকে এনে হিচাপৰ জনপ্ৰিয়তা অধিক বেংকৰ লাভ ভালেখিনি পৰিমানে স্থায়ী জমা হিচাপৰ ওপৰত নিৰ্ভৰ কৰে। এনে হিচাপত সঞ্চয় হিচাপতকৈ বেছি পৰিমাণৰ সুদ প্ৰদান কৰে।

(iii) চলিত হিচাপ: ব্যৱসায়িক জগতত অতি জনপ্ৰিয়তা লাভ কৰা এই প্ৰকাৰৰ হিচাপত বেংকে সুদ প্ৰদান কৰা দেখা নাযায়, বৰঞ্চ হিচাপ পৰিচালনা কৰাৰ বাবদ বেংকে ভৰণি বাবদ ধন কাটি ৰাখে। এনে হিচাপৰ যোগেদি বেংকে সঞ্চয় আহৰণ কৰিলেও ইয়াক লাভজনক ভাবে বেংকে খটুৱাব নোৱাৰে কাৰণ গ্ৰাহককো সুদ  প্ৰদান নকৰে। আকৌ গ্ৰাহকে যিকোনো মুহূৰ্ততে ধন উলিয়াই নিব পাৰে। গতিকে বেংকৰ চন্দুকতে বেংকে প্ৰায় সমূদায় আমানত জমা কৰি থবলগীয়া হয়। 

(b) ঋণ প্ৰদান আৰু বিনিয়োগ: বাণিজ্যিক বেংকে গ্ৰাহকৰ পৰা সংগ্ৰহ কৰা আমানত বিভিন্ন খণ্ডৰ ঋণ হিচাপে প্ৰদান কৰি আৰু বিনিয়োগ কৰি আয় উপাৰ্জন কৰে। বাণিজ্যিক বেংকে তলত দিয়া ধৰণে ঋণ প্ৰদান কৰে।  

(i) ঋণ: এটা নিৰ্দিষ্ট হাৰ সুদত বিনিময়ত এটা নিৰ্দিষ্ট পৰিমাণৰ ঋণ এটা নিৰ্দিষ্ট সময়ৰ বাবে প্ৰতিভূতিৰ বিপৰীতে বা নোহোৱাকৈ প্ৰদান কৰাকে ঋণ প্ৰদান বুলি কোৱা হয়। 

(ii) নগদ ঋণ: বিত্তীয় বৰ্ষৰ আৰম্ভণিতে কোনো প্ৰতিভূতি অথবা অস্থাবৰ সম্পত্তিৰ জিম্মাৰ বিপৰীতে ব্যৱসায়ী গ্ৰাহকক আৱশ্যক হোৱা ধনৰ পৰিমাণৰ বাবে বেংক আৰু গ্ৰাহকৰ মাজত হোৱা চুক্তি অনুযায়ী গ্ৰাহকক আৱশ্যক হোৱা হিচাপৰ বিপৰীতে উঠোৱা আৰু সুবিধা অনুযায়ী ধন জমা দিয়া যি ব্যৱস্থা তাকে নগদ ঋণ বোলা হয়।

(iii) অধিকৰ্ষ: ব্যৱসায়ী গ্ৰাহকৰ বিশ্বাসযোগ্যতা অনুযায়ী হিচাপত থকা জমা ধনৰ উপৰিও এটা নিৰ্দিষ্ট পৰিমানলৈ অধিক ধন আদায় দিয়াৰ চুক্তি বা গ্ৰাহকৰ লগত থকা বা কৰা ব্যৱস্থাকে অধিকৰ্ষণ বোলা হয়। ইয়াত এটা নিৰ্দিষ্ট পৰিমাণৰ সুদ ধার্য কৰা হয়। 

(iv) বিল বাট্টাকৰণ: ব্যৱসায়ী গ্ৰাহকৰ  সুবিধাৰ্থে ব্যৱসায় বাণিজ্যত প্ৰচলিত বিল বিলাক এক নিৰ্দিষ্ট হাৰৰ বাট্টাৰ বিনিময়ত ভঙুৱা বাণিজ্যিক বেংকৰ এক অন্যতম কাৰ্য। ইয়াৰ দ্বাৰা বাণিজ্যিক বেংকে বেহা–বেপাৰৰ হ্ৰস্বম্যাদি পুঁজিৰ যোগান ধৰে ফলত ব্যৱসায়ী সকল যথেষ্ট উপকৃত হয়। আনহাতে বিল ভঙাই দি বেংকে বাট্টা লয়। ই বেংকৰ উপাৰ্জনত বৰঙণি যোগায়।

(iv) সামগ্রিক চাহিদা আৰু সামগ্রিক যোগানৰ সংজ্ঞা লিখা। তলত দিয়া তালিকাখন পূর্ণ কৰি ভাৰসাম্য আয়স্তৰ নিৰ্ণয় কৰা:

সামগ্ৰিক যোগান (AS)উপভোগ (C) সঞ্চয় (S)বিনিয়োগ (I)সামগ্ৰিক চাহিদা (AD)
90078040
80070040
70062040
60054040
50046040
40038040
30030040
20022040
10014040

উত্তৰঃ সামগ্ৰিক চাহিদা: সামগ্ৰিক চাহিদাই কোনো অৰ্থনীতিত এটা নিৰ্দিষ্ট সময়ত উৎপাদিত সকলো চূড়ান্ত সামগ্ৰী আৰু সেৱাৰ মুঠ চাহিদাক বুজায়। সামগ্ৰিক চাহিদা হৈছে এটা সামষ্টিক অৰ্থনৈতিক শব্দ যিয়ে এটা নিৰ্দিষ্ট সময়ত এটা নিৰ্দিষ্ট মূল্যৰ স্তৰত ক্ৰয় কৰা সকলো সামগ্ৰী আৰু সেৱাক বৰ্ণনা কৰে। ই হৈছে খৰচ, বিনিয়োগ, চৰকাৰী ব্যয় আৰু নিকা ৰপ্তানিৰ যোগফল।

সামগ্ৰিক যোগান: সামগ্ৰিক যোগান হৈছে উৎপাদকসকলে গ্ৰাহকক বিক্ৰী কৰিবলৈ ইচ্ছুক হোৱা মুঠ সামগ্ৰী আৰু সেৱাৰ পৰিমাণ। মূল্যৰ স্তৰ যিমানেই বেছি হ’ব সিমানেই ব্যৱসায়ীসকলে বজাৰৰ বাবে নিজৰ সামগ্ৰী অধিক উৎপাদন কৰিবলৈ প্ৰৰোচনা বাঢ়িব। ই অৰ্থনীতিৰ উৎপাদন ক্ষমতাক প্ৰতিনিধিত্ব কৰে আৰু মূল্যৰ স্তৰ আৰু যোগান ধৰা মুঠ উৎপাদনৰ মাজৰ সম্পৰ্ক প্ৰতিফলিত কৰে।

সামগ্ৰিক চাহিদা (AD)ৰ সূত্ৰটো হ’ল: সামগ্ৰিক চাহিদা (AD) = উপভোগ (C) = বিনিয়োগ (l)

সামগ্ৰিক যোগান (AS)উপভোগ (C) সঞ্চয় (S)বিনিয়োগ (I)সামগ্ৰিক চাহিদা (AD)
90078040780 + 40 = 820
80070040700 + 40 = 740
70062040620 + 40 = 660
60054040540 + 40 = 580
50046040460 + 40 = 500
40038040380 + 40 = 420
30030040300 + 40 = 340
20022040220 + 40 = 260
10014040140 + 40 = 180

5. তলৰ প্ৰশ্নবোৰৰ যিকোনো এটাৰ উত্তৰ দিয়া:

(i) ৰাজকোষীয় নীতি কি? ভাৰসাম্য আয়ৰ ওপৰত চৰকাৰী ব্যয়ৰ পৰিৱৰ্তন আৰু কৰৰ পৰিৱৰ্তনৰ প্রভাৱ আলোচনা কৰা।

উত্তৰঃ চৰকাৰী ব্যয়, ৰাজহ আৰু ঋণ নিয়ন্ত্ৰণ ব্যৱস্থাৰ জৰিয়তে যেতিয়া সম্পদ নিয়োগ আৰু পুঁজিৰ প্ৰবাহ ঘটাই দেশৰ উপাৰ্জন, মূল্যস্তৰ, নিয়োগ আৰু উৎপাদনৰ স্তৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা হয় তাকেই ৰাজকোষীয় নীতি বোলে।

চৰকাৰী ব্যয়ৰ পৰিৱৰ্তন: আন্তঃগাঁথনি বা ৰাজহুৱা সেৱাৰ দৰে চৰকাৰী ব্যয় বৃদ্ধিয়ে প্ৰত্যক্ষভাৱে সামগ্ৰিক চাহিদা বৃদ্ধি কৰে, যাৰ ফলত উৎপাদন, নিয়োগ আৰু আয়ৰ মাত্ৰা অধিক হয়। ইয়াৰ ফলত বহুগুণক প্ৰভাৱৰ সৃষ্টি হয়, কিয়নো প্ৰাৰম্ভিক ব্যয়ে খৰচ আৰু আয়ৰ অতিৰিক্ত ৰাউণ্ডৰ সৃষ্টি কৰে। ইয়াৰ বিপৰীতে চৰকাৰী ব্যয় হ্ৰাস পালে সামগ্ৰিক চাহিদা হ্ৰাস পায়, যাৰ ফলত ভাৰসাম্য আয় হ্ৰাস পায় আৰু সম্ভাৱ্যভাৱে অৰ্থনীতিৰ মন্দাৱস্থাৰ সৃষ্টি হয়। যেতিয়া চৰকাৰে ভৱিষ্যতৰ ব্যৱহাৰৰ বাবে সামগ্ৰী আৰু সেৱা আহৰণ কৰে তেতিয়া ইয়াক চৰকাৰী বিনিয়োগ হিচাপে শ্ৰেণীভুক্ত কৰা হয়। সামষ্টিক অৰ্থনীতিৰ যোগানৰ দিশত উন্নতি সাধন কৰা, যেনে শ্ৰমৰ উৎপাদনশীলতা বৃদ্ধিৰ বাবে শিক্ষা আৰু প্ৰশিক্ষণৰ বাবে ব্যয় কৰা। চৰকাৰী ব্যয় বৃদ্ধিয়ে প্ৰত্যক্ষভাৱে সামগ্ৰিক চাহিদা বৃদ্ধি কৰে। ইয়াৰ ফলত উৎপাদন, নিয়োগ, আয়ৰ মাত্ৰা অধিক হয়।

কৰ পৰিৱৰ্তন: কৰ হ্ৰাসে পৰিয়ালৰ বাবে ব্যৱহাৰযোগ্য আয় আৰু ব্যৱসায়ৰ বাবে লাভ বৃদ্ধি কৰে, যাৰ ফলত অধিক খৰচ আৰু বিনিয়োগক উৎসাহিত হয়, যিয়ে সামগ্ৰিক চাহিদা আৰু ভাৰসাম্য আয় বৃদ্ধি কৰে। আনহাতে, অধিক কৰসমূহে ব্যৱহাৰযোগ্য আয় আৰু ব্যৱসায়িক লাভজনকতা হ্ৰাস কৰে, যাৰ ফলত খৰচ, বিনিয়োগ আৰু শেষত ভাৰসাম্য আয় হ্ৰাস পায়। ২০২৩ চনৰ বাজেটত নতুন কৰ ব্যৱস্থাৰ অধীনত ৫০ লাখ টকাতকৈ কম বা সমান আয়ৰ ওপৰত কৰ ৰেহাই প্ৰৱৰ্তন কৰা হৈছিল ৭ লাখ টকা।

(ii) পৰিৱৰ্তনশীল বিনিময় হাৰ ব্যৱস্থাত বিনিময় হাৰ নিৰ্ধাৰণ বৰ্ণনা কৰা।

উত্তৰঃ বৈদেশিক বিনিময় বজাৰত যোগান আৰু চাহিদাৰ শক্তিয়ে পৰিৱৰ্তনশীল বিনিময় হাৰ নির্ধাৰণ কৰে। এই ব্যৱস্থাত এখন দেশৰ বিনিময় হাৰ সেই মুদ্রাৰ চাহিদা আৰু যোগানৰ ওপৰত নিৰ্ভৰ কৰে। যদি বৈদেশিক মুদ্রাৰ চাহিদা বৃদ্ধি হয়, ইয়াৰ বজাৰ দৰ বৃদ্ধি হ’ব আৰু বৈদেশিক মুদ্রাৰ চাহিদা হ্রাস পালে, ইয়াৰ মূল্যও হ্রাস পাব। বৈদেশিক মুদ্রাৰ চাহিদা নির্ভৰ কৰে পৃথিৱীৰ অন্য ঠাইত ইয়াৰ বিনিয়োগ, আন দেশসমূহলৈ দান আৰু বৰঙণি, আন্তর্জাতিক ঋণৰ দেনা, অন্য দেশৰ প্ৰত্যক্ষ ক্ৰয় আদিৰ ওপৰত। আকৌ বৈদেশিক মুদ্রাৰ যোগান নিৰ্ভৰ কৰে ঘৰুৱা বজাৰত অনা-বাসিন্দাসকলৰ লাভৰ উদ্দেশ্যে কৰা ক্ৰয়, বৈদেশিক প্রত্যক্ষ বিনিয়োগ, দেশখনৰ ৰপ্তানিৰ পৰিমাণ আদিৰ ওপৰত। ভাৰসাম্য বিনিময় হাৰ নিৰ্ধাৰণ হ’ব য’ত বিনিময় হাৰৰ বাবে চাহিদা আৰু যোগান পৰস্পৰ সমান হয়।

(iii) চমু টোকা লিখা:

(a) বিমুদ্ৰাকৰণ।

উত্তৰঃ বিমুদ্ৰাকৰণ হ’ল দেশৰ প্রচলিত মুদ্রাক বা মুদ্ৰাৰ এটা বিশেষ পৰিমাণৰ মূল্যক আইনগতভাৱে অচল কৰা ব্যৱস্থাকে বিমুদ্ৰাকৰণ বােলে। ভাৰতবৰ্ষত ২০১৬ চনৰ ৮ নৱেম্বৰৰ দিনা প্রচলিত ৫০০ টকা আৰু ১০০০ টকাক বিমুদ্ৰাকৰণ কৰে। 

বিমুদ্ৰাকৰণ হ’ল অর্থনীতি সংশােধনৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা এক পদক্ষেপ। চৰকাৰে দেশৰ বাহিৰত আৰু দেশৰ ভিতৰত থকা ক’লা ধনক অবিহিত মুদ্রালৈ পৰিণত কৰাটোও বিমুদ্ৰাকৰণৰ এটা প্রধান লক্ষ্য। দেশৰ সমাজত অর্থনীতিত কলাটকাৰ কু–প্রভাৱ ৰােধ কৰিবলৈ উপায়বিহীন হ’লে এই ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। তাৰােপৰি বিমুদ্ৰাকৰণৰ জৰিয়তে দুর্নীতি আৰু জাল নােটৰ ভাবুকি প্রতিহত কৰাও ইয়াৰ অন্যতম উদ্দেশ্য। বিমুদ্ৰাকৰণে সন্ত্রাসবাদ কার্যও প্রতিৰােধ কৰাত সহায়ক হয়।

(b) ৰাজকোষীয় দায়িত্ব সম্পর্কীয় আৰু বাজেট পৰিচালনা আইন, 2003

উত্তৰঃ ৰাজকোষীয় দায়িত্ব সম্পৰ্কীয় আৰু বাজেট পৰিচালনা আইন 2003 (FRBMA-2003) ৰ প্ৰয়োগৰ ফলত, 2004-2005 চনত ৰাজকোষীয় ঘাটি আৰু ৰাজহ ঘাটি ক্রমে 4.1 শতাংশ আৰু 2.5 শতাংশলৈ হ্রাস পায় (সাময়িকভাৱে পোৱা তথ্যৰ ভিত্তিত)। ৰাজকোষীয় ঘাটিৰ সমানুপাতত ৰাজহ ঘাটিৰ বৰ্ধিত অংশই (যিটো 1990-91 চনত 49.4 শতাংশ আছিল কিন্তু 2003-04 চনত 79.7 শতাংশলৈ বৃদ্ধি হৈছিল) ৰাজহ ঘাটিৰ গুণ (quality) দ্রুত গতিত হ্রাস কৰাৰ কথাকে সূচনা কৰে।

এই আইনটি ভাৰতৰ অৰ্থনীতিৰ আৰ্থিক স্থিতিশীলতা আৰু দীৰ্ঘকালীন অৰ্থনৈতিক গঠন সুনিশ্চিত কৰাৰ উদ্দেশ্যে 2003 চনত প্ৰণয়ন কৰা হৈছিল। ইয়াৰ মূল উদ্দেশ্য হৈছে চৰকাৰৰ ৰাজকোষীয় অপচয় কমোৱা, দায়িত্বশীল ৰাজকোষীয় ব্যৱস্থাপনা আৰু অৰ্থনৈতিক শৃংখলা ৰক্ষা কৰা।

খ – অংশ

6. তলৰ প্ৰশ্নবোৰৰ যিকোনো চাৰিটাৰ উত্তৰ দিয়া:

(i) অনুন্নত অর্থনীতি বুলিলে কি বুজা?

উত্তৰঃ অনুন্নত অৰ্থনীতিৰ বৈশিষ্ট্য হৈছে আয়ৰ মাত্ৰা কম, ব্যাপক দৰিদ্ৰতা, আৰু সীমিত ঔদ্যোগিক আৰু প্ৰযুক্তিগত বিকাশ। এনে অৰ্থনীতি প্ৰায়ে কৃষি আৰু প্ৰাথমিক খণ্ডৰ কাৰ্য্যকলাপৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল, অপৰ্যাপ্ত আন্তঃগাঁথনি, কম উৎপাদনশীলতা, আৰু নূন্যতম মূলধন বিনিয়োগ। তেওঁলোকে জনসংখ্যা বৃদ্ধি, নিবনুৱা সমস্যা আৰু কম নিবনুৱা সমস্যাৰ সন্মুখীন হয়, যাৰ ফলত আয়ৰ বিতৰণ অসমান হয়।

(ii) বিশ্ব বাণিজ্য সংস্থা (WTO) কোন চনত গঠন হৈছিল?

উত্তৰঃ বিশ্ব বাণিজ্য সংস্থা (WTO) 1995 চনত গঠন হৈছিল?

(iii) SHG ৰ সম্পূৰ্ণ ৰূপ লিখা।

উত্তৰঃ SHG ৰ সম্পূৰ্ণ ৰূপ হ’ল— Self-help group.

(iv) NITI আয়োগৰ এটা উদ্দেশ্য লিখা।

উত্তৰঃ NITI আয়োগৰ এটা উদ্দেশ্য হ’ল— কৌশল প্ৰণয়ন কৰি আৰু নীতিগত সিদ্ধান্তৰ পথ প্ৰদৰ্শন কৰি নিটি আয়োগে দেশৰ আৰ্থ-সামাজিক উন্নয়ন বৃদ্ধি, দৰিদ্ৰতা হ্ৰাস, সমাজৰ সকলো শ্ৰেণীৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে কাম কৰে।

(v) সোনালী বিপ্লৱ জড়িত আছিল— (শুদ্ধ বিকল্প বিচাৰ কৰা)

(a) মৎস্য উৎপাদনৰ সৈতে।

(b) উদ্যানশস্য উৎপাদনৰ সৈতে।

(c) দুগ্ধ উৎপাদনৰ সৈতে।

(d) কৃষি উৎপাদনৰ সৈতে।

উত্তৰঃ (b) উদ্যানশস্য উৎপাদনৰ সৈতে।

(vi) ব্যক্তিগতকৰণৰ সংজ্ঞা লিখা।

উত্তৰঃ ব্যক্তিগতকৰণৰ অৰ্থ হৈছে চৰকাৰৰ মালিকীস্বত্ব বা পৰিচালনাৰ পৰা ব্যৱসায় প্রতিষ্ঠানসমূহক উলিয়াই আনি ব্যক্তিগত প্রতিষ্ঠান হিচাপে গঢ়ি তোলা।

7. তলৰ প্ৰশ্নবোৰৰ যিকোনো পাঁচটাৰ উত্তৰ দিয়া:

(i) গ্রাম্য ঋণৰ দুটা অনানুষ্ঠানিক উৎস উল্লেখ কৰা।

উত্তৰঃ গ্রাম্য ঋণৰ দুটা অনানুষ্ঠানিক উৎস তলত উল্লেখ কৰা হ’ল—

(১) গাঁৱলীয়া মহজান: গ্রামাঞ্চলত দুই প্ৰকাৰৰ ঋণদাতা দেখা যায়– কৃষক ঋণদাতা আৰু গাঁৱৰ ব্যৱসায়ী। প্রথমজনে ঋণৰ ব্যৱসায়ৰ লগত কৃষিকার্যও চলাই থাকে। তদুপৰি ব্যৱসায়িক ঋণদাতাসকলেও গ্রামাঞ্চলত বুজন পৰিমাণৰ ঋণৰ যোগান ধৰা দেখা যায়৷ এই গ্রাম্য ঋণদাতাসকলে কৃষকসকলৰ মুঠ ঋণৰ চাহিদাৰ শতকৰা ৪৩ ভাগ পূৰণ কৰে। গাঁৱলীয়া মহাজনসকলে কৃষি কাৰ্যৰ উপৰিও অন্য কোনো উদ্দেশ্যতও ঋণ দিয়ে আৰু এওঁলোকৰ ওপৰত অত্যধিক সুদ লোৱা দেখা যায়।

(২) ব্যৱসায়ী আৰু মুনাফা গ্রহণকাৰী: ব্যৱসায়ী আৰু মুনাফা গ্ৰহণকাৰীসকলে কৃষিজাত দ্রব্য উৎপাদিত হোৱাৰ আগতে কৃষকসকলক অগ্রিম ধন দিয়ে আৰু ইয়াৰ ফলত কৃষকসকলে তেওঁলোকক কম মূল্যত কৃষিজাত দ্রব্য বিক্ৰী কৰিবলৈ বাধ্য হয়। এনে ঋণদাতাসকলৰ প্রভাৱ ক্ৰমান্বয়ে বৃদ্ধি হোৱা পৰিলক্ষিত হয়। ১৯৬১-৬২ চনত মুঠ গ্ৰাম্য ঋণত এওঁলোকৰ অংশ আছিল শতকৰা ৮৮ ভাগ।

(ii) ভাৰতৰ পঞ্চবার্ষিক পৰিকল্পনাৰ দুটা দীর্ঘম্যাদী লক্ষ্য লিখা।

উত্তৰঃ ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ দীৰ্ঘম্যাদী লক্ষ্যসমূহ হ’ল—

(ক) উচ্চ বৃদ্ধিৰ হাৰঃ উচ্চ বৃদ্ধিৰ হাৰে আয়ৰ স্তৰ বৃদ্ধি কৰে, কৰ্মসংস্থাপন সৃষ্টি কৰে সম্পদ আৰু সেৱাৰ সুবিধা বৃদ্ধি কৰে, শেষত ভাৰতৰ বাসিন্দাসকলৰ জীৱন ধাৰণৰ মানদণ্ড আৰু জীৱনৰ মান উন্নত কৰি ভাৰতৰ বাসিন্দাসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰে।

(খ) সমৃদ্ধিৰ বাবে অৰ্থনৈতিক স্থিতিশীলতাঃ অৰ্থনৈতিক সমৃদ্ধিৰ অৰ্থ হ’ল এখন দেশৰ অৰ্থনৈতিক বিকাশ, নিৰাপত্তা আৰু প্ৰতিযোগিতামূলক ক্ষমতা। ই সকলোৰে বাবে স্থায়ী সমৃদ্ধি আৰু উন্নত জীৱন ধাৰণৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি কৰে।

(iii) ভাৰতৰ কৃষিখণ্ডত প্রচলিত দুই প্রকাৰৰ নিবনুৱা সমস্যা উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ কৃষিখণ্ডত প্ৰচলিত দুই প্ৰকাৰৰ নিবনুৱা সমস্যা হ’ল—

(ক) ঋতুভিত্তিক নিবনুৱা সমস্যাঃ অৰ্থনীতিৰ বিশেষ খণ্ডত শ্ৰমৰ চাহিদা বৃদ্ধি আৰু হ্ৰাস অনুযায়ী সংঘটিত হোৱা অস্থায়ী নিবনুৱা হ’ল ঋতুভিত্তিক নিবনুৱা।

(খ) ছদ্মবেশত নিবনুৱা সমস্যা: ছদ্মবেশত নিবনুৱা সমস্যাৰ সৃষ্টি তেতিয়া হয় যেতিয়া শ্ৰমিক শক্তিৰ এটা অংশ কাম নোহোৱাকৈ ৰখা হয় বা অতিৰিক্তভাৱে কাম কৰি থাকে যাতে শ্ৰমিকৰ উৎপাদনশীলতা মূলতঃ শূন্য হয়। প্ৰয়োজনতকৈ অধিক লোকক কৃষি কামত নিয়োজিত কৰিলেই হয়, যাৰ ফলত উৎপাদনশীলতা কম আৰু উদ্বৃত্ত শ্ৰমৰ সৃষ্টি হয়।

(iv) ভাৰতৰ কৃষিখণ্ডত সেউজ বিপ্লৱৰ গুৰুত্ব কি?

উত্তৰঃ ভাৰতৰ ভিতৰত সেউজ বিপ্লৱৰ ফলত বিশেষকৈ হাৰিয়ানা, পঞ্জাৱ, উত্তৰ প্ৰদেশত কৃষি উৎপাদন বৃদ্ধি পায়। এই কামৰ মূল মাইলৰ খুঁটি আছিল ঘেঁহুৰ বীজ আৰু মৰিছা প্ৰতিৰোধী ঘেঁহুৰ প্ৰজাতিৰ অধিক উৎপাদনশীল প্ৰজাতিৰ বিকাশ। সেউজ বিপ্লৱে গ্ৰাম্য আয় বৃদ্ধি কৰিলে, গ্ৰাম্য অৰ্থনীতিক উদ্দীপিত কৰিলে, বৈজ্ঞানিক পদ্ধতি আৰু যান্ত্ৰিকীকৰণ গ্ৰহণ কৰি পৰম্পৰাগত কৃষি পদ্ধতি আধুনিকীকৰণ কৰিলে। তদুপৰি উদ্বৃত্ত কৃষি উৎপাদনে ৰপ্তানি সক্ষম কৰি আৰু ভাৰতৰ বিশ্ব অৰ্থনৈতিক অৱস্থা উন্নত কৰি অৰ্থনৈতিক বিকাশত অৰিহণা যোগাইছিল।

(v) ভাৰতীয় অর্থনীতিত LPG নীতিৰ দুটা ধনাত্মক প্রভাৱ লিখা।

উত্তৰঃ ভাৰতীয় অর্থনীতিত LPG নীতিৰ দুটা ধনাত্মক প্ৰভাৱৰ বিষয়ে তলত আলোচনা কৰা হ’ল—

(ক) মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি: LPG সংস্কাৰৰ পিছত ভাৰতীয় অর্থনীতি নিশ্চিতভাৱে জীৱন্ত হৈ উঠিছে। মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ দ্বাৰা সূচিত অৰ্থনীতিৰ সামগ্ৰিক বিকাশ বৃদ্ধিৰ প্ৰৱণতা বৃদ্ধি পাইছে। LPG নীতিৰ পিছত মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধি বছৰি ৪ শতাংশলৈ বৃদ্ধি হৈছে।

(খ) ঔদ্যোগিক উৎপাদন: ভাৰতীয় অর্থনীতিত নীতিয়ে ঔদ্যোগিক উৎপাদনৰ বাবে মহান উদ্দীপক হিচাপে কাম কৰিছে। এই সংস্কাৰৰ বাবে ভাৰতৰ তথ্য প্রযুক্তি উদ্যোগসমূহ বিশ্বস্তৰত উপনীত হৈছে।

(vi) গোলকীকৰণৰ দুটা সুবিধা উল্লেখ কৰা।

উত্তৰঃ গোলকীকৰণৰ দুটা সুবিধা হ’ল:

(ক) বহিঃউৎস গ্রহণ: উন্নত দেশৰ কোম্পানীসমূহে ভাৰতৰ পৰা বিভিন্ন সেৱা (যেনে- BPO, বেংকিং সেৱা, সংগীত বাণীবন্ধন) লাভ কৰে, যি ভাৰতত কম খৰচত উপলব্ধ।

(খ) ক্ষীপ্ৰ যোগাযোগ ব্যৱস্থা: আধুনিক তথ্য প্ৰযুক্তি আৰু ইণ্টাৰনেটৰ সহায়ত দেশ আৰু মহাদেশৰ সীমা অতিক্ৰম কৰি দ্ৰুত যোগাযোগ তথা সেৱা প্ৰদান সম্ভৱ হৈছে।

(vii) নির্বিনিয়োগৰ দুটা উদ্দেশ্য উল্লেখ কৰা।

উত্তৰঃ বিনিয়োগমুক্তকৰণৰ দুটা উদ্দেশ্য হ’ল—

(ক) আৰ্থিক বোজা হ্ৰাস কৰা: বিনিয়োগহীনতাই চৰকাৰক ৰাজহুৱা খণ্ডৰ উদ্যোগত থকা অংশীদাৰিত্ব বিক্ৰী কৰি আৰ্থিক বোজা হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ তত্ত্ব আৰু নীতিসমূহে নীতি নিৰ্ধাৰকসকলক কৰ, ৰাজহুৱা ব্যয়, ঋণ ব্যৱস্থাপনা আৰু বিত্তীয় নীতিৰ সৈতে জড়িত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত পথ প্ৰদৰ্শন কৰে যাতে এটা জাতিৰ অৰ্থনৈতিক আৰু সামাজিক লক্ষ্যত উপনীত হয়।

(খ) ৰাজহুৱা বিত্তৰ উন্নতি: ৰাজহুৱা বিত্ত হৈছে অৰ্থনীতি, ৰাজনীতি বিজ্ঞান আৰু ৰাজহুৱা প্ৰশাসনৰ সংমিশ্ৰণ ঘটোৱা এক বহুবিষয়ক ক্ষেত্ৰ। চৰকাৰী উদ্যোগৰ শ্বেয়াৰ বা সম্পত্তি বিক্ৰী কৰি চৰকাৰে ৰাজহ সংগ্ৰহ কৰিব পাৰে, যাৰ ফলত নিজৰ বিত্তীয় অৱস্থা উন্নত হয়। ইয়াৰ ফলত ব্যৱসায়িক কাৰ্য্যকলাপত চৰকাৰৰ প্ৰত্যক্ষ জড়িততা হ্ৰাস কৰি ব্যক্তিগত খণ্ডই পৰিচালনাৰ দায়িত্ব ল’বলৈ অনুমতি দিও দক্ষতা বৃদ্ধি কৰে, যাৰ ফলত উন্নত প্ৰদৰ্শন আৰু লাভজনকতা লাভ কৰে।

8. তলৰ প্ৰশ্নবোৰৰ যিকোনো দুটাৰ উত্তৰ দিয়া:

(i) উদ্যোগিক নীতি প্রস্তাৱ, 1956 ৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ গুৰুত্বপূর্ণ উদ্যোগসমূহত ৰাষ্ট্ৰৰ নিয়ন্ত্রণ ৰখাৰ উদ্দেশ্যৰ লগত সংগতি ৰাখি 1956 চনৰ ঔদ্যোগিক নীতি প্রস্তাৱ গ্রহণ কৰা হৈছিল। এই প্রস্তাৱে দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ ভেটি ৰচনা কৰিছিল- যিখন পৰিকল্পনাই আকৌ এখন সমাজবাদী আৰ্হিৰ সমাজৰ ভেটি ৰচনাৰ প্রচেষ্টা চলাইছিল। এই প্রস্তাৱে উদ্যোগসমূহক তিনিটা ভাগত বিভক্ত কৰিছিল। সম্পূৰ্ণৰূপে ৰাষ্ট্ৰৰ অধীনস্থ উদ্যোগসমূহক প্রথম ভাগত ধৰা হৈছিল। যিবোৰ উদ্যোগৰ ক্ষেত্ৰত নতুন গোট আৰম্ভ কৰাৰ সম্পূর্ণ দায়িত্ব চৰকাৰৰ হাতত আছিল আৰু চৰকাৰী খণ্ডৰ প্ৰচেষ্টাত ব্যক্তিগত খণ্ডই পৰিপূৰক হিচাপে কাম কৰিব পাৰিছিল, সেইবোৰ উদ্যোগক দ্বিতীয় খণ্ডৰ অন্তৰ্ভূক্ত কৰা হৈছিল। বাকী সকলোবোৰ উদ্যোগক তৃতীয় ভাগত ধৰা হৈছিল আৰু ইহঁত ব্যক্তিগত খণ্ডৰ অন্তর্ভুক্ত আছিল। উদ্যোগসমূহৰ ভিতৰত এটা অংশ ব্যক্তিগত খণ্ডৰ অধীনস্থ আছিল যদিও এই খণ্ডটো লাইচেন্স ব্যৱস্থাৰ জৰিয়তে ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণত ৰখা হৈছিল। চৰকাৰী অনুজ্ঞাপত্ৰ অবিহনে কোনো নতুন উদ্যোগ গঢ়ি উঠিবলৈ অনুমতি দিয়া হোৱা নাছিল। এই নীতি পিছপৰা অঞ্চলসমূহত উদ্যোগৰ বিকাশৰ বাবে ব্যৱহাৰ কৰা হৈছিল। অর্থনৈতিকভাৱে পিছপৰা অঞ্চলত স্থাপন কৰিবলৈ যোৱা উদ্যোগৰ বাবে অনুজ্ঞাপত্ৰ পোৱাটো সহজ হৈছিল। তদুপৰি এনে গোটসমূহক কৰ ৰেহাই, নিম্নহাৰত বিজুলী যোগান আদিৰ সুবিধাও দিয়া হৈছিল। আঞ্চলিক সমতা বৃদ্ধি কৰাটো এই নীতিৰ উদ্দেশ্য আছিল।

(ii) বর্তমান সময়ত ভাৰতে সম্মুখীন হোৱা যিকোনো এটা গুৰুতৰ পৰিৱেশীয় সমস্যাৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ ভাৰতত বায়ু প্ৰদূষণ এক গুৰুতৰ বিষয়, ইয়াৰ প্ৰধান উৎস হ’ল জৈৱবস্তু জ্বলোৱা, ইন্ধনৰ মিশ্ৰণ, বাহনৰ নিৰ্গমন, আৰু যান-জঁট। দিল্লী, মুম্বাই, আৰু কলকাতাৰ দৰে ডাঙৰ চহৰত বায়ু প্ৰদূষণৰ বিপদজনক মাত্ৰা দেখা যায়, মূলতঃ চুবুৰীয়া ৰাজ্যসমূহত বাহনৰ নিৰ্গমন, উদ্যোগিক কাৰ্যকলাপ, নিৰ্মাণৰ ধূলি, আৰু শস্য জ্বলোৱাৰ বাবে। এই প্ৰদূষণৰ ফলত শ্বাস-প্ৰশ্বাসজনিত ৰোগ, হৃদযন্ত্ৰৰ সমস্যা, অকাল মৃত্যু আদি গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয়। ইয়াৰ ফলত সামগ্ৰিক জীৱনৰ মানদণ্ডতো প্ৰভাৱ পৰে, বিপদজনক বায়ুৰ গুণাগুণৰ বাবে বিদ্যালয় আৰু কাৰ্যালয় সঘনাই বন্ধ হৈ থাকে। বায়ু প্ৰদূষণেও এছিয়াৰ বাদামী ডাৱৰৰ মূল কাৰণ, যাৰ ফলত বাৰিষা পলম হৈ আহিছে।

(iii) স্বাধীনতাৰ প্রাকমুহূর্তত ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ গঠনৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ স্বাধীনতাৰ প্রাকমুহূর্তত ভাৰতৰ অৰ্থনীতি আৰু পৰিকল্পনা বৈদেশিক বাণিজ্যত ভয়াৱহ সংকটত পৰিছিল। ব্ৰিটিছে জাপি দিয়া আইনৰ বাবে ভাৰতৰ কোনো এটা উৎপাদন বা দক্ষতাক স্বীকৃতি দিয়া নহ’ল। ফলত দেশৰ বৈদেশিক বাণিজ্য আৰু আয়ৰ গাঁথনি, গঠন আৰু পৰিমাণৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে। মূল ৰপ্তানিৰ ভিতৰত আছিল কপাহ, পাট, চাহ, মছলাৰ দৰে কৃষিজাত সামগ্ৰীৰ লগতে লোহাৰ অক্সাইডৰ দৰে খনিজ পদাৰ্থ। ব্ৰিটেইন আৰু অন্যান্য ঔদ্যোগিক ৰাষ্ট্ৰৰ পৰা নিৰ্মিত সামগ্ৰী, যন্ত্ৰপাতি, মূলধনী সামগ্ৰী আমদানিৰ ওপৰত ভাৰত বহু পৰিমাণে নিৰ্ভৰশীল আছিল। ঔপনিৱেশিক বাণিজ্য নীতি ব্ৰিটিছ অৰ্থনৈতিক স্বাৰ্থ পূৰণৰ বাবে ৰচনা কৰা হৈছিল, যাৰ ফলত বাণিজ্যৰ ভাৰসাম্যহীনতা আহিছিল। ভাৰতৰ ৰপ্তানি মূলতঃ ব্ৰিটিছ উদ্যোগৰ বাবে কেঁচামাল হিচাপে কাম কৰিছিল। বিদেশী সামগ্ৰীৰ ওপৰত এই নিৰ্ভৰশীলতাই ভাৰতৰ ঔদ্যোগিক বিকাশ আৰু অৰ্থনৈতিক স্বাৱলম্বীতাত বাধাৰ সৃষ্টি কৰিছিল। ভাৰতৰ ৭৫% জনসংখ্যাই জীৱিকাৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল আছিল। স্বাধীনতাৰ পূৰ্বে ভাৰতীয় আন্তঃগাঁথনি ব্ৰিটিছে ৰেলপথ, জল পৰিবহণ ,ডাক আৰু টেলিগ্ৰাফৰ প্ৰৱৰ্তনেৰে গঢ়ি তুলিছিল যদিও ইয়াৰ আঁৰৰ প্ৰকৃত উদ্দেশ্য আছিল তেওঁলোকৰ ঔপনিৱেশিক স্বাৰ্থৰ বিকাশ। ভাৰতৰ আধাতকৈ অধিক বৈদেশিক বাণিজ্য ব্ৰিটেইনতে সীমাবদ্ধ হৈ থকাৰ বিপৰীতে বাকীখিনি চীন, চিলন (শ্ৰীলংকা) আৰু পাৰস্য (ইৰাণ)ৰ দৰে দেশক লক্ষ্য কৰি লোৱা হৈছিল।

(iv) মানৱ মূলধন গঠনত শিক্ষাৰ ভূমিকা আৰু গুৰুত্ব বর্ণনা কৰা।

উত্তৰঃ মানৱ মূলধন গঠনত শিক্ষাৰ ভূমিকা অপৰিসীম। শিক্ষা মানুহৰ জ্ঞান, দক্ষতা আৰু চিন্তাশক্তি বৃদ্ধি কৰি তেওঁলোকক অধিক সক্ষম কৰি তোলে। ই মানুহৰ ব্যক্তিগত আৰু পেচাগত জীৱন দুয়ো ক্ষেত্ৰতে উন্নতি সাধন কৰে। শিক্ষাৰ জৰিয়তে মানুহে নিজৰ ক্ষমতা পূৰ্ণ ৰূপে বিকাশ কৰিবলৈ সক্ষম হয়, যাৰ ফলত উৎপাদনশীলতা আৰু উদ্ভাৱনী শক্তি বৃদ্ধি পায়।

শিক্ষাই আৰ্থিক সামৰ্থ্যৰ বিকাশ ঘটাইছে, যি ব্যক্তিগত আৰু জাতীয় আয়ৰ বৃদ্ধি কৰে। লগতে, শিক্ষা দৰিদ্ৰতা দূৰ কৰি সমাজত আৰ্থ-সামাজিক সাম্যতা আনে। স্বাস্থ্য আৰু পৰিষ্কাৰতাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰি ই জীৱন মান উন্নত কৰে। শিক্ষা সামাজিক আৰু নৈতিক মূল্যবোধ গঢ়ি তুলিবলৈও সহায়ক।

ইয়াৰ উপৰি, শিক্ষা সচেতন নাগৰিক সৃষ্টি কৰে, যি সমাজ আৰু ৰাষ্ট্ৰৰ উন্নয়নৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ। একাধাৰে শিক্ষা নতুন উদ্যোগ, উদ্ভাৱন আৰু চিন্তাধাৰাৰ বিকাশৰ জৰিয়তে অৰ্থনীতিৰ চালিকা শক্তি হিচাপে কাম কৰে। সেয়েহে শিক্ষাক মানৱ মূলধনৰ ভিত্তি বুলি জনা যায়।

9. তলৰ প্ৰশ্নবোৰৰ যিকোনো দুটাৰ উত্তৰ দিয়া:

(a) জনসাংখ্যিক গাঁথনি।

উত্তৰঃ জনসাংখ্যিক সূচক: ভাৰত, চীন আৰু পাকিস্তানৰ জনসংখ্যা বৃহৎ, ভাৰত আৰু চীন বিশ্বজুৰি আটাইতকৈ জনবহুল দেশ দুখন। ভাৰতৰ জনসংখ্যা প্ৰায় ১.৪ বিলিয়ন, চীনৰ জনসংখ্যা প্ৰায় ১.৪৩ বিলিয়ন আৰু পাকিস্তানৰ জনসংখ্যা ২৪ কোটিৰ ওপৰত। ভাৰত আৰু পাকিস্তানৰ জনসংখ্যা কম, চীনৰ তুলনাত প্ৰজননৰ হাৰ বেছি, যিখন চীনৰ এক সন্তান নীতিৰ বাবে (শেহতীয়া শিথিলতা) হ্ৰাস পাইছে। আয়ুস চীনত (প্ৰায় ৭৭ বছৰ), তাৰ পিছতে ভাৰত (প্ৰায় ৭০ বছৰ), আৰু পাকিস্তানত (প্ৰায় ৬৭ বছৰ)।

(b) মানৱ উন্নয়নৰ নিৰ্দেশকসমূহৰ ভিত্তিত ভাৰত, চীন আৰু পাকিস্তানৰ এটি তুলনামূলক টোকা প্রস্তুত কৰা।

উত্তৰঃ মানৱ উন্নয়নৰ সূচক: স্বাস্থ্যসেৱা, শিক্ষা আৰু আন্তঃগাঁথনিৰ উন্নত সুবিধাৰ সৈতে চীনে মানৱ উন্নয়ন সূচকাংক (এইচডিআই)ত আগবাঢ়ি আছে। দৰিদ্ৰতা, স্বাস্থ্যসেৱা আৰু শিক্ষাৰ প্ৰত্যাহ্বানৰ বাবে ভাৰতৰ স্থান কম, আনহাতে পাকিস্তান আৰু পিছ পৰি আছে। চীনৰ অৰ্থনৈতিক অগ্ৰগতিৰ ফলত ইয়াৰ মানৱ বিকাশৰ যথেষ্ট উন্নতি হৈছে, আনহাতে ভাৰতৰ দ্ৰুত বৃদ্ধিয়ে এতিয়াও সকলো সামাজিক খণ্ডৰ সমান উন্নতি সাধন কৰিব পৰা নাই। পাকিস্তানে ভাৰতৰ প্ৰতি একেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, য’ত উল্লেখযোগ্য আঞ্চলিক বৈষম্য আছে।

(ii) নিয়োগৰ প্ৰেক্ষাপটত ভাৰতবৰ্ষই সম্মুখীন হোৱা সমস্যাসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰঃ নিয়োগৰ ক্ষেত্ৰত ভাৰতবৰ্ষই বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়, যিয়ে আৰ্থিক আৰু সামাজিক বিকাশত বাধা সৃষ্টি কৰে। দেশত বেকাৰত্বৰ সমস্যা গভীৰ, বিশেষকৈ শিক্ষিত লোকৰ মাজত। উচ্চ শিক্ষাৰ পৰেও বহু লোকে প্ৰয়োজনীয় দক্ষতাৰ অভাৱত চাকৰি পোৱা কঠিন হয়। জনসংখ্যাৰ তীব্ৰ বৃদ্ধিৰ ফলত চাকৰিৰ ক্ষেত্ৰত এক বৃহৎ প্ৰতিযোগিতা সৃষ্টি হৈছে।

ইয়াৰ উপৰি, অসংগঠিত খণ্ডত নিযুক্তি অধিক হোৱাত মানুহৰ আয় আৰু জীৱন মান অস্থিৰ হৈ পৰিছে। লিঙ্গভিত্তিক বৈষম্য এক গুৰুত্বপূর্ণ সমস্যা, য’ত মহিলাসকলে নিযুক্তিৰ ক্ষেত্ৰত সুষম সুযোগ নাপায়। লগতে, প্ৰযুক্তিৰ উন্নতিৰ লগত স্বয়ংক্ৰিয়তাৰ বিস্তাৰে কিছু খণ্ডত চাকৰিৰ সুযোগ হ্ৰাস পাইছে।

(iii) অর্থনৈতিক সংস্কাৰ কি? ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰৰ প্রয়োজনীয়তা বর্ণনা কৰা।

উত্তৰঃ অৰ্থনৈতিক সংস্কাৰ বুলিলে দেশ এখনৰ অৰ্থনৈতিক নীতি আৰু গাঁথনিৰ ইচ্ছাকৃত পৰিৱৰ্তনক বুজোৱা হয় যাৰ লক্ষ্য হৈছে দক্ষতা বৃদ্ধি, বৃদ্ধিৰ পোষকতা আৰু সামগ্ৰিক অৰ্থনৈতিক মংগল বৃদ্ধি কৰা। এই সংস্কাৰসমূহে প্ৰায়ে বজাৰ উদাৰীকৰণ, দক্ষতা উন্নত কৰা, চৰকাৰী হস্তক্ষেপ হ্ৰাস কৰা, ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণক উৎসাহিত কৰা আৰু উন্নত সম্পদ আৱণ্টন নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে।

ভাৰতত অৰ্থনৈতিক সংস্কাৰৰ প্ৰয়োজনীয়তা হ’ল—

(ক) বিত্তীয় ঘাটি আৰু ঋণ: ভাৰতত বৃদ্ধি পোৱা বিত্তীয় ঘাটি আৰু বহিঃ ঋণৰ সন্মুখীন হৈছিল। যাৰ ফলত মুদ্ৰাস্ফীতি আৰু দুৰ্বল মুদ্ৰাৰ সৃষ্টি হৈছিল। বিত্তীয় ঘাটি হৈছে দেশৰ মুঠ লাভৰ ওপৰত মুঠ ব্যয়ৰ অতিৰিক্ততা, যাৰ অৰ্থ প্ৰায়ে বিত্তীয় ঘাটি ৰাজ্যৰ ঋণৰ সমান।

(খ) অদক্ষ ৰাজহুৱা খণ্ড: চৰকাৰী উদ্যোগসমূহ প্ৰায়ে অদক্ষ আছিল আৰু চৰকাৰী সম্পদৰ নিষ্কাশন আছিল, যাৰ ফলত অৰ্থনৈতিক বিকাশ স্তব্ধ হৈ পৰিছিল।

(গ) লেহেমীয়া বৃদ্ধি: অৰ্থনৈতিক মন্দাৱস্থা হৈছে লেহেমীয়া অৰ্থনৈতিক বৃদ্ধিৰ সময়ছোৱা, সাধাৰণতে প্ৰকৃত মুঠ ঘৰুৱা উৎপাদনৰ (জিডিপি) বৃদ্ধিৰ হাৰ হ্ৰাস পোৱা। অৰ্থনীতি লাহে লাহে বৃদ্ধি পাইছিল আৰু জীৱন ধাৰণৰ মানদণ্ড উন্নত আৰু দৰিদ্ৰতা হ্ৰাসৰ বাবে অধিক বৃদ্ধিৰ হাৰৰ প্ৰয়োজন হৈছিল।

(ঘ) বিশ্বায়ন: পণ্য আৰু সেৱাৰ সীমা অতিক্ৰম কৰি ব্যৱসায়ৰ ক্ৰমবৰ্ধমান পৰিসৰ, আন্তৰ্জাতিক পুঁজিৰ প্ৰবাহ আৰু প্ৰযুক্তিৰ ব্যাপক আৰু দ্ৰুত বিস্তাৰৰ ফলত বিশ্ব অৰ্থনীতিৰ ক্ৰমবৰ্ধমান আন্তঃনিৰ্ভৰশীলতাক অৰ্থনৈতিক বিশ্বায়নে বুজায়।

(ঙ) ব্যক্তিগত খণ্ডৰ বৃদ্ধি: ব্যক্তিগত খণ্ডই চাকৰিৰ সৃষ্টি, সামগ্ৰী আৰু সেৱা প্ৰদান, অৰ্থনৈতিক বৃদ্ধিৰ উদ্দীপনা আদি কৰি অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ আৰু উদ্যোগীকৰণক উৎসাহিত কৰিবলৈ অৰ্থনৈতিক সংস্কাৰৰ প্ৰয়োজন আছিল, কিয়নো ৰাজহুৱা খণ্ডৰ নেতৃত্বত বৃদ্ধি বহনক্ষম নাছিল।

(iv) ভাৰত আৰু পাকিস্তানৰ উমৈহতীয়া সফলতা আৰু বিফলতাৰ বিষয়ে লিখা।

উত্তৰঃ ভাৰত আৰু পাকিস্তানৰ উমৈহতীয়া সফলতাসমূহ হ’ল—

(ক) কৃষি বৃদ্ধিঃ দুয়োখন দেশেই সেউজ বিপ্লৱৰ জৰিয়তে কৃষিৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰি খাদ্য উৎপাদন বৃদ্ধি আৰু আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰে। কৃষি পাকিস্তানৰ অৰ্থনীতিৰ এক মৌলিক অংশ।

(খ) ঔদ্যোগিক উন্নয়নঃ তেওঁলোকে বিভিন্ন ধৰণৰ ঔদ্যোগিক ভিত্তি গঢ়ি তুলিছে, যাৰ ফলত তেওঁলোকৰ GDP ত অৰিহণা যোগাইছে আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে। ই নিয়োগ সৃষ্টি কৰে, বিশেষজ্ঞতা আৰু প্ৰযুক্তিগত অগ্ৰগতিৰ প্ৰসাৰ ঘটায়।

(গ) মানৱ পুঁজিঃ দুয়োটা জাতিয়ে শিক্ষা আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে, দশক দশক ধৰি সাক্ষৰতাৰ হাৰ আৰু আয়ুস বৃদ্ধি কৰিছে। ই উন্নয়ন, অৰ্থনৈতিক, প্ৰযুক্তিগত আৰু বৈজ্ঞানিক অগ্ৰগতিৰ হাৰ নিৰ্ধাৰণ কৰে। মানৱ পুঁজিৰ ফলত উৎপাদন আৰু অন্যান্য আনুষংগিক কাম-কাজৰ ক্ষেত্ৰত অধিক উদ্ভাৱন হয়।

ভাৰত আৰু পাকিস্তানৰ উমৈহতীয়া বিফলতাসমূহ হ’ল—

(ক) বৈষম্যঃ বৃদ্ধিৰ পিছতো দুয়োটা জাতিয়ে অঞ্চল আৰু সামাজিক গোটসমূহৰ মাজত আয়ৰ ক্ষেত্ৰত যথেষ্ট বৈষম্য আৰু অসমান উন্নয়নৰ সন্মুখীন হ’বলগীয়া হয়। সুযোগৰ উচ্চ মাত্ৰাৰ বৈষম্যই দক্ষতা সঞ্চয়ক নিৰুৎসাহিত কৰে, অৰ্থনৈতিক আৰু সামাজিক গতিশীলতা আৰু মানৱ বিকাশক শ্বাসৰুদ্ধ কৰে আৰু ফলস্বৰূপে অৰ্থনৈতিক বিকাশক হতাশ কৰে।

(খ) নিবনুৱা সমস্যাঃ বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত নিবনুৱা সমস্যাৰ উচ্চ হাৰৰ সৈতে দুয়োখন দেশেই সংগ্ৰাম কৰি আছে। ই উৎপাদনশীলতা হ্ৰাস কৰি, অৰ্থনৈতিক বৃদ্ধিত বাধাৰ সৃষ্টি কৰি, চৰকাৰৰ ওপৰত বিত্তীয় বোজা বৃদ্ধি কৰি, বিনিয়োগ আৰু খৰচ সীমিত কৰি, দৰিদ্ৰতা আৰু আয়ৰ বৈষম্য বৃদ্ধি কৰি দুয়োখন অৰ্থনীতিত নেতিবাচক প্ৰভাৱ পেলায়।

(গ) ৰাজনৈতিক অস্থিৰতাঃ শাসনৰ সমস্যা, দুৰ্নীতি, ৰাজনৈতিক প্ৰত্যাহ্বান আদিয়ে সামঞ্জস্যপূৰ্ণ নীতি ৰূপায়ণত বাধাৰ সৃষ্টি কৰিছে।

10. তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ দিয়া:

(i) কৃষি বজাৰ ব্যৱস্থা বুলিলে কি বুজা? ভাৰতবৰ্ষত কৃষি বজাৰ ব্যৱস্থা উন্নত কৰিবলৈ গ্ৰহণ কৰা চৰকাৰী পদক্ষেপসমূহ আলোচনা কৰা।

উত্তৰঃ যিবোৰ উপায়েৰে বা পদ্ধতিৰে কৃষি উৎপাদিত সামগ্রী সমূহ গ্ৰাহকৰ হাতলৈ যায়, তাকে কৃষিজাত বজাৰ বোলে ৷

ভাৰত চৰকাৰে বজাৰসমূহৰ আন্তঃগাঁথনি উন্নয়ন নিয়ন্ত্ৰণ কৰি কৃষি বজাৰ উন্নত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যেনে শীতল ভঁৰালৰ সুবিধা গুদাম নিৰ্মাণ পথ ৰেলৱে আৰু সমবায় কৃষি বিপণন সমিতি আৰু নূন্যতম সমৰ্থন মূল্য নীতি ইত্যাদি কৃষি বজাৰ ব্যৱস্থা। গ্ৰামিন কৃষি বজাৰ (GrAM) আৰু গ্ৰাম্য গুদাম আঁচনিৰ দৰে আন্তঃগাঁথনি আঁচনিসমূহে মজুতকৰণ বৃদ্ধি কৰে আৰু অপচয় হ্ৰাস কৰে। প্ৰধানমন্ত্ৰী কিষাণ সমৃধি কেন্দ্ৰই সময়োপযোগী তথ্য আৰু ইনপুট প্ৰদান কৰাত সহায় কৰে। চুক্তিবদ্ধ কৃষি আইন সংস্কাৰ আৰু কৃষক উৎপাদক সংস্থা (এফ পি অ’)ৰ প্ৰচাৰে কৃষকৰ বিপণন ক্ষমতা আৰু আয়ৰ স্থিৰতা আৰু অধিক শক্তিশালী কৰে। নীতিত ৰপ্তানি ৰাজসাহায্য, শুল্ক হ্ৰাস, গুণগত মান, বজাৰ প্ৰৱেশৰ চুক্তি, বিত্তীয় প্ৰৰোচনা, আৰু কৃষি উৎপাদক আৰু ৰপ্তানিকাৰকসকলক আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰাত সহায় কৰিবলৈ তেওঁলোকৰ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰিবলৈ আৰু তেওঁলোকৰ ৰপ্তানিৰ সুযোগ সম্প্ৰসাৰণ কৰিবলৈ বাণিজ্য প্ৰসাৰৰ পদক্ষেপ আদি ব্যৱস্থা অন্তৰ্ভুক্ত হ’ব পাৰে।

(ii) বহনক্ষম উন্নয়নৰ ধাৰণাটো বিশ্লেষণ কৰা। লগতে বহনক্ষম উন্নয়নৰ কৌশলসমূহ আলোচনা কৰা।

উত্তৰঃ পৰিৱেশ আৰু অৰ্থব্যৱস্থা পৰস্পৰ নিৰ্ভৰশীল আৰু ইহঁতৰ এটাৰ বাবে আনটোৰ প্ৰয়োজন। গতিকে যি উন্নয়নে পৰিৱেশৰ ওপৰত ইয়াৰ প্রতিঘাত সম্বন্ধে আওকাণ কৰে, তেনে উন্নয়নে জীৱৰ ধাৰাবাহিকতা টিকাই ৰখাৰ বাবে প্রয়োজনীয় পৰিৱেশ বিনষ্ট কৰে। গতিকে আমাৰ প্ৰয়োজন হ’ল বহনক্ষম উন্নয়ন, যি উন্নয়নে অতি কম পক্ষেও বর্তমান প্রজন্মই উপভোগ কৰা জীৱন ধাৰণৰ মানৰ স্তৰৰ সমানে গড় পৰ্যায়ত ভৱিষ্যতৰ সকলো প্রজন্মক জীৱন ধাৰণৰ সম্ভাৱনীয় মান লাভ কৰাৰ কথা বিবেচনা কৰে। জাতি সংঘৰ পৰিৱেশ আৰু উন্নয়ন সম্পর্কীয় সম্মিলন (United Nations Conference on Environment and Development, UNCED)-এ বহনক্ষম উন্নয়নৰ ধাৰণাটোত গুৰুত্ব আৰোপ কৰিছে।

অপৰম্পৰাগত শক্তিৰ উৎস সমূহৰ ব্যৱহাৰ (Use of Non-conventional Sources of Energy) ভাৰতবৰ্ষই দেশখনৰ শক্তিৰ প্রয়োজনৰ বাবে বৃহৎভাৱে তাপ আৰু জলশক্তি প্রকল্পসমূহৰ ওপৰত নিৰ্ভৰ কৰে। এই দুয়োটাৰে পৰিৱেশৰ ওপৰত প্ৰতিকূল প্রভাৱ আছে। তাপ বিদ্যুৎ প্রকল্পসমূহৰ পৰা যথেষ্ট পৰিমাণে কার্বন-ডাই-অক্সাইড গেছ নির্গত হয়। এইটো এটা সেউজ গৃহ গেছ। এই প্রকল্পসমূহৰ পৰা নিৰ্গত হৈ উৰি ফুৰা ছাঁইবোৰ যদিহে সঠিকভাৱে ব্যৱহাৰ কৰা নাযায়, তেনেহ’লে ই জলাশয়বোৰ, ভূমি আৰু পৰিৱেশৰ আন উপাদানসমূহ দূষিত কৰিব পাৰে। জল বিদ্যুৎ প্রকল্পসমূহে অৰণ্য প্লাৱিত কৰে আৰু নদীৰ অৱবাহিকা আৰু নদী উপত্যকাত পানীৰ প্রাকৃতিক প্ৰৱাহত বাধা প্রদান কৰে। বতাহ শক্তি (Wind Power) আৰু সৌৰ ৰশ্মি (Solar Ray), পৰম্পৰাগত কিন্তু পৰিষ্কাৰ আৰু সেউজ কৌশলৰ উত্তম উদাহৰণ। ইহঁতক তাপ আৰু জলশক্তিৰ সলনি কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰিব পাৰি।

গ – অংশ

(For Old Course Students in lieu of Project Works)

11. তলৰ যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ দিয়া:

(i) চৰকাৰী ঋণৰ বিষয়ে এটি সমালোচনাত্মক টোকা লিখা।

উত্তৰঃ এখন দেশৰ চৰকাৰে কৰ, ঋণ বা অতিৰিক্ত কাগজী মুদ্রা ছপা কৰি বাজেটৰ ঘাটি (Budgetary deficit) পূৰণৰ বাবে বিত্ত যোগান ধৰিব পাৰে। সাধাৰণতে চৰকাৰে ধাৰৰ ওপৰত বিশ্বাস কৰে, যাক কোৱা হয় চৰকাৰী ঋণ (এখন দেশৰ চৰকাৰে আভ্যন্তৰীণ অথবা বৈদেশিক উৎসৰ পৰা ঋণ হিচাপে যি পুঁজি সংগ্ৰহ কৰে তাকেই সাধাৰণতে চৰকাৰী বা ৰাজহুৱা ঋণ বুলি কোৱা হয়)। ঘাটি (Deficits) আৰু ঋণ (Debts) এই দুয়োটা ধাৰণাৰ মাজত এক ঘনিষ্ঠ সম্পর্ক আছে। ঘাটিক পুঁজিৰ প্ৰবাহ (Flow) হিচাপে ভাবিব পাৰি আৰু ইয়াক ঋণৰ মজুতৰ লগত যোগ কৰা হয়। যদি চৰকাৰে বছৰৰ পাছত বছৰ ধৰি ঋণৰ আশ্রয় লয় তেতিয়া ঋণৰ ওপৰত অধিক সুদ প্রদান কৰিবলগীয়া হয়। চৰকাৰে প্ৰদান কৰিবলগীয়া এই সুদৰ পৰিমাণেও ৰাজহুৱা ঋণলৈ বৰঙণি যোগায়।

(ii) বৈদেশিক মুদ্রাৰ চাহিদাৰ উৎসসমূহ আলোচনা কৰা।

উত্তৰঃ বৈদেশিক মুদ্রাৰ চাহিদাৰ উৎসসমূহ তলত আলোচনা কৰা হ’ল—

(ক) সামগ্ৰী আৰু সেৱাৰ আমদানি: বিদেশী দেশৰ পৰা সামগ্ৰী আৰু সেৱা আমদানি কৰাৰ ক্ষেত্ৰত আমদানিকাৰকে (সামগ্ৰী আৰু সেৱা আমদানি কৰা ব্যক্তিজনে) বিদেশী মুদ্ৰাত ধন পৰিশোধ কৰে; এইদৰে ভাৰতৰ বৈদেশিক মুদ্ৰাৰ বজাৰত বৈদেশিক মুদ্ৰাৰ চাহিদাৰ সৃষ্টি হয়।

(খ) পৰ্যটন: বিদেশ ভ্ৰমণ কৰা ব্যক্তি বা ভাৰত ভ্ৰমণ কৰা বিদেশী পৰ্যটকে থকাৰ ব্যৱস্থা, পৰিবহণ আৰু অন্যান্য সেৱাৰ দৰে খৰচৰ বাবে মুদ্ৰাৰ প্ৰয়োজন হ’লে পৰ্যটনৰ ফলত বিদেশী মুদ্ৰাৰ চাহিদা সৃষ্টি হয়।

(গ) বিদেশ ভ্ৰমণ: বহিঃৰাজ্য ভ্ৰমণ কৰা ব্যক্তি বা দেশ ভ্ৰমণ কৰা বিদেশী পৰ্যটকে থকাৰ ব্যৱস্থা, যাতায়ত, আৰু অন্যান্য সেৱাৰ দৰে খৰচৰ বাবে বিদেশী মুদ্ৰাৰ দাবী কৰে।

(ঘ) বিদেশত বিনিয়োগ: প্ৰত্যক্ষ আৰু পৰোক্ষ উভয় বিদেশী বিনিয়োগৰ বাবে বিদেশত সম্পত্তি ক্ৰয় কৰিবলৈ ঘৰুৱা মুদ্ৰাক বিদেশী মুদ্ৰালৈ ৰূপান্তৰিত কৰাৰ প্ৰয়োজন হয়।

(ঙ) বিদেশী ঋণ পৰিশোধ: বিদেশী ঋণ পৰিশোধ হ’ল কোনো দেশৰ বিদেশী ঋণদাতা, যেনে বাণিজ্যিক বেংক, চৰকাৰ, বা আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানৰ প্ৰতি ঋণ পৰিশোধ কৰা প্ৰক্ৰিয়া।

(iii) GDP ক এখন দেশৰ কল্যাণৰ সূচকৰূপে ব্যৱহাৰ কৰিব পাৰিনে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি আগবঢ়োৱা।

উত্তৰঃ যদি কোনো দেশৰ GDP বৃদ্ধি পায় তেন্তে সেই দেশৰ জনসাধাৰণৰ কল্যাণো বৃদ্ধি পায় কাৰণ GDP বৃদ্ধিৰ অৰ্থ হ’ল জনমূৰি প্ৰকৃত আয় বৃদ্ধি অৰ্থাৎ জনমূৰি সামগ্ৰী আৰু সেৱাৰ উপলব্ধতা বৃদ্ধি। কিছুমান ক্ষেত্ৰত GDP বৃদ্ধিৰ সৈতে অৰ্থনৈতিক কল্যাণৰ সম্পৰ্ক থাকিব পাৰে যদিও ই সামগ্ৰিক মংগলৰ এক ব্যাপক পৰিমাপ নহয়। GDP ৰ গুৰুত্বপূৰ্ণ কাৰণ ই অৰ্থনীতিৰ আকাৰ আৰু অৰ্থনীতিৰ প্ৰদৰ্শন কেনেকুৱা হৈছে সেই বিষয়ে তথ্য দিয়া হয়। বাস্তৱ GDPৰ বৃদ্ধিৰ হাৰক প্ৰায়ে অৰ্থনীতিৰ সাধাৰণ স্বাস্থ্যৰ সূচক হিচাপে ব্যৱহাৰ কৰা হয়। বহলভাৱে ক’বলৈ গ’লে বাস্তৱ GDP বৃদ্ধিৰ অৰ্থ অৰ্থনীতি ভাল হোৱাৰ চিন হিচাপে ব্যাখ্যা কৰা হয়। GDPয়ে কল্যাণমূলক উপাদানটোক আওকাণ কৰে কাৰণ উৎপাদিত সামগ্ৰী আৰু সেৱাই এখন সমাজৰ কল্যাণ বৃদ্ধি কৰিব পাৰে বা নকৰিবও পাৰে। উদাহৰণস্বৰূপে, বন্দুক, নিচাযুক্ত দ্ৰব্য, উচ্চমানৰ বিলাসী সামগ্ৰীৰ দৰে সামগ্ৰীৰ উৎপাদনে উৎপাদনৰ আৰ্থিক মূল্য বৃদ্ধি কৰে, কিন্তু ইয়াৰ দ্বাৰা গৰিষ্ঠসংখ্যক জনসংখ্যাৰ কল্যাণ বৃদ্ধি নহয়। কল্যাণৰ ভিতৰত স্বাস্থ্য, শিক্ষা, পৰিৱেশৰ মানদণ্ড আৰু সমতাৰ দৰে অ-অৰ্থনৈতিক কাৰক অন্তৰ্ভুক্ত কৰা হয়, যাৰ হিচাপ GDPয়ে নিদিয়ে।

(iv) মানৱ মূলধন কি? মানৱ মূলধন গঠনৰ উৎসসমূহ আলোচনা কৰা।

উত্তৰঃ দেশৰ মানৱ সম্পদ সমূহক, মূলধনলৈ পৰিৱৰ্তন কৰাকে মানৱ মূলধন বোলে।

মানৱ মূলধন গঠনৰ উৎসসমূহ—

(ক) ব্যক্তিৰ উন্নয়নত স্বাস্থ্য যেনেকৈ দৰকাৰী জাতিৰ উন্নয়নৰ বাবেও ই অতিকৈ প্ৰয়োজনীয়। স্বাস্থ্য সেৱাৰ সুবিধাৰ পৰা বঞ্চিত এজন ৰুগ্ন শ্রমিক কামত অনুপস্থিত থাকিবলৈ বাধ্য। যাৰ ফলত উৎপাদন হ্রাস পায়। সেই কাৰণে স্বাস্থ্যত ব্যয় কৰা মানে মানৱ মূলধন গঠনত ব্যয় কৰা আৰু এই ব্যয় অতি প্রয়োজনীয়।

(খ) মানুহে প্ৰব্ৰজন কৰে নিজৰ ঠাইতকৈ বেছি আয়ৰ কাম পোৱাৰ আশাত। কাৰিকৰীভাৱে শিক্ষিত লোক যেনে— ডাক্তৰ, ইঞ্জিনিয়াৰসকলে অন্য দেশতলৈ প্ৰব্ৰজন কৰাৰ উদ্দেশ্যও বেছি দৰমহাৰ সুযোগ। এনে প্ৰব্ৰজনত নিহিত হৈ থাকে যাতায়াতৰ ব্যয়, নতুন ঠাইত বসবাসৰ উচ্চ ব্যয় আৰু জটিল সামাজিক সাংস্কৃতিক অৱস্থাত জীৱন যাপন কৰাৰ মানসিক কষ্ট। নতুন ঠাইত অৰ্জন কৰা উচ্চ আয়ৰ গুৰুত্ব এনে খৰচৰ তুলনাত অধিক। সেয়েহে প্ৰব্ৰজনৰ বাবে হোৱা খৰচো মানৱ মূলধন গঠনৰ উৎস।

(v) জ্ঞান অর্থব্যৱস্থা হিচাপে ভাৰতবৰ্ষৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ দেশখনত প্ৰতি বছৰে বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক, আৰু গণিত (STEM) ক্ষেত্ৰৰ বিপুল সংখ্যক স্নাতক উৎপন্ন হয়, যিয়ে কৰ্মশক্তিক বিভিন্ন দক্ষতা আৰু বিশেষজ্ঞতাৰে ইন্ধন যোগায়। জ্ঞান অৰ্থনীতিত ভাৰতৰ আগ্ৰাসনৰ সাৰ্থকতা হৈছে তথ্য প্ৰযুক্তি (IT) খণ্ডত ভাৰতৰ দক্ষতা।

IT ৰ বাহিৰেও ভাৰতে জৈৱ প্ৰযুক্তি, ঔষধ, আৰু গৱেষণা-চালিত উদ্যোগৰ দৰে খণ্ডতো আগবাঢ়িছে, যিবোৰে জ্ঞান অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ডিজিটেল ইণ্ডিয়াৰ দৰে পদক্ষেপৰ জৰিয়তে চৰকাৰে ডিজিটেল ৰূপান্তৰৰ বাবে ঠেলি দিয়াৰ লগতে ই-গভৰ্নেন্সৰ ক্ৰমবৰ্ধমান ব্যৱহাৰে দেশৰ আন্তঃগাঁথনি আধুনিকীকৰণ আৰু নাগৰিকৰ বাবে তথ্য অধিক সুলভ কৰি তোলাৰ প্ৰচেষ্টাক প্ৰদৰ্শন কৰে। ভাৰতে উদ্ভাৱন, গৱেষণা আৰু উন্নয়ন, আৰু ডিজিটেল সাক্ষৰতাৰ ওপৰত ক্ৰমান্বয়ে গুৰুত্ব দিয়াটোৱে ইয়াক বিশ্ব জ্ঞান অৰ্থনীতিৰ এক মূল খেলুৱৈ হিচাপে আৰু অধিক স্থান দিছে।

(vi) এখন সৰল অর্থনীতিত আয়ৰ চক্ৰীয় প্রৱাহ আলোচনা কৰা।

উত্তৰঃ এখন সৰল অর্থনীতিত উপভােগ আৰু উৎপাদনৰ মাজৰ বৃত্তীয় কার্যকলাপক আয়ৰ চক্ৰীয় প্রবাহ বুলি কোৱা হয়। এনে অর্থনীতিত উৎপাদন প্রতিষ্ঠান (firm) আৰু ঘৰুৱা খণ্ডৰ মাজত আয়ৰ প্ৰৱাহ বৃত্তীয়ভাৱে প্রবাহিত হয়। প্রতিষ্ঠানসমূহে উৎপাদনৰ উপাদানসমূহ ঘৰুৱা খণ্ডৰ পৰা আহৰণ কৰে আৰু তাৰ পাৰিশ্ৰমিক মূল্য ঘৰুৱা খণ্ডক দিয়ে। ঘৰুৱা খণ্ডই এই আয় প্রতিষ্ঠানসমূহে উৎপাদন কৰা দ্রব্য সামগ্রী আৰু সেৱাৰ বাবে উপভােগ ব্যয় হিচাপে কৰে। এনেদৰে এটা খণ্ডৰ পৰা আন এটা খণ্ডলৈ প্রবাহিত আয়ক আয়ৰ চক্ৰীয় প্রবাহ বােলে।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top