SEBA Class 7 Social Science Important Chapter 9 ভাৰতৰ জলবায়ু, প্রাকৃতিক উদ্ভিদ, কৃষি আৰু জনংসখ্যা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Important Chapter 9 ভাৰতৰ জলবায়ু, প্রাকৃতিক উদ্ভিদ, কৃষি আৰু জনংসখ্যা Solutions in Assamese and select need one. SEBA Class 7 Social Science Additional Solutions Download PDF. SEBA Class 7 Social Science Important Solutions Assamese Medium.
SEBA Class 7 Social Science Important Chapter 9 ভাৰতৰ জলবায়ু, প্রাকৃতিক উদ্ভিদ, কৃষি আৰু জনংসখ্যা
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Social Science Important Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Assamese Medium Class 7 Social Science Important Notes for All Chapters, You can practice these here.
ভাৰতৰ জলবায়ু, প্রাকৃতিক উদ্ভিদ, কৃষি আৰু জনংসখ্যা
Chapter: 9
| ভূগোল খণ্ড: আমাৰ পৃথিৱী |
| IMPORTANT QUESTION AND ANSWER |
১। ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান?
উত্তৰঃ ভাৰতবৰ্ষৰ মুঠ মাটিকালি ৩২,৭৮,২৬৩ বৰ্গ’মিটাৰ।
২। ভৰতৰ মূল ভূ-ভাগ কিমান অক্ষৰেখাৰ মাজত অৱস্থিত?
উত্তৰঃ ভৰতৰ মূল ভূ-ভাগ ৮°.৪ উত্তৰৰ পৰা ৩৭°৬ উত্তৰ অক্ষৰেখাৰ মাজত অৱস্থিত।
৩। একে অক্ষাংশত অৱস্থিত বিভিন্ন ঠাইৰ জলবায়ু ভিন্ন হয় কিয়?
উত্তৰঃ ভু- প্ৰকৃতাবা উচ্চতাৰ পাৰ্থক্য বাবে একে অক্ষাংশতে অৱস্থিত স্থান ভেদে উষ্ণতা, বায়ুৰ চাপ, বৃষ্টিপাত, আদ্ৰতা আদিৰ পাৰ্থক্য ঘটে। ফলত জলবায়ু ভিন্ন হয়।
৪। একে অক্ষাংশতে থকা আগ্ৰা আৰু দাৰ্জিলিঙৰ ভিতৰত দাৰ্জিলিঙ অধিক শীতল কিয়?
উত্তৰঃ আগ্ৰা আৰু দাৰ্জিলিং একে অক্ষাংশতে আছে যদিও দাৰ্জিলিং উচ্চ পাহাৰ অঞ্চলত অৱস্থিত। সেয়ে দাৰ্জিলিং আগ্ৰাতকৈ অধিক শীতল।
৫। সাগৰৰ পাৰৰ জলবায়ু সমভাৱপন্ন কিয়?
উত্তৰঃ সাগৰৰ পাৰৰ ঠাইবোৰত সাগৰীয় বতাহাৰ প্ৰভাৱ পৰে। গ্ৰীষ্ম আৰু শীত উভয় কালতে তেনে ঠাইৰ তাপমাত্ৰা অধিক নহয়। ফলত সাগৰৰ পাৰৰ জলবায়ু সমভাৱপন্ন হয়।
৬। কোনবিধ বতাহে ভাৰতবৰ্ষৰ জলবায়ুক আটাইকৈ বেছিকৈ প্ৰভাৱিত কৰে?
উত্তৰঃ মৌচুমী বতাহে ভাৰতবৰ্ষৰ জলবায়ুক আটাইকৈ বেছিকৈ প্ৰভাৱিত কৰে।
৭। দক্ষিণ গোলাধৰ মকৰ্ক্ৰান্তি ৰেখাৰ ওপৰত সূৰ্যই অৱস্থান কৰাৰ সময়ত ভাৰতবৰ্ষত কি কাল হয়?
উত্তৰঃ দক্ষিণ গোলাধৰ মকৰ্ক্ৰান্তি ৰেখাৰ ওপৰত সূৰ্যই অৱস্থান কৰাৰ সময়ত ভাৰতবৰ্ষত শীতকাল হয়।
৮। কোনো এখন ঠাইৰ তাপমাত্ৰা কি কি কাৰণত তাৰতম্য ঘটে?
উত্তৰঃ কোনো এখন ঠাইৰ তাপমাত্ৰাৰ তাৰতম্য ঘটাত বিভিন্ন কাৰকে নিৰ্ভৰ কৰে। বিশেষকৈ বতাহ, সূৰ্যৰ উত্তাপ, ঠাইখনৰ উচ্চতা, বিষুৱৰ পৰা ঠাইখনৰ দুৰত্ব আদি কাৰকৰ প্ৰভাৱত ঠাই এখনৰ তাপমাত্ৰা কম-বেছি হয়।
৯। এখন দেশৰ উন্নয়নৰ মূল উপাদান কি?
উত্তৰঃ এখন দেশৰ উন্নয়নৰ মূল উপাদান হ’ল- দেশখনৰ জনসংখ্যা।
১০। কোনো এটা অঞ্চলৰ জনসংখ্যা বুলিলে কি বুজা?
উত্তৰঃ কোনো এটা অঞ্চলত স্থায়ীভাৱে বসবাস কৰি থকা মানুহখিনিক সেই অঞ্চলটোৰ জনসংখ্যা হিচাপে বুজা যায়।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। ভাৰতৰ জলবায়ু কিহৰ ওপৰত নিৰ্ভৰ কৰে? মৌচুমী বতাহৰ প্ৰভাৱ বৰ্ণনা কৰা।
উত্তৰঃ ভাৰতৰ জলবায়ু ভূ-প্ৰকৃতি, উচ্চতা, অক্ষাংশ আৰু মৌচুমী বতাহৰ ওপৰত নিৰ্ভৰশীল। ভাৰতত দুটা প্ৰধান মৌচুমী বতাহ প্ৰবাহিত হয়, দক্ষিণ-পশ্চিম আৰু উত্তৰ-পূব মৌচুমী বতাহ। গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম বতাহে পশ্চিমঘাট আৰু অসমত বেছি বৰষুণ দিয়ে, আৰু শীতকালত উত্তৰ-পূব বতাহে দক্ষিণ ভাৰতৰ কিছুমান অঞ্চলত বৰষুণ কঢ়িয়াই আনে।
২। ভাৰতৰ প্ৰাকৃতিক উদ্ভিদৰ প্ৰধান ভাগসমূহ কি কি? উদাহৰণসহ ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰতৰ প্ৰাকৃতিক উদ্ভিদসমূহক বৃষ্টিপাত আৰু তাপমাত্রাৰ ওপৰত নিৰ্ভৰ কৰি ছটা ভাগত বিভক্ত কৰা হৈছে।
(ক) চিৰসেউজীয়া উদ্ভিদ–পশ্চিমঘাট, উত্তৰ-পূব অঞ্চলত।
(খ) মৌচুমীয় উদ্ভিদ।
(গ) তৃণজাতীয় উদ্ভিদ।
(ঘ) কাঁইটীয়া মৰুজ উদ্ভিদ–ৰাজস্থানত।
(ঙ) ব-দ্বীপীয় উদ্ভিদ।
(চ) পাৰ্বত্য উদ্ভিদ।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


