SEBA Class 7 Social Science Important Chapter 10 মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Important Chapter 10 মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ Solutions in Assamese and select need one. SEBA Class 7 Social Science Additional Solutions Download PDF. SEBA Class 7 Social Science Important Solutions Assamese Medium.
SEBA Class 7 Social Science Important Chapter 10 মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Social Science Important Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Assamese Medium Class 7 Social Science Important Notes for All Chapters, You can practice these here.
মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
Chapter: 10
| ইতিহাস খণ্ড: আমাৰ অতীত আৰু ঐতিহ্য |
| IMPORTANT QUESTION AND ANSWER |
১। চেদি বংশই ক’ত ৰাজ্য স্থাপন কৰিছিল?
উত্তৰঃ চেদি বংশই কলিঙ্গত ৰাজ্য স্থাপন কৰিছিল।
২। সংস্কৃত ব্যাকৰণ ‘মহাভাষ্য’ৰ ৰচক কোন?
উত্তৰঃ সংস্কৃত ব্যাকৰণ ‘মহাভাষ্য’ৰ ৰচক পতঞ্জলি।
৩। মৌৰ্যবংশৰ শেষ ৰজা কোন আছিল?
উত্তৰঃ মৌৰ্যবংশৰ শেষ ৰজা বৃহদ্রথ আছিল।
৪। শুঙ্গবংশৰ প্ৰতিষ্ঠাতা কোন?
উত্তৰঃ শুঙ্গবংশৰ প্ৰতিষ্ঠাতা পুষ্যমিত্ৰ শুঙ্গ।
৫। চেদী বা চেত বংশৰ প্ৰতিষ্ঠাতা কোন?
উত্তৰঃ চেদী বা চেত বংশৰ প্ৰতিষ্ঠাতা মহা মেঘবাহন।
৬। সাতবাহনসকলক আন কি নামেৰে জনা যায়?
উত্তৰঃ সাতবাহনসকলক অন্ধ্ৰ নামেৰে জনা যায়।
৭। সাতবাহন বংশৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰঃ সাতবাহন বংশৰ প্ৰতিষ্ঠাপক সিমুক।
৮। ভূপালৰ প্ৰসিদ্ধ স্থাপত্য ভাস্কৰ্যবিলাক ক’ত অৱস্থিত?
উত্তৰঃ ভূপালৰ প্ৰসিদ্ধ স্থাপত্য ভাস্কৰ্যবিলাক সাঁচিৰ কানাখেৰাত অৱস্থিত।
৯। সাতবাহনৰ প্ৰধান সামাজিক বৈশিষ্ট্য কি?
উত্তৰঃ সাতবাহনৰ প্ৰধান সামাজিক বৈশিষ্ট্য হ’ল- যৌথ পৰিয়াল।
১০। সাতবাহনসকলৰ দিনত ৰচিত প্ৰধান গ্ৰন্থ দুখনৰ নাম কি কি?
উত্তৰঃ সাতবাহনসকলৰ দিনত ৰচিত প্ৰধান গ্ৰন্থ দুখনৰ নাম হ’ল- কাতন্ত্ৰ আৰু বৃহৎ কথা।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। মৌৰ্যসকলৰ পতনৰ পিছত মগধত কোন বংশ উদয় হৈছিল? এই বংশৰ শাসন আৰু অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ মৌৰ্যসকলৰ পতনৰ পিছত পুষ্যমিত্র শুঙ্গে মগধত শুঙ্গ বংশ প্ৰতিষ্ঠা কৰে। শুঙ্গসকলে প্ৰায় ১১২ বছৰৰো অধিক সময় ৰাজত্ব কৰিছিল। এই সময়ত দেশীয় বংশবোৰ (যেনে—কাম বংশ, চেদী বংশ) বিভিন্ন অঞ্চলত নিজৰ ৰাজত্ব স্থাপন কৰে, যিয়ে স্থানীয় ৰাজনৈতিক শক্তিক পুনৰুজ্জীৱিত কৰে।
২। দক্ষিণ ভাৰতত সাতবাহন বংশৰ শাসনৰ বৈশিষ্ট্য কি আছিল?
উত্তৰঃ দক্ষিণ ভাৰতত সাতবাহন বংশ (অন্ধ্ৰ) শক্তিশালী ৰাজনৈতিক শক্তি হিচাপে উদয় হয়। তেওঁলোকে দুটা ধৰণৰ শাসনব্যৱস্থা প্ৰচলন কৰি কৃষি-অৰ্থনীতিৰ উন্নতি সাধন কৰিছিল। সাতবাহনসকলে অঞ্চলটোত ৰাজনৈতিক স্থিৰতা আৰু বিকাশ আনিছিল।
৩। কণিষ্কৰ শাসনকালত বৌদ্ধ ধৰ্ম আৰু শিল্পকলাৰ কিদৰে বিকাশ হৈছিল?
উত্তৰঃ কণিষ্ক আছিল কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা। তেওঁৰ শাসনত বৌদ্ধ ধৰ্মৰ মহাযান আৰু হীনযান দুয়োটা শাখাই বিস্তাৰ লাভ কৰে। কণিষ্কই আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বিকাশ ঘটায় আৰু গান্ধাৰ শিল্পত গ্ৰীক-ৰোমান শিল্পৰ প্ৰভাৱ স্পষ্ট হয়।
৪। সংগম সাহিত্য ক’ত সৃষ্টি হৈছিল আৰু ইয়াৰ বৈশিষ্ট্য কি আছিল?
উত্তৰঃ সংগম সাহিত্য দক্ষিণ ভাৰতৰ চোল, চেৰা আৰু পাণ্ড্য ৰাজ্যৰ শাসনকালত সৃষ্টি হৈছিল। এই সাহিত্যত বৰ্ণনাত্মক আৰু নীতিমূলক কবিতা অন্তৰ্ভুক্ত আছিল। সংগম সাহিত্য তামিল সংস্কৃতি আৰু সমাজ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ ৰূপে বিবেচিত।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


