SEBA Class 7 Social Science Important Chapter 11 গুপ্ত সাম্ৰাজ্যৰ উত্থান Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Important Chapter 11 গুপ্ত সাম্ৰাজ্যৰ উত্থান Solutions in Assamese and select need one. SEBA Class 7 Social Science Additional Solutions Download PDF. SEBA Class 7 Social Science Important Solutions Assamese Medium.
SEBA Class 7 Social Science Important Chapter 11 গুপ্ত সাম্ৰাজ্যৰ উত্থান
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Social Science Important Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Assamese Medium Class 7 Social Science Important Notes for All Chapters, You can practice these here.
গুপ্ত সাম্ৰাজ্যৰ উত্থান
Chapter: 11
| ইতিহাস খণ্ড: আমাৰ অতীত আৰু ঐতিহ্য |
| IMPORTANT QUESTION AND ANSWER |
১। ‘ৰঘুবংশ’ৰ ৰচক কোন আছিল?
উত্তৰঃ ‘ৰঘুবংশ’ৰ ৰচক কালিদাস আছিল।
২। গুপ্ত যুগত সাধাৰণ শ্ৰেণীৰ ভাষা কি আছিল?
উত্তৰঃ গুপ্ত যুগত সাধাৰণ শ্ৰেণীৰ ভাষা প্ৰাকৃত আছিল।
৩। ফাহীয়ান কোন দেশৰ মানুহ আছিল?
উত্তৰঃ ফাহীয়ান চীন দেশৰ মানুহ আছিল।
৪। কোনজন গুপ্ত ৰজাৰ দিনত ফাহিয়ান ভাৰতলৈ আহিছিল?
উত্তৰঃ দ্বিতীয় চন্দ্ৰ গুপ্তৰ দিনত ফাহিয়ান ভাৰতলৈ আহিছিল।
৫। গুপ্ত ৰজাসকলে কি কি উপাধি লৈছিল?
উত্তৰঃ গুপ্ত ৰজাসকলে ৰজা, মহাৰাজ আৰু মহাৰাজা ধিৰাজ উপাধি লৈছিল।
৬। ‘গুপ্তব্দ’ বৰ্ষ কেতিয়াৰ পৰা আৰম্ভ হৈছিল?
উত্তৰঃ প্ৰথম চন্দ্ৰগুপ্তই সিংহাসন আৰোহণ কৰা সময়ৰ পৰা ‘গুপ্তব্দ’ নামৰ নতুন বৰ্ষ আৰম্ভ হৈছিল।
৭। কোনজন গুপ্ত ৰজাই ‘সকাৰি’ উপাদি লৈছিল?
উত্তৰঃ দ্বিতীয় চন্দ্ৰ গুপ্তই ‘সকাৰি’ উপাদি লৈছিল।
৮। গুপ্ত সাম্ৰাজ্যক কি কি তিনিটা গোটত ভাগ কৰা হৈছিল?
উত্তৰঃ গুপ্ত সাম্ৰাজ্যক ভুক্তি (প্ৰদেশ), বিষয় (জিলা) আৰু গাওঁ এই তিনিটা গোটত ভাগ কৰা হৈছিল।
৯। গুপ্ত যুগত বিচাৰ ব্যৱস্থাক কি কি দুটা ভাগত ভগোৱা হৈছিল?
উত্তৰঃ সাধাৰণ আৰু অপৰাধমুলক।
১০। গুপ্ত সাম্ৰাজ্যৰ অৰ্থনীতিৰ মূল উৎস কি আছিল?
উত্তৰঃ গুপ্ত সাম্ৰাজ্যৰ অৰ্থনীতিৰ মূল উৎস কৃষি আছিল।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। গুপ্ত যুগৰ সাহিত্য আৰু সংস্কৃতিৰ বিকাশৰ বিষয়ে লিখা।
উত্তৰঃ গুপ্ত যুগ ভাৰতৰ ইতিহাসত সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত এক উজ্জ্বল অধ্যায় হিচাপে বিবেচিত। এই সময়ত সংস্কৃত ভাষাই উচ্চ শ্ৰেণীৰ ভাষাৰ ৰূপ লাভ কৰিছিল, আৰু কালিদাস, ভৰত, শূদ্ৰক আৰু বিশাখাদত্তৰ দৰে মহাকবি আৰু নাট্যশিল্পীসকলে সাহিত্যৰ উৎকৰ্ষ সাধন কৰিছিল। কালিদাসৰ ‘অভিজ্ঞান শকুন্তলম’, ‘কুমাৰসম্ভৱ’ আৰু ‘মেঘদূত’ আদি অমূল্য সাহিত্যকৃতি ৰচনা হৈছিল। পুৰাণ, ৰামায়ণ আৰু মহাভাৰতৰ সংস্কৰণো এই সময়ত সম্পূৰ্ণ আৰু প্ৰকাশ পায়।
২। গুপ্ত যুগৰ বিজ্ঞানৰ অগ্ৰগতিৰ বিষয়ে লিখা।
উত্তৰঃ গুপ্ত যুগত বিজ্ঞানৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি সাধিত হৈছিল। আৰ্যভট্ট আৰু বৰাহমিহিৰে জ্যোতিষশাস্ত্ৰত বিশ্বমানচিত্ৰ, গ্ৰহ-নক্ষত্রৰ গতিবিধি, সূৰ্য আৰু চন্দ্ৰগ্ৰহণৰ বৈজ্ঞানিক ব্যাখ্যা আগবঢ়াইছিল। গণিতত দশমিক পদ্ধতি, শূণ্যৰ ব্যৱহাৰ আৰু স্থানীয় মানৰ ধাৰণাৰ উদ্ভাৱন গুপ্ত যুগৰ উল্লেখযোগ্য অবদান। চিকিৎসাশাস্ত্ৰত চৰক আৰু সুশ্ৰুতৰ চিকিৎসা বিজ্ঞানৰ বহু গুৰুত্বপূর্ণ গ্ৰন্থ ৰচনা কৰিছিল।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

