SEBA Class 7 Social Science Important Chapter 12 গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Important Chapter 12 গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ Solutions in Assamese and select need one. SEBA Class 7 Social Science Additional Solutions Download PDF. SEBA Class 7 Social Science Important Solutions Assamese Medium.
SEBA Class 7 Social Science Important Chapter 12 গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Social Science Important Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Assamese Medium Class 7 Social Science Important Notes for All Chapters, You can practice these here.
গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
Chapter: 12
| ইতিহাস খণ্ড: আমাৰ অতীত আৰু ঐতিহ্য |
| IMPORTANT QUESTION AND ANSWER |
১। ভৰতৰ সোঁমাজত থকা পৰ্বতখনৰ নাম কি?
উত্তৰঃ ভৰতৰ সোঁমাজত থকা পৰ্বতখনৰ নাম হ’ল- বিন্ধ্য পৰ্বত।
২। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল?
উত্তৰঃ বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা ভাস্কৰ বৰ্মন আছিল।
৩। থানেশ্বৰ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰঃ থানেশ্বৰ ৰাজ্যৰ প্ৰতিষ্ঠাপক প্ৰভাকৰ বৰ্ধন আছিল।
৪। হৰ্ষবৰ্ধনৰ ভনীয়েকৰ নাম কি আছিল?
উত্তৰঃ হৰ্ষবৰ্ধনৰ ভনীয়েকৰ নাম ৰাজশ্ৰী আছিল।
৫। হৰ্ষবৰ্ধনৰ ব্যক্তিত্ব কেনেকুৱা আছিল?
উত্তৰঃ হৰ্ষবৰ্ধন এজন সুদক্ষ যোদ্ধা, সুশাসক, সুপণ্ডিত বিদ্যানুৰাগি সম্ৰাট আছিল।
৬। ‘হৰ্ষচৰিত’ৰ ৰচক কোন আছিল?
উত্তৰঃ ‘হৰ্ষচৰিত’ৰ ৰচক বাণভট্ট আছিল।
৭। এখণ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰৰ নাম লিখা?
উত্তৰঃ এখণ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰৰ নাম হ’ল- ভাৰতবৰ্ষ।
৮। ‘কদম্বৰি’ পুথিখনৰ ৰচক কোন আছিল?
উত্তৰঃ ‘কদম্বৰি’ পুথিখনৰ ৰচক বাণভট্ট আছিল।
৯। হৰ্ষবৰ্ধনে ৰচনা কৰা পুথি তিনিখনৰ নাম কি কি?
উত্তৰঃ হৰ্ষবৰ্ধনে ৰচনা কৰা পুথি তিনিখনৰ নাম হ’ল- নগানন্দ, ৰত্নৱলী আৰু প্ৰিয়াদৰ্শিকা।
১০। কামৰূপত হৰ্ষবৰ্ধনৰ মিত্ৰৰজা কোন আছিল?
উত্তৰঃ কামৰূপত হৰ্ষবৰ্ধনৰ মিত্ৰৰজা ভাস্কৰ বৰ্মন আছিল।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। গুপ্ত সাম্ৰাজ্যৰ পতনৰ পাছত সৰু স্বাধীন ৰাজ্যসমূহৰ উত্থান কেনেকৈ হৈছিল?
উত্তৰঃ গুপ্ত সাম্ৰাজ্যৰ পতনৰ পাছত খ্ৰীষ্টীয় ৫ম শতিকাৰ মাজভাগত ভাৰতত সৰু স্বাধীন ৰাজ্যৰ উত্থান হৈছিল। উত্তৰ ভাৰতত থানেশ্বৰ (বৰ্তমান হৰিয়ানা) আৰু দক্ষিণ ভাৰতত পল্লৱ, ৰাষ্ট্ৰকুট, চালুক্য আৰু চোল সাম্ৰাজ্যসমূহ শক্তিশালী হৈছে। এই সময়ত এই ৰাজ্যসমূহে ভাৰতৰ বিভিন্ন এলেকাত শক্তি আৰু ৰাজনৈতিক প্ৰতিষ্ঠা গঢ়িছিল।
২। হৰ্ষবর্ধন আৰু তেওঁৰ শাসনৰ বিষয়ে লিখা।
উত্তৰঃ হৰ্ষবর্ধন (শিলাদিত্য) আছিল থানেশ্বৰ ৰাজ্যৰ সম্ৰাট আৰু এজন শক্তিশালী শাসক। তেওঁ ধৰ্মনিৰপেক্ষ শাসক হিচাপে পৰিচিত আৰু সাহিত্য, ধৰ্ম, শিক্ষা আৰু যুদ্ধত প্ৰতিভাশালী আছিল। তেওঁৰ ৰাজধানী কনৌজ আছিল। হৰ্ষবর্ধনে বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষকতা আগবঢ়াইছিল আৰু কামৰূপৰ ৰজা ভাস্কৰবর্মণৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰাখিছিল।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

