SEBA Class 7 Social Science Important Chapter 8 উত্তৰ-পূব ভাৰত Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Important Chapter 8 উত্তৰ-পূব ভাৰত Solutions in Assamese and select need one. SEBA Class 7 Social Science Additional Solutions Download PDF. SEBA Class 7 Social Science Important Solutions Assamese Medium.
SEBA Class 7 Social Science Important Chapter 8 উত্তৰ-পূব ভাৰত
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Social Science Important Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Assamese Medium Class 7 Social Science Important Notes for All Chapters, You can practice these here.
উত্তৰ-পূব ভাৰত
Chapter: 8
| ভূগোল খণ্ড: আমাৰ পৃথিৱী |
| IMPORTANT QUESTION AND ANSWER |
১। উত্তৰ-পূব ভাৰতত বিস্ততি কিমান?
উত্তৰঃ পূবা-পশ্চিমাকৈ ব্যায় ৮৫০ কিল’মিটাৰ আৰু উত্তৰ-দক্ষিণকৈ প্ৰায় ৮৫০ কিল’মিটাৰ।
২। উত্তৰ-পূৰ্বাঞ্চলৰ বৰ্তমানৰ ৰাজ্যসমূহক একেলগে আগেয়ে কি নামেৰে জনা হৈছিল?
উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ বৰ্তমানৰ ৰাজ্যসমূহক একেলগে আগেয়ে অসম নামেৰে জনা হৈছিল।
৩। কিমান চনত মেঘালয় ৰাজ্য অসমৰ পৰা পৃতক হয়?
উত্তৰঃ ১৯৭২ চনত মেঘালয় ৰাজ্য অসমৰ পৰা পৃতক হয়।
৪। কিমান চনত নাগালেণ্ড ৰাজ্য অসমৰ পৰা পৃতক হয়?
উত্তৰঃ ১৯৬৩ চনত নাগালেণ্ড ৰাজ্য অসমৰ পৰা পৃতক হয়।
৫। কিমান চনত অৰুণাচল প্ৰদেশ অসমৰ পৰা পৃতক হয়?
উত্তৰঃ ১৯৬৩ চন। অৱশ্য ১৯৭২ চনতহে প্ৰদেশ হিচাপে স্বীকৃতি পায়।
৬। উত্তৰ পূৰ্বাঞ্চলটো কিমান অক্ষাংশৰ মাজত অৱস্থিত?
উত্তৰঃ ২০° উত্তৰ অক্ষাংশ আৰু ২৯° ৩০° উত্তৰ অক্ষাংশৰ মাজত।
৭। উত্তৰ পূৰ্বাঞ্চলটো কিমান দ্ৰাগীমাংশৰ পৰা মাজত অৱস্থিত?
উত্তৰঃ উক্ত অঞ্চলটো ৮৯° ৪৬ পূব দ্ৰাগীমাংশৰ পৰা ৯৭° ৩০ পূব দ্ৰাগীমাংশৰ ভিতৰত অৱস্থিত।
৮। উত্তৰ পূৰ্বাঞ্চলতটো ভৰতৰ লগত সংলগ্ন কৰা পশ্চিমবংগৰ ঠেক সমতল অংশৰ বহল কিমান?
উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলতটো ভৰতৰ লগত সংলগ্ন কৰা পশ্চিমবংগৰ ঠেক সমতল অংশৰ বহল প্ৰায় ৪০ কিল’মিটাৰ।
৯। অসমৰ মুঠ জিলা কেইখন?
উত্তৰঃ অসমৰ মুঠ জিলা ৩৫ খন।
১০। লোগটক হ্ৰদ কোনখন ৰাজ্যত আছে?
উত্তৰঃ লোগটক হ্ৰদ মণিপুৰ ৰাজ্যত আছে।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। উত্তৰ-পূব ভাৰত কাক বোলে? এই অঞ্চলৰ ভৌগোলিক বিস্তৃতি আৰু পৰিবেষ্টন উল্লেখ কৰা।
উত্তৰঃ উত্তৰ-পূব ভাৰত হৈছে ভাৰতৰ এখন বিশেষ অঞ্চল য’ত ৭খন ৰাজ্য — অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰা অন্তৰ্ভুক্ত। এই অঞ্চলটো উত্তৰত হিমালয়, পূব আৰু দক্ষিণত পাটকাই আৰু নাগা পাহাৰে আগুৰি আছে। ইয়াৰ মুঠ বিস্তৃতি প্ৰায় ২,৫৫,০৮৩ বৰ্গ কিমি আৰু উত্তৰ-দক্ষিণ, পূব-পশ্চিম দিশত প্ৰায় ৮৫০ কিমি বিস্তৃত।
২। উত্তৰ-পূব ভাৰতৰ ভূ-প্ৰাকৃতিক গঠন কিদৰে বিভক্ত? উদাহৰণসহ ব্যাখ্যা কৰা।
উত্তৰঃ এই অঞ্চলটো ভূ-প্ৰাকৃতিক দিশৰ পৰা তিনিটা অংশত বিভক্ত কৰা হৈছে।
(ক) মালভূমি অঞ্চল: মেঘালয় আৰু কাৰ্বি মালভূমি।
(খ) পৰ্বতৰীয়া অঞ্চল: হিমালয় পৰ্বতমালা আৰু অন্যান্য উচ্চ পাহাৰ।
(গ) সমভূমি অঞ্চল: ব্ৰহ্মপুত্ৰ, বৰাক, মণিপুৰ আৰু ত্ৰিপুৰাৰ সমভূমি।
এই গঠনভেদই অঞ্চলটোৰ জলবায়ু, কৃষি আৰু বসতিৰ ধৰণ প্ৰভাৱিত কৰে।
৩। উত্তৰ-পূব ভাৰতৰ নদ-নদীৰ ভূমিকা কি? অঞ্চলটোৰ উন্নয়নত এইবোৰে কেনেকৈ সহায় কৰে?
উত্তৰঃ ব্ৰহ্মপুত্ৰ, বৰাক, সোৱণশিৰি, ধনশিৰি আদি নদী উত্তৰ-পূব ভাৰতৰ মুখ্য নদী। এই নদীসমূহ কৃষি, জলসিঞ্চন, পানীয় জলা যোগান, আৰু পৰিবহণৰ বাবে গুৰুত্বপূৰ্ণ। নদীসমূহে এই অঞ্চলৰ প্ৰাকৃতিক উৰ্বৰতা আৰু জীৱন নিৰ্ভৰশীলতা সৃষ্টিৰ মাজেৰে অর্থনৈতিক উন্নয়নত সহায় কৰে।
৪। উত্তৰ-পূব ভাৰতৰ জলবায়ু কিদৰে কৃষিত প্ৰভাৱ পেলায়?
উত্তৰঃ এই অঞ্চলটো মৌচুমী বতাহৰ প্ৰভাৱত গৰম আৰু আর্দ্ৰ জলবায়ু লাভ কৰে। ফলস্বৰূপে বেছি পৰিমাণে বৰষুণ হয়, যিয়ে কৃষিৰ বাবে উপযোগী। অঞ্চলটোত খাৰিফ, ৰবি আৰু জায়দ শস্য উৎপাদিত হয়। যদিও বানপানী সমস্যা সৃষ্টি কৰে, তথাপিও উৰ্বৰ মাটিৰ বাবে কৃষি লোকসকলৰ মুখ্য জীৱিকা।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


