SEBA Class 7 Social Science Important Chapter 7 অসমৰ সম্পদ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Important Chapter 7 অসমৰ সম্পদ Solutions in Assamese and select need one. SEBA Class 7 Social Science Additional Solutions Download PDF. SEBA Class 7 Social Science Important Solutions Assamese Medium.
SEBA Class 7 Social Science Important Chapter 7 অসমৰ সম্পদ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Social Science Important Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Assamese Medium Class 7 Social Science Important Notes for All Chapters, You can practice these here.
অসমৰ সম্পদ
Chapter: 7
| ভূগোল খণ্ড: আমাৰ পৃথিৱী |
| IMPORTANT QUESTION AND ANSWER |
১। অসমৰ মুঠ মাটিকালিৰ কিমান শতাংশ অৰণ্য আছে?
উত্তৰঃ অসমৰ মুঠ মাটিকালিৰ ২০ দশমিক ৬ শতাংশ অৰণ্য আছে।
২। অসমৰ কেইবিধমান বিৰল প্ৰজাতিৰ প্ৰাণীৰ নাম লিখা।
উত্তৰঃ অসমৰ কেইবিধমান বিৰল প্ৰজাতিৰ প্ৰাণীৰ নাম হ’ল- দেওহাঁহ, সোণালী বান্দৰ, নল-গাহৰি, হলক গিবন ইত্যাদি।
৩। ভৰতৰ ভিতৰত কোনখন ৰাজ্য সৰ্বাধিক সংখ্যক প্ৰজাতিৰ চৰাইৰ আবাসভুমি?
উত্তৰঃ ভৰতৰ ভিতৰত অসম ৰাজ্য সৰ্বাধিক সংখ্যক প্ৰজাতিৰ চৰাইৰ আবাসভুমি।
৪। প্লাইউড কাৰখানা থকা অসমৰ দুখন ঠাইৰ নাম লিখা।
উত্তৰঃ প্লাইউড কাৰখানা থকা অসমৰ দুখন ঠাইৰ নাম হ’ল- মাকুম আৰু ডিফু।
৫। বনানী দবংসত অহিৰণা যোগোৱা এটি প্ৰাকৃতিক কাৰক উল্লেখ কৰা।
উত্তৰঃ বনানী দবংসত অহিৰণা যোগোৱা এটি প্ৰাকৃতিক কাৰক হ’ল- বানপানী।
৬। ভৰতৰ ভিতৰত প্ৰথমতে ক’ত খাৰুৱা তেলৰ সন্ধান ওলাইছিল?
উত্তৰঃ ভৰতৰ ভিতৰত প্ৰথমতে ডিগবৈত, ১৮৮৯ চনত খাৰুৱা তেলৰ সন্ধান ওলাইছিল।
৭। ONGC ৰ সম্পূৰ্ণ অৰ্থ কি?
উত্তৰঃ ONGC ৰ সম্পূৰ্ণ অৰ্থ হ’ল- Oil and Natural Gas Commission.
৮। Oil ৰ সম্পূৰ্ণ অৰ্থ কি?
উত্তৰঃ Oil ৰ সম্পূৰ্ণ অৰ্থ হ’ল- Oil India Limited.
৯। নিৰ্মাণৰ অৱস্থাত থকা গেছ ক্ৰেকাৰ উদ্যোগটো অসমৰ ক’ত আছে?
উত্তৰঃ নিৰ্মাণৰ অৱস্থাত থকা গেছ ক্ৰেকাৰ উদ্যোগটো অসমৰ ডিব্ৰুগড় জিলাৰ লেপেটকটাত আছে।
১০। চূণশিলৰ প্ৰাচুৰ্য থকা অসমৰ দুখন জিলাৰ নাম লিখা।
উত্তৰঃ চূণশিলৰ প্ৰাচুৰ্য থকা অসমৰ দুখন জিলাৰ নাম হ’ল- ডিমা-হাছাও, কাৰ্বি আংলং জিলা।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। অসমত বনজ সম্পদৰ প্ৰকাৰ আৰু ইয়াৰ অৰ্থনৈতিক গুৰুত্ব কি? উদাহৰণসহ লিখা।
উত্তৰঃ অসমত প্ৰায় ২০.৬% ভূমি বনাঞ্চলত আৱৃত। শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট আদি অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। বনজ সম্পদৰ ভিতৰত কাঠ আৰু বাঁহ গুৰুত্বপূৰ্ণ, যিয়ে ৰাজ্যৰ অৰ্থনীতিৰ ভিত শক্ত কৰে। হাতী, বাঘ, হৰিণ, বান্দৰ আদি বন্যপ্ৰাণী ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যত সংৰক্ষিত।
২। অসমৰ খনিজ সম্পদৰ প্ৰকাৰ আৰু অঞ্চলভিত্তিক বিস্তাৰৰ বৰ্ণনা দিয়া।
উত্তৰঃ অসমত বিভিন্ন খনিজ সম্পদ পোৱা যায়, যেনে— কয়লা, খাৰুৱা তেল, প্ৰাকৃতিক গেছ, চুণশিল। খাৰুৱা তেল ডিগবৈ, নাহৰকটীয়া আৰু মৰাণত, কয়লা পাহাৰীয়া অঞ্চলত পোৱা যায়। এই খনিজ সম্পদসমূহে অসমৰ উদ্যোগ আৰু অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
৩। অসম এখন নদীমাতৃক ৰাজ্য বুলি কিয় কোৱা হয়? নদীৰ ভূমিকা উল্লেখ কৰা।
উত্তৰঃ অসম এখন নদীমাতৃক ৰাজ্য, কিয়নো ইয়াত ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী আছে। এই নদীসমূহে কৃষি, জলসিঞ্চন, আৰু পৰিবহণত সহায় কৰে। লগতে জলবিদ্যুৎ উৎপাদনৰ যথেষ্ট সম্ভাৱনাও আছে, যিয়ে ৰাজ্যখনৰ উন্নয়নক তীব্ৰ গতি প্ৰদান কৰে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


