SEBA Class 7 Social Science Important Chapter 6 মানৱ সৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Important Chapter 6 মানৱ সৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ Solutions in Assamese and select need one. SEBA Class 7 Social Science Additional Solutions Download PDF. SEBA Class 7 Social Science Important Solutions Assamese Medium.
SEBA Class 7 Social Science Important Chapter 6 মানৱ সৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Social Science Important Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Assamese Medium Class 7 Social Science Important Notes for All Chapters, You can practice these here.
মানৱ সৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ
Chapter: 6
| ভূগোল খণ্ড: আমাৰ পৃথিৱী |
| IMPORTANT QUESTION AND ANSWER |
১। অসমৰ জনসংখ্যা বিতৰণত ভূ-প্ৰকৃতি কেনেকৈ প্ৰভাৱ পেলায়?
উত্তৰঃ অসমত নদী উপত্যকা অঞ্চলত সমভূমি আৰু উন্নত যাতায়াত ব্যৱস্থাৰ বাবে জনসংখ্যা ঘন। আনহাতে, পাহাৰীয়া অঞ্চলত যাতায়াত আৰু উদ্যোগৰ সুবিধা কম হোৱাৰ ফলত জনবসতি পাতল। সেয়ে ভূ-প্ৰকৃতিৰ ওপৰত জনবসতিৰ পৰিমাণ নিৰ্ভৰ কৰে।
২। মানৱ সম্পদ উন্নয়নৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা দুটা লক্ষ্য উল্লেখ কৰা।
উত্তৰঃ (ক) দেশৰ জনসংখ্য বৃদ্ধিৰ হাৰ হ্ৰাসকৰণ।
(খ) মুঠ ৰাষ্ট্ৰীয় আয় বৃদ্ধিকৰণ।
৩। দেশৰ মানৱ সম্পদ উন্নয়নত অৰিহণা যোগোৱা কেইটামান কল্যাণকামী অনুষ্ঠান-প্ৰতিষ্ঠানৰ নাম লিখা।
উত্তৰঃ উত্তৰ পূব পৰিষদ বেংক, পূব উন্নয়ন বিত্তীয় নিগম, আত্ম সহায়ক গোট আদি।
৪। পৃথিৱীৰ ঘন বসতিপূৰ্ণ তিনিটা নদী উপত্যকাৰ নাম লিখা।
উত্তৰঃ (ক) ভৰতৰ সিন্ধু-গংগা- ব্ৰহ্মপুত্ৰ উপত্যকা।
(খ) ইউৰোপৰ ৰাইন, এলব ডানিযুৱ।
(গ) আমেৰিকাৰ মিছিছিপি নদী উপত্যকা।
৫। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মানুহৰ প্ৰধান জীৱিকা কি?
উত্তৰঃ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মানুহৰ প্ৰধান জীৱিকা হ’ল- কৃষি।
৬। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাটি কেনেকুৱা?
উত্তৰঃ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাটি পলসুৱা।
৭। অসমৰ কৃষিয়ে এতিয়াও বাণিজ্যিক ভিত্তিৰ গঢ় লৈ নুঠাৰ কাৰণ কি?
উত্তৰঃ অসমৰ কৃষি ব্যৱস্থা ঘাইকৈ জনমূৰি সীমিত মাটি, বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰশিলতা, পৰম্পৰাগত কৃষি প্ৰণালী আৰু বানপানীৰ প্ৰভাৱ আদিৰ কাৰণত এতিয়াও সকলোতে কৃষিয়ে বাণিজ্যিক ভিত্তিত গঢ় লৈ উঠা নাই।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। মানৱ সৃষ্ট পৰিৱেশ বুলিলে কি বুজা যায়? তাৰ উপাদানসমূহৰ বিৱৰণ দিয়া।
উত্তৰঃ মানৱ সৃষ্ট পৰিৱেশ বুলিলে মানুহে নিজৰ জ্ঞান, বুদ্ধি আৰু কাৰিকৰী কৌশলেৰে প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰি গঢ়ি তোলা পৰিৱেশক বুজায়। এই পৰিৱেশত ঘৰ-দুৱাৰ, পথঘাট, দলং, উদ্যোগ, বিদ্যালয়, ৰাজনৈতিক কাম-কাজ, ধৰ্মীয় আচৰণ আদিৰে গঠিত। এই উপাদানসমূহে সমাজৰ উন্নতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
২। মানৱ সম্পদ বুলিলে কি বুজা যায়? মানৱ সম্পদ সমাজৰ বাবে কিয় মূল্যৱান?
উত্তৰঃ মানৱ সম্পদ হৈছে সেই ব্যক্তিসকল যিসকলে শাৰীৰিক আৰু মানসিকভাৱে সমাজৰ উৎপাদনশীল কামত অংশ লৈ সমাজক লাভৱান কৰে। যেনে— শিল্পী, খেলুৱৈ, সাহিত্যিক, বিজ্ঞানী। মানুহে নিজৰ জ্ঞান আৰু কৌশলৰ জৰিয়তে অন্য সকলো সম্পদৰ তুলনাত নিজকে উৎকৃষ্ট সম্পদ ৰূপে গঢ়ি তোলে।
৩। মানৱ সম্পদ বিকাশত শিক্ষা, স্বাস্থ্য, বাসস্থান, খাদ্য আৰু কর্মসংস্থাপন কেনেকৈ সহায় কৰে?
উত্তৰঃ মানৱ সম্পদৰ বিকাশৰ বাবে শিক্ষা, স্বাস্থ্য, বাসস্থান, খাদ্য আৰু চাকৰি বিশেষ ভূমিকা পালন কৰে। শিক্ষা মানুহক দক্ষ আৰু যোগ্য কৰায়, স্বাস্থ্য সুস্থ জীৱন নিশ্চিত কৰে, বাসস্থান আৰু খাদ্য মৌলিক প্ৰয়োজন পূৰণ কৰে, আৰু কৰ্মসংস্থাপনে উপাৰ্জনৰ সুযোগ দিয়ে। এইবোৰে মানৱ সম্পদ শক্তিশালী কৰি তোলে।
৪। মানৱ সম্পদৰ উন্নয়নৰ কাৰণে কোনবোৰ অৰ্থ-সামাজিক দিশত গুৰুত্ব প্ৰধান কৰিব লাগে, উল্লেখ কৰা।
উত্তৰঃ (ক) দেশৰ বৰ্ধিত জনসংখ্যাক উৎপাদনমুখী কামৰ বাবে যোগ্য কৰি তোলা।
(খ) নাগৰিকৰ বাবে সুষম আহাৰৰ ব্যবস্থা কৰা।
(গ) স্বাস্ত্যসন্মাত বাসস্থানৰ ব্যৱস্থা কৰা।
(ঘ) গুণগত শিক্ষাৰ ব্যবস্থা কৰা।
(ঙ) কৰ্ম সংস্থানৰ সুবিধা দিয়া।
৫। অসমত কৃষি আৰু বানপানীৰ সমস্যাৰ সৈতে সহাৱস্থানে কেনেকৈ সমন্বয় সাধন কৰিব পাৰি?
উত্তৰঃ অসমত মৌচুমী জলবায়ু আৰু উৰ্বৰ পলসুৱা মাটিৰ বাবে কৃষি উপযোগী। শস্য খাৰিফ, ৰবি আৰু জায়দ ভাগত বিভক্ত। বানপানী এক প্ৰাকৃতিক সমস্যা হ’লেও সজাগতা, ওখ স্থানত ঘৰ, খাদ্য-ঔষধ মজুত ৰখা, আৰু নাওৰ ব্যৱস্থা ৰখাৰ দৰে পদক্ষেপ গ্ৰহণ কৰি সহাৱস্থানৰ জৰিয়তে ক্ষয়ক্ষতি হ্ৰাস কৰিব পাৰি।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


