SEBA Class 7 Social Science Important Chapter 5 সম্পদ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Important Chapter 5 সম্পদ Solutions in Assamese and select need one. SEBA Class 7 Social Science Additional Solutions Download PDF. SEBA Class 7 Social Science Important Solutions Assamese Medium.
SEBA Class 7 Social Science Important Chapter 5 সম্পদ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Social Science Important Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Assamese Medium Class 7 Social Science Important Notes for All Chapters, You can practice these here.
সম্পদ
Chapter: 5
| ভূগোল খণ্ড: আমাৰ পৃথিৱী |
| IMPORTANT QUESTION AND ANSWER |
১। প্ৰাকৃতিক সম্পদ কাক বোলে?
উত্তৰঃ যিবোৰ সামগ্ৰী বা বস্তু প্ৰকৃতিৰ পৰা আহৰণ কৰা হয়, সেয়াই প্ৰাকৃতিক সম্পদ।
২। প্ৰাকৃতিক সম্পদৰ প্ৰধান ভাগ দুটা কি কি?
উত্তৰঃ প্ৰাকৃতিক সম্পদৰ প্ৰধান ভাগ দুটা হ’ল–
(ক) অক্ষয় সম্পদ,
(খ) ক্ষয়িষ্ণু সম্পদ।
৩। অক্ষয় সম্পদ কি?
উত্তৰঃ যিবোৰ সম্পদ ব্যবহাৰ কৰিও শেষ কৰিব নোৱাৰি তেনেবোৰ সম্পদক অক্ষয় সম্পদ বোলে। যেনে: বৰষুণ, বায়ুশক্তি, শৌৰ শক্তি ইত্যাদি।
৪। ক্ষয়িষ্ণু সম্পদৰ কি?
উত্তৰঃ যিবোৰ সম্পদ পুনৰ সৃষ্টি হোৱাৰ পৰিমাণতকৈ অধিক ব্যবহাৰ কৰিলে শেষ হ’ব পাৰে বা যিবোৰ সম্পদ পুনৰ সৃষ্টি নহয় বা প্ৰকৃতিয়েও পুনৰ উৎপাদন নকৰে, তেনে সম্পদক ক্ষয়িষ্ণু সম্পদ বোলে। যেনে– খনিজ পদাৰ্থ, জীৱাশ্ম ইন্ধন ইত্যাদি।
৫। ক্ষয়িষ্ণু সম্পদৰ আৰু অজৈৱিক সম্পদ কাক বোলে?
উত্তৰঃ ক্ষয়িষ্ণু সম্পদৰ প্ৰধান ভাগ দুটা–
(ক) নবীকৰণক্ষম সম্পদ। আৰু
(খ) অ-নবীকৰণক্ষম সম্পদ।
৬। জৈৱিক সম্পদ আৰু অজৈৱিক সম্পদ কাক বোলে?
উত্তৰঃ জৈৱিক সম্পদ: জীৱ জগতৰ পৰা আমি যি সম্পদ আহৰণ কৰোঁ। সেয়াই জৈৱিক সম্পদ। যেনে- শস্য, ফল-মূল ইত্যাদি।
অজৈৱিক সম্পদ: জীৱনহীন সম্পদসমূহক অজৈৱিক সম্পদ বোলে। যেনে– শিল, মাটি ইত্যাদি।
৭। কেনে পৰিস্থিতিত নবীকৰণক্ষম সম্পদ অনবীকৰণক্ষম সম্পদ হ’ব পাৰে?
উত্তৰঃ যদি নবীকৰণক্ষম সম্পদ পুনৰ সৃষ্টি হোৱাৰ পৰিমাণতকৈ অধিক হাৰত ব্যৱহাৰ কৰা হয়, তেন্তে নবীকৰণক্ষম সম্পদসমূহো অনবীকৰণক্ষম হ’ব পাৰে।
৮। পৃথিৱীৰ মুঠ জলভাগৰ শতাংশ পানী লুণীয়া?
উত্তৰঃপৃথিৱীৰ মুঠ জলভাগৰ ৯৭ শতাংশ পানী লুণীয়া।
৯। ভুমি সংৰক্ষনৰ বাবে কেইটামান পৰামৰ্শ দিয়া।
উত্তৰঃ ভুমি সংৰক্ষনৰ বাবে কেইটামান পৰামৰ্শ তলত দিয়া হ’ল-
(ক) ঘাঁহ, মাহজাতীয় আদি ভূমিক্ষয় প্ৰতিৰোধী উদ্ভিদ ৰোপন কৰা।
(খ) এঢলীয়া ঠাইত খাজ কাটি ভূমি ক্ষয় ৰোধ কৰা।
(গ) প্ৰাকৃতিকভাৱে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাৰ জৰিয়তে প্ৰয়োজনীয় খাদ্যশস্য উৎপাদন কৰা।
১০। শক্তি সংৰক্ষণৰবাবে কেইটামান পৰামৰ্শ দিয়া?
উত্তৰঃ (ক) শক্তি আহৰণত ইন্ধনৰ অপব্যায় নকৰা।
(খ) উত্তম, কৰ্মক্ষম ইন্ধন ব্যৱহাৰ কৰা।
(গ) যথাসম্ভৱ কম পৰিমাণে জীৱাশ্ম ইন্ধন ব্যৱ্হাৰ কৰা।
(ঘ) সৌৰ শক্তি, পৰমাণু শক্তি আদি বৈকল্পিক শক্তি সমপদক দৈনন্দিন প্ৰয়োজনীয় শক্তি হিছাপে ব্যৱহাৰ কৰা।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। সম্পদ বুলিলে কি বুজা যায়? সম্পদৰ প্ৰধান বৈশিষ্ট্যবোৰ উল্লেখ কৰা।
উত্তৰঃ সম্পদ বুলিলে তেনে বস্তু বা সামগ্রী বুজোৱা হয় যিবোৰে মানুহৰ দৈনন্দিন প্ৰয়োজন পূৰণ কৰে। সকলো বস্তু সম্পদ নহয়, কেৱল যিবোৰ ব্যৱহাৰৰ উপযোগী আৰু প্ৰয়োজন পূৰাব পৰা যায়, সেইবোৰহে সম্পদ।
সম্পদৰ বৈশিষ্ট্য হ’ল— ব্যৱহাৰযোগ্যতা, উপযোগিতা, আৰু প্ৰয়োজনীয়তা।
২। সম্পদ কিমান প্ৰকাৰৰ? প্রত্যেক প্ৰকাৰৰ সম্পদৰ সংক্ষিপ্ত বিৱৰণ দিয়া।
উত্তৰঃ সম্পদ প্ৰধানকৈ তিনি প্ৰকাৰৰ–
(ক) প্ৰাকৃতিক সম্পদ: প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদ (যেনে— বায়ু, পানী, মাটি, খনিজ)।
(খ) মানৱ সম্পদ: মানুহৰ জ্ঞান, দক্ষতা, স্বাস্থ্য, বুদ্ধিমত্তা।
(গ) মানৱসৃষ্ট সম্পদ: মানুহে সৃষ্টি কৰা বস্তু (যেনে— যন্ত্ৰপাতি, বিল্ডিং, যানবাহন)।
এই তিনিও প্ৰকাৰৰ সম্পদ সমাজ আৰু দেশৰ উন্নয়নত বিশেষ ভূমিকা পালন কৰে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


