SEBA Class 3 Environment Chapter 1 আমাৰ পৰিয়াল Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 3 Environment Chapter 1 আমাৰ পৰিয়াল Solutions and select need one. SEBA Class 3 Environmental Studies Question Answers Download PDF. SCERT Class 3 Environment Solutions.
SEBA Class 3 Environment Chapter 1 আমাৰ পৰিয়াল
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 3 Environment Textbook Solutions are part of All Subject Solutions. Here we have given SEBA Class 3 Environment Question Answer for All Chapters, You can practice these here.
আমাৰ পৰিয়াল
Chapter: 1
ছবি চাই কওঁ আহা-
1. অৰূপহঁতৰ পৰিয়ালত কোন কোন আছে?
উত্তৰঃ অৰূপহঁতৰ পৰিয়ালত মাক-দেউতাক আৰু ভনীয়েক নমিতা আছে।
2. ছবিখনত দেখা মতে অৰূপৰ মাক-দেউতাকে কি কৰি আছে?
উত্তৰঃ ছবিখনত দেখা মতে অৰূপৰ মাকে ফুলৰ পুলি ৰুই আছে আৰু ঘৰৰ আগৰ বাগিচাটো পৰিস্কাৰ কৰি ৰাখিছে। দেউতাই গছত পৰা ফলবোৰ উঠাই লইছে আৰু বাগিচাখন পৰিপাটি কৰি ৰাখিছে।
3. মাকৰ কামত কোনে সহায় কৰিছে?
উত্তৰঃ মাকৰ কামত অৰূপে সহায় কৰিছে।
লিখোঁ আহা-
1. নয়নাহঁতৰ পৰিয়ালত কোন কোন সদস্য আছে?
উত্তৰঃ নয়নাহঁতৰ ঘৰত তাইৰ মাক-দেউতাক আৰু ককায়েক চন্দন থাকে।
2. অৰূপ আৰু নয়নাহঁতৰ পৰিয়াল দুটাৰ কোনটো একক আৰু কোনটো যৌথ পৰিয়াল?
উত্তৰঃ অৰূপে মাক-দেউতাক আৰু ভনীয়েক নমিতাৰ সৈতে থাকে। অৰূপহঁতৰ পৰিয়ালটো হৈছে একক পৰিয়াল আৰু নয়নাহঁতৰ পৰিয়ালটো হৈছে যৌথ পৰিয়াল।
লিখোঁ আহা-
1. তোমালোকে ঘৰত ব্যৱহাৰ কৰা বিভিন্ন বাচন-বৰ্তনৰ নাম লিখা।
উত্তৰঃ ঘৰত আমি বিভিন্ন ধৰণৰ বাচন-বৰ্তন ব্যৱহাৰ কৰোঁ। যেনে- বাটি , কেৰাহী, সঁৰাই, গিলাচ, কাঁহী, ডেকচি, ঘটি ইত্যাদি।
কও আহা-
1. অমল, বিমল, সুমল- তিনিও বন্ধু এটা ভাড়াঘৰত থাকে। এওঁলোকক এটি পৰিয়াল বুলিব. পাৰিনে?
উত্তৰঃ নহয়। এওঁলোক বন্ধু যদিও একেলগে থাকে, কিন্তু সিহঁত পৰস্পৰ আত্মীয় নহয়।
এওঁলোকক পৰিয়াল বুলি কোৱা নহয়।
2. বয়স বঢ়াৰ লগে লগে বয়োজ্যেষ্ঠ লোকসকলৰ বহুতো শাৰীৰিক সমস্যাই দেখা দিয়ে, যেনে-খোজ লেহেম হয়, শুনা আৰু দেখাত অসুবিধা পায়। এই সময়ছোৱাত তেওঁলোকক কেনেধৰণে সহায় কৰিব পাৰি?
উত্তৰঃ বয়স বঢ়াৰ পিছত বয়োজ্যেষ্ঠলোকৰ খোজ লেহেম হয়, শুনা-দেখাতো অসুবিধা হয়।
এইসময়ত তেওঁলোকক- হাত ধৰি চলিবলৈ সহায়, বহিব-উঠিবতে সাহায্য, ঔষধ খুৱাই দিয়া, প্ৰয়োজনীয় কামবোৰত সহায়, আৰু আদৰ-সম্মান আৰু যতন আগবঢ়াব লাগিব।
ক্রিয়া-কলাপ ১
1. তোমালোকৰ পৰিয়ালৰ সদস্যসকলে কি কি কামত ইজনে সিজনক সহায় কৰা তাৰ এখন তালিকা প্রস্তুত কৰা।
উত্তৰঃ ছাত্র ছাত্ৰী নিজে কৰা।
ক্রিয়া ক্রিয়া-কলাপ ২
1. তলৰ ছবিবোৰ চাই নয়নাৰ সৈতে থকা পৰিয়ালৰ সকলো সদস্যৰ সম্পৰ্কবোৰ লিখা-

উত্তৰঃ ছাত্র ছাত্ৰী নিজে কৰা।
ক্রিয়া-কলাপ ৩
1. তোমালোকে পিন্ধা আৰু মা-দেউতা, ককা-আইতাহঁতে পিন্ধা সাজ-পাৰবোৰৰ নাম তলৰ তালিকাখনত লিখা-
| তোমালোকে পিন্ধা | মা-দেউতা, ককা-আইতাহঁতে পিন্ধা |
উত্তৰঃ
| তোমালোকে পিন্ধা | মা-দেউতা, ককা-আইতাহঁতে পিন্ধা |
| ফ্ৰক, পেণ্ট-চাৰ্ট | মেখেলা-চাদৰ, ধুতি গামোচা |
| স্কুল ইউনিফৰ্ম | শাৰী – ব্লাউজ, কোর্ট |
| টি-চাৰ্ট, পেণ্ট | চুৰিদাৰ, লুঙি |
ক্রিয়া-কলাপ ৪
1. পৰিয়ালৰ লোকসকলৰ মাজত থকা সম্পৰ্কবোৰ জানি লৈ লিখা-(শিক্ষকে সহায় কৰিব)
দেউতাৰ মাক-
মাৰ মাক-
মাৰ দেউতাক–
দেউতাৰ ভনীয়েক-
মাৰ ভনীয়েক-
দেউতাৰ ভায়েক-
মাৰ ভায়েক-
উত্তৰঃ
| দেউতাৰ মাক | আইতা |
| মাৰ মাক | আইতা |
| মাৰ দেউতাক | ককা |
| দেউতাৰ ভনীয়েক | পেহী |
| মাৰ ভনীয়েক | মাহী |
| দেউতাৰ ভায়েক | খুড়া |
| মাৰ ভায়েক | মামা |
অনুশীলনী
১। চমু উত্তৰ দিয়া –
(ক) পৰিয়াল কাক বোলে?
উত্তৰঃ একেলগে থাকি একে ঘৰখনত জীৱন কাটোৱা মাক, দেউতা, সন্তান আৰু আন আত্মীয় লোকৰ সমষ্টিক পৰিয়াল বোলে।
(খ) একক পৰিয়ালত কোন কোন সদস্য থাকে?
উত্তৰঃ মাক-দেউতাক আৰু তেওঁলোকৰ ল’ৰা-ছোৱালী একেলগে থকা পৰিয়ালক একক পৰিয়াল বোলে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

