SEBA Class 10 Social Science Important Chapter 13 অৰ্থনৈতিক উন্নয়ন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Social Science Important Chapter 13 অৰ্থনৈতিক উন্নয়ন Solutions in Assamese and select need one. Class 10 Social Science Additional Solutions Assamese Medium Download PDF. Important Solutions For Class 10 Social Science in Assamese.
SEBA Class 10 Social Science Important Chapter 13 অৰ্থনৈতিক উন্নয়ন
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Social Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given SEBA Class 10th Social Science Important Solutions in Assamese for All Chapters, You can practice these here.
অৰ্থনৈতিক উন্নয়ন
Chapter: 13
| তৃতীয় খণ্ড: অর্থনীতি বিজ্ঞান |
| IMPORTANT QUESTION AND ANSWER |
১। কোন সংস্থাই পৃথিৱীৰ মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ কৰে?
উত্তৰঃ UNDP (United Nations Development Programme) নামৰ সংস্থাই পৃথিৱীৰ মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ কৰে।
২। অৰ্থনৈতিক পৰিকল্পনাৰ এটা প্ৰধান প্ৰয়োজনীয়তা উল্লেখ কৰা।
উত্তৰঃ লিংগ বৈষম্য, আঞ্চলিক বৈষম্য, দৰিদ্ৰতা আদি দূৰ কৰাৰ বাবে অৰ্থনৈতিক পৰিকল্পনাৰ প্রয়োজন।
৩। মানৱ উন্নয়ন সূচকাংক গণনাত কোনবোৰে সূচক ব্যৱহাৰ কৰা হয়?
উত্তৰঃ (ক) প্ৰত্যাশিত আয়ুস।
(খ) শিক্ষা।
(গ) জীৱন ধাৰণাৰ মানদণ্ড।
৪। অসমৰ দ্বাদশ পঞ্চবার্ষিক পৰিকল্পনাৰ এটা প্রধান লক্ষ্য উল্লেখ কৰা।
উত্তৰঃ দৰিদ্ৰতা আৰু অর্থনৈতিক বৈষম্য হ্রাস কৰাৰ বাবে বিভিন্ন আঁচনি গ্রহণ কৰা।
৫। অর্থনৈতিক বিকাশ আৰু অর্থনৈতিক উন্নয়নৰ এটা পার্থক্য লিখা।
উত্তৰঃ অর্থনৈতিক বিকাশ হ’লেই অর্থনৈতিক উন্নয়ন হৈছে বুলি ক’ব নোৱাৰি কিন্তু অর্থনৈতিক উন্নয়ন হ’ব লাগিলে অর্থনৈতিক বিকাশ হ’ব লাগিব।
৬। নিটি (NITI) আয়োগৰ সদস্যসকল কোন কোন?
উত্তৰঃ এজন অধ্যক্ষ, এজন উপাধ্যক্ষ, ৰাজ্যসমূহৰ মুখ্যমন্ত্রীসকল আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ উপ- ৰাজ্যপালসকল, ৪ গৰাকী কেন্দ্রীয় মন্ত্রী, মুখ্য কার্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল।
৭। ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত উদাৰীকৰণে কিদৰে প্ৰভাৱ পেলাইছে?
উত্তৰঃ ১৯৯১ চনৰ পূৰ্বে বিত্তীয়খণ্ড, বৈদেশিক মুদ্ৰাৰ আহৰণ আৰু ব্যৱহাৰ, বাণিজ্য আৰু বিনিয়োগ খণ্ডত ৰাষ্ট্ৰই এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। অর্থনৈতিক সংস্কাৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰে পৰা সুৰা, চিগাৰেট, বিপদমুক্ত ৰাসায়নিক দ্রব্য, ঔষধ আদি কেইবিধমান দ্রব্যৰ বাহিৰে বাকীবোৰৰ ক্ষেত্ৰত নিয়ন্ত্রণ তুলি দিয়া হ’ল।
৮। গণতান্ত্রিক পৰিকল্পনাৰ এটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃগণতান্ত্রিক পৰিকল্পনাৰ যুগুতকৰণত ৰাইজৰ প্রতিনিধিসকল একেবাৰে নিম্ন পৰ্যায়ৰ পৰা জড়িত হৈ থাকে।
৯। অর্থনৈতিক পৰিকল্পনা কাক বোলে?
উত্তৰঃ নির্ধাবিত এছোৱা সময়ৰ ভিতৰত কেতবোৰ সুনির্দিষ্ট লক্ষ্যত উপনীত হোৱা উদ্দেশ্যে এক কেন্দ্ৰীয় কর্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণ আৰু দিগদর্শনেই হ’ল অর্থনৈতিক পৰিকল্পনা।
১০। মানৰ উন্নয়নৰ লক্ষ্য কি?
উত্তৰঃ মানৱ উন্নয়নৰ লক্ষ্য হৈছে মানুহৰ সামুহিক, সামাজিক, অর্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক বিকাশৰ মাজেদি মানুহৰ জীৱন ধাৰণৰ মাননণ্ড উন্নত কৰা।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। অর্থনৈতিক বিকাশ আৰু অর্থনৈতিক উন্নয়নৰ মাজত পাৰ্থক্য বৰ্ণনা কৰা।
উত্তৰঃ অর্থনৈতিক বিকাশ অৰ্থ হৈছে কোনো দেশৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি। এই বিকাশ মূলতঃ সংখ্যাগত অৰ্থাৎ উৎপাদনৰ পৰিমাণ বা ধনৰ মুঠ পৰিমাণত বৃদ্ধি ঘটে। আনহাতে, অর্থনৈতিক উন্নয়ন হৈছে এনে এক প্ৰক্ৰিয়া, য’ত কেৱল আয় বৃদ্ধি নহয়, সমাজৰ সকলো শ্ৰেণীৰ লোকৰ স্বাস্থ্য, শিক্ষা, জীৱনযাত্ৰাৰ মান, সামাজিক ন্যায় আদিতো উন্নতি ঘটে।
অর্থনৈতিক বিকাশ হ’ব পাৰে, কিন্তু তাৰ সুফল যদি মাত্ৰ ধনী শ্ৰেণীৰ হাততেই সীমাবদ্ধ থাকে, তেন্তে তাক উন্নয়ন বুলি ক’ব নোৱাৰি। উন্নয়ন বুলিব পৰা যায় যেতিয়া ৰাইজৰ আয় সুষ্ঠুভাৱে বণ্টন হয় আৰু সকলো শ্ৰেণীৰ লোকেই তাৰ সুফল ভোগ কৰে।
সেয়েহে ক’ব পাৰি, অর্থনৈতিক বিকাশ হ’ল উন্নয়নৰ অংশ, কিন্তু বিকাশ হ’লেই উন্নয়ন হৈছে বুলি ক’ব নোৱাৰি। উন্নয়নৰ বাবে বিকাশৰ লগতে আয় বিতৰণ, সামাজিক সুযোগ আৰু পৰিৱেশগত টেকসইতাৰো প্ৰয়োজন।
২। মানৱ উন্নয়ন সূচক (HDI) কি? ইয়াৰ উপাদানসমূহ লিখা।
উত্তৰঃ মানৱ উন্নয়ন সূচক (HDI) হৈছে এনে এটা সূচক, যাৰ জৰিয়তে কোনো দেশৰ মানৱ সম্পদৰ উন্নয়নৰ স্তৰ মাপি পোৱা যায়। এই সূচক ১৯৯০ চনত ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (UNDP)-এ প্ৰথমবাৰ বাবে প্ৰচলন কৰে।
HDI-ৰ মূল তিনিটা উপাদান হ’ল-
(i) প্ৰত্যাশিত আয়ুস (Life Expectancy at Birth): এটি শিশুৰ জন্মৰ সময়ত আশা কৰা আয়ুস।
(ii) শিক্ষা (Education Index): প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষা সম্পন্ন কৰাৰ অনুপাতৰ ওপৰত আধাৰিত।
(iii) জনমূৰি আয় (Per Capita Income): এটা দেশৰ ৰাইজৰ মুঠ আয়ৰ ওপৰত ভিত্তি কৰি প্ৰতি ব্যক্তিৰ গড় আয়।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.




