SEBA Class 10 Social Science Important Chapter 12 মুদ্ৰা আৰু বেংকব্যৱস্থা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Social Science Important Chapter 12 মুদ্ৰা আৰু বেংকব্যৱস্থা Solutions in Assamese and select need one. Class 10 Social Science Additional Solutions Assamese Medium Download PDF. Important Solutions For Class 10 Social Science in Assamese.
SEBA Class 10 Social Science Important Chapter 12 মুদ্ৰা আৰু বেংকব্যৱস্থা
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Social Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given SEBA Class 10th Social Science Important Solutions in Assamese for All Chapters, You can practice these here.
মুদ্ৰা আৰু বেংকব্যৱস্থা
Chapter: 12
| তৃতীয় খণ্ড: অর্থনীতি বিজ্ঞান |
| IMPORTANT QUESTION AND ANSWER |
১। বেংক কি?
উত্তৰঃ বেংক হৈছে এবিধ বিত্তীয় অনুষ্ঠান যি ঋণৰ ব্যৱসায় কৰে।
২। বেংকৰ এটা প্ৰধান ভূমিকা লিখা?
উত্তৰঃ বেংকে দেশৰ অৰ্থনৈতিক নিয়ন্ত্ৰণ কৰা।
৩। বিনিময় প্ৰথাৰ এটা অসুবিধা লিখা?
উত্তৰঃ বিনিময় প্ৰথাত সকলোবোৰ সামগ্ৰী সৰু সৰু অংশলৈ ভাগ কৰিব নোৱাৰি। এনেবোৰ সামগ্ৰীয়ে বিনিময় প্ৰথাত আহুকালৰ সৃষ্টি কৰে।
৪। নাবাৰ্ড কি?
উত্তৰঃ নাবাৰ্ড হৈছে এটা বেংক।
৫। ‘IDBI’ কি?
উত্তৰঃ IDBI বা Industrial Development Bank of India হ’ল— ভাৰতবৰ্ষৰ ঔদ্যোগিক খণ্ডৰ বিকাশ সাধনাৰ লগত জড়িত এক প্ৰতিষ্ঠান।
৬। কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংকে সম্পাদন কৰা এটা মূল কাৰ্য লিখা।
উত্তৰঃ ঋণ প্ৰধান প্ৰক্ৰিয়া, আঁচনিৰ পুনৰীক্ষণ আৰু পৰ্যালোচনা, প্ৰশিক্ষণ আদিৰ সুদৃঢ়কৰণকল্পে নাবাৰ্ডে ব্যৱস্থা গ্ৰহণ কৰে।
৭। ‘IDBI’ ৰ এটা মুখ্য কাৰ্য লিখা।
উত্তৰঃ এই বেংকে ঔদ্যোগিক প্ৰতিষ্ঠানসমূহলৈ বিত্তীয় সাহাৰ্য প্ৰধান কৰে।
৮। ‘IDBI’ কেতিয়া স্থাপিত হৈছিল?
উত্তৰঃ ‘IDBI’ ১৯৬৪ চনত স্থাপিত হৈছিল।
৯। বিনিময় কি?
উত্তৰঃ সামগ্ৰীৰ সলনি সামগ্ৰীৰ প্ৰত্যেক্ষ বিনিময়েই হ’ল বিনিময় প্ৰথা।
১০। মুদ্ৰাৰ লগত সংযোজিত হৈ থকা এটা অসুবিধা লিখা।
উত্তৰঃ মুদ্রাৰ প্রতি থকা দুর্বলতাই সামাজিক মূল্যবোধ অৱক্ষয়ৰ কাৰণ হ’ব পাৰে। দুর্নীতি, অনিয়ম, অবিচাৰৰ গুৰিতেই মুদ্রা বুলি ক’লে অত্যুক্তি কৰা নহ’ব।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। বিনিময় প্রথা কি?
উত্তৰঃ বিনিময় প্ৰথা হৈছে এনে এখন অৰ্থনৈতিক ব্যৱস্থা, য’ত সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ সৰাসৰি আদান-প্ৰদান কৰা হয়। এই প্ৰথাত কোনো ধন বা মুদ্ৰাৰ ব্যৱহাৰ নোহোৱা কাৰণে মানুহে নিজৰ প্ৰয়োজনীয় বস্তু পোৱাৰ বাবে নিজৰ উৎপাদিত সামগ্ৰীৰ বিনিময়ত আন এজনৰ পৰা প্ৰয়োজনীয় সামগ্ৰী ল’ব লাগিছিল।
বিনিময় প্ৰথাৰ মূল ভিত্তি আছিল আত্মনিৰ্ভৰশীলতাৰ অভাৱ। কোনো ব্যক্তি বা দেশেই সকলো প্ৰয়োজনীয় বস্তু নিজে উৎপাদন কৰিব নোৱাৰে, আৰু সেই বাবে পৰস্পৰ নিৰ্ভৰশীলতা বাধ্যতামূলক হৈ পৰে। উদাহৰণস্বৰূপে, যদি ব্যক্তি ‘ক’ ধান উৎপাদন কৰে আৰু কুঁহিয়াৰৰ অভাৱত আছে, আৰু আনহাতে ব্যক্তি ‘খ’ কুঁহিয়াৰ উৎপাদন কৰে আৰু ধানৰ প্ৰয়োজনত আছে, তেন্তে তেওঁলোকে নিজৰ বস্তু আদান-প্ৰদান কৰি নিজৰ অভাৱ পূৰণ কৰিব পাৰে।
২। মুদ্ৰাৰ ক্ৰমবিকাশ বৰ্ণনা কৰা।
উত্তৰঃ মুদ্ৰাৰ ক্ৰমবিকাশ হৈছে সময়ৰ লগে লগে তাৰ ৰূপ আৰু কাৰ্যৰ পৰিৱর্তন।
প্ৰথমতে, বিনিময় প্ৰথা চলিছিল।
তাৰ পিছত-
(i) জন্তু মুদ্ৰা: ছাগলী, গৰু আদিক মুদ্ৰাৰ ৰূপত ব্যৱহাৰ কৰা হৈছিল।
(ii) অমৌদ্রিক ধাতুমান: সোণ-ৰূপৰ টুকুৰা বিনিময়ৰ মাধ্যম হৈছিল।
(iii) ধাতু মুদ্ৰা: খোদিত ধাতুৰ মুদ্ৰা চলিবলৈ ধৰিলে।
(iv) কাগজী মুদ্ৰা: সোণৰ প্ৰতিনিধি হিচাপে কাগজৰ নোট চলা আৰম্ভ হয়।
(v) চেক আৰু ইলেকট্ৰনিক মুদ্ৰা: আধুনিক যুগত মুদ্ৰা বৈদ্যুতিন ৰূপত ব্যৱহৃত হৈছে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



