SEBA Class 10 Social Science Important Chapter 11 আন্তৰ্জাতিক সংস্থা—ৰাষ্ট্ৰসংঘ আৰু অন্যান্য Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Social Science Important Chapter 11 আন্তৰ্জাতিক সংস্থা—ৰাষ্ট্ৰসংঘ আৰু অন্যান্য Solutions in Assamese and select need one. Class 10 Social Science Additional Solutions Assamese Medium Download PDF. Important Solutions For Class 10 Social Science in Assamese.
SEBA Class 10 Social Science Important Chapter 11 আন্তৰ্জাতিক সংস্থা—ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Social Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given SEBA Class 10th Social Science Important Solutions in Assamese for All Chapters, You can practice these here.
আন্তৰ্জাতিক সংস্থা—ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
Chapter: 11
| তৃতীয় খণ্ড: ৰাজনীতি বিজ্ঞান |
| IMPORTANT QUESTION AND ANSWER |
১। মানৱ অধিকাৰ ঘোষণা পত্ৰৰ এটা প্ৰধান উদ্দেশ্য লিখা?
উত্তৰঃ বিশ্বৰ জনগণৰ কাৰণে প্ৰয়োজনীয় অধিকাৰসমূহ এই ঘোষণাপত্ৰত সন্নিৱিষ্ট কৰা হৈছে।
২। ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল?
উত্তৰঃ ৰাষ্ট্ৰসংঘ ১৯৪৫ চনৰ ২৪ অক্টোবৰত প্ৰতিষ্ঠা হৈছিল।
৩। ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধানজন কোন আছিল?
উত্তৰঃ নৰৱেৰ ট্ৰাইভহাল্ডান লী ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধান আছিল।
৪। ১৯৫২ চনৰ নিৰস্ত্ৰীকৰণ আয়োগ গঠন কৰাৰ পিছত ৰাষ্ট্ৰসংঘই স্বাক্ষৰ কৰা এখন চুক্তিৰ নাম লিখা।
উত্তৰঃ ১৯৬৩ চনৰ আংশিকভাৱে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি।
৫। ৰাষ্ট্ৰসংঘৰ মূল লক্ষ্যটো কি?
উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় শাস্তি আৰু নিৰাপত্তা বজাই ৰখা।
৬। ৰাষ্ট্ৰসংঘৰ যি কোনো এটা অভিকৰণৰ নাম উল্লেখ কৰা?
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ যি কোনো এটা অভিকৰণৰ নাম হ’ল- আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘ।
৭। ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগটোৰ নাম কি?
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগটোৰ নাম হ’ল- আন্তৰ্জাতিক ন্যায়ালয়।
৮। আন্তৰ্জাতিক ন্যায়ালয় কিমান জন ন্যায়াধীশৰ দ্বাৰা গঠিত?
উত্তৰঃ আন্তৰ্জাতিক ন্যায়ালয় ১৫ জন ন্যায়াধীশৰ দ্বাৰা গঠিত।
৯। আন্তৰ্জাতিক ন্যায়ালয়ৰ প্ৰধান কাম কি?
উত্তৰঃ ৰাষ্ট্ৰসমূহে উত্থাপন কৰা গোচৰসমূহ নিষ্পত্তি কৰা।
১০। ৰাষ্ট্ৰসংঘৰ সকলো সিদ্ধান্ত কোনে ৰূপায়িত কৰে?
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সকলো সিদ্ধান্ত সচিবালয়ে ৰূপায়িত কৰে।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ কাৰণ কি আছিল?
উত্তৰঃ ১৯১৯ চনত গঠিত জাতিসংঘ (League of Nations) দ্বিতীয় বিশ্বযুদ্ধ ৰোধ কৰিব পৰা নাছিল। যুদ্ধৰ ধ্বংস, মৰ্মন্তুদ হত্যাকাণ্ড আৰু মানুহৰ প্ৰচণ্ড কষ্টই বিশ্ব নেতাসকলক ভাবিবলৈ বাধ্য কৰে যে, এখন শক্তিশালী আন্তর্জাতিক সংস্থাৰ প্ৰয়োজন আছে। এই কাৰণেই ১৯৪৫ চনৰ ২৪ অক্টোবৰ ৰাষ্ট্ৰসংঘ (UNO) গঠন কৰা হয়।
বিশ্বত শান্তি প্ৰতিষ্ঠা, ৰাষ্ট্ৰসমূহৰ মাজত বন্ধুত্ব গঢ়ি তোলা, মানৱ অধিকাৰৰ সুৰক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ উন্নয়ন ইয়াৰ মুখ্য উদ্দেশ্য আছিল।
২। ৰাষ্ট্ৰসংঘৰ ছটা মুখ্য অংগৰ বিষয়ে লিখা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ ছটা মুখ্য অংগ হৈছে-
(i) সাধাৰণ সভা: সকলো সদস্য ৰাষ্ট্ৰৰ সমন্বয়ে গঠিত; বছৰি একবাৰ বৈঠক কৰে।
(ii) নিৰাপত্তা পৰিষদ: বিশ্ব শান্তি ৰক্ষা কৰে; ৫টা স্থায়ী আৰু ১০টা অস্থায়ী সদস্য থাকে।
(iii) অৰ্থনৈতিক আৰু সামাজিক পৰিষদ: শিক্ষা, স্বাস্থ্য, সংস্কৃতি, পৰিবেশ আদি ক্ষেত্ৰত কাম কৰে।
(iv) ন্যাসৰক্ষী পৰিষদ: উপনিৱেশ অঞ্চলসমূহক স্বাধীনতা প্ৰদানৰ বাবে সহায় কৰে।
(v) আন্তর্জাতিক ন্যায়ালয়: হেগ (নেদাৰলেণ্ডছ)-ত অৱস্থিত; ৰাষ্ট্ৰসমূহৰ আইনী বিবাদৰ নিষ্পত্তি কৰে।
(vi) সচিবালয়: ৰাষ্ট্ৰসংঘৰ দ্ৰুত কাৰ্য নিৰ্বাহ কৰে; সচিব প্ৰধান হয় সংগঠনৰ মুখ্য কৰ্তৃপক্ষ।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.




