SEBA Class 10 Social Science Important Chapter 10 ভাৰতীয় গণতন্ত্ৰ

SEBA Class 10 Social Science Important Chapter 10 ভাৰতীয় গণতন্ত্ৰ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Social Science Important Chapter 10 ভাৰতীয় গণতন্ত্ৰ Solutions in Assamese and select need one. Class 10 Social Science Additional Solutions Assamese Medium Download PDF. Important Solutions For Class 10 Social Science in Assamese.

SEBA Class 10 Social Science Important Chapter 10 ভাৰতীয় গণতন্ত্ৰ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Social Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given SEBA Class 10th Social Science Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 10

তৃতীয় খণ্ড: ৰাজনীতি বিজ্ঞান
IMPORTANT QUESTION AND ANSWER

১। ব্ৰিটিছ চৰকাৰে কেতিয়া ‘কেবিনেট মিছন’ক ভাৰতবৰ্ষলৈ পঠাইছিল?

উত্তৰঃ ব্ৰিটিছ চৰকাৰে ১৯৪৬ চনৰ মাৰ্চ মাহত ‘কেবিনেট মিছন’ক ভাৰতবৰ্ষলৈ পঠাইছিল। 

২। ‘কেবিনেট মিছন’ মানে কি?

উত্তৰঃ ‘কেবিনেট মিছন’ মানে হ’ল ইংলেণ্ডৰ তিনিজন কেবিনেট মন্ত্ৰীৰে গঠিত এটা গোট।

৩। কেবিনেট মিছনৰ তৎপৰতাত কি সভা গঠন হৈছিল?

উত্তৰঃ কেবিনেট মিছনৰ তৎপৰতাত সংবিধান সভাৰ গঠন হৈছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। সংবিধান সভাৰ প্ৰথম বৈঠকত কোনে সভাপতিত্ব কৰিছিল?

উত্তৰঃ সংবিধান সভাৰ প্ৰথম বৈঠকত ড° সচ্ছিদানন্দ সিন্হাই সভাপতিত্ব কৰিছিল। 

৫। কেবিনেট মিছনত কেইজন মন্ত্ৰী আছিল?

উত্তৰঃ কেবিনেট মিছনত তিনিজন মন্ত্ৰী আছিল।

৬। সংবিধান সভাৰ প্ৰথমখন বৈঠক কিমান চনত বহিছিল?

উত্তৰঃ সংবিধান সভাৰ প্ৰথমখন বৈঠক ১৯৪৬ চনৰ ১ ডিচেম্বৰত বহিছিল।

৭। সংবিধানখন প্রস্তুত কৰা সন্দৰ্ভত সংবিধান সভাৰ কেইখন বৈঠক বহিছিল?

উত্তৰঃ সংবিধানখন প্রস্তুত কৰা সন্দৰ্ভত সংবিধান সভাৰ মুঠ ১১ খন বৈঠক বহিছিল।

৮। সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে কাক নিৰ্বাচন কৰা হয়।

উত্তৰঃ সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে ড° ৰাজেন্দ্র প্রসাদ নিৰ্বাচন কৰা হয়।

৯। সংবিধান সভাই কেতিয়া খচৰা কমিটি গঠন কৰিছিল?

উত্তৰঃ সংবিধান সভাই ১৯৪৭ চনৰ ২৯ আগষ্টত খচৰা কমিটি গঠন কৰিছিল।

১০। কেতিয়া সংবিধান সভাৰ সভাপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে সংবিধান খচৰা প্রতিলিপিত স্বাক্ষৰ প্ৰদান কৰে?

উত্তৰঃ ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখত সংবিধান সভাৰ সভাপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে সংবিধান খচৰা প্রতিলিপিত স্বাক্ষৰ প্ৰদান কৰে।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাই গণতন্ত্ৰৰ মূল আদৰ্শসমূহ কেনেকৈ প্ৰকাশ কৰে?

উত্তৰঃ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাই ভাৰতক এখন সার্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্য হিচাপে ঘোষণা কৰিছে। এই প্ৰস্তাৱনাত চাৰিখন মূল আদৰ্শ উল্লেখ কৰা হৈছে। 

(i) ন্যায় (Justice): সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত ন্যায় সুনিশ্চিত কৰা।

(ii) স্বাধীনতা (Liberty): মত, বাক, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা প্ৰদান।

(iii) সমতা (Equality): সকল নাগৰিকক আইনৰ দৃষ্টিত সমান অধিকাৰ আৰু সুযোগ।

(iv) ভাতৃত্ববোধ (Fraternity): ব্যক্তি আৰু ৰাষ্ট্ৰৰ একতা, অখণ্ডতা আৰু স্নেহ।

এই আদৰ্শসমূহ সংবিধানৰ আত্মা আৰু গণতন্ত্ৰৰ আধাৰ। এইবোৰে নাগৰিকৰ অধিকাৰ সুৰক্ষিত ৰাখি ভাৰতক এটি সফল গণতান্ত্ৰিক ৰাষ্ট্ৰৰূপে গঢ়ি তোলে।

২। ভাৰতৰ সংবিধানক ‘যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য থকা একক সংবিধান’ বুলি কিয় কোৱা হয়?

উত্তৰঃ ভাৰতৰ সংবিধানক ‘যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য থকা একক সংবিধান’ বুলি কোৱা হয়। কাৰণ, ভাৰতৰ সংবিধানত যুক্তৰাষ্ট্ৰৰ ধাৰণা থকা সত্ত্বেও ই একক সংবিধানৰ ৰূপত আছে।

যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য:

(i) কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ বিভাজন (তিনিটা সূচী: কেন্দ্ৰীয়, ৰাজ্যিক, সমবায়)।

(ii) পৃথক চৰকাৰ আৰু আইন প্ৰণয়নৰ ক্ষেত্ৰ।

একক বৈশিষ্ট্য:

(i) একক নাগৰিকত্ব।

(ii) ৰাজ্যপাল নিযুক্তি কেন্দ্ৰীয় চৰকাৰে কৰে।

কেন্দ্ৰীয় সংসদে বিশেষ ক্ষেত্ৰত ৰাজ্যৰ ওপৰত আইন বনাব পাৰে। এই ধৰণে ভাৰতীয় সংবিধান যুক্তৰাষ্ট্ৰীয় গঠন থাকিও কেন্দ্ৰ শক্তিশালী হোৱাৰ বাবে ই যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য থকা একক সংবিধান।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top