SEBA Class 10 Social Science Important Chapter 9 অসমৰ ভূগোল

SEBA Class 10 Social Science Important Chapter 9 অসমৰ ভূগোল Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Social Science Important Chapter 9 অসমৰ ভূগোল Solutions in Assamese and select need one. Class 10 Social Science Additional Solutions Assamese Medium Download PDF. Important Solutions For Class 10 Social Science in Assamese.

SEBA Class 10 Social Science Important Chapter 9 অসমৰ ভূগোল

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Social Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given SEBA Class 10th Social Science Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 9

দ্বিতীয় খণ্ড: ভূগোল
IMPORTANT QUESTION AND ANSWER

১। ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান?

উত্তৰঃ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা  ২৬,৬৫৫,৫২৮ জন।

২। বৰ্তমান অসমৰ প্রসাসনিক জিলাৰ সংখ্যা কিমান? 

উত্তৰঃ বৰ্তমান অসমৰ প্রসাসনিক জিলাৰ সংখ্যা ২৭ খন।

৩। মাটিকালি হিচাপে অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি? 

উত্তৰঃ মাটিকালি হিচাপে অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম হ’ল- কাৰ্বি আংলং (১০,৪৩৪ বর্গ কি.মি.)।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। অসমত সর্বপ্ৰথম ৰে’লসেৱা কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ অসমত সর্বপ্ৰথম ৰে’লসেৱা ১৮৮৪ চনত আৰম্ভ হৈছিল।

৫। অসমত সর্বপ্রথম জাহাজসেৱা কেতিয়া আৰম্ভ হৈছিল? 

উত্তৰঃ অসমত সর্বপ্রথম জাহাজসেৱা ১৮৪৯ চনত ব্ৰহ্মপুত্ৰত আৰম্ভ হৈছিল।

৬। পনীয়া সোণ বুলিলে কিহক বুজায়?

উত্তৰঃ পনীয়া সোণ বুলিলে খনিজ তেলক পনীয়া সোণ বুলিলে।

৭। সোণালী সূতা বুলিলে কিহক বুজায়?

উত্তৰঃ সোণালী সূতা বুলিলে মুগা সূতাক বুজায়।

৮। জনসংখ্যাৰ ফালৰ পৰা অসমত কোন ধৰ্মাৱলম্বী লোকৰ সংখ্যা আটাইতকৈ বেছি?

উত্তৰঃ জনসংখ্যাৰ ফালৰ পৰা অসমত হিন্দু ধৰ্মাৱলম্বী লোকৰ সংখ্যা আটাইতকৈ বেছি।

৯। অসমৰ ডিমা হাছাও জিলাত থকা পৰ্বত-পাহাৰ শ্ৰেণীটোৰ নাম কি?

উত্তৰঃ অসমৰ ডিমা হাছাও জিলাত থকা পৰ্বত-পাহাৰ শ্ৰেণীটোৰ নাম হ’ল- বৰাইল পর্বত শ্রেণী।

১০। অসমৰ খাৰুৱা তেলৰ পুং থকা দুখন ঠাইৰ নাম লিখা।

উত্তৰঃ অসমৰ খাৰুৱা তেলৰ পুং থকা দুখন ঠাইৰ নাম হ’ল- ডিগবৈ আৰু নাহৰকটীয়া।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১।  অসমত জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণসমূহ কি? ব্যাখ্যা কৰা।

উত্তৰঃ অসমত জনসংখ্যা বৃদ্ধি হোৱা দুটা প্ৰধান কাৰণ আছে- (i) প্ৰাকৃতিক বৃদ্ধি আৰু (ii) প্ৰব্ৰজন।

(i) প্ৰাকৃতিক বৃদ্ধি: জন্ম আৰু মৃত্যুৰ হাৰৰ পাৰ্থক্যই জনসংখ্যা বৃদ্ধিৰ প্ৰাকৃতিক হাৰ নিৰ্ধাৰণ কৰে। অসমৰ জন্মহাৰ ভাৰতৰ গড় জন্মহাৰৰ সমান হওঁতে মৃত্যুৰ হাৰ কমাৰ ফলত জনসংখ্যা বৃদ্ধি ঘটে।

(ii) প্ৰব্ৰজন: ভাৰতৰ অন্যান্য ৰাজ্য তথা বাংলাদেশৰ পৰা বহু লোক ভাৰত স্বাধীন হোৱাৰ পূৰ্বে আৰু পিছত অসমলৈ আহি বসতি স্থাপন কৰিছে। বিশেষকৈ ১৯৫১-৭১ দশকত এই প্ৰব্ৰজন বেছি আছিল। এইসকল অনুপ্ৰবেশকাৰীৰ ফলতেই অসমত জনসংখ্যা অধিক হাৰত বৃদ্ধি পাইছে।

২। অসমৰ পৰিবহণ ব্যৱস্থাৰ বিভিন্ন প্ৰকাৰ বৰ্ণনা কৰা।

উত্তৰঃ অসমত প্ৰধানকৈ চাৰিটা ধৰণৰ পৰিবহণ ব্যৱস্থা দেখা যায়-

(ক) পথ পৰিবহণ: ই আটাইতকৈ পুৰণি আৰু সহজলভ্য পৰিবহণ মাধ্যম। অসমত পকী আৰু কাঁচা পথৰ দৈর্ঘ্য যথাক্রমে বৃদ্ধি পাইছে, যাৰ জৰিয়তে গাঁও-চহৰ সংযোগ উন্নত হৈছে।

(খ) ৰে’ল পৰিবহণ: উত্তৰ-পূব সীমান্ত ৰে’ল মণ্ডলে এই খণ্ডৰ দায়িত্বত আছে। ২০১২-১৩ চনত ৰে’লৰ দৈর্ঘ্য আছিল প্ৰায় ২৪৫৮ কিমি। অধিকাংশ জিলাক ৰে’লে চুই গৈছে।

(গ) জল পৰিবহণ: ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ মাধ্যমে জলপথ সৃষ্টি হৈছে। শদিয়া-ধুবুৰীৰ ৮৯১ কিমি জলপথ ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃত।

(ঘ) বিমান পৰিবহণ: গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট আদি চহৰত বিমান বন্দৰ আছে। গুৱাহাটীস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ হৈছে উত্তৰ-পূব ভাৰতৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top