SEBA Class 10 Social Science Important Chapter 8 পৃথিৱীৰ ভূগোল

SEBA Class 10 Social Science Important Chapter 8 পৃথিৱীৰ ভূগোল Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Social Science Important Chapter 8 পৃথিৱীৰ ভূগোল Solutions in Assamese and select need one. Class 10 Social Science Additional Solutions Assamese Medium Download PDF. Important Solutions For Class 10 Social Science in Assamese.

SEBA Class 10 Social Science Important Chapter 8 পৃথিৱীৰ ভূগোল

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Social Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given SEBA Class 10th Social Science Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 8

দ্বিতীয় খণ্ড: ভূগোল
IMPORTANT QUESTION AND ANSWER

১। পৃথিৱীৰ মুঠ মাটিকালি কিমান?

উত্তৰঃ পৃথিৱীৰ মুঠ মাটিকালি প্ৰায় ৫২০ নিযুত বৰ্গ কিলোমিটাৰ। 

২। ২০১৫ বৰ্ষৰ তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যা কিমান?

উত্তৰঃ ২০১৫ বৰ্ষৰ তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যা ৭৩০ কোটি বা ৭.৩ মহানিযুত।

৩। গড়হিচাপে মহাসাগৰৰ গভীৰতা কিমান? 

উত্তৰঃ গড়হিচাপে মহাসাগৰৰ গভীৰতা ৪ হাজাৰ মিটাৰ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। প্রশান্ত মহাসাগৰ কিমানটা সামুদ্রিক দ্বীপ আছে?

উত্তৰঃ প্রশান্ত মহাসাগৰ ২০ হাজাৰ টা সামুদ্রিক দ্বীপ আছে।

৫। পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশৰ নাম কি?

উত্তৰঃ পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশৰ নাম আফ্রিকা মহাদেশ। 

৬। প্রশান্ত মহাসাগৰৰ গভীৰতম খাতটোৰ নাম কি?

উত্তৰঃ প্রশান্ত মহাসাগৰৰ গভীৰতম খাতটোৰ নাম হ’ল- মেৰিয়ানা বা চেলেঞ্জাৰ খাত। 

৭। পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰখনৰ নাম কি আৰু ইয়াৰ মুঠ মাটিকালি কিমান?

উত্তৰঃ পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰখনৰ নাম অটলান্টিক মহাসাগৰ। ইয়াৰ প্ৰায় ৮২ নিযুত বর্গ কিলোমিটাৰ মুঠ মাটিকালি। 

৮। এছিয়া মহাদেশৰ মাটিকালি কিমান?

উত্তৰঃ এছিয়া মহাদেশৰ মাটিকালি ৪৪.৬ নিযুত বর্গ কি.মি.।

৯। দক্ষিণ মহাসাগৰৰ মাটিকালি কিমান?

উত্তৰঃ দক্ষিণ মহাসাগৰৰ মাটিকালি প্ৰায় ২০ নিযুত বর্গ কি. মি.।

১০। ভাৰত মহাসাগৰৰ গভীৰতা কিমান?

উত্তৰঃ ভাৰত মহাসাগৰৰ গভীৰতা প্ৰায় ৪০০০ মিটাৰ।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। মহাদেশ আৰু মহাসাগৰসমূহৰ বিতৰণৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্র (Continental Drift Theory) অনুসৰি আদিতে, অৰ্থাৎ আজিৰ পৰা প্রায় ৩০০ নিযুত বছৰ পূৰ্বে (পূৰাজীৱীয় কল্পৰ পাৰমিয়ান যুগত) পৃথিৱীখনৰ স্থলমণ্ডল একত্রিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। পৃথিৱীৰ এই অৱস্থাত থকা স্থলমণ্ডলটোক পেঞ্জিয়া (Pangaea) আৰু পেঞ্জিয়াৰ চাৰিওফালে আগুৰি থকা জলমণ্ডলটোক পান্থালাছা (Panthalassa) বোলা হয়। কিছুকাল অতিক্রক্ৰম কৰাৰ পিছত পেঞ্জিয়াৰ প্ৰায় সোঁমাজেৰে পূবা-পশ্চিমাকৈ ফাট মেলি এটা সংকীর্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল। ইয়াক টেথিছ সাগৰ (Tethys sea) বোলা হয়। এই টেথিছ সাগৰৰ সৃষ্টিয়ে পেঞ্জিয়াটোক উত্তৰা-দক্ষিণাকৈ দুটা ভাগত বিভক্ত কৰিছিল। ইয়াৰ উত্তৰ অংশটোক আঙ্গাৰালেণ্ড (Angaraland) অথবা লৰেছিয়া (Laurasia) আৰু দক্ষিণ অংশটোক গণ্ডোৱানালেণ্ড (Gondwanaland) বোলা হয়।

২। মহাসাগৰসমূহৰ অৱস্থিতি আৰু বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ পৃথিৱীত থকা আটাইকেইখন মহাসাগৰেই ইখনে-সিখনৰ লগত সংযোগ হৈ থকাৰ বাবে মহাসাগৰসমূহৰ সঠিক সীমা নির্ধাৰণ কৰাটো সম্ভৱ নহয়। তথাপি অধ্যয়নৰ সুবিধার্থে থূলমূলভাৱে মহাসাগৰসমূহৰ বিস্তৃতি নির্ধাৰণ কৰা হৈছে। ইতিমধ্যে উল্লিখিত পাঁচখন মহাসাগৰৰ তিনিখনেই, অর্থাৎ প্রশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰ উত্তৰ আৰু দক্ষিণ দুয়োটা গোলার্ধলৈ বিস্তৃত। কেৱল দক্ষিণ মহাসাগৰ দক্ষিণ গোলার্ধ আৰু উত্তৰ মহাসাগৰ উত্তৰ গোলার্ধত অৱস্থিত। বিস্তৃতি বা মাটিকালি হিচাপে মহাসাগৰসমূহৰ ভিতৰত প্ৰশান্ত মহাসাগৰ সৰ্ববৃহৎ আৰু উত্তৰ মহাসাগৰ ক্ষুদ্রতম।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top