ৰজনী বসুমতাৰী জীৱনী – অসমীয়া অভিনেত্ৰী | Rajni Basumatary

ৰজনী বসুমতাৰী | Rajni Basumatary Essay in Assamese | Biography of Rajni Basumatary in Assamese | ৰজনী বসুমতাৰী বিষয়ে জীৱনী | ৰজনী বসুমতাৰী বিষয়ে ৰচনা | ৰজনী বসুমতাৰীৰ চমু পৰিচয়।

Join Telegram channel

একেৰাহে চলচ্চিত্ৰ নিমাৰ্তা, অভিনেত্ৰী, পৰিচালক ৰজনী বসুমতাৰী অসম তথা ভাৰতবৰ্ষৰ এটি চিনাকি নাম। সামাজিক দায়বদ্ধতাৰে‌ চিনেমাৰ নির্মাণ- কৌশলৰ জৰিয়তে শৈল্পিক চেতনাৰ প্রমাণ দি অসম তথা ভাৰতৰ চিনেমা জগতখনলৈ ওলাই অহা এজাক উদ্যমী আৰু প্রতিভাৱান তৰুণ-তৰুণীৰ ভিতৰত ৰজনী বসুমতাৰী (Rajni Basumatary) হ’ল অন্যতম।

ৰজনী বসুমতাৰী

ৰজনী বসুমতাৰী জীৱনী | Biography of Rajni Basumatary

নামৰজনী বসুমতাৰী (Rajni Basumatary[1])
জন্ম স্থান ৰঙাপাৰা, অসম
শিক্ষাসন্দিকৈ ছোৱালী মহাবিদ্যালয়
সন্মান/বঁটা১) ‘ৰাগ – দ্য ৰিদম অৱ লাভ’ নামৰ বোলছবিৰ বাবে ২০১৪ চনত প্ৰাগ চিনে এৱাৰ্ডৰ শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ চিত্ৰনাট্য বঁটা

২) ‘Jwlwi: The Seed’ নামৰ বোলছবিৰ বাবে শৈলধৰ বৰুৱা স্মাৰক চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ চিত্ৰনাট্য বঁটা, গুৱাহাটী আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জুৰি বৰ্ডৰ বিশেষ বঁটা, বাংগালোৰৰ আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জুৰি বৰ্ডৰ বাবে মনোনীত।

Also Read: জীৱনী: অন্তিমজন গৱৰ্ণৰ জেনেৰেল চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী | Chakravarti Rajagopalachari

ৰজনী বসুমতাৰী পৰিচয়

প্ৰজ্ঞা আৰু সাধনাৰ জৰিয়তে দৰ্শকৰ মনত স্থান দখল কৰা এগৰাকী শক্তিশালী অভিনেত্ৰী, পৰিচালক, চিত্ৰনাট্যকাৰ হ’ল ৰজনী বসুমতাৰীয়ে। কেৱল অসমেই নহয় এতিয়া সমগ্ৰ ভাৰতৰ বাবে এটি চিনাকি নাম হৈ পৰিছে ৰঙাপাৰাত জন্ম গ্ৰহণ কৰা ৰজনী বসুমতাৰীৰ।

কৰ্মজীৱন

২০১৪ চনত জনপ্ৰিয় হিন্দী বোলছবি “মেৰী কম”ৰ প্ৰিয়ংকা চোপ্ৰাৰ মাতৃৰ চৰিত্ৰত কৰা অভিনয়ৰ জৰিয়তে সমগ্ৰ ভাৰতৰ বাবে এটা চিনাকি নাম হৈ পৰিছিল ৰজনী বসুমতাৰী।

পৰিচালক বিদ্যুত চক্ৰৱৰ্তীকে আদি কৰি বিভিন্ন জনৰ লগত কাম কৰা ৰজনী বসুমতাৰীয়ে সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত অসমীয়া বোলছবি “অনুৰাগ” প্ৰয়োজনা আৰু চিত্ৰনাট্য ৰচনা কৰিছে। “অনুৰাগ” নামৰ এই বোলছবি খনে ২০০৭ চনত ৭টাকৈ ৰাজ্যিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

অসমীয়া চলচ্চিত্ৰ জগতত পৰাম্পৰাগত ধাৰাৰ কিছু ৰূপান্তৰ কৰি দৰ্শকক নতুন সোৱাদ দিয়াৰ লক্ষ্যৰে ৰজনী বসুমতাৰীয়ে ২০১৪ চনত মুক্তি দিলে নিজা কাহিনী-চিত্ৰনাট্য কৰাৰ লগতে নিজা পৰিচালনাৰে ‘ৰাগ – দা ৰিদম অফ লাভ’ (Raag – The Rhythm Of Love) নামৰ এখন অসমীয়া বোলছবি। অসমৰ লগতে দিল্লী, বেংগালুৰু, চেন্নাই, হায়দৰাবাদ, কলকাতা আৰু মুম্বাইত মুকলি কৰা এই চলচ্চিত্ৰখনে ১৪ টা শ্ৰেণীত প্ৰাগ চিনে বঁটাৰ বাবে মনোনীত হোৱাৰ বিপৰীতে ৰজনী বসুমতাৰীয়ে শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ চিত্ৰনাট্য বঁটা, চলচ্চিত্ৰ খনত অভিনয় কৰা জেৰিফা ৱাহিদে শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা, কেনি বসুমাতাৰীয়ে বাবে শ্ৰেষ্ঠ সহ: অভিনেতা বঁটা আৰু আদিল হুছেইনে লাভ কৰিছিল  শ্ৰেষ্ঠ অভিনেতাৰ বঁটা।

২০১৯ বৰ্ষত ৰজনী বসুমতাৰীৰ নিজা পৰিচালনাৰে নিৰ্মাণ কৰিলে “Jwlwi – The Seed” নামৰ এখন বড়ো ভাষাৰ চলচ্চিত্ৰ। অসমত বিচ্ছিন্নতাবাদী ভাৱধাৰাৰে সশস্ত্ৰ বিদ্ৰোহ চলি থকাৰ সময়ত বন্দুক সংস্কৃতিয়ে কিদৰে হাজাৰ হাজাৰ পৰিয়াললৈ দুর্যোগ কঢ়িয়াই আনিছিল, তাৰেই আধাৰত নির্মিত এই ছবিখনে আন্তঃৰাষ্ট্ৰীয় পর্যায়ত দর্শক আৰু সমালোচকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়৷ “Jwlwi – The Seed” নামৰ চলচ্চিত্ৰ খনে ২০২১ চনৰ প্ৰাগ চিনে এৱাৰ্ডৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা, ২০২০ চনত শৈলধৰ বৰুৱা স্মাৰক চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ চিত্ৰনাট্য বঁটাকে আদি কৰি কেইবাটাও আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদর্শিত আৰু পুৰস্কৃত হোৱা এইখন চিনেমাই গুৱাহাটী আৰু বেংগালুৰুৰ লগতে বহু কেইটা চলচ্চিত্ৰ মহোৎসৱত স্বীকৃতি লাভৰ বাবে নির্বাচিত হৈছিল৷ অন্যহাতে এই চলচ্চিত্ৰখন ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বাবে দাখিল কৰা হৈছিল।

Also Read: জীৱনী: ৰাম নাথ কোবিন্দ – ভাৰতৰ ৰাষ্ট্ৰপতি | Ram Nath Kovind

সামৰণি

“Shuttlecock Boys (2011)”, “The Shaukeens (2014)”, “III Smoking Barrels (2017)” আদি বোলছবিতো অভিনয় কৰিছে ৰজনী বসুমতাৰীয়ে। কঠোৰ অধ্যাৱয়াস,পৰিশ্ৰম, প্ৰজ্ঞাৰ জৰিয়তে ৰুচীশীল চিনেমা নিৰ্মাণ কৰা ৰজনী বসুমতাৰী যুৱ প্ৰজন্মৰ আদৰ্শ।

Also Read: জীৱনী: প্ৰভাত মুখাৰ্জী – চলচ্চিত্ৰ পৰিচালক | Prabhat Mukherjee

FAQ

১) ৰজনী বসুমতাৰী কোন?

উঃ- ৰজনী বসুমতাৰী এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেত্ৰী। তেওঁ ২০১৪ চনত প্ৰকাশ পোৱা হিন্দী বোলছবি ‘মেৰী কম’ -ত মেৰী কমৰ মাতৃ (মাংটে আখাম কম) -ৰ চৰিত্ৰৰ বাবে সৰ্বাধিক পৰিচিত।

২) ৰজনী বসুমতাৰীৰ জন্ম কʼত হৈছিল?

উঃ- অসমৰ ৰঙাপাৰাত।

৩) “Jwlwi – The Seed” কোন ভাষাৰ ছবি?

উঃ- বড়ো ভাষাৰ। 

৪) ৰজনী বসুমতাৰী কোন কলেজৰ ছাত্ৰী?

উঃ- সন্দিকৈ ছোৱালী মহাবিদ্যালয়।

৫) ৰজনী বসুমতাৰীয়ে কোনখন ছবিৰ বাবে ‘প্ৰাগ চিনে এৱাৰ্ডৰ শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ চিত্ৰনাট্য বঁটা’ লাভ কৰে?

উঃ- ‘ৰাগ – দ্য ৰিদম অৱ লাভ’।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top